বিধানসভাৰ নিৰ্বাচনলৈ মাজতে কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ আন সমষ্টিৰ দৰে ৫৪ নং পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিটো নিৰ্বাচনী বতাহ বলা পৰিলক্ষিত হৈছে। পশ্চিম গুৱাহাটীত তৃতীয় তথাশেষ পৰ্যায়ত অহা ৬ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব। ইতিমধ্যে বহু বাদ-বিসম্বাদৰ অন্তত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে বৰ্তমানৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ টিকট প্ৰায় নিশ্চিত হোৱাৰ পাছত সকলোৰে দৃষ্টি নিবদ্ধ হৈছে কংগ্ৰেছ- এ.আই.ইউ.ডি এফৰ মহাজোঁটৰ প্ৰাৰ্থী কোন হব। জানিব পৰা মতে সমষ্টিটোত কংগ্ৰেছ দলে প্ৰতিদ্বন্দীতা আগবঢ়াব। কংগ্ৰেছ দলৰ হৈ টিকটৰ বাবে মুঠ ১০ জন প্ৰাৰ্থীয়ে আৱেদন কৰিছে। তেওঁলোক হল ক্ৰমে – প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা , জনজাতি কোষৰ নেতা তথা বিশিষ্ট সমাজ সংগঠক লক্ষণ ৰাভা , সঙ্গীতকাৰ বাবু ওৰফে কুমুদ বৰুৱা , ৰমেন বৰঠাকুৰ , দেৱ কুমাৰ বৰ্মন , বনদীপ দত্ত , নৱ কুমাৰ ডেকা , ৰাজা দাস , ৰতন বড়ো আৰু অভিজিৎ মজুমদাৰ । উল্লেখযোগ্য যে বিগত ২০১৬ চনত প্রথমবাৰৰ বাবে প্ৰতিদ্বন্দিতা কৰা আৰু বৰ্তমানৰ গুৱাহাটী জিলা কংগ্ৰেছ কমিটিৰ সভাপতি ড০ জুৰি শৰ্মা বৰদলৈয়ে এইবেলি টিকটৰ বাবে আবেদন কৰা নাই । বিগত নিৰ্বাচনত ড০ বৰদলৈয়ে প্ৰায় ৪৩ হাজাৰ ভোট লাভ কৰাৰ বিপৰীতে মিত্ৰজোঁটৰ হৈ অগপৰ বিজয়ী প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ কলিতাই লাভ কৰিছিল প্ৰায় ১.৩৩ লাখ হাজাৰ ভোট । তেনেদৰে কংগ্ৰেছৰ টিকটৰ পৰা বঞ্চিত হৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দীতা কৰা সমষ্টিটোৰ দুবাৰৰ প্ৰাক্তন বিধায়ক হেমন্ত তালুকদাৰে লাভ কৰিছিল প্ৰায় চাৰে ১২ হাজাৰ ভোট । ইফালে মনোনয়ন পত্ৰ দাখিলৰ বাবে মাজতে মাত্ৰ চাৰিদিনমান বাকী থকা অৱস্থাত এতিয়ালৈ কংগ্ৰেছ দলে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা নকৰাত দলটোৰ সাধাৰণ কর্মী-সমৰ্থকটো বাদেই প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলোৰ মাজতো উৎকণ্ঠা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । আনকি ইয়াৰ কেবাজনও টিকট লাভৰ আশাত দলৰ কেবাজনো ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ নেতাৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি আছে । ইফালে সমষ্টিটোৰ কংগ্ৰেছ দলৰ একাংশ নেতা-কৰ্মীয়ে অভিযোগ কৰা অনুসৰি আবেদনকাৰী সকলৰ কেবাজনো প্ৰাৰ্থীক এতিয়ালৈকে কর্মী সকলে দেখা পোৱাটো দুৰৰে কথা তেওঁলোকক চিনিয়ে নাপায় । আনকি সমষ্টিটোৰ ভৌগোলিক পৰিসীমাৰ বিষয়েও জ্ঞাত নহয় কেবাজনো প্ৰাৰ্থী । যাৰ বাবে মিত্ৰজোঁটৰ সম্ভাব্য প্ৰাৰ্থী অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সৈতে মূল প্ৰতিদ্বন্দীতালৈ দলৰ প্ৰাৰ্থী আহে নে নাহে তালৈ সন্দেহ ব্যক্ত কৰিছে দলৰ বহু কৰ্মীয়ে । কিয়নো কংগ্ৰেছ দলে প্ৰাৰ্থী নিৰ্বাচনক লৈ দোধোৰ মোধোৰ অৱস্থাত থকাৰ সময়তে অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ১০ মাৰ্চত ধাৰাপুৰত বিশাল দলীয় সভা অনুষ্ঠিত কৰি নিৰ্বাচনী গীত পৰ্যন্ত মুকলি কৰিছে । ৰাজনৈতিক পৰ্যবেক্ষক সকলৰ মতে সমষ্টিটোৰ জনগাঁথনি অনুসৰি অগপ আৰু বিজেপি দলৰ মাজত ভোট বিভাজন নহলে কোনোপধ্যেই কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিজয়ী হব নোৱাৰে । সমষ্টিটোত ১৯৮৫ চনৰ পৰা মুঠ সাতবাৰ প্ৰতিদ্বন্দীতা কৰি একেৰাহে তিনিবাৰসহ মুঠ পাঁচবাৰ বিধায়ক হৈছে অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা । দুবাৰ অগপ চৰকাৰ থকাৰ সময়ত তেওঁ দুবাৰকৈ মন্ত্ৰী পদো অলংকৃত কৰিছে । দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দি সাধাৰণ ৰাইজৰ সমাদৰ লাভ কৰা ৰমেন্দ্ৰ নাৰায়ণ কলিতাক মহাজোতে প্ৰত্যাহ্বান জনাব পাৰে নে নোৱাৰে সেয়া ভোটগণনাৰ অন্তত হে নিশ্চিত হব বুলি ৰাজনৈতিক পৰ্যবেক্ষক সকলে মত ব্যক্ত কৰিছে ।
নাজিৰাত আৰক্ষী পৰ্যবেক্ষকৰ সৈতে বৈঠক
১০৪ নং নাজিৰা বিধানসভা সমষ্টিত আগন্তুক বিধানসভা নিৰ্বাচন পৰ্যবেক্ষন কৰিবলৈ আৰক্ষী পৰ্যবেক্ষক আই. পি. এছ ১৯৯৮ বৰ্ষৰ ইউ পি কেদাৰৰ সুভেদ্ৰ কুমাৰ ভগত ইতিমধ্যে শিৱসাগৰত উপস্থিত হয়। আজি পুৱাৰ ভাগত তেওঁ নাজিৰা জিলা নিৰ্বাচনী বিষয়া লক্ষিমী দত্ত, নাজিৰা নিৰ্বাচন জিলাৰ নিৰ্বাচন পৰ্যবেক্ষক ড০ পাৰ্থ সাৰথি মিশ্ৰ (আই এ এছ), শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা আৰু মহ্কুমা আৰক্ষী বিষয়া প্ৰদীপ কো৺ৱৰৰ লগত নিৰ্বাচন সম্বন্ধীয় সভাত মিলিত হয়। তেওঁৰ লগত দুজন প্ৰটকল বিযয়া ক্ৰমে শিৱসাগৰৰ সহ আৰক্ষী বিষয়া গীতাৰ্থ চৌধুৰী, জিলা ক্ৰীড়া বিষয়া প্ৰতিম বৰুৱাক নিয়োগ কৰা হৈছে। নাজিৰাৰ নিৰ্বাচন সম্বন্ধীয় অভিযোগ সমূহ পোনপতীয়া কৈ তেখেতক ৬০০২৪৬১০২৪ নম্বৰত যোগাযোগ কৰিবলৈ জনোৱা হৈছে। তেওঁ আৰক্ষী তহলদাৰী দল আৰু অন্যান্য নিৰ্বাচনী সুৰক্ষাৰ লগত জড়িত বিষয়সমূহৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি নাজিৰা বিধানসভা সমষ্টিৰ অতি পিচপৰা আৰু ভিতৰুৱা ভোট গ্ৰহন কেন্দ্ৰসমূহৰ কটকটীয়া নিৰাপত্তা প্ৰদান কৰিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। আৰক্ষী পৰ্যৱেক্ষক সুভেদ্ৰ কুমাৰ ভগতে ইতিমধ্যে বহুকেইখন নিৰ্বাচন সম্বন্ধীয় সভাত অংশগ্ৰহণ কৰি চৰাইদেউ, শিৱসাগৰ, সোনাৰি আৰু ডিমৌ থানাসমূহ নীৰিক্ষন কৰে। লগতে থাওৰা বিধানসভা সমষ্টি আৰু অৰুণাচলৰ সীমামূৰীয়া জিলা লংডিংত উপস্থিত হৈ নিৰ্বাচন সম্বন্ধীয় বিষয়সমূহৰ বুজ লোৱাৰ লগতে বহু কেইটা ভোত গ্ৰহাণ কেন্দ্ৰ নীৰিক্ষণ কৰে। তদুপৰি তেওঁ Central Para Military Force ৰ লগত জড়িত বিষয়সমূহ পুনঃ নীৰিক্ষণ কৰে। তেওঁ বিশেষকৈ FST আৰু SST ৰ লগত জড়িত বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আগন্তুক নিৰ্বাচনত কোনো ধৰণৰ দুৰ্নীতি তথা অনিয়ম কাৰ্য্য যাতে সংঘটিত নহয় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ।
নদুৱাৰ অঞ্চলত মহা শিৱ ৰাত্ৰিৰ পালন দেৱালয়-মন্দিৰত ভক্তসকলৰ পূজা অৰ্চনা
সমগ্ৰ দেশৰ লগতে ৰাজ্যতো বিভিন্ন প্ৰান্তৰত মহা শিৱ ৰাত্ৰি পালন। নদুৱাৰ অঞ্চলতো আজি মহা শিৱ ৰাত্ৰি পালন কৰা দেখা গৈছে। পুৱাৰ পৰাই ভক্ত সকলে মন্দিৰ সমুহত চাকি বন্তিৰে পূজা অৰ্চনা কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে বিশেষকৈ নদুৱাৰ অঞ্চলৰ নগশংকৰ দেৱালয়,নাগেশ্বৰ মন্দিৰ, ইটাখোলাৰ পাৰ্বতী মন্দিৰ অৰু বালিজুৰি শিৱ মন্দিৰত ভক্ত সকলে জাকে জাকে সমাগম ঘটাই পূজা-অৰ্চনাত ব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে। ইপিনে সমাগত ৰাজ্যত সাধাৰণ নিৰ্বাচন প্ৰাৰ্থিসকলে প্ৰাক নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে নদুৱাৰ অঞ্চলতো বিশেষকৈ বিজেপি আৰু কংগ্ৰেছ দলৰ দলীয় প্ৰাৰ্থিসকলে নিজ নিজ দলীয় সমৰ্থকক লৈ দেৱালয়,মন্দিৰসমুহত গমন কৰি আশিস লোৱা দেখা গৈছে। ইয়াৰ মাজতে অঞ্চলটোৰ কুচুমতোলা,টুপীয়া,ৰঙাচকুৱা হাটিঙা,মনাই আৰু গেলাহাটিঙাৰ গাঁও অঞ্চলত বছৰ বছৰ ধৰি পালন কৰি অহা মহা শিৱ ৰাত্ৰিভাগ উলহ-মালেহেৰে আয়োজন কৰি নাম কীৰ্তনৰ কাৰ্যসূচীৰে মূখৰিত কৰা পৰিলক্ষিত হৈছে।
চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ নামত সৰ্বানন্দ সোণোৱাল চৰকাৰে চাহ শ্ৰমিক সকলক প্ৰতাৰণা কৰাৰ অভিযোগ চিপিআই(এম-এল) নেতা বিবেক দাসৰ
সৰ্বানন্দ সোণোৱাল চৰকাৰে অসমৰ চাহ শ্ৰমিক সকলক ঢাল হিচাপে লৈ নিৰ্বাচনী বৈতৰণি পাৰ হ’বলৈ চেষ্টা কৰি শেষত আইনী মেৰপেচত সোমাই পৰা কাৰ্যৰ চাহ শ্ৰমিক অধ্যুষিত বিহালী বিধানসভা সমষ্টিত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্য চৰকাৰৰ কেবিনেটে চাহ শ্ৰমিকৰ মজুৰি ৫০ টকা বৃদ্ধি কৰাৰ কাৰ্যকৰী কৰাৰ সময়তে উচ্চ ন্যায়ালয়ে কালি স্থগিত কৰে। সৰ্বানন্দ সোণোৱাল চৰকাৰৰ মজুৰি বৃদ্ধি কাৰ্যকৰী কৰণৰ সুবিধাবাদী স্থিতিৰ বাবেই আইনী মেৰপাছত সোমাই পৰিছে বুলি চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিৰ মূখ্য আহ্বায়ক তথা ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ মহাজোট বন্ধনৰ প্ৰক্ষেপিত চিপিআই(এম-এল) দলৰ প্ৰাৰ্থী বিবেক দাসে মন্তব্য কৰিছে। বিবেক দাসে কয় যে,সৰ্বিনন্দ সোনোৱাল চৰকাৰে অৱশেষত চাহ শ্ৰমিক ৰাইজক ৰামঠগন দিলে। বিজেপি চৰকাৰে চাহ শ্ৰমিক সকলক আৰম্ভণিৰ পৰাই বাৰে বাৰে ঠগি আহিছে। চৰকাৰে শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ বাবে যিখন মজুৰি উপদেষ্টা ব’ৰ্ড গঠন কৰিছে সেইখনেই হৈছে আইনী সন্মত সংস্থা। উপদেষ্টা বৰ্ডত অসম চৰকাৰৰ ৫ জন,ট্ৰেড ইউনিয়নৰ ৫ জন আৰু মালিক পক্ষৰ ৫ জন মুঠ ১৫ জন সদস্য আছে। লেবাৰ কমিচনাৰ উপদেষ্টা বৰ্ডৰ এজন মেম্বাৰ। তাতে লেবাৰ কমিচনাৰে ২০১৮ চনত চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকা হ’ব লাগে বুলি প্ৰস্তাব ৰাখিলে। যদি চৰকাৰ সচাকে দায়িত্বশীল হয় তাত চৰকাৰ ৫ জন সদস্য আৰু ট্ৰেড ইউনিয়নৰ ৫ জন সদস্যই নিশ্চয় সন্মতি জনালে হয়। তাত অসম চাহ মজদুৰ সংঘৰ ৩ জন সদস্য আছে। অসম চাহ মজদুৰ সংঘই বিভিন্ন সময়ত ৩৫১ টকা মজুৰিৰ হ’ব লাগে বুলি দাবী জনাই আহিছে। গতিকে অতি সহজে আইন খন উপদেষ্টা বৰ্ডত আইন সন্মত ভাৱে গৃহিত হৈ গ’ল হয়। সেই সময়ত পল্লৱলোচন দাস শ্ৰম মন্ত্ৰী আছিল। লেবাৰ কমিছনাৰৰ প্ৰস্তাৱক কেইটামান মালিক পক্ষই পল্লৱলোচন দাসক দিয়া অভিযোগত পল্লৱলোচন দাসে আলোচনা হবই নিদিলে। চাহ শ্ৰমিক সকলৰ দীৰ্ঘদিনীয়া দাবী এটা পল্লৱলোচন দাসে চৰুক সুধি চাউল বহোৱাৰ দৰে অগ্ৰাহ্য কৰিলে। এতিয়া চাহ শ্ৰমিকৰ ভোট লাভ কৰিবলৈ কেবিনেট বহি বিজেপি চৰকাৰে সিদ্ধান্ত লৈছে। সৰ্বানন্দ সোনোৱালে ২০১৬ চনৰ নিৰ্বাচনতে চাহ শ্ৰমিক ৩৫১ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।আনকি নৰেন্দ্ৰ মোদীয়ে ও প্ৰথমবাৰ শাসনলৈ অহাৰ আগত চাহ শ্ৰমিক সকলক প্ৰতিশ্ৰুতি দিছিল। চাহ শ্ৰমিকৰ মজুৰি ২০১৮ চনত আছিল ১৬৭ টকা। এই মজুৰি বহুত কম আৰু যি ৫০ টকা বাঢ়িছে সেয়াও বহুত কম। আইন অনুসৰি প্ৰতি বচৰে মজুৰিৰ ভিডিএ বৃদ্ধি হয়। ২০১৯,২০২০ আৰু ২০২১ ত ভিডিএ অন্যায় ভাৱে নবঢ়ালে। যদি ভিডিএ বাঢ়িল হয় তেন্তে পূৰ্বৰ ১৬৭ টকা মজুৰিয়েই বৰ্তমান ২০১৭ টকাতকৈ অধিক হ’ল হেতেন। তাকে নকৰি জটিল প্ৰক্ৰিয়াৰে ষড়যন্ত্ৰ মূলক ভাবে বিজেপি চৰকাৰে কেবিনেট বহি ৫০ টকা মজুৰি বৃদ্ধি কৰি আইনী মেৰপেছত সুমুৱাই দিছে। গতিকে এইটো এটা বিজেপি চৰকাৰৰ কৌশল । এফালে মজুৰি বৃদ্ধি কৰা দেখুৱাই চাহ শ্ৰমিক সকলক আকৃষ্ট কৰিবলৈ চেষ্টা কৰিছে আনফালে বন্ধও কৰাইছে। গতিকে চাহ শ্ৰমিক সকলে বিজেপি চৰকাৰৰ এই প্ৰতাৰণাৰ এক উচিত জবাব দিব লাগিব আৰু এই নিৰ্বাচনতে সুযুগ লব লাগিব বুলি বিবেক দাসে মন্তব্য প্ৰকাশ কৰে।
গোসাঁইগাঁৱৰ দাৱাগুৰিত মহা শিৱ ৰাত্ৰি উৎসৱৰ ৰূপালী জয়ন্তী
প্ৰতিবছৰৰ দৰে এইবেলিও গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৱৰ্তী দাৱাগুৰি স্হিত বাথৌপুৰী জগন্নাথ ধামত ১১ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মহা শিৱ ৰাত্ৰি পূজাৰ আয়োজন কৰা হৈছে। লগতে উক্ত মন্দিৰৰ ৰূপালী জয়ন্তী বৰ্ষ পালনৰ বাবেও একাধিক কাৰ্যসূচী গ্ৰহন কৰি যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে বুলি মন্দিৰ তথা উৎসৱ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক ক্ৰমে মনীন্দ্ৰ নাৰ্জাৰী আৰু সমৰেন্দ্ৰ মুছাহাৰীয়ে জানিবলৈ দিয়ে।এই উৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে মন্দিৰ তথা সংলগ্ন ঠাই সমূহ আটকধূণীয়া কৈ সজাই পৰাই তোলা হৈছে। মহা শিৱ ৰাত্ৰি উপলক্ষে পূজা আৰু ৰূপালী জয়ন্তী উপলক্ষে আয়োজন কৰা কাৰ্যসূচী মতে ১১ মাৰ্চত পুৱা ১০-৩০ বজাত ধৰ্ম ধ্বজা উত্তোলন কৰাৰ পাছতে মহা শিৱ ৰাত্ৰিৰ পূজা পাঠ আৰম্ভ কৰা হ’ব। বিয়লি ২-০০ বজাত ৰূপালী জয়ন্তী উপলক্ষে প্ৰকাশ কৰা ‘ছিজৌ’ নামৰ এখন স্মৃতি গ্ৰন্হৰ উন্মোচন কৰা হ’ব।২-৪৪ বজাত প্ৰথম প্ৰাহৰিক পূজা হ’ব।ইয়াৰ পাছত সন্ধিয়া ৬-০০ বজাত অনুষ্ঠিত হ’ব মহা যজ্ঞাহুতি।সন্ধিয়া ৬-৩০ বজাত দ্বিপ্ৰাহৰিক পূজা আৰু ৰাতি ৯-৩০ বজাত ত্ৰিপ্ৰাহৰিক পূজা অনুষ্ঠিত হ’ব।পাছদিনা অৰ্থাৎ ১২ মাৰ্চত পুৱা ৮-০০ বজাত অনুষ্ঠিত হ’ব গংগাস্নান।পুৱা ৯-০০ বজাত অনুষ্ঠিত হ’ব চাৰি প্ৰাহৰিক মহাশিৱ ৰাত্ৰী পূজা। ইয়াৰ পাছত দুপৰিয়া ১২-৩০ বজাত হ’ব পূৰ্ণাহুতি।পূৰ্ণাহুতিৰ পাছত মহা প্ৰসাদ বিতৰণ আৰু সন্ধিয়াৰ পৰা অনুষ্ঠিত হ’ব ধৰ্মালোচনা আৰু পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠান।দুদিনীয়া কাৰ্যসূচীত গুৱাহাটীৰ পৰা দীপক বাবা মুখ্য পুৰোহিত হিচাপে উপস্হিত থকাৰ লগতে বৃহত্তৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ হেজাৰ হেজাৰ ধৰ্মপ্ৰাণ লোকে মহা শিৱৰাত্ৰি উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্হিত থাকিব বুলি আয়োজক সমিতিয়ে সদৰী কৰে।
সদৌ অসম মাঞ্চুৰীয়ান কিক বক্সিঙত সোণ জয় নাজিৰাৰ হিমাংশু বৰদলৈ আৰু কল্যাণ লাহনৰ
বকতা ঢেকেৰীছিগাত ৬,৭ মাৰ্চত দুদিনীয়াকৈ অনুষ্ঠিত সদৌ অসম প্ৰাইজমণি অল ষ্টাইল কিক বক্সিং প্ৰতিযোগিতাত চকীমুখ মাঞ্চুৰীয়া কুং-ফু আৰু আছিহাৰা কেৰাটে একাডেমিৰ খেলুৱৈয়ে অংশ গ্ৰহণ কৰি পদক জয় কৰিবলৈ সক্ষম হয় । ক্লাৱৰ হৈ অংশ গ্ৰহণ কৰা নাজিৰাৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ হিমাংশু বৰদলৈয়ে ৩০ কিলোগ্ৰাম শাখাত সোণৰ পদক, চকীমুখৰ কল্যাণ লাহনে ২০ কিলোগ্ৰাম শাখাত সোণৰ পদক লাভ কৰে । মণীষ কৈৰীয়ে ২১ কিলোগ্ৰাম শাখাত ৰূপৰ পদক লাভ কৰাৰ লগতে কস্ত্তৰী বৰগোহাঁই, অনুভৱ গগৈ, কৃষ্ঞৰাম গগৈ, বিবেক ঠাকুৰে ৰূপৰ পদক লাভ কৰে । সুপ্ৰিয়া গগৈ, ৰিচা দুৱৰী, নেহা কৈৰী, চিন্ময় গগৈয়েও পদক বুটলিবলৈ সক্ষম হয় । প্ৰশিক্ষক চিফু ডিম্বেশ্বৰ বৰদলৈৰ (ফ’ৰ্থ ডান ব্লেক বেল্ট) তত্বাৱধানত প্ৰতিযোগিতাত অংশ গ্ৰহণকাৰী চকীমুখ মাঞ্চুৰীয়া কুং-ফু ক্লাৱে প্ৰতিযোগিতাত তৃতীয় শ্ৰেষ্ঠ স্থান লাভ কৰে । প্ৰতিযোগিতাৰ আয়োজন কৰিছিল বকতা ঢেকেৰীছিগা যুৱ সংঘ আৰু বক্তা ঢেকেৰীছিগা কিক বক্সিং ক্লাৱে ।
প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হৈ অ জা প ত্যাগ কৰিলে প্ৰতিষ্ঠাপক যুটীয়া সম্পাদক সুবীৰ মেচে দিলীপ হাজৰিকা
সমাগত অসম বিধান সভা নিৰ্বাচনত ১০৪ নং নাজিৰা বিধান সভা সমষ্টিৰ অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থীত্বৰ প্ৰবল দাবীদাৰ তথা দলটোৰ অন্যতম প্ৰতিষ্ঠাপক যুটীয়া সম্পাদক সুবীৰ মেচে দলটোৰ সভাপতি লুৰীণ জ্যোতি গগৈৰ একনায়কত্ববাদৰ লগতে প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হোৱাৰ প্ৰতিবাদকল্পে দলৰ বিষয় – বাবৰ উপৰি প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰিছে । অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদকৰ দায়িত্বত থকা সুবীৰ মেচে ইতিমধ্যে তেওঁৰ পদত্যাগ পত্ৰ কেন্দ্ৰীয় সভাপতি লৈকো প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে । উল্লেখযোগ্য যে , মেচ কছাৰী জাতীয় পৰিষদৰ প্ৰাক্তন সম্পাদক সুবীৰ মেচে দলটোত যোগদান কৰি পৰৱৰ্তী কালত কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি নাজিৰাত দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাত বিশেষ ভূমিকা লৈ ভালেসংখ্যক লোকক দলটোলৈ আকৰ্ষিত কৰাৰ উপৰি ১৬ খনকৈ আঞ্চলিক সমিতি গঠন কৰিছিল । ইয়াৰ পিছতো মেচক প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত কৰি দলৰ সভাপতি গৰাকীয়ে একনায়কত্ববাদৰ পৰিচয়দি ৰিবুলয়া গগৈক নাজিৰাত প্ৰাৰ্থীত্ব প্ৰদান কৰাত ক্ষোভ উজাৰে সুবীৰ মেচে ।
শ্বৰ্ট শ্বাৰ্কিট হৈ গোলাঘাটত দাউ দাউকৈ জ্বলিল টাটা মেজিক
গোলাঘাটৰ ৰাজপথত দাউ দাউকৈ জ্বলিল AS05C-8072 নম্বৰৰ TATA Magic গাড়ী। গোলাঘাট নগৰৰ মইনাপাৰত সংঘটিত হৈছে এই ভয়াবহ দূৰ্ঘটনা। জানিব পৰা মতে , দিনটো গাড়ী ভাড়া মাৰি ঘৰলৈ বুলি গৈ থকা অৱস্থাত হঠাৎ গাড়ীখন মাজবাটতে দাউ দাউকৈ জ্বলি উঠে। গাড়ীখনৰ পৰাই চৰ্টচাৰ্কিট হৈ এই অগ্নিকাণ্ডৰ সৃষ্টি হয়। ঘটনাত গাড়ী খনৰ চালক জনো কিছুপৰিমাণে আঘাতপ্ৰাপ্ত হৈছে। নিজৰ বাহন খনত হঠাতে সংঘটিত হোৱা জুই নুমোৱাবলৈ চেষ্টা কৰোতে চালকৰ মুখ মণ্ডলত কিছু পৰিমাণে জুয়ে পুৰে। সম্প্ৰতি চালক হামিদুল আলিক গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।
গোলাঘাটত বিয়াৰ ৰভাতলিত বহিল ১২ যোৰা দৰা-কইনা
গোলাঘাটত সম্পন্ন হৈছে এখন বিশেষ বিয়া । বিয়াৰ ৰভাৰ তলিত একেলগে বহিল ১২ যোৰ দৰা কইনাই। গোলাঘাট কোৰোকা গাওঁত অনুষ্ঠিত কৰিছে এই বিশেষ সমূহীয়া বিয়াখন। একশৰণ ভাগৱতী সমাজ মৰঙী বৈকুণ্ঠপৰ আঞ্চলিক শাখা আৰু দিব্যজ্যোতি গাওঁ শাখাৰ সৌজন্যত অনুষ্ঠিত কৰা হৈছে সামূহিক বিবাহ কাৰ্যসূচী। আৰ্থিক অভাৱ আৰু বিভিন্ন কাৰণবশত বিবাহ কৰিব নোৱাৰা সকলক এই সমূহীয়াকৈ অনুষ্ঠিত কৰা বিবাহ ৰভাৰ তলিত একশৰণ ভাগৱতী সমাজৰ নীতি নিয়ম অনুসৰি বিবাহ কৰাই দিয়ে এই সংগঠনটোৱে। বিয়া চাবলৈ ৰভাৰ তলিত উপস্থিত হল আত্মীয় কুটুমকে ধৰি হাজাৰ হাজাৰ লোক। বাদ পৰি নৰল বিবাহৰ আগতে জন্ম লাভ কৰা দৰা কইনাৰ সন্তানো। মুঠতে সকলোকে সাক্ষী কৰি আজি পৰা ১২ গৰাকী দৰা কইনাই সামাজিকভাৱে যুগ্ম জীৱন আৰম্ভ কৰিলে গোলাঘাটৰ এই বিশেষ বিবাহ তলিৰ পৰা।
গোলাঘাট চহৰত ধনৰ জোৱাৰ : বৃহৎ পৰিমাণৰ ধন জব্দ
নিৰ্বাচনৰ সময় চমূ চাপি অহাৰ লগে গোলাঘাটত ধনৰ জোৱাৰ উঠিছে। যোৱা দুদিনত বৃহৎ ৰাশি ধন জব্দ কৰা পিছতে পুনৰ আজি গোলাঘাটৰ ধনশিৰি দলঙৰ সমীপত উদ্ধাৰ হৈছে এক লাখ নবৈ হাজাৰকৈ টকা। গোলাঘাট থানাৰ অধীনৰ ধনশিৰি দলঙৰ সমীপৰ পৰা গোলাঘাট নিৰ্বাচনী জিলাত নিয়োজিত ষ্টেটিক ছাৰ্ভিলেঞ্চ দল আৰু ফ্লায়িং স্কোৱাৰ্ডে এখন চাৰিচকীয়া বাহনৰ পৰা নগদ ১.৯০ লাখকৈ টকা জব্দ কৰে।ত্ৰিপুৰাৰ পঞ্জীয়ন নম্বৰ থকা গাড়ীখন লাহৰিজানৰ পৰা গোলাঘাট অভিমুখে আহি আছিল। নিৰ্বাচনৰ আগমূহুৰ্তত এনেদৰে ধন জব্দ হোৱা ঘটনাই এতিয়া গোলাঘাটত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। গোলাঘাট আৰক্ষীয়ে ইতিমধ্যে অনুসন্ধান অব্যাহত ৰাখিছে।










