Home Blog Page 3009

জলেশ্বৰত বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী কুছকাৱাজ : কোনে পাব বি জে পি ৰ টিকট

সমাগত বিধান সভা নিৰ্বাচন ৷নিৰ্বাচনক লৈ তৎপৰ বিভিন্ন ৰাজনৈতিক দল সমুহে ৷পিছে পাচ পৰি নাথাকিল ৩৯ নং জলেশ্বৰ বিধানসভা সমষ্টি ৷নিৰ্বাচনৰ দিন ঘোষনা হোৱাৰ লগে লগে সমষ্টিখনত কংগ্ৰেছ. মিত্ৰজোট.ৰাইজৰ দল আদি ৰাজনৈতিক দল সমুহৰ টিকট প্ৰত্যাশী প্ৰাৰ্থী সকলে নিজৰ নিজৰ দলৰ কৰ্মী সকলোক লগত লৈ সমষ্টিৰ চুকেকোণে সৰু বৰ সভা সমিতি আনুষ্টিত কৰি নিৰ্বাচনী বতাহ গৰম কৰি তুলিছে ৷বিগত সময় চোৱাৰ দৰে  সমষ্টিখনত কোন এটা ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ শক্তিশালী ৰূপে অৱৰ্তীৰ্ন হোৱা পৰিলক্ষিত হোৱা নাই ৷A U D F ৰ দখলত থকা সমষ্টিখনত মিত্ৰজোটৰ টিকট প্ৰত্যাশী প্ৰাৰ্থী সকল ক্ৰমে আকতাৰ হুছেইন জদ্দাৰ,খাইৰুল ইছলাম মন্ডল,জাহাংগীৰ আলম,ৰূপচান আলী,জীয়াউৰ ৰহমান,ছাদ্দাম হুছেইন,ৰুহুল আমীন,ওমান গণি ,আদি কৰি কেবাজন নেতাই সোমাই পৰিছে ৰাইজৰ মাজত ৷প্ৰাৰ্থী সকলে নিজৰ নিজৰ চা চিনাকী দি ৰাইজৰ মাজত অব্যাহত ৰাখিছে জনপ্ৰিয়তা ৷কিন্ত ইয়াৰ মাজতে প্ৰাক্তন বিধায়ক আকতাৰ জদ্দাৰ ৰ  নিৰ্বাচনী প্ৰচাৰ কিছু চকুত লগা ধৰনৰ হৈছে ৷সেয়ে এইবেলি ৩৯ নং জলেশ্বৰ বিধানসভা সমষ্টিত ৰাজ্যিক সংখ্যা লঘু বৰ্ডৰ সদস্য আকতাৰ হুছেইন জদ্দাৰে টিকট পোৱাৰ সম্বভনা প্ৰকট হৈ উঠিছে। আনহাতে সমষ্টিখনত বৰ্তমানৰ এ আই ইউ ডি এফ ৰ বিধায়ক চাহাবুদ্দিনে দলটোক শক্তিশালী ৰূপে ধৰি ৰখাত ব্যৰ্থ হোৱাৰ আভিযোগ উঠাত ৰফিকুল ইছলামক দলৰ টিকট দিয়ে৷যাৰ বাবে দলটোৰ কৰ্মী সকলোৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ ইপিনে ৰাইজৰ দলৰ টিকট প্ৰত্যাশী প্ৰাৰ্থী সকলৰ লগতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ টিকট প্ৰত্যাশী প্ৰাৰ্থী সকল ক্ৰমে আবতাবুদ্দিন মোল্লা,সহাৰুল ইছলাম,ছুফিয়া ছালমা (শিল্পী) ,গোলাম বাবু কীব্ৰীয়া,মীৰ নাছিৰ হুছেইন আদিয়ে সমান্তৰালকৈ আব্যাহত ৰাখিচে নিৰ্বাচনী প্ৰচাৰ ৷ৰাইজৰ দল নতুন দল হিচাপে ৰাইজে দলটোক কেনেধৰনে আকোৱালি লয় সেয়া সময়তহে হব ইয়াৰ ফলাফল। ৷মনকৰিবলগীয়া যে সমষ্টিখনত এইবেলি মিত্ৰজোটৰ লগতে কংগ্ৰেছৰ পৰা কোনে লাভ কৰিব টিকট সেইলৈ গুনাগথা চলিছে ভোটাৰ ৰাইজৰ মাজত ৷তদুপৰি সমষ্টিখনত টি এম চি দলৰ নিৰ্বাচনী প্ৰচাৰও তুংগত উঠা পৰিলক্ষিত হৈছে ৷উল্লেখ্য যে ৩৯ জলেশ্বৰ সমষ্টিত সংখ্যা লঘু সম্প্ৰদায়ৰ লোক সকলৰ মাজত লগতে যুৱ সমাজৰ মাজতো জনপ্ৰিয় হৈ পৰিছে বি জে পি নেতা আকতাৰ হুছেইন জদ্দাৰ।লগতে সংখ্যা লঘু অত্যাধুসিতো অঞ্চলৰ অনুস্থান প্ৰতিস্থানৰ লগত জড়িত হৈ পৰা জদ্দাৰক  সমষ্টিটোৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীত্ব প্ৰদান কৰিলে সমষ্টিটো বি জে পি ৰ দখলত আহিব। লগতে তেওঁ উপযুক্ত দাবীদাৰ বুলি জনায় স্থানীয় দলীয় কৰ্মী সকলে।

এজিউৰ পাৱাৰ কোম্পানীৰ প্ৰকল্প নিৰ্মানত উচ্চ ন্যায়ালয়ে জাৰি কৰা নাই স্থগিতাদেশ : নগাঁৱত সংবাদ মেলত এজিউৰ কোম্পানীৰ দাবী

নগাঁও জিলাৰ বঢমপুৰ বিধান সভা সমষ্টি  আৰু চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত মিকিৰ বামুনি গ্ৰান্তত এজিউৰ পাৱাৰ কোম্পানীয়ে সৌৰ শক্তি প্ৰকল্পৰ ভূমিত গুৱাহাটী উচ্চ ন্যায়ালয়ে কোনো স্থগিতাদেশ ঘোষনা কৰা নাই বুলি আজি নগাঁও চহৰত আয়োজন কৰা এক সংবাদ মেলত এই কথা জানিবলৈ দিয়ে। তেওঁলোকে জানিবলৈ দিয়ে যে মিকিৰ বামুণী গ্ৰান্টত ১৫ মেগাৱট সৌৰ উৰ্জা প্লান্টৰ বাবে ক্ৰয় কৰা ভূমি হিতাধিকাৰী লগত আলোচনা কৰি আইনগতভাৱে কৰা হৈছে।  এজিউৰ পাৱাৰ ফ’টি প্ৰাইভেট লিমিটেডে জনাইছে যে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত লিখিত দলিল ডব্লিউ পি (চি)৭৫৩/২১ আবেদন কৰা হৈছিল । নগাঁৱৰ মিকিৰ বামুনি গ্ৰান্তত ৰাজ্যৰ ভিতৰতে সৰ্ব বৃহৎ সৌৰ প্ৰকল্প স্থাপনৰ বাবে অসম শক্তি বিতৰন কোম্পানী লিমিটেডৰ পৰা প্ৰতিযোগিতা মূলক লিলামৰ দ্বাৰা অনুমোদন লাভ কৰিছিল । উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত দাখিল কৰা আবেদন খনৰ তালিকাকৰন আৰু শুনানী কৰন ৫ মাৰ্চত গ্ৰহণ কৰা হয় । এজিউৰ কোম্পানীয়ে জানিবলৈ দিয়া মতে উচ্চ ন্যায়ালয়ে ৫ মাৰ্চত জাৰি কৰা নিৰ্দেশ অনুসৰি ভূমি অধিগ্ৰহণ সন্দৰ্ভত দুয়ো পক্ষই বৰ্তমান যি অৱস্থা চলি আছে সেয়া বৰ্তাই ৰাখিব লাগিব । এই প্ৰকল্পৰ ভূমি চামগুৰি ৰাজহ চক্ৰই ২০২০ চনৰ ৪ অক্টোবৰত কোম্পানীটোক গটাই দিছিল । এজিউৰ কোম্পানীটোৱে জনোৱা মতে ২০২০ ৰ ২৯ চেপ্তেম্বৰত ( দলিল নম্বৰৰ ৭৪ / ২০২০ ) ৰ এজিউৰ পাৱাৰ বনাম লক্ষীৰাম মাৰ্দি আৰু আন ১৪ গৰাকীৰ আবেদন পুনৰীক্ষন কৰা হৈছিল আৰু তেতিয়াৰ পৰাই প্ৰকল্পৰ বাবে ভূমি অধিকৃত কৰা হৈছে আৰু প্ৰকল্পৰ নিৰ্মানো পূৰ্ন গতিত চলি আছে । লগতে কোম্পানীয়ে উল্লেখ কৰিছে যে ১ মাৰ্চত জাৰি কৰা আই এ ( চিভিল )   নম্বৰ ৫২৮/ ২১ ত যি আবেদন কৰিছিল বীৰ সিং ক্ৰই ,  এই সন্দৰ্ভত গুৱাহাটীৰ উচ্চ ন্যায়ালয় দুয়ো পক্ষৰ ভূমি অধিগ্ৰহন সন্দৰ্ভত বৰ্তমান যি অৱস্থা চলি আছে সেয়া বৰ্তাই ৰখা নিৰ্দেশ জাৰি কৰাৰ বাবে কোম্পানী লাভবান হৈছে । যিহেতু ভূমি খিনি কোম্পানীৰ অধিনত আৰু নিয়ন্ত্ৰণত আছিল । ৫ মাৰ্চত উচ্চ ন্যায়ালয়ে কোনো স্থগিতাদেশ জাৰি কৰা নাই আৰু কোম্পানীৰ নিৰ্মাণ আৰু সঞ্চালনাত কোনো স্থগিতাদেশ জাৰি কৰা নাই। সংবাদ মেলত তেওঁলোকে জানিবলৈ দিয়ে যে- ৩ মাৰ্চত প্ৰকল্প স্থানৰ বাহিৰৰ পৰা গণ্ডগোল হোৱাত প্ৰকল্পৰ জন শক্তি আৰু সুৰক্ষাৰ বাবে বিপদৰ আশংকা কৰি সেইদিনাৰ পৰা নিৰ্মাণৰ কাম অস্থায়ী ভাৱে বন্ধ ৰখা হৈছিল যদিও বৰ্তমানে প্ৰকল্পৰ কাম পুনৰ আৰম্ভ কৰা হৈছে। কোম্পানীৰ কাউনচেল শংকৰ প্ৰসাদ ভট্টাচাৰ্যই কয়- আমি সদায় এইটো নিশ্চিত কৰিছো যে এজিউৰ দ্বাৰা ভূমি ক্ৰয় বিধিৰ উচিত প্ৰক্ৰিয়াৰ দ্বাৰা কৰা হৈছিল আৰু এই সম্পৰ্কে কোনো প্ৰকাৰে বিধি উলংঘা কৰা হোৱা নাছিল। ভূমি ক্ৰয় কৰাৰ আগত সকলো হিতাধিকাৰীক বিশ্বাসত লোৱা হৈছিল। সংবাদ মেলত কোম্পানীৰ আন বিষয়া ক্ৰমে চমিতলা চুব্বা আৰু বি. কে. পোদ্দাৰ উপস্থিত আছিল। 

ফিল’বাৰীত আৰক্ষীৰ উচ্চেদ অভিযান : প্ৰায় পাঁ‌ছ হাজাৰ লিটাৰ চুলাই মদ জব্দ

তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী ফিল’বাৰী অঞ্চলত ফিল’বাৰী আৰক্ষীয়ে নিৰ্বাচনৰ পূৰ্বে চুলাই মদ, কানি, ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। ফিল’বাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঋষিকেশ হাজৰিকাৰ নেতৃত্বত অঞ্চলটোৰ ৰূপজান, পদুমপথাৰ, ফিল’বাৰী তিনিআলি, ফিল’বাৰী মঙ্গলবৰীয়া বজাৰ লগতে কেইবাখনো গাঁৱত অবৈধ চুলাই মদৰ ঘাটি লগতে কানি খোলা  উচ্চেদ অভিযান আৰম্ভ কৰিছে । ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে  মঙ্গলবাৰে সন্ধিয়া ফিল’বাৰীৰ কেন্দ্ৰবিন্দু ফিল’বাৰী তিনিআলিৰ কেইবাটাও অবৈধ মদৰ দোকানত অভিযান চলোৱাৰ লগতে ফিল’বাৰী পদুমপথাৰ গাওঁত অভিযান চলাই অবৈধ চুলাই আৰু  চুলাই প্ৰস্তুত কৰা সামগ্ৰীসমূহ ভাঙি  লণ্ডভণ্ড কৰে ।

আজি পুনৰ ৰাতিপুৱাৰ ভাগত ফিল’বাৰী মঙ্গলবৰীয়া বজাৰ, ৰূপজান আদি অঞ্চলত অভিযান চলাই প্ৰায় পাঁ‌ছ হাজাৰ লিটাৰ চুলাই মদৰ লগতে চুলাই প্ৰস্তুত কৰা বহু সামগ্ৰী জব্দ কৰি ধ্বংস কৰে । উল্লেখযোগ্য যে, ফিল’বাৰী অঞ্চলৰ বিভিন্ন প্ৰান্তত বৰ্তমান অবৈধ  মদৰ, কানি, ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি আহিছে । এনেধৰণৰ মাৰাত্মক মাদক দ্ৰব্যৰ অবাধ প্ৰচলনৰ ফলত অঞ্চলটোৰ উঠি অহা নৱ প্ৰজন্ম টিলটিলকৈ ধবংস মুখলৈ যাবলৈ আৰম্ভ কৰিছে । মাৰাত্মক নিচাযুক্ত দ্ৰব্যৰ অবাধ প্ৰচলনৰ ফলত অঞ্চলটোত চুৰি, ডকাইতি ঘটনা সঘনাই হ’বলৈ ধৰিছে বুলি সচেতন মহলত সৰৱ চৰ্চিত বিষয় হৈ পৰিছে ।

অভিযানটোত কোনো লোকক আটক কৰিবলৈ সক্ষম নহল আৰক্ষীৰ দলটো । আহিবলগা দিনত মাদকদব্য নিৰ্মূল কৰাত অৰ্থাৎ অঞ্চলটোৰ উঠি অহা নৱ প্ৰজন্মক ধ্বংসৰ দিশৰ পৰা বচাবলৈ ফিল’বাৰী আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰাত অঞ্চলটোৰ ৰাইজে অশেষ ধন্যবাদ জ্ঞাপন কৰিছে । অনাগত দিনত আৰক্ষীয়ে ৰাইজৰ আশ্বাসক কেনেধৰণে গ্ৰহণ কৰে সেয়া হব লক্ষণীয় ।

তুলসীবাৰীত শিৱৰাত্ৰি মহোৎসৱৰ আয়োজন

Vintage old books on wooden deck table background.

ৰঙিয়াৰ তুলসীবাৰীৰ মাহতলীস্থিত শিৱ মন্দিৰ প্ৰাংগণত অহা ১১ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে শিৱৰাত্ৰি মহোৎসৱৰ আয়োজন কৰা হৈছে । মহোৎসব পৰিচালনাৰ্থে সোমদত্ত কলিতাক সভাপতি, তৰুণ কলিতাক কাৰ্যকৰী সভাপতি ,সুনীল কলিতা-বিতোপন কলিতাক সম্পাদক হিচাবে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হৈছে ।তদুপলক্ষে অনুষ্ঠিত কৰিবলৈ লোৱা কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱাৰ ভাগত ধৰ্মীয় পতাকা উত্তোলন ,স্মৃতি তৰ্পণ ,বৃক্ষ ৰোপণ ,দিনৰ ভাগত শিৱলিংগত জল প্ৰদান, আয়তীৰ নাম সন্ধিয়া মন্দিৰৰ দ্বাৰ উন্মোচন ,অক্ষয় বন্তি প্ৰজ্বলন ,বন্তি প্ৰজ্বলন কৰাৰ লগতে টোপধ্বনি আৰু ৰাজহুৱা পুষ্পাঞ্জলি প্ৰদান তথা নিশা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হব ।সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কণ্ঠশিল্পী আৰোহন বৰদলৈ আৰু মনমিতা ভৰদ্বাজে অনুষ্ঠান পৰিৱেশন কৰিব ।দ্বিতীয় দিনা পুৱা স্বচ্ছ ভাৰত অভিযান, শিৱ পুৰাণ পাঠৰ লগতে বিয়লি নাগাৰা নাম পৰিৱেশন কৰিব ক্ৰমে প্ৰহ্লাদ ডেকা আৰু প্ৰণৱ মেধীয়ে ।সমূহ কাৰ্যসূচীতে ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগিতা কামনা কৰিছে উদ্যোক্তা সকলে ।

নাজিৰাত নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি

নাজিৰা নিৰ্বাচন জিলাৰ নির্বাচন পর্যবেক্ষক ড ° পার্থ সাৰথি মিশ্ৰই নাজিৰাত উপস্থিত হৈ নিৰ্দিষ্ট বিষয়া সমূহৰ লগত আগন্তুক বিধান সভা নিৰ্বাচনৰ বাবে গঠিত কোষ সমূহৰ বুজ লয়। তেখেতে আগন্তুক নিৰ্বাচন সম্বন্ধীয় কাৰ্যসূচী ৰূপায়ণৰ পৰিকল্পনা সন্দৰ্ভত মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বৰ্ণালী দত্তৰ সৈতে আলোচনা কৰে। লগতে মহকুমাধিপতি কাৰ্যালয়ৰ ষ্ট্ৰং ৰোম পৰিদৰ্শন কৰি সুৰক্ষা ব্যৱস্থাৰ সম্পর্কেও বুজ লয়। ইয়াৰ লগতে তেওঁ সহকাৰী আয়ুক্ত প্ৰীতম গগৈসহ নাজিৰাৰ ভোটদান কেন্দ্রসমূহ পৰিদৰ্শন কৰি ইয়াৰ আন্তঃগাঁথনি সম্পর্কে নিৰীক্ষণ কৰে, যাতে ভোটদান কেন্দ্রত ভোটাৰ তথা সংশ্লিষ্ট বিষয়ববীয়াসকলৰ কোনোধৰণৰ সমস্যা নহয়। ইয়াৰ পাছত তেখেতে শিৱসাগৰৰ আৰক্ষী অধীক্ষক অমিতাভ সিংহা, নাজিৰা জিলা নিৰ্বাচনী বিষয়া লখিমী দত্ত আৰু নিৰ্বাচনী বিষয়া সুজাতা গগৈৰ সৈতে হোৱা বৈঠকত আগন্তুক নিৰ্বাচন কিদৰে শান্তিপূর্ণ তথা সফলতাৰে ৰূপায়ণ কৰিব পাৰি তাৰে সন্দৰ্ভত আলোচনা কৰে।

দিচৈপৰীয়া অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সংস্হা গঠন

মহুৰামুখৰ উত্তৰাঞ্চলক সামৰি উত্তৰ মহুৰা আৰু দিচৈ পঞ্চায়তৰ অন্তগৰ্ত কমলজ্যোতি  শংকৰী সাংস্কৃতিক প্ৰাথমিক কেন্দ্ৰত যোৱাকালি অৱসৰপ্ৰাপ্ত শিক্ষক যতিন বড়িৰ সভাপতিত্বত এখন সভা অনুস্ঠিত হৈ যায় ৷ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী দেৱেন পাঠৰিয়ে উদেশ্য ব্যাখ্যা দাঙি ধৰি সভাখনত দুয়োখন পঞ্চায়তৰ অধীনৰ অৱসৰপ্ৰাপ্ত শিক্ষক আৰু চৰকাৰী কৰ্মচাৰী সকলৰ বিভিন্ন সমস্যাৱলীৰ লগতে ৰাজহুৱা সামাজিক সমস্যাৰ ফলপ্ৰসু সমাধান সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰাৰ ওপৰিও এখন সমিতি গঠনৰ লক্ষ্য স্হিৰ কৰে ৷ উল্লেখ্য যে এই সভাতেই অৱসৰপ্ৰাপ্ত জেষ্ঠ কৰ্মচাৰী যতিন বড়ি, বিভুল চন্দ্ৰ দলে, জিতেন বড়ি, যোগেশ্বৰ মৰাং আৰু ৰূপেশ্বৰ মৰাংক(বৰটিকা) ৰাজহুৱাভাৱে সম্বৰ্দ্ধণা জনোৱা হয় ৷ সভাই তৎকালে কাৰ্য্যকৰী হোৱাকৈ দেৱেন পাঠৰিক সভাপতি আৰু ৰূপেশ্বৰ মৰাংক(নিকৰি বৰতল) সম্পাদক হিচাপে লৈ ১৫ জন সদস্যৰে “ দিচৈপৰীয়া অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সংস্হা ” নামেৰে সমিতিখন গঠন কৰা হয় ৷

কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ প্ৰাৰ্থী প্ৰণৱ দলেলৈ পূৰ্ণ সমৰ্থন উত্তৰ মহুৰা আৰু দিচৈ কংগ্ৰেছ মণ্ডল সমিতিৰ

২১ ৰ বিধান সভা নিৰ্বাচনলৈ আৰু কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্য খনৰ প্ৰান্তে-প্ৰান্তে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলে মনোনয়ন দাখিল কৰিছে৷৯৩ নং বোকাখাত বিধান সভা সমষ্টিত কংগ্ৰেছ নেতৃত্বাধীন মহা জোঁট বন্ধনৰ সমৰ্থিত যুৱ নেতা প্ৰণৱ দলেয়ে বোকাখাতত মনোনয়ন পত্ৰ ৮ মাৰ্চৰ দিনা দাখিল কৰে।যুৱ নেতা প্ৰণৱ দলে নিজৰ শক্তি প্ৰদৰ্শনেৰে লগত গৰিষ্ঠ সংখ্যক সমৰ্থকৰ লগতে বোকাখাতৰ বাওঁপন্থী নেতা কমলেশ্বৰ ৰাজখোৱাৰ পত্নী জেষ্ঠ বাওঁপন্থী নেত্ৰী নিলীমা ৰাজখোৱা আৰু কৃষক নেতা সোনেশ্বৰ নৰহক লগত লৈ মহকুমাধিপতিৰ হাতত মনোনয়ন দাখিল কৰাৰ সমান্তৰালককৈ মহা জোঁট বন্ধনৰ মূল অংশীদাৰ কংগ্ৰেছৰ বোকাখাত ব্লেক সমিতিয়ে কোনোপধ্যেই প্ৰণৱ দলেক সমৰ্থন কৰা নহব বুলি বিদ্ৰোহ ঘোষণা কৰি বোকাখাতৰ কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত অজিত ভূঞাৰ পুত্তলিকা দাহ কৰি কাৰ্যালয়টোত তলা উলমাইছিল যদিও আজি উত্তৰ মহুৰা মণ্ডল কংগ্ৰেছ সমিতি আৰু দিচৈ মণ্ডল কংগ্ৰেছ সমিতিয়ে সকলো বাদ বিবাদ পৰিহাৰ কৰি কংগ্ৰেছ নেতৃত্বাধীন মহা জোঁটৰ প্ৰাৰ্থী প্ৰণৱ দলেক পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ কথা দিচৈ কংগ্ৰেছ মণ্ডল সমিতিৰ সভাপতি সুৰেশ মৰাং আৰু উত্তৰ মহুৰা আঞ্চলিক মণ্ডল সমিতিৰ কাৰ্যকৰী সভাপতি ললিত দাৱে জানিবলৈ দিছে।

নিয়ন্ত্ৰনহীন চলন্তত টেম্প ভেন বাগৰি পৰিল পথচাৰীৰ ওপৰত : এজন নিহত

তামুলপুৰ – ওদালগুৰি পথৰ সৌৰাগুৰীত দুপৰীয়া  সংঘটিত এক পথ দুৰ্ঘটনা ৷ তামুলপুৰৰ পৰা নাগ্ৰীজুলি অভিমুখে লোহাৰ পাইপ কঢ়িয়াই নিয়া এখন চলন্ত টেম্প’ ভেনে (এএছ ২৫ বিচি  ৮০৬৯) নিয়ন্ত্ৰন হেৰুৱাই পথেৰে গৈ থকা এজন চাইকেল আৰোহীৰ ওপৰত বাগৰি পৰাত ঠাইতে নিহত হয় চাইকেল আৰোহীজন ৷ নিহত চাইকেল আৰোহীজন  সৌৰাগুৰী গাওঁৰ  যাদৱ বৈশ্য (৪০) বুলি জানিব পৰা গৈছে ৷ প্ৰত্যক্ষ দৰ্শীয়ে জানিবলৈ দিয়া মতে আজি দুপৰীয়া ১২-৩০ মান  বজাত  তামুলপুৰ- ওদালগুৰি পথেৰে একে দিশে গৈ থকা অতিৰিক্ত লোৰ  পাইপ কঢ়িয়াই অনা টেম্প’ ভেন খন নিয়ন্ত্ৰন হেৰুৱাই এজন চাইকেল  আৰোহীৰ ওপৰত বাগৰি পৰে ৷ দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰি স্থানীয় লোকে  দুৰ্ঘটনাত পতিত বাহন খনৰ তলৰ পৰা বহু সময়ৰ মূৰত পথচাৰী জনক উলিয়াই যদিও আনে যদিও ইতিমধ্যে লোক জনৰ মৃত্যু মুখত পৰে ৷ পিচত কোনো লোকে তামুলপুৰ আৰক্ষী থানাত দূৰ্ঘটনা সন্দৰ্ভত খবৰ দিয়ে ৷ দূৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে তামুলপুৰ আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি থানালৈ লৈ যায় ৷ স্থানীয়  লোকে জানিবলৈ দিয়া মতে নিহত যাদৱ বৈশ্যই ওচৰৰে এঘৰৰ মৃতকৰ সকাম খাবলৈ চাইকেলেৰে গৈ আছিল ৷

মৰাণত অহা ১২ মাৰ্চত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৪৩ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

অসম আৰু অসমীয়া জাতিৰ সৰ্বতোপ্ৰকাৰৰ উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি ১৯৭৮ চনৰ ১২ মাৰ্চত গুৱাহাটীৰ  নবীন চন্দ্ৰ বৰদলৈ প্ৰেক্ষাগৃহত জন্ম লাভ কৰা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অহা ১২ মাৰ্চত ৪৩ বছৰত ভৰি দিব।অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সংগ্ৰামী যাত্ৰাৰ আৰম্ভণিৰ এই বিশেষ দিনটো উদযাপনৰ হেতু অহা ১২ মাৰ্চ শুক্ৰবাৰে চৰাইদেউ জিলা সমিতিৰ উদ্যোগত উজনি অসমৰ চৰাইদেউ জিলাত মৰাণৰ মিলিত শিল্পী সমাজৰ নাট্য মন্দিৰ প্ৰাঙ্গণত এদিনীয়া কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰিব।কাৰ্যসূচীৰ অনুসৰি পুৱা ৯-৩০ বজাত পতাকা উত্তোলন কৰিব অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই। ৯-৪৫ বজাত শ্বহীদ তৰ্পণ কৰিব পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে।পুৱা ১০ বজাত সৰ্তীথ স্মৃতি স্মৰণ কৰিব অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উপদেষ্টা ক্ৰমে–পুলক বৰা,কমৰোল হক,হেমেন চক্ৰৱতী আৰু ৰঞ্জিত চাংমাইয়ে । ১১ বজাত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব জনপ্ৰিয় কন্ঠ শিল্পী মানস ৰবীনে।দিনৰ ১ বজাত পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হ’ব মুকলি সভা।মুকলি সভাখন উদ্বোধন কৰিব পৰিষদৰ মুখ্য উপদেষ্টা কমল ভৰালীয়ে।সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব গোলাঘাট বীৰাংগনা সতী সাধিনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জ্যোতিপ্ৰসাদ শইকীয়াই।নিদিষ্ট বক্তা ৰূপে উপস্থিত থাকি বক্তব্য ৰাখিব পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক অদীপ কুমাৰ ফুকনে। বিশিষ্ট অতিথি আসনত অংশ গ্ৰহণ কৰিব ক্ৰমে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা,সদৌ,তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক মিলন বুঢ়াগোঁহাই,সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহেন চুতীয়া,সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ গোৱালা,সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি নৈ মৰাণ, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দেবেন উৰাং,সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বুধিন সোনোৱাল আৰু মটক যুৱ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ধৰণী গোহাঁইয়ে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৪৩ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসলৈ সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছে পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে।

মাজুলীত শ্বহীদ দণ্ডিৰাম ভৰালীক স্মৰণ : শ্বহীদ দণ্ডিৰাম ভৰালীৰ বাসগৃহলৈ যোৱা পথ নিৰ্মানৰ দাবী ছাত্ৰ সন্থাৰ

৮৫৫ জন শ্বহীদৰ ৰক্তেৰে ৰঞ্জিত ঐতিহাসিক অসম আন্দোলনত ১৯৮৩ চনৰ ১০ মাৰ্চ তাৰিখে অসম মাতৃৰ হৈ আত্ম বলিদান দিয়া মাজুলীৰ একমাত্ৰ জাতীয় শ্বহীদ দণ্ডিৰাম ভৰালীৰ ৩৮ সংখ্যক মৃত্যু তিথিত আজি মাজুলী জিলা ছাত্ৰ সন্থাই শ্বহীদ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ কাৰ্যসূচীৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে  মাজুলী  জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকাই ৷ শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে  মাজুলী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিতোপন শৰ্মাই ৷ পূৱ মাজুলী মহাবিদ্যালয়ৰ ছাত্ৰী সকলে সমবেত সংগীতেৰে আৰম্ভ কৰে শ্বহীদ তৰ্পণ অনুষ্ঠানৰ ৷ ইয়াৰ পিছতে শ্বহীদ দণ্ডিৰাম ভৰালী প্ৰতিচ্ছবিত মাল্য অৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞাই ৷ ভূঞাই বক্তব্য প্ৰসংগত জাতীয় বীৰ শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে অসম আন্দোলন , ভাষা আন্দোলনত যি সকল পংগু হ’ল তেখেত সকলৰো আশু আৰোগ্য কামনা কৰে ৷ লগতে  মাজুলীৰ একমাত্ৰ শ্বহীদ গৰাকীৰ বাসগৃহলৈ যোৱা পথটি আজিলৈকে নহ’ল পকীকৰণ নোহোৱাত সন্থাই ক্ষোভ প্ৰকাশ কৰে ৷ বাৰম্বাৰ চৰকাৰ আৰু প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰা হৈছে যদিও আজি পৰ্যন্ত পথটি নিৰ্মানৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহন নকৰিলে ৷ অতি শীঘ্ৰে সেই পথটি নিৰ্মাণৰ দাবী জনাইছে ছাত্ৰ সন্থাই ৷ পথটি নিৰ্মানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মাজুলী জিলা প্ৰশাসনকো আহ্বান জনাইছে ছাত্ৰ সন্থাই ৷ আজি পূৱ মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আয়োজন কৰা কাৰ্যসূচীত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে পূৱ মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অৰূপ কুমাৰ বৰা , শ্বহীদ দণ্ডিৰাম ভৰালীৰ ভাতৃ নগেন ভৰালীয়ে কাৰ্যসূচীত উপস্থিত থাকে সাংস্কৃতিক বিশ্ববিদ্যালয় , মাজুলীৰ শৈক্ষিক সমন্বয়ক ক্ষীৰসিন্ধু শইকীয়া , মাজুলী জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দেউজান মিলি, কাকুমনি কলিতা, শিক্ষা সম্পাদক উত্তম বৰা, পূৱ মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি যদুমনি হাজৰিকা সাধাৰণ সম্পাদক দীপাংকৰ ৰাজকোৱাৰ লগতে পূৱ মাজুলী মহাবিদ্যালয় আৰু  সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ – ছাত্ৰী সকল৷