অসমৰ কেবাটাও মুল সমস্যা চিহ্নিত কৰি আৰু এইবোৰ সমাধানৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে বিধান সভাৰ নিৰ্বাচনৰ বাবে যুগুতাই উলিয়াছে এখন সংকল্প পত্ৰ৷আজি এই উদ্দেশ্য পাঠশালাৰ বজালী বিজেপিৰ জিলা সমিতিৰ কাৰ্যালয়ত আয়োজন এখন সংবাদ মেলত এই কথা সদৰি কৰে ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতাই ৷সুৰক্ষিত আৰু বিকশিত অসমৰ স্বৰ্থত মুল ১০টা সমস্যা সমাধানৰ বাবে লক্ষ স্থিৰ কৰি নিৰ্বাচনিক ইস্তাহাৰ হিচাপ এই সংকলপ পত্ৰ ইতিমধ্যে ৰাইজৰ মাজত বিতৰণ কৰা হৈছে বুলি সাংসদ গৰাকীয়ে জানিবলৈ দিয়ে৷ বানপানীৰ সমস্যা,মহিলাৰ সকলৰ আৰ্থিক সমস্যা,কলা সংস্কৃত সংৰক্ষণ ব্যৱস্থা,শিশু সকলৰ শিক্ষা ব্যৱস্থা,এন আৰ চি,অত্যাৱশ্যকীয় সামগ্ৰী উৎপাদন বৃদ্ধি,নিবনুৱা সমস্যা,ভুমিৰ অধিকাৰ,আদি বিষয় সমুহক এই সংকল্প পত্ৰখনত আলোচনা কৰা হৈছে৷ উল্লেখ্য যে নিবনুৱা সমস্যা সমাধানৰ বাবে দুই লক্ষ নিবনুৱাক চৰকাৰী কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰা হৈছে বুলি সংবাদ মেলত উল্লেখ কৰি কলিতাই কয় অহা ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত ১লক্ষ নিবনুৱা চৰকাৰী চাকৰীত মকৰল কৰা হব৷ আনহাতে বেচকাৰী খণ্ডত ৮ লাখ নিবনুৱা যুবকক কৰ্মস্থানৰ ব্যৱস্থা কৰা হব বুলি জানিবলৈ দিয়ে সাংসদ গৰাকীয়ে৷ আনহাতে মুল্যবৃদ্ধি লিয়ন্ত্ৰত সন্দৰ্ভত সংকল্প পত্ৰত কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই এই সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত কলিতাই কয় উৎপাদন বৃদ্ধি কৰি মৃল্যবৃদ্ধি কমোৱা হব বুলি ব্যক্ত কৰে৷ আনহাতে অসমৰ ৰাইজৰ দীৰ্ঘদিনৰ দাবী বানপানীক ৰাষ্ট্ৰীয় সমস্যা ৰুপে ঘোষণা কৰা নাইবা কেন্দ্ৰীয় চৰকাৰক হেচা প্ৰয়োগ কৰা সন্দৰ্ভত সংকল্প পত্ৰত কোনো কথা প্ৰকাশ কৰা হোৱা নাই বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ কলিতাই কয় অসম বানপানী নিয়ন্ত্ৰণৰ বাবে স্ংকল্প পত্ৰ খনত বিভিন্ন ব্যৱস্থাৰ কথা উল্লেখ আছে৷ গতিকে এই সমস্যাটো পৰ্যায়ৰ কৰ্মে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰা হব ।
বটদ্ৰৱাত আঙুৰলতাৰ হৈ শেষ নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ
পদুলি মুখত বিধানসভা নিৰ্বাচন । আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন । সমষ্টিয়ে সমষ্টিয়ে চলিছে নিৰ্বাচনীৰ শেষ প্ৰচাৰ সমান্তৰালকৈ বৃহস্পতিবাৰে পুনৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিলে বটদ্ৰৱা সমষ্টিৰ বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকাই । ৮৪ নং বটদ্ৰৱা সমষ্টিৰ নিজ কপাহেৰা খেলপথাৰৰ পৰা বিজেপি দলৰ প্ৰাৰ্থী আঙুৰলতা ডেকাৰ হৈ ৰেলীৰ সৈতে শেষ প্ৰচাৰ চলালে পিয়ুষ হাজৰিকাই । নিৰ্বাচনী প্ৰচাৰৰ চমক দেখুৱাই উলিয়ালে এক বিশাল ৰেলী । সমষ্টিৰ বিভিন্ন অঞ্চলৰ মাজেৰে এই শোভাযাত্ৰাই সমষ্টিৰ মূল কেন্দ্ৰস্থান সমূহ পৰিভ্ৰমন কৰে । কেইবা সহস্ৰাধিক সমৰ্থকক লগত লৈ শিল্পী কলাকুশলীৰ গীতৰ তালে তালে নাচি বাগি বটদ্ৰৱা সমষ্টিৰ কপাহেৰাৰ পৰা শুভাৰম্ভ হোৱা বিশাল শোভাযাত্ৰাত ৰাজ্যিক মন্ত্ৰী পিযুষ হাজৰিকাৰ লগতে অভিনেতা যতীন বৰা, নয়ন নিৰ্বানে আঙুৰলতাৰ হৈ প্ৰচাৰ চলায় । বিশাল ৰেলীত আঙুৰলতা ডেকাই নিজ কণ্যা নমামীক লগত লৈ শেষ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হয় । মন্ত্ৰী পিয়ুষ হাজৰিকাই বটদ্ৰৱাত উপষ্ঠিত হৈ মহাজোট কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামনি বৰাক ক্ষুৰধাৰ সমালোচনা কৰি বিডিঅ’ হৈ থকা সময়ত যি ক’লা টকা ঘটিছিল সেই টকাৰে এতিয়া টিকট কিনি নিৰ্বাচন খেলিবলৈ আগবাঢ়িছে বুলি মন্তব্য কৰে । প্ৰচাৰ কাৰ্য্যসূচীত দলীয় কৰ্মী সমৰ্থকৰ আঙুৰলতা জিন্দাবাদ ধ্বনিৰে আজিও কপাই তোলে বটদ্ৰৱাৰ আকাশ বতাহ ।
আজি শেষ হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ নিৰ্বাচন কেম্পেইনিং
অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ আজি আবেলি ৬ বজাত শেষ হ’ব। ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা নিৰ্দেশনা অনুসৰি এলএচিত নিৰ্বাচন আৰম্ভ হোৱাৰ ৪৮ ঘণ্টা আগতে এটা সমষ্টিত প্ৰচাৰ সমাপ্ত হয়।
ছয়গাঁওত শ্যামল দত্তৰ প্ৰচাৰ তুংগত : শংকিত কৰি তুলিছে মিত্ৰজোঁট আৰু মহাজোটৰ প্ৰাৰ্থীক
সম্প্ৰতি কামৰূপ জিলাত নিৰ্বাচনী প্ৰচাৰ চলাই ফুৰিছে ৰাজনৈতিক দলৰ মনোনীত প্ৰাৰ্থীয়ে। এই ক্ষেত্ৰত জিলা খনৰ ৪৯ নং ছয়গাঁও বিধানসভা সমষ্টিত স্বচ্ছ আৰু নিকা প্ৰশাসনৰ শ্লোগানেৰে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী শ্যামল দত্তই। উল্লেখ্য যে ; অসমৰ ১২৬ টা বিধানসভা সমষ্টিৰ অন্যতম সমষ্টি ৪৯ নং ছয়গাঁও বিধানসভা সমষ্টিত ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে যুৱ নেতা তথা সমাজ কৰ্মী শ্যামল দত্তক। ইতিমধ্যে যুৱ সমাজ কৰ্মী শ্যামল দত্তই ছয়গাঁও সমষ্টিৰ ভিন্ন প্ৰান্তত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সমাজ সংগঠনৰ লগত জড়িত হৈ পৰিছে। ছয়গাঁও সমষ্টিৰ অন্তৰ্গত এলেকাত বিভিন্ন সংগঠন ; সামাজিক অনুষ্ঠান আৰু ৰাজনৈতিক ভাৱে সচেতন ব্যক্তি বিশেষৰ লগত জড়িত হৈ নিজৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে উঠি পৰি লাগিছে দত্তই। যুৱ সমাজ কৰ্মী শ্যামল দত্তই সমষ্টিৰ ভিন্ন জাতি জনগোষ্ঠীৰ লগতে বৰ্ণ ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ ভোটাৰৰ কাষত ঠিয় হৈ সহায় সহযোগ কামনা কৰাৰ লগতে ভোটাৰৰ সমস্যা সমাধানৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। শ্যামল দত্তই জনোৱা মতে প্ৰতিদিনৰ দৰে আজিও প্ৰাৰ্থী গৰাকীয়ে ছয়গাঁও সমষ্টিৰ ধৰ্মীয় সংখ্যালঘু জনবসতি এলেকা শিঙিমাৰী আৰু বনগাঁও কেম্প অঞ্চলৰ উপৰিও গাৰো জনগোষ্ঠীৰ বসতি প্ৰধান অঞ্চল পাৰুগাও ; কিনান গাওঁ ; আমেৰেনকোণা ; শান্তিপুৰ ; বৰখাল ; ভূটাৰগাড়ী আদি অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাই।নেতা গৰাকীৰ উপস্থিতিত কেৱাশতাধিক বেংগলী ভোটাৰৰ উপৰিও ভিন্ন জাতি জনগোষ্ঠীৰ ভোটাৰে যুৱ কৰ্মী জনৰ ওচৰত অংশগ্ৰহণ কৰি নিৰ্বাচনত সহায় সহযোগ কৰাৰ লগতে জয়ী কৰাৰ দায়িত্ব লয়। ইফালে ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী শ্যামল দত্তৰ প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হোৱাত মিত্ৰজোঁট আৰু মহাজোটৰ প্ৰাৰ্থীকে ধৰি দলীয় কৰ্মী সকল সংকিত হৈ পৰিছে বুলি জানিব দিয়ে প্ৰাৰ্থী গৰাকীয়ে। সম্প্ৰতি যুৱ প্ৰজন্মৰ জনপ্ৰিয় নেতা দত্তৰ কাষত ঠিয় দিছে যুৱ ভোটাৰ সকল।
শিৱসাগৰত অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ : বহু হাজাৰ সমৰ্থকৰ
অখিল গগৈৰ প্ৰতিকৃতি সন্মুখত লৈ শিৱসাগৰ সমষ্টিত বিশাল ৰেলী সমৰ্থকৰ । অখিলৰ মাতৃ প্ৰিয়দা গগৈ, অখিলৰ ভগ্নী, সমাজ কৰ্মী মেধা পাটকাৰৰ লগতে বহু ৰাষ্ট্ৰীয় নেতাই এই ৰেলীত অংশগ্ৰহন কৰে শিৱসাগৰত অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ সমৰ্থকৰ । এক বৃহৎ ৰেলী উলিয়াই অখিল গগৈৰ সমৰ্থক সকলে । অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ আৰু ভগ্নীয়েও অংশ গ্ৰহন কৰে এই ৰেলীত । বহু হাজাৰ সমৰ্থকে উক্ত ৰেলীত অংশগ্ৰহন কৰে । আনহাতে কাৰাৰুদ্ধ অখিল গগৈ শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ।
শুৱালকুছিত কা বাতিলৰ দাবীত কামৰূপৰ আছুৰ এঘাৰ ঘন্টীয়া অনশন
ৰাজ্যত পুনৰ আৰম্ভ হৈছে কা বিৰোধী আন্দোলন ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ অসমৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই শুৱালকুছি বস্ত্ৰ উদ্যানৰ সম্মুখত ৰাতিপুৱা ৬ বজাৰ পৰা আবেলি ৫ বজালৈ এঘাৰ ঘন্টীয়া অনশন কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷ সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত ৰূপায়ণ হোৱা অনশন কাৰ্য্যসূচীত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ দাসে কয় যে , নাগৰিকত্ব সংশোধনী আইন যিকোনো মূল্যৰ বিনিময়ত বাতিল হবই লাগিব বুলি উল্লেখ কৰাৰ লগতে এই জাতি ধ্বংসী আইন খনে অসমীয়া জাতিক নিশেষ কৰি পেলাব ৷ বিজেপি চৰকাৰে অসমত চৰকাৰ গঠন কৰিবলৈ পাৰিলেই প্ৰথম অধিৱেশনতে কা” আইন প্ৰৱৰ্তন কৰিম বুলি ঘোষণা কৰাৰ লৈ তীব্ৰ ভাষাৰে বিৰোধীতা কৰাৰ লগতে আগন্তুক বিধান সভা নিৰ্বাচনত বিজেপিক বৰ্জন কৰিবলৈও আহ্বান জনাই ৷ অনশন কাৰ্যসূচীত কামৰূপ জিলাৰ আছুৰ উপদেষ্টা নিৰোদ দাসে , চৰকাৰে কা বাতিল নকৰালৈকে ছাত্ৰ সন্থাৰ আন্দোলন অব্যাহত থাকিব বুলি উল্লেখ কৰে ৷ অনশন কাৰ্যসূচীত কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি ভবজ্যেতি দাস আৰু সম্পাদক পংকজ কলিতাইও বক্তব্য প্ৰদান কৰে ৷আনহাতে , শুৱালকুছি সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক পুলিন দাসে কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদক ফলৰ ৰস পান কৰোৱাই ছাত্ৰছাত্ৰীৰ সকল অনশন কাৰ্য্যসূচী ভংগ কৰোৱাই৷
COVID-19 fW অধিসূচনাৰ পিছত নিষেধাজ্ঞা আৰোপ কৰিব পাৰে ৰাজ্যত হোলী : ৰঙালী বিহু আদি উদ্যাপন কৰাৰ ক্ষেত্ৰত
ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে আগন্তুক উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি এই নিষেধাজ্ঞা আৰোপ কৰিব পাৰে ।হোলী, বিহু, ঈদ-উল-ফিটৰ আদি উৎসৱত জনসমাগমৰ অনুমতি নিদিবলৈ পৰামৰ্শ দিছিল স্বাস্থ্য মন্ত্ৰণালয়ে ।

ছয়গাঁৱত নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনাৰ উদ্ভব : দুই ফৈদৰ মাজত তুমুল কাজিয়া
ৰাজ্যত হবলগীয়া তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠাৰ মূহুৰ্তত ৪৯নং ছয়গাঁও বিধান সভা সমষ্টিত দুই ৰাজনৈতিক দলৰ সমৰ্থকৰ কাজিয়াই চকু কপালত তুলিছে খোদ সাধাৰণ ভোটাৰ ৰাইজৰ ।কিয়নো সমষ্টিটোত দুই প্ৰধান প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী কংগ্ৰেছ মহাজোঁটৰ ৰেকিবুদ্দিন আহমেদ আৰু মিত্ৰজোঁট অগপ ৰ প্ৰাৰ্থী ডা:কমলা কান্ত কলিতাৰ সমৰ্থকে নিৰ্বাচনত কোন প্ৰাৰ্থীয়ে ছয়গাঁও সমষ্টি দখল কৰিব তাক লৈ দৈনন্দিন কথাই কথাই কাজিয়াত লিপ্ত হোৱাৰ বাতৰি পোৱা গৈছে ।যাৰ ফলত সাধাৰণ ভোটাৰ ৰাইজ চিন্তিত হৈ পৰিছে ।এনেধৰণৰ ঘটনা মাকেলি ৰাজহ গাঁৱত সংঘটিত হোৱা খবৰে জোকাৰি গৈছে সমগ্ৰ সমষ্টিটো।যিহেতু নিৰ্বাচনত সমষ্টিটোত তুমূল প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আন এগৰাকী অসম জাতীয় দলৰ প্ৰাৰ্থী দেবজিত অধিকাৰী এতিয়া তেওঁৰ পক্ষত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সাজু হোৱা বুলি এচাম ভোটাৰ ৰাইজে জানিবলৈ দিছে ।এনেধৰণৰ সমৰ্থকৰ কাজিয়াই যদি চুড়ান্ত ৰূপ ধাৰণ কৰে তেতিয়াহলে এই দুগৰাকী প্ৰাৰ্থীৰ সলনি ৰাইজে বিকল্প ব্যৱস্থাৰ ইংগিত দিয়ে ।মুঠৰ ওপৰত ছয়গাঁৱৰ ৰাইজ এইবাৰ সম্পূৰ্ণ সজাগ হৈ বিবেক ভোট প্ৰদান কৰা বাবে সাজু হৈ থকা জানিবলৈ দিয়ে ।উল্লেখযোগ্য যে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহবৰ বাবে সমষ্টিবাসী ৰাইজে প্ৰশাসনৰ ওচৰত গাঁৱে ভূঞে সঘনাই কঢ়া নজৰ ৰাখিবলৈ দাবী জনাইছে ।
এয়া কংগ্ৰেছৰ মহাজোঁট নহয় মহাজঁট : প্ৰধানমন্ত্ৰী মোদী
এয়া কংগ্ৰেছৰ মহাজোঁট নহয় মহাজঁট : নৰেন্দ্ৰ মোদী । কংগ্ৰেছক ইতিকিং কৰি লখিমপুৰৰ বিহপুৰীয়াত এক নিৰ্বাচনী সমদলত প্ৰধানমন্ত্ৰী মোদীয়ে এনেদৰে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে । লগতে মোদীয়ে কংগ্ৰেছক অসমৰ থলুৱা লোকসকলৰ প্ৰতি বৈষম্য কৰা বুলিও অভিযোগ কৰে ।
বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ দুই সমষ্টিত অৱতীৰ্ণ মুঠ ১১ গৰাকী প্রার্থী আৰু প্ৰতীক চিহ্ন চূড়ান্ত
তৃতীয় পৰ্য্যায়ৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ পৰীক্ষা আৰু প্ৰত্যাহাৰৰ দিন উকলি যোৱাৰ পিচতে অভায়াপুৰী উত্তৰ আৰু দক্ষিণ (অনু:) বিধানসভা সমষ্টিৰ পৰা মুঠ ১১ গৰাকী প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হব এয়া চুুড়ান্ত হৈছে । বঙাইগাওঁ জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতিৰ কার্যালয়ত এখন সংবাদ মেল অনুষ্ঠিত কৰি এই কথা সদৰি কৰে । অনুষ্ঠিত সংবাদ মেলত উত্তৰ শালমাৰা মহকুমাৰ ভাৰপ্রাপ্ত মহকুমাধিপতি তথা উত্তৰ শালমাৰা জিলা নির্বাচনী বিষয়া কমল বৰুৱাই কয় যে, ৩৫ নং অভয়াপুৰী দক্ষিণ ( অনুঃ ) বিধান সভা সমষ্টিত নির্বাচনী প্রতিদ্বন্দ্বিতাৰ বাবে সৰ্বমুঠ সাত গৰাকী প্রার্থীয়ে মনােনয়ন পত্র দাখিল কৰিছিল যদিও তিনিগৰাকী প্রার্থী ক্ৰমে বিমল চন্দ্র দাস ( কচুদোলা ), দীপক ৰুহি দাস আৰু বিমল চন্দ্র দাস ( বৰিগাঁও ) য়ে নিজৰ মনােনয়নপত্র প্রত্যাহাৰ কৰে । সমষ্টিটোত নিৰ্বাচনী প্রতিদ্বন্দ্বিতা কৰিবলগীয়া প্রার্থীসকল হ’ল ক্রমে, অসম গণ পৰিষদ দলৰ পূৰ্ণেন্দু বনিক্য, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্রদীপ সৰকাৰ, নিৰ্দলীয় প্ৰাৰ্থী ৰমনাথ মণ্ডল আৰু আন গৰাকী নিৰ্দলীয় প্ৰাৰ্থী কৌশিকৰঞ্জন দাস । পঞ্জীয়নভুক্ত দলসমূহে নিজ দলৰ প্রতীক চিহ্নত নির্বাচন খেলাৰ বিপৰীতে নির্দলীয় প্ৰাৰ্থী ৰমানাথ মণ্ডলৰ প্ৰতীক চিহ্ন অট’ৰিক্সা আৰু নিৰ্দলীয় কৌশিক ৰঞ্জন দাসৰ প্রতীক চিহ্ন গেছ চিলিণ্ডাৰ হিচাপে নিৰ্ধাৰণ কৰিছে । আনহাতে , ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিত নির্বাচনী প্রতিদ্বন্দ্বিতাৰ বাবে সৰ্বমুঠ আঠ গৰাকী প্রার্থীয়ে মনােনয়ন পত্র দাখিল কৰিছিল । ইয়াৰে নিৰ্দলীয় প্ৰাৰ্থী নৰুল ইছলামে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে । সমষ্টিটোত নির্বাচনী প্রতিদ্বন্দ্বিতা কৰিবলগীয়া প্রার্থীসকল ক্রমে অসম গণ পৰিষদৰ ভূপেন ৰায়, ভাৰতীয় জাতীয় কংগ্ৰেছৰ আব্দুল বাতেন খন্দকাৰ, জনতা দল ইউনাইটেডৰ শ্যামৰাজ ৰাভা, অসম জাতীয় পৰিষদৰ অজন্তা বৰুৱা , অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ আশ্রাফুল ইছলাম , নির্দলীয় প্ৰাৰ্থী শেইখ আব্দুলা আৰু জহিদুল ইছলামে । পঞ্জীয়নভুক্ত দলসমূহে নিজ দলৰ প্রতীক চিহ্নত নির্বাচন খেলাৰ বিপৰীতে নির্দলীয় প্ৰাৰ্থী জাহিদুল ইছলামৰ বাবে বাকেট আৰু নির্দলীয় প্ৰাৰ্থী শেইখ আব্দুলাৰ বাবে অট’ৰিক্সা প্রতীক চিহ্ন নির্ধাৰণ কৰা হৈছে । লগতে উত্তৰ শালমাৰা জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে সংবাদ মেলত জানিবলৈ দিয়ে যে প্ৰাৰ্থীসকলে নিম্নলিখিত স্থান সমূহতহে সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে নিৰ্বাচনী সভা পাতিব পাৰিব । ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ প্ৰাৰ্থীৰ বাবে বৰবিলা পথাৰ, মাণিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ, বৰটিলা গোমাঠ (পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়), টুলুঙীয়া, ডি.পি. এম. স্কুল পথাৰ, সৃজনগ্ৰাম এম. ভি. স্কুল পথাৰ, চাকলা হাইস্কুল পথাৰ, কীৰ্তনপাৰা হাইস্কুল পথাৰ, জপেয়া হাইস্কুল পথাৰ, ৰাঙাপানী পথাৰ, আমবাৰী হাইস্কুল পথাৰ আৰু সিদলসতী হাইস্কুল পথাৰ । আনহাতে ৩৫ নং অভয়াপুৰী দক্ষিণ অনুঃ বিধান সভা সমষ্টিৰ প্ৰাৰ্থীৰ বাবে নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ বাবে কৰ্তৃপক্ষই নিৰ্দ্ধাৰণ কৰি দিয়া স্থান সমূহ হ’ল বইটামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পথাৰ, অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰ, অভয়াপুৰী গান্ধী ময়দান, চলন্তাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ, লেংটিচিঙা ৰাজীৱ গান্ধী মেমোৰিয়েল কলেজৰ পথাৰ, কস্তুৰবা বিদ্যালয়ৰ খেলপথাৰ, ঔডুবি পথাৰ, বালাপাৰা পথাৰ, ছটপাৰা মধ্য ইংৰাজী মাদ্ৰাছাৰ পথাৰ, মেৰেৰচৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ, পিৰাধৰা হাই মাদ্ৰাছাৰ খেলপথাৰ, বৰজানা হাইস্কুলৰ খেলপথাৰ, খোৰাগাওঁ হাইস্কুলৰ খেলপথাৰ, কাবাইটাৰী মধ্য ইংৰাজী মাদ্ৰাছাৰ খেলপথাৰ আৰু পাল্লিৰতল বজাৰৰ পথাৰত নিৰ্বাচনী সভাৰ আয়োজন কৰিব পাৰিব ।











