চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰৰ ঘাইপথ নিৰ্মাণৰ নামত জামুগুৰিহাটত ছিমপ্লেক্স নামৰ বহি:ৰাজ্যৰ কোম্পানীটোয়ে চলাইছে অনিয়ম দুৰ্নীতি।জামুগুৰিহাটৰ চকীঘাটৰ পৰা জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগ হোৱালৈ প্ৰায় ৫কিলোমিটাৰ দৈঘ্যৰ পথটোৱা নিৰ্মাণৰ ক্ষেত্ৰত বালি মাটি ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। চৰকাৰী নিয়ম অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্বাচনৰ ক্ষেত্ৰত কাঠমাটি বা পাহাৰীয়া মাটি ব্যৱহাৰ কৰিব লাগে যদিও ছিমপ্লেক্স কোম্পানীটোৱে পথ নিৰ্মাণৰ বেলিকা জীয়া ভৰলীৰ বালি মাটি ব্যৱহাৰ কৰিছে।পূৰ্বৰ পৰাই স্থানীয় ৰাইজে এই ক্ষেত্ৰত অভিযোগ কৰি আহিছে যদিও ৰাইজৰ কথাক কোনো ধৰণৰ গুৰুত্বই নিদি বহি:ৰাজ্যৰ কোম্পানীটোৱে এইদৰেই বালিমাটি পথ নিৰ্মাণত ব্যৱহাৰ কৰি আহিছে। ইফালে জীয়া ভৰলী নদী খান্দি চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰৰ ঘাইপথ নিৰ্মাণ কৰাক লৈ স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
পূব মাজুলীৰ বনগাওঁ চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ড
দ্বীপ জিলা মাজুলীৰ বনগাঁও চাৰিআলিস্হিত ঔষধৰ দোকান , হোটেলকে আদি কৰি কেইবাখনো দোকানত আজি ভয়ংকৰ এক অগ্নিকাণ্ড সংঘটিত হয় ।এই ভয়ংকৰ অগ্নিকাণ্ডত বহু লক্ষধিক টকাৰ সা-সম্পত্তি জাহ গৈছে বুলি জানিৱ পৰা গৈছে । অৱশ্যে কিছু পলমকৈ হ’লেও অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজৰ তৎপৰাতাত জুই নিৰ্বাপন হয়। বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্হানীয় ৰাইজে ।
নগাঁৱত সংখ্যালঘু মহিলাৰ নেতৃত্ব উন্নয়নৰ প্ৰশিক্ষণ শিবিৰ
কেন্দ্ৰীয় চৰকাৰৰ সংখ্যালঘু উন্নয়ন পৰিক্ৰমা মন্ত্ৰালয়ৰ অৰ্থ সাহায্যত আৰু গ্ৰাম বিকাশ পৰিষদৰ উদ্যোগত নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ সংখ্যালঘু মহিলাৰ নেতৃত্ব উন্নয়নৰ ছয় দিনীয়া প্ৰশিক্ষণ শিবৰৰ আয়োজন কৰিছে। তাৰে প্ৰথমখন শিৱিৰ যোৱা ২ মাৰ্চত বটদ্ৰবাৰ ধনীয়াভেটিত অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত নগাঁও জিলা সমাজ কল্যাণ বিষয়াৰ লগতে স্থানীয় পঞ্চায়ত প্ৰতিনিধি, বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠানৰ বিষয়ববীয়াসকল উপস্থিত থাকে। প্ৰশিক্ষণ শিৱিৰত উপস্থিত বিশিষ্ট ব্যক্তি সকলে কয় যে – মহিলাসকল যেতিয়া শিক্ষিত হয় তেতিয়া সকলো সমস্যা সমূহ দূৰ হয়। মহিলাসকল অৰ্থনৈতিক আৰু সামাজিক ভাবে অৱহেলিত হলে এখন সমাজ উন্নয়ন নহয় বুলি তেওঁলোকে মন্তব্য কৰে। সভাত গ্ৰাম বিকাশ পৰিষদৰ মূখ্য উপদেষ্টা চিৰাজ উদ্দিন আহমেদে বৰ্তমান পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি কভিড-১৯ত লবলগীয়া সজাগতা, প্ৰতিৰোধ আৰু প্ৰতিকাৰৰ সম্পৰ্কে পুংখানুপুংখ ভাবে আলোচনা দাঙি ধৰে।উল্লেখ্য , যোৱা ২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা শিবিৰ মুঠ ৭ টা স্থানত অনুষ্ঠিত হ’ব। প্ৰশিক্ষণ শিৱিৰৰ স্থান কেইটা ক্ৰমে- ধনীয়াভেটি, চিলঙনি কটনিগাওঁ(পানীখাইটি), ডাকৰঘাট, পানীগাওঁ, জাজৰি আৰু মৰিকলং।
প্ৰাপ্য বিছাৰি টীয়কত উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত নিৰ্বাচিত পঞ্চায়ত সদস্যৰ প্ৰতিবাদ
সুষ্ট পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰবৰ্তনৰ বাবে নিৰ্বাচিত পঞ্চায়ত জনপ্ৰতিনিধি সকলক বিশেষকৈ বাৰ্ড সদস্য সদস্যা সকলক প্ৰাপ্য মজুৰী প্ৰদান, পেঞ্চনৰ ব্যৱস্থা গ্ৰহন, বিভিন্ন চৰকাৰী আঁচনিত হিতাধীকাৰি হিচাপে অন্তৰ্ভুক্তিৰ ব্যৱস্থা কৰা, দৰমহা আয়োগ গঠন কৰি দৰমহা ২০,০০০ (বিশ হাজাৰ) কৰা আদি বিভিন্ন দাৱী লৈ আজি টীয়কৰ কলিয়াপানী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মূখত এক প্ৰতিবাদ সব্যস্ত কৰে পঞ্চায়তৰ বাৰ্ড সদস্য সদস্যা সকলে আৰু খণ্ড উন্নয়ন বিষয়াৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰে সোনকালে চৰকাৰক বঞ্চিত বেটন দিবলৈ আহ্বান জনায় ।
আৰ্কষণীয় হব মাহমৰা সমষ্টিৰ নিৰ্বাচনী যুজঁ : চিপৰাং মৰা ৰাজনীতিত লাভাম্বাবিত হব নেকি বিজেপি ?
আৰ্কষণীয় হব চৰাইদেউ জিলাৰ ১০৫ নং মাহমৰা বিধান সভা সমষ্টিৰ নিৰ্বাচনী যুজঁ।মুলত সমষ্টিটোত এইবাৰ শাসকীয় বিজেপি দলৰ সমান্তৰাল ভাবে কংগ্ৰেছ আৰু ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰ দলৰ মাজতে যুজঁ অব্যাহত থাকিব।উল্লেখযোগ্য যে সমষ্টিটোৰ ১৩৬০৬৯ জন ভোটাৰে নিৰ্ণয় কৰিব ৰাজনৈতিক নেতাৰ ভাগ্য।আমাৰ হাতত পৰা তথ্য অনুসৰি সমষ্টিটোৰ পৰা ৰাইজৰ দলৰ হৈ টাই আহোম যুৱ পৰিষদৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি লোহিত গগৈয়ে প্ৰাৰ্থীত্ব দাবী কৰাৰ সমান্তৰালভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা সদ্য পদত্যাগ কৰা কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি মাণিক গগৈও টিকট দাবীদাৰ ৰূপে আত্মপ্ৰকাশ কৰাত সম্প্ৰতি একমাত্ৰ বিজেপিক উৎখাট কৰাৰ লক্ষ্যৰে মিত্ৰতা স্হাপন কৰা ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে কোন জন নেতাক টিকট প্ৰদান কৰিব তাক লৈ দুয়োটা দল একপ্ৰকাৰ বিপাঙত পৰাৰ পৰিলক্ষিত হৈছে।লোহিত গগৈৰ অনুগতই ৰাইজৰ দলৰ পৰা লোহিত গগৈক টিকট প্ৰদান কৰিব লাগে বুলি সাজোৰে দাবী উত্থাপন কৰাৰ বিপৰীতে ৰাজনৈতিক ভবিষ্যত সুৰক্ষিত কৰি আছু ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰা প্ৰাক্তন আছু নেতা মাণিক গগৈৰ সমৰ্থকে আওপকীয়াকৈ উত্থাপন কৰিছে গগৈক টিকট দিয়াৰ।ফলশ্ৰুতিত চৰাইদেউ জিলাৰ মাহমৰাত দুয়োটা মিত্ৰ দলত আৰম্ভ হৈছে টিকট লাভ কৰাৰ ক্ষেত্ৰত এক শীতল যুদ্ধ।ইফালে ৰাইজৰ দলৰ পৰা টিকট লাভ কৰাৰ দাবীৰে ৰাইজৰ দলৰ সম্পাদক তথা প্ৰাক্তন টাইপা নেতা লোহিত গগৈয়ে গুৱাহাটীত বাহৰ পতা বিপৰীতে প্ৰাক্তন আছু নেতা মাণিক গগৈয়ে মাহমৰাতে বাহৰ পাতি নিজৰ ৰাজনৈতিক প্ৰচাৰ অব্যাহত ৰাখিছে।সমগ্ৰ বিষয়টোলৈ লক্ষ্য কৰিলে যিটো দলৰ নেতাকে টিকট নিদিয়ক কিয় চিপৰাং মৰা ৰাজনীয়ে বিধ্বস্ত কৰিব নেকি বিজেপিক উৎখাট কৰাৰ লক্ষ্যৰে মিত্ৰতা কৰা ৰাইজৰ দল কিম্বা অসম জাতীয় পৰিষদক।এই লৈ মাহমৰাৰ সচেতন ৰাইজৰ মাজত সৰৱ চৰ্চা।দুয়ো মিত্ৰ দলৰ এই শীতল যুজেঁ সূযোগ দিব নেকি বিজেপি বা কংগ্ৰেছৰ প্ৰাৰ্থীক?তাক লৈও আৰম্ভ হৈছে নিৰ্বাচনী সমীকৰণ।প্ৰাসংগিক ভাবে উল্লেখযোগ্য যে বিগত ২০১৬ বৰ্ষৰ নিৰ্বাচনত বিজেপিৰ যোগেন মহনে ৪৯০৩৬টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ সুৰুজ দিহিঙীয়াই ৩৪৭১১ টা ভোট লাভ কৰি ১৪৩২৫ টা ভোটত পৰাজয় বৰণ কৰিছিল।এইবাৰ পূৰ্বৰ তুলনাত মাহমৰা বিধান সভা সমষ্টিৰ উন্নয়নৰ দিশলৈ ধাৱবান হোৱালৈ লক্ষ্য কৰিলে সমষ্টিটোত মিত্ৰ দলৰ সামান্য ভুলেই শাসকীয় বিজেপি দলৰ প্ৰাৰ্থীজনকে লাভবান কৰিব।
অসম চাহ মজদুৰ সংঘৰ বাগিচাই বাগিচাই ধৰ্ণা কাৰ্যসূচী আৰু স্মাৰক পত্ৰ প্ৰদান
শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত বিভিন্ন চাহ বাগিচাত আজি অসম চাহ মজদুৰ সংঘই শ্ৰমিক ৰাইজে পাবলগীয়া বকেয়া ধন(বাড়তি) টকাৰ দাবীত ১ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰি চাহ বাগিচা সমুহৰ পৰিচালক সকলক স্মাৰক পত্ৰ দাখিল কৰে।উল্লেখ্য যে চাহ বাগিছাত কৰ্মৰত শ্ৰমিক ৰাইজৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবী বিভিন্ন দল সংগঠনৰ আছিল তাৰ ভিতৰত অন্যতম অসম চাহ মজদূৰ সংঘ, আটছা, আৰু আছা আদি। অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাৰ ভাৰপাপ্ত সম্পাদক সুনিল টুটীৰ নেতৃত্বত অঞ্চলটোৰ সমুহ বাগিচা পূৱা ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত হয় আৰু স্মাৰক পত্ৰ প্ৰদান কৰা হয়।চৰকাৰে কেৱল ভোটৰ অংকৰ বাবে বাগিছা কৰ্মৰত খাটি খোৱা শ্ৰমিক ৰাইজৰ দৈনিক মজুৰি অত দিনে ৰখাই সাধাৰণ নিৰ্বাচনৰ ঠিক আগমূহুৰ্তত দৈনিক মজুৰি অন্তৱৰ্তিকালীন সাহাৰ্য্য হিচাপে ঘোষণা কৰা কাৰ্য্যক অসম চাহ মজদুৰ সংঘৰ তেজপুৰ শাখাৰ ভাৰপাপ্ত সম্পাদক সুনিল টুটীয়ে নিৰ্বাচনী চমক বুলি উল্লেখ কৰে।উল্লেখ্যযে শ্ৰমিক ৰাইজ পাবলগীয়া বকেয়া ধন (বাড়তি) টকাৰ বাবে অসম চাহ মজদূৰ সংঘই যোৱা ২০১৮ বৰ্ষৰ মাৰ্চ মাহৰ পৰা দিব লাগে বুলি অসম চাহ মজদুৰ সংঘই প্ৰতিবাদ কৰি আহিছে।চৰকাৰে ঘোষণা কৰা দৈনিক মজুৰি আচলতে মজুৰি বৃদ্ধিৰ চুক্তি নহয় এইটো অন্তৱৰ্তিকালীন সাহায্য হে যিটো ইয়াৰ আগতেও ২০১৮ বৰ্ষত ঘোষণা কৰি দুমাহৰ বকেয়া ধন শ্ৰমিক ৰাইজক দিয়া হোৱা নাছিল,কিন্তু পুনৰ অন্তৱৰ্তিকালীন সাহায্য ঘোষণা কৰি শ্ৰমিক ৰাইজক চৰকাৰে প্ৰতাৰণা কৰিলে, কাৰন চৰকাৰে পূৰ্বে ৩৫১.৩৩ টকা দৈনিক মজুৰি হব বুলি ঘোষণা কৰিছিল। কিন্তু আজি বিজেপি নেত্ৰাধীন চৰকাৰৰ পাঁচ বছৰ কাল শেষ হোৱাৰ অন্তত দৈনিক মজুৰি বৃদ্ধিৰ চুক্তি কৰিব নোৱাৰি পুনৰ অন্তৱৰ্তিকালীন সাহায্য ঘোষণা কৰাটো দুৰ্ভাগ্যজনক বিষয় বুলি সংঘৰ বিষয়াই উল্লেখ কৰে। যোৱা তিনিটা বছৰ মজুৰি বৃদ্ধি নকৰাৰ ফলত শ্ৰমিক ৰাইজৰ দৈনিক পি. এফ. গ্ৰেছ্যুইটি, বনাচ, ছুটি হাজিৰা টকা আদি লোকচান হৈছে তাৰোপৰি যি সকল ইতিমধ্যে পাৰমানেন্ট কামৰ পৰা অব্যাহতি গ্ৰহন কৰিলে তেখেতসকলৰ পি. এফ টকাৰ লগতে গ্ৰেছ্যুইটি টকাৰো লোকচান হৈছে বুলি সুনিল টুটীয়ে কয়।উল্লেখ্য যে চাহ বাগিচাৰ শ্ৰমিক সকলৰ দৈনিক মজুৰি ০১/০১/২০১৮ তাৰিখৰ পৰা প্ৰযোজ্য হোৱাকৈ ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবীত সংঘৰ উদ্যোগত ধাৰাবাহিক ভাৱে ৰূপায়ণ কৰা গণতান্ত্ৰিক আন্দোলনৰ ফলস্বৰুপে চৰকাৰৰ জাননী নং জি.এল.আৰ (আৰ.চি)১৭৮/২০১৪/পিটি/৪০৬ তাং ২৩/০২/২০২১ মৰ্মে চাহ বাগিচাৰ শ্ৰমিক সকলৰ দৈনিক মজুৰি অন্তৱৰ্তীকালীন ভাৱে ৫০ টকা বৃদ্ধি কৰি ২২/০২/২০২১ তাৰিখত চৰকাৰে যি নিৰ্দেশনা জাৰি কৰিছে সেই নিৰ্দেশনা তৎকালে বলবৎ কৰিবলৈ বাগিচা কতৃপক্ষক স্মাৰক পত্ৰ প্ৰদান কৰা হয় বুলি অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাৰ গাণণিক গজেন শইকীয়াই সংবাদ মাধ্যমক কয়।অসম চাহ মজদূৰ সংঘই উক্ত অন্তৱৰ্তিকালীন সাহাৰ্য্য প্ৰতিবাদকল্পে গ্ৰহণ কৰিবলৈ সমূহ শ্ৰমিক ৰাইজক আহ্বান জনায়। কিন্তু চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি বৃদ্ধি ৩৫১.৩৩ টকাৰ দাবীৰ বাবে আন্দোলন কাৰ্যসূচী অব্যাহত থাকিব বুলি সংঘৰ বিষয়া সকলে সংবাদ মাধ্যমক অৱগত কৰে।
বিজেপিৰ হাতৰ পৰা সমষ্টি কাঢ়িবলৈ সাজু কংগ্ৰেছ : বাসুদেৱ ছেত্ৰীক প্ৰক্ষেপেৰ মাৰ্ঘেৰিটা পুনৰ উদ্ধাৰৰ চেষ্ঠা কংগ্ৰেছৰ
একালত কংগ্ৰেছৰ দুৰ্গ, বৰ্তমানে বিজেপিৰ দখলত থকা ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টি পুনৰ উদ্ধাৰৰ বাবে ককালত টঙালি বান্ধিছে কংগ্ৰেছে৷ একালৰ শক্তিমন্ত্ৰী প্ৰদ্যুত বৰদলৈয়ে ১৫ টাকৈ বছৰে শাসন কৰা সমষ্টিটোত দলীয় বিসম্বাদ আৰু দেশজুৰি সৃষ্টি হোৱা নৰেন্দ্ৰ মোডীৰ ঢৌৰ পৰিপ্ৰেক্ষিতত বিগত ২০১৬ চনৰ নিৰ্বাচনত সমষ্টিটোত বিজেপিৰ ভাস্কৰ শৰ্মাই জয়লাভ কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ পিছতে পৰবৰ্তী সময়ত প্ৰদ্যুত বৰদলৈ সমষ্টি এৰি নগাৱলৈ গৈ সাংসদৰূপে নিৰ্বাচিত হোৱাৰ পিছতে সমষ্টিটোত কংগ্ৰেছৰ অস্তিত্ব প্ৰায় শূণ্য হৈ পৰিছিল৷ আৱশ্যে নিষ্ঠাবান কংগ্ৰেছী নেতা বাসুদেৱ ছেত্ৰী, মনোৰঞ্জন বৰগোহাইৰ নেতৃত্বত কংগ্ৰেছ দলটো পুনৰোদ্ধাৰৰ বাবে প্ৰচেষ্ঠা অব্যাহত ৰাখিছে৷ আগন্তুক নিৰ্বাচনৰ বাবে সমষ্টিটোত তিনিজনকৈ প্ৰাৰ্থিত্ব প্ৰত্যাক্ষী ক্ৰমে মনোৰঞ্জন বৰগোহাই, বাসুদেৱ ছেত্ৰী আৰু ৰুবুল গগৈৰ ভিতৰত বাসুদেৱ ছেত্ৰীৰে প্ৰাৰ্থিত্ব লাভৰ সম্ভাৱনা অধিক৷ কিয়নো বিজেপিৰ দুই প্ৰাৰ্থিত্ব প্ৰত্যাক্ষী ক্ৰমে বিধায়ক ভাস্কৰ শৰ্মা কিম্বা লক্ষ্য কোঁৱৰৰ সতে প্ৰতিদ্ধণ্ডিতা কৰিবলৈ হলে কংগ্ৰেছৰ বাসুদেৱ ছেত্ৰীৰ বিকল্প নাই৷ কিয়নো বিজেপিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ সতে যদিহে বাসুদেৱ ছেত্ৰীৰ প্ৰতিদ্বণ্ডিতা হয় সমষ্টোটোৰ তেনেহলে মুঠ ভোটৰ পোলিং হব ৮০.৭০ শতাংশ৷ ভাস্কৰ শৰ্মাই ৩২.৭০ শতাশ ভোট লাভৰ বিপৰীতে বাসু ছেত্ৰীয়ে ২৬.১৫ শতাংশ ভোট লাভ কৰাৰ সম্ভাৱনা আছে৷ এক ক্ষেত্ৰভিত্তীক সমীকৰনত ভাস্কৰ শৰ্মা প্ৰায় ১২ হেজাৰ ভোটত আগবাঢ়ি আছে যদিও বাসুদেৱ ছেত্ৰীয়ে ভাষিক অসমীয়া, বেংগলী আৰু হিন্দীভাষী ভোট কিছু বঢ়াব পাৰিলে জয়লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ কিয়নো ভাস্কৰ শৰ্মা আৰু বাসুদেৱ ছেত্ৰী দুয়োজনেই গোৰ্খা জনগোষ্ঠীৰ হোৱাৰ বাবে ২৮ হেজাৰ গোৰ্খা জনগোষ্ঠীৰ ভিতৰত দুয়োজনেই সমানেই ভোট লাভ কৰাৰ অৱকাশ আছে৷ তাৰোপৰি সমষ্টিটোৰ প্ৰায় ১০ হেজাৰ সংখ্যালঘু ভোটৰ লগতে ৫০ হেজাৰ আদিবাসী ভোটৰ সিংহভাগেই কংগ্ৰেছে লাভ কৰাৰ সম্ভাৱনা আছে৷ সেইদৰে যদিহে বিজেপিৰ লক্ষ্য কোঁৱৰৰ সতে বাসুদেৱ ছেত্ৰীৰ প্ৰতিদ্বণ্ডিতা হয় তেনেহলে মুঠ ৭৮.৪৬ শতাংশ পুলিং হোৱাৰ সম্ভাৱনা আছে৷ বাসু ছেত্ৰীয়ে ৩৫.২৩ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ লক্ষ্য কোঁৱৰে ৩২.৯৩ শতাংশ ভোট লাভ কৰাৰ সম্ভাৱনা আছে৷ তীব্ৰ প্ৰতিদ্ধণ্ডিতামূলক যুজত বাসুদেৱ ছেত্ৰীয়ে ৫ হেজাৰ ভোটৰ ব্যৱধানত জয়ী হোৱাৰ সম্ভাৱনা আছে৷ লক্ষ্য কোঁৱৰ আৰু বাসুদেৱ ছেত্ৰীৰ যদিহে প্ৰতিদ্বণ্ডিতা হয় তেনেহলে ২৮ হেজাৰ গোৰ্খা ভোটৰ সমস্ত বাসুদেৱ ছেত্ৰীয়ে লাভ কৰিব৷ কিয়নো বিধায়ক ভাস্কৰ শৰ্মাই ৰাজহুৱা সভাত উগ্ৰ সাম্প্ৰদায়িক ভাষন দিয়াক কেন্দ্ৰ কৰি সমষ্টিটোত অসমীয়া আৰু গোৰ্খা সম্প্ৰদায়ৰ মাজত এক সংঘাতপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ ইয়াৰ প্ৰভাৱ পোনপটীয়াকৈ আগন্তুক নিৰ্বাচনত পৰাৰ সম্ভাৱনা আছে৷ বাসুদেৱ ছেত্ৰীৰ পৰিবৰ্তে যদি কংগ্ৰেছে মনোৰঞ্জন বৰগোহাই কিম্বা ৰুবুল গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰে তেনেহলে মুখ ঠেকেচা খোৱাতো নিশ্চিত৷ কিয়নো ভাস্কৰ শৰ্মা আৰু কংগ্ৰেছৰ মনোৰঞ্জন বৰগোহাঁইৰ মাজত প্ৰতিদ্বন্দিতা হলে ভোটৰ পোলিং হ’বগৈ পাৰে ৮৩.৩৭ শতাংশ। বিধায়ক ভাস্কৰ শৰ্মাই লাভ কৰিব পাৰে ৩৯.০৪ শতাংশ আৰু মনোৰঞ্জন বৰগোহাঁইয়ে লাভ কৰিব পাৰে ৩১.৫০ শতাংশ ভোট। প্ৰায় চৈধ্য হেজাৰ ভোটৰ ব্যৱধানত বিধায়ক ভাস্কৰ শৰ্মা জয়ী হোৱাটো খাটাং। সেই একে ধৰণে বিজেপিৰ প্ৰাৰ্থী লক্ষ্য কোঁৱৰ আৰু কংগ্ৰেছৰ প্ৰাৰ্থী মনোৰঞ্জন বৰগোহাঁইৰ মাজত যদি প্ৰতিদ্বন্দিতা হয় তেন্তে ভোট পোলিং হোৱাৰ সম্ভাৱনা আছে ৭৭.৩৯ শতাংশ৷ লক্ষ্য কোঁৱৰে ৩৪.৫৩ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে মনোৰঞ্জন বৰগোহাঁইয়ে ৩১.৫০ শতাংশ ভোট লাভৰ সম্ভাৱনা আছে৷ প্ৰায় ৬ হেজাৰ ভোটৰ ব্যৱধানত লক্ষ্য কোঁৱৰ জয়ী হোৱাৰ সম্ভাৱনা আছে। সমষ্টিটোত জনগাঠনিৰ বিন্যাস, সাম্প্ৰতিক পৰিস্থিতিৰ পৰ্যবেক্ষন আৰু বিজেপি বিৰুধী ঢৌৰ ওপৰিও বহুকেইটা দিশ সাঙুৰি ক্ষেত্ৰ অধ্যয়নৰ অন্তত এই বিশ্লেষন দাঙি ধৰা হৈছে৷ কংগ্ৰেছ দলেও সমষ্টিটো পুনৰ উদ্ধাৰৰ বাবে সমস্ত পৰিক্ষা নিৰিক্ষাৰ অন্তত বাসুদেৱ ছেত্ৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷
বাঘৰ আক্রমনত তিনিটা গৰু নিধন ৰাইজৰ ক্ষোভ
আজি বিহালী সমষ্টিৰ অন্তর্গত কাজিৰঙা ষষ্ঠ-সংযোজনাৰ পৰা উলাই অহা বাঘে ৰাংছালী গাৱঁৰ তলতে থকা চাপৰিত চৰি থকা তিনিটা গৰু আক্ৰমণ কৰি নিধন কৰে । বিহালী সমষ্টিত এনেদৰে বিভিন্ন সময়ত গৰু নিধন কৰি দুখীয়া লোকৰ অবাধ ক্ষতি সাধন কৰি আহিছে । উল্লখ্যযে ব্ৰহ্মপুত্ৰৰ গড়া খহনীয়াই গড়া খহাই সহাই ৰাংছালী গাৱঁৰ ঘৰৰ কাষলৈকে কাজিৰঙা ষষ্ঠ সংযোজনৰ অন্তভোক্ত হল যাৰ বাবে বাঘ -হাতীয়ে এই কাষৰীয়া অঞ্চলবাসীৰ বিভিন্ন পকাৰে ক্ষতি সাধন কৰি আহিছে কিন্ত ক্ষতি পুৰণ দিয়াত বিভাগীয় কৰ্তৃপক্ষই কৃপনিলী কৰি অহা দেখা গৈছে ।বিগত বৰ্ষত হাতীয়ে খেতিয়কৰ বিঘাই বিঘাই ধান খাই ক্ষতি সাধন কৰিলে খেতিয়কে আবেদন কৰি আজিও ফুটা কৰি এটাও নেপালে ।গতিকে আজি অতি দুখীয়া পৰিয়ালৰ যি তিনিটা গৰু নিধন কৰিলে অতি সোনকালে ক্ষতি পুৰণ দিবলৈ বিহালীৰ সচেতন মহলে দাবী জনাইছে । অন্যহাতে এই অঞ্চলত টাইগাৰ প্রজেক্ট থকাত মাজে মাজে বাঘ ওলাই আহি গাওঁ অঞ্চলত সন্ত্রাসৰ সৃষ্টি কৰি আহিছে । তদুপৰি দিনত বাঘে আৰু গৰু মৰা সম্ভবনা আছে বুলি স্হানীয় ৰাইজে অভিযোগ কৰিছে । যিহেতু ৰাংছালী আদৰ্শ গাৱঁৰ কাষতে টাইগাৰ প্ৰজেক্ট ঘোষণা কৰা হৈছে বন বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্রহন কৰা নাই বুলিও ৰাইজে অভিযোগ কৰিছে ।
শ্ৰী শ্ৰী সৌকাজান সত্ৰত চানেকি ৰাইজৰ বাবে উৰ্চগীত হ’ল গুৰু আসনত শোদিত বৃন্দাবনী বস্ত্ৰৰ কিয়দাংশৰ
নাজিৰাৰ আদ্য গজলা শ্ৰী শ্ৰী সৌকাজান সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমূল্য সৃষ্টি বৃন্দাবনী বস্ত্ৰক ডেকা সত্ৰীয়া অমৃত মহন্তৰ নেতৃত্বত চানেকি অনুসৰণ কৰি কাঠত খোদিত কৰি প্ৰস্ত্তত কৰাৰ কাম সম্পূৰ্ণ কৰি তুলিলে । সপ্তগ্ৰাম আধ্যাত্মিক আৰু সাংস্কৃতিক কলাক্ষেত্ৰ সমন্বয় সমিতি আৰু মঠীয়াছিগাবাসী ৰাইজৰ উদ্যোগত শিৱসাগৰ জিলাবাসী ৰাইজ আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত ৩ মাৰ্চত ৰাইজৰ বাবে মুকলি কৰে শ্ৰী শ্ৰী দক্ষিণ পাত সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ননী গোপাল দেৱগোশ্বামীয়ে ।

খোদিত চিত্ৰ সমূহ বৃন্দাবনী বস্ত্ৰৰ এটি অংশহে বুলি উল্লেখ কৰি ডেকা সত্ৰীয়া অমৃত মহন্তই মূল বৃন্দাবনী বস্ত্ৰভাগ প্ৰকৃততে বিদেশৰ যাদুঘৰতহে আৱদ্ধ হৈ থকাত অসমৰ মানুহে এই শিল্প কৰ্মৰ উমান পাব পৰাকৈ এখনি গুৰু আসন আৰু এখনি ফলকত উপস্থাপন কৰি তুলিছে । ৰাইজৰ মাজলৈ আগবঢ়াই দি সত্ৰাধিকাৰ শ্ৰী শ্ৰী ননী গোপাল দেৱগোশ্বামীয়ে গুৰুজনাৰ অমৰ সৃষ্টি মানৱ সমাজৰ বাবে এক আধ্যাত্মিক চেতনাবোদ্ধ পৰম ঈশ্বৰ কৃষ্ণ জাগ্ৰত ধাৰাই শুদ্ধিআত্মাৰ চিৰ শান্তি কঢ়িয়াই আনে বুলি মন্তব্য কৰে । কাৰ্য্যসূচীত পুৱা ৫ বজাত প্ৰাতঃ প্ৰসঙ্গ, ৬ বজাত বন্তি প্ৰজ্বলন কৰিব শ্ৰী শ্ৰী আদ্য গজলা সৌকাজান সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী গংগাধৰ মহন্তই । ধৰ্মধ্বজা উত্তোলণ কৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তই । অনুষ্ঠানত শ্ৰী শ্ৰী গজলা সত্ৰৰ সত্ৰাধিকাৰ , শ্ৰী শ্ৰী দিহিং ন – মাটি সত্ৰৰ সত্ৰাধিকাৰ আদিকে ধৰি বিভিন্ন প্ৰান্তৰ পৰা অহা সমবেত ভকত – বৈষ্ণৱৰ পদধূলাই নাজিৰা মঠিয়াছিগা “বৃন্দাবনী ক্ষেত্ৰ” দ্বিতীয় বৈকুণ্ঠত পৰিণত কৰে ।
বাক্সাত বিশ্ব শ্ৰৱণ দিৱস পালন
আজি ৩ মাৰ্চ তাৰিখে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাতো বিশ্ব শ্ৰৱণ দিৱস পালন কৰ হয় ৷ বাক্সা জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত জিলাখনৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সুৱনখাটাত বিশ্ব শ্ৰৱণ দিৱস পালন কৰা হয় ৷ দিৱস উপলক্ষে সুৱনখাটা ৰাজ্যিক চিকিৎসালয়ত অনুষ্ঠিত এক চিকিৎসা শিবিৰ মুকলি কৰা হয় ৷ চিকিৎসা শিবিৰটো মুকলি কৰে জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মবিদুৰ ৰহমানে ৷ উক্ত চিকিৎসা শিবিৰত অঞ্চলটোৰ প্ৰায় ৮০ গৰাকী ব্যক্তিক চিকিৎসা প্ৰদান কৰা হয় ৷ আনহাতে শ্ৰৱণ শক্তি হ্ৰাস পোৱা ১৪ গৰাকী লোকৰ মাজত বিনামূলীয়াকৈ শ্ৰৱণ মেচিন বিতৰণ কৰা হয় ৷ আজিৰ এই চিকিৎসা শিবিৰত জিলা এনপিপিচিডি ৰাজামোহন দাস, ডাঃ ভূৱনেশ্বৰ স্বৰ্গীয়াৰী, ডিএমই প্ৰশান্ত কুমাৰ দত্তও উপস্থিত থাকে ৷











