ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ কৰোনা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে ক’ৰুণাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা তথ্য অনুসৰি ১৮মেলৈ ওদালগুৰিত ১৩২ গৰাকী কৰোনাত আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত এক এপ্ৰিলৰ পৰা ১৮মেলৈ আক্ৰান্তৰ সংখ্যা ১৫২৬ গৰাকীলৈ বৃদ্ধি পালে। স্বাস্হ্য বিভাগৰ জনোৱা মতে ১৮ মে সৰ্বাধিক ২৭৭৮ গৰাকীক পৰীক্ষা কৰাৰ পিছত ১৩২ গৰাকী দেহত কৰোনা ধৰা পৰে।ইয়াৰ ভিতৰৰ ৮৫ গৰাকী ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৪৭৫ গৰাকী হোম আইচিলেচনত চিকিৎসাধীন আছে।সুস্হ হৈ উঠা ৫৭ গৰাকীক ঘৰলৈ যাবলৈ দিয়া হয়।ইপিনে-১৮মেত ১ গৰাকী ক’ভিডত মৃত্যু হোৱাত শেহতীয়া তথ্য অনুসৰি ওদালগুৰিত মাৰ্চ’২১ৰ পৰা এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ২৭ গৰাকীলৈ বৃদ্ধি পালে।সেয়ে এনে ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজকে সজাগ আৰু সচেতন হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি কভিডৰ নীতি নিৰ্দেশনা মানি চলিবলৈ স্বাস্হ্য বিভাগে আহ্বান জনায়।
ধৃত হীৰেণ গগৈৰ পাছতেই ডিগবৈৰ গ্ৰেনেড বিস্ফোৰণত জড়িত আনজন অভিযুক্ত ৰঞ্জিত চাংমাইক আটক তিনিচুকীয়া আৰক্ষীৰ
তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা। ডিগবৈ টিংৰাইৰ গ্ৰেনেড বিস্ফোৰণত জড়িত আন এজন অভিযুক্ত ৰঞ্জিত চাংমাইক কৰায়ত্ত কৰিছে তিনিচুকীয়া আৰক্ষীয়ে। ধৃত ৰঞ্জিত চাংমাইৰ ঘৰ লক্ষীপথাৰ দেওঘৰীয়া গাঁৱত। 220 পালচাৰ বাইকখনৰ চালক আছিল ৰঞ্জিত চাংমাই।
ইতিমধ্যে টিংৰাই গ্ৰেনেড বিস্ফোৰণত জড়িত ২ জন অভিযুক্তকে আটক কৰাৰ লগতে বিস্ফোৰণত ব্যৱহৃত মটৰচাইকেল জব্দ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে। লগতে, গ্ৰেনেড বিস্ফোৰণৰ দ্বায়িত্ব স্বীকাৰ কৰিছে দুই অভিযুক্তই। বিস্ফোৰণত জড়িত আনজন অভিযুক্ত হীৰেণ গগৈ পূৰ্বে কেইবাটাও ধন দাবী আৰু ডকাইতি গোচৰত জড়িত আছিল । পুৱতি নিশা চাৰি বজাত লক্ষীপথাৰৰ বাসগৃহৰ পৰা তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাই আটক কৰে দুৰ্বৃত্তটোক। আৰক্ষী উপ-মহাপৰিদৰ্শক জিৎমল দলেৰ নেতৃত্বত যোৱা দলে আটক কৰে অভিযুক্তক।
গোৱালপাৰা চহৰ দিনৰ ১২ বজাতেই জনশূন্য ।প্ৰশাসনক সহযোগ কৰিবলৈ আহ্বান গোৱালপাৰা আৰক্ষীৰ
ক’ৰনা মহামাৰীয়ে ৰাজ্যত উদ্দেগ জনক ভাৱে এক জটিল ৰূপ ধাৰণ কৰালৈ চাই ৰাজ্য চৰকাৰে জনসাধাৰণক সজাগ আৰু সচেতন হ’বলৈ জাৰি কৰিছে কোভিড প্ৰ’টকলৰ নতুন নীতি নিৰ্দেশনা। চৰকাৰৰ কোভিড প্ৰ’টকলৰ নতুন নীতি নিৰ্দেশনা অৰ্থাৎ নতুন এছ অ পিয়ে জলা কলা খুৱাইছে সৰ্ব সাধাৰণ জনতাক। চৰকাৰৰ নতুন এছ অ পি মৰ্মে গোৱালপাৰা চহৰ দিনৰ ঠিক ১১ বজাৰ পৰা দোকান – পোহাৰ ; বজাৰ – ঘাট বন্ধ। লগতে দিনৰ ১২ বজাৰ পৰা সান্ধ্য আইন বলবৎ কৰা হৈছে। চৰকাৰৰ এই নীতি নিৰ্দেশনাই গোৱালপাৰা জিলাত ত্ৰাহিমধুসুধন সোৱৰাইছে বজাৰ ঘাটত খুচুৰা বিক্ৰেতা ; ঠেলা – ৰিক্সা ; অটো ; ই – ৰিক্সা ; মেজিক গাড়ী চালক ; ফুট পথত শাক পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰাৰ উপৰিও দিন হাজিৰা কৰা বনুৱা কামালা সকলক। কাৰণ বৃহত্তৰ গোৱালপাৰা অঞ্চলটোত এনে বহু সহশ্ৰাধিক পৰিয়াল আছে যি বোৰ পৰিয়ালৰ আৰ্থিক অৱস্থা স্বচ্ছল নহয়। নিৱনুৱা সমস্যাৰে জৰ্জৰিত গোৱালপাৰা জিলাৰ বহু সংখ্যক পৰিয়ালৰ আৰ্থিক দুৰৱস্থা শোচনীয়। তৎস্বতেও গোৱালপাৰা জিলাত ৰাজ্য চৰকাৰে জাৰি কৰা কোভিড প্ৰ’টকল মানি চলিবলৈ চেষ্টা অব্যাহত ৰাখিছে জিলাখনৰ জনসাধাৰণে। এই ক্ষেত্ৰত গোৱালপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত উপ আৰক্ষী বিষয়া সঞ্জয় আনন্দ মুছাহাৰীৰ তৎপৰতাক শলাগ লৱলগীয়া। উল্লেখ্য যে ; চৰকাৰে জাৰি কৰা নতুন এছ অ পি খনৰ নিৰ্দেশনা মানি চলিবলৈ আৰু প্ৰশাসনক সহযোগ কৰিবলৈ গোৱালপাৰা বাসীক আহ্বান জনাইছে উপ আৰক্ষী বিষয়া সঞ্জয় আনন্দ মুছাহাৰীয়ে । বিষয়া গৰাকীৰ আহ্বান মানি দিনৰ ১১ বজাতেই জনশূন্য হৈ পৰে গোৱালপাৰা চহৰৰ বজাৰ ঘাট। নিমাওমাও পৰিবেশ বিৰাজ কৰে বৃহত্তৰ অঞ্চলটোত। আনহাতে চহৰ খনৰ বাট পথৰেও যান বাহন চলাচল বন্ধ হৈ পৰে। মুঠৰ ওপৰত বৃহত্তৰ গোৱালপাৰা বাসীয়ে ৰাজ্য চৰকাৰৰ কোভিড প্ৰ’টকল মানি চলিবলৈ চেষ্টা অব্যাহত ৰাখিছে। ইফালে ক’ৰোণা মহামাৰীৰ আতংকৰ পৰা নিজৰ লগতে আনকো সুৰক্ষিত কৰি ৰাখিবলৈ যদিও বাধ্য হৈছে জনসাধাৰণ কিন্তু চৰকাৰৰ ওচৰত আপত্তি দৰ্শাইছে গোৱালপাৰাৰ সচেতন ৰাইজে। ৰাইজৰ মতে দৰিদ্ৰ জনসাধাৰণে চৰকাৰৰ নীতি নিৰ্দেশনা মানি চলিবলৈ বাধ্য কিন্তু পৰিয়ালত অত্যাৱশ্যকীয় সামগ্ৰীৰ জুই ছাই চ’ৰা দামে জীয়াতু ভোগাইছে — এই ক্ষেত্ৰত চৰকাৰেও জনমুখী ব্যৱস্থাৰে সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নহ’লে অতি কম সময়ৰ ভিতৰতে জনসাধাৰণ ভয়ংকৰ বিপদত পৰিব কাৰণ আয় হলেহে ব্যয় কৰিব পাৰিব। যদি আয়ৰ বাবে সময় নাপায় ব্যয় কৰিব কিহৰ পৰা ? ইফালে পৰিয়াল পোহ পাল দিবলৈ ব্যয় নিয়মীয়াকৈ কৰিবই লাগিব। এনে সমস্যা সমুহ সমাধান কৰিবলৈ চৰকাৰক আহ্বান জনায় গোৱালপাৰাৰ সচেতন জনতাই।
অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ আহ্বন ৰাইজৰ দলৰঃ ক্ৰয়-বিক্ৰয় নিৰীক্ষণৰ বাবে ফ্লাইং স্কোৱাড গঠনৰ দাবীঃ
ইফালে মহামাৰী কৰ’ণাৰ সন্ত্ৰাস আৰু আনফালে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ভয়াৱহ ভবিষ্যতৰ মাজলৈ ঠেলি দিছে দেশৰ দৰিদ্ৰ জনতাক । চৰকাৰে শাক-পাচলিকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হোৱা নাই আৰু ইয়াৰ বাবে ৰাজ্যৰ দৰিদ্ৰ জনতাৰ জীয়াই থকাৰ পথ বন্ধ হোৱাৰ উপক্ৰম হৈছে । এই মন্তব্য ৰাইজৰ দলৰ কেন্দ্ৰীয় উপ-সভাপতি ডাঃহৰিকান্ত দাসৰ । আজি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃটিত তেওঁ কয় যে, কৰ’ণাৰ সংক্ৰমনৰ সমান্তৰালকৈ শাক-পাচলিকে ধৰি দৈনন্দিন ব্যৱহাৰ্য অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়েও সৰ্বসাধাৰণ জনতাক সন্ত্ৰাসিত কৰি তুলিছে। মহামাৰী কৰ’ণাৰ সংক্ৰমনৰ সময়ত নিজকে সুস্থ ৰাখিবৰ বাবে জনতাই ভিটামিনযুক্ত খাদ্য গ্ৰহণ কৰিব লাগে । কিন্তু সৰ্ব সাধাৰণ ৰাইজে মোনাখন হাতত লৈ বজাৰলৈ যোৱা দৰিদ্ৰ জনতাই শাক-পাচলি, ফল-মূল কিনিবৰ বাবে হাজাৰ বাৰ ভাৱিবলৈ বাধ্য হয় । ১ কেজি মাছ কিনিবৰ বাবে এজন ব্যক্তিৰ ১ দিনৰ হাজিৰাৰ প্ৰয়োজন হয় । ১ কেজি ফিচাৰী মাছৰ দাম ৩০০ টকাতকৈ অধিক । আনহাতে কেঁচা খাদ্য সামগ্ৰী সমূহ বেপাৰী সকলে যাৰ যিমান মন যায় তেনে দৰতে বজাৰ সমূহত বিক্ৰী কৰি আছে । লিটাৰত ৬০-৭০ টকীয়া মিঠাতেলৰ মূল্য এক লিটাৰত ১৯০ পৰ্যন্ত হৈছেগৈ । ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি চাউল, দাইল, কণী, ফল-মূলৰ যি হাৰত ৰাজ্যখনত মুল্যবৃদ্ধি হৈছে ৰাজ্যখনৰ মধ্যবিত্ত, নিম্নমধ্যবিত্ত, দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা সৰ্বস্তৰৰ জনতাৰ এটা সময়ত জীয়াই থকাৰ বাট বন্ধ হৈ পৰিব বুলি তেখেতে খেদ প্ৰকাশ কৰে । ৰাইজৰ দলৰ কেন্দ্ৰীয় উপ-সভাপতি ডাঃ হৰিকান্ত দাসে এই মহামাৰীৰ মহা বিনাশৰ সময়ত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবৰ বাবে প্ৰতিখন জিলাতেই সামগ্ৰীৰ ক্ৰয়-বিক্ৰয় নিৰীক্ষণৰ বাবে ফ্লাইং স্কোৱাড গঠন কৰি ২৪ ঘন্টাই নিৰীক্ষণৰ ব্যৱস্থা কৰিবৰ বাবে দাবী জনাই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক । তেখেতে দাবী কৰি কয় যে, যিকোনো ত্যাগৰ বিনিময়ত জনসাধাৰণক মূল্যবৃদ্ধিৰ পৰা সকাহ দিব লাগিব মূখ্যমন্ত্ৰী শৰ্মাই ৷ সকলো ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য জনসাধাৰণৰ জ্ঞাতাৰ্থে প্ৰচাৰৰ ব্যৱস্থা কৰি জনসাধাৰণক সজাগ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে অসম চৰকাৰক ৷
নৱনিযুক্ত আৰক্ষী অধীক্ষকৰ মহানুভৱতা :নগাঁৱত আবদ্ধ হৈ থকা কেৰেলাৰ বাছ চালকৰ দুৰ্দশাৰ বুজ ল’লে নগাঁৱৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই
বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেৰেলাৰ পৰা অসমলৈ শ্ৰমিক কঢ়িয়াই অনা শতাধিক বাছ চালক বৰ্তমান ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে। জানিবপৰা মতে, এইবাৰৰ বিধানসভা নিৰ্বাচনত ভোটদানৰ বাবে বহু সহস্ৰাধিক সংখ্যালঘূ শ্ৰমিক কেৰেলাৰ পৰা অসমৰ বটদ্ৰৱা সমষ্টি, চামগুৰি সমষ্টি, ৰূপহীহাট সমষ্টি আৰু ধিং সমষ্টিলৈ শতাধিক বাছৰে আহিছিল। কিন্তু নিৰ্বাচনৰ পিচতেই কেৰেলাত ক’ৰোণাই ভয়াবহ ৰূপ ধাৰণ কৰাত ইয়াৰে অধিকাংশ চালক বাছসহ নগাঁৱতে আৱদ্ধ হৈ পৰে। অৱশ্যে বহু চালক বাহন সহ কেৰেলালৈ ঘূৰি যাবলৈ সক্ষম হয়। কিন্তু একাংশ শ্ৰমিকে ভোটদান কৰি পুনৰ কেৰেলালৈ ঘূৰি যোৱাৰ বাবে বাছসমূহ আৱদ্ধ কৰি ৰাখে। পিছলৈ অসমতো ক’ৰোণাই ভয়াবহ ৰূপ ধাৰণ কৰাত তেঁওলোক যথেষ্ট অসুবিধাত পৰে। নগাঁও চহৰৰ লক্ষীনগৰৰ এটা পাৰ্কিঙত থকা শ্ৰমিক সকলক লক্ষীনগৰৰ সাগৰ বৰা, ৰঞ্জিত কুমাৰ কলিতা আৰু আখতাৰ আহমেদ নামৰ কেইগৰাকীমান যুৱকে খাদ্য আৰু আশ্ৰয় প্ৰদান কৰে যদিও তেঁওলোকে নিজ ঘৰলৈ ঘূৰি যোৱাৰ বাবে অসম চৰকাৰৰ সহায় বিচাৰে। আজি নগাঁৱৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক সেই স্থানত উপস্থিত হৈ স্থানীয় যুৱক সকলক ধন্যবাদ জনোৱাৰ লগতে আজিৰে পৰা বাছ চালক সকলৰ খাদ্যৰ লগতে সকলো সুবিধা জিলা প্ৰশাসনৰ তৰফৰ পৰা বিনামূলীয়াকৈ প্ৰদান কৰাৰো আশ্বাস প্ৰদান কৰে। আৰক্ষী অধীক্ষক গৰাকীয়ে লগতে বাছ চালক সকলক নিজ ৰাজ্যলৈ ঘূৰাই পঠোৱাৰ বাবে শীঘ্ৰেই ব্যৱস্থা কৰি দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে। আনহাতে, নগাঁৱত আৱদ্ধ হৈ থকা কেৰালাৰ বাছ চালক সকলেও নগাঁও চহৰৰ কেইবাটাও অসমীয়া পৰিয়ালে তেঁওলোকক আগবঢ়োৱা সহায়ৰ কথা কৈ আৱেগিক হৈ পৰে।

মৰিগাঁৱৰ নৱ নিযুক্ত আৰক্ষী অধিক্ষ্যক অৰ্পণা নটৰাজনৰ পৰ্য্যবেক্ষণ জিলাৰ বিভিন্ন চিকিৎসালয়
নৱ নিযুক্ত আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনৰ পৰিদৰ্শন মৰিগাঁৱৰ বিভিন্ন কন্টেইনমেন্ট জ’ন। সোমবাৰে মৰিগাঁৱত আনুষ্ঠানিক ভাৱে যোগদান কৰাৰ পিছত মঙলবাৰে প্ৰথমটো কাৰ্যসূচী ৰূপে আৰক্ষী অধীক্ষক গৰাকীক দেখা গল বহু কেইটা কন্টেইনমেন্ট জ’নলৈ ইয়াৰ নিৰাপত্তাৰ দিশৰ লগতে ৰাইজৰ দুখ দুৰ্দশাৰ বুজ ল’লে নৱ নিযুক্ত অধীক্ষক গৰাকীয়ে। মঙলবাৰৰ দিনটোত আৰক্ষী অধীক্ষক গৰাকীয়ে ক্ৰমে ভূৰবন্ধা আদৰ্শ চিকিৎসালয়, ঔগুৰি মাধ্যমিক বিদ্যালয়, ,মৰিগাঁও অসামৰিক চিকিৎসালয় মৰিগাঁও মজলীয়া বিদ্যালয়,গোহাঁই বৰুৱাই প্ৰাথমিক বিদ্যালয়,অভ্যাসন প্ৰাথমিক বিদ্যালয়কে আদি কৰি কভিড চেন্টাৰ ৰেপিড এন্টিজেন টেষ্ট আদি পৰিদৰ্শন কৰে।
ইফালে ভূৰবন্ধা ঔগুৰি মাধ্যমিক বিদ্যালয়স্থিত কভিড ভেকচিন চেন্তাৰত ভেকচিন প্ৰদান কেন্দত অঞ্চলৰ ৰাইজে চৰকাৰি নীতি নিয়ম তথা অনুশাসন অনুসৰি ভেকচিন লোৱা দেখাঁ গল।কেন্দ্ৰটোত চিকিত্সা কৰ্মী সকলে পুৱা ১০.৩০ বজাৰ পৰা ভেকচিন প্ৰদান কৰি থকা বুলি জানিবঁলৈ দিয়ে।
গোঁসাইগাঁওৰ গুৰুফেলাৰ বজাৰত সাত জনৰ দেহত কভিড পজিটিভ ধৰা পৰাৰ পিছত তৎপৰ হৈ উঠিছে প্ৰশাসন আৰু স্বাস্থ্য কৰ্মী
কৰোণা মহামাৰীয়ে সমগ্ৰ ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সমান্তৰাল কৈ গোঁসাইগাও মহকুমাৰ অন্তৰ্গত গুৰুফেলাতো কৰোনাৰ ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।গোঁসাইগাঁও মহকুমাৰ সৰু এখন গুৰুফেলাত বজাৰত সাঁত জন লোকৰ দেহত কৰোনাৰ পজিটিব দেখা দিছে।কৰোণা পজিটিভ লোক কেইগৰাকী ক্ৰমে পাৰুল মহতো(২০),জোৎস্না তালুকদাৰ(৬৮),সিবানী মহতো(১৫),লেয়লা খাতুন(২৮),ম: আলী(৬২), ধৰ্মন্দ্ৰ গিৰী(৪৮),তুলসী কুমাৰ ৰায়(৫৫)তাৰে ভিতৰত ধৰ্মেন্দ্ৰ গিৰী আৰু তুলসী কুমাৰ ৰায় গুৱাহাটী GMCHত ভৰ্ত্তি হৈ আছে আৰু ধৰ্মেন্দ্ৰ গিৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।আটাতকৈ ভয়ংকৰ কথা টো হল পজিটিভ ধৰা পৰাৰ পিছতো দুই এজনে বজাৰত মুকলি ভাৱে ঘুৰি ফুৰিছিল।তাৰ পিছতে আজি প্ৰশাসন আৰু স্বাস্থ্য কৰ্মী অধিক তৎপৰ হৈ উঠা পৰিলক্ষিত হয়।আজি সমগ্ৰ গুৰুফেলা বজাৰ ছেনিটাইজেসন কৰাৰ লগতে বজাৰৰ লোক সকলক কভিড-১৯ পৰীক্ষা কৰাত আৰু দুইজনাৰ গাত কভিড পজিটিভ ধৰা পৰে এজন কপিল শাও (৩০) আনজন ববিতা গিৰি(২৮)।অনাগত দিনত এই অঞ্চলত প্ৰশাসনে কি পদক্ষেপ লয় সেয়া কিন্তু লক্ষনীয় বিষয় হব।
জলসম্পদ মন্ত্ৰী পিজুষ হাজৰিকাই পৰিদৰ্শন কৰে ছিপাঝাৰৰ বহু কেইটা ভগ্ন মথাউৰি।
ক’ৰনাৰ ভয়ংকৰ গণ সংক্ৰমণৰ সময়তে গৰাখহনীয়া অৱস্থা ১৬ মে তাৰিখে পৰিদৰ্শন কৰিছিল ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে। উল্লেখযোগ্য যে ছিপাঝাৰ বিধানসভা সমষ্টিৰ কিৰিংবৰী অঞ্চলৰ খহনীয়া পৰিদৰ্শন কৰাৰ উপৰিও কুৰুৱাৰ মথাউৰি পৰিদৰ্শন কৰিছিল। আৰু এই বিষয়ে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰাৰ পিছত বানপানীৰ সময়ত ৰাইজে দূৰ্ভুগ ভুগিব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জৰুৰী ভাবে আজি ছিপাঝাৰৰ বহু কেইটা ভগ্ন মথাউৰী পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পিজুষ হাজৰিকাই। ছিপাঝাৰৰ ওপৰ কুৰুৱা অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ মথাউৰীৰ মেৰামতিৰ কামৰ লগতে কিৰিংবৰী গাঁৱৰ গৰাখহনীয়াৰ পৰিস্থিতিৰ বুজ লয়। আনহাতে বিগত সময়ত বানে চিগা আলিখাপাৰাৰ অৰ্ধ নিৰ্মিত মথাউৰী ১০ দিনৰ ভিতৰতে সম্পূৰ্ণ হব বুলি উল্লেখ কৰে। এই সময়ছোৱাতে ৰাজ্যৰ উন্মুক্ত মথাউৰীৰ সমূহ শীঘ্ৰেই মেৰামতি কৰা হব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।
কৰ’ণাই বিপৰ্য্যস্ত কৰিছে জনজীৱন।উপাৰ্জনৰ পথ বন্ধ হোৱাৰ দিশে ই-ৰিক্সা, অট’ৰিক্সা চালকৰ
এফালে কৰ’ণা মহামাৰীৰ সংক্ৰমণ বৃদ্ধি, আনফালে পেটৰ ভাতমুঠি মোকলাবলৈ চিন্তা খাটিখোৱা সাধাৰণ জনতাৰ। তাৰ মাজতে কৰ’ণা মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা নিৰ্দেশনাই এতিয়া বিপদত পেলাইছে সকলো শ্ৰেণীৰ লোকক। কৰ’ণা মহামাৰীৰ বাবেই যেন এতিয়া ধূসৰ হৈ পৰিছে জনজীৱন। একপ্ৰকাৰ ভৱিষ্যত নিয়ন্তাৰ হাতত বন্দী প্ৰতিজন মানুহৰে জীৱন। দেশত প্ৰতি দিনেই কৰ’ণাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে জাৰী কৰিছে কেতবোৰ নীতি-নিয়ম। জনসাধাৰণেও চৰকাৰৰ নিৰ্দেশাৱলী মানি চলিছে জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত। কিন্তু এই কৰ’ণা মহামাৰীৰ বাবেই এতিয়া প্ৰতিজন লোকৰ সপোন, আশা-আকাংক্ষাবোৰে প্ৰাণ হেৰুৱায় পেলাইছে। স্ব-নিয়োজনৰ উদ্দেশ্যে এখন ই-ৰিক্সা বা অট’ৰিক্সা লৈ উপাৰ্জনৰ বাট মুকলি কৰা লোকসকলো এতিয়া দিকভ্ৰান্ত হৈ পৰিছে। দিনটো ই-ৰিক্সা চলাই উপাৰ্জিত ধনেৰে পৰিয়াল পোহপাল দিয়া লোকসকলে এতিয়া মাথোঁ কেইটামান ঘণ্টা চৰকাৰী নিৰ্দেশনা মানি চলাৰ ফলত পেটত গামোচা বন্ধাৰ উপক্ৰম ঘটিছে। কৰ’ণাৰ প্ৰকোপত সৃষ্টি হোৱা এই জটিল সময়ে যেন সাধাৰণ জনতাক ইংগিত দিছে অন্ধকাৰ ভৱিষ্যতৰ। ই-ৰিক্সা বা অট’ৰিক্সা চালকসকলৰ মনত এতিয়া এটাই প্ৰশ্ন, “কেনেদৰে পূৰণ কৰিব ঘৰুৱা প্ৰয়োজন খিনি ? নিৰ্দিষ্ট সময়ৰ ভিতৰত সীমিত সংখ্যক যাত্ৰী কঢ়িয়াই উপাৰ্জিত ধনেৰে কেনেকৈ চলাব সংসাৰ?” ইমানৰ পাছতো তেওঁ লোক আশাবাদী, চৰকাৰে তেওঁলোকৰ প্ৰতি সুদৃষ্টি ৰাখিব। আন্ধাৰ বিনাশী যেন পোহৰৰ বাট মুকলি হ’ব পুনৰ।
বোকাখাতৰ লখৌজানত খুটিয়া পহু উদ্ধাৰঃ
১৭ মে’ৰ পুৱা বোকাখাতৰ লখৌজানৰ ননী গোপাল ৰাজখোৱাৰ বাসগৃহত এটা খুটিয়া বা ছাগলী পহু উদ্ধাৰ হয় । বনাঞ্চলৰ পৰা ওলাই অহা হৰিণটো ৰাজখোৱাৰ সীমাৰ বেৰা পাৰ হৈ আহি গোঁসাই ঘৰত সোমাই আছিল। পাছত পানবাৰীস্থিত বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ উদ্ধাৰকাৰী দলে আহি আঘাতপ্ৰাপ্ত পহুটো চিকিৎসাৰ বাবে লৈ যায়। বোকাখাতৰ নিকটৱৰ্ত্তী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বন্যপ্ৰাণী ওলাই আহি জনবসতিৰ অঞ্চলত প্ৰৱেশ কৰা ঘটনা বোকাখাত অঞ্চলৰ বাবে এটা সাধাৰণ ঘটনা। কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণে সংকেট দিছে আগন্তুক বাৰিষাৰ। বানপানীৰ বাবে সুৰক্ষিত স্থান, খাদ্যৰ সন্ধানত বা আন্য কাৰণেই হওক ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা সময়ে সময়ে ওলাই অহা জীৱ জন্তুৱে প্ৰৱেশ কৰে জনবসতিপূৰ্ণ এলেকাত। গতিকে হৰিণটো এনেকৈ আহি মানুহৰ বাসগৃহত সোমাই পৰা বুলি অনুমান কৰা হৈছে।











