টীয়ক, ২৯ ডিচেম্বৰ, নিজৰ একাগ্ৰতা আৰু কঠোৰ সাধনাৰ বলত সৰ্বভাৰতীয় পৰ্যায়ত উজ্বলিবলৈ সক্ষম হৈছে টীয়কৰ এজন মেধাবী ছাত্ৰ । খেলৰ জৰিয়তে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা এই গৰাকী প্ৰতিভাৱান খেলুৱৈ হৈছে টীয়ক নগৰৰ 4 নং ৱাৰ্ড নিবাসী পদ্মনাভ বনিয়া ৷এক মিনিটত 269 টা বক্সিং মাৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম লিখিবলৈ সক্ষম হৈছে পদ্মনাভে ৷ প্ৰয়াত দীপক দাস আৰু মাতৃ মনোজা দাসৰ সৰু পুত্ৰ পদ্মনাভে শাৰীৰিক পৰিশ্ৰম তথা অধ্যৱসায়ৰ জড়িয়তে প্ৰদৰ্শন কৰা পাৰদৰ্শিতাই এতিয়া সমগ্ৰ ৰাজ্যবাসীকে গৌৰাম্বিত কৰিছে ।লক ডাউনৰ সময়ছোৱাত ঘৰৰ চোতালতে পেলনীয়া সামগ্ৰীৰে শৰীৰ চৰ্চাৰ বিভিন্ন সজুলি প্ৰস্তুত কৰি নিয়মীয়াকৈ ব্যায়ামৰ লগতে নিজৰ লক্ষ্যত উপনীত হ’বলৈ চেষ্টা অব্যাহত ৰাখিছিল পদ্মনাভে ৷ ভবিষ্যত দিনত “এছিয়ান বুকছ অব ৰেকৰ্ড” আৰু “গ্ৰিনিছ বুক অব ৰেকৰ্ড” ত নাম অন্তৰ্ভুক্তিৰ সপোন পুহি ৰখা প্ৰদ্মনাভ আমগুৰি স্থিত অৰুনোদই একাডেমীৰ নৱম শ্ৰেণীৰ ছাত্ৰ। এই খবৰ বিয়পি পৰাৰ লগে লগে আজি ছাত্ৰ জনৰ গৃহত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, ব্যক্তিয়ে তেওঁক উষ্ণ আদৰণি জনায় । পঢ়াৰ সমান্তৰালভাৱে এনে কলাৰ লগত জড়িত হৈ নিজৰ যোগ্যতাৰ পৰিচয় দিয়া পদ্মনাভে সুযোগ আৰু সুবিধা পালে আৰু আগবাঢ়ি যাব বুলি আশা কৰিব পাৰি ।
কংগ্ৰেছৰ হোজাই জিলা উপায়ুক্তৰ কাৰ্য্যালয় ঘেৰাও
আজি হোজাই জিলা কংগ্ৰেছৰ নেতৃত্বত পেট্ৰল ডিজেল ,ৰন্ধনগেছ সামগ্ৰী আদিৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত হোজাই জিলা উপায়ুক্তৰ কাৰ্য্যালয় ঘেৰাও কৰা হয়। উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে হোজাই জিলা কংগ্ৰেছৰ সভাপতি ড° অৰ্ধেন্দু কুমাৰ দে, হোজাই জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিজয় চক্ৰৱৰ্তী,অসম প্ৰদেশ ভাষিক সংখ্যালঘু বিভাগৰ অধ্যক্ষ স্বপন কৰ, অসম প্ৰদেশ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক নাসিৰ উদ্দিন ফাৰুকী, হোজাই জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰেজিয়া চুলতানা ,প্ৰাক্তন জিলা পৰিষদ নুৰ আহমেদৰ লগতে বিভিন্ন ব্লকৰ সভাপতি,যুৱ কংগ্ৰেছ,এন.এচ.ইউ.আই সদস্য সকল উপস্থিত আছিল৷
সোণতলীত খেতিয়কৰ প্ৰতিবাদ : কৃষি মন্ত্ৰী অতুল বৰা মুৰ্দাবাদ ধ্বনিৰে থানাত এজাহাৰ
দক্ষিণ কামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণতলীৰ কাছাৰীপাম গাঁৱৰ আলু খেতিয়ক সকলে আজি কৃষি মুন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে।খেতিয়ক সকলে আলু খেতিৰ পথাৰত গৈ অসম চৰকাৰ হায় হায়,অতুল বৰা মূৰ্দাবাদ,আমাৰ ক্ষতিপূৰণ লাগিবই আদি শ্লোগানেৰে কাছাৰীপাম পথাৰৰ আকাশ-বতাহ কপাই তোলে। উল্লেখ্য যে কাছাৰীপাম অঞ্চলৰ প্ৰায় চল্লিশ গৰাকী খেতিয়কে ১০০ বিঘা মাটিত আলু খেতি কৰিছিল। একাংশ খেতিয়কে বেংকৰ পৰা ঋণ লৈ অশেষ কষ্ট কৰি খেতি কৰাৰ পাছত মূৰে কপালে হাত দি বহি থাকিব লগীয়া হৈছে ৷ আলু লগোৱাৰ ২ মাহ পাৰ হোৱাৰ পিছতো গছত আলু নলগতা গছবোৰ মৰহি যাব ধৰিছে বুলি এজাহাৰত উল্লেখ কৰিছে৷ আলু খেতি নষ্ট হোৱাৰ ফলত প্ৰায় এক কোটি টকা লোকচানৰ সন্মুখীন হোৱা বুলি খেতিয়ক সকলে অভিযোগ উত্থাপন কৰিছে৷ আলু খেতিয়ক সকলৰ অভিযোগ অনুসৰি সোণতলী কৃষি বিকাশ কেন্দ্ৰৰ স্বত্তাধিকাৰী মহিবুল হক, বৰ আৰিকাটিৰ স্বহিদুল ইছলাম, ছয়গাঁৱৰ মহাবীৰ পথাৰৰ ওমেদ আলীয়ে সোণতলী অঞ্চলৰ প্ৰায় ৪০ জনকৈ কৃষকক কুইন্টল প্ৰতি ৭ হাজাৰ টকাৰ পৰা ৮ হাজাৰ টকা পৰ্যন্ত লৈ আলুৰ বিধান যোগান ধৰিছিল। আলুৰ বিধান সমুহ বৈজ্ঞানিকসন্মত নোহোৱাৰ বাবে সোণতলী অঞ্চলৰ আলু খেতিয়কে লোকচানৰ সন্মুখীন হৈছে বুলি জানিব পৰা গৈছে ৷ ফলত কৃষক সকলে আলু খেতিত একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদত অতুল বৰা মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, আমাক ক্ষতিপুৰণ লাগিবই আদি শ্লগানেৰে উত্তাল কৰি তোলে৷ আনহাতে সোণতলী কৃষি বিকাশ কেন্দ্ৰৰ স্বত্তাধিকাৰী মহিবুল হক, স্বহিদুল ইছলাম আৰু ওমেদ আলীৰ বিৰুদ্ধে সোণতলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰাৰ উপৰিও কৃষক সকলে ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ ওচৰত ক্ষতিপুৰণ দিবলৈ দাবী জনাইছে ৷
অৱসৰপ্ৰাপ্ত শিক্ষক সমাজকৰ্মী বিদ্যুৎ চন্দ্ৰ দাসৰ অভিনন্দন গ্ৰন্থ “সূৰ্য্য স্মৰণ” উন্মোচন
তামুলপুৰ আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত আৰু পৰিয়াল বৰ্গৰ সহযোগত টেবিতোলা নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক ,সমাজকৰ্মী বিদ্যুৎ চন্দ্ৰ দাসৰ এখন অভিনন্দন গ্ৰন্থ অলপতে এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজত উন্মোচন কৰা হয় ৷ তদুপলক্ষে তামুলপুৰ আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি মদন মোহন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অভিনন্দন গ্ৰন্থ উন্মোচনী সভাত আদৰণি ভাষন পাঠ কৰে পৰিয়ালৰ সদস্য বশিষ্ঠ ৰাজবংশী য়ে ৷ অভিনন্দন গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ পূৰ্বে অৱসৰপ্ৰাপ্ত শিক্ষক সমাজকৰ্মী বিদ্যুৎ চন্দ্ৰ দাসক মঞ্চলৈ আদৰি আনি সহধৰ্মিনীৰ সতে তামুলপুৰ আঞ্চলিক শাখা সাহিত্য সভাকে ধৰি তামুলপুৰ আঞ্চলিক শংকৰদেৱৰ সংঘ স্থানীয় প্ৰথমিক সমিতি নলবাৰী সাহিত্য সমাজ আদিৰ উপৰিও শুভাকাংক্ষী, সহকৰ্মী আৰু বিভিন্ন দল সংগঠনে ফুলাম গামোচা, শৰাই ,মানপত্ৰ আদিৰে সম্বৰ্ধনা জনায় ৷ ডুলুজিৎ দাসে আঁত ধৰা সভাখনত অভিনন্দন গ্ৰন্থখন উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ মূৰব্বী অধ্যাপক ড° মুকুল চক্ৰবৰ্ত্তীয়ে ৷ ” সূৰ্য্য স্মৰণ” নামৰ অভিনন্দন গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰি। ডঃ চক্ৰৱৰ্তীয়ে এগৰাকী ব্যক্তিৰ জীৱিত কালত অভিনন্দন গ্ৰন্হ প্ৰকাশ কৰাটো সাম্প্ৰতিক সময়ত এক শুভ লক্ষণ বুলি কোৱাৰ লগতে বৰ্তমান সময়ত এনে অভিনন্দন গ্ৰন্থৰ পৰিকল্পনা নিতান্তই প্ৰশংসনীয় বুলি দোহাৰে । ” সূৰ্য্য স্মৰণ” অভিনন্দন গ্ৰন্থ খনৰ জৰিয়তে টেবিটোলা অঞ্চলৰ সামগ্ৰিক পৰিবেশ বিৰাজ কৰা বুলিও তেওঁ প্ৰকাশ কৰে ৷ আনহাতে ” সূৰ্য্য স্মৰণ ” অভিনন্দন গ্ৰন্থ খনৰ জৰিয়তে বিদ্যুৎ চন্দ্ৰ দাসৰ কৰ্মৰাজিৰ যি গুণানুকীৰ্তন কৰা হৈছে তাৰ কাৰণে তামুলপুৰ সাহিত্য সভাক লৈ তেওঁ গৌৰৱ বোধ কৰা বুলিও প্ৰকাশ কৰে। শান্তি সাধনা আশ্ৰমৰ বিশিষ্ট সমাজকৰ্মী চিন্তাবিদ হেম ভাইয়ে কয় যে তামুলপুৰ আঞ্চলিক শাখা সাহিত্য সভাই অত্যন্ত উপযোগী এটা ভাল কাম কৰিলে – যোগ্যজনক যোগ্য ধৰণেৰে সন্মান দিবলৈ ব্যৱস্থা কৰিলে । অৱসৰপ্ৰাপ্ত শিক্ষক সমাজকৰ্মী শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ ভকত বিদ্যুৎ চন্দ্ৰ দাসৰ কৰ্মৰাজিক গ্ৰন্থৰ মাজেৰে সমাজখনক এক নতুন গতি দিব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷ সভাত সাহিত্যিক গোপাল জালানে বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি কয় যে তামুলপুৰত আজিৰে পৰা অন্য এক পৰম্পৰা আৰম্ভ হ’ল ৷ এগৰাকী বিশিষ্ট লোকৰ জীৱিত কালত এনে এখন অভিনন্দন গ্ৰন্থ প্ৰকাশ কৰাটো এটি মহৎ কাম হৈছে ৷ গ্ৰন্থখনৰ মাজেৰে বিদ্যুৎ চন্দ্ৰ আদৰ্শ আৰু প্ৰতিভাক অঞ্চলটোৰ নৱ প্ৰজন্মক ধৰি ৰাখিবলৈও তেওঁ আহ্বান জনায় ৷ সভাত অৱসৰপ্ৰাপ্ত শিক্ষক সমাজকৰ্মী গৰাকীৰ জোৱাই ব্ৰজেন্দ্ৰ নাথ ডেকাইও বক্তব্য আগবঢ়ায় ৷ শেষত সভাপতিৰ আসনৰ পৰা মদন মোহন শৰ্মাই বক্তব্য ৰাখি গ্ৰন্থ উন্মোচনী সভা খন ৰ সামৰণি পেলায় ৷ উল্লেখযোগ্য যে শিশু শিল্পী নিয়ৰকণা দাসে এটি সুমধুৰ বৰগীত পৰিৱেশন কৰি অনুষ্ঠান টোক এক অনন্য মাত্ৰা প্ৰদান কৰে। অভিনন্দন গ্ৰন্থখনৰ উন্মোচনী সভাত তামুলপুৰ শাখা সাহিত্য সভাৰ সম্পাদক গণেশ ৰাভা প্ৰমুখ্যে সদস্য সকল , গাঁৱবাসী, পৰিয়াল আত্মীয় – স্বজন উপস্থিত থাকি গ্ৰন্থ উন্মোচনী সভাখন সফল কৰি তোলাত সমাজকৰ্মী বিদ্যুৎ চন্দ্ৰ দাসৰ বৰপুত্ৰ ডা° গৌতম কুমাৰ দাসে পৰিয়ালৰ হৈ ধন্যবাদ জ্ঞাপন কৰে ৷
নাজিৰাত জাতিধ্বংসী ” কা ” বাতিল আৰু কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত বিশাল গণ প্ৰতিবাদ
অসম আৰু অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই গুড়া হিন্দুত্ববাদ প্ৰতিষ্ঠাৰ লক্ষ্যৰে বি জে পি দলক ২০২১ চনত যোগ্য প্ৰত্যুত্তৰ দিব অসমীয়া জনগণে । ইয়াৰ অংশ স্বৰূপে ২০২১চনৰ পিছত ভ্ৰষ্টাচাৰী দলটোৰ নেতা তথা সৰ্বানন্দ সোনোৱাল , হিমন্ত বিশ্ব শৰ্মা , শিলাদিত্য দেৱ , সত্য ৰঞ্জন বৰা সহ ভণ্ড নেতা বোৰে কাৰাগাৰলৈ যোৱাৰ প্ৰস্তুতি কৰিবৰ সময় সমাগত । এইদৰে আহ্বান তথা এক প্ৰকাৰে হুংকাৰ প্ৰদান কৰে ” কা ” বিৰোধী আন্দোলনৰ অন্যতম নেতা শৃংখল চলিহাই । আজি নাজিৰা নাট্য মন্দিৰ প্ৰাংগণত কৃষক মুক্তি সংগ্ৰাম সমিতি , ছাত্র মুক্তি সংগ্ৰাম সমিতি , অনুসূচীত জাতি যুৱ – ছাত্র পৰিষদ , বৃহত্তৰ অসমীয়া যুৱ মঞ্চ , অসম চাহ জনগোষ্ঠী জলহা যুৱ – ছাত্র পৰিষদ , সংগ্ৰামী যুৱ – ছাত্ৰ পৰিষদ , বীৰ লাচিত সেনা , সদৌ অসম আদিবাসী ছাত্র সন্থা , ঐক্য সেনা , অসম চাহ জনজাতি ছাত্র সন্থা ( স্বতন্ত্ৰ ) ৰ উদ্যোগত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন -২০১৯ বাতিল আৰু কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত অনুষ্ঠিত ” বিশাল গণ প্ৰতিবাদী কাৰ্যসূচীত শৃংখল চলিহাই লগতে কয় যে , পৰিৱৰ্তনৰ শ্ল’গানেৰে শাসনলৈ অহা বি জে পি নেৰ্তৃত্বাধীন চৰকাৰখনে অসম আৰু অসমীয়া জাতিক নি:শেষ কৰাৰ যি ষড়যন্ত্ৰ কৰিছে সেই ষড়যন্ত্ৰক ২০২১ ক অসমৰ জনগণে কৱৰ দিব সেয়া নিশ্চিত । পুৱা বিগত সময়ত ” কা ” বিৰোধী আন্দোলনত অকালতে প্ৰাণ আহুতি দিয়া দীপাঞ্জল দাস , আব্দুল আলিম , ছেম ষ্টেফৰ্ড , দীজেন্দ্ৰ পাংগিং আৰু ঈশ্বৰ নায়ক এই পঞ্চ শ্বহীদৰ প্ৰতিচ্ছবিত মাল্যাপণ আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী পাতনি মেলে কৃষক নেতা অখিল গগৈৰ জ্যেষ্ঠ ভগ্নী অম্বিকা গগৈয়ে । বিজয় কৃষ্ণ দুৱৰাই আত ধৰা অনুষ্ঠানত ” কা ” বিৰোধী নেতা ক্ৰমে মানস কোৱৰ , চিতু বৰুৱা , অনুপম সন্দিকৈ , ঔম প্ৰকাশ চিক , পিংকুমণি দাস , জাকিৰ আখতাৰ হুছেইন আদিকে ধৰি উক্ত সংগঠন কেইটাৰ ভালেকেইজন নেতাই বক্তব্য দাঙি ধৰি এই জনবিৰোধী আইন বাতিল আৰু কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী জনোৱাৰ লগতে অলপতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীত অসমৰ শ্বহীদ সকলৰ প্ৰতি কৰা টুলুঙা মন্তব্যক ধিক্কাৰ দিয়ে । ইয়াৰ পিছতে সমবেত স্থলীৰ পৰা নাজিৰা নগৰৰ মাজেৰে এক প্ৰতিবাদী সমদল বাহিৰ কৰিজাতিধ্বংসী ” কা ” আমাক নালাগে , অমিত শ্বাহ হুঁচিয়াৰ , নৰেন্দ্ৰ মোদী , সৰ্বানন্দ সোনোৱাল , হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ , বি জে পি নিপাত যাওঁক ” আদি বিভিন্ন শ্ল’গানৰ ধ্বনিৰে উত্তাল কৰি তোলে নাজিৰাৰ আকাশ – বতাহ ।
মাইক্ৰ’ফাইনেন্স কোম্পানীৰ শোষণৰ বিৰোধিতাৰে টীয়কত প্ৰতিবাদী সমদল
যোৰহাটৰ টীয়কত পুনৰ মাইক্ৰ’ফাইনেন্স কোম্পানীৰ শোষণৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিল ৩টাকৈ সংগঠনৰ সদস্য । মঙলবাৰে সদৌ অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতি, সন্মিলিত নাৰী অধিকাৰ সংগ্ৰাম সমিতি, মাইক্ৰ’ফাইনেন্স শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চ আৰু বিভিন্ন দল সংগঠনৰ সহযোগত টীয়কৰ নগৰৰ মাজমজিয়াত ‘গণ হুংকাৰ প্ৰতিবাদ’ শীৰ্ষক এক প্ৰতিবাদী সমদল উলিওৱা হয় ।মাইক্ৰ’ফাইনেন্স কোম্পানী বন্ধ কৰক, নহ’লে আমাক মাৰি পেলাওক, কৃষক নেতা অখিল গগৈক অনতি পলমে মুক্তি দিয়ক, লগতে ‘কা’ আমি নামানো আদি বিভিন্ন শ্ল’গানেৰে টীয়কৰ ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে । তাৰোপৰি কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ টীয়ক ৰাজহ চক্ৰৰ জৰিয়তে চৰকাৰলৈ প্ৰেৰণ কৰে । দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি অহাৰ পাছতো চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত হৈ পৰিছে প্ৰতিবাদকাৰীসকল সেয়ে, শীঘ্ৰে ইয়াৰ উচিত ব্যৱস্থা নকৰিলে অহা বিধানসভা নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ দিব বুলি হুংকাৰ দিয়ে সংগঠনকেইটাই । আনহাতে, মাইক্ৰ’ফাইনেন্স কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ এয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বেও ৰাজ্যৰ ভিন্ন প্ৰান্তত মাইক্ৰ’ফাইনেন্স কোম্পানীয়ে ঋণ আদায়ৰ নামত দৰিদ্ৰ ৰাইজক শোষণ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে । এতিয়া ৰাইজৰ বৰম্বাৰ প্ৰতিবাদৰ পিছত চৰকাৰে মাইক্ৰ’ফাইনেন্স কোম্পানীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ।
লক্ষীপুৰত ব্লক ভিত্তিত বিজ্ঞান মেলা : ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞান প্ৰতিযোগিতা
গোৱালপাৰা জিলাৰ লক্ষীপুৰ চহৰৰ টাউন হাই স্কুল চৌহদত দিনযোৰা কাৰ্যসূচীৰে লক্ষীপুৰ আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু অসম বিজ্ঞান কাৰিকৰী আৰু পৰিবেশ পৰিষদৰ সহযোগত বিজ্ঞান ভিত্তিত প্ৰতিযোগিতা আৰু সজাগতা সভা অনুষ্ঠিত হয়। এই উপলক্ষে পূৱা দহ বজাত বিভিন্ন বিদ্যালয়ৰ পৰা অংশ গ্ৰহন কৰা ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞান ভিত্তিত পোষ্টাৰ অংকন, বিজ্ঞান ভিত্তিত আকস্মিক বক্তৃতা আৰু বিজ্ঞানৰ আৰ্হি (মডেল)প্ৰতিযোগীতা অনুষ্ঠিত হয়। এই বিজ্ঞান প্ৰতিযোগিতাত লক্ষীপুৰ শিক্ষা খন্ডৰ বহু কেইটা বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰী অংশ গ্ৰহণ কৰে। প্ৰতিযোগিতাৰ অন্তত বিজ্ঞান কেন্দ্ৰিক সজাগতা সভা আৰু বটাঁ বিতৰনী সভা অনুষ্ঠিত হয়। লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা অনুজা দেৱীৰ সভাপতিত্ত্বত অনুষ্ঠিত হোৱা সভাত উদ্দেশ্য ব্যাখ্যা কৰে লক্ষীপুৰ আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক বিজুলী চক্ৰবৰ্তীয়ে। সভাত বস্তু নিষ্ঠ বিজ্ঞান মনস্কতা, বিজ্ঞান শিক্ষা, বিজ্ঞান চৰ্চা, দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰয়োজনীয়তা আদি বিষয় লৈ ভাষণ আগবঢ়ায় লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা অনুজা দেৱী, লক্ষীপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী প্ৰবক্তা ডঃ মীৰা দেৱী, লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক অৰুণ শৰ্মা, বাঃ নুৰুল ইচলাম, ফেটেংগাপাৰা হাই স্কুলৰ বিজ্ঞান শিক্ষক সৰ্বানন্দ শৰ্মা, লক্ষীপুৰ টাউন হাই স্কুলৰ প্ৰধান শিক্ষক আব্দুল বাতেন আহমেদ আদিয়ে। সভাত লগতে অৱসৰপ্ৰাপ্ত অধ্যক্ষ জ্যোতিষ চক্ৰবৰ্ত্তী, শিক্ষক দ্বিজেন গোস্বামী, অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল বাকী, শিক্ষক ৰাম প্ৰসাদ, বিজ্ঞান শিক্ষক মন্জুৰ আলম, বিজ্ঞান শিক্ষক আচমত আলী আহমেদ, বিশিষ্ট সাংবাদিক-সমাজ কৰ্মী মতিউৰ ৰহমান প্ৰমূক্ষে গন্য-মান্য ব্যক্তি সজাগতা সভাত অংশগ্ৰহণ কৰে। মূল কাৰ্যসূচী আৰাম্ভ হোৱাৰ আগতে বিজ্ঞান প্ৰতিযোগিতা উপলক্ষে পতাকা উত্তোলন কৰে অধ্যক্ষা অনুজা দেৱী আৰু বন্তি প্ৰজ্জ্বলন কৰে সমল ব্যক্তি ছফিয়ৰ ৰহমানে।
টীয়কত যোৰহাট জিলা কবি সন্মিলনৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক অধিৱেশন : সন্মানীয় গাণ্ডীৱ, কাব্য প্ৰভা,কাব্য সৌৰভ বটাঁ প্ৰদান
অসম কবি সন্মিলনৰ যোৰহাট জিলা কবি সন্মিলনৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিৱেশনখন যোৱা ২৭ ডিচেম্বৰত দিনজোৰা কাৰ্যসূচীৰে টীয়কত অনুষ্ঠিত হৈ যায়। টীয়ক শাখা কবি সন্মিলনৰ আতিথ্যত টীয়ক ব্ৰাহ্মণ গাওঁস্থিত শঙ্কৰজ্যোতি কলা-কৃষ্টি কেন্দ্ৰত আয়োজিত অধিবেশনৰ পুৱা পতাকা উত্তোলন কৰে আদৰণি সমিতিৰ সভাপতি ৰমেন শৰ্মাই। টীয়ক শাখা কবি সন্মিলনৰ সভাপতি ৰঞ্জন বৰাই স্মৃতি তৰ্পণ কৰা অনুষ্ঠানত বৃক্ষ ৰোপন কৰে স্বেচ্ছাসেৱী সংগঠন ‘ৰেঙণিঃএটি আশা’ৰ সঞ্চালক বিজু শৰ্মাই। পুৱা ১০ বজাৰ পৰা কবি অনুভৱ সাগৰৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সু-কবি শৰৎ চন্দ্ৰ দত্ত সোঁৱৰণী শিশু আৰু কিশোৰৰ অনুষ্ঠান ‘কাব্যমুকুল” উদ্ধোধন কৰে বিশিষ্ট শিশু-সাহিত্যিক তথা যোৰহাট জিলা কবি সন্মিলনৰ প্ৰাক্তন উপ-সভাপতি দেবেন চন্দ্ৰ বৰাই। বিমান শইকীয়া আৰু ভাগ্যশ্ৰী তামুলীয়ে আঁতধৰা অনুষ্ঠান টোত সমল ব্যক্তিৰূপে ভাগ লয় বিশিষ্ট শিশু সাহিত্যিক অনন্ত কুমাৰ শৰ্মাই । অনুষ্ঠানটিত অঞ্চলটোৰ প্ৰায় দুকৰি শিশু-কিশোৰে কবিতা আবৃত্তি, কবিতা পাঠ, গীত-মাত আদি পৰিবেশন কৰে। দুপৰীয়া ১২বজাৰ পৰা জিলা সমিতিৰ ২০১৮-২০ বৰ্ষৰ অন্তিমখন কাৰ্যনিৰ্বাহক অনুষ্ঠিত হয়।প্ৰতিনিধি সভাই ২০২০-২২ বৰ্ষৰ বাবে বিশিষ্ট কবি, গীতিকাৰ অজিত কুমাৰ বৰদলৈক সভাপতি আৰু চৈয়দ পাৰভিজ হুচেইনক যোৰহাট জিলা কবি সন্মিলনৰ সম্পাদক নিৰ্বাচিত কৰে। আনহাতে বিয়লি প্ৰায় ৩বজাৰ পৰা যোৰহাট জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি হেমচন্দ্ৰ গগৈৰ সভাপতিত্বত অধিবেশনৰ ‘মুকলি সভা আৰু বঁটা-সন্মান প্ৰদান অনুষ্ঠান’ অনুষ্ঠিত হয়। সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি ড° মানিক শইকীয়াই উদ্বোধন আৰু জিলা কবি সন্মিলনৰ সম্পাদক বাবলু প্ৰসাদ বৰুৱাই আঁতধৰা মুকলি সভাখনিত সদৌ অসম কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়া মুখ্য অতিথি, প্ৰধান সম্পাদক উজ্জ্বল পাওগাম আৰু প্ৰাক্তন প্ৰধান সম্পাদক পৰাগজ্যোতি মহন্তই সন্মানীয় অতিথি, যোৰহাট জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি যোগমায়া গগৈ, অসম লেখিকা সংস্থাৰ কাৰ্যকৰী সভানেত্ৰী মামনি গগৈ বৰুৱা, সমাজসেৱিকা পল্লৱী শইকীয়া গগৈয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই অধিৱেশনৰ লগতে সংগতি ৰাখি টীয়ক শাখা কবি সন্মিলনে প্ৰকাশ কৰা আৰু দিগন্ত চাংমায়ে সম্পাদনা কৰা ‘টীয়ক টীয়ক’ নামৰ মুখপত্ৰখনি উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাওগামে। দিগন্ত চাংমাইৰ সম্পাদিত ‘টীয়ক টীয়ক’ৰ লগতে অধিৱেশনখনিত টুনমনি বৰদলৈ সম্পাদিত যোৰহাট জিলা কবি সন্মিলনৰ মুখপত্ৰ ‘গাণ্ডীৱ’, কবিতাৰ সংগঠক দুলাল বৰাৰ ‘ৰাজপথৰ কবিতা’ নামৰ এখন এটকীয়া আলোচনীকে ধৰি কেইবাখনো কবিতা-গল্প আৰু সাধুকথাৰ পুথি উন্মোচন কৰা হয়। মুকলি সভাখনিতে নৰেন্দ্ৰ নাথ দত্তক ২০২০বৰ্ষৰ ‘গাণ্ডীৱ বঁটা’, প্ৰদীপ গগৈক ‘কাব্যসৌৰভ’ উপাধি, পূৰ্ণিমা শৰ্মা আৰু পূণ্য দেৱীক ‘কাব্যপ্ৰভা’ উপাধি, কবি প্ৰাঞ্জল কুমাৰ লাহনক ‘ভোগদৈপাৰৰ শ্ৰেষ্ঠ কবি-২০২০’ বঁটা, ৰাতুল কুমাৰ ভূঞা আৰু দেৱজিৎ গোস্বামীক শ্ৰেষ্ঠ সংগঠক বঁটা আৰু তিতাবৰ শাখা কবি সন্মিলনলৈ শ্ৰেষ্ঠ শাখাৰ বঁটা প্ৰদান কৰা হয়। বিয়লি প্ৰায় ৬বজাৰ পৰা বিশিষ্ট কবি, গল্পকাৰ ডাঃ মাখন কলিতাৰ সঞ্চালনাত ভাষাতাত্বিক ড° বেণু গগৈ সোঁৱৰণী কবিতা পাঠৰ অনুষ্ঠান ‘কাব্যসন্ধি’ সম্পন্ন হয়। সু-চিকিৎসক, কবি ডাঃ প্ৰাঞ্জলজ্যোতি দত্তই উদ্বোধন আৰু কবি, গীতিকাৰ অজিত কুমাৰ বৰদলৈয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা ‘কাব্যসন্ধি’ অনুষ্ঠানটি কবি দেৱজিত হাজৰিকা, শিখা ভূঞা হাজৰিকা, বিমান শইকীয়া, ভাগ্যশ্ৰী তামুলী, বিভাৰাণী শইকীয়াকে ধৰি বহুকেইগৰাকী কবিয়ে স্ব-ৰচিত কবিতা পাঠেৰে জীপাল কৰি তোলে।
চেলেংহাতট আটাছুৰ অৱস্থান ধৰ্মঘট : জনজাতিকৰন আৰু পৌৰাণিক কৃতিচিহ্ন সমূহ সংৰক্ষণ দাবীৰে স্মাৰক পত্ৰ প্ৰদান
যোৰহাট জিলাৰ চেলেংহাতৰ ষ্টেচনৰ সমীপত আজি দিনৰ ১১ বজাৰ পৰা টাই আহোম ছাত্ৰ সন্থাৰ চেলেংহাত আঞ্চলিক সমিতিয়ে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। আটাছুৰ সদস্য সকলে আহোম যুগৰ প্ৰাচীন কৃতি চিহ্ন সমূহৰ সংৰক্ষণ আৰু আহোম সকলক জনজাতিকৰণৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ধৰ্মঘটৰ অন্তত চেলেংহাত আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি ত্ৰলোক্য গগৈ আৰু সম্পাদক প্ৰদ্যুত ফুকন স্বাক্ষৰ সম্বলিত এক স্মাৰক পত্ৰ টীয়ক ৰাজহ চক্ৰ বিষয়া লিনা দলেৰ হাতত অৰ্পণ কৰে। উক্ত পত্ৰখনত ছাত্ৰ সংগঠন তোৰ জন্মৰ পৰাই জনজাতি কৰণৰ দাবী কৰি আহিছে যদিও চৰকাৰী পক্ষই প্ৰতিশ্ৰুতিৰ বাদে কোনো কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই। আনহাতেদি চেলেংহাতৰ পৰাই উৎপত্তি হোৱা চিন্তামণিগড়, লাদৈগড় বেদখল মুক্ত কৰা, চেলেং বাগিচাৰ মাজত অৱস্থিত নাওবৈছা ফুকন কোঁৱৰ- কুঁৱৰীৰ মৈদাম সংৰক্ষণ, ৰহধলা পুখুৰীৰ সংৰক্ষণ আদিৰ ক্ষেত্ৰৰ বহুবাৰ চৰকাৰী পক্ষক আবেদন নিবেদন কৰিও কোনো সুফল পোৱা নাই বুলি অভিযোগ উত্থাপন কৰি অনতিপলমে উক্ত দাবীসমূহৰ ক্ষেত্ৰত ইতিবাচক পদক্ষেপ গ্ৰহনৰ দাবী কৰে। আজিৰ প্ৰতিবাদ স্থলীত যোৰহাট জিলা আটাছুৰ যুটীয়া সম্পাদক মণ্টু ফুকন, ললিত গগৈ, যোৰহাট মহকুমা আটাছুৰ উপ সভাপতি বদন গগৈ , সম্পাদক হেমন্ত গগৈৰ লগতে আটাছুৰ বহু ছাত্ৰ কৰ্মী উপস্থিত থাকে।
“আপকু” ৰ নৱ নিৰ্বাচিত উপ সভাপতি মুকুল বৰা আৰু সাংগাঠনিক সম্পাদক ৰূস্তম গগৈক সম্বৰ্ধনা
মফচলীয় সংবাদ কৰ্মী সকলক লৈ গঠিত হোৱা আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকুৰ নৱ নিৰ্বাচিত উপ সভাপতি মুকুল বৰা আৰু সাংগাঠনিক সম্পাদক ৰূস্তম গগৈক আজি সাপেখাতী প্ৰেছ ক্লাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।সাপেখাতী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠান টোৰ সভাপতিত্ব কৰে ক্লাৱৰ সভাপতি কেশৱ গগৈয়ে । সাপেখাতী প্ৰেছ ক্লাৱৰ সম্পাদক ৰাজীৱ কলিতাই উদ্দেশ্যে বাখ্যা আগবঢ়োৱা পাছতেই দুয়োগৰাকী সম্বৰ্ধীত ব্যক্তিক চেলেং চাদৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই ।ইয়াৰ পাছতে উক্ত অনুষ্ঠানতে চাঁওতাল ছাত্ৰ সন্থা , টাই আহোম যুৱ পৰিষদ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে দুয়োজন সম্বৰ্ধিত ব্যক্তিক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই । উল্লেখযোগ্য যে ৰাজ্য খনৰ মফচলীয় সংবাদকৰ্মী সকলক লৈ গঠিত হোৱা আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়ন (আপকু )ৰ দ্বাদশ দ্বি বাৰ্ষিক অধিৱেশন খনি যোৱা ২৬ আৰু ২৭ ডিচেম্বৰ তাৰিখে চৰাইদেউ জিলাৰ সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় । উক্ত অধিৱেশনতে দৰং জিলাৰ আব্দুল খালেকক সভাপতি আৰু শিৱসাগৰ জিলাৰ শৰৎ শেনচোৱাক সম্পাদক প্ৰধান ৰূপে লৈ এখন শক্তিশালী নৱ নিৰ্বাচিত কেন্দ্ৰীয় সমিতি গঠন কৰা হয় । আজি সাপেখাতী প্ৰেছ ক্লাৱত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানৰ পৰাই সাপেখাতী প্ৰেছ ক্লাৱে নৱ নিৰ্বাচিত সমিতিলৈ শুভেচ্ছা জ্ঞাপন কৰে ।








