Home Blog Page 3086

সাপেখাতীত আটাছু’ৰ জনজাতিকৰণ, কা’ বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত দুঘণ্টীয়া অৱস্হান ধৰ্মঘট

সাপেখাতী, ২৯ ডিচেম্বৰ ২০২০:  জনগোষ্ঠীক জনজাতিকৰণ , নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু অখিল গগৈক মুক্তিৰ দাবীত আজি আটাছু চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু দল সংগঠনৰ বিষয়বীয়াৰ উপস্থিতত সাপেখাতীত দুঘণ্টীয়া অৱস্হান ধৰ্মঘট অনুষ্ঠান ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আজি সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰৰ সন্মুখত প্ৰায় এক শতাধিক  কৰ্মী সমবেত হৈ হাতে হাতে প্লে ‘কাৰ্ড লৈ ছয় জনজাতিকৰণ  কৰক,কা’ আমি নামানো, অখিল গগৈক শীঘ্ৰে মুক্তি দিয়ক, বি – জে -পি চৰকাৰ গ’ ব্ৰেক , কৃষক বিৰোধী বি জে পি চৰকাৰ হায় হায় আদি শ্লো’গানেৰে আকাশ বতাহ কপাই ।আজি অৱস্থান স্থলীত  আটছু প্ৰতিষ্ঠাপক সম্পাদক অৰুণ গগৈ, কেন্দ্ৰীয় সহ সম্পাদক দেৱজিৎ গগৈ, আটাছু চৰাইদেউ জিলা সমিতিৰ, সভাপতি সম্পাদক ৰাজীৱ চেতিয়া, দেৱাশীষ বুঢ়াগোহাঁই, উপদেষ্টা দিগন্ত চাংমাই,আছুৰ নিতুল গগৈ, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লংকেশ্বৰ গগৈ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কৃষ্ণ গগৈ, আৰু কৃষক শ্ৰমিক সুৰক্ষা সমিতিৰ হৈ ৰাজু গগৈ প্ৰমূখ্য কৰি বহু কেইজন লোকে প্ৰতিবাদ স্থলীত বক্তব্য আগবঢ়ায়।

চেলেংহাটৰ বিশিষ্ট সমাজ কৰ্মী তুষাৰ পাললৈ অসম গৌৰৱ বঁটা

টীয়ক:- যোৰহাট জিলাৰ  চেলেংহাট নামচেচুৰ বাসিন্দা, বিশিষ্ট সমাজ কৰ্মী, শৰীৰ চৰ্চাবিদ তথা নিচা মুক্তি অভিযানৰ লগত জড়িত তুষাৰ পালক সাহিত্য সমাজ সাংস্কৃতিক সেৱা মঞ্চই  অসম গৌৰৱ  বঁটা প্ৰদান কৰিছে।। ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা বিশেষ ব্যক্তি সকলক এই বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানটোৱে  সমাজকৰ্মী তুষাৰ পাললৈ জীৱন জোৰা সমাজপ্ৰাণ খিতাপ প্ৰদান কৰে। গুৱাহাটীৰ দিছপুৰস্থিত পি ডব্লিউ ডি অডিটেৰিয়ামত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত সমাজ কৰ্মী তুষাৰ পালে বঁটা গ্ৰহণ কৰে অসমৰ শ্ৰম মন্ত্ৰী সঞ্জয় কৃষানৰ হাতৰ পৰা। আনহাতে এই বটা লাভ কৰি সমাজ সেৱাৰ প্ৰতি অধিক দায়বদ্ধতাৰে কাম কৰি যাৱলৈ উৎসাহ আৰু অনুপ্ৰেৰণা পোৱা বুলি ব্যক্ত কৰে তুষাৰ পালে।উল্লেখ্য যে, তুষাৰ পাল এগৰাকী ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শৰীৰ চৰ্চাবিদ। আনহাতে মাদক দ্ৰব্য, ড্ৰাগছ, অন্ধবিশ্বাস আৰু কৰ’নাৰ বিৰুদ্ধে ৰাইজৰ মাজত সচেতনতা আনিবলৈ কোনো চৰকাৰী সহায় অবিহনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা লগতে  কেইবাখনো ছুটি ছবি নিৰ্মান কৰা লগতে নিজৰ পকেটৰ ধন খৰচ কৰি বিভিন্ন অঞ্চলত সজাগতা সভা আৰু লিফলেট আদি বিতৰন  আহিছে। ইয়াৰো পৰি বহু অসহায় দৰিদ্ৰ লোক আৰু ছাত্ৰ-ছাত্ৰীক সহায়ৰ হাত আগবঢ়াই আহিছে তুষাৰ পালে। ইতিমধ্যে তুষাৰ পালে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও সন্মান বুটলিবলৈ সক্ষম হৈছে।এই গৰাকী মানৱ দৰদী সমাজকৰ্মী তুষাৰ পাললৈ অসম গৌৰৱ সন্মান বঁটা আগবঢ়োৱাত চেলেংহাট বাসীয়ে আনন্দ প্ৰকাশ কৰা লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে অভিনন্দন জ্ঞাপন কৰিছে। 

পানী নিস্কাষণৰ বাবে নিৰ্মাণ কৰা নলাই বাৰিষা জীয়াতু ভুগাব টীয়ক নগৰবাসীক

কাকজান, ২৯ ডিচেম্বৰ : চাৰিলেন যুক্ত পথ নিৰ্মাণৰ চৰম মইমতালিৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ যোৰহাস্থিত কাৰ্যালয়ৰ একাংশ বিষয়াক মেনেজ কৰি “জিডিচিএল” নামৰ নিৰ্মাণ সংস্থাৰ পৰা উপ ঠিকা লাভ কৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰহাট বাইপাচৰ পৰা জাঁজী পৰ্যন্ত নিম্ন মানৰ কাম অব্যাহত ৰখা “লিংকন দিগনিটি” নামৰ সংস্থাটোৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপিত হৈ আহিছে । এনে অভিযোগৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নকৰি নিৰ্মাণ সংস্থাটোৱে অব্যাহত ৰখা নিম্নমানৰ কামৰ বাবে নিৰ্মাণ সম্পূৰ্ণ এমাহ নৌহওতেই পথটোৰ বহু স্থানত এৰাই গৈছে ব্লেকটেপিং ।তদুপৰি পথৰ কাষত নিৰ্মাণ কৰা পকী নলা সমূহ ক্ৰটিপূৰ্ণ ভাবে নিৰ্মাণ কৰা বুলি যি অভিযোগ ৰাইজে উত্থাপন কৰিছিল সেয়া প্ৰমাণিত হৈছে ৰাইজৰ দাবীৰ ভিত্তিত কৰা পুনৰ জৰীপত। 

হেলিকপ্টাৰ যোগে লাউচৰ আম্বানী খ্যাত হাবিব মহম্মদ চৌধুৰীৰ পাঠিমাৰী-খোলাবান্ধাত সজাগতা সভা

মুছলমান লোক সকলক ভয় ভাবুকি দি একাংশ লোকে ৰাজনৈতিক মুনাফা আদায় কৰি আহিছে - হাবিব মহম্মদ চৌধুৰী

বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত পাঠিমাৰী-খোলাবান্ধা চৰাঞ্চলত সোমবাৰে হেলিকপ্টাৰ যোগে আহি সংখ্যালঘু জনগনৰ সৰ্বাংগীণ উন্নয়ণৰ লগতে যেন নিৰ্বাচনৰ আগতীয়া বতৰা দি গল লাউচৰ আম্বানী খ্যাত হাবিব মহম্মদ চৌধুৰীয়ে। দৰিদ্ৰতাৰে সংগ্ৰাম কৰি কেনেকৈ হোজাইৰ পৰা গৈ লাউচৰ এগৰাকী আগশাৰীৰ উদ্যোগপতি হল তাৰ বৰ্ণনা দিয়াৰ লগতে কৌশলপূৰ্ণ ভাৱে ৰাজনীতিৰ বহু কথাই উল্লেখ কৰিলে হাবিব মহম্মদ চৌধুৰীয়ে। এম ডি এছ ডব্লিউ আৰু জে এফ ফাউণ্ডেচনৰ জৰিয়তে সংখ্যালঘু লোকক শৈক্ষিক ক্ষেত্ৰত আগুৱাই নিয়াৰ সংকল্পৰে ৰাইজৰ কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে চৌধুৰীয়ে। স্বাধীনতাৰ ৭৫ বছৰ পিছতো সংখ্যালঘু মুছলমান লোক সকল আৰ্থ-সানাজিক, শৈক্ষিক দিশত তেনেই পিছ পৰি থকাত আক্ষেপ প্ৰকাশ কৰি ইয়াৰ উত্তৰণ নঘটিলে মুছলমান সকলৰ পৰিত্ৰাণ নাই বুলিও উল্লেখ কৰে। বিগত দিন সমুহত মুছলমান লোক সকলক ভয় ভাবুকি দি একাংশ লোকে ৰাজনৈতিক মুনাফা আদায় কৰি অহা বুলিও তাৎপৰ্যপূৰ্ণ মন্তৱ্য প্ৰকাশ কৰে চৌধুৰীয়ে। ৰাজনীতিৰ নামত একাংশ আলিম-উলেমাই মুছলমান লোকক প্ৰতাৰণা কৰাৰ বাবেও দীৰ্ঘদিনে তেওঁলোকৰ সমস্যা আজিও সমস্যা হৈয়েই থাকিল। চৰাঞ্চলৰ আধাতে স্কুল এৰা এক হাজাৰ ল’ৰা ছোৱালীক বিনামূলীয়াকৈ স্কিল ডেভলপমেন্টৰ জৰিয়তে প্ৰশিক্ষণ দিব বুলি ৰাজহুৱা সভা খনত  ঘোষণা কৰে হাবিব মহম্মদে। শেষতীয়াকৈ প্ৰস্তুত হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ওপৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৌধুৰীয়ে কয়, ৭০ বছৰে শুদ্ধ এন আৰ চি নোপোৱাটো আমাৰ বাবে দুৰ্ভাগ্যজনক। ইপিনে লাউচৰ প্ৰখ্যাত উদ্যোগপতি হাবিব মহম্মদ চৌধুৰীৰ এনে সভাৰ আঁৰত ৰাজনৈতিক স্বাৰ্থ সন্নিবিষ্ট থকাৰ অভিযোগ কৰিছে একাংশ লোকে। ২১ ৰ বিধান সভা নিৰ্বাচনত ধৰ্মীয় সংখ্যালঘূ লোকৰ ভোট বিভাজন ঘটোৱাই এনে সভাৰ মূল উদ্দেশ্য বুলিও কব খোজে এচামে। সি যিকিনহওঁক বৰপেটাৰ খোলাবান্ধাচৰত হাবিব মহম্মদৰ চৌধুৰীৰ হেলিকপ্টাৰ চফৰে বহু কথাৰ ইংগীত দি থৈ গল।সভাত আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আলফাজ উদ্দিন আহমেদ,পাঠীমাৰী খোলাবান্ধা জনপ্ৰিয় বজাৰ পৰিচালনা সমিতিৰ সভাপতি মোজাম্মেল হক, অৱসৰপ্ৰাপ্ত শিক্ষক আ:মান্নান এছাহক আলী, সাংবাদিক মেদিনী গগৈ প্ৰমূখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে । সভাত কেইবা সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰে।

বকোত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সম্পাদিকা কৃষ্ণা দাসক সম্বৰ্ধনা

কামৰূপ জিলাৰ বকোত আজি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সম্পাদিকা কৃষ্ণা দাসে পদাৰ্পণ কৰি কংগ্ৰেছ দলৰ কৰ্মীবৃন্দক উৎসাহিত কৰি তোলে৷
উল্লেখ্য যে সমাগত অসম বিধান সভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাত বকো সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ মাজত নিজ নিজ দলৰ সাংগঠনিক দিশ শক্তিশালী কৰি তোলা মুহূৰ্ততে বকো সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়িকা নন্দিতা দাসৰ সৈতে কংগ্ৰেছ কৰ্মীবন্দৰ মাজত ঠায়ে ঠায়ে দলীয় সংঘাট সৃষ্টি হোৱাত আন ৰাজনৈতিক দলবোৰে কুজকাৱাজ অব্যাহত ৰাখিবলৈ সুবিধা লাভ কৰিছে৷
এই লৈ দলৰ মজিয়াত চিন্তাৰ বিষয় হৈ পৰিছে। এই বিষয়টো মহিমুৰ কৰিবলৈ সমষ্টিৰ ভোটাৰৰ মাজত উপস্থিত হয় কৃষ্ণা দাস। আজি বকোৰ সোনতলীত অনুষ্ঠিত হোৱা প্ৰাইজমানি ক্ৰিকেট খেলৰ চূড়ান্ত খেলৰ বঁটা বিতৰণী সভাত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সম্পাদিকা কৃষ্ণা দাসে উপস্থিত হৈ বঁটা প্ৰদান কৰাত কেবা সহস্ৰাধিক লোকৰ ভোটাৰ ৰাইজে কৃষ্ণা দাসক বিপুলভাৱে আদৰনী জনায়৷
উল্লেখ্য বকো সমষ্টিত ২০১৬ চনত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীৰ দাবী জনাই ভোটাৰৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল৷ আগন্তুক বিধান সভাৰ নিৰ্বাচনত বকো সমষ্টিৰ পৰা সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ সম্পাদিকা পদত নিয়োজিত হৈ কৃষ্ণা দাসে প্ৰাৰ্থিত্বৰ দৌৰত নামি পৰিলে বকোত কংগ্ৰেছৰ বাবে স্হান লাভ কৰাটো নিশ্চিত বুলি ধাৰণা কৰিছে কংগ্ৰেছৰ মহলে৷
সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সম্পাদিকা কৃষা দাসৰ সৈতে সোনতলী-টুপামাৰী জিলা পৰিষদৰ সদস্য স্বাহজাহান আলী আহমেদ, ছমৰীয়া ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি কুতুব উদ্দিন, মাহতলী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আমিন ময়নুল হক, সোনতলী-চৌধুৰী পাম গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য ৰমজান আলী প্ৰমুখ্যে কৰি কংগ্ৰেছৰ জ্যেষ্ঠ কৰ্মী আবু শ্বহিদুল ইছলাম, দোস্ত খলিলুৰ ৰহমান, আব্দুল ৰেজ্জাক তৰফদাৰ, লালমিয়া , ফুলচান আলী, আমিন ময়দুল ইছলাম, আক্কাছ আলী, ৰবিউল হুছেইনে অংশ গ্ৰহণ কৰে।

কলিয়াপানী মণ্ডল মহিলা মৰ্চাৰ সাংগঠনিক কায্যৰ্নিবাহক সভা অনুষ্ঠিত

কাকজান ২৯ ডিচেম্বৰঃ যোৰহাট জিলাৰ টীয়ক বিধান সভা সমষ্টি কলিয়াপানী মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ  মংগলবাৰে  কলিয়াপানী মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত সাংগঠনিক কায্যৰ্নিবাহক সভা অনুষ্ঠিত হয়। কলিয়াপানী মহিলা মৰ্চাৰ  সভানেত্ৰী নীলিমা বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত  হোৱা সভাখনত উপস্থিত থাকে জিলা মহিলা মৰ্চাৰ বিষয়ববীয়া সকল মণ্ডলৰ মহিলা মৰ্চাৰ প্ৰভাৰী নিৰলা কলিতা মণ্ডলৰ উপসভাপতি দ্বীজেন বৰুৱা, সম্পাদক অভিজিৎ বৰুৱা, মণ্ডল মহিলা মৰ্চাৰ উপসভানেত্ৰী জ‍্যোতি দত্ত, ভাৰতী শইকীয়া বৰুৱা, সম্পাদিকা শেৱালি টাই, ৰাজ্যিক কায্যৰ্নিবাহক সদস্য সকল, জিলাৰ সদস্য – সদস্যা, মণ্ডলৰ বিষয়ববীয়া , মহিলা মৰ্চাৰ বহু কাৰ্যকৰ্তা  সকল । লগতে বিভিন্ন বুথৰ পৰা মহিলা বুথবাহিনীৰ হৈ প্ৰায় শতাধিক মহিলা সদস্যা  উপস্থিত থাকে ।

গৰৈমাৰীত নাৰীদেহ ব্যৱসায়ী আৰু নাৰী সৰবৰাহী চক্ৰ উৎখাত কৰাৰ দাবীত উত্তাল প্ৰতিবাদ

বকো ২৯ ডিচেম্বৰ:: ৰাজ্যৰ গ্ৰামাঞ্চলত সক্ৰিয় হৈ উঠা নাৰীদেহ ব্যৱসায়ী আৰু নাৰী সৰবৰাহী চক্ৰ উৎখাত কৰাৰ দাবীত আজি হঠাতেই উত্তাল হৈ পৰিল গৰৈমাৰী অঞ্চল৷ উল্লেখ্য, অঞ্চলটোত সঘনাই নাৰীজনিত অপৰাধমূলক ঘটনা সংঘটিত হৈ আহিছে যদিও স্থানীয় প্ৰশাসন কিম্বা আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদত প্ৰায় শতাধিক পুৰুষ-মহিলা আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে উত্তাল প্ৰতিবাদেৰে গৰৈমাৰীৰ আকাশ-বতাহ কঁপাই তোলে৷ প্ৰতিবাদকাৰী সকলে অসম আৰক্ষী হায় হায়, নাৰী সুৰক্ষা নিশ্চিত কৰক, অপৰাধীক গ্ৰেপ্তাৰ কৰক আদি শ্ল’গানেৰে বৃহৎ সমদল উলিয়াই প্ৰথমতে গৰৈমাৰী আৰক্ষী চকী ঘেৰাও কৰে৷ পিচত প্ৰতিবাদকাৰী সকলে সদলবলে গৰৈমাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ চক্ৰ বিষয়াক এখন স্মাৰকপত্ৰ প্ৰদান কৰে৷ উল্লেখ্য যে, চলিত ডিচেম্বৰ মাহতে ছয়গাঁৱৰ কাণহাৰা গাঁৱৰ দুগৰাকী কিশোৰী কন্যাক একে গাঁৱৰে ৰবিউল হুছেইন নামৰ লম্পট যুৱক এজনে বিয়াৰ প্ৰলোভনেৰে পলুৱাই নি বহিঃৰাজ্যৰ ৰাজস্থানত বিক্ৰী কৰে৷ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে পৃথকে পৃথকে গৰৈমাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পিচতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ যাৰ বাবে প্ৰতিবাদকল্পে আজি গৰৈমাৰী আৰক্ষী চকী আৰু চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

আনুষ্ঠানিক ভাৱে গেৰুৱা হ’ল অজন্তা নেওগ আৰু ৰাজদ্বীপ গোৱালা

আজি দিনৰ ১১ বজাত ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত সদ্য কংগ্ৰেছ ত্যাগী অজন্তা নেওগ  আৰু ৰাজদ্বীপ গোৱালায়ে পিন্ধিলে গেৰুৱা বসন ৷ কংগ্ৰেছ নেত্ৰী তথা গোলাঘাটৰ প্ৰাক্তন বিধায়িকা, সদ্য পদত্যাগী কংগ্ৰেছ বিধায়ক ৰাজদ্বীপ গোৱালাৰ লগতে গৌৰিপুৰৰ প্ৰাক্তন বিধায়ক বলিন মুছাহাৰীয়েও পিন্ধিলে গেৰুৱা বসন ।

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰৰ লগতে আন একাংশ বিজেপিৰ শীৰ্ষ নেতাৰ উপস্থিতিত তিনিও গৰাকী নেতাই বিজেপিত আনুষ্ঠানিক ভাৱে যোগদান কৰে ।

যোগদান কৰাৰ লগে লগে তিনিওগৰাকীয়ে লাভ কৰিলে ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ আসন।

তিনিওগৰাকী ব্যক্তিৰ যোগদানে ১০০ ৰ লক্ষ্যলৈ আগবাঢ়ি যোৱাত আমাক সহায় কৰিব আৰু সকলো মিলি আমি লক্ষ্য প্ৰাপ্তিৰ দিশে আগবাঢ়িম  বুলি মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

যোগদান কৰিয়েই বিজেপিৰ প্ৰশংসাত পঞ্চমুখ অজন্তা নেওগ । নিজকে ন-বোৱাৰীৰে কৰিলে তুলনা কৰি গোলাঘাটৰ প্ৰাক্তন বিধায়িকাগৰাকীয়ে কয়, ”যিসকল ব্যক্তিয়ে এই দলটোত যোগদান কৰাৰ ক্ষেত্ৰত মানসিকভাৱে অনুপ্ৰেৰণা যোগালে তেওঁলোকক ধন্যবাদ জনালো।” কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ পোৱাৰ পিছতে যোগদান কৰাৰ কথা নেওগে কয়।

মোক সন্মান সহকাৰে ৰাখিব লাগিব বুলি দলক কৈছিলো আৰু পূৰ্ব স্বৰ্ত নোহোৱাকৈ দললৈ আহিছো বুলি নেতাগৰাকীয়ে কয়। যোগদান কৰিয়েই বিজেপিৰ প্ৰশংসাত পঞ্চমুখ নেত্ৰীগৰাকী। দলটোৰ ভৱিষ্যতক চাইহে যোগদান কৰা বুলি মন্তব্য নেত্ৰীগৰাকীৰ।

মাখিবাহা জ্যেষ্ঠ নাগৰিক পৰিষদৰ সপ্তম দ্বি–বাৰ্ষিক অধিৱেশন সম্পন্ন

টিহু মহকুমাৰ মাখিবাহা জ্যেষ্ঠ নাগৰিক পৰিষদৰ সপ্তম দ্বি–বাৰ্ষিক অধিৱেশনখন বিভিন্ন কাৰ্যসূচীৰে আজি  মাখিবাহা সভাৰ খলাত সম্পন্ন হয়  ।  এই উদ্দেশ্যে পুৱা  মাখিবাহা জ্যেষ্ঠ নাগৰিক পৰিষদৰ সভাপতি উপেন্দ্ৰনাথ দত্তই জ্যেষ্ঠ নাগৰিক পৰিষদৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছত স্মৃতি তৰ্পণ কৰে মাখিবাহা জ্যেষ্ঠ নাগৰিক পৰিষদৰ প্ৰাক্তন সভাপতি ভূকান্ত মজুমদাৰে । ইয়াৰ পাছতে অনুষ্ঠিত বিষয় বাছনি সভাত আৰুবেলি কাৰ্যকালৰ বাবে  উপেন্দ্ৰনাথ দত্তক সভাপতি  আৰু মোহনচন্দ্ৰ বৈশ্যক সম্পাদক হিচাপে লৈ নতুন সমিতি এখন গঠন কৰা হয় । দুপৰীয়া মাখিবাহা জ্যেষ্ঠ নাগৰিক পৰিষদৰ সভাপতি উপেন্দ্ৰ নাথ দত্তৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা আৰু সম্বৰ্দ্ধনা অনুষ্ঠানত নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক পৰিষদৰ সাধাৰণ সম্পাদক প্ৰিয়নাথ বৰ্মনে বিশিষ্ট অতিথি হিচাপে অংশ লয়  । মাখিবাহা জ্যেষ্ঠ নাগৰিক পৰিষদৰ সম্পাদক মোহনচন্দ্ৰ বৈশ্যই আঁতধৰা এই সভাখনতে ‘সময় বালিত এৰি অহা খোজ’ শীৰ্ষক মাখিবাহাৰ জ্যেষ্ঠ নাগৰিক পৰিষদৰ   সদস্যসকলৰ  সংক্ষিপ্ত জীৱনপঞ্জী গ্ৰন্থ এখন উন্মোচন কৰে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰীয়া অধ্যাপক  ড: সুৰেশচন্দ্ৰ শৰ্মাই । সভাত কেইবাজনো জ্যেষ্ঠ নাগৰিকক সম্বৰ্দ্ধনা জ্ঞাপনো কৰা হয়  । 

বোকাখাতত ৰূপজ্যোতি সংঘৰ ১৫ দিনীয়া নাট্য কৰ্মশালাৰ সামৰণি

বোকাখাত, ২৮ ডিচেম্বৰঃঅসমৰ এমেচাৰ নাট জগতৰ এক মাইলৰ খুটি, প্ৰায় দুকুৰি বছৰীয়া বোকাখাতৰ ৰূপজ্যোতি সংঘৰ উদ্যোগত আৰু বোকাখাত নাট্যমন্দিৰৰ সহযোগত অনুষ্ঠিত ১৫ দিনীয়া নাট্য কৰ্মশালাৰ সামৰণি পৰে যোৱা ২৭ ডিচেম্বৰত। ১২ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰলৈ অনুষ্ঠিত নাট্য কৰ্মশালাখনিৰ সামৰণি অনুষ্ঠানৰ সভাপতিত্ব কৰে ৰূপজ্যোতি সংঘ, বোকাখাতৰ কাৰ্যকৰী সভাপতি অনন্ত হাজৰিকাই, আঁত ধৰে ৰূপজ্যোতি সংঘৰ সম্পাদক অভিলাষ বৰবৰাই। উল্লেখ্য যে লক-ডাউনে স্থবিৰ কৰি তোলা বিগত এচোৱা সুদীৰ্ঘ সময়ৰ বিৰতিৰ পাছত ১৬ ৰ পৰা ২৯ বছৰৰ যুৱ প্ৰজন্মৰ প্ৰশিক্ষাৰ্থী সকলক লৈ অনুষ্ঠিত কৰ্মশালাখনি আছিল ৰূপজ্যোতি সংঘৰ প্ৰথম পদক্ষেপ। সমগ্ৰ বোকাখাত মহকুমাটোৰ বিভিন্ন স্থানৰ পৰা অহা প্ৰশিক্ষাৰ্থী সকলক নাট্য বিষয়ক কেইবাটাও শিতানত প্ৰশিক্ষণ প্ৰদান কৰে বোকাখাতৰ যুৱ প্ৰজন্মৰ প্ৰশিক্ষক সকল ক্ৰমে তৰুণ তীৰ্থ শইকীয়া (পৰিবেশ্য কলাৰ স্নতকোত্তৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়) , অবিনাশ শৰ্মা (এন এচ ডি, চিকিম), অৰ্পিতা কাশ্যপ (পৰিবেশ্য কলাৰ স্নতকোত্তৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়) টিকেন্দ্ৰজিৎ দাস ( এন এচ ডি, চিকিম)-এ। সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ক্ৰমে বিশিষ্ট নাট্যকৰ্মী তথা বোকাখাত নাট্যমন্দিৰৰ সাংস্কৃতিক সম্পাদক বিমান বৰুৱা, প্ৰবীন নাট্যকৰ্মী মনো বৰা, বিশিষ্ট নাট্যকাৰ-কবি-সাংবাদিক অমৰ শৰ্মা, বোকাখাতৰ সংবাদসেৱী অনুষ্ঠান কাজিৰঙা নিউজ নেটৱৰ্কৰ মুখ্য সচিব তথা বিশিষ্ট সাংবাদিক প্ৰদ্যুত মহন্ত, বিশিষ্ট লোক সংগীত শিল্পী তথা বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অধ্যাপক অতুল বেজবৰুৱা, ৰূপজ্যোতিৰ শুভাকাংক্ষী সদস্য তথা বিশিষ্ট নাট্যকৰ্মী মানসজ্যোতি দত্ত আদিয়ে। অনুষ্ঠানত একালত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সৈতে একেলগে সংগীত পৰিবেশন কৰা বিশিষ্ট সংগীত শিল্পী জিতেন শৰ্মা ৰাজখোৱাই কথা আৰু সংগীতেৰে অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে গোৱালপৰীয়া লোকগীত পৰিবেশন কৰে অতুল বেজবৰুৱাই আৰু অংশুমা শইকীয়াই ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰে। অনুষ্ঠানত প্ৰশিক্ষক সকলক আনুষ্ঠানিকভাৱে একোখনিকৈ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়। সামৰণি অনুষ্ঠানটিত প্ৰশিক্ষক সকলৰ লগতে কৰ্মশালাত প্ৰাপ্ত হোৱা প্ৰশিক্ষণৰ অনুভৱ আদিৰ বিষয়ে কেইবাগৰাকী প্ৰশিক্ষাৰ্থীয়ে বক্তব্য ৰাখে আৰু সৃজনীশীল সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। অনুষ্ঠানত স্পৃহা বশিষ্ঠই একক, শ্ৰেয়া ঘোষ আৰু পূজাৰাণী ফুকনে দ্বৈত নৃত্য পৰিৱেশন কৰাৰ লগতে তন্ময় শইকীয়াই সুললিত বাঁহী বাদনেৰে অনুষ্ঠানটো জীপাল কৰি তোলে। অনুষ্ঠানতে কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলক কৰ্মশালাত অংশ গ্ৰহণ কৰাৰ স্বীকৃতি হিচাপে একোখনিকৈ মানপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ৰূপজ্যোতি সংঘৰ শুভাকাংক্ষী সদস্য তথা বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ধীৰেণ শৰ্মা, বিশিষ্ট নাট্যকৰ্মী তথা বোকাখাত নাট্যমন্দিৰৰ উপ-সভাপতি দুলাল ডেকা, ৰূপজ্যোতি সংঘৰ সাহিত্য উপদেষ্টা তথা কবি-সাংবাদিক অজন্তা তালুকদাৰ, ৰূপজ্যোতি সংঘ আৰু বোকাখাত নাট্যমন্দিৰৰ উপদেষ্টা, বিষয় ববীয়াৰ লগতে ৰূপজ্যোতিৰ যুৱ প্ৰজন্মৰ সদস্য ক্ৰমে প্ৰাচুৰ্য শৰ্মা, ৰূপম বাহেক, নুপূৰ বৰা, হৃষিকেশ শৰ্মা, ৰাহুল আচাৰ্য, আকাশজ্যোতি শইকীয়া আদি, অভিভাৱকসকল আৰু বহু সংখ্যক স্থানীয় গণ্যমান্য ব্যক্তি উপস্থিত থাকে।