Breaking

ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দক চিকিৎসালয়ত ভৰ্তি

0 2,084

ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দক শুকুৰবাৰে পুৱা ৰাষ্ট্ৰপতিগৰাকীক নতুন দিল্লীৰ আৰ এণ্ড আৰ হাস্পতালত ভৰ্তি কৰা হয় । ৭৫ বছৰীয়া ৰাষ্ট্ৰপতিগৰাকীয়ে পুৱা বুকুৰ অস্বস্তি অনুভৱ কৰাত তেওঁক ততাতৈয়াকৈদিল্লীৰ সেনাৰ গৱেষণা আৰু ৰেফাৰেল হাস্পতাললৈ লৈ যোৱা হয় । চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে বৰ্তমান ৰাষ্ট্ৰপতিগৰাকীৰ নিয়মিত স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে আৰু বৰ্তমান তেওঁৰ স্বাস্থ্য সুস্থিৰ অৱস্থাত আছে । চিকিৎসালয় সূত্ৰই কয় যে, চিকিৎসা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ৰাষ্ট্ৰপতিগৰাকী চিকিৎসালয়তে থাকিব ।

Leave A Reply