Home Blog Page 3023

মানকাচৰৰ ভূমি সংৰক্ষণ বিভাগৰ বিষয়াক বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বেই বদলি দাবী

দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ হাটশিঙিমাৰীত থকা ভূমি সংৰক্ষণ বিভাগৰ বিষয়া মুকুল চন্দ্ৰ ৰায়ক বদলি দাবী জনায় বিভিন্ন দল সংগঠনে। জানিব পৰা মতে আজি প্ৰায় ১০ দহ বছৰ ধৰি উক্ত ভূমি সংৰক্ষণ বিভাগৰ একাউণ্ট ছেণ্টাৰত বিষয়া জনে চাকুৰী কৰি আছে। ইয়াৰ উপৰিও বিষয়া জনৰ বিৰুদ্ধে প্ৰায় ৫০ লাখ টকাৰ দুৰ্নীতিৰ বাতৰি প্ৰকাশ হৈছিল বিভিন্ন সময়ত। কিন্তু বিভাগটোৰ উচ্চ পৰ্যায়ৰ বিষয়া কোনো ধৰণৰ দুৰ্ণীতিৰ বিৰুদ্ধে তদন্ত নকৰি আজি দহ বছৰৰ অধিককাল ধৰি চাকুৰী কৰি আছে। ইয়াৰ উপৰিও বিষয়া জনে মাহত মাথো ২ ৰ পৰা তিনিদিন নিজৰ কৰ্তব্য পালন কৰি বাকী সময় নিজা ঘৰ গোৱালপাৰা জিলাৰ কৃঞাইত থাকি চৰকাৰী দৰমহা ভোগ কৰি আছে। উক্ত একাউণ্ট ছেণ্টাৰত মাথো এজন চকীদাৰৰ বাহিৰে কোনো কৰ্ম চাৰীৰ উপস্থিত আমি দেখা নাই। গতিকে অসম চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ সঞ্চালক প্ৰধান মহোদয়ক অনতি পলমে উক্ত দুৰ্ণীতি পৰায়ন বিষয়া জনক বদলিৰ দাবী জনায় ।

জামুগুৰিহাটত ৭৯৬ গৰাকী খিলঞ্জীয়াক ভূমি পটা বিতৰণ

নদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰভগীয়া,ছিলাবন্ধা আৰু মুঢ়াদ’ল মৌজাৰ ৭৮৪গৰাকী খিলঞ্জীয়া লোকক আজি ভূমি পটা বিতৰণ কৰা হয়।এই উদ্দেশ্য জামুগুৰিহাটৰ পৰিদৰ্শন বাংলাৰ চৌহদত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত এই সকল খিলঞ্জীয়াক নদুৱাৰ ৰাজহ চক্ৰ বিষয়া আকাশদ্বীপ কাকতিয়ে ভূমি পটা সমুহ বিতৰণ কৰে।দিনৰ ১২বজাত অনুষ্ঠিত এই ভূমি পটা বিতৰণি অনুষ্ঠানত নদুৱাৰ ৰাজহ চক্ৰৰ অতিৰিক্ত ৰাজহ চক্ৰ বিষয়া মন্টুছ চক্ৰৱৰ্তী, লাট মণ্ডল প্ৰাণকৃষ্ণ গোস্বামী, গৌতম বৰুৱা,মানস বৰা, সোণেশ্বৰ শইকীয়া, দীপাংকৰ হাজৰিকা,পিনাকী ডাউকাকে নদুৱাৰ ৰাজহ চক্ৰৰ বিষয়া কৰ্মচাৰী সকলো উপস্থিত আছিল।

তিনিটা পৰ্যায়ত অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা।

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে নিৰ্বাচনৰ দিন।

২৭ মাৰ্চত অসমত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।

প্ৰথম পৰ্যায়ত ৪৭টা সমষ্টিত হ’ব ভোটগ্ৰহণ।

১ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

৩৯টা সমষ্টিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৬ এপ্ৰিলত।

তৃতীয় পৰ্যায়ত ৪০টা সমষ্টিত হ’ব ভোটগ্ৰহণ।

২ মে’ত হ’ব ভোটগণনা।

দৌৰবিদ হিমা দাসক উপ-আৰক্ষী অধীক্ষকৰ পদত নিযুক্তি

আজি শুকুৰবাৰে গুৱাহাটীৰ সৰুসজাইত সংহত ক্ৰীড়া নীতি ২০১৭-২০১৮ অসমৰ অধীনত অসম চৰকাৰে দৌৰবিদ হিমা দাসক উপ-আৰক্ষী অধীক্ষকৰ পদত নিযুক্তি দিয়ে।

অৰ্জুন হিমা দাসে ফিনলেণ্ডৰ ২০ বছৰৰ অনূৰ্ধ্ব এথলেটিকছত স্বৰ্ণপদক লাভ কৰিছিল। ২০১৮ চনৰ জাকাৰ্টা এছিয়ান গেমছতো স্বৰ্ণসহ তিনিটা পদক পাইছিল হিমা দাসে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হিমা দাসক প্ৰদান কৰে নিযুক্তি পত্ৰ। অসম আৰক্ষীৰ পোছাক পিন্ধি উপ-আৰক্ষী অধীক্ষকৰ পদৰ নিযুক্তি পত্ৰ গ্ৰহণ কৰে হিমা দাসে।

হিমা দাসে কয়, তেওঁ আৰক্ষীত যোগ দি এতিয়া খেল নেখেলি চোৰ খেদি ফুৰিব বুলি ভাবিব নালাগে। গৃহ আৰু ৰাজনৈতিক বিভাগৰ দ্বাৰা ৫৮৭ গৰাকীক আৰক্ষী উপ-আৰক্ষী পৰিদৰ্শক পদত নিযুক্তি পত্ৰ প্ৰদান কৰে।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত মঞ্চত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্য সচিৱ জিষ্ণু বৰুৱা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী, ADGP জি পি সিং, হাৰমীট সিং, এল আৰ বিষ্ণই, ক্ৰীড়া বিভাগৰ আযুক্ত সচিৱ মলয় বৰা উপস্থিত থাকে।

গোলাঘাটত ভাৰতবন্ধৰ সৰ্বাত্মক প্ৰভাৱ

আজি সৰ্বভাৰতীয় ব্যৱসায়ী সন্থাই  আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰভাৱ অসমৰ বিভিন্ন ঠাইৰ লগতে গোলাঘাট চহৰতো সৰ্বাত্মক ৰূপত পৰা দেখা গল। জি এচ টি ইন্ধনৰ মূল্যবৃদ্ধি আৰু ই ৱে বিলৰ বিৰুদ্ধে ঘোষণা কৰা এই ভাৰত বন্ধৰ প্ৰভাৱত গোলাঘাট চহৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰা দেখা গল।

ইফালে ব্যৱসায়ী সন্থাৰ এই বন্ধত সমৰ্থন জনাই অলইণ্ডিয়া ট্ৰেন্সপৰ্টাৰ ৱেলফেয়াৰ এচ’ছিয়েশ্যনে ঘোষণা কৰা চকা বন্ধৰ ফলত   চহৰখনত সকলো চৰকাৰী -বেচৰকাৰী যাতায়ত ব্যৱস্থাও বন্ধ হৈ পৰা পৰিলক্ষিত হ’ল। জি এচ টি আঁচনি জটিলতাৰ বিৰুদ্ধে ঘোষণা কৰা এই বন্ধত চহৰখনৰ সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে গোলাঘাটৰ জনজীৱন।

খোৱা পানীৰ বাবে হাহাকাৰ গঞাৰ, কানসাৰ নাই জনস্বাস্থ্য কাৰিকৰী বিভাগ তথা জনপ্ৰতিনিধিৰ

কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ খামেৰী-পলাহৰটাৰী অঞ্চলত দেখা দিছে ভয়াৱহ জলসংকট । এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে। বৃহত্তৰ অঞ্চলটোত খেতি পথাৰত পানী যোগান ধৰাৰ বাবে অগভীৰ নলীনাদ অথবা ছেল মেচিনৰ চলোৱাৰ বাবে ভু-গৰ্ভস্থ পানীৰ স্তৰ নিম্নগামী হোৱাত অঞ্চলটোৰ দমকলৰ পৰা পানী ওলোৱা বন্ধ হৈ পৰিছে।

উপায়বিহীন হৈ পথাৰৰ এচুকত খাল খান্দি কোনোমতে গয়াই গোটাইছে দিনটোৰ খোৱা-ধোৱা পানীখিনি। কেইদিনমান পিছত এই সমস্যা আৰু ভয়ানক ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা নথকা নহয়। নগৰবেৰাৰ খামেৰী, পলাহৰটাৰী, কল্যাণপুৰ, অদলা আদি অঞ্চলত প্ৰতি বছৰে এনে সময়ত ধাৰাসাৰ বৰষুণ নোহোৱাকৈ পানীৰ অভাৱ ঘটি আহিছে।

উল্লেখ্য যে অঞ্চলটোত বিশুদ্ধ খোৱা পানীৰ যোগান ধৰাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী যোগান আঁচনি কেন্দ্ৰ স্থাপন কৰিছে যদিও আঁচনিসমূহ  বিকল হৈ থকাত ৰাইজে পানী যোগানৰ পৰা বঞ্চিত হব লগা হৈছে। চৰকাৰে লক্ষ্য লক্ষ টকা খৰচ কৰি নিৰ্মাণ কৰা এইসমূহ আঁচনি ৰাইজক আভুৱা ভৰাই থকাৰ বাহিৰে আন একোৱেই নহয় বুলি ৰাইজে মন্তব্য কৰিছে।

বিগত কেইবা বছৰ ধৰি অঞ্চলটোত খোৱা পানীৰ নাটনি সন্দৰ্ভত সংবাদ মাধ্যমৰ জৰিয়তে সময়ে সময়ে বাতৰি প্ৰকাশ পোৱাৰ পিছতো সংশ্লিষ্ট বিভাগ তথা জনপ্ৰতিনিধিয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ভোক্তভোগী ৰাইজে। পানীৰ হাহাকাৰৰ বাবে ভোক্তভোগী ৰাইজে বিধায়িকা নন্দিতা দাসক ধিক্কাৰ দিয়ে আৰু এই সমস্যা সমাধান নকৰিলে সমাগত বিধান সভাৰ নিৰ্বাচনৰ ভোট নিদিয়ে বুলি ক্ষোভ প্ৰকাশ কৰে।

বছৰে বছৰে হোৱা খোৱা পানীৰ নাটনি দুৰ কৰাৰ বাবে পানী যোগান আঁচনি কেন্দ্ৰসমূহ কাৰ্যক্ষম কৰাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগ, স্থানীয় বিধায়িকা নন্দিতা দাস, নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লগতে ৰাজ্য চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি অতি সোনকালে অঞ্চলটোত খোৱা পানীৰ যোগান ধৰাৰ দাবী জনাইছেে ভোক্তভোগী ৰাইজে।

পলাতক নিৰৱ মোদীৰ ভাৰত প্ৰত্যাৱৰ্তনৰ পথ মুকলি

ভাৰতৰ বেংকৰ পৰা ১৪ হাজাৰ কোটি টকা লুটি বিদেশলৈ পলায়ন কৰা নিৰৱ মোদীক ভাৰতলৈ অনা দুৱাৰ মুকলি হ’ল ৷ ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ যোজা চলি থকাৰ সময়তে লণ্ডনৰ আদালতে গ্ৰীণ চিগনেল দিলে ৷ পঞ্জাৱ নেছনেল বেংক কেলেংকাৰীৰ খলনায়কক ব্ৰিটেইনৰ আদালতে ভাৰত প্ৰত্যাৱৰ্তনৰ পথ মুকলি কৰে বুধবাৰে ৷

কুখ্যাত ভাৰতীয় হীৰা ব্যৱসায়ী নিৰৱ মোদীক স্বদেশলৈ উভতাই আনিবলৈ লণ্ডনৰ ৱেষ্টমিনষ্টাৰ আদালতে কয় যে ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিব পাৰিব নিৰৱ মোদীক ৷ আদালতে কয় যে ভাৰতলৈ প্ৰত্যৱৰ্তন কৰাত কোনো অসুবিধা থাকিব নোৱাৰে ৷ অসুবিধা থকা বুলি প্ৰচাৰ হোৱা বিষয়টো ভুল ৷

৪৮ বছৰীয়া নিৰৱে ২০১৯ চনৰ ১৯ মাৰ্চত লণ্ডনৰ কাৰাগাৰত কাৰাবন্দী হৈ আছে ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন ভাৰপ্ৰাপ্ত উপাচাৰ্য নিযুক্তি

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন ভাৰপ্ৰাপ্ত উপাচাৰ্য ড০ লীলাকান্ত নাথ । আচাৰ্য ৰাজ্যপাল জগদীশ মুখীয়ে নিযুক্তি দিলে ড০ নাথক ।

ভাৰপ্ৰাপ্ত উপাচাৰ্য আৰ এন এছ যাদৱে ২৮ ফেব্ৰুৱাৰীত ল’ব অৱসৰ । ফাৰ্মাচিটিউকেল বিভাগৰ অধ্যাপক ড০ লীলাকান্ত নাথ । জ্যেষ্ঠতাৰ ভিত্তিত লীলাকান্ত নাথক এই দায়িত্ব আচাৰ্যৰ । দুৰ্নীতিৰ অভিযোগত নিলম্বিত হৈ আছে উপাচাৰ্য ৰঞ্জিত তামুলী ।

কণ্ঠশিল্পী নীড় দিপাংকৰ মৃত্যু

কণ্ঠশিল্পী নীড় দিপাংকৰ মৃত্যু

আকস্মিকভাৱে মৃত্যু ঘটে শিল্পীগৰাকীৰ

শিৱসাগৰৰ বাসভৱনত শুই থকা অৱস্থাতে মৃত্যু শিল্পীগৰাকীৰ

কেইবাটাও জনপ্ৰিয় গীতত কণ্ঠদান কৰিছিল নীড় দিপাংকৰে

তেওঁৰ উল্লেখযোগ্য এলবামৰ ভিতৰত, টুপ টুপ, চিঞৰ, নীলিমাৰে
কোলাত আদি

আজি বিয়লি ঘোষণা হ’ব অসমৰ নিৰ্বাচনৰ দিন

আজি বিয়লি ঘোষণা হ’ব অসমৰ নিৰ্বাচনৰ দিন

বিয়লি ৪.৩০ বজাত মুখ্য নিৰ্বাচনী আয়ুক্তৰ সংবাদমেল

অসমকে ধৰি ৫ ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে বলৱত্‍ হ’ব আচৰণ বিধি