Home Blog Page 3018

লুৰিণ-অখিল বিজেপিক জয়ী কৰাবলৈ নিৰ্বাচনত নামিছে : লেখিকা শিখা শৰ্মা

কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত ডেকাচাং আঞ্চলিক হাইস্কুল খেল পথাৰ প্ৰাংগণত  অসম মিঞা পৰিষদৰ কামৰূপ জিলা পৰিষদৰ উদ্যোগত ৰবিবাৰে খিলঞ্জীয়া সমাবেশৰ সফল সামৰণি পৰে। অসম মিঞা পৰিষদৰ কামৰূপ জিলা পৰিষদৰ সভাপতি বাহাৰুল ইছলামৰ সভাপতিত্বত সভাত মুখ্য অতিথি হিচাপে গুৱাহাটীৰ বিশিষ্ট লেখিকা শিখা শৰ্মা, সন্মানীয় অতিথি ৰূপে অসম মিঞা পৰিষদৰ কেন্দ্ৰীয় সভাপতি এম মহৰ আলী, অসম বাঘ সেনাৰ মূখ্য সেনাধ্যক্ষ এম ৰফিকুল ইছলাম হাজৰিকা, যুৱ সমাজ কৰ্মী ৰুবুল আহমেদ, অসম মিঞা পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক এম মুক্তাৰ মণ্ডল, ৪ নং সোনতলী টুপামাৰী জিলা পৰিষদৰ সদস্য ছাজাহান আলী লগতে অঞ্চলটোৰ গন্য মান্য ব্যক্তি উপস্থিত থাকে। সভাত মুখ্য অতিথি শিখা শৰ্মাই কেইবাটাও বিস্ফোৰক মন্তব্য কৰি কয় যে সমাগম বিধান সভা নিৰ্বাচনত লুৰিণ জ্যোতি গগৈ আৰু অখিল গগৈয়ে বিজেপিক জয়ী কৰিবলৈ নিৰ্বাচনত নামিছে। একাংশ সাংবাদিকো বিজেপিৰ কথাত উঠা বহা কৰে বুলি অভিযোগ উত্থাপন কৰি লেখিকা গৰাকীয়ে কয় যে এ ইউ ডি এফ ৰ মুৰব্বী বদৰ উদ্দিন আজমলে শংকৰদেৱ চাহাব কোৱাত অসমীয়াৰ আবেগত আঘাত লাগে বুলি একাংশ সংবাদ মাধ্যমে তীব্ৰ প্ৰচাৰ চলাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল কিন্তু সৰ্বানন্দ সোনোৱালে শংকৰদেৱ জী বুলি কোৱাৰ পাছত কত গল অসমীয়াৰ আবেগ, কোনো প্ৰতিক্ৰিয়া নাই কিয় ? এইদৰে লেখিকা গৰাকীয়ে মন্তব্য কৰে। ইয়াৰ ওপৰিও APSC ত এতিয়াও কেলেংকাৰী আছে বুলি বিস্ফোৰক মন্তব্য কৰে লেখিকা শিখা শৰ্মাই। APSC কেলেংকাৰীৰ আৰ টি আই ৰ তথ্য লেখিকা গৰাকীৰ হাতত আছে বুলি কৈ সৰ্বানন্দ সোনোৱালে নিৰ্বাচনৰ আগতেই ইয়াৰ উত্তৰ দিব লাগে বুলি প্ৰত্যাহ্বান জনাই লেখিকা গৰাকীয়ে। সভাত উপস্থিত আমন্ত্ৰিত, বিশিষ্ট, নিৰ্দিষ্ট অতিথি সকলে চৰাঞ্চলৰ বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰে আৰু এই সমস্যা সমাধান বাবে সমাগম ২১ৰ বিধান সভা নিৰ্বাচনত উপযুক্ত প্ৰাৰ্থীক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়।

মুখ্যমন্ত্ৰী হৈ জেলৰ পৰা ওলাই আহিব অখিল গগৈ : কমল কুমাৰ মেধি

“অসমৰ মুখ্যমন্ত্ৰী হৈ জেলৰ পৰা ওলাই আহিব অখিল গগৈ। যিমানেই অখিল গগৈক বিজেপি চৰকাৰে অন্যায় ভাৱে জেলত ৰাখিব সিমানেই তেওঁ শক্তিশালী হৈ আহিব।” আজি বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী গাৰামদেউত ৰাইজৰ দলৰ এক বিশাল কৰ্মী সভাত অংশগ্ৰহণ কৰি দলটোৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে এই মন্তব্য কৰে। তেখেতে কয় যে বিজেপিয়ে আটাইতকৈ ভয় কৰা মানুহজনেই হৈছে অখিল গগৈ। তেওঁক সেইকাৰণে দীৰ্ঘদিন ধৰি জেলত আৱদ্ধ কৰি ৰাখিছে বিজেপি চৰকাৰে। যিমানেই জেলত আৱদ্ধ কৰি ৰাখিব সিমানেই শক্তিশালী নেতা হৈ ৰাইজৰ মাজলৈ আহিব অখিল গগৈ। কা বিৰোধী আন্দোলন কৰাৰ পিছৰে পৰা ৰাইজৰ নেতাজনক ষড়যন্ত্ৰমূলকভাৱে বিজেপি চৰকাৰে জেলত দীৰ্ঘদিন ধৰি আৱদ্ধ কৰি ৰাখিছে। ইয়াৰ সমূচিত প্ৰত্যুত্তৰ অসমৰ জনগণে বিজেপিক এইবাৰ নিৰ্বাচনত দিব বুলিও মেধিয়ে মন্তব্য কৰে ৷ আনহাতে আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজৰ দলে বিটিআৰৰ কেবাটাও সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব বুলি মন্তব্য কৰি কমল কুমাৰ মেধিয়ে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াকো সমালোচনা কৰে। তেওঁ সাংসদ গৰাকীক ৰাইজৰ মাজলৈ আহি জন সমৰ্থন পৰীক্ষা কৰি চাবলৈও প্ৰত্যাহ্বান জনায়। বিটিচি নিৰ্বাচনৰ পিছতে সাংসদ গৰাকীৰ নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীৰ পৰা নিৰ্বাচিত হোৱা কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে সৰ্বানন্দ সোণোৱাল আৰু হিমন্তবিশ্ব শৰ্মাৰ বোকোচাত উঠি গোটেই সমষ্টিবাসীক প্ৰতাৰণা কৰা বুলিও ৰাইজৰ দলৰ নেতা গৰাকীয়ে অভিযোগ কৰে । গতিকে সমষ্টিবাসী ৰাইজে এইবাৰ ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলিও কয়। আগন্তুক নিৰ্বাচনত ৰাইজে বিচাৰিলে জালুকবাৰী সমষ্টিত হিমন্তবিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু থকা বুলি দোহাৰি তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মাফিয়া। গতিকে তেওঁক এইবাৰৰ নিৰ্বাচনত জালুকবাৰীৰ ৰাইজে ওফৰাই পেলাব বুলিও কয়। আজিৰ এই কৰ্মী সভাত উপস্থিত থাকি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক মুকুট ডেকা, ৰাইজৰ দলৰ চাপাগুৰি সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী সুজন দাস, ৰাইজৰ দলৰ নেতা উপেন দাস, দয়াল কলিতা, সত্য কলিতা, ধনঞ্জয় কলিতা আদিয়েও বক্তব্য ৰাখে ৷

দক্ষিণ কামৰূপ মহাবিদ্যালয়ত বিজ্ঞান দিৱস উদযাপন

দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান দক্ষিণ কামৰূপ মহাবিদ্যালয়ত পৰিবেশ আৰু জলবায়ু কোষ, উন্নত ভাৰত অভিযান গোট আৰু মহাবিদ্যালয়খনৰ উদ্যোগত ২৮ ফেব্ৰুৱাৰী বিজ্ঞান দিৱস উদযাপন কৰা হয়।

অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৱজ্যোতি দাসে উপস্থিত থাকি পৰিবেশ সজাগতাৰ প্ৰয়োজনীয়তা বিষয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মতবিনিময় কৰে। উক্ত দিৱসৰ লগত সংগতি ৰাখি এখন শ্লোগান প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উক্ত প্ৰতিযোগিতাত প্ৰথমস্থান কাশ্যপজ্যোতি কলিতা, দ্বিতীয় স্থান ভাৰ্গৱ কলিতা আৰু তৃতীয় স্থান অধিকাৰ কৰে কুলদ্বীপ কলিতাই। হীৰকজ্যোতি মালী আৰু কুইনমণি ৰয়ে নিচুকণি বঁটা লাভ কৰে। অনুষ্ঠানত আভ্যন্তৰিণ গুণগতমান নিৰূপন কেন্দ্ৰ (IQAC)ৰ সঞ্চালক তথা উন্নত ভাৰত অভিযান (UBA) গোটৰ সমন্বয়ক ড০ গাৰ্গী চক্ৰৱৰ্তী, পৰিবেশ আৰু জলবায়ু কোষৰ সমন্বয়ক মানবেন্দ্ৰ কলিতা, প্ৰৱক্তা ড০ দুৰ্লভ নাৰায়ণ সিংহ, কৰুণাকান্ত দাস, প্ৰশান্ত কলিতাৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। দক্ষিণ কামৰূপ মহাবিদ্যালয়ক প্লাষ্টিক মুক্ত কৰাৰ প্ৰথম প্ৰয়াস হিচাপে উদ্যোক্তাসকলে বিভিন্ন বিভাগত বাঁহৰে সজা ডাষ্টবিন বিতৰণ কৰে।

ঐশ্বৰ্য ৰায়ৰ দৰে হুবহু পাকিস্তানৰ যুৱতী আমনা ইমৰাণ

সামাজিক মাধ্যমত বৰ্তমান চৰ্চাত পাকিস্তানৰ এগৰাকী যুৱতী । যুৱতী গৰাকীৰ নাম আমনা ইমৰাণ ।

আমনা ইমৰাণ এগৰাকী ‘বিউটী ব্লগাৰ’ । তেওঁৰ ইনষ্টাগ্ৰাম ফ’ল’ৱাৰ্ছৰ সংখ্যাও বহু ।

আচম্বিত ছচিয়েল মেডিয়া ব্যৱহাৰকাৰীসকল । মিশ্ৰ প্ৰতিক্ৰিয়াত ভৰি পৰিছে আমনাৰ ছবিবোৰৰ কমেণ্ট বক্স । কিছু সংখ্যকে আমনাক লৈ কুমন্তব্য কৰা আৰম্ভ কৰিছে ।

তেওঁলোকে দাবী জনায়, তেওঁ ঐশ্বৰ্যক অনুকৰণ কৰাৰ চেষ্টা কৰিছে । কিছু সংখ্যকে আকৌ তেওঁক ঐশ্বৰ্যতকৈও ধুনীয়া বুলি মন্তব্য কৰে ।

আমনাৰ সামাজিক মাধ্যমৰ একাউণ্ট প্ৰত্যক্ষ কৰি বুজা‌ যায় যে, আমনাই বিশ্বসুন্দৰীৰ সন্মান লাভ কৰা অভিনেত্ৰী ঐশ্বৰ্য ৰায়ক অনুকৰণ কৰে ।

বগা অভাৰক’ট পিন্ধি ছবি প’ষ্ট কৰে আমনাই । ‘এ দিল হে মুছকিল’ চলচ্চিত্ৰৰ ‘বুলেয়া’ গীতটোত ঐশ্বৰ্যই যেনেকৈ ৰূপ সজ্জা কৰিছিল ঠিক সেইদৰেই ৰূপ সজ্জা কৰি ছবি আপল’ড কৰিছিল আমনাই ।

নলবাৰীৰ পকোৱাত অনুষ্ঠিত অসম ভিত্তিত দিবা-নৈশ ভলীবল প্ৰতিযোগিতাত সৰভোগ চেম্পিয়ন

২৮ ফেব্ৰুৱাৰীত নলবাৰী জিলাৰ এটি অগ্ৰনী ক্ৰীড়া সংগঠন নিজ পকোৱা সূনীতি সংঘৰ উদ্যোগত তাঁতিপাৰা প্ৰাথমিক বিদ্যালয় খেলপথাৰত পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হৈ যায় ১৮ সংখ্যক প্ৰয়াত কাৰ্তিক বৈশ্য, দুৰ্গাৰাম সাউদ, আৰু বিৰেন দত্ত সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজমানি দিবা-নৈশ ভলীবল প্ৰতিযোগিতা। অসম পুলিচ, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, ৰেঙণি,(তেজপুৰ) সৰভোগ, আই আৰ বি এন (চৰাইমাৰী) ভেৰগাওঁ ( ওদালগুৰি) নলবাৰী ভলীবল ক’চিং চেন্টাৰ, নিজ পকোৱা সূনীতি সংঘই যোগদান কৰা প্ৰতিযোগিতাখনত লীগ পৰ্ষ্যায়ৰ খেল সমূহ শেষ হোৱাৰ পিছত প্ৰথম খন ছেমি ফাইনেলত সৰভোগ দলে অসম পুলিচ দলক ২-১ ছেটত হৰুৱাই চুড়ান্ত খেললৈ যোগ্যতা অৰ্জন কৰে। আনহাতে দ্বিতীয়খন ছেমি ফাইনেলত অসম ৰাজ্যিক বিদ্যুত পৰিষদে ৰেঙণি দলক ২-০ ছেটত পৰাজিত কৰি চুড়ান্ত খেললৈ উৰ্ত্তীৰ্ণ হয়। চুড়ান্ত খেলত সৰভোগ দলে বিদ্যুত পৰিষদ দলক ২৫–২১, ২৫–২৩ পোনপোটীয়া ছেটত পৰাজিত কৰি প্ৰথম পুৰস্কাৰ বাৰ হেজাৰ টকা আৰু চুড়ান্ত ট্ৰফী লাভ কৰে। বিজেতা দল বিদ্যুত পৰিষদে দ্বিতীয় পুৰস্কাৰ আঠ হেজাৰ টকা আৰু চুড়ান্ত ট্ৰফী লাভ কৰে। শ্ৰেষ্ঠ শৃঙ্খলাবদ্ধ দল হিচাপে বিবেচিত হয় পকোৱা সূনীতি সংঘই। শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় সৰভোগ দলৰ অজিত দাসে। চুড়ান্ত খেলখন পৰিচালনা কৰে প্ৰথম ৰেফাৰী দেৱজিৎ ডেকা, দ্বিতীয় ৰেফাৰী প্ৰনৱ শৰ্মা আৰু তৃতীয় ৰেফাৰী বিকাশ ভট্ট। প্ৰতিযোগিতা খনত নিমন্ত্ৰীত অতিথি হিচাপে উপস্থিত থাকে ক্ৰীড়া আৰু যুৱকল্যানৰ সঞ্চালক ধৰ্মকান্ত মিলি অসম ভলীবল সন্থাৰ সহ সম্পাদক দীপক কুমাৰ দাস আদি বিশিষ্ট ব্যাক্তি সকল।

গোলাঘাটত দূৰ্লভ গগৈ সোঁৱৰণত দিবা -নৈশ ফুটবল প্ৰতিযোগিতা

গোলাঘাট জিলা ফুটবল সন্থা আৰু ঔগুৰি ক্ৰীড়া সন্থাৰ যৌথ উদ্যোগত ঔগুৰি খেলপথাৰত  গোলাঘাট সংস্কৰণৰ দূৰ্লভ গগৈ সোৱৰণী সদৌ অসম ভিত্তিত দিবা নৈশ প্ৰাইজমনি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। বাঘজান  তৈলখাদৰ অগ্নিকাণ্ড মৃত্যু বৰণ কৰা ৰাষ্ট্ৰীয় খেলুৱৈ দূৰ্লভ গগৈ সোঁৱৰণত অনুষ্ঠিত হোৱা  এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ ৩০ টা দলে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতাৰ চুড়ান্ত খেলত নাহৰকটীয়া ফুটবল একাডেমিয়ে  ডিফু হিলচ্ ইউনাইটেডক ট্ৰাইবেকাৰত পৰাস্ত কৰে । চুড়ান্ত খেল খনৰ পূৰ্বে অসমৰ ফুটবল জগতৰ লগত জড়িত বিশিষ্ট ব্যক্তি , ঔগুৰি অঞ্চলৰ সমাজকৰ্মী , ক্ৰীড়া লগত জড়িত সংগঠক তথা খেল পৰিচালক , প্ৰশিক্ষকক  সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

মুকেশ অম্বানী এছিয়াৰ ভিতৰতে এক নম্বৰ আঢ্যবন্ত ব্যক্তি

পুনৰ এছিয়াৰ ভিতৰতে আঢ্যবন্ত লোকৰ তালিকাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হ’ল উদ্যোগপতি মুকেশ অম্বানী ।

বিগত বৰ্ষৰ শেষৰ ফালে চীনৰ উদ্যোগপতি জং ছানছানে এই শীৰ্ষ স্থান দখল কৰিবলৈ সফল হৈছিল । জঙৰ সম্পত্তিৰ মূল্য হঠাৎ ২২০০ কোটি মাৰ্কিন ডলাৰ কমি যোৱাত পুনৰ এছিয়াৰ ভিতৰতে শ্ৰেষ্ঠ আঢ্যবন্ত হ’ল ৰিলায়েন্স গোষ্ঠীৰ মুৰব্বী মুকেশ অম্বানী ।

বিগত দুবছৰ ধৰি এছিয়াৰ শ্ৰেষ্ঠ আঢ্যবন্তৰ তালিকাত শীৰ্ষ স্থানত অম্বানীৰে নাম আছিল । কিন্তু ২০২০ৰ শেষৰ ফালে ফ’ৰ্বছৰ তথ্য অনুসৰি শীৰ্ষ স্থানত থাকে জঙৰ নাম । অম্বানী তৃতীয় স্থানত আহি যায় । কিন্তু দুমাহৰ ভিতৰতেই নিজৰ পূৰ্বৰ স্থান দখল কৰে ৰিলায়েন্সে ।

জং চীনৰ এটা পানীয় সংস্থা নংফু স্প্ৰিঙৰ মুৰব্বী । জেক মাৰ দৰে চীনৰ প্ৰযুক্তি সংস্থাকো পিছ পেলাই শ্ৰেষ্ঠ আঢ্যবন্ত হিচাপে পৰিগণিত হয় তেওঁ । জানুৱাৰীত নংফু স্প্ৰিঙৰ শ্বেয়াৰে শিখৰ চুইছিল । কিন্তু যোৱা এসপ্তাহত হঠাৎ শ্বেয়াৰৰ দৰ ২০ শতাংশ কমি যায় ।

বিশ্বৰ অৰ্বুদপতিসকলৰ সম্পত্তি পৰ্যৱেক্ষণ কৰা সংস্থা, ব্লুম বাৰ্গৰ তথ্য অনুসৰি, অম্বানীৰ সম্পত্তিৰ মূল্য সম্প্ৰতি আঠ হেজাৰ কোটি মাৰ্কিন ডলাৰ । জঙৰ সম্পত্তিৰ মূল্য সাত হেজাৰ ৬৬০ কোটি মাৰ্কিন ডলাৰ ।

জাভেদ আখতাৰৰ অভিযোগত কংগনাৰ বিৰুদ্ধে জামিনযোগ্য ৱাৰেণ্ট জাৰী মুম্বাই আদালতৰ

আদালতে বিষয়টো ২২ মাৰ্চত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে

আজি ১ মাৰ্চত মুম্বাইৰ এখন আদালতে অভিনেত্ৰী কংগনা ৰাণাৱতৰ বিৰুদ্ধে গীতিকাৰ জাভেদ আখতাৰৰ বিৰুদ্ধে দাখিল কৰা মানহানি অভিযোগৰ ক্ষেত্ৰত হাজিৰ হ’বলৈ ব্যৰ্থ হোৱাৰ পিছত জামিনযোগ্য গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।

আনধেৰী মেট্ৰপলিটন দণ্ডাধীশৰ আদালতে ১ ফেব্ৰুৱাৰীত কংগনাক এক চমন জাৰি কৰি ১ মাৰ্চত আদালৰ সন্মুখত উপস্থিত হ’বলৈ নিৰ্দেশ দিছিল।

অৱশ্যে, ১ মাৰ্চত কংগনা ৰাণাৱত উপস্থিত হ’বলৈ ব্যৰ্থ হয় আৰু যাৰ পিছত আদালতে তেওঁৰ বিৰুদ্ধে জামিনযোগ্য গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।

আদালতে বিষয়টো ২২ মাৰ্চত পৰৱৰ্তী শুনানিৰ বাবে দিন ধাৰ্য কৰিছে।

জাভেদ আখতাৰে কংগনা ৰাণাৱতৰ বিৰুদ্ধে তেওঁৰ বিৰুদ্ধে ভিত্তিহীন আৰু মিছা বিবৃতি দিয়া অভিযোগ দাখিল কৰিছিল যি তেওঁৰ মতে, তেওঁৰ খ্যাতি ক্ষতিগ্ৰস্ত কৰিছিল ।

কমাৰগাঁও সাংবাদিক সংস্হাৰ সভাগৃহত চকু চিকিৎসা শিবিৰ

নুমলীগড় শোধনাগাৰ সামাজিক উন্নয়ন বিভাগৰ পৃষ্ঠপোষকতাত যোৰহাটত লায়ন্স চকু চিকিৎসালয়, কল্পতৰু সেৱা আৰু কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্হাৰ সহযোগত অহা ৪ মাৰ্চত চকু চিকিৎসা শিবিৰৰ আয়োজন কৰিছে।কমাৰগাঁও সাংবাদিক সংস্হাৰ সভাগৃহত পুৱা ১০ বজাৰ পৰা আয়োজিত চকু চিকিৎসা শিবিৰত ইচ্ছুক ৰোগীক চিকিৎসা সেৱা লবলৈ উদ্যোক্তা সকলে আহ্বান জনাইছে।

নিৰ্বাচনক কেন্দ্ৰ কৰি টীয়কত প্ৰশাসনৰ তৎপৰতা

নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে সমগ্ৰ অসমতে প্ৰশাসন অধিক তৎপৰ হোৱা দেখা গৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে যোৰহাট জিলাৰ টীয়কতো জিলা প্ৰশাসনে তৎপৰতা বৃদ্ধি কৰিছে । জিলাখনৰ অন্তৰ্গত ১০২ নং বিধান সভা সমষ্টিটো প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । ইতিমধ্যে ৰাজহুৱা স্থানত থকা চৰকাৰী আঁচনি সমূহৰ হৰ্ডিং,পোষ্টাৰ আদি আঁতৰাই পেলোৱাৰ লগতে ভোট গ্ৰহণ কেন্দ্ৰ সমূহৰ নিৰাপত্তা দিশটো পৰ্যবেক্ষণ কৰিছে । এইবাৰ টীয়ক বিধান সভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা এক লাখ একত্ৰিশ হাজাৰ দুশ আঠানব্বৈ গৰাকী । সমষ্টিটোত অতিৰিক্ত ২০ টা ভোট গ্ৰহণ কেন্দ্ৰ ধৰি মুঠ ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ১৯১ টা।ইতিমধ্যে সকলো কাম-কাজ চক্ৰ বিষয়াৰ নেতৃত্বত সুচাৰুৰূপে আৰম্ভ হৈছে আৰু সকলো ঠিকে থাকে চলাই নিবলৈ সকলোকে সহযোগিতা কৰিবলৈ আহ্বান জনাইছে।