জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ উপস্থিতিত দীপৰ বিলৰ উপযুক্ত সংৰক্ষণৰ বাবে জিলা প্ৰশাসন আৰু বন বিভাগৰ যুটীয়া জৰীপ
বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰা দীপৰ বিলখনক বিজ্ঞানসন্মত ভাবে সংৰক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰে তৎপৰতা আৰম্ভ কৰিছে । বিশেষকৈ বিগত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ কিছুদিন পূৰ্বে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দীপৰ বিলত এটা অনুষ্ঠানত ভাগলৈ আগন্তক দিনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে চৰকাৰ গঠন কৰিলে বিলখনৰ উপযুক্ত সংৰক্ষণ , সংবৰ্ধন কৰি তাক পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণ কৰা হব বুলি ঘোষণা কৰিছিল । অৱশেষত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পূৰ্বসুৰী সৰ্বানন্দ সোণোৱালে কৰা ঘোষণাক বাস্তৱায়িত কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে । ইয়াৰ অংশহিচাপে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই দীপৰ বিলখনক বিজ্ঞানসন্মতভাবে সংৰক্ষণ কৰি তাক পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংলিষ্ট বিভাগ সমূহক নিৰ্দেশ দিছে । এই নিৰ্দেশৰ আধাৰত আজি দিনৰ ভাগত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ নেতৃত্বত জিলা প্ৰশাসনৰ এটা দল দীপৰ বিলত উপস্থিত হয় । দলটোত কামৰূপ মহানগৰ জিলাৰ জিলা উন্নয়ন আয়ুক্ত নিবেদন দাস পাটোৱাৰী , অতিৰিক্ত উপায়ুক্ত গুনজিৎ দাস , অসম চৰকাৰৰ সহকাৰী ভূমিলেখ্য অধিকৰ্তা বিতোপন কোঁৱৰ , আজাৰা আৰু গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াদ্বয় ক্ৰমে মৃণাল বৰা আৰু লক্ষ্যজিৎ দুৱৰীয়া , লাট মণ্ডল , বন বিভাগৰ গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ সহকাৰী বন সংৰক্ষক মুকুল তামুলী , দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যৰ বনাঞ্চলিক বিষয়া যতীন বৰা উপস্থিত থাকে । আনহাতে দলটোৱে মেচিন নাৱেৰে সমগ্ৰ দীপৰ বিল পৰিভ্ৰমণ কৰে আৰু উপায়ুক্ত বিশ্বজিৎ পেগুৰ উপস্থিতিত বিলখনত জিলা প্ৰশাসন আৰু বন বিভাগৰ দলটোৱে যুটীয়াভাবে জৰীপ চলায় । আনহাতে জৰীপৰ অন্তত সাংবাদিকৰে সৈতে হোৱা চমু বাৰ্তালাপত উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় বিলখনৰ বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষিত ৪.১ বৰ্গ কিঃমিঃ ৰ উপৰিও চৰকাৰে চাৰিওকাষে অতিৰিক্তভাবে ২.৮ বৰ্গ কিঃমিঃ অঞ্চল বাফাৰ জন হিচাপে সংৰক্ষণ কৰিব । সেই অতিৰিক্ত স্থানখিনী চিনাক্ত কৰি তাক সংৰক্ষণৰ লক্ষ্যৰে আজি বিলখনত যুটীয়াভাবে জৰীপ কার্য চলোৱাৰ লগতে গুৱাহাটীক বচাবলৈ হলে দীপৰ বিলৰ সংৰক্ষৰ বিকল্প নাই বুলি উপায়ুক্ত বিশ্বজিৎ পেগুৱে সদৰী কৰিছে ।

তামুলপুৰৰ কুমাৰীকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা,গুৰুতৰ ভাৱে আহত এজন কিশোৰ
দেওবাৰে পুৱাই তামুলপুৰ মহকুমাৰ অন্তৰ্গত দক্ষিণ কুমাৰীকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে এজন কিশোৰ গুৰুতৰ ভাৱে আহত হৈ চিকিৎসাধীন হ’বলগা হয়। জানিব পৰা মতে ১২৭ নং ডি ৰঙিয়া- ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণ কুমাৰীকাটাৰ ৰাজহুৱা প্ৰেক্ষাগৃহৰ কিছু দূৰত ৰঙিয়া অভিমূখে গৈ থকা AS 25DC 5532 নম্বৰৰ ডাম্পাৰ খনে আন এখন As 25 DC 4431ডাম্পাৰৰ পিছ ফালে খুন্দিয়াই দিয়াৰ বাবেই উক্ত দুৰ্ঘটনাটো সংঘটিত হয় । ফলত বহু সময় লৈকে ডাম্পাৰ খনত উঠি অহা কিশোৰ গৰাকী আবদ্ধ হৈ পৰে, পিছত জেচিবি লগাইহে কিশোৰ গৰাকীক উদ্ধাৰ কৰি কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।।বৰ্তমান কিশোৰ গৰাকী সংকট মুক্ত বুলি জানিব পৰা গৈছে । ইতিমধ্যে কুমাৰীকাটা আৰক্ষীয়ে দুয়োখন ডাম্পাৰ জব্দ কৰি আৰক্ষী চকীলৈ লৈ যায় ।
চিৰাঙৰ শ্ৰমিক পৰিয়ালৰ কৰুণ মৃত্যু,শুই থকা অৱস্থাতে শৰীৰৰ ওপৰেদি পাৰ হৈ গল হাইড্ৰা
অৰুনাচল আপাৰসিং জিলাৰ পথ নিৰ্মানৰ কামত নিয়োজিত চিৰাঙৰ শ্ৰমিক পৰিয়ালৰ কৰুন মৃত্যু। জানিব পৰা অনুসৰি চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত ২নং আব্দাগুৰি গাঁওৰ বাসিন্দা আমজাদুৰ ৰহমান অৰুনাচলৰ আপাৰসিং জিলাৰ ফুৰুং (টুটিং) চলি থকা পথ নিৰ্মানৰ কামত পৰিয়াল সহ কাম কৰিবলৈ গৈছিল। শনিবাৰে পুৱা পৰিয়ালটো শুই থকা অৱস্থাতে হাইড্ৰা এখনে পথৰ দাতিতে থকা ঘৰটি মহটিয়াই নিয়াত দুজন নিহত হয় দুজন শ্ৰমিক। নিহত দুজন ক্ৰমে আমজাদুৰ ৰহমানৰ পত্নি মাছুদা খাতুন(২১)আৰু তেওঁৰ চাৰি বছৰীয়া সন্তান মাজিদুৰ ৰহমান(৪) ।অৱস্থাতে হাইড্ৰাই । অতিকে দৰিদ্ৰ পৰিয়ালটি এতিয়া নিঠৰুৱা । দুজন লোকৰ মৃত্যুক লৈ চিৰাঙৰ আব্দাগুৰি গাঁওত চাঞ্চল্যৰ সৃষ্টী হৈছে। চিৰাঙৰ পানবাৰী আঞ্চলিক এবিএমছুয়ে অসম চৰকাৰ আৰু অৰুনাচল চৰকাৰক দাবী জনায় দৰিদ্ৰ পৰিয়ালটিক উপযুক্ত ক্ষতিপুৰণ দিয়াৰ বাবে আৰু মৃতদেহ ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰাৰ বাবে।
দ্বাৰকুছি- ৰাঙাপানী- কাউৰবাহা সংযোগী বৰলীয়া নৈৰ ওপৰৰ বাঁহৰ সাঁকো উটুৱাই নিলে বাঢ়নী পানীয়ে।
তামুলপুৰ মহকুমাৰ দ্বাৰকুছিৰ সমীপৰ লাছিঘাটত বৰলীয়া নৈৰ ওপৰত থকা এখন বাঁহৰ সাঁকো আজি বৰলীয়া নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ ফলত অঞ্চলটোৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে। দ্বাৰকুছি- ৰাঙাপানী- কাউৰবাহা সংযোগী পথৰ লাছিঘাটত থকা বাঁহৰ দলংখন আজি উটুৱাই নিয়াৰ ফলত লাছি, গলবেৰা, উত্তৰ গলবেৰা, ৰাঙাপানী, কাউৰবাহা, গান্ধীবাৰী, গোৰেশ্বৰ আদি অঞ্চলৰ হেজাৰ হেজাৰ ৰাইজৰ যাতায়ত আজি বন্ধ হৈ পৰে। উল্লেখ্য যে কিছু বছৰ আগলৈ লাছিঘাটত বৰলীয় নৈৰ ওপৰত এখন কাঠৰ দলং আছিল যদিও সেইখন মেৰামতি নকৰাৰ ফলত জৰাজীৰ্ণ হৈ পৰে আৰু বৰলীয়া নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়াত যোগাযোগ বন্ধ হৈ পৰে। তাৰ পিছত নদীৰ দুয়োটা পাৰৰ অঞ্চলটোৰ স্থানীয় ৰাইজে বৰলীয়া নৈৰ ওপৰত এখন বাঁহৰ সাঁকো সাজি সাঁকো খনৰ ওপৰেৰে যাতায়ত অব্যাহত ৰাখিছিল। প্ৰতি বছৰে স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি বাঁহৰ সাঁকো নিৰ্মান কৰি যাতায়ত অব্যাহত ৰাখে যদিও সাঁকো খন উটুৱাই নিয়াত পুনৰ যাতায়ত বন্ধ হৈ পৰে। আজি বছৰটোৰ প্ৰথমটো বানে সাঁকো খন পুনৰ উটুৱাই নিয়াত কেইবাখনো গাঁওৰ হেজাৰ হেজাৰ সৰ্বসাধাৰণ ৰাইজৰ লগতে বিদ্যালয়- মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰী আৰু ৰোগীৰ যাতায়তৰ বাবে বন্ধ হৈ পৰে যাতায়ত। অনতি পলমে দ্বাৰকুছি-ৰাঙাপানী- কাউৰবাহা পথত এখন পকী দলংৰ নিৰ্মাণৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচি প্ৰধান প্ৰমোদ বড়োক অনুৰোধ জনাইছে এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক টাইছন হুছেইন, তামুলপুৰ জিলা এবিএমছুৰ সভাপতি বদৰুদ্দিন খানৰ লগতে অঞ্চলটোৰ স্থানীয় ৰাইজে।
ছিপাঝাৰ উন্নয়ন খণ্ডত এম জি এনৰেগাৰ ৩০ কোটিৰ কেলেংকাৰীৰ অভিযোগ
দৰং জিলাৰ ছিপাঝাৰ উন্নয়ন খণ্ডত চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগে ৰূপায়ন কৰা এমজিএনৰেগা আচনিৰ নামত প্ৰায় ৩০ কোটি অধিক টকাৰ এক বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উথাপিত হৈছে । দুৰ্নীতি বিৰোধী যুৱ শক্তি , অসমৰ দৰং জিলা সমিতিয়ে লিখিতভাৱে দাঙি ধৰা অভিযোগ অনুসৰি বিগত ২০১৯ – ২০ আৰু ২০২০ – ২১ বৰ্ষত জিলা গ্ৰামোন্নয়ন বিভাগে গাইড লাইন উলংঘন কৰি হকে বিহকে ১২০ ৰো অধিক আঁচনি অনুমোদন দি সংঘটিত কৰিছে ব্যাপক অনিয়ম । জিলাখনৰ ভিতৰতে বৃহৎ উন্নয়ন খণ্ডৰূপে পৰিগণিত এই ছিপাঝাৰ উন্নয়ন খণ্ডৰ অধীনস্থ ২৫ খন গাঁও পঞ্চায়তত এই পৰ্যন্ত আধৰুৱা প্ৰতিখন এমজি এনৰেগা আচনি । একমাত্ৰ কমিছনৰ পদ্ধতিত জিলা প্ৰকল্প সঞ্চালকৰ পৰা আৰম্ভ কৰি উন্নয়ন খণ্ডৰ বি ডি অ , গাননিক, এ ই , জি আৰ এছ , সচিব আদিয়ে একাংশ পাবত গজা বি জে পি ৰূপী ঠিকাদাৰৰ সহযোগত সামান্য কাম কৰিয়ে আচনিৰ ধন লাখে লাখে হজম কৰাৰ অভিযোগ তুলিছে সংগঠনটোৱে । দুৰ্নীতি বিৰোধী সংগঠনটোৱে সমষ্টিটোৰ সানোৱা , চেঙেলীয়াঝাৰ , বাজনাপথাৰ , পাথৰিঘাট , দেবানন্দ , বুঢ়ীনগৰ , ঘোঁৰাবান্ধা , বৰদৌলগুৰি , মাৰৈ আদি পঞ্চায়তত নিৰ্মাণৰত আঁচনি পৰ্যবেক্ষণ কৰিলেই ধন লুণ্ঠনৰ প্ৰকৃত ছৱিখন উন্মোচিত হব বুলি কৈ এই ক্ষেত্ৰত উন্নয়ন খণ্ডটোৰ নৱনিযুক্ত বি ডি অ বিভাষ বৰাক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহন কৰিবলৈ সংগঠনটোৱে দাবী জনাইছে । কেৱল এমজিএনৰেগা আচনিয়েই নহয় বিগত বৰ্ষত সমষ্টিটোত চৰকাৰৰ সহযোগত ৰূপায়ন হোৱা অৰুনোদয় , কৃষক সন্মান নিধি , কৃষি সা – সজুলি যোগান আৰু স্বয়ম আচনিটো ব্যাপক দুৰ্নীতি হোৱা বুলি অভিযোগ কৰি এক উচ্চ পৰ্যায়ৰ তদন্তৰে ৰাইজক উপকৃত কৰিবলৈ কালি স্থানীয় বিধায়ক ড০ পৰমানন্দ ৰাজবংশীৰ হাতত এখন লিখিত পত্ৰ প্ৰদান কৰে সংগঠনটোৰ জিলা সভাপতি নিতানন্দ কলিতা আৰু সম্পাদক মুন মুন শইকীয়াই।
তিনি মাহতে পুৰণি জে’লৰ ভূমিত উদ্ভিদ উদ্যান স্থাপনৰ নির্দেশ মুখ্যমন্ত্রীৰ
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাহ শনিবাৰে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী অশোক সিংহলৰ উপস্থিতিত বিভাগটোৰ অধীনত ৰূপায়িত কেইবাটাও গুৰুত্বপূর্ণ প্রকল্পৰ পর্যালোচনা কৰে৷ মুখ্যমন্ত্রীয়ে অসম নগৰ আন্তঃগাঁথনি বিনিয়োগ কার্যসূচী, গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণ, গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী স্মার্ট চিটী প্রকল্পৰ কাম–কাজৰ বুজ লয়৷এছিয়ান ডেভেলপমেণ্ট বেংকৰ সাহায্যপ্রাপ্ত অসম নগৰ আন্তঃগাঁথনি বিনিয়োগ কার্যসূচীৰ অধীনত হাতত লোৱা ডিব্রুগড চহৰৰ গোটা আৱর্জনা নিষ্কাশন ব্যৱস্থাপনা আৰু ডিব্রুগড় চহৰ সুৰক্ষা নলা–নর্দমা প্রকল্পৰ কাম সময়মতে সম্পূর্ণ কৰি তুলিবলৈ মুখ্যমন্ত্রীয়ে বিভাগটোক নির্দেশ দিয়ে৷ এই কার্যসূচীৰ অধীনতে গ্রহণ কৰা দক্ষিণ–পূব গুৱাহাটী পানী যোগান প্রকল্পৰ ৰূপায়নৰ স্থিতিৰো পর্যালোচনা কৰি এইক্ষেত্রত কাম–কাজ খৰতকীয়া কৰি তুলিবলৈ তেওঁ বিভাগীয় মন্ত্রীগৰাকীক আহ্বান জনায়৷মহানগৰীৰ ব্রহ্মপুত্রৰ নদীৰ পাৰ সংলগ্ন ভূমিখণ্ডত যিকোনো নির্মাণকার্য বন্ধ কৰি নদীৰ পাৰ যথাসম্ভৱ মুকলি কৰা আৰু গুৱাহাটী মহানগৰীত অধিকসংখ্যক মুকলি স্থান তথা উদ্যান গঢ়ি তোলাৰ ওপৰত মুখ্যমন্ত্রীয়ে গুৰুত্ব আৰোপ কৰে৷ ফাঁচীবজাৰস্থিত পুৰণি কাৰাগাৰৰ ৫৬ বিঘা ভূমিৰ অধিকাংশ এলেকাত তিনি মাহৰ ভিতৰত এখন উদ্ভিদ উদ্যান (ব’টানিকেল গার্ডেন) গঢ়ি তুলিবলৈ তেওঁ গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণক নির্দেশ দিয়ে৷ মুখ্যমন্ত্রী ড০ শর্মাই গুৱাহাটী মহানগৰীৰ কৃত্রিম বানৰ সমস্যা, আৱর্জনা নিষ্কাশন ব্যৱস্থাপনা আৰু ষ্ট্রীট লাইটৰ সমস্যাৰ উপযুক্ত সমাধানৰ বাবে গুৱাহাটী পৌৰ নিগমে হাতত লোৱা কাম–কাজৰো বুজ লয়৷গুৱাহাটী স্মার্ট চিটী প্রকল্পৰ কাম–কাজৰ বুজ লৈ মুখ্যমন্ত্রীয়ে মহানগৰীৰ ষ্ট্রীট লাইট প্রকল্প শীঘ্রে সম্পূর্ণকৰণৰ লগতে স্মার্ট চিটীৰ প্রস্তাৱত সন্নিৱিষ্ট প্রাথমিক প্রকল্পসমূহ শীঘ্রে ৰূপায়ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে
ক’ভিড কেয়াৰ চেন্টাৰৰ পৰা দুজন আচামীৰ পলায়ন
পশ্চিম কাৰ্বি আংলং জিলাৰ টুম্প্ৰেঙস্থিত ক’ভিড কেয়াৰ চেন্টাৰৰ পৰা দুজন আচামী পলায়ন কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।শনিবাৰে নিশা চেন্টাৰটোৰ খিৰিকী ভাঙি পলায়ন কৰে আচামী দুজনে।পলায়ন কৰা আচামী দুজন ক্ৰমে বৰলংকি টিমুং আৰু জন ইংতি বুলি জানিব পৰা গৈছে।জিলাখনৰ বিভিন্ন প্ৰান্তত ভুৱা উগ্ৰপন্থী হৈ ধন দাবী কৰাৰ অপৰাধত বিগত ২৮ মে’ত দুয়োকে হামৰেণ আৰক্ষীয়ে উমৰাংছ’ৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।গ্ৰেপ্তাৰৰ পাছতেই ক’ভিডত আক্ৰান্ত হোৱাৰ বাবে দুয়োকে টুম্প্ৰেঙস্থিত ক’ভিড কেয়াৰ চেন্টাৰত ভৰ্তি কৰোৱা হৈছিল।পলাতক আচামী দুজনক আটক কৰাৰ বাবে আৰক্ষীয়ে অভিযান চলাই আছে যদিও এই ক্ষেত্ৰত এতিয়ালৈকে সফলতা লাভ কৰা নাই বুলি জানিব পৰা গৈছে।
গোলাঘাটত এখন পুৰণি নাৱৰ সম্ভেদ : অব্যাহত আছে উদ্ধাৰ অভিযান
গোলাঘাটত সম্ভেদপোৱা গৈছে ঐতিহাসিক যুগৰ এক প্ৰত্নতাত্ত্বিক সম্পদ।নদীত পোঁত গৈ থকা অৱস্থাত পোৱা গৈছে ৩০০ ৰ পৰা ৪০০ বছৰ পুৰণি এখনি নাওঁ। গোলাঘাটৰ ৰঙাজান গ্ৰান্টস্থিত শালমৰাটোপ গাঁৱত উদ্ধাৰ নাওঁখন।ধনশিৰি নদীৰ বুকুত পোঁত গৈ থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি জিলা প্ৰশাসনক অৱগত কৰে নাওঁখনৰ বিষয়ে। পুৱাই সেই স্থানত গোলাঘাট জিলা প্ৰশাসন,প্ৰত্নতাত্বিক বিভাগৰ লোক,এচডিআৰএফ বাহিনী আৰু বিধায়ক মৃণাল শইকীয়া উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান। বৰ্তমান নাওঁখন উদ্ধাৰ কৰিব পৰা হোৱা নাই যদিও এচডিআৰএফ আৰু প্ৰত্নতাত্বিক বিভাগৰ লোকে অব্যাহত ৰাখিছে প্ৰচেষ্টা। অৱশ্যে নাওঁখনৰ এটি ভগ্নাৱশেষ এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে।নাওঁ খন প্ৰায় ৫০ ফুট দৈৰ্ঘ্যৰ হ’ব বুলি অনুমান কৰা হৈছে।











