Breaking

পলাশবাৰী মণিয়েৰী তিনিয়ালীৰ ৰেল গেটৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰ

0 2,059

পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মণিয়েৰী তিনিআলী ৰেলগেটৰ নিচেই কাষত যোৱা  ২৩ মাৰ্চত ৰাতিপুৱা ৭.৩০ মান বজাত উদ্ধাৰ হয় এটা অচিনাক্ত যুৱকৰ মৃতদেহ। নীলা ৰঙৰ টেকচুট পেন পৰিধান কৰা, গা ৰ বৰণ বগা, ৫ ফুট ৫ ইঞ্চি উচ্চতাৰ (ক্ষীণ) মৃতদেহটো স্থানীয় একাংশ লোকে প্ৰত্যক্ষ কৰি পলাশবাৰী আৰক্ষী থানাত খবৰ দিয়ে। ঘটনাস্থলীত  পলাশবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ আহে। মৃত যুৱকজনৰ বসয় প্ৰায় ৩৫ বছৰ হ’ব বুলি আৰক্ষীয়ে ধাৰণা কৰিছে। মুৰৰ পিছফালে আৰু সোঁ‌হাতত আঘাতৰ চিন থকা মৃতদেহটো  পিছত আৰক্ষীয়ে মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰি চিনাক্তৰ বাবে  জিএমচিএইচৰ মৰ্গত ৰখা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Leave A Reply