Home Blog Page 3023

‘লোপাৰ’ আতংক:তিতাবৰৰ চাহ বাগিছাত নিশাৰ ভিতৰতে শেষ হৈছে বিঘাই বিঘাই চাহগছ

ক’ৰোনা বিভিষিকাৰ সমান্তৰালকৈ এতিয়া তিতাবৰৰ চাহ খেতিয়ক সকলৰ মাজত ভূতৰ ওপৰত দানহ পৰা দি সন্ত্ৰাস সৃষ্টি কৰিছে ‘লোপাৰ’ নামৰ এবিধ পোকে । নিশাৰ ভিতৰতে বিঘাই বিঘাই চাহ গছ খাই নিশেষ কৰিছে এই লোপাৰ পোকে। উপাইহীন হৈ মুৰে কপালে হাত দিছে ক্ষুদ্ৰ চাহ খেতিয়কে। তিতাবৰৰ উজনি আতাপাম অঞ্চলৰ চাহ বাগিছাসমূহত এই ঘটনা সংঘটিত হৈছে। বৃহত্তৰ অঞ্চলটোৰ প্ৰায় সকলো চাহ বাগিছাতে ‘লোপাৰ’ৰ ধ্বংসকাৰ্য অব্যাহত আছে। ক’ভিড মহামাৰীয়ে কোঙা কৰা অৰ্থনীতিৰ মাজতে ‘লোপাৰ’ৰ এনে সন্ত্ৰাসে বৰ্তমান তিতাবৰৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ মাজত তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে।

”সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন পূৰ্বৰ বিজেপি চৰকাৰৰ অনিয়ম ধৰা পেলাইছে হিমন্তবিশ্ব শৰ্মাৰ নতুন বিজেপি চৰকাৰে ৷”-কমল কুমাৰ মেধি

নতুন চৰকাৰৰ ড্ৰাগছ-ছিণ্ডিকেট বিৰোধী অভিযান সন্দৰ্ভত ‘ৰাইজৰ দল’ৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিৰ প্ৰতিক্ৰিয়া-

  • সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন পূৰ্বৰ বিজেপি চৰকাৰৰ অনিয়ম ধৰা পেলাইছে হিমন্তবিশ্ব শৰ্মাৰ নতুন বিজেপি চৰকাৰে ৷
  • চেলিব্ৰেটী SP আনন্দ মিশ্ৰৰ সততাৰ নাটক উন্মোচিত কৰিছে ধুবুৰীৰ নতুন SPয়ে ৷
  • বৰ্তমানৰ সকলো SPৰ সম্পত্তিৰ ওপৰত তদন্ত কৰক ৷
  • মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ধুবুৰীৰ প্ৰাক্তন SP পাৰ্থ সাৰথি মহন্তৰ সম্পত্তিৰো হওক তদন্ত ৷
  • ছিণ্ডিকেটমুক্ত, ড্ৰাগছমুক্ত অসম বিচাৰে ৰাইজৰ দলে ৷

গোলাঘাটত দুই ক’ভিড প্ৰসূতিক সন্তান প্ৰসৱ কৰালে তিনি চিকিৎসকে

গোলাঘাটৰ বাবে এটা ভাল খবৰ। যিটো সময়ত ক’ভিড ৰোগীক চিকিৎসকে হেমাহি কৰাৰ খবৰ প্ৰায়েই সংবাদ মাধ্যমত স্থান পাই আহিছে তেনেসময়তে  গোলাঘাটৰ তিনি চিকিৎসকে নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰি চিকিৎসা সেৱাক আৰু এঢাপ ওপৰলৈ তুলিলে।  গোলাঘাটৰ শ্বহীদ  কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ তিনি প্ৰসূতি বিভাগৰ চিকিৎসকে নিজৰ দায়িত্ব সুকলমে পালন কেৱল নিদৰ্শন দেখুৱাই নহ’য় , জীৱন দান দিলে তিনি নৱজাতকক। ডা: গুণ কুমাৰ দলে, ডা: চাহিদুল হক আৰু ডা: নিপন শ্যাম এই তিনি চিকিৎসকে ক’ভিড যুদ্ধৰ সন্মুখ সমৰত থাকি দাঙি ধৰিলে এক বিৰল দৃষ্টান্ত। যোৱা ২৯ আৰু ৩১ মে’ত ভৰ্ত্তি হোৱা  দুই ক’ভিড পজিটিভ প্ৰসূতিক আপাতকালীনভাৱে অস্ত্ৰোপচাৰ কৰি দুটিকৈ সন্তানক পৃথিৱীৰ পোহৰ দেখুৱাবলৈ সক্ষম হ’য়।    সুভদ্ৰা তাঁতী আৰু ৰূপা তাঁতী নামৰ এই ক’ভিড আক্ৰান্ত মহিলা দুগৰাকীৰ শাৰীৰিক অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি ততাতৈয়াকৈ অস্ত্ৰোপচাৰ কৰি দুটিকৈ নৱজাতকক জীৱন দান দিয়ে। বৰ্তমান মাতৃসহ দুটি নৱজাতক সুস্থ বুলি জানিব পৰা গৈছে। গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা: সুৰেন তামূলীৰ নেতৃত্বত চিকিৎসকৰ দলটোৱে পাঁচগৰাকীকৈ চিকিৎসা কৰ্মীৰ সহযোগত  এই  অস্ত্ৰোপচাৰ সম্পন্ন কৰি  সফলতা লাভ কৰে। যিটো এতিয়া সকলো চিকিৎসকৰ বাবেই অনুপ্ৰেৰণা হৈ পৰিছে।

নগাঁৱত আৰক্ষীৰ বাহনতে আত্মহত্যাৰ চেষ্টা ড্ৰাগছ আসক্ত চোৰৰ

মৰিকলং আৰক্ষীৰ সফলতা# উদ্ধাৰ কৰিলে বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী ,ডেগাৰ জাতীয় অস্ত্ৰ

ড্ৰাগছৰ বাবেই বৰ্তমান নগাঁৱৰ যুৱপ্ৰজন্ম জড়িত হৈ পৰিছে অপৰাধ জগতৰ সৈতে। আজি নগাঁওত  সংঘটিত হোৱা এক ঘটনাই  পুনৰ  তাকে প্ৰমাণ কৰিলে। জানিবপৰা মতে, আজি পুৱা নগাঁও চহৰৰ মৰিকলং স্থিত নগাঁও ৰেল ষ্টেচনত  চুৰি সামগ্ৰী সহ এটা ৪জনীয়া চোৰৰ দল ৰৈ থকাৰ খবৰ পাই গাঁওৰক্ষী বাহিনীয়ে আৰক্ষীক খবৰ দিয়ে। গাঁওৰক্ষী বাহিনীৰ খবৰৰ ভিত্তিত  মৰিকলং আৰক্ষী চকীৰ অঞ্জুশ্ৰী কলিতাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলৰ সহযোগত চোৰ কেইটাক আটক কৰাৰ চেষ্টা চলাই যদিও ইয়াৰে ৩টা চোৰে পলায়ণ কৰে।পিছত ৪ জনীয়া চোৰৰ দলটোৰ পৰা আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীয়ে খেদি খেদি আটক কৰে মহম্মদ ৱাক্কিল ভূঁঞা নামৰ চোৰটোক। আৰক্ষীয়ে ৱাক্কিলৰ পৰা উদ্ধাৰ কৰে  নামঘৰৰ পৰা চুৰি হোৱা  বহু সামগ্ৰীৰ লগতে কেমেৰা, লেপটপ, সোণৰ আ- অলংকাৰ, ইনভাৰটাৰ, বেটেৰী, ২খন ডেগাৰ আদিকে ধৰি যথেষ্ট সামগ্ৰী উদ্ধাৰ কৰে। ইপিনে আৰক্ষীয়ে ধৃত ৱাক্কিলক আটক কৰি আৰক্ষীৰ বাহনত উঠোৱাৰ পিছতে ড্ৰাগছ বিচাৰি ৱাক্কিলে এক হলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। ৱাক্কিলে আনকি এখন কেচিৰে নিজৰ ডিঙিত আঘাত কৰি আত্মহত্যাৰো চেষ্টা কৰে। ইয়াৰ পিছতে মৰিকলং আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া অঞ্জুশ্ৰী কলিতাই ৱাক্কিলৰ হাতৰ পৰা কেচিখন কাঢ়ি লৈ ৱাক্কিলৰ প্ৰাণৰক্ষা কৰে।  ৱাক্কিলৰ অপ্ৰকৃতস্থ ব্যৱহাৰৰ পৰা আৰক্ষী নিশ্চিত হয় যে ৱাক্কিল এটা ড্ৰাগছ আসক্ত আৰু কেৱল ড্ৰাগছৰ বাবেই চুৰি-ডকাইটি আদি অপৰাধজনিত কাৰ্যকলাপৰ সৈতে জড়িত হৈ পৰিছিল। বৰ্তমান আৰক্ষীয়ে ৱাক্কিলৰ সৈতে থকা আন ৩টা চোৰৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। কিন্তু ড্ৰাগছৰ বাবেই যে বৰ্তমান নগাঁৱৰ যুৱপ্ৰজন্ম বহু অপৰাধজনিত কাৰ্যকলাপৰ সৈতও জড়িত হৈ পৰিছে সেয়া আজিৰ ঘটনাৰ পৰা পুনৰ প্ৰমাণ হৈ পৰিছে।

নলবাৰীৰ শান্তি নিৱাসৰ আশ্ৰয়হীন, নিৰ্যাতিত সকলক কভিড ভেকচিন প্ৰদান

দেশজুৰি তথা ৰাজ্যৰ চৌদিশে কৰোণা মহামাৰীৰ ভয়াবহ পৰিস্থিতি । চৌদিশে বিভিষিকাময় পৰিবেশৰ মাজতে ৰাজ্য চৰকাৰৰ নিৰ্দেশত স্বাস্থ্য বিভাগে কভিড ভেকচিন প্ৰদান কৰি অহাৰ মাজতে  ৰাজ্য চৰকাৰৰ নিৰ্দেশত আজি নলবাৰীৰ শান্তি নিৱাস বৃদ্ধাশ্ৰমৰ আৱাসী সকলৰ মাজত কভিড ভেকচিন প্ৰদান কৰা হয় । সাংবাদিক মজিবুৰ ৰহমানৰ পৰিচালনাত চলি থকা শান্তি নিৱাস বৃদ্ধাশ্ৰমৰ আশ্ৰয়হীন, নিৰ্যাতিত লোকসকলক আজি কভিড ভেকচিন প্ৰদান কৰে নলবাৰীৰ স্বাস্থ্য বিভাগে । জিলা অতিৰিক্ত উপায়ুক্ত উৰ্মি মেধিৰ তত্বাৱধানত ভেকচিন প্ৰদান কৰা হয় । ভেকচিন প্ৰদান অনুষ্ঠানত স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া ডা: নলিনী বৰ্মনে ভাষন প্ৰদান কৰি আশ্ৰম খনিৰ বয়োজ্যেষ্ঠ নাগৰিক সকলক স্বাস্থ্যৰ প্ৰতি সচেষ্ট হোৱা আৰু সজাগ সচেতন হৈ থাকিবলৈ পৰামৰ্শ প্ৰদান কৰে । ভেকচিন প্ৰদান অনুষ্ঠানটোত উপস্থিত থাকি  জিলা প্ৰতিষেধক বিষয়া ডা: হেমন্ত কুমাৰ দাসে কভিড ভেকচিনৰ প্ৰয়োজনীয়তাৰ কথা ব্যক্ত কৰি মাক্স পৰিধান কৰা আৰু  সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনাই । ভেকচিন লোৱাৰ বাবে আশ্ৰম খনিৰ আৱাসী সকলৰ আগ্ৰহ দেখি উৎফুল্লিত হৈ পৰে বিষয়া দুয়োগৰাকীয়ে । শান্তি নিৱাস বৃদ্ধাশ্ৰমৰ পৰিচালক তথা সাংবাদিক মজিবুৰ ৰহমানে পৰিচালনা কৰা ভেকচিন প্ৰদান অনুস্থানটোত জ্যেষ্ঠ আৱাসী গৌৰি ঘোষৰ আবেগ ভৰা ভাষন আৰু নলিয়া বৰাৰ বিহু গীত-নৃত্য দেখি অভিভূত হৈ পৰে । অনুস্থানটোত স্বাস্থ্য বিভাগৰ জিলা বি-চি -চি-এম তালেবৰ ৰহমান, জ্যেষ্ঠ কৰ্মচাৰী গীতা মজুমদাৰ, গীতুমনি দেবী, গোপাল দেবনাথ আৰু জ্ঞানেন তালুকদাৰ উপস্থিত থাকে ।

নলবাৰীৰ স্বেচ্ছাসেৱী সংগঠন “সন্ধান”ৰ তৰফৰ পৰা বৰভাগৰ দুগৰাকী বিষয়াক সম্বৰ্দ্ধনা জ্ঞাপন

“সন্ধান” স্বেচ্ছাসেৱী সংস্থাৰ তৰফৰ পৰা ক’ৰ’ণা অতিমাৰীৰ জটিল সময়ত সন্মুখৰ পৰা নেতৃত্ব দিয়া দুগৰাকীকৈ বিষয়াক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । সন্ধান স্বেচ্ছাসেৱী সংস্থাৰ কেবাগৰাকী স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱিকাৰ এটা সঁজাতি দলে ক’ভিড নীতি-নিৰ্দেশনা বজাই ৰাখি কমাৰকুছি উপসংমণ্ডলৰ স্বাস্থ্য বিষয়া ডা: পৰিক্ষীত বৰ্মন আৰু কমাৰকুছি আৰক্ষী চ’কীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজশ্ৰী বুঢ়াগোহাঞিক ফুলাম গামোচা আৰু হালোৱা জাঁপিৰে সম্বৰ্ধনা জনায় আন্তৰিক ধন্যবাদ জ্ঞাপন কৰা হয় । সন্ধান স্বেচ্ছাসেৱী সংস্থাৰ স্বেচ্ছাসেৱক স্বেচ্ছাসেৱিকা সকলে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে শেহতীয়া ভাবে লোৱা মাদকদ্ৰৱ্য বিৰোধী পদক্ষেপক আদৰণি জনোৱাৰ লগতে আগলৈও সমাজ সংস্কাৰৰ বাবে এনেকুৱা ধৰণৰ পদক্ষেপ অব্যাহত ৰখাৰ বাবে আহ্বান জনায় । তদুপৰি স্বাস্থ্য বিষয়া গৰাকী দিন ৰাতি একাকাৰ কৰি কোভিড মহামাৰীৰ লগত মোকাবিলা কৰি ৰাইজক সুৰক্ষিত কৰিবলৈ লোৱা পদক্ষেপ শলাগ লয় সন্ধানৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰা হয়  ।।।

নগাঁৱৰ ৰৌমাৰীত ড্ৰাগছ আসক্ত পুত্ৰৰ আঘাতত প্ৰাণ গল পিতৃৰ

নগাঁও আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। ইতিমধ্যে জিলাখনৰ বহু কেইজন ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে কেবাটাও ড্ৰাগছ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে। ইয়াৰ মাজতে জিলাখনৰ জুৰীয়াৰ সমীপৰ ৰৌমাৰীত ড্ৰাগছ কেন্দ্ৰ কৰি সংঘটিত হ’ল এক জঘণ্য কাণ্ড। জানিব পৰা মতে, ড্ৰাগছ আসক্ত পুত্ৰৰ হাতত প্ৰাণ গল পিতৃৰ। যোৱা ২৬ মে’ৰ দিনা পিতৃ মহম্মদ আলী পথাৰৰ পৰা ঘৰলৈ আহি শুই থকা অৱস্থাত পুত্ৰ আজিজুল হকে চুৰীৰে হানিখুচি আঘাত কৰে পিতৃক। ঘটনা সংঘটিত কৰি পলায়ন কৰে আজিজুল। পিছত ততাতৈয়াকৈ পৰিয়ালৰ লোকে আঘাতপ্ৰাপ্ত মহাম্মদ আলীক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তেওঁৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাত গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হয়। অৱশেষত আজি তাতে তেওঁ চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে হত্যাকাৰী আজিজুল ড্ৰাগছ আসক্ত এজন উশৃংখল যৱক। ড্ৰাগছ সেৱন কৰিবলৈ পিতৃয়ে ধন নিদিয়াৰ বাবেই এনে নৃশংস তথা ভয়ঙ্কৰ কাণ্ড সংঘটিত কৰা বুলি স্থানীয় এক সুত্ৰে জনা গৈছে। বৰ্তমান হত্যাকাৰী পুত্ৰ আজিজুল হক পলাতক অৱস্থাত আছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

কোন হ’ব বিজেপিৰ ৰাজ্যিক সভাপতি? ৰঞ্জিৎ দত্ত,ভৱেশ কলিতা নে ড: প্ৰদীপ ঠাকুৰীয়া?

কোন হ’ব বিজেপিৰ ৰাজ্যিক সভাপতি? ৰঞ্জিৎ দত্ত,ভৱেশ কলিতা নে ড: প্ৰদীপ ঠাকুৰীয়া?

পোষ্ট কোভিড জটিলতাসমুহৰ পৰা মুক্তি লাভৰ উপায় কি? নিগেটিভ হোৱাৰ পিছতো কি কি হ’ব পাৰে আপোনাৰ? সবিশেষ চাওক এই প্ৰতিবেদনত।