Home Blog Page 3028

ৰুবিনা দিলাইক বিগ বছ ১৪ৰ বিজয়ী ঘোষণা

বিগ বছ চিজন ১৪ । চাৰি মাহতকৈও অধিক সময় ধৰি সম্পচাৰ হৈ থকা এই চিজনটোত ৰুবিনা দিলাইক, ৰাহুল ভাদ্যা, আলি গনী, ৰাখী সাৱন্ত আৰু নিকি তাম্বলি চূড়ান্ত খেলুৱৰ্তী হিচাপে আছিল।

অলি গনীক ৪ৰ্থ নম্বৰ ঘোষণা কৰা হৈছিল, আৰু ৰাখী সাৱন্তে ১৪ লাখ টকা লৈছিল আৰু স্বেচ্ছায় অনুষ্ঠানটো ৫ নম্বৰ স্থানত এৰিছিল ।

বিগ বছ ১৪ বিজয়ীয়ে ৩৬ লাখ টকাৰ নগদ পুৰষ্কাৰৰ সৈতে বিজয়ী ট্ৰফী লাভ কৰিব । বিগ বছ ১৪ ৰ ফাইনেলত পৰিচালক ছলমান খান আৰু ফাইনেলিষ্টসকলে অনুষ্ঠান প্ৰদৰ্শন কৰিছিল। কিছু প্ৰাক্তন প্ৰতিযোগীও দৰ্শকক মনোৰঞ্জনৰ বাবে ফাইনেলত উপস্থিত আছিল।

অনুষ্ঠানটোত টেলিভিছন জগতৰ অভিনেত্ৰী দিলাইক, তেওঁৰ স্বামী অভিনৱ শুক্লা, ইজাজ খান, ইণ্ডিয়ান আইডল প্ৰতিযোগী ৰাহুল দৈত্য, নিকি তাম্বলি, আলি গনী, জচমিন ভাচিন, পবিত্ৰ পুনিয়া, গায়ক জান কুমাৰ শান, ৰাখী সাৱন্ত, শাৰদুল পণ্ডিত, চোনালী ফোগত, আৰশী খান, বিকাশ গুপ্তা আৰু অধিকৰ দৰে প্ৰতিযোগীসকলৰ মনোৰঞ্জক মিশ্ৰণ প্ৰদৰ্শন কৰা হৈছিল।

আঘাটপ্ৰাপ্ত ধনেশ পক্ষীটো বন‍্য প্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ

কলিয়াবৰ চাহ বাগিচাত আজি এটা ধনেশ পক্ষী উদ্ধাৰ কৰে শিলঘাট বনবিভাগে। আঘাতপ্ৰাপ্ত ধনেশ পক্ষীটোৰ প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে পাণবাৰীৰ বন‍্যপ্ৰাণী পুনৰ স‌ংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰে শিলঘাট বন বিভাগে।

ঢেকীয়াজুলিত দলীয় প্ৰাৰ্থীত্বক লৈ দুটা ভাগত বিভক্ত বিজেপি শিৱিৰ

গোলাঘাটত বিজেপিৰ বিশাল যোগদান সমাৰোহ : ২০০০ বাইকৰ ৰেলীৰে ৰঞ্জিত,হিমন্তক আদৰিব দলীয় কৰ্মীয়ে

আগন্তুক বিধান সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ঢেকীয়াজুলি সমষ্টিত শাসকীয় বিজেপি দলৰ ব্যাপক তৎপৰতা চলি থকাৰ মাজতে দলীয় প্ৰাৰ্থীত্বক লৈ দুটা শিৱিৰত বিভক্ত হোৱা দেখা গৈছে৷সমষ্টিটোৰ একাংশ দলীয় কৰ্মীয়ে সমাগত নিৰ্বাচনত বৰ্তমানৰ বিধায়ক অশোক সিংহলক দলীয় প্ৰাৰ্থী হিচাপে বিচৰা নাই৷ইয়াৰ বিপৰীতে স্থানীয় লোক তথা বি জে পিৰ জেষ্ঠ নেতা তৰুণ চাহুক প্ৰাৰ্থীত্ব প্ৰদানৰ বাবে দাবী জনাইছে৷সমষ্টিটোৰ একাংশ বিজেপি কৰ্মী বিধায়ক অশোক সিংহলৰ কেতবোৰ কাম-কাজত অসন্তুষ্ট হৈ পৰিছে৷এই সকল ক্ষুব্ধ-অসন্তুষ্ট দলীয় কৰ্মী সকলক লৈ তৰুণ চাহুৱে দলীয় প্ৰাৰ্থীত্বৰ দাবীৰ প্ৰতি সমৰ্থন আদায়ৰ আদায়ৰ বাবে সঘনাই সভা -সমিতি অনুষ্ঠিত কৰি আহিছে৷সমৰ্থক সকলক লগত লৈ তেওঁ সমষ্টিটোৰ বিভিন্ন অঞ্চলত সভা-সমিতি অনুষ্ঠিত কৰি ৰাইজৰ পৰা সমৰ্থন বিচাৰিছে৷কালি প্ৰাৰ্থীত্বৰ দাবীদাৰ তৰুণ চাহুৰ সমৰ্থনত ঢেকীয়াজুলি চহৰত কেইবাশ দলীয় কৰ্মীয়ে মটৰচাইকেল সমদল বাহিৰ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে৷সমষ্টিটোৰ বিধায়ক অশোক সিংহলেও পুনৰবাৰ প্ৰাৰ্থীত্ব লাভৰ বাবে ব্যাপক তৎপৰতা চলাই আছে৷ তেওঁ সমষ্টিটোত শক্তিশালী জনভিক্তি গঢ়ি তুলিছে যদিও ইয়াৰ মাজতে বিজেপিৰ চাহ মৰ্চাৰ উপ-সভাপতি তৰুণ চাহুৱে প্ৰাৰ্থীত্বৰ শক্তিশালী দাবীদাৰ হিচাপে থিয় দিয়াক লৈ সমষ্টিটোৰ বিজেপি শিৱিৰত ব্যাপক চৰ্চা চলিছে৷

বাক্সাত নাবাৰ্ডৰ উদ্যোগত বৃহৎ ঋণ মেলা : ৭৭৫ টা আত্ম সহায়ক গোটলৈ ২৪ কোটি টকাৰ ঋণ প্ৰদান

দীপাংকৰ বৰুৱা,মুছলপুৰ,২২ ফেব্ৰুৱাৰী: বাক্সা জিলাৰ মুছলপুৰস্থিত সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত নাবাৰ্ডৰ উদ্যোগত, বাক্সা জিলা গ্ৰামীণ জীৱিকা অভিযান আৰু জিলা প্ৰশাসনৰ সহযোগত আজি অনুষ্ঠিত হয় এখন জিলা ভিত্তিক বৃহৎ ঋণ মেলা ৷ আত্ম সহায়ক গোট আৰু কৃষকৰ জীৱিকা তথা আত্মনিৰ্ভৰশীলতাৰ উদ্দেশ্যে আয়োজিত এই ঋণ মেলা উদ্বোধন কৰে বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাই ৷ উপায়ুক্ত গৰাকীয়ে দিয়া উদ্বোধনী ভাষণত গ্ৰামীণ মহিলাসকলৰ এনে প্ৰয়াসৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় যে মহিলা সকলে আত্মসহায়ক গোটৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি গঢ়ি তোলাৰ লগতে গ্ৰাম্য অৰ্থনীতিৰো বুনিয়াদ শক্তিশালী কৰি তুলিব পাৰে ৷ সভাত উপায়ুক্ত শৰ্মাই উপস্থিত বেংক বিষয়া সকলক গ্ৰামাঞ্চলৰ মহিলাসকলক ঋণ প্ৰদান কৰিবলৈও আহ্বান জনায় ৷ নাবাৰ্ডৰ আঞ্চলিক কাৰ্যালয়ৰ মুখ্য প্ৰৱন্ধক শিৱ শংকৰ সাহাই আত্মসহায়ক গোটসমূহৰ অপৰিসীম গুৰুত্বৰ কথা উল্লেখ কৰি বিভিন্ন কৃষিভিত্তিক, পশুপালন, থলুৱা খাদ্য, বস্ত্ৰ উদ্যোগ আদি স্থাপনেৰে আত্মসহায়ক গোটসমূহ আত্মনিৰ্ভৰশীল হৈ ৰাজ্যৰ লগতে দেশখনক উত্তৰণৰ বাট দেখুৱাবলৈ আহ্বান জনায়। আজিৰ এই ঋণ মেলাত জিলাখনৰ মুঠ ৭৭৫ টা আত্মসহায়ক গোটৰ মাজত ২৪ কোটি ৩৯ লাখ ৪০ হাজাৰ টকাৰ ঋণ পত্ৰ বিতৰণ কৰা হয় ৷ অসম গ্ৰামীণ জীৱিকা অভিযানৰ বাক্সা জিলাৰ প্ৰকল্প বিষয়া বিচিত্ৰ বীৰ্য নাৰ্জাৰীয়ে আতঁধৰা সভাখনত এছবিআইৰ আঞ্চলিক পৰিচালক সুৰভী ভট্টাচাৰ্য, অসম গ্ৰামীন বিকাশ বেংকৰ মুখ্য প্ৰবন্ধক সুধাংশু পাত্ৰ, অসম গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক প্ৰকল্প বিষয়া দীপাংকৰ বৰুৱা, চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ আঞ্চলিক উপ-প্ৰৱন্ধক বি বি ঝা, নাবাৰ্ডৰ জিলা উন্নয়ণ বিষয়া দেৱজ্যোতি বিশ্বাস, জিলা গ্ৰামীণ অভিকৰণ আঁচনিৰ প্ৰকল্প সঞ্চালক ৰবীন্দ্ৰ মুছাহাৰী উপস্থিত থাকে। বাক্সা জিলা গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰকল্প বিষয়া গৰাকীয়ে জনোৱা মতে, বাক্সা জিলাত এতিয়ালৈকে ১৩,৩৯৪ টা গ্ৰামীণ মহিলা আত্মসহায়ক গোট গঠন হৈছে। তেওঁলোকৰ কেবাটাও গোটক ইতিমধ্যে অসম চৰকাৰৰ আৱৰ্ত পুঁজি আৰু কনকলতা মহিলা সৱলীকৰণ যোজনাৰ জৰিয়তেও অৰ্থ সাহায্য প্ৰদান কৰা হৈছে । তদুপৰি বিভিন্ন বেঙ্কৰ জৰিয়তে গোট সমূহক ঋণ প্ৰদানৰো ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। আজিৰ এই ঋণ মেলাত বিভিন্ন বেঙ্কৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে।

বোকাখাতৰ কাজিৰঙাৰ গেলেকীত নিশা পথ দুৰ্ঘটনা : এজন নিহত, ছয়জন আহত

বোকাখাতৰ কাজিৰঙাৰ গেলেকী এন আৰ এল পেট্ৰল পাম্পৰ সমীপত কালি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাটোত এজন নিহত হোৱাৰ লগতে আন ছয়জন লোক গুৰুতৰভাৱে আহত হয় ৷ এখন মাৰুটি ৮০০ আৰু টাটা চুম’ৰ মাজত হোৱা মুখামুখী সংঘৰ্ষত দুয়োখন বাহনৰে সাতজনকৈ লোক গুৰুতৰভাৱে আহত হয় ৷ দুয়োখন গাড়ীৰ মুখামুখি সংঘৰ্ষৰ পাছত চুচৰি গৈ বিদ্যুৎ পৰিবাহী এটা ট্ৰেন্সফৰ্মাৰত প্ৰচণ্ড খুন্দা মাৰে ৷ দুৰ্ঘটনাটোত ট্ৰেন্সফৰ্মাৰটোৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ ফলত পুৱা পৰ্যন্ত অঞ্চলটোত বিদ্যুৎ সেৱা ব্যাহত হৈ থাকে ৷ গুৱাহাটীৰ দিশৰ পৰা গৈ থকা এ এচ ০৩ বিচি ৬৬২০ নম্বৰৰ টাটা চুমখনত আছিল বহুকেইজন চি আই এচ এফৰ জোৱান ৷ আনহাতে গুৱাহাটীৰ দিশলৈ আহি থকা এন এল ০২ চি ৩৫৭০ নম্বৰৰ মাৰুতী গাড়ীখনত আছিল সদৌ অসম চাওতাল ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ চাৰিজন কৰ্মী ৷ দুৰ্ঘটনাত চি আই এচ এফৰ গাড়ী চালক জীতেন মাল, জোৱান সঞ্জীৱ মৰাং আৰু আমাল নামৰ তিনি জোৱান আহত হোৱাৰ বিপৰীতে মাৰুটি ৮০০ খনত থকা ছাত্ৰ সংগঠনটোৰ বিকোদৰ কিচকু, সুৰজ বাস্কে, জ্ঞানদ্বীপ চাওতাল আৰু মিণ্টু হাজদাও গুৰুতৰভাৱে আহত হয় ৷ আহত আটাইকে বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰি প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ৷ কিন্তু অতি গুৰুতৰভাৱে আহত জ্ঞানদ্বীপ চাওতাল যোৰহাট মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৷ জানিব পৰা মতে অহা ১২, ১৩ আৰু ১৪  মাৰ্চত সৰুপথাৰত সদৌ অসম চাওতাল ছাত্ৰ সন্থাৰ হ’ব লগা ৰাজ্যিক অধিৱেশনৰ কামত ব্যস্ত থকা গোলাঘাট জিলা সমিতিৰ বিষয়ববীয়া আৰু সদস্য কেইগৰাকীয়ে সংগঠনৰ কামত নগাঁও দিশে গৈ থকা অৱস্থাতেই কাজিৰঙাৰ গেলেকীত এই শোকাৱহ দুৰ্ঘটনাতো সংঘটিত হয় ৷ দুৰ্ঘটনাটোত নিহত হোৱা জ্ঞানদ্বীপ চাওতালৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে ৷

টিংৰাই গাওঁ পঞ্চায়তে তিনি নম্বৰ ৱাৰ্ডত উন্নয়নৰ দিশত অৱহেলিত কৰা অভিযোগ

সম উন্নয়ন আৰু সম বিকাশৰ কথা কোৱা চৰকাৰৰ দিনত প্ৰকৃততে সকলো প্ৰান্তততে সমানে উন্নয়ন হৈছে নে? চৰকাৰৰ পঞ্চায়তিৰাজ ব্যৱস্থাৰৰ জড়িয়তে গাওঁৰ এলেকা জনসাধাৰণক সাঙৰি গাওঁ সমূহৰ সমস্যা সামাধান কৰি তুলিব লাগে যদিও সকলো পঞ্চায়তত সকলো প্ৰান্তৰত সম উন্নয়ন নোহোৱা উভিযোগ উত্থাপন হৈছে ৷ পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিয়ে একোটা পঞ্চায়তৰ সকলো ৱাৰ্ডতে সমানে গুৰুত্ব নিদিয়া বিভিন্ন অভিযোগ তুলি ৱাৰ্ড সদস্যাই প্ৰতিবাদী ৰাইজক লগত লৈ ৱাৰ্ডৰ পৰা পঞ্চায়ত লৈ সমদলে কাৰ্যালয় ঘেৰাও কৰি সভাপতিক  লিখিত অভিযোগ দাখিল কৰিছে ৷ আৰু এই ঘটনা সংঘটিত হৈছে ডিগবৈ সমষ্টিৰ অন্তৰ্গত টিংৰাই গাও পঞ্চায়তত ৷ ৰাইজৰ সহযোগত পঞ্চায়ত কাৰ্যালয় ঘেৰাও কৰি সভাপতিক দিয়া বিভিন্ন অভিযোগৰ তথ্য সময় মতে লাভ নকৰাত পুনৰ আন্দোলনৰ ভাবুকি প্ৰদান কৰিছে একেটা দলৰে নিৰ্বাচিত ৱাৰ্ড সদস্যাই আৰু ৰাইজে ৷ উল্লেখ যে বিজেপি দলৰে নিৰ্বাচিত প্ৰতিনিধিৰে গঠিত টিংৰাই গাওঁ পঞ্চায়তৰ তিনি নম্বৰ ৱাৰ্ডৰ নিৰ্বাচিত সদস্যা গৰাকীক এলাগি কৰি সম গুৰুত্ব নিদিয়া উভিযোগ তুলি শতাধিক ৰাইজে ইতিমধ্যে পঞ্চায়ত কাৰ্যালয় ঘেৰাও কৰি লিখিত অভিযোগ প্ৰদান কৰি সপ্তাহ দিনৰ ভিতৰত তথ্য বিচাৰি দাবি কৰিছিল ৷ কিন্তু সেই অভিযোগৰ তথ্য লাভ নকৰাত পুনৰ সভাপতি বিৰুধে প্ৰতিবাদ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ৱাৰ্ড সদস্যা স্বাক্ষৰিত স্মাৰক পত্ৰ উল্লেখ কৰা অনুসৰি পঞ্চায়ত খনৰ যোগেদি বিগত দুটা বছৰত তিনি নম্বৰ ৱাৰ্ড কি কি কাম কৰা হৈছে, কিমান ধন আৱণ্টন হৈছে তাৰ খতিয়ান ৰাইজক জনাব লাগে ৷ চতুদশ বিত্তীয় আয়োগৰ অধিনত তিনি নম্বৰ ৱাৰ্ডত কি কি আচনি ৰূপায়ন কৰিলে আৰু সেই আচনিৰ বাবে নিৰ্মান সমিতি গঠনৰ সভাপতি সম্পাদকৰ প্ৰকৃত তথ্য প্ৰকাশ কৰা, এমজিএৰেগা অধীনত ৱাৰ্ডত কিমান আচনি অন্তভূক্ত হল সেই আচনি ৰূপায়নত ৱাৰ্ড সমিতি অৱগত হয় নে নহয় তাৰ তথ্য, ৱাৰ্ড পৰিচালনা সমিতিৰ গঠনৰ তথ্য প্ৰদান কৰা, পঞ্চদশ বিত্তীয় আচনিৰ অধিনত ৱাৰ্ডত কি কি কাম ৰূপায়ন কৰিব সেই তথ্য, আচনি অধিনত তিনি নম্বৰ ৱাৰ্ডত ৰূপায়ন হবলগীয়া কাম কাজ সমূহ ৱাৰ্ড সদস্যা আৰু ৰাইজৰ পৰামৰ্শ অনুসৰি নিৰ্মান কৰা লগতে সদস্যাক নিৰিক্ষণ কৰিবলৈ অধিকাৰ প্ৰদান কৰা, বৰ্তমান  ৱাৰ্ডক সাঙুৰি হবলগীয়া “আৰ্দশ গাও” নিৰ্মানৰ বাবে গঠন হোৱা পৰিচালনা সমিতিৰ তথ্য প্ৰদান কৰা, পঞ্চায়ত খনৰ আন আন ৱাৰ্ডত কিমান কিমান পুঁজি আৱণ্টন ধৰিছে আদি বিভিন্ন অভিযোগ তুলি এখন এঘাৰ দফিয়া স্মাৰক পত্ৰ প্ৰদান কৰিছিল কিন্তু সেই পত্ৰৰ নিদিষ্ট সময়ত তথ্য লাভ নকৰাত পুনৰ আন্দোলনৰ ভাবুকি প্ৰদান কৰিছে ৱাৰ্ডৰ ৰাইজে ৷ উল্লেখ যে ৱাৰ্ড সদস্যা গৰাকীক অৱগত নকৰাকৈ পঞ্চায়ত সভাপতিয়ে তিনি নম্বৰ ৱাৰ্ডত কৰা আচনি সমূহত সন্তোষ্ট নহয় স্থানীয় ৰাইজ ৷ সেইয়ে ইতিমধ্যে ৰাজহুৱা সভাৰ জড়িয়তে ৱাৰ্ডৰ ৰাইজে এখন পাঁচ জনীয়া সদস্যৰে সমিতি গঠন কৰি পঞ্চায়তৰ সৈতে যোগাযোগ কৰি ৱাৰ্ডত হবলগীয়া আচনি সমূহ তদাৰক কৰিবলৈ সিদ্ধাম্ত কৰিবলৈ বাধ্য হৈছে ৷ ইতিমধ্যে ৰাজহুৱা সভাৰ দাবি সমূহৰ তথ্য বিচাৰি যোৱা ১২ ফেব্ৰুৱাৰিত পঞ্চায়ত কাৰ্যালয় ঘেৰাও কৰি শতাধিক ৰাইজে প্ৰদান কৰা স্মাৰক পত্ৰৰ সপ্তাহ দিন উকলি যোৱাৰ পিছতো কোনো সহাৰি লাভ নকৰাত ৰাইজে পুনৰ আন্দোলন কৰা সিন্ধান্ত লৈছে ৷ জানিব পৰা মতে বিজেপি দলৰে সভাপতি গৰাকীয়ে তিনি নম্বৰ ৱাৰ্ডৰ সদস্যা গৰাকীক তিলমানো গুৰুত্ব দিনিয়াত ৱাৰ্ডৰ ৰাইজ এনেদৰে প্ৰতিবাদী মুখৰ হৈ পৰিছে ৷

চিলাপথাৰত মোডীৰ ভাষণৰ সময়ত ধেমাজিত আছুৰ তীব্ৰ প্ৰতিবাদ

নিৰ্বাচনৰ দিন চমুহ চাপি অহাৰ লগে লগে সঘনাই পদাৰ্পণ ঘটাৰ পৰিলক্ষিত হৈছে দিল্লী-দিছপুৰৰ বিয়াগোম বিয়াগোম নেতা সকলৰ ৷ইফালে জোনাই আৰু ধেমাজিৰ বিধান সভাৰ আসন দুখনৰ  বাবে মুৰকামুৰণি হৈছে শাসনাধিষ্ঠিত দলটিৰ ৷সম্প্ৰতি চৰকাৰ বিৰোধী প্ৰতিবাদৰ গৰম বতাহে আবৰি ধৰিছে সমগ্ৰ ৰাজ্যখন ৷ চিলাপথাৰলৈ মোডী অহাৰ সময়তে সমগ্ৰ ৰাজ্যখনৰ প্ৰতিখন জিলাতে ছাত্ৰ সন্থাৰ কৰ্মীসকলে হাতে হাতে ক’লা পতাকালৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ইফালে  অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ কৰা , বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে স্বীকৃতি দিয়া , নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পকে আদি কৰি বৃহৎ নদীবান্ধৰ নামনি অঞ্চলৰ ৰাইজৰ জীৱন সম্পত্তি নিৰাপত্তা সুনিশ্চিত নোহোৱা পৰ্যন্ত নদী বান্ধ নিৰ্মাণৰ কাম স্থগিত ৰখা আদিৰ দাবীত আজি ধেমাজি জিলা ছাত্ৰ সন্থাই এক বিক্ষোভ কাৰ্য্যসুচীৰ ৰূপায়ণ কৰে ৷ ভাৰতৰ প্ৰধান মন্ত্ৰীৰেে চিলাপথাৰত ভাষন দিয়া সময়তে   জিলাখনৰ শতাধিক ছাত্ৰ কৰ্মীয়ে ধেমাজি সদৰ  তিনিআলিস্হিত শ্বহীদ উদ্যানৰ সন্মুখত এই প্ৰতিবাদীৰ কাৰ্য্যসুচীৰ ৰূপায়ণ কৰে ৷ প্ৰতিবাদস্হলীত ছাত্ৰ সংগঠনটোৱে চৰকাৰ বিৰোধী ভিন্ন শ্ল’গানেৰে উওাল কৰি তোলাৰ লগতে কলা পতাকা প্ৰৰ্দশন কৰে ৷ উল্লেখ্য যে বিজেপিৰ চৰকাৰে ৰাইজক দিয়া যি প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতি আজিকোপতি অকনো পালন নকৰিলে বুলি তীব্ৰ ভাষাৰে সমালোচনা কৰে ছাত্ৰ সংগঠনটোৱে ৷ইফালে প্ৰধানমন্ত্ৰীৰে ধেমাজিলৈ অহাৰ বিষয়ে সংগঠনটোৰে প্ৰতিবাদৰ স্থলীৰ পৰাই তীব্ৰ বিৰোধিতা কৰে ৷

বৰপেটাৰোড কবি তথা সাংবাদিক সমীৰ চক্ৰৱৰ্তী ” অসম বঙ্গ সম্প্ৰীতি সন্মানেৰে ভূষিত হোৱাত অভিনন্দন

বৰপেটাৰোডৰ বাবে সুনাম কঢ়িয়াই আনিলে বৰপেটা ৰোডৰ সুসন্তান কবি তথা সাংবাদিক সমীৰ  চক্ৰৱৰ্তী । অসম বঙ্গ সম্প্ৰীতি মন্মানেৰে ভূষিত হ’ল বৰপেটা ৰোডৰ সাংবাদিক তথা কবি সমীৰ চক্ৰৱৰ্তী ২০ ফেব্ৰুৱাৰীত   পশ্চিমবঙ্গৰ বোলপুৰত শান্তিনিকেতনস্থিত গীতাঞ্জলি কমপ্লেক্সৰ  শান্তিদেব প্ৰেক্ষাগৃহে অসমৰ কৃষ্টিপথাৰ সাহিত্য, সামাজিক, সাংস্কৃতিক কেন্দ্ৰ আৰু কলকাতাৰ আনন্দমুখৰ সাহিত্য পৰিষদৰ যৌথ উদ্যোগত অনুষ্ঠিত ‘অসম বঙ্গ মৈত্ৰী সন্মিলন’ সাংবাদিক তথা কবি সমীৰ চক্ৰৱৰ্তী হাতত ‘অসম সম্প্ৰীতি সন্মান’ বঁটা তুলি দিয়ে পশ্চিমবঙ্গৰ বিশিষ্ট সাহিত্যিক তথা লেখক পৃথ্বীৰাজ সেন। উল্লেখ্য যে তেওঁ ছার্ক কালচাৰাল ফোৰামৰ আন্তর্জাতিক সাহিত্য-সাংস্কৃতিক উৎসৱত “সপ্তডিঙা বটাঁ”, ৰাষ্ট্ৰীয় কবি সঙ্গমৰ তৰফৰ পৰা’শব্দ ৰত্নাকৰ সম্মান’,অচেনা অতিথি সাহিত্য পত্ৰিকা গোষ্ঠীৰ পৰা’ সৰ্বভাৰতীয় সাহিত্য সন্মান’,যুথিকা পত্ৰিকা গোষ্ঠীৰ উদ্যোগত ভাৰত- বাংলাদেশ মৈত্ৰী আন্তৰ্জাতিক কবিতা উৎসৱ সম্বৰ্দ্ধিত, অকণি সাহিত্য  গোষ্ঠীৰ তৰফৰ পৰা কবি হিচাপে সংবৰ্দ্ধিত,যুথিকা সাহিত্য পত্ৰিকা গোষ্ঠীৰ পৰা'”হাইকু প্ৰভাকৰ” উপাধিৰে ভূষিত,গণ চাবুক পত্ৰিকা গোষ্ঠীৰ পৰা ” ‘বিপিন চক্ৰৱৰ্তী স্মৃতি বঁটা”, মাইকেল মধুসূদন একাডেমীৰ পৰা” “সত্যেন্দ্ৰনাথ নাথ স্মৃতি বঁটা”, আন্তৰ্জাতিক বাংলা সাহিত্য ও সাংস্কৃতিক পৰিষদৰ পৰা ” ৰাজা ৰামমোহন ৰায় স্মৃতি বঁটা”, মাইকেল মধুসূদন একাডেমীৰ পৰা” মাইকেল মধুসূদন দত্ত স্মৃতি বঁটা”, সৃষ্টিৰ পদাতিক পত্ৰিকা গোষ্ঠীৰ পৰা” কাব্য শ্ৰী” উপাধি প্ৰদান, বৰপেটা ৰোড আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম সেনাৰ উদ্যোগত বহাগী উৎসৱত সাহিত্য তথা  সাংবাদিক হিচাপে সংবৰ্দ্ধিত। উল্লেখ্য যে কবি চক্ৰৱৰ্তী কবিতা প্ৰবন্ধ ইতিমধ্যে অসম তথা অসমৰ বাহিৰত বহু  পত্ৰ- পত্ৰিকাত প্ৰকাশ পাইছে। কবি চক্ৰৱৰ্তী তিনিটা কবিতা পুথি প্ৰকাশ পোৱা লগতে এটি প্ৰবন্ধ সংকলন আৰু এটি অনুবাদ উপন্যাস প্ৰকাশৰ পথত। কবি চক্ৰৱৰ্তী সাংবাদিক হিচাপে কৰ্মজীৱন নিৰ্বাহ কৰিছে যদিও তেওঁ বৰপেটা ৰোড শাখা সাহিত্য সভাৰ গ্ৰন্থাগাৰৰ দায়িত্বত আছিল। কবি চক্ৰৱৰ্তী লেখা মেলাৰ উপৰিও এজন ভাল অভিনেতা, কাৰন তেওঁ ইতিমধ্যে কেইবাখনো নাটক অভিনেতা হিচাপে অভিনয় কৰিছে। কবি তথা সাংবাদিক  চক্ৰৱৰ্তী এই সন্মানেৰে বিভূষিত হোৱাৰ বাবে  বৰপেটাৰোড শাখা সাহিত্য সভাৰ সভাপতি হিতেশ দাস, ৰোডৰ অন্যতম সাহিত্য পত্ৰিকা” মানাহ  দৰ্পণ” ৰ সভাপতি জিতেন নাথ, বৰপেটা জিলা অসমীয়া সাহিত্য সভাৰ উপ-সভানেত্ৰী লক্ষ্মী পাঠক ,  কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চেৰ সভাপতি ডক্টৰ মানিক লাল ভৌমিক, কেন্দ্ৰীয় নেতাজী সুভাষ বসু  ভাৱনা মঞ্চেৰ সভাপতি প্ৰদীপল দেবনাথ, বৰপেটা ৰোড কবি চক্ৰেৰ সভাপতি বানেশ্বৰ চ্যাটাজী, স্বামী বিবেকানন্দ ভাব দৰ্শন কেন্দ্ৰেৰ সম্পাদক চিন্ময় বাগচী, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বৰপেটা জিলাৰ প্ৰাক্তন সংযোজক ৰাজু সুত্ৰধাৰ , ‘বৰপেটাৰোড এক্সপ্ৰেছেৰ’ এডমিন সাংবাদিক জয়ন্ত কুমাৰ দাস, সদৌ অসম  বাঙালী যুব ছাত্ৰ ফেডাৰেচনৰ বৰপেটা জিলাৰ সভাপতি সুকুমাৰ দেবনাথ,  , এস এফ আইৰ বৰপেটা জিলাৰ যুগ্ম সম্পাদক বিট্টু সুত্ৰধাৰ , ‘ নুপুৰ’ সংগীত একাডেমীৰ অধ্যক্ষ মিনু সামন্ত সৰকাৰ, এন এস ইউ আইৰ সৰভোগ সমষ্টি শাখা সাধাৰণ সম্পাদক  ইমৰান হুছেইন, বাক্সাৰ ‘স্বামী বিবেকানন্দ যুব সমিতি’ এনজিওৰ সভাপতি সুশীল সৰকাৰ ও ইন্টাৰন্যাশনাল কাউন্সিল ফৰ হিউম্যান এন্ড ফান্ডামেন্টাল ৰাইটসেৰ কেন্দ্ৰীয় সমিতিৰ সদস্য শেখৰ সাহা প্ৰমুখ্য ব্যক্তি সকল আন্তৰিক অভিনন্দন জনাইছে। তেওঁ লোকে কবি তথা সাংবাদিক চক্ৰৱৰ্তীৰ সাহিত্য সাধনাৰ উন্নতি কামনা কৰিছে।

আৰ্দশ কৃষক, সমাজসেৱক সোমেশ্বৰ বৰা পৰলোক

যোৰহাট জিলাৰ টীয়ক এজাৰগুৰি গাঁৱৰ নিবাসী সোমেশ্বৰ বৰা (৭৯ ) দেওবাৰে বাধ্যক্য জনিত কাৰণত মৃত্যু হয়। কিছুদিনৰ পূৰ্বে শ্বাস-প্ৰশ্বাস জনিত  সমস্যাত ভুগি যোৰহাট মেডিকেল কলেজত চিকিৎসাধীন হৈ থকা বৰা চিকিৎসালয়ৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত পথতেই মৃত্যু হয়। কৰ্মই ধৰ্ম  বোলা আপ্ত বাক্যশাৰী  শিৰোগত কৰি গোটেই জীৱন কৃষি কৰ্মত জড়িত হৈ পৰিয়ালটোক স্বাৱলম্বী কৰি তোলা বৰা মৃত্যুৰ এমাহৰ  আগলৈকে খেতি পথাৰতেই ব্যস্ত আছিল। আৰ্দশ কৃষক, ধৰ্মপৰায়ণ, কষ্টসহিঞ্চু ,সমাজসেৱক গৰাকীৰ মৃত্যুত অঞ্চলবাসীয়ে অপূৰণীয় ক্ষতি বুলি মত পোষণ কৰি গভীৰ শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নীসহ তিনিজন পুত্ৰ , বোৱাৰী, নাতি-নাতিনী ইহ সংসাৰত এৰি যায়। 

দিছপুৰত আজি মটক স্বায়ত্ব পৰিষদৰ বিষয়ববীয়াসকলৰ শপত গ্ৰহণ

বহু প্ৰত্যাশিত আনুষ্ঠানিকভাৱে গঠন হোৱা অসমৰ অন্যতম শক্তিশালী জনগোষ্ঠী হিচাপে পৰিচিত মটক স্বায়ত্ব শাসিত পৰিষদৰ বিষয়ববীয়াসকলে আজি আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে । অসম চৰকাৰৰ দিছপুৰস্থিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ কল্যান বিভাগৰ সঞ্চালকালয়ৰ সভা কক্ষত আজি পূৱা ১১ বজাত শপত গ্ৰহণ কাৰ্যসূচী সম্পন্ন হয়।  সঞ্চালকালয়ৰ সচিব শ্ৰীযুতা মীনা পেগুয়ে শপত পাঠ কৰোৱা অনুষ্ঠানত ডেপুটি ডাইৰেক্টৰ যাদৱ পেগুদেৱ উপস্থিত থাকে । আজি শপত গ্ৰহণ অনুষ্ঠানত সদস্য চান্দ কুমাৰ গোহাঁইৰ  বাহিৰে উপস্থিত থকা পৰিষদৰ মনোনীত বিষয়ববীয়াসকল হৈছে- চেয়াৰমেন  সৰোজ গোহাঁই ( তিনিচুকীয়া), ভাইচ চেয়াৰমেন দেৱৰ্ষি চেতিয়া ( ডিব্ৰুগড়, চাবুৱা), মুখ্য কাৰ্যবাহী ডেভিদ চেতিয়া ( ডিব্ৰুগড় , ফুটাহলা) , কাৰ্যবাহী পৰিষদবৰ্গ হ’ল ক্ৰমে- অমূল্য সেনাপতি ( কামৰূপ), স্বৰূপজ্যোতি চেতিয়া( ডিব্ৰুগড়, চাবুৱা), দেৱজিৎ ৰাজখোৱা ( ডিব্ৰুগড়, চাবুৱা), যতীন দিহিঙ্গীয়া (ডিব্ৰুগড়), নৱজ্যোতি শইকীয়া ( ডিব্ৰুগড়,পুলুঙা), বিমল বৰুৱা (ডিব্ৰুগড়, জেৰাই), আনন্দ চেতিয়া (তিনিচুকীয়া,বৰহোলা), অনন্ত গগৈ ( ডিব্ৰুগড়, খাঞ্জিখোৱা), সদস্যবৰ্গ হৈছে- শুক্লধৰ ফুকন (ডিব্ৰুগড়,চাবুৱা), ৰূপালী গোহাঁই (তিনিচুকীয়া), নিৰেণ শইকীয়া ( ডিব্ৰুগড়,পুলুঙা) , তুষাৰ ৰঞ্জন চেতিয়া (ডিব্ৰুগড়, বামুনীয়াহিলৈধাৰী ), প্ৰাণদ্বীপ মহন (শিৱসাগৰ,বানমুখ) পদ্মাৱতী গগৈ (ডিব্ৰুগড় ফুটাহলা) শান্তা গগৈ (লক্ষীমপুৰ), পূৰ্ণানন্দ বুঢ়াগোহাঁই (তিনিচুকীয়া) , মাখন চেতিয়া ( ডিব্ৰুগড়,দিনজয়) স্বৰ্ণলতা শইকীয়া (তিনিচুকীয়া)ধৰ্মানন্দ কোঁৱৰ (ডিব্ৰুগড় লাহোৱাল), দীপজয় শইকীয়া (ডিব্ৰুগড়,বকুল মাজগাঁও)  আৰু দুৰ্লভ কোঁৱৰ ( লক্ষীমপুৰ , লালুক)