শিৱসাগৰ জিলাৰ নাজিৰা নগৰৰ ৬নং ৱাৰ্ডৰ নিবাসী ব্যৱসায়ী আনন্দ দাসৰ পত্নী শুৱলা দাসে নতুন দিল্লীত ভাৰতৰ কেইবাগৰাকী শ্ৰেষ্ঠ সমাজ সেৱক আৰু সাংস্কৃতিক কৰ্মীৰ তালিকাত অসমৰ পৰা শ্ৰেষ্ঠ সমাজ সেৱীকাৰ স্হান দখলৰে এক সুনাম কঢ়িয়াই আনিছে।উল্লেখ্য যে সমাজৰ অৱহেলিত,দৰিদ্ৰ ,নিপিড়িত ৰাইজৰ হৈ সেৱা আগঢ়াই অতি কম সময়ৰ ভিতৰত জনপ্ৰিয় হৈ পৰা নাজিৰা নগৰৰ ৬নং ৱাৰ্ডৰ নিবাসী তথা প্ৰাক্তন ৱাৰ্ড কমিচনাৰ,ভাৰতীয় জনতা পাৰ্টিৰ শিৱসাগৰ জিলাৰ অনুসূচিত জাতি মৰ্চাৰ উপ-সভানেত্ৰী শুৱলা দাস নতুন দিল্লীত অনুষ্ঠিত বাবু জগজীৱন ৰাম কলা-সংস্কৃতি আৰু সাহিত্য একাডেমীৰ ৰাষ্ট্ৰীয় বিজয় দিৱস অনুষ্ঠানলৈ অসমৰ অন্যতম শ্ৰেষ্ঠসমাজ সেৱক হিচাপে আমন্ত্ৰিত হয়।এই অনুষ্ঠানতে সমাজৰ অৱহেলিত,দৰিদ্ৰ,নিপিড়িত ৰাইজৰ হৈ সেৱা আগবঢ়োৱাৰ উপৰি সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত সেৱা আগবঢ়োৱাৰ বাবে অসমৰ শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ শুৱলা দাসক “বাবু জগজীৱন ৰাম ৰাষ্ট্ৰীয় সন্মান পদক-২০২০বঁটা প্ৰদান কৰে বাবু জগজীৱন ৰাম কলা সংস্কৃতি আৰু সাহিত্য একাডেমীৰ সঞ্চালক ড০ এচ এন খুবাই।এই অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্হিত থাকে কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু শ্ৰম অধিকাৰ মন্ত্ৰী ৰামদাস অঠাচেল,লোকসভাৰ অধ্যক্ষ মীৰা কুমাৰ,বিশিষ্ট অতিথি হিচাপে উপস্হিত থাকে দিল্লী চৰকাৰৰ সমাজ কল্যাণ মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতম,ৰাজ্য সভাৰ সাংসদ ড০সত্য নাৰায়ন জাঠিয়া,লোক সভাৰ সাংসদ ৰাজকুমাৰ ৰঞ্জন সিং,বিশেষ অতিথি হিচাপে নাগালেণ্ড বিশ্ববিদ্যালয়ৰ ড০ এন ডি আৰ চন্দ্ৰাকে প্ৰমূখ্য কৰি বহু গণ্য মান্য ব্যক্তি উপস্হিত থাকে ।এই অনুষ্ঠান অসমৰ আনকেইবাগৰাকী ব্যক্তিক বঁটা প্ৰদান কৰা হয় ।
গোৱালপাৰাৰ ৰনুৱাত AIUDF দলৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা
সমাগত বিধানসভা নিৰ্বাচন ৷এই নিৰ্বাচনক লৈ তৎপৰ ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দল ৷পিছে এনে ক্ষনত পিছ পৰি নাথাকিল গোৱালপাৰ জিলাৰ পুৱ গোৱালপাৰা সমষ্টি ৷সমষ্টিখনত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে AIDUF দলৰ ৷দলটোৰ জিলা উপ সভাপতি তথা টিকট প্ৰত্যাশী প্ৰাৰ্থী যুৱ নেতা আবুল কালাম হুছেইনে সমষ্টিখনৰ চুকেকোণে যুদ্বংদেহী মনোভাৱেৰে সৰু বৰ সভা সমিতি অনুষ্টিত কৰি দলৰ হাত মজবুত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ইয়াৰ মাজতে মঙ্গলবাৰে নিশা সমষ্টিখনৰ ৰনুৱাত অনুষ্টিত হয় এক বিশাল নিৰ্বাচনী সভা ৷প্ৰায় দুই সহশ্ৰাধিক ৰাইজে উপস্তিত থকা জন সভাখনত যুৱনেতা আবুল কালাম হুছেইনে ভাষন প্ৰদান কৰে ৷ভাষনত তেও দলৰ হৈ কৰা অশেষ কষ্টৰ কথা ব্যাখ্যা কৰি দলৰ হাত মজবুত কৰিবলৈ উপস্তিত ৰাইজক আহ্বান জনায় ৷ভাষনত যুৱ নেতাজনে আগন্তক নিৰ্বাচনত তেওক দলে টিকট প্ৰদান কৰিলে নিশ্চত ৰূপে নিৰ্বাচিত হোৱাৰ কথাকৈ গৰিষ্ঠ সংখ্যক আসন দলে লাভ কৰিব বুলি দাবী কৰে ৷সভাত তেওৰ সহধৰ্মিণী তথা কেন্দ্ৰীয় কমিটিৰ মহিলা মৰ্চাৰ উপসভানেত্ৰী জেৰিনা বেগমে উপস্তিত থাকে ৷সভাত যুৱ নেতা হুছেইনে শক্তিশালীৰূপে অৱৰ্তীৰ্ন হৈ ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ চলাই সমষ্টিখন দলৰ হাতলৈ দখল কৰাৰ ৰনকৌশল প্ৰস্তত কৰি দিনে নিশাই নামি পৰিছে প্ৰচাৰ সভাত ৷সভাত কেৱাজন বিশিষ্ট ব্যক্তিয়ে কংগ্ৰেছ আৰু বিজেপি দলক ক্ষুৰধাৰে সমালোচনা কৰি NRC আৰু মাটিৰ পট্টা সম্পৰ্কে ভাষন দি বিজেপি দলে দলৰ সভাপতি বদৰুদ্দিন আজমলক TARGET কৰি লোৱা বুলি তীব্ৰ সমালোচনা কৰে ৷লগতে আগন্ততক নিৰ্বাচনত এই সমষ্টিৰ পৰা দলৰ উপ সভাপতি যুৱ নেতা আবুল কালাম হুছেইনে বিপুল ভোটত নিৰ্বাচিত হোৱাৰ দাবী কৰে ৷ঠেটুৱ পৰা জাৰতো দুপৰ নিশালৈ সভাখনত জিলা কমিটিৰ উপ সভাপতি ৰমজান আলী.জিলা যুৱ মৰ্চাৰ উপ সভাপতিদ্বয় জালাল সেখ.সাইদুল সিখদাৰ.জিলা যুৱ মৰ্চাৰ সাংগাঠনিক সম্পাদক আমজাদ আলী. সমষ্টি কমিটিৰ সাধাৰন সম্পাদকদ্বয় আব্দুৰ ছামাদ. নাছিৰ আলী আহমেদ. সমষ্টি যুৱ মৰ্চাৰ কাৰ্যকৰী সভাপতি জংসেদ আলম. সাধাৰন সম্পাদক প্ৰশাসনিক লাহুল ইছলাম আদি কৰি গন্যমান্য ব্যক্তি সকল উপস্তিত থাকে ৷উল্লেখ্য যে সভাৰ আগে আগে উপস্তিত সকলক ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয় ৷
বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত সাময়িক প্ৰেক্ষাপটত নাৰী নিৰ্যাতন প্ৰতিৰোধৰ উপায় সম্পৰ্কে আলোচনা চক্ৰ
নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত মংগলবাৰে সাময়িক প্ৰেক্ষাপটত নাৰী নিৰ্যাতন প্ৰতিৰোধৰ উপায়(A Symposium on protection of women from harassment at present situation) সম্পৰ্কে এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। অধ্যক্ষ হবিবুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানতিৰ আতঁ ধৰে শিক্ষা বিভাগৰ অধ্যাপিকা ৰানী বৰাই। অনুষ্ঠানটিত মুখ্য সমল ব্যক্তি ৰূপে উপস্থিত থাকি জেষ্ঠ অধিবক্তা দিপ্তী ফুকনে নাৰীয়ে বিভিন্ন ক্ষেত্ৰত সন্মুখিন হোৱা নিৰ্যাতন আৰু তাৰ বাবে পাব পৰা আইনী সুৰক্ষাৰ উপয় সমূহৰ বিষয়ে আলোচনা কৰে। আন এগৰাকী সমল ব্যক্তি তথা মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী অধিবক্তা অসমী কলিতাই নাৰী সজাগতা সম্পৰ্কে বহুল ব্যখ্যা আগবঢ়াই। জেষ্ঠ অধ্যাপক দেৱজিৎ মহন্ত, ড০ বীনা কলিতা, নাচৰিন আহমেদ ভাষন প্ৰদান কৰা অনুষ্ঠানটিত অধ্যাপক দিলীপ ভূঞা, হেময়ন্তী ডেকা, প্ৰাঞ্জলী মহন্ত, লিপিকা আফৰুজকে প্ৰমুখ্য কৰি মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰীসকলে অংশ গ্ৰহণ কৰে।
এই পি এচ চিত স্থান লাভ কৰাসীমা দেবী ইয়েনক টি,এম,পি,কে,ৰ অভিনন্দন
সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত উজলি উঠা সীমা দেবী ইয়েনক সদৌ মিচিং ছাত্ৰ সন্থা চমুকৈ টি,এম,পি,কে,ৰ তৰফৰ পৰা অলপতে অভিনন্দন জ্ঞাপন কৰা হয়। কৰ্ম সুত্ৰে যোৰহাট নগৰৰ বাসিন্দা তথা তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ বিষয়া ঘনকান্ত ইয়েন আৰু মিনতি ইয়েনৰ কন্যা সীমা দেবী ইয়েনৰ সফলতাৰ বাবে জনোৱা অভিনন্দনৰ কাৰ্যসূচীত সদৌ মিচিং ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ সভাপতি প্ৰফুল্ল মিচং , বাঁহফলাস্থিত শ্ৰী শ্ৰী বিষ্ণু দেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা ৰঙিলী দলেকে ধৰি কেইবা গৰাকীও গন্য মান্য লোক উপস্থিত থাকে। এই অনুষ্ঠানত উপস্থিত সকলোৱেই সীমা দেবী ইয়েনক নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই যাবৰ বাবে আহ্বান জনায়।মোঃ ৯৮৫৯৮২৫৩৬৬
অসম সাহিত্য সভাৰ ১০৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
” সাম্প্ৰতিক সময়ত অসমীয়া ভাষা , সাহিত্য – সংস্কৃতি ৰক্ষা কৰিব নোৱাৰিলে জাতিৰ অস্তিত্বলৈ সংকট আহিব ” ড০ জীৱন কলিতাদিলীপ হাজৰিকা : নাজিৰা : ৩০ ডিচেম্বৰ : – অসমীয়া জাতীয় জীৱনৰ প্ৰাণৰ স্পন্দন ” অসম সাহিত্য সভাৰ ” ১০৪ সংখ্যক প্ৰতিষ্ঠা দিৱসটি বিভিন্ন স্থানৰ লগতে শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত নাজিৰাৰ চণ্টক বিহুবৰ শাখা সভাৰ সহযোগত বিহুবৰ গাওঁ পঞ্চায়তৰ কাৰ্যালয় প্ৰেক্ষাগৃহত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসুচীৰে উদযাপন কৰা হয় । পুৱা জিলা শাখাৰ সভাপতি যোগ গগৈয়ে পতাকা উত্তোলনেৰে কাৰ্যসূচী পাতনি মেলাৰ পিছতে বিশিষ্ট সমাজকৰ্মী অতুল চেতিয়াই স্মৃতি তৰ্পণ , ঘন বৰুৱাই বন্তি প্ৰজ্বলন আৰু বিহুবৰ গাওঁ পঞ্চায়তৰ প্ৰাক্তন আঞ্চলিক সদস্য আলহাজ আলিমুদ্দিন আহমেদে বৃক্ষ ৰোপণৰ শুভাৰম্ভণি কৰে । বিশিষ্ট চিত্ৰ শিল্পী আলী হাইদৰে চিত্ৰাংকণ প্ৰতিযোগিতা উদ্বোধন কৰাৰ পিছতে জিলা সাহিত্য সভাৰ সভাপতি যোগ গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বিনোৱা টায়ে । সভাত বিশিষ্ট গল্পকাৰ – জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা অধ্যাপক ডঃ জীৱন কলিতাই নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰসংগত সাম্প্ৰতিক সময়ত অসম তথা অসমীয়া ভাষা , সাহিত্য , সংস্কৃতি আৰু জাতীয় জীৱনলৈ সংকট নমাই আনিছে জাতি , মাটি , ভেটি ৰক্ষাৰ জয়ঢোল বজোৱা সকলে । এনে সময়ত ভাষা , সাহিত্য , সংস্কৃতি সুৰক্ষিত নহ’লে জাতি , মাটি , ভেটি সুৰক্ষিত হোৱাটো নিশ্চিত নহয় । গতিকে জাতি – জনগোষ্ঠী ঐক্যবদ্ধ হৈ মাৰবান্ধি ঠিয় হৈ ভাষা , সাহিত্য , সংস্কৃতি ৰক্ষা কৰিব নোৱাৰিলে জাতিৰ অস্তিত্বলৈ সংকট নামি অহাতো নিশ্চিত বুলি মত পোষণ কৰে ড: জীৱন কলিতাই । সভাত অসম চাহ জনজাতি সাহিত্য সভাৰ কেন্দ্ৰীয় সহকাৰী সম্মাদক বসন্ত ৰাজোৱাৰে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি চাহ জনগোষ্ঠী আৰু অসমীয়া সাহিত্যৰ বিভিন্ন দিশত আলোকপাত কৰি বক্তব্য দাঙি ধৰে । সভাত বিশিষ্ট সমাজকৰ্মী জগত চুৰী , আলহাজ আলিমুদ্দিন আহমেদ , ঘন বৰুৱা , অনিল লোহাৰ , আনাউৰ ইছলাম , নৱ পাংগিঙকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাত স্থানীয় ছাত্র – ছাত্ৰীয়ে পৰিৱেশন কৰা নৃত্য – গীতেৰে অনুষ্ঠান জীপাল কৰি তোলে ।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাত সমাজ শাস্ত্ৰত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি গৌৰৱ কঢ়িয়াই আনিলে নাজিৰাৰ মণি শইকীয়াই
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত স্নাতক পৰীক্ষাৰ সমাজ শাস্ত্ৰ বিষয়ত মণি শইকীয়াই প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি নাজিৰা মহকুমা তথা শিৱসাগৰ জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিছে । নাজিৰাৰ ঐতিৰ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত অৱতীৰ্ণ হৈ সমাজ শাস্ত্ৰ বিষয়ৰ মুঠ ৪০০ নম্বৰৰ ভিতৰত ৩৩৬ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা মণি শইকীয়া নাজিৰাৰ মঠিয়াছিগা নাওঁ শলীয়া গাঁৱৰ নিবাসী বিনয় শইকীয়া আৰু চুনু শইকীয়াৰ কন্যা । এই কৃতিত্বৰ বাবে অঞ্চলটোৰ ৰাইজে আনন্দোল্লাসেৰে মণিক অভিনন্দন জ্ঞাপন কৰিছে ।
মিৰ্ছেচ ইণ্ডিয়া প্ৰতিযোগিতাত খিতাপ অৰ্জন গহপুৰৰ শিক্ষয়িত্ৰী ছায়া গোস্বামীৰ
বেদেতীৰ জীয়ৰী তথা গহপুৰৰ বোৱাৰী শ্ৰীমতী ছায়া গোস্বামীয়ে মিছন ড্রিমছ ৰ সৌজন্যত কলিকতাত অনুষ্ঠিত সৰ্বভাৰতীয় মিছেছ ইণ্ডিয়া প্ৰতিযোগিতাত মিছেছ দিভা খিতাপ অৰ্জন কৰি ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিছে | সৰ্বভাৰতীয় পৰ্যায়ত প্রথমতে ভোটিং আৰু তাৰ পিছত টেলেন্ট ৰাউণ্ড , নেচনেল কষ্টিউম ৰাউণ্ড , ককটেইল ৰাউণ্ড, ইভিনিং গাউন ৰাউণ্ড তথা প্রশনোততৰ ৰাউণ্ড এই কেইটি ৰাউণ্ডত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনিত ছায়া গোস্বামীয়ে বিজয়ীৰ সন্মান অৰ্জন কৰে | বিজয়ী সূত্রে শিক্ষয়িত্রী গৰাকীয়ে মিছেছ দিভাৰ মুকুট , এখনি বস্ত্ৰ , ট্ৰফী আৰু নগদ ধন লাভ কৰে | ছায়া গোস্বামী বেদেতীৰ অৱসৰপ্রাপত শিক্ষক শ্রীযুত কীৰ্তি গোস্বামী আৰু শিক্ষয়িত্রী অম্বিকা গোস্বামীৰ কন্যা তথা গহপুৰৰ ৰজাবাৰীৰ শ্ৰী যুত ভৱেশ বৰাৰ পত্নী |পেছাত এগৰাকী শিক্ষয়িত্রী ছায়া গোস্বামীৰ এই সফলতাত সমগ্ৰ অসমবাসীয়ে সন্তোষ প্ৰকাশ কৰিছে আৰু তেখেতৰ উজ্বল ভৱিষ্যত কামনা কৰিছে |
ৰঙিয়াত সন্ধানহীন দুইবছৰীয়া কন্য সন্তানসহ মাতৃ
ৰঙিয়া মহকুমাৰ অন্তৰ্গত কুমাৰপাটা গাওঁত দিন দুপৰতে মাতৃ-কন্যা সন্ধানহীন হোৱাৰ দৰে চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছেষ । কেবাদিন ধৰি ৰঙিয়াৰ কুমাৰপাটাৰ পৰা সন্ধানহীন হৈ আছে জেৰিফা ওৱাহেদা (২১) আৰু কন্যা আলিফা জান্নাত (২) । যোৱা বুধবাৰ ২৩ তাৰিখ দুপৰীয়াৰে পৰা সন্ধানহীন হৈ আছে এজনী দুই বছৰীয়া কন্যসন্তানসহ মাতৃ । জানিবপৰা মতে ওচৰৰে দোকান এখনলৈ ঘৰুৱা বজাৰ আনিব গৈ নিখোজ হৈ আছে ওৱাহেদা আৰু তেওৰ কন্য সন্তানটি। পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰাৰ পিছতো কোনো সন্ধান উলিয়াব পৰা নাই । গাঁৱৰ পৰা এনেদৰে দিন দুপৰতে হঠাৎ মাতৃ-কন্যা নিখোজ হোৱাত দুখত ভাগি পৰিছে স্বামী আৰু তেওৰ আত্মীয় সকল । উল্লেখ্যযে ৰঙিয়াত থকা ৰেল জংচনৰ সুযোগ লৈ একাংশ ব্যক্তিয়ে মানৱসৰবৰাহৰ দৰে দুস্কাৰ্য প্ৰায়ে সংঘটিত কৰি আহিছে। পৰিয়ালৰ লোকৰ সন্দেহ কোনো দুষ্ট চক্ৰই বহিঃৰাজ্যলৈ নি মানৱ সৰবৰাহকাৰীৰ ওচৰত বিক্ৰী কৰাৰ । ঘটনা সন্দৰ্ভত পৰিয়ালে ৰঙিয়া থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে কোনো সন্ধান লাভ কৰিব পৰা নাই । এই ঘটনাই অঞ্চলযুৰী তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
টিংৰাই অঞ্চলৰ অৱসৰপ্ৰাপ্ত কৃৰ্তি শিক্ষক মানিক শৰ্মা আৰু মঞ্জুৰাণী দেৱীক বিদায় সম্বৰ্ধনা জ্ঞাপন
দৈনন্দিন বাৰ্তা সেৱা, টিংৰাই, ৩০ ডিচেম্বৰ, শিক্ষাদানৰ বৃত্তি দৰে মহান কৰ্ম জৰিয়তে সমাজত উৰেতু জীৱন জ্ঞানৰ পোহৰ বিলাই অৱশেষত নিজৰ কৰ্মজীৱনৰ পৰা বিদায় লোৱা সময়ত প্ৰতিজন কৃৰ্তিশিক্ষক স্থানীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সন্মান সহকাৰে বিদায় সম্ভাষণ জ্ঞাপন কৰা দেখা যায় ৷ টিংৰাই সমীপৰ এন কে নাজিৰাটিং প্ৰাৰ্থমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে নিজৰ জীৱনৰ শিক্ষকৰ্তা বৃত্তি পৰা চৰকাৰী ভাৱে অৱসৰ গ্ৰহণ কৰা সময়ত অঞ্চলটোৰ কৃৰ্তি শিক্ষক মানিক শৰ্মাক আনুষ্ঠানিকভাৱে সম্ভাষণ জ্ঞাপন কৰে স্থানীয় ৰাইজে ৷ যোৱা ২৬ ডিচেম্বৰত টিংৰাই আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাই আয়োজন কৰা এক বিদায় সম্বৰ্ধনা কাৰ্যসূচীত বিদ্যালয়খনৰ প্ৰাঙ্গনত পানীখোৱা শিক্ষা মণ্ডলৰ এজন কৃৰ্তি আৰু সমল শিক্ষক হিচাপে মাণিক শৰ্মাক বিভিন্ন জনে জনালে ৰাজহুৱা বিদায় সম্ভাষণ । উল্লেখ যে ১৯৮৮ চনৰ ১ ছেপ্তেম্বৰত বিদ্যালয়খনত শিক্ষকতা জীৱন পাতনি মেলা মানিক শৰ্মাই ১৯৯৮ চনৰ ৩১ মাৰ্চৰ পৰা বিদ্যালয়খনত প্ৰধান শিক্ষকৰ দ্বায়িত্ব লৈ গ্ৰাম্য অঞ্চলটোত বহু ছাত্ৰ ছাত্ৰীক শিক্ষাদান প্ৰদান কৰি আহিছিল ৷ জ্ঞানৰ পোহৰ বিলোৱাৰ লগতে অঞ্চলটোৰ বিভিন্ন শিক্ষা বিভাগৰ দ্বায়িত্বও পালন কৰি গৈছিল মানিক শৰ্মাই ৷ ২০০৪-০৬ বৰ্ষত ১ নং নাজিৰাটিং গাওঁ শিক্ষা সমিতিৰ সদস্য সচিব আৰু ২০০৮-১০ বৰ্ষত পঞ্চায়তৰ শিক্ষা সমিতিৰ সদস্য সচিব হিচাপে সেৱা আগবঢ়োৱাৰ লগতে বিভিন্ন দ্বায়িত্ব পালন কৰিছিল শিক্ষক মানিক শৰ্মাই ৷ ২০০৯-১০ বৰ্ষত হাপজান শিক্ষা খণ্ডৰ পানীখোৱা শিক্ষা মণ্ডলৰ সৰ্বশিক্ষা মিচনৰ শ্ৰেষ্ঠ গাওঁ শিক্ষা সমিতিৰ মানপত্ৰ আৰু বৰ্ষশ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি বটা লাভ কৰিছিল তেখেতে ৷ ইয়াৰ লগতে সেই সময়ত ইজিএছ ৰ তৰফৰ পৰা অঞ্চলটোত দুখনকৈ বিদ্যালয় স্থাপন কৰা ক্ষেত্ৰত অৰিহণা যোগাইছিল শিক্ষকগৰাকীয়ে ৷ শিক্ষকৰ্তা লগতে এজন কবি, শিশুপ্ৰেমী ভঙ্গীমা আৰু ওমলা গীতৰ সমাহাৰ থকা এজন নিয়মানুৱৰ্তীতা শিক্ষক আৰু কৰ্তব্যপৰায়ন ব্যক্তি আছিল মানিক শৰ্মা ৷ বিদায় সম্বৰ্ধনা সভাত পানীখোৱা শিক্ষা মণ্ডলৰ চিআৰচিচি কল্যান কুমাৰ দিহিঙ্গীয়া, শিক্ষক প্ৰেমধৰ ফুকন, বিৰাজ গগৈ স্থানীয় জ্যেষ্ঠ ব্যক্তি চিতাৰাম ছেত্ৰী, কেডাৰ নাথ ছেত্ৰী, গোৰ্খা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা নাজিৰাটিংবাসী ৰাইজৰ লগতে ছাত্ৰ সমাজ আৰু শিক্ষকসকলে মৰম আৰু শ্ৰদ্ধাৰে সম্বৰ্ধনা পত্ৰ, সফুৰা, ফুলাম গামোচাৰে শিক্ষকগৰাকীক উপচাই দিয়ে । একেটা অনুষ্ঠানতে তামুলী বন গাওঁ প্ৰাথমিক বিদ্যালয়ৰ পৰা সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মঞ্জুৰাণী দেৱীকো আন্তৰিকতাৰে বিদায় সম্ভাষণ জ্ঞাপন কৰে ৰাইজে । মঞ্জুৰাণী দেৱীৱেও বিগত বহু বছৰ ধৰি অতি ভিতৰুৱা ঠাই ঘন হাবিৰে আগুৰি থকা তামুলি বনগাওঁ প্ৰাৰ্থমিক বিদ্যালয়ত নিজৰ শিক্ষাদান প্ৰদান কৰি কিছু দিনৰ আগতে অৱসৰ গ্ৰহণ কৰিছিল ৷ (ফটো)
দৈনন্দিন বাৰ্তা সেৱা, টিংৰাই ৷
মাজুলীত বিজ্ঞান সজাগতা সভা
বিজ্ঞান প্ৰযুক্তি বিভাগ আৰু অসম চৰকাৰৰ পৃষ্ঠপোষকতাত অসম বিজ্ঞান সমিতি,মাজুলী শাখাৰ উদ্যোগত আজি সোনোৱাল কছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ ওপৰত এখনি সজাগতা অনুষ্ঠিত কৰা হয়।সভাখন সঞ্চালনা কৰে বিদ্যালয়ৰ অধ্যক্ষ নল পতিৰে।সভাখনৰ আঁত ধৰে অসম বিজ্ঞান সমিতি ,মাজুলী শাখাৰ সম্পাদক জীৱন বৰাই।সভাখনত সমাজত প্ৰচলিত কু-সংস্কাৰ আৰু অন্ধবিশ্বাস সন্দৰ্ভত কেইবাজনো সমল ব্যক্তিয়ে ব্যক্তব্য আগবঢ়ায়।প্ৰত্যেকজন ছাত্ৰ -ছাত্ৰীয়ে যাতে সমাজখনত চকু মেলি চাই প্ৰচলিত কিছুমান অন্ধ বিশ্বাসৰ পৰা মুক্ত হৈ বিজ্ঞান সন্মত ভাবে এক প্ৰণালীবদ্ধ জীৱন নিৰ্বাহ কৰিব পাৰে আৰু লগতে সমাজত বিজ্ঞানৰ ব্যাপক প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে সভাখন অনুষ্ঠিত কৰা হয়।মাজুলী বিজ্ঞান সমিতিৰ পম্পী হাজৰিকা,সুনীল বৰা,বসন্ত বৰা,জিতেন বৰা ,কুশদীপ হাটীমতাই ব্যক্তব্য আগবঢ়াই।তাৰোপৰি ছাত্ৰ- ছাত্ৰীসকলক বিজ্ঞানৰ প্ৰকল্প কেনেদৰে প্ৰস্তুত কৰিব পাৰি তাৰ আভাস দিয়ে জীৱন বৰাই।
পৰাণজ্যোতি বৰা, নামনি মাজুলী ।










