Home Blog Page 3021

নগাঁৱৰ ৭ সমষ্টিৰ বাবে নিৰ্বাচনী প্ৰস্তুতি : জিলা উপায়ুক্তৰ সংবাদ মেল

নগাঁও জিলাৰ  অন্তৰ্গত ৭ টা বিধান সভা সমষ্টিৰ নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। সেই অনুসৰি, প্ৰথম পৰ্যায়ত হ’বলগা নগাঁও জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত চামগুৰি, ৰূপহীহাট, ধিং আৰু বটদ্ৰৱা এই চাৰিটা বিধান সভা সমষ্টিত নিৰ্বাচনৰ আনুষ্ঠানিক অধিসুচনা অহা ২ মাৰ্চত জাৰি কৰা হ’ব বুলি নগাঁও জিলা উপায়ুক্ত তথা ৰিটাৰ্নিং বিষয়া কবিথা পদ্মনাভৱনে আজি সন্ধিয়া আয়োজন কৰা এক সংবাদ মেলত এই তথ্য সদৰি কৰে । উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া মতে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৯ মাৰ্চ। ১০ মাৰ্চত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব। ১২ মাৰ্চ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ শেষ দিন। উল্লেখিত চাৰিটা সমষ্টিত ২৭ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ’ব। আনহাতে, নগাঁও নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত দ্বিতীয় পৰ্যায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগা সমষ্টি কেইটা ক্ৰমে নগাঁও সদৰ, ৰহা আৰু বঢ়মপুৰ সমষ্টিৰ নিৰ্বাচনৰ বাবে ৫ মাৰ্চত আনুষ্ঠানিক অধিসুচনা জাৰি কৰা হ’ব। ১২ মাৰ্চ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। ১৫ মাৰ্চত মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ লগতে ১৭ মাৰ্চত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। আনহাতে ১ এপ্ৰিলত উল্লেখিত তিনিটা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। উপায়ুক্ত গৰাকীয়ে জনোৱা মতে, নগাঁও জিলাৰ উল্লেখিত ৭টা বিধান সভা সমষ্টিত ১৫২০টা ভোট গ্ৰহণ কেন্দ্ৰ আৰু ৩৮০ টা অতিৰিক্ত ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব। লগতে তেওঁ জানিবলৈ দিয়ে যে যিবিলাক কেন্দ্ৰত এহেজাৰতকৈ অধিক ভোটাৰ থাকিব, সেই এলেকাত অতিৰিক্ত ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব। নিৰ্বাচন আয়োগে দিয়া সকলো নিৰ্দেশনা সকলোৱে মানি চলিব লাগিব বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে। ইতিমধ্যে এই সন্দৰ্ভত  বিভিন্ন ৰাজনৈতিক দলৰ লগত আলোচনা কৰা হৈছে। ইপিনে, কলিয়াবৰ জিলা নিৰ্বাচনী বিষয়াৰ অন্তৰ্গত কলিয়াবৰ বিধান সভা সমষ্টিত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। সংবাদমেলত জিলা উন্নয়ন আয়ুক্ত হেমন্ত ভূঞাৰ লগতে কেইবা গৰাকী অতিৰিক্ত উপায়ুক্ত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া অংকিতা গগৈ উপস্থিত থাকে ।

ওৰাঙত ফ্ৰেইণ্ড ক্লাবৰ উদ্যোগত সদৌ অসম ভিত্তিত বেডমিন্টন প্ৰতিযোগিতা

ওদালগুৰি জিলাৰ ওৰাঙৰ ফ্ৰেইণ্ড ক্লাবৰ উদ্যোগত সদৌ অসম ভিত্তিত বেড মিন্টন প্ৰতিযোগিতা এখনি অহা ৬ আৰু ৭ মাৰ্চত ওৰাঙৰ  কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ ইন্দোৰ ষ্টেডিয়ামত আয়োজন কৰা হৈছে ৷বিগত বৰ্ষৰ দৰে এইবেলি ফ্ৰেইণ্ড ক্লাবৰ উদ্যোগত আয়োজিত বেড মিন্টন প্ৰতিযোগিতাৰ  (দ্বৈত ভাবে) প্ৰথম বিজয়ীক পুৰস্কাৰ  নগদ ১০হেজাৰ,দ্বিতীয় বিজয়ীক  পুৰস্কাৰ-নগদ ৭হেজাৰ টকা,তৃতীয় বিজয়ীক পুৰষ্কাৰ ৩হেজাৰ প্ৰদান কৰা হব  বুলি উদযাপন সমিতিৰ সভাপতি পিন্টু মাহাতো,সম্পাদক অবিনাশ শইকীয়াই জনাইছে ৷প্ৰতিযোগিতাৰ কাৰ্য্যসুচী অনুসৰি ৬ মাৰ্চত পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব ফ্ৰেইণ্ড ক্লাবৰ সভাপতিয়ে ৷ আবেলি ৪বজাত প্ৰতিযোগিতা শুভাৰম্ভী কৰিব -৭০নং মাজবাট বিধান সভা সমষ্টিৰ বিধায়ক চৰণ বড়োবে  ৷আবেলি ৪-১৫বজাৰ পৰা প্ৰদৰ্শনী মুলক উদ্বোধনী প্ৰতিযোগিতা আৰু সন্ধিয়া ৫ বজাৰ মুল প্ৰতিযোগিতা সমুহ নিশা ৩বজালৈ অনুষ্ঠিত কৰা হব ৷ অহা ৭মাৰ্চত পুৱা ৯বজাৰ  পৰা পৰৰ্ৱতী খেল সমুহ পুনৰ আৰাম্ত কৰা হব বুলি উদ্যোক্তা সকলে জনাইছে ৷ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী সকলক ভৰ্তি মাছুল ৫শ টকাৰ সৈতে +9101218467, 8638841937, 7002621509, 7002905944 এই নম্বৰত সকলো প্ৰকাৰৰ যোগাযোগ কৰাৰ বাবে আহ্বান কৰা হৈছে ৷

গোলাঘাটত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে জিলা প্ৰশাসনৰ বৈঠক

গোলাঘাট নিৰ্বাচন জিলাৰ আসন্ন বিধানসভা নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে আজি উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলাখনৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয় । বৈঠকত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ আগত মনোনয়ন পত্ৰ দাখিলৰ সময়ত পালন কৰিবলগীয়া নীতি-নিৰ্দেশনা আৰু ৰাজনৈতিক দলসমূহৰ নিৰ্ধাৰিত ব্যয় সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়োৱা হয় । সেই অনুসৰি মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰাৰ্থীৰ সৈতে দুজন ব্যক্তি যাব পাৰিব । আনহাতে নিৰ্বাচনী আৰ্হি আচৰণ বিধি উলঙ্ঘনৰ ঘটনা ৰোধ কৰাৰ বাবে প্ৰাৰ্থীৰ ব্যয়ৰ ক্ষেত্ৰত চোকা দৃষ্টি ৰখা হ’ব । প্ৰাৰ্থীৰ সুকীয়া বেংক একাউণ্ট থাকিব লাগিব । ৮০বছৰ বয়সৰ উৰ্ধৰ আৰু বিশেষভাৱে সক্ষম ভোটদাতাসকলে ডাক বেলটযোগে ভোট দিয়াৰ প্ৰক্ৰিয়া সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয় । অতিৰিক্ত উপায়ুক্ত তথা ব্যয় নিৰীক্ষণ কোষৰ দায়িত্বত থকা কুলদ্বীপ হাজৰিকাই নিৰ্বাচনী আৰ্হি আচৰণ বিধি সন্দৰ্ভত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলক অৱগত কৰায় । প্ৰতিনিধিসকলক আৰ্হি মনোনয়ন পত্ৰ আৰু ইয়াৰ সৈতে দাখিল কৰিবলগীয়া তথ্য-পাতিসমূহৰ বিষয়েও অৱগত কৰোৱা হয় । আজিৰ বৈঠকত জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদী, অতিৰিক্ত উপায়ুক্ত মুন গগৈ, নিৰ্বাচন বিষয়া সুলক্ষনা বৰপাত্ৰগোঁহাই আৰু সহকাৰী আয়ুক্ত পাপু গগৈ উপস্থিত আছিল । বৈঠকত বি জে পি, অসম গণ পৰিষদ, চি পি আই (এম) কে ধৰি বিভিন্ন দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

স্বচ্ছ-নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ তৎপৰ মাজুলী জিলা প্ৰশাসন

মাজুলীৰ ৰাজহুৱা স্থানৰ পৰা আঁতৰিল চৰকাৰ-ৰাজনৈতিক দলৰ হ’ৰ্ডিং-পোষ্টাৰ

ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি অসমত হ’বলগীয়া বিধান সভা নিৰ্বাচনৰ সূচী অনুসৰি প্ৰথম পৰ্যায়ত অহা ২৭ মাৰ্চত ৯৯ নং মাজুলী বিধান সভা সমষ্টি(এচ টি)ত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে-লগে মাজুলী সমষ্টিত স্বচ্ছ আৰু নিকা ভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ তৎপৰ হৈছে জিলা প্ৰশাসন ৷ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত জনাবলৈ আজি সন্ধিয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সংবাদমেল সম্বোধন কৰে জিলাখনৰ  অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱা (নিৰ্বাচন) ই ৷

বিষয়া গৰাকীয়ে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে-লগে জিলাখনত গঠন কৰা ফ্লাইং স্কোৱাদৰ দলে জিলাখনত থকা চৰকাৰ , ৰাজনৈতিক দলৰ হ’ৰ্ডিং , বেনাৰ ,  দেৱাল লিখন আঁতৰোৱাৰ কাম আৰম্ভ কৰাৰ কথা সংবাদমেলত সদৰি কৰে ৷

ক’ভিড প্ৰ’টকল মতে পূৰ্বৰ ১৬৪ টা ভোট গ্ৰহণ কেন্দ্ৰৰ উপৰিও অতিৰিক্ত ৩১ টা ভোট গ্ৰহণ কেন্দ্ৰ এইবাৰ ব্যৱস্থা কৰাৰ কথা অৱগত কৰে ৷ সমষ্টিটোএইবাৰ মুঠ ভোটাৰৰ সংখ্যা ১৩০৪৬৮ গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৬৬৫০৮ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা ৬৩৯৫৮ গৰাকী ৷

সমষ্টিটোক ৮ টা জ’নত ভাগ কৰাৰ লগতে পাঁচটা আদৰ্শ ভোট কেন্দ্ৰৰ লগতে পোন্ধৰটা মহিলা ভোট গ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰাৰ কথা সংবাদমেলত জানিবলৈ দিয়ে ৷ নিৰ্বাচন আয়োগে ৮০ বছৰ উদ্ধৰ ভোটাৰ , বিশেষ ভাৱে সক্ষম আৰু চাৰ্ভিচ ভোটাৰৰ বাবে পোষ্টেল বেলটৰ ব্যৱস্থা কৰিছে ৷ ইতিমধ্যে পোষ্টেল বেলটৰ কাম-কাজ আৰম্ভ হোৱাৰ কথাও সংবাদমেলত জানিবলৈ দিয়ে ৷  

নিৰ্বাচনৰ বাবে ২ মাৰ্চত জাননী জাৰী কৰাৰ পিছত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৯ মাৰ্চ আৰু মনোনয়ন পত্ৰ উঠাই লোৱাৰ অন্তিম দিন ১২ মাৰ্চ ধাৰ্য কৰিছে ৷ বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচন সম্পকীয় সভা-সমিতি আদি অনুষ্ঠিত কৰাৰ বাবে ল’বলগীয়া অনুমতি আৰু যিকোনো অভিযোগৰ বাবে “সুবিধা” আৰু “চি ভিছিল” নামৰ দুটা এপ মুকলি কৰাৰ কথা সংবাদমেলত জানিবলৈ দিয়ে ৷ 

অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱা(নিৰ্বাচন)ই কয় যে -মাজুলী শান্তিপ্ৰিয় ঠাই ৷ ইয়াৰ সুনাম আছে ৷ গতিকে আগন্তুক নিৰ্বাচন যাতে এই সমষ্টিত সূকলমে হৈ যায় তাৰ প্ৰতি সহযোগিতা আগবঢ়াবলৈ মাজুলীবাসীক আহবান জনাইছে ৷ সংবাদমেলত অতিৰিক্ত উপায়ুক্তদ্বয় কাৰ্তিক কলিতা , বিপুল দাস , অতিৰিক্ত আয়ুক্তদ্বয় বিভাস পাঠক , হিমাদ্ৰী বৰা আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া তাপস কুমাৰ বৰা উপস্থিত থাকে ৷ 

প্ৰধানমন্ত্ৰী মোদীক প্রশংসা WHOৰ প্রধানৰ

ক’ভিড যুঁজৰ লগতে টিকাৰ সাম্যতাক সমর্থন কৰাৰ বাবে ভাৰতৰ প্রধানমন্ত্রীক প্রশংসা কৰাৰ লগতে ধন্যবাদ জনাইছে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান টেড্রছ আডানম্‌ গেব্রিয়েছাছে ।

টুইটাৰত WHOৰ প্রধান টেড্রছ আডানম্‌ গেব্রিয়েছাছে লিখিছে,’ক’ভ্যাক্সৰ প্রতি আপোনাৰ দায়বদ্ধতা আৰু টিকাৰ সাম্যতাক সমর্থন জনোৱাৰ বাবে ধন্যবাদ প্রধানমন্ত্রী । আপোনাৰ দ্বাৰা পঠোৱা হোৱা ভেক্‌চিনে সহযোগিতা কৰিছে ৬০খন দেশক। সেই দেশসমূহত তেওঁলোকৰ স্বাস্থ্যকর্মী আৰু অন্যান্যসকলৰ টিকাকৰণ আৰম্ভ কৰিছে। আশা কৰো অন্য দেশসমূহেও আপোনাৰ কাৰ্যক অনুসৰণ কৰিব।’

কিছু দিন পূৰ্বে ভেক্‌চিনৰ উৎপাদন বৃদ্ধি আৰু আবণ্টনৰ বাবে বিভিন্ন দেশৰ ওচৰত আবেদন কৰিছিলে টেড্রছ আডানম্‌ গেব্রিয়েছাছে। তেওঁ কয় যে,’ভেক্‌চিন আবণ্টন নকৰিলে ঘুৰি ঘুৰি আগৰ স্থান পাবগৈ বিশ্ব।’

উল্লেখ যোগ্য যে, বাংলাদেশ, ভূটান, মালদ্বীপ, ম্যানমাৰ, নেপাল-সহ একাধিক দেশলৈ পঠোৱা হৈছে ভাৰতীয় ভেক্‌চিন ৷

দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰিয়ংকা গান্ধী

দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহি আছে কংগ্ৰেছ নেত্ৰী প্ৰিযংকা গান্ধী।
সোমবাৰে অসমত উপস্থিত হবহি প্ৰিয়ংকা গান্ধী।
২মাৰ্চত তেজপুৰত এক ৰেলীত অংশ লব প্ৰিয়ংকা গান্ধীয়ে।
উল্লেখ্য যে, এই দুটা দিনত কেইবাখনো জনসভাত অংশ লব প্ৰিয়ংকা গান্ধীয়ে।

আজি অগপ‌ আৰু ইউ পি পি এলৰ নেতৃত্বৰে বৈঠকত বহাৰ সম্ভাৱনা বিজেপিৰ

আজি অগপ‌ আৰু ইউ পি পি এলৰ নেতৃত্বৰে বৈঠকত বহাৰ সম্ভাৱনা বিজেপিৰ ।

শুকুৰবাৰে দেশৰ নিৰ্বাচন আয়োগে অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ ঠিক এদিন পিছতেই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।

বজালী জিলাৰ পাটাছাৰকুছি সমষ্টিৰ পাঠশালাত বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে আজি ভিতৰতে বিজেপি, অগপ‌ আৰু ইউ পি পি এলৰ সৈতে এক বৈঠকত মিলিত হ’ব বুলি জনায়।

জানিব পৰা মতে এই বৈঠকতে আসন বুজাবুজি সন্দৰ্ভত চূড়ান্ত সিদ্ধান্তত উপনীত হোৱাৰ সম্ভাৱনা আছে।

যদি সকলো ঠিকেই থাকে তেন্তে অতি সোনকালেই প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হ’ব বুলিও ইংগিত দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।

আনহাতে দুদিনীয়া ভ্ৰমণসূচী লৈ অসমলৈ অহা বিহাৰৰ বিৰোধী নেতা তেজস্বী যাদৱক তীব্ৰ ভাষাৰে সমালোচনা কৰি দাসে কয় যে তেজস্বীয়ে ইয়াত বাহৰ পাতি কোনো লাভ নাই।

ইফালে কংগ্ৰেছৰ অসম বচাও অভিযানকো কটাক্ষ কৰি ৰাজ্যিক সভাপতি গৰাকীয়ে কংগ্ৰেছৰ নেতাৰ মুখত কেতিয়াও জয় গুৰু শংকৰ ধ্বনি নুফুটে বুলি মন্তব্যে কৰে।

তেওঁ কয়, ‘কংগ্ৰেছে কৰা পাপ বিজেপিয়ে ধুইছে, কংগ্ৰেছে সত্ৰৰ মাটি বেদখল কৰিলে বিজেপিয়ে বেদখলমুক্ত কৰিলে’।

উল্লেখ্যে যে অসমত বিধানসভা নিৰ্বাচন তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ২৭ মাৰ্চত, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ১ এপ্ৰিলত আৰু তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব।

জাহাজ হ’ব অসম জাতীয় পৰিষদৰ প্ৰতীক

অসম জাতীয় পৰিষদৰ প্ৰতীক জাহাজ।

নিৰ্বাচন আয়োগত পঞ্জীয়ন হ’ল AJP দল ৷

পঞ্জীয়ন নম্বৰ হ’ল- ৫৬/১৬১/২০২০-২১/PPS/1

২৫ ফেব্ৰুৱাৰীৰ পৰা পঞ্জীয়নভুক্ত হ’ল অসম জাতীয় পৰিষদ।

সংবাদমেলত প্ৰতীক মুকলি কৰিলে সভাপতি লুৰীণজ্যোতি গগৈয়ে।

আয়ুৰ্মেদ হেলথ কেয়াৰৰ উদ্যোগত খানামুখত স্বাস্থ্য পৰীক্ষা শিবিৰ

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখস্থিত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰৰ সামূহিক গৃহত অলপতে গুৱাহাটীৰ গীতানগৰস্থিত আয়ুৰ্মেদ হেলথ কেয়াৰৰ উদ্যোগত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈ যায় । শিবিৰত ডাঃ বৰ্ণালী দাস, ডাঃ স্মৃতিশিখা গগৈ, ডাঃ বিজয় দাস, ডাঃ হিমাশ্ৰী বৰা আৰু স্বাস্থ্যকর্মী প্ৰাণেশ্বৰ ডেকাই উপস্থাপন অৰ্দ্ধ শতাধিক লোকৰ ৰক্তচাপ, চুগাৰ তথা মধুমেহৰ উপৰিঅত্যাধুনিক যন্ত্ৰৰ সহায়ত শৰীৰৰ সকলো ধৰণৰ বিষ আৰু পুৰণি বেমাৰৰ পৰীক্ষা কৰে । আনহাতে চিকিৎসকৰ দলটোৱে ৰোগ চিনাক্ত হোৱা লোক সকলক ৰোগ নিৰাময় আৰু আৰোগ্য  সন্দৰ্ভত বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায় । তেনেদৰে স্বাস্থ্য পৰীক্ষাৰ পাছত সুলভ মূল্যত ৰোগী সকলোক দৰব প্ৰদান কৰা হয় ।

মৰাণ প্ৰেছ ক্লাৱৰ এই মাহৰ অতিথি বিশিষ্ট শ্ৰমিক নেতা চিন্তাৰাম চাহুক অভিন্দন

সুদুৰ ছত্তীশগড়ত জন্ম লভি মাত্ৰ আঠ বছৰ বয়সতে জীৱিকাৰ সন্ধানত ১৯৩১চনত পিতৃদেৱতা পল্টন চাহুৰ লগত গিৰমিটিয়া শ্ৰমিক ৰূপে অসমলৈ আহি ৯৮ টা বসন্ত পাৰ কৰি অসমৰ বায়ু-পানী সেৱন কৰি মৰাণত সমাজ- সংস্কৃতি, কৰ্মসংস্কৃতি যোগে দহৰ বাবে পথ পদশক হোৱা চিন্তাৰাম চাহুক আজি মৰাণ প্ৰেছ ক্লাৱে অভিনন্দন জ্ঞাপন কৰে।মৰাণ প্ৰেছ ক্লাৱৰ সম্পাদক কৰুণা ফুকনে আঁতধৰা অনুষ্ঠানত মৰাণ প্ৰেছ ক্লাৱৰ এই মাহৰ(ফেব্ৰুৱাৰী) অতিথি চিন্তাৰাম চাহুক চেলেং চাদৰ আৰু অভিনন্দন পত্ৰৰে বিশেষভাৱে সম্বধনা জনায়।প্ৰথমে লখিমপুৰত থাকি ১৯৪৫ চনত বৰ্তমানৰ চৰাইদেউ জিলাৰ হিংৰিজান চাহ বাগিচালৈ আহি ১৯৪৭ চনত বাগিচাৰ কৰ্মীৰূপে নিয়োজিত হোৱা শ্ৰমিক গৰাকী নিজৰ কৰ্মৰ দক্ষতা পাৰ্গত হৈ উঠিছিল৷ বাগিচাৰ পাৰ্গত কৰ্মীৰূপে বৃটিছ চাহাবৰ পৰা বিশেষ পুৰস্কাৰ লাভ কৰি সহকাৰী কৰ্মীসকলকো প্ৰেৰণা আৰু সাহস দিবলৈ  সক্ষম হৈছিল এই গৰাকী শ্ৰমিকে৷ বাগিচাৰ কৰ্মচাৰীসকলক একত্ৰিত কৰাৰ নেতৃত্ব বহন কৰি শ্ৰমিক নেতাৰূপে আত্মপ্ৰতিষ্ঠা লাভ কৰা চিন্তাৰাম চাহুৰ পৰিয়ালটি বৰ্তমান সমাজত এখন সুকীয়া স্থান পাবলৈ সক্ষম হৈছে চিন্তাৰাম চাহুৰ আদৰ্শতে। দুই অনা দৈনিক মজুৰিয়ে শ্ৰমিক ৰূপে কৰ্মৰত আদৰ্শবান চিন্তাৰাম চাহুৰ পুত্ৰ-কন্যা ,নাতিসকলে বৰ্তমান উচ্চ শিক্ষাৰে শিক্ষিত হৈ ৰাজ্যৰ জনসাধাৰণৰ সেঁৱাত কৰ্মৰত হৈ আছে।ধৰ্ম আধাৰত নিজৰ কৰ্ম কৰিলে নিশ্চয় সফলতা হ’বই বুলি কয় অতিথি গৰাকীয়ে।চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি ক্ষেত্ৰত বাগিচাৰ উৎপাদন বৃদ্ধিৰ অনুপাতে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিলে চাহ বাগিচাৰ লগতে শ্ৰমিকৰ উন্নতি হ’ব বুলি কয়।মৰাণ প্ৰেছ ক্লাৱৰ অতিথি গৰাকীক মৰাণৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় নেতা সকলেও সম্বৰ্ধনা জনায়। মৰাণ প্ৰেছ ক্লাৱৰ এই কাৰ্যসূচীত অংশ গ্ৰহন কৰি টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোঁহা,মহকুমা সমিতিৰ সম্পাদক পলাশজ্যোতি বৰগোঁহাই, আহোম জাতীয় গণ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক তথা মৰাণ সাহিত্য সভাৰ সম্পাদক অকণ ভূঞা,সদৌ অসম ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিৰ সভাপতি জিতু গগৈ,সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মৰাণ শাখা সম্পাদক মাহাত্মা সোনাৰ,গোৰ্খা ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিৰ সম্পাদক নন্দৰাম থাপা,সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক সঞ্জীৱ চুতীয়া,সমাজকৰ্মী অসীম বৰুৱা ,পল্লৱ শৰ্মা,কবি প্ৰদীপ বৰুৱা,শিক্ষক বীৰেন চাংমাই,শিক্ষক বুদ্ধেশ্বৰ গড়,সাংবাদিক বাছা বৰা আৰু মৰাণ প্ৰেছ ক্লাৱৰ সহকাৰী সম্পাদক শৰৎ শেনচোৱা, উপদেষ্টাৰ ত্ৰয়-ক্ৰমে-শোভিত কুমাৰ ছেত্ৰী, ড৹ যতীন চুতীয়া আৰু লক্ষেশ্বৰ তাঁতীয়ে মৰাণ প্ৰেছ ক্লাৱৰ অতিথি চিন্তাৰাম চাহু কৰ্ম জীৱনৰ বিষয়ে জানিব কাৰণে বহুতো প্ৰশ্ন অৱতাৰণ কৰে ।  মৰাণ প্ৰেছ ক্লাৱৰ সমূহ সদস্যৰ লগতে জাতীয় জনগোষ্ঠী সংগঠনৰ নেতাসকলক পৰিয়ালৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনায়। অনুস্থানত উপস্থিত বিশিষ্ট ব্যক্তি সকলে মৰাণ প্ৰেছ ক্লাৱৰ এই কাৰ্যক ভূয়ষী প্ৰশংসা কৰে।শেষত মৰাণ প্ৰেছ ক্লাৱৰ সভাপতি দয়ানন্দ সিঙে অনুষ্ঠানত উপস্থিত থকা সকলোকে শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠান সমৰণি মাৰে ।