তাউকতে ঘূৰ্ণিবতাহৰ পিছত এইবাৰ যশ নামৰ আন এক ঘূৰ্ণিবতাহে সংকট হৈ দেখা দিছে দেশৰ উপকূলীয় অঞ্চলত। যাৰ বাবে ইতিমধ্যে ৫ খনকৈ ৰাজ্যত সতৰ্ক বাণী জাৰি কৰিছে প্ৰশাসনে।এই সাগৰীয় ঘূৰ্ণিবতাহে দক্ষিণ পূব ভাৰতৰ উপকূলীয় অঞ্চলত প্ৰভাৱ পেলাব বুলি শংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি আন্দামান সাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ বাবেই এই যশ ঘূৰ্ণিবতাহৰ সৃষ্টি হৈছে।কেন্দ্ৰীয় চৰকাৰে সতৰ্কতা জাৰি কৰা ৫ ৰাজ্য হৈছে – অন্ধ্ৰপ্ৰদেশ, ওড়িশা, পশ্চিমবংগ, তামিলনাডু আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। সাগৰীয় পাৰৰ বহু লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে।
ওদালগুৰিত লাখ লাখ টকাৰ ক্ষতি সন্মুখীনহৈছে কৃষক,এইবাৰ আন্তঃৰাজ্যিক তৰমুজ চিণ্ডিকেট আৰাম্ভ হৈছে
ওদালগুৰি জিলাৰ ওদালগুৰি, মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰৌতা, মেৰাবিল , গৰৈমাৰী , কাহিবাৰী , আদি ঠাইৰ লগতেই জিলাখনৰ বেছিভাগ অঞ্চলত দৈনন্দিন জীৱন অতিবাহিত কৰিবলৈ কৰ্ম সংস্থাপন বিচাৰি হাবাথুৰি খাই বিভিন্ন ৰাজ্যত গৈ বছৰ বছৰ ধৰি বেচৰকাৰী সন্থা , ফেক্টৰী , শ্বপিং মল , প্ৰাইভেট অফিচ আদিত কৰ্মৰত বা ফেক্টৰীৰ চকীদাৰ ইত্যাদি নানান ধৰণৰ কৰ্মত লিপ্ত থাকি নিজৰ পৰিয়াল পুহ পাল দি অহা বেছিভাগ যুৱক সকল যোৱাবাৰৰ ক’ভিড ১৯ ৰ আতংকত নিজ ৰাজ্যলৈ উভতি আহি ঘৰতে থাকি স্বাৱলম্বী হোৱাৰ এক সপোন দেখি মনত প্ৰবল ইচ্ছা শক্তি যোগাই আত্মনিৰ্ভৰশীল,হোৱাৰ সপোন মনত পুহি অঞ্চলটোৰ বহুতো শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে আত্মনির্ভৰশীল হবলৈ ৰাজ্যৰ ভিতৰতেই বৰ্তমান ওদালগুৰি জিলা খনত সৰ্বাধিক উৎপাদন হবলৈ ধৰা তৰমুজ খেতিত নিজে বৰ্হি ৰাজ্যৰ পৰা কষ্টেৰে সঞ্চয় কৰি অনা ধন ব্যয় কৰি ওদালগুৰি জিলাৰ অইন ডাঙৰ ডাঙৰ খেতিয়ক সকলৰ দৰেই দেখা দেখি তেঁওলোকেও ব্যাপক হাৰত টকা খৰছ কৰি শ শ বিঘা মাটিত তৰমুজ খেতিত নিজৰ গাঁঠিৰ ধন ভাঙি তৰবুজ উৎপাদন কৰিছে ঠিকেই — কিন্তু একেবাৰেই এতিয়া বিক্ৰী নোহোৱা ঘটনাই কৃষক সকলৰ সকলৰ লগতেই সেই বেকাৰ নিবনুৱা যুৱক সকলৰ কপালৰ ঘাম মাটিত পৰিছে । চিন্তাত কি কৰো নকৰো হৈছে । আটাইতকৈ পৰিতাপৰ বিষয়টো হল যে তেওঁলোকে বৈজ্ঞানিক পদ্ধতি অবলম্বন কৰি ব্যাপক হাৰত তৰমুজ উৎপাদন কৰিছে । অতি কমেও ১০ হেজাৰ বিঘা মাটিত এই খেতি কৰা হৈছিল কিন্তু অৱশেষত এতিয়া সঠিক বজাৰৰ অভাৱত বা কিবা এটা বিশেষ কাৰণত হাজাৰ হাজাৰ বিঘা মাটিত উৎপাদন হোৱা তৰমুজ এতিয়া ২/৩ টকা কেজি হিচাপে বেচিবলৈও গ্ৰাহক নোপোৱাৰ ঘটনাই চিন্তিত কৰি তুলিছে দুখীয়া কৃষক সকলক। জানিব পৰা মতে দৰং জিলাৰ দলগাওঁ,খাৰুপেটীয়া, বেছিমাৰি ,চিকণমাটি , লালপুল আদিৰ একাংশ আন্তঃৰাজ্যিক মধ্যভোগী দালাল সকলৰ মাফিয়া ছিণ্ডিকেটৰ ফলত এই ধৰণৰ ক্ষতি হোৱা কথা পোহৰলৈ আহিছে । এই মধ্যভুগী দালাল সকলে তৰমুজ ক্ৰয় কৰি লৈ যোৱা ডাঙৰ ডাঙৰ ব্যৱসায় সকলক মেনেজ কৰি তেওঁলোকে যাতে ইয়াত আহি ক্ৰয় কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি নিজেই ডেলিভাৰী দিয়া বাবে ওদালগুৰি জিলাৰ খেতিয়ক সকলক বঞ্চিত,প্ৰতাৰিত কৰি ৰাখিছে বুলি জানিব পৰা গৈছে ৷.
উচিত মূল্য পোৱা কথাতো দূৰৈৰ কথা বিক্ৰী নোহোৱা হৈছে যাৰ ফলত সকলো খেতিয়কৰ লগতে বহিৰাজ্যৰ পৰা উভতি আহি খেতিত নিজৰ গাঁঠিৰ ধন ব্যয় কৰি এইদৰে লোকচানৰ সন্মুখীন হব লগীয়া হৈছে দুখীয়া নিবনুৱা যুৱক সকল । যাৰ ফলত নিবনুৱা যুৱক যুৱতীৰ ৰাতিৰ টোপনি হৰণ হোৱা পৰিলক্ষিত হৈছে । এই ক্ষেত্ৰত নৱ নিৰ্বাচিত কৃষি মন্ত্ৰীৰ লগতে চৰকাৰ পক্ষই দুখীয়া কৃষকক কিছু সকাহ দিয়াৰ ব্যৱস্থা কৰিলে কৃষক সকল কিছু পৰিমানে হলেও সকাহ পালে হয় বুলি অঞ্চলবাসীৰ মনত ধাৰণা হৈছে । আশা কৰোঁ এই ক্ষেত্ৰত চৰকাৰেও চৰকাৰৰ মতে কিবা পদক্ষেপ , নাইবা কিছু বিকল্প চিন্তা নিশ্চয় কৰিব বুলি কৃষক সকল আশাৰে বাট চাই আছে । সকলো কৃষকে নিজৰ মূলধন হেৰুৱাৰ বেদনাত কাকো কব নোৱাৰাকৈ চকুলো টুকিছে যিটো অত্যন্ত দুখ লগা বিষয় পৰিছে সমগ্ৰ ওদালগুৰি জিলা খনত ।
অৱশেষত আলফা স্বাধীনে মুক্তি কৰি দিলে লাকুৱা অ’ এন জি চিৰ ৰিগৰ পৰা অপহৃত ৰিতুল শইকীয়াক
অপহৃত ৰিতুল শইকীয়াৰ বাসগৃহত আনন্দৰ বন্যা- পুৱাই ভাৰত সীমান্তত প্ৰৱেশ শইকীয়াৰ। আলফাই অপহৰণ কৰি নিয়া অপহৃত ৰিতুল শইকীয়াৰ বাসগৃহত আনন্দৰ বন্যা, উৎফুল্লিত হৈ পৰিছে ৰিতুলৰ পিতৃ মাতৃ। ৰিতুল শইকীয়াৰ ফোন মাতৃ লৈ। ভাৰত ম্যানমাৰ সীমান্তৰ লংৱাত মুকলি কৰি দিয়া হল অপহৃত ৰিতুল শইকীয়াক।আজি পুৱা ভাৰতৰ সীমান্তৰ প্ৰৱেশ কৰে ৰিতুল শইকীয়াই। কিছু সময়ৰ পাছতে উপস্থিত হব নাগালেণ্ডৰ মন জিলাত। অসম ৰাইফল আৰু সেনাৰ সহযোগত আহি আছে ৰিতুল শইকীয়া।উল্লেখ্য যে অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেশ্যন লিমিটেডৰ আন দুজন কৰ্মচাৰী মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াৰ সৈতে ৰিতুল শইকীয়াক যোৱা ২১ এপ্ৰিলত অসম-নাগালেণ্ড সীমান্তৰ শিৱসাগৰ জিলাৰ লাকুৱা তৈলক্ষেত্ৰৰ পৰা আলফা(স্বাঃ)ই অপহৰণ কৰিছিল।
এই জটিল সময় চোৱাত অসমবাসীক কিছু সকাহ দিবলৈ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ সহায় দৈনন্দিন বাৰ্তা গোষ্ঠীৰ
বৰ্তমান সমগ্ৰ দেশৰ লগতে অসমতো কৰণাই চানি ধৰিছে।এই জটিল সময় চোৱাত অসমৰ মুখ্যমন্ত্ৰীয়ে সকলোকে সহায় সহযোগিতা লগতে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ সহায় আগবঢ়াবলৈ আহ্বান জনাইছিল।
ইফালে মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই
দৈনন্দিন বাৰ্তা গোষ্ঠী
দৈনন্দিন বাৰ্তা কাকতৰ স্বত্বাধিকাৰী শংকৰ গোহাঞিই যোৱাকালি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি
দেশ তথা অসমত হোৱা মহামাৰীৰ পৰা অসমবাসীক কিছু সকাহ দিবলৈ ৫০ হাজাৰ ১ টকা আৰ্থিক সাহাৰ্য বাবে এখন চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা হাতত।
এখন মজলীয়া বাতৰি কাকতৰ স্বতাধিকাৰী হৈ তেখেতৰ এই মহানুভৱতাক সদায় অসমৰ ৰাইজে মনত ৰাখিব।


ধুবুৰীত আৰক্ষীয়ে বৃহৎ পৰিমানৰ ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্য সহ দুগৰাকী কুখ্যাত ড্ৰাগছ ব্যৱসায়িক গ্ৰপ্তাৰ
ধুবুৰী চহৰৰ সমীপতে থকা ঝগৰাৰপাৰৰ ৩য় খণ্ডৰ অঞ্চলত যোৱা নিশা কলেজ নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জয়ন্ত দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে এক গোপন তথ্যৰ ভিক্তিত অভিযান চলাই বৃহৎ পৰিমানৰ ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্য জব্দ কৰে । এই ড্ৰাগছ ব্যৱসায়িৰ লগত জড়িত দুগৰাকী কুখ্যাত ব্যৱসায়ি ৰুহুল প্ৰধানী আৰু ৰাসিদুল প্ৰধানীক আটক কৰে আৰক্ষীয়ে । এই ড্ৰাগছ ব্যৱসায়িৰ লগত জড়িত দুই কুখ্যাত ব্যৱসায়িক বৰ্তমান কলেজ নগৰ আৰক্ষী চকীত আটক কৰি অধিক তথ্য উদ্ধাৰৰ বাবে জেৰা অব্যাহত ৰাখিছে ।

কৃষক নেতা তথা নৱনিযুক্ত বিধায়ক অখিল গগৈক বিধান সভা শপত গ্ৰহণ অনুষ্ঠানলৈ টানি আজুৰি অনা কাৰ্যক তীব্ৰ গৰিহনা প্ৰদান নলবাৰী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ।
আজি অৰ্থাৎ শুক্ৰবাৰে অসম বিধান সভা অধিবেশনৰ প্ৰথমটো দিনত ৰাজ্যৰ সকলো বিধায়ককে শপত বাক্য পাঠ কৰোৱা হয় । সেই মৰ্মে বিধান সভা অধিবেশনৰ প্ৰথমটো দিনটোত ১০৮ নং শিৱসাগৰ বিধান সভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক তথা শ্ৰমজীৱী কৃষক নেতা অখিল গগৈ ও শপত পাঠ কৰে । কিন্তু এই সময়তে নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ক্ষোভ প্ৰকাশ কৰাত পৰিলক্ষিত হৈছে । কৃষক মুক্তি সংগ্ৰাম সমিতি নলবাৰী জিলা সমিতিৰ সভাপতি ৰৌফ আলী আৰু সাধাৰণ সম্পাদক দ্বিপেন কলিতাই স্বাক্ষৰিত কৰা এখন প্ৰেছ বিবৃতিত সভাপতি গৰাকীয়ে উল্লেখ কৰে যে নৱনিৰ্বাচিত বিধায়ক তথা অসমৰ কন্ঠ, শ্ৰমজীৱী নেতা অখিল গগৈক এন আই এ (NIA) আদালতে বিধান সভাৰ শপত গ্ৰহণলৈ অনা অনুষ্ঠানত সমগ্ৰ বিশ্ব জুৰি চলি থকা কোভিড মহামাৰীৰ সময়চোৱাত কোভিড বিধি উলংঘা কৰি টানি-আজুৰি অনা কাৰ্যক কৃষক মুক্তি সংগ্ৰাম সমিতি নলবাৰী সমিতিয়ে ধিক্কাৰ আৰু তীব্ৰ গৰিহনা প্ৰদান কৰে । তদুপৰি সাধাৰণ সম্পাদক দ্বিপেন কলিতাই প্ৰকাশ কৰে এজন নৱ নিযুক্ত বিধায়কক প্ৰশাসনে বাছত যি ৰ্দুব্যৱহাৰ কৰি অসমৰ কন্ঠ তথা শ্ৰমজীৱী নেতা অখিল গগৈক ৰোধ কৰিব বিচাৰিছে সেই কাৰ্যক নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেতিয়াও সহ্য নকৰে ।
ৰঙিয়াত মাৰাত্মক ড্ৰাগচৰ ৰমৰমীয়া বেহা,একাংশ কিশোৰ চুৰি কাৰ্য্যত লিপ্ত
ৰাজ্যৰ সৰ্বত্ৰে এতিয়া নিচাজাতীয় সামগ্ৰীৰ অবাধ বেহা । সমান্তৰাল ভাবে ৰঙিয়াটো ব্যপক হাৰত সৰবৰাহ হৈ আছে নিচাজাতীয় সামগ্ৰীৰ বেহা । যাৰ ফলত একাংশ কিশোৰ এই মাৰাত্মক ড্ৰাগচ ৰ কৱলত পৰি অৰ্থৰ অভাৱত চুৰি কাৰ্য্যত লিপ্ত হৈ পৰিছে । শুকুৰবাৰে দিন দুপৰতে কেইজনমান যুৱকে এখন ই-ৰিক্সাৰে ৰড চুৰি কৰি থাকোতে স্হানীয় লোকে হাতেলোটে আটক কৰে এটা চোৰক। ৰঙিয়াৰ নিকটৱৰ্তী উদিয়ানাত এনেদৰে যুৱকজনক আটক কৰাৰ পিচতে ৰাইজ তথা আৰক্ষীৰ আগত বহু চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰে । ৰঙিয়াৰ মুখ্যত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত বালাগাও, ষ্টেচন,জয়ন্তিপুৰ,উদিয়ানা,শৌলমাৰী,মূৰাৰা আদি অঞ্চলত কেনেদৰে ড্ৰাগচ্ বিক্ৰী হয় এই বিষয়েও স্বীকাৰ কৰে । তাৎপৰ্যপূৰ্ণভাৱে ধৃত যুৱক জনে ৰঙিয়াৰ বিভিন্ন ঠাইত ড্ৰাগচ্ সৰবৰাহ কৰা কিছু ব্যক্তিৰ নাম উল্লেখ কৰে আৰক্ষীৰ সন্মুখত ৷ গুৰুত্বপূৰ্ণ বিষয়টো হল যে ৰঙিয়াৰ লগতে সমগ্ৰ উত্তৰ কামৰূপতে নিচাজাতীয় সামগ্ৰীৰ কবলত পৰি ইতিমধ্যে বহু কিশোৰ – কিশোৰীৰ জীৱন ধ্বংস হোৱাৰ উপৰিও কেবাজনৰো অকাল মৃত্যু হৈছে ।পৰৱৰ্তী সময়ত ৰঙিয়া আৰক্ষীয়ে এই ড্ৰাগচ্ সেৱনকাৰী আৰু সৰবৰাহকাৰী সকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষনীয় হব ৷
হঠাতে কান্দি উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী:কিন্তু কিয় চাঁও আহক
হঠাতে কান্দি উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
এক ভিডিঅ কনফাৰেঞ্চত হঠাতে কান্দি উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। স্বাস্থ্য কৰ্মী তথা চিকিৎসৰ সৈতে হোৱা এক বাৰ্তালাপত আৱেগিক হৈ পৰিল প্ৰধানমন্ত্ৰী। কৰণাৰ সংহাৰত বহু আপোনক হেৰুৱাৰ দুখতেই তেনেদৰে আৱেগিক হৈ পৰি মোদী।শুকুৰবাৰে বাৰাণসীৰ চিকিৎসা কৰ্মীৰ সৈতে এক ভিডিঅ কনফাৰেঞ্চত মিলিত হয় প্ৰধানমন্ত্ৰী। তেতিয়াই তেখেতে দেশৰ বৰ্তমানৰ ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত কথা বাৰ্তা হয়। সেই কনফাৰেঞ্চতেই তেখেত কয়, ‘যতেই বেমাৰ তাতেই উপচাৰ’।কেৱল ক’ৰণাৰ বিষয়েই নহয়, কলা ভেঁকুৰ যি ব্লেক ফাংগাছ নামেৰে ভয়াবহ হৈ দেখা দিছে বৰ্তামানে দেশত সেই বিষয়েও আলোচনাত মিলিত হয়। অধিক সতৰ্কতা অৱলম্বনৰ বাবে কোৱাৰ লগতে ইয়াক ক’ৰণাৰ পৰৱৰ্তী মহামাৰী হিচাপেও অবিহিত কৰে।যি দেশৰ বাবে আন এক প্ৰত্যাহ্বান হৈ থিয় দিছে। তেওঁ কয় এতিয়া দেশৰ যুঁজ এক অদৃশ্য অতিকে ধুৰ্ত ৰূপ সলাই থকা বেমাৰৰ বিৰুদ্ধে। সেয়ে সতৰ্ক হোৱাতো খুবেই প্ৰয়োজনীয়।
জৰুৰীকালীন যাতায়তৰ বাবে অনলাইন যোগেদি ই-পাছৰ সুবিধা প্ৰদান
সাম্প্ৰতিক ক’ভিড-১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি তথা ইয়াৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ স্বাৰ্থত যাতায়তৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞাৰ সময়ছোৱাত চিকিৎসাজনিত সেৱাৰ বাবে, মৃতকৰ শেষকৃত্য তথা অন্যান্য জৰুৰীকালীন সময়ত কৰিবলগীয়া যাতায়তৰ বাবে জনসাধাৰণে ই-পাছৰ বাবে আবেদন কৰিব পাৰিব। ই-পাছ সংগ্ৰহৰ বাবে https://serviceonline.gov.in/directApply.do?serviceId=2023 লিংকটোত ক্লিক কৰি আবেদন কৰিব পাৰিব। উল্লেখযোগ্য যে, ই-পাছৰ বাবে আবেদন কৰাৰ পাছত ই-পাছ পোনপটীয়াকৈ মোবাইল ফোনত মেছেজযোগে আবেদনকাৰীয়ে লাভ কৰিব পাৰিব। এতিয়াৰে পৰা জৰুৰীকালীন যাতায়তৰ অনুমতি লাভ কৰাৰ বাবে কোনো ব্যক্তিয়ে উপায়ুক্ত কাৰ্য্যালয়লৈ আহিব নালাগে। নিজ গৃহৰ পৰাই অনলাইন যোগেদি ই-পাছৰ বাবে আবেদন কৰিব পাৰিব।
দৰং আৰক্ষীৰ সফলতা।শ্যামপুৰত হস্ত নিৰ্মিত পিষ্টল সহ তিনি ডকাইত গ্ৰেপ্তাৰ।ধুলাত ড্ৰাগছ ,ভাং সহ এজনক গ্ৰেপ্তাৰ।
দৰঙত নৱ নিযুক্ত আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই যোগদান কৰাৰ পিছতেই আৰক্ষীয়ে অবৈধ ড্ৰাগছ, ভাং আদি নিচাজাতীয় সামগ্ৰীৰ লগতে অপৰাধ জনিত কাৰ্ষত জড়িতৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰা পৰিলক্ষিত হৈছে । নৱ নিৰ্বাচিত আৰক্ষী অধীক্ষক গৰাকীৰ নিৰ্দেশ মৰ্মে সদৰ উপ আৰক্ষী অধীক্ষক মামনি হাজৰিকাই ধূলা থানাৰ আৰক্ষীৰ সহযোগত অভিযান চলাই থানাখনৰ অন্তৰ্গত ওন্দোলাঝাৰ গাঁৱৰ চামাদ আলি নামৰ লোকজনৰ পৰা প্লাষ্টিকৰ সাতটা ক্ষুদ্ৰ কন্টেইনাৰত নিষিদ্ধ ড্ৰাগছ আৰু ৭০০গ্ৰাম ওজনৰ এটা ভাংঙৰ টোপোলা জব্দ কৰে । ধূলা আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি চামাদ আলীক জেল হাজতলৈ প্ৰেৰণ কৰে । একেদৰে যোৱা ১৮ মেৰ নিশা ৪নং শ্যামপুৰ গাঁৱৰ মুক্তাৰ আলী নামৰ কাপোৰ দোকানীজনৰ ঘৰত সংঘটিত ডকাইতি কাণ্ডত জড়িত থকা সাত জনীয়া দলটোৰ তিনি জনক জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্জ্বল বৰুৱাই শ্যামপুৰ আৰক্ষীৰ সহযোগত অভিযান চলাই গ্ৰেপ্তাৰ কৰাৰ লগতে দুটা হস্ত নিৰ্মিত পিস্তল আৰু লুটি নিয়া আ-অলংকাৰ আদি উদ্বাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ কৰা ডকাইত তিনিজন হ’ল জন ক্ৰমে বক্কৰ আলী, হামিদ আলী আৰু মতিউৰ ৰহমান। উল্লেখযোগ্য যে ১৮ মে’ৰ নিশা সাত জনীয়া ডকাইতৰ দলটোৱে নগদ ৬৫ হাজাৰ টকা দুটা মোবাইল ফোনৰ লগতে ৭০ হাজাৰ টকাৰ সোণ ৰূপৰ গহনা আদি লুটি নিছিল ডকাইতৰ দলটোৱে ।
ঘটনা সংক্ৰান্তত ভুক্তভোগীয়ে শ্যামপুৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্জ্বল বৰুৱা আৰু শ্যামপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰাগ হাজৰিকাই গাঁওৰক্ষী বাহিনীৰ সহযোগত কৌশলেৰে অভিযান চলাই তিনিজনকৈ ডকাইতক আটক কৰিবলৈ সক্ষম হয়।।সম্প্ৰতি তিনি অভিযুক্তক শ্যামপুৰ আৰক্ষী থানাত অধিক তথ্যৰ বাবে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।














