Home Blog Page 3029

কুইপ’ৰ দুই বিষয়াক মুকলি কৰি দিবলৈ আলফা স্বাধীনক আহ্বান জুবিন গাৰ্গৰ

কোকৰাঝাৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত কুইপ’ৰ দুই বিষয়া সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে জুবিন গাৰ্গে । কুইপ’ৰ দুই বিষয়াক মুকলি কৰি দিবলৈ আলফা স্বাধীনক আহ্বান জুবিনৰ।

জুবিন গাৰ্গে কয় যে, ‘পৰেশ দাই বিবেচনা কৰি চাওক আৰু এৰি দিয়ক। নিৰপৰাধ দুজন মানুহক উঠাই লৈ গৈছে। তেওঁলোকে চৰকাৰৰ লগত কথা পাতক। সেই মানুহ দুজনক ধৰি ৰাখি শাস্তি দি কি লাভ আছে? তেওঁলোকৰ পৰিয়াল আছে, নিজৰ জগত এখন আছে।’

জুবিনে লগতে কয়, ‘সৰুৰে পৰা এইবোৰ দেখি দেখি ভাগৰি গৈছো। এতিয়া এইবোৰ নালাগে। এতিয়া নতুন নতুন কাম হওক। ভাল কাম হওক। ভাল চিন্তা, ভাল পদক্ষেপ আদি হ’ব লাগে। তেতিয়াহে অসমৰ উন্নতি হ’ব। নহ’লে আকৌ পিছুৱাই যাম আমি। চৰকাৰে কথা পাতিছে বুলি শুনিছো, কিন্তু কি কথা পাতিছে মই নাজানো। মই শ্বুটিঙত ব্যস্ত আছিলো। দৰকাৰ হ’লে মাত মাতিম। ’

মাজুলীৰ গড়মূৰ সত্ৰত শ্ৰীশ্ৰী বিষ্ণু মহাযজ্ঞৰ আয়োজন : লাইখুঁটা স্থাপন

মাজুলীৰ প্ৰসিদ্ধ শ্ৰীশ্ৰী গড়মূৰ সত্ৰত অহা ১৫ , ১৬ আৰু ১৭ মাৰ্চ (১ , ২ আৰু ৩ চ’ত)ত তিনি দিনীয়া কাৰ্যসূচীৰে শ্ৰীশ্ৰী বিষ্ণু মহাযজ্ঞৰ আয়োজন কৰা হৈছে ৷ গড়মূৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামী যুৱক কল্যাণ সংঘৰ উদ্যোগত আঞ্চলিক ৰাইজৰ সহযোগত বিশ্ব শান্তিৰ বাবে আয়োজন কৰা বিষ্ণু মহাযজ্ঞৰ বাবে মণ্ডপৰ লাইখুঁটা ২১ ফেব্ৰুৱাৰীত বংশীগোপাল নাট্য মন্দিৰৰ প্ৰাংগনত আনুষ্ঠানিক ভাৱে স্থাপন কৰা হয় ৷ এই উপলক্ষে দিনৰ ১২ বজাত আধ্যাত্মিক অনুষ্ঠান ভাগি সাফল্যমণ্ডিত কৰিবৰ বাবে গঠন কৰা উদ্‌যাপন সমিতিৰ সভাপতি তথা সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱগোস্বামী , কাৰ্যকৰী সভাপতি কৃষ্ণ গোস্বামীৰ লগতে উদ্‌যাপন সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত আইতীৰ উৰুলি , ডবা-শংখ ধ্বনিৰ মাজেৰে লাইখুঁটা স্থাপন কৰা হয় ৷ দেশৰ মংগলৰ বাবে আয়োজন কৰা আধ্যাত্মিক অনুষ্ঠান ভাগিত অসমৰ বিভিন্ন প্ৰান্তত থকা সত্ৰৰ শিষ্য-প্ৰশিষ্য তথা ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে ৷

পেট্ৰল-ডিজেল, ৰন্ধন গেছ, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি

পিঁয়াজৰ মালা,কান্ধত চিলিণ্ডাৰ লৈ পেট্ৰল পাম্পত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ ৷

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ মুকালমুৱা অঞ্চলত থকা তিনিটাকৈ পেট্ৰল পাম্পত আজি বৰক্ষেত্ৰী ব্লক কংগ্ৰেছে পেট্ৰল-ডিজেল,ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ উদ্যোগত শতাধিক কংগ্ৰেছ কৰ্মীয়ে বৰতলা,জয়সাগৰ আৰু মুকালমুৱা সাপকাতাত থকা পেট্ৰল পাম্প সমুহত উপস্থিত হৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে পিয়াজৰ মালা, কান্ধত চিলিণ্ডাৰ আৰু মিঠাতেলৰ বটল ওলোমাই লৈ চৰকাৰ বিৰোধী বিভিন্ন ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ গ’ বেক, নৰেন্দ্ৰ মোডী হায়-হায়, সৰ্বানন্দ সোণাৱাল হায়-হায়, পেট্ৰল-ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক,বিজেপি চৰকাৰৰ হিটলাৰি শাসন নচলিব, বিজেপি চৰকাৰৰ একনায়কত্ববাদ বন্ধ কৰক ইত্যাদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ প্ৰতিবাদী কাৰ্যসুচীত অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ যোগাযোগ বিভাগৰ সদস্য দিগন্ত বৰ্মন, অসম প্ৰদেশ কংগ্ৰেছ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক খাইৰুল হ’ক চৌধুৰী, নলবাৰী জিলা কংগ্ৰেছৰ মুখপাত্ৰ চুলেইমান আলী, বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ সংখ্যালঘু মৰ্চাৰ সভাপতি ওচমান গণি আহমেদ, উপ সভাপতি দিলোৱাৰ হুছেইন শইকীয়া, ইয়ং বিগ্ৰেড অসমৰ সাধাৰণ সম্পাদক ৰাণা আহমেদ, জয়সাগৰ-বৰতলা মণ্ডল কংগ্ৰেছৰ সভাপতি আনন্দ বৰ্মনসহ বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহন কৰে ৷

আজিৰে পৰা পুনৰ আৰম্ভ জম্মু-কাশ্মীৰৰ বানিহাল বাৰামুল্লা ৰে’ল সেৱা

আজিৰে পৰা জম্মু-কাশ্মীৰৰ বানিহাল বাৰামুল্লা ৰে’ল সেৱা পুনৰ আৰম্ভ হ’ব।

উল্লেখযােগ্য যে যােৱা ১১‌মাহ ধৰি এই ৰে’লসেৱা বন্ধ হৈ আছিল।

উত্তৰ ৰে’লৱেৰ মুখ্য আঞ্চলিক প্ৰৱন্ধক ছাকিব ইউছুফে সংবাদদাতাক এই বিষয়ে জানিবলৈ দিয়ে।

চলিত বৰ্ষৰ শেষৰ ফালে খেলো ইন্ডিয়া ২০২১

চলিত বৰ্ষৰ শেষৰ ফালে কর্ণাটকত অনুষ্ঠিত হ’ব দ্বিতীয় খেলো ইন্ডিয়া ২০২১ । কেন্দ্রীয় ক্রীড়া মন্ত্রী কিৰেণ ৰিজিজুয়ে এই বিষয়ে ঘােষণা কৰি কয় যে, ‘ভাৰতীয় বিশ্ববিদ্যালয় সংস্থাৰ সহযােগিতাত দেশৰ সর্ববৃহৎ এই বিশ্ববিদ্যালয় ক্রীড়া প্রতিযােগিতা অনুষ্ঠিত হ’ব’।

কেন্দ্রীয় ক্রীড়া তথা যুৱ কল্যাণ মন্ত্রী আজি ফিট বেংগালুৰু ফ’ৰ ফিট ইণ্ডিয়া কাৰ্যসূচীত অংশগ্রহণ কৰাৰ পাছত ভাৰতীয় ক্রীড়া প্রাধিকৰণৰ বেংগালুৰু চৌহদত চাৰিটা নতুন ক্রীড়া সুবিধা উদ্বোধন কৰিব।

বঙাইগাঁৱত ৰাখাল দাসগুপ্ত মেমোৰিয়েল ফ’ৰামৰ দ্বাৰা স্মৃতি দিৱস’ আয়োজন

‘ৰাখাল দাসগুপ্ত মাথো এজন ব্যক্তি নাছিল ৷ তেখেত আছিল এক আদৰ্শ ৷ ভাৰতীয় ট্ৰেড ইউনিয়নৰ ইতিহাসত এক মাইলৰ খুঁটি, যাৰ অবিহনে ভাৰতীয় ট্ৰেড ইউনিয়নৰ ইতিহাস কেতিয়াও সম্পূৰ্ণ নহয় ৷ তেওঁৰ ৮৮ বছৰীয়া জীৱনকালত তেওঁ ভাৰতীয় ৰে’লৰ ট্ৰেড ইউনিয়নক দিকদৰ্শন কৰাৰ লগতে ৰে’ল ইউনিয়নক এক মজবুত স্থিতিলৈ লৈ গৈছিল’ ৷ এই ভাষ্য উত্তৰ পূৱ ৰে’লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক আশীষ বিশ্বাসৰ ৷ আজি উত্তৰ পূৱ সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নৰ উদ্যোগত ৰাখাল দাসগুপ্ত মেমোৰিয়েল ফ’ৰামে বঙাইগাঁওৰ প্ৰিয় গুপ্ত মেমোৰিয়েল হলত আয়োজন কৰা ‘স্মৃতি দিৱস’ৰ সভাত ভাষণ প্ৰদান কৰি এইদৰে মন্তব্য কৰে নেতাগৰাকীয়ে ৷ তেওঁ আজিৰ যুৱ প্ৰজন্মক ৰাখাল দাসগুপ্তৰ আদৰ্শৰ পথেৰে বাট বুলিবলৈ আহ্বান জনায় ৷ এই স্মৃতি দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ হয় ইউনিয়নৰ বঙাইগাঁও শাখাৰ সভাপতি দ্বীপেন বৰাৰ দ্বাৰা ৷ ইয়াৰ পিছতে প্ৰস্তাৱিত ৰাখাল দাসগুপ্ত মেমোৰিয়েল সংগ্ৰহালয় তথা পুথিভঁৰালৰ আনুষ্ঠানিক উন্মোচন আৰু বন্তি প্ৰজ্বালন কৰে উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ৰঙিয়া সংমণ্ডলৰ উপ মাণ্ডলীক প্ৰৱন্ধক অৰিন্দম লাইয়ে ৷ ইয়াৰ পিছতেই ৰাখাল দাসগুপ্ত মেমোৰিয়েল প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা মজদুৰ ইউনিয়নৰ সভাপতি ৰমণী বৰ্মনে ৷ ইয়াৰ পিছতে অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে ৰাখাল দাসগুপ্ত মেমোৰিয়েল ফ’ৰামৰ সভাপতি ডঃপি কে ধৰে ৷ এই সভাত অৰিন্দম লাই,  উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য যান্ত্ৰিক অভিযন্তা (O&F) বিমল টপ্পো, নিউ বঙাইগাঁও ৰে’লৱে চিকিৎসালয়ৰ সহ মুখ্য চিকিৎসা বিষয়া অজয় ৰায়, ৰমণী বৰ্মন, অধিবক্তা জয়শ্ৰী বৰুৱা, মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় নেতা চুচেন হাজৰিকা, এমপ্লইজ ইউনিয়নৰ কেন্দ্ৰীয় নেতা প্ৰমোদ কুমাৰ ৰস্তোগী আদিকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে ৷ সভাৰ উদ্দেশ্য বাখ্যা কৰে ৰাখাল দাসগুপ্ত মেমোৰিয়েল ফ’ৰামৰ সম্পাদক ডঃ তৰুণ কুমাৰ বাহাদুৰে ৷ এই অনুষ্ঠানতে ‘শ্ৰদ্ধাজ্ঞলী’ নামৰ এখনি স্মৰণিকা উন্মোচন কৰি ৰমণী বৰ্মনে ৷ শলাগৰ শৰাই আগবঢ়াই সভাৰ সামৰণি ঘটায় ডঃ ভবানী প্ৰসাদ শৰ্মাই ৷

লক্ষ্য ২০২১ চনৰ বিধান সভা নিৰ্বাচন : বকো সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ টিকট প্ৰত্যাশীৰ ভিৰ

সমাগত ২১ ৰ বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত ক্ৰমান্বয়ে গৰম হৈ উঠিছে নিৰ্বাচনী বতাহ ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। শাসক বিৰোধীকে ধৰি প্ৰতিটো ৰাজনৈতিক দলে দিছপুৰৰ মছনদ দখল কৰাৰ বাবে নিৰ্বাচনী ৰণকৌশল তৈয়াৰ কৰাত ব্যস্ত। ইয়াৰ পৰিপেক্ষিতত ৪৮ নং বকো বিধান সভা সমষ্টিত প্ৰতিটো  ৰাজনৈতিক দলৰ একাধিক প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে সৰ্বসাধাৰণ ভোটাৰ ৰাইজৰ সমৰ্থন আদায় কৰিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে। বকো বিধান সভা সমষ্টিৰ এইবাৰৰ নিৰ্বাচনী অংক কিছু ব্যতিক্ৰমী হব বুলি ধাৰণা কৰা হৈছে। কোনো এটা দলৰেই  প্ৰাৰ্থী প্ৰক্ষেপ নিশ্চয় নোহোৱাত প্ৰতিটো দলৰে কৰ্মী-সমৰ্থকে উৎকন্ঠাৰে দিন কটাবলগীয়া হৈছে। কংগ্ৰেছৰ নন্দিতা দাসৰ দখলত থকা ৪৮ নং বকো বিধান সভা সমষ্টিত প্ৰধানকৈ কংগ্ৰেছ, বিজেপি, এ আই ইউ ডি এফ, সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ, অসম গণ পৰিষদ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল সমূহে এবাৰৰ আসন খন দখল কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলোৱাৰ পৰিলক্ষিত হৈছে। সমষ্টিটোৰ বৰ্তমানৰ নন্দিতা দাস কংগ্ৰেছ দলৰ বিধায়কা আছে যদিও নিৰ্বাচনৰ প্ৰাকক্ষণত দলটোৰ মাজত অঘোষিত বিসম্বাদৰ ওকমোকনিয়ে দেখা দিছে। বিধায়িকা গৰাকীৰ লগত সমষ্টিটোৰ ঠায়ে ঠায়ে কৰ্মী সকলৰ সৈতে হোৱা অন্তকলহৰ বাবে নন্দিতা দাসৰ ভেটি লাহে লাহে দুৰ্বল হৈ আহিবলৈ ধৰিছে। বিধায়িকা নন্দিতা দাসৰ একনায়কত্ব ভাৱে শাসন চলোৱাৰ  পৰিপেক্ষিতত সমষ্টিটোৰ একাংশ কৰ্মীয়ে ফলৰি কাটি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভানেত্ৰী কৃষ্ণ দাসক প্ৰাৰ্থীত্ব প্ৰত্যাশী হিচাপে সমষ্টিটোৰ চোকে কোনে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে কৃষ্ণ দাসে প্ৰাৰ্থিত্ব বিচাৰি দলীয় নেতৃত্বৰে সঘন যোগাযোগ ৰাখিছে। নিৰ্বাচনৰ প্ৰাকক্ষণত দলীয় বিসম্বাদে বকো সমষ্টিত কংগ্ৰেছ দলটি বেয়াকৈ ক্ষতিগ্ৰস্ত হব বুলি একাংশ সচেতন ৰাইজে মন্তব্য কৰিছে। ইফালে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ বেনাৰত সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী গোপীনাথ দাসেও যুদ্ধকালীন ব্যস্ততাৰে সমষ্টিৰ অলিয়ে-গলিয়ে প্ৰচাৰ চলোৱাটো পৰিলক্ষিত হৈছে। উল্লেখ্য যে গোপীনাথ দাস আজিৰ দিনটোলৈ দলটিৰ ৰাজ্যিক সভাপতিৰ দ্বায়িত্বতো নিয়োজিত হৈ আছে। দলীয় স্থিতি মজবুত কৰাৰ সমন্তৰালকৈ নিজৰ সমষ্টিত প্ৰচাৰৰ ক্ষেত্ৰতো নেতাগৰাকী যথেষ্ট তৎপৰ হোৱা পৰিলক্ষিত হৈছে। ইপিনে শাসকীয় দল বিজেপিৰ একাধিক প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে নিজৰ সমৰ্থনত ইতিমধ্যে চুবাই চুবাই দলীয় সভা সমিতি পাতি, হৰ্ডিং আৰি নিৰ্বাচনী কুচকাৱাজ অব্যাহত ৰাখিছে। ইতিমধ্যে শাসকীয় বিজেপি দলৰ পৰা ক্ৰমে সুকুমাৰ বিশ্বাস, সীমান্ত দাস, কৌশল মালাকাৰ, নিলোপম দাস আদিয়ে প্ৰাৰ্থীত্ব বিচাৰি দলীয় নেতৃত্বৰে লগত সঘন যোগাযোগ অব্যাহত ৰাখিছে। আনফালে সমষ্টিটোত অসম গণ পৰিষদ দলৰ প্ৰাক্তন বিধায়ক জ্যোতি প্ৰসাদ দাসেও নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে। এজিপি-বিজেপি মিত্ৰতাই কোন দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব তাৰ ওপৰত ভৱিষ্যত নিৰ্ভৰ কৰিব প্ৰাক্তন বিধায়ক গৰাকীৰ। ৰাজ্যত নতুনকৈ গঠন হোৱা আঞ্চলিক দল অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী দ্বীপজ্যোতি দাসেও সমষ্টিটোৰ চোকে কোনে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। পূৰ্বৰ নিৰ্বাচনবোৰতকৈ এইবাৰৰ নিৰ্বাচন প্ৰতিটো ৰাজনৈতিক দলৰ বাবে সমষ্টিটোত এক প্ৰত্যাহবান স্বৰূপ হব বুলি এতিয়াই ঠাৱৰ কৰিব পাৰি।

বঙাইগাঁৱত দিনৰ পোহৰতে চুৰিকাণ্ড লুটি নিলে নগদ ধন-সোণ

বঙাইগাঁৱৰ উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ অন্তৰ্গত দোলাইগাঁও উজান পাৰাত দেওবাৰে দিনৰ ভাগত  এক চুৰিকাণ্ড সংঘটিত হয় ৷ দোলাইগাঁও উজান পাৰাৰ ওৱাছি আহমেদৰ গৃহত সংঘটিত হয় এই চুৰিকাণ্ড৷ উল্লেখ্য যে দেওবাৰৰ দুপৰীয়া ১ বজাত ওৱাছি আহমেদে পৰিয়ালসহ তেওঁৰ আত্মীয়ৰ গৃহত বিয়া খাবলৈ যায় আৰু ঘূৰি আহে বিয়লি চাৰি বজাত ৷ লোকজনে ঘৰত প্ৰৱেশ কৰি তেওঁৰ বয়-বস্তু লণ্ড-ভণ্ড হৈ থকা প্ৰত্যক্ষ কৰে৷ ঘৰত লোক নথকাৰ পূৰ্ণ সুযোগ লৈ চোৰে তেওঁৰ ঘৰৰ খিৰিকী ভাঙি প্ৰৱেশ কৰি নগদ পছাত্তৰ হাজাৰ ( ৭৫ হাজাৰ)  টকা আৰু প্ৰায় এক লাখ চৈধ্য হেজাৰ টকা মূল্যৰ সোণৰ গহনা লুট কৰি নিয়ে বুলি উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীত প্ৰদান কৰা এজাহাৰত প্ৰকাশ ৷আশ্বাৰ্যৰ বিষয় যে বঙাইগাঁও আৰক্ষী নিৱেশৰ নিচেই কাষৰ দোলাইগাঁও উজানপাৰাত দিনৰ পোহৰত চোৰে চুৰিকাণ্ড সংঘটিত কৰাৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

হোজাইত যুৱ মৰ্চাৰ সামাজিক মাধ্যম বিভাগৰ উদ্যোগত মত বিনিময় অনুষ্ঠান

২০২১ৰ নিৰ্বাচন সমাগত । বিভিন্ন দল সমূহে প্ৰচাৰৰ ক্ষেত্ৰত সামাজিক মাধ্যম সমূহত বিশেষ গুৰুত্ব দিয়া দেখা গৈছে । সেই ক্ষেত্ৰত পিছ পৰি থকা নাই ভাৰতীয় জনতা পাৰ্টি ।

২১ ফেব্ৰুৱাৰী তাৰিখে ভাৰতীয় জনতা যুৱ মৰ্চা,হোজাই জিলা সমিতিৰ সামাজিক মাধ্যম বিভাগৰ উদ্যোগত হোজাইৰ মণিপুৰী সাহিত্য সভা ভৱনত এক মত বিনিময়ত অনুষ্ঠান অনুষ্ঠিত হয় ৷

হোজাই জিলা যুৱ মৰ্চাৰ সামাজিক মাধ্যমৰ মত বিনিময় অনুষ্ঠানটিত সভাপতিত্ব কৰে হোজাই জিলা যুৱ মৰ্চাৰ সভাপতি বিনয় কলিতাই ৷ উক্ত মত বিনিময় অনুষ্ঠানটিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতিৰ মুখপাত্ৰ সুৰঞ্জন দত্ত আৰু ৰামকৃষ্ণ ঘোষ, ৰাজ্যিক যুৱ মৰ্চাৰ প্ৰদ্যুম্ন দত্ত, জগদীশ ডেকা, হোজাইৰ বিধায়ক শিলাদিত্য দেৱ, বিজেপি হোজাই জিলাৰ সভাপতি অনুপ দেৱ, হোজাই জিলাৰ চৰকাৰী অধিবক্তা অমৰজ্যোতি শইকীয়া উপস্থিত থাকি জিলাখনৰ অন্তৰ্গত এঘাৰটা মণ্ডলৰ সামাজিক মাধ্যমৰ আহ্বায়ক, সহ-আহ্বায়ক ও কায্যকৰ্তা সকলৰ মত বিনিময় কৰা লগতে যুৱ মৰ্চাৰ সামাজিক মাধ্যমৰ কায্যকৰ্তাৰ কৰণীয় দ্বায়িত্ব আৰু কৰ্তব্যসমূহৰ বিষয়ে বিস্তাৰিত ভাৱে বক্তব্য আগবঢ়াই ৷

নগাঁও চহৰত একেদিনাই কুৰিটা পথৰ শুভ উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ

নগাঁও পৌৰসভা এলেকাত নতুনকৈ নিৰ্মাণ কৰা কুৰিটাকৈ পথৰ শুভাৰম্ভ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। ৰাইজৰ বাবে মুকলি কৰি দিয়া পথ সমূহ হৈছে ক্ৰমে নগাঁও পৌৰসভাৰ ১৭ নং মহলাৰ এম জি পথৰ ৰেলৱে ক্ৰচিঙৰ সমীপৰ উপপথ, বেবীলেন পথ, আই টি আইৰ সমীপৰ ৩ নং উপপথ, পিয়লি ফুকন উপপথ, এ টি ৰোডৰ প্ৰণৱ প্ৰিন্টাৰ্চৰ সমীপৰ উপপথ, নগাঁও অসামৰিক চিকিৎসালয়ৰ দক্ষিণ দিশৰ পথ, কচলুখোৱা ৰাস পথাৰৰ সমীপৰ পথ,শ্বহীদ কুশল কোঁৱৰ মাধব নগৰ উপপথ আৰু চকীটুপ উপপথ। আনহাতে পৌৰসভা এলেকাৰ ১৮ নং মহলাৰো কেইবাটাও নবনিৰ্মিত পথৰ শুভাৰম্ভ কৰে বিধায়ক শৰ্মাই।পথ সমূহ হৈছে ক্ৰমে সেউজ পথ, পৰমানন্দ পথ, মনমোহন পথ, ২নং দত্ত পথ, বি এড কলেজ উপপথ, নামঘৰ পথ, মুক্তি পথ, নেতাজী পথ, শীলপট্টি পথ আৰু পৰোজ বৰা পথ।ইয়াৰোপৰি বিধায়ক গৰাকীয়ে নগাঁও বি এড কলেজৰ এটি নবনিৰ্মিত শ্ৰেণীকোঠাও উদ্ধোধন কৰে। ৰাইজৰ বাবে পৌৰসভা এলেকাৰ পথ সমূহ মুকলি কৰি বিধায়ক শৰ্মাই কয় : আমাৰ কাৰ্যকালত নগাঁও চহৰৰ বাট, পথ নলা , নৰ্দমাকে ধৰি সকলো ক্ষেত্ৰতে এক নতুনত্ব অনাৰ প্ৰয়াস কৰা হৈছে। চহৰখনৰ বাসিন্দা সকলে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা বিভিন্ন সমস্যা আমাৰ কাৰ্যকালত সমাধানৰ চেষ্টা কৰা হৈছে। প্ৰকৃতাৰ্থত নগাঁৱত এক উন্নয়নৰ যাত্ৰা আৰাম্ভ হৈছে।পৰবৰ্তী সময়তো উন্নয়নৰ যাত্ৰা অব্যাহত ৰখাৰ চেষ্টা কৰি যাম। ইপিনে মুকলি কৰা পথ সমূহে ৰাইজৰ যাতায়ত সূচল কৰি তুলিব বুলিও বিধায়ক গৰাকীয়ে মত প্ৰকাশ কৰে।