যি সময়ত মহামাৰী ক’ৰণা ভাইৰাচক লৈ সমগ্ৰ বিশ্বৰ লগতে অসমৰ জনসাধাৰণ কম্পিত হৈ আছে । চৰকাৰে মিনি লক ডাউন ঘোষণা কৰি জনসাধাৰণক আত্মসুৰক্ষাৰ বাবে ঘৰৰ ভিতৰতে সোমাই থাকিবলৈ আহ্বান জনাইছে ,প্ৰতিজন লোককে সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ বাৰে বাৰে অনুৰোধ কৰিছে তেনে সময়তে একাংশ অসাধু মদ বেপাৰীয়ে চৰকাৰৰ সকলো নীতি – নিৰ্দেশনা ভৰিৰে মোহাৰি নিজৰ নিজৰ মদৰ বেপাৰ অব্যাহত ৰাখিছে । টীয়ক বাদুলিপুখুৰী অঞ্চলৰ লগতে পীড়াকটা অঞ্চলৰ একাংশ মদ বেপাৰীয়ে গোপনে চলাই গৈছে অঞ্চলটোত অবৈধ চুলাই লগতে বিভিন্ন দেশী বিদেশী-বিলাতী সুৰা । আৱকাৰী আৰু আৰক্ষী বিভাগে যিমানেই অভিযান চলাইছে , কিন্তু তাৰ সমান্তৰালভাৱে টীয়কৰ ৰাজৈ অঞ্চলৰ এটা ভাটিৰ গৰাকীয়ে নিজৰ বাইকৰে অঞ্চলটোৰ লগতে বাদুলিপুখুৰী অঞ্চলটো গেলেনত ভৰাই স্থানীয় বেপাৰীক যোগান ধৰি আহিছে ।অন্যহাতে গোপনে চলাই অহা এই অবৈধ সুৰা ব্যৱসায় চলি থকাত অঞ্চলটোৰ সচেতন লোকে ক্ষোভ প্ৰকাশ কৰিছে । যিটোৱে চৰকাৰৰ মিনি লক ডাউন কাৰ্যসূচি অসাৰ কৰি তোলাৰ প্ৰকট বুলি সমাজ সচেতন লোকে অভিমত ব্যক্ত কৰিছে ।
বাৰবিকিউ নেচনৰ অস্থায়ী কর্মচাৰীৰ দুর্দশা : কর্মচাৰীৰ জীৱনলৈ নামি আহিছে বিপর্যয়৷
ক’ৰোনাসৃষ্ট পৰিৱেশৰ বাবে একাংশ ব্যক্তিগত খণ্ডৰ কর্মচাৰীৰ জীৱনলৈ নামি আহিছে বিপর্যয়৷ গুৱাহাটী মহানগৰীৰ একাংশ বিলাসী হোটেল–ৰেষ্টুৰেণ্টৰ কর্মচাৰীয়ে সংস্থাপন হেৰুৱাবলগীয়া হৈছে৷ ক’ভিডৰ সংক্রমণ ৰোধৰ বাবে প্রশাসনে জাৰি কৰা মিনি লকডাউনৰ ফলত হোটেল কর্তৃপক্ষই একাংশ অস্থায়ী কর্মচাৰীক ছাটাই কৰা পৰিলক্ষিত হৈছে৷মহানগৰীৰ উলুবাৰীস্থিত বাৰবিকিউ নেচনৰ এজন অস্থায়ী কর্মচাৰীক কামৰ পৰা অব্যাহতি দিয়া বুলি ভুক্তভোগী কর্মচাৰী সুৰজ শর্মাই সংবাদ মাধ্যমৰ আগত অৱগত কৰায়৷ ৰেষ্টুৰেণ্ট কর্তৃপক্ষই কামৰ পৰা অব্যাহতি দিয়াত কর্মচাৰীজনে পদপথত আশ্রয় লোৱাত এচাম স্থানীয় যুৱকে ৰেষ্টুৰেণ্ট কর্তৃপক্ষৰ কাষ চাপি যুৱকজনৰ দুর্দশাৰ কথা অৱগত কৰায়৷ পৰৱর্তী সময়ত অস্থায়ী কর্মচাৰীজনে পাবলগীয়া ধন ৰেষ্টুৰেণ্ট কর্তৃপক্ষই আদায় দিবলৈ বাধ্য হয়৷
পুৱতি নিশা ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, ৩০ জনকৈ লোকৰ মৃত্যু
একেটা ৰে’ল লাইনতে দুখন ৰে’লৰ ভয়ংকৰ মুখামুখি সংঘৰ্ষ। যাৰ ফলত ৩০ জনকৈ লোকৰ মৃত্যু। মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা । ৪০ ৰ পৰা ৫০ লোক গুৰুতৰভাৱে আহত।পুৱা প্ৰায় ৩ বাজি ৪৫ মিনিটত ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত এখন ৰে’লৰ ৪টাকৈ ডবা লাইনচ্যুত। আহত সকলক ট্ৰেক্টৰ, ট্ৰলী যিয়ে যেনেকৈ পাৰে যথা সম্ভৱ ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ।জানিব পৰা মতে, উদ্ধাৰকাৰী দল ঘটনা স্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানত ব্যস্ত আছে ।
বৈবাহিক জীৱনৰ ২০টা বৰ্ষ অতিক্ৰম কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
বৈবাহিক জীৱনৰ ২০টা বৰ্ষ অতিক্ৰম কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পত্নী ৰিণিকি ভূঞা শৰ্মাই। এসময়ত প্ৰেয়সী ৰিণিকি ভূঞা শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী হ’ম বুলি কোৱা মানুহজন আজি সঁচাকৈয়ে অসমৰ মুখ্যমন্ত্ৰী।ছাত্ৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি আজিৰ পৰ্যায়লৈ জীৱনৰ প্ৰতিটো খোজতে এজন সফল মানুহ ড০ হিমন্ত বিশ্ব শৰ্মা।লগত আছে প্ৰতিটো মুহূৰ্ততে প্ৰেৰণা যোগোৱা পত্নী ৰিণিকি ভূঞা শৰ্মা।বিবাহবাৰ্ষিকী উপলক্ষে ছচিয়েল মিডিয়াত ৰিণিকি ভূঞা শৰ্মাই এটা পোষ্ট কৰিছে। পোষ্টটোত ৰিণিকি ভূঞা শৰ্মাই লিখিছে, ‘‘প্ৰকৃতিয়ে দিয়া প্ৰচূৰ বিশ্বাস আৰু ধৈৰ্যই পাৰহৈ যোৱা প্ৰতিটো দিনতে আমাক শক্তিশালী কৰিছে, আজি আমি বৈবাহিক জীৱনৰ ২০ বছৰ অতিক্ৰম কৰিলো।’’
চোৰাং ব্যৱসায়ীৰ ভু স্বৰ্গলৈ ৰূপান্তৰিত হৈছে মাজবাট,ওদালগুৰি
গাঞ্জা মাফিয়াৰ দপদপনি । বিঘ্নিত হৈছে -শৈক্ষিক, সমাজিক পৰিবেশ
ওদালগুৰি জিলাৰ অসম অৰুনাচল সীমান্তৱৰ্তী মাজবাট এতিয়া চোৰাং ব্যৱসায়ীৰ ভু স্বৰ্গলৈ পৰিনত হৈছে । গাঞ্জা মাফিয়াৰ দৌৰাত্ম্যই সৰ্বসাধাৰণ ৰাইজক অতিষ্ঠ কৰি তুলিছে ।বিঘ্নিত হৈছে মাজবাটৰ শৈক্ষিক, সামাজিক পৰিৱেশ।প্ৰশ্ন উত্থাপিত হৈছে ৰাজ্য খনৰ প্ৰতিখন জিলাতে প্ৰশাসনে ‘ড্ৰাগছ ,মাফিয়া আৰু চোৰাং ব্যবসায়ী সকলৰ বিৰুদ্ধে কথোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । কিন্তু বিটিএডি ওদালগুৰি জিলাত বৃদ্ধি পাই অহা গাঞ্জা মাফিয়া সকলৰ বিৰুদ্ধে জিলা তথা স্থানীয় প্ৰশাসনে নমনীয়তা ষ্ঠিতি গ্ৰহণ কৰিছে নেকি। কিযনো অসম অৰুনাচল সীমান্তৱৰ্তী বৃযৎ মাজবাট এলেকাত নিতৌ লাখ লাখ টকাৰ গাঞ্জা ৰাজ্যখনৰ বিভিন্ন স্থানলৈ সৰবৰাহ হৈ থকাৰ পাছতো স্থানীয় প্ৰশাসনে গম নোপোবাটো আচাৰ্য্যজনক কথা । অ্ৱশ্যে চোৰাং ব্যৱসায়ী সকলে মাজবাটৰ পৰা গাঞ্জা অইন ঠাইলৈ বিপদমুক্ত ভাবে পাৰ কৰিবলৈ বহু পথ আছে । তথাপি আজি এটা বছৰৰ আগতে তদানীন্তন মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সকলে চোৰাং ব্যবসায়ী সকলৰ বিৰুদ্ধে কথোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত কিছু পৰিমাণে গাঞ্জা মাফিয়া সকলৰ দৌৰাত্মক হ্ৰাস পোৱা পৰিলক্ষিত হৈছিল । কিন্তু শেহতীয়াকৈ প্ৰশাসনৰ এনে সৰলতাৰ সুযোগ গ্ৰহণ কৰি মাজবাটৰ ভিন্ন এলেকাত পুনৰ অভাবনীয ভাবে গাঞ্জা ব্যৱসায়ীৰ প্ৰকোপ বৃদ্ধি পোৱাৰ তথ্য সম্প্ৰতি পোহৰলৈ আহিছে । ফলত সহজ লভ্য ধনৰ লোভত একাংশ ফুল কুমলীয়া যুৱকে এই ব্যৱসায়ত জড়িত হৈ পৰাৰ খবৰ পোৱা গৈছে । জানিব পৰা মতে গাঞ্জা ব্যবসায়ী সকলে গাঞ্জা ভৰ্তি পেকেটবোৰ এটা স্থানৰ পৰা আন এটা স্থানলৈ কঢ়িয়াই দিয়াৰ বাবদ ১ হেজাৰৰ পৰা ৫হেজাৰ টকা পায় । অনুৰূপ ধৰনেৰে সেই স্থানৰ পৰা আকৌ অইন এটা স্থানলৈ (দুৰন্ত অনুযায়ী ) গাঞ্জা কঢ়িয়াই নিয়াৰ বাবত টকাৰ পৰিমাণ বাঢ়ি যোৱাত ইযাৰ লোভতে এনেদৰে বহু যুৱকে এতিয়া এই গাঞ্জা ব্যৱসায়ীৰ সৈতে জড়িত হৈ পৰিছে বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে । কেবল যুবক সকলেহে যে এই গাঞ্জা ব্যৱসায়ীত জড়িত হৈ আছে তেনে নহয় । মাজবাট ,ওৰাং আৰু ৰৌতাৰ একাংশ মহিলাও গাঞ্জা ব্যৱসায়ীত জড়িত হৈ পৰিছে । এক নিৰ্ভৰযোগ্য সুত্ৰে জানিব পৰা মতে গাঞ্জা কঢ়িয়াই নিয়া বিলাসী গাড়ী খনত ব্যৱসায়ী জনে সন্মুখৰ আসন খনত মহিলা সকলক বহুৱাই লয় । আৰু পুলিচে কৰবাত তালাচী চলালে নিজৰ পত্নী বুলি পৰিচয় দি পুলিচৰ চকুত ধুলি দি এনেদৰে নিতৌ মাজবাট এলেকাৰ পৰা গাঞ্জা সৰবৰাহ কৰি আছে । ইযাৰ বিনিময়ত মহিলা সকলে ৫ হাজাৰ পৰা ১০ হাজাৰ টকা লাভ কৰে বুলিও জানিব পৰা গৈছে । গাঞ্জা ব্যৱসায়ৰ মুখ্য দুবাৰ স্বৰূপ অসম অৰুনাচল সীমান্তৱৰ্তী মাজবাটত পূৰ্বৰ পৰাই গাঞ্জাৰ ঘাটি বুলি চিহ্নিত হৈ আহিছে যদিও আগৰ তুলনাত আজি ১০ বছৰৰ পৰা মাজবাটৰ ভিন্ন এলেকাত গাঞ্জা ব্যবসায়ী ৰমৰমীযা হৈ পৰিছে । ফলত ওদালগুৰি জিলাতেই বিঘিনি হৈ পৰিছে শৈক্ষিক,সামাজিক পৰিবেশ ।সময় থাকোতে প্ৰশাসনে ইয়াৰ যথোচিত ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত এই গাঞ্জা ঘাটি উচ্ছেদ কৰাটো সম্ভব নহব ।আনহাতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশমৰ্মে বৰবিহ ড্ৰাগছৰ বিৰুদ্ধে অসমৰ বিভিন্ন অঞ্চলত চলা আৰক্ষীৰ অভিযানৰ সময়তে ৪জুনৰ নিশা ৮.৩০ বজাত ওদালগুৰি চহৰৰ এজন যুৱকক গাঞ্জাসহ গ্ৰেপ্তাৰ কৰে ।ওদালগুৰি আৰক্ষী থানাৰ এটি দলে এক গোপন সূত্ৰৰ পমখেদি ৪জুনৰ নিশা প্ৰায় ৮.৩০ বজাত ওদালগুৰি চহৰৰ ৪নং ৱাৰ্ডৰ পৰা বিনোদ বসুমতাৰী (৩২) নামৰ এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ওদালগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰাই জনোৱা মতে, গোপন খবৰৰ ভিত্তিত ওদালগুৰি নগৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই যুৱকজনক গ্ৰেপ্তাৰহ কৰা হয়।গ্ৰেপ্তাৰ কৰাৰ সময়ত সন্দেহযুক্ত ৯.৫কেজি গাঞ্জা তেওঁৰ জিম্মাৰ পৰা জব্দ কৰাৰ কথা উল্লেখ কৰে। তেওঁৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু কৰি অধিক অনুসন্ধানৰ বাবে তদন্ত অব্যাহত ৰাখিছে বুলি জনাইছে।
সোণাপুৰৰ এগৰাকী প্ৰতিভাৱান খেলুৱৈ নাম সঞ্জয় ভূমিজ এতিয়া শয্যাগত৷
নাম সঞ্জয় ভূমিজ, ডিমৰীয়াৰ এগৰাকী প্ৰতিভাৱান ফুটবল খেলুৱৈ। খেলপথাৰত দুভৰিৰ যাদুৰে ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত আজুৰি আনিছিল পদক। ৰাজ্যখনৰ লগতে ডিমৰীয়া অঞ্চললৈ কঢ়িয়াই আনিছিল সুনাম। কিন্তু সুদক্ষ খেলুৱৈ গৰাকীয়ে হেৰুৱাইছে আজি দুভৰিৰ ছন্দ।
খেলি থকা অৱস্থাতেই সোঁ ভৰিত আঘাত পাই খেলুৱৈ গৰাকীয়ে। আৰ্থিক দুৰৱস্থাৰ বাবে অপাৰেশ্যনত দৰকাৰ হোৱা ৩ লক্ষাধিক টকা গোটাবলৈ অপৰাগ হৈ পৰিছে সঞ্জয়ৰ পৰিয়াল। উপায়ন্তৰ হৈ সহায় বিচাৰিছে ৰাইজ তথা চৰকাৰ আৰু দল সংগঠনৰ পৰা সুদক্ষ খেলুৱৈ সঞ্জয় ভূমিজে। কোনো সুহৃদয়বান ব্যক্তিয়ে যদি সহায় কৰিব বিচাৰে তেতিয়াহলে আমাৰ স্ক্ৰীণত দি থকা একাউন্ট নম্বৰত আৰ্থিক সহায় কৰিব পাৰে
Name- Mr. Sanjay Bhumij.
Account no- 39631069795
Ifsc- SBIN0011616
মাজুলীৰ ঐতিহ্যমণ্ডিত সত্ৰৰ সত্ৰাধিকাৰৰ বিষয়ে সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য দি আৰক্ষীৰ জালত কমলাকান্ত বৰা
সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ ঐতিহ্যমণ্ডিত সত্ৰৰ এগৰাকী সত্ৰাধিকাৰক লৈ অলপতে কমলাকান্ত বৰা নামৰ এজন ব্যক্তিয়ে সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য প্ৰকাশ কৰাত সমগ্ৰ মাজুলীতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।পূজ্যপাদ সত্ৰাধিকাৰ সকলৰ অমূল্য অৱদান আৰু মাজুলীৰ সত্ৰীয়া আদৰ্শক হেয় পতিপন্ন কৰা এনে অশোভনীয় প্ৰচাৰে সমগ্ৰ অসমতে এক আলোড়নৰ সৃষ্টি কৰিছে।মাজুলীৰ বিভিন্ন দল-সংগঠনে এই বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু কমলাকান্ত বৰা যাতে আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰে তাৰ ওপৰত আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱাৰ লগতে সামাজিক মাধ্যমৰ ব্যৱহাৰিক দিশৰ ওপৰতো আৰক্ষীক দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছিল।ইতিমধ্যে ব্যক্তিজনৰ ওপৰত সত্ৰৰ মুক্তিয়াৰ ৰিংকু মণি দত্তই মাজুলীৰ আৰক্ষী অধীক্ষকৰ ওচৰত দাখিল কৰা এজাহাৰৰ ভিত্তিত কমলাকান্ত বৰাক গুৱাহাটীত কৰায়ত্ব কৰি মাজুলী থানালৈ আনি সোধা-পোছা কৰে। অভিযুক্ত বৰাই নিজৰ দোষ স্বীকাৰ কৰি অনুশোচনা কৰা বিষয়ে আৰক্ষীক অবগত কৰে।আজি মাজুলী আৰক্ষী থানাৰ সভাকক্ষত মাজুলীৰ সংবাদ কৰ্মী, বিভিন্ন সত্ৰ আৰু শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ প্ৰতিনিধি, মাজুলী জিলা সাহিত্য সভা,অসম জাতীয়তাবাদী যুবছাত্ৰ পৰিষদ, মাজুলী জিলা ছাত্ৰ সন্থা, মাজুলী জিলা সাংবাদিক সন্থাৰ প্ৰতিনিধি আৰু এইক্ষেত্ৰত এজাহাৰ দাখিল কৰোতা ৰিংকুমনি দত্ত কৰে ধৰি স্থানীয় ৰাইজৰ ওচৰত কমলাকান্ত বৰাই ক্ষমা-ভিক্ষা কৰে। তেওঁৰ কৃত কৰ্মৰ বাবে অনুতপ্ত বুলি স্বীকাৰ কৰি মাজুলীৰ সত্ৰানুস্থান, সত্ৰাধিকাৰ আৰু মাজুলী বাসীক ক্ষমা কৰিবলৈ নিবেদন জনায়। এইভুল সামাজিক মাধ্যমত স্বীকাৰ কৰাৰ উপৰিও এনে ধৰণৰ মন্তব্য নিদিবলৈ আহ্বান জনাবলৈ প্ৰতিশ্ৰুতি দিয়ে। পিছত আৰক্ষীৰ ওচৰত এখন লিখিত প্ৰতিশ্ৰুতি দিয়াত বৰাক মুক্ত কৰি দিয়ে।উল্লেখযোগ্য যে সত্ৰাধিকাৰ গৰাকীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মাজুলীবাসীয়ে আশাকৰা মতে মাজুলীত বিধায়ক হিচাবে থাকিবলৈ আহ্বান জনাই তেওঁৰ কৰ্মৰাজিৰ বিষয়ে অবলোকন কৰি মহাভাৰতৰ ‘ভীষ্মৰ’ লগত তুলনা কৰি বক্তব্য প্ৰদান কৰাৰ বাবে ফেচবুকত বৰাই অশোভনীয় মন্তব্য কৰিছিল। বৰাৰ মন্তব্যক সমৰ্থন কৰি অশোভনীয় মন্তব্য কৰিছিল ক্ৰমে- প্ৰাঞ্জল কুমাৰ মহন্ত, মনালিছা গগৈ, ৰঞ্জিৎ হাজৰিকা,ৰূপ গোস্বামী,অলকেশ শইকীয়া,শুভলক্ষ্মী দত্ত,গীতালি কেওট, ৰমেন গোস্বামী, ইন্দ্ৰ মোহন শইকীয়া আদি আৰু সহযোগী সকলে। সামাজিক মাধ্যমত গুৰু-গোঁসাই নমনা এনে কিছুমান লোকে অসমত এক অশুভ পৰম্পৰা সৃষ্টি কৰাৰ বাবে এতিয়া নিয়ন্ত্ৰণ কৰিবলগীয়া হৈছে । এই ক্ষেত্ৰত মাজুলীৰ নবনিযুক্ত জিলা আৰক্ষী বিষয়া গৌতম বৰাৰ তৎপৰতাত সত্ৰসমূহৰ লগতে মাজুলীৰ বিভিন্ন দল সংগঠনে সন্তোষ প্ৰকাশ কৰি সমাজখন সুস্থিৰ কৰি ৰখাৰ বাবে আৰক্ষী বিষয়া গৰাকীয়ে লোৱা পদক্ষেপক আদৰণি জনাইছে।
কেটেতং বাবু পথাৰত ভয়ংকৰ বাইক দুৰ্ঘটনা : থিতাতে নিহত এজন
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত কেটেতং বাবু পথাৰত আজি আবেলি প্ৰায় চাৰি বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় |দুখন বিপৰীত দিশৰ পৰা অহা বাইকৰ মূখামূখী সংঘষৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে|দুৰ্ঘটনাটোত কেটেতং নাকং পথাৰ নিৱাসী ৰাজু কলিতা নামৰ লোকজন থিতাতে নিহত হোৱা লগতে বুলি সুনিল চয় নামৰ খামন পথাৰ অঞ্চলৰ এজন যুৱক গুৰুতৰ ভাৱে আহত হয়| দুৰ্ঘটনাগ্ৰস্ত এপাচি বাইক খনৰ নম্বৰ হল এছ ২৩ জেড্ ৯৮৩২, আনখন নম্বৰ প্লেট বিহীন হিৰ স্প্ৰেপ্লেণ্ডাৰ বাইক |
আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক দুবছৰৰ বাবে নিষিদ্ধ কৰিলে ফেচবুকে।

কেপিটেল বিল্ডিঙত হিংসাত্মক আক্ৰমণত সংস্থাটোৰ নিয়ম ভংগ কৰাৰ বাবে এই নিষেধাজ্ঞা আৰোপা কৰা হৈছে। বিগত ৭ জানুৱাৰীৰ পৰা এই নিষেধাজ্ঞা কাৰ্যকৰী হৈছে। অৰ্থাৎ ২০২৩ চনৰ জানুৱাৰী পৰ্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব। ফেচবুকৰ স্বাধীন পৰ্যবেক্ষক সংস্থাই ট্ৰাম্পৰ অনিৰ্দিষ্টকালীন বয়কটক লৈ পৰ্যালোচনাৰ পিছত এই সিদ্ধান্তত উপনীত হয়।ফেচবুকৰ ভাইচ প্ৰেচিডেণ্ট নিক ক্লেগে কয়, ‘‘ঘটনাৰ গুৰুত্বৰ বাবেই ট্ৰাম্পক বয়কট কৰা হৈছে। আমি ভাবো তেওঁৰ প্ৰতিক্ৰিয়াই আমাৰ নিয়ম ভংগ কৰিছে। আৰু সেই ভুল সৰ্বোচ্চ শাস্তিৰ যোগ্য আমাৰ বিধি অনুসৰি।’’ক্লেগে কয়, ‘‘আমি যদি ভাবো এই ম্যাদৰ পিছতো জনগণৰ আশংকা থাকি গৈছে তেন্তে বয়কটৰ ম্যাদ বৃদ্ধি হ’ব, যিমান দিনলৈ সাধাৰণ মানুহ শংকামুক্ত নহ’ব সিমান দিনলৈ ফেচবুকলৈ আহিব নোৱাৰিব ট্ৰাম্প।’’ক্লেগে কয়, ‘‘আমি জানো আমাৰ সিদ্ধান্তৰ বাবে বহু বিৰূপ সমালোচনা হ’ব। বিশেষকৈ ৰাজনৈতিক প্ৰতিপক্ষসকলে আমাক লক্ষ্য কৰিব ল’ব। কিন্তু আমাৰ কাম হ’ল সঠিক সিদ্ধান্ত লোৱা, পৰ্যবেক্ষকসকলৰ মতামতৰ ওপৰত ভিত্তি কৰি স্বচ্ছ সিদ্ধান্ত।’’ইমানৰ পিছতো কিন্তু ট্ৰাম্প আছে স্বমেজাজত। তেওঁৰ মতে এই সিদ্ধান্ত ভোটাৰসকলক অৱমাননা। তেওঁ এতিয়াও দাবী কৰে যে ২০২০ চনৰ নিৰ্বাচনত তেওঁক একপ্ৰকাৰ জোৰ কৰি পৰাস্ত কৰা হৈছে।
শীঘ্রে পানীদিহিং পক্ষী অভয়াৰণ্য পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা হব : মন্ত্রী বিমল বৰা
শিৱসাগৰ জিলাৰ ডিমৌত কেন্দ্ৰীয় পৰ্যটন বিভাগৰ স্বদেশ দৰ্শন আঁচনিৰ অধীনত নির্মীয়মান অৱস্থাত থকা ডিমৌৰ ৰাজমাইত অৱস্থিত পৰ্যটন গৃহটি ২ জুনত পৰিদৰ্শন কৰে অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী বিমল বৰাই। ডিমৌৰ পৰা কিছু নিলগৰ ৰাজমাইত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৩ কোটি ৯০ লাখ টকাৰ ব্যয়সাপেক্ষে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’লে সেই স্হানৰ পৰা ৫ কিলোমিটাৰ নিলগত চৰগুৱাত অৱস্থিত পানিদিহিং পক্ষী অভয়াৰণ্যলৈ অহা দেশী বিদেশী পৰ্যটকৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হ’ব। পূৰ্বে প্ৰশান্তি হিচাপে পৰিচিত আৰু ইতিমধ্যে চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে অধিগ্ৰহণৰ পিচত অসম চৰকাৰৰ পৰ্যটন বিভাগে পুণৰ নিৰ্মাণ আৰম্ভ কৰে। সম্প্ৰসাৰিত ৰূপত পৰ্যটকৰ বাবে আকৰ্ষণীয় কেতবোৰ আন্তঃগাঁঠনি সমৃদ্ধ পৰ্যটন গৃহটি আগষ্ট মাহত সম্পূৰ্ণ কৰি তুলিবলৈ মন্ত্ৰী গৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। উল্লেখ্য যে, পৰ্যটন গৃহটো মুকলি হ’লে দেশী বিদেশী সকলো পৰ্যটকে ইয়াতে থকা আৰু খোৱা কৰি পক্ষীকুলৰ ৰম্যভূমি পানীদিহিঙলৈ যাব পাৰিব ব্যক্ত কৰে মন্ত্রী গৰাকীয়ে।মন্ত্ৰী বৰাই পানীদিহিং পক্ষী অভয়াৰণ্য খন পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। একাধিক চৰকাৰৰ দিনত অৱহেলিত পানীদিহিং পক্ষী অভয়াৰণ্যখন পৰ্যটকৰ আকৰ্ষণক কেন্দ্র বিন্দু হিচাপে এই চৰকাৰৰ দিনত গঢ়ি উঠিলে ৰাইজ তথা প্ৰকৃতিপ্ৰেমী সংগঠন সমুহৰ বহুদিনীয়া আশা পুৰণ হব বুলি মত ব্যক্ত কৰিছে।










