Home Blog Page 3022

উদালি চিকিৎসক নিগ্ৰহ কাণ্ড। অসম বিজেপিৰ সংখ্যালঘূ গোটৰ নেতা মতিউৰ ৰহমানৰ প্ৰতিক্ৰিয়া।

উদালি চিকিৎসক নিগ্ৰহ কাণ্ড। অসম বিজেপিৰ সংখ্যালঘূ গোটৰ নেতা মতিউৰ ৰহমানৰ প্ৰতিক্ৰিয়া।

জীয়া ভৰলী নদীৰ ব্যাপক খহনীয়া: নিশ্চিহ্ন হোৱাৰ পথত নামেৰী পিকনিকস্থলী ৷

শোণিতপুৰ জিলাৰ নদুৱাৰৰ অন্তৰ্গত ১নং বৰদিকৰাইত জীয়া ভৰলী নদীয়ে ব্যাপক খহনীয়াৰ সৃষ্টি কৰিছে ৷ নদীখনৰ খহনীয়াই নামেৰী পিকনিক স্থলীও সম্প্ৰতি নিশ্চিহ্ন হোৱাৰ পথত ৷ বিগত সময় চোৱাত নদীখনৰ গৰাখহনীয়াত শ শ বিঘা কৃষি ভূমি জাহ যোৱাৰ লগতে কেইবাখনো ক্ষুদ্ৰ চাহ বাগিছাও নিঃশেষ হয় ৷ বহু ৰাইজে ঘৰ-বাৰী এৰি অন্য স্থানলৈ ঢাপলি মেলিব লগা পৰিস্থিতি সৃষ্টি হৈছে ৷ সম্প্ৰতি নদীখনৰ ব্যাপক খহনীয়াই অঞ্চলটোৰ কৃষক ৰাইজলৈ ভাবুকি কঢ়িয়াই আনিছে ৷ অঞ্চলবাসী ৰাইজে জীয়া ভৰলী নদীখনে খহনীয়া সৃষ্টি কৰা প্ৰায় তিনিকিলোমিটাৰ দৈঘ্য এলেকা বৈজ্ঞানীক সন্মতভাৱে স্থায়ী গৰাখহনীয়া বান্ধৰ নিৰ্মানৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ লবলৈ নতুন চৰকাৰখনক দাৱী জনাইছে ৷

চিকিৎসকক আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি সৰৱ চিকিৎসক সমাজ

চিকিৎসকক আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি সৰৱ চিকিৎসক সমাজ। হোজাই জিলাৰ ফুলতলি আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক কৰা বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে আজি অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰতিবাদ জ্যেষ্ঠ-কনিষ্ঠ চিকিৎসকৰ। এ এম চিৰ বহিঃবিভাগৰ চৌহদত মৌন প্ৰতিবাদেৰে গৰিহণা চিকিৎসকৰ। নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি ক’ভিডৰ বিৰুদ্ধে যুঁজ দিয়া চিকিৎসকৰ ওপৰত হোৱা এই আক্ৰমনত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰো দাবী।

নগাঁৱৰ কঠিয়াতলীৰ পাঁচটা স্থানক কণ্টেইনমেণ্ট জ’ন ঘোষণা প্ৰশাসনৰ

মহামাৰী কোৰোণাই সমগ্ৰ ৰাজ্যজুৰি এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাতো এতিয়া কোভিড–১৯ৰ দ্বিতীয় লহৰে ত্ৰাসৰ সৃৃষ্টি কৰিছে।
জিলাখনৰ কঠিয়াতলীৰ বিভিন্ন স্থানতো এতিয়া কোভিডৰ ব্যাপক সংক্ৰমণ ঘটা পৰিলক্ষিত হৈছে। যাৰ বাবে কঠিয়াতলীৰ পাঁচটা স্থানক ইতিমধ্যে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে নগাঁও জিলা প্ৰশাসনে।

কঠীয়াতলীৰ নিজ কঠিয়াতলী, কছাৰী গাঁও, নামবৰ লালুং, ৰেংবেং, শগুণবাহী অঞ্চলক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে প্ৰশাসনে। উক্ত অঞ্চলসমূহত মানুুহৰ অহা–যোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। আনহাতে কোভিড আক্ৰান্ত পৰিয়ালক চৰকাৰে প্ৰদান কৰা খাদ্য সামগ্ৰী জিলা প্ৰশাসনৰ হৈ বিতৰণ কৰে কামপুৰ ৰাজহ চক্ৰ বিষয়া ডঃ সংগীতা বৰঠাকুৰে।

উল্লেখযোগ্য যে কোভিডৰ নীতি–নিয়ম নমনাৰ বাবেই নগাঁও জিলাৰ কঠিয়াতলীত এতিয়া ব্যাপক হাৰত বৃদ্ধি পাব ধৰিছেে কোভিড আক্ৰান্তৰ সংখ্যা৷ সেয়ে সকলো জনসাধাৰণক এতিয়া সজাগ আৰু সচেতন থাকিবলৈ প্ৰশাসনে আহ্বান জনাইছে।

প্ৰধানমন্ত্ৰী মোদীক নতুন দিল্লীত সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ কৰে। এই সৌজন্যমূলক সাক্ষাৎকালত অসমৰ বিভিন্ন সমস্যাসমূহৰ লগতে অসমৰ উন্নয়নৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন নীতি সম্পৰ্কে আলোচনা কৰা হয় । আগন্তুক দিনসমূহত প্ৰধানমন্ত্ৰীগৰাকীৰ দিহা-পৰামৰ্শৰ সহায়ত যাতে ৰাজ্যখনক উন্নয়নৰ শিখৰলৈ আগুৱাই নিব পৰা যায়, তাৰ বাবে মুখ্যমন্ত্ৰীয়ে তেখেতৰ সহযোগিতা কামনা কৰে ।

বার্ড ফ্লুত আক্রান্ত বিশ্বৰ প্রথম ৰোগী

বার্ড ফ্লুত আক্রান্ত বিশ্বৰ প্রথম ৰোগী চিনাক্ত চীনত

এইবাৰ চীনতেই ব্লার্ড ফ্লু এইচ১০এন৩ ষ্ট্রেইনত আক্রান্ত ৰোগী ধৰা পৰিছে৷ বিশ্বৰ প্রথমগৰাকী ৰোগীৰ দেহত ব্লার্ড ফ্লু এইচ১০এন৩ ষ্ট্রেইন ধৰা পৰাৰ পিছতেই আন এক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ চীনৰ ৰাষ্ট্রীয় স্বাস্থ্য আয়োগে প্রকাশ কৰা তথ্য অনুসৰি ব্লার্ড ফ্লু এইচ১০এন৩ ষ্টেইন মানৱ দেহত সংক্রমিত হোৱা বিশ্বৰ প্রথমটো ঘটনা চীনত ধৰা পৰিছে৷ দেশখনৰ জিয়াংশ্ব’ প্রদেশৰ উত্তৰাঞ্চলত ৪১ বছৰীয়া এজন লোকৰ দেহত এই ব্লার্ড ফ্লু এইচ১০এন৩ ষ্টেইন ধৰা পৰিছে৷

প্রদেশখনৰ ঝেনঝিয়াং চহৰত ধৰা পৰা ৰোগীজনক ইতিমধ্যে চিকিৎসকসকলে বিশেষভাৱে চিকিৎসা প্রদান কৰি আছে৷ স্বাস্থ্য আয়োগে প্রকাশ কৰা তথ্য মতে আক্রান্ত ৰোগীজনৰ স্বাস্থ্য বর্তমান সুস্থিৰ হৈ আছে যদিও যিকোনো মুহূর্ততে অৱনতি ঘটাৰ সম্ভাৱনা নথকা নহয়৷ প্রাৰম্ভিক পর্যায়ত স্বাস্থ্য আয়োগৰ কর্তৃপক্ষই মানৱ দেহত সংক্রমিত হোৱা ব্লার্ড ফ্লু এইচ১০এন৩ ষ্ট্রেইন মহামাৰী ৰূপত সংক্রমিত হোৱাৰ সম্ভাৱনাক অস্বীকাৰ কৰিছে যদিও পশুধনৰ পৰা মানৱ দেহলৈ সংক্রমিত এই ব্লার্ড ফ্লু এইচ১০এন৩ ষ্ট্রেইন এজনৰ পৰা আনজনৰ দেহলৈ সংক্রমিত হোৱাৰ সম্ভাৱনাও নথকা নহয়৷

স্বাস্থ্য আয়োগে প্রকাশ কৰা মতে বিশ্বৰ কোনো দেশতেই ব্লার্ড ফ্লু এইচ১০এন৩ ষ্ট্রেইনত মানুহ আক্রান্ত হোৱাৰ তথ্য কিম্বা তেনে উদাহৰণ নাই৷ তথ্য মতে যোৱা ২৮ মে’ত উল্লিখিত ৰোগীজনক চিকিৎসালয়ত ভর্তি হোৱাৰ পিছত চিকিৎসকে তন্ন তন্নকৈ পৰীক্ষা কৰাৰ অন্তত ৰোগীজন এইচ১০এন৩এভিয়েন ইনফ্লুয়েঞ্জা ভাইৰাছত আক্রান্ত হোৱাটো নিশ্চিত হৈছে৷ দেশখনৰ স্বাস্থ্য আয়োগে বিবৃতিত ৰোগীজন ভাইৰাছত আক্রান্ত হোৱা বুলি প্রকাশ কৰিছে যদিও ক’ৰ পৰা কেনেকৈ লোকজন ভাইৰাছটোত আক্রান্ত হৈছে সেই সন্দর্ভত বিশেষ তথ্য আগবঢ়োৱা নাই৷

উল্লেখ্য যে চীনত এনেধৰণৰ এভিয়েন ইনফ্লুয়েঞ্জাৰ বিভিন্ন ষ্ট্রেইন আছে৷ ইয়াৰে কিছুসংখ্যক মানুহৰ দেহলৈ সংক্রমিত হয়৷ বিশেষকৈ কুকুৰা ফার্মত কাম কৰা লোকৰ দেহলৈ৷ তেনে এক ভাইৰাছ হৈছে এইচ৫এনএ৷ এই ভাইৰাছটো মানৱ দেহলৈ সংক্রমিত হ’লেও ইয়াৰ বিপদ সামান্য৷ অৱশ্যে এই ভাইৰাছটোৱে পক্ষী–কুকুৰাৰ বাবে ভয়ানক৷ কিন্তু শেহতীয়াভাৱে মানৱ দেহত ব্লার্ড ফ্লু এইচ১০এন৩ ষ্ট্রেইন ধৰা পৰা বিষয়টোৱে চীনকো উদ্বিগ্ণ কৰি তুলিছে৷ কিয়নো, এই এইচ১০এন৩এভিয়েন ইনফ্লুয়েঞ্জা ভাইৰাছটোক লৈ চীনা কর্তৃপক্ষৰ হাতত অধিক তথ্য এতিয়ালৈকে নাই৷ এনে পৰিপ্রেক্ষিতত এই ভাইৰাছটোৱে মানৱ জাতিলৈ প্রত্যাহ্বান আনিব পাৰে নেকি তাক লৈও উদ্বিগ্ণ চীনা প্রশাসন৷ লক্ষণীয় যে ক’ভিড–১৯ক লৈ চীনৰ ৰহস্যজনক ভূমিকাৰ পিছত পুনৰ মানৱ দেহত এইচ১০এন৩ ষ্ট্রেইন ধৰা পৰাটো নিশ্চিতকৈ চিন্তনীয় বিষয় হৈ পৰিছে৷

পথ দুৰ্ঘটনাত আহত গায়িকা নাহিদ আফ্ৰিনৰ পিতৃ-মাতৃ

ডেৰগাঁৱৰ সমীপৰ দাধৰাত মটৰ দুৰ্ঘটনাত আহত নাহিদ আফ্ৰিনৰ পিতৃ মাতৃ । চাকৰিসুত্ৰে অলপতে যোৰহাটলৈ বদলি হোৱাত নাহিদৰ পিতৃয়ে যোৱা ২৫ মে’ত যোৰহাটত যোগদান কৰিছিল । আজি নিজে গাড়ী চলাই পত্নীৰ সৈতে যোৰহাটলৈ গৈ থকা অৱস্থাতে কিছু সময় পূৰ্বে দাধৰাত তেওঁৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা গৈ পথাৰত বাগৰি পৰে । গাড়ীখন বিধ্বস্ত হয় যদিও ভাগ্যক্ৰমে দুয়ো ৰক্ষা পৰে । অৱশ্যে কিছু আঘাতপ্ৰাপ্ত হোৱাত দুয়োকে ডেৰগাওঁ পাব্লিক হেল্থ চিকিৎসালয়লৈ অনা হয় । চিকিৎসকে দুয়োকে পৰীক্ষা কৰি ভিতৰুৱা আঘাতৰ উমান পাই উন্নত চিকিৎসাৰ বাবে তেওঁলোকক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ হাস্পাতাললৈ প্ৰেৰণ কৰিছে । এইমাত্ৰ নাহিদৰ পিতৃৰ সৈতে হোৱা টেলিফোনিক বাৰ্তাত তেওঁ জনায় যে পথৰ এটা গাতত চকা পৰাৰ পিছতেই তেওঁৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পানীত পৰেগৈ । বোকাৰে লুটুৰি পুতুৰি হৈ থকা অৱস্থাত দুয়ো কথমপি গাড়ীৰ পৰা ওলাই আহিবলৈ সক্ষম হয় বুলি তেওঁ জনায় । এই মুহুৰ্তত দুয়ো যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ গৈ থকা বুলি জানিবলৈ দিলে ।

উদালি চিকিৎসক নিগ্ৰহ কাণ্ডৰ ২৪ অভিযুক্তক গ্ৰেপ্তাৰ

উদালি চিকিৎসক নিগ্ৰহ কাণ্ডৰ ২৪ অভিযুক্তক গ্ৰেপ্তাৰ

১) মহম্মদ কামাৰুদ্দিন
২) মহম্মদ জয়নাল উদ্দিন
৩) ছাইফুল আলম
৪) ৰেহানুদ্দিন
৫) ৰাজুল ইছলাম
৬) ৰহিম উদ্দিন
৭) ছাহিল ইছলাম
৮) তায়েবুৰ ৰহমান
৯) আব্দুল কালাম
১০) নুৰজুল ইছলাম
১১) দিলৱাৰ হুছেইন
১২) জামিল আহমেদ
১৩) মিছ মিছবা বেগম
১৪) আনোৱাৰ হুছেইন
১৫) ৰহিমুদ্দিন
১৬) ইক্ৰামূল হুছেইন
১৭) আব্দুল গুমি
১৮) নাছিৰুদ্দিন
১৯) আলিমুদ্দিন
২০) মফিজুৰ ৰহমান
২১) আব্দুল হুছেইন
২২) ছৰিফুদ্দিন
২৩) ছফিকুদ্দিন
২৪) মতিবুৰ ৰহমান

জুৰীয়াত শৰালি হাহঁ আৰু কাম চৰাই উদ্ধাৰ।

নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অধীনস্থ লাওখোৱা অভয়াৰণ্যৰ সুতিৰপাৰ বন বিভাগৰ এটা দলে নিশা গদাইমাৰি গাঁৱত অভিযান চলাই উদ্ধাৰ কৰে প্ৰায় কুৰিটা বিৰল প্ৰজাতিৰ শৰালী হাঁহ আৰু কাম চৰাই।
ৰাজ্যত আৰক্ষীৰ সমান্তৰালভাৱে এইবাৰ ক্ৰমাৎ সক্ৰিয় বনবিভাগো । লাওঁখোৱা অভয়াৰণ্যৰ সুঁতিৰপাৰ খণ্ড বনবিষয়া কাৰ্য্যালয়ৰ এটা সজাতি দলে মংগলবাৰে নিশা লাওঁখোৱা অভয়াৰণ্যৰ দাঁতিকাষৰীয়া জুৰীয়াৰ গদাইমাৰিৰ শিঙিয়া পথাৰত গোপন সূত্ৰৰ পম খেদি অভিযান চলাই চোৰাং চিকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰে কেইবাটাও শাৰলি হাঁহ আৰু কাম চৰাই লগতে জব্দ কৰে অত্যাধুনিক টেপ ৰেকৰ্ডাৰ আৰু অডিঅ’ প্লেয়াৰ । বন বিভাগে কোনো চিৰাংচিকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই । লগতে বনবিভাগে এনেধৰণৰ চোৰাং চিকাৰীসকলক অবাধ ভাৱে পক্ষী নিধন কৰা কাৰ্য ,বিভিন্ন বন্যপ্ৰাণী নিধন কৰা কাৰ্যৰ পৰা বিৰত থাকিবলৈ সংবাদ মাধ্যমৰ যোগে সকিয়নী প্ৰদান কৰে ।

দুমাহত মল–ৰেষ্টুৰেণ্টৰ ক্ষতি ৩০ হাজাৰ কোটি টকা

ঘাতক ক’ভিড–১৯সৃষ্ট পৰিস্থিতিৰ বাবে বিগত দুমাহ ধৰি দেশৰ সকলো খণ্ডই ভয়াৱহ ক্ষতিৰ সন্মুখীন হৈছে৷ এইক্ষেত্রত দেশৰ খুচুৰা বিক্রেতা, মল, ৰেষ্টুৰেণ্ট আদি ভয়াৱহ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে৷

তথ্য মতে বিগত দুমাহত মল, ৰেষ্টুৰেণ্ট আদিকে ধৰি এনেধৰণৰ বাণিজ্যিক প্রতিষ্ঠানসমূহৰ ৩০ হাজাৰ কোটি টকা ক্ষতিৰ সন্মুখীন হৈছে৷ অর্থাৎ ৩০ হাজাৰ কোটি টকা লোকচান ভৰিবলগীয়া হৈছে৷ শ্ব’পিং চেমটার্ছ এছ’চিয়েচন অৱ ইণ্ডিয়া (এছ চি এ আই)ই প্রকাশ কৰা মতে দেশজুৰি ক’ভিড–১৯সৃষ্ট পৰিস্থিতিৰ বাবে অর্থনৈতিক কার্যকলাপ বাধাগ্রস্ত হৈছে৷ পশ্চিমবংগ, কর্ণাটক, দিল্লী, এন চি আৰ, মহাৰাষ্ট্র, চণ্ডীগড়, আহমেদাবাদ, চুৰাট আৰু দেশৰ আন আন চহৰসমূহৰ মলবোৰ বন্ধ হৈ গৈছে৷

সপ্তাহান্তিক লকডাউনৰ সমান্তৰালকৈ নৈশ সান্ধ্য আইনৰ ফলত মল, ৰেস্তোৰাঁসমূহ বন্ধ হৈ যোৱাত স্বত্বাধিকাৰীসকল লোকচানৰ সন্মুখীন হৈছে৷ এছ চি এ আইৰ অধ্যক্ষ মুকেশ কুমাৰে প্রকাশ কৰা মতে ৩০ হাজাৰ কোটিতকৈ অধিক লোকচানৰ সন্মুখীন হোৱা মলসমূহে চৰকাৰৰ সমর্থন বিচাৰিছে৷ লক্ষণীয় যে মল আৰু শ্ব’পিং চেণ্টাৰসমূহ দেশজুৰি লোকচানৰ সন্মুখীন হোৱা বাবে সংস্থাপন কর্তন কৰিবলগীয়া হৈছে৷

তাতোকৈ গুৰুত্বপূর্ণ যে লকডাউনৰ সময়ত মল তথা প্রতিষ্ঠানসমূহে বিপুল পৰিমাণৰ ধন ভাৰাৰ নামত ব্যয় কৰিবলগীয়া হৈছে৷ মার্চ মাহৰ পৰাই দেশজুৰি ৯০ শতাংশ মলৰ ব্যৱসায় বন্ধ হৈ পৰিছে৷ এমাহত এই ব্যৱসায়িক প্রতিষ্ঠানসমূহে ১৫ হাজাৰতকৈ অধিক ৰাজহ হেৰুৱাবলগীয়া হৈছে৷ কার্যতঃ ক’ভিড–১৯ সংকটৰ সময়ত মলৰ লেখীয়া ব্যৱসায়িক প্রতিষ্ঠানসমূহ গভীৰ সংকটত পৰিছে৷