Home Blog Page 3017

ক’ভিড১৯ ভেকচিনৰ প্ৰথমটো ড’জ ল’লে হিমন্ত বিশ্ব শৰ্মাই

সোমবাৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ল’লে ক’ভিড১৯ ভেকচিনৰ প্ৰথমটো ড’জ । গুৱাহাটী মেডিকেল কলেজ আৰু হস্পাতালক ভেকচিন গ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে, সোমবাৰৰ পৰা দেশত আৰম্ভ হয় ক’ভিড ১৯ ৰ দ্বিতীয় পৰ্যায়ৰ টিকাকৰণ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ ভেকচিনৰ প্ৰথমটো ড’জ লোৱাৰ পিছতে অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও লয় কৰ’ণাৰ ভেকিচিন।

জি এম চি এইচৰ অধ্যক্ষ অচ্যুত বৈশ্য আৰু অধীক্ষক অভিজিত শৰ্মাৰ উপস্থিতিত এই টিকা গ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে। উল্লেখ্য যে, কৰ’ণা ভাইৰাচৰ ভেকচিনৰ দ্বিতীয় পৰ্যায়ত ৬০ বছৰ বয়সৰ ঊর্ধ্বৰ আৰু ৪৫ বছৰতকৈ অধিক তথা অসুস্থ লোকক  অন্তৰ্ভূক্ত কৰা হৈছে।

গোলাঘাটৰ বিজেপি কাৰ্যালয়ত পৰ্যবেক্ষকৰ উপস্থিতিত ন বিজেপি আৰু পুৰণি বিজেপি সংঘাতৰ পূৰ্ণ প্ৰতিফলন

এইবাৰ গোলাঘাট সমষ্টিত নিৰ্বাচনী বাতাবৰণৰ  ৰং যে ধূসৰ হৈ পৰিছে সেইকথা পুনৰবাৰ প্ৰমাণ হ’ল। তিনিটা কালজুৰি কংগ্ৰেছৰ দখলত থকা সমষ্টিটো এইবাৰ বিজেপিৰ দখললৈ অহাৰ সম্ভাৱনা আছিল যদিও দলটোৰ তৃণমূল কৰ্মীসকলৰ অসন্তোষ্টিয়ে নিশ্চয়কৈ দলটোক বিমোৰত পেলাব। বিশেষকৈ সমষ্টিটোত একালৰ কংগ্ৰেছী নেত্ৰী অজন্তা নেওগৰ বিজেপি আগমণৰ পিছতেই বিজেপি কৰ্মীসকলৰ মাজত দুটা ফৈদ হোৱা পৰিলক্ষিত হল । বিভিন্ন সময়ত  দলীয় কৰ্মীসকলৰ মাজৰ  সংঘাতৰ প্ৰতিফলন হৈ আহিছিল যদিও সোমবাৰে  গোলাঘাটত বিজেপিৰ পৰ্যবেক্ষকৰ তীক্ষ্ণ পৰ্যবেক্ষণ প্ৰক্ৰিয়া চলি থকা মাজতে সন্ধিয়া  জিলা বিজেপি কাৰ্যালয়ত বিজেপি কৰ্মী সকলৰ মাজত পুনৰবাৰ  এক অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা দেখা যায়।জানিব পৰা মতে , গোলাঘাট ,সৰুপথাৰ আৰু দেৰগাওঁ বিধানসভা সমষ্টিত দলীয় প্ৰাৰ্থীত্বক লৈ পৰ্যবেক্ষণ কৰিবলৈ অহা বিজেপিৰ পৰ্যবেক্ষকগৰাকী কালি সন্ধিয়াভাগত গোলাঘাট বিজেপি কাৰ্যালয়ত বিভিন্ন গৰাকী নেতা কৰ্মীৰ লগত আলোচনাত মিলিত হয় । যদিও আলোচনা চলি থকাৰ মাজতে সমষ্টিটোত ইতিপূৰ্বে দলীয় কৰ্মীসকলৰ মাজত ঘটি থকা অন্তৰ্কন্দলৰ প্ৰতিচ্ছবিখন সম্পূৰ্ণ ৰূপে প্ৰতিফলন হোৱা দেখা যায়।  অৰ্থাৎ  গোলাঘাট বিধানসভা সমষ্টিত নবিজেপি আৰু পুৰণি বিজেপিৰ সংঘাত যে ক্ৰমাৎ অধিক বৃদ্ধি পাবলৈ ধৰিছে ইয়াৰে প্ৰমাণ হ’ল  আজি কাৰ্যালয়ৰ ভিতৰতে দুই ফৈদৰ জয়ধ্বনিত। এফালে অজন্তা নেওগ আনফালে বিতুপণ শইকীয়া জিন্দাবাদ, তথা ভাৰত মাতা কি জয় ধ্বনিৰে মুখৰিত হল গোলাঘাট বিজেপি কাৰ্যালয়। বিভিন্ন সময়ত বিজেপিৰ এই শক্তিশালী  নেতাদ্বয়ে নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰি আহিছিল  যদিও  এতিয়া সময়েহে কব অজন্তা নেওগ আৰু বিতুপন শইকীয়াৰ মাজত কোনজনে প্ৰকৃততে দলীয় টিকট লাভ কৰিব।

কাকজানত চিত্ৰাংকন আৰু সাধুকোৱা প্ৰতিযোগিতা সম্পন্ন

অকণ শইকীয়া সোঁৱৰণী চিত্ৰকলা কেন্দ্ৰ আৰু অলকানন্দা কলামণ্ডলৰ যৌথ উদ্যোগত সদৌ অসম ভিত্তিত এখনি চিত্ৰাংকন আৰু সাধুকোৱা প্ৰতিযোগিতা অনুষ্ঠিত হয়। লকডাউনৰ সময়ত অনলাইন যোগে সম্পন্ন হোৱা এখনি প্ৰতিযোগিতাৰ পৰা চূড়ান্ত পৰ্যায়লৈ নিৰ্বাচিত হোৱা প্ৰতিযোগীসকলক লৈ আজি কাকজান দুলীয়া গাঁও তিনি আলিস্থিত শংকৰ-আজান জাতীয় বিদ্যালয়ত এই প্ৰতিযোগিতাখনি অনুষ্ঠিত হয়। স্মৃতি তৰ্পণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শংকৰ-আজান জাতীয় বিদ্যালয়ৰ সঞ্চালক  পৱন বৰুৱাৰ লগতে প্ৰতিযোগিতা উদ্বোধন কৰে ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ   প্ৰবীন কলিতাই । প্ৰতিযোগিতাৰ শেষত অনুষ্ঠিত মুকলি সভাত প্ৰয়াত শিক্ষাবিদ, সমাজকৰ্মী ৰবীন দুৱাৰাদেৱক শ্ৰদ্ধা জনাই অভিভাৱকসকলে এভাগি আধ্যাত্মিক গীত দলীয়ভাৱে পৰিৱেশন কৰে। সভাত বিশিষ্ট অতিথি হিচাপে শিক্ষাবিদ  অতুল দলৈ,  শান্তিছাঁয়া শইকীয়া, বিশিষ্ট কবি ৰঞ্জিত গগৈ, যুৱনেতা সিদ্ধাৰ্থ বৰুৱা, মানৱজ্যোতি ভূঞা আৰু সাংস্কৃতিক কৰ্মী ডালিমি বৰবৰাই অংশগ্ৰহণ কৰে। উক্ত মুকলি সভাতে দুয়োটা অনুষ্ঠানৰ শিশুসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে উপস্থিত ৰাইজক আপ্লুত কৰে। সভাৰ শেষত পুৰস্কাৰ লাভ কৰা শিশুসকলক বঁটা প্ৰদান কৰা হয়। সাধুকোৱা প্ৰতিযোগিতাত অনুস্মিতা দত্তই প্ৰথম স্থান, প্ৰিন্স পলীন কাশ্যপ বৰদলৈয়ে দ্বিতীয় স্থান, মমী চেতিয়াই তৃতীয় স্থান আৰু দিপান্বীতা বৰুৱা, স্বপ্নীল মাহলি আৰু ৰিয়ান শইকীয়াই উদগনি বঁটা লাভ কৰে। আনহাতে চিত্ৰাংকন প্ৰতিযোগিতাৰ ‘ক’ শাখাত প্ৰিয়াষা ফুকনে প্ৰথম স্থান, ৰেইহান ৰহমানে দ্বিতীয় স্থান আৰু প্ৰিন্স পলীন ক্শ্যপ বৰদলৈয়ে তৃতীয় স্থান লাভ কৰে। ‘খ’ শাখাত অৰুনাংশু বৰাই প্ৰথম স্থান, সুভানন গগৈয়ে দ্বিতীয় স্থান আৰু সুদৰ্শন শইকীয়াই তৃতীয় স্থান লাভ কৰে। ‘গ’ শাখাত দৃষ্টিশিখা হাজৰীকাই প্ৰথম স্থান, অয়নজ্যোতি নাথে দ্বিতীয় স্থান আৰু অন্তৰীক্ষা শইকীয়াই তৃতীয় স্থান লাভ কৰে। অনুষ্ঠানত উপস্থিত সমূহ ৰাইজে অনুষ্ঠানটিৰ প্ৰতি সন্তোষ্টি প্ৰকাশ কৰাৰ লগতে ভৱিষ্যত সময়ত পুনৰ এনেধৰণৰ প্ৰতিযোগিতা আয়োজন কৰিবলৈ আয়োজক সমিতিৰ প্ৰতি আহ্বান জনায়।

অপহৃত ২ অভিযন্তাক অচিৰেই মুক্তি দিব আলফাই

কুইপৰ সৈতে আলফা(স্বাঃ)ৰ প্ৰায় বুজাবুজি সম্পন্ন ।

অপহৃত ২ অভিযন্তাক অচিৰেই মুক্তি দিব আলফাই ।

চৰ্ত সাপেক্ষে ২ অভিযন্তাক মুক্তি দিব আলফাই ।

৫ হাজাৰ যোগ্য অভিযন্তাক নিযুক্তি দিব লাগিব কুইপত ।

কুইপ কৰ্তৃপক্ষই মানি লৈছে আলফা(স্বাঃ)ৰ এই দাবী ।

বিশেষভাৱে সক্ষম ভোটদাতাসকলক ডাক বেলটযোগে ভোট দিয়াৰ আহ্বান জিলা প্ৰশাসনৰ

ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে গোলাঘাট  জিলাতো বিধানসভা নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে । জিলাখনৰ খুমটাই আৰু গোলাঘাট সমষ্টিতো এইবাৰ প্ৰথমবাৰৰ বাবে বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাসকলক ডাক বেলটৰ সুবিধা প্ৰদান কৰা হৈছে । গোলাঘাট আৰু খুমটাই সমষ্টিত মুঠ ১২১১ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতা আছে । ইয়াৰে খুমটাই সমষ্টিৰ ৫২০ আৰু গোলাঘাট সমষ্টিৰ ৬৯১গৰাকী । একেদৰে ৮০ বছৰ বয়সৰ উৰ্ধৰ গোলাঘাট সমষ্টিত ১৩১৮গৰাকী আৰু খুমটাইত ৮৪৮ গৰাকী ভোটদাতাৰ নাম এতিয়ালৈকে তালিকাভুক্ত হৈছে ।যদিও  ভোটদাতাৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।  বি এল অ’ আৰু আই চি ডি এছৰ চুপাৰভাইজাৰ সকলে দুয়োটা সমষ্টিত ঘৰে ঘৰে গৈ বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাসকলৰ নাম তালিকাত নিশ্চিত কৰাৰ চূড়ান্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে  । দুই-এদিনৰ ভিতৰতে চূড়ান্ত তালিকা প্ৰকাশ পাব । যিসকল ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতা আৰু বিশেষভাৱে সক্ষম ভোটদাতাই ডাক বেলটযোগে ভোট দিব বিচাৰে তেওঁলোকে এতিয়াও 12D আৱেদন পত্ৰৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব । তেওঁলোকৰ আৱেদন পত্ৰসমূহ ঘৰৰ পৰাই সংগ্ৰহ কৰা হ’ব ।

৪ আৰু ৫ মাৰ্চত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত ব্যৱহাৰিক পৰীক্ষা

৪ আৰু ৫ মাৰ্চত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত/হাইমাদ্ৰাছাৰ ব্যৱহাৰিক পৰীক্ষা । আজি অসম মাধ্যমিক শিক্ষা পৰিষদে এক গোহাৰিৰ জৰিয়তে এই কথা প্ৰকাশ কৰে।

উল্লেখ্য যে, ৪ আৰু ৫ মাৰ্চত পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব পৰীক্ষা সমূহ। অন্যহাতে লিখিত পৰীক্ষা সমূহ ২০২১ চনৰ ১১ মে’ৰ পৰা অনুষ্ঠিত হ’ব ।

ধুবুৰীৰ গৌৰীপুৰৰ বৰাইবাৰীত এক সন্তানৰ মাতূক হত্যা : হত্যাকাৰী হাফিজুৰ ৰহমানক আটক

ইতিমধ্যে আমাৰ হাতত এক গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে,গৌৰীপুৰৰ পৰা ৷ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ বৰাইবাৰী গাঁও পঞ্চায়তৰ বৰাই বাৰী চতুৰ্থ খণ্ড গাঁওত নিজ স্বামীয়ে পত্নীক হত্যা কৰিছে ৷ এই জঘন্য হত্যা কাণ্ড কৰাৰ ঘটনাই এক চেপা উত্তেজনাৰ সৃষ্টি হৈছে৷জানিব পৰামতে, পাৰিবাৰিক কনদল চলি থকা অৱস্থাত স্বামী হাফিজুৰ ৰহমান যোৱা নিশা ১১ মান বজাত দুয়োজনৰ মাজত কাজিয়া চলি থকা অৱস্থাত স্বামীয়ে লোৰ খান্দি! লৈ পত্নীৰ মুৰত কোবাই হত্যা কৰে ৷ হত্যা কৰা মহিলা জনীৰ নাম খৈইমালা বিবি বুলি জানিব পৰা গৈছে ৷ মহিলা গৰাকীৰ বয়স ১৯ বছৰ৷ হত্যা কৰা হাফিজুৰ ৰহমানক বৰাই বাৰী গাঁৱৰ ৰাইজে আৰু গাওৰক্ষী বাহিৰ লোকে ধৰি গৌৰীপুৰ আৰক্ষীক গতাই দিয়ে ৷মহিলা জনীৰ তিনি মহীয়া এগৰাকী শিশু সন্তান আছেো ৷ বৰ্তমান আসামী জন গৌৰীপুৰ আৰক্ষী থানাত আছে৷

নিৰ্বাচনত ধন, সুৰাৰ ব্যৱহাৰ বন্ধ কৰাৰ বাবে ধুবুৰীত সক্ৰিয় ফ্লায়িং স্কোৱাৰ্ড

ধুবুৰী নিৰ্বাচন জিলাৰ অন্তৰ্গত ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ বিধানসভা সমষ্টিত নিৰ্বাচন নিকা আৰু স্বচ্ছ ভাৱে অনুষ্ঠিত কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ধুবুৰী জিলা নিৰ্বাচন বিষয়া তথা জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাই৷ নিৰ্বাচনত ধনৰ লেনদেন, সুৰা আদিৰে ভোটাৰক প্ৰলোভিত কৰা, ভোটাকৰ ভয় দেখুৱাই সমৰ্থন আদায় কৰা ঘটনাত অহৰ্নিশে চকু ৰখাৰ বাবে গঠন কৰা হৈছে ৯ টা ফ্লায়িং স্কোৱাৰ্ড আৰু ৯ টা ষ্টেটিক ছাৰ্ভিলেন্স দল৷ ধুবুৰী নিৰ্বাচন জিলাৰ প্ৰতিটো সমষ্টিৰ বাবে তিনিটাকৈ এনে দল গঠন কৰা হৈছে৷ তেওঁলোক ইতিমধ্যে কাৰ্যক্ষেত্ৰত নামি পৰিছে৷ আনপিনে কোনো দল বা প্ৰাৰ্থীয়ে যাতে বেনামী পোষ্টাৰ আদি ছপা কৰি নিৰ্বাচন প্ৰক্ৰিয়াটোৰ স্বচ্ছতাত বাধা দিব নোৱাৰে তাৰ বাবে ধুবুৰীৰ সকলো ছপাশালক প্ৰকাশক আৰু প্ৰিন্টাৰৰ নাম-ঠিকনা নোহোৱাকৈ কোনো নিৰ্বাচনী পোষ্টাৰ, পুষ্টিকা আদি ছপা নকৰিবলৈ নিৰ্দেশ দিছে জিলা নিৰ্বাচন বিষয়াই৷ ছপা কৰা সামগ্ৰীৰ নমুনা তিনিদিনৰ ভিতৰত নিৰ্বাচন শাখাত জমা দিবলৈ কোৱা হৈছে৷ অন্যথা জনপ্ৰতিনিধি আইনৰ ১২৭(ক) ধাৰা ভংগ কৰা বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি জিলা নিৰ্বাচন বিষয়াই উল্লেখ কৰিছে৷ আনহাতে নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে প্ৰশিক্ষণ কাৰ্যও  অব্যাহত আছে৷ আজি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচনৰ কামত নিয়োজিত হোৱা কেবাটাও কোষৰ সদস্যসকলক প্ৰশিক্ষণ প্ৰদান কৰে ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনিমেষ তালুকদাৰ আৰু অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে৷

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ন-হোলোং ভুুঞা গাওঁ প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী সফল সামৰণি

তিনিচুকীয়া জিলাৰ ফিল’বাৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ন-হোলোং ভুুঞা  গাওঁ প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী অনুষ্ঠান দেওবাৰে সামৰণি পৰে।দুদিনীয়া কাৰ্যসূচীৰে ফিল’বাৰী ৩ নং ন-হোলোং ভুুঞা  গাওঁৰ সংঘৰ নামঘৰত আয়োজন কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, ন-হোলোং ভুুঞা  গাওঁ প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী কাৰ্যসূচী শনিবাৰে প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে সামূহিক প্ৰাৰ্থানাৰে আৰম্ভ হোৱা সোণালী জয়ন্তী কাৰ্যসূচীৰ,  মূল তোৰণ  উন্মোচন কৰে তিনিচুকীয়া জিলা পৰিষদৰ সদস্যা ভানু সোনোৱালে, গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰে বুঢ়ীদিহিং গাওঁ পঞ্চায়তৰ  ৱাৰ্ড সদস্যা কবিতা চুতীয়া ভূঞাই, দাপোণ অনুষ্ঠান উদ্ধোধন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ন-হোলোং প্ৰাৰ্থমিক শাখাৰ সম্পাদক বদন গগৈয়ে, মুখামুখি অনুষ্ঠান  উদ্ধোধন কৰে বিষ্ণু গগৈয়ে, সঞ্চালন কৰে  ফিল’বাৰী হাইস্কুলৰ শিক্ষক মনোৰঞ্জন সোনোৱালে আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গুণ বৰুৱা আৰু বাবুল ঠাকুৰীয়া ।সন্ধিয়ালৈ অনুষ্ঠিত হয় তিনিচুকীয়া জিলা ভিত্তিক দিহানাম প্ৰতিযোগিতা। দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে প্ৰাথমিক সেনাবাহিনীৰ তত্বাৱধানত পৰিৱেশ নিকাকৰণ, বৃক্ষ ৰোপণ কৰে পূৰ্বাঞ্চল আঞ্চলিক শাখাৰ প্ৰতিষ্ঠাপক সম্পাদক দেৱকান্ত সন্দিকৈ আৰু ন-হোলোং ভূঞা গাওঁ প্ৰাৰ্থমিক শাখাৰ প্ৰতিষ্ঠাপক সম্পাদক বিপিন গগৈয়ে, পতাকা উত্তোলন কৰে ন হোলোং ভূঞা গাওঁ প্ৰাথমিক শাখাৰ সভাপতি জিতু তপন বড়াই। ইয়াৰ পিছত বৰ্ণাঢ্য ভাগৱত শোভাযাত্ৰা অনুষ্ঠিত হয়। বৰ্ণাঢ্য ভাগৱৰ শোভাযাত্ৰাত অঞ্চলটোৰ জাতীয় জনগোষ্ঠীয় সাংস্কৃতিক দলেও অংশগ্ৰহণ কৰে। দিনৰ দুই বজাৰ পৰা আৰম্ভ হয় মুকলি সভা আৰু গ্ৰন্থ উন্মোচনী সভা। ন-হোলোং ভূঞা গাওঁ প্ৰাথমিক শাখাৰ সভাপতি জিতু তপন বড়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভাৰ আত ধৰে সম্পাদক বদন গগৈয়ে। মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পৱিত্ৰ প্ৰাণ বৰা, লোকনাথ বৰুৱা, লোকেশ্বৰ নাথ, মিনাৰাম বৰগোহাঞি, বিমল বুঢ়াগোঁ‌হাই আৰু সুৰ্য কুমাৰ শইকীয়া। নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে মৃণাল কুমাৰ বৰুৱা। সোণালী জয়ন্তী কাৰ্যসূচীৰ লগত সংগতি ৰাখি কবি সাহিত্যক কিৰণ খনিকৰৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ “স্বৰ্ণৰত্ন”  উন্মোচন কৰে শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ তিনিচুকীয়া জিলাৰ প্ৰাক্তন সম্পাদক ধিৰেণ হাজৰিকাই। সন্ধিয়া নৃসিংহ মূৰাৰী ভাওনা প্ৰদৰ্শন হয়। ভাওনাৰ দাতা ৰূপাইৰ ভীমকান্ত গগৈ।

AJPত যোগদান কৰিব AJYCPৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ লগতে বহু কেইজনে

ৰাজ্যত নিৰ্বাচনী অধিসূচনা ঘোষণাৰ পাছতেই গৰম বতাহ বলিবলৈ আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদেও ককালত টঙালি বান্ধি শাসকীয় বিজেপি দলৰ প্ৰতি গভীৰ প্ৰত্যাহ্বানৰ  সৃষ্টি কৰিছে ৷

শেহতীয়া ভাৱে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে অসম জাতীয় পৰিষদত অচিৰেই যোগদান কৰাৰ খবৰে আঞ্চলিক দলটিৰ মজিয়াত উল্লাসৰ সৃষ্টি কৰিছে । নিশ্চিত ভাবে পলাশ চাংমাইৰ যোগদানে আঞ্চলিক দলটিক অধিক শক্তিশালী কৰি তুলিব বুলি ধাৰনা কৰা হৈছে ৷

উল্লেখযোগ্য যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে লুৰিণজ্যোতি গগৈৰ সতে অসম জাতীয় পৰিষদ গঠন কৰাৰ ক্ষেত্ৰত অনবদ্য ভূমিকা গ্ৰহণ কৰিছিল ৷ বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰা মতে পলাশ চাংমাইৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ভালে কেইজন নেতাই অসম জাতীয় পৰিষদত অচিৰেই যোগদান কৰিব ৷

অসম জাতীয় পৰিষদত যোগদান কৰিবলগীয়া কেন্দ্ৰীয় নেতৃত্বৰ ভিতৰত সহকাৰী সাধাৰণ সম্পাদক শিৱ কলিতা,  কেন্দ্ৰীয় তথ্য আৰু প্ৰচাৰ সম্পাদক ছাবিৰ আহমেদ, বিত্ত সম্পাদক সঞ্জীৱ শৰ্মা আৰু কাৰ্যালয় সম্পাদক প্ৰাঞ্জল দাসৰ নাম চৰ্চালৈ আহিছে ৷

ইপিনে পলাশ চাংমায়ে নিজৰ গৃহ সমষ্টি সোণাৰিৰ পৰা আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো এক প্ৰকাৰ প্ৰায় নিশ্চিত হৈ পৰিছে ৷ পলাশ চাংমাইৰ সক্ৰিয় ৰাজনীতিত যোগদানৰ খবৰে সোণাৰী সমষ্টিৰ শাসনাধিস্থ বিজেপি দলৰ টিকট প্ৰত্যাশী সকলৰ মাজত সংশয়ৰ সৃষ্টি কৰিছে ৷ কাৰণ সোণাৰি সনষ্টিত পলাশ চাংমাইৰ যথেষ্ট জনপ্ৰিয়তা আছে ৷ তেনে পৰিপ্ৰেক্ষিতত শাসনাধিস্থ বিজেপি দলৰ বৰ্তমানৰ বিধায়িকা আৰু অন্য প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ বাবে যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি হ’ব । সময়ত স্পষ্ট হ’ব সোণাৰিত পলাশ চাংমাই অসম জাতীয় পৰিষদৰ পৰা অৱতীৰ্ণ হলে শাসনাধিস্থ বিজেপিৰ ৰণনীতি সমীকৰণ কি হ’ব ৷

ইতিমধ্যে যোগদান কৰিব লগা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দলটি গুৱাহাটীলৈ ৰাওনা হৈছে ৷ আজি গুৱাহাটীলৈ যাত্ৰাৰ পথত নিশা বোকাখাতত সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে দৈনন্দিন বাৰ্তাৰ বিশেষ সংবাদদাতাক এই কথা জানিবলৈ দিয়ে ৷