Home Blog Page 3017

উত্তৰ পূব কয়লা ক্ষেত্ৰ মুকলি কৰিবলৈ মুখ্যমন্ত্ৰী ও স্থানীয় বিধায়কলৈ আহ্বান মাৰ্ঘেৰিটা আঞ্চলিক সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ।

সমগ্ৰ ৰাজ্যজুৰি আৱ্যাহত থকা ক’ৰনা মহামাৰীৰ ভয়াবহ সংক্ৰমণ ৰোধ কৰিবলৈ অসম চৰকাৰে লোৱা পদক্ষেপৰ বাবে মাৰ্ঘেৰিটা আঞ্চলিক সোনোৱাল কছাৰী ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে।তেখেতৰ নেতৃত্বতে অসমে উন্নতি শীখৰত আৰোহন কৰিবলৈ সক্ষম হব বুলি আশা ব্যক্ত কৰিছে | আজি সংবাদ মাধ্যমৰ জৰিয়তে সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ হৈ সভাপতি জাহ্নুশ্যাম সোনোৱালে  শীঘ্ৰেই “উত্তৰ পূৱ কয়লা ক্ষেত্ৰ” মুকলি কৰি মাৰ্ঘেৰিটাৰ অৰ্থনৈতিক সংকট দুৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে অসম চৰকাৰক শীৰ্ঘ্ৰে আলোচনা কৰিবলৈ আহ্বান জনাইছে। এই ক্ষেত্ৰত স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা লগতে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী বলিষ্ঠ পদক্ষেপ গ্ৰহণৰ পোষকতা কৰিছে | উল্লেখ্যে যে – বিগত কেইবাবছৰ ধৰি মাৰ্ঘেৰিটা অৰ্থনীতি মূল ভেঁটি স্বৰূপ মাৰ্ঘেৰিটাৰ “উত্তৰ পূৱ কয়লা ক্ষেত্ৰ” বন্ধ হৈ আছে। ই মাৰ্ঘেৰিটাৰ লগতে সমগ্ৰৰ তিনিচুকীয়া জিলাৰ অৰ্থনীতিত  ই এক ঋণাত্মক কাৰক প্ৰভাৱ পেলাইছে। মাৰ্ঘেৰিটাৰ প্ৰায় সংখ্যক ব্যক্তি প্ৰত্যক্ষ নাইবা পৰোক্ষ ভাৱে  উত্তৰ পূৱ কয়লা ক্ষেত্ৰৰ লগত জড়িত হৈ আছে। কয়লা উদ্যোগ বন্ধ পৰিপেক্ষিতত ক’ৰোনা ভয়াবহ মহামাৰীৰ সময়ত অঞ্চলবাসীয়ে এমুঠি অন্ন,এটি বস্ত্ৰৰ বাবে হাহাকাৰ কৰিব লগীয়া পৰিস্থিতি সন্মুখীন হৈছে ।সেয়েহে ছাত্ৰ সংগঠনটোৰ নৱনিৰ্বাচিত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে মাৰ্ঘেৰিটাৰ বিধায়ক শ্ৰীযুত ভাস্কৰ শৰ্মা আৰু সাংসদ ৰামেশ্বৰ তেলীলৈ আহ্বান জনাইছে | ক’ৰোনা  মহামাৰীৰ শেষ হোৱাৰ লগে লগেই পোন প্ৰথমেই মাৰ্ঘেৰিটাৰ “উত্তৰ পূৱ কয়লা ক্ষেত্ৰ”ৰ মুকলিৰ বাবে ব্যবস্থা গ্ৰহণ কৰি, পুনৰ পূৰ্বৰ দৰে কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰক আৰু মাৰ্ঘেৰিটাৰ অৰ্থনৈতিক দিশটো পুনৰ জীৱিত কৰি মাৰ্ঘেৰিটাৰ দুৰ্ভগীয়া পৰিয়ালৰ মাজত হাঁহিৰ খলকনি সৃষ্টি কৰক। কিন্তু এই ক্ষেত্ৰত কয়লা অবৈধ খনন যাতে নহয় ইয়াৰ বাৱে বিভাগীয় কতৃপক্ষই বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব লাগিব। ক’ৰোনা মহামাৰীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা  আৰ্থিক ভাৱে দুৰ্বল পৰিয়াল সমূহক ক্ষতিপূৰণ দিবলৈয়ো ছাত্ৰ সংগঠনটোৱে চৰকাৰলৈ আহ্বান জনাইছে ।

অচিৰে বন বিভাগৰ ৩ হাজাৰ খালী পদত নিযুক্তি

এক লাখ যুৱক–যুৱতীক নিযুক্তি দিয়াৰ বাবে ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰিয়ে খালী হৈ থকা ৩,০০০ পদ পূৰণ কৰিব বন বিভাগে৷  এই কথা স্পষ্ট কৰিলে বনমন্ত্রী পৰিমল শুক্লবৈদ্যই৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে বিগত বর্ষত বিভাগে ১,২৫০টা পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল৷ উক্ত বিজ্ঞাপনৰ ভিত্তিত নিযুক্তি প্রক্রিয়া আৰম্ভ কৰাৰ লগতে বনপালক আৰু বনৰক্ষীৰ পদসমূহো পূৰণ কৰা হ’ব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই সন্দর্ভত দিয়া নির্দেশনা অনুসৰি ইতিমধ্যে বিভাগৰ খালী হোৱা প্রায় ৩,০০০ পদৰ সবিশেষ বিত্ত বিভাগলৈ প্রেৰণ কৰা হৈছে৷

ইফালে, প্রধান মুখ্য বন সংৰক্ষক এ এম পি সিঙে জানিবলৈ দিয়া মতে খালী হোৱা ৩,০০০ পদৰ বিপৰীতে বিভাগে অচিৰেই বিজ্ঞাপন প্রকাশ কৰিব৷ সেই অনুসৰি লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব৷ শীর্ষ বিষয়াজনৰ মতে বিভাগত বনপালক আৰু বনৰক্ষীৰ অধিক পদ খালী আছে৷ গতিকে এই পদসমূহ অচিৰেই পূৰণ কৰা হ’ব৷ উল্লেখ্য যে নগাঁও জিলাৰ বামুণী পাহাৰত ১৮টাকৈ হাতীৰ মৃত্যু সন্দর্ভত আজি প্রথমখন প্রতিবেদন বিভাগীয় মন্ত্রীৰ হাতত দাখিল কৰে বন বিভাগে৷ এই উপলক্ষে পাঞ্জাবাৰীস্থিত বিভাগৰ মুখ্য কার্যালয় অৰণ্য ভৱনত এখন সংবাদ মেল আয়োজন কৰা হয়৷ এই সংবাদ মেলত বনমন্ত্রী শুক্লবৈদ্যই প্রকাশ কৰা মতে বজ্র পৰিয়ে মৃত্যু হৈছিল ১৮টাকৈ হাতীৰ৷

এক লাখ যুৱক–যুৱতীক নিযুক্তি দিয়াৰ বাবে ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰিয়ে খালী হৈ থকা ৩,০০০ পদ পূৰণ কৰিব বন বিভাগে৷  এই কথা স্পষ্ট কৰিলে বনমন্ত্রী পৰিমল শুক্লবৈদ্যই৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে বিগত বর্ষত বিভাগে ১,২৫০টা পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল৷ উক্ত বিজ্ঞাপনৰ ভিত্তিত নিযুক্তি প্রক্রিয়া আৰম্ভ কৰাৰ লগতে বনপালক আৰু বনৰক্ষীৰ পদসমূহো পূৰণ কৰা হ’ব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই সন্দর্ভত দিয়া নির্দেশনা অনুসৰি ইতিমধ্যে বিভাগৰ খালী হোৱা প্রায় ৩,০০০ পদৰ সবিশেষ বিত্ত বিভাগলৈ প্রেৰণ কৰা হৈছে৷

ইফালে, প্রধান মুখ্য বন সংৰক্ষক এ এম পি সিঙে জানিবলৈ দিয়া মতে খালী হোৱা ৩,০০০ পদৰ বিপৰীতে বিভাগে অচিৰেই বিজ্ঞাপন প্রকাশ কৰিব৷ সেই অনুসৰি লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব৷ শীর্ষ বিষয়াজনৰ মতে বিভাগত বনপালক আৰু বনৰক্ষীৰ অধিক পদ খালী আছে৷ গতিকে এই পদসমূহ অচিৰেই পূৰণ কৰা হ’ব৷ উল্লেখ্য যে নগাঁও জিলাৰ বামুণী পাহাৰত ১৮টাকৈ হাতীৰ মৃত্যু সন্দর্ভত আজি প্রথমখন প্রতিবেদন বিভাগীয় মন্ত্রীৰ হাতত দাখিল কৰে বন বিভাগে৷ এই উপলক্ষে পাঞ্জাবাৰীস্থিত বিভাগৰ মুখ্য কার্যালয় অৰণ্য ভৱনত এখন সংবাদ মেল আয়োজন কৰা হয়৷ এই সংবাদ মেলত বনমন্ত্রী শুক্লবৈদ্যই প্রকাশ কৰা মতে বজ্র পৰিয়ে মৃত্যু হৈছিল ১৮টাকৈ হাতীৰ৷

লাহৰীঘাটত পত্নীক যৌতুকৰ বাবে কেৰাচিন ঢালি হত্যা কৰা স্বামী জিন্নত আলী ক জেললৈ প্ৰেৰণ

মৰিগাঁও  জিলাৰ লাহৰীঘাটত স্বামীয়ে  কেৰাচিন দি জ্বলাই হত্যা কৰিলে পত্নীক !যোৱা ২২ মে ত লাহৰীঘাট থানাৰ অন্তৰ্গত অমৰাগুৰিত জিন্নত আলীয়ে পত্নী জোনমনি বেগমৰ  শৰীৰত কেৰাচিন ঢালি জ্বলাই দিছিল !গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কালি মৃত্যু হয় !উল্লেখ্যৱ৮ মাহ পুৰ্বে টেঙাগুৰি গাৱঁৰ হবিবুৰৰ কন্যা জোনমনি বেগমক অমৰাগুৰি গাঁৱৰ জিন্নত আলীৰ লগত বিবাহ হৈছিল !পৰিয়ালৰ লেকৰ অভিযোগ তেতিয়াৰ পৰাই স্বামীয়ে জোনমনিক যৌতুক দাবী কৰি স্বামী অত্যাচাৰ কৰি আহিছে !অৱশেষত স্বামী আৰু পৰিয়ালৰ লোকে মিলি জোনমনিক হত্যা কৰে বুলি অভিযোগ তুলিছে ! ইতিমধ্যে জোনমনিৰ পৰিয়ালে লাহৰীঘাট থানাত এজাহাৰ দাখিল কৰিছিল ।আৰু সেই এজাহাৰৰ ভিত্তিত লাহৰীঘাট আৰক্ষীয়ে পলাতক পত্নী হত্যা কাৰীক যোৱা নিশা গ্ৰেপ্তাৰ কৰি  ধৃত জিন্নত আলীৰ  বিৰূদ্ধে  case no – 300/21 us 489(a) /307 ,  304 (b) ধাৰাৰ  অধীনত আজি জেল হাজোতলৈ প্ৰেৰণ কৰে  ।

কেঞ্চাৰৰ কাৰক জনছন এণ্ড জনছন:ভৰিব লাগিব ১৪৫০০ কোটি টকাৰ ক্ষতিপূৰণ

ন্যায়ালয়ৰ নিৰ্দেশনা, জনছন এণ্ড জনছন কোম্পানীয়ে ভৰিব লাগিব ১৪৫০০ কোটি টকাৰ ক্ষতিপূৰণ। কিয়নো এই কোম্পানীটোৰ সামগ্ৰী ব্যৱহাৰৰ ফলত বহু কেইগৰাকী মহিলা কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছে। যাৰ বাবেই এই বৃহৎ পৰিমাণৰ ক্ষতিপূৰণ ভৰিব লাগিব কোম্পানীটোৱে।

আমেৰিকাৰ ন্যায়লয়ে এই ক্ষতিপূৰণ ঘোষণা কৰিছে। এই ক্ষতিপূৰণৰ টকা সমূহ সেই সকল মহিলাক প্ৰদান কৰা হব , যি সকল মহিলাই এই জনছন এণ্ড জনছন কোম্পানীৰ পাউডাৰ আৰু অন্য সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলত কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছে।

আৰম্ভণিতে আমেৰিকাৰ নিম্ন আদালতে কোম্পানীটোক ৪০০ কোটি ডলাৰ ক্ষতিপূৰণ দিয়াৰ বাবে ৰায়দান কৰিছিল। পিছলৈ কোম্পানীটোৱে কয় যে, নিম্ন আদালতে কোম্পানীক নিজৰ মত দাঙি ধৰাৰ বাবে কোনো অৱকাশেই নিদিলে।

যাৰ বাবে জনছন এণ্ড জনছন কোম্পানীয়ে পিছত উচ্চ ন্যায়লয়ৰ দ্বাৰস্থ হয়। আৰু উচ্চ ন্যায়লয়ে শুনানি প্ৰদান কৰি ক্ষতিপূৰণ ৪০০ কোটি ডলাৰৰ পৰা হ্ৰাস কৰি ১৪৫০০ কোটি টকা কৰে। এই সকলো টকা ২২ গৰাকী কেঞ্চাৰ আক্ৰান্ত মহিলাই লাভ কৰিব।

হাতত লাঠী লৈ চিকিৎসা কৰিছে এজন চিকিৎসকে: নিজেই হৈছে নিজৰ নিৰাপত্তাৰক্ষী

ডাঃ দেবেন বৰা

 ডাঃ সেউজ কুমাৰ সেনাপতিৰ ওপৰত হোৱা বৰ্বৰ আক্ৰমণৰ পিছতে এইদৰে দেখা গল এগৰাকী চিকিৎসকক।নিজেই নিজৰ নিৰাপত্তাৰক্ষী হৈ হাতত লাঠী লৈ চিকিৎসা কৰি গৈছে এইজন চিকিৎসকে। 

ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডত এচাম চাহ বাগিচাৰ উত্তপ্ত লোকে ৰোগীৰ মৃত্যুৰ কাৰণ বনাই মৰিয়াই মৰিয়াই মাৰি পেলোৱাৰ পিছত পুনৰ এগৰাকী কৰণা ৰোগীৰ মৃত্যুৰ কাৰণ চিকিৎসকক বনাই বৰ্বৰ আক্ৰমণ কৰে উত্তপ্ত লোকে। যাৰ ফলত চাকৰিত যোগদানৰ মাত্ৰ এটা সপ্তাহৰ ভিতৰতে বেয়াকৈ আঘাটপ্ৰাপ্ত হৈছিল ডাঃ সেউজ সেনাপতি।

যাৰ বাবে সমগ্ৰ ৰাজ্যজুৰি সংকিত হৈ পৰিছিল চিকিৎসক সকল। সকলোৱে কৰ্মক্ষেত্ৰত নিজৰ নিজৰ নিৰাপত্তা বিচাৰি চৰকাৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। নিজৰ জীৱনতো তুচ্চ কৰি কেৱল ৰোগীৰ পিছত লাগি থকাৰ পিছতো এনেদৰে যদি অত্যাচাৰৰ বলি হব লগা হয় তেন্তে কোনোৱে চিকিৎসক বৃত্তিয়ে গ্ৰহণ নকৰিব বুলি অশন্তোষ কৰিছিল চিকিৎসক সকলে।

পিছে ইয়াৰ মাজতে এগৰাকী চিকিৎসকৰ এক কামে সকলোৰে প্ৰশংসা লাভ কৰিছে। চিকিৎসকগৰাকীয়ে চৰাকৰৰ কোনো নিৰাপত্তা ব্যৱস্থালৈ বাট চোৱাৰ সলনি নিজেই নিজৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখিছে।

নিজৰ নিৰাপত্তাৰ পথ নিজেই বাছি ললে নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক দেবেন বৰা দেবে। হাতত লাঠী লৈ চিকিৎসা কৰি গৈছে ইজনৰ পিছত সিজন ৰোগীক ।

নিজেই নিজৰ নিৰাপত্তাৰক্ষী হৈ পৰিছে নগাঁৱৰ চিকিৎসক ডাঃ দেবেন বৰা।

গৌতম গম্ভীৰ সংকটত: সাংসদগৰাকীৰ ফাউণ্ডেশ্যনক দোষী সাব্যস্ত, তদন্তৰ নিৰ্দেশ

সংকটত গৌতম গম্ভীৰ! সাংসদগৰাকীৰ ফাউণ্ডেশ্যনক দোষী সাব্যস্ত, তদন্তৰ নিৰ্দেশ

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা বিজেপি দলৰ লোকসভা সাংসদ গৌতম গম্ভীৰৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

দিল্লী চৰকাৰৰ ঔষধ নিয়ন্ত্ৰকে বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ক জনাই যে ক’ভিড-১৯ ৰোগীৰ চিকিৎসাত উপযোগী ঔষধ ফেবিফ্লু অকৰ্তৃত্বশীলভাৱে মজুত, ক্ৰয় আৰু বিতৰণৰ বাবে দোষী সাব্যস্ত কৰা হৈছে গৌতম গম্ভীৰ ফাউণ্ডেশ্যনক।

ঔষধ নিয়ন্ত্ৰকে লগতে কয় যে ফাউণ্ডেশ্যন, ড্ৰাগ ডিলাৰ আৰু এইধৰণ কাৰ্যকলাপৰ লগত জৰিত সকলৰ বিৰুদ্ধে কোনো পলম নকৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে বিধায়ক প্ৰবীণ কুমাৰকো ড্ৰাগছ আৰু প্ৰসাধন আইনৰ অধীনত একে ধৰণৰ অপৰাধৰ বাবে দোষী সাব্যস্ত কৰা হৈছে বুলি আদালতত কয়।

আদালতে ঔষধ নিয়ন্ত্ৰকক ছয় সপ্তাহৰ ভিতৰত গোচৰসমূহৰ স্থিতি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে বিষয়টো সন্দৰ্ভত অহা ২৯ জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে।

আজিৰে পৰা বন্ধ শৰাইঘাটৰ পুৰণি দলং

আজিৰে পৰা বন্ধ শৰাইঘাটৰ পুৰণি দলং ,শৰাইঘাটৰ পুৰণি দলঙৰ মেৰামতিৰ বাবে বন্ধ হৈ পৰিছে যাতায়ত ,তিনিমাহলৈ বন্ধ থাকিব পুৰণি দলঙেৰে যাতায়ত,বিশেষ পদ্ধতিৰে পুনৰ মেৰামতি কৰা হ’ব দলংখন,নতুন দলঙেৰে অব্যাহত থাকিব যাতায়ত

বাতিল হ’ল ২০২১ বৰ্ষৰ অম্বুবাচী মেলা

 কৰ’নাৰ বাবে বাতিল হ’ল ২০২১বৰ্ষৰ অম্বুবাচী মেলা৷ সীমিত ধৰ্মীয় পৰম্পৰাৰে পালন কৰা হ’ব অম্বুবাচী মেলাৰ পূজা৷ কৰ’নাৰ ভয়াবহকতাৰ ওপৰত লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰে মন্দিৰ পৰিচালনা সমিতয়ে৷ ২২ জুনত হ’ব অম্বুবাচীৰ প্ৰবৃত্তি৷ তেতিয়াৰ পৰা বন্ধ থাকিব কামাখ্যা মন্দিৰৰ দুৱাৰ৷ বিগত বৰ্ষতো বাতিল হৈছিল অম্বুবাচী মেলা৷ ক’ভিডৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল মন্দিৰ পৰিচালনা সমিতয়ে৷ এই বৰ্ষটো একে সিদ্ধান্ত গ্ৰহণ কৰে৷

উল্লেখ্য যে, অম্বুবাচী মেলাত বহু দুৰ-দুৰণিৰ পৰা সৈন্নাসী তথা বাবসকলৰ আগমণ ঘটে৷ প্ৰতিবছৰে ২২ জুনৰ পৰা ২৬ জুনলৈ উদযাপন এই মেলাৰ৷ অম্বুবাচীৰ প্ৰথম তিনিদিন চুৱা, চতুৰ্থদিনা শুদ্ধি বুলি কোৱা হয় ৷ অম্বুবাচী সমগ্ৰ উত্তৰ-পূব ভাৰততে পালন কৰা হয়৷ অম্বুবাচীৰ সময়ছোৱাত হাল বোৱা, কোনো ধৰণৰ মাংগলিক কাৰ্য সম্পন্ন কৰা নহয় ৷এই সময়ছোৱাত মঠ-মন্দিৰৰ দুৱাৰসমূহ বন্ধ থাকে ৷ প্ৰৱচন অনুসৰি, পৃথিবীৰ এই দিনকেইটাত ঋতুচক্ৰ হোৱাৰ বাবে এই প্ৰথা অতিতৰে পৰা অসমৰ কামাখ্যা ধামত প্ৰচলিত হৈ আহিছে৷

অসুস্থ শহুৰেকক কান্ধত তুলি চিকিৎসালয়লৈ লৈ গ’ল বোৱাৰীয়ে ! ক’ৰ ঘটনা এয়া চাঁও আহক

ৰহাৰ ঘটনা এয়া! বোৱাৰীয়েকে কান্ধত তুলি হাস্পতাললৈ লৈ গল অসুস্থ শহুৰেকক। ৰহাৰ পৰিপূৰক স্বাস্থ্য কেন্দ্ৰত  দেখা গল এই দৃশ্য। আৰু ইয়াৰ পৰাই ১০৮ৰ সহায়ত শহুৰেকক লৈ যোৱা হয় নগাঁৱলৈ।জানিব পৰা মতে, ৰহাৰ ভাটিগাঁও নিবাসী থলেশ্বৰ দাস নামৰ এগৰাকী ৭৫ বছৰীয়া লোক শাৰীৰিকভাৱে অসুস্থ হৈ পৰাত বোৱাৰী নিহাৰিকা দাসে  এনেদৰে ৰহা পৰিপূৰক স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ বাবে আনে ৷ কিন্তু থলেশ্বৰ দাস ক’ভিড পজিটিভ বুলি চিনাক্ত হোৱাৰ  পিছতে বোৱাৰীও আক্ৰান্ত হয় ক’ৰণাত।ক’ভিড পজিটিভ শহুৰেকক এনেদৰে হাস্পতাললৈ লৈ যোৱা বোৱাৰী নিহাৰিকাও এতিয়া আক্ৰান্ত হ’ল ক’ৰণা ভাইৰাছত। উল্লেখ্য যে, নিহাৰিকাৰ স্বামী তথা থলেশ্বৰ দাসৰ পুত্ৰ চাকৰি সূত্ৰে ঘৰৰ পৰা আঁতৰত থকাৰ বাবেই বোৱাৰীয়েকে শহুৰেকৰ সমস্ত দায়িত্ব ল’ব লগা হৈছে ৷ কোৰোণাত আক্ৰান্ত হোৱাৰ পিছত থলেশ্বৰ দাসক ক’ভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰাৰ লগতে নিহাৰিকাক হোম কোৱাৰেণ্টাইনত ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল স্বাস্থ্য বিভাগে। কিন্তু বয়সীয়াল শহুৰেকক অকলশৰে হাস্পতাললৈ প্ৰেৰণ কৰিবলৈ অমান্তি হয় নিহাৰিকা। সেয়েহে চিকিৎসালয়খনত সেইসময়ত দায়িত্বত থকা ডা° সংগীতা ধৰ আৰু বহুমুখী স্বাস্থ্যকৰ্মী পিন্টু হীৰাই যাৱতীয় চিকিৎসা সেৱা প্ৰদান কৰি দুয়োকে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হস্পিতাললৈ ১০৮ বাহনেৰে প্ৰেৰণৰ ব্যৱস্থা কৰে ৷ক’ৰণা মহামাৰীৰ এই বিভীষিকাৰ সময়ত ৰহাৰ নিহাৰিকা দাসে নিজৰ শহুৰৰ প্ৰতি দেখুওৱা দায়িত্ববোধে সকলোকে মোহিত কৰিছে। 

নামখলাত সাংবাদিকৰ আত্মসমালোচনা দিন আৰু ননৈ ভেলি ই-মিডিয়া কাউন্সিলৰ প্ৰতিষ্ঠা দিৱস পালন ৷

ভেৰুৱাত সাংবাদিক আত্মসমালোচনা দিন আৰু ননৈ ভেলি ই মিডিয়া কাউন্সিলৰ প্ৰতিষ্ঠা দিৱসটি সফলভাৱে ক’ভিদ প্ৰট’কল মানি পালন কৰে ৷ এই অনুষ্ঠানটি ৰূপায়নৰ ক্ষেত্ৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহযোগিতা আগবঢ়োৱা উপদেষ্টা মণোৰঞ্জন শৰ্মা, সাংবাদিক দিলীপ ডেকা আৰু ডি ওৱাইৰ সাংবাদিক তথা নভেইমিৰ সভাপতি দ্বিপেন ডেকাৰ লগতে উপস্থিত প্ৰতিগৰাকী সন্মানীয় সদস্যলৈ আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জনােৱা হয় । অনুষ্ঠানৰ গছপুলি ৰোপক তথা ছিপাঝাৰৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী, দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া , সাংবাদিক সমালোচক তথা ভেৰুৱা হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰবীন কলিতা, ‍শান্তি বন্তি প্ৰজ্জ্বলক হেমন্ত ডেকালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। আনহাতে অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকী বিশিষ্ট ব্যক্তি, স্থানীয় ৰাইজলৈ ধন্যবাদ আৰু শলাগৰ শৰাই আগবঢ়াই নভেইমিৰ সম্পাদক তথা প্ৰাগ নিউজৰ সম্পাদক কমল নাথে ৷