Breaking

মহানগৰীত বীৰাংগনা সতী সাধনী স্মৃতি দিৱস উদযাপন

0 2,569

দেশপ্ৰেম, আত্ম বলিদান, মৃত্যুঞ্জয়ী আদৰ্শ আৰু বীৰত্বৰে মহীয়ান বীৰাংগনা নাৰী সতী সাধনীৰ আজি মৃত্যুৰ দিৱসৰ দিনটো সশ্ৰদ্ধ স্মৰণ কৰে ৰাজ্যবাসীয়ে | প্ৰকৃতাৰ্থত সাহস, ধৈৰ্য, বীৰত্ব আৰু দেশ–জাতিৰ বাবে চৰম বলিদান দিয়া যিকেইগৰাকী অসমীয়া বীৰাংগনাৰ নাম ইতিহাসৰ বুকুত স্বৰ্ণলিপিৰে খোদিত হৈ আছে তেওঁলোকৰ ভিতৰত এটি অন্যতম বীৰাংগনা সতী সাধনী মৃত্যুৰ দিনটোত ৰাজ্যৰ সমান্তৰালভাৱে গুৱাহাটী মহানগৰীৰ বসবাস কৰা চুতীয় জনগোষ্ঠীৰ ৰাইজেও স্মৰণ কৰে। সাম্প্ৰতিক ক’ভিড পৰিৱেশৰ ফলশ্ৰুতিত স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দশনাৰ অনুসৰি মহানগৰীৰ বৰবাৰী মেগজিনস্থিতি সতী সাধনী ভৱনত অনুষ্টুপীয়াকৈ আয়োজন কৰা হয় স্মৃতি দিৱস | সদৌ চুতীয়া জাতি সন্মিলনৰ উপ-সভাপতি তথা উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তৰুণ চুতীয়া, চুতীয়া সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সাধাৰণ সম্পাদক তথা নেৰামেকৰ পৰিচালন সঞ্চালক মনোজ কুমাৰ দাসে সাধনীৰ প্ৰতিচ্চবিত বন্তি প্ৰজ্বলনে আৰম্ভ কৰা স্মৃতি দিৱসত মহানগৰীৰ প্ৰায় অৰ্ধ শতাধিক পৰিয়ালে অংশ গ্ৰহণ কৰে | সমান্তৰালভাৱে বীৰাংগনা নাৰীগৰাকীৰ লগতে জনগোষ্ঠীটোৰ উপৰি পুৰুষ সোঁৱৰি আৰু শেহতীয়াকৈ হেৰাই যোৱা জাতিটোৰ লোকসকলক আত্মাৰ সদগতি কামনা কৰি মৌন প্ৰাৰ্থানাৰে আৰম্ভ হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠাত উচ্চ ন্যায়ালয়ৰ অধিবক্তা কবিন শইকীয়া, আৰক্ষী বিষয়া বাবুল চন্দ্ৰ বৰা, জ্যেষ্ঠ নাগৰিক ৰঞ্জন চুতীয়া, দৈনন্দিন বাৰ্তাৰ কাৰ্যবাহী সম্পাদক দিম্পুল চুতীয়া, চুতীয়া ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দিম্পুল চুতীয়া, চুতীয়া যুৱ সন্মিলনৰ শিক্ষা সম্পাদক জ্ঞানেন চুতীয়া আদিয়ে অংশগ্ৰহণ কৰে | উল্লেখ্য যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাকৰিতে আয়োজিত এক স্মৃতি চাৰণ সভাত জ্যেষ্ঠ অধিবক্তা তৰুণ চুতীয়া, নেৰামেকৰ পৰিচালন সঞ্চালক মনোজ কুমাৰ দাস, অগপৰ যুৱ নেত্ৰী কস্তুৰী চুতীয়া,চুতীয়া ছাত্ৰ সন্থাৰ সদস্যা দিম্পী মেধি আদিয়ে মহীয়সীগৰাকীৰ স্মৃতি ৰোমন্থন কৰে | চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক কুণ্ডিল চুতীয়া, মহানগৰ জিলা চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পাৰ্থ হাজৰিকাৰ উদ্যোগত আয়োজিত অনুষ্ঠানটো আঁত ধৰে সাংবাদিক ৰণ্টু নেওগে|

Leave A Reply