আজি দেশবাসীক সম্বোধি ভাষণ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।
বিয়লি ৫ বজাত মোদীয়ে সম্বোধন কৰিব দেশবাসীক ।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইত যোগে আজি এই কথা সদৰি কৰিছে।
ভাষণত দেশৰ ক’ভিড পৰিস্থিতি তথা টিকাকৰণ অভিযানক সন্দৰ্ভত নিজৰ মত প্ৰকাশৰ সম্ভাৱনা আছে সংবাদ মাধ্যমত প্ৰকাশ।
আজি দেশবাসীক সম্বোধি ভাষণ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।
‘লকডাউন’এ বিধ্বস্ত কৰা ‘সাপ্তাহিক কাকত’ক দৈনিক কাকতৰ সমানুপাতে বিজ্ঞাপন প্ৰদানৰ দাবী
বিগত ২০২০ বৰ্ষৰ লকডাউনে ক্ষুদ্ৰ বাতৰি কাকত উদ্যোগক বিধ্বস্ত কৰাত সম্প্ৰতি ক্ষুদ্ৰ উদ্যোগটোক উদ্ধাৰ কৰাৰ স্বাৰ্থত সাপ্তাহিক কাকতসমূহক দৈনিক বাতৰি কাকতৰ সমানুপাতে বিজ্ঞাপন প্ৰদানৰ বাবে ৪ জুন শুকুৰবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাক লিখিত ভাৱে দাবী জনাইছে ‘ইণ্ডিয়ান ফেডাৰেচন অব্ স্মল এণ্ড মিডিয়াম নিউজ পেপাৰছ চমুকৈ ‘আই এফ এছ এম এনে’ | ৰাজ্যিক সভাপতি তথা সাপ্তাহিক ‘জাৰ্ণেলিষ্ট বাৰ্তা’ৰ সম্পাদক আৰু সম্পাদক প্ৰধান তথা সাপ্তাহিক ‘দাপোণ’ কাকতৰ সম্পাদক এম ছাইফ উদ্দিন আহমেদ স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তিত এই কথা উল্লেখ কৰি কয় যে- বিগত বৰ্ষৰ কৰ’ণা অতিমাৰী আৰু লকডাউনৰ ফলত অসমৰ বৰাক, ব্ৰহ্মপুত্ৰ আৰু উত্তৰ অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰকাশিত সাপ্তাহিক কাকত সমূহ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে | বহুকেইখন সাপ্তাহিক কাকতে ইতিমধ্যে নিজৰ প্ৰকাশ বন্ধ কৰি দিয়াৰ ফলত ইয়াত নিয়োজিত সাংবাদিক আৰু সংবাদকৰ্মী সকলৰ বহুতেই কৰ্মসংস্থাপন হেৰুৱাই বৰ্তমান দিন হাজিৰা কৰি পৰিয়ালক পোহ-পাল দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে | সেয়েহে সমগ্ৰ মানৱ জাতিলৈ বিপদ কঢ়য়াই অনা কৰ’ণাৰ অতিমাৰিত বিধ্বস্ত হোৱা অসমৰ ক্ষুদ্ৰ বাতৰি কাকত উদ্যোগটো উদ্ধাৰৰ বাবে (১) দৈনিক কাকতৰ সমানুপাতে সাপ্তাহিক কাকত সমূহকো বিজ্ঞাপন প্ৰদানৰ ব্যৱস্থা কৰা, (২) সাপ্তাহিক কাকত সমূহক প্ৰদান কৰা প্ৰতিটো বিজ্ঞাপনৰ নিৰিখৰ পৰা Administrative Cost হিচাপে কৰ্তন কৰা ১৫ শতাংশকৈ ধন এতিয়াৰে পৰা কৰ্তন নকৰিবলৈ, (৩) সাপ্তাহিক কাকতৰ সম্পাদক সকলক বিধান সভাৰ অধিৱেশনৰ প্ৰেছগেলেৰীত প্ৰৱেশ পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰা, (৪) সাপ্তাহিক কাকতৰ বিলসমূহ সময়মতে আদায় দিয়াৰ লগতে (৫) Press Accreditation Committee ত বৰাক, ব্ৰহ্মপুত্ৰ আৰু উত্তৰ অসমক সামৰি সাপ্তাহিক কাকতৰ ৩জন প্ৰতিনিধিক অন্তৰ্ভুক্ত কৰিবলৈ সংগঠনটোৱে দাবী জনায় |
ৰাজ্যৰ অভিজ্ঞ ৰাজনৈতিক তথা জনহিতৈষী মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আৰু বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাক ‘লকডাউন’ৰ ফলতবিস্তৰ ক্ষতিৰ সন্মখীন হোৱা ৰাজ্যখনৰ সাপ্তাহিক কাকত সমূহৰ সমস্যা সমাধান কৰি সাপ্তাহিক কাকতসমূহক উদ্ধাৰ কৰিবলৈ আই এফ এছ এম এনৰ অসম ৰাজ্যিক সমিতিয়ে কৰযোৰে অনুৰোধ জনাইছে |
গহপুৰত নাঙল-যুঁৱলি লৈ অভিনৱ প্ৰতিবাদ ৰাইজৰ
গহপুৰ বাকৰিদলনী-কাৱৈমাৰী সংযোগী পথচোৱাৰ দুৰৱস্থাত অতিষ্ঠ হৈ পৰিছে ৰাইজ ৷ পথটোৰ মেৰামতিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলে কাৱৈমাৰী অঞ্চলৰ ৰাইজে । একাঁঠু বোকাত খোজকাঢ়ি পাৰ হোৱাটো এতিয়া অসম্ভৱ হৈ পৰিছে । বিশেষকৈ উক্ত পথটিৰে ইটাভাটালৈ দৈনিক ডাম্পাৰ, ট্ৰেক্টৰ আদিৰ অধিক চলাচল হয় । যাৰ ফলত অতি শোচনীয় হৈ পৰিছে কাৱৈমাৰী অঞ্চলৰ পথটি । পথটোৰ দুৰৱস্থাৰ বাবে অঞ্চলটোলৈ নাযায় এম্বুলেঞ্চ, নাযায় দুচকীয়া, চাৰিচকীয়া বাহন । ইটাভাটাৰ মালিকপক্ষই পথচোৱা নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও এতিয়া চকুমুদা কুলিৰ ভাৱত ভাটাৰ মালিক । উপায়ন্তৰ হৈ এনেদৰে নাঙল-যুঁৱলি লৈ প্ৰতিবাদ সাব্যস্ত কৰে কাৱৈমাৰী ৰাইজে ৷
দৰাবিলত পক্ষী নিধন : দুস্কৃতিকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনকল্যান সমিতিৰ ।
অসমৰ প্ৰখ্যাত আৰ্দ্ৰভূমি সমূহৰ অন্যতম দক্ষিণ কামৰূপৰ ৰামপুৰৰ দৰাবিলৰ বুকুত দৈনন্দিন অলেখ চৰাই বিচৰণ কৰি থাকে। স্থানীয় আৰু পৰিভ্ৰমী চৰাইৰ বিচৰণস্থলী দৰাবিলৰ আশে-পাশে শেহতীয়াভাৱে এচাম দুস্কৃতিকাৰীয়ে সংগোপনে পক্ষী নিধন কৰিবলৈ ধৰিছে। গত ৬ জুন তাৰিখে এচাম দুস্কৃতিকাৰীয়ে দিন-দুপৰতে শতাধিক বগলী চৰাই নিধন কৰি পলাবলৈ যত্ন কৰোতে স্থানীয় একাংশ সচেতন নাগৰিকৰ তৎপৰতাত কাৰায়ত্ব হয়। পিছত দুস্কৃতিকাৰী কেইজনক ৰাইজে আৰক্ষীক গতাই দিয়ে। দৰাবিলৰ বাকৰিত দুস্কৃতিকাৰীৰ এনেকুৱা দুস্কাৰ্যৰ বিৰুদ্ধে ধিক্কাৰ দিছে স্বেচ্ছাসেৱী সংস্থা ৰামপুৰ আঞ্চলিক জনকল্যান সমিতিয়ে। সমিতিৰ সাধাৰণ সম্পাদক বিমল শৰ্মাই দৰাবিলত দুস্কৃতিকাৰীৰ বিৰুদ্ধে বন বিভাগে কঠোৰ পদক্ষেপ গ্ৰহন কৰিব লাগে বুলি দাবী জনাইছে। লগতে স্বেচ্ছাসেৱী সংগঠনটোৰ সম্পাদক শৰ্মাই দৰাবিলৰ পক্ষীকুলক ৰক্ষণাবেক্ষণ দিবলৈ বন বিভাগক বিশেষভাৱে দায়িত্ব দিবলৈ অসম চৰকাৰৰ বনমন্ত্ৰীক আহ্বান জনায়। সমান্তৰালভাৱে জৈৱ-বৈচিত্ৰৰ মেটমৰা ভড়াল থকা আৰু অনেক দুস্প্ৰাপ্য পক্ষীৰ আবাসস্থলী দৰাবিলত যাতে দুস্কৃতিকাৰীয়ে পুনৰ উপদ্ৰপ চলাব নোৱাৰে তাৰবাবে অসম বিজ্ঞান সমিতিয়েও চৰকাৰলৈ আহ্বান জনায়। সমিতিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক প্ৰসেনজিৎ কলিতাই পক্ষী নিধনৰ দৰে নিন্দনীয় কাৰ্যত ধৃত দুস্কৃতিকাৰীক দৃষ্টান্তমূলক শাস্তি দিবলৈ বন বিভাগক আহ্বান জনায়।
গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত : কুখ্যাত ড্ৰাগছ মাফিয়া পাপু আলিৰ বাসগৃহত উদ্ধাৰ ২৫ গ্ৰাম হেৰ’ইন
ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। গোলাঘাটতো দৈনিক গ্ৰেপ্তাৰ হৈছে ড্ৰাগছৰ বহু মাফিয়া। আজি গোলাঘাট তিৰুৱাল বৰফুকন খাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । ড্ৰাগছ ব্যৱসায়ী পাপু আলি বাসগৃহত ফৰকাটিং আৰক্ষীয়ে চলালে এই অভিযান । অভিযানত পাপু আলিৰ নিৰ্মিয়মান বাসগৃহৰ পৰা ২৫ গ্ৰাম হেৰইন জব্দ কৰে আৰক্ষীয়ে । চিমেন্টৰ বস্তাৰ তলৰ পৰা উদ্ধাৰ কৰে ড্ৰাগছ সমূহ । জব্দ কৰা ড্ৰাগছ সমূহৰ আনুমানিক মূল্য ৫০ হাজাৰ টকাৰ বুলি জানিব দিয়ে আৰক্ষীয়ে । আৰক্ষীয়ে ড্ৰাগছ সমূহ উদ্ধাৰ কৰে যদিও পাপু আলিক গ্ৰেপ্তাৰ কৰিব সক্ষম হোৱা নাই। পাপু আলিৰ ভাতৃৰ ভাষ্য মতে কৰ’নাত আক্ৰান্ত হৈ আছে পাপু আলি । উল্লেখযোগ্য যে পাপু আলি ড্ৰাগছৰ লগতে বহুতো অপৰাধমূলক কাৰ্যৰ লগত জড়িত থকাৰ অভিযোগ আছে । পূৰ্বেও বাসগৃহত অস্ত্ৰ-সস্ত্ৰ মজুত ৰাখি আৰক্ষীৰ হাতত গ্ৰপ্তাৰ হৈছিল পাপু আলি ।
হোজাইত আজমল ফাউণ্ডেচনৰ হেল’ আজমলৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন।
হোজাইত আজমল ফাউণ্ডেচনৰ উদ্যগত হে’ল্ল আজমলৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন। হোজাই স্থিত আজমল হাউচত হে’ল্ল আজমল নামৰ ৰেচনৰ গাড়ীৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে যমুনামুখ সমষ্টিৰ বিধায়ক চিৰাজ উদ্দিন আজমলে।
হোজাই জিলাৰ অসহায় ক’ভিড আক্ৰান্ত পৰিয়াললৈ খাদ্যৰ সামগ্ৰী যোগান দিয়াৰ লক্ষ্যৰে হে’ল্ল আজমল নামৰ বাহনৰ আজি শুভাৰম্ভ কৰা হয়। এই আচঁনিৰ যোগেদি খাদ্য বস্তুৰ ওপৰিও চিকিৎসা সেৱাও উপলব্ধ থাকিব বুলি জনায়।
আনহাতে যোৱাকালি কাকী তাৰা লাংচুত উচ্ছেদ কৰাক তীব্ৰ গৰিহণা জনোৱাৰ লগতে অনাগত দিনত উচ্ছেদিত লোক সকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কয় সাংবাদিক আগত।
মৰাণত আজিও ভঙা বাঁহৰ দলঙেৰে যাতায়ত কৰিছে ৰাইজে
প্ৰতিখন চৰকাৰে উন্নয়নৰ ধাক-ঢোল বজাই পৰিবৰ্তনৰ ৰঙীন বিজ্ঞাপন দিছে কিন্তু ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিত আজিও ভঙা বাঁহৰ দলঙেৰে যাতায়ত কৰিছে ৰাইজে । মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে সমষ্টিৰ উন্নয়নৰ কথা কৈ থকা সময়ত কিন্তু মৰাণৰ তিলৈ নদীৰ ওপৰত থকা দেওধাই আৰু মোহন গাঁও সংযোগী দলং খন আজিও বাঁহৰেই হৈ থাকিল । ৰাইজে শ্ৰম দান কৰি দলং খন প্ৰতিবছৰে নিৰ্মাণ কৰিছে যদিও বাৰিষা নদী পানী বঢ়াৰ পিছত দলং খনৰ ওপৰেদি যাত্ৰা কৰাটো অতি বিপদজনক হৈ পৰে । কেইবাখনো গাওঁৰ ছাত্ৰ- ছাত্ৰী বিদ্যালয়-মহাবিদ্যালয়লৈ , ৰাইজে ব্যৱসায় বানিজ্যি কৰিবলৈ এই দলং খনেৰে যাতায়ত কৰি আহিছে যদিও আজি পৰ্যন্ত কোনো জনপ্ৰতিনিধিয়ে দলং খন নিৰ্মাণ কৰিবলৈ সক্ষম নহ’ল । বিগত চৰকাৰৰ দিনত মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে কেৱল মাত্ৰ পাঁচ হাজাৰ টকাৰ অনুদান হে দিছিল দলং খন বাঁহেৰে নিৰ্মাণ কৰিবলৈ। গতিকে দ্বিতীয় বাৰৰ বাবে বিধায়ক হোৱা চক্ৰধৰ গগৈক দলং খন নিৰ্মাণ কৰি ৰাইজৰ যাতায়ত সূচল কৰিবলৈ দাবী জনাই স্থানীয় ৰাইজে ।
ডিব্ৰুগড় জিলাৰ লাহোৱালত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
লাহোৱাল আৰক্ষীৰ বিশেষ অভিযানত লাহোৱাল পাত্ৰ গাঁৱৰ পৰা আটক কৰে এজনক
ডিব্ৰুগড় সদৰ আৰক্ষী বিষয়া ৰাজিৱ শইকীয়াৰ নেতৃত্বত লাহোৱাল আৰক্ষী বিষয়া অনুপম গুৱালা আৰু ঘোৰামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ কুমাৰ নাথৰ নেতৃত্বত আজি লাহোৱালত বৃহৎ পৰিমাণৰ দ্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে এখন হোন্দাই চেন্টৰ পৰা নিষিদ্ধ চেমপেক্স প্লাছৰ কেপচুলসহ, এ এচ ০১ এম ৭৮৮৯ নম্বৰৰ বাহনখন জব্দ কৰে।
উল্লেখ্য যে দীৰ্ঘদিনৰপৰা লাহোৱালত নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল।
১৫ জুনৰ ভিতৰত উন্নত হ’ব ৰাজ্যৰ ক’ৰোনা পৰিস্থিতি’ কেশৱ মহন্ত
অহা ১৫ জুনৰ ভিতৰত ৰাজ্যৰ ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ আশা প্রকাশ কৰিছে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ আজি সংবাদ মাধ্যমৰ আগত স্বাস্থ্যমন্ত্রী মহন্তই কয় যে ৰাজ্যখনত ক’ভিড পৰীক্ষণৰ সংখ্যা যথেষ্ট বৃদ্ধি কৰা হৈছে৷ ক’ভিডৰ সংক্রমণ যাতে বৃদ্ধি হ’ব নোৱাৰে, তাৰ বাবে কঠোৰভাৱে কিছু নীতি–নিয়ম পালন কৰা হৈছে৷ এনে কঠোৰ ব্যৱস্থা গ্রহণৰ বাবেই কালিৰ দিনটোত ৰাজ্যখনত আক্রান্তৰ সংখ্যা চাৰি হাজাৰৰ তললৈ নামি অহাৰ লগতে মৃত্যু হোৱা লোকৰ সংখ্যাও ৫০ৰ তললৈ নামি আহিছে৷ স্বাস্থ্য বিভাগৰ লক্ষ্য হৈছে অহা ১৫ জুনৰ ভিতৰত এটা ভাল ফলাফল লাভ কৰা৷ আশা কৰা হৈছে এই সময়ৰ ভিতৰত ৰাজ্যৰ ক’ভিড পৰিস্থিতি উন্নত হ’ব৷
ইপিনে দেশৰ নিটি আয়োগে ক’ভিডৰ তৃতীয় ঢ়ৌ আহি আছে বুলি দিয়া সতর্কবাণীৰ প্রসংগত স্বাস্থ্যমন্ত্রী মহন্তই কয় যে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ক’ভিডৰ তৃতীয় ঢ়ৌ প্রতিৰোধৰ বাবে প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷ প্রত্যেক ঠাইতে অতিৰিক্ত হাস্পতাল আৰু ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰা হৈছে৷ প্রত্যেকখন হাস্পতালতে ৫০০ৰ পৰা এহাজাৰ ৰোগী ৰাখিব পৰাৰ ব্যৱস্থা কৰা হৈছে৷ শিশু আৰু নৱজাতকৰ বাবেও মেডিকেল কলেজ, জিলা হাস্পতালসমূহত আই চি ইউৰ কাম আৰম্ভ কৰা হৈছে৷ মন্ত্রী মহন্তৰ মতে, স্বাস্থ্য বিভাগে ইতিমধ্যে সকলো প্রস্তুতি কৰিছে যাতে যিকোনো সময়ত পৰিস্থিতিৰ মুখামুখি হ’ব পাৰে৷ তেওঁ আৰু কয় যে গুৱাহাটীত মুঠ ৫০০খন নতুন বিছনাৰে দুখন ক’ভিড হাস্পতাল সম্পূর্ণ হৈ উঠাৰ পথত৷ সৰুসজাইত ডি আৰ ডি অ’ৰ অধীনত ২০০খন অক্সিজেনযুক্ত আৰু ১০০খন আই চি ইউ বিছনাৰে হাস্পতালখনৰ নির্মাণ প্রায় সম্পূর্ণ হৈ উঠিছে৷ সেইদৰে জি এম চি এইচৰ পার্কিঙতো ২০০খন আই চি ইউ বিছনা সম্পূর্ণ হৈ উঠাৰ পথত৷
আনহাতে, আর্য়ুবেদিক কলেজ হাস্পতালত নির্মাণকার্য চলাই থকা ১০০ বিছনাযুক্ত ক’ভিড হাস্পতালখনৰ ১৪টা আই চি ইউ আৰু ৩৭টা ছেমি আই চি ইউ থাকিব৷ উক্ত আই চি ইউ আৰু ছেমি আই চি ইউত ৮০টা জাম্বো অক্সিজেন চিলিণ্ডাৰৰ সংযোজন হ’ব৷ এই চিকিৎসালয়খনৰ নির্মাণকার্য প্রায় ৮০ শতাংশ সম্পূর্ণ হৈ উঠিছে৷ আর্য়ুবেদিক মেডিকেল কলেজ হাস্পতাল পৰিচালনা সমিতিৰ অধ্যক্ষ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই কামৰ অগ্রগতি সম্পর্কত এক পর্যালোচনা বৈঠকত মিলিত হৈ অচিৰেই হাস্পতালখনৰ নির্মাণকার্য সম্পূর্ণ কৰিবলৈ নির্দেশ দিয়ে৷ইপিনে ৰাজ্যৰ জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্রী হিচাপে আজি জিলাখনত উপস্থিত হৈ জিলাখনৰ উন্নয়ন, খহনীয়া আৰু ক’ভিডসৃষ্ট পৰিস্থিতিৰ পর্যালোচনা কৰে৷ ক’ভিডসৃষ্ট পৰিস্থিতিৰ পর্যালোচনাৰ সময়ত নৱগঠিত বিশ্বনাথ জিলাত যিহেতু চিভিল হাস্পতালো নাই, সেয়ে ক’ভিডৰ ভেকচিন শোণিতপুৰ জিলাৰ পৰা আহি থকাৰ বিষয়ে অৱগত হয়৷ বিশ্বনাথ জিলাত ক’ভিডৰ ভেকচিন উপলব্ধ হোৱাৰ বাবে উপযুক্ত ব্যৱস্থা গ্রহণ কৰিবলৈ বিভাগীয় কর্তৃপক্ষক নির্দেশ দিয়ে৷ তদুপৰি জিলাখনত ক’ভিডৰ ভেকচিন মজুত ৰাখিব পৰাকৈ মন্ত্রী হাজৰিকাই লোকনির্মাণ আৰু বিদ্যুৎ বিভাগক ১০ দিনৰ ভিতৰতে স্বাস্থ্য বিভাগৰ সহযোগত ভেকচিন ভঁৰাল স্থাপনৰ নির্দেশ দিয়ে৷ তেওঁ লগতে জিলাখনত মজুত থকা আন দৰব আদিৰ খতিয়ান লোৱাৰ লগতে কনটেইনমেণ্ট জ’নত থকা পৰিয়ালক প্রদান কৰা গুণগত খাদ্য–সামগ্রীৰ বিষয়েও বুজ লয়৷ সেইদৰে হোম আইছ’লেচনত থকাসকলৰ ক্ষেত্রত স্বাস্থ্য বিভাগ তথা জিলা প্রশাসনে চোকা নজৰ ৰাখিবলৈ নির্দেশ দিয়ে৷ পৰাপক্ষত হোম আইছ’লেচনৰ সলনি ৰোগীসকলক ক’ভিড কেয়াৰ চেণ্টাৰত ৰাখিলে ক’ভিড নিয়ন্ত্রণৰ ক্ষেত্রত সহজ হ’ব বুলিও মন্ত্রী হাজৰিকাই বৈঠকখনত উল্লেখ কৰে৷
পাঁচবছৰে মুকলি নোহোৱা ওৰাঙৰ গৰৈমাৰীৰ এটি উপ স্বাস্থ্যকেন্দ্ৰ।
আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল – এই ফকৰা যোজনাটোৰেই উদাহৰণস্বৰূপ হৈ পৰিছে এটি উপ স্বাস্থ্যকেন্দ্ৰ । যিটো ওৰাংৰ গৰৈমাৰীত পাঁচবছৰ আগতেই স্থাপিত হৈছিল । স্থাপিত হল ঠিকেই কিন্তু আজি পৰ্যন্ত নহল মুকলি । স্বাস্থ্যকেন্দ্ৰটি গ্ৰাম্য অঞ্চলসমূহৰ স্বাস্থ্যসেৱা উন্নতি কৰাৰ উদ্দেশ্যে স্থাপিত কৰা হৈছিল । যিহেতু গ্ৰাম্য অঞ্চলসমূহৰ স্বাস্থ্যখণ্ডৰ হৃদপিণ্ড স্বৰূপে উপ স্বাস্থ্যকেন্দ্ৰবোৰক বিবেচিত কৰা হয় । আৰু উপ স্বাস্থ্যকেন্দ্ৰবোৰৰ যোগেদিয়েই গ্ৰাম্য অঞ্চলসমূহত প্ৰসূতি মহিলাৰ পৰা আৰম্ভ কৰি ,পৰিয়াল পৰিকল্পনা , প্ৰাথমিক স্বাস্থ্য পৰীক্ষা , শিশুৰ প্ৰতিষেধক প্ৰদান , আদি কাৰ্য্যসমূহ উপ স্বাস্থ্যকেন্দ্ৰতেই সম্পন্ন কৰা হয় । কিন্তু আজি গৰৈমাৰীৰ স্থানীয় ৰাইজৰ মনত প্ৰশ্ন এটাই উঠিছে যে গৰৈমাৰীকে ধৰি চাৰিখন গাওঁৰ একমাত্ৰ উপ স্বাস্থ্যকেন্দ্ৰটি পাঁচবছৰ পিছতো মুকলি কিয় নহ’ল ? তাত বিভাগীয় কৰ্তৃপক্ষ , চিকিৎসক, নাৰ্ছৰ পৰিৱৰ্তে চাৰিওকাষে কিয় হাবি জংঘলেৰে আৱৰিলে ? বৰ্তমান দেশ তথা ৰাজ্য কৰণাত্ৰাসৰ বাবে এক কঠিন পৰিস্থিতিৰ মাজেৰে চলিব লগীয়া হৈছে । প্ৰতিদিনে মহামাৰী কৰণা আক্ৰান্তৰ সংখ্যা আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পাব ধৰিছে । যাৰ বাবে স্বাস্থ্য বিভাগেও বৃদ্ধি কৰিছে কভিড সজাগতা । কিন্তু এনে এটি কঠিন পৰিস্থিতিটো ৰাইজক সজাগ সতৰ্কিত কৰিবলৈ গৰৈমাৰী গাওঁৰ উপ স্বাস্থ্যকেন্দ্ৰটো যেন থাকিও নথকাযেন হবলগীয়া হৈছে । আৰু তাৰ বাবে উপ স্বাস্থ্যকেন্দ্ৰটি অতি সোনকালে মুকলি কৰি কাৰ্য্যক্ষম কৰি তুলিবৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে ।











