বৰ্তমান সময়ত বৌদ্ধিক আৰু সচেতন মহলত বহুলভাৱে চৰ্চিত হৈছে মূল্যবোধৰ শিক্ষাৰ প্ৰসংগ। বিদ্যালয়ত মূল্যবোধৰ শিক্ষাৰ প্ৰয়োজনীয়তাই চৰ্চা লাভ কৰাৰ সময়তে নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা জ্যেষ্ঠ সাংবাদিক মহেন শইকীয়াই লিখি উলিয়াইছে ‘বিদ্যালয়ত মূল্যবোধৰ শিক্ষা’ শীৰ্ষক গ্ৰন্থ। যোৱা ৮ জুনত বোকাখাত মহকুমাৰ কমাৰগাঁৱৰ বৰদিহিঙীয়া গাঁওস্থিত লেখক শইকীয়াৰ নিজা বাসগৃহৰ চোতালত কোভিড-১৯ ৰ সকলো নীতি-নিয়ম মানি উক্ত গ্ৰন্থখন উন্মোচন কৰা হয়। উন্মোচন কৰে লেখক শইকীয়াৰ ৯০ ৰ উৰ্দ্ধৰ মাতৃ তিলেশ্বৰী শইকীয়া, ৮০ ৰ উৰ্দ্ধৰ দুগৰাকী আইতা প্ৰেমলতা শইকীয়া আৰু দেব’ কাকতিয়ে। উন্মোচক তিনিওগৰাকী আইতাই কিতাপখন ল’ৰা-ছোৱালীক পঢ়িবলৈ আহ্বান জনোৱাৰ লগতে লেখককো অধিক কিতাপ লিখিবৰ বাবে আশিস আৰু উদগনি দিয়ে। জীৱনৰ বিয়লি বেলাত তিনিও গৰাকী আইতাই কিতাপ উন্মোচন কৰিবলৈ পাই আনন্দিত হৈছে বুলিও প্ৰকাশ কৰে। কমাৰগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক যতীন কাকতিয়ে আঁত ধৰা অনুষ্ঠানটোত লেখক শইকীয়াই শিক্ষকতাৰ বিভিন্ন অভিজ্ঞতাই গ্ৰন্থখন লিখিবলৈ অনুপ্ৰাণিত কৰা বুলি উল্লেখ কৰে । এগৰাকী ছাত্ৰ অথবা ছাত্ৰী পুথিগত শিক্ষাৰে যিমানেই শিক্ষিত নহওক কিয় মূল্যবোধৰ শিক্ষা নাথাকিলে সেয়া বৃথা বুলিও তেওঁ সদৰী কৰে । উল্লেখ্য যে ২০১৯ চনত ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা লাভ কৰা লেখক শইকীয়াৰ এইখন নৱম গ্ৰন্থ। ইতিমধ্যে লেখক মহেন শইকীয়াৰ প্ৰকাশিত আন আঠখন গ্ৰন্থ হ’ল ‘সময়ৰ দস্তাবেজ’, ‘দেওপাহাৰ’, ‘নুমলীগড়’, ‘আইদেউ সন্দিকৈ’, ‘জোনাক’, ‘ধাৰাপাত’, ‘জ্ঞান কোষ’ আৰু ‘গণিতৰ হাত পুথি’। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত কৃষি বিষয়া জীৱন শইকীয়া, শিক্ষয়িত্ৰী তুলা গগৈ শইকীয়া, সাংবাদিক ক্ৰমে ৰিণ্টু দুৱৰা, সাগৰ হাজৰিকা, চন্দন বৰা আদি উপস্থিত থাকে।
কাইলৈ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব সৰুসজাই ক’ভিড চিকিৎসালয়
বৃহস্পতিবাৰে পুৱা ৮বজাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব অত্যাধুনিক ক’ভিড চিকিৎসালয়৷ ডিআৰডিঅ’-ই মাত্ৰ ২০ দিনত প্ৰস্তুত কৰি উলিওৱা সৰুসজাইৰ অত্যাধুনিক ক’ভিড চিকিৎসালয়খন মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে৷
নতুন ক’ভিড চিকিৎসালয়খনৰ বাবে নতুন চিকিৎসাকৰ্মী, তথা উন্নত চিকিৎসা সামগ্ৰী আদিৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰকাশ পাইছে৷ এই চিকিৎসালয়খনত ৩০০খন বিছনা থকাৰ উপৰি ২০০খন আইচিইউ বিছনাৰো ব্যৱস্থা থাকিব৷
ডিআৰডিঅ’-ই নির্মাণ কৰা ৩০০বিছনাযুক্ত সৰুসজাইৰ ক’ভিড চিকিৎসালয় মুকলি কৰাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে জিএমচিএইচৰ অধ্যক্ষৰ লগতে সকলো আন কৰ্মীসকলে। চিকিৎসালয়খনত ৬০গৰাকী প’ষ্ট এমবিবিএছ চিকিৎসকক নিয়োগ কৰাৰ লগতে ২২গৰাকী জিএমচিএইচৰ ষ্টাফ নাৰ্চ, ১৮গৰাকী ক’ভিড আইচিইউৰ বিশেষ নাৰ্চকে ধৰি ক’ভিড পৰিস্থিতিক সম্পৰ্কত অভিজ্ঞতা থকা অধীক্ষক নিয়োগ কৰা হ’ব সৰুসজাই এই বিশেষ চিকিৎসালয়ত।লগতে থাকিব পেৰামেডিকেল ষ্টাফ আৰু অন্যান্য সকলো কৰ্মী তথা সহায়ক। ইতিমধ্যেই আইচিইউৰ বিছনাসমূহৰ মনিটৰ, ভেণ্টিলেটৰকে ধৰি সকলো প্ৰয়োজনীয় সামগ্ৰী আৰু আন অত্যাৱশ্যকীয় সকলো মেচিন আহি পাইছে।
নাজিৰাত ৰাজপথৰ কাষত জাবৰ পেলাই গামোচা পিন্ধি আদৰণি ল’লে কোনে ? চাঁও আহক
নগৰখন পৰিস্কাৰ – পৰিচন্ন কৰি ৰখাৰ লগতে প্ৰদূষণ মুক্ত নগৰ হিচাপে আদৰ্শ গঢ়ি তোলাৰ উদ্দেশ্য আগত ৰাখি নাজিৰা পৌৰসভা কৰ্তৃপক্ষই এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে । সেই মৰ্মে আজি পুৱা ভাগতে নগৰৰ মাজমজীয়াৰ চাহ – তামোলৰ ক্ষুদ্ৰ ব্যৱসায়ি গণেশ চাহুয়ে পদপথ তথা ঐতিহাসিক ধোদৰ আলিৰ কাষত জাৱৰ পেলোৱাৰ অপৰাধত জৰিমনা বিহাৰ পৰিৱৰ্তে পৌৰসভাৰ কাৰ্যবাহী বিষয়া তথা দণ্ডাধীশ সুজাতা গগৈ আৰু পৌৰসভাৰ কৰ্মচাৰীয়ে ব্যৱসায়ী চাহুক এখন গামোচা পিন্ধাই আদৰণি জনাই এক প্ৰকাৰে লজ্জানত কৰে আৰু অনাগত সময়ত এনে কাৰ্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱাৰ লগতে সমূহ ব্যৱসায়ী আৰু নগৰবাসী জনগণক নগৰখন পৰিস্কাৰ কৰি ৰাখি প্ৰদূষণ মুক্ত নগৰ হিচাপে আদৰ্শ গঢ়ি তুলিবলৈ অনুৰোধ জনায় ।
অসমে লাভ কৰিলে আৰু ২খন ৰাষ্ট্ৰীয় উদ্যান
আৰু ২খন ৰাষ্ট্ৰীয় উদ্যান লাভ কৰিলে ৰাজ্যই। ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰা হৈছে ৰায়মনা আৰু দিহিং পাটকাই অভয়াৰণ্যক।ইয়াকে ধৰি ৰাজ্যত এতিয়া ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ’ল ৭খন।ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত দেশৰ ভিতৰতে ২য় স্থানত অৱস্থান কৰিছে অসমে।সংবাদমেলত এই কথা প্ৰকাশ কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই।
১২ জুলাইৰ পৰা প্রথমখন বাজেট অধিৱেশন আৰম্ভ
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন নতুন চৰকাৰখনৰ প্রথমখন বাজেট অধিৱেশন অহা ১২ জুলাইৰ পৰা আৰম্ভ হ’ব৷ মঙলবাৰে অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে এক প্রস্তাৱযোগে সেই পৰামর্শ আগবঢ়ায়৷স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই সংবাদ মাধ্যমৰ আগত এই বিষয়ে সদৰী কৰি কয় যে বাজেট অধিৱেশনখন ২৫ দিন মান চলাৰ সম্ভাৱনা আছে৷ অৱশ্যে এই বিষয়ে বিধানসভা কর্তৃপক্ষ আৰু বিধানসভাৰ কার্য উপদেষ্টা পৰিষদে চূড়ান্ত কৰিব৷ এই সম্পর্কত তেওঁ কয় যে সদনত বাজেট দাখিলৰ পিছত ১০ দিন মান সময় বাজেটখনক লৈ বিধানসভাৰ বিভিন্ন বিভাগৰ ষ্টেণ্ডিং কমিটীৰ আলোচনা চলে৷ সেয়ে স্বাভাৱিকতে বাজেট অধিৱেশনত কর্মদিনৰ সংখ্যা বৃদ্ধি পায়৷
মুকালমুৱাত ভৰা পাগলদিয়া নৈত জীৱন্তে উদ্ধাৰ বৃদ্ধা
ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে এই আপ্তবাক্যশাৰী পুনৰ প্ৰমাণ কৰি আজি এগৰাকী বৃদ্ধা মহিলাৰ উদ্ধাৰ হয় ভৰা পাগলদিয়া নদীত ৷ ভৰা পাগলদিয়া নৈত ২০ কিলমিটাৰৰো অধিক দুৰত্ব উটি গৈও জীৱন্তে উদ্ধাৰ হ’ল এগৰাকী বৃদ্ধা ৷ নলবাৰীৰ বৰমুৰিকোণাৰ অতুল ডেকাৰ পত্নী সুবলা ডেকা নামৰ মহিলাগৰাকীয়ে আজি পুৱা ফুৰিবলৈ আহোঁতে ভৰা পাগলদিয়া নৈত পৰি যায় । মুহূৰ্ত্ততে পাগলদিয়াৰ কোবাল সোঁতে উটুৱাই নিয়ে বৃদ্ধা গৰাকীক ৷ প্ৰায় ২০ কিলমিটাৰ দক্ষিণৰ মুকালমুৱাৰ আদাবাৰী সুতাৰকুছিৰ স্থানীয় একাংশলোকে বৃদ্ধা গৰাকীক পাগলদিয়া নৈৰ পৰা জীৱন্তে উদ্ধাৰ কৰে ৷ পাগলদিয়া নৈৰে উটি অহা মহিলাগৰাকীক সুতাৰকুছি গাঁৱৰ একাংশ লোকে প্ৰত্যক্ষ কৰি মহিলাগৰাকীক নৈৰ পৰা জীৱন্তে উদ্ধাৰ কৰি আদাবাৰী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় ৷ মহিলা গৰাকীৰ ভিতৰত নৈৰ পানী সোমাই অসুস্থ হৈ পৰে যদিও চিকিৎসকে মহিলাগৰাকীক সংকট মুক্ত বুলি জানিবলৈ দিয়ে ৷ অন্যহাতে মহিলা গৰাকীৰ শৰীৰত কভিড ১৯ পজিটিভ ধৰা পৰে ৷
ৰঙিয়াত পুঠিমাৰী নদীৰ ওপৰত থকা দলং নিৰ্মাণত ব্যাপক দুৰ্নীতি । চপাৰে চপৰে খহিল দলংৰ দুয়োটা মূৰ ।
বাৰিষা অহাৰ লগে লগে ফেনে ফোটোকাৰে বাঢ়ি আহিছে ৰাজ্যৰ নৈ-উপনৈ সমূহ ।সেই সময়তে ৰঙিয়াৰ নিকটৱৰ্তী মধুকুচিত পুঠিমাৰী নদীৰ ওপৰত থকা এখন দলঙৰ দুয়োটা মূৰ ভয়ংকৰ ভাবে খহি যোৱা পৰিলক্ষিত হৈছে ।নদীৰ পানী কিছু ওপৰলৈ উঠি অহাৰ লগে লগে দলং খনৰ দুয়ো মূৰে শিলৰ যি বান্ধ দিয়া আছিল সেই বান্ধ বৃহৎ বৃহৎ ফাট মেলি খহি পৰিছে ।কেবাকৌটি টকাৰ চৰকাৰী ধন শৰাধ কৰি নিৰ্মান কৰি উলিওৱা দলং খনৰ দুয়োটা মূৰ অতি নিম্ন মানৰ কামেৰে নিজৰ দায়িত্ব সামৰি বৃহৎ পৰিমাণৰ ধন সৰকাই লৈ যায় প্ৰভু আগৰৱাল নামৰ ঠিকাদাৰ জনে ।
স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি প্ৰথমতে প্ৰায় 22কোটি টকা তাৰ পিছত 42 কোটি টকা আৱন্তন দিয়া হৈছিল এই দলং খনৰ নামত । ৰাইজে অভিযোগ কৰি কয় যে প্ৰভু আগৰৱাল নামৰ ঠিকাদাৰ জনে নিজৰ ময়মতালিৰে কাম কৰি গৈছিল ৰাইজে বহু বাৰ অভিযোগ দিয়াৰ পিছতো তেওঁ কানসাৰ দিয়া নাছিল । আনহাতে দলং খনৰ দুয়োটা মূৰ যথেষ্ট থিয়কৈ নিৰ্মাণ কৰি থৈছে যাৰ ফলত এখন ৰিক্সা বা সাধাৰণ চাইকেল আৰোহি এজনে পাৰ হʼব লাগিলে অন্য মানুহৰ সহায় অবিহনে পাৰ হʼব নোৱাৰে ,লগতে দুয়োটা মূৰত যি Approach আছে তাত গাৰ্ড ৱাল দিয়াৰ আশ্বাস দিছিল বিভাগীয় অভিযন্তাই কিন্তু সেইয়া ও আজিলৈকে হৈ নুঠিল । বাৰিষাৰ আৰম্ভনিতে এইদৰে দলংখনৰ দুয়োটা মূৰ সহি যোৱাৰ ফলত চিন্তিত হৈ পৰিছে গাঁও বাসী সকল,কিয়নো আগন্তুক সময়ত এই গৰাসহনীয়াৰ ফলত কাষতে থকা মথাউৰী ভাঙি যিকোনোমুহুৰ্ততে বৃহত্তৰ অঞ্চলটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে । প্ৰশ্ন হয় যিসময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভাগীয় মন্ত্ৰী পিযুশ হাজৰিকাক ৰাজ্যৰ প্ৰতিটো মথাউৰী তদাৰক কৰিবলৈ নিৰ্দেশ দিছে, সেই সময়ত ৰঙিয়াৰ এই দলংখন অথবা মথাউৰীটোৰ ক্ষেত্ৰত কিয় একো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই? ইয়াকেলৈ ৰাইজ ক্ষোভিত হৈছে ।
এমাহঁতে পিতৃ মাতৃক হেৰুৱাই একপ্ৰকাৰৰ নিথৰুৱা হৈ পৰিছে ছিপাঝাৰৰ এটা পৰিয়ালৰ তিনিগৰাকীকৈ কন্যা সন্তান।
দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত কুৰুৱাৰ এটা পৰিয়াল আজি নিথৰুৱা। এমাহঁতে পিতৃ মাতৃক হেৰুৱাই একপ্ৰকাৰৰ নিথৰুৱা হৈ পৰিছে তিনিগৰাকীকৈ কন্যা সন্তান। ছিপাঝাৰৰ ওপৰ কুৰুৱা গাঁৱৰ নিবাসী তথা পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী দিপালি দাসে ১২ মেত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। ইয়াৰ পিছতে কোভিদ মুক্ত হৈ ঘৰলৈ উভতি অহা দিপালি দাসৰ স্বামী নেপুৰ দাস কিছুদিন পিছত পুনৰ অসুস্থ হয়। আৰু গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও কিছুদিন পিছত তেখেতৰ মৃত্যু হয়। যাৰ ফলত এতিয়া দিশহাৰা হৈ পৰিছে পৰিয়ালৰ বৰ্তমানৰ নিবেদিতা দাস বনশ্ৰী দাস আৰু দর্শনা দাস নামৰ তিনি কন্যা সন্তান। পৰিয়ালৰ লোকে জানিব দিয়ামতে পিতৃ বোৰ্ড অফ চেকেণ্ডেৰী ত কাম কৰিছিল যিহেতু মেট্ৰিক পৰীক্ষা আহি আছে তাৰ কাৰণে পৰীক্ষাৰ বহি বিতৰণ কৰিবলৈ অন্য জিলালৈ গৈছিল তাতে তেওঁ কোৰানত আক্ৰান্ত হৈছিল। ঘৰলৈ অহাত সামান্য জ্বৰ কাহ হোৱাত GMCH ত ভৰ্তি কৰে। তাৰ পিছত আৰু অলপ স্বাস্থ্য ৰ অৱনতি ঘটে আৰু ডক্তৰে cvr lunch infection বুলি কয়। তাৰ পিছত দিছপুৰ পলি ক্লিনিক ৭ দিনমান চিকিৎসা কৰাৰ ফলত কৰুণা নেগতিভে হৈ ঘৰলৈ আহে। ঘৰত যিহেতু তিনিগৰাকী কন্যা সন্তান সেইকাৰণে দেউতাকৰ লগত লাগি আছিল । ইফালে মাকৰ জ্বৰ কাহ হৈছিল । চৰকাৰী হস্পিতালত ৰেপিড টেষ্ট কৰাত কভিড ৰিপোৰ্ট নেগতিভে আহিছিল সেইকাৰণে কোনো চিন্তা কৰা নাছিল। দেউতাক ঘৰলৈ অহাৰ কেইদিনমান পিছত মাকৰ মৃত্যু হয়। তাৰ কিছুদিন পিছত দেউতাকৰ lunch infection আৰু অক্সিজেন কম হোৱাৰ ফলত দেউতাকৰ মৃত্যু হয়। মাত্ৰ ২৩ দিনৰ ভিতৰত দুয়োৰে মৃত্যু হোৱাত এতিয়া নিথৰোৱা হৈ পৰিছে তিনি গৰাকী কৈ কন্যা। ৰাজ্য চৰকাৰলৈ এই তিনি গৰাকী কন্যা সন্তানে কাতৰ অনুৰোধ কৰিছে যাতে যোগ্য অনুযায়ী যি কোনো এজনক সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে।
তিৱা স্বায়ত্ব পৰিষদৰ এলেকাত মাক্স, চেনিটাইজাৰ আৰু সজাগতামূলক গোহাৰি পত্ৰ বিতৰণ
তিৱা স্বায়ত্ব পৰিষদৰ সিদ্ধান্ত মৰ্মে প্ৰতিটো তিৱা পৰিষদীয় সমষ্টিত প্ৰথম পৰ্যায়ত বিতৰণ কৰিবলগীয়া মাক্স,চেনিটাইজাৰ আৰু সজাগতামূলক গোহাৰি পত্ৰ ইতিমধ্যে দিবলৈ আৰম্ভ কৰিছে। বুধবাৰ 9 নং দমাল পৰিষদীয় সমষ্টিৰ সদস্য তথা প্রাক্তন মুখ্যকায্যবাহী সদস্য পৱন মান্তাই,গুনামৰা, বুঢ়াগাওঁ,মৰাকলং আদি গাঁৱলৈ গৈ প্ৰায় ছয় হাজাৰ লোকক ক’ভিড প্ৰট’কল বিধিৰ নিয়মানুসাৰে মাক্স, চেনিটাইজাৰ আৰু সজাগতামূলক গোহাৰি পত্ৰ বিতৰণ কৰে। এইক্ষেত্ৰত তেখেতক সহযোগীতা আগবঢ়ায় গুনামৰা ৰাইজৰ লগতে দলীয় কৰ্মীসকলে।










