অৱশেষত ভুৱা কভিড-১৯ৰ আক্ৰান্ত হোৱাৰ প্ৰমাণ পত্ৰ দাখিল কৰি আৰক্ষীৰ হাতত আটক হ’ল নগাঁৱৰ মহকুমা কৃষি বিষয়া প্ৰবীন বৰুৱা। নগাঁও সদৰ আৰক্ষী থানাৰ এটি গোচৰৰ ভিত্তিত আজি বিয়লি কৃষি বিষয়া গৰাকীৰ নগাঁও চহৰৰ লাওখোৱা পথত থকা নিজা বাসগৃহৰ পৰা আৰক্ষীৰ দলে আটক কৰে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে- নগাঁৱৰ মহকুমা কৃষি বিষয়া প্ৰবীন বৰুৱাই চিকিৎসকৰ এখন প্ৰমাণ পত্ৰত জালিয়াতি কৰি নিজকে কভিড আক্ৰান্ত হোৱা বুলি লিখাৰ অপৰাধতে আটক হ’ল নগাঁৱৰ কৃষি বিষয়া গৰাকী ৷ নগাঁও সদৰ আৰক্ষী থানাৰ ১৩৬১/২১ নম্বৰৰ গোচৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে সোধ পোচৰ বাবে আটক কৰিছে নগাঁৱৰ মহকুমা কৃষি বিষয়া বৰুৱাক ৷ উল্লেলযোগ্য যে, নগাঁৱত চলি থকা ৰাসায়নিক সাৰৰ বৃহৎ চিণ্ডিকেটৰ লগত নাম সাঙুৰ খাই পৰা প্ৰবীন বৰুৱাক শেহতীয়াকৈ কৃষি মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশত কৃষি বিভাগৰ যুটীয়া সচিবে মৰিগাঁৱলৈ বদলি কৰে। বদলিৰ নিৰ্দেশ পোৱাৰ পাছতো চকী এৰা নিদিয়া প্ৰবীন বৰুৱাই আৰু বদলিৰ নিৰ্দেশৰ স্থগিতাদেশ জাৰি কৰাবলৈ ক’ভিড পজিটিভৰ ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰিছিল কৃষি বিষয়া গৰাকীয়ে ৷ কিন্তু বিষয়া গৰাকীৰ এই অপকৰ্মৰ তথ্য সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পোৱাৰ পাছত কৃষি বিষয়া গৰাকীক প্ৰমান পত্ৰ দিয়া চিকিৎসক গৰাকীৰো বিষয়টো দৃষ্টি গোচৰ হয়। বিষয়টো সন্দৰ্ভত জানিব পৰা মতে- নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ চিকিৎসক চন্দন শৰ্মাই আন ৰোগ থকা বুলি কৃষি বিষয়াজনক দিয়া মেডিকেল চাৰ্টিফিকেটত নিজে লিখি লৈছিল ক’ভিড পজিটিভ বুলি ৷আনকি ক’ভিড পজিটিভ হোৱা বুলি দেখুৱাই নগাঁৱৰ পৰা মৰিগাঁও জিলালৈ বদলি কৰা নিৰ্দেশ পুনৰ বিবেচনা কৰিবলৈ কৃষি বিভাগৰ যুটীয়া সচিবলৈ আবেদন কৰিছিল কৃষি বিষয়া গৰাকীয়ে ৷ পিছত সকলো তথ্য পোহৰলৈ অহাত নগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডা° চন্দন শৰ্মাই দিয়া এজাহাৰৰ ভিত্তিত সদৰ থানাত এক গোচৰ ৰুজু কৰি আজি নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কৃষি বিষয়া গৰাকীক । বিগত সময়খিনিত কেৱল নগাঁও জিলাতে চাকৰি জীৱনৰ প্ৰায় কুৰি বছৰ কাল কাৰ্যনিবাহ কৰি ব্যাপক অনিয়মৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছিল প্ৰবীন বৰুৱাৰ বিৰুদ্ধে। আনকি গুৰু-গোঁসাই নমনা এই বিষয়া গৰাকীয়ে ৰাসায়নিক সাৰৰ কেলেংকাৰী কৰাৰ উপৰিও জনৈক খাউণ্ড উপাধিৰ জিলা কৃষি বিষয়া গৰাকীৰ লগলাগি বিভাগীয় নীতি নিয়ম উলংঘা কৰি বহু সংখ্যক ৰাসায়নিক সাৰৰ বিক্ৰী প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা, টেক্টৰ প্ৰদানকে আদি কৰি বিভিন্ন অনিয়ম আৰু দূৰ্নীতিৰে লুটুৰিপুতুৰি হৈ পৰিছিল।
গৰৈমাৰীত ৰাইজে খেদি খেদি আটক কৰিলে তিনি ড্ৰাগছ সৰবৰাহকাৰীক
এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে অসম অৰক্ষী নহয় ৷ গৰৈমাৰীত ড্ৰাগছৰ বিৰুদ্ধে অভিযানত নামিল সচেতন ৰাইজ ৷ দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ কানহাৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷খবৰ অনুসৰি কানহাৰা গাঁৱত দীৰ্ঘদিনৰে পৰা একাংশ ড্ৰাগছ সেৱনকাৰী আৰু ড্ৰাগছ সৰবৰাহকাৰীয়ে টিঘিলঘিলাই আছিল ৷ ড্ৰাগছ সেৱানকাৰীৰ উদ্ভণ্ডালীত কানহাৰা গাঁৱৰ ৰাইজ অতিষ্ট হৈ আজি স্থানীয় ৰাইজে আৰক্ষী অবিহনেই আৰম্ভ কৰে অভিযান ৷ ৰাইজৰ অভিযানত দুজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰাৰ লগতে এজন ড্ৰাগছ আসক্তক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত ড্ৰাগছ সৰবৰাহী যুৱক দুজন হৈছে ছয়গাঁৱৰ জাহিপুৰ গাঁৱৰ ইজাজ উদ্দিন আলী আৰু ছাইদুৰ আলী ৷ আনহাতে ড্ৰাগছ সেৱনকাৰী নওছাদ আলীক আটক কৰিবলৈ সক্ষম হয় ৷ ড্ৰাগছ ব্যৱসায়ী যুৱক দুজনৰ পৰা তিনিটাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰা হৈছে ৷ স্থানীয় ৰাইজে ড্ৰাগছ ব্যৱসায়ী যুৱক তিনিজনক ৰচিৰে গছত বান্ধি ৰাখি স্থানীয় গৰৈমাৰী আৰক্ষীক খৱৰ দিয়াৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱক তিনিজনক ৰাইজৰ পৰা চমজি লয় ৷ ঘটনা সন্দৰ্ভত গৰৈমাৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷৷
চেয়াৰপাৰ্চনক ৰাজহুৱাকৈ হত্যাৰ ভাবুকি বলীউদৰ অভিনেত্ৰীৰ! গ্ৰেপ্তাৰ হ’ল পায়েল
পায়েল ৰোহাতগি! বলীউদৰ অভিনেত্ৰী তথা মডেল। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত পায়েলক বহুবাৰ সুশান্তৰ হৈ ছচিয়েল মিডিয়াত মন্তব্য কৰা দেখা গৈছিল। অভিনেত্ৰীগৰাকীয়ে দাবী কৰিছিল যে,সুশান্তক হত্যা কৰা হৈছে। বলীউদৰো বহুতকে কৰিছিল দোষাৰোপ। কিন্তু এতিয়া অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছে ভয়ংকৰ অভিযোগ।

নিজৰ বাসগৃহৰ বয়সীয়াল চেয়াৰ পাৰ্ছনক হত্যা কৰাৰ ভাবুকি দিছে অভিনেত্ৰীগৰাকীয়ে। সকলোৰে সন্মুখত দিছিল প্ৰাণে মৰাৰ ভাবুকি।
আগন্তুক ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটৰ বাবে ৰাইজৰ পৰামৰ্শ বিচাৰি ই-মেইল আৰু হোৱাটছএপ নম্বৰ মুকলি
আগন্তুক ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটৰ বাবে ৰাইজৰ পৰামৰ্শ বিচাৰি আজি ই-মেইল আৰু হোৱাটছএপ নম্বৰ মুকলি কৰে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে।
সেয়া হৈছে- ই-মেইল: assambudgetsuggestions@gmail.com ,হোৱাটছ এপ নম্বৰ: ৭৬৩৬৮৭৯০১৯
এই ব্যৱস্থাৰ জৰিয়তে সমাজৰ সকলো শ্ৰেণীৰ লোকেই আগন্তুক বাজেটত অন্তৰ্ভুক্ত হ’বলগীয়া উন্নয়নমূলক বিষয়সমূহৰ বিষয়ে অহা ৩ জুলাই পৰ্যন্ত আমাক অৱগত কৰিব পাৰিব বুলি ছোচিয়েল মিডিয়াযোগে প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে।। ক’ৰোনা মহামাৰীৰ বাবে ৰাজ্যৰ বুদ্ধিজীৱি সমাজ, ব্যৱসায়িক সমাজকে আদি কৰি ৰাজ্যখনৰ বহু আগশাৰীৰ লোকৰ সৈতে ব্যক্তিগতভাৱে সাক্ষাৎ কৰাত কিছু প্ৰতিবন্ধকতা থকাৰ বাবেই বিত্ত বিভাগৰ ফালৰপৰা এই ব্যতিক্ৰমী পদক্ষেপ হাতত লোৱা হৈছে বুলি ফেচবুক পোষ্টত উল্লেখ কৰা হৈছে।আগন্তুক বাজেটত ৰাজ্যৰ যুৱপ্ৰজন্মক আত্মনির্ভৰশীল কৰাৰ ক্ষেত্ৰত উদগনি মূলক পদক্ষেপ লোৱা হ’ব বুলি উল্লেখ কৰা হৈছে।।
বুবু কোঁৱৰৰ পিছত আৰক্ষীৰ জালত ছহিদুল, পলায়নৰ চেষ্টাৰ সময়তে আৰক্ষীৰ গুলীত আহত কুখ্যাত ডকাইত
ধুবুৰীৰ চাপৰ হাতীপোতা শ্ৰীগ্ৰাম গাঁৱৰ আব্দুল ওহাব আৰু আব্দুল ৰহিম নামৰ দুই ভাই-ককাইৰ ঘৰত ডকাইতি ঘটনাৰ মুল মাষ্টাৰ মাইণ্ড তথা কুখ্যাত ডকাইত ছহিদুল ইছলাম অৱশেষত গ্ৰেপ্তাৰ।
বিগত কেইবাদিনো পলাতক ছহিদুলৰ সন্ধানত ধুবুৰী আৰক্ষীয়ে অভিযান চলাই অসম-মেঘালয় সীমান্তৰ পৰা কৰায়ত্ত কৰে চাপৰ হাতীপোতাৰ ডকাইটি কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড ছহিদুল। হাতীপোতাত ডকাইত ছহিদুলে ডকাইতি কৰা সামগ্ৰীসমুহ দেখুৱাই দিয়া স্থানত যোৱাৰ পিছতে নিশা ডকাইত ছহিদুলে শৌচালয়ত যাব বুলি কোৱাত আৰক্ষীয়ে এখন হাতৰ হেণ্ড কাফ খুলি এজন কনিষ্টবলসহ কেবাজনো আৰক্ষী লগত পঠাই দি শৌচালয়ত যাব দিয়ে যদিও ছহিদুলে হেণ্ডকাফ সহ কনিষ্টবলক প্ৰহাৰ কৰি এন্ধাৰৰ সুয়োগ লৈ পলাই যাবলৈ চেষ্টা কৰে। উপায়বিহীন হৈ আৰক্ষীয়ে ছহিদুলৰ সোঁভৰি লৈ প্ৰথমে এজাঁই গুলী নিক্ষেপ কৰে যদিও আঘাতপ্ৰাপ্ত ডকাইত ছহিদুল পুনৰ পলাই যাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে পুনৰ এজাঁই গুলী নিক্ষেপ কৰে। কুখ্যাত ডকাইত ছহিদুল অকল ডকাইতিয়ে নহয় ধৰ্ষণ, ব্লেক মেইলিং, হত্যা আদিৰ দৰে জঘন্য ঘটনাত জড়িত আছিল। লগতে ছহিদুলে ডকাইতি কৰি ঘৰৰ মহিলাক অজ্ঞান কৰি অশ্লীল ফটো আৰু ভিডিঅ’ প্ৰস্তুত কৰি ব্লেকমেইলিং কৰাৰ গুৰুতৰ অভিযোগ আছে বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে। বৰ্তমানে আহত ছহিদুল ধুবুৰী অসামৰিক সদৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
টংলা পৌৰ পৰিষদৰ কাৰ্যবাহী সদস্য শান্তনু দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল: দাসৰ বিবেচনাহীন কাণ্ডৰ বাবেই মৃত্যুমুখত পৰিছিল বহু বগলী
পৰিৱেশ আৰু বন বিভাগৰ কৰ্তৃপক্ষই টংলা পৌৰ পৰিষদৰ কাৰ্যবাহী সদস্যৰ বিৰুদ্ধে তেওঁৰ কাৰ্যৰ বাবে এজাহাৰ দাখিল কৰিছে যাৰ ফলত অসমৰ ওদালগুৰি জিলাৰ ১ নং ৱাৰ্ডৰ অন্তৰ্গত জালুকবাৰী অঞ্চলত বহুসংখ্যক বগলী আৰু পক্ষীৰ মৃত্য়ু হৈছে। শুকুৰবাৰে এই ঘটনাৰ তদন্ত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ পিছত পৰিৱেশ আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) অমিত চাহাইক ঘটনাটোৰ তদন্ত কৰিবলৈ আৰু তাৎক্ষণিকভাৱে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।
ধনশিৰি বন বিভাগৰ বন বিষয়া এন কে বৰদলৈয়ে ঘটনাটোৰ তদন্ত কৰি দেখিছিল যে টংলা পৌৰ পৰিষদৰ কাৰ্যবাহী সদস্য শান্তনু দাসে ৮ জুনত ৱাৰ্ড নং ১ আৰু ২ ৰ পাঁচজন বাসিন্দাক জাননী প্ৰদান কৰিছিল । পৌৰ নিগমৰ কৰ্মীসকলে বাঁহবোৰ কাটি পেলোৱাত বহুতো চৰাইৰ মৃত্যু হৈছিল।
ইফালে, টংলা আৰক্ষী থানাত বন কৰ্তৃপক্ষই পৌৰ পৰিষদৰ কাৰ্যবাহী সদস্য দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। লগতে দাসৰ বিৰুদ্ধে ওদালগুৰিৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ ধাৰা ৫৫ ৰ অধীনত গোচৰ ৰুজু কৰা হ’ব বুলি জনাইছে।
https://a3a6f232f6c473c56551d3b4feef2b44.safeframe.googlesyndication.com/safeframe/1-0-38/html/container.html
বিভাগীয় বন বিষয়া, বৰদলৈয়ে জনাইছে যে ৮৮ টা নৱজাতকক উদ্ধাৰ কৰি কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ্সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে।
বন্যপ্ৰাণী সুৰক্ষা আইন,১৯৭২-ৰ অনুসূচী ৪-ৰ অধীনত এই পক্ষীবোৰ তালিকাভুক্ত কৰা হৈছে। স্থানীয় বন কৰ্তৃপক্ষই বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আগশাৰীৰ নাগৰিক, বেচৰকাৰী সংগঠন আৰু চৰকাৰী বিষয়াসকলৰ সৈতে সজাগতা বৈঠক অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে।
মৰিগাৱৰ লেৰুৱামুখত পেহা শহুৰৰ কামনাৰ বলি এগৰাকী বোৱাৰী।
পেহা শহুৰৰ কামনা বলি ভতিজা বোৱাৰী
মৰিগাঁৱৰ ভেলৌগুৰি থানাত এজাহাৰ দাখিল পেহা শহুৰ ৰফিকুল ইছলামৰ বিৰুদ্ধে
৭৪/২১ . নম্বৰৰ এটি গোচৰ পঞ্জীয়ন কৰে আৰক্ষীয়ে।
এক ভয়ানক ঘটনাই জোকাৰি গৈছে মৰিগাও । সুতাৰ গাৱ পাৱলিক হাই স্কুলৰ ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী ৰফিকুল ইছলামৰ কামনাৰ বলি হ’ল নিজা ভতিজা বোৱাৰী । এই ঘটনা সংঘটিত হৈছে মৰিগাও জিলাৰ লেৰুৱামুখত ৷ ভয়-ভাবুকিৰে বোৱাৰী গৰাকীৰ ওপৰত বহু দিন ধৰি ৰফিকুল ইছলামে চলাই আহিছিল যৌন উৎপীড়ন ।
ভতিজা কৰ্মসুত্ৰে বহি ৰাজ্যত থাকে সেই সুযগতে পেহা শশুৰে হাতত চোকা অস্ত্ৰ লৈ চলাই গৈছিল ধৰ্ষণ ৷
ৰাজ্যৰ ১৯৩খন আৰক্ষী থানাৰ অ’চিৰ ৰদ–বদল
ৰাজ্য চৰকাৰৰ গৃহ বিভাগে আজি অসম আৰক্ষীত ব্যাপক সালসলনি কৰিছে। অলপ দিন আগেয়ে আৰক্ষীৰ অধীক্ষক পৰ্যায়ৰ বিষয়া ৰদ–বদলৰ পিছত এইবাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (OC)ৰ ৰদ–বদল কৰা হৈছে। মুঠ ১৯৩খন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ৰদ–বদল কৰা হৈছে। উল্লেখ্য, ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ গঠনৰ পিছতে ৰাজ্যত ড্ৰাগছকে ধৰি আন অপৰাধমূলক ঘটনাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। এই অভিযান আৰু অধিক ক্ষিপ্ৰ কৰি তোলাৰ কাৰণতে বিষয়াৰ সালসলনি কৰা বুলি অনুমান কৰা হৈছে।
কাৰ্বি আংলঙৰ সাহসী জোৱান বৰসিং বে’ৰ নতুন পৰিচয় কনিষ্টবলঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিলে নিযুক্তি পত্ৰ
উৎকোচৰ প্রলোভন অগ্রাহ্য কৰি অতি সাহসিকতাৰে ১২ কোটি টকাৰ ড্রাগ্ছ ধৰি সমাজৰ সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হোৱা হোমগার্ড বৰছিং বে’ক ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে অসম আৰক্ষীত কনিষ্টবল পদত নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছিল।
শনিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে নিযুক্তি পত্ৰ। নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়- যে নিজকে সশস্ত্ৰ সংগ্ৰামী বুলি কোৱা বহু উত্তৰ-পূবৰ সংগঠন ড্ৰাগছৰ ব্যৱসায়ত জড়িত। অৱশ্য আলফা এই ড্ৰাগছৰ অবৈধ ব্যৱসায়ৰে জড়িত নহয়। আৰক্ষীয়ে আগতেও অভিযান চলাইছিল ড্ৰাগছৰ বিৰুদ্ধে। নতুন চৰকাৰ অহাৰ পিছত আমি শূন্য সহনশীলতালৈ পৰ্যবক্ষিত কৰিছো। ৪৫ দিনত ১৩৫ কোটিৰ ড্ৰাগছ জব্দ কৰিছে অসম আৰক্ষীয়ে।
লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে তেওঁ গৃহৰক্ষী হিচাপে ১২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা আৰু প্ৰলোভন প্ৰত্যাখ্যান কৰাত সততাৰ এক উল্লেখযোগ্য উদাহৰণ দাঙি ধৰিছে।
শ্ৰী বে’ৰ দৃষ্টান্তমূলক কামে আনকো ব্যক্তিগত স্বাৰ্থৰ উৰ্ধত উঠি সমাজৰ বৃহত্তৰ কাৰণত কাম কৰিবলৈ অনুপ্ৰাণিত কৰি থাকিব।
বিদ্যুৎ বিল পৰিশোধ নকৰা সন্দৰ্ভত চৰকাৰৰ ঘোষনাৰ বিৰোধীতা অসম হাইস্কুল শিক্ষক সংস্থাৰ
ৰাজ্য চৰকাৰৰ বিদ্যুৎ মাচুল পৰিশোধ নকৰা , বৰ্তমানলৈকে কভিড ভেকচিন নোলোৱা শিক্ষক কৰ্মচাৰীক জুন মাহৰ দৰমহা প্ৰদান কৰা নহব বুলি চৰকাৰে কৰা ঘোষনাৰ তীব্ৰ বিৰোধীতা কৰিছে অসম হাইস্কুল শিক্ষক সংস্থাই । আজি কাকতলৈ প্ৰেৰন কৰা এক বিবৃতিত সংস্থাৰ ভাৰপ্ৰাপ্ত সভাপতি খনিন্দ কুমাৰ গোস্বামী আৰু ভাৰপ্ৰাপ্ত সম্পাদক আনোৱাৰ হুছেইনে চৰকাৰক এনে নীতি শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ আহবান জনাইছে । তেওঁ লোকে বিবৃতিটোত উল্লেখ কৰিছে যে , অতিমাৰি কৰোনাৰ এনে জটিল সময়ত সকলো বিষয় দৰমহাৰ সৈতে জৰিত কৰাতো উচিত নহয় । বিদ্যুৎ মাচুল পৰিশোধ নকৰা শিক্ষক কৰ্মচাৰীৰ তথ্য যদি বিদ্যুৎ বিভাগৰ হাতত আছে , তেন্তে তেনে শিক্ষক কৰ্মচাৰীৰ ক্ষেত্ৰত চৰকাৰে ব্যবস্থা গ্ৰহন নকৰি সকলো শিক্ষক কৰ্মচাৰীক সাঙুৰি লোৱাটো উচিত হব নোৱাৰে । তেওঁ লোকে উল্লেখ কৰে যে কভিড ভেকচিন প্ৰায় সকলো শিক্ষক কৰ্মচাৰীয়ে গ্ৰহন কৰিছে । কোনো শিক্ষক কৰ্মচাৰীয়ে কিবা অসুবিধা বশত ভেকচিন লব পৰা নাই সেই সকলে শীঘ্ৰে ভেকচিন লব লাগে । সংস্থাই এই ক্ষেত্ৰত তৎকালীন ভাবে ভেকচিন প্ৰদানৰ বাবে চৰকাৰক আহবান জনাইছে ।











