বৰাজুলী জয়মতী হাই স্কুলৰ কাষৰ পৰা বৰাজুলী গাঁৱলৈ যোৱা নির্মানত ৰাস্তা চিপিআই (এম এল) ৰ কর্মী মিন আচার্যৰ নেতৃত্বত”একাংশ লোকে কাম কৰিবলৈ বন্ধ কৰি দিয়াৰ বাবে আজি দুই শতাধিক স্থানীয় পুৰুষ মহিলা ওলাই হাতে হাতে প্লে’কাৰ্ডলৈ প্রতিবাদ সাব্যস্ত কৰে । হাতে হাতে প্লে কার্ড লৈ নির্মিয়মান ৰাস্তাত আমাক ৰাস্তা লগিব, ৰঞ্জীত দত্ত জিন্দাবাদ, উন্নয়ন বিৰোধী হুচিয়াৰ, চিপিআই (এম এল) গ’বেক আদি ধ্বনিৰে বৰাজুলীৰ আকাশ বতাহ কঁপাই তোলে।উল্লেখ যোগ্য যে বিশ্ববেংকৰ এপার্ট আঁচনিৰ অধীনত ২০২১ চনৰ ১৯ জানুবাৰী শতাধিক ৰাইজ,বিভাগীয় বিষয়াৰ উপস্হিতিত উদ্ধোধন কৰা হৈছিল এই ৰাস্তা !দুই কোটি ২২লাখ টকা ব্যয় সাপেক্ষে ফেবাৰ ব্লকেৰে নিমার্ন হ’ব লগীয়া ৰাস্তা পুনৰ নিয়মীয়াকৈ নির্মান কার্য সম্পাদন কৰিবলৈ ৰাইজে দাবী জনাইছে । অন্যহাতে বিগত ১৮-১৯ বৰ্ষত এই স্থানত এটা সমুহীয়া ভৱনৰ বাবে ইটা বালি পেলোৱা হৈছিল কিন্তু এনে একাংশ লোকৰ বাবে সেই ভৱন নিৰ্মাণ কৰা নহল ‘যাৰ বাবে বৰাজুলী গাওঁবাসী উন্নয়নৰ পৰা বঞ্চিত হৈ আহিছে ।পুনৰ ৰাস্তা নিৰ্মাণ কাৰ্যক গাওঁবাসীয়ে ধিক্কাৰ দিছে ।
ৰাজ্যত পূণৰ ভূমিষ্ঠ হ’ল নতুন ৰাজনৈতিক দল : হোজাইত সংবাদ মেল যোগে আত্মপ্ৰকাশ
ৰাজ্যত পূণৰ এটা নতুন ৰাজনৈতিক দলৰ জন্ম হ’ল, দেওবাৰে হোজাইত সংবাদমেল যোগে আত্মপ্ৰকাশ কৰিলে নতুন ৰাজনৈতিক দলৰ।”লোক ৰক্ষা পাৰ্টী” নামেৰে নতুন ৰাজনৈতিক দলে হোজাই জিলাৰ সকলো সমষ্টিৰ ওপৰিও ৰাজ্যৰ অনান্য সমষ্টি সমূহত প্ৰাৰ্থিত্ব আগবঢ়াব। সংবাদমেলত এই কথা সদৰি কৰে লোক ৰক্ষা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি ৰাজ কুমাৰ গুপ্তাই৷ লোক ৰক্ষা পাৰ্টি অসম প্ৰদেশৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাজ কুমাৰ গুপ্তাই দেওবাৰে হোজাইৰ মধূমিতা গেষ্ট হাউচত এক সংবাদ মেলৰ আয়োজন কৰে। সংবাদমেলত ৰাজ কুমাৰ গুপ্তাই কয় – অসম বিধানসভা নিৰ্বাচনত লোক ৰক্ষা পাৰ্টিয়ে হোজাই জিলাৰ তিনিটা সমষ্টিৰ লগতে অসমৰ অনান্য ২২ টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
উল্লেখ্য যে, যোৱা বিধানসভা নিৰ্বাচনত অসমৰ জনতাই ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত মিত্ৰজোঁটক জিকাই চৰকাৰ গঠনৰ সুবিধা কৰি দিছিল, কিন্তু চৰকাৰখনে অসমৰ জনতাৰ হিতৰ বিপৰীতে গৈ অসমত সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰি সকলো জাতি, জনগোষ্ঠীৰ মাজত সাতামপুৰুষীয়া ঐক্য শান্তিত বিভাজনৰ সৃষ্টি কৰিছিল বুলি সংবাদ মেলত অভিযোগ কৰে ৰাজ কুমাৰ গুপ্তাই। ৰাজ্যত পূণৰ ভূমিষ্ঠ হোৱা লোক ৰক্ষা পাৰ্টী নামেৰে নতুন ৰাজনৈতিক দ’লটোৱে বিজেপিৰ বিশেষকৈ হিন্দী ভাষিৰ ভোট যে বিভাজন কৰিব সেয়া নুই কৰিব নোৱাৰি। হোজাইৰ পৰা আত্মপ্ৰকাশ কৰা নতুন দলটোক জনসাধাৰনে আকোৱালী ল’বনে নাই সেয়া সময়তেহে গম পোৱা যাব।
নিৰ্বাচনী লেনদেনৰ সন্দৰ্ভত নাজিৰাৰ মহকুমাধিপতিৰ সৈতে বেংক বিষয়াৰ সভা
অহা ইং ২৭ মাৰ্চত অনুষ্ঠিত হব লগা বিধান সভা নিৰ্বাচনৰ আচৰণ বিধি সম্পৰ্কে নাজিৰাৰ অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি লখিমী দত্তই নাজিৰাৰ বেংক বিষয়া সকলৰ লগত এক আলোচনাত মিলিত হয়। উপায়ুক্ত গৰাকীয়ে টকাৰ লেনদেনৰ ক্ষেত্ৰত বেংক বিষয়া সকলক তৃক্ষ্ণ দৃষ্টি ৰাখিবৈ নিৰ্দেশ দিয়ে। এক লাখ টকাৰ ওপৰত হোৱা লেন-দেনৰ বিষয়ে মহকুমা উপায়ুক্তৰ কাৰ্যালয়ত অৱগত কৰিবলৈ জনায়। লগতে ১০ লাখ টকাৰ ওপৰত লেন-দেন হলে তাৎক্ষণিক ভাৱে আয়কৰ বিভাগক অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও চাহ বাগানৰ কৰ্মচাৰীৰ দা-দৰমহাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ প্ৰতি নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়ে ।এইক্ষেত্ৰত মহকুমাধিপতি গৰাকীয়ে বিভিন্ন বেংক কৰ্মচাৰী সকলৰ সহায় সহযোগিতা কামনা কৰে ।
ৰাণী কাঁহাৰপাৰা – পলাশবাৰী জটীয়া সত্ৰত মাঘী পূৰ্ণিমা উৎসৱ উদযাপন
দক্ষিণ কামৰূপৰ ইতিহাস প্ৰসিদ্ধ পশ্চিম গুৱাহাটীৰ ৰাণীৰ কাঁহাৰপাৰা গাঁৱত প্ৰতি বছৰে উদযাপন কৰা হয় ‘মাঘী পূৰ্ণিমা উৎসৱ’। বৃহত্তৰ অঞ্চলটোত সকলো আধ্যাত্মিক উৎসৱৰ ভিতৰত এই মাঘী পূৰ্ণিমা উৎসৱটি শ্ৰেষ্ঠতম বুলি কব পাৰি। শতবৰ্ষ অতিক্ৰম কৰা এই উৎসৱটিয়ে কাঁহাৰপাৰাৰ লগতে বৃহত্তৰ ৰাণী অঞ্চলবাসীক বিশেষভাৱে প্ৰভাৱিত কৰে। যোৱা ২৭ ফেব্ৰুৱাৰী দিনযোৰা কাৰ্যসূচীৰে উদযাপিত।হোৱা উৎসৱত শিশু-পুৰুষ-মহিলা, আয়তী-নামতি আদিয়ে উবৰি খাই পৰে। জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ বৈষ্ণৱ ধৰ্মৰ শিকলিত বান্ধ খাই সমাজখনে উক্ত দিনা নাম-প্ৰসংগৰে গুৰুজনাক সোঁৱৰণ কৰে। দিনটোৰ ব্যস্ত কাৰ্যসূচীৰ অন্যতম হৈছে পৰম্পৰাগতভাৱে কৰি অহা গুৰুজনাৰ অংকীয়া ভাওঁনাৰ এটি অংগ বনবিহাৰ (বাৰ গোপাল) নৃত্য পৰিবেশন। মহাপ্ৰভূ বংশীগোপালে লগৰীয়াৰ সৈতে বৃন্দাৱণ পৰিভ্ৰমণৰ এটি অংশ এই বনবিহাৰ নৃত্য “শিশু সংগে চলে বৃন্দাৱণ শ্যাম কমললোকণ” সুন্দৰ গীতে ভক্তি সাগৰত বুৰাই ৰাখে ভক্তপ্ৰাণ সমবেত ৰাইজক। ইয়াৰ লগতে ডেকা-বুঢ়াৰ সন্মিলিত এটি সুমধুৰ অনুষ্ঠান খুলীয়া দলৰ সংকীৰ্তণ। প্ৰতিবছৰৰ উক্ত দিনৰ নষ্টালজিকতা কোনোৱে পাহৰিৱ নোৱাৰে। আধুনিকতাৰ ধামমুখীয়াই আঘাত কৰিলেও নতুন প্ৰজন্মই এই উৎসৱৰ পৰম্পৰা ধৰি ৰাখিলে গুৰুজনাই দি যোৱা সংস্কৃতিৰ বিনন্দীয়া ৰূপ যুগমীয়া হৈ থাকিৱ। আনহাতে পলাশবাৰীৰ জটীয়া সত্ৰত যোৱা ২৬ ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ তিনিদিনিয়া কায্যসূচীৰে মাঘী পূৰ্ণিমা তিথি উপলক্ষে শ্ৰীশ্ৰী মাধৱদেৱৰ আজ্ঞাবাহী জটীয়া সত্ৰত দৌল উৎসৱ উৎযাপন কৰা হয়। ১৬৭৮ খ্ৰীষ্ট্ৰাব্দত মাধৱদেৱৰ আজ্ঞাবাহী জটীয়া সত্ৰ জটীয়াখন বামুণপাৰাত স্থাপন কৰা হয়। উক্ত কাৰ্যসূচীৰ প্ৰথম দিনা গোন্ধ উৎসৱ বাইন, আয়তি, ধুলীয়া তথা ৰাইজে লগ লাগি মেজি দাহন কৰা হয় লগতে গুৰু বন্তি জ্বলাই দৌলৰ চাৰিওফালে সাত মেৰ ঘুৰোৱা হয়। দ্বিতীয় দিনা মূল বিগ্ৰহ সত্ৰৰ পৰা গোঁসাই নমাই ৰভাৰ তলত প্ৰতিষ্ঠা কৰাৰ লগতে ওচৰ-চুবুৰীয়া ৰাইজৰ উপস্থিতিত পুৰোহিত, কৰ্তা, গাইন-বাইন, বেণ্ড ধুলিয়া, নটুৱা নাচ আদি প্ৰদৰ্শন কৰা হয়। দৌল উৎসৱৰ দিনা ভোজন-বিহাৰ কৰি বিষ্ণুপূজাৰ হোম জ্বলোৱা হয় আৰু নিশা যাত্ৰা দলৰ দ্বাৰা যাত্ৰাভিনয় কৰা হয়। তৃতীয় দিনা সুৱৰী উৎসৱ পালন কৰা হয়। সুৱৰি উৎসৱত গোঁসাই দৌলৰ পৰা নমাই ৰভাস্থলীত স্থাপন কৰাৰ লগতে ওজাপালী, বাইন ধুলীয়া, বেণ্ডপাৰ্টী আদি পৰিৱেশৰ অন্তত গোঁসাই পুণৰ বিগ্ৰহ সত্ৰলৈ অথ্যৎ নিজ গৃহলৈ ঘুনুচাৰ পৰা লৈ যোৱা হয়। লগতে সুৱৰি উৎসৱত মিঠাই দলিওৱা, বাহ যুজা আদি পৰিবেশন কৰা হয়। উক্ত উৎসৱত অঞ্চলটোৰ ৰাইজে অংশ গ্ৰহণ কৰে।
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই এই বছৰৰ প্ৰথমটো মহাকাশ অভিযান সফলতাৰে আৰম্ভ
ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ পোলাৰ চেটেলাইট উৎক্ষেপণ যান C-51-PSLV য়ে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ ক্ষেত্ৰৰ পৰা ২৮ ফেব্ৰুৱাৰী তাৰিখে সফলতাৰে যাত্ৰা সম্পন্ন কৰে।
পি এচ এল ভিয়ে বিশেষ উপগ্ৰহ ইউনিটি চাট, ব্ৰাজিলৰ ৬৩৭ কিলোগ্ৰাম ওজনৰ ওমাজনিয়া ওৱান নামৰ এটা বৃহৎ কৃত্ৰিম উপগ্ৰহকে ধৰি ১৯ টাকৈ কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ কঢ়িয়াই নিছে।
ডিঙিত গামোচা লৈ পুৱাই ভেকচিন ল’লে প্ৰধানমন্ত্ৰীয়ে
আজিৰে পৰা ভেকচিন প্ৰদানৰ দ্বিতীয় পৰ্যায় আৰম্ভ, পুৱাই ডিঙিত গামোচা লৈ দিল্লীস্থিত এইমছত ভেকচিন ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
ভেকচিন গ্ৰহণৰ মূহূৰ্তত প্ৰধানমন্ত্ৰীগৰাকীৰ ডিঙিত দেখা পোৱা গল অসমীয়াৰ মান ফুলাম গামোচা। ভেকচিন ল’বলৈ পুৱাই এইমছত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। টুইটাৰ একাউণ্টৰ জৰিয়তে ফটো শ্বেয়াৰ কৰি এই ভেকচিন গ্ৰহণৰ বিষযে জনাই মোদীয়ে।
আজি ১ মাৰ্চ তাৰিখে তেখেতে তেখেতৰ প্ৰথমটো ভেকচিন ডোজ গ্ৰহণ কৰি ইয়াৰ ১৪ দিন পিছত ইয়াৰ দ্বিতীয়টো ডোজ গ্ৰহণ কৰিব।
মুকলি আকাশৰ তলত-প্ৰাকৃতিক পৰিবেশত “ৰ’দঘাই বেবেজীয়া” ৰ পূৰ্ণাংগ নাট মহোৎসৱৰ প্ৰস্তুতি
গুৰুজনাৰ সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাৰে সমৃদ্ধ নগাঁৱৰ নাট্য ঐশ্বৰ্য্য আৰু পৰম্পৰাৰ সৰ্ম্পকে সমগ্ৰ অসমীয়া জাতি নিশ্চিতভাৱেই অবহিত ৷ বহুজন চিৰ নমস্য সুন্দৰৰ পুজাৰী নাট্যশিল্পীৰ ত্যাগ আৰু শিল্প সাধনাৰ বেদীত নিৰ্মিত নগাঁৱৰ নাট্য ঐতিহ্যৰ এখনি সাৰুৱা ক্ষেত্ৰ হৈছে বেবেজীয়া ৷ ২০২০ বৰ্ষত কেইগৰাকীমান নাট্যানুৰাগী তথা নাট্যশিল্পীৰ একান্ত প্ৰচেষ্টাত ন-কৈ ওপজিছিল এটি অনুষ্ঠান “ৰ’দঘাই বেবেজীয়া”৷ যি সকলে নাটক ভালপায়,নাটকক জীৱনৰ উশাস নিশাহ বুলি ভাৱে সেইসকলৰ বাবেই ৰ’দঘাই বেবেজীয়াৰ এই অনুষ্ঠানটিয়ে প্ৰাণপ্ৰায় উঠিছে ৷ সেইউপলক্ষে অহা ৬ আৰু ৭ মাৰ্চত নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বেবেজীয়া যুৰীয়া নামঘৰৰ সমীপৰ মুকলি পথাৰত প্ৰাকৃতিক পৰিবেশত শব্দ পোহৰ বিহীন পূৰ্ণাংগ নাট মহোৎসৱ দুদিনীয়াকৈ দ্বিতীয় বাৰৰ বাবে আৰম্ভ কৰাৰ প্ৰয়াস কৰা হৈছে ৷ “ৰ’দঘাই বেবেজীয়া” ৰ মুকলি পথাৰত উক্ত দুয়োটা দিনতে লোকে লোকাৰণ্য হৈ পৰাৰ আশা প্ৰকাশ কৰি ৰ’দঘাই বেবেজীয়াৰ এই নাট মহোৎসৱৰ সভাপতি তথা বিশিষ্ট অভিনেতা,নাট পৰিচালক প্ৰদীপ শৰ্মাই আৰু সাধাৰণ সম্পাদক ৰঞ্জন হাজৰিকাই জানিব দিয়া অনুসৰি প্ৰথম দিনাৰ দুপৰীয়া ১ বজাৰ পৰা ৰবিজিতা গগৈৰ পৰিচালনাত জিৰছং থিয়েটাৰ গুৱাহাটীৰ নিবেদন “বান্টি আৰু বাবলি”,পৰিচালক গগন চৌধুৰীৰ ৰংগমঞ্চ নগাঁৱৰ নিবেদন “যন্ত্ৰণা”,পৰিচালক দিপক বৰাৰ অবিনশ্বৰ গোষ্ঠীৰ নিবেদন বুদ্ধুৰাম মঞ্চস্থ হব ৷ ঠিক সেইদৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি দুপৰীয়া ১ বজাৰ পৰা পৰিচালক মৃনাল কুমাৰ বৰা ৰংগালয় পুৰনিগুদামৰ নিবেদন “বহুৱা-the clown”,পৰিচালক জ্যোতিপ্ৰসাদ ভূঞাৰ অৰিহণা নাট্য গোষ্ঠীৰ নিবেদন “ডাইনিং টেবুল”,পৰিচালক বিশ্বজিত বৰঠাকুৰৰ শতাব্দী নগাঁৱৰ নিবেদন “ক্ষত-বিক্ষত সময়”,পৰিচালক জ্যোতিপ্ৰসাদ ভূঞাৰ নিবেদন নাট্যগোষ্ঠী নগাঁৱৰ “এজন ডাক্তৰ আৰু এজাক কুকুৰ” চাৰিখনকৈ নাট মঞ্চস্থ হব ৷ দুয়োদিনৰ এই নাট মহোৎসৱত সকলো নাট্য প্ৰেমী ৰাইজৰ সহায় সহযোগীতা আৰু উপস্থিতি কামনা কৰিছে ৰ’দঘাই বেবেজীয়াৰ নাট মহোৎসৱ সমিতিয়ে ৷
হোজাইত নিৰ্বাচন নেখেলে ডা° অৰ্ধেন্দু কুমাৰ দেই !
হোজাই চহৰৰ বিভূতি ভূষণ বিবাহ ভৱনত দেওবাৰে কংগ্ৰেছৰ বুথ কৰ্মী সংকল্প শিবিৰ অনুষ্ঠিত হয়। শিবিৰত অংশ গ্ৰহণ কৰা প্ৰাক্তন মন্ত্রী ডাঃ অৰ্ধেন্দু কুমাৰ দে’ই সংবাদ মাধ্যমৰ আগত কয় যে নিৰ্বাচনৰ পূৰ্বে লবীকেন্দ্ৰীক ৰাজনীতি চলে যদিও টিকট পোৱাৰ পিছত সকলোৱে মিলি দলৰ কাৰণে কাম কৰিব। আনহাতে ডাঃ দে’ই নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি বুথ কৰ্মী সংকল্প শিবিৰৰ সভাত মন্তব্য কৰে৷ সংকল্প শিবিৰত এপিচিচিৰ সাধাৰণ সম্পাদক তথা প্রাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা, প্ৰাক্তন মন্ত্ৰী ডাঃ অৰ্ধেন্দু দে, বুথ সংকল্প শিবিৰৰ প্ৰশিক্ষক তথা ছত্তিশগড়ৰ পৰা অহা ৰাষ্ট্ৰীয় বুথ প্ৰশিক্ষক সুশিল শৰ্মা উপস্থিত থাকি বক্তব্য আগবঢ়ায়। শিবিৰত হোজাই সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ক্ৰমে দেৱব্ৰত সাহা, কে কে শৰ্মা, অনিৰুদ্ধ দে, সুপ্ৰতিম ক’ৰ, শংকৰ মালাকাৰ, জিলি চৌধুৰী আৰু প্রদেশ কংগ্ৰেছৰ চিত্ত পাল উপস্থিত থকাৰ ওপৰিও হোজাই জিলাৰ অনান্য নেতা কৰ্মী সকল ওপস্থিত থাকে।
দুদিনীয়া ভ্ৰমণসূচীৰে অসমত আহি উপস্থিত প্ৰিয়ংকা গান্ধী
দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত প্ৰিয়ংকা গান্ধী, প্ৰথমে দৰ্শন কৰিব মা কামাখ্যা মন্দিৰ। দেশৰ পাঁচখন ৰাজ্যত নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পিছতে শাসনাধিষ্ঠ বিজেপিৰ সমান্তৰালকৈ কংগ্ৰেছেও হাই প্ৰফাইল নেতাৰ জৰিয়তে ভোটাৰ ৰাইজক আকৰ্ষিত কৰাত উঠি পৰি লাগিছে।
এতিয়া প্ৰায়বোৰ ৰাজনৈতিক দলেই নিৰ্বাচনী প্ৰচাৰত সক্ৰিয় হৈ পৰিছে । কিছুদিন পূৰ্বে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে অসমৰ শিৱসাগৰত প্ৰচাৰ চলাই যোৱাৰ পিছত এইবাৰ দুদিনীয়া ভ্ৰমণসূচী লৈ আজি ১ মাৰ্চ তাৰিখে অসমত উপস্থিত হ’ল দলটোৰ অন্যতম হাই প্ৰফাইল নেত্ৰী প্ৰিয়ংকা গান্ধী।
অসমৰ উপস্থিত হৈ কংগ্ৰেছৰ অন্যতম হাই প্ৰফাইল নেত্ৰী প্ৰিয়ংকা গান্ধী ৰাওনা হয় মা কামাখ্যা মন্দিৰলৈ।
ইয়াৰ পিছতে লীলাবাৰী বিমানবন্দৰলৈ বুলি ৰাওনা হব। লখীমপুৰত উপস্থিত হৈ তাৰে লখীমপুৰ মহাবিদ্যালয় খেলপতাৰত এক সভাত অংশ লব নেত্ৰীগৰাকীয়ে। তাৰ পিছত মহাপুৰুষ মাদৱদেৱৰ জন্মস্থান লেতেকাপুখুৰীতো উপস্থিত হব প্ৰিয়ংকা গান্ধী।
তাৰ পিছতে যাব গহপুৰলৈ । তাত থকা কনকলতা প্ৰতিমুৰ্তিত মাল্যাপৰ্ণ কৰি তাৰে জনতাৰ সৈতে মত বিনিময় কৰিব। আজি বিশ্বনাথ চাৰিআলিতেই নিশা কটাব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ।
বঙাইগাঁও জিলা অসম জাতীয় পৰিষদৰ প্ৰথম অভিৱৰ্তন
বঙাইগাঁও জিলা অসম জাতীয় পৰিষদৰ প্ৰথম অভিৱৰ্তনখন ২৯ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হয় ৷ অভিৱৰ্তনত দলটোৰ জিলা সমিতি গঠনৰ বিষয়টো আলচনা কৰা হয় ৷ বঙাইগাঁও চহৰৰ মুলচান্দ জালান বিবাহ ভৱনত অনুষ্ঠিত অভিৱৰ্তনখনত সভাপতিত্ব কৰে বঙাইগাঁও জিলা অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক তথা সমষ্টি সমিতিৰ উপদেষ্টা প্ৰভাৱত বৈষ্ণৱে ৷ অভিৱৰ্তনত জিলাখনৰ অন্তৰ্গত দলটোৰ বঙাইগাঁও , উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰী সমষ্টি সমিতিৰ প্ৰতিনিধিসকল উপস্থিত থাকে ৷
জিলা অজাপৰ মুখ্য আহ্বায়ক মছিউৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা অভিৱৰ্তনত দলটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক, মুখপাত্ৰ তথা পৰ্যৱেক্ষক হিচাপে উপস্থিত থকা অমিতাভ বৰঠাকুৰে নিজৰ ভাষণত বৃহৎ নদী বান্ধ ,জি এছ টি ,মূল্যবৃদ্ধি , কৃষি আইন , নিবনুৱাক কৰ্মসংস্থাপন দিয়া আদি বিভিন্ন বিষয়সমূহ সন্দৰ্ভত শাসকীয় বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে আৰু ভুৱা প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰক বিদায় দি অসম জাতীয় পৰিষদৰ নেতৃত্বত দিছপুৰত চৰকাৰ গঠন কৰিব লাগিব বুলি কয় ৷
ইপিনে দলটোৰ উপ সভাপতি তথা বঙাইগাঁও জিলাৰ তত্বাৱধায়ক ৰবীন্দ্ৰ কুমাৰ দত্তই সংবাদ মাধ্যমৰ আগত কয় যে বঙাইগাঁৱকলৈ আমি বহু আশাবাদী ৷ কাৰণ মানুহে অসম গণ পৰিষদৰ প্ৰতি আস্থা হেৰুৱাইছে ৷ তেওঁলোকৰ আঞ্চলিক চৰিত্ৰটো হেৰাই গৈছে ৷
অসমৰ ভিতৰত বঙাইগাঁও সমষ্টিটো হৈছে এটা আঞ্চলিকতাবাদৰ দুৰ্গ ৷ আজি ৩৫ বছৰ ধৰি এই সমষ্টিটো অগপই দখল কৰি আছে ৷ গতিকে ইয়াৰ যিসকল ভোটাৰ আছে তেওঁলোক হ’ল আঞ্চলিকতাবাদৰ ওপৰত বিশ্বাসী ৷ আমাৰ বিশ্বাস এইটোৱে যে যিহেতু গণ পৰিষদৰ আঞ্চলিক চৰিত্ৰটো হেৰাই গ’ল, সেয়ে আমি ৰাইজক বিকল্প এটা আঞ্চলিক দল আজি দিব পাৰিছো ৷ আমাৰ দলটো ইতিমধ্যে আঞ্চলিক দল হিচাপে নিৰ্বাচন আয়োগত পঞ্জীয়ণ হৈ গ’ল আৰু প্ৰতীক চিহ্ন পালো ৷ আমাৰ দলৰ প্ৰতীক চিহ্ন হ’ব ‘ জাহাজ ‘ ৷ আমি যিহেতু ৰাইজক বিকল্প এটা দিব পাৰিছো ,গতিকে আমি আশাবাদী ইয়াত আমাৰ জয়ী হ’ব ৷
তেওঁ আৰু কয় যে মানুহে এটা পৰিৱৰ্তন বিচাৰিছে ৷ কেৱল পৰিৱৰ্তনেই নহয় বৰং মানুহে এই ৰাষ্ট্ৰীয় দল আৰু সাম্প্ৰদায়িক শক্তিৰ পৰা পৰিত্ৰাণ বিচাৰিছে ৷ আমি ৰাইজক বিকল্প দিব পাৰিছো ৷ অভিৱৰ্তনত দলটোৰ উপ সভাপতি তথা প্ৰাক্তন বিধায়ক মকবুল হুছেইন, কিছুদিন পূৰ্বে দলটোত যোগদান কৰা বঙাইগাঁও পৌৰ সভাৰ প্ৰাক্তন পৌৰপতি দীপু চৌধুৰী সমষ্টি সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷
উল্লেখ্য যে এই অভিৱৰ্তনত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ বিদ্যাপুৰ মণ্ডল কমিটীৰ কেইবাজনো বিষয়ববীয়াৰ লগতে প্ৰাক্তন আছু নেতা দীপক কুমাৰ ৰায় আদিয়ে অসম জাতীয় পৰিষদত যোগদান কৰে ৷ অভিৱৰ্তনত জিলাখনৰ অন্তৰ্গত দলটোৰ তিনিওটা বিধান সভা সমষ্টি সমিতিৰ পৰা জিলা সমিতি গঠনাৰ্থে প্ৰতিনিধিৰ নাম তালিকা গ্ৰহণ কৰা হয় ৷ অৱশ্যে জিলা সমিতিখন আজি ঘোষণা কৰা হোৱা নাই ৷











