চৰাইদেউ জিলাৰ এখন অন্যতম গুৰুত্বপূৰ্ণ বনাঞ্চল হ’ল অভয়পুৰ সংৰক্ষিত বনাঞ্চল। অসম-নগালেণ্ড সীমান্তবৰ্তী এলেকাত থকা বনাঞ্চল খনৰ মুঠ মাটিকালি ৬৭৩২.৬৬০। সম্প্ৰতি নগা বেদখলকাৰীৰ কৱলত পৰিছে অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ শ শ বিঘা মাটি। তাৰ পিছতো নীৰৱে আছে ৰাজ্যৰ বন বিভাগ। উল্লেখ্য যে চৰাইদেউ জিলাৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলত পৰ্যাপ্ত বনকৰ্মী নথকাৰ সুযোগ লৈ দুষ্কৃতিকাৰীয়ে বনাঞ্চলখনৰ বৃহৎ বৃহৎ গছ কাটি কাঠৰ চোৰাং সৰবৰাহ কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া। আনহাতে বনাঞ্চল খনত নগা দুষ্কৃতিকাৰীয়ে বেদখল কৰা লগতে বন ধ্বংসযজ্ঞ অব্যাহত ৰখাৰ অভিযোগ বহু পুৰণি। মূলত বনকৰ্মীৰ সংখ্যা সীমিত হোৱাৰ বাবেই নগা দুষ্কৃতিকাৰীৰ অবাধ বিচৰণ কৰিছে বনাঞ্চল খনত। শেহতীয়াকৈ বনাঞ্চল খনৰ ভিতৰত নগা দুষ্কৃতিকাৰীয়ে বনাঞ্চল খনৰ ভিতৰত শিবিৰ পাতি প্ৰায় তিনি শ বিঘা মাটি বেদখল কৰি ৰবৰৰ বাগিচা স্থাপন কৰাৰ তথ্য পোহৰলৈ আহিছে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২০১৯ চনৰ অক্টোবৰ মাহতে চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ নেতৃত্বত আৰক্ষী বাহিনীৰ লোকে বনৰক্ষীক লগত লৈ বনাঞ্চল খনত চলোৱা এক অভিযানত নগা দুষ্কৃতিকাৰীয়ে বেদখল কৰাৰ তথ্য পোহৰলৈ আহিছিল। সেই অভিযানৰ সময়ত বেদখল আৰু কাঠৰ চোৰাং সৰবৰাহত জৰিত চাৰিজন নগা যুৱকক মাৰনাস্ত্ৰ আৰু গছ কটা যন্ত্ৰসহ আটক কৰা হৈছিল যদিও বন বিভাগৰ নিৰ্লিপ্ততাৰ বাবেই আটাইকে মুকলি কৰি দিব লগা হৈছিল আৰক্ষীয়ে। মন কৰিবলগীয়া যে অভয়পুৰ সংৰক্ষিত বনাঞ্চলত পৰ্যাপ্ত বনৰক্ষী নথকাৰ বাবে নিৰাপত্তা জনিত কাৰণত কিছুবছৰ পূৰ্বে বনাঞ্চল খনৰ ভিতৰত থকা জয়মতী বন শিবিৰটো বন্ধ কৰি দিয়া হয় আৰু ইয়াৰ সুযোগ গ্ৰহণ কৰি দুষ্কৃতিকাৰীয়ে বেদখল অব্যাহত ৰাখিছে বনাঞ্চল খনত। ইফালে শেহতীয়াকৈ বনাঞ্চল খনৰ ভিতৰত নগা দুষ্কৃতিকাৰীয়ে বেদখল কৰাৰ লগতে বন ধ্বংসযজ্ঞ অব্যাহত ৰখা এটা ভিডিঅ’ চছিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পাছতেই হুৱাদুৱা লাগিছে বন বিভাগৰ মাজত।
২ কোটিৰো অধিক উপাৰ্জন কৰিলে Credit Cardৰ বিল পৰিশোধ কৰি
বৰ্তমান সময়ত সকলো লোকেই নিজৰ প্ৰয়োজনীয়তা পূৰণৰ হেতু ক্ৰেডিট কাৰ্ড (Credit card) আৰু ডেবিট কাৰ্ড (Debit card) ব্যৱহাৰ কৰে। অৱশ্যে ক্ৰেডিট কাৰ্ডৰ গৰাকীৰ সকলৰ বাবে আজিৰ এই বিশেষ প্ৰতিবেদন। যদি আপোনাৰো ক্ৰেডিট কাৰ্ড আছে তেন্তে এই বাতৰি হ’ব অতি লাভজনক। এজন ব্যক্তিয়ে ক্ৰেডিট কাৰ্ডৰ বিল পৰিশোধ কৰাৰ পাছতেই ২ কোটি টকাৰ গৰাকী হৈছিল। এইটো সম্পূৰ্ণ সত্য ঘটনা। কিয়নো ক্ৰেডিট কাৰ্ডৰ বিল পৰিশোধ কৰাৰ পাছত গ্ৰাহকসকলে বেংকৰ পৰা পুৰস্কাৰ আৰু পইণ্ট লাভ কৰে, যাৰ বিনিময়ত গ্ৰাহকসকলে লাভ কৰে টকা।
উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী ব্যক্তিয়ে ক্ৰেডিট কাৰ্ডৰ পুৰস্কাৰৰ (Reward) জৰিয়তে ২ কোটি ১৭ লাখ টকা উপাৰ্জন কৰে। ‘ৱাল ষ্ট্ৰীট জাৰ্ণাল’ৰ এক প্ৰতিবেদন অনুসৰি, কোষ্টাটিন অনিকেব নামৰ এজন ব্যক্তিয়ে তেওঁৰ ক্ৰেডিট কাৰ্ডৰ পৰা বৃহৎ সংখ্যক উপহাৰ কাৰ্ড ক্ৰয় কৰিবলৈ আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত এইসমূহক ৰূপান্তৰ কৰিছিল নগদ ধনলৈ।
ক্ৰেডিট কাৰ্ডৰ সীমা অনুসৰি অনিকেবে দৈনিক উপহাৰ কাৰ্ড ক্ৰয় কৰিছিল আৰু তাৰ পিছত ইয়াক নগদ ধনলৈ ৰূপান্তৰ কৰিছিল। তাৰ পিছত তেওঁ টকাখিনি বেংক একাউণ্টত জমা কৰে আৰু ক্ৰেডিট কাৰ্ডৰ বিলো পৰিশোধ কৰে। এনে দৰে উপহাৰ কাৰ্ডৰ পৰা প্ৰাপ্ত কৰা পুৰস্কাৰৰ জৰিয়তে তেওঁৰ উপাৰ্জন হৈছিল।
আমেৰিকান এক্সপ্ৰেছৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিছিল
আপোনাক জনাওঁ যে অনিকেবে আমেৰিকান এক্সপ্ৰেছ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে গেলামালৰ দোকান বা ফাৰ্মাচীত ক্ৰয় কৰাৰ সময়ত ৫ শতাংশ সীমাহীন পুৰস্কাৰ লাভ কৰিছিল। লগতে তেওঁ গেলামালৰ দোকানলৈ গৈ প্ৰিপেইড ভিছা কাৰ্ড ক্ৰয় কৰিছিল। উপহাৰ কাৰ্ড ক্ৰয় কৰাৰ বাবে প্ৰতিদিনৰ এটা সীমা আছিল।
উল্লেখ্য যে, যেতিয়া অনিকেবে ৫০০ ডলাৰৰ উপহাৰ কাৰ্ড কিনিছিল তেতিয়া তেওঁ ৫ শতাংশত পুৰস্কাৰ পইণ্ট হিচাপে ২৫ ডলাৰ লাভ কৰিছিল। প্ৰতিবেদন অনুসৰি, এনেদৰেই অনিকেবে তিনি লাখ ডলাৰ (প্ৰায় ২ কোটি ১৭ লাখ) উপাৰ্জন কৰিছিল।
এই কথা জানিব পৰাৰ পাছতেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৰ বিভাগে বিষয়াসকলক সতৰ্ক কৰি দিছিল। ইয়াৰ পিছতেই আয়কৰ বিভাগে আয়ৰ তুলনাত অধিক সম্পত্তি সন্দৰ্ভত তদন্ত আৰম্ভ কৰে আৰু জাননী প্ৰেৰণ কৰে।
সোণাৰিত কৃষকৰ মাজত ট্ৰেক্টৰ বিতৰণ কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত সোণাৰি আৰু মাহমৰা বিধানসভা সমষ্টিৰ কৃষক গোটৰ মাজত আজি কৃষি বিভাগৰ দ্বাৰা ট্ৰেক্টৰ বিতৰণ কৰা হয়। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে নিজে চালকৰ আসনত বহি ট্ৰেক্টৰ বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰে। সোণাৰি সমষ্টিৰ অন্তৰ্গত লংপতীয়াত ৰাজসাহায্যযুক্ত এই ট্ৰেক্টৰসমূহ বিতৰণ কৰা হয়। শালি খেতিৰ আৰম্ভণিতে কৃষি বিভাগে এই ট্ৰেক্টৰ বিতৰণ কৰা কাৰ্যই কৃষকসকলক উপকৃত কৰিব বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে। লংপতীয়া বজাৰগৃহত অনুষ্ঠিত হোৱা ট্ৰেক্টৰ বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়ক গৰাকীয়ে কয়, “অসমক কৃষি ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰিবলৈ হ’লে খেতিয়ক ৰাইজক সবাংগীন উত্তৰণত গুৰুত্ব দিয়াটোৰ অত্যন্ত দৰকাৰী ৷ প্ৰতিখন গাঁৱৰ কৃষকসকল শক্তিশালী হলেহে অসম শক্তিশালী হ’ব ৷সেয়েহে “মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা” ৰ অধীনত ৰাজ্য কৃষক গোট সমূহক দিয়া হৈছে একোখনকৈ আধুনিক টেক্টৰ ৷এই টেক্টৰ সমূহৰ ব্যৱহাৰৰ ফলত কৃষকসকল স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত হৈছে ৷” উল্লেখ্য যে, চৰাইদেউ জিলা কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা টেক্টৰ বিতৰণ কায্যসুচীত চৰাইদেউ জিলা কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷
জামুগুৰি ইউকো বেংকত দালালীৰ দপ-দপনি, ঋণ দিয়াৰ নামত নিবনুৱা যুৱকৰ পৰা ধন সংগ্ৰহৰ অভিযোগ
শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ইউকো বেংকত ঋণ দিয়াৰ নামত বৃহৎ দূৰ্নীতি সংঘটিত হৈছে ৷ বেংকটোৰ একাংশ বিষয়া কৰ্মচাৰীয়ে ঋণ দিয়াৰ নামত দালালীৰ জৰিয়তে সৰ্ব্বসাধাৰণ ৰাইজৰ পৰা উৎকোষ লৈ থকাৰ গুৰুত্বৰ অভিযোগ পোহৰলৈ আহিছে ৷ শেহতীয়াকৈ এই দালালী চক্ৰটোৰ বিৰুদ্ধে জামুগুৰি আৰক্ষী থানাতো এক গোচৰ ৰুজু কৰা হৈছে ৷ ভূক্তভোগী ঘটনাৰ বিৱৰণী অনুযায়ী জামুগুৰিহাটৰ হাটিঙা অমৰাকচা নিৱাসী প্ৰণৱ জ্যোতি ভূঞাঁ নামৰ নিবনুৱা যুৱক জনৰ পৰা বেংকৰ পৰা ঋণ দিয়াৰ নামত নগদ পঁছিশ হেজাৰ টকা উৎকোষ লয় যোৱা বৰ্ষৰ ডিচেম্বৰত ৷ জামুগুৰি ইউকো বেংকত অস্থায়ী ভিত্তিত কৰ্মৰত কৰ্মচাৰী গৌতম চাহা নামৰ ব্যক্তি গৰাকীয়ে প্ৰণৱক এক লাখ নব্বৈ হেজাৰ টকা বেংকৰ পৰা ঋণ দিয়াৰ চুক্তিৰে উকা দলিলত চহীও কৰাই লয় ৷ সেই অনুসৰি প্ৰণৱৰ সকলো নথি পত্ৰ এই গৰাকী গৌতম চাহাই হাত কৰি লয় ৷ পৰবৰ্ত্তী সময়ত ঋণ বিছাৰি গৌতম চাহাৰ ওচৰলৈ প্ৰণৱে বাটকুৰি বাই থাকে যদিও আজিকোপতি ঋণ লাভ নকৰিলে।শেষত প্ৰণৱে জমা দিয়া নথি পত্ৰ সমুহ হেৰাল বুলি কৈ গৌতম চাহা পলাবলৈ ললে ৷ উপায়ন্তৰ হৈ প্ৰণৱে জামুগুৰি আৰক্ষী থানাত গৌতম চাহাৰ ঠগ-প্ৰৱঞ্চঁনাৰ বিৰুদ্ধে যোৱা ৩১ মেত এখন এজাহাৰ দাখিল কৰে ৷ প্ৰণৱ জ্যোতি ভূঞাঁই জানিবলৈ দিয়ামতে গৌতম চাহা নামৰ ব্যক্তি গৰাকীয়ে জামুগুৰি অঞ্চলৰ বহুতো নিবনুৱাৰ পৰা বেংকৰ পৰা ঋণ দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ আছে ৷ বেংকৰ পৰা ঋণলৈ ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হব খোজা প্ৰণৱে এতিয়া আৰক্ষীৰ পদক্ষেপলৈ বাট চাইছে ৷ চাকৰী মনোবৃত্তি ত্যাগ কৰি কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হব খোজা প্ৰণৱ জ্যোতি ভূঞাঁৰ দৰে যুৱকক উচিত ন্যায় প্ৰদানৰ বাৱেও জামুগুৰি আৰক্ষীক অঞ্চলটোৰ সচেতন মহলে দাৱী জনাইছে ৷ আনহাতে গ্ৰাহক ৰাইজক দূব্যৱহাৰ কৰি অহা বেংকটোৰ বিষয়া কৰ্মচাৰী সকলকো নাকী লগাবলৈ উৰ্দ্ধতন কতৃপক্ষক দাবী জনাইছে অঞ্চলটোৰ সচেতন মহলে ৷
বিশিষ্ট সমাজকৰ্মী শ্ৰীদেৱেশ্বৰ দলৈৰ বিয়োগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক তথা বিশিষ্ট সমাজকৰ্মী শ্ৰীদেৱেশ্বৰ দলৈৰ আজি নিজা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৮ বছৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।
ৰাজ্য চৰকাৰে ক্রয় কৰক নগাঁও–কাছাৰ কাগজ কল !প্রদ্যুৎ বৰদলৈ
অসম চৰকাৰক নগাঁও আৰু কাছাৰ কাগজ কল দুটা ক্রয়ৰ পৰামর্শ দিছে নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে৷ এই সম্পর্কত সাংসদ বৰদলৈয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক এক পত্রত সেই পৰামর্শ আগবঢ়াই কয় যে চৰকাৰী লিকুইডেটৰৰ ফ্ল’ৰ মূল্যত অসম চৰকাৰে কাগজ কল দুটা নিজে অধিগ্রহণ কৰি লওক৷ সেইদৰে অতি কম পৰিসৰৰ মাটিত বহুৱাব পৰা অত্যাধুনিক আৰু নিপুণ যন্ত্রপাতি আনি আজিৰ যুগৰ চাহিদা থকা কাগজ উৎপাদন কৰা, আমোলাতান্ত্রিক মেনেজমেণ্টৰ সলনি ব্যক্তিগত খণ্ডৰ অংশীদাৰিত্ব গ্রহণ কৰি প্রফেছনেল মেনেজমেণ্ট ব্যৱস্থা প্রৱর্তন আৰু কাগজ কলৰ পৰিসীমাত অব্যৱহূত হৈ থকা, ৰাহি হোৱা আৰু আশে–পাশে থকা অতিৰিক্ত, উদ্বৃত্ত মাটি একলগ কৰি গুৱাহাটীৰ সমীপৱর্তী আৰু ফ’ৰলেনকে আদি কৰি সুন্দৰ যোগাযোগ ব্যৱস্থাৰে সংযুক্ত জাগীৰোডৰ দৰে ঠাইত কেৱল ক্ষুদ্র পৰিসৰৰ উদ্যোগৰ বাবে এক নতুন ঔদ্যোগিক জ’ন গঢ়ি তোলাৰ পৰামর্শ আগবঢ়ায়৷
মাৰ্ঘেৰিটাত কোন এই ক’ভিড পটকল ভংগকাৰী : সংবাদ সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক দূ-ব্যৱহাৰ
সমগ্ৰ তিনিচুকীয়া জিলাতে ভয়াবহ গতিত বৃদ্ধি পাৱলৈ ধৰিছে ক’ভিড আক্ৰান্ত ৰোগী সংখ্যা | জিলাখনৰ অন্তৰ্গত মাৰ্ঘেৰিটাতো দিনক দিনে বৃদ্ধি পাৱলৈ ধৰিছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা| বিগত ২৪ ঘণ্টাত কিশোৰসহ বহু কেইজন লোক আক্ৰান্ত হৈছে ক’ভিডত| ইয়াৰ পিছতো যেন সচেতন নহয় মাৰ্ঘেৰিটাৰ একাংশ লোক তথা খুচৰা ব্যৱসায়ী| বাৰে বাৰে ভংগ কৰি গৈছে চৰকাৰে জাৰি কৰা কভিড পটকল |চৰকাৰে নগৰ অঞ্চলত দিনৰ ১১ বজাৰ লগে লগে দোকান পোহাৰসমূহ বন্ধ কৰিবলৈ নিৰ্দেৰ্শ জাৰি কৰিছে যদিও চৰকাৰী এই নিদৰ্শনাক মাৰ্ঘেৰিটা নগৰৰ একাংশ ব্যৱসায়ীয়ে ভংগ কৰি আহিছে| মাৰ্ঘেৰিটাৰ বজাৰত একাংশ লোকে ১১ বজাৰ পিছতো দোকান খুলি ৰখা বুলি খৱৰ লাভ কৰি সাংবাদিকে উক্ত দোকানকেইখনলৈ যোৱাত সাংবাদিকক দেখি একাংশই দোকানসমূহ বন্ধ কৰি আঁতৰি পলাই যায় যদিও একাংশই দোকান খুলি ৰাখে | সাংবাদিকৰ দলে দোকানৰ গৰাকীক দোকান খুলি ৰখা সম্পৰ্কত প্ৰশ্ন কৰাত সাংবাদিকসকলক ব্যৱসায়ী সকলে দূ-ব্যৱহাৰ কৰা অভিযোগ উত্থাপিত হৈছে| ক’ভিড পটকল ভংগকাৰী এনে ব্যৱসায়ী বিৰুদ্ধে ব্যৱস্থাগ্ৰহণৰ দাৱী জনাইছে অঞ্চলটোৰ সচেতন মহলে |
বৰপেটাৰ চতলাত কফ ছিৰাপ সহ নিচাজাতীয় টেবলেট উদ্ধাৰ।
ড্ৰাগচ্ মুক্ত অসম গঢ়িবলৈ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোৱা পদক্ষেপক সহযোগ কৰিছে বৰপেটাৰ চতলাৰ ৰাইজেও। নিচাজাতীয় দ্ৰব্য, ড্ৰাগচ্ বিৰোধী অভিযান অধিক তীব্ৰতৰ কৰি
বৰপেটা জিলা প্ৰশাসনে আটক কৰিছে বহুকেইগৰাকী ড্ৰাগছৰ লগত জড়িতৰ অভিযুক্ত ।
অভিযান। আৰক্ষীৰ এই অভিযানক সফল কৰিবলৈ বুধবাৰে সন্ধিয়া বৰপেটা জিলাৰ মাজদিয়া আৰক্ষী চকীৰ অন্তৰ্গত চতলাত এজন যুৱকে অবৈধ কফ চিৰাপ আৰু নিচাজাতীয় টেবলেট বিক্ৰী কৰি থকাৰ সময়ত স্থানীয় একাংশ যুৱকে হাতেলোটে ধৰি আৰক্ষীক খবৰ দিয়ে। তাৰ পিছতে মাজদিয়া আৰক্ষী চকীত খবৰ কৰাত আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত আহি অভিযুক্ত নিচাজাতীয় দ্ৰব্য সৰবৰাহকাৰী এগৰাকীক আটক কৰি থানালৈ নিয়ে । মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে জানিবলৈ দিয়ামতে ধৃত যুৱকজন চতলা গাঁৱৰ আবুল কালাম আজাদ(৩৯) । ধৃত যুৱকজনৰ পৰা আৰক্ষীয়ে ৭২০ টা নিচাজাতীয় টেবলেট আৰু ২০টা কফ চিৰাপৰ বটল জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ধৃত যুৱকজনে বহু বছৰ ধৰি চতলা অঞ্চলত ড্ৰাগছ সৰবৰাহৰ অভিযোগত পূৰ্বতে জে’লৰ ভাত খাব লগা হৈছিল বুলি জানিব পৰা গৈছে। ধৃত আবুল কালাম আজাদৰ বিৰুদ্ধে মাজদিয়া আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব বুলি জানিবলৈ পোৱা গৈছে। সম্প্ৰতি অধিক তথ্যৰ বাবে ধৃত যুৱকজনক সোধাপোচা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
ইপিনে বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজৰ সমীপত যতিগাঁওত ব্ৰাউন চুগাৰসহ বঙাইগাওৰ দুই ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ হৈছে ।
বুধবাৰে এক গোপন সূত্ৰৰ পম খেদি বৰপেটা জিলা সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত নগৰ পৰিদৰ্শক মুনীন্দ্ৰ নাৰায়ণ দাসৰ প্ৰচেষ্টাত দুই ড্ৰাগচ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। বৰপেটা জিলা সদৰ থানাৰ ভাৰপ্ৰাপ্ত নগৰ পৰিদৰ্শক মুনিন্দ্ৰ নাৰায়ণ দাসে অতি সাধাৰণ পোচাকত ছদ্মবেশত দুই ড্ৰাগচ সৰবৰাহকাৰীৰ লগত ড্ৰাগচ’ৰ মুল্য নিৰ্ধাৰণ কৰি থকাৰ সময়তেই তেওঁৰ লগত যোৱা সহযোগী সকলে দুই যুৱকক আগচি ধৰি কৰায়ত্ত কৰে। জানিব পৰামতে বৰপেটা মেডিকেল কলেজ হস্পিটাল চৌহদত বৰপেটা আৰক্ষীয়ে অভিযান চলায় অতি গোপন ভাবে। আৰক্ষীৰ এই অভিযানত ব্ৰাউন চুগাৰসহ গ্ৰেপ্তাৰ হয় বঙাইগাওৰ দুই ড্ৰাগছ ব্যৱসায়ী যুৱক। ধৃত ড্ৰাগছ ব্যৱসায়ী দুজন ক্ৰমে আশ্ৰাফুল ইছলাম আৰু মোজাহিদুল ইছলাম বুলি জানিব পৰা যায়। বঙাইগাৱৰ অভয়াপুৰীৰ লেংটিচিঙাত ঘৰ বুলি স্বীকাৰ কৰে দুই ড্ৰাগছ ব্যৱসায়ীয়ে। চাবোনৰ কেচত ভৰাই বিক্ৰীৰ বাবে বৰপেটা মেডিকেল কলেজ হস্পিটাল চৌহদত ৰৈ থকা অৱস্থাতে আৰক্ষীয়ে পূৰ্ব পৰিকল্পনা মতে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ ব্যৱসায়ী দুজনক। বৰপেটা মেডিকেল কলেজ হস্পিটাল চৌহদত ড্ৰাগছ ব্যৱসায়ী আটকৰ ঘটনাক লৈ বৰপেটা চহৰত একপ্ৰকাৰৰ চাঞ্চল্যৰ সৃষ্টি হয় যদিও ড্ৰাগচৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ এই অভিযানক বিভিন্ন জনে প্ৰশংসা কৰে।
নামৰূপত আটক ড্ৰাগছ সেৱন কাৰী যুবকক
সমগ্ৰ দেশতে ড্ৰাগছ,বিৰোধী অভিযান চলি থকা সময়তে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত নামৰূপত কালি নামৰূপ আৰক্ষীয়ে লালপাগুৰি ঘাটৰ পৰা তিনিজন ড্ৰাগছ সেৱন কাৰী যুবকক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় জিলাৰ কাৰাগাৰালৈ প্ৰেৰন কৰে।
IPC 70/21 sec 270a NDPS ACT ভিত্তিত তেওঁলোকক মহামান্য আদলতলৈ পেৰণ কৰিছে।তেওঁলোকৰ পৰা চিৰিঞ্জ, অলপ মান ড্ৰাগছ আৰু মোৱাইল ফোন জ্বব্দ কৰে।











