অসম খো খো সন্হা ৰ১৬সঙখ্যক ছিনিয়ৰ আন্ত জিলা খো-খো প্ৰতিযোগিতা খন উত্তৰ কামৰূপ খো খো সন্হা ৰ উদ্যোগত অহা ১২, ১৩ আৰু ১৪মাৰ্চ তাৰিখত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰ ত অনুষ্ঠিত কৰা হ’ব বুলি অভ্যৰ্থনা সমিতিৰ সভাপতি ভৱেশ কলিতা আৰু সাধাৰণ সম্পাদক জয়ন্ত ভট্টাচাৰ্য্য ই জানিব দিছে।খো খো সন্হা ৰ সভাপতি আব্দুল মজিদ আৰু সাধাৰণ সম্পাদক সন্জয় কুমাৰ দাসে জনোৱা মতে ১২মাৰ্চ তাৰিখে আবেলি ৫ বজাত খেলুৱৈ শিৱিৰ মুকলি কৰিব বিশিষ্ট সমাজ কৰ্মী ধনেশ্ৱৰ কলিতাই।১৩মাৰ্চ তাৰিখে ৰাতিপুৱা ৯বজাত সন্হা ৰ পতাকা উত্তোলনৰ পিছত ১০বজাত খেল উদ্বোধন কৰিব অভ্যৰ্থনা সমিতিৰ সভাপতি ভৱেশ কলিতা ই। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সাঙসদ দিলীপ শইকীয়া আৰু,অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। অতিথি হিচাপে উপস্থিত থাকিব কামৰূপ জিলাৰ উপায়ুক্ত কাৰ্তিক কে এন আৰু মহকুমাধিপতি স্ৱপ্নীল পালে।১৪মাৰ্চ তাৰিখে সন্ধিয়া ৬ বজাত বঁটা বিতৰণ অনুষ্ঠানত ভাগ ল’ব ক্ৰীড়া আৰু যুৱ কল্য়াণ বিভাগৰ সঞ্চালক ধৰ্মকান্ত মিলি,অসম খো খো সন্হা ৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা আৰু কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে। উক্ত অনুষ্ঠানত অসমৰ বিভিন্ন ঠাইৰপৰা প্ৰায় চাৰিশ ৰো অধিক সংখ্যক খেলুৱৈ অঙশ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। ইতিমধ্যে অভ্যৰ্থনা সমিতিয়ে অতিথি খেলুৱৈ সকলক আদৰিবলৈ সকলো সাজু কৰি তুলিছে।
কুসুমতোলাৰ পদ্মপুৰ নামঘৰত ভাগৱত পাঠ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাট আঞ্চলিকৰ অন্তৰ্গত পদ্মপুৰ শাখাৰ উদ্যোগত কুসুমতোলাৰ পদ্মপুৰ নামঘৰ প্ৰাংগণত ভাগৱত পাঠ আৰু এখনি পৰ্যালোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। পুৱাৰ ভাগত পতাকা উত্তোলন কৰে পদ্মপুৰ গাঁও উন্নয়ন সমিতিৰ সভাপতি ভোলা গোঁহায়ে। ইয়াৰ পিছতেই পদ্মপুৰ গাঁও উন্নয়নৰ ভকতসকলে নাম-প্ৰসংগ কৰে। ভাগৱত পাঠ আৰু ব্যাখ্যাৰ আৰম্ভণিৰ ঠিক আগে আগে ২০২০ বৰ্ষত হাই স্কুল শিক্ষান্ত পৰীক্ষা,দ্বাদশ শ্ৰেণীৰ চূড়ান্ত বৰ্ষ আৰু মূখ্যমন্ত্ৰী বৃত্তি লাভ কৰিবলৈ সক্ষম হোৱা অঞ্চলটোৰ কৃতি বিদ্যাৰ্থীসকলক সম্বৰ্দ্ধনা জনোৱা হয়। সম্বৰ্দ্ধনা অনুষ্ঠানৰ আঁত ধৰে পদ্মপুৰ গাঁও উন্নয়ন সমিতিৰ জেষ্ঠ কাৰ্যকৰী সদস্য বীৰেণ কুমাৰ নাথে। ভাগৱত পাঠ আগবঢ়াই চতিয়া মহাবিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ অধ্যাপক নৃপেন শইকীয়াই আৰু ভাগৱত পাঠ কৰে জামুগুৰিহাটৰ বাঁহবৰীয়াৰ সংগী জিতেন ওজাই। এক ভক্তিপ্ৰাণ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত অনুষ্ঠানটিৰ শেষত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে গাঁও উন্নয়ন সমিতিৰ সভাপতি ভোলা গোঁহায়ে।
মাজুলীৰ গড়মূৰত ভাৰতী এয়াৰটেলৰ ষ্ট’ৰ মুকলি : উপলব্ধ হ’ব বহু সুবিধা
মাজুলী জিলা সদৰ গড়মূৰত আজি এটা অত্যাধুনিক ভাৰতী এয়াৰটেল ষ্ট’ৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয় ৷ এই উপলক্ষে আজি পূৱা আয়োজিত এক অনুষ্ঠানত কোম্পানীটোৰ ষ্ট’ৰৰ ফিটা কাটি শুভ উদ্বোধন কৰে শিল্পী ভগৱৎ প্ৰিতম দত্তই ৷ ষ্ট’ৰৰ স্বত্বাধিকাৰী দেৱজিৎ দত্তৰ মাতৃ তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী হেমপ্ৰভা দত্ত আৰু গড়মূৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী স্বপ্না কাকতিয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছতে ফিটা কাটি জনসাধাৰণৰ সেৱাৰ বাবে মুকলি কৰা হয় ৷ অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে গড়মূৰ পীতাম্বৰদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঘন নাথ , অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ৰেণুমালা দত্ত , জিলা বিজেপিৰ প্ৰাক্তন সভাপতি দীপক গোস্বামী , অৱসৰপ্ৰাপ্ত শিক্ষক ভূপেন দত্তই ৷ ভাৰতী এয়াৰটেলৰ ক্ষেত্ৰীয় বিক্ৰী প্ৰৱন্ধক নীতিন খাণ্ডেৱাল আৰু ক্ষেত্ৰীয় প্ৰৱন্ধক লক্ষী গগৈ উপস্থিত থাকি এই ষ্ট’ৰৰ জৰিয়তে ৰাইজৰ বাবে উপলব্ধ বিভিন্ন সেৱাৰ দ্বাৰা ৰাইজ উপকৃত হ’ব বুলি উল্লেখ কৰে ৷ অনুষ্ঠানত চিতাদাৰচুক গাওঁৰ কৃষ্টি দলে মিছিং গুমৰাগ নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে ৷ এই ষ্ট’ৰৰ জৰিয়তে বিদ্যুতৰ বিলৰ লগতে এয়াৰটেল পেমেন্ট বেংকৰ জৰিয়তে গ্ৰাহক সকল উপকৃত হ’ব বুলি আশা কৰা হৈছে ৷
কোনো কাৰনত কংগ্ৰেছ দলৰ লগত মিত্ৰতা নহয়,অসম জাতীয় পৰিষদৰ : লুৰিনজ্যোতি গগৈ
বিৰোধী শিবিৰৰ ভুমিকাক লৈ মুকলি অসন্তুষ্টি প্ৰকাশ কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মংগলবাৰে এখন পত্ৰ লিখি সকলো বিৰোধী দলক একত্ৰিত হবলৈ আহ্বান জনায় ৷ এ আই ইউ ডি এফৰ বাহিৰে সকলো বিৰোধী একগোট হৈ বিজেপিক পৰভুত কৰিবলৈ বিনম্ৰতাৰে বিৰোধী পক্ষক আহ্বান জনায় কাৰৰুদ্ধ অখিল গগৈয়ে ৷ এ আই ইউ ডি এফক বাদ দি কংগ্ৰেছকে ,চি পি আই, চিপি এম, আঞ্চলিক গনমৰ্চা , ৰাইজৰ দল, অসম জাতীয় পৰিষদ একত্ৰিত হৈ যুজিলে বিজেপিক পৰভুত কৰিব পাৰিব ৷ সেইবাবেই বিৰোধীৰ ফালৰ পৰা এজন প্ৰাৰ্থী দিবলৈ তেওঁ আহ্বান জনাই ৷ লগতে কৃষক নেতা গৰাকীয়ে পত্ৰখনত উল্লেখ কৰে যে প্ৰয়োজন সাপেক্ষে তেওঁ প্ৰতিদন্ডিতা নকৰে ৷৷ এই ক্ষেত্ৰত অসম জাতীয় পৰিষদ একমত নহয় ৷ জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে আজি সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কোনো ৰাষ্ট্ৰীয় দলৰ লগত অসম জাতীয় পৰিষদ দলে মিত্ৰতা নকৰে ৷ সাম্প্ৰদায়িক দল বিজেপি আৰু এ আই ইউ ডিফৰ লগত অজাপ দল নাই ৷ ঠিক তেনেদৰে বিদেশীৰ ৰক্ষক কংগ্ৰেছ দলৰ লগতো অজাপ নাই বুলি লুৰিন জ্যোতি গগৈয়ে উল্লেখ কৰে ৷কোনো কাৰনত কংগ্ৰেছ দলৰ লগত অজাপ দলে মিত্ৰতা নকৰে বুলি স্পষ্ট ভাবে লুৰিন জ্যোতি গগৈয়ে উল্লেখ কৰে ৷ তেওঁ লগতে কয় যে অহা তিনিদিনৰ ভিতৰত প্ৰথম প্ৰৰ্যায়ত হ’বলগা নিৰ্বাচনৰ বাবে ৪৭ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে ঘোষনা কৰিব ৷৷
কাৰাগাৰৰ পৰাই মুকলি চিঠি অখিল গগৈৰ
নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আন এক বিস্ফোৰণ ঘটাইছে। বিৰোধী মহাজোঁটত ৰাইজৰ দলে অংশ গ্ৰহণ কৰিবনে নকৰে সেই লৈ জল্পনা কল্পনা চলি থকাৰ মাজতে কাৰাগাৰৰ পৰা প্ৰেৰণ কৰা এক পত্ৰ যোগে কংগ্ৰেছ মহাজোঁটৰ পৰা এ আই ইউ ডি এফক আঁতৰালে ৰাইজৰ দলে মহাজোঁটক সমৰ্থন আগবঢ়াব বুলি সদৰি কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । গুৱাহাটীস্থ ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলটোৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই অখিল গগৈয়ে প্ৰেৰণ কৰা এখন চিঠি পাঠ কৰি এই কথা সদৰি কৰে।পত্ৰখনত বিজেপি আৰু এ আই ইউ ডি এফ একেই সাম্প্ৰদায়িক বুলি উল্লেখ কৰি অখিল গগৈয়ে কয়, ‘কোনো সাম্প্ৰদায়িক শক্তিৰ সৈতে মিত্ৰতা নকৰে ৰাইজৰ দলে। মিত্ৰতা কেৱল অসম জাতীয় পৰিষদৰ লগতহে অক্ষুন্ন থাকিব’।ইপিনে, উক্ত সংবাদমেলতে এ আই ইউ ডি এফ আৰু বিজেপিৰ মাজত গোপন মিত্ৰতা আছে বুলিও পত্ৰ যোগে দাবী কৰে অখিল গগৈয়ে।পত্ৰখনত অখিল গগৈয়ে লগতে কয় ‘ কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাক লৈ সন্তুষ্ট নহয় তথা এয়া ঐতিহাসিক ভুল সিদ্ধান্ত ‘।আনহাতে, প্ৰয়োজন হ’লে অখিল গগৈয়ে নিজে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি উল্লেখ কৰি লগতে কয়, ‘বিৰোধী পক্ষই বিজেপিক পৰাভূত কৰাৰ বাবে ঐক্যৱদ্ধ আৰু ফলপ্ৰসূ সিদ্ধান্ত ল’ব পৰা নাই’। তদুপৰি অখিল গগৈয়ে জনবিৰোধী বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে বিৰোধী দলবোৰৰ এজন উমৈহতীয়া প্ৰাৰ্থী থিয় কৰোৱাৰ পোষকতা কৰে। তেওঁ কয় – বিৰোধী দলসমূহৰ সাম্প্ৰতিক ৰাজনৈতিক কৌশল মুঠেও বিজেপি মিত্ৰজোঁটক পৰাভূত কৰাৰ বাবে যথোপযুক্ত নহয়। বিৰোধী দল মানে মই কংগ্ৰেছ, চিপিআই, চিপিআই(এম), অসম জাতীয় পৰিষদ, আঞ্চলিক গণ মৰ্চা আৰু ৰাইজৰ দলক বুজাইছো। এআইয়ুডিএফৰ নাম মই ইয়াৰ পৰা সচেতন ভাবেই বাদ দিছো। অখিল গগৈয়ে পত্ৰত উল্লেখ কৰি কয় – এআইয়ুডিএফৰ উপস্থিতিয়ে বিজেপিক শক্তিশালী কৰে আৰু বিজেপিৰ উপস্থিতিয়ে এআইয়ুডিএফক শক্তিশালী কৰে।‘ এনে অৱস্থাত সেয়েহে সংখ্যালঘু ৰাইজেও এই কথা উপলব্ধি কৰি এআইয়ুডিএফক বিদায় দিবলৈ সাজু হৈছিল। কিন্তু কংগ্ৰেছ দলে তেওঁলোকক পুনৰ জীৱন দিলে।‘
দুলীয়াজান অঘটন/অস্ত্ৰধাৰী দুজনীয়া ডকাইতৰ আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা যুৱকৰ
দুলীয়াজান দিহিং দলঙৰ সমীপত অঘটন । দিনদুপৰতে অস্ত্ৰধাৰী দুজনীয়া ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এজন যুৱক । আহত যুৱকজন দুলীয়াজানৰ বাম হুকুটা অঞ্চলৰ ধনীৰাম গগৈৰ পুত্ৰ ডম্বৰুধৰ গগৈ (৩৮)বুলি জানিবপৰা গৈছে । প্ৰাপ্ত তথ্য অনুসৰি ৰেডিয়েণ্ট কেছ মেনেজমেণ্ট চাৰ্ভিচ নামৰ ব্যক্তিগত প্ৰতিষ্ঠান এটাৰ কৰ্মচাৰী ডম্বৰুধৰ গগৈ নামৰ কৰ্মচাৰীজনে আজি দুপৰীয়া সময়ত নগদ ৬ লাখ টকা লৈ এখন স্কুটীৰে নাহৰকটীয়াৰ পৰা দুলীয়াজানৰ অভিমুখে আহি আছিল । সেইসময়তে দুলীয়াজান-নাহৰকটীয়া সংযোগী মূল গড়কাপ্তানি পথৰ দিহিং দলঙৰ সমীপত এখন নম্বৰপ্লেট বিহীন এফ জেদ বাইকত অহা হেলমেট পৰিধানৰত দুজনীয়া ডকাইতৰ দলে যুৱকজনক আক্ৰমণ কৰি ধন লুটৰ চেষ্টা চলায় । প্ৰথমৱস্হাত যুৱকজনে পথচাৰীৰ পৰা সহায় ভিক্ষা বিচাৰে যদিও অস্ত্ৰধাৰী যুৱকক দেখি সকলোৱে নিৰাপদ দূৰত্বত অৱস্হান কৰে । ইফালে ডকাইতৰ দলটোৰ সৈতে যুৱকজনে অকলেই সাহসেৰে যুঁজি ধনখিনি সুৰক্ষিত কৰিবলৈ সক্ষম হয় যদিও ডকাইতৰ চোকা অস্ত্ৰৰ উপৰ্যপুৰি আঘাতত গুৰুতৰভাৱে আহত হয় উক্ত যুৱকজন । পাছত চেগ বুজি ডকাইতৰ দলটো ঘটনাস্থলীৰ পৰা টিংৰাই দিশে উধাও হয় । ঘটনা খৱৰৰ ভিত্তিত দুলীয়াজান আৰক্ষী ঘটনাস্হলীত উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰি দুলীয়াজান অইল ইণ্ডিয়া হাস্পতালত ভৰ্তি কৰে । অৱশ্যে চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰা পাছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় মেডিকেললৈ প্ৰেৰণ কৰে । শেহতীয়াকৈ আৰক্ষীয়ে ঘটনাৰ সৰ্ন্দভত নিজাববীয়াকৈ তদন্ত অব্যাহত ৰাখিছে যদিও এইপৰ্যন্ত ডকাইতৰ দলটোক আটক কৰিবলৈ সক্ষম হোৱা নাই ।
আই আৰ এ বিষয়া প্ৰৱীণ কুমাৰ নাজিৰাৰ নিৰ্বাচন ব্যয় পৰ্যবেক্ষকৰ দায়িত্ব
নাজিৰা নিৰ্বাচনী জিলাৰ অধীনস্থ ১০৪ নং নাজিৰা বিধানসভাৰ বাবে নিয়োজিত নিৰ্বাচন ব্যয় পৰ্যবেক্ষক ২০০৯ বর্ষৰ ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া আৰ এ প্ৰবীন কুমাৰ কালি নাজিৰাত উপস্থিত হয় । নিৰ্বাচন ব্যয় পৰ্যবেক্ষক গৰাকীৰ প্ৰট’কল বিষয়া হৈছে চৰাইদেউৰ সহকাৰী আয়ুক্ত সুনাম দাস। নাজিৰাত ৩ মাৰ্চত তেওঁ উপস্থিত হৈ ৪ মাৰ্চৰ পুৱা অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি লখিমী দত্ত আৰু সকলো কোষৰ বিষয়া সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ’ব আৰু বিধান সভা নিৰ্বাচনৰ কাম কাজ সঠিক ভাবে সম্পন্ন কৰিবলৈ গঠন কৰা নিৰ্বাচনী কোষ সমূহৰ বিষয়ে বুজ ল’ব। প্ৰশাসনৰ তৰফৰ পৰা অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি লখিমী দত্তই তেখেতক সম্ভাষন জনাইছে আৰু আগন্তুক নিৰ্বাচনত সমূহ নাজিৰা বাসী ৰাইজৰ সঁহাৰি কামনা কৰিছে।
মুক্ত ভাবে ভয়-শংকা বিহীন আৰু প্ৰলোভীত নহয় সুস্থ আৰু সুস্থিৰ চৰকাৰ গঠন কৰিবলৈ ভোটাৰ সকলক ভোট দান কৰক : প্ৰকাশ ৰন্জন ঘৰফলীয়া,উপায়ুক্ত
মুক্ত ভাবে ভয়-শংকা বিহীন আৰু প্ৰলোভীত নহয় সুস্থ আৰু সুস্থিৰ চৰকাৰ গঠন কৰিবলৈ ভোটাৰ সকলক ভোট দান কৰক – প্ৰকাশ ৰন্জন ঘৰফলীয়া। এইদৰে আজি ২ মাৰ্চ তাৰিখে ওদাগুৰি জিলা উপাযুক্ত কাৰ্য্যলয়ৰ সভা গৃহত জিলা উপাযুক্ত গৰাকীযে জিলা খনৰ সাংবাদিক সকলৰ সৈতে আগন্তক বিধান সভা নিৰ্বাচনী নিৰ্বাচনী আচৰণ বিধি সম্পৰ্কে এখনি সভাত এই মন্তব্য কৰে। উক্ত সভাত জিলা নিৰ্বাচনী বিষযা, জিলা উপাযুক্ত আৰু জিলা আৰক্ষী অধীক্ষক গৰাকীযে নিৰ্বাচনী আচৰন- বিধি সম্পকে তথ্য-সম্বলিত ভাবে জিলা খনত তিনিট বিধান সভা সমষ্টি ৬৪ পানেৰী অতিৰিক্ত উপাযুক্ত অনছুলা বসুমতাৰি ৰিটাৰিং অফিছাৰ দায়িত্ব প্ৰদান কৰি পোলিং ছেন্টাৰ ১৯৯ টা আৰু ২৯ সৰ্ব মুঠ ২২৮ টা, পুৰুষ ৭৭৪৮৮ জন, মহিলা ৭৫৯৫২ জনী আৰু তৃতীয় লিংগ ০১জন সৰ্ব মুঠ ১৫৪৪০ জন ভোটাৰ, ১১ টা ছেক্টৰ, ০৪ টা জুনত ভাগত ভাগ কৰি, নিৰ্বাচনী এক্সপেডিটুৰ মোনটেৰিং চেল এফ এছ টি ০৩টা, ভি এছ টি ০৩টা, এছ এছ টি ০৩ টা, ভি ভি টি ০১ টা, একাউন্টিং টিম ০১ টা, এন্টি ডিফেকমেম্ট টিম ০১টা, ২০টা মহিলা আৰু ০১ মডেল পুলিং ষ্টেচন গঠন কৰি, প্ৰথম, দ্বিতীয় আৰু তৃতীয় প্ৰিজাডিং অফিচাৰ প্ৰতিটোত ২৭৪ জনকৈ সৰ্ব মুঠ ১০৯৬ জন দিয়ে।৬৯ ওদালগুৰি জনজাতি সংৰক্ষিত উপাযুক্ত প্ৰকাশ ৰন্জন ঘৰফলীয়া ৰিটাৰিং অফিচাৰ দায়িত্ব লৈ পোলিং ছেন্টাৰ ১৯৪ টা আৰু ৩৭ টা সৰ্ব মুঠ ২৩১টা, পুৰুষ ৭৮২৯৫ জন, মহিলা ৭৭৭৮০ জনী সৰ্ব মুঠ ১৫৬০৭৫ জন ভোটাৰ,অঞ্চল টোট ২৪ ছেক্টৰ,০৪টা জুন ভাগত ভাগ কৰে লগতে নিৰ্বাচনী এক্সপেডিটুৰ মনটেৰিং চেল এফ এছ টি ০৩টা, ভি এছ টি ০৩, এছ এছ টি ০৩ টা, ভি ভি টি ০১টা, একাউন্টিং টিম ০১ টা, এন্টি ডিফেক্টমেন টিম ০১ টা, ২০ টা মহিলা ০১ টা মডেল পুলিং ষ্টেচন ০১টা গঠন কৰি প্ৰথম, দ্বিতীয় আৰু তৃতীয় প্ৰিজাডিং অফিচাৰ প্ৰতিটোত ২৭৭ জনকৈ সৰ্ব মুঠ ১১০৮ জন নিযুক্ত আৰু ৭০ নং মাজবাট সমষ্টিত অতিৰিক্ত উপাযুক্ত অনুপ কুমাৰ বহ্মক দ্বায়িত্ব প্ৰদান কৰি পুলিং চেন্টাৰ ১৭৮টা আৰু ৪৫ টা মুঠ ২৩২টা, পুৰুষ ৮০২৭৬ জন, মহিলা ৭৭১৬৯ জনী সৰ্ব মুঠ ১৫৭৪৪৫ জন ভোটাৰ, ২৪ টা ছেক্টৰ, ০৪ টা জ’ন ভাগ কৰি, নিৰ্বাচনী এক্সপেডিটুৰ মনিটেৰিং চেল এফ এছ টি ০৩ টা, ভি এছ টি ০৩ টা, এছ এছ টি ০৩ টা, ভি ভি টি ০১টা, একাউন্টিং টিম ০১টা, এন্টি ডিফেকমেন্ট টিম ০১টা, ২০টা মহিলা পুলিং ষ্টেচন, ০১টা মডেল পুলিং ষ্টেচন গঠন কৰি প্ৰথম, দ্বীতীয় আৰু তৃতীয় প্ৰিজাডিং অফিচাৰ প্ৰতিটোটে ২৭৮ জনকৈ সৰ্ব মুঠ ১১১২জন নিযুক্তি দিয়ে। ওদালগুৰি জিলা ৩৫ টা স্থানক জটিল স্থান আৰু কিছু স্থান যি স্থানত যোৱা লোকসভা নিৰ্বাচনত ৯৫% শতাংশ ভোট দান আৰু একক ভাবে ৭৫% শতাংশ ভোট দান হৈছে সেই সমুহত এইবাৰ বিশেষ নজৰ দিয়াৰ লগতে ভিডিঅ কেমেৰাৰ ব্যবস্থা কৰা হব উল্লেখ কৰে। এই নিৰ্বাচনত আশী বছৰৰ অধিক আৰু ৪০% শতাংশ শাৰিৰিক ভাবে সক্ষম লোকক ঘৰতে ভোট দান কৰাৰ ব্যবস্থা কৰিব। তাৰ ববে বিশেষ আবেদন প্ৰত্ৰ ০৫ মাৰ্চ তাৰিখে সংগ্ৰহ কৰি ০৭ মাৰ্চ তাৰিখে অঞ্চলৰ বি এল অ হাতত জমা দিয়াৰ ব্যবস্থা কৰে। ওদালগুৰি জিলাৰ ৬৪ পানেৰীত ১৪ খন স্থানত, ৬৯ ওদালগুৰিত ১৭ খন ৰাজহুৱা স্থানত আৰু ৭০ মাজবাটত ১৯ খন স্থানত সৰ্ব মুঠ ৫০ খন স্থানত নিৰ্বাচনী সভা অনুমতি প্ৰদান কৰে যদিওঁ সভাৰ উদ্যোগতা সকলে সভাৰ সময়ৰ ৪৮ ঘন্টা আগতীয়াকৈ বিভাগীয় কৃতপক্ষৰ পৰা অনুমতি লব লাগিব লগতে সভাত সভাৰ স্থানত উল্লেখ থকাৰ দৰে ১০০০ (এক হাজাৰ) আৰু ১৫০০ (পোন্ধৰ শৰ) অধিক হব নোৱাৰিব । নিৰ্বাচনত এজন প্ৰাৰ্থীয়ে নমিনিকেচন গ্ৰহণ কৰাৰ পিছৰে পৰা ৩০.৮ লক্ষ্য টকা খৰচ কৰাৰ লক্ষ্য বান্ধি দিয়ে। ৫ মাৰ্চ তাৰিখে নটিফিকেচন জাৰি কৰিব, নমিনিকেচন প্ৰদান কৰা শেষ সীমা ১২ মাৰ্চ তাৰিখ, ১৫ মাৰ্চ তাৰিখে স্কুটিনিং আৰু ১৭ মাৰ্চ তাৰিখে নমিনিকেচন প্ৰত্যাহাৰ কৰা ০১ এপ্ৰিলত ভোট দান, ০২ মে তাৰিখে ভোট গনণা আৰু ০৫ মে শেষ হব।
ৰঙিয়াৰ আদৰ্শ পিতাম্বৰ হাটবজালী গাঁওৰ উন্নয়নৰ ফোপোলা স্বৰূপ
কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত আদৰ্শ পিতাম্বৰ হাটবজালী গাঁওৰ উন্নয়নৰ নামত ব্যপক খেলিমেলি সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে । গাঁওখনৰ বেছিভাগ লোকেই বঞ্চিত হৈছে চৰকাৰী বিভিন্ন আচঁনিৰ পৰা । চৰকাৰে গাঁওখন আদৰ্শ গাঁও হিচাবে ঘোষণা কৰিছিল ঠিকেই, কিন্তু উন্নয়নৰ নামত মাথো ভেকোভাঁওনাহে পৰিলক্ষিত হৈছে । স্বচ্ছ ভাৰত অভিযানৰ অধীনত হিতাধিকাৰী সকলৰ নামত অহা প্ৰায়ভাগ শৌচাগাৰ নিৰ্মাণত ব্যাপক দূৰ্নীতিৰ আশ্ৰয় লৈ ঠিকাদাৰে অৰ্ধনিৰ্মাণ অৱস্থাত এৰি থৈ যায় । আজি দুই তিনি বছৰ পূৰ্বেই স্বচ্ছ গাঁওখনত উক্ত শৌচাগাৰসমূহ নিৰ্মান কৰিছিল যদিও আজি পৰ্য্যন্ত শৌচাগাৰৰ টেংকী সমুহ বনাই নিদিলে ঠিকাদাৰে । জানিবলৈ দিয়া মতে স্থানীয় ঠিকাদাৰ দুগৰাকীয়ে শৌচাগাৰ সমুহ অৰ্ধ নিৰ্মাণ কৰিয়েই সৰকাইছে বৃহৎ পৰিমাণৰ ধনৰাশি। এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পিছতো আজিকোপটি শৌচাগাৰৰ টেংকীসমূহৰ নিৰ্মাণ সম্পূৰ্ণ নহʼল।
এতিয়া প্ৰশ্ন হয়, যি সময়ত চৰকাৰে উন্নয়নৰ নামত ঢাক-ঢোল বজাই ৰাইজৰ মাজত প্ৰচাৰ চলাই আছে। তেনে সময়তে প্ৰাপ্য হিতাধিকাৰী সকলক এচাম ঠিকাদাৰ ৰূপী মধ্যভোগীয়ে প্ৰৱঞ্চনা কৰি থকাটো এক লক্ষণীয় বিষয় ।
মাজুলী সমষ্টি (এছ টি) ত সূচাৰুৰূপে নিৰ্বাচন অনুষ্ঠিত কৰাত জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্ব : সংবাদমেল সম্বোধন জিলা নিৰ্বাচন বিষয়াৰ
৯৯ নং মাজুলী বিধান সভা সমষ্টি (এছ টি) ত অহা ২৭ মাৰ্চত হ’বলগীয়া নিৰ্বাচন শান্তিপূৰ্ণ আৰু সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ৷ আজি বিয়লি এক সংবাদমেলত এইদৰে মন্তব্য কৰে জিলা নিৰ্বাচন বিষয়া তথা উপায়ুক্ত বিক্ৰম কৈৰীয়ে ৷ সংবাদমেলত জিলা নিৰ্বাচন বিষয়া গৰাকীয়ে ভাৰতৰ নিৰ্বাচন আয়োগে পোষ্টেল বেলটৰ জড়িয়তে কৰিব পৰা ভোটদান সন্দৰ্ভত ব্যক্ত কৰি মাজুলী সমষ্টিত পোষ্টেল বেলটৰ জৰিয়তে ভোটদান কৰিব পৰা ভোটাৰ ২২৩৩ গৰাকী আছে বুলি উল্লেখ কৰি ৩৮৪ গৰাকী চাৰ্ভিছ ভোটাৰ , দিব্যাংগ ভোটাৰ ১৩৪৫ গৰাকী আৰু ৮০ বছৰ উৰ্দ্ধৰ ভোটাৰৰ বাবে বি এল অ’ ৰ যোগে বেলট পেপাৰ বিতৰণ কৰাৰ কথা ব্যক্ত কৰে ৷ ইয়াৰে ১১২ গৰাকীয়ে পোষ্টেল বেলটৰ জৰিয়তে ভোট দিব বুলিও জানিবলৈ দিয়ে ৷ এনে ভোটাৰৰ বাবে দুগৰাকী পুলিং বিষয়া , এগৰাকী ভিডিঅ’ গ্ৰাফাৰ আৰু এগৰাকী সুৰক্ষা কৰ্মীৰ ব্যৱস্থা কৰাৰ কথা অৱগত কৰে ৷ জিলাখনৰ নিৰ্বাচনৰ বাবে নিয়োজিত প্ৰিজাইডিং আৰু পুলিং বিষয়া সকলৰ প্ৰশিক্ষণ অহা ৬ মাৰ্চৰ পৰা আৰম্ভ হ’ব ৷ সমষ্টিটোত সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত ১৫ টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপনৰ কথা অৱগত কৰে ৷ জিলা নিৰ্বাচন বিষয়াৰ তথ্য অনুসৰি আগন্তুক বিধানসভা নিৰ্বাচন ক’ভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনা মানি সম্পন্ন কৰা হ’ব ৷ ইতিমধ্যে সুকলমে নিৰ্বাচন পৰিচালনা কৰাৰ বাবে বিভাগীয় ভাৱে সকলো ক্ষেত্ৰত বিষয়া নিয়োগ কৰা হৈছে ৷ চৰ-চাপৰিত থকা ২১ টা ভোট গ্ৰহণ কেন্দ্ৰত যাতে ভোট গ্ৰহণ কাৰী দল কোনো ক্ষেত্ৰতেই সমষ্যাৰ সন্মুখীন নহয় তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা আৰু এইবাৰ যিহেতু ভোট গ্ৰহণ বিয়লি ৫ বজালৈ অনুষ্ঠিত হ’ব সেয়ে দূৰ্গম ভোট গ্ৰহণ কেন্দ্ৰ সমূহত পোহৰৰ ব্যৱস্থা কৰাৰ কথাও জানিবলৈ দিয়ে ৷ সমষ্টিটোত শান্তিপূৰ্ণ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাত মাজুলীবাসীৰ পূৰ্ণ সহযোগিতা কামনা কৰাৰ লগতে সকলোকে নিৰ্ভয়ে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সকলো শ্ৰেণীৰ ৰাইজক আহবান জনায় ৷ আজিৰ সংবাদমেলত অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱা ( নিৰ্বাচন ) , সহকাৰী আয়ুক্ত ৰাকেশ ছেত্ৰী , জিলা তথ্য আৰু জনসংযোগ বিষয়া তাপস কুমাৰ বৰা উপস্থিত থাকে ৷










