Home Blog Page 3021

এম জি এনৰেগা কাম পৰিদৰ্শন বৰপেটা উন্নয়ন খণ্ড বিষয়া ছৰিফ আলীৰ

এম জি এনৰেগা আঁচনিৰ অধীনত ৰূপায়ন হোৱা কেইবাটাও কাম পৰিদৰ্শন কৰি বুজ লয় বৰপেটা খণ্ড উন্নয়ন বিষয়া ছৰিফ আলীয়ে। উন্নয়ন খণ্ডটোৰ অধীনস্থ ১১ টা গাওঁ পঞ্চায়তত এম জি এনৰেগাৰ অধীনত চলি থকা অধিকাংশ কাম পৰ্যালোচনা কৰি সন্তুষ্টি লাভ কৰা দেখা গৈছে যদিও কিছু কামত অলপ পৰিমাণে বিসংগতি দেখা পায় তেওঁ। এই ক্ষেত্ৰত কাম চোৱা চিতা কৰাৰ দ্বায়িত্বত থকা জে ই আৰু জি আৰ এছৰে আলোচনা কৰে বিডিঅ ছৰিফ আলীয়ে । বিডিঅ ছৰিফ আলীয়ে কাম পৰিদৰ্শন কৰাত ৰাইজেও আনন্দিত হৈ তেওঁৰ সৈতে মত বিনিময় কৰে। আজি উন্নয়ন খণ্ডটোৰ অধীনস্থ ১ নং ভেল্লা গাওঁ পঞ্চায়ততো বিভিন্ন কাম পৰিদৰ্শন কৰি তেওঁ আঁচনিৰ সফল ৰূপায়ন হোৱা বুলি জানিবলৈ দিয়ে। কাম অনুপাতে ধনৰ আৱন্টন দিলে কামৰ মানদণ্ড উন্নত হয় বুলি উল্লেখ কৰে। এম জি এনৰেগাৰ কামৰ জড়িয়তে যে সচাকৈয়ে গ্ৰাম্যাঞ্চলৰ বাট পথ, নলা নৰ্দমা আদি যাতায়ত ব্যৱস্থাৰ উন্নয়ন হয় সেই কথা উপলব্ধি কৰে। যাতায়তৰ ক্ষেত্ৰত পিছপৰা ভেল্লা গাঁওত উন্নত যাতায়ত ব্যৱস্থা কৰাত এম জি এনৰেগাৰ কামে বিশেষ ভূমিকা লৈছে বুলি কব পৰা যায় যদিও সেই অনুপাতে কামৰ আবন্টন কমকৈ হোৱা পৰিলক্ষিত হৈছে। ভেল্লা গাঁও পঞ্চায়তক আদৰ্শ গাওঁ পঞ্চায়ত হিচাপে গঢ়ি তুলিবলৈ ৰাইজে প্ৰচেষ্টা লোৱাৰ বাবে বিডিঅ গৰাকীয়ে আহ্বান জনায়। কাম পৰিদৰ্শনৰ সময়ত তেওঁৰ সৈতে থাকে এক্ৰিডিয়েটেড ইঞ্জিনিয়াৰ আমিন হুছেইন, জি আৰ এছ আক্তাৰ হুচেইনৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে। উল্লেখযোগ্য যে, সময়মতে কাম পৰিদৰ্শন নকৰাৰ বাবে বহু কামৰ বৰ্তমান মানদণ্ড ঠিক থকা নাই।

খোৱাঙত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড:বিদ্যুৎ সংযোগ নিদিয়াকৈ বিভাগে দিলে বিল

প্ৰতিখন চৰকাৰে উন্নয়নৰ কথা কয় কিন্তু গ্ৰাম্যাঞ্চল সমূহত উন্নয়ন আজিও বহু বাকী । কৰবাত যদি নাই পথ কৰবাত আকৌ বিদ্যুৎৰ সুবিধা নোপোকৈ বছৰৰ পাছত বছৰ পাৰ হৈছে । চৰকাৰ মন্ত্ৰী বিধায়কে উন্নয়নৰ কথা কৈ থকা সময়তে খোৱাঙত বিদ্যুৎ বিভাগৰ আজব কাণ্ড পোহৰলৈ আহিছে । ডিব্ৰুগড় জিলাৰ কুটুহা গাঁও পঞ্চায়তৰ খোৱাঙৰ কাৱৈমাৰিত বিদ্যুৎ সংযোগ নিদিয়াকৈ বিদ্যুৎ বিভাগে দিলে বিল। গাঁও খনত ২০১৯ত বিদ্যুৎ বিভাগে ঘৰে ঘৰে বিদ্যুৎ মিটাৰ লগাইছিল যদিও আজি পৰ্যন্ত বিদ্যুৎ যোগান নিদিলে । ফলত গাঁও খনৰ বহু কেইটা পৰিয়ালে নিজে চুৰ কৰিয়ে বিদ্যুৎ ব্যৱহাৰ কৰা বুলি জানিবলৈ দিয়ে । বিদ্যুৎ বিভাগে বিষয়টো গুৰুত্ব আৰোপ কৰি গাঁও খনত লগাই থোৱা বিদ্যুৎ মিটাৰ বিলাকত বিদ্যুৎ যোগান ধৰিবলৈ আহ্বান জনাইছে ।

‘ফাঁকি পাৰ্টী’ বিজেপিৰ স্বৰূপ ওলাল : জাতীয় পৰিষদ

“নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কল কোনো অৱস্থাতে বিক্ৰী নকৰে বুলি নিৰ্বাচনৰ পূৰ্বে সদম্ভে ঘোষণা কৰা বিজেপি দলৰ প্ৰকৃত স্বৰূপ ওলাই গ’ল৷ অসমবাসী জনসাধাৰণৰ আবেগ জড়িত হৈ থকা কাগজ কল দুটা পুনৰুজ্জীৱীত কৰিব বুলি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বৰমূৰীয়াসকলেই নহয়, স্বয়ং ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে একাধিকবাৰ ঘোষণা কৰিছিল৷ কিন্তু নিৰ্বাচন শেষ হৈ যোৱাৰ পিছতেই এইবাৰ নগাঁও কাগজ কল আৰু কাছাৰ কল দুটা নিলাম কৰিবৰ বাবে নিবিদা আহ্বান কৰাৰ ঘটনাই বিজেপি দল আৰু ইয়াৰ চৰকাৰৰ ফাঁকিবাজ চৰিত্ৰ প্ৰকট হৈ পৰিছে৷” – এই মত অসম জাতীয় পৰিষদ দলৰ৷ কাগজ কল দুটা হিন্দুস্তান কাগজ নিগমে নিয়োগ কৰা অৱসায়কে (লিকুউডিটৰ) কালি কাগজ কল দুটা অৱসায়ন কৰাৰ বাবে নিবিদা আহ্বানৰ বিজ্ঞাপন জাৰি কৰা ঘটনাত প্ৰতিক্ৰিয়া ব্যক্ত কৰি দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি এক বিবৃতিত কয় যে কাগজ কল দুটা পুনৰুজ্জীৱীত কৰাৰ প্ৰতিশ্ৰতি দি বিজেপি দল পুনৰ ক্ষমতালৈ আহিছে৷ গতিকে কাগজ কল দুটা ৰক্ষা কৰাটো এইখন চৰকাৰৰ দায়িত্ব৷ এই দায়িত্ব পালন কৰিবলৈ ৰাজ্য চৰকাৰক জাতীয় পৰিষদে আহ্বান জনায়৷

নগাঁৱত চিকিৎসকক আক্ৰমণ কৰা ঘটনাৰ প্ৰতিবাদ : বহি: বিভাগ বৰ্জন কৰিলে চিকিৎসকে

হোজাই জিলাৰ ফুলতলি চিকিৎসালয়ত কভিড ৰোগীৰ চিকিৎসাত ব্যস্ত থকা এগৰাকী চিকিৎসক , স্বাস্থ্য কৰ্মীক নিৰ্মম ভাবে প্ৰহাৰ কৰা কাৰ্যৰ বিৰুদ্ধে ৰাজ্য খনৰ বিভিন্ন জিলাৰ লগতে নগাঁও জিলাতো বিভিন্ন দল সংগঠন গৰজি উঠিছে । আজি নগাঁও জিলাৰ চিকিৎসক সকলে চিকিৎসালয় সমূহৰ বহি: বিভাগত কৰ্মৰ পৰা বিৰত থাকে । অৱশ্যে কভিডৰ চিকিৎসা আৰু জৰুৰীকালীন চিকিৎসা সেৱা চিকিৎসক আৰু স্বাস্থ্য কৰ্মী সকলে ক’লা বেজ পৰিধান কৰি অব্যাহত ৰাখে । চিকিৎসক আৰু স্বাস্থ্য কৰ্মী সকলে কালি লংকাৰ ফূলতলী চিকিৎসালয়ৰ ঘটনাৰ লগত জৰিত সকলো দোষীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে । তদুপৰি চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনাইছে । ভাৰতীয় চিকিৎসা সংস্থাৰ নগাঁও শাখাই কালি ফুলতলি চিকিৎসালয়ৰ চিকিৎসক সেউজ কুমাৰ সেনাপতিৰ লগতে স্বাস্থ্য কৰ্মীক দুস্কৃতিকাৰী দলে নিৰ্মম ভাবে প্ৰহাৰ কৰাৰ ঘটনাক তীব্ৰ গৰিহনা দিয়াৰ লগতে দুস্কৃতিকাৰী দলক দৃষ্টান্ত মূলক শাস্তি বিহিবলৈ দাবী জনাইছে । সংস্থাৰ সভাপতি ডা: সৰ্বেশ্বৰ বৰা আৰু সম্পাদক ডা: পূৰ্নানন্দ বৰাই কঠোৰ শাস্তি নিদিলে ব্যাপক আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে । অসম চিকিৎসা সেৱা সংস্থাৰ নগাঁও শাখাৰ সভাপতি ডা: ৰঞ্জন গোস্বামীয়ে  ফুলতলিৰ ঘটনাক তীব্ৰ গৰিহণা দিছে । গোস্বামীয়ে  ফুলতলি ঘটনাৰ লগত জৰিত সকলক কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে । নগাঁও চৰকাৰী  পেঞ্চনাৰ সন্থাই কালি চিকিৎসক ডা: সেউজ কুমাৰ সেনাপতি আৰু স্বাস্থ্য কৰ্মীক আক্ৰমনৰ ঘটনাক গৰিহনা দিছে । সন্থাৰ সভাপতি আবুল হুছেইন আৰু সম্পাদক জীৱ প্ৰসাদ  বৰকটকীয়ে এই ঘটনাৰ লগত জৰিত দোষী সকলক কঠোৰ শাস্তি বিহাৰ লগতে চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী জনাইছে । নগাঁও জিলা জেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি প্ৰেমেশ্বৰ দাস , সদৌ নগাঁও জিলা ছাত্র সন্থা , অসম জাতীয়তাবাদী যুব পৰিষদৰ নগাঁও জিলা সমিতিকে ধৰি জিলাখনৰ বিভিন্ন দল সংগঠনে ফুলতলি ঘটনাৰ লগত জৰিত সকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ দাবী জনাই । নগাঁও জিলা মেডিচিন ডীলাৰ এচ’ছিয়েশ্বনৰ সভাপতি জীৱন বনিক , সম্পাদক মনোৰঞ্জন বৰুৱাই কালি ফুলতলি চিকিৎসালয়ত চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক আক্ৰমণৰ ঘটনাক গৰিহনা দিয়াৰ লগতে দোষীক গ্ৰেপ্তাৰ কৰি ফাষ্ট ট্ৰেকট বিচাৰ কৰিবলৈ চৰকাৰক দাবী জনায় ।

চিকিৎসক অথবা স্বাস্থ্যকৰ্মীৰ গাৰ নোম এদালটো যদি হাত দিয়ে তেন্তে কথা বিষম হ’ব : স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত

” কৰ্মৰত চিকিৎসক অথবা  স্বাস্থ্য কৰ্মীক আক্ৰমণ কৰাটো বাদেই তেওঁলোকৰ গাৰ  নোম এদালটো যদি কোনোবাই হাত দিয়ে তেন্তে কথা বিষম হ’ব। এনে ঘটনাক কোনো কাৰণতে সহ্য কৰা ন’হব। হোজাই জিলাৰ লংকাৰ ফুলতলী কোভিড চিকিৎসালয়ত কৰ্মৰত অৱস্থাত চিকিৎসক প্ৰহৃত হোৱা ঘটনাৰ ৰিজাল্ট  আজি ৰাতিৰ ভিতৰতে   পাব।” কালি নিশা নগাঁৱত উপস্থিত হৈ  চিকিৎসকক প্ৰহাৰ কৰা দুষ্কৃতিকাৰীক এনেদৰে কঠোৰ সকিয়নী দিয়ে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। কালি নিশা নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ স্বাস্থ্য মন্ত্ৰী মহন্তই হোজাই জিলাৰ লংকাৰ ফুলতলী কোভিড চিকিৎসালয়ত সংঘটিত বৰ্বৰোচিত ঘটনাৰ বলি হোৱা চিকিৎসক ডা: সেউজ কুমাৰ সেনাপতিৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসক গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। আহত চিকিৎসক গৰাকীক প্ৰত্যক্ষ কৰাৰ পিছত ক্ষোভিত হৈ পৰা স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমক কয় : ঘটনাত জড়িত সকলোকে বিচাৰি উলিয়াই কঠোৰ শাস্তি বিহা হ’ব। এনে জঘন্য কাৰ্য কোনো কাৰণতে সহ্য কৰা ন’হব।ভৱিষ্যতে সকলো কোভিড কেয়াৰ চেণ্টাৰত পৰ্য্যাপ্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হ’ব বুলিও স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে । আনহাতে নগাঁৱৰ পৰা নিশাই স্বাস্থ্যমন্ত্ৰী গৰাকী হোজাইলৈ ৰাওনা হয়। হোজাইত আহত আন স্বাস্থ্যকৰ্মীৰ খবৰ লোৱাৰ লগতে জিলা প্ৰশাসনক এই ঘটনাৰ লগত জড়িত দোষীক শীঘ্ৰেই আটক কৰি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। ইপিনে মানৱ সেৱাৰ মানসৰে নিজৰ কৰ্মজীৱন আৰম্ভ কৰা ডাঃ সেউজ কুমাৰ সেনাপতিয়ে চিকিৎসালয়খনত যোগদানৰ দ্বিতীয় দিনটোতে নিকৃষ্ট মানসিকতাৰ একাংশ বৰ্বৰ লোকৰ পাশৱিকতাৰ বলি হ’ব লগাত পৰে । নগাঁও জিলাৰ দক্ষিণপাট বালিগাঁৱৰ শিক্ষা বিষয়া চন্দ্ৰকান্ত সেনাপতিৰ পুত্ৰ মেধাসম্পন্ন সেউজ কুমাৰ সেনাপতিয়ে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা এমবিবিএছ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি হোজাই জিলাৰ ফুলতলী আদৰ্শ চিকিৎসালয়ত চিকিৎসক হিচাপে কৰ্মত যোগদান কৰে। কিন্তু কালি দিনটোত চিকিৎসালয়খনৰ কোভিড ৱাৰ্ডত এজন  কোভিড ৰোগীৰ  মৃত্যুক কেন্দ্ৰ কৰি ৰোগী জনৰ আত্মীয় তথা একাংশ আদিম মানসিকতাৰ জঘন্য লোকৰ পাশৱিক আক্ৰমণৰ বলি হবলগাত পৰে চিকিৎসক গৰাকী। কালি নিশা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ থকা অৱস্থাত চিকিৎসক সেউজ কুমাৰ সেনাপতিয়ে সংবাদমাধ্যমক  জানিবলৈ দিয়া মতে আক্ৰমনকাৰীয়ে তেওঁক লোহাৰ ৰড, লাঠী, চৰিয়া আদিৰে দলবদ্ধ ভাবে আক্ৰমণ কৰাৰ উপৰি তেওঁৰ মোবাইল ফোন আৰু সোণৰ চেইন আদি কাঢ়ি লৈ যায়।আনকি তেওঁৰ চশমাযোৰো আক্ৰমণকাৰীয়ে ভাঙি পেলায়।সেই সময়ত ঘটনাস্থলীত উপস্থিত থকা এজন নিৰপত্তাৰক্ষীয়ে চিকিৎসক গৰাকীক আক্ৰমণকাৰীৰ কবলৰ পৰা মুক্ত কৰা চেষ্টা কৰে যদিও বিফল হয়।ইয়াৰ মাজতে চিকিৎসক গৰাকীয়ে নিজৰ প্ৰাণ ৰক্ষা কৰি তাৰ পৰা পলায়ন কৰে। চশমা অবিহনে অসুবিধাৰ সন্মুখীন হৈয়ো ১২ কিলোমিটাৰ গাড়ী চলাই অহা  চিকিৎসক সেনাপতিক অৱশেষত এজন লোকে  উদ্ধাৰ কৰি নগাঁৱৰ চিকিৎসালয়লৈ লৈ আহে। সম্প্ৰতি চিকিৎসক গৰাকী গুৱাহাটী মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।আনহাতে চিকিৎসক গৰাকীৰ গৃহভূমি নগাঁও জিলাৰ দক্ষিণপাট বালিগাঁৱৰ ৰাইজে কালি সংঘটিত ডা: সেউজ কুমাৰ সেনাপতিৰ আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰা লগতে দোষীক উচিত শাস্তি প্রদানৰ দাবী জনায়।ইতিমধ্যে এই ঘটনাত জড়িত ৫জনক আৰক্ষীয়ে অতি তৎপৰতাৰে  কালি নিশাই বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰে ইয়াৰে দুজন লস্কৰ পথাৰৰ জয়নাল উদ্দিন আৰু কামাল উদ্দিন আৰু আন এজন বামুণ গাঁৱৰ তৈয়বুৰ ৰহমান । পৰবৰ্তী সময়ত উদালী ফুলতলী কভিড চিকিৎসালয়ৰ চিকিৎসক  সেউজ কুমাৰ সেনাপতিৰ ওপৰত হোৱা বৰ্বৰ আক্ৰমণত জড়িত ২৪ জন অপৰাধীক  হোজাই আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰে ৷ এই ঘটনা সন্দৰ্ভত অতি শীঘ্ৰে দাখিল কৰা হ’ব অভিযোগনামা ।চিকিৎসক সেউজ কুমাৰ সেনাপতিৰ আক্ৰমণত জড়িত  অপৰাধাত বৰ্তমান পৰ্যন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অপৰাধী সমূহ ক্ৰমে ম:কামাৰুদ্দিন,ম:জৈনালুদ্দিন ম: ৰাহানুদ্দিন,চাইফুল আলম ৰহিমুদ্দিন,ৰিজুল ইছলাম,টাইবুৰ ৰহমান , ৰহিমুদ্দিন,আব্দুল কালাম,নুৰজুল ইছলাম,আব্দুল গুমি,দিলৱাৰ হুছেইন,আব্দুল হুছেইন, আনোৱাৰ হুছেইন,ইক্ৰামুল হুছেইন,নাছিৰুদ্দিন ,আলিমুদ্দিন,জামিল আহমেদ,চাহিল ইছলাম, চৰিফুদ্দিন,চাফিকুদ্দিন,মফিজুৰ ৰহমান.,মতিবুৰ ৰহমান আৰু মিচবা বেগম।

পঞ্চায়ত সভাপতিক কাৰ্যালয়তে ডিঙি চেপি হত্যাৰ চেষ্টা।

পঞ্চায়ত সভাপতিক কাৰ্যালয়তে ডিঙি চেপি হত্যাৰ চেষ্টা। গোচৰ ৰুজু।

তিনিচুকীয়া জিলাৰ বজালতলি গাঁও পঞ্চায়তৰ সভাপতি ৰঞ্জিৎ চৌধুৰীক নিজ কাৰ্যালয়ৰ ভিতৰতেই ডিঙি চেপি হত্যাৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ তুলি তিনিচুকীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। ঘটনাৰ বিৱৰণ অনুসৰি ২জুন বুধবাৰে দিনৰ ১১ বাজি ৩৫মিনিটত স্থানীয় ৰুবুল গোঁহাই(সিংহ)ই বজালতলি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত উপস্থিত হৈ সভাপতি ৰঞ্জিৎ চৌধুৰীক ডিঙি চেপি হত্যা কৰিবলৈ চেষ্টা কৰাৰ লগতে ঘোচা,লাঠ আদি মৰাৰ ফলত তেওঁ আহত হয়। কাৰ্যালয়ত উপস্থিত থকা মন্তু হাজৰিকা,ৰাজু লামা আৰু অন্য কৰ্মচাৰীৰ হস্তক্ষেপত চৌধুৰীৰ প্ৰান ৰক্ষা হয় বুলি এজাহাৰত উল্লেখ কৰা হৈছে।তদুপৰি অভিযুক্ত গোঁহায়ে চৌধুৰীক,” তই বিহাৰী,অসমত আহি দম দেখাবলৈ আহিছ,তোক জ্বলাই দিম। অসমৰ পৰা খেদাই দিম। বিজেপি গাই হিন্দু দেখাব আহিছ” আদি বাক্যও প্ৰয়োগ কৰে বুলি গোচৰীয়া চৌধুৰীয়ে উল্লেখ কৰিছে।

কাহিকুছিৰ এছআইআৰডি কোভিড চেন্টাৰত প্ৰতিবাদ

উদালিত কোভিড চিকিৎসক ডা: সেউজ সেনাপতিৰ ওপৰত চলা নিৰ্মম আৰু বৰ্বৰ আক্ৰমনৰ প্ৰতিবাদত সমগ্ৰ অসমতে চিকিৎসক তথা চিকিৎসাকৰ্মীসকল প্ৰতিবাদমুখৰ হৈ পৰিছে। এগৰাকী চিকিৎসকৰ ওপৰত বহুকেইগৰাকী ব্যক্তিয়ে নিৰ্দয়ভাৱে জপিয়াই পৰা কাণ্ডৰ প্ৰতিবাদত আজি ভিন্ন স্থানৰ চৰকাৰী বেচৰকাৰী চিকিৎসা কেন্দ্ৰ তথা হস্পিতালত ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ কৰাৰ লগতে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা অভিযুক্ত ২৪জনৰ কঠোৰতকৈয়ো কঠোৰ শাস্তিৰ দাবীত হাতত ফেষ্টুন লৈয়ো প্ৰতিবাদ কৰা দেখা যায়। কাহিকুছিৰ এছআইআৰডি কোভিড চেন্টাৰতো আজি সকলো চিকিৎসক,নাৰ্ছৰ পৰা আৰম্ভ কৰি ক্লিনাৰলৈকে সকলোৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি দোষীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায়। সমান্তৰালভাৱে কামৰূপ মেট্ৰ’ৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত আৰু আজাৰাৰ চক্ৰ বিষয়াই চেন্টাৰটোত উপস্থিত হৈ নিৰাপত্তাৰ দিশটো পৰ্যবেক্ষণ কৰে।

ৰঙিয়াত বুধবাৰৰ পৰা আৰম্ভ হয় অত্যাৱশ্যকীয় সামগ্ৰীৰ হোম ডেলিভাৰী

ৰঙিয়া চেম্বাৰ্ছ্ অৱ কমাৰ্ছৰ সহযোগত প্ৰশাসনৰ নিৰ্দেশ মৰ্মে বুধবাৰৰ পৰা ৰঙিয়াত হোম ডেলিভাৰীৰৰ প্ৰক্ৰিয়া আৰম্ভ।

ৰঙিয়া চহৰৰ ১০‌ টা ওৱাৰ্ডত কোভিডে সৃষ্টি কৰা সন্ত্ৰাসৰ সময়ত এই‌ অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ হোম ডেলিভাৰী চলিব।

ৰাইজৰ সুবিধা তথা চৰকাৰে জাৰি কৰা SOP ভংগ কৰি যাতে জনসাধাৰণে জনসমাগম এৰি চলিব পাৰে তাৰ বাবেই এই ব্যৱস্থা হাতত লয়।

বৰ্তমান ৰঙিয়াত ৪ খন ব্যৱসায়িক প্ৰতিষ্ঠানক ইয়াৰ বাবে প্ৰশাসনে অনুমতি প্ৰদান কৰিছে।

প্ৰতিষ্ঠান কেইখন হল ক্ৰমে এলাইট মাৰ্ট,দাস ষ্টৰ,গিতাঞ্জলি এণ্টাৰপ্ৰাইজ্,মাছুম ষ্টৰ ।

এই হম ডেলীভাৰি সম্পূৰ্ণ বিনামূলীয়া হব বুলিও জনাই চেম্বাৰ্ছ অব কমাৰ্ছৰ সভাপতি গৰাকীয়ে ।

প্ৰতিষ্ঠান কেইখনে ৰাইজৰ বাবে হোৱাটচএপ নম্বৰ মুকলি কৰিছে।

এই নম্বৰ কেইটা হল এলাইট মাৰ্ট 03621-796090,9678880643,8876725161.
দাস ষ্টৰ 8638768854,9101676976
গীতাঞ্জলি এণ্টাৰপ্ৰাইজ 9435114191,9864140151 .

কেব চালকৰ ঋণৰ কিস্তি ৰেহাই দিয়াৰ দাবী জাতীয় পৰিষদৰ

কোভিড পৰিস্থিতিত নিবনুৱা হ’ল ৮ হাজাৰ খিলঞ্জীয়া ডেকা
কেব চালকৰ ঋণৰ কিস্তি ৰেহাই দিয়াৰ দাবী জাতীয় পৰিষদৰ

গুৱাহাটী মহানগৰীৰ কেবচালকসকলে উত্থাপন কৰা দাবীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে অসম জাতীয় পৰিষদ দলে৷ আজি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে মহানগৰীত কেব চালক হিচাপে কাম কৰি জীৱন নিৰ্বাহ কৰা যুৱকসকল মূলতঃ ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সন্তান৷ নিজকে খিলঞ্জীয়াৰ চৰকাৰ বুলি দাবী কৰা বিজেপি নেতৃত্বাধীন চৰকাৰে উক্ত খিলঞ্জীয়া কেব চালকসকলৰ সমস্যাসমূহ সমাধান কৰি জাতিৰ প্ৰতি থকা দায়বদ্ধতা প্ৰমাণ কৰা উচিত৷

প্ৰেছ বিবৃতিটোত ভূঞাই কয় যে কোভিড অতিমাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ ফলত ৰাজ্যৰ যিকেইটা খণ্ডৰ লোক সৰ্বাধিক পৰিমাণে আৰ্থিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, তাৰ ভিতৰত গুৱাহাটী মহানগৰীৰ কেব চালকসকল অন্যতম৷ বেংকৰ পৰা লোৱা ঋণেৰে গাড়ী কিনি অ’লা, উবেৰ, ৰেপিড’ আদি টেক্সি কোম্পানীৰ অধীনত ভাৰা মাৰি পৰিয়াল চলাই থকা এই কেব চালকসকলৰ সংখ্যা ৮ হাজাৰতকৈ অধিক৷ কোভিড অতিমাৰীৰ বাবে চৰকাৰে আৰোপ কৰা সান্ধ্য আইনৰ পৰিপ্ৰেক্ষিতত এই কেব চালকসকল নিবনুৱা হৈ পৰিছে৷ কিন্তু যিহেতু তেওঁলোকে গাড়ীসমূহ বেংক বা বেচৰকাৰী বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ ক্ৰয় কৰিছিল, সেয়ে বৰ্তমানে ভাৰা মাৰিব নোৱাৰাৰ ফলত উক্ত ঋণৰ মাহিলী কিস্তি দিয়াটো তেওঁলোকৰ বাবে অসম্ভৱ হৈ পৰিছে৷ অথচ ঋণদাতা প্ৰতিষ্ঠানে কেবচালকসকলক মাহিলী কিস্তি আদায় দিবলৈ হেঁচা প্ৰয়োগ কৰি আহিছে৷ যোৱা বছৰৰ কোভিড অতিমাৰীৰ প্ৰথমটো লহৰৰ সময়ত নিবনুৱা হৈ পৰা কেব চালকসকলৰ ৬-৭ মাহলৈকে মাহিলী কিস্তি অনাদায় হৈ আছিল যিটোৰ বোজা তেওঁলোকে আজিলৈকে মূৰৰ ওপৰৰ পৰা আঁতৰাব পৰা নাই৷ তাৰ পিছত এইবাৰ কৰোণা অতিমাৰীৰ দ্বিতীয় লহৰে সৃষ্টি কৰা পৰিস্থিতিয়ে তেওঁলোকৰ ওপৰত আন এটা অসহনীয় বোজা জাপি দিলে৷

“কেব চালকসলৰ সংগঠন সদৌ অসম কেব মজদুৰ সংস্থাাই আজি কামৰূূপ (মহানগৰ) জিলাৰ উপায়ুক্তক সাক্ষাৎ কৰি তেওঁলোকে সন্মুখীন হৈ অহা সমস্যাসমূহৰ বিষয়ে অৱগত কৰি কিছুমান দাবী উত্থাপন কৰে৷ তাৰ ভিতৰত কেব চালকসকলক আৰ্থিক সাহায্য প্ৰদান কৰা, তেওঁলোকক কোভিড ভেকচিন প্ৰদান কৰা, তেওঁলোকৰ বেংকৰ কিস্তিৰ ক্ষেত্ৰত শিথিলতা প্ৰদান কৰা, ঋণৰ অতিৰিক্ত সুত ৰেহাই দিয়া আৰু মিটাৰ টেক্সি ব্যৱস্থা প্ৰৱৰ্তন কৰা অন্যতম৷ এই দাবীসমূহ চৰকাৰে তৎকালে পূৰণ কৰা উচিত৷”- ভূঞাই কয়৷

হোজাইৰ নতুন বজাৰ FRUত চিকিৎসা সেৱাৰ লগত জড়িত লোকসকলৰ ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ

কালিৰ লংকা উদালি কাণ্ডৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্যতে চিকিৎসা সেৱাৰ লগত জড়িত লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে।
আজি হোজাইৰ নতুন বজাৰ স্থিত FRU ত চিকিৎসা সেৱাৰ লগত জড়িত লোকসকলে কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
লংকাত ক’ভিড চিকিৎসালয়ত নিয়োজিত চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক গুৰুলা-গুৰুলকৈ প্ৰহাৰ দিয়াৰ বিৰুদ্ধে ডাক্তৰ, নাৰ্চ আৰু কৰ্মচাৰী সকলে কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে।
উদালি কাণ্ডৰ লগত জড়িত দুস্কৃতি কাৰী সকলক গ্ৰেপ্তাৰ কৰাৰ লগতে এক দৃষ্টান্তমূলক শাস্তি দিব লাগে বুলি আহ্বাবান জনায় ।
আনহাতে চিকিৎসা কেন্দ্ৰ বোৰত চৰকাৰে চিকিৎসা সেৱাৰ লগত জড়িত লোকসকলৰ নিৰপদৰ বাবে সুৰক্ষা ৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী জনায়।