Home Blog Page 3033

ভূত বাংলাত পৰিণত বাসুগাঁওৰ ৩০ খন বিছনাযুক্ত চিকিৎসালয়

বিগত ১৭ বছৰেই পৰিত্যক্ত অৱস্থাত থকা চিৰাং জিলাৰ বাসুগাঁওৰ ৩০খন বিছনাযুক্ত চিকিৎসালয় খন বুধবাৰে পৰিদৰ্শন কৰে চিৰাং জিলাৰ ৩১নং চিদলী (জনজাতি) বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক শ্ৰী জয়ন্ত বসুমাতাৰীয়ে । উল্লেখ্য যে ২০০৪ চনতে তেতিয়াৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী চন্দন ব্ৰহ্মই আধাৰশিলা স্থাপন কৰি চিকিৎসালয় খন নিৰ্মাণৰ কাম সম্পন্ন কৰিছিল যদিও বিগত ১৭ বছৰ কাল বি.পি.এফ নেতৃত্বাধীন চৰকাৰ খনে চিকিৎসালয় খন মুকলিৰ বাবে কোনো আগভাগ লোৱা দেখা নগ’ল।স্হানীয় সংগঠনৰ উপৰিও বাসুগাঁওবাসী লোকে বাৰংবাৰ আবেদন কৰাৰ পিছতো চিকিৎসালয়খন আজিলৈ মুকলি নোহোৱাটো এক ৰহস্যৰ আৱৰ্তত।ভূত বাংলাত পৰিণত হোৱা চিকিৎসালয়খন আজিৰ তাৰিখত কিছু অসামাজিক কাৰ্যকলাপৰ লগতে এক জুৱাৰ ঘাটিত পৰিণত হৈছে । যি সময়ত কোভিড ১৯ ৰ বাবে নতুন কৈ চিকিৎসালয় বনাব লগা হৈছে ঠিক সেই সময়তেই এনে এখন চিকিৎসালয় ভূত বাংলাত পৰিণত হোৱাটো খুবেই দুৰ্ভাগ্যজনক বুলি স্থানীয় লোকে প্ৰকাশ কৰে । ইয়াৰ উপৰিও বিগত দুটা বছৰ ধৰি বিশ্বব্যাপী মাৰাত্মক কভিড-১৯ ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত যি সময়ত কভিড কেয়াৰ চিকিৎসালয়ৰ নাটনিয়ে দেখা দিছে, ঠিক সেই সময়তে চিৰাং জিলাৰ বাসুগাঁওস্থিত ৩০ খন বিছনাযুক্ত আন্ত:গাথনি পূৰ্ণ চিকিৎসালয় খন কিছু আসাধু লোকৰ অসামাজিক ক্ৰিয়াকলাপৰ ঠাই হিচাপে পৰিগণিত হোৱাটো কিমান দূৰ গ্ৰহণযোগ্য সেয়া প্ৰশ্নৰ আঁৰত ।
বুধবাৰে চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমাতাৰীয়ে চিকিৎসালয় খন পৰিদৰ্শন কৰাৰ পিছতে আজি অৰ্থাৎ বৃহস্পতিবাৰে বি টি চি ৰ স্বাস্থ্য বিভাগৰ কাৰ্য্যবাহী সদস্য অৰুপ কুমাৰ দেই চিকিৎসালয় খন পৰিদৰ্শন কৰি আগন্তুক ছয় মাহৰ ভিতৰতে চিকিৎসালয় খন ৰাইজৰ উপযোগী কৰি তুলিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। উল্লেখ্য যে দুদিন পূৰ্বে চিৰাং জিলাৰ নৱনিযুক্ত উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে পৰিত্যক্ত চিকিৎসালয়খনৰ বুজ লৈছিল।

হোজাই ৰেলপথত মৃতদেহ উদ্ধাৰ

হোজাইত ৰেলপথত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য৷

হোজাইত ৰেলৰ খুন্দাত নিহত এজন যুৱক।

হোজাই এক নং ৰেলগেটৰ পৰা প্ৰায় 500 মিটাৰ দূৰত্বত উদ্ধাৰ হয় মৃতদেহটো৷

দুৰ্ঘটনাত পতিত যুৱক জন হোজাই সুভাস নগৰৰ ৰফিক আহমেদ বুলিব জানিব পৰা গৈছে।

ঘটনাস্থলীত হোজাই ৰেল আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে৷

হাজোৰ ঠিকাদাৰক ফোনত ধমক দিয়ে ক্ষান্ত থাকিব নে জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকা? নে চকু দিব আন স্থানৰ মথাউৰিতো?

হাজোৰ ঠিকাদাৰক ফোনত ধমক দিয়ে ক্ষান্ত থাকিব নে জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকা? নে চকু দিব আন স্থানৰ মথাউৰিতো?

মাজুলীৰ সুৰক্ষাৰ বাবে পূঁজিৰ নাটনি নহ’ব” মন্ত্ৰী পিযুষ হাজৰিকা, “চৰকাৰে প্ৰস্তুত কৰা পৰিকল্পনাৰ সঠিক ৰূপায়ণ হ’লে নিশ্চিত ভাৱে মাজুলী সুৰক্ষিত হ’ব”-প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

“অসমৰ বৈষ্ণৱ  সংস্কৃতিৰ পীঠস্থান মাজুলীৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা আছে ৷ এই পৱিত্ৰ ভূমিৰ সুৰক্ষাৰ বাবে যিমান পূঁজিৰ প্ৰয়োজন হ’ব সিমানেই টকা অসম চৰকাৰে ব্যয় কৰিব। মাত্ৰ এটাই কথা, প্ৰতিটো টকাৰ সদ্ব্যবহাৰ হ’ব লাগিব আৰু কামৰ ক্ষেত্ৰত আমি কোনো কম্প্ৰমাইজ নকৰো। পূৰ্বে মাজুলীত কি হৈছিল, জলসম্পদ বা ব্ৰহ্মপুত্ৰ বৰ্ডে কি কৰিলে , এতিয়া আৰু ইয়াৰ পোষ্টমৰ্টেম মই নকৰো।” আজি নামনি মাজুলীৰ কৰতিপাৰ পঞ্চায়তৰ অন্তৰ্গত মিছামৰাত সোঁৱণশিৰি নদীৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি এইদৰে কয় বিজেপি মিত্ৰজোঁট চৰকাৰৰ ৰাজ্যিক জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই। আজি পুৱা প্ৰায় ৯-০০ বজাত মাজুলীত উপস্থিত হোৱা মন্ত্ৰী হাজৰিকাই মিছামৰাৰ স্থানীয় গাওঁবাসীৰ মতামত গ্ৰহণ কৰি খহনীয়াগ্ৰস্ত অঞ্চলটোত শীঘ্ৰেই দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ নদীৰ গড়াত অস্থায়ী সুৰক্ষাৰ কাম আৰম্ভ কৰাৰ নিৰ্দেশ দিয়ে জলসম্পদ বিভাগক। মন্ত্ৰীগৰাকীয়ে কয় আগন্তুক বাৰিষাৰ বাবে বৰ্তমান খুউব ভালধৰণে অস্থায়ী কাম কৰাৰ সমান্তৰালকৈ স্থায়ী আঁচনি ৰূপায়নৰ বাবেও প্ৰস্তুতি আৰম্ভ কৰা হ’ব বুলি মত প্ৰকাশ কৰে। শীঘ্ৰেই অঞ্চলটোলৈ কাৰিকৰী বিশেষজ্ঞ দলক প্ৰেৰণ কৰি অঞ্চলটোত নদীৰ প্ৰকৃতি আদি জৰীপ কৰাৰ বাবে পঠোৱা হ’ব বুলিও মত প্ৰকাশ কৰে আৰু আঁচনি  ৰূপায়ণৰ বাবে পূঁজিৰ  যোগান ধৰিব ৷ মাজুলী সুৰক্ষাত নিয়োজিত ব্ৰহ্মপুত্ৰ বৰ্ডৰ অকমন্যতা, হেমাহী আৰু সুৰক্ষা কাৰ্যত আন্তৰিকতাবিহীন কাৰ্যকলাপৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হাজৰিকাই কয় -ব্ৰহ্মপুত্ৰ বিষয়ে জানিবলৈ মই চেষ্টা কৰি আছো। বৰ্ডৰ লগত নিশ্চিত ভাবে এই বিষয়ে মই আলোচনা কৰিম আৰু বৰ্ডক থানথিত লগাবলৈ চেষ্টা কৰিম। জলসম্পদ মন্ত্ৰী গৰাকীৰ উপৰিও মাজুলীৰ জন প্ৰতিনিধি তথা প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু শক্তি মন্ত্ৰী বিমল বৰা আৰু সাংসদ প্ৰদান বৰুৱাই খহনীয়াগ্ৰস্ত অঞ্চলটো ভ্ৰমণ কৰি অৱস্থাৰ বুজ লয়। প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে সাংবাদিকৰ সন্মুখত মাজুলীৰ খহনীয়া ৰোধৰ বাবে অসম চৰকাৰে এক পৰিকল্পনা কৰাৰ বিষয়ে সদৰি কৰি কয়, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আজি অসম চৰকাৰৰ দুগৰাকীকৈ জ্যেষ্ঠ মন্ত্ৰী আৰু সাংসদ মাজুলীলৈ আহিছে। মোৰ দৃঢ় বিশ্বাস আগন্তুক দিনত মাজুলীবাসীৰে সহযোগত অসম চৰকাৰে যুগুত কৰা পৰিকল্পনা অনিযায়ী মাজুলীৰ ভৌগোলিক সুৰক্ষা নিশ্চিত কৰিব পৰা যাব। ইয়াক পিছতে প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালসহ দুই মন্ত্ৰী পিয়ুষ জান্তি হাজৰিকা, বিমল বৰা আৰু সাংসদ প্ৰদান বৰুৱাই নামনি মাজুলীৰে অন্য এটা খহনীয়া আক্ৰান্ত অঞ্চল চামগুৰিৰ পৰিস্থিতিৰ বুজ লয়। উক্ত অঞ্চলটোৰ সুৰক্ষা কাৰ্যত নিয়োজিত ব্ৰহ্মপুত্ৰ বৰ্ডৰ কামকাজত অসন্তুষ্ট স্থানীয় ৰাইজে বৰ্ডৰ বিৰূদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰে। ইয়াৰ পিছত সোণোৱাল সহ মন্ত্ৰী, সাংসদৰ দলটো কমলাবাৰী ফেৰীঘাটৰ পৰা ফেৰীৰে মাজুলীৰ অন্যতম খহনীয়াগ্ৰস্ত এলেকা ভকতচাপৰিৰ চামগুৰি আৰু গৰুখূটিৰ খহনীয়া নাৱেৰে প্ৰত্যক্ষ কৰি ফেৰীৰ পৰাই স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰে। ভকতচাপৰিৰ ৰাইজে অঞ্চলটোৰ যাতায়াতৰ উন্নয়ন আজিকোপতি নোহোৱাত ক্ষোভ প্রকাশ কৰে। বিশেষকৈ ভকতচাপৰি সংযোগী একমাত্ৰ পথটো আজি পৰ্যন্ত হৈ নুঠাত তীব্ৰ অসন্তোষ প্ৰকাশ কৰে। ৰাইজক আশ্বাস প্ৰদান কৰি মন্ত্ৰী বিমল বৰাই কয় পথটো নিৰ্মাণৰ বাবে ইতিমধ্যে সকলো কাৰ্যব্যৱস্থা হাতত লোৱা হৈছে। শীঘ্ৰেই পথটোৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰা হ’ব বুলিও প্ৰকাশ কৰে। ইয়াৰ পিছত দলটো উজনি মাজুলীৰ অফলামুখ, দক্ষিণপাট, শালমৰা আদি অঞ্চল ভ্ৰমণ কৰি মথাউৰিৰ লগতে খহনীয়াগ্ৰস্ত এলেকা সমূহৰো বুজ লয়।  ইয়াৰ পিছত বনৰীয়া চাপৰিত নিৰ্মাণৰত এপিডিচিএলৰ সৌৰশক্তি প্ৰকল্প অগ্ৰগতিৰ বুজ লয়। বিয়লিলৈ জলসম্পদ মন্ত্ৰী পিয়ুষ জান্তি হাজৰিকা ঢকুৱাখনা হৈ মাজুলীৰ পৰা ৰাওনা হয়। বিয়লি প্ৰাক্তন মুুুুখ্যমন্ত্ৰী তথা বিধায়ক সোণোৱালে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্তৰ  লগতে বিভিন্ন   বিভাগৰ বিষয়াবৰ্গৰে এক পৰ্যালোচনা বৈঠকত মিলিত হ’ব ৷   সৰ্বানন্দ সোণোৱাল আৰু শক্তি মন্ত্ৰী বিমল বৰাই আজি মাজুলীতে নিশা কটাই কাইলৈ পুৱা মাজুলীৰ পৰা ৰাওনা হ’ব।

মুকালমুৱাৰ আৰক্ষীৰ জালত যুৱতী অপহৰণকাৰী৷অপহৃত যুৱতীৰ সন্ধানত আৰক্ষীৰ মাৰাথান অনুসন্ধান৷

নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত বাকৰিকুছি গাঁৱৰ এগৰাকী ২৫ বছৰীয়া যুৱতীক অপহৰণ কৰি আৰক্ষীৰ জালত পৰিছে এটা অপহৰণকাৰী ৷ ঘটনাৰ বিৱৰীমতে বাকৰিকুছি গাঁৱৰ ২৫ বছৰীয়া এগৰাকী যুৱতীক একেখন গাঁৱৰে কাদেৰ আলী (২৮) নামৰ লম্পট যুৱকজনে নিজ গাঁৱৰ পৰা অপহৰণ কৰি লৈ যায় ৷ ঘটনা সংক্ৰান্তত পৰিয়ালৰ লোকে মুকালমুৱা আৰক্ষীৰ কাষ চাপি এজাহাৰ দাখিল কৰে ৷ মুকালমুৱা আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান চলাই যুৱতী গৰাকীক অপহৰণ কৰা অন্যতম অভিযুক্ত কাদেৰ আলীক আটক কৰিবলৈ সক্ষম হয় ৷ কালি নিশা মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটিয়ে কাদেৰ আলীক বাকৰিকুছিৰ নিজ গৃহৰ পৰা আটক কৰি সোধ-পোচ অব্যাহত ৰাখিছে ৷ কাদেৰ আলীক আটক কৰি আৰক্ষীয়ে মাৰাথান জেৰা চলোৱাত অপহৰণকাণ্ডত আন কে’বাজনো যুৱক জড়িত থকাৰ বিস্ফোৰক চিকাৰোক্তি প্ৰদান কৰে ৷ অদ্যপি অপহৃত যুৱতীগৰাকীৰ সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে ৷  অপহৰণকাণ্ডটোত জড়িত থকা আন যুৱক কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হলেই আৰক্ষীয়ে যুৱতী গৰাকীৰ সন্ধান লাভ কৰিব বুলি আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাই সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে ৷ ইপিনে ঘটনা সংক্ৰান্তত মুকালমুৱা আৰক্ষী থানাত ২৫১/২১ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৩৬৫ ধাৰাত গোচৰ ৰুজু কৰি ধৃত কাদেৰ আলীক নলবাৰী আদালতত হাজিৰ কৰোৱাত আদালতে ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে ৷ অন্যহাতে অপহৰণকাণ্ডত জড়িত আন কেইজন আৰু অপহৃত যুৱতী গৰাকীক বিচাৰি আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ৷

দৰং আৰক্ষীৰ আন এক সাফল্য ।নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে দৰং আৰক্ষীৰ অভিযান

নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে দৰং আৰক্ষীৰ অভিযান।জিলাখনৰ সকলো  আৰক্ষীয়ে  অবৈধ ড্ৰাগছ, ভাং আদি নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে তৎপৰতাৰে অভিযান অব্যাহত ৰাখিছে। সমান্তৰালকৈ যোৱানিশা দৰং জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে সদৰ উপ আৰক্ষী অধীক্ষক মামনি হাজৰিকাৰ নেতৃত্বত আৰু ধূলা আৰক্ষী থানাৰ উপ পৰিদৰ্শক বিকাশ সিঙৰ সহযোগত আৰক্ষীৰ দল এটাই এক অভিযান চলাই। অভিযানত জিলাখনৰ ধুলা থানাৰ অন্তৰ্গত খাটনীয়াপাৰা গাঁৱৰ মহম্মদ আলি নামৰ ব্যক্তি এজনৰ ঘৰত তালাচী চলায়। অভিযানকৰী দলটোৱে উক্ত তালাচী ঘৰৰ পৰা তিনিটা টোপোলাত সৰ্বমুঠ ৪.৫ কিলোগ্ৰাম ওজনৰ নিষিদ্ধ ভাং জব্দ কৰাৰ লগতে মহম্মদ আলীক গ্ৰেপ্তাৰ কৰে। ধূলা আৰক্ষীয়ে এই সন্দৰ্ভত ধুলা আৰক্ষী থানাৰ ১৪৮/২১ নম্বৰত NDPS  20(b) (ii) (B) ধাৰাত এক গোচৰ ৰুজু কৰি অভিযুক্ত মহম্মদআলীক আজি মঙলদৈ জেল হাজতলৈ প্ৰেৰণ কৰে।

দুলীয়াজান-ডিগবৈত ড্ৰাগছ-গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান: বিলাসী বাহন,নগদ ধনসহ বৃহৎ পৰিমাণৰ ড্ৰাগছ-গাঞ্জা জব্দ মহিলাসহ পাঁচগৰাকীক ৰঙাঘৰলৈ

 দুলীয়াজান আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ হি’ৰইন আৰু গাঞ্জা জব্দ কৰাৰ লগতে এগৰাকী মহিলাসহ পাঁচ জনক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় । প্ৰাপ্ত খবৰ অনুসৰি দুলীয়াজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপজ্যোতি দত্ত আৰু উপ-পৰিদৰ্শক আভাজ্যোতি ৰাভাৰ নেতৃত্বত যোৱা এটি আৰক্ষীদলে এক গোপন সূত্ৰৰ পম খেদি দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ আবাসিক অঞ্চলৰ এ টাইপ ৮৫৮ নম্বৰ আবাসগৃহৰ ৰাজেন বাল্মীকিৰ পুত্ৰ চাহিল বাল্মীকি(২৩)ক আটক কৰে । ধৃত চাহিলৰ কৱলৰ পৰা আৰক্ষীয়ে হি’ৰইনৰ লগতে এম এল ১০ বি ৮১০৪ নম্বৰৰ এখন বিলাসী বাহন জব্দ কৰিবলৈ সক্ষম হয় । পিচত ধৃত চাহিলে আৰক্ষীক জেৰাত দিয়া স্বীকাৰোক্তি অনুসৰি দুলীয়াজানৰ ডিৰিয়াল চাহ বাগিচাৰ গজালবস্তি অঞ্চলৰ নাগেশ্বৰ গড়ৰ পুত্ৰ বিজু গড়(২৪)ক আটক কৰিবলৈ সক্ষম হয় । ইফালে মংগলবাৰে দুলীয়াজান আৰক্ষীৰ অভিযানকাৰী দলটোৱে তিনিচুকীয়া জিলাৰ ডিগবৈ আৰক্ষীৰ সহযোগত ডিগবৈ চহৰৰ মাজমজিয়াৰ চাৰিআলি অঞ্চলত অভিযান চলাই বৃহৎ পৰিমাণৰ হি’ৰইন আৰু গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় । লগতে অভিযানকাৰী দলটোৱে এই অবৈধ ব্যৱসায়ৰ লগত জড়িত ডিগবৈ চাৰিআলিৰ প্ৰয়াত ইনুজ আলিৰ পত্নী চাইৰা বেগম(৫০), উক্ত অঞ্চলৰে পুচকি আলি(১৯) আৰু ডিগবৈ ইটাভাটা অঞ্চলৰ হৰেশ্বৰ বৰাৰ পুত্ৰ শান্তনু বৰা(২৪)ক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় । দীৰ্ঘদিনৰ পৰা ধৃত চাইৰা বেগম নামৰ মহিলাগৰাকীয়ে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল । আৰক্ষীয়ে ঘটনা সৰ্ন্দভত দুলীয়াজান আৰক্ষী থানাত ২৬২/২০২১ নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । ইফালে আৰক্ষীয়ে উক্ত গোচৰৰ ভিত্তিত দুলীয়াজানৰ চাহিল বাল্মীকি আৰু বিজু গড়ক কালি ডিব্ৰুগড় কাৰাগাৰলৈ নিক্ষেপ কৰে । তদুপৰি দুলীয়াজান আৰক্ষীয়ে ধৃত চাইৰা বেগম, পুচকি আলি আৰু শান্তনু বৰাক উক্ত গোচৰৰ ভিত্তিত আজি ডিব্ৰুগড়স্থিত কাৰাগাৰলৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে ধৃত দলটোৰ কৱলৰ পৰা ১৪.৪৬ গ্ৰাম হি’ৰইন,২৫.১২ কিলোগ্ৰাম গাঞ্জা,এম এল ১০ বি ৮১০৪ নম্বৰৰ এখন বিলাসী গাড়ী, চাৰিটা ম’বাইল, নগদ ১ লাখ ৮৮ হেজাৰ টকা, কেইবাটাও বটল, ড্ৰাগছ সেৱন কৰা সময়ত প্ৰয়োজনীয় কেতবোৰ আপত্তিজনক সা-সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় । জব্দ কৰা সামগ্ৰী সমূহৰ মূল্য প্ৰায় পাঁচ লাখ টকা হ’ব বুলিও আৰক্ষী সূত্ৰই জানিবলৈ দিছে ।

বিধায়ক ৰূপজ্যোতি কুৰ্মীক উদ্দেশ্যি গুলীবৰ্ষণ নগাৰ

বিধায়ক ৰূপজ্যোতি কুৰ্মীক উদ্দেশ্যি গুলীবৰ্ষণ নগা লোকৰ। কথমপি প্ৰাণৰক্ষা বিধায়কগৰাকীৰ। মৰিয়নিৰ দিচৈ বনাঞ্চলত হোৱা নগা লোকৰ বেদখল পৰিদৰ্শন কৰিবলৈ গৈছিল বিধায়কগৰাকী। লগত বন বিভাগ আৰু সাংবাদিকৰ এটা দলো আছিল। হাতে হাতে বন্দুক লৈ ওলাই আহে নগা লোকসকল। অঞ্চলটোত এতিয়াও অব্যাহত আছে চাঞ্চল্য।উল্লেখ্য, নিউ সোণোৱাল খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত তথা নিউ সোণোৱাল সীমান্ত নিৰীক্ষণ চকী (বি অ’ পি) আৰু খেৰেমীয়া সীমান্ত নিৰীক্ষণ চকীৰ মাজৰ নামনি বনগাঁও আৰু ভৱানীপুৰ গাঁৱৰ কাষতে লাগি থকা দিচৈ ভেলী বনাঞ্চলত নগাই কেইবাহেক্টৰ বনভূমি ধ্বংস কৰি এখন নতুন গাঁও স্থাপন কৰিছিল। ইয়াৰ বাবে বিধায়ক কুৰ্মীয়ে উক্ত বেদখল প্ৰত্যক্ষ কৰিবলৈ যাওঁতে নগাই গুলীচালনা কৰে কুৰ্মীক।

যৌন নিৰ্যাতনৰ বলি হোৱা যুৱতীগৰাকী সচাকৈ নগা যুৱতী হয়নে? ভিডিঅ’ত দেখা যুৱককেইজন কোন? সৱিশেষ চাওক।

যৌন নিৰ্যাতনৰ বলি হোৱা যুৱতীগৰাকী সচাকৈ নগা যুৱতী হয়নে? ভিডিঅ’ত দেখা যুৱককেইজন কোন? সৱিশেষ চাওক।

ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ অধিবক্তা, কৰ্মচাৰীৰ দুৰ্দশা

লকডাউনৰ ফলত সমাজৰ বিভিন্ন ক্ষেত্ৰত নিয়োজিত ব্যক্তিসকলৰ লগতে   ব্যপকভাৱে প্ৰভাবিত হৈছে অসমৰ ন্যায় ব্যৱস্থাৰ লগত জড়িত ব্যক্তিসকলো।আজি ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ অধিবক্তা তথা কৰ্মচাৰীসকলে সংবাদমাধ্যমৰ আগত তেওঁলোকে লকডাউনৰ ফলত হোৱা দুৰ্দশাৰ বিষয়ে অৱগত কৰে । উল্লেখযোগ্য যে যোৱাবছৰো আদালতৰ কামকাজ বন্ধহৈ এইসকল অধিবক্তা বিশেষভাবে সমস্যৰ সন্মুখিন হৈছিল আৰু এইবাৰো প্ৰায় এমাহধৰি ৰঙিয়া আদালতত নিয়োজীত হৈ থকা দুইশতাধিক অধিবক্তা তথা ইয়াৰ লগত জড়িত তৰণী আৰু ষ্টেম্প ভেণ্ডৰসমূহ  আদালতৰ কামকাজ বন্ধ হৈ থকাৰ ফলত তেওঁলোক যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বুলি প্ৰকাশ কৰি চৰকাৰে এইক্ষেত্ৰত আৰ্থিক সাহাৰ্য্যৰ ব্যৱস্থা কৰাৰ আহ্বান জনাই ।এইক্ষেত্ৰত কনিষ্ঠ অধিবক্তা সকল  বিশেষভাবে সমস্যত পৰা বুলিও উল্লেখ কৰে ৰঙিয়া উকিল সন্থাৰ সদস্য অধিবক্তা অচ্যুত কলিতাই । ইয়াৰোপৰী অধিবক্তা সকলৰ বাবে চৰকাৰৰ ফালৰ পৰা পৰ্যাপ্ত ভেকচীন প্ৰদান কৰা নাই বুলিও অভিযোগ কৰি কয় যে দুশৰো অধিক অধিবক্তাৰ বিপৰীতে মাত্ৰ ২৫ জন অধিবক্তাক সেয়াও আমিনগাওঁস্থিত জিলা দণ্ডাধীশৰ আদালত চৌহদত প্ৰদান কৰিয়েই দায়িত্ব সামৰিছে । অতিশীঘ্ৰেই ৰঙিয়া উকিল সন্থাৰ প্ৰতিজন অধিবক্তাৰ বাবে ভেকচিনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই অধিবক্তা চৈয়দ মোস্তাফা আহমেদে ।