Home Blog Page 3073

ঘিলামৰা-ধেমাজি সীমান্তৰ বৰমুঠৰিয়নী গাৱঁত খটিয়া হৰিণ উদ্ধাৰ

ঢকুৱাখনাৰ মহকুমাৰ ঘিলামৰাত আজি পুৱা এটা হৰিণ উদ্ধাৰ হয়। ঘিলামৰা-ধেমাজি সীমান্তত ধেমাজি থানাৰ অন্তৰ্গত ঘুগুহা পঞ্চায়তৰ মণিপুৰী আইথানৰ সমীপত বৰমুঠৰিয়নী গাৱঁত পুৱা ৮ মান বজাত গাওঁখনৰ কেইজনমান সচেতন লোকে  পুৱা শুই উঠি বাহিৰলৈ আহোতেই পথত মুক্ত ভাৱে বিচৰণ কৰি থকা অৱস্থাত হৰিণটো প্ৰতক্ষ্য কৰে ৷ সচেতন লোককেইজনে হৰিণটো খেদি আনি গাৱঁৰ এঘৰ ব্যক্তি ঘৰত হৰিণটো বন্দী কৰি বন বিভাগক খবৰ দিয়াত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে হৰিণটো ৷ ঢকুৱাখনা উপ বন খণ্ডৰ বিষয়া চন্দ্ৰ কান্ত দাস আৰু ঘিলামৰাৰ সেই গাঁৱৰে সচেতন ব্যক্তি প্ৰিয় কুমাৰ চাংমাই, জয়জুতি চাংমাই, সঞ্জয় গগৈ, বলবিন্দ চাংমাই, ভৰত চাংমাই, মানসজ্যোতি চাংমাই, ভাগ্যবান গগৈ, প্ৰবিন গগৈ আৰু মিন্টু চাংমাইৰ এই  লোক কেইজনৰ সহযোগত হৰিণটো উদ্ধাৰ কৰি ঢকুৱাখনা বন বিভাগৰ কাৰ্যলয়লৈ আনে ৷ আঘাতপ্ৰাপ্ত হৰিণটো বৰ্তমান ঢকুৱাখনা বন বিভাগৰ কাৰ্যালয়ত স্বাস্থ্য পৰিক্ষা কৰোৱাৰ পাছত সম্পূৰ্ণ বিপদ মুক্ত বুলি পশু চিকিৎসক ডা° বিজয় কুমাৰ দত্তই জানিবলৈ দিয়ে ৷ ইফালে ঢকুৱাখনা বন বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ এই ঘটনাৰ খৱৰ লয় মেগামিক্স প্ৰকৃতি সংঘৰ কাৰ্য্যবাহী সদস্য দিগেন্দ্ৰ নাথ হাজৰিকাই

প্ৰধানমন্ত্ৰীয়ে আজি শুভাৰম্ভণি কৰিলে কৰোণা ভেকচিন প্ৰদান প্ৰক্ৰিয়া

আজি সমগ্ৰ দেশৰ বাবেই এক ঐতিহাসিক দিন। আজিৰে পৰা সমগ্ৰ দেশতে আৰম্ভ হ’ল কৰোণাৰ ভেকচিন প্ৰদান প্ৰক্ৰিয়া। ভাৰতৰ এই কোৰোণা ভেকচিনেশ্যন প্ৰক্ৰিয়া সমগ্ৰ বিশ্ৱৰ ভিতৰতে সবাটোতকৈ ডাঙৰ হিচাপে চিহ্নিত হৈছে। কোৰোণাৰ টিকা প্ৰদানৰ বাবে সাজু কৰি তোলা হৈছে ৩০০৬টা কেন্দ্ৰ। অসমতো কোৰোণাৰ ভেকচিন প্ৰদানৰ বাবে বিশেষ পদক্ষেপ হাতত লোৱা হৈছে। দিনৰ ১০.৩০ বজাত প্ৰথম ভেকচিন ল’ব ৰাজ্যৰ ১২ জন বিশিষ্ট চিকিৎসকে। অসমত প্ৰথম ভেকচিন ল’ব ডাঃ উমেশ চন্দ্ৰ শৰ্মাই ৷ দ্বিতীয় ভেকচিন ল’ব ডাঃ ধ্ৰুৱজ্যোতি বৰাই ৷ তৃতীয় ভেকচিন ল’ব পদ্মশ্ৰী ডাঃ ইলিয়াছ আলীয়ে। কোভিড১৯ৰ ভেকচিন ল’বই লাগিব বুলি ধৰা বন্ধা নিয়ম নাই। কিন্তু কোৰোণা যুদ্ধা সকলে ভেকচিন লোৱাটো জৰুৰী। প্ৰথম ভেকচিনৰ লোৱাৰ ২৮ দিন পিছত দ্বিতীয় ডোজ ল’ব লাগিব ৷ আকৌ তাৰ ১৪ দিনৰ পিছত তৃতীয় ডোজ ভেকচিন ল’ব লাগিব ৷ প্ৰথম ডোজ লোৱাৰ পিছতো কোভিড১৯ শেষ নহয় ৷ তিনি ডোজ ল’লেহে কোভিড১৯ৰ পৰা নিৰাময় পাব। লগতে দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ’ব। আজি তিনি কোটি মানুহক ভেকচিন দিয়া হ’ব ৷ মুঠ ৩০ কোটি প্ৰথম পৰ্যায়ত দিয়া হ’ব।অসমত কোৰোণা যুদ্ধাক প্ৰথম পৰ্যায়ত ভেকচিন দিয়া হ’ব। চিকিৎসক, নাৰ্ছ, এম্বুলেন্সৰ চালক আদিক কোৰোণা যুদ্ধা হিচাপে ধৰা হৈছে। আনহাতে দ্বিতীয় পৰ্যায়ত ফ্ৰণ্টলাইনত কাম কৰা সকলক ভেকচিন দিয়া হ’ব ৷ আৰক্ষী, CRPF আদি ইয়াৰ আওঁতাত পৰে। তৃতীয় পৰ্যায়ত বাকীসকলক দিয়া হ’ব।

মুকালমুৱাৰ ঘৰুৱাবাহাত পথ দুৰ্ঘটনাত নিহত ১ জন

নলবাৰী জিলাৰ মুকালমুৱাৰ নিকটৱৰ্টী ঘৰুৱাবাহাত  সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী মহিলা নিহত হয়।জানিব পৰা মতে, ঘৰুৱাবাহাৰ পৰা ২ নং নাৰোৱা অভিমুখে তীব্ৰ গতিত আহি থকা এখন স্কৰপিঅ’ বাহনে প্ৰথমে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ বাওঁফালে বাগৰি‌ যোৱাৰ উপক্ৰম হোৱাত চালকজনে একেই গতিত বাহনখন সোঁফালে ঘূৰাবলৈ‌ লওতেপথতে মেৰামতিৰ কাম কৰি থকা দুগৰাকীকৈ মহিলা আঘাতপ্ৰাপ্ত হয়। লগে লগে  আঘাতপ্ৰাপ্ত মহিলা দুগৰাকীক মুকালমুৱাৰ গ্ৰামীণ চিকিৎসায়ত ভৰ্তি কোৰোৱা হয় যদিও গুৰুতৰভাবে আঘাত পোৱা গণেশ্বৰী বড়ো (৪২) নামৰ মহিলা গৰাকীক চিকিৎসকে মৃত বুলি ঘোষণা কৰে।মৃত গণেশ্বৰী বড়ো কেকানকুছি। গাঁৱৰ  বাসিন্দা বুলি জানিব পৰা গৈছে।উল্লেখ্য যে- ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে চালক জন।পিছত ক্ষুব্ধ ৰাইজে উত্তেজিত হৈ জলাই দিয়ে স্কৰপিঅ’ বাহনখন।

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

দুই শতাধিক বয়োজ্যেষ্ঠ নাগৰিকক শ্ৰদ্ধা জ্ঞাপন বিধায়ক ৰূপক শৰ্মাৰ

ভোগালী বিহু উপলক্ষে নগাঁও চহৰৰ কলঙৰ বাকৰি নেহৰুৱালিত সৃষ্টি হৈছে উখল মাখল পৰিৱেশ। ভোগালী উৎসৱত সমবেত জনতাই সৃষ্টি কৰিছে এই পৰিৱেশ। কৰোণাসৃষ্ট পৰিৱেশৰ বাবে বিগত সময়ত ৰাজ্য খনৰ আন ঠাইৰ লগতে নগাঁৱতো কোনো ধৰণৰ উৎসৱ সাংস্কৃতিক অনুষ্ঠান আদি হোৱা নাছিল।

প্ৰায় ন মাহৰ বিৰতিৰ পিছত সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতিয়ে পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ১০৮ সংখ্যক ভোগালী উৎসৱত বিহু উৎসৱ উপভোগ কৰিবলৈ নেহৰুৱালিলৈ ঢাপলি মেলিছে জাকে জাকে লোক। ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই ভোগালী উৎসৱৰ আজি তৃতীয় দিনা পুৱা চাইকেল চালনা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, ভূপূন্দ্ৰ সংগীত, আধুনিক গীত প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পিছত দুপৰীয়া পিঠা-পনা প্ৰতিযোগিতা, বিয়লি দিবা-নৈশ ভলীবল প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা, কণ কণ লৰা-ছোৱালীৰ সৌন্দৰ্য প্ৰতিযোগিতা আৰু সন্ধ্যাৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াৰ পুৰ্বে কালি ভোগালী বিহুৰ দিনটোত পুৱা ১০ বজাত বিহুৰ পতাকা উত্তোলনেৰে দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ হয়। ইয়াৰ পিছত স্মৃতিগ্ৰন্থ উন্মোচন, স্মৃতি তৰ্পন, মেজি প্ৰজ্বলনেৰে অগ্নি সেৱা,দুই শতাধিক বয়োজ্যেষ্ঠ নাগৰিকক  শ্ৰদ্ধা জ্ঞাপন কৰা হয়। ইপিনে ভোগালী বিহু থলীত ৰাইজৰ মঙ্গল কামনাৰে মেজি প্ৰজ্বলন কৰি বিহু উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই কয় যে  মেজিৰ জুইৰ তাপত সকলো অপায় অমঙ্গল নাশ হ‌ওক আৰু নগাওঁ খন নতুন ৰূপত গঢ়ি উঠক তাৰেই কামনা কৰিলো। মেজিৰ জুইয়ে  সকলোৰে হৃদয়,মন,প্ৰাণ উমাল কৰি তোলক লগতে  সমাজৰ পৰা নাশ হ‌ওক অসূয়া,অমংগল, অন্ধকাৰ আৰু অপশক্তি ।ভোগ প্ৰাচুৰ্যৰে উপচি পৰক  প্ৰতিটো দিন সকলোৰে । দুপৰীয়া ভোগালী বিহু তলীত লৰা-ছোৱালীৰ মাজত খেল-ধেমালি প্ৰতিযোগিতা, প্ৰাইজমানি মুকলি কুইজ আৰু সন্ধ্যা স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

ঢকুৱাখনাত সতিনী বিললৈ সমূহীয়া মৎস্য চিকাৰৰ বাবে ওলাই আহিল শ শ পুৰুষ-মহিলা

জাক জাক পুৰুষ-মহিলাই জাকৈ-জুলুকী লৈ নামিল বিলত : বিহু নামেৰে মুখৰ সতিনী বিলৰ পাৰ

অসমীয়াৰ বাপতি সাহোন মাঘবিহুৰ প্ৰথম দিনটোত ঢকুৱাখনা সতিনী বিলত  গোঁসাই বাৰী, দিঘলা চাপৰি, মানিকাচুক, দিঘলা গাওঁ আৰু ২ নং হিলৈদাৰী পাঁচখন গাৱঁৰ ৰাইজে পূৰ্ব পৰম্পৰা অক্ষুণ্ণ ৰাখি সমূহীয়া মৎস্য চিকাৰ কৰিবলৈ জাক জাক পুৰুষ-মহিলাই জাকৈ-জুলুকী লৈ নামিল সতিনী বিলত ৷ বিলত মৎস্য চিকাৰৰ পূৰ্বে পূৰ্ব যি নীতি নিয়ম আছে সেই অনুসৰি গায়ন বায়নেৰে ঘাট মৰা লগতে পূজা অৰ্চনা কৰা পাছতহে গাওঁবাসী বিলত মৎস্য চিকাৰৰ বাবে আনন্দত ফুৰ্তি কৰি বিহু নাম গাই মৎস্য চিকাৰ কৰে ৷

কভিড’১৯ সংক্ৰমণৰ মাজতে পূৰ্বতকৈ ভোগলীৰ উৎসাহ ৰাইজৰ মাজত ম্লান পৰিছে যদিও ইয়াৰ মাজতে অসমীয়াই পালন কৰিছে হেঁপাহৰ ভোগালী বিহুটি। আৰু এনে এটা বিহুৰ দিনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিলত স্থানীয় ৰাইজে মিলি সমূহীয়া মৎস্য চিকাৰ কৰাটো এটা পৰম্পৰা। ৰাজ্যৰ অন্য স্থানৰ দৰে মাঘৰ প্ৰথম দিনটোত পুৱাই ঢকুৱাখনাৰ সতিনী বিলতো সমূহীয়া মৎস্য চিকাৰত নামিল শ শ পুৰুষ মহিলা।ইপিনে ঢকুৱাখনাৰ বৰদৈ পঞ্চায়তৰ অন্তৰ্গত পাতৃচুক, কৰঙা, ফুচকৰা, নাগপুৰ, মৰনৈ, মৰনৈ চাপৰি, বাটচৰা, সৰিয়নি, কাঠগাঁও, বলাহী, কৌপাতনী , সৰিয়নি, আলিমুৰ, অয়েঙীয়া, ৰূপহী, ছাকুলী আদি অঞ্চলৰ পুৰুষ মহিলাই হাতে হাতে এইদৰে জাকৈ, খালৈ, প’ল’, চালনী, আঁঠুৱা লৈ পানীত নামিল আনন্দ মনেৰে। কোনে কিমান ডাঙৰ মাছ পাই তাৰ বাবেও চলিল সকলোৰে মাজত প্ৰতিযোগিতা।

এজনে যদি বৰালি ধৰিছে আন কোনো জনে পাইছে শ’ল, ৰৌ, শিঙি, মাগুৰ, কাৱৈ, পুঠি, খলিহনা, গৰৈ আদি কিমান যে বিধে বিধে মাছ। ইয়াৰ মাজতে কোনোজনে যদি বিহুগীত এফাঁকি আৰম্ভ কৰিলে বাকী সকলে যেন তাত হাত উজান দিলে। মুঠতে এক ভাৱিব নোৱাৰা পৰিৱেশ এইখন  ঐতিহ্যমণ্ডিত সতিনী বিলৰ পাৰত। কাৰণ ইয়াত কোনো সৰু বৰ নাই। ইয়াত সকলো সমান।

কণ কণ শিশুৰ পৰা গাঁৱৰ  কি জীয়ৰী, কি বোৱাৰী পিছপৰি ৰোৱা নাই মহিলা – বৃদ্ধ সকলো ৷ সকলোৱে মিলি আনন্দেৰে মৎস্য চিকাৰ কৰা দেখা গৈছে ৷ বিশেষকৈ ইয়াত কাৰো মাজত কোনো ভেদাভেদ নাই। ইয়াত যে সকলো আহিছে সমজুৱাকৈ মাছ ধৰা পৰম্পৰাৰ ধৰি ৰাখিবলৈহে।

কোনে কিমান মাছ পালে সেয়া ডাঙৰ কথা নহয়, আনন্দ ফুৰ্তি হে ডাঙৰ কথা সকলোৰে মাজত। সেয়ে ইয়াত অতীতৰ পৰা মাঘৰ প্ৰথম দিনটোতেই এইদৰে সমূহীয়াকৈ মাছ মৰাৰ পৰম্পৰা মাজেৰে বৰ্তি আছে মৰম আৰু চেনেহৰ একতাৰ বান্ধোন।

চিবিআইৰ কাৰ্যালয়তে তালাচী চিবিআই বিষয়াৰ : কিন্তু কিয় !

এবাৰ দুৰ্নীতিৰ অভিযোগ উঠিল খোদ দুৰ্নীতিৰ তদন্তকাৰীৰ বিৰুদ্ধে ৷ অৰ্থাৎ দুর্নীতিৰ অভিযোগত এইবাৰ নিজৰ কাৰ্যালয়তেই তালাচী চলালে চিবিআই বিষয়াই।

উল্লেখ্য, বেঙ্ক প্রতাৰণাত জড়িত বহু কেইটা কোম্পানীক সহযোগিতা কৰা আৰু তেওঁলোকৰ পৰা উপঢৌকন লোৱাৰ অভিযোগ উঠিছে বহু কেইজন চিবিআই বিষয়াৰ বিৰুদ্ধে। দেশৰ বিভিন্ন ৰাজ্যৰ চিবিআইৰ বিভিন্ন কার্যালয়ত কর্মৰত এই বিষয়াসকলৰ বিৰুদ্ধে চিবিআইৰ দুর্নীতি নিৰ্মূল শাখাই গোচৰো ৰুজু কৰিছে।

চিবিআইৰ মুখপাত্র আৰ চি যোশীয়ে জনোৱা মতে, দিল্লী, গাজিয়াবাদ, নয়ডা, গুৰুগ্রাম, মিৰাট আৰু কানপুৰসহ দেশৰ ১৪টা স্থানত চিবিআইয়ে এই তালাচী অভিযান চলাইছে।

চিবিআই সূত্র মতে, অভিযুক্তসকলৰ ভিতৰত আছে চিবিআইৰ ডিএছপি আৰ কে ঋষি । তেওঁ গাজিয়াবাদৰ চিবিআই একাডেমিত কর্মৰত। ইয়াৰ উপৰি, বাকী তিনি অভিযুক্ত হ’ল, ডিএছপি আৰ কে ছাঙ্গোৱান আৰু বেঙ্ক ছিকিউৰিটি এণ্ড ফ্রড ছেলত কর্মৰত দুই বিষয়া ইনস্পেক্টৰ কপিল ধনখড় আৰু ষ্টেনো সমীৰ কুমাৰ সিং। এইসকল বিষয়াই নিজৰ পদমর্যাদাৰ সুযোগ গ্ৰহণ কৰি দুর্নীতিত সহায় কৰাৰ অভিযোগ উঠিছে।

কৃষি আইন সন্দৰ্ভত কেন্দ্ৰীয় কৃষি মন্ত্ৰী আৰু বিৰোধী সংগঠনৰ মাজত আলোচনা

কেন্দ্ৰীয় চৰকাৰ আৰু সংসদত অলপতে গৃহীত হোৱা কৃষি আইন কেইখনৰ বিৰোধীতা কৰা কৃষক সংগঠনসমূহৰ মাজত আজি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত নৱমলানি আলোচনা অনুষ্ঠিত হৈছে।

আলোচনাৰ পূৰ্বে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কৃষকসকলৰ ওজৰ-আপত্তি গ্ৰহণ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে এখন সমিতি গঠন কৰি দিবলৈ লোৱা সিদ্ধান্তক আদৰণি জনায়।

তেওঁ লগতে কয় যে, কৃষকসকলে উত্থাপন কৰা বিষয়সমূহ সমাধান কৰাৰ বাবে চৰকাৰে ইতিমধ্যে আলোচনা অব্যাহত ৰাখিছে। শ্ৰীটোমৰে কয় যে, কৃষক নেতাসকলৰ সৈতে মুক্ত মনেৰে চৰকাৰে আলোচনা চলাই আছে।

উল্লেখযোগ্য যে, উচ্চতম ন্যায়ালয়ে যোৱা মঙলবাৰে কৃষি আইন ৩ খনৰ ৰূপায়ণত পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত স্থগিতাদেশ জাৰি কৰিছিল। ন্যায়ালয়ে লগতে কৃষকসকলৰ ওজৰ-আপত্তি আৰু চৰকাৰৰ মতামত গ্ৰহণ কৰাৰ বাবে ৪ জনীয়া সদস্যৰ সমিতি গঠন কৰাৰ বিষয়ে ষোষণা কৰিছে। ৪ জনীয়া সমিতিখনৰ সদস্য কেইগৰাকী হৈছে ভাৰতীয় কিষাণ সংগঠনৰ সভাপতি ভূপিন্দৰ সিং মান, শেঠকৰি সংগঠনৰ সভাপতি অনিল ঘনৱট, আন্তঃৰাষ্ট্ৰীয় খাদ্য নীতি গৱেষণা প্ৰতিষ্ঠানৰ প্ৰমোদ কুমাৰ যোশী আৰু কৃষি অৰ্থনীতিবিদ অশোক গুলাটি। অৱশ্যে বৃহস্পতিবাৰে শ্ৰীমানে এই ৪ জনীয়া সমিতিৰ পৰা নিজকে আঁতৰাই আনে।

জাতি-জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিৰে জীপাল হৈ পৰিল ৰংঘৰৰ বাকৰি

Artist performs Bihu dance during Rangpur festival on the occasion of Magh Bihu at Sivsagar

বিহু নৃত্য,আও নগাসকলৰ যুদ্ধ নৃত্য, দেউৰী বিহু, হৰিণ নৃত্য, তিৱা নৃত্য আৰু মিচিং জনগোষ্ঠীয় ঐনিতম আদি জাতি-জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিৰে আজি জীপাল হৈ পৰিল ৰংঘৰৰ শিৱসাগৰৰ বাকৰি ৷

Artist performs Bihu dance during Rangpur festival on the occasion of Magh Bihu at Sivsagar on 15-01-21. Pix BY UB Photos

মাঘৰ প্ৰথম পুৱাতে টাইপাৰ পতাকা উত্তোলন আৰু মৈদাম তৰ্পণেৰে আৰম্ভ হোৱা ৰংপুৰ মেলাত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে৷ পহিলা মাঘৰ দিনাখনেই ৰংঘৰৰ চোতালত সুৰীয়া সাংস্কৃতিক পৰিৱেশত নিজকে বিলীন কৰি দিলে ৰংপুৰীয়াই ৷

উল্লেখ্য যে ১৬৯৯ খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰূদ্ৰ সিংহই নিৰ্মাণ কৰা ৰংপুৰ নগৰতে ১৭৪৬-৫৪ খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল বৰ্তমানৰ আটকধুনীয়া ৰংঘৰ। এছিয়াৰ প্ৰথম পেভেলিয়ন খ্যাত এই ৰংঘৰৰ পৰাই আহোম স্বৰ্গদেউসকলে উপভোগ কৰিছিল শেন-কনুৱাৰ যুঁজ, বাঘ-ঘোঙৰ যুঁজ, ম’হ যুঁজকে ধৰি বিভিন্ন খেল-ধেমালি। উপভোগ কৰিছিল কড়ি-ঢোপকে ধৰি বৰ্তমান বিলুপ্তপ্ৰায় খেলসমূহো। আনহাতে গছ তলৰ পৰা বিহুক আনি ৰংঘৰৰ চোতালতেই ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল আহোম স্বৰ্গদেউসকলে।

কাইলৈ ১.৯ লাখ লোকক দিয়া হ’ব ক’ভিড ভেকচিন

কাইলৈ আৰম্ভ হ’ব ক’ভিড ভেকচিন প্ৰক্ৰিয়া৷ ভেকচিনৰ প্ৰাকমুহূৰ্তত জনতা ভৱনত আয়োজন স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল৷ প্ৰথমতে ৰাজনৈতিক ব্যক্তিয়ে ভেকচিন লাভৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ নাপায়৷ প্ৰথম পৰ্যায়ত স্বাস্থ্যকৰ্মী, দ্বিতীয় পৰ্যায়ত সেনা-আৰক্ষী, ৩য় পৰ্যায়ত ৫০ৰ ঊৰ্ধ্বৰ আৰু জটিল ৰোগীৰ ব্যক্তিয়ে পাব ভেকচিন৷ কাইলৈ ১.৯ লাখ ভেকচিন প্ৰদান কৰা হ’ব৷

‘২.৯ লক্ষ ভেকচিন বিনামূলীয়া হ’ব৷ পাছত কি হয় সেয়া এতিয়া ক’ব নোৱাৰি কেন্দ্ৰই সিদ্ধান্ত ল’ব৷ প্ৰয়োজন হ’লে আৰোগ্য নিধিৰ পৰা চৰকাৰে খৰছ কৰিব’ বুলি হিমন্ত বিশ্বই মন্তব্য প্ৰকাশ কৰে৷ গৰ্ভৱতী মহিলাক ভেকচিন দিয়া নহ’ব৷ ইপিনে Covid Shieldৰ ক্ষেত্ৰত মৌখিক declaration দিব লাগিব৷ ভেকচিনৰ পাছত সৰু পাৰ্শ্বক্ৰিয়া হ’ব পাৰে৷ সপ্তাহত ৪ দিনহে প্ৰদান কৰা হ’ব ভেকচিন৷ ইপিনে প্ৰথম পৰ্যায়ত মুঠ ২.৯ লাখ লোকক দিব হ’ব ভেকচিন৷ দ্বিতীয় পৰ্যায়ত ১ লাখ সৈনিকক দিব লাগিব ভেকচিন৷

স্বাস্থ্যকৰ্মী চৰকাৰী আৰু ব্যক্তিগত দুয়ো খণ্ডৰে কৰ্মীয়ে পাব ভেকচিন৷ কাইলৈ পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০-৩০ বজাত মুকলি কৰিব ভেকচিনৰ প্ৰক্ৰিয়া৷ক’ভিড ভেকচিন লোৱাৰ আগতে এটা লিখিত declarations দিব লাগিব৷ ক’ভিড ভেকচিন দুবাৰ ল’ব লাগিব৷ প্ৰথমটোৰ পাছত 28 দিনৰ ভিতৰত দ্বিতীয়টো ল’ব লাগিব৷ কাইলৈ গুৱাহাটী মেডিকেল কলেজত বিশেষ ১২ গৰাকীক ভেকচিন দিবৰ বাবে আমন্ত্ৰণ জনোৱা হ’ব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷

পলাশবাৰীত পৃথকে পৃথকে দুখনকৈ যাত্ৰীবাহী বাছৰ দূৰ্ঘটনা

ভোগালীৰ উচাহৰ মাজতে পলাশবাৰী আৰক্ষী থানাৰ বৰ তেজপুৰৰ NRL তেল ডিপুৰ সন্মুখত সংঘটিত হয় ভয়ানক পথ দুৰ্ঘটনা । গুৱাহাটীৰ পৰা ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি আছিল ধুবুৰী অভিমুখি বাছ এখন । AS-01, EC-9020 নম্বৰ বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই বৰ তেজপুৰত পথৰ দাঁতিত থকা বৃহৎ আকাৰৰ কৃষ্ণ চুড়া এডালত খুন্দা মাৰে ।

আনটো ভয়ংকৰ বাছ দূৰ্ঘটনা সংঘটিত হয় পলাশবাৰীৰ সৰপাৰাত । গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখী গৈ থকা অৱস্থাত সৰাপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিৰ দ-খাৱৈত সোমাই যায় এখন যাত্ৰীবাহী বাছ । AS-01 MC-2967 নম্বৰৰ বাছখন দ-খাৱৈত বাগৰি পৰে । প্ৰায় ৪০ গৰাকী যাত্ৰী থকা বাছখনৰ বহুকেইগৰাকী যাত্ৰী আহত হয় বুলি জানিব পৰা গৈছে ৷