Home Blog Page 3013

টংলাত চোৰৰ উপদ্ৰপ: মোবাইলৰ দোকানৰ পৰা লুটিলে বহু লক্ষাধিক টকাৰ লগতে মোবাইল ফোন

সমগ্ৰ দেখাত ক’ৰোনা মহামাৰী সন্ত্ৰাসে বিৰাজ কৰা সময়তে শনিবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত টংলা চহৰৰ মাজমজিয়াত থকা ” কৰণ কমপজিত ” নামৰ মোবাইল ফোনৰ দোকান খনত চোৰে প্ৰায় ডেৰ লক্ষাধিক টকাৰ মোবাইল ফোনৰ লগতে মোবাইল ফোনৰ অন্যান্য সামগ্ৰী চুৰি কৰি নিয়ে। উক্ত দোকানৰ গৰাকীয়ে আজি পুৱা প্ৰায় ৮ মাজত নিজৰ দোকান খুলি চুৰি হোৱা কার্য পত্যক্ষ কৰি টংলা আৰক্ষী থানাত চুৰি সম্পৰ্কত অৱগত কৰে।
চোৰে দোকানৰ তিনপাত খুলি দোকানৰ চিলিং ভাগি দোকাৰ ভিতৰত প্ৰৱেশ কৰে। ইতিমধ্যে দোকানৰ গৰাকীয়ে দোকানৰ ভিতৰত থকা চি চি টিভিৰ ফুটেজ সংগ্ৰহ কৰি চোৰৰ চুৰি কাৰ্য্য পত্যক্ষ কৰি ফুটেজ সহ টংলা থানাত এখন এজাহাৰ দাখিল কৰে। ক’ৰনা মহামাৰীৰ সময়ত সান্ধ্য আইনৰ সুযোগ লৈ একাংশ লোকে চুৰিৰ দৰে অপৰাধজনীত কাৰ্য্যত লিপ্ত হৈ উপদ্ৰপ সৃষ্টি কৰি আহিছে। টংলা আৰক্ষীয়ে চোৰৰ চি চি টিভিৰ ফুটেজৰ জৰিয়তে চুৰ কেনেকৈ কৰায়ত্ব কৰে সেয়া হব লক্ষণীয়।

বিশ্ব পৰিবেশ দিবসৰ লগত সংগতি ৰাখি হোজাই জিলাৰ বিভিন্ন প্ৰান্তত বৃক্ষৰোপণ

আজি পাচঁ জুন,এই পাচঁ জুনটো সমগ্ৰ বিশ্বতে বিশ্ব পৰিৱেশ দিবস হিচাপে পালন কৰা হয়।এই বিশ্ব পৰিবেশ দিবসৰ লগত সংগতি ৰাখি হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ দেবে জিলা উপায়ুক্তৰ সহযোগত, উপায়ুক্ত কাৰ্য্যালয়ৰ চৌহদত বৃক্ষৰোপণ কৰাৰ উপৰিও হোজাই জিলাৰ উপায়ুক্ত মহোদয়ৰ লগত বিগত কিছু মাহ পূৰ্বে উপায়ুক্ত কাৰ্য্যালয় চৌহদত অৱস্থিত উচ্ছেদ কৰা দোকান সমূহ, ৰাইজৰ সুবিধাৰ্থে ও তাত দোকান কৰি জীৱিকা নিৰ্বাহ কৰি থকা দোকানী সকলৰ পূনৰসংস্থাপন বাবে এখন নতুনকৈ মাৰ্কেট কম্প্লেক্স নিৰ্মাণ কৰাৰ বাবে আলোচনা কৰা দেখা যায়। আনহাতে হোজাইৰ স্বেচ্ছাসেৱী সংগঠন মাৰ্কাজুল মা আৰিফৰ কাৰ্যকৰী সভাপতি ডাঃ চামছুল হক চৌধুৰীয়ে হোজাই সদৰ আৰক্ষী চকী, হোজাই মেইন ৰোড, নীলবাগান আদি ঠাইত বৃক্ষৰোপণ কৰা দেখা যায়। লগতে চৌধুৰীয়ে পৰিৱেশ সুৰক্ষাৰ বাবে এই বাৰিষাৰ বতৰত সকলোৱে এটা এটা বৃক্ষৰোপণ কৰাৰ আহ্বান জনায়। চৌধুৰীৰ এনে কৰ্মত হোজাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৌতম চন্দ্ৰ কুমাৰে প্ৰশংসা কৰে।

নামখলাত বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি ছিপাঝাৰ সমষ্টিৰ বিভিন্ন ঠাইত গছপুলি ৰোপন

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি দৰঙৰ চিপাঝাৰ সমষ্টিটোক সেউজী কৰাৰ লক্ষ্যৰে দুমাহ জোৰা গছপুলি ৰোপন অভিযান আৰম্ভ কৰে৷
বিধায়ক ড° পৰমানন্দ ৰাজবংশীৰ উদ্যোগত আৰম্ভ হোৱা এই অভিযানত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী, অসম সাহিত্য সভাৰ উপ সভানেত্ৰী মৃণালিনী দেৱী , শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে ঐতিহাসিক খটৰা সত্ৰ, ৰত্নাৱলী সত্ৰ, স’লগুৰি সত্ৰকে ধৰি অঞ্চলটোৰ বিভিন্ন অনুষ্ঠানত বৃক্ষৰ পুলি ৰোপণ কৰে।
একেদৰে অসম জ্ঞান বিজ্ঞান সমিতিয়ে, ধ্বংস প্ৰাপ্ত বৈৰাগীঝাৰ বনাঞ্চলত পুনৰ প্ৰতিষ্ঠাৰ বাবে গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰে ।

নলবাৰীৰ ভিন্ন ঠাইত বিশ্ব পৰিবেশ দিৱস উদযাপন

আজি বিশ্ব পৰিবেশ দিৱস  । সেই উপলক্ষে আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈ বিশ্ব পৰিবেশ দিৱস।  সেইমৰ্মে পশ্চিম নলবাৰী ৩০(২) দক্ষিণ পকোৱা গাওঁ পঞ্চায়ত  জাগাৰাত বিশ্ব পৰিবেশ দিৱস  উপলক্ষে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়  । এই কাৰ্যসূচীত উপস্থিত থাকে পঞ্চায়ত খনৰ সভাপতি অজিত বৈশ্য,সচিব ভবানী ভট্ট,আঞ্চলিক সদস্য গীতা ডেকা,১৮৭ নং জাগাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোকুল ডেকা সহ প্ৰমুখ্যে বহু কেইগৰাকী ব্যক্তি উপস্থিত থাকে  । আনহাতে পশ্চিম নলবাৰীৰ দাৰিকা নাথ লক্ষ্মীপ্ৰিয়া হাইস্কুল,জাগাৰাত এন এ.এ.পি.আই.এ. ৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস উপলক্ষে বৃক্ষৰোপণ আৰু অনলাইন যোগ অনুশীলনৰ কাৰ্যসূচী পালন কৰা হয়  । এই কাৰ্যসূচীত উপস্থিত থাকে নলবাৰী  এন.এ.এ পি.আই.এ ৰ পংকজ বেজবৰুৱা আৰু বিদ্যালয়খনৰ কৰ্তৃপক্ষ । তদুপৰি বিশ্ব পৰিবেশ দিৱস উপলক্ষে সম্পূৰ্ণ কোভিড প্ৰটোকল মানি নলবাৰীৰ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ জাপাৰকুছি শাখাৰ সহযোগত বিশ্ব হিন্দু পৰিষদ নলবাৰী সমিতিয়ে সামাজিক ক্ষেত্ৰ খনৰ লগত জৰিত বিশিষ্ট ব্যক্তি সকলৰ দ্বাৰা বৃক্ষৰোপণ আৰু আৰ্থিক ভাৱে কিছু অনগ্ৰসৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে  । এই কাৰ্যসূচী ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ নলবাৰী বিভাগ প্ৰচাৰক জ্ঞানমোহন মণ্ডল, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ জাপাৰকুছি শাখাৰ ভবেশ বৰ্মন, বিশ্ব হিন্দু পৰিষদ নলবাৰীৰ উপ সভাপতি অজিত শৰ্মা, আন্তঃৰাষ্ট্ৰীয় কংফু খেলুৱৈ ধৰ্মেশ্বৰ হালৈ সহ সংঘৰ বিষয়ববীয়া-সদস্য সকলৰ লগতে প্ৰমুখ্যে বহু কেইজন ব্যক্তি উপস্থিত  ।

জামুগুৰিহাটত চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত দুৰ্নীতি : এজাক বৰষুণতে ছিঙিল পথৰ বিভিন্ন অংশ।

জামুগুৰিহাটৰ চকীঘাটৰ পৰা মাধৱৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথলৈকৈ নিৰ্মাণ কাৰ্য চলি থকা চাৰিলেণ্ড যুক্ত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰা ‘ছিমপ্লেক্স ‘ নামৰ বহি:ৰাজ্যৰ কোম্পানীটোৱে বিভাগীয় নীতি নিয়মক গুৰুত্ব নিদি পথ নিৰ্মাণ কৰাৰ ফলত এতিয়া এজাক সাধাৰণ বৰষুণতে খহি পৰিছে পথৰ বিভিন্ন অংশ। চৰকাৰী নীতি নিয়ম অনুসৰি চাৰিলেণ্ড যুক্ত পথ নিৰ্মাণত কাঠ মাটি বা পাহাৰীয়া মাটি ব্যৱহাৰ কৰিব লাগে যদিও ছিমপ্লেক্স কোম্পানীয়ে জীয়া ভৰলী নদীৰ বুকু খান্দি বালি মাটিৰে পথ নিৰ্মাণ কৰাৰ ফলত এতিয়া এই এইদৰে এজাক বৰষুণতে পথচোৱাৰ বিভিন্ন অংশত গাতৰ সৃষ্টি হোৱাৰ লগতে ঠায়ে ঠায়ে পকী অংশও এৰাই যোৱা দেখিবলৈ পোৱা গৈছে। স্থানীয় ৰাইজে চাৰিলেণ্ড যুক্ত পথ নিৰ্মাণত চলা এই দুৰ্নীতিৰ উচিত তদন্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগক দাবী জনাইছে।

কৃষি কৰ্মৰ জৰিয়তে দেখা স্বাৱলম্বীতাৰ সপোন অসাৰ কৃষকসমাজৰ

কৃষি কৰ্মৰ জৰিয়তে দেখা স্বাৱলম্বীতাৰ সপোন অসাৰ কৃষকসমাজৰ : কৃষকসকলক সহায়ৰ আহবান চৰকাৰক ছাত্ৰ নেতা মিন্টু ভুমিজৰ ।

জামুগুৰিহাটৰ ইটাখোলাস্থিত ভূঞাপাৰাৰ নিৱাসী মিন্টু ভুমিজে কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ সপোন দেখিছিল যদিও সম্প্ৰতি সেই আশা পূৰণ নহল ৷ মিন্টু ভুমিজে কৰা প্ৰায় ১০ বিঘা কৃষি ভুমিৰ উৎপাদিত ফচল ক্ৰমে জলকীয়া, ভেণ্ডি, বেঙেনা, বিলাহী আৰু মাকৈ খেতি সম্প্ৰতি পথাৰতে নষ্ট হৈছে ৷ প্ৰতি বিঘাত ২৫\৩০ হাজাৰ টকা ব্যয় সাপেক্ষে কৰা খেতিৰ শস্য লকডাউনৰ বাবেই এতিয়া কৃষি ভুমিতে প্ৰখৰ ৰ’দ-বৰষুণত গেলি-পচি নষ্ট হোৱা দেখা গৈছে। ক’ৰণা সৃষ্ট পৰিস্থিতিত ব্যৱসায় বাণিজ্যৰ লগতে বজাৰ-সমাৰ বন্দ্ধ হৈ থকাত কৃষকে কৰা শস্য মূল্যহীন হৈ পৰা পৰিলক্ষিত হৈছে। কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ সপোন দেখা এই সকল যুৱকে চৰকাৰক এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দাৱী জনাইছে ৷

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ বৃক্ষৰোপণ।

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি আজি জীয়া ভৰলী নদীৰ পাৰৰ ‘ কন্যকা ‘ কৃষি পামত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই বৃক্ষ ৰোপণ কৰে।গমাৰি,তিতাচপা,চেগুণকে ধৰি প্ৰায় পাঁচ হাজাৰৰো অধিক গছ পুলি ৰোপণ কৰে চতিয়াৰ বিধায়ক গৰাকীয়ে।বৃক্ষৰোপণ কৰি বিধায়ক হাজৰিকাই অকল বৃক্ষৰোপণ কৰিলেই নহব,গছ পুলি ৰোৱাৰ পাছত ইয়াৰ লালন পালন কৰি গছ সংৰক্ষণ কৰিব পাৰিলেহে পৰিবেশ দিৱস প্ৰকৃততে সাৰ্থক হ’ব বুলি মন্তব্য কৰে।অনুষ্ঠানত বন বিভাগৰ উচ্চ পদস্হ বিষয়া সকলো উপস্থিত আছিল।

ধনশিৰি- ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ভেটিহীন কৰিলে বহু পৰিয়ালক

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ধিঙত বৃক্ষৰোপন কাৰ্যসূচী

আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ধিঙৰ অগ্ৰণী অনুস্থান আৰোগ্য কেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত আৰোগ্য যোগ কেন্দ্ৰ আৰু ধিং সাৰ্ৱজনীন পুজাবাড়ীৰ সহযোগত ধিঙৰ বহু কেইটা সামাজিক অনুস্থানত বৃক্ষ ৰোপন কাৰ্যসূচী গ্ৰহন কৰে । এই বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰম্ভনি কৰে ধিঙৰ চক্ৰ বিষয়া চন্দনা বৰুৱাই ।

ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা । ডকাইতক খেদি খেদি কৰায়ত্ব কৰিবলৈ অপাৰগ আৰক্ষীৰ দল

যোৱা নিশা ৰঙিয়াত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ।

দুজন ডকাইতক খেদি খেদি কৰায়ত্ব কৰিবলৈ অপাৰগ হয় আৰক্ষীৰ এটা দলে

ঘটনাস্থলীৰ পৰা 7.65mm ৰ পিষ্টল এটা উদ্ধাৰ কৰে আৰক্ষীয়ে ।

ডকাইতৰ দলটোৱে এঘৰ মানুহৰ ঘৰৰ পিছফালে পেলাই থৈ যায় পিষ্টলতো ।

নাকা তালাচী কৰি থকা অৱস্থাত পুলিচ দেখি পলায়ন কৰিছিল ডকাইত দুজন ।

ৰঙিয়া তটাৰকুচি -গুৰকুচিত সংঘটিত হৈছিল এই ঘটনাতো ।

আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা ডকাইত দুজনৰ তাত সন্দেহবশত কিবা আছিল বুলি খবৰ পাইছিল ।