Home Blog Page 3083

মানকাচৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত  কেশাৰভিটা গাৱত যোৱা নিশা গোপন সুত্ৰৰ পম খেদি মানকাচৰ আৰক্ষী থানাৰ সহ উপ পৰিদৰ্শক ক্ষীতিশ ৰায় আৰু কনিষ্টবল শ্বৰীফ হাজৰিকাৰ নেতৃত্বত ড্ৰাগছ সৰবৰাহকাৰী বিৰুদ্ধে এক অভিযান চলায়।উক্ত অভিযান কালত  মানকাচৰ আৰক্ষীয়ে ড্ৰাগছ,নেনো গাড়ী (ML-14- 3207,) সহ দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰী আটক কৰি থানা লৈ লৈ আহে লগতে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ yava নিচাজাতীয় টেবলেট সমুহ  জব্দ কৰে। পিছত আৰক্ষীয়ে জোৰডাংগা গাৱৰ জিনাৰুল ইছলাম আৰু ফকিৰগঞ্জৰ ৰহমত আলী নামৰ যুৱকদ্বয়ক আটক কৰে। ৰহমত আলীয়ে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী জোৰডাংগা গাৱৰ জিনাৰুল ইছলামৰ  নিচাজাতীয় টেবলেট সমুহ চমজাই দিবলৈ আহিছিল।  লক্ষ্যনীয় যে,মানকাচৰৰ জোৰডাংগা গাৱৰ উক্ত জিনাৰুল ইছলামক কেইবা মাহ পূৰ্বে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট সহ আটক কৰি জেল হাজোত লৈ প্ৰেৰণ কৰিছিল।দুই মাহ আগতে জেলৰ পৰা মুকলি হৈ পুনৰ ড্ৰাগছ বেহাত নামি পৰে। কিন্তু কালি পুনৰ ড্ৰাগছ সহ আটক হয় যদিও মানকাচৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক ক্ষীতিশ ৰায় আৰু আৰক্ষী শ্বৰীফ হাজৰিকাক বৃহৎ পৰিমাণৰ ধনেৰে মেনেজ কৰি নিশাৰ ভিতৰতে থানাৰ পৰা মুক্তি লাভ কৰে। অৱশ্যে ফকিৰগঞ্জৰ ড্ৰাগছ সৰবৰাহকাৰী ৰহমত আলীক কোৰ্টলৈ প্ৰেৰণ কৰি উক্ত বিষয়টো গাপ দিয়াৰ অপচেষ্টা কৰিছে। কিন্তু নেনো গাড়ী (ML-14- 3207) খন এতিয়াও মানকাচৰ আৰক্ষী থানাত  ৰখা হৈছে।এই ক্ষেত্ৰত দক্ষিণ শালমাৰা- মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে ,সেয়া লক্ষ্যনীয় হ’ব।

মাৰ্চিয়েল আৰ্টত পদক অৰ্জনেৰে জামুগুৰিহাটলৈ গৌৰৱ কঢ়িয়াই আনিলে দুই কণমাণি টিনা আৰু বিজিতে

গুৱাহাটীৰ বাইহাটা চাৰিআলিত অনুষ্ঠিত মাৰ্চিয়েল আৰ্টৰ  প্ৰতিযোগীতাত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ দুই ভাতৃ ভগ্নীয়ে সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ জামুগুৰিহাটৰ উদ্ধবৰাচুক গাঁৱৰ কৃষ্ণ শইকীয়া আৰু কল্পনা শইকীয়াৰ দুই সন্তান ক্ৰমে ১১ বছৰীয়া জীয়ৰি টিনা শইকীয়া আৰু ৭ বছৰীয়া পুত্ৰ বিজিত শইকীয়াই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেবাগৰাকীও খেলুৱৈৰ লগত প্ৰতিদ্বন্দ্বীতা কৰি ৰূপৰ পদক অৰ্জনৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ মাৰ্চিয়েল আৰ্ট চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত হৈছে ৷ চাইনিজ চাওলিঅন কুংফু ফেডাৰচনে আয়োজন কৰা এই প্ৰতিযোগীতাখনিত ৪১ কে:জি:ৰ শাখাত টিনা শইকীয়াই আৰু ৩১ কে:জি:ৰ শাখাত বিজিত শইকীয়াই এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় ৷ কেৱল মাত্ৰ তিনিমাহ প্ৰশিক্ষকৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰি এনে অভাৱনীয় সফলতা লাভ কৰা দুই কণমানিৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে অভিভাৱকৰ লগতে জামুগুৰিবাসী ৰাইজ ৷ নৱবৰ্ষত ৰূপৰ পদক বিজয়ী দুই কণমাণি ১১ বছৰীয়া টিনা আৰু ৭ বছৰীয়া বিজিতে গুজৰাটত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ চেম্পিয়নশ্বিপত অংশ গ্ৰহন কৰিব বুলি জানিব পৰা গৈছে৷দুয়োগৰাকী ভাতৃ ভগ্নীৰ এই সফলতাত জামুগুৰিহাটৰ বিভিন্ন দল সংগঠণ-অনুষ্ঠান-প্ৰতিষ্ঠানে শলাগ লৈছে ৷

আৰ ডি এডুকেশ্বন ফাউণ্ডেচনৰ বিদ্যালয় চেনিটাইজ

ক’ভিডৰ বাবে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ থকাৰ পৰিপ্ৰক্ষিতত ইতিমধ্যে ৰাজ্য চৰকাৰে পুনৰ পাঠদানৰ ব্যৱস্থা কৰিছে। প্ৰাথমিক বিদ্যালয়ৰ পাঠদান পহিলা জানুৱাৰীৰ পৰা হোৱাৰ কথা শিক্ষামন্ত্ৰীৰ ঘোষণাৰ পিছতেই সকলো বিদ্যালয়তে চেনিটাইজ কৰা হৈছে। আৰ ডি এডুকেশ্বন ফাউণ্ডেচনৰ উদ্যোগত লাহোৱাল শিক্ষাখণ্ডৰ অধীনৰ ৰহমৰীয়া, ফুকনৰখাত, চিৰিংহোলা, ৰমাই, টিমনা, মদাৰখাত পঞ্চায়তৰৰ অধীনৰ  বিদ্যালয়সমূহত চেনিটাইজ কৰা হয়। উল্লেখ্য যে আৰ ডি এডকেশ্বন ফাউণ্ডেচনৰ তৰফৰ পৰা লাহোৱালৰ বিভিন্ন বিদ্যালয়ত শৈক্ষিক সমৰ্থন আগবঢ়াই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ফাউণ্ডেশ্বনৰ পৰিচালন সঞ্চালক  মনোজ ধানোৱাৰৰ তদাৰকত হোৱা চেনিটাইজ কাৰ্যত লাহোৱাল মণ্ডল যুৱ কংগ্ৰেছৰ সহযোগিতা পৰিলক্ষিত হয়। লাহোৱাল মণ্ডল যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিনোদ কোঁৱৰ, আৰ ডিৰ কৰ্মী ৰাতুল কুম্ভকাৰৰ লগতে বহুকেইজন বিষয়ববীয়াৰ সহযোগত বিদ্যালয়ত চেনিটাইজ কৰা হৈছে। আৰ ডিৰ এই পদক্ষেপত ৰাইজে আদৰণি জনাইছে।

নগাঁৱত দিন দুপৰতে চোকা অস্ত্ৰ দেখুৱাই কলেজৰ ছাত্ৰৰ পৰা লুটি নিলে ধন

নগাঁৱত দিন দুপৰতে চোকা অস্ত্ৰ দেখুৱাই দুৰ্বৃত্তই দুজনকৈ কলেজীয়া ছাত্ৰৰ পৰা লুটি নিলে ধন। নগাঁও চহৰৰ মুকুট শৰ্মা চাৰিআলি আৰু নগাঁও ছোৱালী কলেজৰ সমীপৰ পদ সেঁতুৰ সমীপত আজি বিয়লি প্ৰায় চাৰি বজাত পৃথকে পৃথকে সংঘটিত হয় এই ডকাইতিৰ ঘটনা। নগাঁৱৰ ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ পৰা পৰীক্ষা দি হোষ্টেল অভিমুখে খোজকাঢ়ি গৈ থকা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ দুজনকৈ ছাত্ৰৰ পৰা মুঠ ২,৪০০ টকা দুৰ্বৃত্তই লুট কৰি নিয়ে । এজন ছাত্ৰৰ পৰা ভয়-ভাবুকিৰে নগদ চাৰিশ টকা কাঢ়ি নিয়াৰ বিপৰীতে দুৰ্বৃত্তই আন এজন ছাত্ৰৰ হাতত নগদ ধন নথকাত এ টি এম বুথৰ পৰা ২০০০ টকা উলিয়াই আনিবলৈকো বাধ্য কৰে। এই দুষ্কাৰ্য সংঘটিত কৰিয়েই পলায়ন কৰে দুৰ্বৃত্তৰ দলটোৱে। নগাঁও চহৰৰ মাজ মজিয়াত দিনৰ পোহৰতে সংঘটিত এই ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে বিভিন্নজনে। ইপিনে, নগাঁও চহৰৰ ষ্টেডিয়াম মাৰ্কেটত এগৰাকী যুৱতীৰ পৰা ম’বাইল থপিয়াই গণৰোষৰ বলি হ’ল এটা চোৰ। ৰাইজে চোৰটোক খেদি খেদি কৰায়ত্ত কৰি উত্তম-মধ্যম শোধাই আৰক্ষীৰ হাতত গতাই দিয়ে। উল্লেখ্য যে, নগাঁও চহৰত সঘনাই সংঘটিত হ’বলৈ ধৰিছে এনে ধৰণৰ ঘটনা। একাংশ ড্ৰাগচ আসক্ত যুৱকে পথচাৰীৰ পৰা সোণৰ আ-অলংকাৰৰ উপৰিও ম’বাইল আদি কাঢ়ি নিয়া ঘটনা প্ৰায়েই সংঘটিত হ’ব ধৰিছে।

অসমক ইছলামিক ৰাষ্ট্ৰ হোৱাৰ পৰিকল্পনা কেতিয়াও বাস্তৱ হ’ব নিদিয়ে বিজেপিয়ে : জয়ন্ত মল্ল বৰুৱা

বিজেপি হোজাই জিলাৰ কাৰ্য্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰিবলৈ আহি জয়ন্ত মল্ল বৰুৱাৰ বিস্ফোৰক মন্তব্য । বদৰুদ্দিন আজমল সম্পৰ্কত মন্তব্য কৰি কয় যে, “অসমত এক চক্ৰই গ্ৰাস কৰিবৰ কাৰনে চেষ্টা কৰি আছে, যত অসম বা উত্তৰ পূৰ্বাঞ্চলক ইছলামিক ৰাষ্ট্ৰ কৰাৰ পৰিকল্পনাৰে বহুতে কাম কৰি আছে, সেয়া স্বাধীনতাৰ আগৰে পৰা আজিলৈ চলি আছে। তেনে পৰিকল্পনা বিজেিপি দলে কেতিয়াও বাস্তৱত হ’বলৈ নিদিয়ে আৰু বিজেপি থকা লৈকে তেওঁলোকে সেই কাম কেতিয়াও কৰিব নোৱাৰে। আজমল ৰাজনৈতিক ভাৱে কোনো প্ৰত্যাহ্বান নহয়, যেতিয়ালৈকে ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজনৈতিক ভাৱে এইদৰে দিশ দৰ্শন দি কাম কৰিব। অসমৰ সমাজ জীবনটো ভাঙি-চিঙি পেলোৱাত বা সমাজ জীৱনত প্ৰকৃত ভাৰতীয় মূল খুতিৰ বা প্ৰকৃত অসমীয়া মূল খুতিৰ লোক সকলক গ্ৰাস কৰিবলৈ বিচৰা লোক সকল তেওঁৰ লগত আছে, গতিকে বদৰুদ্দিন আজমল প্ৰত্যাহ্বান। বিজেপিয়ে সদায় সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি আহিছে আৰু দলে তাক নিঃশেষ কৰিবলৈ সদায় কাম কৰি যাব।

এ জে পিৰ বিষয়ত খোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বিভিন্ন দল বোৰত নিজৰ জেগা বনাব নোৱাৰি তালৈ ঠিয় হৈছে, সি প্ৰবীণ ডেকাই হওঁক বা জগদীশ  ভূঞাই হওঁক। এইবিলাক কোনো আঞ্চলিক শক্তি বা আঞ্চলিকতা বাদী চিন্তাধাৰা নহয়, অসমত যদি আঞ্চলিকতাবাদী চিন্তাধাৰা শক্তিশালী কৰিব বিচাৰে তেন্তে তেওঁলোক এজিপিত গৈ শক্তিশালী কৰক, তেতিয়াহে আঞ্চলিকতাবাদী চিন্তাধাৰা হ’ব। অসমৰ সেইসকল লোকে এই কথাটো নেজানে যে আঞ্চলিকতাবাদ বা জাতীয়তাবাদ কাক কয়,জাতীয়তাবাদ বুলি কলে অসমীয়া কোৱা মানুহ সিনিয়েই কি জাতীয়তাবাদ নেকি, অসমতো বিভিন্ন ভাষাভাষী আছে। আনহাতে জাতীয় পৰিষদ দলে এখনো আখন নাপায় বুলিও মন্তব্য আগবঢ়ায়, খুব বেছি পালেও চাৰি-পাচ হেজাৰলৈকে যাব তাকো দুই এটা সমষ্টিত আৰু বেছিভাগ সমষ্টিত একহেজাৰৰ তলতে ভোট পোৱা দেখিবলৈ পাব বুলিও মন্তব্য আগবঢ়ায়।


হোজাই নতুন বজাৰস্থিত মণিপুৰী সাহিত্য পৰিষদ ভৱনত অনুষ্ঠিত হোৱা বিজেপিৰ হোজাই জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাত হোজাইৰ প্ৰভাৰী জয়ন্ত মল্ল বৰুৱা, ৰাজ্যিক মুখপাত্ৰ ৰামকৃষ্ণ ঘোষ, প্ৰাক্তন ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই আদি নেতা সকল উপস্থিত থাকে। হোজাই জিলা বিজেপি সভাপতি অনুপ দেৱৰ নেতৃত্বত অনুষ্টিত হোৱা কাৰ্য্যনিৰ্বাহক সভাত জিলাৰ প্ৰায় দুইশতাধীক নেতা কৰ্মী সকল উপস্থিত থাকে।

পাকাবেতবাৰীত দিবা-নৈশ প্ৰাইজমানী ক্ৰিকেট খেলৰ শুভ উদ্বোধন

বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত পাকাবেতবাৰী স্পৰ্টিং ক্লাৱৰ সৌজন্যত স্থানীয় পুজা ফিল্ডত ২৯ আৰু ৩০ ডিচেম্বৰত  দুদিনীয়াকৈ চলা দিবা-নৈশ প্ৰাইজমানী ক্ৰিকেট খেল প্ৰতিযোগীতাখন কালি শুভ উদ্বোধন কৰে এ আৰু ইউ ডি এফ দলৰ বৰপেটা জিলা সমিতিৰ উপ-সভানেত্ৰী, বিশিষ্ট সমাজসেৱীকা তথা সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী মিনাক্ষী ৰহমানে । কালি সন্ধিয়া ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ পিচত  উদ্বোধনী সভাত মিনাক্ষী ৰহমানে ভাষন প্ৰসংগত কয় যে, বিভিন্ন ঠাইত এই খেল সমূহ এটা প্ৰতিযোগীতা হিচাপে অনুষ্ঠিত হৈ অাছে যদিও এই খেল সমূহৰ প্ৰয়োজনীয়তা আমাৰ আছে। কিয়নো অাজি সৰু-সুৰা খেলৰ পৰাই যিসকল প্ৰতিভা বিকশিত হৈ অাহিব, সেই সমূহ প্ৰতিভা কিন্তু অহা দিনত আমাৰ নক্ষত্ৰৰ দৰে জিলিকি থাকিব।  বি.কে. নিত্যানন্দ-ওৱাহেদ আলী হাইস্কুলৰ প্ৰধান শিক্ষক নন্দলাল সৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত বিশিষ্ট সমাজ কৰ্মী নিখিল মণ্ডল, ইউ ডি এছ এফ’ৰ উপ-সভাপতি মফিদুল ইছলাম,  কয়াকুছিৰ বিশিষ্ট সমাজসেৱীদ্বয় আমজাদ হুছেইন আৰু শ্বাহানুৰ ৰহমান, পাকাবেতবাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি আনোৱাৰ হুছেইন, সমাজকৰ্মী শশীমোহন ৰায়, শিক্ষক সনাতন মণ্ডল, সাংবাদিক জিলমোহন ৰায় আৰু ৰপছেত আলীকে ধৰি বহুতো গুনি-মানি ব্যক্তিৰ  উপস্থিতত উদ্যোক্তাসকলে মিনাক্ষী ৰহমানক এখন ফুলাম গামোচা আৰু শৰাইৰে সম্বৰ্ধনা জনায়। আনহাতে আজি উক্ত অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য দীপুল ভূঞা, পাকাবেতবাৰী মণ্ডল বিজেপিৰ সভাপতি ধনমণি ডেকা, পাকাবেতবাৰী ব্লক সংখ্যালঘূ মৰ্চাৰ সভাপতি হুৰমুজ অালী, বজালী জিলা বিজেপিৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক গুনজিৎ বৰ্মন আৰু সৰুক্ষেত্ৰী সমষ্টি বিজেপিৰ বিস্তাৰক নৱজিৎ দাসে অংশগ্ৰহন কৰি ক্ৰীড়া সন্দৰ্ভত বিস্তাৰিতভাৱে ভাষন প্ৰদান কৰে। 

অসম ৰাজ্যিক চিৰিয়াখানা পুনৰ মুকলি

অৱশেষত আজিৰে পৰা পুনৰ মুকলি কৰা হ’ব গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানা । কৰ’ণাৰ প্ৰকোপৰ ওপৰত লক্ষ্য ৰাখি ১৭ মাৰ্চৰ পৰা বন্ধ হৈ আছিল চিৰিয়াখানা ।

বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুকলি কৰিব চিৰিয়াখানা ।

ৰাজ্যত বন্ধ হ’ল চৰকাৰী মাদ্ৰাছা : গৃহীত হ’ল বিল

সদনত গৃহীত হ’ল আছাম ৰিপিলিং বিধেয়ক ২০২০। এই বিধেয়কৰ ভিত্তিতেই ৰাজ্যত বন্ধ হ’ল চৰকাৰী মাদ্ৰাছা। মাদ্ৰাছা ৰূপান্তৰিত হ’ব চৰকাৰী স্কুললৈ। চৰকাৰী ধনেৰে ধৰ্মীয় শিক্ষা দিয়া নহ’ব বুলি উল্লেখ হিমন্ত বিশ্ব শৰ্মাৰ। ধৰ্মীয় শিক্ষাৰ বিপৰীতে এতিয়া অসমৰ মুছলমানসকলে ডাক্তৰ ইঞ্জিনীয়াৰ হোৱাৰ সপোন দেখিব বুলিও উল্লেখ হিমন্ত বিশ্ব শৰ্মাৰ। 

তীব্ৰ বাক-বিতণ্ডাৰ অন্তত ধ্বনি ভোটেৰে গৃহীত হ’ল বিধেয়কখন। মাদ্ৰাছা বন্ধ হ’লেও অব্যাহত থাকিব আৰৱী ভাষাৰ শিক্ষা। আৰু লগতে  মাদ্ৰাছাৰ শিক্ষকসকলৰ চাকৰি অব্যাহত থাকিব বুলিও মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। মাদ্ৰাছা বন্ধই ৰক্ষণশীল সমাজক ৰক্ষা কৰিব বুলি উল্লেখ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

আনহাতে সংস্কৃত টোলসমূহো বন্ধ হোৱাৰ কথা উল্লেখ মন্ত্ৰীগৰাকীৰ। মাদ্ৰাছা শিক্ষা লাভ কৰা সকলে ব্যৱহাৰিক শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত শীঘ্ৰেই আন এক পদক্ষেপ গ্ৰহণ কৰাৰ কথাও উল্লেখ হিমন্ত বিশ্বৰ। উল্লেখ্য যে বিধেয়ক গৃহীত হোৱাৰ পাছতেই সদন ত্যাগ কৰে কংগ্ৰেছ আৰু AIUDF এ। বিৰোধীয়ে এই বিধেয়কক লৈ আইনৰ কাষ চাপিলেও বিজেপিয়েই আইনী যুঁজত জয় লাভ কৰিব বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ।

বঢ়মপুৰৰ দিন-হাজিৰা কৰা পৰিয়াললৈ এমাহৰ বিদ্যুৎ বিল আহিল ১.৩৭ লাখ টকা

নগাঁও জিলাৰ চামগুৰি বিদ্যুৎ উপ-সংমণ্ডল কাৰ্য্যালয়ৰ জৰিয়তে বহু উপভোক্তালৈ অত্যাধিক টকা পৰিমাণৰ বিদ্যুৎ বিল প্ৰেৰণ কৰাৰ দৰে ঘটনা সততে সংঘটিত হোৱাৰ দৰে পুনৰ আন এক আজৱ কাণ্ড শেহতীয়াকৈ পোহৰলৈ আহিছে । প্ৰাপ্ত তথ্য অনুসৰি, বঢ়মপুৰ বৰলালুংগাঁও অঞ্চলৰ মুৰ্গীলড়াই মাজগাঁওৰ এটা দিন হাজিৰা কৰা পৰিয়ালৰ মুৰব্বী মাংৰা মূৰাৰ নামত আহিছে এমাহৰ বৈদ্যুতিক বিল ১,৩৭,৯১১ টকা । এই সম্পৰ্কত ভুক্তভোগী লোকজনে জানিবলৈ দিয়া মতে তেওঁ যোৱা মাহতো বিদ্যুৎ বিল পৰিশোধ কৰিছে। প্ৰতি মাহে তেওঁলৈ বিল ১০০ ৰ পৰা ৩০০ টকাৰ ভিতৰত আহে যদিও এইবাৰ তেওঁ এই বিলখন পোৱাৰ পিছত হতভম্ব হৈ পৰে। তেওঁ ইতিমধ্যে বিদ্যুৎ বিভাগৰ কোনো লোকৰ সৈতে যোগাযোগ কৰিছে যদিও বিষয়টো এই পৰ্যন্ত সমাধান হোৱা নাই বুলি জানিবলৈ দিছে। উল্লেখ্য যে , কেইমাহমান পূৰ্বে বঢ়মপুৰ ভকতগাঁৱৰ যোগেশ্বৰ বৰা নামৰ এজন ব্যক্তিৰ নামত এমাহৰ বিদ্যুৎ বিল হিচাপে প্ৰেৰণ কৰা হৈছিল  ত্ৰিশ হাজাৰৰ অধিক টকাৰ বিল। সেইদৰে, এবছৰ মান পূৰ্বেও বামুণী অঞ্চলৰ এজন লোকলৈ বিদ্যুৎ সংযোগ নোহোৱাকৈয়ে আহিছিল বিল। এনেধৰণৰ আজব ঘটনা সংঘটিত হোৱাৰ আঁৰত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলৰ কৰ্তব্যৰ প্ৰতি অনীহা নে দায়িত্বজ্ঞানহীনতা, তাকে লৈ এতিয়া সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ভাৰতীয় সেনাবাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ অপাৰেচন সদভাৱনাৰ দ্বাৰা বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন

নিজৰ জীৱন উচৰ্গা কৰি দেশ মাতৃৰ সেৱা কৰাৰ লগতে ভাৰতীয় সেনা বাহিনীয়ে বিগত বছৰ বছৰ ধৰি বিভিন্ন সামাজিক কাৰ্যত মনোনিৱেশ কৰাত পৰিলক্ষিত হৈছে । সেইমৰ্মে আজি বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ পাটকিজুলি অঞ্চলৰ ফুটবল খেলপথাৰত আজি ভাৰতীয় সেনাবাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ অপাৰেচন সদভাৱনাৰ দ্বাৰা দিনযোৰা হিচাপে এটি বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয় । এই স্বাস্থ্য শিবিৰত দন্ত,কাণ,নাক,মেডিচিন বিভাগৰ লগতে বহুত ধৰণৰ চিকিৎসা সেৱা আগবঢ়োৱা হয় লগতে প্ৰতিজন চিকিৎসা কৰিব অহা লোকক বিনামূলীয়া ভাৱে দৰৱ পৰ্যন্ত বিতৰণ কৰা হয়  । ভাৰতীয় সেনা বাহিনীৰ ৰেড হৰ্ণ ডিভিজনে অনুষ্ঠিত কৰা এই চিকিৎসা শিবিৰত প্ৰায় তিনি শতাধিক স্থানীয় ৰাইজে চিকিৎসা সেৱা লাভ কৰিবলৈ উপস্থিত হয় । তদুপৰি দৰঙ্গা হাইস্কুলৰ ছাত্ৰ ছাত্ৰী সকলেও এই চিকিৎসা শিবিৰত উপস্থিত হয় নিজৰ নিজৰ স্বাস্থ্য পৰীক্ষা কৰায় । ভাৰতীয় সেনাবাহিনীৰ এনে সজ পদক্ষেপক সচেতন মহলে ভূয়সী প্ৰশংসা কৰাৰ লগতে চিকিৎসা সেৱা লাভ কৰিব অহা স্থানীয় ৰাইজে শলাগ লয় ।