শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী আঠখেলৰ গেলেকী চাহ বাগিচাৰ মাজত আজি এটা বিৰল প্ৰজাতিৰ বনৰৌ উদ্ধাৰ হয়।আজি পুৱা চাহ বাগিচাখনৰ শ্ৰমিকসকলে বাগানত পাত তুলিবলৈ যোৱাৰ সময়ত চাহ বগিচাখনৰ মাজত এটা বন্য প্ৰাণী প্ৰত্যক্ষ কৰে।শ্ৰমিকসকলে লগে লগে বাগিচাৰ পৰিচালক প্ৰণৱ বৰুৱাক খবৰ দিয়ে।পৰিচালক বৰুৱাই বন্যপ্ৰাণীটো প্ৰত্যক্ষ কৰি বনৰৌ বুলি নিশ্চিত হোৱাৰ লগতে বনৰৌটো পিঞ্জৰাত আৱদ্ধ কৰে কৰি আঠখেল খণ্ড বন কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীক খবৰ দিয়ে ।পাছত বনবন্ধু নিৰণ গগৈয়ে আঠখেল খণ্ড বন কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী আৰু কেইবাজনো বণ্যপ্ৰেমীৰ উপস্হিতিত পৰ্যটনস্হলী কমলাবাৰীৰ ঘন বনাঞ্চলত মুকলি কৰি দিয়ে।
‘বৰগোহাঞি ছাৰ!, সকলোৰে প্ৰিয় মহিৰূহৰ জীৱন আৰু কৰ্ম সামৰি ডিবি নিউজৰ এক ক্ষুদ্ৰ প্ৰয়াস এই প্ৰতিবেদন।
‘বৰগোহাঞি ছাৰ!, সকলোৰে প্ৰিয় মহিৰূহৰ জীৱন আৰু কৰ্ম সামৰি ডিবি নিউজৰ এক ক্ষুদ্ৰ প্ৰয়াস এই প্ৰতিবেদন।
সাংস্কৃতিক সাংবাদিক সন্থাৰ উদ্যোগ:ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথমগৰাকী অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ কাষত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা
অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথমগৰাকী নায়িকা, অসমীয়া ছবিৰ জ্যেষ্ঠ অভিনেত্ৰী অনুপমা ভট্টাচাৰ্য বৰ্তমানৰ অৱস্থাৰ বুজ ল’বলৈ কিছুদিন পূৰ্বে উপস্থিত হৈছিল সাংস্কৃতিক সাংবাদিক সন্থা, অসমৰ বিষয়ববীয়া। ৯৩ বছৰ বয়সীয়া শিল্পীগৰাকীৰ অলপতে তেওঁৰ ভাতৃ তথা বিশিষ্ট কাৰ্টুনিষ্ট ত্ৰৈলোক্য দত্তক হেৰুওৱাৰ পাছত সম্পূৰ্ণ অকলশৰীয়া হৈ পৰে। বৰ্তমান তেওঁৰ সংগী হিচাপে আছে ৬০ বছৰীয়া এগৰাকী মহিলা যাক শিল্পীগৰাকীয়ে মাহেকত দিব লাগে ৬০০০ টকা। সেয়েহে তেওঁক কিছু আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে সাংস্কৃতিক সাংবাদিক সন্থাৰ সম্পাদক শিৱাণু বৰাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনোৱাৰ পাছতেই গুৰুত্বসহকাৰে লৈ তাৎক্ষনিকভাৱে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাক শিল্পীগৰাকীৰ ক্ষেত্ৰত সু-ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে। সেই অনুসৰি মংগলবাৰে পুৱা ৯ বজাত হাতীগাঁৱৰ লখিমী পথস্থিত শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰি প্ৰদান কৰা ১ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য শিল্পীগৰাকীৰ হাতত অৰ্পন কৰে।
উল্লেখ্য যে ১৯৬৩ চনৰ ২ অক্টোবৰত নাট্যকাৰ অচ্যুত লহকৰে জন্ম দিয়া ‘নটৰাজ থিয়েটাৰ’ অসমৰ প্ৰথম খন বাটকটীয়া ভ্ৰাম্যমাণ থিয়েটাৰ। উল্লেখিত ২ অক্টোবৰৰ প্ৰথমটো নিশাৰ নাটকখন আছিল ফণী শৰ্মাৰ ‘ভোগজৰা’। সেই প্ৰথমটো নাট্যদলত অভিনয় কৰা চিৰস্মৰণীয় শিল্পীসকল আছিল ধৰণী বৰ্মন, অনুপমা ভট্টাচাৰ্য, চন্দ্ৰ চৌধৰী, সদা লহকৰ ইত্যাদি। উল্লেখযোগ্য যে ভ্ৰাম্যমাণত অভিনয় কৰা প্ৰথম গৰাকী অভিনেত্ৰী তথা মঞ্চ সফল নায়িকা আছিল অনুপমা ভট্টাচাৰ্য। সম্প্ৰতি ভ্ৰাম্যমাণৰ জন্মদলত অভিনয় কৰা একমাত্ৰ জীয়াই থকা অভিনেত্ৰীগৰাকীয়ে হৈছে অনুপমা ভট্টাচাৰ্য । ভ্ৰাম্যমাণৰ প্ৰথম গৰাকী অভিনেত্ৰী তথা চলচ্চিত্ৰৰো অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যই মাত্ৰ ১৬ বছৰ বয়সত প্ৰথম মুভী কেমেৰাৰ সন্মুখীন হৈ নটসূৰ্য ফণী শৰ্মা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা পৰিচালিত তথা ১৯৪৮ চনত মুক্তিলাভ কৰা ‘চিৰাজ’ৰ জৰিয়তে ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰিছিল।
ইটাখোলাত হেৰ’ইনসহ ধৃত ড্ৰাগছ বেপাৰী
বিশ্বনাথ জিলাৰ ইটাখোলা উপ-শাখা চকীৰ অন্তৰ্গত বালিডোঙাত কালি হেৰ’ইনসহ এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। বশ্বনাথ আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক মুজাফৰ হুচেইন,চক্ৰ পৰিদৰ্শক দিলীপ বনীয়া আৰু ইটাখোলা উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয় শ্যামল নেওগৰ নেতৃত্বত যোৱা এদল আৰক্ষীৰ দলে এক গোপন সূত্ৰ পম খেদি ইটাখোলাৰ সমীপৰ বালিডোঙাস্থিত নাৰায়ণপুৰৰ পৰা কুখ্যাত ড্ৰাগছ বেপাৰী জয়নাল আবেদিন(৫৬) ক দুইলাখ টকা মূল্যৰ হেৰ’ইনৰ সৈতে গ্ৰেপ্তাৰ কৰে। কুখ্যাত ড্ৰাগছ বেপাৰীজনক বহুত দিনৰ পৰা আৰক্ষীয়ে বিচাৰি আছিল।
মৰাণ সৰগফলা গোহাঁই গাঁৱত মৃত প্ৰকাণ্ড নাহৰফুটুকী বাঘ উদ্ধাৰ
ডিমৌৰ কাষৰীয়া ডিব্ৰুগড় জিলাৰ খোৱাং সৰগফলা গোহাঁই গাঁৱত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে প্ৰকাণ্ড এটা মৃত নাহৰফুটূকী বাঘ । অঞ্চলটোৰ নগেন বৰা নামৰ ব্যক্তি জনৰ ঘৰৰ গাহৰি গড়ালৰ কাষতে কাহিলি পুৱাতে উদ্ধাৰ হয় মৃত বাঘটো। । পুৱাতেই পৰিয়ালৰ লোকৰ লগতে নগেনৰ পত্নী শুই উঠি গাহৰি গৰালৰ কাষত শুই থকা বাঘটো প্ৰত্যক্ষ কৰে। পিচত ওচৰ চুবুৰীয়া লোক আহি বাঘটো মৃত বুলি জানিব পাৰিহে কৌতুহল সৃষ্টি হয়। নাহৰফুটুকী বাঘটোৰ মুখমণ্ডল আৰু বিভিন্ন অংশৰ আঘাত প্ৰত্যক্ষ কৰি গাহৰি পোৱালি খাবলৈ আহোঁতে গাওঁখনত পোৱালীসহ বাস কৰি থকা ঢেকীয়াপটীয়া বাঘটোৰ সৈতে যুঁজ হোৱাৰ পিচত আঘাটপ্ৰাপ্ত হৈ মৃত্যুমুখত পৰা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। পিচত খোৱাং আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ এটি দল আহি মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়। বন বিষয়াই অৱগত কৰা অনুসৰি বিগত দুটা মাহে সৰগফলা গাঁৱত পিঞ্জৰা পাতি থোৱা আছে যদিও কোনোদিনে বাঘ পিঞ্জৰাবদ্ধ হোৱা নাছিল আৰু যাৰ বাবে বাঘটোৱে কৰুণ মৃত্যুক আকোঁৱালি ললে বুলি কয়।
ডিমৌত অবৈধ চুলাই ভাটিৰ বিৰোদ্ধে আৰক্ষীৰ অভিযান অব্যাহত,শ শ লিটাৰ অবৈধ চুলাই নষ্ট
এফালে ক’ৰনাৰ ত্ৰাস আনফালে আকৌ দৈনিক বৃদ্ধি পাইছে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা। ক’ৰনাৰ এনে সংকট কালতো কিন্তু একাংশ লোকে চলাই গৈছে অবৈধ সুৰাৰ ব্যৱসায়। দেশত অবৈধ সুৰাই প্ৰাণ কাঢ়ি নিছে বহুলোকৰ। এনে সুৰাৰ প্ৰচলন সমাজৰ এক ব্যাধিস্বৰূপ। ইফালে শিৱসাগৰ জিলাৰ ডিমৌ আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চল সমূহতো ক্ৰমান্বয়ে বৃদ্ধি পাই আছে এনেধৰনৰ অবৈধ সুৰা ব্যৱসায় কৰা লোকৰ সংখ্যা। সেয়ে এই অবৈধ সুৰা ব্যৱসায়ৰ বিৰোদ্ধে সষ্টম হৈ উঠিছে আৰক্ষী। কালি ডিমৌৰ সমিপৰ নিতাই পুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত বগৰী গুৰিত অবৈধ চুলাই ভাটি উচ্চেদ কৰে নিতাই পুখুৰী আৰক্ষীয়ে। নিতাই পুখুৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দুলুমনি তালুকদাৰৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে এক গোপন সুত্ৰৰ পম খেদি উচ্চেদ কৰে দুটা অবৈধ চুলাই বৃহৎ ভাটি। আনহাতে, উক্ত চুলাই ভাটিকেইতাত আৰক্ষীৰ দলটোৱে কেইবাশ লিটাৰ অবৈধ চুলাই মদ নষ্ট কৰি পেলোৱাৰ লগতে এই চুলাই সমূহ নিৰ্মাণ কাৰ্য্যত ব্যৱহাৰ হোৱা বিভিন্ন সা-সামগ্ৰীও ভাঙী লণ্ড ভণ্ড কৰে আৰক্ষীৰ দলটোৱে।

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ টেঙাবাৰীত বৰগাং নদীৰ ভয়ংকৰ খহনীয়া, গড়াখহনীয়া ৰোধৰ স্থায়ী সমস্যা সমাধানৰ দাবী বিহালীবাসীৰ
বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ টেঙাবাৰীত বৰগাং নদীয়ে ভয়ংকৰ খহনীয়া আৰম্ভ কৰিছে। যোৱা কিছুদিন ধৰি বৰগাং নদীৰ পানী বাঢ়ি অহাত বিহালী সমষ্টিৰ বৰঝাৰণী গাওঁ পঞ্চায়তৰ অধীনৰ টেঙাবাৰীৰ সমীপত খহনীয়াৰ কালৰূপ ধৰাত শংকিত হৈ পৰিছে গাওঁবাসী। ইতিমধ্যে বৰগাং নদীৰ খহনীয়াৰ ফলত টেঙাবাৰী অঞ্চলৰ বহু লোকৰ মাটি, ঘৰ, বাৰী আদিৰ এক বৃহৎ এলেকা নদীৰ বুকুত জাহ গৈছে। তথাপিও আজিলৈকে খহনীয়া ৰোধৰ স্থায়ী কোনো ব্যৱস্থা ই ল’ব পৰা নাই জলসম্পদ নামৰ এই বিভাগটোৱে । ইফালে বৰগাং নদীৰ খহনীয়াই প্ৰতি বছৰে বিহালী সমষ্টিৰ চাহ বাগিচাৰ বৃহৎ সংখ্যক মাটি, কৃষকৰ বহু হেক্টৰ কৃষি ভূমিৰ লগতে বহুজনৰ ঘৰ বাৰী আদি নদীৰ বুকুত বিলীন কৰি আহিছে। কিন্তু আজি পৰ্যন্ত ইয়াৰ এক বিগ্ঞান সন্মত সমাধান নিশ্চিত কৰিব পৰা নাই ৰাজ্য চৰকাৰ তথা জলসম্পদ বিভাগে। উল্লেখ্য যে উক্ত অঞ্চলত বিগত সময়ত খহনীয়াই কাল ৰূপ ধাৰণ কৰি আহিছিল যদিও বিহালীৰ বিধায়ক ৰঞ্জিত দত্তৰ তৎপৰতাত সেই স্থানত বান্ধৰ ব্যৱস্থা কৰি কিছু পৰিমানে খহনীয়া প্ৰতিৰোধ কৰা দেখা গৈছিল। ইফালে বাৰিষাৰ আগমনৰ লগে লগে পুনৰ খহনীয়া আৰম্ভ হয় টেঙাবাৰী অঞ্চলত। বৰগাং নদীৰ খহনীয়াৰ কবলত পৰা টেঙাবাৰী অঞ্চলৰ খহনীয়া ৰোধৰ বাবে ৰাজ্য চৰকাৰ তথা জলসম্পদ বিভাগক বিহিত ব্যৱস্থা ল’বৰ বাবে দাবী জনাইছে ৰাইজে।
বিজেপিৰ হেঙেৰাবাৰীৰ কাৰ্যালয়ত অনলাইন যোগ শিৱিৰ, উপস্থিত মুখ্যমন্ত্ৰী
সুস্বাস্থ্যৰ বাবে বাবে হেঙেৰাবাৰীৰ ৰাজ্যিক বিজেপি কাৰ্যালয়ত অনলাইন যোগাসন শিৱিৰ।এই যোগ শিৱিৰত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত দাসৰ লগতে কেইবাগৰাকীও বিধায়কে। প্ৰতিখন জিলাৰ বিজেপিৰ কাৰ্যালয়ত হ’ব এই যোগাসন শিবিৰ।সকলোকে ঘৰতে যোগাসন কৰিবলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। শৰীৰটো সুস্থ কৰি ৰাখিবৰ বাবে যোগাসনৰ প্ৰয়োজন। ৰাজ্যিক বিজেপিক ধন্যবাদ জনালে সোণোৱালে।আনহাতে, এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কোভিডৰ ফলত হোৱা মানসিক চাপ নাইকিয়া কৰাৰ বাবে এই যোগাসনৰ ব্যৱস্থা কৰা হৈছে। বিজেপিৰ ৰাজ্যিক নেতৃত্বক ধন্যবাদ জনাইছো।এসপ্তাহলৈ হ’ব এই যোগাসন। সমগ্ৰ অসমৰ বিজেপিৰ কাৰ্যালয়ত হ’ব এই শিবিৰ।





ওৰাং আৰক্ষীৰ বৃহৎ সফলতা।চুৰি হোৱা বুলেট গেলাবিলত উদ্ধাৰ।
ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত মৰা ধনশ্ৰীৰ পৰা চুৰি হোৱা এখন বুলেট বাইক ওৰাং আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক দাসে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষী সুত্ৰে জানিব পৰা মতে যোৱা কালি সন্ধিয়া ৰৌতা মৰা ধনশ্ৰীৰ পৰা প্ৰীতম তালুকদাৰ নামৰ লোক জনৰ এচ -০১ ডি -এ ৪৬২০ নম্বৰ বুলেট বাইক খন চুৰি হৈছিল। ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে ১৫ নম্বৰ ৰাষ্ট্ৰীয ঘাই পথৰ লগত সংলগ্ন অসম অৰনাচল সংযোগী এডোখৰ নিজান ঠাইত পহৰাদাৰি আৰক্ষী দলটোক দেখি বুলেটখন এৰি চোৰৰ দলটো পলাই যায় । লগে লগে বিষয়া গৰাকীৰ নেতৃত্বত যোৱা আৰক্ষী দলে চুৰি কাৰ্য্যৰ সৈতে জড়িত দলটোক খেদি যায যদিও এন্ধাৰ সুযোগ লৈ দলটো পলাই যাবলৈ সক্ষম হয । উক্ত স্থানতে বাইকখন থৈ আৰক্ষীয়ে পুনৰ পহৰাৰ ব্যৱস্থা কৰিছিল যদিও নিশা পৰ্যন্ত বুলেটখন নিবলৈ নহাত আজি ৰাতিপুৱা ওৰাং থানালৈ বুলেটখন লৈ আহে আৰু তদন্ত আৰাম্ভ কৰাত বাইক খনৰ গৰাকী ৰৌতা মৰা ধনশ্ৰীৰ প্ৰীতম তালুকদাৰ বুলি জানিব পৰা গৈছে । ওৰাং আৰক্ষীৰ এনে বৃহৎ সফলতাক ৰাইজে শলাগ লৈছে ।
ট্বৱেচ্ছা ফাউণ্ডেশ্যনৰ উদ্যোগত ক’ভিড ১৯ আক্ৰান্তলৈ বিনামূলীয়া খাদ্য যোগান কাৰ্যসূচী
ক’ভিড ১৯ৰ মহামাৰীৰ সময়ত, ভাৰতীয় সেনাৰ প্ৰাক্তন বিষয়া গদাধৰ চেলেং আৰু তেওঁৰ সতীৰ্থ সকলৰ দ্বাৰা পৰিচালিত স্বেচ্ছাসেৱী সংগঠন ট্বৱেচ্ছা ফাউণ্ডেশ্যনৰ উদ্যোগত গ্ৰাম্যাঞ্চলৰ ক’ভিড ১৯ত আক্ৰান্ত সকলে বিনামূলীয়া আহাৰ , খাদ্য সামগ্ৰীৰ যোগান কাৰ্যসূচী হাতত লোৱা হৈছে আৰু তাৰ প্ৰথম পদক্ষেপ হিচাপে যোৱা ২০ মে’ত তিনিচুকীয়া জিলাৰ অন্তৰ্গত সৰুমাইঠং গাঁৱত প্ৰায় ৩০০ শ পৰিয়ালক খাদ্য সামগ্ৰী চাউল ,দাইল,পিয়াজ, আলু,নিমখ,মিঠাতেল,বিস্কুট, চাবুন, বিতৰণ কৰা হয় ,
শ্ৰীযুত চেলেঙে এই মহামাৰীৰ বিৰুদ্ধে সকলোৱে একগোট হৈ যুজ দিবলৈ আহ্বান জনায় আৰু ট্বৱেচ্ছা ফাউণ্ডেশ্যনৰ এই কৰ্মসূচী অসমৰ সকলো জিলাতে আগবঢ়ায় নিয়াৰ পৰিকল্পনা ও ব্যক্ট কৰে











