ৰহাত ক্ৰমাৎ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ৰহা সমষ্টিত ইতিমধ্যে মিত্ৰজোঁট আৰু মহাজোঁটে ব্যাপক প্ৰচাৰ চলাই আছে যদিও প্ৰচাৰৰ ক্ষেত্ৰত আগবাঢ়ি আছে মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী বিষ্ণু দাস। ইতিমধ্যে ৰহালৈ মিত্ৰজোঁটৰ হাইপ্ৰফাইল নেতাৰ আগমন ঘটিবলৈ আৰম্ভ কৰিছে। যোৱা ১৮ মাৰ্চত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰহাত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিচত অহা ২৬ মাৰ্চত ৰহালৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ নিৰ্বাচনী প্ৰচাৰৰ তদাৰক কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই আৰু ৰহাত মিত্ৰজোঁটৰ জয় নিশ্চিত বুলি কয়। মহাজোঁটৰ কোনো কাম নাই বুলি মন্তব্য কৰি পীযুষ হাজৰিকাই মিত্ৰজোঁটলৈ হিলদল ভাঙি মানুহ আহিছে বুলি দাবী কৰে।
‘মই ৰাজনীতিবিদ হ’ব নিবিচাৰো’- অভিনেত্ৰী কংগনা ৰানাৱাত !
ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেত্ৰীগৰাকীয়ে মঙবাৰে নিশা মুক্তি পাবলগীয়া ছবি ‘থাইলেণ্ডিভি’ৰ ট্ৰেলাৰ মুকলি অনুষ্ঠানত কয় -যদি মই দেশ, জাতীয়তাবাদ , কৃষক অথবা কৃষি আইনৰ বিষয়ে কও আৰু প্ৰভাৱিত হওঁ তেতিয়াহ’লে মোক ক’ব যে মই এগৰাকী ৰজনীতিবিদ।

কিন্তু মই সেইটৈ হ’ব নিবিচাৰো। মই এগৰাকী সাধাৰণ নাগৰিক আৰু সাধাৰণ নাগৰিক হিচাপেহে মই মোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছো। ৰাজনীতিৰ স’তে মোৰ কোনো সম্পৰ্ক নাই।
বকোত কোনে পিন্ধিব বিজয়ৰ মুকুট, কংগ্ৰেছ, অগপ আৰু তৃণমূল কংগ্ৰেছৰ মাজত ত্ৰিকোণীয়া যুজ
অহা ৬ এপ্ৰিলত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হবলগীয়া অসম বিধান সভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। এনে অৱস্থাত ৰাজ্যৰ বিভিন্ন সমষ্টিৰ লগতে ৪৮ নং বকো বিধান সভা সমষ্টিতো তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ টঙালি বান্ধি প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে প্ৰতিটো ৰাজনৈতিক দলে। মহাজোঁটৰ কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসৰ সমান্তৰালকৈ মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাস আৰু তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী গোপীনাথ দাসেও ভোটাৰ ৰাইজৰ মন আকৰ্ষণ কৰিবলৈ সমষ্টিটো বিভিন্ন ঠাইত সভা সমিতি পাতি নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে। ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাস বহু ভোটৰ ব্যৱধানত জয়ী হৈছিল যদিও এইবাৰৰ বিধান সভা নিৰ্বাচনত ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি দেখা গৈছে। উন্নয়নৰ শ্ল’গান দি নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিধায়িকা নন্দিতা দাসৰ বিৰুদ্ধে বিগত পাঁচটা বছৰৰ বিধায়ক পুজিৰ ধন ব্যয়ৰ নামত দুৰ্নীতি-অনিয়ম সংঘটিত কৰাৰ লগতে আছে একাধিক অভিযোগ। বিধায়িকা নন্দিতা দাসৰ আত্ম অহংকাৰ, পুৰণা কংগ্ৰেছ কৰ্মীক গুৰুত্ব প্ৰদান নকৰা, সমষ্টিৰ বিভিন্ন উন্নয়নমূলক কাম কাজ কৰাৰ বাবে কমিছন খোৱা আদিৰ বাবেই বহু নিষ্ঠাবান কংগ্ৰেছ কৰ্মীয়ে বিধায়িকা গৰাকীৰ প্ৰতি ক্ষোভিত হৈ খোলাখুলিকৈ কংগ্ৰেছত ভোট নিদিয়াৰ হুংকাৰ প্ৰদান কৰাৰ পৰিলক্ষিত হৈছে। যিসকল কংগ্ৰেছ কৰ্মীয়ে দেহেকেহে খাটি নন্দিতা দাসক বিধায়িকা হিচাপে নিৰ্বাচিত কৰিছিল পৰৱৰ্তী সময়ত সেই সকলৰ বহুতকে একাষৰীয়া কৰি চৰম অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতা কৰ্মী সকলে। মুঠতে কব পাৰি যে এইবাৰ নন্দিতা দাসৰ পথ সুগম নহয়। কিয়নো সমষ্টিত দলীয় বিসম্বাদত সম্প্ৰতি জৰ্জৰিত কংগ্ৰেছ দল। নগৰবেৰাৰ কংগ্ৰেছী জিলা পৰিষদৰ সদস্যা হিমাদ্ৰী পাঠকৰ কংগ্ৰেছ ত্যাগেও প্ৰভাৱ পৰিব সমষ্টিৰ ৰাজনীতিত। ইপিনে ২১ ৰ বিধান সভা নিৰ্বাচনৰ শক্তিশালী প্ৰাৰ্থী অগপৰ জ্যোতিপ্ৰসাদ দাস। সমষ্টিৰ দুবাৰৰ বিধায়ক জ্যোতিপ্ৰসাদ দাস শাসনাধিষ্ঠিত মিত্ৰজোঁটৰ প্ৰাৰ্থী হোৱাৰ ওপৰি এজন নিকা ভাৱমূৰ্তি আৰু সহজ সৰল ব্যক্তিত্বৰ ব্যক্তি হিচাপে ৰাইজৰ মাজত চৰ্চালৈ আহিছে। অগপ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসেও বৰ্তমানৰ বিধায়িকা নন্দিতা দাসৰ সমান্তৰালকৈ নিৰ্বাচনী বৈতৰণী পাৰ হবলৈ দিনে নিশাই প্ৰচাৰ কাৰ্য অব্যাহত ৰখা পৰিলক্ষিত হৈছে। সমষ্টিটোত এইবাৰ কংগ্ৰেছৰ নন্দিতা দাস আৰু অগপ দলৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাস দুয়োজন প্ৰাৰ্থীৰ মুৰৰ কামোৰণি হৈ পৰিছে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী গোপীনাথ দাস। চাৰিবাৰৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ও সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলটিৰ ৰাজ্যিক সভাপতি এইবাৰ তৃণমূল কংগ্ৰেছৰ টিকটত নিৰ্বাচনত অৱতীৰ্ণ হৈ সমষ্টিটোত কৰ্মী সমৰ্থকক লৈ মাৰাথন নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। এনে পৰিস্থিতিত আজিও ধুসৰ হৈয়েই আছে বকো সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট।
পলাশবাৰী মণিয়েৰী তিনিয়ালীৰ ৰেল গেটৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰ
পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মণিয়েৰী তিনিআলী ৰেলগেটৰ নিচেই কাষত যোৱা ২৩ মাৰ্চত ৰাতিপুৱা ৭.৩০ মান বজাত উদ্ধাৰ হয় এটা অচিনাক্ত যুৱকৰ মৃতদেহ। নীলা ৰঙৰ টেকচুট পেন পৰিধান কৰা, গা ৰ বৰণ বগা, ৫ ফুট ৫ ইঞ্চি উচ্চতাৰ (ক্ষীণ) মৃতদেহটো স্থানীয় একাংশ লোকে প্ৰত্যক্ষ কৰি পলাশবাৰী আৰক্ষী থানাত খবৰ দিয়ে। ঘটনাস্থলীত পলাশবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ আহে। মৃত যুৱকজনৰ বসয় প্ৰায় ৩৫ বছৰ হ’ব বুলি আৰক্ষীয়ে ধাৰণা কৰিছে। মুৰৰ পিছফালে আৰু সোঁহাতত আঘাতৰ চিন থকা মৃতদেহটো পিছত আৰক্ষীয়ে মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰি চিনাক্তৰ বাবে জিএমচিএইচৰ মৰ্গত ৰখা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
৩০ এপ্ৰিললৈকে ভাৰতত স্থগিত থাকিব ইণ্ট’১ বিমান সেৱা
বিশ্বৰ বিভিন্ন প্ৰান্তত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত অসামৰিক বিমান পৰিবহণ সঞ্চালকে বণিজ্যিক, আন্তৰ্জাতিক বিমান চলাচলৰ স্থগিতাদেশৰ ম্যাদ ৩০ এপ্ৰিললৈকে বৃদ্ধি কৰিছে ।
নিৰ্বাচনী বতৰত মাজবাটত গাঁবে গাঁবে : খণ্ড খণ্ডকৈ দেখিবলৈ পোৱা গৈছে বিজেপি মহিলা দলৰ তীব্ৰতৰ প্ৰচাৰ কাৰ্য্য
নিৰ্বাচনৰ দিন যিমানেই কাষ চাপি আহিছে সিমানেও ব্যস্ত হোৱা দেখা পোৱা গৈছে বিভিন্ন দলৰ নেতা কাৰ্যকৰ্তাৰ মাজত । সমগ্ৰ অসমত নিৰ্বাচনী কুচ কাৱাজ চলি থকা সময়তে মাজবাটত দেখিবলৈ পোৱা গৈছে এক বিৰল দৃশ্য । মাজবাট বিধানসভা সমষ্টিৰ প্ৰায় বোৰ গাঁৱতে বিজেপি কাৰ্য্যকৰ্তা সকলৰ সমানেই এতিয়া শ শ সাধাৰণ মহিলাসকলে গাঁবে গাঁবে খণ্ড খণ্ডহৈ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী জিতু কিষানৰ হৈ তীব্ৰতৰ হৈ প্ৰচাৰ চলাই ফুৰাৰ লগতে হাতে হাতে বিজেপি দলৰ বেনাৰ পোষ্টাৰ লৈ প্ৰত্যেক গাঁওতে নিজে নিজে বেনাৰ পোষ্টাৰ লগোৱাৰ কামত মহিলা সকলে নিজকে নিয়োগ কৰা দেখা পোৱা গৈছে । মাজবাটত এইদৰে সৰহ সংখ্যক লোকে বিজেপি দলৰ হৈ প্ৰচাৰ কৰি ফুৰা ঘটনাক লৈ সহজতে অনুমান কৰিব পাৰি যে নিঃসন্দেহে বিজেপি প্ৰাৰ্থী জিতু কিষাণৰ লগত বিৰোধীয়ে মোকবিলা কৰাটো ইমান সহজ সাধ্য নহব ।
বহু বছৰ ধৰি মাজবাটৰ বিজেপি ভেটি শক্তিশালী কৰাত যথেষ্ট কষ্ট কৰি অহা যুৱ নেতা সক্ৰিয় বিজেপি কৰ্মী তথা প্ৰাক্তন মাজবাট মণ্ডল যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি কিশোৰ শৰ্মাই জানিব পৰা মতে বিজেপিৰ লগত বৰ্তমান ৰাইজ আছে ৰাইজে বিজেপি চৰকাৰে কৰা উন্নয়ন দেখিছে । বিজেপি চৰকাৰে আমাৰ বিপদকালীন অৱস্থাত কৰনাৰ দৰে মহামাৰীৰ সময়তো অসম বাসী ৰাইজক যথা সম্ভৱ সকাহ দিয়াৰ চেষ্টা কৰিছে । তাতে ৰাইজ সন্তুষ্ট ৰাইজে বিজেপি চৰকাৰ অহাৰ পৰা বিশেষকৈ BTR বাসী ৰাইজ শান্তিত আছে আজিৰ দিনত ৰাতি বাৰ বজাতো নিজৰ সূচী মতে ঘূৰি ফুৰিলেও কোনো শুধোতা নাই । আৰু আগৰ কংগ্ৰেছৰ দিনত সন্ধিয়া ছয় বজাৰ লগে লগে ঘৰ সুমাব লগীয়া অৱস্থা আছিল । লগতে কিশোৰ শৰ্মাই কয় যে মাজবাট বাসী ৰাইজে যিহেতু জীৱনত প্ৰথম বাৰ বিজেপি দলৰ বিধায়ক এজন জয় কৰোৱাৰ এই সুবৰ্ণ সুযোগ ৰাইজে পাইছে আৰু এই সুযোগ ৰাইজে কেতিয়াও নেহেৰুৱাই ৰাইজে বিজেপি প্ৰাৰ্থী জিতু কিষানক মাজবাটৰ বিধায়ক হিচাপে বাচি লোৱাৰ সিদ্ধান্ত ইতিমধ্যেই লৈ পেলাইছে ৷ইয়াত কোনো মহা-গঠবন্ধনৰ প্ৰভাৱ নপৰে বুলি মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।
লাৰা দত্ত সঞ্জুকতা দত্তৰ বাবে শ্ব’ষ্টপাৰ হৈ পৰিছে
প্ৰাক্তন মিছ ইউনিভাৰ্ছ আৰু বলিউড অভিনেত্ৰী লাৰা দত্ত ভূপতিয়ে লাকমে ফেশ্বন সপ্তাহ ২০২১ ত এচ অসমীয়া ফেশ্বন ডিজাইনাৰ সঞ্জুকতা দত্তৰ দ্বাৰা ডিজাইন কৰা মেখেলা চাদৰ পিন্ধি খোলা ৰেম্পত খোজ কাঢ়ে।
অবড়োৰ বিৰুদ্ধে অপ-প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ অবড়ো সুৰক্ষা সমিতিৰ আহ্বান
সমাগত বিধান সভা নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলৰ মাজত বোকা ছটিওৱাৰ ৰাজনীতি আৰম্ভ হোৱাৰ সমান্তৰালকৈ অবড়ো ৰাজনৈতিক দলৰ প্ৰতিও বোকা ছটিওৱা আৰম্ভ হোৱা দৃষ্টি গোচৰ হোৱাত আজি তামুলপুৰ জিলা অবড়ো সুৰক্ষা সমিতিৰ সভাপতি দুলাল পাটোৱাৰীয়ে সংবাদ মাধ্যমৰ আগত উদ্বেগ প্ৰকাশ কৰিছে। সভাপতি গৰাকীয়ে আজি সাংবাদিকক জনোৱা মতে অলপতে গণ সুৰক্ষা পাৰ্টিৰ কেইজন মান অচিনাকি লোকে সংবাদ মেল সম্বোধন কৰি “অবড়ো সুৰক্ষা সমিতি, অসমৰ সভাপতি ললিত হেমৰম আৰু সাধাৰণ সম্পাদক মাধৱ ৰাজবংশীয়ে সংগঠনৰ পৰা পদত্যাগ কৰা বুলি অপ-প্ৰচাৰত লিপ্ত হোৱাটো দৃষ্টি গোচৰ হৈছে। এইকথা ষড়যন্ত্ৰ মূলক আৰু ভিত্তিহীন। কিয়নো এই পৰ্যন্ত অবড়ো সুৰক্ষা সমিতিৰ সভাপতি-সম্পাদকে পদত্যাগ কৰা নাই। গতিকে সাংসদ নৱ কুমাৰ শৰণীয়াই পদত্যাগ পত্ৰ গ্ৰহণ কৰা বুলি প্ৰচাৰ চলোৱাটোও গোকট মিছা। এনে অপ-প্ৰচাৰৰ বিৰত থাকিবলৈ তেওঁ সংশ্লিষ্ট সকলো পক্ষলৈ সকীয়াই দিয়ে। আনহাতে সমাগত বিধান সভা নিৰ্বাচনত অবড়ো সুৰক্ষা সমিতিৰ সমৰ্থিত ব্যক্তিকহে ভোটদান কৰিবলৈ তেওঁ ৰাইজলৈ আহ্বান জনায়।
প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰিব ‘কেচ দি ৰেইন’ অভিযান
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব জল দিৱসত ‘জল শক্তি অভিযান- কেচ দি ৰেইন’ অভিযান আৰম্ভ কৰিব।নদীৰ আন্তঃসংযোগৰ বাবে ৰাষ্ট্ৰীয় দৃষ্টিকোণ পৰিকল্পনাৰ প্ৰথম প্ৰকল্প কেন বেতৱা সংযোগ প্ৰকল্প ৰূপায়ণ ৰখাৰ ঐতিহাসিক বুজাবুজি চুক্তিও অনুষ্ঠানটোত উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলে স্বাক্ষৰ কৰিব।প্ৰধানমন্ত্ৰীয়ে’এক বিবৃতিত কয় যে গ্ৰাম্য আৰু নগৰ দুয়োটা অঞ্চলত সমগ্ৰ দেশত এই অভিযান আৰম্ভ কৰা হ’ব। ‘কেচ দি ৰেইন’য’ত পৰে, যেতিয়াই পৰে”।
ইয়াক ২২ মাৰ্চৰ পৰা ৩০ নৱেম্বৰলৈ ৰূপায়ণ কৰা হ’ব – দেশত মৌচুমী আৰু মৌচুমীৰ পূৰ্বৰ সময়।জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে তৃণমূল পৰ্যায়ত পানী সংৰক্ষণ কৰাৰ বাবে ইয়াক ‘জন আন্দোলন’ (ৰাজহুৱা আন্দোলন) হিচাপে আৰম্ভ কৰা হ’ব। বতৰৰ পৰিস্থিতি আৰু চাবচঅইল স্তৰৰ বাবে উপযুক্ত বৰষুণৰ পানী সংৰক্ষণ গাঁথনি সৃষ্টি কৰিবলৈ সকলো অংশীদাৰক নজৰ ৰখাৰ উদ্দেশ্য আছে, বৰষুণৰ পানীৰ সঠিক সংৰক্ষণ নিশ্চিত কৰাৰ বাবে, পিএমঅ’য়ে কয়। অনুষ্ঠানটোৰ পিছত, পানী আৰু পানী সংৰক্ষণ সম্পৰ্কীয় বিষয়বোৰ আলোচনা কৰিবলৈ প্ৰতিখন জিলাৰ সকলো গ্ৰাম পঞ্চায়ত নিৰ্বাচনমুখী ৰাজ্যৰ বাহিৰে) গ্ৰাম্য সভা অনুষ্ঠিত হ’ব। গ্ৰাম্য সভাসমূহে জল সংৰক্ষণৰ বাবে ‘জল শপত’ (শপত) ল’ব বুলি উল্লেখ কৰে।
হিমন্ত বিশ্ব শৰ্মাৰ বিশাল ৰ’ড শ্ব’
সোণাৰি সমষ্টিৰ বিজেপি আৰু ইয়াৰ মিত্ৰ দল সমূহৰ প্ৰক্ষেপিত প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে সোণাৰি লৈ আহে মন্ত্ৰী তথা নেতাৰ আহ্বায়ক ডাঃ হিমন্ত বিশ্ব শৰ্মা । দিনৰ প্ৰায় ১ বজাত সোণাৰি ৰাজহুৱা খেলপথাৰত হেলিকপ্টাৰ যোগে আহি উপস্থিত হোৱাৰ পিছত মন্ত্ৰী গৰাকীয়ে এক বিশাল ৰ’ড শ্ব’ত অংশগ্ৰহণ কৰে । এখন বিলাসী বাহনত উঠি বিজেপি দলৰ ষ্টাৰ কেম্পেইনাৰ গৰাকীয়ে সোণাৰি নগৰৰ মূল পথ ধোদৰ আলিয়েদি উলিওৱা এক বিশাল ৰ’ড শ্ব’ত ভাগ লয় । যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, বিধায়িকা নৱনিতা সন্দিকৈ, বিজেপি প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ সৈতে নগৰ খনৰ মাজেদি প্ৰায় ১ কিলোমিটাৰ ৰ’ড শ্ব’ত ভাগ লৈ মহাপ্ৰতাপী মন্ত্ৰী গৰাকীয়ে স্থানীয় ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উপস্থিত হৈ তাত অনুষ্ঠিত হোৱা এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ভাষণ দিয়ে । সভাত প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ উপৰিও সাংসদ তপন কুমাৰ গগৈয়ে ভাষণ দিয়ে ।










