Home Blog Page 2999

মালিবাৰীত টেম্পো ভৰ্তি চোৰাং পেট্ৰল জব্দ

কামৰূপ জিলাৰ বকো সমষ্টিৰ মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত মালিবাৰীত যোৱা নিশা টেম্পো ভৰ্ত্তি চোৰাং পেট্ৰল জব্দ কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে নিশা প্ৰায় ১০ মান বজাত এছ১৮এচি০৯৯২ নম্বৰৰ পেট্ৰল ভৰ্তি টেম্পো এখন মালিবাৰী বজাৰত উপস্তিত হয় ৷ মালিবাৰী সংখ্যালঘু ছাত্ৰ সন্থাই গোপন সুত্ৰৰ পম খেদি টেম্পোখন জব্দ কৰে ৷ প্ৰায় লক্ষাধিক টকাৰ চোৰাং বৃহৎ পেট্ৰলখিনি ইয়াৰে শিমলীতোলাৰ পৰা আহিছিল ৷ পিছত জব্দকৃত টেম্পপো ভৰ্তি পেট্ৰলখিন মন্দিৰা আৰক্ষী চকীত গতাই দিয়ে ৷ইপিনে আঞ্চলটোত দীৰ্ঘদিনৰ পৰা অব্যাহত থকা চোৰাং পেট্ৰলৰ লগতে আন আন চোৰাং সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনক ব্যৱস্থা গ্ৰহনৰ দাবী জনায় ৷

গোলাঘাট বিধান সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু ২৮৮ টা ভোটগ্ৰহণ কেন্দ্ৰ

কাইলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । নিৰ্বাচনৰ বাবে সাজু গোলাঘাট জিলা প্ৰশাসন ।ইতিমধ্যে নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে প্ৰিজাইডিং অফিচাৰ , পুলিং অফিচাৰ সকল । গোলাঘাটৰ আবাসিক ছোৱালী পলিটেকনিকৰ পৰা যাত্ৰা আৰম্ভ নিৰ্বাচনৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰী সকল । গোলাঘাট বিধান সভা সমষ্টিৰ মুঠ  ২৮৮ টা ভোট কেন্দ্ৰত ৩১৭গৰাকী প্ৰিজাইডিং অফিচাৰ ৯৫১গৰাকী পুলিং অফিচাৰ হ’ব ৰাওনা । সমষ্টিটোৰ মুঠ  ২লাখ ২হাজাৰ ১৪২গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোট । ঠিক সেইদৰে খুমটাই বিধান সভা সমষ্টিৰ মুঠ ১৯৮ টা ভোট কেন্দ্ৰলৈ ২১৯গৰাকী প্ৰিজাইডিং অফিচাৰ ৬৫৭গৰাকী পুলিং অফিচাৰ ৰাওনা । সমষ্টিটোৰ ১লাখ ৩৮ হাজাৰ ০৮৯ গৰাকী ভোটাৰে কাইলৈ কৰিব ভোটদান ।

ৰঙিয়াত ব্যপক প্ৰচাৰ মন্ত্ৰী ভবেশ কলিতাৰ

৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী তথা মন্ত্ৰী ভবেশ কলিতাই সমষ্টিটোৰ ইমূৰৰ পৰা সিমুৰলৈ গাৱে-ভূঞে ব্যপক নিৰ্বাচনী প্ৰচাৰ অব্যহত ৰাখিছে। নিৰ্বাচনী সভাত অংশলৈ বিজেপিয়ে আলী কুলিৰ ৰাজনীতি নকৰে বুলি সদম্ভে ঘোষণা কৰে মন্ত্ৰী কলিতাই। চবকা চাথ-চবকা বিকাশেই বিজেপিৰ মূলমন্ত্ৰ । ইয়াত কোনো ধৰ্ম অথবা জাত পাতৰ কথা নাই। ৫৭ নং ৰঙিয়া সমষ্টিৰ মুছলমান প্ৰধান এলেকা উদিয়ানাত উপস্থিত হৈ মন্ত্ৰী কলিতাই ১৫৭ ঘৰ মানুহক ভুমিপট্টা প্ৰদান কৰাৰ কথা জনাই। আনহাতে মন্ত্ৰী গৰাকীয়ে ৰাইজক উদ্দেশ্যি মুছলমান লোকসকলক কোনোবা দিনা আজান বন্ধ কৰাৰ কথা কোৱা হৈছে নেকি, কোনো গৰীৱ মহিলাই চাউল পোৱা নাই নেকি,মুছলমান ছাত্ৰীয়ে স্কুটি পোৱা নাই নেকি বুলিও প্ৰশ্ন কৰে। তেও কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ প্ৰতীক চিহ্নক কটাক্ষ কৰি কয় যে যদিহে এই দল শাসনলৈ আহে ” কাঁচিৰে কাটি হাতুৰিৰে মূৰত কোবাই মাৰিব” ইয়াৰ বিপৰীতে বিজেপিৰ প্ৰতিক ফুল কিমান ধুনিয়া, গতিকে এই ফুলে কাৰো ক্ষতি নকৰে বুলি কোৱা দেখা যায়। ইয়াৰোপৰী সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেখেতৰ প্ৰতিদণ্ডী কোনোৱেই নাই বুলিও মন্তব্য কৰে। প্ৰতিদিনেই বিশ ত্ৰিশখনকৈ সভাত অংশ গ্ৰহণ কৰি কলিতাই ব্যপক নিৰ্বাচনী প্ৰচাৰ অব্যহত ৰাখিছে। এইবাৰ লক্ষণীয়ভাৱে ৰঙিয়া সমষ্টিৰ বিভিন্ন সংখ্যলঘু অধ্যুষিত অঞ্চলৰ লোকসকল বিজেপিলৈ ঢাপলি মেলা কথাই বিৰোধী শিৱিৰত কপনি তুলিছে ।

সাংবাদিক, লেখক অনিল ধাৰ্কাৰৰ ৭৪ বছৰ বয়সত মৃত্যু

সাংবাদিক, লেখক অনিল ধাৰ্কাৰৰ ৭৪ বছৰ বয়সত মৃত্যু । মুম্বাই আনতৰজাতিক সাহিত্য উৎসৱৰ প্ৰতিষ্ঠাপক আৰু পৰিচালকৰ লগতে টাটা সাহিত্য লাইভৰ সৈতে জড়িত ধৰ্কাৰ কাৰ্ডিয়াকৰ সমস্যাত বহুদিন যুঁজি আছিল।

প্লধানমন্ত্ৰী মোদীৰ বিশেষ ভ্ৰমণ : শ্বেখ হাছিনাৰ মোদীক স্বাগতম ঢাকা বিমানবন্দৰত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয় শুকুৰবাৰে মুজিব বৰশ্বো আৰু ৰাষ্ট্ৰীয় দিৱসত অংশগ্ৰহণৰ বাবে গৈ ঢাকা বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ফুলৰ তোৰাৰে আদৰণি জনায় ।

বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক বাংলাদেশ চৰকাৰে গাৰ্ড অৱ অনাৰ জনোৱা হয় । প্ৰধানমন্ত্ৰী মোদীয়ে ১৯৭১ চনত পাণ হেৰুওৱা ৰাষ্ট্ৰীয় শ্বহীদ স্মৃতিসৌধত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহন কৰে ।

বাংলাদেশৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মমিনে আবেলি ৩-১৫ বজাত প্ৰধানমন্ত্ৰী মোদীক সাক্ষৎ কৰিব । পিছত তেওঁ ৰাষ্ট্ৰীয় আবেলি ৩.৪৫ বজাত বাপু বংগবন্দ্বু ডিজিটেল ভিডিঅ’ প্ৰদৰ্শনী উদ্বোধন খৰিব । প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভ্ৰমণকালত বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদক সাক্ষাৎ কৰিব। তেওঁ হাছিনাৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাতো মিলিত হ’ব।COVID-19 মহামাৰীৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ এয় প্ৰথম বিদেশ ভ্ৰমণ।

দেৰগাঁৱৰ উপকন্ঠ ইপৰীয়াত মৃতদেহ উদ্ধাৰ : হত্যা কৰি পেলাই থোৱাৰ সন্দেহ

দেৰগাঁৱৰ উপকন্ঠ ইপৰীয়াত আজি পুৱা এটি মৃতদেহ উদ্ধাৰ হয় ।স্থানীয় ৰাইজে পুৱা পথৰ দাতিত পৰি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে ।চকু, ডিঙিৰ লগতে শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ স্পষ্ট চিন থকালৈ চাই কোনোবাই হত্যা কৰি পেলাই থোৱা যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। মৃতব্যক্তি জন ওপৰ গৰুমৰা গাঁৱৰ দিলীপ চন্দ্ৰ বৰা বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে। দিলীপ চন্দ্ৰ বৰাআভ্যন্তৰীণ জলসিঞ্চন বিভাগৰ চিকাৰী ঘাটৰ কৰ্মচাৰী আছিল। পৰি‌য়ালৰ সুত্ৰৰ পৰা জানিব পৰা মতে মৃত দিলীপ বৃহস্পতিবাৰে সন্ধিয়া বাইক লৈ এজনৰ বন্ধু ঘৰলৈ ওলাই গৈছিল।  ব্যক্তি জনৰ বাইক খন বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই। ইতিিমধ্যে ঘটনাস্থলীত পুলিবৰ থানাৰ আৰক্ষী উপস্থিত হৈ তদন্ত  প্ৰক্ৰিয়া আৰম্ভ কৰিছে।নিৰ্বাচনৰ আগদিনা সংঘটিত হোৱা এই হত্যা কাণ্ডৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

হােজাই নির্বাচনী জিলাত ড্রাই দে ঘােষণা

সমাগত অসম বিধানসভা নির্বাচন-২০২১ হােজাই নির্বাচনী জিলাত স্বচ্ছ, নিৰপেক্ষ আৰু শান্তিপূর্ণভাবে অনুষ্ঠিত কৰাৰ প্রতি লক্ষ্য ৰাখি হােজাই জিলাৰ জিলা দণ্ডাধীশে এক আদেশযােগে সমগ্র হােজাই জিলাতে প্রযােজ্য হােৱাকৈ ৩০ মার্চৰ সন্ধিয়া ৬.০০ বজাৰ পৰা ০১ এপ্রিল, ২০২১-ৰ সন্ধিয়া ৬ বজালৈ আৰু অহা ইংৰাজী ০২ মে, ২০২১ তাৰিখে নির্ধাৰিত ভােট গণনাৰ দিনটোত ভােট গণনা প্রক্রিয়া সমাপ্ত নােহােৱা পর্যন্ত ড্রাই দে ঘােষণা কৰিছে ৷ এই সময়ছােৱাত সকলাে সুৰাৰ বিপনী, সুৰাৰ পণ্যাগাৰ আৰু দেশীয় সুৰা বিপনী বন্ধ থাকিব ৷ তৰােপৰিও এই সময়ছােৱাত কোনাে ব্যক্তিয়েও সুৰা মজুত ৰাখিব নােৱাৰিব ৷ এই নির্দেশ উলংঘা কৰিলে অসম আবকাৰী আইন আৰু নির্বাচন বিধিৰ ১৩৫ (চি) ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হব বুলি হোজাই মহকুমা তথ্য আৰু জনসংযোগ বিষয়া নিৰা ৰয়ে এক প্ৰেছ বিবৃতিত উল্লেখ কৰে ৷

৫০হাজাৰ টকাৰ অধিক টকা যান বাহনত নিদিবলৈ আহ্বান

ওদালগুৰি জিলা নিৰ্বাচনী বিষয়াই ৬৪ নং পানেৰী, ৬৯ নং ওদালগুৰি (অঃসুঃজঃজাঃ) আৰু ৭০নং  মাজবাট জিলাৰ তিনি বিধানসভা সমষ্টিৰ সাধাৰণ জনতা তথা ভোটাৰ সকলক আহ্বান জনাইছে যে, ভাৰতীয় নিৰ্বাচন আয়োগে অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষনা কৰাৰ লগতে নিৰ্বাচনী আচৰন বিধি ২৬ ফেব্ৰুৱাৰীৰ পৰা জাৰি কৰিছে। সেয়েহে জিলা নিৰ্বাচনী বিষয়াই সকলো সাধাৰন জনতাক আহ্বান জনাইছে যে সকলোৱে জিলা নিৰ্বাচন প্ৰস্তুতিত সম্পুৰ্ণ সহয়োগ কৰি প্ৰযোজ্য হৈ থকা নিয়ম আৰু বিধি মানি, নৈতিক ভোটদানৰ জৰিয়তে আগন্তক নিৰ্বাচন স্বচ্ছ আৰু নিকা ৰূপে পালন কৰাত সহায় কৰিবলৈ আহ্বান জনায়। অবৈধ টকা-পইচা, সুৰা ইত্যাদিত দৃষ্টি দিবলৈ ফ্লাইং স্কোৱাদ আৰু ষ্টাটিক চাৰভাইবেল টীম  ইতিমধ্যে জিলাখনত সক্ৰিয় হৈছে । সেয়েহে নাগৰিক সকলক যথাবিহিত তথ্য নথকাকৈ লগত অত্যাধিক নগদ ধন লৈ নুফুৰিবলৈ আহ্বান জনোৱা হল। যান-বাহন সমূহত নিয়মীয়া পৰিদৰ্শন কৰি থকা হৈছে, যদিহে পৰিদৰ্শনত এখন গাড়ীত ৫০,০০০ টকাতকৈ অধিক টকা তথা বেনাৰ, নিৰ্বাচনী সামগ্ৰী, ড্ৰাগছ, সুৰা, মাৰানস্ত্ৰ আৰু ১০,০০০ টকাতকৈ অধিক মূল্যৰ উপহাৰ সামগ্ৰী লৈ ভোটাৰক প্ৰলোভন তথা আন অবৈধ কামৰ বাবে ব্যবহাৰ কৰিব পৰাৰ সম্ভাৱনা থকা সকলো বস্তু কোনো প্ৰতিনিধি, তেওঁৰ এজেন্ট, ৰাজনৈতিক দলৰ কৰ্মী ইত্যাদিৰ বাহনত পালে জব্দ কৰা হব। কোনো ব্যক্তিয়ে প্ৰলোভনেৰে ভোটাৰক বিপথে পৰিচালিত কৰিব পৰা কাৰ্য্য ভাৰতীয় দণ্ডবিধি আইনৰ অনুচ্ছেদ ১৯৩-বি ৰ মতে কাৰাদণ্ড, জৰিমনা তথা দুয়োৰে দণ্ডিত হব । ভোটাৰক উৎকোছ দিয়া আৰু গ্ৰহন কৰাৰ বিৰূদ্ধে গোচৰ ৰুজু কৰিবলৈ আৰু ভোটাৰক ভয় খুৱাবলৈ বিচৰাৰ বিৰূদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ফ্লাইং স্কুৱাড। গঠন কৰা হৈছে। সেয়েহে জনসাধাৰনক আহ্বান জনোৱা হয় যে উৎকোচ লোৱা আৰু দিয়া কাৰ্য্যৰ পৰা বিৰত থকাৰ লগতে নিৰ্বাচন সংক্ৰান্তীয় সকলো অভিযোগ যি ভোটাৰক বিপথে পৰিচালিত কৰিব পাৰে তাৰ বাবে  গোচৰ  ০৩৭১১-১৯৫০ ত দিব পাৰিব বুলি উল্লেখ কৰে।

এটা অপৰাধৰ পৰা মুক্তি পোৱা অভিযুক্ত লোকসকলক ব্যক্তিগত জামিনত মুকলি কৰি দিব পাৰে- গুৱাহাটী উচ্চ ন্যায়ালয়

জামিনত থকা অপৰাধৰ পৰা মুক্তি পোৱা আৰু কাৰাগাৰত থকা অভিযুক্ত লোকসকলক তেওঁলোকৰ ব্যক্তিগত জামিনত মুকলি কৰি দিয়া হ’ব পাৰে। এই কথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা বিজ্ঞপ্তিত প্ৰকাশ কৰা হয় ।

উত্তৰ কোৰিয়াই জাপানৰ সমীপৰ সাগৰত পৰীক্ষণ কৰে দুটাকৈ ব্যালিষ্টিক মিছাইল

জাপানৰ সমীপৰ সাগৰত দুটাকৈ ব্যালিষ্টিক মিছাইলৰ পৰীক্ষণ কৰে উত্তৰ কোৰিয়াই । জাপানৰ প্ৰধানমন্ত্ৰীয়ে বৃহস্পতিবাৰে এই কথা অৱগত কৰে। তেওঁ লগতে কয় যে, এইক্ষেত্ৰত মানুহৰ জীৱন আৰু সুৰক্ষিত কৰাৰ ক্ষেত্ৰত পৰিস্থিতি সম্পূৰ্ণ নিৰীক্ষণ কৰি থকা হৈছে।