Home Blog Page 3038

নগাঁৱলৈ দেশৰ গৃহমন্ত্ৰী অমৃত শ্বাহ

২৫ ফেব্ৰুৱাৰীত অসমলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমৃত শ্বাহ ।দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা বিশ্বৰ ভিতৰতে  সৰ্ববৃহৎ লিংগাকাৰ ১২৬ ফুট উচ্চতাৰ মহামৃত্যুঞ্জয় মন্দিৰত আকাশমাৰ্গেৰে আহি উপস্থিত হ’ব দেশৰ গৃহমন্ত্ৰী অমৃত শ্বাহ ।

২০০৪ চনৰ পৰায়ে বাবা ভূগুগিৰি মহাৰাজৰ অধ্যক্ষতাত নগাঁৱৰ ভেৰভেৰী নৰসিংহ ক্ষেত্ৰত নিৰ্মাণ কাৰ্য চলি আছিল ১২৬ ফুট উচ্চতাৰ মন্দিৰৰ । এই বৰ্ষৰ ২২ ফেব্ৰুৱাৰী পৰা স্থিৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পাছতেই মাঘী পূৰ্ণিমা অৰ্থাৎ অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব ১০৮ কুণ্ডৰ মহামৃত্যুঞ্জয় যজ্ঞ ।

লগতে গৃহমন্ত্ৰী অমৃত শ্বাসৰ আগমনৰ বাৰ্তা পাই এতিয়া মন্দিৰ কতৃপৰ্ক্ষই দিনে-নিশাই প্ৰস্তুতি অব্যাহত ৰাখিছে । নিৰ্মাণ কৰা হৈছে হেলিপেড ।

সজাই-পৰাই তোলা হৈছে মন্দিৰৰ চৌপাশ । মন্দিৰ কতৃপৰ্ক্ষৰ সমান্তৰালভাৱে দেশৰ গৃহমন্ত্ৰীৰ আগমনৰ বাবে এতিয়া ব্যস্ত হৈ পৰিছে প্ৰশাসনো । আজি সমগ্ৰ প্ৰস্তুতিৰ বুজ লবৰ বাবে উপস্থিত হ’ব অসম চৰকাৰৰ বিত্ত,স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

টীয়ক সমষ্টিৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টী প্ৰাৰ্থীত্ব দাবী

আগন্তক বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে টীয়ক বিধান সভা সমষ্টিত প্ৰাৰ্থীত্ব কেন্দ্ৰীক শীতল যুঁজ আৰম্ভ হৈছে ।বিশেষকৈ মিত্ৰজোঁটৰ ক্ষেত্ৰত সমষ্টিটো এইবাৰ বিজেপি দলটোক অগ্ৰাধিকাৰ দিবলৈ বাৰম্বাৰ দাবী জনাই অহা কথা ইতিমধ্য বাতৰি কাকতত সবিস্তাৰে প্ৰকাশ পাইছে ।কিয়নো বিগত সময়চোৱাত অগপ আমোলত থকা সমষ্টিটো বহুতো উন্নয়নৰ কামৰ বেলিকা স্বজনতোষনৰ লগতে কেতবোৰ অনিয়মৰ কথা পোহৰলৈ অহাত অধিকাংশ ৰাইজে ক্ষোভিত হৈ আছে ।এনে পৰিপ্ৰেক্ষিতত অগপ দলক টীকট দিলে বিজয় হোৱাৰ সম্ভৱনা কঠিন অন্যহাতে  টীয়কত  ১৫ বছৰ কংগ্ৰেছ দলটো শাসনত থাকি কেৱল উন্নয়নৰ নামত দুৰ্নীতি ভ্ৰষ্টাচাৰত লিপ্ত হৈ সমষ্টিটোক বহুতো দিশত পিছ পেলাই যোৱাত সমষ্টিত পুনৰ কংগ্ৰেছৰ দখললৈ অহাটো ৰাইজে বিছৰা নাই ।ইতিমধ্যে ৰাইজৰ দল অথবা অসম জাতীয় পৰিষদ দলৰ বৰ্তমানলৈকে টীয়কত সাংগঠনিক দিশটো মুষ্ঠিমেয় কেইজন মান লোকৰ লগতে দুই এটা জাতীয় সংগঠনৰ মাজতে আৱদ্ধ থকাৰ বিপৰীতে প্ৰায়েই শূণ্য বুলিব পাৰি । সেয়ে টীয়কত মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে বিজেপি দলটোক  প্ৰক্ষেপ কৰাৰ লগতে সৰ্বসন্মত  নেতা হিচাপে যদুনাথ বুঢ়াগোহাঁই  অসীম বৰুৱা,জিতু হাজৰিকা, অমৰ শইকীয়াক স্থানীয় হিচাপে কোনো এজনক প্ৰাৰ্থীত্ব দিবলৈ ৰাইজে উৰ্ধত্তম কৰ্তৃপক্ষক দাবী জনাইছে বুলি জানিব পৰা গৈছে ।সম্প্ৰতি টীয়কত ১৯খন গাঁও পঞ্চায়তত দলীয় কাম কাজ তথা সাংগঠনিক দিশটো অধিক মজবুত কৰি ৰখাত বিজেপি দলটোক এক গতিশীল কৰাত স্থানীয় নেতা কেইজনৰ অৱদান অনস্বীকাৰ্য যদিও একাংশ সমষ্টিটোত কোনো কালে ৰাইজৰ ওচৰত গৈ নোপোৱা ব্যক্তিও টীকট দাবীদাৰ হোৱাত সমালোচিত হ’ব লগা হৈছে ।অলপতে সমষ্টিত বিজেপি দলে কৰা পৰ্যৱেশনৰ লগতে ৰাইজৰ মতামত গ্ৰহণ কৰি শীঘ্ৰে দলৰ স্থানীয় প্ৰাৰ্থীত্ব  টীয়কৰ ৰাইজে আশাৰে বাট চাইছে ।

১ নং মৰিটুনী গাঁৱৰ উদ্যোগত আলি -আ:য়ে -লৃগাং উদ্‌যাপন

 আলি আ:য়ে লৃগাং মিচিং সকলৰ উৎসৱেই নহয় ই এক মিচিং জনজীৱনৰ প্ৰাণৰ স্পন্দন | মাজুলীৰ বিভিন্ন ঠাইত আলি আ:য়ে লৃগাং উদ্‌যাপন হোৱাৰ লগতে ১ নং মৰিটুনী গাঁৱৰ উদ্যোগত আজি ১৭ ফেব্ৰুৱাৰীত  মধ্য মাজুলী জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত দিনজোৰা কাৰ্য্যসূচীৰে আলি আ:য়ে লৃগাং উদ্‌যাপন কৰা হয় | পুৱা ৭:০০ বজাত মধ্য মাজুলী জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জয়ন্ত ৰেগনে গছপুলি ৰোপণ কৰাৰ পিছতেই ধান সিঁচা শুভাৰম্ভ কৰে উদ্‌যাপন সমিতিৰ সভাপতি প্ৰদীপ পায়েং আৰু সহযোগিতা আগবঢ়াই বক্সিৰাম ৰেগন, ৰাজু ৰেগন আৰু বীৰেণ ৰেগনে ৷ পুৱা ৯:০০ বজাত সামূহিক গুমৰাগ নৃত্য প্ৰদৰ্শন কৰা হয় ৷ পুৱা ১০:৩০  বজাত মাজুলী ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে দুপৰীয়া ১২:০০ বজাৰ পৰা মাজুলী ভিত্তিত মিচিং একক নৃত্য, মিচিং ঐ নি:তম,  মিচিং সাজপাৰ , সৌন্দৰ্য প্ৰতিযোগিতা আয়োজন কৰা অনুষ্ঠানত সঞ্চলনা কৰে মাজুলী জিলা সাহিত্য সভাৰ সম্পাদক মনোজ্যোতি ৰেগনে ৷ উদ্‌যাপন সমিতিৰ সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি ৰেগনে আঁত ধৰা অনুস্থানত প্ৰতিযোগিতাসমূহৰ শুভ উদ্বোধন কৰে মধ্য মাজুলী জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জয়ন্ত ৰেগনে ৷ প্ৰতিযোগিতাসমূহৰ ফলাফল ক্ৰমে-চিত্ৰাংকন নিম্ন শাখাৰ প্ৰথম বিপুল ৰেগন, দ্বিতীয় নীলকান্ত ৰেগন, তৃতীয় কৃষ্ণকান্ত পায়েং আৰু উচ্চ শাখাৰ প্ৰথম কৃষ্ণকান্ত ৰেগন, দ্বিতীয় ৰাজকুমাৰ ৰেগন, তৃতীয় আকাশ পায়েং , মিচিং সাজপাৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ মহিলাৰ শাখাত প্ৰথম মৌচমী নৰহ , দ্বিতীয় কৃষ্ণা পামে গাম,তৃতীয় ময়ুৰী গাম, পুৰুষৰ শাখাত প্ৰথম অপূৰ্ব ৰেগন,  দ্বিতীয় নৃপেন পায়েং, তৃতীয় বুধিন্দ্ৰ ৰেগন, মিচিং আধুনিক একক নৃত্য প্ৰতিযোগিতাৰ প্ৰথম কৃষ্ণা পামে গাম, দ্বিতীয় বহাগী ৰেগন, তৃতীয় কল্পনা ৰেগন, ঐ নি:তম প্ৰতিযোগিতাৰ প্ৰথম মৌচমী নৰহ, দ্বিতীয় ৰূপজ্যোতি ৰেগন, তৃতীয় দিপাঞ্জলী পায়ে আৰু প্ৰদীপ পায়েঙে স্থান লাভ কৰে ৷ আবেলি ৪:৩০ বজাত অনুস্থিত হোৱা বঁটা বিতৰণি সভাত উপস্থিত থাকে ক্ৰমে – উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰশান্ত কুমাৰ ৰেগন,যুটীয়া  সম্পাদক মানস ৰেগন আৰু বাবু ৰেগন, দাতা- বিপুল পায়েং, মনোজ ৰেগন,  প্ৰণয়ন ৰেগন, মুহিধৰ পায়েং, জয়ৰাম ৰেগন, ৰাজেশ পায়েং, বুবু ৰেগন ,শৰত ৰেগন, লক্ষজিৎ ৰেগন, পবিত্ৰ পায়েং প্ৰমুখ্যে বহুকেইজন ব্যক্তিয়ে উপস্থিত থাকে ৷ প্ৰতিযোগিতাসমূহৰ বিচাৰক হিচাপে উপস্থিত থাকে অংকিত বাল্মিকী, দিব্যজ্যোতি পাহাদী, অদিতি বৰুৱা, ময়ুৰী কামান, বুবু ৰেগনে  ৷ উদ্‌যাপন সমিতিৰ সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি ৰেগনে শলাগৰ শৰাই আগবঢ়োৱাৰ পিছতে সভাপতি প্ৰদীপ পায়েঙে মন্তব্য প্ৰদান কৰি সভা সমাপ্ত হোৱা ঘোষণা কৰে |

অসমত প্ৰথমটো বিদ্যুৎ চালিত ৰেল ইঞ্জিনৰ বঙাইগাঁও ৰে’ল ষ্টেচনৰ পৰা সৰুপেটালৈ পৰীক্ষা মূলক যাত্ৰা

অসমৰ ইতিহাসত আজি সৃষ্টি হ’ল এক নতুন অধ্যায়ৰ ৷ অসমৰ প্ৰথমটো বিদ্যুৎ চালিত ৰে’ল ইঞ্জিন চলিল বঙাইগাঁৱৰ পৰা ৷ বঙাইগাঁও ৰে’ল ষ্টেচনৰ পৰা সৰুপেটা ৰে’ল ষ্টেচনলৈ পৰীক্ষা মূলকভাবে যাত্ৰা কৰিলে অসমৰ প্ৰথমটো বিদ্যুৎ চালিত ৰে’লৰ ইঞ্জিনে ৷ এই বিদ্যুৎ চালিত  ৰে’ল ইঞ্জিনৰ যাত্ৰাৰ নাৰিকল ভাঙি শুভাৰম্ভ কৰে উত্তৰ পূৱ সীমান্ত ৰে’লৱে বিকাশ নিগম লিমিটেডৰ মুখ্য প্ৰকল্প প্ৰৱন্ধক গৌতম ৰায়ে ৷

জানিব পৰা মতে ২০১৬ চনত অসমত প্ৰথম বিদ্যুৎ চালিত ৰে’ল চলাচলৰ বাবে ৰে’ল পথত বিদ্যুতিকৰণৰ কাম আৰম্ভ হয় ৷ তৎকালীন মুখ্য প্ৰকল্প প্ৰৱন্ধক চিটু সিং হাজঙৰ তত্ত্বাৱধানত আৰম্ভ হোৱা এই কাম বঙাইগাঁও ৰে’ল ষ্টেচনৰ পৰা গুৱাহাটীলৈকে সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে ৷ যাৰ বাবে আজি এই পৰীক্ষা মূলক যাত্ৰা আৰম্ভ কৰা হয় ৷ উল্লেখ্য যে কাইলৈ একেটা ৰে’ল ইঞ্জিনক বঙাইগাঁৱৰ পৰা ৰঙিয়া লৈকে পুনৰ পৰীক্ষা মূলক ভাবে চলোৱা হ’ব আৰু পৰহি অৰ্থাৎ ২০ ফেব্ৰুৱাৰীত এই ৰে’ল ইঞ্জিনটো পৰীক্ষা মূলক ভাবে  চলোৱা হ’ব বঙাইগাঁও আৰু গুৱাহাটীৰ মাজত ৷ ২৬ ফেব্ৰুৱাৰীত ৰে’লৱে চেফটি কমিচনৰ তত্বাৱধানত ডবা সংযোগ কৰি বঙাইগাঁও ৰে’ল ষ্টেচনৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিব এই বিদ্যুৎ চালিত ৰে’লখনে ৷ এই পৰীক্ষা মূলক যাত্ৰা সফল হলে অহা মাহৰ পৰা কিছু যাত্ৰীবাহী ৰে’ল ইন্ধনৰ পৰিৱৰ্তে বিদ্যুৎ সংযোগৰে চলোৱাৰ সম্ভাৱনা থকা বুলি ৰে’ল বিভাগৰ এই কামৰ দায়িত্ব লাভ কৰা বিকাশ ইলেক্ট্ৰিক নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী উমেশ  সৰকাৰে জানিবলৈ দিছে ৷ আজিৰ এই পৰীক্ষা মূলক যাত্ৰা আৰম্ভ হয় ল’কো পাইলট মেঘনাথ ব্ৰহ্মৰ নেতৃত্বত ৷ লগতে উপস্থিত থাকে সহকাৰী ল’কো পাইলট শুভ্ৰদ্বীপ পাল ৷  উল্লেখ্য যে বঙাইগাঁৱৰ পৰা প্ৰথমটো বিদ্যুৎ চালিত ৰে’ল ইঞ্জিনৰ যাত্ৰা কৰা কাৰ্যই বঙাইগাঁও বাসী ৰাইজৰ মাজত উৎসুকতাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ ৰে’লৱে বিকাশ নিগম লিমিটেডৰ মুখ্য প্ৰকল্প প্ৰৱন্ধক গৌতম ৰায়ে সংবাদ মাধ্যমৰ আগত কয় যে বিদ্যুতিক ৰে’লৰ চলাচল আৰম্ভ হলে গুৱাহাটীলৈ যাবলৈ সময় কিছু কম লগাৰ লগতে যাত্ৰা আৰামদায়ক হ’ব ৷ লগতে প্ৰদূষণ কম হোৱাৰ লগতে ইন্ধন ব্যয় কমি যাব ৷ ফলত ভাৰতীয় ৰে’ল লাভাম্বিত হ’ব ৷ 

নগাঁও সমষ্টিত কেইবাটাও পথ আৰু অনুষ্ঠানৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ

নগাঁও সদৰ সমষ্টিত সৰ্বদিশৰ উন্নয়নৰ ধাৰা অক্ষুন্ন ৰাখি আজি নগাঁও পৌৰসভা এলেকা আৰু  গাঁও পঞ্চায়তৰ ৮ টাকৈ পথৰ শুভ উদ্ধোধন কৰাৰ লগতে কেইবাটাও সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানৰ আন্ত:গাঠনি উন্নয়নৰ কামৰ শুভাৰম্ভ কৰে বিধায়ক ৰূপক শৰ্মাই।আজি উন্নয়ন মূলক কাম সমূহৰ আধাৰশিলা স্থাপন কৰি বিধায়ক ৰূপক শৰ্মাই কয় যে,জনসাধাৰণৰ কল্যাণৰ হৈ কাম কৰা অদম্য সপোন মনত পুহি ৰাখিছো।এই সপোনক বাস্তৱ ৰূপ দিয়াৰ উদ্দেশ্যেই নগাঁও সদৰ বিধানসভা সমষ্টিত ধাৰাবাহিক ভাবে উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ প্ৰয়াস কৰি আহিছো।সদৰ সমষ্টিক ৰাজ্যখনৰ এটি লেখতলবলীয়া সমষ্টি হিচাপে গঢ়ি তুলিবৰ বাবে অহৰহ চেষ্টা কৰি আহিছো।আশাকৰিছো পথ আৰু অনুষ্ঠান সমূহৰ উন্নয়নে সমষ্টিবাসী ৰাইজক যথেষ্ঠ উপকৃত কৰিব।আজি কামৰ শুভাৰম্ভ কৰা নগাঁও পৌৰসভা এলেকাৰ পথ সমূহ ক্ৰমে:মৰিগাঁও বাছ আস্থানৰ সমীপৰ হয়বৰগাঁও বজাৰ পথ,ডাকোৱালগাঁও উপপথ(মহলা ৬),ভগীৰথ বৰদলৈ পথ( মহলা ৬),লাচিত পথ( মহলা ১৯)।ইয়াৰোপৰি সমষ্টিটোৰ কেইবাটাও পঞ্চায়তত ৰাজ্যৰ স্ব-শিতানৰ অগ্ৰাধিকাৰ দাবী অনুমোদিত(SOPD) আঁচনিৰ জৰিয়তে নিৰ্মাণ হবলগীয়া কেইবাটাও পথৰ কামৰো আজি শুভৰাম্ভ কৰা হয়। পথ সমূহ ক্ৰমে:ঢেপাজান কোটায়নি গাঁওৰ পৰা ডাকৰঘাট পঞ্চায়তৰ তেতেলীতললৈকে,হাতীপাৰা সিং গাঁও পথ,নগাও দক্ষিণপাট কামপুৰ সংযোগী পথৰ পৰা বেচামাৰী হৈ ননৈ দক্ষিণপাট পথ,ঘূৰীয়া গাঁও হৈ বৰপানীগাঁওৰ পৰা কাটনীগাঁও পথ।ইয়াৰ লগতে আজি অসম চৰকাৰৰ আছুতীয়া পূঁজিৰ দ্বাৰা আন্তঃগাঠনি উন্নয়ন হবলগীয়া সামাজিক আৰু ধৰ্মীয় অনুষ্ঠান ক্ৰমে নগাঁও নাট্য সমিতি, আমোলাপট্টি পূজা সমিতি আৰু শিৱস্থান শিৱমন্দিৰৰ কামৰ শুভাৰম্ভ কৰে বিধায়ক ৰূপক শৰ্মাই।

চৰাইদেউ ঔ গুৰি শ্যাম গাওঁৰ বৌদ্ধ বিহাৰৰ শতবৰ্ষ সমাৰোহৰ সামৰণি অনুষ্ঠানৰ ব্যাপক প্ৰস্তুতি

ঐতিহাসিক  চৰাইদেউ জিলাৰ ঔ গুৰি শ্যাম গাওঁত  ১৯২০ চনতে   প্ৰতিষ্ঠা হোৱা  বৌদ্ধ বিহাৰ খনে ২০২০ চনত  ১০০ বছৰ  সম্পূৰ্ণ কৰিলে । সেয়ে  সমূহ ঔ গুৰি শ্যাম গাঁওবাসীৰ  উদ্যোগত বৌদ্ধ বিহাৰ শতবৰ্ষ সমাৰোহৰ সামৰণি অনুষ্ঠানটি অতি ধুম ধামেৰে  অহা ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত   দুদিনীয়া কাৰ্যসূচীৰে  অনুষ্ঠিত কৰিবলৈ ঔ গুৰি শ্যাম গাৱঁৰ ৰাইজে ব্যাপক প্ৰস্তুতি চলাইছে । সামৰণি সমাৰোহৰ  কাৰ্যসূচী অনুসৰি  পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব  ঔ গুৰি শ্যাম গাঁওৰ  বিহাৰাধক্ষ্য  সুভিতা ভিক্ষুয়েআবেলি ১ বজাত ৰাজহুৱা সভা ।সভাত  সদৌ অসম বৌদ্ধ মহাসভাৰ সভাপতি  ভদন্ত জ্ঞানপাল মহাথেৰ ,যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ ,সোনাৰী সমষ্টিৰ বিধায়িকা নৱনীতা  সন্দিকৈ, চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়া ,,চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাঙ্গ মিশ্ৰ , যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱব্ৰত শৰ্মা , গৱেষক বৌদ্ধ পণ্ডিত দূর্গেশ্বৰ ৰায় ,গড়গাঁও মহাবিদ্যালয়ৰ প্ৰৱক্তা ডঃ চন্দাদিত্য গগৈ ,আহোম ৰয়েল ছাইটিৰ সভাপতি কমলা ৰাজকোঁৱৰ আৰু কানু মধ্য ইংৰাজী বিদ্যালয়ৰ কৃৰ্তি শিক্ষক অৰুণ গগৈ উপস্থিত থাকিব ।সন্ধিয়া ৭ বজাত  মাইক চুংফাই আৰু  সাংস্কৃতিক অনুষ্ঠানটি শুভ উদ্বোধন কৰিব বিশিষ্ট সমাজ কৰ্মী উৎপল গগৈয়ে।২৭ ফেব্ৰুৱাৰী পুৱা ৪-৩০ বজাত মাইক চুংফাই প্ৰজ্বলন । ৯ বজাত খামছিং থমত্ৰা  আৰু সন্ধিয়া বিশ্ব শান্তিৰ অৰ্থে প্ৰাৰ্থনা কৰি অনুষ্ঠানটিৰ সামৰণি মাৰিব ।উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ উদযাপন সমিতিৰ হৈ সভাপতি গৌৰী ভদ্ৰ শ্যাম আৰু সম্পাদক প্ৰকাশ শ্যামে আহ্বান জনাইছে।

ৰূপালীজয়ন্তী বৰ্ষ গৰকা একটিং একাডেমী : ডিমৌৰ নাট্য যাত্ৰাত নাট্যশ্ৰী প্ৰশান্তজিৎ চেতিয়া

অসমৰ নাট্য জগতৰ সীমা অতিক্ৰম কৰি ৰাষ্ট্ৰীয় পয্যায়ত নাট্য প্ৰতিভাৰে অসম তথা শিৱসাগৰ জিলালৈ বিভিন্ন সময়ত বিভিন্ন ৰাষ্ট্ৰীয় সন্মান কঢ়িয়াই অনা ডিমৌ অঞ্চলৰ একমাত্ৰ ব্যতিক্রমী মনৰ ব্যক্তিজনেই হল প্ৰশান্তজিৎ চেতিয়া ৷ বহুকেইটা ৰাষ্ট্ৰীয় সন্মানেৰে বিভুষিত প্ৰশান্তজিৎ চেতিয়া একেধাৰে এগৰাকী নাট্য সংগঠক, নাট্যকাৰ, পৰিচালক আৰু সু-অভিনেতা ৷ ৮০ আৰু ৯০ দশকেত তেখেতৰ ৰচিত একাংকিকা নাট “ইতিহাসত তেজৰ চেকা”, “ফাচী”, “এজন নাট্যকাৰ সন্ধানত”, “বৃত্তৰ ভিতৰত আমি”, “নাটক কৰো আহক” আদিয়ে সেই সময়ত অসমত অনুষ্ঠিত হোৱা নাট প্ৰতিযোগিতা সমুহত বিপুল ভাৱে সমাদৰ লাভকৰিবলৈ সক্ষম হৈছিল ৷ নাটকৰ প্ৰতি দুৰন্ত নিচা থকাৰ বাবেই ১৯৯৫ চনত, গুৱাহাটীৰ অসম অভিনয় প্ৰতিষ্ঠানত আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা ইন্দ্ৰ বনিয়াদেৱৰ তত্ত্বাৱধানত নাট্য শিক্ষা গ্ৰহণ কৰি ডিমৌত নিজাববীয়াকৈ আৰম্ভ কৰে নাট্য শিক্ষাৰ প্ৰতিস্থান – একটিং একাডেমী: ডিমৌ ৷ এই প্ৰতিস্থানৰ উদ্যোগত প্ৰশান্তজিৎ চেতিয়াই ১৯৯৫ চনত আৰম্ভ কৰে অসমৰ নিৰ্বাচিত মুঠ ২০০ প্ৰশিক্ষাৰ্থীৰ সমাবেতৰে এক তিনিমহীয়া আৱাসিক নাট্য কৰ্মশালা ৷ এই কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে ইন্দ্ৰ বনিয়া দেৱ থকাৰ উপৰিও অন্যান্য প্ৰশিক্ষক হিচাপে অসমৰ বহু বৰেণ্য নাট্য কৰ্মীয়ে সহযোগ আগবঢ়াই ৷ সেই সকলৰ ভিতৰত অন্যতম আছিল নেত্ৰকাই খ্যাত অৰুন হাজৰিকা, খ্যাতনামা নাট্যকাৰ পৰিচালক দীপক ভুঞা, সুদক্ষ পৰিচালক পবিত্ৰ মহন ফুকন, বিশিষ্ট সংগীতজ্ঞ ড° অনিল শইকীয়া, অভিনেতা অসীম কৃষ্ণ বৰুৱা আদিয়ে ৷  সেই তিনিমহীয়া নাট্য কৰ্মশালাৰ অন্তত প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা ইন্দ্ৰ বনিয়া আৰু প্ৰশান্তজিৎ চেতিয়াৰ পৰিচালনাত সফলতাৰে মঞ্চস্থ কৰে পদ্মনাথ গোহাঞি বৰুৱাৰ টেটুন তামুলী আৰু ফনী শৰ্মাৰ ভোগজৰা ৷ সেয়াই আছিল আৰম্ভণি ৷ আজি একটিং একাডেমী ডিমৌৱে নিৰিবিচিন্ন নাট্য কৰ্মৰে সুদীৰ্ঘ ২৫ বছৰ অতিক্ৰম কৰি ৰূপালীজয়ন্তী বৰ্ষ অতিক্রম কৰিলে ৷ এই সুদীৰ্ঘ নাট্য যাত্ৰাত একটিং একাডেমীৰ সৌজন্যত প্ৰশান্তজিৎ চেতিয়াই উজনি অসমৰ বিভিন্ন প্ৰান্তত শতাধিক নাট্য প্ৰশিক্ষাৰ্থীক সমাবেত কৰি সমাপন কৰিলে বহু নাট্য কৰ্মশালাৰ ৷ তাৰ ভিতৰত নাহৰকটীয়া, ৰাজগড়, বকতা, পালেঙী, চেপন, গৌৰিসাগৰ হাতীঘুলী আদি অন্যতম ৷ তাৰোপৰি ডিমৌ অঞ্চলতো বহবাৰ নাট্যকৰ্মশালা সফলতাৰে আয়োজন কৰে ৷ এই নাট্য কৰ্মশালা সমুহত প্ৰশিক্ষকৰ দায়িত্বত প্ৰশান্তজিৎ চেতিয়াৰ ওপৰিও খ্যাতনামা অভিনেতা ইন্দ্ৰ বনিয়া, অৰুন হাজৰিকা, দীপক ভুঞা, ড° অনিল শইকীয়া, অসীম কৃষ্ণ বৰুৱা, ৰাজেন হাজৰিকা আদিয়ে সহযোগ আগবঢ়াই ৷ প্ৰতিটো কৰ্মশালাতেই অতি সফলতাৰে প্ৰশান্তজিৎ চেতিয়াৰ পৰিচালনাত টেটুন তামুলী আৰু ভোগজৰা সফল ভাৱে মঞ্চস্থ হয় ৷ ইয়াৰোপৰি একটিং একাডেমীৰ সৌজন্যত প্ৰশান্তজিৎ চেতিয়াই ডিমৌত আয়োজন কৰে  খ্যাতনামা শিল্পী দিলীপ শৰ্মা আৰু সুৰ্দশিনা শৰ্মাৰ পৰিচালনাত জোতি সংগীত কৰ্মশালা, আউনীআটী সত্ৰ আৰু অসম সত্ৰ মহাসভাৰ তত্ত্বাৱধানত বহুকেইটা সত্ৰীয়া নৃত্য আৰু বৰগীতৰ কৰ্মশালা, বিশিষ্ট বনগীতৰ শিল্পী হেম দত্তৰ পৰিচালনাত বনগীতৰ কৰ্মশালা , বহকেইটা শিশু নাটৰ কৰ্মশালা ৷ এই একটিং একাডেমীৰ তত্ত্বাৱধানতেই বিশিষ্ট লোক শিল্পী ওজা নিত্যা বৰুৱাৰ সহযোগত প্ৰশান্তজিৎ চেতিয়াই আজি ২০ বছৰ ধৰি অসমৰ বিভিন্ন খ্যাতিৱন্ত লোক শিল্পীক লৈ ডিমৌত আয়োজন কৰি আহিছে বিহু নাচ আৰু ঢোলবাদন কৰ্মশালা ৷ডিমৌৰ পৰা প্ৰথম বাৰৰ বাবে বহকেইখন টেলিফ্লিম, ভিডিঅ ফিল্ম নিৰ্মাণ কৰি তেখেতে স্ব প্ৰতিভাৰ পৰিচয় দি আহিছে ৷ গুৱাহাটী দুৰদৰ্শন কেন্দ্ৰৰ প্ৰথমখন মেগা চিৰিয়েল ককাদেউতাৰ হাড়ৰ কলা নিৰ্দেশনাৰ কামো টিও সফলতাৰে সমাপন কৰিছিল ৷ এই একটিং একাডেমীৰ হৈ প্ৰশান্তজিতে উৰিয্যা, দিল্লী, মথুৰা, কলিকতা, পুনে আদিত অনুষ্ঠিত বহু ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় নাট প্ৰতিযোগিতা আৰু সমাৰোহত অংশ গ্ৰহন কৰি বহুবাৰ অসমলৈ ৰাষ্ট্ৰীয় সন্মান আজুৰি আনিবলৈ সক্ষম হৈছে ৷ ২০০৪ চনত উৰিয্যাৰ কটকত থিয়েটাৰ মুভমেণ্ট অৱ ইণ্ডিয়াই আয়োজন কৰা আন্তৰাষ্ট্ৰীয় নাট সমাৰোহত “ বেষ্ট থিয়েটাৰ পাৰচনেলেটি অৱ ইণ্ডিয়া” আৰু ২০০৫ চনত ৰাষ্ট্ৰীয় পয্যায়ত নাটকৰ সৰ্বোচ্চ সন্মান “ নাট্যশ্ৰী” প্ৰদান কৰে ৷ গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ লগতে ভাৰতৰ বিভিন্ন নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠতৰ সন্মান লাভ কৰিবলৈ সক্ষম হোৱা প্ৰশান্তজিৎ চেতিয়াৰ ৰচিত আৰু পৰিচালিত শিশু নাট সমুহ হল – ৰং, সপোন, সপোন আহে পাখিমেলি, সত্যম শিৱম সুন্দৰম, ধেমালিতে নাটক আদি ৷ তাৰোপৰি  অসমৰ বিভিন্ন মঞ্চত আজিৰ তাৰিখতো সমাদৃত তেখেতৰ ৰচিত পুনাংগ নাটক সমুহ হল – পাপী দেৱতা, কাল ধুমুহা, সপোন ভঙাৰ গান, গুপ্তঘাটক, মহানায়ক আদি ৷ বৰ্তমানলৈকে অৰ্দ্ধ শতাধিক নাটকৰ পৰিচালনা কৰা প্ৰশান্তজিৎ চেতিয়া অসম নাট্য সন্মিলন শিৱসাগৰ জিলাৰ বৰ্তমানৰ প্ৰধান সম্পাদক ৷ ডিমৌ অঞ্চলৰ আলুন নগৰত বসবাস কৰি পত্নী, পুত্র কন্যাক এটা ক্ষুদ্র প্ৰিন্টিং প্ৰেছৰ পৰা উৰ্পাজিত সামান্য টকাৰে পৰিয়াল চলাই থকা এই গৰাকী বিশিষ্ট নাট্যকাৰক অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে খবৰ ৰাখিছেনে,বিভাগটোৰ জড়িতে তেওঁৰ এই নাট্যচৰ্চা দুগুণ উৎসাহেৰে  কৰি যাবলৈ সন্মানজনভাৱে সহযোগিতা কৰিব পাৰেনে ?

কমাৰগাঁৱৰ পানীদিঙিয়াত নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পথাৰত বাগৰিল বিলাসী বাহন

কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত পানীদিঙিয়াত বৃহস্পতিবাৰে পুৱা প্ৰায় ৬ বজাত এখন তীব্ৰ বেগী বিলাসী বাহন নিয়ন্ত্ৰণ হেৰুৱাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পথাৰত বাগৰি পৰে।

উল্লেখ্য যে যোৰহাট টিয়কৰ পৰা এম এল ০৫ আৰ ৬৬৪৮ নম্বৰ হোণ্ডাই আই ২০ বাহনখনেৰে ৰাতুল মিলিৰ লগতে তেওঁৰ তিনিজনীয়া পৰিয়ালটো কৰ্মসূত্ৰে শ্বিলংঙলৈ  গৈ থকা অৱস্থাত কমাৰগাঁৱৰ পানীদিঙিয়াত নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কাষৰ পথাৰত গাড়ীখন বাগৰি পৰে । দুৰ্ঘটনাটোত চালক সহ আৰোহী কেইজন ৰক্ষা পৰে যদিও বাহনখন ভাঙি চুৰমাৰ হয়।পাছত ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্থ বাহনখনৰ উদ্ধাৰ কৰে ৷

কমাৰগাঁৱৰ পানীদিঙিয়াত নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পথাৰত বাগৰিল বিলাসী বাহন

কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত পানীদিঙিয়াত বৃহস্পতিবাৰে পুৱা প্ৰায় ৬ বজাত এখন তীব্ৰ বেগী বিলাসী বাহন নিয়ন্ত্ৰণ হেৰুৱাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পথাৰত বাগৰি পৰে। উল্লেখ্য যে যোৰহাট টিয়কৰ পৰা এম এল ০৫ আৰ ৬৬৪৮ নম্বৰ হোণ্ডাই আই ২০ বাহনখনেৰে ৰাতুল মিলিৰ লগতে তেওঁৰ তিনিজনীয়া পৰিয়ালটো কৰ্মসূত্ৰে শ্বিলংঙলৈ  গৈ থাকাা অবস্থাত কমাৰগাঁৱৰ পানীদিঙিয়াত  নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কাষৰ পথাৰত গাড়ীখন বাগৰি পৰে । দুৰ্ঘটনাটোত চালক সহ আৰোহী কেইজন   আঘাতপ্ৰাপ্ত নোহোৱাকৈ ৰক্ষা পৰে যদিও বাহনখন ভাঙি চুৰমাৰ হয়।পাছত ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্থ বাহনখনৰ উদ্ধাৰ কৰে৷

আজিও নিয়মীয়া নহল ৰাজ্যৰ ৬০০ কস্তুৰবা গান্ধী আবাসীক বিদ্যালয়ৰ শিক্ষকৰ চাকৰি

ৰাজ্য চৰকাৰে শেহতীয়াকৈ বহু সংখ্যক বিদ্যালয় প্ৰাদেশিকৰন আৰু হেজাৰ হেজাৰ শিক্ষক-শিক্ষয়িত্ৰী তথা অন্যান্য কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়া কৰিলে যদিও ৰাজ্যৰ ৮১ খন কস্তুৰবা গান্ধী আবাসীক বিদ্যালয়ৰ ৬০০ ৰো অধিক শিক্ষক শিক্ষয়িত্ৰী আৰু অন্যান্য কৰ্মচাৰীৰ চাকৰি নিয়মীয়া নকৰাত এতিয়া স্বাভাৱিকতে ক্ষুব্ধ হৈ পৰিছে শিক্ষক কৰ্মচাৰী সকলে। বছৰ বছৰ ধৰি এই সকল শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকৰ বিদ্যালয় সমূহ প্ৰদেশীকৰন কৰা আৰু চাকৰি সমূহ নিয়মীয়া কৰাৰ বাবে চৰকাৰক বিভিন্ন পদ্ধতিৰে দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত তেওঁলোকৰ চাকৰিৰৰ নিৰাপত্তাৰ দিশটোত চৰকাৰে কোনো গুৰুত্ব অৱলম্বন নকৰাত ক্ষুব্ধ পৰিছে শিক্ষক শিক্ষয়িত্ৰী সকলে। উল্লেখযোগ্য যে কেইদিন মান  পূৰ্বেও এই সকল শিক্ষক শিক্ষয়িত্ৰীয়ে গুৱাহাটীস্থ সৰ্ব শিক্ষাৰ মিছন সঞ্চালকৰ কাৰ্য্যালয়ৰ সন্মুখত  এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নো কৰিছিল। সঞ্চালক গৰাকীয়ে সন্থাক শীঘ্ৰে তেওঁলোকৰ চাকৰিৰ যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিছিল বুলি জানিব দিয়ে সন্থাৰ সভাপতি তথা মুকালমুৱাৰ কালদী স্থিত কস্তুৰবা গান্ধী আবাসীক বিদ্যালয়ৰ ৱাৰ্ডেন নীলিমা বেগমে। ইফালে তেখেতে সাংবাদিকক জানিব দিয়া মতে, আবাসীক বিদ্যালয় সমূহত দিনে নিশাই কাম কৰা এই সকল শিক্ষক শিক্ষয়ত্ৰীৰ চাকৰি অতি শীঘ্ৰে নিয়মীয়া কৰা, বিদ্যালয় সমূহত খালি হৈ থকা পদ সমূহ পূৰ কৰা আৰু সপ্তম দৰমহা আয়োগৰ ভিত্তিত তেওঁলোক দৰমহা প্ৰদান কৰাৰ বাবে তেওলোকে দীৰ্ঘদিন ধৰি দাবী জনায় আহিছে।