Home Blog Page 2960

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দ‌ৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ

অসম চৰকাৰৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাক  কালি এক সৌজন্যমূলক সাক্ষাৎকাৰ কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দ‌ই।  জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দ‌ৰ লগত এলানি আলোচনাতো মিলিত হয় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা।শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক  বাবুল বৰা নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে  মুখ্যমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰি সঙ্ঘৰ তৰফৰ পৰা আদৰণী আৰু অভিনন্দন জ্ঞাপন কৰে।এই সাক্ষাৎ কালতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ তৰফৰ পৰা কেইবাটিও গোহাঁৰি সম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰা হয়। মুলতঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৱিৰ্ভাৱ মহোৎসৱত ৰাষ্ট্ৰীয় পৰ্যায়ত বন্ধ ঘোষণা, ৰাজ্যৰ বান-গৰাখহনীয়া আদি সমস্যাৰ সমাধানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা, অসমৰ জাতীয় জীৱনৰ প্ৰাণকেন্দ্ৰ স্বৰূপ নামঘৰ সমূহৰ উন্নতিকল্পে আচঁনি গ্ৰহন, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ আন্ত:গাথঁনি উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ, শঙ্কৰী সাহিত্যৰ অধ্যয়ন আৰু গৱেষণাৰ বাবে প্ৰয়োজনীয় সহযোগিতা, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থানৰ উন্নয়ন, ধৰ্মীয় ঐতিহ্য ক্ষেত্ৰৰ বেদখলমুক্ত কৰণ কৰা, ৰাজ্যৰ প্ৰাকৃতিক পৰিৱেশ ভাৰসাম্য ৰক্ষাৰ বাবে ৩০ লাখ বৃক্ষৰোপনৰ আচঁনি গ্ৰহণ আদি।বহুকেইটি বিষয় সন্নিবিষ্ট স্মাৰক পত্ৰ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী মহোদয়ে সেইসমূহৰ সম্পৰ্কত তেখেতৰ তৰফৰ পৰা যথাবিহিত ব্যৱস্থা গ্ৰহণৰ  কৰিব বুলি উল্লেখ কৰে।আনহাতে অসমৰ ধৰ্মীয় আৰু জাতীয় জীৱনৰ প্ৰতি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘই আগবঢ়াই অহা অৱদান ৰাজিৰ বাবে তেওঁ সঙ্ঘৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। এই আলোচনাত সঙ্ঘৰ প্ৰধান সম্পাদকৰ লগতে অংশগ্ৰহণ কৰে মুখ্য উপদেষ্টা  ভৱেন্দ্ৰ নাথ ডেকা , যুটীয়া সম্পাদক ডা. দূৰ্লভ পাঠক , গুৱাহাটী মহানগৰী জিলাৰ প্ৰাক্তন সহ সম্পাদক জোন মেধিয়ে ।

বৰপেটাৰ গোমাফুলবাৰীত আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস পালন।

মানৱ সমাজক পংগুত্বৰ জীৱনলৈ ঠেলি দিব পৰা ড্ৰাগছ চৌদিশে ভয়াবহ ৰূপ ধাৰণ কৰিছে।
এই ড্ৰাগছৰ কবলত পৰি ইতিমধ্যে ধংসৰ গৰাহলৈ অগ্ৰসৰ হৈছে বহু যুৱ প্ৰজন্ম।
ড্ৰাগছৰ প্ৰচলন ৰোধ কৰাৰ বাবে চৰকাৰ, দল সংগঠন, স্বেচ্ছাসেৱী সংস্থাই বিভিন্ন ধৰণে সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰি আহিছে।
ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে।
ড্ৰাগছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি বছৰে সমগ্ৰ বিশ্বতে পালন কৰা হয় ড্ৰাগছ বিৰোধী দিৱস। সমগ্ৰ বিশ্বৰ লগতে বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গোমাফুলবাৰীতো আজি আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস পালন কৰা হয়। গোমাফুলবাৰী ড্ৰাগছ বিৰোধী মঞ্চৰ উদ্যোগত পালন কৰা এই দিৱসৰ লগত সংগতি ৰাখি সজাগতা আৰু প্ৰশিক্ষণ শিবিৰৰো আয়োজন কৰা হয়। অনুষ্ঠানটোত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি তাৰাবাৰী আৰক্ষী থানাৰ আৰক্ষী বিষয়া জ্যোতিষ দাসে ড্ৰাগছৰ বিভীষিকা আৰু আইন ও প্ৰশাসন বিষয়ত বক্তব্য দাঙি ধৰি তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত বিশেষকৈ হিৰোইন আৰু বি এফ টেবলেটৰ সৰবৰাহ হয় বুলি উল্লেখ কৰে। 
ড্ৰাগছ সেৱন আৰু সৰবৰাহ বন্ধ নকৰিলে যুৱ প্ৰজন্মই ধংসৰ দিশে অগ্ৰসৰ হোৱাৰ লগতে সমাজখনৰ ভৱিষ্যতকো অন্ধকাৰলৈ ঠেলি দিয়া হব বুলি তেওঁ কয়।
ড্ৰাগছমুক্ত অসম গঢ়াত সকলোকে সহযোগ কৰিবলৈ অ’চি জ্যোতিষ দাসে আহ্বান জনায় ।

অনুষ্ঠানটোৰ অন্যতম আমন্ত্ৰিত অতিথি ছানোৱাৰ খন্দকাৰেও ড্ৰাগছ আৰু চিকিৎসা বিজ্ঞান বিষয়ত গুৰুত্বপূৰ্ণ ব্যাখ্যা দাঙি ধৰে। আজিৰ এই আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী  দিৱসত অঞ্চলৰ ভালে সংখ্যক লোকে অংশগ্ৰহণ কৰে।

কৃষিভূমিত সুৰাৰ বটল , দুষ্কৃতিকাৰীৰ ৰম‍্যভূমিলৈ পৰ্যবসিত কলিয়াবৰৰ কিচামত

 কলিয়াবৰৰ মহকুমাৰ পূৱথৰীয়া মৌজাৰ মাধতাৰি কিচামতৰ বিস্তৃত কৃষিভূমিৰ দাঁতিত অৱস্থিত জৈৱ-বৈচিত্ৰৰে ভৰপূৰ, দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ অন্যতম বিচৰণ ভূমি তথা ৰাজ্যখনৰ অন্যতম উল্লেখনীয় বিশাল আদ্ৰভূমি জয়সাগৰ দলনি। মাগুৰ-শিঙি, কাৱৈ-গৰৈ, শ’ল-কান্ধুলিকে ধৰি থলুৱা মাছৰে পৰিপূৰ্ণ এক জৈৱ-বৈচিত্ৰৰে ভৰ-পূৰ এক জলাশয়। প্ৰাকৃতি নান্দনিক শোভাৰে সুশোভিত জয়সাগৰ দলনিলৈ শীতৰ আগমনৰ লগে লগেই দেশী-বিদেশী পক্ষীৰ আগমন ঘটে আৰু বিভিন্ন প্ৰজাতিৰ পক্ষীৰ কলৰৱত জলাশয়ৰ লগতে দাঁতিকাষৰীয়া অঞ্চলটো মুখৰিত হৈ পৰে। কিন্তু বৰ্তমান জয়সাগৰ দলনিৰ পাৰ্শ্বৱৰ্তী কৃষিভূমি আৰু পথসমূহ এতিয়া একাংশ দুষ্কৃতিকাৰীৰ ৰম‍্যভূমিলৈ পৰ্যবসিত হোৱা পৰিলক্ষিত হৈছে৷
এই বিশাল জলাশয়টোৰ চৌপাশে থকা শিলঘাট, কামাখ্যা গাঁও, সোণাৰী গাওঁ, মিৰিভেটি, বৰভকতি, দুলাল মাধৱ, দলিবাৰী, পোৰাভেটি, মাধতাৰি, পূৱথৰীয়া, ভিঞাৰী গাঁও, শান্তিপুৰ, বালিটিকা, শেনচোৱা, বাঘৰচুক, চামধৰা আদিৰ কৃষিজীৱী ৰাইজে খেতি কৰি জীৱন নিৰ্বাহ কৰি আহিছে। কিন্তু পৰিতাপৰ কথা যে, বন‍্যহস্তীৰ লগতে এতিয়া একাংশ দুষ্কৃতিকাৰীয়ে এই বৃহত্তৰ অঞ্চলৰ কৃষিজীৱী ৰাইজলৈ কঢ়িয়াই আনিছে অশনি সংকেত।বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সুবিধাৰ্থে কৃষি-পথাৰৰ মাজেদি বিভিন্ন অঞ্চলক সংযোগ কৰি নাবাৰ্ডৰ সহযোগত এটা পকী পথৰ নিৰ্মাণ কৰিছে যাতায়তৰ সুব‍্যৱস্থাৰ বাবে। লগতে পথাৰৰ ধান পকিবৰ সময়ত সোণাৰী-কামাখ‍্যা পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ পৰা খেতি-পথাৰ ৰক্ষাৰ বাবে যাতে বন বিভাগৰ যাতায়ত সুগম হয়। পক্ষী দৰ্শনৰবাবে ইচ্ছুক দৰ্শনাৰ্থীৰ বাবে পথছোৱা অতি গুৰুত্বপূৰ্ণ বুলি চিহ্নিত হৈছে।
ফলস্বৰূপে কৃষক ৰাইজৰ সুবিধা হ’ল যদিও পক্ষীৰ কলৰৱত মুখৰিত জলাশয় অঞ্চলটো এতিয়া পূৱাৰ পৰা নিশালৈকে একাংশ উশৃংখল যুৱক-যুৱতী, দুষ্কৃতিকাৰীৰ অবাধ বিচৰণ ভূমিলৈ ৰূপান্তৰিত কৰাত সাধাৰণ ৰাইজৰ এতিয়া স্বাধীনতা আৰু নিৰাপত্তা নোহোৱা হৈ পৰিছে বুলি সচেতন ৰাইজে অভিযোগ উত্থাপিত কৰিছে। বিশেষকৈ যোৱা বৰ্ষত দলিবাৰীৰ পৰা সোণাৰী গাঁও আৰু বৰভকতি গাঁৱৰ পৰা জয়সাগৰলৈ, ভৰালী বৰুৱা পুখুৰীৰ লগতে বৃহত্তৰ কৃষিভূমিৰ মাজেৰে নিৰ্মাণ কৰা পথ আৰু পথাৰৰ মাজত থকা জলসিঞ্চনৰ পানীৰ নলাসমূহ এতিয়া একাংশ উশৃংখল যুৱকে বেলি মাৰ যোৱাৰ লগে লগেই সুৰা আৰু জুৱাৰ আড্ডাথলীলৈ ৰূপান্তৰিত কৰাৰ লগতে সুৰাৰ বটলসমূহ কৃষিভূমিত পেলোৱাৰ ফলত কৃষকসকল আগন্তুক বিপদৰ বাবে চিন্তিত হোৱা বুলিও কৃষকসকলে ক্ষোভ ব্যক্ত কৰে।
কৃষিভূমিৰ পৰা সুৰাৰ বটলসমূহ পথৰ দাঁতিত তুলি একাংশ কৃষকে ক্ষোভেৰে কয় যে, একাংশ মুখা পিন্ধা ভদ্ৰলোক আৰু সমাজৰ একাংশ তথাকথিত অভিজাত পৰিয়ালৰ সন্তানে মুৰৰ ঘাম মাটিত পেলাই জীৱন-নিৰ্বাহ কৰা কৃষকসকলৰ দুখ-কষ্টৰ কথা কি উপলব্ধি কৰিব নোৱাৰাৰ ফলতেই এনে বিপজ্জনক কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে।। তদুপৰি পূৰ্বে নিৰিবিলি পৰিৱেশত বিৰাজ কৰা দেশী-বিদেশী বিভিন্ন প্ৰজাতিৰ পক্ষীসমূহ এতিয়া জন-কোলাহল, বিশেষকৈ মটৰচাইকেল, চাৰিচকীয়া বাহনৰ বাবে জলাশয়টোৰ পূৱ প্ৰান্তলৈ কমকৈ আহিবলৈ ধৰিছে। যদি এনেদৰে বৃহৎ জলাশয় অঞ্চলটোত একাংশ লোকৰ বাবে পৰিবৰ্তন হৈ থাকে, তেতিয়া হ’লে, ভবিষ্যতে এই অঞ্চলৰ নান্দনিক শোভাৰ বিলুপ্তি ঘটাতো নিশ্চিত বুলিও সচেতন ব্যক্তি আৰু কৃষক ৰাইজে উদ্বেগ প্ৰকাশ কৰে।
একাংশ দুষ্কৃতিকাৰীয়ে জয়সাগৰ দলনিত আজি কিছুদিনৰ পৰা সৃষ্টি কৰা উশৃংখল পৰিস্থিতিৰ সম্পৰ্কে একাংশ সচেতন ৰাইজ আৰু কৃষকে অভিযোগ উত্থাপিত কৰাৰ পাছতো কলিয়াবৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হোৱা পাছতে মদৰ বটলৰ একাংশ ভাঙি হাল বায় থোৱা মাটিত পেলাই সমগ্ৰ পৰিৱেশটো অধিক বিপজ্জনক কৰি তুলিছে বুলি একাংশ কৃষকে অভিযোগ তুলিছে। এনে ক্ষেত্ৰত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰীগৰাকীৰ লগতে আৰক্ষী প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি জয়সাগৰ দলনিত গঢ়ি উঠা উশৃংখল পৰিৱেশ ৰোধ কৰি খাটি-খোৱা কৃষকসকলৰ লগতে নিৰিবিলি পৰিৱেশত বিচৰণ কৰা পক্ষীসমূহৰ অনুকূল পৰিৱেশ সুৰক্ষাৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে।

ওৰাংত অৰুণাচল প্ৰদেশৰ চুৰি পালছৰ বাইক উদ্ধাৰ

ৰাজ্যত বৰ্ধিত কৰোণাৰ সংক্ৰমণৰ ফলত ৰাজ্যবাসীক চিন্তিত কৰা সময়তে একাংশ দুস্কৃতিকাৰীয়ে গাড়ী মটৰ চুৰি কাৰ্যত লিপ্ত হৈ ৰাজ্যবাসীক বাৰুকৈ চিন্তিত কৰি তুলিছে । তেনে এক ঘটনা পোহৰলৈ আহিছে ওৰাং আৰক্ষী চকীত । ওৰাং আৰক্ষীয়ে জানিবলৈ দিয়া মতে আৰক্ষী চকীত কৰ্মৰত  কেইবাজনো আৰক্ষীয়ে দৈনিক চলাই অহা তালাচী অভিযানৰ দৰেই   ২৫ জুনত ওৰাংত তালাচী অভিযান চলাই থকা মুহূৰ্ততে ধৰা পৰে এখন চুৰি বাইক । বাইক আৰোহী সকলৰ কথা বাৰ্তাত সন্দেহ উপজাত আৰক্ষীৰ দলে ভালকৈ বিষয়টো চালি জাৰি চোৱাত আৰোহী দুয়োজনে লৈ অহা পালছাৰ বাইক খন চুৰি কৰা বুলি চিহ্নিত হয় । ওৰাং আৰক্ষী থানাৰ  তালাচী অভিযানত ধৰা পৰা AS 03 J  3015 নম্বৰৰ  পালছাৰ বাইক খন অৰুণাচল প্ৰদেশৰ জিৰো পইণ্ট ৰ পৰা চুৰি কৰি আনিছিল বুলি জানিব পৰা গৈছে । চুৰি বাইক সহ ধৰা পৰা  ধ্ৰুত চুৰ দুজন ক্ৰমে আমিনুল হক পশ্চিম বংগৰ দিনহাটা ,আৰু  ৰাছীদুল ইছলামৰ ঘৰ  ধুবুৰী জিলাৰ গোলাকগঞ্জত বুলি জানিব পৰা গৈছে । এতিয়া চিন্তাৰ বিষয় হ’ল বহি: ৰাজ্জ্যৰ পৰা অসম অৰুণাচল আদি ৰাজ্যত প্ৰৱেশ কৰি বাইক , গাড়ী মটৰ চুৰি কৰাৰ কাৰ্যত লিপ্ত থকা বিষয়টো ৰাজ্যবাসীক অত্যন্ত চিন্তিত কৰা বিষয় । এই বহি: ৰাজ্জ্যৰ পৰা অসমত প্ৰৱেশ কৰি চুৰি কৰা ডাঙৰ গেংটোক উৎসাত কৰাৰ বাবে অসম প্ৰশাসনে বিশেষ গুৰুত্ব দিয়া বুলি অঞ্চলৰ ৰাইজে ব্যক্ত কৰিছে ।  ওৰাং আৰক্ষীৰ তালাচী অভিযানৰ বাবে চুৰ দুজন ধৰা পৰাত ওৰাং বাসী ৰাইজে ওৰাং আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে। 

গুৱাহাটী ৰেডক্ৰছ শাখাৰ ‌কভিড চিকিৎসাৰ লগত জড়িত সামগ্ৰী National Health Mission ৰ জৰিয়তে বিতৰণ

২৬জুন ২০২১ শুকুৰবাৰে দিনৰ ১১:৩০বজাত এক চমু আনুষ্ঠানিক সভাৰ জৰিয়তে গুৱাহাটী ৰেডক্ৰছ শাখাই আমেৰিকাৰ পৰা সাহায্য হিচাপে পোৱা ‌কভিড চিকিৎসা ৰ লগত জড়িত কিছু সামগ্ৰী National Health Mission ৰ জৰিয়তে বিতৰণ কৰে । সভাত উপস্থিত থাকে ৰেডক্ৰছ নাৰ্চিং ইনষ্টিটিউটৰ মুখ্য সঞ্চালক, গুৱাহাটী ৰেডক্ৰছ শাখাৰ সভাপতি, আৰু বহুতো বিশিষ্ট অতিথি।
এই শাখাই পোৱা সাহায্যৰ কিছু অংশ যোৰহাট শাখালৈ ও প্ৰেৰণ কৰে। এই কথা মুখ্য সম্পাদকে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে ৰেডক্ৰছ ছছাইটি এটা বেচৰকাৰী ছছাইটি য’ত কোনো ধৰণৰ চৰকাৰী ধন বৰঙণি হিচাপে পোৱা নাযায়। তেনে অৱস্থাত ক’ভিড পৰিস্থিতিত সুদূৰ আমেৰিকাৰ টেক্সাছৰ পৰা পোৱা এনে সাহায্য মূল্যবান।

বিজনীত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সমদল

চিৰাং জিলাৰ বিজনী মহকুমা আৰক্ষী আৰু এছ এছ ডি ফাউন্ডেশন নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত ৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে সজাগতা সমদল উলিয়াই। বিজনী থানাৰ পৰা আৰম্ভ কৰি বিজনী কাৱাটিকা হৈ সম্পূৰ্ণ বিজনী চহৰ পৰিভ্ৰমণ কৰে। সমদলত অংশগ্ৰহণ কৰে বিজনী মহকুমা আৰক্ষী বিষয়া শ্বেখৰজ্যোতি ৰায় বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপক কুমাৰ বৰাৰ লগতে স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মী সকলোৱে অংশগ্ৰহণ কৰে। ইফালে পাণবাৰী থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত পাণবাৰী আৰক্ষীয়ে ড্ৰাগছকলৈ সজাগতা সভা অনুষ্ঠিত কৰে। উক্ত সজাগতা সভাত উপস্থিত থাকে পাণবাৰী আৰক্ষী চক্ৰ বিষয়া ৰফিকুল হাছান চৌধুৰীৰ লগতে পাণবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অক্ষয় নাৰায়ণ দেব ।

প্ৰকৃতি সংৰক্ষণত অহৰ্নিশে নীৰৱ সংগ্ৰাম বাক্সাৰ এদল যুৱকৰ

 নামনি অসমৰ বাক্সা জিলাৰ সদৰ মুছলপুৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ দূৰত্বৰ ভাৰত-ভূটান সীমান্তত অৱস্থিত এটা বিশেষ অঞ্চল ৷ বিশেষকৈ ভূটান পাহাৰৰ পৰা দিৰিং নৈৰ শিলাময় পথেৰে নামি অহা ফটফটীয়া পৰিস্কাৰ পানী আৰু চৌদিশ আবৃত সেউজীয়া পাহাৰৰ অপৰূপ সৌন্দৰ্যৰ বাবেই এতিয়া পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই বিশেষ অঞ্চলটো ৷ আৰু এই বিশেষ অঞ্চলটোৱেই হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাস ৰাষ্ট্ৰীয় উদ্যানৰ ব্যঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত দিহিৰা সংৰক্ষিত বনাঞ্চলৰ প্ৰাকৃতিক নান্দনিকতাৰে ভৰপূৰ দাৰাগাঁও । যেন এক সৰগৰ অময়াপুৰী । যি সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত অবাধ গতিত বন ধ্বংস কাৰ্য অব্যাহত আছে, তেনে সময়তে এই বনাঞ্চলখনৰ প্ৰাকৃতিক ৰূপ-সুষমাত বিভোৰ হৈ প্ৰকৃতি সংৰক্ষণ আৰু জৈৱ-বৈচিত্ৰ্য ৰক্ষাৰ বাবে আগবাঢ়ি আহিছে এদল যুৱক ৷ বিগত বৰ্ষৰ ২ অক্টোবৰ তাৰিখে জিলাখনৰ বৰমা, মুছলপুৰ, নিকাছী আদি বিভিন্ন ঠাইৰ কেইজনমান প্ৰকৃতিপ্ৰেমী যুৱকৰ সন্মিলিত প্ৰচেষ্টাত মানাস-দাৰাগাঁও ইক’ ট্যুৰিজিম চ’ছাইটি নামেৰে এটি বেচৰকাৰী সংস্থা গঠন কৰি অঞ্চলটোৰ বনাঞ্চল সংৰক্ষণৰ কামত নিজকে নিয়োজিত কৰে । যাৰ তত্বাৱধানত এতিয়া গঢ় লৈ উঠিবলৈ সক্ষম হৈছে এখন বৃহৎ সেউজ অৰণ্যৰ লগতে বাক্সাৰ অন্যতম পৰ্যটনস্থলী দাৰাগাঁও ৷ প্ৰখৰ ৰ’দ অথবা ধাৰাষাৰ বৰষুণকো‌ নেওচা দি তেওঁলোক এতিয়া প্ৰকৃতিৰ একো একোজন অতন্দ্ৰ প্ৰহৰী ৷ বনজ সম্পদ সংৰক্ষণেই যাৰ মূল উদ্দেশ্য । উল্লেখ্য যে প্ৰায় ডেৰ দশকৰ পূৰ্বে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত অৱস্থিত দিহিৰা সংৰক্ষিত বনাঞ্চলখন একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে তহিলং কৰি পেলাইছিল ৷ তাৰোপৰি উক্ত বনাঞ্চল খনৰ বিভিন্ন স্থানত চলিছিল অবাধ বেদখল ৷ যাৰ পৰিপ্ৰেক্ষিতত ক্ৰমান্বয়ে সংকুচিত হ’বলৈ আৰম্ভ কৰিছিল জৈৱ-বৈচিত্ৰ্যৰ অনুপম ভাণ্ডাৰ দিহিৰা সংৰক্ষিত বনাঞ্চলৰ ভূখণ্ড ৷ নিষ্ঠুৰ মানৱৰ আগ্ৰাসনৰ প্ৰভাৱত বনাঞ্চল খনৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি চৰম ভাবুকি আহি পৰিছিল ৷ কিন্তু ভাগ্যক্ৰমে ২০২০ চনৰ গান্ধী জয়ন্তীৰ দিনা জিলাখনৰ প্ৰকৃতিপ্ৰেমী যুৱক অমৰজ্যোতি হাজৰিকা আৰু ৰঞ্জিত গয়াৰীৰ নেতৃত্বত গঠন হোৱা মানাস-দাৰাগাঁও ইক’ ট্যুৰিজিম চ’ছাইটিৰ সহযোগত ধ্বংসৰ গৰাহৰ পৰা পুনৰ ঠন ধৰি উঠিবলৈ সক্ষম হৈছে বনাঞ্চলখন ৷ ইতিমধ্যে সংস্থাটোৱে বিগত সময়ত দুষ্প্ৰাপ্য সোণালী বান্দৰ, বিলুপ্তপ্ৰায় হাড়গিলা, ভিন্ন প্ৰজাতিৰ সৰীসৃপ আদি উদ্ধাৰ কৰি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে বৃহত্তৰ অঞ্চলটোক সেউজীয়া কৰি ৰখাৰ বাবে গছপুলি ৰোপণ কৰি আহিছে ৷ ভাৰত-ভূটান সীমান্ত অঞ্চলটোত যাতে কোনোৱে গছ-গছনি কটা বা জীৱ-জন্তু হত্যা কৰিব নোৱাৰে, তাৰ বাবে অহৰ্নিশে পহৰাৰো ব্যৱস্থা কৰি আহিছে সংস্থাটোৰ সদস্যসকলে ৷ মন কৰিবলগীয়া কথা এই যে স্বেচ্ছাসেৱী সংস্থাটোৱে এসময়ত বনজ সম্পদ ধ্বংসত লিপ্ত থকা সকলকো এতিয়া উক্ত চ’ছাইটিৰ সাধাৰণ সদস্য হিচাপে নিয়োগ কৰি মনোনিৱেশ কৰাইছে প্ৰকৃতি সংৰক্ষণৰ কামত। এসময়ৰ চোৰাং কাঠ ব্যৱসায়ীসকলো এতিয়া হৈ পৰিছে একো একোজন সদাজাগ্ৰত বন সুৰক্ষাকৰ্মী ৷ নিজৰ জীৱনকো তুচ্চজ্ঞান কৰি বিভিন্ন ঘাত-প্ৰতিঘাটৰ মাজেৰে এইসকল লোকেই এতিয়া অহৰহ সুৰক্ষা দি আহিছে দিহিৰা বনাঞ্চলৰ গছ-গছনিৰ লগতে তাত থকা বন্যপ্ৰাণীসমূহকো । সম্প্ৰতি চৰকাৰীভাৱে সংস্থাটোৱে কোনো সাহায্য লাভ কৰিবলৈ সক্ষম নহ’লেও প্ৰকৃতি সুৰক্ষাৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি অহাৰ লগতে ভাৰত-ভূটান সীমান্তৰ পৰ্যটনসম্ভৱা দ্বাৰাগাঁওক ৰাজ্যৰ এক বিশেষ পৰ্যটনস্থলী হিচাপে গঢ় দিয়াৰ বাবেও যুৱককেইজনে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ যি সময়ত নৱপ্ৰজন্মৰ একাংশই নিষিদ্ধ ড্ৰাগছ, মদ-জুৱা আদিৰ কবলত পৰি নিজৰ লগতে সমাজখনকো কলুষিত কৰি আহিছে তেনে সময়তে এখন বনাঞ্চল ৰক্ষাৰ বাবে স্বেচ্ছাই ওলাই অহা মানাস-দাৰাগাঁও ইক’ ট্যুৰিজিম চ’ছাইটিৰ এইসকল যুৱকৰ ঐকান্তিক প্ৰচেষ্টাই নিসন্দেহে সমাজখনৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে ৷

ভৱেশ কলিতা ৰাজ্যিক বিজেপিৰ নতুন সভাপতি

বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতিৰ নাম।

ৰাজ্যিক বিজেপিক সভাপতি হিচাপে নিযুক্তি দিয়া হ’ল ৰঙিয়া সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতা।

উল্লেখ্য যে বিজেপিৰ প্ৰথম খন চৰকাৰত ভৱেশ কলিতা জলসিঞ্চন (স্বতন্ত্ৰ) মন্ত্ৰী আছিল।

ক্ৰীড়াৰ জৰিয়তে মানৱ সম্পদ গঢ়াৰ পৰিকল্পনা হাতত লবলৈ নতুন চৰকাৰক আহ্বান

ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে অসমক ক্ৰীড়াৰ ৰাজধানী কৰিব বিছাৰি বিগত পাঁচ বছৰত অসমত বিভিন্ন আন্তৰ্জাতিক খেল সফলতাৰে সমাপন কৰি ক্ৰীড়াৰ এক বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। কিন্তু অসমৰ ক্ৰীড়াই এতিয়াও যেন লক্ষ্যত উপনিত হ’ব পৰা নাই। অৱশ্যে ইয়াৰ বাবে সময়ৰো প্ৰয়োজন। ইতিমধ্যে বিগত সময় ছোৱাত অসমত বিভিন্ন আঁচনি প্ৰস্তুত কৰি ক্ৰীড়াৰ উন্নতি কল্পে কাম কৰি থকা পৰিলক্ষিত হৈছিল। এই আঁচনি সমূহৰ ফলাফল কি হ’ল সেয়া পৰ্য্যালোচনা কৰি অনাগত দিনত অধিক সক্ৰিয়তাৰে ক্ৰীড়াৰ কাম কৰিব পাৰিলে ক্ৰীড়া ক্ষেত্ৰ লাভৱান হ’ব বুলি মন্তব্য আগবঢ়াইছে সচেতন ক্ৰীড়া সংগঠক সকলে। অৰ্হতা সম্পন্ন প্ৰশিক্ষকৰ জড়িয়তে বিজ্ঞান সন্মত দীৰ্ঘকালীন প্ৰশিক্ষণৰ লগতে খেলুৱৈৰ জীৱন-জীৱিকাৰ পথ সূনিশ্চিত কৰিব নোৱাৰিলে সকলো আঁচনিয়ে ব্যাৰ্থ হ’ব, এই কথা নিশ্চিত। সন্মুখত এটা উজ্বল ভবিয্যত নাথাকিলে আজিকালি ক্ৰীড়া কৰিবলৈ কোনো খেলুৱৈয়ে আগবাঢ়ি নাহে। নহাটো স্বাভাৱিক কিয়নো খেল এৰি দিয়াৰ পিছত খেলুৱৈ সকলৰ পানীত হাঁহ নচঁৰাৰ দৰে অৱস্থা হয়। পানদোকান চাহদোকান দি এওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হয়। এটা সময়ত এওঁলোকেই ৰাজ্যখনলৈ মান সন্মান কঢ়িয়াই অনাৰ বাবে যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিছিল। খেলি থকা সময়ত জাউৰিয়ে জাউৰিয়ে দৰ্শকৰ হাত চাপৰিৰ বাহিৰে খেলুৱৈ সকলে চৰকাৰী ভাৱে সংস্থাপন নোপোৱাটো সঁচাকৈ দুৰ্ভাগ্যজনক। ইয়াৰ লগে লগে বহু শিক্ষিত যুৱকে শাৰীৰিক শিক্ষাৰ পাঠ্যক্ৰম সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হৈ ঘৰত এনেই বহি ঘুমাই পাৰ কৰিবলগীয়া হৈছে তেওঁলোকৰ সময়। যি উদ্যেশ্য লৈ তেওঁলোকে এই পাঠ্যক্ৰম গ্ৰহন কৰি আছিল সকলো ফুটুকাৰ ফেন হ’ল। ক্ৰীড়াৰ হাৰে হিমজুৱে ভাল পোৱা এই সকল বহুতৰে এতিয়া চাকৰিৰ বয়স উকলি গ’ল। বহুতেই এতিয়া চাকৰিৰ আশাত হাঁহ-হুমুনিয়াহ কাঢ়ি আছে। ক্ৰীড়াৰ উন্নতি হ’ব লাগিলে বিদ্যালয় সমূহত ক্ৰীড়াক বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰি এই সকল শাৰীৰিক নিৰ্দেশক সকলক চৰকাৰে নিয়োগ কৰিব লাগিব আৰু তেতিয়াহে পদ্ধতিগত ভাৱে ক্ৰীড়া আগবাঢ়ি যাব। বিদ্যালয় সমূহতে খেলুৱৈ নিৰ্বাচনৰ ক্ষেত্ৰত শাৰীৰিক নিৰ্দেশক সকল মুখ্য ভুমিকা পালন কৰিব পাৰে। কোন খেলুৱৈয়ে কি খেল খেলিলে লাভৱান হ’ব পাৰিব, খেলবিধে বিচৰা ধৰনে খেলুৱৈ সৃষ্টিত এওঁলোকৰ অৱদান অনস্বীকাৰ্য। বছা বছা খেলুৱৈ সকলক উন্নয়ন খণ্ড আৰু জিলা ভিত্তিত দীৰ্ঘকালিন প্ৰশিক্ষণৰ ব্যাৱস্থা কৰাৰ পিছত ৰাজ্যিক ভিত্তিত এই সকল খেলুৱৈক উন্নত মানৰ প্ৰশিক্ষণ দিব পাৰিলে অসমৰ ক্ৰীড়া উজ্বলি উঠিবলৈ সক্ষম হ’ব বুলি কব পাৰি। অৱশ্যে আঁচনি সমূহ সঠিক ভাৱে ৰূপায়ন হৈছে নে নাই সেই কথাটোত অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব। এতিয়ালৈ চৰকাৰে ক্ৰীড়াৰ নামত যিমান আঁচনি প্ৰস্তুত কৰিছে সেয়াই এজন ৰাষ্ট্ৰীয়, আন্তুৰাষ্ট্ৰীয় খেলুৱৈ গঢ়াত কিমান সহায় কৰিছে সেয়াহে বিচাৰ্যৰ বিষয়। আমি আশাবাদী নতুন চৰকাৰে আহি থকা পাঁচ বছৰত অসমৰ জনপ্ৰিয় খেলসমূহৰ পৰা আন্তৰাষ্ট্ৰীয় খেলুৱৈ সৃষ্টিত মনোনিবেশ কৰি ক্ৰীড়াৰ জড়িয়তে ৰাজ্যত মানৱ সম্পদ গঢ়াৰ পৰিকল্পনা হাতত ল’ব। ক্ৰীড়াই যদি শাৰীৰিক মানসিক উৎকৰ্য সাধনত সহায় কৰিব পাৰে, ঐক্য-সংহতি-সম্প্ৰীতি বজাই ৰাখিব পাৰে, মানুহক নিৰোগী সুস্বাস্থ্যৱান কৰি গঢ়ি তুলিব পাৰে, দেশলৈ সুনাম কঢ়িয়াই আনি দেশ খনক সবাতকৈ চহকী কৰি তুলিব পাৰে তেনে ক্ৰীড়াক ধেমালী বুলি গ্ৰহন নকৰি উপযুক্ত মৰ্য্যদা প্ৰদান কৰি ক্ৰীড়াক অধিক আগবঢ়াই নিয়াত নতুন চৰকাৰে পদক্ষেপ গ্ৰহন কৰিব। এয়াই অসমৰ ক্ৰীড়া প্ৰেমী ৰাইজৰ একান্ত আশা।

৫৫০ দিনৰ বিৰতিৰ পিছত স্ব-গৃহত উপস্থিত জননেতা অখিল গগৈ

আজি পুৱা ৭ বজাৰ পৰা যোৰহাট জিলাৰ চেলেংহাট স্থিত কৃষক নেতা অখিল গগৈৰ বাসগৃহত এক উৎসৱ মুখৰ পৰিবেশ। সকলোবোৰ উৎকণ্ঠাৰ অন্ত পেলাই দিনৰ ১২- ১০ বজাত অসম আৰক্ষীৰ এক কনভয় সহ চেলেংহাটৰ লুখুড়াখন স্থিত বাসগৃহৰ পদূলিত উপস্থিত হয় কৃষক নেতা অখিল গগৈ। গাড়ীৰ পৰা নমাৰ লগে লগে তাত উপস্থিত থকা গুণ মুগ্ধই তেওঁক মৰমৰ উপহাৰেৰে উপচাই পেলাই। কৃষক নেতাজনে টুকিলে আবেগৰ অশ্ৰু। মৰমৰ নেতাজনক চাবলৈ ওলাই অহা বহু ৰাইজে অখিল গগৈ ছবি সম্বলিত চোলা পৰিধান কৰি মাথোঁ চিঞৰি গল আমাৰ নেতা অখিল অখিল গগৈ জিন্দাবাদ। অখিল গগৈ ভিতৰলৈ সোমাই গৈ আবেগিক হৈ মাতৃক সাৱটি ধৰে। মাতৃয়েও পুত্ৰক বহু দিনৰ মূৰত আঁকোৱালি লয়। মাতৃৰ কাষত বহি কৃষক নেতাজনে নষ্টালজিক হৈ পুৰণি দিনৰ সোঁৱৰণ কৰে। তেওঁ হালৰ পৰা আহি মাতৃৰ হাতৰ মাছৰ জোলৰ সোৱাদ লোৱাৰ দৰে আজিও মাতৃৰ হাতৰ সোৱাদ লব বুলি উল্লেখ কৰাৰ লগতে ক্ষন্তেক সময় মাতৃৰ কোলাত টোপনি যাব বুলিও উল্লেখ কৰে। সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁক নেদেখাকৈ ভোট দি প্ৰায় ৫০ হাজাৰ ভোটত জয় যুক্ত কৰাৰ বাবে শিৱসাগৰ বাসী ৰাইজক ধন্যবাদ জনোৱাৰ লগতে শিৱসাগৰক এক সুন্দৰ ৰূপ দিয়াৰ পৰিকল্পনাৰ কথাও অৱগত কৰে। আন এক প্ৰশ্নৰ উত্তৰত সদ্য পদত্যগী বিধায়ক ৰূপজ্যোতি কুৰ্মী মিছলিয়া আৰু ঠগবাজ বুলি উল্লেখ কৰি এইবাৰ কুৰ্মীক মৰিয়নিৰ ৰাইজে বিদায় দিব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে দুদিনৰ বাবে মুক্তি লাভ কৰা অখিল গগৈ পুত্ৰ আৰু পত্নীৰ লগত সময় কটোৱাৰ পিছত আজি মাতৃ প্ৰিয়দা গগৈৰ লগত নিশাটো কটাই পুৱা গুৱাহাটীলৈ ৰাওনা হব।