ক্ৰমাৎ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত তীব্ৰতৰ হৈছে বাক্সা জিলাৰ ৬২ নং বৰমা বিধানসভা সমষ্টিতত ৷ সমষ্টিটোত কোনে পাব মিত্ৰজোঁটৰ প্ৰাৰ্থিত্ব ৷ ইয়াকে লৈ সৃষ্টি হৈছে সমষ্টিটোত তীব্ৰ উত্তেজনা ৷ মিত্ৰজোঁটৰ পৰা সাংসদ নৱ কুমাৰ শৰণীয়াই সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব পাব বুলি সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচতেই সমষ্টিটোৰ বিজেপি কৰ্মীসকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ অসন্তোষ ৷ মিত্ৰজোঁটৰ পৰা কোনো কাৰণতে সংসদ নৱ কুমাৰ শৰণীয়াৰ প্ৰাৰ্থিত্ব নামানে সমষ্টিটোৰ বিজেপি কৰ্মীসকলে ৷ এই লৈ কালি সন্ধিয়া বাক্সা জিলাৰ ৬২ নং বৰমা বিধানসভা সমষ্টিত বিজেপিৰ বাক্সা জিলা সমিতিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰি জিলাখনৰ অন্তৰ্গত বিধানসভা সমষ্টি তিনিটাত বিজেপিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ দাবী জনায় ৷ জিলা সমিতিৰ সভাপতি ৰাম দাহাল, ৰাজ্যিক সদস্য ৰমেশ চন্দ্ৰ দাস আৰু তৰুণ বসুমতাৰীয়ে সংবাদমেলত বিজেপিৰ বাহিৰে কোনো দলৰে প্ৰাৰ্থীক মানি নলয় বুলি জানিব দিয়ে ৷ বিশেষকৈ দলীয় কোনো আলোচনা নোহোৱাকৈ সাংসদ নৱ কুমাৰ শৰণীয়াৰ প্ৰাৰ্থিত্বত বৰমাত মানি নলয় বুলিও উল্লেখ কৰে ৷ ইফালে, সাংগঠনিক ভাৱে বৰমাত বিজেপি দলৰ স্থিতি শক্তিশালী হোৱাৰ পিচতো সাংসদ নৱ কুমাৰ শৰণীয়াক এৰি দিব বিচৰা কাৰ্যক বিজেপি কৰ্মীসকলে সহজ ভাৱে মানি নলয় বুলি জানিব দি পৰিৱেশ উত্তাল কৰি তোলে ৷ বিজেপি কৰ্মী সকলে নৱ কুমাৰ শৰণীয়া মুৰ্দাবাদ, বৰমাত পদুম ফুল লাগে, নৱ কুমাৰ শৰণীয়াৰ প্ৰাৰ্থীত্ব আমি মানি নলওঁ আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ উল্লেখ্য যে সমষ্টিটোৰ পৰা এইবাৰ প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়ো, জ্যেষ্ঠ নেতা কুমুদ দাস, ৰমেশ চন্দ্ৰ দাসকে ধৰি কেবাজনো বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দাবীদাৰ ৷
৬ মাৰ্চৰ পৰা দুদিনীয়াকৈ হাউলীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় অধিৱেশন আৰম্ভ
অসম জাতীয়তাবাদী যুৱ পৰিষদৰ দশম দ্বি-বাৰ্ষিক অধিৱেশন খন অহা ৬ আৰু ৭ মাৰ্চত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে বৰপেটা জিলাৰ হাউলী জুনিয়ৰ কলেজ প্ৰাংগনত অনুষ্ঠিত হব ৷ কাৰ্যসূচী অনুসৰি ৬ মাৰ্চ ৰাতিপুৱা ৯ বজাত পৰিষদৰ পতাকা উত্তোলন কৰিব অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি কনক হাজৰিকাই,ৰাতিপুৱা ৯-৩০ বজাত শ্বহীদ তৰ্পন, পুৱা ১০ বজাত গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ন কৰিব অসম বন আৰু পৰিৱেশ ব্ৰেণ্ড এম্বেচেদাদৰ আনন্দ খাটনিয়াৰে,পুৱা ১০-৩০ বজাত অধিৱেশনৰ মুখ্য তোৰণ মুকলি কৰিব মা-পৰাণ ফাউণ্ডেচনৰ সভাপতি ছিকান্দৰ আলী আহমেদে,ৰাতিপুৱা ১১ বজাত প্ৰতিনিধি শিৱিৰ মুকলি কৰিব পৰিষদৰ বৰপেটা জিলা সমিতিৰ উপদেষ্টা প্ৰসান্ত বায়নে,দিনৰ ১২ বজাত প্ৰতিনিধি পঞ্জয়ন,দিনৰ ২-৩০ বজাত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হব ৷ দ্বিতীয় দিন অৰ্থাৎ ৭ মাৰ্চ ৰাতিপুৱা ১০ বজাত সাংস্কৃতিক শোভাযাত্রা উদ্ধোধন কৰিব অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ডাঃ তাৰা প্ৰসাদ দাসে,আবেলি দিনৰ ২ বজাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি কনক হাজৰিকাৰ পৌৰোহিত্য স্মৃতিগ্ৰন্থ উন্মোচনী আৰু মুকলি সভা অনুষ্ঠিত হব ৷ সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব বৰপেটা সদৰ সমষ্টিৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসে,উক্ত সভাত অসমৰ জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন,অসম জাতীয়তাবাদী যুৱ পৰিষদৰ মুখ্য উপদেষ্টা প্ৰদীপ কুমাৰ ভূঞা, বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, ভুমি অধিকাৰ সংগ্ৰাম সমিতি অসমৰ মুখ্য উপদেষ্টা কাজী নেকিব আহমেদ,হাউলী বি.এইচ কলেজৰ অৱসপ্ৰাপ্ত অধ্যাপক মুনীন্দ্ৰ নাৰায়ণ গোস্বামী, হাউলী জুনিয়ৰ কলেজৰ অধ্যক্ষ অনিল কলিতা সহ ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য আগবঢ়াব ৷ অধিৱেশনৰ দুয়ো দিনৰ সকলো কাৰ্যসূচীতেই ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে অভ্যৰ্থনা সমিতিৰ সভাপতি ৰাজেন তালুকদাৰ আৰু সাধাৰণ সম্পাদক ৰূপম নাথে ৷
মাজুলী জিলাত ১৪৪ ধাৰা জাৰী
মাজুলী জিলাৰ জনসাধাৰণৰ মাজত শান্তি-শৃংখলা অটুট ৰখাৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী জিলাৰ জিলা দণ্ডাধীশ বিক্ৰম কৈৰীয়ে তৎকালীন ভাৱে বলবৎ হোৱাকৈ জিলাখনত ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত এক নিষেধাজ্ঞা জাৰী কৰিছে ৷ এই নিষেধাজ্ঞা অনুসৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ এশ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত কোনো ধৰণৰ ধৰ্ণা , অনাধিকাৰ প্ৰৱেশ কৰিব নোৱাৰিব ৷ ৰাজহুৱা স্থানত পাঁচ বা ততোধিক ব্যক্তি অনুমতি অবিহনে একত্ৰিত হ’ব নোৱাৰিব ৷ ৰাজহুৱা স্থানত শোভাযাত্ৰা , সভা , প্ৰতিবাদ , ধৰ্ণা বা সমদল বাহিৰ কৰিব নোৱাৰিব ৷ ৰাজহুৱা স্থানত অনুমতি অবিহনে জনসভা , শোভাযাত্ৰা , প্ৰদৰ্শনী আদি কৰিব নোৱাৰিব ৷ অকতৃত্বশীল ভাৱে অস্ত্ৰ , যাঠি-জোং , তৰোৱাল , বন্দুক আদি লৈ ফুৰিব নোৱাৰিব ৷ অকতৃত্বশীল ভাৱে ৰাজহুৱা স্থানত ধন সংগ্ৰহ কৰিব নোৱাৰিব ৷ অনুমতি অবিহনে অনুভাষ যন্ত্ৰ আৰু কোনো ব্যক্তি , কাৰ্যালয় বা গুদাম ঘেৰাও কৰিব নোৱাৰিব ৷ কোনো কাৰ্যালয় , দেৱাল , পথত পষ্টাৰ বা লিখিব নোৱাৰিব ৷ সন্ধিয়া পাঁচ বজাৰ পৰা পূৱা ৭ বজাৰ ভিতৰত ফেৰী আদি চলাব নোৱাৰিব আৰু অসামৰিক লোকে সৈন্য বাহিনীৰ পোছাক পৰিধান কৰিব নোৱাৰিব ৷ এই আদেশ ভংগকাৰীৰ বিৰুদ্ধে ১৪৪ ধাৰাৰ অধীনত শাস্তি প্ৰদান কৰা হ’ব বুলি উক্ত নিষেধাজ্ঞাত উল্লেখ কৰিছে ৷
টীয়ক সমষ্টিত শ্যামকানু মহন্তৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা অগপ নেত্ৰীৰ
টীয়ক বিধানসভা সমষ্টিত অসম গণ পৰিষদৰ সম্ভাব্য প্ৰাৰ্থীক লৈ দলীয় কর্মী তথা প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ অসন্তুষ্টি।সমষ্টিটোৰ পৰা অগপ দলৰ হৈ শ্যামকাণু মহন্তই প্ৰাৰ্থিত্ব লাভ কৰিব বুলি সংবাদ মাধ্যমত খবৰ প্ৰকাশৰ পিছত মহন্তৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা অগপ নেত্ৰী মৌচুমী বৰাৰ। দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি প্ৰাৰ্থীত্ব প্ৰত্যাশী নেত্ৰী মৌচুুমী বৰাই কয়- “সমষ্টিবাসীয়ে চিনি-জানি নোপোৱা এগৰাকী ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰাত আমাৰ আপত্তি আছে।সমষ্টিবাসী জনতাই শ্যামকানু মহন্তক অগপ প্ৰাৰ্থী হিচাপে গ্ৰহণ নকৰে।কাৰণ তেওঁ টীয়কৰ স্থায়ী বাসিন্দা নহয়।”উল্লেখ যে সমষ্টিটোৰ পৰা মহিলা নেত্ৰীগৰাকীয়ে দলীয় প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছিল। ইফালে সমষ্টিটোত শ্যামকাণু মহন্তৰ সলনি অন্য সমষ্টিবাসী প্ৰাৰ্থিত্ব প্ৰত্যাশীক দলৰ টিকট প্ৰদান কৰিলে কর্মীসকলৰ কোনো আপত্তি নাথাকিব বুলিও মহিলা নেত্ৰীগৰাকীয়ে দাবী কৰে। আনহাতে,বৰ্তমানৰ টীয়কৰ অগপ বিধায়িকা ৰেণুপ্ৰভা ৰাজখোৱাৰ বিৰুদ্ধে ব্যৰ্থতাৰ গুৰুত্ব অভিযোগ তুলে মহিলা নেত্ৰীগৰাকীয়ে। তেওঁ কয়-“ৰাজখোৱা নামত কেৱল বিধায়িকা হৈ আছে। সমষ্টিত যিদৰে উন্নয়ন হ’ব লাগিছিল হোৱা নাই।”গুৰুত্বপূৰ্ণ যে দিল্লীত ইতিমধ্যে প্ৰায় চূড়ান্ত হৈছে অগপৰ প্ৰাৰ্থী তালিকা।তাৰ মাজতে সংবাদ মাধ্যমত সম্ভাব্য প্ৰাৰ্থী তালিকা ইতিমধ্যে প্ৰকাশ পাইছে।
লখিমপুৰত এঙাৰখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৱেবচাইট মুকলিবিশিষ্ট উদ্ভাৱক পদ্মশ্ৰী উদ্ধৱ ভড়ালীক সম্বৰ্ধনা
শিক্ষানুষ্ঠানক ডিজিটেল ব্যৱস্থাৰে সাঙোৰ খুৱাই শিক্ষা ব্যৱস্থাক অধিক বিকশিত কৰি তোলাৰ লক্ষৰে ২ মাৰ্চ তাৰিখে উত্তৰ লখিমপুৰৰ এঙাৰখোৱাত স্থানীয় এঙাৰখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৱেবচাইট আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। এই উপলক্ষে অনুস্থিত সভাত আদৰনি ভাষণ পাঠ কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক ক্ষিৰোদ চন্দ্ৰ গগৈয়ে । বিদ্যালয়ৰ ছাত্ৰী সকলৰদ্বাৰা পৰিবেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাত সভাপতিত্ব কৰে বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মঃ হাফিজ আলিয়ে । সভাত EDUPUR SOCIETY (DVRS INDIA) ৰ ৱেব ডিজাইনাৰ ৰাকেশ খাউণ্দে ডিজাইন কৰা angarkhowachs.in ৱেবচাইটো বিশিষ্ট উদ্ভাৱক পদ্মশ্ৰী উদ্ধৱ ভড়ালীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰি বৰ্তমান সময়ত ৱেবচাইট,মোবাইল, ইন্টাৰনেট আদিৰ প্ৰয়োজনীয়তা ,ব্যৱহাৰ, স্বাস্থ্য , বিজ্ঞান ,প্ৰযুক্তিবিদ্যাৰ বিভিন্ন দিশৰ ওপৰত ব্যাখ্যা আগবঢ়ায় । সভাত ৱেব ডিজাইনাৰ ৰাকেশ খাউণ্দে ও ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি ব্যক্তব্য আগবঢ়ায় । উক্ত সভাতেই বিশিষ্ট উদ্ভাৱক পদ্মশ্ৰী উদ্ধৱ ভড়ালীক গামোচা, চেলেং আৰু সম্বৰ্ধনা পত্ৰৰে বিদ্যালয়ৰ তৰফৰপৰা সম্বৰ্ধনা জনোৱা হয় ।
শিলঘাট – গুৱাহাটী আৰু গুৱাহাটী – হয়ৱৰগাঁও – মৈৰাবাৰী যাত্ৰীবাহী ৰেলাৰ শীৰ্ঘে চলাচলৰ দাবী
নগাঁও জিলাৰ শিলঘাটৰ পৰা গুৱাহাটীলৈ আৰু গুৱাহাটী-হয়ৱৰয়গাওঁ-মৈৰাবাৰীলৈ দৈনিক চলাচল কৰা ৰেলগাড়ী দুখনৰ ক’ভিড ১৯ সৃষ্ট পৰিবেশৰ মাজত পৰি আজি প্ৰায় আঠ-ন মাহে চলাচল বন্ধ হৈ থকাত দৈনিক শিলঘাটৰ পৰা নগাঁও হৈ আৰু মৈৰাবাৰীৰ পৰা হয়ৱৰগাঁও হৈ গুৱাহাটীলৈ অহা যোৱা কৰা হাজাৰ হাজাৰ ৰেলযাত্ৰীৰ মাজত ভিষনসমস্যাৰ সন্মুখীন হৈ আহিছে ৷ সমগ্ৰ দেশজোৰি দীৰ্ঘদিনীয়া ল’কডাউনৰ ফলত বৰ্তমান সকলো স্তৰতে পুনৰ কামকাজ প্ৰায় সুন্দৰ ৰূপত আৰম্ভ হৈছে৷ নিজ নিজ কৰ্মস্থলীলৈ কৰ্মচাৰী সকল উভতি যাৱলৈ সক্ষম হৈছে৷ ঠিক সেইদৰে মধ্য অসমৰ পৰা পূৰ্ৱতে এই ৰেলগাড়ী দুখনৰে দৈনিক গুৱাহাটী মহানগৰীৰ নিজ নিজ গন্তব্যস্থানত কৰ্ম সম্পাদন কৰা বহু পৰিয়ালে-চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীয়ে এই দুখন ৰেলগাড়ীৰ ওপৰতে নিৰ্ভৰ কৰিয়েই নিৰাপদে যাত্ৰা কৰি আহিছিল ৷ কিন্ত,প্ৰায় আঠ মহীয়া ক’ভিড সৃষ্ট এক পৰিৱেশে সকলোকে কোঙা কৰি পেলোবাৰ পিছত দীৰ্ঘদিনৰ পৰা বন্ধহৈ থকা এই ৰেলগাড়ী দুখন পুনৰ শীৰ্ঘে চলাচল কৰিবৰ বাবে দৈনিক যাত্ৰা কৰা যাত্ৰী সকলৰ লগতে বহু স্থানীয় লোকে ৰেল বিভাগৰ ওচৰত দাবী জনাইছে ৷ চলিত বছৰৰ বহু কেইদিন ৰেল চলিব বুলি উলোবা দুই-এক উৰা বাতৰিৰ বাবেও শিলঘাটৰ পৰা গুৱাহাটীলৈ যাবলগা যাত্ৰী সকলে বহু সময় ষ্টেচনত অপেক্ষা কৰিও ৰেল ষ্টেচনৰ পৰা উভতি আহিব লগা হোৱাত যাত্ৰীসকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। উল্লেখ্য যে, শিলঘাট,জখলাবন্ধা,শালনা,আমনি,চামগুৰি,পুৰণিগুডাম,নগাঁও,শেনচোৱা,বেবেজীয়া,ফুলগুৰি,ৰহা,চাপৰমুখ আদি অঞ্চলৰ পৰা গুৱাহাটীলৈ যাব লগা যাত্ৰী সকলে অতি কম খৰচত যাত্ৰা কৰিব পাৰে এই শিলঘাট-গুৱাহাটী যাত্ৰীবাহী ৰেলগাড়ীখনত ৷ যিহেতু বৰ্তমান এজন যাত্ৰীয়ে ট্ৰেভেলাৰত ১৩০-১৫০ টকা খৰচ কৰি গুৱাহাটীলৈ যাৱ লগা হয় ৷ কিন্তু,শিলঘাট-গুৱাহাটী যাত্ৰীবাহী ৰেলগাড়ীখনত ৩০-৪০ টকাতে গুৱাহাটী পাব পাৰে আৰু নিৰাপদে ৷ যাৰ বাবে অতি দৰিদ্ৰ আৰু মধ্য শ্ৰেণীৰ ৰেলযাত্ৰী সকলে ক’ভিড সৃষ্ট পৰিবেশৰ পিছৰে পৰা আজি আঠ মাহে অতিৰিক্ত চাৰিগুণ ধন ব্যয় কৰি বাছ তথা ট্ৰেভেলাৰত গুৱাহাটীলৈ যাব লগা হৈছে। দৈনিক এনেদৰে গুৱাহাটীলৈ অহা-যোৱা কৰাত বহু পৰিমানৰ টকা হাতৰ পৰা উলাই যোৱাৰ উপক্ৰম হৈছে ৷ সেইয়ে যিহেতু এতিয়া সমগ্ৰ দেশতে ক’ভিডৰ কোনো ভয়-সংকা নাই ৷ এক প্ৰকাৰ ক’ভিড অসমতো নাই ৷ যিহেতু, গুৱাহাটীৰ পৰা অসমৰ বাহিৰলৈ বৰ্তমান বহুকেইখন ৰেলগাড়ীৰ চলাচলৰ ব্যৱস্থা হৈ আছে ৷ ৰাজ্যৰ ভিতৰতো দুৰনীবতিয়া ৰেলগাড়ী বহুকেইখন চলাচল কৰি আছে ৷ সেইয়ে কম দুৰত্ব ৰেলগাড়ী সমুহৰ ক্ষেত্ৰতো এই দুখন ৰেলগাড়ী চলাচলে যাত্ৰী সকলক বহু পৰিমানে সকাহ দিব ৷ সেইয়েহে শীৰ্ঘে শিলঘাট-গুৱাহাটী আৰু গুৱাহাটী- হয়ৱৰগাঁও-মৈৰাবাৰীৰ মাজত “কলংপাৰ পেছেঞ্জাৰ” অতি জৰুৰী এই দৈনিক ৰেলগাড়ী দুখন চলাচলৰ ব্যৱস্থা কৰিবলৈ দৈনিক অহা-যোৱা কৰা ৰেলযাত্ৰী সকলে ৰেল বিভাগক দাবী জনাইছে ৷ আনহাতে,পূৰ্ৱতে শিলঘাট-গুৱাহাটীৰ মাজত চলাচল কৰি থকা ড্ৰেমো ৰেল গাড়ীখন যাত্ৰী সকলৰ বাবে অসুবিধাজনক আৰু কম দৱা যুক্ত বুলি বহু যাত্ৰীয়ে সময়ে সময়ে আপত্তি কৰি আহিছে ৷ তদুপৰি, এই ড্ৰেমো ৰেল গাড়ীখন সময়মতে নিৰ্দিষ্ট স্থানত আহি নোপোৱাৰো এক গুৰুতৰ অভিযোগ আছে ৷ মাজে মাজে কোনো কোনো দূৰ্গম ঠাইত এই ড্ৰেমো ৰেলগাড়ীখনৰ ইঞ্জিন বিকল হৈ পৰে আৰু দীৰ্ঘ সময় যাত্ৰী সকল ৰেলগাড়ীতে আবদ্ধ হৈ পৰিব লগাত পৰে ৷ সেয়ে ৰেল যাত্ৰী সকলে এই ড্ৰেমো ৰেলগাড়ীখন বাতিল কৰি পূৰ্বতে চলাচল কৰা অধিক দৱাযুক্ত আৰু আৰামদায়ক ৰেলগাড়ী খন অতিশীঘ্ৰে চলাচলৰ ব্যৱস্থা কৰিবলৈ দৈনিক যাত্ৰা কৰা ৰেলযাত্ৰী সকলে ৰেল বিভাগৰ ওচৰত দাবী জনাইছে ৷
অবিভিপিৰ ৰঙাচকুৱা শাখা গঠন
চতিয়া সমষ্টিৰ ৰঙাচকুৱাৰ মৰিসুঁতিৰ কাৰ্কী ভৱনত অলপতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এবিভিপি) ৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। এবিভিপিৰ জামুগুৰি শাখাৰ সম্পাদক বিষ্ণু দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত এবিভিপিৰ ৰঙাচকুৱা শাখা সমিতিখন নতুনকৈ গঠন কৰা হয়। উত্তৰ মূঢ়াদল গাঁও পঞ্চায়ত সভাপতি দীপক নেৱাৰে আদৰনি বক্তব্য আগবঢ়োৱা সভাত অধ্যাপক আকাশ দাহালক সভাপতি আৰু প্ৰকাশ শৰ্মাক সম্পাদক হিচাপে লৈ এখন ২৯ জনীয়া সমিতি গঠন কৰা হয়। এক গাম্ভীৰ্যপূৰ্ণ সভাত বিশেষভাবে উপস্থিত থকা অবিভিপিৰ শোণিতপুৰ জিলা সংযোজক দীপজ্যোতি দাস,ৰাজ্যিক কাৰ্যনিৰ্বাহক বিবেক পাল,আদিত্য আলেকে সৰ্বভাৰতীয় পৰ্যায়ত কাম-কাজ কৰি অহা ছাত্ৰ সংগঠনটিৰ লক্ষ্য আৰু উদ্দেশ্যৰ উপৰত এক বিসদ আলোচনা আগবঢ়াই। চতিয়া জামুগুৰিহাটৰ উত্তৰাঞ্চল ৰঙাচকুৱাত এবিভিপিৰ গুৰুত্বপূৰ্ণ সভাত কেইবাগৰাকী বিষয়ববীয়াৰ লগতে স্থানীয় বহুকেইগৰাকী উদীয়মান যুৱক-যুৱতী উপস্থিত থাকে।
তিনিচুকীয়াৰ ৰাজপথত ভিজিলেঞ্চ গোটৰ অভিযানত জব্দ নগদ ১০ লাখ টকা
ৰাজ্যত নিৰ্বাচনী আচৰন বিধি বলবৎ হোৱাৰ লগে লগে ব্যাপকৰূপে তৎপৰ হৈ পৰিছে প্ৰশাসন৷ নিৰ্বাচনী আয়োগে ৰাজনৈতিক দলৰ ওপৰিও আইন শৃংখলা জনিত বিভিন্ন ক্ষেত্ৰত বহুকেইটা গুৰুত্বপূৰ্ণ নীতি নিয়ম বান্ধি দিছে৷ আগন্তুক নিৰ্বাচনত ৰাজনৈতিক দলসমূহক এক নিদিষ্ট পৰিমানৰ ধন খৰচৰ সীমা নিৰ্ধাৰন কৰি দিয়াৰ লগতে নিৰ্বাচনত নগদ ধনৰ পয়োভৰ ৰোধ কৰাৰ বাবে নগদ ৫০ হেজাৰৰো অধিক ধন লৈ চলা ফুৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে৷ ইয়াৰ মাজতে তিনিচুকীয়াত বৃহস্পতি বাৰে ভিজিলেঞ্চ গোটে অভিযান চলাই ৰাজপথৰ পৰা এজন ব্যক্তিৰ হাতৰ পৰা ১০ লাখকৈ টকা জব্দ কৰাৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে৷ জানিব পৰা মতে, জিলাখনৰ মাকুমত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভিজিলেঞ্চ গোটে তালাচী চলাই থকাৰ সময়তে এখন বিলাসী বাহনত অহা এজন ব্যক্তিৰ পৰা ১০ লাখ ৫০ হেজাৰ টকা জব্দ কৰে ভিজিলেঞ্চ গোটে৷ জব্দকৃত টকাখিনি শদিয়াৰ ৰাজকুমাৰ গুপ্তা নামৰ এজন ব্যৱসায়ীৰ বুলি জানিব পৰা গৈছে৷ এ এছ ২৩ ভি ১৮৩১ নম্বৰৰ সেউজীয়া বৰনৰ মাৰুতি বেলেনো গাড়ীত অহা ৰাজকুমাৰ গুপ্তাৰ পৰা উক্ত ধনৰাশি ভিজিলেঞ্চ গোটে জব্দ কৰে৷ তিনিচুকীয়াৰ মহকুমাধিপতি সঞ্জীৱ ফুকনৰ উপস্থিতিত আয়কৰ বিভাগে উক্ত ধনৰাশি জব্দ কৰে৷ এই সন্দৰ্ভত মহকুমাধিপতি সঞ্জীৱ ফুকনে জানিবলৈ দিয়া অনুসৰি নিৰ্বাচনী আচৰনবিধি বলবৎ হৈ থকাৰ হেতুকে ভিজিলেঞ্চ গোটে আজি এই ধনৰাশি জব্দ কৰি কোষাগাৰলৈ প্ৰেৰন কৰিছে৷ পৰবৰ্তী সময়ত ধনৰ গৰাকীয়ে আপীল কৰিব পাৰিব আৰু যদিহে তেও গ্ৰহনযোগ্য তথ্য প্ৰমান দাখিল কৰিব পাৰে তেনেহলে তেও এই ধন উভতাই পাব৷ ইফালে ৰাজকুমাৰ গুপ্তাই জানিবলৈ দিয়া মতে, শদিয়াত তেওৰ গ্ৰোচাৰী দোকান আছে, দোকানৰ বাবে সামগ্ৰী ক্ৰয় কৰিবৰ বাবে তেও এইদৰে নগদ ধন লৈ তিনিচুকীয়ালৈ ওলাইছিল৷ নিৰ্বাচনী আচৰন বিধিৰ কথা তেও নজনাৰ বাবেই এই ঘটনা সংঘটিত হয়৷
চাবুৱাৰ চুঙিচুকত পৰম্পৰাগত ফাগুনৰ উচ্চ কীৰ্তন সম্পন্ন
নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম কাল সংহতিৰ অধীনৰ মায়ামৰা মহাপুৰুষীয়া ধৰ্মৰ পৰম্পৰাগত ভাৱে পালন কৰি অহা অনুষ্ঠান ফাগুনৰ উচ্চ কীৰ্তন বিগত বৰ্ষসমূহৰ দৰে এইবাৰো মটক বসতি প্ৰধান বিভিন্ন গাঁও সমূহত নিজা নিজা নামঘৰত ইতিমধ্যে সুকলমে সম্পন্ন হৈ গৈছে । চাবুৱাৰ নিকটৱৰ্তী চুঙিচুক গাঁৱৰ নামঘৰত বুধবাৰে দিবা -নৈশ বেলা এই অনুষ্ঠান সম্পন্ন হয়। সমাজৰ পৰা অপায়-অমংগল দূৰ কৰি সমাজত শান্তি স্থাপনৰ কামনা অৰ্থে হোৱা উক্ত ধৰ্মীয় অনুষ্ঠানত মায়ামৰা ধৰ্মৰ আদ্য গুৰু শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ বিৰচিত ধৰ্মগ্ৰন্থ “ভক্তি মংগল ঘোষা” পাঠৰ পাছতে গায়ন-বায়ন পৰিৱেশন হয়। ভক্তপ্ৰাণ ৰাইজৰ মাজত মাহ-প্ৰসাদ বিতৰণৰ লগতে নিশালৈ এক ভোজৰ মহা আয়োজন চলে।
ৰঙিয়াত গছত ওলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ
বৃহস্পতি বাৰে পুৱতিনিশা ওলমি থকা অৱস্থাত উদ্ধাৰ হয় এটি মৃতদেহ । প্ৰত্যক্ষদৰ্শীয়ে এইটো এটা পৰিকল্পিত হত্যকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে । ৰঙিয়াৰ নিকটৱৰ্তী আৰিমত্ত নগৰত থকা এখন পথাৰৰ মাজত সংঘটিত হৈছে এই ঘটনা ।ওলমি থকা অৱস্থাত উদ্ধাৰ হয় এজন লোকৰ মৃতদেহ । মৃত লোকজনৰ নাম বলৰাম দাস বুলি জানিব পৰা গৈছে । ৰঙিয়াৰ ৭ নং ৱাৰ্ডত ভাড়াতীয়া হিচাপে পৰিয়ালৰ সৈতে আছিল বলৰাম দাস নামৰ লোকজন । লোকজনৰ টৰ্চ, চেন্দেল, গামোচা ইত্যাদী ঘটনাস্থলীৰ কাষত পৰি ৰৈছে । দৰিদ্ৰ লোকজনে আত্মহত্যা কৰিলে নে কোনো লোকে হত্যা কৰি এনেদৰে গছত ওলোমাই থৈ গৈছে সেয়া বৰ্তমানলৈ স্পষ্ট হোৱা নাই ।স্থানীয় ৰাইজে অভিযোগ কৰামতে আৰক্ষীক খবৰ দিয়াৰ পিছতো বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লোক । এই ঘটনাই অঞ্চলযুঁৰি ব্যপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।










