Home Blog Page 3016

বিশ্বনাথৰ ৰুমু ইলেভেন বিজয়ী

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ মৰনাকুৰি গাঁৱত “মৰনাকুৰি জ্ঞানজ্যোতি ক্ৰিকেট ক্লাৱে” আয়োজন কৰা যোৱা ২৬ ফেব্ৰুৱাৰীপৰা ২৮ ফেব্ৰুৱাৰীলৈকে তিনিদিনিয়াকৈ অনুষ্ঠিত কৰা দিবা-নৈশ প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগীতাখনিত শোণিতপুৰ, বিশ্বনাথ, নগাওঁ জিলাকে ধৰি  কেইবাখনো জিলাৰ অৰ্ধশতাধিক ক্ৰিকেট দলে অংশ গ্ৰহন কৰে।এসময়ত পথাৰৰ নৰা টুলি গাওঁ খনৰ উদীয়মান যুৱক সকলে কষ্ট কৰি একক ভাৱে অনুষ্ঠিত কৰি অহা এই ক্ৰিকেট প্ৰতিযোগীতা খনি একেধাৰে এইদৰে ১৫ বছৰ ধৰি অনুষ্ঠিত কৰিবলৈ পাই গাঁওখনৰ সকলো যুৱক সন্তুষ্ট বুলিও জানিবলৈ দিয়ে জ্ঞানজ্যোতি ক্লাৱৰ সভাপতি ধৰ্মেশ্বৰ হাজৰিকা আৰু সম্পাদক মুনুল শইকীয়াই৷চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ফিটা কাটি শুভ উদ্বোধন কৰা প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগীতাখনিত বিধায়কগৰাকীয়ে জ্ঞানজ্যোতি সংঘৰ খেলপথাৰ খনক এবছৰৰ ভিতৰত এখন আৰ্কষণীয় মিনি ষ্টেডিয়ামৰ ৰূপত গঢ়ি তোলাৰো প্ৰতিশ্ৰুতি দিয়ে ।জ্ঞানজ্যোতি সংঘই অায়োজন কৰা দিপাঙ্কৰ হাজৰিকা সোঁৱৰণী প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতা খনত অৰ্ধশতাধিক দলৰ ভিতৰত বিশ্বনাথ চাৰিআলিৰ   ক্ৰিকেট ক্লাৱ আৰু জ্ঞানজ্যোতি ক্ৰিকেট ক্লাৱৰ মাজত চুড়ান্ত খেল খন অনুষ্ঠিত হয়।প্ৰতিযোগীতাখনত বিশ্বনাথ চাৰিআলি “ৰুমু ইলেভেন” টিম বিজয়ী হোৱাৰ বিপৰিতে মেন অফ দা মেচ চাৰিআলিৰ দিপ্লুয়ে,মেন অফ দা চিৰিজ বিশ্বনাথ চাৰিয়ালিৰ বিজিতে আজুৰি নিবলৈ সক্ষম হয় ।উল্লেখ্য যে প্ৰতিযোগীতাখনিৰ প্ৰথমাৰ্ধত আদৰণি ভাষণ আগবঢ়ায় যুৱ সমাজকৰ্মী প্ৰসন্ন শইকীয়াই ৷প্ৰতিযোগীতাখনিতা বিজয়ী দলটিক নগদ ২৫  হেজাৰ সহ দিপাঙ্কৰ হাজৰিকা সোঁৱৰণী ট্ৰফী আৰু দ্বিতীয় শ্ৰেষ্ঠ দলটিকো দিপাঙ্কৰ হাজৰিকা সোঁৱৰনী ট্ৰফীৰ লগতে পোন্ধৰ হাজাৰ টকা নগদ  ধনৰে পুৰস্কৃত কৰা হয় ৷ দিপাঙ্কৰ হাজৰিকাৰ পৰিয়ালৰ হাতেদি  চূড়ান্ত খেলৰ বটাঁ বিতঁৰণ কৰা অনুষ্ঠানটিৰ অাঁত ধৰে ধৰ্মেশ্বৰ হাজৰিকাই ৷উল্লেখ্য যে এই প্ৰতিযোগিতা খন আয়োজন কৰাৰ ক্ষেত্ৰত যি সকলে শাৰিৰীক, মানসিক আৰু আৰ্থিক ভাৱে সহযোগিতা আগবঢ়ালে সেই সকলৰ লগতে মৰনাকুৰি গাৱৰ সমুহ বাসিন্দাক ধন্যবাদ জনাই আয়োজক কমিটিয়ে।

হোজাইত ৮০ উৰ্ধৰ মুঠ ভোটাৰ ১১৩৮৭ জন

নিৰ্বাচনৰ পোষ্টেল বেলট পেপাৰ সন্দৰ্ভত যোৱা কালি হোজাই জিলাৰ উপায়ুক্ত কাৰ্যালয় সভাগৃহত জিলা উপায়ুক্ত ড:ছাদনেক সিঙে এখন সংবাদ  মেল সম্বোধন কৰে। উল্লেখ যে নিৰ্বাচন আয়োগে এইবাৰ বিশেষ ভাবে সক্ষম,৮০ বছৰৰ উৰ্ধৰ ভোটাৰ আৰু কোভিড সন্দেহযুক্ত বা কোভিড আক্রান্ত ভোটাৰ সকলৰ বাবেও পোষ্টেল বেলটৰ সুবিধা আগবঢ়াইছে । উপায়ুক্তই জনোৱা মতে  মতে হোজাই জিলাৰ তিনিটা সমষ্টিত ৮০ বছৰৰ উৰ্ধৰ  ভোটাৰ মুঠ১১ হাজাৰ ৩৮৭ জন।তাৰে যমুনামুখ সমষ্টিত ৪৭৮৪ জন,হোজাইত ৫০৮৭ জন আৰু লামডিং সমষ্টিত ৩৫৬০ জন ৷ ইয়াৰ পৰিৰ্বতে হোজাই জিলাত  বিশেষ ভাবে সক্ষম  মুঠ ভোটাৰ ২ হাজাৰ ৫৭৬ জন।যমুনাখত ৯৯৪ জন, হোজাইত ১০৪৭ জন আৰু লামডিংত ৫৩৫ জন৷এইখিনি ভোটাৰে  পোষ্টেল বেলট যোগে তেওঁলোকৰ ভোট দান  সংশ্লিষ্ট বি এল অ ৰ যোগেদি ৰিটাণিং বিষয়াৰ কাৰ্য্যালয়ত উপযুক্ত প্ৰমান-পত্ৰৰে১২ (ডি) নং আবেদন পত্ৰত দাখিল কৰিব লাগিব। এই দুই শ্ৰেণীৰ ভোটাৰৰ ঘৰে ঘৰে গৈ বি এল অ ই নিদিষ্ট প-পত্ৰ বিতৰণ,পূৰণ আৰু সংগ্ৰহ কৰিব। হোজাই জিলাত এই প-পত্ৰ সমূহ সংগ্ৰহ কৰা অন্তিম তাৰিখ হৈছে ১০ মাৰ্চ । সংবাদমেলত অতিৰিক্ত উপায়ুক্ত ইলিয়াছ এন আহমেদ আৰু জয়ন্ত কুমাৰ বৰা উপস্থিত থাকে ।

নিৰ্বাচনী পুজি সংগ্ৰহৰ লক্ষৰে মাৰ্ঘেৰিটাৰ পিছতে এইবাৰ খাৰচাঙত আৰম্ভ হল চোৰাং কয়লাৰ বেহা

আগন্তুক বিধান সভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে লক্ষ্যনীয় ভাবে বৃদ্ধি পাইছে চোৰাং কয়লাৰ সৰবৰাহ৷ নিৰ্বাচনী পুজি সংগ্ৰহৰ উদ্দেশ্যৰে বৰাক ব্ৰক্ষ্মপুত্ৰ সকলোতে এতিয়া চোৰাং কয়লা সৰবৰাহৰ ধূম উঠিছে৷ উজনি অসমৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা পূৰ্ণদ্যমে চলা চোৰাং কয়লা সৰবৰাহে ব্যাপক চৰ্চা লাভ কৰাৰ সমান্তৰালকৈ এইবাৰ আৰম্ভ হৈছে খাৰচাঙৰ কয়লাৰ সৰবৰাহ৷ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতিৰ শ্ল’গান আওৰোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিধায়ক বলিন চেতিয়াৰ নেপথ্যত পুনৰ প্ৰান পাই উঠিছে অৰুনাচল প্ৰদেশৰ খাৰচাঙৰ চোৰাং কয়লাৰ ছিণ্ডিকেট৷ জিলাখনৰ অসম অৰুনাচল প্ৰদেশ সীমান্তৰ ডিৰাক গেট আৰু বৰডুমচা গেট এতিয়া খাৰচাঙৰ চোৰাং কয়লা সৰবৰাহৰ প্ৰধান কৰিডৰত পৰিনত হৈছে৷ ডিৰাক গেট হৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে কাকপথাৰ আৰক্ষী থানাৰ সন্মূখেৰে প্ৰতি নিশাই চলিছে অবৈধ কয়লাৰ সৰবৰাহ৷ সেইদৰে বৰডুমচা গেট আৰু অৰুনাচল প্ৰদেশ সীমান্তৰ আলুবাৰী- মহং পথেদি অসমত প্ৰবেশ কৰি ফিলবাৰী হৈ খাৰচাঙৰ চোৰাং কয়লা সৰবৰাহ হৈছে৷ শদিয়া সমষ্টিৰ মহাপ্ৰতাপী বিধায়ক বলিন চেতিয়াৰ ঘনিষ্ঠই আৰক্ষী আৰু বন বিভাগক মেনেজ কৰি সম্প্ৰতি ট্ৰাকে ট্ৰাকে এইদৰে খাৰচাঙৰ চোৰাং কয়লা জিলাখনৰ ওপৰিও বিভিন্ন জিলাৰ বিভিন্ন ইটাভাটাসমূহলৈ সৰবৰাহ হৈছে৷ চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰাই অতি ক্ষীপ্ৰতাৰে এইদৰে খাৰচাঙৰ চোৰাং কয়লা সৰবৰাহ হৈ আহিছে যদিও কাৰ্যত প্ৰমানিত হোৱা নাছিল৷ কিন্তু যোৱা ২৩ ফেব্ৰুৱাৰীৰ নিশা কাকপথাৰত এখন দহচকীয়া চোৰাং কয়লা ভৰ্টি ট্ৰাকে এটা বাসগৃহত খুণ্ডিয়াই বাগৰি পৰাৰ পিছতেই এই সমস্ত কয়লাৰ কলা অধ্যায় পোহৰলৈ আহিছে৷ উক্ত দিনা নিশাৰ ভাগত খাৰচাঙৰ পৰা চোৰাং কয়লা কঢ়িয়াই বৰডুমচাৰ উপ পথেৰে আহি কাকপথাৰত উপস্থিত হৈছিলহি তিনিখনকৈ চোৰাং কয়লা পৰিবাহী ট্ৰাক৷ ট্ৰাককেইখনৰ নম্বৰ আছিল এ এছ – ০১ ডি ডি ৪১৯৮, এ এছ ০৩ এ চি ৩৬১২ আৰু এ এছ ০৩ এ চি ৪১৮৮৷ অঞ্চলটোত চোৰাং কয়লা পৰিবাহী ট্ৰাকৰ উপস্থিতিৰ উমান পাই এটা বিশেষ সংগঠনৰ একাংশ সদস্যই ট্ৰাককেইখন ধৰি ধন দাবী কৰাৰ উদ্দশ্যৰে চোচা লোৱাত তিনিচুকীয়াৰ দিশলৈ নগৈ পুনৰ ডিৰাক গেটৰ দিশে পলায়ন কৰিবলৈ চেষ্ঠা কৰে৷ দ্ৰুতগতিৰে পলায়ন কৰা ট্ৰাককেইখনৰ ভিতৰত এ এছ ০১ ডি ডি ৪১৯৮ নম্বৰৰ দহচকীয়া ট্ৰাকখন ন- মাইথং গাৱৰ সুলভ মূল্যৰ সামগ্ৰীৰ দোকানী বিশ্বেশ্বৰ গগৈৰ বাসগৃহতে বাগৰি পৰে৷ উক্ত দুৰ্ঘটনাত বিশ্বেশ্বৰ গগৈৰ পৰিয়াল কথমপি ৰক্ষা পৰে যদিও ঘৰটো সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰাৰ লগতে হাঁহ, কুকুৰা, চাগলী কয়লাত পোত যায়৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্থ ট্ৰাকখনৰ লগতে বাকী ট্ৰাকদুখনো জব্দ কৰে৷ অঞ্চলটোত সম্প্ৰতি কাঠ, কয়লাৰ কোনো ছিণ্ডিকেট নাই বুলি  নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্ঠা কৰা বহু বিতৰ্কিত বিধায়ক বলিন চেতিয়াৰ সমষ্টিত যে পুনৰাই চোৰাং কয়লাৰ ছিণ্ডিকেট পূৰ্ণদ্যমে চলিছে কাৰ্যত সেয়া পুনৰ প্ৰমানিত হল৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বৰ্তমানে নিৰ্বাচনী পুজি সংগ্ৰহৰ উদ্দেশ্যৰে অঞ্চলটোত ধূম ধামেৰে চোৰাং কাঠ- কয়লাৰ সৰবৰাহ তীব্ৰত্বৰ হৈছে৷ উন্নয়নৰ নামত সমষ্টিবাসীক ৰাম ঠগন দিয়া বলিন চেতিয়াই প্ৰতিবাৰেই বৃহৎ পৰিমানৰ ধন ব্যয় কৰি নিৰ্বাচনত জয়লাভ কৰি আহিছে৷ পুৰ্বৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি বলিন চেতিয়াই এইবাৰো ধনবল আৰু বাহুবল প্ৰদৰ্শন কৰি নিৰ্বাচনী বৈতৰনী পাৰ কৰাৰ ৰন কৌশল প্ৰস্তুত কৰিছে ৷ মন কৰিবলগীয়া যে, ডিগবৈৰ কুখ্যাত কয়লা মাফিয়া সত্যনাৰায়ন আগৰৱালা আৰু গুৱাহাটীৰ কুখ্যাত কয়লা মাফিয়া নৱীন সিংঘালৰ নেতৃত্বত বিগত কেইবা বছৰ ধৰি অৰুনাচল প্ৰদেশৰ চাংলাং জিলাৰ খাৰচাঙত অৰুনাচল প্ৰদেশৰ কেইগৰাকীমান মন্ত্ৰী, বিধায়ক আৰু প্ৰশাসনৰ সহযোগত ধূম ধামেৰে কয়লাৰ অবৈধ খনন আৰু সৰবৰাহ হৈ আহিছিল৷ ২০১৯ চনলৈকে খাৰচাঙৰ সমস্ত চোৰাং কয়লা জিলাখনৰ জাগুন হৈ মাৰ্ঘেৰিটাৰ মাজেৰে সৰবৰাহ হৈ আহিছিল, যদিও ২০২০ চনত  দল সংগঠনৰ ধাৰাবাহিক প্ৰতিবাদৰ বাবে মাৰ্ঘেৰিটাৰ চোৰাং কয়লাৰ বেহা প্ৰায় স্তব্ধ হৈ পৰিছিল৷ তেনেস্থলত মাৰ্ঘেৰিটাৰ মাজেৰে খাৰচাঙৰ কয়লা সৰবৰাহ বন্ধ হৈ পৰাত ছিণ্ডিকেট চক্ৰই কাকপথাৰৰ ৰাজপথটো বাচি লৈছিল৷ ২০২০ চনত বিধায়ক বলিন চেতিয়াৰ পৃষ্ঠপোষকতাতেই সন্ধিয়াৰে পৰা পুৱতি নিশালৈকে শ শ চোৰাং কয়লা পৰিবাহী ট্ৰাক, ট্ৰেলাৰে কাকপথাৰৰ ৰাজপথ কপোৱাৰ কথা সৰ্বজনবিদিত৷ আৱশ্যে সেই সময়ত সংবাদমাধ্যমযোগে ধাৰাবাহিকভাবে খাৰচাঙৰ চোৰাং কয়লা সৰবৰাহৰ বাতৰি সম্প্ৰচাৰ হোৱাত অৰুনাচল প্ৰদেশ প্ৰশাসনে এই ক্ষেত্ৰত তৎপৰতা দেখোৱাই বহুকেইটা অবৈধ কুক কল ভাটা উচ্ছেদ কৰা হৈছিল৷ মন কৰিবলগীয়া যে, মাটি খাণ্ডিলেই কয়লা ওলোৱা খাৰচাঙত বৰ্তমানেও হাজাৰ হাজাৰ টন অবৈধ কয়লা খাণ্ডি থোৱা অৱস্থাত আছে৷ ৰাজ্যত আগন্তুক অনুষ্ঠিত হবলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষনত এতিয়া এইদৰেই খাৰচাঙৰ চোৰাং কয়লাৰ ছিণ্ডিকেট চলাই লাভ কৰা ধনেৰে নিৰ্বাচনী বৈতৰনী পাৰ কৰাৰ সপোন ৰচিছে বিভিন্নজনে৷

শিলঘাট-গুৱাহাটী আৰু গুৱাহাটী-হয়ৱৰগাঁও-মৈৰাবাৰী যাত্ৰীবাহী ৰেলগাড়ী শীৰ্ঘে চলাচলৰ দাবী

নগাঁও জিলাৰ শিলঘাটৰ পৰা গুৱাহাটীলৈ আৰু গুৱাহাটী-হয়ৱৰয়গাওঁ-মৈৰাবাৰীলৈ দৈনিক চলাচল কৰা ৰেলগাড়ী দুখনৰ ক’ভিড ১৯ সৃষ্ট পৰিবেশৰ মাজত পৰি আজি প্ৰায় আঠ-ন মাহে চলাচল বন্ধ হৈ থকাত দৈনিক শিলঘাটৰ পৰা নগাঁও হৈ আৰু মৈৰাবাৰীৰ পৰা হয়ৱৰগাঁও হৈ গুৱাহাটীলৈ অহা যোৱা কৰা হাজাৰ হাজাৰ ৰেলযাত্ৰীৰ মাজত ভিষন সমস্যাৰ সন্মুখীন হৈ আহিছে ৷

সমগ্ৰ দেশজোৰি দীৰ্ঘদিনীয়া ল’কডাউনৰ ফলত বৰ্তমান সকলো স্তৰতে পুনৰ কামকাজ প্ৰায় সুন্দৰ ৰূপত আৰম্ভ হৈছে৷ নিজ নিজ কৰ্মস্থলীলৈ কৰ্মচাৰী সকল উভতি যাৱলৈ সক্ষম হৈছে৷ ঠিক সেইদৰে মধ্য অসমৰ পৰা পূৰ্ৱতে এই ৰেলগাড়ী দুখনৰে দৈনিক গুৱাহাটী মহানগৰীৰ নিজ নিজ গন্তব্যস্থানত কৰ্ম সম্পাদন কৰা বহু পৰিয়ালে-চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীয়ে এই দুখন ৰেলগাড়ীৰ ওপৰতে নিৰ্ভৰ কৰিয়েই নিৰাপদে যাত্ৰা কৰি আহিছিল ৷

কিন্ত,প্ৰায় আঠ মহীয়া ক’ভিড সৃষ্ট এক পৰিৱেশে সকলোকে কোঙা কৰি পেলোবাৰ পিছত দীৰ্ঘদিনৰ পৰা বন্ধহৈ থকা এই ৰেলগাড়ী দুখন পুনৰ শীৰ্ঘে চলাচল কৰিবৰ বাবে দৈনিক যাত্ৰা কৰা যাত্ৰী সকলৰ লগতে বহু স্থানীয় লোকে ৰেল বিভাগৰ ওচৰত দাবী জনাইছে ৷ চলিত বছৰৰ বহু কেইদিন ৰেল চলিব বুলি উলোবা দুই-এক উৰা বাতৰিৰ বাবেও শিলঘাটৰ পৰা গুৱাহাটীলৈ যাবলগা যাত্ৰী সকলে বহু সময় ষ্টেচনত অপেক্ষা কৰিও ৰেল ষ্টেচনৰ পৰা উভতি আহিব লগা হোৱাত যাত্ৰীসকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। 

উল্লেখ্য যে, শিলঘাট, জখলাবন্ধা, শালনা, আমনি, চামগুৰি, পুৰণিগুডাম, নগাঁও, শেনচোৱা, বেবেজীয়া, ফুলগুৰি, ৰহা, চাপৰমুখ আদি অঞ্চলৰ পৰা গুৱাহাটীলৈ যাব লগা যাত্ৰী সকলে অতি কম খৰচত যাত্ৰা কৰিব পাৰে এই শিলঘাট-গুৱাহাটী যাত্ৰীবাহী ৰেলগাড়ীখনত ৷ যিহেতু বৰ্তমান এজন যাত্ৰীয়ে ট্ৰেভেলাৰত ১৩০-১৫০ টকা খৰচ কৰি গুৱাহাটীলৈ যাৱ লগা হয় ৷

কিন্তু, শিলঘাট-গুৱাহাটী যাত্ৰীবাহী ৰেলগাড়ীখনত ৩০-৪০ টকাতে গুৱাহাটী পাব পাৰে আৰু নিৰাপদে ৷ যাৰ বাবে অতি দৰিদ্ৰ আৰু মধ্য শ্ৰেণীৰ ৰেলযাত্ৰী সকলে ক’ভিড সৃষ্ট পৰিবেশৰ পিছৰে পৰা আজি আঠ মাহে  অতিৰিক্ত চাৰিগুণ ধন ব্যয় কৰি বাছ তথা ট্ৰেভেলাৰত গুৱাহাটীলৈ যাব লগা হৈছে। দৈনিক এনেদৰে গুৱাহাটীলৈ অহা-যোৱা কৰাত বহু পৰিমানৰ টকা হাতৰ পৰা উলাই যোৱাৰ উপক্ৰম হৈছে ৷ সেইয়ে যিহেতু এতিয়া সমগ্ৰ দেশতে ক’ভিডৰ কোনো ভয়-সংকা নাই ৷ এক প্ৰকাৰ ক’ভিড অসমতো নাই ৷

যিহেতু, গুৱাহাটীৰ পৰা অসমৰ বাহিৰলৈ বৰ্তমান বহুকেইখন ৰেলগাড়ীৰ চলাচলৰ ব্যৱস্থা হৈ আছে ৷ ৰাজ্যৰ ভিতৰতো দুৰনীবতিয়া ৰেলগাড়ী বহুকেইখন চলাচল কৰি আছে ৷ সেইয়ে কম দুৰত্ব ৰেলগাড়ী সমুহৰ ক্ষেত্ৰতো এই দুখন ৰেলগাড়ী চলাচলে যাত্ৰী সকলক বহু পৰিমানে সকাহ দিব ৷  সেইয়েহে শীৰ্ঘে শিলঘাট-গুৱাহাটী আৰু গুৱাহাটী- হয়ৱৰগাঁও-মৈৰাবাৰীৰ  মাজত “কলংপাৰ পেছেঞ্জাৰ” অতি জৰুৰী এই দৈনিক ৰেলগাড়ী দুখন চলাচলৰ ব্যৱস্থা কৰিবলৈ দৈনিক অহা-যোৱা কৰা ৰেলযাত্ৰী সকলে ৰেল বিভাগক দাবী জনাইছে ৷

আনহাতে,পূৰ্ৱতে শিলঘাট-গুৱাহাটীৰ মাজত চলাচল কৰি থকা ড্ৰেমো ৰেল গাড়ীখন যাত্ৰী সকলৰ বাবে অসুবিধাজনক আৰু কম দৱা যুক্ত বুলি বহু যাত্ৰীয়ে সময়ে সময়ে আপত্তি কৰি আহিছে ৷

তদুপৰি, এই ড্ৰেমো ৰেল গাড়ীখন সময়মতে নিৰ্দিষ্ট স্থানত আহি নোপোৱাৰো এক গুৰুতৰ অভিযোগ আছে ৷ মাজে মাজে কোনো কোনো দূৰ্গম ঠাইত এই ড্ৰেমো ৰেলগাড়ীখনৰ ইঞ্জিন বিকল হৈ পৰে আৰু দীৰ্ঘ সময় যাত্ৰী সকল ৰেলগাড়ীতে আবদ্ধ হৈ পৰিব লগাত পৰে ৷ সেয়ে ৰেল যাত্ৰী সকলে এই ড্ৰেমো ৰেলগাড়ীখন বাতিল কৰি পূৰ্বতে চলাচল কৰা অধিক দৱাযুক্ত আৰু আৰামদায়ক ৰেলগাড়ী খন অতিশীঘ্ৰে চলাচলৰ  ব্যৱস্থা কৰিবলৈ দৈনিক যাত্ৰা কৰা ৰেলযাত্ৰী সকলে ৰেল বিভাগৰ ওচৰত দাবী জনাইছে ৷

বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ

ৰাজ্যজুৰি চলি আছে বিজেপিৰ পৰিয়াল সম্পৰ্ক অভিযান।এই অভিযানৰ অংশ হিচাপে মঙলবাৰে মহানগৰীৰ পাঞ্জাবাৰী স্থিত বিশিষ্ট সাহিত্যক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ বাসগৃহত উপস্থিত হয় কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ লগতে উপস্থিত  সাংসদ কুইন ওজা আৰু বিজেপি কামৰূপ জিলা সমিতিৰ সভাপতি মৃগেন শৰণীয়া।

বিগত ফেব্ৰুৱাৰী মাহৰ পৰা বিজেপি দলৰ প্ৰতিনিধিয়ে সমাজৰ বিভিন্ন স্তৰৰ ৰাইজৰ লগত পোনপটীয়াকৈ মত বিনিময় কৰাৰ উদ্দেশ্যৰে এই অভিযানৰ আৰম্ভ কৰিছিল। মঙলবাৰে এই জন সম্পৰ্ক অভিযানত বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে অসমৰ কৃষকৰ মৌলিক সমস্যসমূহ কৃষিমন্ত্ৰীগৰাকীৰ ওচৰত উত্থাপন কৰে।

উল্লেখ্য যে ইতিমধ্যে বিজেপি অসম প্ৰদেশৰ উদ্যোগত সমগ্ৰ অসমৰ প্ৰতিটো সমষ্টিত মন্ত্ৰী, সাংসদ, বিধায়ক, ৰাজ্যিক বিষয়ববীয়া, মৰ্চাৰ ৰাজ্যিক সভাপতি তথা জিলা সভাপতি, মণ্ডল সভাপতিকে ধৰি অন্যান্য কাৰ্যকৰ্তাসকলে নিজ নিজ সমষ্টিত  ‘পৰিয়াল সম্পৰ্ক অভিযান’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ।

ধনশিৰিত জাতীয় পৰিষদ দলৰ বিক্ষোভ কাৰ্যসুচী

অসমৰ বহুকেইটা প্ৰান্তৰৰ লগতে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ  সৰুপথাৰনগৰৰ মাজমজিয়াস্থিত ধনশিৰি মহকুমাৰ মহকমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত  অসম জাতীয় পৰিষদ দলৰ সৰুপথাৰ সমষ্টিৰ আহবায়ক সমিতিয়ে বিক্ষোভ কাৰ্যসুচী ৰূপায়ন কৰে। যোৱা ২৮ ফেব্ৰুৱাৰী তাৰিখে নলবাৰী বিধান সভাৰ অন্তৰ্গত বাঁহজানিৰ এখনি দলীয় সভাত ভাগ লবলৈ গৈ থকা অৱস্থাত বৰভাগৰ ওচৰৰ কালাগ দৌলৰ সন্মুখত এদল বিজেপী সমৰ্থকে অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰিণজ্যোতি গগৈ সহ নেতাসকলৰ ওপৰত প্ৰাণঘাটী আক্ৰমণ চলায় । লগতে দলটোৱে হাতে হাতে বিজেপি পতাকা লৈ লুৰিণজ্যোতি গগৈৰ কনভয়ক আগচি ধৰে আৰু অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ তথা দলৰ উপদেষ্টা পুলকেশ বৰুৱাৰ গাড়ীটো আক্ৰমণৰ চেষ্টা চলায়। যাৰ পৰিপ্ৰেক্ষিত অসম জাতীয় পৰিষদ দলে বিক্ষোভ কাৰ্যসুচীৰ জড়িয়তে উক্ত বিজেপিৰ আক্ৰমণকাৰী দলটোক অতি শীঘ্ৰে কৰায়ত্ত কৰি উচিত শাস্তি বিহিবলৈ দাবী জনায় আৰু নিৰ্বাচন পক্ৰিয়াত উপযুক্ত নিৰাপত্তা ব্যৱস্থা গ্ৰহণৰ বাবে অসমৰ মুখ্য নিৰ্বাচনী বিষয়াক ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ জড়িয়তে এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।প্ৰতিবাকাৰী সকলে বিজেপি হায় হায়, লুৰিণজ্যোতি গগৈ জিন্দাবাদ, অসম জাতীয় পৰিষদ জিন্দাবাদ ধ্বনিৰে এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত পুনৰ ৰে’লসেৱা সক্ৰিয় কৰাৰ দাবীত ৰে’ল মন্ত্ৰীলৈ কে আৰ এছ এছৰ স্মাৰক-পত্ৰ প্ৰেৰণ

আজি কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি, ৰূপজ্যোতি দত্তৰ নেতৃত্বাধীন এটি সঁজাতি দলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত পুনৰ ৰে’লসেৱা সক্ৰিয় কৰাৰ দাবীত লখিমপুৰ জিলা উপায়ুক্তৰ জৰিজতে ভাৰতৰ ৰে’ল মন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ৰূপজ্যোতি দত্ত, সদৌ লখিমপুৰ জিলা কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি বিকাশ দত্ত, সাধাৰণ সম্পাদক নিতুল শইকীয়া স্বাক্ষৰিত স্মাৰক পত্ৰত কোৱা হয় যে-যোৱা প্ৰায় এবছৰ কাল ধৰি ক’ৰোণা মহামাৰীৰ বাবে বন্ধ হৈ থকা জীৱনৰেখা স্বৰূপ ৰে’লৰ যোগাযোগ ব্যৱস্থা ইতিপূৰ্বে মহাৰাষ্ট্ৰ চৰকাৰে পুনৰ আৰম্ভ কৰিছে। ক’ৰোনাৰ পৰিপেক্ষিত্ৰত লকডাউনৰ কেইবাটাও দফা অতিক্ৰম কৰাৰ পাছত সম্প্ৰতি চলি থকা আনলক ব্যৱস্থাৰ সময়ত অসমত স্থানীয় ৰে’লসেৱা, হস্ৰ-দৈৰ্ঘৰ ৰে’লসেৱা পুনৰ সক্ষম কৰি তোলাৰ লগতে অত্যাধিক ৰে’লভাৰা হ্ৰাস কৰি পূৰ্বৰ দৰে ৰে’লভাৰা বাহাল ৰাখি ব্যৱসায়ী তথা কৰ্মক্ষেত্ৰত নিয়োজিত কৰ্মচাৰী, সু-চিকৃৎসাৰ বাবে বিভিন্ন নগৰ- মহানগৰলৈ অহা-যোৱা কৰা ৰোগীসকল, বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰত শিক্ষাৰ্থী সকলখ সকাহ দিয়াটো নিতান্তই প্ৰয়োজনীয় হৈ পৰিছে। এখন নগৰৰ পৰা আনখন নগৰত নিয়মীয়াকৈ ব্যৱসায় তথা কৰ্তব্যত নিয়োজিত হৈ নিজ নিজ কৰ্মক্ষেত্ৰত সেৱা আগবঢ়োৱা সকলে নিতৌ স্থানীয় ৰে’লকেই ভৰসা কৰি আহিছে।দুভাগ্যৰ বিষয় যে, লক-ডাউনত ৰে’ল চলাচল সম্পূৰ্ণ বন্ধ হোৱাৰ লগে লগে গৰিষ্টসংখ্যক আৰ্থিকভাৱে দুৰ্বলশ্ৰেণীৰ লোকৰ দৈনিক আয়ৰ পথ বন্ধ হৈ পৰিল। সেয়েহে মহাৰাষ্ট্ৰত ৰে’লসেৱা পুনৰ সক্ৰিয় কৰি তোলাৰ দৰে অসমতো ৰে’ল ব্যৱস্থা পুনৰ সক্ৰিয়কৰণৰ বাবে সদৌ লখিমপুৰ জিলা কোচ-ৰাজবংশী সংগ্ৰাম সমিতিয়ে স্মাৰক প্ৰত্ৰৰ জৰিয়তে ভাৰত চৰকাৰৰ ৰে’লমন্ত্ৰীলৈ দাবী জনাইছে। ৰে’ল যোগাযোগ বন্ধ হৈ পৰাৰ লগে লগে নিয়মীয়াকৈ অহাযোৱা কৰা বিভিন্ন চৰকাৰী তথা ব্যক্তিগত প্ৰতিস্থানৰ কৰ্মচাৰী, বিশেষকৈ সু-চিকৃৎসাৰ বাবে বিভিন্ন নগৰ-মহানগৰলৈ অহা-যোৱা কৰা ৰোগী সকল, বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰত শিক্ষাৰ্থী সকল, বিভিন্ন সামগ্ৰীলৈ নগৰ-মহানগৰত নিতৌ ক্ৰয়-বিক্ৰয় তথা দৈনন্দিন শ্ৰম কৰা সকলৰ লগতে ব্যৱসায়ৰ জৰিয়তে জীৱনধাৰণ কৰি অহা ক্ষুদ্ৰ ব্যৱসায়ীসকল আটাইতকৈ বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে।  লখিমপুৰবাসীৰ লগতে কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি, সমাজ সংগঠক ৰূপজ্যোতি দত্ত, সদৌ লখিমপুৰ জিলা কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি বিকাশ দত্ত, উপ-সভাপতি হেমন্ত কোচ, মিণ্টু বৰা, সাধাৰণ সম্পাদক নিতুল শইকীয়া আৰু  সহকাৰী সম্পাদক ৰাজা দত্তই সজোৰে দাবী জনাইছে।

মঙলদৈত স্থাপন হ’ব ৰজা ধৰ্মনাৰায়নৰ পূৰ্ণ অৱয়ব মূৰ্ত্তি

দৰং ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা ধৰ্মনাৰায়নৰ অৱয়ব মূৰ্তি অহা ৭ মাৰ্চত ঐতিহাসিক মঙলদৈ বৰপুখুৰীৰ পাৰত প্ৰতিষ্ঠা কৰা হ’ব। ১৬০৬ চনতেই দৰং জিলাৰ হাউলীত ৰাজধানী স্থাপন কৰি দৰঙী ৰাজ্য প্ৰতিষ্ঠা কৰা ৰজা ধৰ্মনাৰায়ণ আছিলে বিশ্বমহাবীৰ চিলাৰায়ৰ নাতি। যুদ্ধ বিগ্ৰহৰ পৰিৰ্ৱতে প্ৰজা হিতকৰ কামত আত্ম নিয়োগ কৰা ধৰ্মনাৰায়ণে দৰঙত বৃহৎ বৃহৎ পুখুৰী খন্দাইছিল। তাৰোপৰি দৰঙৰ মঠ মন্দিৰ নিৰ্মাণৰ লগতে সাহিত্য সংস্কৃতি পৃষ্ঠপোষকতা কৰা ৰজা ধৰ্মনাৰায়ণৰ পূৰ্ণ অৱয়ব মূৰ্তি মঙ্গলদৈ চহৰৰ সোঁমাজত বৰপুখুৰীৰ পাৰত স্থাপন কৰা হৈছে। প্ৰখ্যাত ভাস্কৰ্য, সুকুমাৰ কলা শিল্পী বীৰেণ সিংহই সাজি উলিওৱা ২২ ফুট উচ্চতাৰ পূৰ্ণ অৱয়ব মূৰ্তিটো অহা ৭ মাৰ্চ ৰবিবাৰে উন্মোচন কৰা হব। এই উপলক্ষে ৰজা ধৰ্মনাৰায়ণৰ মূৰ্ত্তি স্থাপন আৰু পৰিচলনা সমিতিৰ সভাপতি গুৰুজ্যোতি দাস, কাৰ্যকৰী সভাপতি ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, সম্পাদক বাসৱ চন্দ্ৰ ডেকাই জনোৱা মতে মূৰ্তিটো উন্মোচন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট সাংবাদিক কনকসেন ডেকাই। তাৰোপৰি মূৰ্তি উন্মোচন উপলক্ষে হবলগীয়া সভাত বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰী, সাংসদ দিলীপ শইকীয়া, প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী, বিধায়ক দিলীপ শইকীয়া, দৰঙৰ উপায়ুক্ত দিলীপ কুমাৰ বৰা, আৰক্ষী অধীক্ষক অমৃত কুমাৰ ভূঞা, অৱসৰী অধ্যাপক ইৰশ্বাহ আলি আৰু ডঃ লোহিত চন্দ্ৰ বৈশ্যাই অংশগ্ৰহণ কৰে। মূৰ্তি উন্মোচনী অনুষ্ঠানত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে।

চতিয়া সমষ্টিত বলিছে নিৰ্বাচনী বতাহ

চতিয়া সমষ্টিত এতিয়া বলিছে নিৰ্বাচনী বতাহ। ৰাজ্যখনত নিৰ্বাচনী অধিসূচনা জাৰি কৰা আগলৈকে সমষ্টিটোত শাসনাধিষ্ঠ চৰকাৰখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ লগতে দলীয় সভা অনুষ্ঠিত হৈ যায়। সমষ্টিটোৰ জামুগুৰিহাটত অলপতে অনুষ্ঠিত এক দলীয় সভাত আগন্তক বিধান সভা নিৰ্বাচনত সমষ্টিটোৰ পৰা প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাক প্ৰত্যাহ্বান জনাইছে বিধায়ক পদ্ম হাজৰিকাই। অলপতে চতিয়া সমষ্টিৰ টুপীয়াত অনুষ্ঠিত কংগ্ৰেছৰ এখন বুথ সন্মিলনত উপস্থিত থাকি সাংবাদিকৰ আগত চতিয়া সমষ্টিত কংগ্ৰেছ দল জয়যুক্ত হ’ব বুলি মন্তব্য কৰাৰ পিছতেই প্ৰদেশ কংগ্ৰেছ দলৰ সভাপতিগৰাকীক এই দৰে উভতি ধৰিছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই। ৰিপুন বৰাক প্ৰত্যাহ্বান জনাই বিধায়ক পদ্ম হাজৰিকাই কয়- তেওঁৰ সৎ সাহস আছে যদি চতিয়ালৈ আহি আগন্তক নিৰ্বাচনত মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰক। যি জন ৰিপুন বৰাই ৰাজ্যিক সভাপতি হৈ নিজৰ পঞ্চায়তত নিজৰ আৰ্ড মেম্বাৰকে জিকাব নোৱাৰিলে,সেইজন ৰিপুন বৰাই চতিয়াত কংগ্ৰেছ জিকোৱাৰ কথা এক অলীক কল্পনাহে। বিধায়ক গৰাকীয়ে কয়-ৰিপুন বৰা তিহাৰ জে’লৰ পৰা ওলাই অহাৰ পাছতেই মূৰৰ বিকৃতি ঘটিছে। সেইবাবেই কিছুদিন আগতে নিজ দলকে গালি পাৰি প্ৰলাপ বকিছিল। ৰিপুন বৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থকাটো বিজেপিৰ বাবেই শুভ লক্ষণ বুলি উল্লেখ কৰি ৰিপুন বৰাক কংগ্ৰেছত এজেন্ট কৰি ৰাখিছোঁ‌ বুলি কটাক্ষ কৰে বিধায়ক হাজৰিকাই।

মাজুলী নতুন কমলাবাৰী সত্ৰ পৰিচালনা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

ঐতিহাসিক শ্ৰীশ্ৰী নতুন কমলাবাৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ সত্যজিত মহন্তৰ সভাপতিত্বত সত্ৰ পৰিচালনা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়  ৷ উক্ত সভাত সৰ্বসন্মতি ক্ৰমে সত্ৰ কেন্দ্ৰীক কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ সভাত লোৱা সিদ্ধান্ত অনুসৰি সত্ৰৰ সাংস্কৃতিক উন্নয়ন তথা সাংস্কৃতিক প্ৰতিভা বিকাশৰ সকলো দিশ পৰ্যবেক্ষণ কৰিবৰ বাবে জনাৰ্দন ভূঞাক সভাপতি আৰু দেৱেন চন্দ্ৰ ভূঞাক সম্পাদক হিচাপে লৈ এখন সাংস্কৃতিক উপ-সমিতি সৰ্বসন্মতি ক্ৰমে গঠন কৰা হয় ৷ সভাই  কমলাবাৰী তিনিআলিত সত্ৰলৈ সোমাই অহা প্ৰৱেশ পথত এখনি ড° নাৰায়ণ চন্দ্ৰ গোস্বামী প্ৰভুৰ স্মৃতিত তোৰণ নিৰ্মাণৰ সিদ্ধান্তত সহমতত উপনীত হয় ৷ আন এক সিদ্ধান্ত মৰ্মে সত্ৰলৈ কোনো তীৰ্থযাত্ৰী তথা অন্য ধৰ্মানুৰাগীয়ে দান-বৰঙণি আগবঢ়ালে উক্ত সামগ্ৰী বা পূঁজি সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ হাতত অৰ্পণ কৰিব লাগে বুলি সভাই সহমত প্ৰকাশ কৰে ৷ ইয়াৰ উপৰিও সত্ৰৰ চৌহদত ৰাতি দহ বজাৰ পিছত কোনো অচিনাক্ত লোক প্ৰৱেশ কৰিব নোৱাৰিব লগতে মদ্যপান কৰা লোকৰ প্ৰৱেশত বাধা আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷