Home Blog Page 3011

ডিগবৈ মাৰ্ঘেৰিটাত প্ৰতিদ্বণ্ডী নাই কংগ্ৰেছত, পুনৰ নিশ্চিত বিজয়ৰ দিশে সুৰেন ফুকন : ভাস্কৰ শৰ্মা

শনিবাৰে নিশাৰ ভাগত কংগ্ৰেছ প্ৰাৰ্থী তালিকা ঘোষনা কৰাৰ লগে লগেই তিনিচুকীয়া জিলাৰ ডিগবৈ আৰু মাৰ্ঘেৰিটাৰ কংগ্ৰেছ মহলত কাহ পৰি জীন জোৱাৰ অৱস্থা সৃষ্টি হৈছে৷ কিয়নো সমষ্টিদুটাৰ বাবে কংগ্ৰেছে যি দুগৰাকী নেতাক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে দুয়োৰে সমষ্টি দুটাত নাই কোনো গনভিত্তী৷ যাৰ ফলত ডিগবৈত পুনৰ বিজেপিৰ সুৰেন ফুকন আৰু মাৰ্ঘেৰিটাত বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ বিজয়ৰ পথ প্ৰায় মুকলি হৈ পৰিল৷ মন কৰিবলগীয়া যে, ১২৩ নং ডিগবৈ বিধান সভা সমষ্টিত কংগ্ৰেছৰ হাইকামাণ্ডে এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে যুৱ কংগ্ৰেছী নেতা শিৱনাথ চেতিয়াক৷ সমষ্টিটোৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ ভিতৰত এইবাৰ শক্তিশালী প্ৰাৰ্থী আছিল প্ৰয়াত বিধায়ক ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ গৌতম ধানোৱাৰ আৰু ডিগবৈ নগৰ সমিতিৰ প্ৰাক্তন সভাপতি ভাস্কৰ জীৱন বৰুৱা৷ বিজেপিৰ বিধায়ক সুৰেন ফুকনৰ সতে প্ৰতিদ্বণ্ডিতা কৰিব পৰা একমাত্ৰ প্ৰাৰ্থীজনেই আছিল গৌতম ধানোৱাৰ৷ কিন্তু দলে শেষ মূহূৰ্তত গৌতম ধানোৱাৰৰ পৰিবৰ্তে যুৱ কংগ্ৰেছী নেতা শিৱনাথ চেতিয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰাত পুনৰ বিজয়ৰ পথ সুনিশ্চিত হৈ পৰিল বিধায়ক সুৰেন ফুকনৰ৷ সেইদৰে ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিত বিধায়ক ভাস্কৰ শৰ্মাক প্ৰত্যাহ্বান জনাব পৰা এজনেই নেতা আছিল, তেও হল তিনিচুকীয়া জিলা কংগ্ৰেছৰ সম্পাদক বাসুদেব ছেত্ৰী৷ কিন্ত দলে অন্তিম মূহূৰ্তত বাসুদেৱ ছেত্ৰীক বঞ্চিত কৰি মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ সভাপতি মনোৰঞ্জন বৰগোহাইক প্ৰাৰ্থিত্ব প্ৰদান কৰাত এতিয়া ব্যাপক গৰাখহনীয়া সৃষ্টি  হৈছে মাৰ্ঘেৰিটা কংগ্ৰেছত৷ বাসুদেৱ ছেত্ৰীৰ সমৰ্থক সকলে সামাজিক মাধ্যমত আৰম্ভ কৰিছে মুকলি বিদ্ৰোহ৷ ফলস্বৰূপে বিধায়ক ভাস্কৰ শৰ্মাই বিপুল ভোটত পুনৰ বিপুল ভোটত জয়লাভ কৰাটো সুনিশ্চিত হৈ পৰিছে৷ গুৰুত্বপূৰ্ণ কথা এয়ে যে, বিধায়ক ভাস্কৰ শৰ্মাই পুনৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ লগে লগে যোৱাকালি ঢোলে দগৰে তেওক কেইবাহাজাৰ সমৰ্থক আৰু দলীয় কৰ্মীয়ে আদৰনি জনোৱাৰ বিপৰীতে কংগ্ৰেছৰ মনোৰঞ্জন বৰগোহায়ে প্ৰাৰ্থিত্ব লাভ কৰাত দলীয় কৰ্মীসকলৰ মাজত  দেখিবলৈ পোৱা নগল কোনোধৰনৰ উচাহ উদ্দীপনা৷

নাওবৈছাত কংগ্ৰেছৰ প্ৰাৰ্থী ভৰত চন্দ্ৰ নৰহ, এক অনাকাংক্ষিত ঘটনা

উত্তৰ অসমৰ ১১০ নং নাওবৈছা বিধান সভা সমষ্টিটো সকলো ৰাজনৈতিক দলৰ বাবেই যেন এটা ডাষ্টবিন ৷ এসময়ত সংগীত সূৰ্য্য, সুধাকণ্ঠ ভূপেন হাজৰিকাই প্ৰতিনিধিত্ব কৰা সমষ্টিটোত বিগত কেইটামান দশকত বিপুল হাৰত হোৱা জনগাঁথনিৰ পৰিবৰ্তনৰ বাবেই সকলো দলৰ বাবে সমষ্টিটো এটা ঘাটমাউৰা সন্তান স্বৰূপ হৈ পৰিল ৷ ২০১১ চনৰ পৰিসংখ্যা অনুযায়ী সমষ্টিটোত ১,৫৫,৯৭৩ গৰাকী ভোটাৰ আছিল ৷ এ আই ইউ ডি এফে দখল কৰিবলৈ সক্ষম হোৱা সমষ্টিটোত প্ৰায় ৬০ হাজাৰ বংগমুলীয় মুছলমান ভোটাৰ থকাৰ বিপৰীতে আছিল ১ লাখমান আন সম্প্ৰদায়ৰ ভোটাৰ ৷ আজি ২০২১ ত ভোটাৰৰ সংখ্যা অবধাৰিত ভাবেই ৩০/৪০ হাজাৰ বাঢ়িব ৷ সমষ্টিটোত ৬০/৭০ হাজাৰ বংগমুলীয় মুছলমান থকাটোৱেই যেন এতিয়া ৰাজনৈতিক দলবোৰৰ বাবে নিৰ্বাচনী পৰিকল্পনা তৈয়াৰ মুখ্য বিবেচ্য বিষয় ৷ সংখ্যাগৰিষ্ঠসংখ্যক খিলঞ্জীয়া আৰু নেপালী, চাহজনগোষ্ঠী, বিহাৰী, বেংগলী লোকে বসবাস কৰা সমষ্টিটোত কোনো ৰাজনৈতিক দলেই এই ৬০/৭০ হাজাৰ বংগমুলীয় ভোটাৰক আওকাণ কৰি প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নোৱাৰে ৷ উজনি বা উত্তৰ অসমৰ একমাত্ৰ সমষ্টি হিছাপে নাওবৈছা আজি প্ৰব্ৰজিত মুছলমান সম্প্ৰদায়টোৰ একচেটিয়া সম্পদ স্বৰূপ হৈ পৰিল ৷ বিগত নিৰ্বাচনত এআইইউডিএফৰ ইমদাদুল হক চৌধুৰীয়ে নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ ৰাও গজেন্দ্ৰ সিংহক প্ৰায় দুইহাজাৰ ভোটৰ ব্যবধানত পৰাস্ত কৰিছিল ৷ যদিও, অগপৰে মিত্ৰতাৰে বিজেপি দলে উক্ত নিৰ্বাচনতো ৰাজ্যজুৰি প্ৰতিদ্বন্দ্বিতা কৰিছিল তথাপি নাওবৈছাত অগপৰ চিহ্ন লৈ প্ৰতিদ্বন্দ্বিতা কৰা জয়ন্ত খাউণ্ডে প্ৰায় ৮ হেজাৰ ভোট কাটি পেলাইছিল ৷ বিজেপি কৰ্মী সীমান্ত বৰুৱা বোলা এজনেও নিৰ্দলীয় হিচাপে দুইহাজাৰ মান ভোট কাটি দি এআইইউডিএফক চিটটো পোৱাত সহায় কৰিছিল ৷ অবশ্যে, এইটো স্বীকাৰ কৰিবই লাগিব যে বিগত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কেউজন প্ৰাৰ্থীৰ ভিতৰত অধিবক্তা, উচ্চ শিক্ষিত যুৱক মামুদ ইমদাদুল হক চৌধুৰীয়েই আছিল সুযোগ্য প্ৰাৰ্থী ৷ কিন্তু তেওঁ নিজৰ যোগ্যতা প্ৰতিপন্ন কৰি বিগত নিৰ্বাচনত জয় লাভ কৰা নাছিল ৷ তেওঁৰ জয় লাভৰ সুত্ৰ আছিল তিনিটা- ১/ ধৰ্মীয় মেৰুকৰণ, ২/তথাকথিত দেশী বিদেশী মেৰুকৰণ আৰু ৩/ অনামুছলমানৰ ভোটৰ মাজত হোৱা ব্যাপক বিভাজন ৷ যিকিনহওক, সমষ্টিৰ উন্নয়নৰ প্ৰসংগত বা বিধান সভাত ৰাজ্যৰ বিভিন্ন জ্বলন্ত ইছ্যুবোৰত বিধায়ক জনৰ ভূমিকাক আমি ইতিবাচক হিচাপেই বিগত পাঁচটা বছৰে প্ৰত্যক্ষ কৰিছিলোঁ  ৷ এতিয়া কথা হ’ল এআইইউডিএফৰ আটাইতকৈ ভাল আৰু সকলো সম্প্ৰদায়ৰ প্ৰতি সহনশীল বিধায়কজনেই এইবাৰ প্ৰাৰ্থীত্ব নাপালে ৷ তেওঁৰ সমষ্টি নাওবৈছাক বুজাবুজিৰ সূত্ৰে কংগ্ৰেছ দলক দান কৰিলে দলৰ নেতৃত্বই ৷ কংগ্ৰেছ দলেও ঢকুৱাখনা সমষ্টিৰ সৰ্বকালৰ বিফল প্ৰাক্তন বিধায়ক ভৰত নৰহক আনি এইবাৰ নাওবৈছাত জাপি দিলেহি ৷ একমাত্ৰ কংগ্ৰেছী সাংসদ তথা ভৰত পত্নী ৰাণী নৰহৰ ষড়যন্ত্ৰতে সুদীৰ্ঘকালে নিস্ক্ৰিয় জ্যেষ্ঠ কংগ্ৰেছীজনক নাওবৈছাত জাপি দি পংকজ শইকীয়াকে ধৰি কেবাজনো উদীয়মান টিকট প্ৰত্যাশীক আকস্মিকভাবে বঞ্চিত কৰি পেলালে ৷ ইয়াৰ ফলাফল কংগ্ৰেছ দলটোৰ বাবে যে ভাল নহ’ব সেয়া সময়ত প্ৰমানিত হ’ব ৷ বিজেপি দলটোৱে এইবাৰ সমষ্টিটো অগপক এৰি দি সঠিক সিদ্ধান্ত লোৱা যেন বোধ হয় ৷ বিগত চাৰিটা নিৰ্বাচনত একেৰাহে প্ৰাৰ্থীত্ব লাভ কৰি উপৰ্যুপৰি পৰাজিত বিহাৰী মুলৰ ৰাও গজেন্দ্ৰ সিংহক সমষ্টি বাসী ৰাইজে মুঠেও পচন্দ নকৰে ৷ বিগত নিৰ্বাচনত উপায়ন্ত হৈ বিজেপি দলৰ স্বাৰ্থত ৰাজে তেঁওক বিপুল হাৰত ভোট দান কৰিছিল অথচ যি কাৰণতে নহওক তেওঁ জিকাৰ ভাগ্য নহল ৷ এইবাৰ জয়ন্ত খাউণ্ডৰ ৰূপত থলুৱা আৰু নিজৰ সমষ্টিৰ নতুন প্ৰাৰ্থী এজন লাভ কৰি ৰাইজে নিশ্চয় নিজৰ ভোটটো সন্তুষ্টিয়ে থবলৈ ঠাই এটা লাভ কৰিলে ৷ সকলো ধৰ্ম সম্প্ৰদায়ক বিশ্বাসত লৈ নিৰ্বাচনী ৰণকৌশল যুগুত কৰিলে এইবাৰ অগপই নাওবৈছা আসনখন লাভ কৰাৰ পূৰ্ণ সুযোগ আছে ৷ অবশ্যে প্ৰাৰ্থীত্ব বঞ্চিত মামুদ ইমদাদুল হক চৌধুৰীৰ এইবাৰ নিৰ্বাচনী ভূমিকা কি হ’ব ইও বহু পৰিমানে সমষ্টিটোত শেষ হাঁহি কোনে মাৰিব তাক নিশ্চিত কৰিব ৷ বাকী, সৰুসুৰা দল আৰু নিৰ্দলীয়ই এইবাৰ সমষ্টিটোত অগপক জিকাৰ ক্ষেত্ৰত বিশেষ হেঙাৰ দিব নোৱাৰিব ৷ এআইইউডিএফৰ পুৰণি ভোটাৰ সকলৰ বাদে বিজেপি কংগ্ৰেছ অগপৰ সকলোবোৰ সমৰ্থক তথা মুলসুতীৰ ৰাইজ আৰু হিন্দীভাষী, বাংলাভাষী, নেপালী আৰু চাহজনগোষ্ঠীলোক সকলে এইবাৰ যে জয়ন্ত খাউণ্ডক হিলদলভাঙি ভোট দিব তাৰ উমান কংগ্ৰেছৰ প্ৰাৰ্থী ভৰত নৰহ হোৱাটোৱেই নিশ্চিত কৰিলে ৷

নাজিৰাত ভেকচিনৰ পাছতো চবকা ৰোগত আক্ৰান্ত শ শ পশুধন

নাজিৰাৰ গ্ৰামাঞ্চলত সম্প্ৰতি গো-পালক সকল মুখামুখি হৈছে গৰুৰ চবকা ৰোগৰ । মুখেৰে ফেনাই থকা, গোৰোহাত ঘাঁ আৰু সপ্তাহকাল জুৰি একো আহাৰ নোখোৱাকৈ পৰি ৰোৱা গৰুৰ ৰোগৰ এই পৰিস্থিতিত গো পালক সকল বিপদত পৰিছে । গড়আলি, ৰজাপোল, চকীমুখ, নিৰ্মলীয়া আদি অঞ্চল সমূহত দেখা দিয়া এই ৰোগৰ বাবে পশুধন ৰক্ষাৰ প্ৰাৰ্থনাৰে ভগৱানৰ ওচৰত ভোগৰ সঁফুৰা আগবঢ়োৱা পৰিলক্ষিত হৈছে । যোৱা নৱেম্বৰ মাহত চৰকাৰী পশু চিকিৎসা বিভাগে গ্ৰহণ কৰা এলানি টিকাকৰণ আঁচনিৰ জড়িয়তে চবকা ৰোগ প্ৰতিৰোধী ভেকচিন দিয়াৰ প্ৰক্ৰিয়াও সম্পন্ন কৰি গৰুক ৰোগমূক্ত কৰাৰ প্ৰয়াস কৰিছিল। ভেকচিন দিয়া গৰুবিলাকক কাণত এক হালধীয়া ফুলি সংযোগ কৰি দিয়া হৈছিল । সম্প্ৰতি ভেকচিন দিয়া গৰুৱেই চবকাত আক্ৰান্ত হৈ পৰাত সাধাৰণ গো-পালক সকলৰ মনত ভেকচিনৰ প্ৰতিও সংশয় প্ৰকাশ ঘটিছে  আৰু ভেকচিনৰ বিৰুদ্ধে মন্তব্য কৰাও পৰিলক্ষিত হৈছে । সেয়েহে পশুপালন বিভাগে গুৰুত্ব সহকাৰে ৰোগৰ পৰিস্থিতি অধ্যয়ন কৰি নিৰাময়ৰ ব্যৱস্থা কৰাটো জৰুৰী হৈ পৰিছে । 

মাজবাটত হোণ্ডা গাড়ীসহ ১৩২ কেজি ভাং জব্দ দ্ৰাইভাৰৰ পলায়ন

ওদালগুৰি জিলাৰ মাজবাটৰ ওৰাং – ৰূপা পথৰ লামাবাৰী চাহ বাগিচাৰ কাষৰ পৰা যোৱা নিশা ১১ মান বজাত হোণ্ডা গাড়ীসহ ১৩২ কেজি ভাং জব্দ কৰে। জানিব পৰামতে  নিশা ১১ মান বজাত মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিন্টু সন্দিকৈৰ  নেতৃত্বত মাজবাটৰ লামাবাৰী চাহ বাগিচাৰ ওচৰত নিয়মীয়া তালাচী চলাই থকাৰ সময়তে অৰুণাচলৰ পৰা মাজবাট অভিমুখে আহি থকা এখন হোণ্ডা গাড়ী দেখা পায়। গাড়ীৰ ভিতৰত থকা লোকে পুলিচৰ তালাচী দেখা পাই গাড়ীখন  লৈ পলাবলৈ লওঁতে অলপ দুৰ যাওঁতে গাড়ী খন দুৰ্ঘটনা পতিত হৈ বাগানৰ নলাত বাগৰি পৰে। লগে লগে গাড়ী এৰি গাড়ীৰ ভিতৰত থকা লোক সকল বাগিচাৰ মাজেৰে পলায়ন কৰে। পিচত আৰক্ষীয়ে গাড়ীখনত তালাচী চলোৱাত গাড়ীৰ ভিতৰত ছয় বস্তা ভাং দেখা পায়। আৰক্ষীয়ে গাড়ীসহ ভাংখিনি থানালৈ লৈ আহে আৰু ২৪/২০২১ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। জব্দ কৰা ভাংখিনিৰ ওজন ১৩২ কেজি আৰু গাড়ীখনৰ নম্বৰ AS-12-L-6171।

শ্ৰীৰামপুৰত দ্ৰোণাচাৰ্য ইংলিছ মিডিয়াম স্কুলৰ উদ্বোধন

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰৰ ভাইৰিগুৰীত এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ উদ্বোধন কৰা হয়।স্থানীয় কেইজন উচ্চ শিক্ষিত যুৱকৰ ব্যক্তিগত উদ্যোগত দ্ৰোণাচাৰ্য ইংলিছ মিডিয়াম নামৰ বিদ্যালয় খন আনুষ্ঠানিক ভাৱে মুকলি কৰে বিটিচিৰ শ্ৰীৰামপুৰ সমষ্টিৰ পৰা মনোনীত পৰিষদীয় সদস্য উইলচন হাছদাই। উক্ত বিদ্যালয়খন মুকলি কৰি হাছদাই শ্ৰীৰামপুৰত ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ একাধিক বিদ্যালয় থকাৰ পাছতো এইখন বিদ্যালয় নতুনকৈ স্হাপন কৰি নিশ্চয় ছাত্ৰ-ছাত্ৰী সকলক উপযুক্ত পাঠদান কৰিব বুলি আশা প্ৰকাশ কৰে। এই উপলক্ষে পুৱা ৯-০০ বজাত  বিদ্যালয়খনৰ সভাপতি হীৰামন শ্বাওৰ পৰিচালনাত অনুষ্ঠিত উদ্বোধনী সভাত উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক চন্দ্ৰশেখৰ শ্বাহই।আজিৰ উদ্বোধনী সভাৰ মুখ্য অতিথি উইলচন হাছদাই  উদ্যোক্তা সকলৰ উদ্দেশ্য আৰু চিন্তাধাৰাৰ প্ৰশংসা কৰি কয় আধুনিক তথা প্ৰতিযোগিতামূলক শিক্ষা ব্যৱস্থাৰ পৰা বঞ্চিত এই অঞ্চলৰ শিক্ষাৰ্থীক প্ৰতিযোগিতামূলক পাঠগ্ৰহনৰ সুযোগ কৰি ইয়াৰ দৰিদ্ৰ তথা মেধাবী ছাত্ৰ-ছাত্ৰীক উপযুক্ত শিক্ষাদান কৰাৰ লক্ষ্য আগত ৰাখি শিক্ষিত নিবনুৱা যুৱককেইজনৰ উদ্যোগ সঁচাকৈয়ে প্ৰশংসা যোগ্য। শ্ৰীৰামপুৰ তথা পাৰ্শ্বৱৰ্তী অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলক চিবিএছচিৰ পাঠক্ৰমেৰে আৰু কেন্দ্ৰীয় বিদ্যালয় সমূহৰ পাঠদানৰ প্ৰক্ৰিয়াৰে ইয়াত নাৰ্চাৰীৰ পৰা ছাত্ৰ-ছাত্ৰীক যতনেৰে পাঠ দান কৰাই ভৱিষ্যতে উচ্চ শিক্ষাৰে শিক্ষিত কৰাৰ এই প্ৰচেষ্টাৰ প্ৰতি তেওঁৰ সম্পূৰ্ণ সহযোগ থাকিব বুলি বিটিচিৰ মনোনীত পৰিষদীয় সদস্য উইলচন হাছদাই ৰাজহুৱাকৈ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ আজি উক্ত বিদ্যালয়ৰ উন্নত আন্তঃগাঁথণিৰ বাবে এক লাখ টকা আৰ্থিক সাহায্য আগবঢ়ায়। প্ৰথমাৱস্হাত নাৰ্ছাৰীৰ পৰা পঞ্চম শ্ৰেণীলৈ ইয়াত পাঠদান কৰোৱা হ’ব।বিশেষ কৈ উক্ত বিদ্যালয়ত জওহৰ নৱোদয় বিদ্যালয়ত নামভৰ্তিৰ বাবে প্ৰতিযোগিতা মূলক পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰাকৈ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰোৱা হব বুলি জনায় প্ৰধান শিক্ষক চন্দ্ৰশেখৰ শ্বাহই। ১ এপ্ৰিল পৰা শ্ৰেণীকাৰ্য আৰম্ভ হ’ব বুলি জনায় বিদ্যালয় কৰ্তৃপক্ষই। উক্ত অনুষ্ঠানত শ্ৰীৰামপুৰ ভিচিডিচিৰ সভাপতি হৰেকৃষ্ণ দেৱনাথ,শিক্ষক তথা প্ৰাক্তন সাংবাদিক ভৱানন্দ পোদ্দাৰ,কৃষি বিষয়া মংগল টুডু,সাংবাদিক স্বপন কুমাৰ এছ প্ৰমুখ্যৰ উপৰি ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকল উপস্থিত থাকে।

বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ কংগ্ৰেছ গমণ কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ বিজেপিৰ

বীৰদৰ্পে একালৰ অন্যতম সক্ৰিয় বিজেপিৰ কৰ্মী তথা ২০১৬ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ অজন্তা নেওগৰ বিৰুদ্ধে তুমূল প্ৰতিদ্বন্দিতা আগবঢ়াই মাত্ৰ ৫০০০ ভোটত পৰাজয় বৰণ কৰা বিতোপন শইকীয়াৰ  চিৰবৈৰী কংগ্ৰেছলৈ হঠাৎ কৰা গমনে গোলাঘাটৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত বিজেপিৰ অন্যতম প্ৰাৰ্থীত্বৰ দাবীদাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যা জীনা বৰুৱাৰ  সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিজেপিৰ নেত্ৰীগৰাকীয়ে মতামত বিচৰাত ধন্যবাদ জনাই কয় যে ,  গোলাঘাটৰ ৰাজনৈতিক চিত্ৰপট খন এতিয়া অন্য বোৰ সমষ্টি তকৈ বহুত বেলেগ হৈ আছে বুলি কব লাগিব ।এনেকুৱা ধৰণৰ ঘটনা বাস্তৱত কাচিৎ হে হয়।ৰাজনীতিৰ আধাৰত নিৰ্মিত কথা ছবিতহে সাধাৰণতে এনে ধৰণৰ কথা কাণ্ড বোৰ দেখা যায়।বিধান সভা নিৰ্বাচনৰ বাবে টিকটৰ প্ৰবল দাবীদাৰ আছিলোঁ আমি তিনিজন।বিতোপন শইকীয়া, দেবজিত বৰা আৰু মই জীনা বৰুৱা ।সমষ্টি টোত বিজেপিৰ ভাৱমূৰ্তি উন্নত কৰিবৰ বাবে আমি প্ৰতিজনেই যথেষ্ট কষ্ট কৰিলোঁ।কৰোনাৰ সময়ত অসংখ্য লোকক আৰ্থিক সাহাৰ্য্য দিলোঁ।খাদ্য সামগ্ৰী দিলোঁ।মুঠতে সমষ্টি টোত বিজেপিৰ ভেটি ইমান সবল হৈ উঠিল যে ইয়াত পুৰণি দাবীদাৰ যিকোনো এজনেই (সমষ্টিত কাম কৰি থকা )অনায়াসে জয়লাভ কৰি গ’ল হেঁতেন ,কিন্তু হঠাতে কংগ্ৰেছ দলৰ বিধায়িকা অজন্তা নেওগ ডাঙৰীয়ানীয়ে বিজেপিত যোগদান কৰি প্ৰাথীৰ্ত্ব বিচৰাত অংকত যেন কিছু খেলি মেলি লাগিল; কাৰণ বিশেষ কৈ তৃণমূল পৰ্য্যায়ৰ কাৰ্য্য কৰ্তা সকলে তেওঁৰ প্ৰাথীৰ্ত্ব মানি লব খোজা নাই ।আমাৰ কষ্টৰ বিনিময়তো প্ৰাথীৰ্ত্ব নোপোৱাৰ বাবে দুখ নিশ্চয় লাগিছে,লগাটো স্বাভাৱিক ।তথাপিও দলৰ উৰ্দ্ধতন মহলৰ সিদ্ধান্ত আমি মানি লৈছোঁ।আমাৰ মাজৰে এজন বিতোপন শইকীয়া ডাঙৰীয়া ই এই সিদ্ধান্তত আঘাত পাই দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰিছে।যিহেতু তৃণমূল কাৰ্য্যকৰ্তা সকলেও এই সিদ্ধান্ত মানি লব খোজা নাই, সেয়েহে বহু খিনি সদস্য তেওঁৰ লগতে কংগ্ৰেছ লৈ গৈছে।ইতিমধ্যে এই সকলো বোৰ কথা মিডিয়া ত প্ৰকাশ হৈছে,সম্প্ৰচাৰ হৈছে।এক কবলৈ গ’লে গোলাঘাট সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট অতি উত্তপ্ত , ধূসৰতাই আৱৰি ধৰিছে।

দিকৰাই প্ৰাথমিক বিদ্যালয়ত বিদায় সম্বৰ্দ্ধনা অনুষ্ঠান : সহকাৰী শিক্ষক গোলাপ বৰাইকক বিদায় সম্বৰ্দ্ধনা

বিশ্বনাথ জিলাৰ ইটাখোলাস্থিত বৃহৎৰ দিকৰাই প্ৰাথমিক বিদ্যালয়ত আজি সদ্য বিদায়ী শিক্ষক গোলাপ বৰাইকক বিদায় সম্বৰ্দ্ধনা জনায়। বিদ্যালয়খনত পুৱাৰ ভাগত অনুষ্ঠিত বিদায় সম্বৰ্দ্ধনা অনুষ্ঠানটিৰ আঁ‌ত ধৰে বিদ্যালয়খনৰে সহঃশিক্ষক গোপাল চৱৰ আৰু সভাৰ সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি লক্ষন তাঁ‌তিয়ে। দিকৰাই প্ৰাথমিক বিদ্যালয়ত ২০১১ চনত সহকাৰী শিক্ষক হিচাপে যোগদান কৰা শিক্ষক গোলাপ বৰাইক যোৱা ২০২০ বৰ্ষৰ আগষ্ট মাহত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে নিযুক্তি দিয়া নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি পোৱাত শিক্ষক গৰাকীয়ে বিদ্যালয়খনৰ পৰা বিদায় লবলগীয়া হয়। উল্লেখ্য যে বিশেষ ভাবে সক্ষম শিক্ষক গোলাপ বৰাইকে উইলিয়াম চন মেগৰ কোম্পানীৰ চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষককতা হিচাপে কৰ্মৰত অৱস্থাত যোৱা ২০১৯ বৰ্ষত শিক্ষা বিভাগে অনুষ্ঠিত সাধাৰণ টেট পৰীক্ষাত অৱতীৰ্ন হৈ সুখ্যাতিৰে উৰ্ত্তীন্ন হৈছিল। দুইশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা দিকৰাই প্ৰাথমিক বিদ্যালয়খনত ৰাইজ অবিভাৱক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ উপস্থিতিত অনুষ্ঠিত বিদায় সম্বৰ্দ্ধনা অনুষ্ঠানটিত বিদায়ী শিক্ষক বৰাইকক ফোলাম গামোচা,সম্বৰ্দ্ধনা পত্ৰ আৰু এখন শৰাইৰে বিদায় সম্ভাষণ জনোৱা হয় লগতে প্ৰতিযোগি মনোভাৱসম্পন্ন থকা শিক্ষক গৰাকীক ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলেও ফোলাম গামোচা, কিতাপ,কলম আদিৰে বিদায় সম্বৰ্দ্ধনা জনায়। দিকৰাই বাগিচাখৰে বাসিন্দা কনিষ্ঠ শিক্ষক বৰাইক বৰ্তমান শোণিতপুৰ জিলাৰ বালিপাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত বাঁহবাৰী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে কৰ্মৰত। এক আবেগ বিহুলনল পৰিৱেশত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ৰীতা তাঁ‌তীয়ে বিদায়ী শিক্ষক গৰাকীক পোৱা কৰ্ম দিনৰ ওপৰত অভিজ্ঞতা সম্পৰ্কে মন্তব্য আগবঢ়াই। এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত বিশেষভাবে অংশ গ্ৰহণ কৰি নদুৱাৰ শাখা আটছাৰ সভাপতি আনন্দ তচাই বিদায়ী শিক্ষক গৰাকীক সম্বোধন কৰি শিক্ষাগুৰু সকলৰ ত্যাগী জীৱণ সম্পৰ্কে এক আলোকপাত আগবঢ়াই। বিদ্যালয়খনৰ শিক্ষক গোট আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে আয়োজিত অনুষ্ঠানটিত দিকৰাই চাহ বাগিচাৰ কৰ্মচাৰী ফিৰংগী বৰাইক,মাতৃ গোটৰ সভানেত্ৰী পদ্মা তচা,বিশিষ্ট ব্যক্তি ৰুহীত তচা আদি কৰি স্থানীয় কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

বিহালীত দলে দলে বিজেপিত যোগদান

বিহালীত  কংগ্রেছ নেতৃত্বাধীন মহাজোঁটত বন্ধনে বিহালীত কংগ্রেছৰ সলনি চি পিআই (এম অল)ক এৰি দিয়াত কংগ্রেছৰ মাজত ক্ষোভৰ জুই জ্বলি উঠিছে । আজি ক্ষুদ্ধ বহু কংগ্রেছ কর্মীয়ে বিজেপিক যোগদান কৰি বলৈ ওলাই আহিছে । অকল সেয়ে নহয় বহু কংগ্রেছৰ দলীয় কর্মীয়ে বিজেপিক সহায় কৰিব বুলিও জানিব পৰা গৈছে । বিশ্বনাথ জিলা অনুসূচীত জাতি মৰ্চাৰ সাধাৰণ সম্পাদক অৰূপ দাসৰ নেতৃত্বত বিহালীৰ বটীয়ামাৰী গাঁও পঞ্চায়তৰ ৰাংছালী গাঁৱৰ ১নং আৰু ২নং ৱার্ডৰ দুই শতাধিক কংগ্রেছ কর্মীয়ে বিজেপিত যোগদান কৰিছে । এই অনুষ্ঠানত মন্ত্রী ৰঞ্জিত দত্ত, নিজ বিহালী জিলা পৰিষদৰ সদস্যা দিপীকা দেবী ঢাকাল, বটীয়ামাৰী গাঁও পঞ্চায়তৰ সভানেত্রী ফুলমনি দাস, বিশ্বনাথ জিলা অনুসুচীত জাতি মর্চাৰ সাধাৰণ সম্পাদক অৰূপ দাস ,বিহালী মণ্ডল বিজেপিৰ সভাপতি লাচিত বৰা সহ কেইবা জনো ব্যক্তি উপস্হিত থাকে । আনহাতে মোনাবাৰী , জিনজিয়া আদিতো বহু কংগ্রেছ দলৰ কর্মীয়ে যোগদান কৰিব বুলি জানিব পৰা গৈছে ।

বাঘমাৰাত গড়কাপ্তানি পথ নিৰ্মানত ঠিকাদাৰৰ বিয়াগোম দুৰ্নীতি বিৰোধী ৰাইজৰ প্ৰতিবাদ : ব্যৱস্থা গ্ৰহণৰ দাবী

বৰপেটাৰ বাঘমাৰাত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পকী পথ নিৰ্মাণত ব্যাপক দূৰ্নীতিৰ তথ্য পোহৰলৈ আনিছে স্থানীয় সচেতন ৰাইজে। বাঘবৰ সমষ্টিৰ দক্ষিণ প্ৰান্তত গড়কাপ্তানি(লোকনিৰ্মান) বিভাগৰ অধীনত নিৰ্মিত কিম্বা নিৰ্মীয়মাণ চৰাঞ্চলৰ প্ৰায় প্ৰতিটো পথতেই নিৰ্মাণ ক্ষেত্ৰত দুৰ্নীতি-অনিয়মৰ অভিযোগ উত্থাপিত হৈছে ,শেহতীয়াকৈ ৪ নং বাঘমাৰাৰ পৰা আলোপতি মণ্ডলপাৰালৈ (পেকেজ নং-AS01 202) যোৱা গড়কাপ্তানি পথৰ মেৰামতিৰ কামত বিভাগীয় উদাসীনতাত ফয়জল হক নামৰ ঠিকাদাৰ গৰাকীয়ে পথ পৰিস্কাৰ নকৰাকৈ ৰোলাৰ’ মৰা আৰু এদিনো পানী নমৰাকৈ যাৱতীয় কাম পূৰ্ণগতিত চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে। আনহাতে কাম নিম্নমানৰ হোৱা বাবে নিৰ্মান বন্ধ ৰাখিবলৈ একাংশই দাবী জনাইছিল যদিও ঠিকাদাৰৰ মহৰিয়ে সেই বাধাক গুৰুত্ব নিদি মনমৰ্জি কাম অব্যাহত ৰখাত এক উত্তেজনাৰো সৃষ্টি হয়৷ সাংবাদিকৰ কেমেৰা দেখিহে মহৰিয়ে ঘটনাস্থলীৰ পৰা আঁতৰি যায়। বিভাগীয় একাংশ দুৰ্নীতিপৰায়ণ বিষয়া আৰু স্থানীয় কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীৰ ছত্ৰ-ছায়া পাই ঠিকাদাৰ ফয়জল হকে এনে নিন্মমানৰ কাম কৰাৰ সাহস গোটোৱা বুলিও অভিযোগকাৰীয়ে মন্তব্য কৰিছে। উপায়বিহীন হৈ নিম্নমানৰ কামৰ  বিৰোধিতাৰে গড়কাপ্তানি বিভাগ হায় ,হায় । ঠিকাদাৰৰ দুৰ্নীতি নচলিব , দুৰ্ণীতি বন্ধ কৰক আদি বিভিন্ন শ্ল’গানেৰে ৰবিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰি দূৰ্নীতিপৰায়ণ ঠিকাদাৰৰ বিৰুদ্ধে বিভাগীয় কতৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী উত্থাপন কৰে। প্ৰশ্ন হয় ,নিৰ্বাচনী অধিসূচনা জাৰি হোৱা সময়তে নিৰ্মান বিসংগতিৰে পথ নিৰ্মাণ কাৰ্য অব্যাহত ৰখা হাতদীঘল ঠিকাদাৰ ফয়জল হকৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল’বনে সংশ্লিষ্ট প্ৰশাসনে ? ৰাইজক সন্তুষ্ট কৰিব পৰাকৈ আগলৈ উন্নত মানৰ হ’বগৈ নে পথৰ যাৱতীয় কামফেৰা ?

মেকীপুৰত ভয়ানক অগ্নিকাণ্ডত আহত – ১

নাজিৰা আদৰ্শ আৰক্ষী থানাৰ পৰা পাঁচ কিঃমিঃ নিলগৰ মেকীপুৰ সাপ্তাহিক বজাৰৰ ওচৰত যোৱা নিশা প্ৰায় ১০ বজাত সংঘটিত এক প্ৰচণ্ড অগ্নিকাণ্ডত ৰঞ্জিৎ তাঁতী নামৰ এজনৰ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভষ্মীভূত হয় । ৰঞ্জিৎ তাঁতীৰ পত্নী ৰেণু তাঁতী (৪০) জুইৰ গ্ৰাসত পৰি গুৰুতৰ ৰূপে আহত হয় । নাজিৰা অগ্নি নিৰ্বাপন আৰু জৰুৰী সেৱাৰ বাহনে খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় । নাজিৰা আৰক্ষীয়ে অধিক তৎপৰতাৰে উদ্ধাৰ অভিযানত নামি পৰি অধিক জীৱনৰ ক্ষয় ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰে । আহত ৰেণু তাঁতীক এম্বুলেন্সেৰে স্থানীয় চিকিৎসালয়লৈ নিয়া হয় ।