Home Blog Page 3080

জুনু বৰাক সমাজকৰ্মী বন্দনা গীতি সোঁৱৰণী বটা প্ৰদান

 আইদেউ জোনাকী বাটৰ সম্পাদিকা, গুৱাহাটী নিবাসী জুনু বৰাক সমাজকৰ্মী বন্দনা গীতি বৰা সোঁৱৰণী বঁটা ৫ জানুৱাৰীত পশ্চিম যোৰহাট অঞ্চলৰ ২১৫ নং ঘৰফলীয়া প্ৰাথমিক বিদ্যালয়ত নীৰদা গগৈ সভাপতিত্বত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত প্ৰদান কৰা হয় । উক্ত অনুষ্ঠানতে পকামূৰা নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক হেমধৰ শৰ্মাক সম্বৰ্ধনা জনোৱা হয় । ভবেন হাজৰিকাই আঁতধৰা গোলাপ বৰবৰাই মংগলাচৰণ কৰা, জনাৰ্দন ভুঞা বৰবায়নে উদ্বোধন কৰা অনুষ্ঠানত অধ্যাপিকা ড• জ্যোতিৰেখা হাজৰিকাই বন্দনা গীতি বৰাৰ পঞ্চম মৃত্যু বাৰ্ষিকী উপলক্ষে চেতনা মহিলা আত্মসহায়ক গোট আৰু মঞ্জুলা কলা কেন্দ্ৰই আয়োজন কৰা অনুষ্ঠানত ‘নাৰী সবলীকৰণ: সাম্প্ৰতিক পৰিস্থিতিত ইয়াৰ প্ৰাসংগিকতা’ বিষয়ত বক্তৃতা প্ৰদান কৰে । পৰিয়ালবৰ্গৰ সহযোগত আয়োজিত অনুষ্ঠানত অঞ্চলটোৰ ভালেসংখ্যক লোক উপস্থিত থাকি সহযোগিতা কৰে । উল্লেখ্য, নাৰী সবলীকৰণৰ বাবে দীৰ্ঘদিন কাৰ্য ৰূপায়ন কৰি অহা জুনু বৰাই জোনাকী বাট সম্পাদনাৰ লগতে ‘লিংগ বৈষম্য’, ‘শৃংখল শিঙাৰ আহ্বান’, ‘ভিন্ন প্ৰসংগ আৰু নাৰীৰ মূল্য’ লিখি প্ৰকাশ কৰিছে ।

শীঘ্ৰে অসমত প্ৰৰ্ৱতন হ’ব নতুন শিক্ষা নীতি : য’ত থাকিব Vacational Educationৰ এটি অংশ

ধেমাজি  কাৰিকৰী শিক্ষা প্ৰতিস্ঠানত  মঙ্গলবাৰে বি এড পাঠ্যক্ৰমৰ  শুভ উদ্বোধন কৰা হয় ৷ এই উপলক্ষে প্ৰতিস্ঠানৰ চৌহদতে এখনি অতি গুৰুত্বপূৰ্ণ সভাও অনুস্ঠিত কৰা হয় ৷ ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ দীপক বৰগোহাঁইয়ে সভাপতিত্বত অনুস্ঠিত হোৱা সভাত উদ্দেশ্য ব্যাখ্যা কৰে অধ্যক্ষ ভাগৱতী ৷ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই পাঠ্যক্ৰমৰ শুভ উদ্বোধন কৰি পয্যাপ্ত যাৱতীয় সা-সুবিধা কৰি দিয়া হ’ব বুলি উল্লেখ কৰি এই পাঠ্যক্ৰমে ধেমাজি জিলাখনত শিক্ষাৰ ক্ষেত্ৰত এক আশাৰ ৰেঙনি আনিব বুলি অৱগত কৰে ৷ সভাত বিশিষ্ট অতিথি হিচাপে অংশলৈ ড° ৰণোজ পেগুৱে নতুন শিক্ষা নীতিৰ ওপৰত তত্ত্ব গধুৰ বক্তব্য ৰাখে ৷ভাষন প্ৰসঙ্গত ধেমাজি বিধায়ক ড” ৰনোজ পেগুৰে কয় যে – ভাৰতবৰ্ষত বত্তমানেও ৭০ বছৰীয়া ইংৰাজৰ শিক্ষা নীতি চলি আছে ৷ চৰকাৰে এই শিক্ষা নীতি আজিও পৰিবৰ্তন কৰা নাই ৷ যাৰ বাবে সমগ্ৰ ভাৰতৰ লগতে আমাৰ অসমৰ বাবে ডাঙৰ সমস্যাৰ সৃষ্টি হৈছে ৷কিন্তুু অসমীয়া নতুন বছৰৰ আৰম্ভণিতে প্ৰৱৰ্তন হ’ব লগা এই নতুন শিক্ষা নীতিত প্ৰথম শ্ৰেণীৰ পৰাই থাকিব বৃত্তিমুলক প্ৰশিক্ষণৰ পাঠদান ৷পৃথিৱীৰ উন্নত দেশ জাৰ্মানত ১৮ বছৰৰ তলৰ ৯৮% আৰু তাৰ তুলনাত ভাৰতবৰ্ষত মাত্ৰ ৪% হে কাৰিকৰী শিক্ষা লাভ কৰে বুলি মন্তব্য কৰে ৷অন্যহাতেদি আজি আমাৰ শিক্ষানীতিত ডাক্তৰ ইঞ্জিনীয়াৰ আদি হৈছে যদিও এজন নাপিত বা এজন সফল খেতিয়ক হ’ব পৰা নাই ৷এজন নাপিত বা সফল খেতিয়ক হ’বলৈকো লাগিব শিক্ষা ৷গতিকে বৃত্তিমুলক শিক্ষা আমাক অত্যন্ত দৰকাৰ ৷সেইয়েহে আমাৰ বিদ্যালয় সমুহত এনে পাঠ্যক্ৰমৰ আৱশ্যক বুলি মতপোষণ কৰে ৷

মহানগৰীৰ খাৰঘূলিত ভয়ংকৰ অগ্নিকাণ্ড : জীৱন্তে অগ্নিদগ্ধ এগৰাকী বৃদ্ধা

মহানগৰীৰ খাৰঘূলিত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈছে এগৰাকী ৮৭ বছৰীয়া বৃদ্ধা । মৃত মহিলাগৰাকীৰ নাম ধনমায়া বিশ্বকৰ্মা বুলি জানিব পৰা গৈছে । জুইত জাহ গ’ল মহিলাগৰাকীৰ ঘৰটো । ঘটনাস্থলীত আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰে ।

বিগত দুটা বছৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটাও গঁড় হত্যা কৰিব পৰা নাই চোৰাং চিকাৰীয়ে

বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ চৰকাৰখনে ৰোধ কৰিব নোৱাৰা ধাৰাবাহিক গঁড় হত্যাক নিৰ্বাচনী ইছ্যূ হিচাপে লৈছিল বৰ্তমানৰ শাসকীয় দল বিজেপিয়ে। তেতিয়া বনমন্ত্ৰীৰ দায়িত্বত থকা বৰ্তমানৰ চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনৰ কাৰ্যকালত ব্যাপক হাৰত হোৱা গঁড় হত্যাই ক্ষোভিত কৰি তুলিছিল অসমৰ ৰাইজক। চোৰাং চিকাৰীয়ে নিৰ্মম ভাৱে ব্যাপক হাৰত এশিঙীয়া গঁড় হত্যা কৰি কাটি নিছিল খৰ্গ। ২০১১চনৰ পৰা ২০১৮ চনলৈকে মুঠ ৬৪টা গঁড় হত্যা কৰা হৈছিল নগাঁও জিলাৰ অধীনষ্ঠ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ আৰু বাগৰি ৰেঞ্জত। ইয়াৰে প্ৰায় অৰ্ধশতাধিক গঁড় হত্যাৰ ঘটনা সংঘটিত হৈছিল প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ কাৰ্যকালত। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কঠোৰ হাতেৰে চোৰাং চিকাৰীক দমন কৰাৰ বাবে নিৰ্দেশ দিছিল। শেহতীয়াভাৱে ৰাজ্যবাসীৰ বাবে ভালখবৰটো হৈছে একেৰাহে দুটা বছৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত তথা নগাঁও জিলাৰ অধীনষ্ঠ বাগৰি আৰু বুঢ়াপাহাৰ ৰেঞ্জত এটাও গঁড় হত্যা কৰিব পৰা নাই চোৰাং চিকাৰীয়ে। নগাঁও আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস আৰু জখলাবন্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতাৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে দেখুওৱা তৎপৰতাৰ বাবেই বৰ্তমান নগাঁও আৰক্ষীয়ে চোৰাং চিকাৰীৰ বিৰুদ্ধে লাভ কৰিছে বৃহৎ সফলতা। উল্লেখযোগ্য যে, ২০১৮চনৰে পৰা নগাঁও আৰক্ষীয়ে চোৰাং চিকাৰীৰ বিৰুদ্ধে চলাইছিল বহু সফল অভিযান। তেতিয়াৰ নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধি আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুল দাসৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছিল বহু অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ। ৰিপুল দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে নাগালেণ্ডৰ পৰাও গ্ৰেপ্তাৰ কৰিছিল কাজিৰঙাত গঁড় হত্যাৰ বাবে অহা মণিপুৰৰ কেইবাজনো দুধৰ্ষ চিকাৰীক। জখলাবন্ধা আৰক্ষী থানাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত বিষয়া দেবেন বৰাইয়ো অভিযান চলাই বহু চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে কেইবাজনো চোৰাং চিকাৰীক সমুখ-সমৰত গুলীয়াই হত্যা কৰিছিল। ইয়াৰ পিছত জখলাবন্ধা আৰক্ষী থানাৰ দায়িত্ব লোৱা নিপু কলিতায়ো কেইবাজনো চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিছিল। সেয়ে ২০১৯বৰ্ষত প্ৰথমবাৰৰ বাবে এটাও গঁড় হত্যা নোহোৱাকৈ পাৰ হৈছিল। সেই সময়তো কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়াৰ দায়িত্বত আছিল মৃন্ময় দাস। মৃন্ময় দাস আৰু নিপু কলিতাৰ দৰে আৰক্ষী বিষয়াই নিষ্ঠাৰে দায়িত্ব পালন কৰাৰ বাবেই নগাঁও আৰক্ষীয়ে এই সফলতা অৰ্জন কৰা বুলিও সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱে।বৰ্তমানৰ চৰকাৰখনে দায়িত্ব গ্ৰহণ কৰিয়ে কাজিৰঙাৰ বান্দৰডুবি আৰু দেওচাৰচুঙত চলোৱা উচ্ছেদ অভিযানৰ পিছতে  আশ্বৰ্য্যজনক ভাৱে হ্ৰাস পাইছিল গঁড় হত্যা। কাৰণ এই দুখন গাঁৱত সন্দেহযুক্ত নাগৰিকে চোৰাং চিকাৰীক আশ্ৰয়প্ৰদান কৰাৰ অভিযোগ বহু দিনৰে পৰা আছিল। অবৈধভাৱে কাজিৰঙাৰ ভূমি বেদখল কৰা এই দুখন গাঁৱৰ সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰাৰ পিচতে চোৰাং চিকাৰী আশ্ৰয়হীন হৈছিল। ফলশ্ৰুতিত কাজিৰঙাৰ এশিঙীয়া গঁড় হত্যা সন্তোষজনক ভাৱে হ্ৰাস পাইছে।

অসমত পুনৰ অগপ-বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত

“কংগ্ৰেছে ৰাজ্যখনৰ সাতামপুৰুষীয়া শান্তি- সম্প্ৰীতিত সদায় ব্যাঘাত জন্মাই আহিছে। বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলৰ কল্যাণ বা উন্নয়ন যিদৰে কংগ্ৰেছে নিবিচাৰে সেইদৰে তেওঁলোকৰ পৰম মিত্ৰ দল এআইইউডিএফেও নিবিচাৰে” – বৰপেটাত আজি এইদৰে কয় অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই । আজি অসম গণ পৰিষদৰ অন্তৰ্গত বৰপেটা বিধান পৰিষদৰ উদ্যোগত  জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত বিশাল জাতীয় ঐক্য সমাৰোহত অংশগ্ৰহণ কৰি সভাপতি বৰাই এইদৰে কৈ পুনৰ কয় যে ।  দৰাচলতে আগৰৰ বেপাৰী বদৰুদ্দিন আজমলে ৰাজ্যৰ লগতে বৰপেটাৰ ধৰ্মীয় সংখ্যালঘুসকলৰ মুখত তলা চাবি মাৰি থৈ সদায় তেওঁলোকৰ মুখবন্ধ কৰি ৰাখিব খুজিছে। বৰপেটা জিলাক অসম আন্দোলনৰ দুৰ্গ বুলি অভিহিত কৰি তেওঁ কয় যে অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ এইখন বৰপেটা জিলাৰে বীৰ সন্তান । জাতীয়বাদৰ বৰভেঁটি গঢ়োতা অম্বিকাগিৰি ৰায়চৌধুৰীৰো পূণ্যভুমি এইখন বৰপেটা । তাৰ পিছতো কংগ্ৰেছ দলে বহুবাৰ শাসনৰ গাদীত অধিস্থিত হোৱাৰ পিছতো বৰপেটাৰ বাবে উল্লেখযোগ্য কাম নকৰিলে। সদ্যসমাপ্ত বিটিচি নিৰ্বাচনত এটা বিগ জিৰো পোৱা কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই আগন্তুক অসম বিধান সভাৰ নিৰ্বাচনতো এটা বিগ জিৰো লাভ কৰিব । অনাগত দিনত দিছপুৰত পুনৰ অগপ-বিজেপিৰ মিত্ৰজোঁটৰেই চৰকাৰ গঠন হোৱাটো নিশ্চিত । অসম গণ পৰিষদ দলে অসম চুক্তি অনুসৰি ১৯৭১ চনক ভিত্তিবৰ্ষ  হিচাপে মানি সেইঅনুসৰি জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকক ভাৰতীয় নাগৰিক হিচাপে মৰ্যদা  কৰে বুলি মন্তব্য কৰি সভাপতি বৰাই যথেষ্ট আক্ষেপেৰে কয় যে কংগ্ৰেছ- এআইইউডিএফৰ ঔৰসত জন্ম হোৱা তথাকথিত নতুন ৰাজনৈতিক দলে অসম গণ পৰিষদক সমালোচনাৰ লক্ষ্য কৰি লৈছে । আজমলৰ চান্দাৰে জন্ম হোৱা এনে দলে অৱশ্যে ৰাজনৈতিক পথাৰত বিশেষ আগুৱাব পৰা নাই ।  মাজে সময়ে কংগ্ৰেছেও ইফাল সিফাল কৰিব খোজে । কিয়নো বিটিচি নিৰ্বাচনত দুয়োটা দলৰ ফলাফল বিগ জিৰো । সেয়েহে এইবোৰ দেখি শুনি বদৰুদ্দিন আজমলে মনত  বৰ বেজাৰ পাইছে । কালি সংবাদমেল পাতি এআইইউডিএফে ক্ষোভ প্ৰকাশ কৰিছে । তাকে দেখি বাংলাদেশৰ বিখ্যাত শিল্পী মমতাজৰ বিখ্যাত গীতটোৰ কলি ” ফাইট্টা যায়, বুকটা ফাইট্টা যায়” গাবলৈ আজমলে আৰম্ভ কৰিছে । যদি ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘু জনতাই উন্নতি বিচাৰে তেন্তে কংগ্ৰেছ আৰু এআই ইউ ডিএফৰ সংগ এৰিব লাগিব বুলি মন্তব্য কৰি সভাপতি বৰাই কয় যে মহাপুৰুষ শংকৰদেৱে প্ৰতিষ্ঠা কৰা নামঘৰৰ লাইখুটা চান্দসাইয়ে পুতিছিল । নামঘৰ অসমীয়া সংস্কৃতিৰ বৰভেটি আৰু  এয়াই হৈছে অসমীয়া জাতিৰ আদৰ্শৰ চানেকি, ধৰ্মনিৰপেক্ষতাৰ প্ৰতীক । অসম গণ পৰিষদ দলেও এই আদৰ্শ তথা ধৰ্মনিৰপেক্ষতাত বিশ্বাস কৰে । বৰপেটা জিলাখন তাৰেই এক নিদৰ্শন । বৰপেটা সদৰ সমষ্টিকে ধৰি জিলাখনৰ প্ৰায়কেইটা সমষ্টিত দলটোৰ শিপা এতিয়াও শক্তিশালী হৈ আছে বুলি  দোহাৰি সভাপতি বৰাই লগতে কয় যে অসম গণ পৰিষদ দললৈ নিতৌ নতুন তেজৰ আমদানি হৈ আছে । বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিৰ আগমন ঘটি আছে এই দলটোলৈ । এয়া অসম গণ পৰিষদৰ বাবে আশাৰ খবৰ । যাৰবাবে অসম গণ পৰিষদৰ সভাবোৰ এতিয়া লোকে লোকাৰণ্য হৈ পৰিছে । আজিৰ এই সভাত দলৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰী,  বৰপেটা সমষ্টিৰ অসম গণ পৰিষদৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসসহ কুমাৰ দীপক দাস,  নুৰুল হুচেইন, ভূপেন ৰায়, মনোৰঞ্জন দাস,আক্ৰাম হুচেইন, দিলীপ পাটগিৰি,মনোজ শইকীয়া,ড: তপন দাস, কল্পনা পাটোৱাৰী,ৰঞ্জিত ডেকা প্ৰমুখ্য অসম মহিলা পৰিষদ, অসম যুব পৰিষদ,অসম ছাত্ৰ পৰিষদৰ বিষয়ববীয়াৰ লগতে কেইবা হাজাৰ লোকৰ উপস্থিতিয়ে বৰপেটাত দলটোৰ শক্তি বৃদ্ধি পোৱাৰ উমান লাভ কৰিব পৰা যায়। 

জামুগুৰিহাটৰ চেম্পিয়নছ মেকাৰ একাডেমীৰ সাফল্য

যোৱা ২,৩ আৰু ৪ জানুৱাৰীত কলিয়াবৰত অনুষ্ঠিত ১ম অল আছাম অল ষ্টাইল ফুল কন্টেক্ট মাৰ্চিয়েল আৰ্ট চেম্পিয়নশ্বিপ ২০২১ প্ৰতিযোগীতাত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ চেম্পিয়নছ মেকাৰ একাডেমীৰ ৪ গৰাকী খেলুৱৈৱে পদক লাভ কৰি অঞ্চলটিলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷প্ৰতিযোগীতাখনিত অংশগ্ৰহণ কৰি জামুগুৰিহাটৰ পাঁচিগাঁৱৰ ময়ুৰ প্ৰতিম বৰুৱাই ৰূপৰ পদক,বৰভগীয়াৰ প্ৰিয়ম জ্যোতি বৰুৱা,মিতুল শইকীয়া আৰু পাঁচিগাঁৱৰ বিশাল ওজাই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷এই প্ৰতিযোগীতাত উন্নত ফলাফল দেখুৱাই পদক লাভ কৰি শোণিতপুৰ জিলাৰ ৯ গৰাকী খেলুৱৈৱে দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেম্পিয়নশ্বিপ প্ৰতিযোগীতাত অংশগ্ৰহণ কৰিবৰ বাবে যোগ্যতা অৰ্জন কৰিছে৷দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে জামুগুৰি চেম্পিয়নছ মেকাৰ একাডেমীৰ ময়ুৰ প্ৰতিম বৰুৱাও নিৰ্বাচিত হৈছে৷

অসম শক্তি বিতৰণ কোম্পানীক লাওলোৱা কৰিছে ৰাজ্য চৰকাৰৰ একাংশ বিভাগে

১ কোটি ৪০ লাখ ২৬হেজাৰ ৯৬টকা বিদুৎ বিভাগৰ বিল পৰিশোধ কৰিবলৈ বাকী আছে নগাঁৱৰ কেইবাটাও চৰকাৰী বিভাগে

ৰাজ্য চৰকাৰৰ একাংশ বিভাগৰ বাবেই বৰ্তমান লাওলোৱা অৱস্থা হৈ পৰিছে অসম শক্তি বিতৰণ কোম্পানী। নগাঁও জিলাৰেই ৰাজ্য চৰকাৰৰ অধীনস্থ ১২টাকৈ  কাৰ্যালয়ে বিদ্যুৎ বিভাগক আদায় দিবলৈ বাকী আছে ১ কোটি ৪০ লাখ ২৬হেজাৰ ৯৬টকা।আজি অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ নগাঁও সংমণ্ডলৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত এই তথ্য সদৰী কৰিছে নগাঁও সংমণ্ডলৰ মুখ্য কাৰ্যবাহী বিষয়া বিমল পালে।মুখ্য কাৰ্যবাহী বিষয়া পালে সংবাদমেলত প্ৰকাশ কৰা অনুসৰি, নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়েই বিদ্যুৎ বিলৰ বাবদ আদায় দিবলৈ আছে দহ লাখতকৈয়ো অধিক ধন।ঠিক একেদৰে, বিদ্যুৎ বিলৰ বাবদ বিগত ২০২০বৰ্ষৰ ৩১ডিচেম্বৰ পৰ্যন্ত নগাঁও জলসিঞ্চন বিভাগে মুঠ ২৯লাখ ৪৩হেজাৰ ৩৫৫টকা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ২৩লাখ ২৭হেজাৰ ১৭৩টকা,সাধাৰণ প্ৰশাসন বিভাগ (ডি চি,এছ ডি অ’,এছ ডি চি,বিডিঅ’)ৰ কাৰ্যালয়ৰ বিদ্যুৎ বিলৰ বাবদ ২২লাখ ২১হেজাৰ১৮০টকা, জনস্বাস্থ্য কাৰিকৰী বিভাগে ১৬লাখ ১৮হেজাৰ ৭৪৯টকা,বন বিভাগে ১১লাখ ৮৪হেজাৰ ৮৬৮টকা, ন্যায়িক বিভাগে (ন্যায়লয়) ১৪লাখ ৬৯হেজাৰ ৮৪৯টকা, মাধ্যমিক শিক্ষা বিভাগে আঠ লাখ ন হেজাৰ ৯৪৭টকা,ডাইৰেক্টৰ লাইব্ৰেৰী চাৰ্ভিচ বিভাগে তিনি লাখ ১৩হেজাৰ ২৫৮টকা, নগাঁও গাৰ্লছ পলিটেকনিকে ছয় লাখ ৫০হেজাৰ ৮০৫টকা, কাৰাগাৰ বিভাগে (আই জি প্ৰিজন)তিনি লাখ ৫৫হেজাৰ ৬৬১টকা, পশুপালন বিভাগে ২৭হেজাৰ ৫৭টকা,দুগ্ধ উন্নয়ন বিভাগে এক লাখ চাৰি হেজাৰ ১৯৫টকা নগাঁও বিদ্যুৎ বিভাগক বিদ্যুৎ বিলৰ ধন আদায় দিবলৈ বাকী আছে। ইপিনে, নগাঁও আৱৰ্ত ভৱনেও বিদ্যুৎ বিলৰ বাবদ চাৰি লাখ টকা আদায় দিবলৈ বাকী থকা বুলিও পালে কয়।সংশ্লিষ্ট বিভাগ সমূহক তেওঁ লোকৰ বছৰ বছৰ ধৰি অনাদায় হৈ থকা বিদ্যুৎ বিল পৰিশোধ কৰিবলৈ নগাঁও বিদ্যুৎ বিভাগে বাৰম্বাৰ জাননী জাৰী কৰি অহাৰ পাছতো অনাদায় বিদ্যুৎ বিল পৰিশোধ নকৰাত বিদ্যুৎ কৰ্তৃপক্ষ বিপাঙত পৰিছে বুলিও বিষয়া জনে কয়।অসম বিদ্যুৎ বিতৰণ কোম্পানীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিয়েই নগাঁৱৰ এই চৰকাৰী বিভাগ সমূহক তেওঁ লোকৰ অনাদায় বিদ্যুৎ বিল পৰিশোধ কৰিবলৈকো বিষয়া জনে আহ্বান জনায়।উল্লেখ্য যে, সামান্য কেইটামান টকাৰ বিদ্যুৎ বিল অনাদায় হৈ  থাকিলেই সাধাৰণ লোকৰ ওপৰত বীৰত্ব দেখুৱাই বিদ্যুত সংযোগ কৰ্তন কৰা বিদ্যুত বিভাগে লাখ লাখ টকাৰ বিদ্যুৎ বিল আদায় নিদিয়া সত্বেও নগাঁৱৰ এই কাৰ্যালয় সমূহৰ বিৰুদ্ধে কিয় কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই সেয়া ৰহস্যজনক বিষয়। নীতি-নিয়ম যে সকলোৰে বাবে সমান নহয় সেয়া প্ৰতিপ্ৰন্ন হ’ল নগাঁৱৰ বিদ্যুৎ বিভাগৰ  কাণ্ডত ৷ সমস্যা যিয়েই নহওঁক,  কিন্তু এইদৰে চৰকাৰী কাৰ্যালয়ে যদি বিদ্যুতৰ বিল আদায় নিদিয়ে তেনেহ’লে শীঘ্ৰেই শক্তি বিতৰণ কোম্পানীৰ লাউলোৱা অৱস্থা যে হ’ব সেয়া নিশ্চিত ৷সংবাদমেলখনতেই শক্তি বিতৰণ কোম্পানীটোৱে গ্ৰাহকৰ সুৰক্ষা, গ্ৰাহকক অগ্ৰাধিকাৰ আৰু ব্যৱসায়িক যোগাযোগ অনাগত দিনতকৈ অধিক উন্নত কৰাৰ বাবে ব্যৱস্থা কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে৷

হোজাইত দলীয় কৰ্মীৰ সৈতে আজমলৰ মত-বিনিময় : কংগ্ৰেছ-AIUDF ৰ মিত্ৰতা হোৱাটো খাটাং

হোজাইত দলীয় সভাৰ অন্তত বদৰুদ্দিন আজমলৰ মন্তব্য কংগ্ৰেছৰ সৈতে AIUDFৰ মহাজোঁটবন্ধন হোৱাটো প্ৰায় নিশ্চিত হৈছে ৷ আজি হোজাইত দলৰ জিলা সমিতিৰ কাৰ্যালয়ত বিশেষকৈ আগন্তক নিৰ্বাচনী ৰণনীতি যুগুত কৰা সন্দৰ্ভত যমুনামুখ সমষ্টিৰ দলৰ বিষয়ববীয়া, দলৰ সাধাৰণ কৰ্মী সকলৰ সৈতে ভাগে ভাগে বৈঠকত মিলিত হয় দলৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমল ৷ ইপিনে, যোৱা কালি দুই এটা চেনেলে আজমলে ৰাষ্ট্ৰীয় সংগীতক অপমান কৰা বুলি অপপ্ৰচাৰ চলোৱা বুলি অভিযোগ কৰি কয় এনে কৰিব নালাগিছিল বুলি হোজাইত বিয়লি মৌলানা বদৰুদ্দিন আজমলে এখন সংবাদ মেল যোগে এই কথা সদৰি কৰে। এআইইউডিএফৰ সভাপতি তথা সাংসদ মৌলানা বদৰুদ্দিন আজমলে হোজাইত দলৰ জিলা সমিতিৰ কাৰ্যালয়ত দলীৰ উচ্চ পৰ্যায়ৰ বিষয়ববীয়া আৰু সমষ্টি পৰ্যায়ৰ নেতা কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে ৷ লগতে যমুনামুখত অহা নিৰ্বাচনত কাক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে জয় নিশ্চিত হব সেই সন্দৰ্ভত মতামত গ্ৰহণ কৰে ৷ আগন্তক ২০২১ৰ বিধানসভা নিৰ্বাচনত সন্দৰ্ভত দলীয় কৰ্মকৰ্তা সকলৰ সৈতে ভাগে ভাগে সভাত মিলিত হৈ আজমলে নিৰ্বাচনী কুট কৌশল যুগুত কৰাৰ নিৰ্দেশ দিয়ে ৷ লগতে আগন্তক পঞ্চায়ত নিৰ্বাচনত AIUDF দলে অধিক আসনত যাতে জয়লাভ কৰিবলৈ কিদৰে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাব সেই সন্দৰ্ভত আজি আজমলে পুৰুষ-মহিলা কৰ্মী আৰু পঞ্চায়ত পৰ্যায়ত যোৱা নিৰ্বাচনত অৱতীৰ্ণ হোৱা ব্যক্তি সকলৰ সৈতে ভাগে ভাগে সভাত মিলিত হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত কৰি তুলিবলৈ সকলোকে আহ্বান জনায়। দলীয় কৰ্মীৰ সৈতে মত-বিনিময় কৰাৰ পিছত আয়োজিত সংবাদ মেলত বদৰুদ্দিন আজমলে কংগ্ৰেছ-এআইইউডিএফৰ মাজত মহাজোঁটবন্ধন হোৱাটো প্ৰায় নিশ্চিত বুলি মন্তব্য কৰে।ইপিনে, দুপৰীয়া যুমামুখত বিধায়ক পুত্ৰ আব্দুৰ ৰহিম আজমল, ভাতৃ ছিৰাজুদ্দিন আজমলৰ লগতে অন্যান্য সকল থকাৰ কাৰণে এখন গৃহৰ আধাৰশিলা স্থাপন কৰি আজমলে কয়- ইয়াত কাৰ্যালয় হিচাপে উক্ত গৃহত আমি সমষ্টিৰ ৰাইজৰ মাজত থাকিম আৰু অতি সহজতে ৰাইজে বিধায়কৰ লগত মিলিত পাৰিব বুলি মন্তব্য কৰে ৷ লগতে আজমলে নাম নোলোৱাকৈ কয় – ডাঙৰ ডাঙৰ দলৰ নেতা সকলে জোনে যিমানেই যি নকৰক কিয় আমাৰ মিত্ৰতা সন্দৰ্ভত অসম কংগ্ৰেছ নেতৃত্বৰ লগতে দিল্লীত কংগ্ৰেছ হাইকামাণ্ডৰ সৈতে আলোচনা অব্যাহত আছে ৷ ২০২১ ত আমি চৰকাৰৰ অংশীদাৰ হ’ম ৷ বিজেপিয়ে কোনো কাৰণতেই অসমত চৰকাৰ গঠন কৰিব নোৱাৰে বুলি আজমলে মন্তব্য কৰে৷

আৰু ৪ মাহ বাকী !

৯০ দশকৰ অন্যতম জনপ্ৰিয় ছবি ‘কুচ কুচ হোতা হে’ৰ চৰিত্ৰসমূহ দৰ্শকৰ মনত এতিয়াও সজীৱ হৈ আছে৷ ৰাহুল-অঞ্জলিৰ লাভ ষ্ট’ৰীৰ এই ছবিখন হৈছিল ছুপাৰ-ডুপাৰ হিট। এই চিনেমাখনত পাগুৰি মৰা এটা সৰু পঞ্জাৱী ল’ৰাৰ চৰিত্ৰত অভিনয় কৰিছিল পাৰজান দস্তুৰে। সেই সময়ত বয়সত সৰু হ’লেও পাৰজানৰ অভিনয় আছিল অনবদ্য। আকাশৰ তৰা গণি দৰ্শকৰ মন জয় কৰা পাৰজান এতিয়া এজন যুৱক। অলপতে পাৰজান বিবাহপাশত আবদ্ধ হয়। প্ৰেয়সী ডেলনা শ্রফক জীৱনসংগী কৰিছে পাৰজানে। পাৰ্চী নিয়ম অনুযায়ী সম্পন্ন হয় দুয়োৰে বিবাহ। বিয়াৰ কিছুদিনৰ পূৰ্বে এখন ফটো চেয়াৰ কৰি যুগ্ম জীৱনৰ পাতনি মেলাৰ ইংগিত দিছিল পাৰজানে। সমুদ্ৰৰ তীৰত প্ৰেয়সীক প্ৰ’পজ কৰাৰ ফটো আপলোড কৰি লিখিছিল, ‘আৰু ৪ মাহ বাকী।’ এই ন দম্পতীক শুভেচ্ছাৰে ওপচাইছে অনুৰাগীয়ে।

নগাঁৱত অসম শক্তি বিতৰণ কোম্পানীৰ বিষয়াৰে সাংবাদিকৰ মত বিনিময়

 আজি অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ নগাঁও বৈদ্যুতিক চক্ৰৰ মুখ্য কাৰ্যালয়ত বিদ্যুৎ বিভাগৰ শীৰ্ষ বিষয়া সকলে সাংবাদিকৰ লগত মত বিনিময় কৰে। মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি নগাঁও বৈদ্যুতিক চক্ৰৰ মুখ্য মহা প্ৰবন্ধক অভিজিত শৰ্মা বৰুৱাই কয়-গ্ৰাহকৰ সমস্যাৰ গুৰুত্ব দিয়াৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। গ্ৰাহক সকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা সমূহ ক্ষীপ্ততাৰে সমাধান কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিদ্যুৎ পৰিষদক ব্যক্তিগত কৰণৰ কথা এতিয়াও অহা নাই বুলি মন্তব্য কৰি শৰ্মা বৰুৱাই জানিবলৈ দিয়ে যে আমি যাতে শক্তি বেছিকৈ আহৰণ কৰিব পাৰো তাৰ বাবে কাম কৰি আছো। যাতে আমাৰ প্ৰতি গ্ৰাহকক আকৰ্ষিত কৰিব পাৰো। তদুপৰি বিদ্যুৎ বিভাগে এতিয়াৰ পৰা মাৰ্কেটিঙৰ কামো আৰম্ভ কৰিছে। মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি নগাঁও বৈদ্যুতিক সংমণ্ডলৰ মুখ্য কাৰ্যকৰী বিষয়া বিমল পালে জানিবলৈ দিয়ে যে নগাঁৱৰ বৈদ্যুতিক সংমণ্ডলৰ অন্তৰ্গত হোজাই আৰু নগাঁও জিলাত ৫টা সংমণ্ডল, ১০ টা উপসংমণ্ডল আৰু ৫ লাখৰো অধিক গ্ৰাহক আছে। তেওঁ লগতে এই কথাও জানিবলৈ দিয়ে যে- গ্ৰাহকৰ পৰা যিমান ৰাজহ সংগ্ৰহ হ’ব লাগে বহু গ্ৰাহকে ৰাজহ আদায় নিদিয়াত আমি সম্পূৰ্ণ ৰাজহ সংগ্ৰহ কৰিব পৰা নাই। তাৰ পিছতো আমি গ্ৰাহকক ২৪ ঘন্টাই বিদ্যুৎ যোগানৰ প্ৰয়াস কৰি আহিছো। সোভাগ্য আঁচনিৰ জৰিয়তে জিলাখনত ৬১,৩১৮ গৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক বিনামূলীয়াকৈ বিদ্যুতৰ সংযোগ দিয়া হৈছে। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে যে কিছু কিছু দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি নোহোৱাৰ পিছতো একাংশই এই আঁচনি সুবিধা লাভ কৰিছে বুলি মন্তব্য কৰি তেওঁ জানিব দিয়ে যে- এই সম্পৰ্কে অনুসন্ধান চলাই থকা হৈছে। তেওঁ এইটো কথাও জানিবলৈ দিয়ে যে- সোভাগ্য আঁচনিৰ হিতাধিকাৰীক কেৱল সংযোগ হে বিনামূলীয়া কৰা হৈছে। বিদ্যুতৰ বিল বিনামূলীয়া কৰা হোৱা নাই। বিদ্যুৎ বিভাগৰ পদক্ষেপৰ বাবেই বিদ্যুৎ বিভাগৰ তাঁৰত লাগি সংঘটিত দুৰ্ঘটনা এতিয়া ৫০% হ্ৰাস পাইছে। তদুপৰি নিৱনুৱা যুৱক- যুৱতীৰ বাবে এক আঁচনি আৰম্ভ কৰা হৈছে বুলি তেওঁ জানিবলৈ দি কয়-এই আঁচনিৰ জৰিয়তে যুৱক- যুৱতী সকল উপকৃত হ’ব। মত বিনিময় অনুষ্ঠানত নগাঁও সংমণ্ডলৰ মহাপ্ৰৱন্ধক মৃদুল শইকীয়া, অতিৰিক্ত মহাপ্ৰৱন্ধক মনিৰুল ইছলাম আহমেদ, মুনিন্দ্ৰ কুমাৰ নাথ, বিশ্বজিৎ দেৱ নাথ আৰু প্ৰাঞ্জল প্ৰতীম বৰা আদিয়ে অংশগ্ৰহণ কৰে।