দেশপ্ৰেম, আত্ম বলিদান, মৃত্যুঞ্জয়ী আদৰ্শ আৰু বীৰত্বৰে মহীয়ান বীৰাংগনা নাৰী সতী সাধনীৰ আজি মৃত্যুৰ দিৱসৰ দিনটো সশ্ৰদ্ধ স্মৰণ কৰে ৰাজ্যবাসীয়ে | প্ৰকৃতাৰ্থত সাহস, ধৈৰ্য, বীৰত্ব আৰু দেশ–জাতিৰ বাবে চৰম বলিদান দিয়া যিকেইগৰাকী অসমীয়া বীৰাংগনাৰ নাম ইতিহাসৰ বুকুত স্বৰ্ণলিপিৰে খোদিত হৈ আছে তেওঁলোকৰ ভিতৰত এটি অন্যতম বীৰাংগনা সতী সাধনী মৃত্যুৰ দিনটোত ৰাজ্যৰ সমান্তৰালভাৱে গুৱাহাটী মহানগৰীৰ বসবাস কৰা চুতীয় জনগোষ্ঠীৰ ৰাইজেও স্মৰণ কৰে। সাম্প্ৰতিক ক’ভিড পৰিৱেশৰ ফলশ্ৰুতিত স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দশনাৰ অনুসৰি মহানগৰীৰ বৰবাৰী মেগজিনস্থিতি সতী সাধনী ভৱনত অনুষ্টুপীয়াকৈ আয়োজন কৰা হয় স্মৃতি দিৱস | সদৌ চুতীয়া জাতি সন্মিলনৰ উপ-সভাপতি তথা উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তৰুণ চুতীয়া, চুতীয়া সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সাধাৰণ সম্পাদক তথা নেৰামেকৰ পৰিচালন সঞ্চালক মনোজ কুমাৰ দাসে সাধনীৰ প্ৰতিচ্চবিত বন্তি প্ৰজ্বলনে আৰম্ভ কৰা স্মৃতি দিৱসত মহানগৰীৰ প্ৰায় অৰ্ধ শতাধিক পৰিয়ালে অংশ গ্ৰহণ কৰে | সমান্তৰালভাৱে বীৰাংগনা নাৰীগৰাকীৰ লগতে জনগোষ্ঠীটোৰ উপৰি পুৰুষ সোঁৱৰি আৰু শেহতীয়াকৈ হেৰাই যোৱা জাতিটোৰ লোকসকলক আত্মাৰ সদগতি কামনা কৰি মৌন প্ৰাৰ্থানাৰে আৰম্ভ হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠাত উচ্চ ন্যায়ালয়ৰ অধিবক্তা কবিন শইকীয়া, আৰক্ষী বিষয়া বাবুল চন্দ্ৰ বৰা, জ্যেষ্ঠ নাগৰিক ৰঞ্জন চুতীয়া, দৈনন্দিন বাৰ্তাৰ কাৰ্যবাহী সম্পাদক দিম্পুল চুতীয়া, চুতীয়া ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দিম্পুল চুতীয়া, চুতীয়া যুৱ সন্মিলনৰ শিক্ষা সম্পাদক জ্ঞানেন চুতীয়া আদিয়ে অংশগ্ৰহণ কৰে | উল্লেখ্য যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাকৰিতে আয়োজিত এক স্মৃতি চাৰণ সভাত জ্যেষ্ঠ অধিবক্তা তৰুণ চুতীয়া, নেৰামেকৰ পৰিচালন সঞ্চালক মনোজ কুমাৰ দাস, অগপৰ যুৱ নেত্ৰী কস্তুৰী চুতীয়া,চুতীয়া ছাত্ৰ সন্থাৰ সদস্যা দিম্পী মেধি আদিয়ে মহীয়সীগৰাকীৰ স্মৃতি ৰোমন্থন কৰে | চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক কুণ্ডিল চুতীয়া, মহানগৰ জিলা চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পাৰ্থ হাজৰিকাৰ উদ্যোগত আয়োজিত অনুষ্ঠানটো আঁত ধৰে সাংবাদিক ৰণ্টু নেওগে|
সৰুপথাৰত কেন্দ্ৰীয় বীৰাঙ্গনা সতী সাধনী দিৱস ৷
সৰুপথাৰৰ ছেৱাগুৰি বীৰপাল সমন্বয় ক্ষেত্ৰত বীৰাঙ্গনা সতী সাধনী দিৱস উদ়াপন কৰা হয় ৷
সদৌ চুতীয়া জাতি সন্মিলন , সদৌ চুতীয়া জাতি মহিলা সন্মিলন , চুতীয়া যুৱ সন্মিলন আৰু সদৌ অসম চুতীয়া ছাত্ৰ সন্হাৰ উদ্যোগত
অসম চৰকাৰৰ সাস্কৃতিক বিভাগ , ধনশিৰি , বোকাজান চুতীয়া জাতি সন্মিলনৰ সহযোগত আৰু ধনশিৰি মহকুমা ৰাইজৰ সহযোগত আয়োজন কৰা সাধনী দিৱসৰ দিনাৰ পুৱাৰ কাৰ্যসুচীত বৃক্ষৰোপন , চুতীয়া জাতীয় ধ্বজা উত্তোলন , স্মৃতি তৰ্পন , সতী সাধনীৰ প্ৰতিছব্বিত বন্তি প্ৰজ্বলন , মাল্যাৰ্পন , দেওকুবেৰ শলিতা লগোৱা সকাম , চিত্ৰাংকনৰ প্ৰতিযোগিতাৰ ওপৰিও গায়ন-বায়ন , ৰাভা কৃষ্টিৰ লগতে জেং বিহু , বড়ো কৃষ্টি , ঝুমুৰ , বিহু নৃত্ প্ৰৰ্দশন অনুষ্ঠান কাৰ্যসুচী সম্পন্ন হয় ৷
দুপৰীয়া সদৌ চুতীয়া জাতি সন্মিলনৰ সভাপতি অমিয় বৰাৰ সভাপতিত্বত এখনি মুকলি সভা অনুষ্ঠিত কৰা হয় ৷
হোজাই বন বিভাগৰ অভিযানত অগৰু ভৰ্ত্তি গাড়ী জব্দ।
হোজাই বন বিভাগৰ অভিযানত অগৰু ভৰ্ত্তি গাড়ী জব্দ।
হোজাইৰ জয়ন্তীয়া বস্তিৰ পৰা AS 03 AC 8453 নম্বৰৰ এখন অগৰু ভৰ্ত্তি গাড়ী জব্দ কৰে।
জব্দকৃত গাড়ীখনৰ লগতে অগৰুখিনি ইতিমধ্যে হোজাই বন কাৰ্য়ালয়লৈ অনা হয়।
গাড়ীখনত থকা অগৰু কাঠ সংক্ৰান্তত ইতিমধ্যে অনুসন্ধান অব্যাহত ৰাখিছে হোজাই খণ্ড আঞ্চলিক বন বিষয়াগৰাকীয়ে।
প্ৰাৰম্ভিক অনুসন্ধানৰ পিছতহে সকলো তথ্য পোহৰলৈ আহিব বুলি জানিবলৈ দিয়ে।
মহাৰাষ্ট্ৰৰ নাছিকত শোকাৱহ দুৰ্ঘটনাত ১১জনৰ মৃত্যু।
মহাৰাষ্ট্ৰৰ নাছিকত শোকাৱহ দুৰ্ঘটনাত ১১জনৰ মৃত্যু।
এখন চিকিৎসালয়ৰ বাহিৰত অক্সিজেন টেংকাৰৰ পৰা গেছ নিৰ্গত হোৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।
নাছিকৰ জাকিৰ হুছেইন হাস্পতালত এই দুৰ্ঘটনা সংঘটিত হয়।
এই দুৰ্ঘটনাৰ ফলত হাস্পতালখনত অক্সিজেনৰ যোগানো ব্যাহত হৈ পৰে।
নিতাইপুখুৰীৰ মোহিনী মোহন গগৈ’ৰ ঘৰত শোকাকূল পৰিৱেশ : অপহৰণকাণ্ডৰ লগত জড়িত নিগমৰ এম্বুলেঞ্চ উদ্ধাৰ
লাকুৱাত পুৱতি নিশা অ’ এন জি চি (অসম সম্পদ)ৰ তিনি কৰ্মচাৰীক অস্ত্ৰধাৰী দল এটাই অপহৰণ কৰি নিয়ে । কৰ্মচাৰী তিনিজন ক্ৰমে মোহিনী মোহন গগৈ, ৰিতুল শইকীয়া আৰু অলকেশ শইকীয়া । মঙলবাৰে পুৱতি নিশা প্ৰায় ২ মান বজাত সংঘটিত হয় এই অপহৰণৰ কাণ্ড । অপহৰণ কাণ্ডৰ পিছত এতিয়া শোকাকূল পৰিৱেশ বিৰাজমান কৰিছে তিনিওজনৰে ঘৰত । মোহিনী মোহন গগৈৰ মাতৃ, পৰিয়ালবৰ্গ তথা গাঁৱবাসীৰ উক্ত যুৱকজনক এৰি দিবলৈ কাতৰ অনুৰোধ জনালে উগ্ৰপন্থীক । জানিব পৰা মতে ৫/৬ জনীয়া অচিনাক্ত অস্ত্ৰধাৰী দল এটাই লাকুৱা তৈলক্ষেত্ৰৰ এটা ৰিগত কাম কৰি থকা সময়ত নিগমৰ এই কৰ্মচাৰী কেইজনক অপহৰণ কৰি নিয়ে । অপহৰণ কাণ্ডত অ’ এন জি চিৰ এখন এম্বুলেঞ্চ ব্যৱহাৰ কৰিছিল বুলি জানিব পৰা গৈছে । আনহাতে দুস্কৃতিকাৰীয়ে অপহৰণকাণ্ডৰ লগত ব্যৱহাৰ কৰা নিগমৰ এম্বুলেঞ্চ খন অসম নাগালেণ্ড সীমান্তৰ নিমনাগড়ৰ জংঘলৰ মাজৰ পৰা উদ্ধাৰ কৰা হৈছে ।
চিকিৎসালয়ৰ কক্ষৰ পৰাই পলায়ন ক’ভিড ১৯ত আক্ৰান্ত ৰোগীৰ।
ক’ভিড ১৯ ৰোগত আক্ৰান্ত এজন যুৱক চিকিৎসালয়ৰ পৰা পলায়ন কৰা কাৰ্যই এতিয়া তীব্ৰ আতংকৰ সৃষ্টি কৰিছে নাহৰকটীয়াত। উল্লেখযোগ্য যে টিংখং প’ষ্ট অফিচৰ সমীপৰ জ্যোতিষ বড়া নামৰ যুৱকজনে অসুস্থতাত ভুগি থকাত মংগলবাৰে নাহৰকটীয়া দীঘলা পথাৰ স্থিত সামূহিক স্বাস্থ্য কেন্দ্ৰৰ বহি: বিভাগত তেওঁ নিজৰ চিকিৎসা কৰাবলৈ উপস্থিত হয়। সেই সময়তে স্বাস্থ্য বিভাগৰ নিয়ম অনুসৰি যুৱকজনক প্ৰথমে ৰেপিড এণ্টিজেন টেষ্ট কৰোৱাত যুৱকজনৰ দেহত ধৰা পৰে ক’ভিড ১৯ৰ অৱস্থিতি ।
তাৰ পিছতই ক’ভিড প্ৰটকল অনুসৰি যুৱকজনক আছুতীয়া কক্ষত ৰাখি চিকিৎসা কৰ্মী সকলে অন্য ৰোগীক ৰেপিড এণ্টিজেন টেষ্ট কৰি থকাৰ সময়তে সুবিধা বুজি আছুতীয়া কক্ষৰ পৰা পলায়ন কৰাৰ লগতে যুৱকজনে বন্ধ কৰি দিয়ে নিজৰ মোবাইল ফোনটো । ইফালে যুৱকজন চিকিৎসালয়ৰ পৰা পলায়ন কৰা কথা জানিবলৈ পাৰি এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় চিকিৎসকসকলৰ লগতে তাত উপস্থিত থকা লোকসকলৰ মাজত ।শেহতীয়াকৈ এই ঘটনাৰ সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষই ডিব্ৰুগড় জিলা প্ৰশাসনৰ লগতে নাহৰকটীয়া আৰক্ষী থানা, টিংখং আৰক্ষী থানা, নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়া আৰু টিংখং ৰাজহ চক্ৰ বিষয়া এক লিখিত অভিযোগ দাখিল কৰাত যুৱকজনক বিচাৰি তীব্ৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।
হিন্দু ব্যক্তিৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিলে দুই মুছলমান ভাতৃয়ে
তেলেংগানাত কোৰোণা ভাইৰাছৰ ফলত মৃত্যু হোৱা এজন হিন্দু ব্যক্তিৰ মৃতদেহৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি এই দুগৰাকী ভাতৃয়ে দেখুৱালে মানৱতা।
ৰাজ্যখনৰ পেড্ডা কোডাপগ্গল মণ্ডলৰ কেটপাল্লি গাঁৱৰ ঘটনা এয়া। আত্মীয় তথা পৰিয়ালৰ লোকে অন্তিম সংস্কাৰ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰা এগৰাকী হিন্দু কোভিড–১৯ ৰোগীৰ মৃতদেহ সৎকাৰ কৰি দুই মুছলমান ভাতৃয়ে উভালি পেলালে একাংশই ৰোপণ কৰা সাম্প্ৰদায়িকতাৰ বীজ৷
জানিব পৰা মতে, মৃত মঘুলিয়া নামৰ লোকজন কিছুদিন পূৰ্বে অসুস্থ হৈ পৰিছিল আৰু তেওঁৰ কোভিড–১৯ পৰীক্ষাৰ ফলাফল পজিটিভ আহিছিল। ৰোগ নিৰ্ণয়ৰ পিছত, তেওঁক চিকিৎসাৰ বাবে ভাঞ্চুভাদাৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল। তেওঁৰ মৃত্যুৰ পিছত, মঘুলীয়াৰ পৰিয়ালৰ সদস্যসকলে তেওঁৰ শৰীৰৰ সংস্পৰ্শলৈ আহিবলৈ বা সৎকাৰ কৰিবলৈ অস্বীকাৰ কৰিছিল৷ কিয়নো পৰিয়ালৰ লোকসকলে কোভিডত আক্ৰান্ত হোৱাক লৈ শংকিত হৈ পৰিছিল।
সেই সময়তে শ্বফি আৰু আলী নামৰ দুগৰাকী ভাতৃয়ে মৃতকৰ অন্তিম সৎকাৰ কৰিবলৈ আগবাঢ়ি আহিছিল। মঘুলীয়াৰ সৈতে কোনো তেজৰ সম্পৰ্ক নথকা সত্ত্বেও দুই ভাতৃয়ে এম্বুলেন্সত মৃতদেহ কঢ়িয়াই তেওঁলোকৰ নিজৰ চিকিৎসালয়ৰ ভাঞ্চুভাদাৰৰ নিকটতম হিন্দু শ্মশানলৈ লৈ গৈছিল আৰু হিন্দু ৰীতি-নীতি অনুসৰিয়েই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিছিল।
মুছলমান ভাতৃদ্বয়ৰ এই মানৱীয় কাৰ্যক সাম্প্ৰদায়িকতাৰে বিৰুদ্ধে জয় হিচাপে গণ্য কৰা হৈছে, য’ত বহুতো স্থানীয় লোকে আচৰিত আৰু আনন্দ প্ৰকাশ কৰাৰ লগতে দুয়োগৰাকী ভাতৃৰ নিস্বাৰ্থ ভংগীক প্ৰশংসা কৰিছে।
কোভিডত আক্ৰান্ত হৈ হায়দৰাবাদৰ চিকিৎসালয়ত মৃত্যুক সাবটিলে তিনি সন্তানৰ মাতৃ নগাঁৱৰ দিপ্তী হাজৰিকাই
দক্ষিণ ভাৰতৰ তেলেংগানাত বাস কৰা দিপ্তী হাজৰিকা(৪১) নামৰ এগৰাকী মহিলাই হায়দৰাবাদৰ এখন চিকিৎসায়ত কোভিড–১৯ত আক্ৰান্ত হৈ মৃত্যুক সাবটি লয়। নগাঁৱৰ ৰণথলীৰ ধৰ্মেন্দ্ৰ হাজৰিকাৰ পত্নী তথা দুটি কন্যা সন্তান আৰু এটি পুত্ৰ সন্তানৰ মাতৃ দিপ্তী ৪ দিন ধৰি কোভিড–১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।
জানিবপৰা মতে, বিগত বহুবছৰ ধৰি ধৰ্মেন্দ্ৰ হাজৰিকাই পত্নী দিপ্তী আৰু তিনি সন্তানৰ সৈতে তেলেংগানাত বাস কৰিছিল। আজিৰ পৰা ৫দিন পূৰ্বে ধৰ্মেন্দ্ৰ হাজৰিকাৰ পৰিয়ালটো জ্বৰ-কাঁহত ভুগি আছিল। তেলেংগানা স্বাস্থ্য বিভাগে ৰেপিড এণ্টিজেন টেষ্টৰ জৰিয়তে ধৰ্মেন্দ্ৰ আৰু দিপ্তীৰ দেহত কোভিড–১৯ৰ সংক্ৰমণ ধৰা পেলায়। দুয়োৰে স্বাস্থ্যৰ অৱস্থা সুস্থিৰ হোৱাত চিকিৎসকে তেওঁলোকক হোম আইছ’লেচনত থকাৰ পৰামৰ্শ দিয়ে। কিন্তু শনিবাৰৰ দিনা দেওবাৰে বিয়লি দিপ্তীৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ বেয়ালৈ ঢাল খোৱাত তেওঁক হায়দৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয়। অৱশেষত মঙলবাৰে নিশা চিকিৎসালয় কৰ্তৃপক্ষই দিপ্তী আৰু ইহসংসাৰত নাই বুলি পৰিয়ালক ফোনযোগে অৱগত কৰে।
ইপিনে দিপ্তীৰ স্বামী আৰু তিনি সন্তান কোৱাৰেণ্টাইন হৈ থকাৰ বাবে মাতৃক অন্তিম মুহুৰ্ততে চোৱাৰ সুযোগ নাপালে। পৰিয়ালৰ অনুপস্থিতিতেই দিপ্তীৰ অন্তিম সৎকাৰ কৰে তেলেংগানা প্ৰশাসনে। আজি পুৱা এই খবৰ লাভ কৰাৰ লগে লগে শোকত ভাগি পৰে নগাঁৱৰ ৰণথলীৰ ৰাইজ। উল্লেখযোগ্য যে, দিপ্তী তেলেংগানাৰ এখন বিউটি পাৰ্লাৰত কৰ্মৰত হৈ আছিল।










