দৰং জিলাৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত জিলাখনৰ আৰক্ষীয়ে অবৈধ ড্ৰাগছ, ভাং আদি নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান। খাৰুপেটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত কাকতিৰ নেতৃত্বত চলা এক অভিযানত জিলাখনৰ আলিকাষ গাঁওৰ জবান আলীৰ ঘৰৰ পৰা 3 KG নিষিদ্ধ গাঞ্জা উদ্ধাৰ কৰে। জবান আলীৰ স্বীকাৰূক্তিত আৰক্ষীয়ে বিহুদিয়া গাৱৰ উমৰ আলি , ঘনশিমূলীৰ ইনামূল হক আৰু নিজ নগাজন গাঁওৰ পৰা ফুল মহম্মদক আটক কৰে আৰু আটক চাৰি সৰ্বৰাহকাৰীৰ পৰা 10kg গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰা গাঞ্জা সৰ্বৰাহকাৰীৰ বিৰূদ্ধে শুধপোচ অব্যাহত ৰাখিছে । আৰক্ষীয়ে এই সন্দৰ্ভত খাৰুপেটীয়া থানাত এক গোচৰ ৰুজু কৰি অভিযুক্ত চাৰিজনক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে।
দিনহাজিৰা কৰা লোকৰ কাষত থিয় দিছে “Warriors,নাৰীত্বৰ এক জাগৰণ ”
ক’ভিডৰ এই জটিল সন্ধিক্ষণত দিনহাজিৰা কৰা লোকসকলৰ কাষত থিয় দিছে “Warriors,নাৰীত্বৰ এক জাগৰণ ” নামৰ সংগঠণটি৷বিশেষকৈ নাৰী ধৰ্ষণ,নিৰ্যাতন,শিক্ষা,নাৰী সৱলীকৰণ ইত্যাদিৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া সংগঠণটিয়ে ক’ভিডৰ এই জটিল সন্ধিক্ষণত নিজৰ সাঁচতীয়া ধনেৰে আৰ্তজনক অত্যাৱশ্যকীয় সামগ্ৰী দি কিঞ্চিত সহায় কৰাৰ চেষ্টা কৰিছে৷জামুগুৰিহাটতো আজি এইসকল সদস্যই এইদৰেই দিনহাজিৰা কৰি পৰিয়াল পোহপাল দিয়া লোকসকলক সহায়ৰ হাত আগবঢ়াইছে সংগঠণটিয়ে৷
প্ৰথিতযশা সাহিত্যিক লক্ষ্মীনন্দন বৰা আৰু আমাৰ মাজত নাই!
প্ৰথিতযশা সাহিত্যিক লক্ষ্মীনন্দন বৰা আৰু আমাৰ মাজত নাই!
প্রধানমন্ত্রী মোদীক সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ
পূর্বনির্ধাৰিত কার্যসূচী অনুসৰি ৭ লোককল্যাণ মার্গস্থিত চৰকাৰী বাসভৱনত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে আজি এক চমু আলোচনাত মিলিত হয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রী হিচাপে দায়িত্ব লাভ কৰাৰ পাছত প্রথমবাৰৰ বাবে দিল্লী ভ্রমণলৈ অহা মুখ্যমন্ত্রী ড০ শর্মাই প্রধানমন্ত্রী মোদীক মূলতঃ সৌজন্যমূলক সাক্ষাৎ কৰা বুলি ধাৰণা কৰা হৈছে৷দিনৰ ১২ বজাত প্রধানমন্ত্রী মোদীক সাক্ষাৎ কৰাৰ পূর্বে মুখ্যমন্ত্রী ড০ শর্মাই ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতেও বৈঠকত মিলিত হয়৷ পুৱা দহ বজাত ডোভালৰ চৰকাৰী বাসভৱনত হোৱা বৈঠকৰ পিছত দিল্লীৰ আছাম হাউছত বিদেশত ভাৰতৰ চোৰাংচোৱা সংস্থা ৰিছার্চ এণ্ড এনালাইছিছ উইংছ চমুকৈ ‘ৰ’ৰ মুৰব্বী সামন্ত কুমাৰ গোৱেলৰ সৈতে হোৱা বৈঠকখনো আছিল যথেষ্ট তাৎপর্যপূর্ণ৷ কাৰণ ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা আৰু ৰ–ৰ মুৰব্বীৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছতহে মুখ্যমন্ত্রী শর্মাই প্রধানমন্ত্রী মোদীক সাক্ষাৎ কৰাৰ বাবে ৰাওনা হয়৷ আৰু তাৎপর্যপূর্ণ বিষয়টো হৈছে ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা ডোভাল, ‘ৰ’ৰ মুৰব্বী গোৱেল আৰু প্রধানমন্ত্রী মোদীৰ সৈতে হোৱা বৈঠকৰ পাছত মুখ্যমন্ত্রী ড০ শর্মাই সন্ধিয়া ৬ বজাত আছাম হাউছৰ কনফাৰেঞ্চ ৰুমত কেন্দ্রীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাৰ সৈতেও আন এখন বৈঠকত মিলিত হয়৷
লক্ষণীয়ভাৱে আছাম হাউছৰ এই বৈঠকত ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাও উপস্থিত থাকে৷ ৰাজ্যৰ গৃহ বিভাগৰ সৈতে জডিত থকা বিষয়ক লৈহে মুখ্যমন্ত্রী ড০ শমাই আজিৰ দিনটোত প্রধানমন্ত্রী মোদী, ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা, ৰ–ৰ মুৰব্বী আৰু কেন্দ্রীয় গৃহ সচিবৰ সৈতে আলোচনা কৰাৰ কথা একপ্রকাৰ নিশ্চিত বুলি ক’ব পাৰি৷ মুখ্যমন্ত্রী ড০ শর্মাই বুধবাৰৰ দিনটোত ইয়াৰ বাহিৰেও কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ, স্বাস্থ্যমন্ত্রী ডাঃ হর্ষবর্ধন আৰু নগৰ উন্নয়ন মন্ত্রী হৰদীপ সিং পুৰীকো সাক্ষাৎ কৰে৷ বিয়লি ৩ বজাত চৰকাৰী বাসভৱনত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ সৈতে আলোচনাত মিলত হোৱাৰ পিছত ৪.৩০ বজাত নির্মাণ ভৱনত নগৰ উন্নয়ন মন্ত্রী হৰদীপ সিং পুৰী আৰু ৫ বজাত স্বাস্থ্যমন্ত্রী ডাঃ হর্ষ বর্ধনক সাক্ষাৎ কৰে৷
মুখ্যমন্ত্রীৰ কার্যালয় সূত্রত জানিব পৰা মতে, বুধবাৰে নিশাৰ ভাগত মুখ্যমন্ত্রী ড০ শর্মাই বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক বি এল সন্তোষৰ সৈতে আন এখন বৈঠকত মিলিত হোৱাৰ কথা৷ পিছে এই বৈঠকখন সম্পূর্ণ ৰাজনৈতিক বিষয় সংক্রান্ত বুলি মুখ্যমন্ত্রীৰ কার্যালয়ে স্পষ্ট কৰি দিছে৷ জানিব পৰা মতে, আজি মুখ্যমন্ত্রী ড০ শর্মাই পুৱাৰ ভাগত কেন্দ্রীয় পেট্ৰ’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রী ধর্মেন্দ্র প্রধানক সাক্ষাৎ পোৱাৰ কথা৷ তাৰ পিছত অসমলৈ উভতি যোৱাৰ পূর্বে তেওঁ দিল্লীৰ আছাম হাউছ কিম্বা ভৱনত সাংবাদিকক সম্বোধন কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্রীৰ কার্যালয়ে জানিবলৈ দিছে৷
বজালী জিলাৰ দুটা স্থানত দেশীয় সুৰা জব্দ
বজালী জিলাত দেশীয় সুৰাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বজালী জিলা আৰক্ষী অধীক্ষক। বুধবাৰে সন্ধিয়া বজালী জিলা আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসৰ নেতৃত্ব বজালী জিলাৰ দুটা স্থানত দেশীয় সুৰাৰ বিৰুদ্ধে অভিযান চলায় ২০০ লিটাৰ দেশীয় সুৰা জব্দ কৰি নষ্ট কৰি পেলায় বজালী জিলা আৰক্ষী প্ৰশাসনে। উল্লেখ্য যে, দেশীয় সুৰা, জুৱাখেল, গৰু চোৰে চানি ধৰিছে বজালী জিলাক। এনেক্ষেত্ৰত ইয়াৰ বিৰুদ্ধে বজালী জিলাৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসৰ অধিক তৎপৰতাক শলাগিছে সচেতন মহলে।
টীয়কত বিশ্ব বাইচাইকেল দিৱস উদয়াপন
বিশ্ব চাইকেল দিৱস প্ৰতিবছৰে জুন মাহৰ ৩ তাৰিখে গোটেই বিশ্বজুৰি পালন কৰা হয়। ২০১৮ চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ে ৩ জুন তাৰিখক বিশ্ব চাইকেল দিৱস হিচাপে উদযাপন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱত চাইকেলৰ দীৰ্ঘ জীৱনকাল আৰু বহু কামত ব্যৱহৃত হোৱাৰ প্ৰশংসা কৰা হৈছিল। লগতে প্ৰায় দুই শতক কাল সাধাৰণ, কম খৰচী, বিশ্বাসযোগ্য, নিকা আৰু পৰিৱেশৰ বাবে উপযুক্ত যান-বাহনৰ মাধ্যম হিচাপে চাইকেলৰ উল্লেখ কৰা হৈছিল। চাইকেল ব্যৱহাৰৰ সুফলৰ বিষয়ে সজাগতা সৃষ্টি কৰিব বাবে মূলতঃ এই দিৱস উদযাপন কৰা হয়।টীয়কৰ স্পীনাৰচ ক্লাৱেও টীয়কৰ পৰা লাহদৈগড়লৈ ১৪ কিমি পথ কভিড বিধি মানি চাইকেল চলোৱাৰ উপকাৰীতা সন্দৰ্ভত তথা ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে ল’ব লগা সাৱধানতা সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে পুৱাই চাইকেল চলাই এই দিৱস পালন কৰে। কাৰ্যসূচীৰ শেষত টীয়ক আৰক্ষী থানাত এটি গছ পুলি ৰোপন কৰা হয় । কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ মাজত মাস্ক বিতৰণ কৰে স্পীনাৰচ ক্লাৱে ।
মাজুলী শালমৰাৰ শিল্পীয়ে নিৰ্মাণ কৰিলে ভ্ৰাম্যমাণ চিকিৎসালয়
মাজুলীত নিৰ্মাণ হৈছে এখন ভ্ৰাম্যমাণ চিকিৎসালয়। গহপুৰ আৰু মাজুলীৰ সীমামুৰীয়া দুৰ্গম চৰ-চপৰি অঞ্চলত চলিব এই নৌকা চিকিৎসালয় খন। এখন চৰকাৰী চিকিৎসালয়ৰ সকলো সুবিধা থাকিব নৌকা চিকিৎসালয়ত। ৩৬ লক্ষ্য টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নৌকা চিকিৎসালয় খন ৫ মাহ ১০ দিনত ৮ জন মাজুলী শালমৰা শিল্পীয়ে নিখুঁতভাৱে নিৰ্মাণ কৰি উলিয়াইছে।বেংগেলুৰুৰ কৰুণা ট্ৰাষ্ট্ৰ’ নামৰ এন জিঅ এটাই সম্পূৰ্ণ বিনামূলীয়া কৈ দুৰ্গম চৰাঞ্চলৰ ৰাইজৰ চিকিৎসাৰ বাবে উৎসগিত কৰিব।জীৱনদায়ীনিৰ ৰূপত চৰ বাসীৰ মাজত থাকিব এই নৌকা চিকিৎসালয়খন। মাজুলীৰ সমাজ কৰ্মী ধ্ৰুৱ গোস্বামী ৰ পৰিচালনাত নিৰ্মাণ হোৱা দুই মহলীয়া নৌকা চিকিৎসালয়খনত ৯ টাকৈ কোঠা আছে।দীঘলে ৮৫ ফুট আৰু বহলে ১৮ ফুট চিকিৎসালয় খনত আছে চিকিৎসকৰ কোঠা,প্ৰসুতিৰ বিশেষ কক্ষ,অ পি টি ,লেবাৰ কক্ষ, নাৰ্চৰ কক্ষ,লেবটৰী কক্ষ,ফাৰ্মাচি কক্ষ,শীত তাপ নিয়ন্ত্ৰিত কক্ষ ,কৰ্মচাৰী কক্ষ, দুটাকৈ শৌচাগাৰ, এম্বুলেন্স লৈ যোৱাৰ বিশেষ ব্যৱস্থা, অত্যাধুনিক ইঞ্জিনযুক্ত এখন বিশেষ নৌকা।চৰকাৰী চিকিৎলয়ৰ সকলো সুবিধা লাভ কৰিব এইখন ভাম্যমান চিকিৎসালয়। বছৰ বছৰ ধৰি চিকিৎসাৰ পৰা বঞ্চিত হৈ অহা দৰিদ্ৰ দূৰ্গম অঞ্চলৰ ৰোগী ,তথা প্ৰসুতিৰ বাবে সঞ্জিৱনী হ’ব এইখন নৌকা চিকিৎসালয়। আজি মাজুলীৰ পৰা গহপুৰলৈ নিব এইখন চিকিৎসালয়।
বৰছলাৰ ভৰাশিঙৰীত ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ খহনীয়াঃব্যৱস্থা গ্ৰহণৰ দাবী কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যৰ৷
সমাগত বাৰিষা আজিও উন্মুক্ত ৰাজ্যৰ অধিকাংশ নদ-নদীৰ মথাউৰি৷বাৰিষাৰ আৰাম্ভনিতে নদ-নদী সমূহৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে৷সমান্তৰালভাৱে ব্ৰহ্মপুত্ৰ নদীয়ে বৰছলাৰ ভৰাশিঙৰীত তীব্ৰ খহনীয়াৰ সৃষ্টি কৰিছে৷ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাত শোণিতপুৰ জিলাৰ বৰছলা বিধান সভা সমষ্টিৰ গৰুডোবাৰ তেলীয়াগাওঁ আৰু ভৰাশিঙৰীত ৰাইজৰ হেজাৰ হেজাৰ বিঘা কৃষিভূমি ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে৷ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল খহনীয়াৰ ফলত ভৰাশিঙৰীৰ ছটি পাহাৰত অৱস্থিত ঐতিহাসিক হৰ’গৌৰী দেৱালয়লৈ ভাবুকি আহি পৰিছে৷খহনীয়াৰ কবলত পৰা উক্ত ভৰাশিঙৰী অঞ্চলত ৩জুনত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্যৰ নেতৃত্বত সজাতি দল এটাই উপস্থিত হৈ ৰাইজৰ ক্ষয়ক্ষতিৰ বুজ লয়৷উক্ত খহনীয়াগ্ৰস্ত স্থান পৰিভ্ৰমণ কৰি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই সংবাদ মাধ্যমৰ আগত চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধি সকলক তীব্ৰ ভাষাৰে সমালোচনা কৰে৷কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই চৰকাৰ তথা স্থানীয় বিধায়কৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ, ৰাজ্যৰ জলসম্পদ বিভাগ তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস তথা স্থানীয় বিধায়ক গনেশ কুমাৰ লিম্বুৱে কোনো ধৰণৰ ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলটোৰ হেজাৰ হেজাৰ বিঘা কৃষিভূমি ব্ৰহ্মপুত্ৰৰ বুকুত বিলিন হৈছে৷চৰকাৰৰ নীৰৱতাত বৰ্তমান ৰাইজে দিকবিদিক হেৰুৱাই নিজৰ গাঠিৰ ধন খৰচ কৰি বাহ,গছ আদিৰে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া ৰোধ কৰাৰ আপ্ৰাণ চেষ্টা চলাইছে৷খহনীয়াৰ কবলত পৰা উক্ত ভৰাশিঙৰী অঞ্চল এনেদৰে বাহ,গছ আদিৰে বচোৱাটো সম্ভৱপৰ নহয়৷সেয়েহে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা ৰাজ্যৰ জলসম্পদ বিভাগে ততকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই দাবী জনাইছে৷অন্যথা আগন্তুক দিনত ৰাইজৰ স্বাৰ্থত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে গণতান্ত্ৰিক ভাবে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই সকীয়াই দিছে৷
মৰিগাঁৱত অসম চৰকাৰৰ মূখ্য সচিব জিষ্ণু বৰুৱা
যোৱা পহিলা জুনত মৰিগাঁও জিলাত অসম চৰকাৰৰ মুখ্য সচিৱ জিষ্ণু বৰুৱা আহি উপস্থিত হয় | মুখ্য সচিব গাৰকীক সভাপতিত্বত আৱৰ্ত ভৱনত জিলা উপায়ুক্ত সীমাৰেখা ভূঞা, আৰক্ষী অধীক্ষকৰ লগতে, উচ্চ পৰ্য্যায়ৰ বিষয়া সকল এক আলোচনাত মিলিত হয় | মুখ্য সচিৱ গৰাকীয়ে জিলাখনৰ ক’ভিড পৰিস্থিতি আৰু আগন্তুক বান পৰিস্থিতি সন্দৰ্ভত জিলা খনৰ প্ৰস্তুতি সম্পৰ্কে বুজ লয় | ক’ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ পৰ্য্যাপ্ত পৰিমাণে অক্সিজেন সংযুক্ত বিচনা, এম্বুলেঞ্চ, ঔষধ আদি মজুত থকাৰ সন্দৰ্ভতো পৰ্যালোচনা কৰে | তাৰোপৰি মৰিগাঁও জিলাত ক’ভিডৰ গণসংক্ৰমন ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণৰ লগতে জনসাধাৰণৰ সু-স্বাস্থ্য বিষয়ক সচেতনতা বৃদ্ধিৰ ওপৰতো গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়ে | ক’ভিডৰ সময়ত সৰ্বসাধাৰণ ৰাইজৰ মৌলিক সমস্যাখিনিৰ ওপৰতো নজৰ ৰাখিবলৈ পৰামৰ্শ দিয়ে | তদুপৰি আগন্তুক দিনত বাৰিষা বানপানীৰ পৰা হব পৰা পৰিস্থিতিৰ মোকাবিলাৰ বাবে জিলা খনত গ্ৰহণ কৰা প্ৰস্তুতি সন্দৰ্ভতো এটি খতিয়ান লয় লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, ঔষধ আৰু পশুধনৰ খাদ্য আদিৰ পৰ্য্যাপ্ত পৰিমাণে মজুত ৰাখিবলৈ পৰামৰ্শ প্ৰদান কৰে আৰু সকলো বিভাগকে যি কোনো জৰুৰী অৱস্থাৰ বাবে সাঁজু থাকিবলৈ আহ্বান জনায় |
লাহৰীঘাটত স্বামীয়ে পত্নীক যৌতুকৰ বাবে কেৰাচিন ঢালি হত্যাৰ অভিযোগ
মৰিগাঁও জিলাৰ লাহৰীঘাটত স্বামীয়ে কেৰাচিন দি জ্বলাই হত্যা কৰিলে পত্নীক !যোৱা ২২ মে ত লাহৰীঘাট থানাৰ অন্তৰ্গত অমৰাগুৰিত জিন্নত আলীয়ে পত্নী জোনমনি বেগমৰ শৰীৰত কেৰাচিন ঢালি জ্বলাই দিছিল !গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কালি মৃত্যু হয় !উল্লেখ্যৱ৮ মাহ পুৰ্বে টেঙাগুৰি গাৱঁৰ হবিবুৰৰ কন্যা জোনমনি বেগমক অমৰাগুৰি গাঁৱৰ জিন্নত আলীৰ লগত বিবাহ হৈছিল !পৰিয়ালৰ লেকৰ অভিযোগ তেতিয়াৰ পৰাই স্বামীয়ে জোনমনিক যৌতুক দাবী কৰি স্বামী অত্যাচাৰ কৰি আহিছে !অৱশেষত স্বামী আৰু পৰিয়ালৰ লোকে মিলি জোনমনিক হত্যা কৰে বুলি অভিযোগ তুলিছে ! ইতিমধ্যে জোনমনিৰ পৰিয়ালে লাহৰীঘাট থানাত এজাহাৰ দাখিল কৰিছে !











