Home Blog Page 3010

শংকিত দলগাঁৱৰ বদলি বৰালিৰ নৈপৰীয়া ৰাইজ ,ভেটিহীন বহু পৰিয়াল ।

দৰঙৰ দলগাওঁ সমষ্টিৰ বদলি বৰালিত  অব্যাহত আছে ধনশিৰি – ব্ৰহ্মপুত্ৰ নদীৰ  তীব্ৰ গৰাখহনীয়া ।  খহনীয়াৰ কবলত পৰিছে  বদলি বৰালি গাৱৰ  বৃহৎ এলেকা । নদীত জাহ গৈছে  শ শ কৃষি ভূমি , ভেটিহীন  হৈছে কেইবা শতাধিক  পৰিয়াল  । মাটি ভেটি হেৰুৱায়  শংকিত  হোৱা  বদলি বৰালি গাঁৱৰ  নৈপৰীয়া ৰাইজৰ কাষত আমছুৰ কেন্দ্ৰীয় উপদেষ্টা আইনুদ্দিন আহমেদ , খাৰুপেটীয়াৰ সাংবাদিক আব্দুল হাকিম , আবুল হাছেম , খইবৰ মণ্ডল আৰু হাছান আলীয়ে উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।  গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদে  জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাক  শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।  লগতে  স্থানীয় বিধায়ক মজিবৰ ৰহমানক গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰাৰ বাবে  আহ্বান জনায় আমছুৰ উপদেষ্টা গৰাকীয়ে । দলগাওঁ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক মজিবুৰ ৰহমানলৈ কাতৰ আহ্বান সমষ্টি খনৰ বদলি বৰালিৰ  নৈপৰীয়া  ৰাইজৰ । ধনশিৰি- ব্ৰহ্মপুত্ৰৰ  গৰাখহনীয়াৰ পৰা আমাক ৰক্ষা কৰক । আমাৰ ঘৰ দোৱাৰ গৰাখহনীয়াৰ পৰা সুৰক্ষিত কৰাৰ লগতে শিক্ষা আৰু স্বাস্থ্য সেৱাৰ ব্যৱস্থা কৰক । ইতিমধ্যে প্ৰায় তিনি শতাধিক লোকে নিজৰ কৃষি ভূমি হেৰুৱাৰ লগতে ভেটিহীন হৈছে বহু পৰিয়াল । বৰ্তমান শংকিত হৈ পৰিছে  নৈপৰীয়া ৰাইজ সকল । উল্লেখযোগ্য যে   দৰঙৰ দলগাঁও  সমষ্টিৰ আৰিমাৰী আৰু শ্যামপুৰ গাওঁ পঞ্চায়তৰ বৃহৎ অঞ্চললৈ  ভাবুকি কঢ়িয়াই অনা এনে খহনীয়া  ৰোধৰ ব্যৱস্থা নকৰিলে বহু গাওঁ ধনশিৰি ও  ব্ৰহ্মপুত্ৰ নদীত জাহ যোৱাটো প্ৰায় নিশ্চিত । স্মৰ্তব্য যে আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে – ধনশিৰি-ব্ৰহ্মপুত্ৰৰ  গৰাখহনীয়াৰ কবলত পৰা লোক সকলক চৰকাৰে ৰক্ষণাবেক্ষণ দিয়াত ব্যয় হৈছে । নৈপৰীয়া ৰাইজে নিজৰ মাটি ভেটি হেৰুৱাই আন ঠাইত গৈ বসতি স্থাপন কৰিলে সন্দেহৰ চকুৰে চোৱা হ’য় । শীঘ্ৰে নদী বান্ধৰ ব্যৱস্থা কৰি বদলি বৰালিৰ নৈপৰীয়া ৰাইজৰ মাটি ভেটি ৰক্ষা কৰিবলৈ অসম চৰকাৰৰ জল সম্পদ বিভাগৰ মন্ত্ৰীক  দাবী জনায় আমছুৰ নেতা গৰাকীয়ে ।

লখিমপুৰৰ ১০খন গাঁৱত ৰাইজৰ হাহাকাৰ : নিশা নীপকোৱে এৰিলে ৰঙানদী প্ৰকল্পৰ পানী।

নীপকোৱে নিশা  ৰঙানদী প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত হাহাকাৰৰ সৃষ্টি হৈছে  লখিমপুৰৰ ১০ খন গাঁৱত।ৰঙানদীৰ পানীয়ে উটুৱাই নিলে পাঁচনৈৰ দলং। দলং উটুৱাই নিয়াৰ ফলত ১০খনৰো অধিক গাঁৱৰ সৈতে যোগাযোগ বিচ্ছিন্ন।  ১নং পঁচনৈ, ২ নং পাঁনৈ, ডিজু চাপৰিকে ধৰি ১০খনৰো অধিক গাঁৱত বানৰ সৃষ্টি হয়।নিশা ৰঙানদী প্ৰকল্পৰ ৪নং গেটেৰে পানী এৰি দিয়ে নীপকোৱে। শনিবাৰে আবেলিৰ পৰা নিশালৈ ১৪বাৰ বান্ধৰ পানী এৰি দেয়ে নীপকোৱে।ৰাইজৰ অভিযোগ নীপকো অথবা লখিমপুৰ জিলা প্ৰশাসনে দিয়া নাছিল আগতীয়া জাননী। যাৰ ফলত ঘৰৰ সা-সম্পদ একো ৰক্ষা কৰিব নোৱাৰলে গঞাই। অতৰ্কিতে অহা পানীয়ে শ শ লোকৰ ঘৰ-বাৰীৰ ক্ষতিসাধন কৰাৰ লগতে উটুৱাই নিয়ে বহু লোকৰ পশুধন।

কৃত্ৰিম বানৰ বাবে নলবাৰী চহৰৰ মাজমজিয়াৰ ১২ নং ৱাৰ্ডৰ পথ বন্ধ কৰিলে ৰাইজে ৷

বৰ্তমান এই ভৰ বাৰিষাৰ সময়ত কৃত্ৰিম বানৰ পৰা পৰিত্ৰাণ বিচাৰি নলবাৰীৰ একাংশ ৰাইজৰ প্ৰতিবাদ ৷ নলবাৰী পৌৰসভা হায় হায় শ্লোগানৰে প্ৰতিবাদ কৰি আজি নলবাৰীৰ একাংশ ৰাইজে বন্ধ কৰি দিলে এটি গুৰুত্বপূৰ্ণ পথ ৷ মন কৰিবলগীয়া বিষয় যে, নলবাৰী চহৰৰ মাজমজিয়াৰ গোপালবজাৰৰ ১২ নং ৱাৰ্ডৰ  পথটোৰ বাবে প্ৰতিবছৰে পথচাৰী তথা স্থানীয়লোকে বাৰিষা কালত কৃত্ৰিম বানৰ বাবে যন্ত্ৰণা ভুগি আহিছে ৷ এজাক বৰষুণতে পথটোত একাঠু পৰ্যন্ত পানীৰে জলমগ্ন হৈ পৰে যাৰ বাবে যাতায়তৰ কাৰণে অনুপযোগী হৈ পৰে উক্ত পথচোৱা ৷ একমাত্ৰ নলবাৰী জিলাৰ পৌৰসভাৰ দায়িত্ব হীন কাণ্ডৰ বাবে এনেদৰে দূৰ্ভোগ ভুগিবলগীয়া হৈ পৰিছে বুলি মন্তব্য প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷ তদুপৰি  বৰষুণৰ পানী নিষ্কাষনৰ কোনো বৈজ্ঞানিক পদ্ধতি তথা নলা নৰ্দমা সমূহ সময়মতে চাফ-চিকুণ নকৰাৰ ফলত এই যাতনা ভুগি থাকিবলগীয়া হোৱা বুলিও মত প্ৰকাশ কৰে ৷ আনহাতে স্থানীয় ৰাইজৰ দাবী অনুসৰি অতিশীঘ্ৰে এই সমস্যা দূৰ নকৰিলে পথছোৱা সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে ৷ উল্লেখ্য যে এই পথছোৱাৰে নলবাৰী প্ৰেমদা হোটেল হৈ চামতা সৰ্থেবাৰী কৈঠালকুছি লৈ যাতায়ত কৰিব পৰা এক গুৰুত্বপূৰ্ণ পথ ৷

দিকৰাইৰ গেলাহাটিঙা চাহ বাগিচাত যুৱকৰ আত্ম হত্যা

 বিশ্বনাথ জিলাৰ ইটাখোলা উপ-আৰক্ষী চকী অন্তৰ্গত দিকৰাইৰ গেলাহাটিঙা চাহ বাগিচাৰ নিৱাসী লক্ষীন্দৰ চাওৰাৰ কনিষ্ঠ পুত্ৰ কুশল চাওৰা(১৭) নামৰ এজন যুৱকে আত্ম হত্যা কৰা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যকৰ পৰিৱেশ বিৰাজ কৰিছে। জানিব পৰা মতে আজি পুৱা বেলাত পথাৰৰ কামত ওলাই যোৱা যুৱক জনে ঘৰৰ পৰা কিছু নিলগৰ বাগিচাখনৰ পাত ঘৰত চিপ লৈ আত্ম হত্যা কৰাৰ কিছু মূহুৰ্ততে পথ চাৰীয়ে প্ৰত্যক্ষ কৰে আৰু লগে লগে চিপ কাটি যুৱক জনক নমাই আনি পৰিয়াললোকৰ দ্বাৰা দিকৰাই চাহ বাগিচা চিকিৎসালয়ত ততাতৈয়াকৈ নিয়ে যদি চিকিৎসে মৃত বুলি ঘোষণা কৰে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও যুৱকজন কোনোধৰণৰ কাৰণ নোহোৱাকৈ আত্ম হত্যাৰ চেষ্টা কৰিছিল যদিও প্ৰত্যক্ষ দৰ্শী লোকৰ চেষ্টাত যুৱকজন মৃত্যুৰ পৰা বাচিছিল। সেইহে যুৱক জন মানষিক ৰোগত আক্ৰান্তৰ সন্দেহ কৰা গাঁৱৰ এগৰাকী কৰ্মী যুৱকৰ মৃত্যুৰ খৱৰ বিয়পাৰ লগে লগে অঞ্চলটোত এক শোকৰ ছাঁ‌ পৰিছে। যুৱক জনৰ মৃত্যুৰ সময়ত পিতৃ-মাতৃ,জেষ্ঠ ভাতৃ আৰু এগৰাকী ভগ্নিক ইহঁ সংসাৰত এৰি থৈ যায়।

নগাঁও আৰু কাছাৰ পেপাৰ মিলৰ নিলাম স্থগিত ৰাখিবৰ বাবে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ

অসমত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যন লিমিটেডৰ দুটা বন্ধ হৈ থকা পেপাৰ মিলৰ নিলাম বাতিল কৰিবলৈ আৰু দুয়োটা কাৰখানাৰেই পুনৰুজ্জীৱিতকৰণ নিশ্চিত কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আহ্বান জনায়।কাছাৰ কাগজ কল ২০১৫ চনৰ পৰা আনহাতে জাগীৰোডস্থিত নগাঁও কাগজ কল ২০১৭ চনৰ পৰা বন্ধ হৈ আছে।২০১৭ চনৰ জানুৱাৰী আৰু মাৰ্চমাহৰ পৰা কাছাৰ আৰু নগাঁও কাগজ কলৰ কৰ্মচাৰীসকলক কোনোধৰণৰ দৰমহা দিয়া হোৱা নাই।কেন্দ্ৰীয় চৰকাৰক প্ৰদান কৰা এই পত্ৰখনত কোৱা হৈছে যে প্ৰধানমন্ত্ৰীয়ে ২০১৬, ২০১৯ আৰু ২০২১ চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত বাৰে বাৰে প্ৰতিশ্ৰুতি দিছিল যে এক বিশেষ অৰ্থনৈতিক পেকেজ প্ৰদান কৰি দুয়োটা কাগজ কল পুনৰুজ্জীৱিত কৰা হ’ব।মুখ্যমন্ত্ৰী ডঃ হিমন্ত শৰ্মা আৰু পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি আন জ্যেষ্ঠ বিজেপি নেতাসকলেও ৰাজ্যখনৰ জনসাধাৰণক আশ্বাস দিছিল যে দুয়োটা কাগজ কল যিকোনো মূল্যতেই পুনৰুজ্জীৱিত কৰা হ’ব কিয়নো ই হৈছে “ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ জনসাধাৰণৰ জীৱনৰেখা”।পত্ৰখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কেন্দ্ৰীয় চৰকাৰক মিলদুটা নিলাম কৰাৰ পৰিৱৰ্তে পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক পৰামৰ্শ দিবলৈ আৰু সহায় কৰিবলৈ আহ্বান জনায়।পত্ৰখনৰ এটা প্ৰতিলিপি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈও প্ৰেৰণ কৰা হৈছে।

বিপদ সংকুলতাৰে যাতায়ত।এজাক বৰষুণতে বিধস্ত হৈ পৰিছে ওৰাং ৰাষ্টীয় উদ্যানলৈ যোৱা দুটি পথ ।

আজি তিনিদিন ধৰি হোৱা নেৰা নেপেৰা বৰষুনৰ ফলত ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা দুটি পথ বিধস্ত হৈ পৰিছে । ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংলগ্ন ধনশ্ৰীঘাটৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা গড়কাপ্তানী পথটো আৰু ওৰাং টাউনৰ পৰা ৰাষ্ট্ৰীয় উদ্যানলৈ  যোৱা গড়কাপ্তানী পথৰ অবস্থা অতি  জৰাজীৰ্ণ হৈ পৰিছে ।দীৰ্ঘদিন ধৰি পথ দুটা মেৰামতি নকৰাৰ ফলত বখলা বখলিকৈ এৰি তাতে পানী জমা হৈ যাতায়তৰ অনুপযোগী হৈ পৰিছে । ফলত  বৃহৎ  অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ   ক্ষেত্ৰত ভীষন সমস্যাৰ সৃষ্টি হৈছে । কেবা ঠাইতো প্ৰকান্ড প্ৰকান্ড গাতৰ সৃষ্টি হোৱাত সৰু বৰ যান বাহন গৰু গাড়ী লেখিয়াকৈ বিপদ সংকুলতাৰে অহা যোৱা কৰিব লগা হৈছি । ফলত শিলবুড়ী ,ধনশ্ৰীবজাৰ অৰ্থবা ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ   ওৰাং ধনশ্ৰীঘাটৰ পৰা অহা যোৱা কৰোতে  ১৫ মিনিট সময় লাগে যদিও এতিয়া জৰাজীৰ্ণ এই পথেৰে যাতায়ত কৰিব লগীয়া হোৱাত  ৪৫ মিনিট সময়ৰ প্ৰয়োজন হৈ পৰিছে । পথচাৰী  সকলৰ লগতে চাইকেল আৰোহী সকলেও অতি সাৱধানতাৰে যাতায়ত কৰিব লগীয়া হৈছে । নহলে যিকোনো মূহুৰ্ততে দুৰ্ঘটনা সংঘটিত হোবাৰ পুৰ্ণ সম্ভাৱনা প্ৰকট হৈ পৰিছে । সেয়েহে ব্যস্ততাপূৰ্ণ ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পথদুটা অতি শীঘ্ৰে মেৰামতি কৰিবলৈ বিৰ্ভাগীয কৰ্তৃপক্ষক দাবী জনাইছে অনঞ্চলটোৰ ৰাইজে  ।

উত্তৰ পূৰ্বাঞ্চলৰ ডঃ দিব্যজ্যোতি শইকীয়ালৈ ৰাষ্ট্ৰীয় গৌৰৱ বঁটা।

দেশৰ আগশাৰীৰ সন্মানীয় ৰাষ্ট্ৰীয় গৌৰৱ বঁটা সমিতিয়ে আজি ডিজিটেল মাধ্যম যোগে উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্ম্মী ডঃ দিব্যজ্যোতি শইকীয়াক সন্মানীয় “ৰাষ্ট্ৰীয় গৌৰৱ বঁটা”প্ৰদান কৰে।
উল্লেখযোগ্য যে আন আন বৰ্ষৰ দৰে এইবাৰো সমগ্র ভাৰতবৰ্ষৰ ভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰলৈ উৎকৃষ্ট সেৱা আগবঢ়োৱা দহজন ব্যক্তিক এই সন্মানীয় বঁটা প্ৰদান কৰা হৈছে। সমাজসেৱা,শিক্ষা,স্বাস্থ্য আৰু উদ্যোগ আদি শিতানত আগবঢ়োৱা  উক্ত বঁটাৰ পৰা সমাজসেৱাৰ শিতানত বঁটা লাভ কৰিবলৈ সক্ষম হোৱা বহুকেইটা  ৰাষ্ট্ৰীয় সংগঠনৰ মুৰব্বী পদ অলংকৃত কৰা ডঃ দিব্যজ্যোতি শইকীয়া হল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ব্যক্তি। 
দীৰ্ঘদিন ধৰি শান্তি, মানৱতা, মানৱ অধিকাৰ আৰু সামাজিক কাৰ্যৰে ৰাষ্ট্ৰ তথা মানৱ সমাজলৈ আগবঢ়াই অহা উৎকৃষ্ট সেৱাৰ বাবে ডঃ শইকীয়াই ইতিমধ্যে প্ৰায় সত্তৰ তাতকৈ অধিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা দহ তাতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। 
ইয়াৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্ব সংবিধান সংসদ সংস্থাৰ পৰা শ্রেষ্ঠ সমাজ সেৱাৰ বঁটা, মৌলানা আজাদ ৰাষ্ট্ৰীয় বঁটা,বাবুজগজীৱনৰাম ৰাষ্ট্ৰীয় বঁটা, ডঃ ভূপেন হাজৰিকা শান্তি বঁটা,চাকচ্ছেছ ইণ্ডিয়া এছিভাৰছ আইকন এৱাৰ্ড, ইন্টাৰন্যাসনেল গান্ধী পিছ এৱাৰ্ড আদি উল্লেখযোগ্য। 
অসমত অন্ধবিশ্বাস বিৰোধী তথা ডাইনী কাণ্ড ৰোধৰ বাবে প্ৰণয়ন হোৱা “THE ASSAM WITCH HUNTING PPP ACT-2015” ৰ মূল দাবীদাৰ ডঃ দিব্যজ্যোতি শইকীয়াৰ লগতে মহাৰাষ্ট্ৰৰ প্ৰখ্যাত সমাজ কৰ্ম্মী পদ্মশ্ৰী ডঃ অম্বঋষ বিজয়কৰকও ৰাষ্ট্ৰ গৌৰৱ বঁটা প্ৰদান কৰা হয়।

শোকাৱহ ঘটনা, মইনবৰীত বজ্ৰ পৰি দুজন যুৱকৰ মৃত্যু

বৰপেটা জিলাৰ ইতিহাস প্ৰসিদ্ধ মইনবৰীত বজ্ৰপাতত দুজন ল’ৰাৰ মৃত্যু হোৱাত অঞ্চলজুৰি এক চাঞ্চল্যৰ সৃষ্টি হৈছে।জানিব পৰা মতে শনিবাৰে আবেলি এজাক প্ৰৱল ধুমুহা আৰু বৰষুণ অহাৰ সময়তে বজ্ৰপাত পৰে। এই বজ্ৰপাতত ল’ৰা দুজনৰ মৃত্যু হয়।মৃত ল’ৰা দুজনৰ এজন মইনবৰীস্থ পোষ্ট অফিচৰ পোষ্ট মাষ্টৰ আব্দুল খালেকৰ পুত্ৰ আবু বক্কাৰ ছিদ্দিক (১৫) আৰু আনজন ধনঞ্জয় ঘোষৰ পুত্ৰ প্ৰসেনজিৎ ঘোষ (২১) বুলি জানিব পৰা গৈছে।উল্লেখ্য যে বৰষুণ অহাৰ সময়ত ল’ৰা দুজনে বেঁকী নৈৰ পাৰৰ পৰা ঘৰলৈ আহি থাকোতেই বজ্ৰপাত পৰি কৰুণ মৃত্যুক আকোৱালি লয়। আবু বক্কাৰ ছিদ্দিক মইনবৰী জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ আছিল। ল’ৰা দুজনৰ মৃত্যুত বৃহত্তৰ মইনবৰী অঞ্চলত এক গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক নিজৰ পছন্দৰ স্থানত সেৱা আগবঢ়োৱাৰ সুবিধা প্ৰদান মুখ্যমন্ত্ৰীৰ

কালি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই হোজাই জিলাৰ উদালিত কৰ্তব্যৰত অৱস্থাত দুৰ্বৃত্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয়।ডাঃ সেনাপতিৰ মাতৃ আৰু পৰিয়ালবৰ্গৰ সৈতেও মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তালাপ কৰে।সুস্থ হৈ কৰ্তব্যত যোগদান কৰাৰ পিছত ডাঃ সেনাপতিক তেওঁৰ পছন্দৰ স্থানত সেৱা আগবঢ়াবলৈ চৰকাৰে সুবিধা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জনায়।ক’ভিডৰ জটিল পৰিস্থিতিৰ মাজতো নিষ্ঠাৰে সেৱা আগবঢ়োৱা চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ সৈতে চৰকাৰ সদায় আছে আৰু থাকিব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।লগতে মুখ্যমন্ত্ৰীয়ে চিকিৎসকক আক্ৰমণ কৰা কোনো দোষী সাৰি যাব নোৱাৰিব আৰু দোষীয়ে কঠোৰ শাস্তি পাব বুলি মত প্ৰকাশ কৰে।

অইলৰ গ্রীন এম্বেছাডৰ ৰূপে নিযুক্তি অৰণ্য মানৱ যাদৱ পায়েঙক

অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত দুলীয়াজানস্থিত ক্ষেত্রীয় মুখ্য কার্যালয়কে ধৰি অইলৰ বিভিন্ন বিভাগীয় কার্যালয়ত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় ৷ এই দিৱসৰ তাৎপর্যৰ সৈতে সংগতি ৰাখি অইলে গছ ৰোপণ কার্যসূচী হাতত লয় আৰু ক্ষেত্রীয় মুখ্য কার্যালয়ৰ পৰা ইয়াৰ শুভাৰম্ভণি কৰা হয়৷ অইলৰ আৱাসিক মুখ্য বিষয়া প্রশান্ত বৰকাকতিয়ে এই অভিযানৰ শুভাৰম্ভ কৰাৰ পাছত পর্যায়ক্রমে অইলৰ বিভিন্ন বিভাগত এই কার্যসূচী ৰূপায়ণ কৰা হয় ৷ইফালে, ক’ভিড–১৯ৰ শেহতীয়া পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা নিষেধাজ্ঞাসমূহ মানি চলি কালিৰ বিশেষ দিনটোতে অইলে পদ্মশ্রী যাদৱ পায়েঙৰ সৈতে এঘণ্টীয়া এক ৱেবিনাৰ বৈঠকো আয়োজন কৰে ৷ এই বৈঠকতে অইলৰ সঞ্চালনমূলক কার্যকলাপত সেউজ পদক্ষেপসমূহৰ একত্রীকৰণত তেওঁৰ দিহা–পৰামর্শেৰে আগবঢ়াৰ উদ্দেশ্যে যাদৱ পায়েঙক অইলৰ গ্রীন এম্বেছাডৰ হিচাপে আদৰণি জনায়৷

উক্ত বৈঠকত অংশগ্রহণ কৰে অইলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক সুশীল চন্দ্র মিশ্র, সঞ্চালক (অপাৰেচনছ) পংকজ কুমাৰ গোস্বামী, আৱাসিক মুখ্য বিষয়া প্রশান্ত বৰকাকতি আৰু কার্যবাহী সঞ্চালক সঞ্জয় কুমাৰ ৰায়৷ উক্ত বৈঠকৰ আঁত ধৰে প্রতিষ্ঠানটোৰ মুখপাত্র তথা উপ–মহাপ্রবন্ধক (চি এছ আৰ এণ্ড চি চি) ত্রিদীৱ হাজৰিকাই৷ তদুপৰি বিশ্ব পৰিৱেশ দিৱস ২০২১ৰ বিষয়বস্তুৰ প্রসাৰৰ উদ্দেশ্যে অইলৰ বার্তাসমূহ বিভিন্ন সামাজিক মাধ্যমৰ প্লেটফর্মৰ যোগেদি প্রচাৰ চলায়৷