Home Blog Page 3018

বজালতলি পঞ্চায়তৰ সভাপতি ৰঞ্জিৎ চৌধুৰীৰ বিৰুদ্ধে মইমতালি আৰু গুণ্ডাগিৰিৰ অভিযোগ

তিনিচুকীয়া জিলাৰ বজালতলি গাঁও পঞ্চায়তৰ সভাপতি ৰঞ্জিৎ চৌধুৰীৰ বিৰুদ্ধে মইমতালি আৰু কাৰ্যালয়ৰ ভিতৰত গুণ্ডাগিৰিৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় ৰুবুল গোঁহাই নামৰ নামৰ ব্যক্তি এজনে চৌধুৰীৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। এজাহাৰত উল্লেখ কৰা মতে নখ্ৰৰাই কৈৱৰ্ত গাঁৱৰ ৰুবুল গোঁহায়ে গাঁওখনৰ জৰাজীৰ্ণ পথ মেৰামতি কৰাৰ অনুৰোধ লৈ পঞায়ত কাৰ্যালয়লৈ যোৱাত চৌধুৰীয়ে বিগত নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী প্ৰিয়ংকা নেওগক গাঁওখনৰ এজনো লোকে ভোট নিদিয়াৰ বাবে গাঁওখনৰ কোনো উন্নয়ন নকৰে বুলি উচ্চ বাচ্য কৰে। লগতে তৰ্কা তৰ্কিক হতাহতিলৈ লৈ যায়। কেৱল ইমানেই নহয়, চৌধুৰীয়ে গোঁহাইক জাতত ধৰি গালি পৰাৰ অভিযোগো এজাহাৰত উল্লেখ কৰা হৈছে।

উল্লেখযোগ্য যে বিজেপিৰ পৰা বহিস্কৃত ৰঞ্জিৎ চৌধুৰীয়ে পুনৰ বিজেপিত অন্তৰ্ভুক্ত হ’বৰ বাবে বিভিন্ন কাৰচাজি কৰি হিন্দুত্বৰ কাৰ্ড খেলা বুলি অঞ্চলটোৰ একাংশ লোকে মত পোষণ কৰিছে বুলিও অনানুষ্ঠানিক ভাৱে জানিব পৰা গৈছে। সেইবাবেই এইদৰে প্ৰিয়ংকা নেওগক সমৰ্থন নকৰা চাবুৱা সমষ্টিৰে সেই গাঁওখনৰ উন্নয়ন নকৰো বুলি তেওঁ উল্লেখ কৰাে অভিযোগ। তদুপৰি এই ঘটনা সংঘটিত কৰো চৌধুৰীয়ে ওলোটাই ৰুবুল গোঁহাইৰ বিৰুদ্ধে থানাত এজাহাৰো দাখিল কৰিছিল। কিন্তু স্থানীয় ৰাইজৰ মতে চৌধুৰীয়েহে সমগ্ৰ ঘটনাটোক অন্য ৰূপ দিয়াৰ চেষ্টা কৰিছে। সচা মিছাৰ উমান আৰক্ষীৰ তদন্তত হে পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

বিশিষ্ট সাহিত্যিক ড: লক্ষ্মীনন্দন বৰাৰ মৃত্যুত অসম জাতীয় পৰিষদৰ শোক

বিশিষ্ট লেখক তথা সাহিত্যিক, গল্পকাৰ, ঔপন্যাসিক, পদ্মশ্ৰী বঁটা প্ৰাপক, সাহিত্য একাডেমী বঁটা বিজয়ী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড: লক্ষ্মীনন্দন বৰাৰ বিয়োগত অসম জাতীয় পৰিষদে গভীৰ শোক ব্যক্ত কৰিছে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক শোকবাৰ্তাযোগে অসমীয়া সাহিত্য আৰু সমাজ আকাশৰ উজ্জ্বল নক্ষত্ৰ স্বৰূপ ডঃ বৰাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰএছ শোকবাৰ্তাটোত জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকে কয় যে
ডঃ বৰাৰ বিয়োগত অসম জাতীয় পৰিষদৰ সমগ্র পৰিয়াল মৰ্মাহত হৈছে। তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি গগৈ আৰু ভূঞাই লগতে কয় যে পাতাল ভৈৰবী,গঙা চিলনীৰ পাখি, যাক এৰি নাহিকে উপাম, সেহি গুননিধি আদি কেইবাখনো কালজয়ী উপন্যাসেৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি যোৱা ডঃ লক্ষ্মীনন্দন বৰাৰ আবৰ্তমানত অসমীয়া সাহিত্যৰ আকাশখন তেনেই উদং হৈ গ’ল।

খাৰুপেটিয়াত চাৰি গাঞ্জা সৰ্বৰাহকাৰী আটক

দৰং জিলাৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত জিলাখনৰ আৰক্ষীয়ে  অবৈধ ড্ৰাগছ, ভাং আদি নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান। খাৰুপেটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত কাকতিৰ নেতৃত্বত চলা এক অভিযানত জিলাখনৰ আলিকাষ  গাঁওৰ জবান আলীৰ ঘৰৰ পৰা 3 KG নিষিদ্ধ  গাঞ্জা উদ্ধাৰ কৰে। জবান আলীৰ স্বীকাৰূক্তিত  আৰক্ষীয়ে  বিহুদিয়া গাৱৰ উমৰ আলি , ঘনশিমূলীৰ ইনামূল হক আৰু নিজ নগাজন গাঁওৰ পৰা ফুল মহম্মদক আটক কৰে আৰু আটক চাৰি সৰ্বৰাহকাৰীৰ পৰা 10kg গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰা গাঞ্জা সৰ্বৰাহকাৰীৰ বিৰূদ্ধে শুধপোচ অব্যাহত ৰাখিছে  । আৰক্ষীয়ে এই সন্দৰ্ভত খাৰুপেটীয়া থানাত এক গোচৰ ৰুজু কৰি অভিযুক্ত চাৰিজনক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে।

পূব নলবাৰী কচিং চেণ্টাৰৰ দুৰ্দশাগ্ৰস্ত খেলুৱৈৰ কাষত ড° অৰ্চনা ভটাচাৰ্য্য

বৰ্তমান সময়ত অসমত খেলুৱৈৰ পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হৈছে। বিশেষকৈ ক’ভিডৰ সময় ছোৱাত খেলুৱৈৰ দুৰ্দশা আৰু দুগুনে বৃদ্ধি পাইছে। বহুত খেলুৱৈয়ে এসাজ খায় এসাজ লঘোনে থাকিবলগীয়া পৰিস্থিতৰ সৃষ্টি হৈছে। ঠিক সেই সময়তে নলবাৰী জিলাৰ অগ্ৰণী ক্ৰীড়া সংগঠন পূব নলবাৰী ক’চিং চেণ্টাৰৰ অনুৰোধ মৰ্মে খেলুৱৈ সকলক সহায় কৰাৰ মানসেৰে বহুকেইজন হৃদয়বান ব্যাক্তি আগবাঢ়ি অহা পৰিলক্ষিত হৈছে। এওঁলোকে খেলুৱৈ সকলক কিছু অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰি খেলুৱৈ সকলক সাহস আৰু প্ৰেৰণা দিছে। এই কথা বিভিন্ন প্ৰচাৰ মাধ্যমত প্ৰকাশ হৈ থকাত আজি এই দুৰ্দশাগ্ৰস্ত খেলুৱৈৰ ওঁচৰত থিয় হৈছে যোৰহাট জিলাৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান “নৱকিৰণ মঞ্চ”ৰ সঞ্চালক তথা কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা, উপাধক্ষ্য ড° অৰ্চনা ভটাচাৰ্য্যই। তেওঁ আজি ক’চিং চেণ্টাৰৰ ৪০ জন দুখীয়া খেলুৱৈক কিছু খাদ্য-সামগ্ৰী যোগান ধৰাৰ বাবে অনুদান আগবঢ়াই। সেইমৰ্মে চেণ্টাৰটোৰ বিষয়ববীয়াই আজি খেলুৱৈ সকলৰ মাজত চাউল, ডাইল, মিঠাতেল, আলু, আটা, পিয়াজ, চয়াবিন, চাবোন, বিস্কুট আদি অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰে। খেলুৱৈ সকলে এই অভাৱৰ দিনত সামগ্ৰীখিনি পায় উৎফল্লিত হৈ পৰে। সম্পূৰ্ণ কভিড প্ৰটোক’ল মানি সামগ্ৰী সমূহ বিতৰন কৰে কচিং চেণ্টাৰৰ সভাপতি দীপক কুমাৰ দাস, সম্পাদক হিতেশ দাস, কোষাধক্ষ্য ভৱেশ ভড়ালীয়ে। ভট্টাচাৰ্য্যৰ মহানুভৱতাক ক’চিং চেণ্টাৰৰ লগতে ক্ৰীড়া প্ৰেমী ৰাইজে আন্তৰিকতাৰে শলাগ লৈছে।

ড্ৰাগছৰ পিচত এইবাৰ জুৱাৰ বিৰুদ্ধে অভিযান বৰপেটা আৰক্ষীৰ

ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ ড্ৰাগছ আৰু জুৱা বিৰোধী অভিযান তীব্রতৰ কৰাৰ সমান্তৰালকৈ  বৰপেটা আৰক্ষীও এই ক্ষেত্ৰত পিছ পৰি থকা নাই। সময়ে সময়ে বৰপেটাৰ আৰক্ষীয়ে এনে দুষ্ট চক্ৰৰ বিৰুদ্ধে অভিযান চলাই গৈছে। বিভিন্ন অপৰাধীৰ ৰৈম্য ভূমিত পৰিণত হৈ পৰিছে বৰপেটা। বৰপেটা আৰক্ষীয়ে এটাৰ পিছত এটা অভিযান চলাই গৈছে।আৰক্ষীয়ে বৰপেটাৰ সনকুছি কলনীত এটা জুৱাৰ ঘাটি উচ্ছেদ  কৰে। সনকুছি কলনীৰ এটা ফ্লেটৰ পৰা  ৪ জন জুৱাৰী আটক কৰিবলৈ সক্ষম হয়।লগতে জব্দ  কৰে জুৱাৰ সামগ্ৰীসহ নগধ ধন। ধৃত ৪ জুৱাৰী ক্ৰমে আব্দুৰ ৰহমান, আমজাদ আলী,সুদীপ কৰ্মকাৰ আৰু আছাদুল ইছলাম । বিভিন্ন প্ৰান্তৰ পৰা আহি বৰপেটাত বাহৰ পতা চাৰি যুৱকে জুৱা খেলিবৰ বাবেই ভাড়ালৈ লৈছিল ফ্লেটটো*।দীৰ্ঘদিন আগৰ পৰা ফ্লেটটোত  জুৱাৰ আড্ডা চলাই আহিছিল।অৱশেষত গোপন সূত্ৰৰ খবৰ অনুসৰি  আৰক্ষীয়ে জুৱাৰ ঘাটিটো উৎখাত কৰিবলৈ সক্ষম হয় ।

গোৱালপাৰা আৰক্ষীৰ সফল অভিযান : আটক আহমেদ আলী নামৰ এজন গাঞ্জা ব্যৱসায়ী

কালি বিয়লি ৬:৩০ মান বজাত গোৱালপাৰাৰ বলদমাৰী চৰ অঞ্চলৰ কালু বজাৰ দলংৰ কাষত এক গোপন সূত্ৰৰ পম খেদি গোৱালপাৰা সদৰ আৰক্ষীৰ আৰক্ষীয়ে এজন গাঞ্জা  ব্যৱসায়ী  আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে আৰক্ষীয়ে প্ৰায় দূঘন্টা ধৰি বাহৰ পাতি থকাৰ পিছত আটক কৰিবলৈ সক্ষম হয় গাঞ্জাৰ ব্যৱসায়ীজনক।
গোৱালপাৰা সদৰ আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আদিত্য প্ৰকাশ দেউৰী আৰু উপ-আৰক্ষী পৰিদৰ্শক সঞ্জয় আনন্দ মূছাহাৰীৰ নেতৃত্বত এটা আৰক্ষীৰ দলে বুধবাৰে বিয়লি ৪ বজাৰে পৰা এক গোপন সূত্ৰৰ পম খেদি গোৱালপাৰাৰ বলদমাৰী অঞ্চলৰ কালু বজাৰ দলংৰ কাষত বাহৰ পাতি আছিল। প্ৰায় দুঘণ্টা অতিক্ৰম কৰাৰ পাছত অৱশেষত গাঞ্জাৰ ব্যৱসায়ী আহমেদ আলীক হাতে লোটে আটক কৰিবলৈ সক্ষম হয়। এই অভিযানত গাঞ্জা ব্যৱসায়ী আহমেদ আলীৰ লগতে ৮.১৫০ কিঃগ্ৰাম গাঞ্জা উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে গাঞ্জা ব্যৱসায়ীজনক আটক কৰি গোৱালপাৰা সদৰ থানালৈ লৈ যায় যদিও আন এজন গাঞ্জা ব্যৱসায়ী পলাই যাবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে। 
আৰক্ষী সূত্ৰে জানিব পৰা মতে জব্দ কৰা গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ৯০ হাজাৰ টকা। আৰক্ষীয়ে প্ৰাথমিক পৰ্যায়ৰ তদন্ত অব্যাহত ৰাখিছে।2 Attachments

জৰাজীৰ্ণ উৰুখা পজাত দুৰ্বিসহ জীৱন অতিবাহিত জকাই ঘিটিৰা বৰবিল গাৱঁৰ বৃদ্ধা দম্পতীৰ

‘ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ অধীনৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত জকাই ঘিটিৰা বৰবিল গাৱঁৰ অতিশয় দৰিদ্ৰতাৰে দুৰ্বিবহ জীৱন যাত্ৰাৰে জৰাজীৰ্ণ উৰুখা পজাত অতি দুখ যান্ত্ৰণাৰে জীৱন অতিবাহিত কৰিছে এহাল বৃদ্ধ দম্পতীয়ে।উল্লেখ যে জকাই ঘিটিৰা বৰবিল গাৱঁৰ নিৰ্বাসী ভূগিৰাম সোনোৱাল আৰু মাতো সোনোৱালে আকাশৰ তৰা জিলিকা উৰুখা পজাত ৰ’দ আৰু বৰষুণ পৰা অতিকৈ যান্ত্ৰণাকাতৰ দুৰ্বিসহ জীৱন কটাইছে ।বিগত অগপ চৰকাৰ দিনতেই এটি সামান্য গৃহ চৰকাৰী ভাৱে আৱন্টন পাইছিল যদিও সেই গৃহটো জহিখহি উৰুখা পৰ্যায়লৈ পৰ্যবসিত হোৱাৰ পিছত কথমপি সৰু গৃহ এটা নিৰ্মাণ কৰি বসবাস কৰি আহিছে দুৰ্ভগীয়া পৰিয়লটোৱে।আৰ্থিক দুৰ্দশা আৰু দৰিদ্ৰতাই কোঙা কৰি সৰ্বহাৰাত পৰিণত জকাই ঘিটিৰা বৰবিল গাৱঁৰ নিৰ্বাসী ৭০বছৰীয়া ভূগিৰাম সোনোৱাল আৰু ৬৫বছৰীয়া মাতো সোনোৱালে উৰুখা পজাঁত বৰ্তমান এদিনেই এযুগৰ দৰে দিন অতিবাহিত কৰিছে । নাই পনী খাৱলৈ টিউবেল ; নাই শৌচাগাৰ একেটা ঘৰতে হাঁহ কুকুৰ লগতে বসবাস কৰিবলগীয়া হৈছে। নিজেই নিজক শাসন কৰা যি ব্যৱস্থা সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ বিভিন্ন আছনি ও গাঁৱ পঞ্চায়তৰ আছনিৰ অধিনৰ প্ৰধান মন্ত্ৰী আবাহ যোজনাৰ আছনি ও ধুকি পোৱা নাই এই দৰিদ্ৰতাই জোৰোলা কৰা বৃদ্ধ দম্পতী হালক।সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদে বিতৰণ কৰা হাজাৰ হাজাৰ টিউবেল বিতৰণৰ আছনিও যোগ্য নোহোৱা তথা প্ৰধান মন্ত্ৰী আবাহ যোজনাইয়ো ধুকি নোপোৱা এই বৃদ্ধ দম্পতীৰ হাল

লাহদৈগড় আৰক্ষীৰ জালত আইপিএল সদৃশ খেলৰ নামত বৃহৎ জুৱা, মোবাইল এপৰ জড়িয়তে জুৱা চলোৱা তিনি এজেণ্ট গ্ৰেপ্তাৰ

যোৰহাটত জিলা লাহদৈগড় আৰক্ষীয়ে এইবাৰ আই পি এল সদৃশ খেলৰ নামত বৃহৎ জুৱা চক্ৰ উৎখাট কৰিছে। লাহদৈগড় আৰক্ষীৰ জালত পৰিছে তিনিটাকৈ এজেণ্ট। লাহদৈগড় আৰক্ষীৰ অভিযানত মেলেং মধুপুৰৰ পৰা  দিপু দাস, অচিন্ত বৰাৰ লগতে আৰু এজন এজেণ্ট পৰিছে আৰক্ষীৰ জালত।বৰ্তমান  আটকাধীন  এজেণ্টৰ পৰা এটুকুৰা হাতীৰ দাঁত, তিনিটা জুৱা খেলত ব্যৱহৃত ম’বাইল ফোন আৰু ১৮ হাজাৰ ৩৩০ টকা নগদ ধন জব্দ কৰিছে।ফান এপ (FAN AAP) নামৰ এটা ম’বাইল এপৰ জড়িয়তে বিদেশৰ কোনো পোনপটীয়াকৈ সম্প্ৰচাৰ হৈ থকা খেলৰ নামত  এই জুৱা চলি আছে বুলি সদৰী কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ মতে অসমৰ বিভিন্ন নগৰ-চহৰ,  গাঁৱে-ভূঞে  শিপাইছে এই জুৱা।ইতিমধ্যে আৰক্ষীয়ে ৩৫৪/২১ নম্বৰত গোচৰ ৰুজু কৰিছে। ধৃত তিনিওকে আদালতত হাজিৰ কৰাই অধিক তদন্তৰ বাবে দুজনক আৰক্ষীৰ জিন্মাত লোৱা বুলি জানিব পৰা গৈছে

দুলীয়াজানত চোৰাং তেল জব্দ:এজনক আটক

দুলীয়াজানত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি অইল ইণ্ডিয়া লিমিটেডৰ বৃহৎ পৰিমাণৰ চোৰাং কণ্ডেনচেট তেল জব্দ কৰিবলৈ সক্ষম হৈছে। দুলীয়াজানৰ কঠালগুৰি পাঁচসূতি গাঁৱত আৰক্ষীয়ে চলোৱা অভিযানত অইলৰ চোৰাং কণ্ডেনচেট তেলসহ এজন ব্যক্তিক হাতে-লোটে আটক ধৰিবলৈ সক্ষম হয় । ধৃত লোকজন হৈছে দুলীয়াজানৰ কঠালগুৰি পাঁচসূতি অঞ্চলৰ চুনু সিঙ ওৰফে অশোক সিঙ ।

কানি খাই থকা অৱস্তাত টিংৰাই বেতনি গাওঁত দুই ভূৱা সাংবাদিকক আটক ৷

ডিগবৈ থানা অন্তৰ্গত টিংৰাই সমীপৰ বেতনি গাৱঁত যোৱা কালি নিছাসক্ত অৱস্তাত দুই ভূৱা সাংবাদিকক হাতে-লুটে ধৰা পেলাই স্থানীয় ৰাইজে ৷ জানিব পৰামতে কিছু দিনৰ পূৰ্ৱে খোলা Tinsukia today 24×7 লাইভ নামৰ এটা ফেচবুক চেনেলত নিজকে কৰ্মৰত বুলি চিনাকি দিয়া চুমন কৰ (২৭) আৰু ৰকিব বাছফ্ৰ (২৯) নামৰ তিনিচুকীয়াৰ দুইযুৱকে এএছ-২৩-জি-৪৯৮৩ নম্বৰৰ এখন ৰঙা ৰঙৰ পালছাৰ বাইকৰ সন্মুখত প্ৰেছ লিখিলৈ গাওঁখনৰ এটা স্থানত কানি খাই থকা আৱস্তাত স্থানীয় সচেতন ৰাইজৰ ওচৰত ধৰা পৰে ৷ প্ৰথমে নিজকে সাংবাদিক বুলি পৰিচয় দিছিল যদিও পাছত নিজৰ দুখ স্বীকাৰ কৰে ৷ স্থানীয় যুৱক সকলে অধিক জানিব বিচৰাত এই দুই তথা-কথিত ভূৱা সাংবাদিকে বিগত বহু দিনৰে পৰা এই স্থানত কানি সেৱন কৰিবলৈ আহি থকা বুলি জানিবলৈ দিয়ে ৷ চুমন কৰ নামৰ যুৱকজনে ডিঙিত ভূৱা প্ৰেছ কাৰ্ড ওলমাই লৈ সৰ্তীথ ৰকিব বাছফ্ৰক লগত আনি এনেদৰে এই কানি সেৱন কামত জড়িত কৰোৱাৰ বাবে ভূৱা সাংবাদিক চুমন কৰক ৰাইজৰ আগত ৰকিব বাছফ্ৰৰ হতোৱাই অপদস্ত কৰোৱাই ৷ পাছত আঠু কাঢ়ি ভৱিৰ্ষ্যতে এনে কাম নকৰাৰ প্ৰতিশ্ৰুতি দিয়াত তথা-কথিত সাংবাদিক চুমন কৰ আৰু সৰ্তীথ ৰকিব বাছফ্ৰক স্থানীয় ৰাইজে ডিগবৈ আৰক্ষীক গতাই দিয়ে ৷ উল্লেখ যে এই বেতনি গাওঁত প্ৰায় কানি, ড্ৰাগছ আদি মাৰাত্মক সামগ্ৰী সেৱন কৰা অৱস্তাত বিগত সময়ত বহু যুৱক যুৱতি ধৰা পৰি আহিছে ৷ সেইয়ে স্থানীয় যুৱক সকলে এই ক্ষেত্ৰত সজাগ হৈ এই ৰাগিয়াল সামগ্ৰী সেৱন কৰা সকলৰ বিৰোধে অভিযানত নামি পৰা দেখা গৈছে ৷