Home Blog Page 3026

‘মুখ্যমন্ত্ৰী-শিক্ষামন্ত্ৰী মহোদয়, আমাক অলপ আৰ্থিক সহায় কৰক!”-সদৌ অসম ব্যক্তিগত বিদ্যালয় ঐক্যমঞ্চৰ কাতৰ আহ্বান

সদৌ অসম ব্যাক্তিগত বিদ্যালয় ঐক্যমঞ্চৰ সম্পাদকৰ অসমৰ মূখ্যমন্ত্রী আৰু শিক্ষামন্ত্রীলৈ আহ্বান

ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে বিদ্যালয়সমূহ বন্ধ হৈ থকাত শিক্ষক-কৰ্মচাৰীসকল অসুবিধাৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰিছে। বিগত ল’কডাউনত অসম আৰোগ্য নীধি/মূখ্যমন্ত্রী সাহাৰ্য্য পুজি লৈ ৬ লক্ষাধিক টকা ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক- কৰ্মচাৰী সকলে আগবঢ়াইছিল । এই বৰ্ষত আকৌ বিদ্যালয় সমূহ বন্ধ হোৱাত বিশেষভাৱে গ্ৰাম্যাঞ্চলৰ শিক্ষানুষ্ঠান সমূহক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে।

ৰৌতাত গণসংক্ৰমণৰ দিশে ক’ভিড : ভেকচিন কেন্দ্ৰ সময়মতে নোখোলাত ৰাইজৰ ক্ষোভ

ওদালগুৰি জিলাৰ বৃহত্তৰ ৰৌতা অঞ্চলক কালান্তক ক’ভিডৰ দ্বিতীয় পৰ্যায়ৰ ঢৌৱে বাৰুকৈয়ে স্পৰ্শ কৰিছে  । কাৰণ প্ৰতিদিনে ৰেপিড এন্টিজেন টেষ্টত ক’ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে । শেহতীয়াকৈ ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত  গাঁওবোৰৰ  লগতে ৰৌতা   চাৰিআলি আৰু ৰৌতাষ্টেচনত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাই অহাৰ পিছত গণ সংক্ৰমণৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে ।  বিশ্বৰ কাল ক’ভিডৰ ৰোগে  সমগ্ৰ ৰৌতা অঞ্চলত মহিলা, পুৰুষ, শিশু  আদিকে ধৰি  শতাধিক লোকক  অতিক্ৰম কৰিছে । বৰ্তমান ৰৌতা চাৰিআলি চহৰ আৰু ৰৌতা ষ্টেচনৰ দোকানীকে ধৰি কেইবাজনো ক’ভিডত আক্ৰান্ত লোক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাল, গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতাল, ওদালগুৰি জিলা অসামৰিক চিকিৎসালয়,ৰৌতা আদৰ্শ চিকিৎসালয়কে ধৰি কেইবাখনো ক’ভিড চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে ।ৰৌতা অঞ্চলত হোম আইছ’লেছনত থাকিও বহুতো লোকে লৈ আছে ক’ভিড ৰোগৰ চিকিৎসা । ক’ভিডত আক্ৰান্ত ঘটি বৰ্তমানলৈ  ৰৌতা অঞ্চলত  মৃত্যু ঘটিছে  তিনিজন । তথাপি চৰকাৰে কঠোৰ ভাৱে বান্ধি দিয়া সামাজিক দূৰত্ব ধোঁৱাচাঙত তুলি থৈ জুম পাতি থকা, মাস্ক ব্যৱহাৰ নকৰাকৈ ঘুৰি ফুৰাৰ দৃশ্য ৰৌতা চাৰিআলি চহৰখনৰ লগতে অধিক সংখ্যক গাঁৱতে সুলভ হৈ থকা দেখা যায় । ইয়াৰ পিছতো হোম আইছ’লেছনত থকা লোকৰ পৰিয়ালৰ সদস্যই বাধাহীনভাৱে ওলাই দোকান বজাৰত মুকলিকৈ অহা-যোৱা কৰাৰ ভীষণ অভিযোগ পোৱা গৈছে যদিও আজিলৈকে ৰৌতা আঞ্চলত চলি আছে ক’ভিড ৰেপিড এন্টিজেন টেষ্টৰ লগতে টিকাকৰণৰ কাৰ্যসূচী । ইফালে চৰকাৰীভাৱে ক’ভিডৰ প্ৰতিষেধকৰ কোনো পধ্য  ৰাজ্যখনত অভাৱ নাই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ থকাৰ সময়তে ৰৌতা চাৰিআলি প্ৰাথমিক বিদ্যালয় কেন্দ্ৰত এশৰ পৰা ডেৰশ জনক  ভেকচিনৰ  দি অহাৰ বিপৰীতে বহুলোকে  ভীৰ কৰে। কোনো সামাজিক ব্যৱধান  নথকাকৈয়ে ৰৌতা চাৰিআলি ভেকচিন কেন্দ্ৰৰ সম্মুখত ভেকচিনৰ বাবে অপেক্ষা কৰা ৰাইজে   চিকিৎসালয়ৰ কতৃপক্ষই  সময়মতে ভেকচিন কেন্দ্ৰ নোখোৱা বুলি ওলোটাই  ক্ষোভ প্ৰকাশ কৰে ।

পশ্চিম দৰঙৰ সত্ৰ আৰু দেৱালয়ত থকা জীৱকুললৈ খাদ্য যোগান

সমগ্ৰ ৰাজ্যত কভিদে ভয়ংকৰ ৰূপ ধাৰন কৰাৰ মাজতে সত্ৰ আৰু দেৱালয়ত থকা চৰাই চিৰিকটি আৰু জীৱ কুল যথেষ্ট খাদ্য সংকতত পৰিছে ৷ আনহাতে পৰিচালনা সমিতি সমুহো যথেষ্ট চিন্তিত হৈছে ৷ এনে সময়তে দৰঙ জিলাৰ এটি দূৰদৰ্শী স্বেচ্ছাসেৱী অনুষ্ঠান “মানুহে মানুহৰ বাবে” নামৰ অনুষ্ঠানৰ সদস্য সকল উপস্থিত হয় পশ্চিম দৰঙৰ পদ্মথান দেৱালয় আৰু খটৰা সত্ৰত ৷ এই দেৱালয় আৰু সত্ৰৰ পুখুৰীত থকা মাছ কাছৰ বাবে বহুত খাদ্য যোগান ধৰিব নোৱাৰিলেও কিছু খাদ্য যোগান ধৰি জীৱনৰ সুখ লোৱা বুলি ৰক্তদাতা শেখৰ মজুমদাৰ মত ব্যক্ত কৰে ৷ মানুহে মানুহৰ বাবে অনুষ্ঠানৰ সম্পাদক গনেশ দত্ত বিশিষ্ট ৰক্তদাতা শেখৰ মজুমদাৰ জ্ঞানজ্যোতি বুক ষ্টলৰ স্বত্বাধিকাৰী প্ৰনৱ সাহা স্থানীয় সাংবাদিক লক্ষ্যধৰ শইকীয়া আৰু ৰাতুল ডেকাই জীৱ কুলৰ বাবে খাদ্য যোগান ধৰি অতিশয় আনন্দিত হোৱা বুলি মত প্ৰকাশ কৰে ৷

টাৰ্জানৰ মৃত্যু। বিমান দুৰ্ঘটনাত ৫৮বছৰ বয়সত নিহত জ’ লাৰা।

TARZAN: THE EPIC ADVENTURES, Joe Lara, 1996-2000, ©Keller Siegel Entertainment / Courtesy: Everett Collection

টাৰ্জানৰ মৃত্যু। বিমান দুৰ্ঘটনাত ৫৮বছৰ বয়সত নিহত জ’ লাৰা।

চেলেংহাটৰ সমাজ কৰ্মী তুষাৰ পাললৈ ৰাষ্ট্ৰীয় সমাজ সেৱা ৰত্ন বঁটা

যোৰহাট জিলা টীয়ক চেলেংহাটৰ সমাজ কৰ্মী তথা বিশিষ্ট শৰীৰ চৰ্চাবিদ  তুষাৰ পাললৈ আগবঢ়োৱা হৈছে ‘ৰাষ্ট্ৰীয় সমাজ সেৱা ৰত্ন বঁটা’ । ১০ বছৰ অধিক সময় ধৰি সমাজ কৰ্মী পালে সমগ্ৰ যোৰহাট জিলাত ড্ৰাগছ আৰু সুৰাৰ বাবে বিভিন্ন অঞ্চলত সজাগতা শিবিৰ  অনুষ্ঠিত কৰি আহিছে । উল্লেখ যে এই জন সমাজ কৰ্মীয়ে মহামাৰী কৰ’না ভাইৰাছৰ সময়টো হোম কোৰাণ্টাইন হৈ থকা পৰিয়ালৰ লগতে দৰিদ্ৰ  পৰিয়ালৰ মাজতো নিজা একক প্ৰচেষ্টাৰে খাদ্য সামগ্ৰী যোগান ধৰি মহানুভৱতা দাঙি ধৰিছে। এইজন সমাজ কৰ্মী তুষাৰ পালক ড্ৰাগছ আৰু নিচা জাতীয় দ্ৰব্যৰ বিৰুদ্ধে অত্যধিক সময় সজাগতাৰ শিবিৰ কৰি অহাৰ বাবে ১৫ জুন ২০২১ তাৰিখে দিল্লীত এই ৰাষ্ট্ৰীয় সমাজ সেৱা ৰত্ন বঁটা প্ৰদান কৰিব। বৰ্তমান এই খবৰ পাই সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে তুষাৰ পালক ।

জামুগুৰিহাটত জীয়া ভৰলীৰ গৰাখহনীয়া পৰিদৰ্শন মন্ত্ৰী পিযূষ হাজৰিকাৰ: জীয়া ভৰলী নদী খননৰ আশ্বাস মন্ত্ৰী হাজৰিকাৰ

চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ জীয়া ভৰলী নদীৰ গৰাখহনীয়া অঞ্চল কালি পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই । বিয়লি চাৰি বজাত জামুগুৰিহাটৰ চামধৰাৰ লগতে ‘কন্যকা’ কৃষি পামৰ সমীপত জীয়া ভৰলীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰাৰ লগতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জীয়া ভৰলী নদীৰ দলংৰ ওপৰৰ পৰাও পৰিদৰ্শন কৰে গৰাখহনীয়া মন্ত্ৰী পিযুষ হাজৰিকাই। চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে তেজপুৰৰ সাংসদ পল্লবলোচন লোচন দাসক লগত লৈ গৰাখহনীয়া পৰিদৰ্শন কৰি শীঘ্ৰেই জীয়া ভৰলীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে লগতে জীয়া ভৰলী নদীৰ দলংৰ সমীপত নদীখনৰ গভীৰতা কমি অহাৰ কথা উল্লেখ কৰি গভীৰতা কমি যোৱাৰ স্থানত নদীখন খন্দাৰ পোষকতা কৰা কথাও উল্লেখ কৰে মন্ত্ৰী হাজৰিকাই। উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন নৱগঠিত বিজেপি চৰকাৰ খনৰ জলসম্পদ বিভাগৰ মন্ত্ৰীত্ব লাভ কৰাৰ পাছতে সমগ্ৰ অসমতে নদীৰ গৰাখহনীয়া পৰিদৰ্শন কৰি থকা মন্ত্ৰী গৰাকীয়ে আজি বিয়লিৰ ভাগত চতিয়া সমষ্টিৰ জামুগুৰিহাটত সৃষ্টি হোৱা জীয়া ভৰলী নদীৰ গৰাখহনীয়া পৰিদৰ্শন কৰে। অসম চৰকাৰৰ জল সম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে সাংসদ পল্লৱ লোচন দাস ডাঙৰীয়াৰ উপস্থিতিত সমষ্টিটোৰ অন্তৰ্গত মাথাউৰি সমূহৰ লগতে নদী কাষৰীয়া অঞ্চল সমূহ পৰিদৰ্শন কৰা মূহুৰ্তত সমষ্টিটোৰ বিধায়ক হিচাপে উপস্থিত থাকে আৰু
বানমুক্ত অসম‌ তথা নৈ পৰীয়া ৰাইজৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰাৰ স্বাৰ্থত অনাগত দিনত আমাৰ চৰকাৰে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব । এইক্ষেত্ৰত জলসম্পদ বিভাগৰ তৎপৰতা উল্লেখযোগ্য তথা প্ৰশংসনীয় বুলি মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই। 

ভূৰাগাঁও আৰক্ষীৰ জালত কুখ্যাত অপৰাধী ,জুৱাৰ সম্ৰাট আবু হানিফ ,একাধিক গোচৰত অভিযুক্ত অপৰাধীটোক জেল হাজোতলৈ প্ৰেৰণ

 মৰিগাঁও জিলাৰ ভূৰাগাঁও থানাৰ অন্তৰ্গত বৰালিমাৰী আৰু হয়বৰ গাঁও পঞ্চায়ত এলেকাৰ নৈপৰীয়া অঞ্চলত দীৰ্ঘদিনৰ পৰা বাহুবল আৰু মাফিয়াৰাজ চলাই সৰ্বসাধাৰণ চৰুৱা খহনীয়া গ্ৰস্ত লোকৰ মাজত প্ৰভাৱশালী লোক হিচাবে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা আবু হানিফ উৰফে আবু ডকাইট বুলি খ্যাত অপৰাধী টোক ভূৰাগাঁও আৰক্ষীয়ে অৱশেষত গ্ৰেপ্তাৰ কৰি  যোৱা ২৯ মে’ত জেল হাজোতলৈ প্ৰেৰণ কৰি এক ইতিহাস ৰচনা কৰিলে।উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ভূৰাগাঁও থানাত আবু হানিফৰ বিৰুদ্ধে বহু গোচৰ পঞ্জিয়ন হৈছিল যদিও কোনো তদন্ত হোৱা নাছিল।আনকি আৰক্ষীয়েও গ্ৰেপ্তাৰ কৰিবলৈ সাহস কৰা নাছিল। আবু হানিফৰ নাম শুনিলেই বহু লোকে ভয় কৰিছিল। অঞ্চলটোত সংঘটিত যিকোনো অপৰাধত আবু হানিফ জড়িত হোৱা মাত্ৰকে সাধাৰণ লোকে গোচৰ তৰিবলৈকো ভয় কৰিছিল। শেহতীয়া ভাৱে বৰালিমাৰী অঞ্চলৰ এগৰাকী বিশেষভাৱে সক্ষম যুৱতীৰ ধৰ্ষণৰ গোচৰৰ সৈতে জড়িত হৈ পৰে আবু হানিফৰ নাম। ভূৰাগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাই জনোৱা মতে, আবু হানিফে ধৰ্ষিতা যুৱতী গৰাকীক ভয় ভাবুকি প্ৰদান কৰি আৰক্ষীৰ ওচৰত গোচৰ তৰিবলৈ পৰিয়ালক বাধা প্ৰদান কৰিছিল আৰু যুৱতী গৰাকীক ১০ হাজাৰ টকাৰ ক্ষতিপূৰণ দিব বুলি প্ৰলোভন দি ধৰ্ষণকাৰী দলটোৰ সদস্য সকলক পলোৱাই পঠাইছিল। পৰোক্ষ ভাৱে আবু হানিফ জড়িত হৈ পৰিছিল ধৰ্ষণৰ গোচৰত। তদুপৰি সংবাদ মাধ্যমৰ আগত ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাই প্ৰকাশ কৰা মতে, ৭ – ৮ গৰাকী মহিলাক বিয়া কৰাই আবু হানিফে শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ আছে।  অকল ইমানেই নহয় সমগ্ৰ বৰালিমাৰী আৰু হয়বৰ গাঁও অঞ্চলৰ তেওঁ একছত্ৰী জুৱাৰ সম্ৰাট। নৈপৰীয়া অঞ্চলটোত চলা সৰহ সংখ্যক জুৱাৰ ঘাটিৰেই পৃষ্ঠপোষক আবু হানিফ। হাজৰিকাই জনোৱা মতে, আবু হানিফৰ অপৰাধৰ তালিকাখন বহু দিঘলীয়া। নৈপৰীয়া অঞ্চলটোৰ বহু অপৰাধ আবু হানিফৰ বিছাৰ শালতে মীমাংশা হয়। যাৰ বাৰে বহু নিৰ্যাতিতা মহিলাই নৈপৰীয়া অঞ্চলটোত হেৰুৱাইছে নিম্নতম অধিকাৰ। উল্লেখযোগ্য যে এইজন আবু হানিফ আছিল এ আই ইউ ডি এফৰো স্হানীয় নেতা। সেই সোবাদতে এ আই ইউ ডি এফৰ পৰা টিকট লৈ বিগত দিনত হয়বৰ গাঁও পঞ্চায়তৰ সভাপতিৰ পদতো জয়লাভ কৰিছিল। প্ৰায় ২০ – ২৫ বছৰ ধৰি নৈপৰীয়া অঞ্চলটোত উঠিৰজা বহিৰজা হৈ একছত্ৰী সম্ৰাট হৈ পৰা আবু হানিফ অৱশেষত ভূৰাগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ বলিষ্ঠ পদক্ষেপত ৰঙা ঘৰৰ আলহী হব লগা হ’ল। আজি ভূৰাগাঁও থানাত ৮৫/ ২১ নম্বৰত ধৰ্ষণ আৰু অন্যান্য বহু অভিযোগত এটি গোচৰ পঞ্জিয়ন কৰি ভূৰাগাঁও আৰক্ষীয়ে আবু হানিফক প্ৰেৰণ কৰিলে জেল হাজোতলৈ।

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি।পুৱা ৯.৫১ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। পুৱা ৯.৫১ বজাত অনুভূত হয় ভূমিকম্পৰ মৃদু জোকাৰণি।পুৱা ৯.৫১ বজাৰ ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.৮। ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে তেজপুৰৰ পশ্চিম দিশে ৪৪ কিঃমিঃ নিলগত।

ওদালগুৰি জিলা কাৰাগাৰত কভিডত পুনৰ ১৫ জনৰ লগতে মুঠ ৫৮ জন আক্ৰান্ত: অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ জিলা প্ৰশাসনৰ সৈতে মত-বিনিময়

ওদালগুৰি জিলা কাৰাগাৰত পুনৰ ১৫ গৰাকী কাৰাবন্দীৰ দেহত কোৰোনা সংক্ৰমিত হোৱা ঘটনাই এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে।যোৱা ২৩ মে’ত জিলা কাৰাগাৰখনত থকা ১৮৮ গৰাকী কাৰাবন্দীকে স্বাস্হ্য বিভাগৰ জৰিয়তে ৰেপিট এন্টিজেন টেষ্ট কৰা হৈছিল আৰু উক্ত পৰীক্ষাৰ ফলাফলত ৪৩ গৰাকীৰ দেহত কৰুণা ভাইৰাজ ধৰা পৰিছিল।ইপিনে ৰেপিট টেষ্ট নিগেটিভ পোৱা ১৪৫ গৰাকী কাৰাবন্দীক যোৱা ২৫ মে’ত স্বাস্হ্য বিভাগে আৰ পি চি আৰ টেষ্ট কৰে ।ফলত ২৯মেফলাফল অনুসৰি ১৫ গৰাকীৰ দেহত কৰোনা ধৰা পৰে।এনেদৰে কাৰাগাৰৰ মাজতে ৫৮ গৰাকী কাৰাবন্দী কভিডত আক্ৰান্ত হোৱাৰ খবৰে কাৰাগাৰ বন্দী সকলৰ মাজত হাঁহাকাৰৰ সৃষ্টি হৈছে।সম্প্ৰতি গণ সংক্ৰমণৰ কবলত পৰিছে ওদালগুৰি জিলা কাৰাগাৰ।ইপিনে ২৯মেত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ওদালগুৰি আৰু ভেৰগাওঁ মহকুমা পৰিদৰ্শন কৰি জিলাখনৰ কভিড ১৯ৰ  পৰিস্হিতি সন্দৰ্ভত বুজ লয়।অধ্যক্ষ দৈমাৰীয়ে ২৯মেত  প্ৰায় ১ বজাত ওদালগুৰিৰ আৱৰ্ত ভৱনত উপস্হিত হৈ জিলা উপায়ুক্ত ডা:পি উদয় প্ৰবীন,যুটীয়া স্বাস্হ্য সঞ্চালকৰ লগতে জিলা প্ৰশাসনৰ বিভিন্ন বিষয়াৰ সৈতে আলোচনাত মিলিত হৈ কভিড১৯ৰ পৰিস্হিতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰি জিলাখনত লবলগীয়া সকলো চিকিৎসাৰ বিষয়ত বুজ লৈ জিলাখনৰ স্বাস্হ্য বিভাগৰ পৰা উপযুক্ত ব্যৱস্হা গ্ৰহন কৰিবলৈ জিলা প্ৰশাসনৰ প্ৰতি আহ্বান জনায়।পৰৱৰ্তী সময়ত নতুন নতুন পদক্ষেপ গ্ৰহন কৰা হব বুলি দৈমাৰীয়ে লগতে উল্লেখ কৰে।উক্ত পৰ্যালোচনা সভাত বিভাগীয় বিষয়া কৰ্মচাৰী সকলৰ লগতে মাজবাটৰ বিধায়ক চৰণ বড়োও উপস্হিত আছিল।

গোলাঘাট মুৰফুলনীত ৰাইজ আৰু গাওঁৰক্ষী বাহিনীয়ে খেদি খেদি ধৰিলে অবৈধ কাঠ ভৰ্ত্তি বাহন ।

কৰ’ণাই  স্তব্ধ  কৰা জনজীৱনৰ মাজতে  গোলাঘাটত চলিছে  বিভিন্ন অবৈধ ব্যৱসায়। সান্ধ্য আইনৰ সময়তো গোলাঘাট  বগীজানৰ পৰা দৈনিক পাৰ হৈছে অবৈধ কাঠভৰ্তি বাহন। দেওবাৰে পুৱা এখন অবৈধ  নাম্বাৰ প্লেট বিহীন কাঠ ভৰ্তি  বলে’ৰ পিক আপ  ভান  জব্দ কৰে গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজে । পলাবলৈ খোজা  অবৈধ কাঠভৰ্তি বাহনখন খেদি খেদি জব্দ কৰে স্থানীয় ৰাইজ আৰু গাঁওৰক্ষী বাহিনীয়ে । প্ৰায় ১.৫ লাখ টকাৰ অবৈধ কাঠ আছিল গাড়ী খনত ।গাওঁবাসীৰ অভিযোগ অনুসৰি  দীৰ্ঘদিনৰ পৰা কাৰ্বি আংলংৰ পৰা মুৰফুলনী হৈ সৰবৰাহ হৈ আছিল অবৈধ কাঠ  । ইফালে গাড়ী খনৰ চালক আৰু হেণ্ডিমেনৰ স্বীকাৰোক্তিৰ  ভিত্তিত কাঠ সমূহ জনৈক দেৱজিত গগৈৰ বুলি জানিব পৰা গৈছে । স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি   বগীজান আৰক্ষী থানা আৰু   মুৰফুলনী খণ্ড বন কাৰ্যালয় সমীপেৰে দৈনিক এনে অবৈধ কাঠ ভৰ্তি ট্ৰাক পাৰ হৈ যায় । কিন্তু ৰহস্যজনক ভাৱে  নিদ্ৰামগ্ন হৈ থাকে  বন বিভাগ আৰু  আৰক্ষী ।ৰাইজৰ সন্দেহ যে বন মাফিয়াৰ সৈতে বৃহৎ ধনৰ লেনদেনেৰে গোপন মিতিৰালি কৰি এনেদৰে অবৈধ কাঠ ভৰ্তি ট্ৰাক সমূহ পাৰ কৰিবলৈ সুবিধা কৰি  দিয়ে বন বিভাগ আৰু আৰক্ষীয়ে ।