Home Blog Page 3022

ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পিতাম্বৰ হাটবজালী পথৰ দুৰৱস্থা

কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী উদিয়ানা পিতাম্বৰ হাটবজালী পথৰ দুৰৱস্থাত ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। চৰকাৰ আহিল আৰু গ’ল কিন্তু কোনোএখন চৰকাৰৰ দৃষ্টি গোচৰ নহ’ল পথটো । পথটোৰে বৃহত্তৰ অঞ্চললৈ মানুহৰ অহা-যোৱাৰ লগতে বৃহত্তৰ উদিয়ানা পিতাম্বৰ হাটবজালীৰ হাজাৰ হাজাৰ লোক তথা বহুকেইখন বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীৰ আহ-যাহ চলে, কিন্তু উক্ত পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে সমস্যাত ভূগিছে ৰাইজে । অঞ্চলটোৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক পথটো মেৰামতি কৰি ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক বিপদমুক্ত কৰিবলৈ অনুৰোধ জনায় ।

বেঙেনাবাৰী অঞ্চলৰ শিঙিবিল গাওঁত বিনামূলীয়া চকু চিকিৎসা শিবিৰ আৰু চশমা বিতৰণ

“চন্দ্ৰ আৰন্ধৰা সোঁৱৰণী ন্যাস”,তাও ইষ্ট ফাউন্ডেশ্বন অব ইণ্ডিয়া, ৰাষ্ট্ৰীয় অন্ধতা নিয়ন্ত্ৰণ আঁচনি (শিৱসাগৰ) আৰু “আৰন্ধৰা বংশালী ন্যাস”ৰ উদ্যোগত তথা শিঙিবিল মিলিজুলি যুৱক সংঘৰ সহযোগত চৰাইদেউ জিলা শিঙিবিল মিলিজুলি যুৱক সংঘৰ কাৰ্যালয়ত আজিৰে পৰা বিনামূলীয়া চকু চিকিৎসা শিবিৰ আৰু চশমা বিতৰণ কৰা হয় ।উক্ত শিবিৰত প্ৰায় দুই শতাধিক ৰোগীৰ চিকিৎসা আগবঢ়াই ডাঃ মণি  চোলাধৰাৰ লগতে কেইবাগৰাকী জেষ্ঠ চিকিৎসকে । তাও ইষ্ট ফাউণ্ডেশ্বনৰ অসম শাখাৰ সম্পাদক আৰু চন্দ্ৰ আৰন্ধৰা কোষাধ্যৰ অনুপ আৰন্ধৰা , সাংগঠনিক সম্পাদক যদুমণি গগৈ, প্ৰচাৰ সম্পাদক ৰাজু গগৈ,  চামচেদৰ লিম্বু,ৰাইজৰ দলৰ  চৰাইদেউ জিলাৰ সভাপতি মণিদ্বীপ মহন , আহোম জাতীয় গণ মঞ্চৰ চৰাইদেউ জিলা সম্পাদক দীপাংকৰ কোঁৱৰ, বীৰ লাচিত সেনা বেঙেনাবাৰী আঞ্চলিক সমিতিৰ সভাপতি ত্ৰৈলোক্য ফূকন,সমাজকৰ্মী নয়নমণি আৰন্ধৰা,নিপন মাজুমলীয়া,ভদ্ৰ কান্ত আৰন্ধৰা আদি উপস্থিত থাকি   এই বিনামূলীয়া চিকিৎসাৰ সুবিধা কন গাঁৱৰ ৰাইজক সহায়ৰ হাত আগ বঢ়োৱাত দৰিদ্ৰ শ্ৰেণীৰ লোকৰ বহুত সকাহ পোৱাৰ উপৰিও ৰাইজৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে

“শ্ৰদ্ধা আৰু ভক্তিভাৱেৰে ৰাইজক সেৱা কৰিলে ৰাইজৰ আস্থাভাজন হ’ব পাৰি ”: বিধায়ক বিমল বড়া

নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগেলগে বিধায়ক বিমল বড়াৰ আৱাসগৃহত জনতাৰ লানিনিচিঙা সোঁত বৈছে ৷ অহা ২৭ মাৰ্চত প্ৰথম পৰ্যায়ত ৪৭ খন আসনৰ বাবে অনুষ্ঠিত হ’ব অসম বিধান সভাৰ নিৰ্বাচন ৷ ১১৯ নং টিংখাং বিধান সভা সমষ্টিতো অহা ২৭ মাৰ্চত অনুষ্ঠিত হ’ব নিৰ্বাচন ৷ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগেলগে টিংখাঙৰ বিধায়ক বিমল বড়াৰ ঘৰত সমাগম ঘটে অসংখ্য জনতাৰ ৷ সকলোৱে বিধায়কগৰাকীক সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰে ৷ বিগত ৫ টা বৰ্ষত ৰাইজৰ অভাৱ-অভিযোগ , সমস্যা সমাধানত সক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ বাবে সকলোৱে ফুলাম গামোছাৰে বিধায়ক গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ বিধায়কগৰাকীয়েও সহযোগিতা আগবঢ়োৱাৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে ৷ বিধায়ক গৰাকীয়ে টিংখাংবাসীক উদ্দেশ্যি এনেদৰে কয় — “শ্ৰদ্ধা আৰু ভক্তিভাৱেৰে ৰাইজক সেৱা কৰিলে ৰাইজৰ আস্থাভাজন হ’ব পাৰি ৷ ৰাইজৰ আৱেগ অনুভূতিক হৃদয়ংগম কৰি সেই আশা আকাংক্ষা পূৰ কৰিবলৈ কোনো দিনে চেষ্টাৰ ক্ৰুটি কৰা নাই ৷ বিগত ৫ টা বৰ্ষত পাৰ্য্যমানে সমষ্টিৰ উন্নয়নৰ বাবে চেষ্টা কৰিছিলোঁ ৷ তাৰে বহু কাম সম্পূৰ্ণ কৰা হ’ল ৷ বহু কাম এতিয়াও কৰিবলৈ বাকী ৷ ৰাইজে পুনৰ আশীৰ্বাদ দিলে অনাগত দিনত ৰৈ যোৱা অথবা আধৰুৱা হৈ ৰোৱা কামবোৰ সম্পূৰ্ণ কৰাৰ প্ৰয়াস কৰা হ’ব ৷ ” নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছত সমষ্টিটোৰ চৌদিশে এতিয়া ব্যাপক  নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হৈছে ৷ উল্লেখ্য যে সমষ্টিটোৰ পৰা বিজেপি- অগপ দলৰ  মিত্ৰজোঁটৰপৰা পুনৰবাৰ বিধায়ক বিমল বড়াই প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়োৱাটো নিশ্চিত ৷ ইপিনে কংগ্ৰেছ দলৰপৰা কোনে দলীয় টিকট লাভ কৰিব সেয়া আজিও চূড়ান্ত হোৱা নাই ৷ কংগ্ৰেছ দলৰপৰা এইবাৰ দলীয় টিকট বিচাৰি প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডা আৰু বিপুল গগৈয়ে আৱেদন জনাইছে ৷ অসম জাতীয় পৰিষদৰপৰা শোভাকৰণ কোহাঁঞিয়ে দলীয় টিকটৰ বাবে আৱেদন জনাইছে ৷

তামুলপুৰত ভাৰতীয় সেনাৰ বিনামূলীয়া পশু চিকিৎসা শিৱিৰ

ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত আৰু তামুলপুৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ সহযোগত শুকুৰবাৰে তামুলপুৰ মহকুমা সদৰৰ মাজমজিয়াত থকা ডিঘিলীপাৰ সেনা শিৱিৰৰ খেল পথাৰত এটি বিনামূলীয়া পশু চিকিৎসা শিৱিৰ অনুষ্ঠিত কৰা হয়।

অপাৰেশ্বন সদ্ভাৱনা আচনিৰ জৰিয়তে সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ ডিঘিলীপাৰ সেনা শিৱিৰত অনুষ্ঠিত কৰা পশু চিকিৎসা শিৱিৰত মহকুমাটোৰ বিভিন্ন ঠাইৰ পৰা আহি কেবাশতাধিক পশুপালকে আহি বিনামূলীয়াকৈ নিজৰ নিজৰ গৰু-ছাগলী, আদি পশুধনৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া দৰৱ গ্ৰহণ কৰে। জানিব পৰা মতে এই পশু চিকিৎসা শিৱিৰত  ২১৬ টা গৰু , ৯৯ টা ,ছাগলী আৰু ৪ টা কুকুৰৰ চিকিৎসা কৰা হয়।পশু চিকিৎসা শিৱিৰত পশু ধনৰ ছিটাও প্ৰদান কৰা হয়। তামুলপুৰ ৰাজ্যিক পশু চিকিৎসালয় আৰু খণ্ড পশু চিকিৎসালয়ৰ চিকিৎসক ডাঃ বলেন চৌধুৰী, ডাঃ মুকুট দাসৰ উপৰি কেইবাগৰাকীও পশু চিকিৎসা কৰ্মীয়ে শিৱিৰত সহযোগ কৰৰে।ভাৰতীয় সৈন্যৰ এনে জনকল্যাণমূলক কাৰ্যসূচীৰ বাবে অঞ্চল টোৰ লোকে সেনাক প্ৰশংসা কৰিছে।

দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ সংগ্ৰহালয় নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন

যোৱা ২৬ ফেব্ৰুৱাৰী ত দক্ষিণ কামৰূপ ৰ মিৰ্জাস্হীত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ সংগ্ৰহালয় নিৰ্মাণৰ বাবে এটা আধাৰশিলা স্থাপন কৰা হয়। এই আধাৰশিলা স্থাপনৰ অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ প্ৰধান অধ্যক্ষ আৰু উপাধ্যক্ষ উপস্থিত থকাৰ লগতে অধ্যাপক-অধ্যাপিকা তথা ছাত্রীসকলৰ লগতে মহাবিদ্যালয়খনৰ আন আন কৰ্মচাৰীসকলো উপস্থিত থাকে। 1995 চনতে মহাবিদ্যালয়খনত সংগ্ৰহালয় স্থাপন কৰা হৈছিল যদিও নিৰ্দিষ্ট ৰূম নথকাৰ বাবে এটা শ্ৰেণীকোঠাৰ মাজত বস্তুবোৰ আবদ্ধ কৰি ৰাখিব লগা হোৱাত ইয়াৰ বাবে কৰিব লগীয়া সচেতনতা মূলক কাম-কাজবোৰ কৰিব পৰা হোৱা নাছিলে সেয়ে পুনৰ নতুনকৈ সংগ্ৰহালয় স্থাপনৰ ব্যৱস্থা কৰিছে। ৰুচাৰ দুগৰাকী কৰ্মী বিগেন দাস আৰু নিৰঞ্জন দাসৰ লগতে মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা আৰু কৰ্মচাৰীসকলে এই আধাৰশিলা স্থাপনৰ বাবে আৰ্থিক সাহায্য আগবঢ়ায়। আৰু এই সংগ্ৰহালয়টো এইটো বৰ্ষতেই মুকলি কৰাৰ পোষকতা কৰা হৈছে ।

গোলাঘাট জিলাত নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি

ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে গোলাঘাট নিৰ্বাচন জিলাটো ৰাজ্যখনৰ আসন্ন বিধানসভা নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু জিলা নিৰ্বাচন শাখাই ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে । দেশৰ নিৰ্বাচনী আয়োগে যোৱা ২৬ ফেব্ৰুৱাৰীত কৰা ঘোষণা অনুসৰি তিনিটা পৰ্যায়ত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহন সম্পন্ন হ’ব । সেই অনুসৰি গোলাঘাট জিলাৰ চাৰিওটা সমষ্টি ৯৩-বোকাখাত, ৯৪-সৰুপথাৰ, ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই সমষ্টিত প্ৰথম পৰ্যায়ত ২৭ মাৰ্চত ভোটগ্ৰহন কৰা হ’ব । প্ৰথম পৰ্যায়ত ভোটগ্ৰহন হ’বলগীয়া ৰাজ্যৰ ৪৭টা সমষ্টিৰ বাবে ২মাৰ্চৰ পৰা মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হ’ব । এই পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৯ মাৰ্চ । ১০ মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব । মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ১২ মাৰ্চ । ২ মে’ত তিনিওটা পৰ্যায়ৰ ভোটগননা কৰা হ’ব । 
উল্লেখযোগ্য যে গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই বিধানসভা সমষ্টিত খচৰা ভোটাৰ তালিকাত ৩,২৯,৭৬০ গৰাকী ভোটদাতাৰ নাম অন্তৰ্ভুক্ত হৈছিল । ইয়াৰে ১,৬৬,৩১৯ গৰাকী পুৰুষ ভোটদাতা আৰু ১,৬৩৪৪১ গৰাকী মহিলা ভোটদাতা । গোলাঘাট সমষ্টিত খচৰা ভোটাৰ তালিকাত ১,৯৬,৬১৩ ( পুৰুষ-৯৯০৭৩/ মহিলা-৯৭,৫৪০)গৰাকী ভোটদাতাৰ নাম সন্নিবিষ্ট হৈছিল ।  একেদৰে খুমটাই সমষ্টিত খচৰা ভোটাৰ তালিকাত ১,৩৩,১৪৭ ( পুৰুষ-৬৭,২৪৬/ মহিলা-৬৫,৯০১)গৰাকী ভোটদাতাৰ নাম অন্তৰ্ভুক্ত হৈছিল । পৰৱৰ্তী সময়ত গোলাঘাট সমষ্টিত ৫,৫২৯ গৰাকী আৰু খুমটাই সমষ্টিত ৪,৯৩২ গৰাকী অৰ্থাৎ মুঠ ১০,৪৬১ গৰাকী ভোটদাতাৰ নাম তালিকাত অন্তৰ্ভুক্ত হয় । ইয়াকে লৈ এতিয়ালৈকে গোলাঘাট নিৰ্বাচন জিলাত ৩,৪০,২২১ গৰাকী ভোটদাতাৰ নাম চূড়ান্ত ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈছে । ইয়াৰে ১,৭০,৪৪৬ গৰাকী পুৰুষ ভোটদাতা আৰু ১,৬৯,৭৭৫ গৰাকী মহিলা ভোটদাতা । চূড়ান্ত তালিকা অনুসৰি গোলাঘাট সমষ্টিত ২,০২,১৪২(পুৰুষ – ১,০১,২৬৮/ মহিলা- ১০০৮৭৪) আৰু খুমটাই সমষ্টিত ১,৩৮,০৭৯( পুৰুষ- ৬৯,১৭৮/ মহিলা- ৬৮,৯০১) গৰাকী ভোটদাতাৰ নাম এতিয়ালৈকে অন্তৰ্ভুক্ত হৈছে । ভোটাৰ তালিকাৰ উন্নীতকৰণ প্ৰক্ৰিয়া অব্যাহত আছে । সেয়ে ভোটদাতাৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।
এইবাৰ ১৮ৰ পৰা ১৯ বছৰ বয়সৰ ভোটদাতাৰ সংখ্যা ৪,৩০৪গৰাকী । ইয়াৰে গোলাঘাট সমষ্টিত ২,৬২৭গৰাকী আৰু খুমটাই সমষ্টিত ১,৬১৪ গৰাকী । আনহাতে ৮০ বছৰ বয়সৰ উৰ্ধৰ গোলাঘাট সমষ্টিত ২,৫৮১ গৰাকী আৰু খুমটাই সমষ্টিত ১,৭২৩ গৰাকী মুঠ ৪,২৪১ গৰাকী ভোটদাতা আছে । সমষ্টি দুটাত ডি ভোটাৰৰ সংখ্যা ৭২০গৰাকী । ইয়াৰে গোলাঘাট সমষ্টিত ৪৮৫ আৰু খুমটাই সমষ্টিত ২৩৫ গৰাকী । সমষ্টি দুটাত ৫৫৫গৰাকী চাৰ্ভিছ ভোটাৰ আছে । ইয়াৰে গোলাঘাট সমষ্টিত ৩৮৫ আৰু খুমটাই সমষ্টিত ১৭০ গৰাকী ভোটদাতা আছে । দুয়োটা সমষ্টিত এতিয়ালৈকে নাম অন্তৰ্ভূক্ত হোৱা বিশেষভাৱে সক্ষম ভোটদাতাৰ সংখ্যা ৪৯২গৰাকী । ইয়াৰে গোলাঘাট সমষ্টিত ২৩৩ আৰু খুমটাই সমষ্টিত ২৫৯গৰাকী । 
কোবিড-19ৰ স্বাস্থ্যবিধি সমূহৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ভোটগ্ৰহন কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হৈছে । গোলাঘাট সমষ্টিত অতিৰিক্ত ২৭টা আৰু খুমটাই সমষ্টিত অতিৰিক্ত ১০ টা অৰ্থাৎ মুঠ ৩৭ ভোটগ্ৰহন কেন্দ্ৰৰ সংযোজন ঘটোৱা হৈছে । সমষ্টি দুটাত মুঠ ভোটগ্ৰহন কেন্দ্ৰৰ সংখ্যা ৪৮৬ । ইয়াৰে গোলাঘাট সমষ্টিত ২৮৮ আৰু খুমটাই সমষ্টিত ১৯৮ টা কেন্দ্ৰ থাকিব । সমষ্টি দুটাৰ তিনিটা ভোটগ্ৰহন কেন্দ্ৰ জটিল (critical) হিচাপে চিনাক্ত কৰা হৈছে । কেন্দ্ৰকেইটা হৈছে গোলাঘাট সমষ্টিৰ ৩৫-হিন্দী বিদ্যালয় আৰু ১৯৪-ৰতনপুৰ প্ৰাথমিক বিদ্যালয় আৰু খুমটাই সমষ্টিৰ ৮৪- জৰাগুৰি প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহন কেন্দ্ৰ । ভোটগ্ৰহন প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ইতিমধ্যে দুয়োটা সমষ্টিক ১০ টা জ’ন আৰু ৩৯ টা চেক্টৰত ভাগ কৰি জ’নেল আৰু চেক্টৰ বিষয়া নিয়োগ কৰা হৈছে । গোলাঘাটত ৬টা আৰু খুমটাইত ৪টা জ’ন কৰা হৈছে । আনহাতে গোলাঘাটত ২৩ টা আৰু খুমটাইত ১৬ টা চেক্টৰ থাকিব । 
২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ তুলনাত এইবাৰ সমষ্টি দুটাত ভোটদাতাৰ সংখ্যা ১৪,৩৪১ গৰাকী বৃদ্ধি পাইছে । মহিলা ভোটদাতাৰ সংখ্যা ৮,৬০৬গৰাকী আৰু পুৰুষ ভোটদাতাৰ সংখ্যা ৫,৭৩৫গৰাকী বৃদ্ধি পাইছে । ২০১৯ চনত দুয়োটা সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা আছিল ৩,২৫,৮৮০গৰাকী । ইয়াৰে পুৰুষ ভোটদাতা ১,৬৪,৭১১ গৰাকী আৰু মহিলা ভোটদাতা ১,৬১,১৬৯ গৰাকী । 
স্মৰ্তব্য যে ভোটদাতাসকলক সজাগ কৰাৰ বাবে নিৰ্বাচন আয়োগৰ Systematic Voters Education & Electoral Participation চমুকৈ SVEEP ৰ অধীনত ইতিমধ্যে দুয়োটা সমষ্টিত ব্যাপক সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । এইবাৰ ভোটদাতাসকলৰ সহায় হোৱাকৈ জিলা প্ৰশাসনে ভোটগ্ৰহন কেন্দ্ৰত ভালেমান সা-সুবিধাৰ ব্যৱস্থা কৰিছে । প্ৰতিটো ভোটগ্ৰহন কেন্দ্ৰত খোৱাপানী, পুৰুষ আৰু মহিলাৰ সুকীয়া শৌচালয়, উপযুক্ত দিশ নিৰ্দেশনা অৰ্থাৎ দিশসূচক সংকেতৰ ব্যৱস্থা, ৰেম্প আদিৰ ব্যৱস্থা থাকিব । আনহাতে ৮০বছৰৰ উৰ্ধৰ ব্যক্তিসকলে প্ৰয়োজন অনুসৰি ডাক বেলটযোগেও ভোট দিব পাৰিব । এনে বেলটসমূহ প্ৰয়োজনসাপেক্ষে বাসগৃহৰ পৰা সংগ্ৰহৰ ব্যৱস্থা কৰা হ’ব । তদুপৰি বিশেষভাৱে সক্ষম ভোটদাতাসকলক ভোটগ্ৰহন কেন্দ্ৰলৈ অনাৰ বাবে হুইল শ্বেয়াৰ অথবা অন্য কোনো বাহনৰ ব্যৱস্থা কৰাৰ বাবেও চিন্তা-চৰ্চা কৰা হৈছে । নিৰ্বাচনী আচৰণ বিধি উলংঘা সম্পৰ্কীয় বিষয়ৰ অভাৱ-অভিযোগ দাখিলৰ বাবে c-Vigil মোবাইল এপ ব্যৱহাৰ কৰিব পাৰিব । লগতে প্ৰাৰ্থীসকলে নিৰ্বাচন সংক্ৰান্তীয় অনুমতি, মনোনয়নৰ অগ্ৰগতি সম্পৰ্কীয় সবিশেষ আদি Suvidha এপৰ জৰিয়তে লাভ কৰিব পাৰিব । ইয়াৰ উপৰি নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ লগে লগে এনে আচৰণ বিধি উলঙ্ঘনৰ ঘটনা ৰোধ কৰাৰ বাবে প্ৰশাসন, আৰক্ষী, ফ্লায়িং স্কোৱাড, ব্যয় নিৰীক্ষণ সমিতি আৰু বিভিন্ন কোষ সষ্টম হৈ থাকিব ।

পানবজাৰ মহিলা আৰক্ষী থানাত কণ্ঠশিল্পী ৰিছা ভৰদ্বাজ

বাৰীতে মাৰিম পাক গীতটিৰে জনপ্ৰিয় হোৱা কণ্ঠশিল্পী ৰিছা ভৰদ্বাজে ৰুজু কৰিছে গোচৰ ।

গায়িকা গৰাকীয়ে পানবজাৰ মহিলা আৰক্ষী থানা আৰু ক্ৰাইম ব্ৰাঞ্চত দুটাকৈ গোচৰ ৰুজু কৰিছে ।

অভিযোগ মতে সামাজিক মাধ্যমত তেওঁৰ ভাবমূৰ্তি বিনষ্ট কৰিব পৰা কিছু ফটো বিকৃত কৰি প্ৰকাশ কৰিছে দুষ্ট চক্ৰই ।

এই সন্দৰ্ভত অপৰাধীক কৰায়ত্ত কৰাৰ বাবে আৰু এই কামত জড়িত থকা সকলক কঠোৰ শাস্তি প্ৰদানৰ বাবে আৰক্ষীৰ কাষ চাপিছে গায়িকা গৰাকীয়ে ।

ফেচবুক পোষ্ট কৰি ৰিছা ভৰদ্বাজে লিখিছে যে এনে নিম্ন মানসিকতাৰ মানুহৰ বাবে তেওঁৰ লগতে পৰিয়ালটো মনসিক চাপত ভুগিব লগা হৈছে ।

গায়িকা গৰাকীয়ে উল্লেখ কৰা মতে ১৪ ফেব্ৰুৱাৰীৰ পৰা দুষ্ট চক্ৰই তেওঁৰ ফটো বিকৃত কৰি সমাজিক মাধ্যমত বিয়পাইছে ।

বিধান সভা নিৰ্বাচন সন্দৰ্ভত শীৰ্ষ বিষয়াৰে নাজিৰা মহকুমা প্ৰশাসনৰ আলোচনা

সমাগত বিধান সভা নিৰ্বাচনক কেন্দ্ৰ কৰি  কালি নাজিৰাৰ অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি লখিমী দত্তই মহকুমা শীৰ্ষক বিষয়া সকলৰ লগত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। এই আলোচনাত মহকমাধিপতি লখিমী দত্তই বিভিন্ন বিভাগৰ মুৰব্বী তথা ছেক্টৰ আৰু জ’নেল বিষয়াসকলক উদ্দেশ্যি তেওঁলোকৰ দায়িত্ব সমূহ উচিত ভাবে আৰু সূচাৰুৰূপে পালন কৰিবলৈ এক চমু প্ৰশিক্ষণ আগবঢ়ায়।

আৱকাৰী বিভাগক তেখেতে উদ্দেশ্য কৰি কয় যে আহিবলগীয়া দিনকেইটাত তেওঁলোক অধিক সতৰ্ক হৈ থাকিব লাগিব যাতে কোনো লোকে সুৰাৰ বেহা  নিৰ্বাচনৰ সময়ছোৱাত কৰিব নোৱাৰে। কোনো দলীয় প্ৰাৰ্থীয়ে যাতে সুৰাৰ প্ৰলুভনেৰে ভোট দাতা সকলৰ ভোট ক্ৰয় নকৰে তাৰ প্ৰতিও তেওঁ প্ৰশাসনক তীক্ষ্ণ দৃষ্টি ৰাখিবলৈও কয়।

তদুপৰি flying squad, anti defacement আৰু video viewing team কে ধৰি অন্যান্য বিষয়া কৰ্মচাৰী সকলক তেওঁ সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিয়ে আৰু যিকোনো অভিযোগ উত্থাপিত হ’লে তেওঁলোকক অনতিপলমে ব্যৱস্থা ল’বলৈ আহ্বান জনায়।

তেওঁ বিষয়া সকলক কয় যে জিলা নিৰ্বাচন ব্যৱস্থা পৰিকল্পনা খন অতি সোনকালেই Media Observer ক দেখুৱাব লাগিব। গতিকে প্ৰত্যেকটো ভোট গ্ৰহণ কেন্দ্ৰত যাতে নূন্যতম সা সুবিধা সমূহ উপলব্ধ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ সকলোকে তেওঁ আহ্বান জনায়। অৱশেষত তেওঁ আহিবলগীয়া নিৰ্বাচন যাতে সুকলমে সম্পন্ন হয় তাকে কামনা কৰে।

কোনটো সমষ্টিত কোন পৰ্যায়ত হ’ব অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

২৬ ফেব্ৰুৱাৰী অৰ্থাৎ কালি দেশৰ নিৰ্বাচন আয়োগে অসমকে ধৰি পাঁচৰাজ্য ক্ৰমে তামিলনাডু, পুডুচেৰী, কেৰালা আৰু পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে।দিল্লীত কেন্দ্ৰীয় নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰাই সম্বোধন কৰা সংবাদমেলত অসম বিধানসভা নিৰ্বাচন তিনিটা পৰ্যায়ত হ’ব বুলি জানিবলৈ দিয়ে ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ২৭ মাৰ্চত, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ১ এপ্ৰিলত আৰু তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব। ১২খন জিলাৰ ৪৭টা সমষ্টিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ৯ মাৰ্চ আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ১২ মাৰ্চ ধাৰ্য কৰা হৈছে।

১৩খন জিলাৰ ৩৯টা সমষ্টিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ১২ মাৰ্চ আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ১৭ মাৰ্চ ধাৰ্য কৰা হৈছে।

১২খন জিলাৰ ৪০টা সমষ্টিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ১৯ মাৰ্চ আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ২২ মাৰ্চ ধাৰ্য কৰা হৈছে।

ফলাফল ঘোষণা কৰা হ’ব ২ মে’ত।

অমিত শ্বাহৰ সভালৈ যোৱা উপেন চন্দ্ৰ নাথ উভতিল মৃতদেহ হৈ

বিজেপি সভালৈ বুলি উলাই গৈ মৃতদেহ হৈ ঘৰলৈ ঘুৰি আহিল ৰহা সমষ্টিৰ দীঘলদৰি গাওঁ পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ বাসিন্দা উপেন চন্দ্ৰ নাথ। ঘটনাৰ বিৱৰণী মতে ৰহা সমষ্টিৰ দীঘলদৰি গাওঁ পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ বাসিন্দা উপেন চন্দ্ৰ নাথে বৰদোৱাত অনুষ্ঠিত হোৱা  কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমৃত শ্বাহৰ সভালৈ বুলি স্থানীয় বিজেপিৰ কৰ্মীৰ লগত গৈ সভাত উপস্থিত থাকি বিয়লি ২ মান বজাত পথ অতিক্ৰম কৰিবৰ সময়ত বিপৰীত দিশৰ পৰা অহা এখন বাছৰ খুন্দাত গুৰুত্বৰ ভাবে আহত হয়।

স্থানীয় আৰক্ষীৰ সহযোগত ততাতৈয়াকৈ নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে যদিও চিকিৎসাধীন অবস্হাত উপেন চন্দ্ৰ নাথৰ মৃত্যু ঘটে । বিয়লি উপেন চন্দ্ৰ নাথৰ মৃতদেহ ঘৰলৈ আহি পোৱাত কান্দোনত ভাগি পৰে পৰিয়াল আত্মীয়।

এজন সাধাৰণ খেতি বাতি কৰি পৰিয়ালটো পোহপাল দিয়া তথা ঘৰ খনৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তি জনৰ কৰুণ  মৃত্যুত ঘৰ খনলৈ অমানিশা নামি আহিব বুলি স্থানীয় ৰাইজে জানিব দিয়াৰ লগতে ঘৰ খনৰ এজন ব্যক্তিক সংস্হাপন দিবলৈ চৰকাৰৰ ওচৰত  দাবী উত্থাপন কৰিছে । মৃত উপেন চন্দ্ৰ নাথে পত্নী তিনি জন পুত্ৰ আৰু এগৰাকী অষ্টম শ্ৰেণীত পঢ়ি থকা কন্যাক ইহ সংসাৰত এৰি থৈ গৈছে ।