ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। ধুবুৰী আৰক্ষীৰ এটা সজাতি দলে ধুবুৰীৰ এ এম কোঃ ৰোড অঞ্চলৰ ইছলাম নগৰত অভিযান চলাই ব্ৰাউন চুগাৰ, কণ্টেইনাৰ, হুকা, কফ চিৰাফ আৰু বিভিন্ন ড্ৰাগছ জাতীয় সামগ্ৰী সহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অভিযোগ অনুসৰি ইছলাম নগৰ অঞ্চলত ড্ৰাগছৰ পেডলাৰ আৰু ড্ৰাগছ মাফিয়াৰ আড্ডা চলি আছিল বহু দিন ধৰি। তেনে সময়ত এক গোপন তথ্যৰ ভিত্তিত আজি ধুবুৰী আৰক্ষীৰ এটা সজাতি দলে মাৰাথন অভিযান চলাইমিৰ চেলিম আৰু ছোহেল শেখ ক আটক কৰে । অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।ইপিনে ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত ড্ৰাগছ বিৰোধী অভিযান চলাই থকা বুলি উল্লেখ কৰে ধুবুৰী জিলা অতিৰিক্ত আৰক্ষী ৰোজী ৰাণী শৰ্মাই।
নলবাৰীৰ নতুন উপ আৰক্ষী অধীক্ষক জিকিৰাণী মহন্তৰ মুকালমুৱা পৰিদৰ্শন :ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ হব আৰক্ষী:-ডিএচপি জিকিৰাণী মহন্ত
নলবাৰী জিলাৰ নতুন উপ আৰক্ষী অধীক্ষক (সদৰ) জিকিৰাণী মহন্তই কালি নলবাৰীত যোগদান কৰিয়েই আজি মুকালমুৱা অঞ্চল পৰিদৰ্শন কৰে ৷ জিলাখনৰ নতুন উপ আৰক্ষী অধীক্ষক (ডিএছপি) গৰাকীয়ে আজি জিলাখনৰ দক্ষিণ প্ৰান্তৰ মুকালমুৱাত উপস্থিত হৈ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰে ৷ বিশেষকৈ মুকালমুৱাত প্ৰায়ে ড্ৰাগছ সৰবৰাহী গ্ৰেপ্তাৰ হোৱা প্ৰসংগত ডিএছপি গৰাকীয়ে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে আৰু অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলিও সাংবাদিক জানিবলৈ দিয়ে ৷ তদুপৰি মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে সমাজৰ সৰ্বস্তৰৰ লোককে মাৰবান্ধি থিয় হৈ আৰক্ষীক সহযোগিতা আগবঢ়াবলৈও আহ্বান জনায় ডিএছপি গৰাকীয়ে ৷ অন্যহাতে অঞ্চলটোত চুৰি-ডকাইতিৰ দৰে অপৰাধ জনিত ঘটনা সংক্ৰান্তত তৎপৰতাৰে কাম কৰি জিলাখনত অপৰাধ প্ৰৱনতা ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ হাতত ল’ব বুলিও সাংবাদিকৰে হোৱা বাৰ্তালাপত সদৰি কৰে ৷ প্ৰতিটো দিশতে সংবাদ কৰ্মীসকলৰো সহযোগিতা বিচাৰিছে নৱনিযুক্ত উপ আৰক্ষী অধীক্ষক গৰাকীয়ে ।
ক’ভিড যোদ্ধাৰ মাজত খাদ্য বিতৰণ আইমী বৰুৱাৰ
গুৱাহাটীৰ হেঙৰাবাৰী প্ৰাথমিক চিকিৎসালয়ত অভিনেত্ৰী আইমী বৰুৱা। কোভিড যোদ্ধা চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক খাদ্য বিতৰণ কৰিলে অভিনেত্ৰীগৰাকীয়ে। নিজ হাতেৰে তৈয়াৰ কৰা খাদ্য বিতৰণ কৰিলে আইমী বৰুৱাই। মহামাৰীৰ এই দুৰ্যোগৰ সময়ত দিন–ৰাতি একাকাৰ কৰি সেৱা আগবঢ়োৱা সকলক সামান্যতম সহায় জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ।চিকিৎসকসকল আমাৰ ভগবান তেওঁলোকক সন্মান কৰিবলৈ আহ্বান আইমী বৰুৱাৰ।
কাকজান চাহ বাগিচাত এজন কৰ্মচাৰী মৃত্যুক লৈ চিকিৎসকৰ লগত সংঘাত
যোৰহাট জিলা কাকজান চাহ বাগিচাত কালি নিশা এজন ৰোগী মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসক আৰু নাৰ্চক দু- ব্যৱহাৰ কৰাৰ ঘটনাই এক চেপা উওেজনা বিৰাজ কৰি আছে।প্ৰাপ্ত তথ্য মতে কাকজান চাহ বাগিচাৰ কৰ্মচাৰী ৰাজু ৰবি দাস(৫৪) মেকানিকেল বিভাগত যোৱা ২৯ মে তাৰিখৰ পৰা বাগিচাৰ কৰ্মস্থলীত উপস্থিত নাছিল।জানিৱ দিয়া মতে তেও স্বাস্থ্য জনিত কাৰণত উপস্থিত নাছিল।১ জুনত বাগিছাৰ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰিবলৈ অহাত গেছৰ অসুখত ভূগি থকা বুলি কয়।চিকিৎসকে প্ৰাথমিক চিকিৎসা দিয়াৰ পিছত উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে যদিও তেও যাৱলৈ ইচ্ছা নকৰি ঘৰতে থাকিল।কালি নিশা প্ৰায় ৮.০০বজাত স্বাস্থ্য অধিক অৱনতি ঘটাত পুনৰ বাগিচা চিকিৎসালয়লৈ আহে।বাগিছাৰ চিকিৎসক ডা.ঋষিকেশ ডেকাই প্ৰাথমিক চিকিৎসা দি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।বাগিছাৰ চিকিৎসালয়ৰ পৰা ওলাই আহি ২ কিলোমিটাৰ পথ যাওতেই তেও মৃত্যু হয়।তাৰ পিছত তেওক বাগিচাৰ চিকিৎসালয়লৈ ঘূৰাই আনে।ইয়াৰ পিছতে মৃত ব্যক্তিজনৰ পুত্ৰ জোৱাই সহ চিকিৎসালয়ত উপস্থিত হৈ এক উতপ্ত পৰিস্থিতি সৃষ্টি কৰি চিকিৎসালয় খনৰ দৰ্জা খিৰিকি ২খন মান ভাঙে।অৱশ্যে কোনো ব্যক্তিয়ে চিকিৎসকজনক তাৰ পৰা আতৰাই নিৱলৈ সক্ষম হয়।ইয়াৰ পিছত চিকিৎসালয়ত গাওঁৰক্ষী বাহিনী আৰু মজদুৰ সংঘ বহু কেইজন যুৱক উপস্থিত হোৱাত কোনো ধৰণৰ হতাহতি ন’হল।ইয়াৰ পিছত ঘটনাস্থলীত দেৱেৰাপাৰ আৰক্ষীআৰু মৰিয়নি আৰক্ষী উপস্থিত হোৱাত পৰিস্থিতি সামকাটে।আজি বাগিচাখন শান্তিপূৰ্ণভাৱে চলি আছে।বাগিচাখনৰ লগত জড়িত চাহ মজদুৰসংঘ ,আটছা,কৰ্মচাৰী সংঘ আৰু বাগিচাৰ কৰ্তৃপক্ষৰ লগত আলোচনা মৰ্মে দোষী ব্যক্তিৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি চিকিৎসালয়খন অটুত ৰখাৰ পোষকতা কৰে।
ধুবুৰী জিলা উপায়ুক্ত অন্বামুথন এম পিয়ে ছিণ্ডিকেটৰ বিৰুদ্ধে তদন্তৰ বাবে টাস্কফোৰ্চ গঠনৰ নিৰ্দেশ ।
ধুবুৰীত ছিণ্ডিকেটকে ধৰি কোনোধৰণৰ অবৈধ কাৰ্যকলাপ চলিবলৈ দিয়া নহ’ব বুলি হুংকাৰ দিছে উপায়ুক্ত অন্বামুথন এম পিয়ে। সংবাদমেল পাতি উপায়ুক্তগৰাকীয়ে কয় যে ছিণ্ডিকেটৰ সঠিক তদন্তৰ বাবে সকলো বিভাগক সাঙুৰি টাস্কফোৰ্চ গঠন কৰা হ’ব বুলিও ঘোষণা কৰে উপায়ুক্তগৰাকীয়ে।ধুবুৰীত কোভিড পৰিস্থিতি সম্পৰ্কে এক সংবাদমেত আয়োজন কৰে উপায়ুক্তগৰাকীয়ে। তেওঁ কয় যে আগন্তুক এক-ডেৰ মাহৰ ভিতৰত ধুবুৰীত আৰ টি পি চি আৰ পৰীক্ষাৰ লেবৰেটৰী কাৰ্যক্ষম হৈ উঠিব ৷ জিলা ঔষধ পণ্যাগাৰৰ ওপৰ মহলাত লেবৰেটৰীটোৰ নিৰ্মাণ কাৰ্য চলি আছে৷আগন্তুক ছমাহৰ ভিতৰত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ জিলা উপায়ুক্তগৰাকীয়ে কয় যে ধুবুৰীত বৰ্তমান প্ৰতিষেধকৰ কোনো নাটনি নাই আৰু প্ৰতিষেধক প্ৰদান কাৰ্য সুচাৰুৰূপে চলি আছে ৷ ধুবুৰীত থকা তিনিখন চাহ বাগিচাৰ শ্ৰমিকক অনলাইন পঞ্জীয়ন নকৰাকৈ ভেকচিন দিয়াৰ ব্যৱস্থা কৰা বুলি উপায়ুক্তগৰাকীয়ে সদৰি কৰে৷ ধুবুৰী জিলাৰ অসমাৰিক চিকিৎসালয়ৰ ড্ৰেন আৰু চিকিৎসালয়ত থকা কোঠালী সমুহত লেতেৰা অৱস্থা হৈ থকাৰ বাবে অতি শীঘ্ৰেই পৰিষ্কাৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংবাদ মেলত উল্লেখ কৰিলে জিলা খনৰ নৱ নিযুক্ত উপায়ুক্ত অনবামুথান এম পি এয়ে ।
মাত্ৰ এপাহ ফুল ছিঙাক কেন্দ্ৰ কৰি লাহৰীঘাটৰ পশ্চিম বৰখাঁবলত প্ৰচণ্ড মাৰপিটৰ ঘটনা
মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত পশ্চিম বৰখাঁবল গাঁৱত যোৱা ৩১ মে’ত দুটা ফৈদৰ মাজত এজোপা ফুল ছিঙাক লৈ দুই ফৈদৰ মাজত বিবাদৰ ফলত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত বৰখাঁবল গাঁৱত বিগত কেইবামাহ ধৰি অব্যাহত থকা পৰিয়াল কেন্দ্ৰিক সংঘাতৰ ফলত অঞ্চলজুৰি বিৰাজ কৰিছে তীব্ৰ উত্তেজনা। জানিব পৰা মতে, ভূক্তভোগী ফাইজুল ইছলামৰ এটি কনমানিয়ে এজোপা ফুল ছিঙাৰ বাবে আব্দুল জুব্বাৰৰ দূৰ্বৃত্বৰ দলটোৱে ফাইজুলক ঘৰৰ পৰা মাতি চোতালত নি লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ কৰিবলৈ ধৰে। চিঞৰ বাখৰ শুনি ফাইজুলৰ আত্মীয় লোক ওলাই অহাত দূৰ্বৃত্বৰ দলটোৱে এফালৰ পৰা দাৰে ঘপিওয়াৰ উপৰিও লোহাৰ চোকা অস্ৰৰে হানি খুচি প্ৰাণে মাৰাৰ অপচেষ্টা চলাই । উক্ত সংঘাতৰ ফলত ফাইজুলৰ পৰিয়ালৰ চাৰিজনকৈ লোক গুৰুতৰভাৱে আহত হয় আৰু ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তাৰে দুগৰাকী অতি সংকটজনক অৱস্থাত গুৱাহাটীস্থিত দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্ছিং হোমত মৃত্যুৰ সৈতে যুজি আছে। ইতিমধ্যে ফাইজুলৰ আত্মীয় ৰহিমা খাতুনে লাহৰীঘাট থানাত এখনি গোচৰ ৰুজু কৰিছে ।









