Home Blog Page 2970

মাজৰাতি নিলাচলত ‘বনৰজা’ৰ নিৰ্ভয় বিচৰণ। কামাখ্যা ধামত নাই জনসমাগম। বন্যজীৱই লৈছে মুক্ত উশাহ।

ৰামেশ্বৰম আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত চুটি ছবি “অনীহা”লৈ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান

অসমত যুৱ প্ৰতিভাৰ যে অভাৱ নাই আৰু সৃষ্টিশীল কৰ্মৰে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ অসমৰ যুৱক-যুৱতীসকলৰ মাজত যে অফুৰন্ত প্ৰতিভা লুকাই আছে সেই কথা পুনৰ এবাৰ প্ৰমাণ হৈছে যোৰহাটত । এটা গছ পুলি ৰুৱাৰ ওপৰত নিৰ্মাণ কৰা এখন চুটি ছবিয়ে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে ৰামেশ্বৰম আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেল ( RIFF)ত ।

ৰামেশ্বৰম আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেল (RIFF)ত যোৰহাটৰ পৰা নিৰ্মাণ কৰা চুটি ছবি “অনীহা”ৰ পৰিচালক পূৰৱ আৰু মৃগাঙ্কলৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান। যোৰহাটৰ N.J. Production ৰ বেনাৰত নিৰ্মিত চুটি ছবি “অনীহা” ৰ পৰিচালক নৱ প্ৰজন্মৰ দুজন প্ৰতিভা, যোৰহাট স্প্ৰিংডেল হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ পূৰৱ শৰ্মা আৰু যোৰহাটৰে এজন প্ৰতিভাবান যুৱক মৃগাঙ্ক মাইনা । তেওঁলোকে ৰামেশ্বৰম আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত ( RIFF) ভাৰতীয় চুটি ছবি শিতানত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান বুটলি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে । প্ৰতিযোগিতাৰ ফাইনেল ৰাউণ্ডৰ অন্তত বিচাৰকসকলে পূৰৱ আৰু মৃগাঙ্কক ভাৰতীয় চুটি ছবি শিতানত শ্ৰেষ্ঠ পৰিচালক হিচাবে ঘোষণা কৰে । আনহাতে “অনীহা” ইতিমধ্যে ৰামেশ্বৰম আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলে অনুষ্ঠিত কৰিবলগীয়া আন এক সন্মানীয় Golden shell Award ৰ বাবেও মনোনয়ন লাভ কৰিছে।

N.J. Production ৰ বেনাৰত নয়ন জ্যোতি শৰ্মাৰ প্ৰযোজনাত যোৱা ৫ জুনত বিশ্ব পৰিবেশnational দিৱসৰ দিনা মুক্তি পোৱা  “অনীহা” চুটি ছবিখনৰ কাহিনী পৰিবেশৰ ওপৰত আধাৰিত । এটা গছ পুলি ৰুবৰ বাবে মানুহে যি অনীহা বা অনাদৰ প্ৰদৰ্শন কৰে তাকে ছবিখনত পৰিচালকে সুন্দৰ ভাবে প্ৰকাশ কৰিছে। ছবিখনত অভিনয় কৰিছে মানবেন্দ্ৰ শৰ্মা, চন্দন ঠাকুৰ, বিনোদ গগৈ, পাৰ্থ প্ৰতীম শৰ্মা আৰু আশাতৰা শৰ্মাই। সহযোগী পায়েল শৰ্মা।

কানপুৰৰ হেলেট চিকিৎসালয়ত ভাৰতৰ প্ৰথম অপ্টিক নিউৰাইটিছ ৰোগী চিনাক্ত

কানপুৰ চহৰৰ হেলেট চিকিৎসালয়ত ভাৰতৰ প্ৰথম ক’লা ভেঁকুৰৰ পৰা হোৱা অপ্টিক নিউৰাইটিছ ৰোগী চিনাক্ত হৈছে। ৰোগী জনৰ নাম আশীষ। বয়স ৩০ বছৰ। ৰোগীজন বিগত ১৫ দিন ধৰি চিকিৎসালয়ত ভৰ্তি হৈ হৈছে। চকু বিশেষজ্ঞ ডাঃ শালিনী মোহনে কয় এতিয়ালৈকে এনে কোনো ৰোগী দেশৰ কোনো চিকিৎসালয়লৈ অহা নাই। আমি দাবী কৰোঁ যে এয়া হৈছে অপটিক নিউৰাইটিছ থকা প্ৰথমটো ৰোগী। এই অপ্টিক নিউৰাইটিছৰ ফলত, ৰোগীসকলৰ চকুৰ শিৰা ফুলি যায়। স্নায়ুৰ ক্ষতিৰ ফলত, ৰোগীয়ে দৃষ্টিশক্তি হেৰুৱায়। তেওঁ কয় যে অধ্যয়ন অনুসৰি অপ্টিক নিউৰাইটিছে এক নতুন প্ৰকাৰৰ ক’লা ভেঁকুৰ উদ্ঘাটন কৰে। এই ৰোগীজনৰ ওপৰত গৱেষণা সম্পূৰ্ণ কৰি আন্তৰ্জাতিক আলোচনীলৈ প্ৰেৰণ কৰা হব। তেওঁ কয় যে এই ঘটনাটো কেৱল দেশৰ প্ৰথমটো ঘটনা নহয়, পৃথিৱীৰ ভিতৰতেই প্ৰথমটো ঘটনা বুলি কব পাৰি।

পৰিয়ালৰ লোকক অচেতন কৰি ডকাইতৰ দলে লুটি নিয়ে নগদ ধন,আ-অলংকাৰ।

ছিপাঝাৰৰ ১ নং মাৰৈত সংঘটিত হৈছে এক ডকাইতি কাণ্ড। নিশা পৰিয়ালৰ লোকক অচেতন কৰি ডকাইতৰ দলে লুটি নিয়ে নগদ ধনৰ লগতে প্ৰায় ডেৰ লাখ টকা মূল্যৰ আ-অলংকাৰ। দুমুনীচকী হাইস্কুলৰ প্ৰধান শিক্ষক কৰম আলিৰ বাসগৃহত নিশা ডকাইতৰ দলে প্ৰৱেশ কৰি তাণ্ডৱ চলাই। ইয়াৰ লগতে ডকাইতৰ দলটোৱে ঘৰৰ চৌহদত পেলাই থৈ যায় অন্য কিছু সামগ্ৰী। ইতিমধ্যে পৰিয়ালৰ লোকে স্থানীয় ছিপাঝাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে এই পৰ্যন্ত কোনো শুংসূত্র উলিয়াবলৈ সক্ষম হোৱা নাই।

মালিগাঁৱত বিদ্যুতৰ খুঁটাত উঠি যুৱকৰ আত্মহত্যাৰ অপচেষ্টা

ক’ভিডকেন্দ্রিক পৰিস্থিতিৰ পৰিপ্রেক্ষিতত সমগ্র ৰাজ্যখনৰ লগতে ৰাজধানী মহানগৰী গুৱাহাটীত চলি থকা আংশিক লকডাউনৰ মাজতে কালি নিশা মহানগৰীৰ জালুকবাৰী থানাৰ অন্তর্গত শ্বাটল গেটত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ বিদ্যুতৰ খুঁটাত উঠি এজন যুৱকে আত্মহত্যা কৰিবলৈ অপচেষ্টা চলোৱা ঘটনা এটাক কেন্দ্র কৰি স্থানীয় অঞ্চলটোত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হয়৷ প্রাপ্ত খবৰ মতে, মালিগাঁও শ্বাটল গেটৰ বাবলু যাদৱ নামৰ প্রায় ২৫ বছৰীয়া যুৱকজনে কালি নিশা প্রায় ১০ বজাত এটা বিদ্যুতৰ খুঁটাত উঠা প্রত্যক্ষ কৰে স্থানীয় কেইজনমান নাগৰিকে৷

স্থানীয় নাগৰিককেইজনে বাবলু যাদৱক বিদ্যুতৰ খুঁটাত উঠাৰ কাৰণ সোধাত বাবলু যাদেৱে আত্মহত্যা কৰাৰ উদ্দেশ্যে বিদ্যুতৰ খুঁটাত উঠা বুলি সদৰী কৰাৰ লগে লগে স্থানীয় নাগৰিকসকল হতবাক হৈ পৰে৷ তেওঁলোকে লগে লগে স্থানীয় আৰক্ষীক ঘটনাটো সন্দর্ভত অৱগত কৰে ৷ খবৰ পোৱাৰ পিছতেই জালুকবাৰী আৰক্ষী আৰু অগ্ণিনির্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বাবলু যাদৱক খুঁটাটোৰ ওপৰৰ পৰা তললৈ নামি আহিবলৈ অনুৰোধ কৰে যদিও বাবলু যাদৱে তললৈ নামি আহিবলৈ অমান্তি হয়৷

অৱশেষত উপায়ান্তৰ হৈ আৰক্ষীৰ লগতে অগ্ণিনির্বাপক বাহিনীৰ লোকসকলে প্রায় এঘণ্টাজোৰা প্রচেষ্টাৰ অন্তত বাবলু যাদৱক বিদ্যুতৰ খুঁটাটোৰ ওপৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পিছত জালুকবাৰী আৰক্ষীয়ে বাবলু যাদৱক আটক কৰি থানালৈ লৈ যায়৷ প্রেমজনিত কাৰণত বাবলু যাদৱে এনেধৰণৰ ঘটনা সংঘটিত কৰিবলৈ উদ্যত হোৱা বুলি জানিব পৰা গৈছে৷ অৱশ্যে আৰক্ষীৰ সোধা–পোছাৰ পিছতহে প্রকৃত ঘটনা পোহৰলৈ আহিব৷

অসমৰ কেইবাখনো জিলাত লকডাউনৰ পূৰ্ণ সম্ভাৱনা: পীয়ুষ হাজৰিকা

 অসমত কেইবাখনো জিলাত লকডাউনৰ সম্ভাৱনা৷ জিলাকেইখনত হ্ৰাস পোৱা নাই কৰ’নাৰ সংক্ৰমণ৷ আজি দিছপুৰত অনুষ্ঠিত হ’ব পৰ্যালোচনা বৈঠক৷ তিনিচুকীয়া, কাছাৰ, ডিব্ৰুগড়, নগাঁৱত চোকা নজৰ৷ শোণিতপুৰ, বিশ্বনাথতো হ্ৰাস পোৱা নাই সংক্ৰমণ৷ মঙলবাৰে কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাই এই কথা সদৰী কৰে।

সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ‘শোণিতপুৰত ক’ভিড-১৯ ৰ ঘটনা দ্ৰুত গতিত বৃদ্ধি পাইছে আৰু মানুহে সাৱধান হৈ থকাৰ প্ৰয়োজন। যদি ই অধিক গুৰুতৰ হয়, জিলাখনত সম্পূৰ্ণ লকডাউন ৰখাৰ বাহিৰে চৰকাৰৰ ওচৰত কোনো বিকল্প নাথাকিব।’

তদুপৰি, ক’ভিড নিয়ম পালন নকৰা লোকসকলৰ ওপৰত উদ্বেগ ব্যক্ত কৰে, যাৰ বাবে ক’ভিড সংক্ৰমণ ৰোধ হোৱা নাই বুলি উল্লেখ কৰে হাজৰিকাই৷এক চৰকাৰী নিৰ্দেশত ঘোষণা কৰা হৈছে যে শোণিতপুৰৰ লগতে পাঁচখন পৃথক জিলাৰ ওচৰত তীক্ষ্ণ পৰ্যৱেক্ষণ চলি আছে৷ এই জিলাসমূহত শেহতীয়া দিনবোৰত ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে৷

দেশৰ কাৰণে নতুন আতংকৰ কাৰণ কৰ’নাৰ ‘ডেল্টা প্লাছ’

কৰ’নাৰ দ্বিতীয় ঢৌৰ পৰা দেশে সাময়িক সকাহ লাভ কৰিছে যদিও সংকট আঁতৰা নাই। উৎপৰিৱৰ্তনেৰে নতুন নতুন ৰূপ লাভ কৰা কৰ’নাৰ নতুন এক প্ৰকাৰ এতিয়া দেশৰ কাৰণে আশংকাৰ কাৰণ হৈ পৰিছে। এই প্ৰকাৰবিধক চিনাক্ত কৰা হৈছে ডেল্টা প্লাছ হিচাপে। কেন্দ্ৰীয় চৰকাৰে এই ডেল্টা প্লাছ প্ৰকাৰৰ পৰা আশংকা থকাৰ কথা অলপতে প্ৰকাশ কৰিছিল।

দেশত তৃতীয় ঢৌৰ কাৰণ হৈ পৰিব পাৰে ডেল্টা প্লাছ প্ৰকাৰ। দেশত এতিয়ালৈ কৰ’নাৰ ডেল্টা প্লাছ প্ৰকাৰৰ ৪০টা সংক্ৰমণ ধৰা পৰিছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। মহাৰাষ্ট্ৰ, কেৰালা আৰু মধ্যপ্ৰদেশত ডেল্টা প্লাছ প্ৰকাৰৰ উপস্থিতি চিনাক্ত হোৱাৰ পাছতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যকেইখনলৈ সতৰ্কবাণী প্ৰেৰণ কৰিছে।অৱশ্যে এতিয়ালৈ ইয়াৰ সংক্ৰমণ তীব্ৰতা লাভ কৰা নাই বুলি প্ৰকাশ পাইছে। দেশত এতিয়ালৈ চিনাক্ত হোৱা ডেল্টা প্লাছ প্ৰকাৰৰ সংক্ৰমণৰ ভিতৰত মহাৰাষ্ট্ৰত ২১টা ঘটনা, মধ্যপ্ৰদেশত ৬টা, কেৰালাত তিনিটা, তামিলনাডুত তিনিটা, কৰ্ণাটকত দুটা আৰু পঞ্জাব, অন্ধ্ৰপ্ৰদেশ তথা জম্মুত এটাকৈ সংক্ৰমণৰ ঘটনা চিনাক্ত হৈছে।

গোলাঘাট জিলাত লালিগুৰৰ ৰমৰমীয়া ব্যৱসায়

ৰাজ্যৰ স্বাস্থ্য তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰীক মহকুমা সাংবাদিক সংস্থাৰ  স্মাৰক পত্ৰঃতাতক্ষনিক ব্যৱস্থা গ্ৰহনৰ বাবে উপায়ুক্তক নিৰ্দেশ

গোলাঘাট জিলাত দীৰ্ঘদিনৰে পৰা অবৈধ লালিগুৰৰ এক ৰমৰমীয়া ব্যবসায় চলি আছে । বিশেষকৈ চুলাই মদ প্ৰস্ততকৰণত ব্যবহৃত লালিগুৰৰ এই ব্যবসায় জিলাখনৰ অসম নগালেণ্ড সীমান্তৰ মেৰাপানীত চলি থকাৰ কথা বিভিন্ন সময়ত উত্থাপন হৈ আহিছে  । মেৰাপানীৰ কেইবাজনো  অসাধু ব্যবসায়ীয়ে এই  লালিগুৰৰ ব্যবসায় চলায় অহা বুলি সকলো জ্ঞাত ।উল্লেখযোগ্য যে  ২০১৯ চনত গোলাঘাটত চুলাই মদ সেৱন কৰি প্ৰায় ডেৰ শতাধিক লোকৰ মৃত্যু হৈছিল । এই ঘটনাৰ পাছত  জিলাখনত লালিগুৰৰ ব্যবসায় কিছু কমিছিল যদিও এতিয়া পুনৰ একে কেইজন ব্যবসায়ীয়ে লালিগুৰৰ ব্যবসায় বৃদ্ধি কৰি মেৰাপানীৰ বিভিন্ন অঞ্চলৰ উপৰিও সৰুপথাৰ , বৰহোলা ,তিতাবৰ ,মৰিয়নি আদি স্থানলৈ সৰবৰাহ কৰি আহিছে ।মনকৰিব লগীয়া যে শেহতীয়াকৈ  মূখ্যমন্ত্ৰীৰ নিৰ্দেশত  গোলাঘাট আৰক্ষীয়ে ড্ৰাগছৰ সমান্তৰালভাৱে বিষাক্ত লালীগুৰৰ বিৰূদ্ধেও অভিযান চলাই আহিছে  ।স্মৰ্তব্য যে  যোৱা ১৯ জুনত গোলাঘাট আৰক্ষীয়ে আবকাৰী বিভাগৰ সহযোগত অভিযান চলাই মেৰাপানীত জব্দ কৰে বুজন পৰিমাণৰ অবৈধভাৱে মজুত কৰা লালীগুৰ। আৰক্ষী আৰু আবকাৰী বিভাগে মেৰাপানীৰ  প্ৰদীপ গুপ্তা নামৰ এজন ব্যবসায়ীৰ ৰামপুৰ গাঁওস্থিত গুদামত তালাচী চলাই  জব্দ কৰিবলৈ সক্ষম হয় ১৪৯৯ টিন লালীগুৰ ।২০ জুনৰ দিনা গোলাঘাট জিলাৰ খাদ্য সুৰক্ষা বিষয়া বিনি গোহাঁই সহ আবকাৰী বিভাগৰ এটা যুটীয়া দল উপস্থিত হৈ জব্দকৃত লালিগুৰখিনি পৰীক্ষা কৰি খোৱাৰ অনুপযোগী হিচাপে বিবেচনা কৰি বিষয়াগৰাকীয়ে লগে লগে স্বতাধিকাৰী প্ৰদীপ গুপ্তাক লালিগুৰখিনি ধ্বংস কৰাৰ নিৰ্দেশ দিয়ে । কিন্তু জিলা খাদ্য সুৰক্ষা বিষয়া গৰাকীৰ নিৰ্দেশ গুপ্তাই মানিবলৈ হোহুকা পিছলা কৰি থকাত বিষয়াগৰাকীয়ে ব্যবসায়ীজনৰ বিৰুদ্ধে মেৰাপানী আৰক্ষী থানাত এক গোচৰ দাখিল কৰে । কিন্তু আচৰিত কথা যে , লালিগুৰখিনি জব্দ কৰা আজি তিনিদিন উকলি যোৱাৰ পাছতো গোলাঘাট জিলা প্ৰশাসন, আৰক্ষী অথবা আবকাৰী বিভাগে ইয়াৰ বিৰুদ্ধে কোনো বিহিত ব্যবস্থা গ্ৰহন নকৰিলে । আনকি ,এনে অবৈধ লালিগুৰৰ ব্যবসায় শিঘ্ৰে বন্ধ কৰিবলৈ দাবী জনাই বিভিন্ন দল সংগঠনে  প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান কৰিছে যদিও এইপৰ্যন্ত কাৰোৰে গা লৰা পৰিলক্ষিত হোৱা নাই । আৰক্ষী আৰু  আবকাৰী বিভাগ সকলোৱে ইটোৱে সিটো বিভাগৰ দায়িত্ব বুলি ঠেলা ঠেলি কৰি অহাহে পৰিলক্ষিত হৈছে ।সমস্ত  বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহন কৰি জিলাখনৰ পৰা চুলাই মদ প্ৰস্তুত কৰনত ব্যবহৃত লালিগুৰৰ অবৈধ ব্যবসায় বন্ধ কৰি জিলাখনৰ শৈক্ষিক ,সামাজিক আৰু সাংস্কৃতিক পৰিবেশ  বিনষ্ট হোৱাৰ পৰা জিলাবাসীক ৰক্ষা কৰিব বাবে আজি গোলাঘাট মহকুমা সাংবাদিক সংস্থাৰ সভাপতি নগেন বৰা কাৰ্যকৰী সভাপতি  দ্বীপমনি খাটনিয়াৰ সম্পাদকদ্বয় ঋতুৰাজ বৰুৱা  আৰু প্ৰনৱ চক্ৰৱৰ্তী  স্বাক্ষৰিত এখন স্মাৰক পত্ৰ অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশব মহন্তক গোলাঘাটত  প্ৰদান কৰে ।জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিংক ব্যৱস্থা গ্ৰহনৰ বাবে তাতক্ষনিক নিৰ্দেশ প্ৰদান কৰে স্বাস্থ্য  মন্ত্ৰী গৰাকীয়ে ।

নলবাৰীৰ মুকালমুৱাত বৃহৎ পৰিমানৰ নিচাজাতীয় ঔষধ উদ্ধাৰ ৷

নলবাৰীৰ মুকালমুৱাত মাটি ফুটি ওলাইছে বৃহৎ পৰিমানৰ নিচাজাতীয় ঔষধ ৷ মুকালমুৱাৰ বৰ্ণিবাৰীৰ পৰা আৰক্ষীয়ে কাৰ্টনে,কাৰ্টনে উদ্ধাৰ কৰিছে নিচাজাতীয় ঔষধ ৷ মাটিত পুতি থোৱা অৱস্থাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে নিচাজাতীয় ঔষধ সমূহ ৷ বৰ্ণিবাৰীৰ ৰৈফুদ্দিন আহমেদ নামৰ লোকজনৰ পৰিত্যক্ত গৃহৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে বৃহৎ পৰিমানৰ ঔষধ সমূহ ৷ মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত গোপন খবৰৰ ভিত্তীত বৰ্ণিবাৰীত চলিছিল অভিযান ৷ বৃহৎ পৰিমানৰ নিচাজাতীয় ঔষধখিনিৰ আনুমানিক মুল্য দুই লক্ষাধিক টকা হব বুলি জানিব পৰা গৈছে ৷

জামুগুৰিহাটত জীয়া ভৰলীৰ গাইড বান্ধ পৰিদৰ্শন মন্ত্ৰী পিযুষ হাজৰিকাৰ।

চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ চকীঘাটত জীয়া ভৰলী নদীৰ ওপৰত নিৰ্মাণ কাৰ্য চলি থকা চকীঘাট দলংৰ লগতে গৰাখহনীয়া প্ৰতিৰোধৰ বাবেও নিৰ্মাণ কাৰ্য চলি থকা গাইড বান্ধৰ কাম আজি পৰিদৰ্শন কৰে অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই।চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক লগত লৈ দিনৰ দুই বজাত চকীঘাটত উপস্থিত হোৱা মন্ত্ৰীজনে চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত জীয়া ভৰলীনদীৰ ওপৰত জি’অ টিউবৰ সলনি নতুন কাৰিকৰি পদ্ধতিৰে নিৰ্মাণ কাৰ্য চলি থকা গাইড বান্ধ কামৰ পৰিদৰ্শন কৰি সুখী হোৱা বুলি মন্তব্য কৰাৰ লগতে এই পদ্ধতিৰ সহায়ত গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত সফল হ’ব পৰা যাব বুলি মন্তব্য কৰে।ইফালে চকীঘাটত শোণিতপুৰ জিলা প্ৰশাসনে বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰা চৰকাৰী মাটিত অঞ্চলটোৰ একাংশ খিলঞ্জীয়া যুৱকে কৃষি কৰ্ম কৰি থকাৰ পাছত একাংশ সন্দেহজনক নাগৰিকে মাজে মাজে হিংসাত্মক কাৰ্য সংঘটিত কৰি অহা কাৰ্যক মন্ত্ৰী গৰাকীয়ে কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে দুষ্কৃতিকাৰী সকলক কঠোৰ হাতৰে দমন কৰা হ’ব মন্তব্য কৰে।