অহা পহিলা এপ্ৰিলত অনুষ্ঠিত হʼবলগীয়া দ্বীতিয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে শুকুৰবাৰে ৰঙিয়াৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হয় বিজেপিৰ এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভা । মঙ্গলদৈ লোকসভাৰ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াসহ হেলিকাপ্টাৰযোগে পোনেপোনে চিপাঝাৰৰ পৰা আহি উপস্থিত হয় ৰঙিয়াত । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওৰ ভাষণত কংগ্ৰেছ নেতৃত্বাধীন মহাযোটক অপশক্তি বুলি কৈ তীব্ৰ সমালোচনা কৰে,ইয়াৰোপৰী আগন্তুক দিনত দহলাখ নিবনুৱাক সংস্থাপন দিয়াৰ কথা ঘোষণা কৰে । আনহাতে ৰঙিয়া সমষ্টিৰ ৰাইজক মন্ত্ৰী ভবেশ কলিতাক ডেৰলাখ ভোটত জয়ী কৰাব লাগিব বুলি কৈ প্ৰতিশ্ৰুতি আদায় কৰে । ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে উন্নয়ন, শান্তি-প্ৰগতিৰ বাবে বিজেপিক ভোট দিবলৈ আহ্বান জনায় । উক্ত সভাত ৰাজ্য সভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, মন্ত্ৰী ভৱেশ কলিতা, গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ পবিত্ৰ বড়ো, জিলা সভাপতি নন্দন তালুকদাৰ, ব্লক, মণ্ডল, বুথ, মৰ্চা, দলীয় কাৰ্য্যকর্তা সকলৰ লগতে অসংখ্যা লোক উপস্থিত থাকে । মুখ্যমন্ত্ৰীক কাষত পাই উৎফুল্লিত হোৱা ভবেশ কলিতাই আজি পুনৰ তেৱেই একলাখ ভোট পাই জয়ী হʼব বুলি সদম্ভে ঘোষণা কৰে । ৫৭নং ৰঙিয়া সমষ্টিৰ অন্তৰ্গত গোৰেশ্বৰত অনুষ্ঠিত মহাজোঁটৰ সভাত বৃন্দা কাৰাটে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিচিল,ইয়াৰ প্ৰত্যুত্বৰত কি কাৰাট বুলি তাচ্ছিল্য কৰি কয় যে ৰঙিয়াত কাৰাট ফাৰাট নচলে ৰঙিয়াত কেৱল কলিতা, আহমেদ, শৰ্মা, বড়ো, ৰাভা ইত্যাদি চলে বুলি কয় ।
বোকাখাতত আজি ১৪৪৩৬৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ১১ গৰাকীৰৰ ৰাজনৈতিক নেতাৰ ভৱিষ্যত
ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । ৯৩ ন বোকাখাত বিধান সভা সমষ্টিত ১৮৫ টা ভোটগ্ৰহন কেন্দ্ৰত ১৪৪৩৬৩ গৰাকী ভোটাৰে আজি নিৰ্ণয় কৰিব ১১ গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য।কংগ্ৰেছ নেতৃত্বাধীন মহাজোটৰ প্ৰাৰ্থী যুৱ নেতা প্ৰণৱ দলে,অসম গণপৰিষদৰ বিজেপি, গণশক্তি মিত্ৰ জোটৰ প্ৰাৰ্থী তথা কৃষি মন্ত্ৰী অতুল বৰা, ৰাইজৰ দলৰ প্ৰাৰ্থী জীৱন চন্দ্ৰ বৰা,জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰেৱকান্ত গগৈ, বোকাখাত নিৰ্মাণ গোটৰ সভাপতি তথা প্ৰাক্তন নিৰ্দলীয় বিধায়ক জীতেন গগৈ, আপৰ প্ৰাৰ্থী বিজয় কুটুম , নিৰ্দলীয় প্ৰাৰ্থী দুলাল বৰা, এন , চিপিৰ প্ৰাৰ্থী মৃদুল শইকীয়া , নিৰ্দলীয় প্ৰাৰ্থী হেমন্ত দলৈ,সুমন তাতী , দীনেশ কৰ্মকাৰে। উল্লেখাযােগ্য যে, ৯৩নং-বােকাখাত বিধানসভা সমষ্টিত মুঠ ১৮৫ টা ভােট গ্রহণ কেন্দ্ৰত নিবার্চন অনুষ্ঠিত হব। ইয়াৰে ৮ টা ভােট গ্রহণ কেন্দ্র নগৰাঞ্চলত আৰু ১৭৭ টা গ্রামাঞ্চলত অৱস্থিত। ৩১ টা সহায়ক ভােটগ্রহণ কেন্দ্রও স্থাপন কৰা হৈছে। সমষ্টিটোত ১০ টা ভােটদানকেন্দ্রক জটিল ভােটগ্রহণ কেন্দ্র বুলি চিনাক্ত কৰা হৈছে। বােকাখাত বিধানসভা সমষ্টিত মুঠ ভােটাৰৰ সংখ্যা হৈছে ১৪৪৩৬৩ গৰাকী ইয়াৰে পূৰুষ ভােটাৰৰ সংখ্যা হৈছে ৭৩৭৯৪ আৰু মহিলা ভােটাৰৰ সংখ্যা হৈছে ৭৩৬৮৬ গৰাকী । ১৮ ৰ পৰা ১৯ বছৰ বয়সৰ ভোটাৰৰ সংখ্যা হৈছে ১৮৯৭ । ৮০ বছৰ উৰ্ধৰ ভোটাৰৰ সংখ্যা হৈছে ১৩৫৬। বিশেষভাবে সক্ষম ভোটাৰৰ সংখ্যা হৈছে মুঠ ৯৪২ গৰাকী ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 8৫৬ আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ৪৮৬। বােকাখাত বিধানসভা সমষ্টিত মুঠ ডি ভােটাৰৰ সংখ্যা হৈছে ২১২ জন। আনহাতে মুঠ চাৰ্ভিচ ভােটাৰ আছে ৩৫৩ জন। আগন্তুক বিধানসভা নির্বাচনৰ বাবে ৯৩ নং বােকাখাত বিধানসভা সমষ্টিটো ৬ টা জ’ন আৰু ১৭ টা চেক্টৰত বিভক্ত কৰি জ’নেল আৰু চেক্টৰ বিষয়াসকলক নিযুক্তি দিয়া হৈছে। ভােটদান পক্ৰিয়া সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ ২৫৯ গৰাকী প্রিজাইডিং বিষয়া আৰু ৭৭৭ গৰাকী পুলিং বিষয়া নিযুক্তি দিয়া হৈছে। এইবাৰ ৯৩ নং বোকাখাত বিধান সভা সমষ্টিত ১১ গৰাকীকৈ প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে যদিও তিনি গৰাকী প্ৰাৰ্থীৰ মাজতে ভোটাৰ ৰাইজৰ দৃষ্টি থাকিব। কংগ্ৰেছ মহাজোটৰ প্ৰাৰ্থী প্ৰণৱ দলে,,নিৰ্দলীয় বিধায়ক জীতেন গগৈ আৰু অসম গণপৰিষদৰ সভাপতি তথা মিত্ৰ জোটৰ প্ৰাৰ্থী অতুল বৰাৰ মাজতেই মূল যুজঁ খন হব বুলি অনুমান কৰিব পাৰি। এই বাৰ কংগ্ৰেছৰ নিজা প্ৰাৰ্থী নাই যদিও আঞ্চলিক গণ মৰ্চাৰ প্ৰাৰ্থী প্ৰণৱ দলেক কংগ্ৰেছ নেতৃত্বাধীন মহাজোটে সমৰ্থন আগবঢ়াইছে ।গাৱে গাৱে গৈ ঘৰে ঘৰে তামোল পান লৈ ভোট ভিক্ষা কৰি সাধাৰণ ভোটাৰৰ মন জয় কৰিবলৈ সক্ষম হৈছে প্ৰণৱ দলে । অন্য হাতে সমষ্টিটোত যদিও বোকাখাতত বহু কংগ্ৰেছ কৰ্মীৰ প্ৰণৱ দলেৰ প্ৰতি পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ নাই তথাপিও শেষতীয়াকৈ বহু কংগ্ৰেছ কৰ্মীৰে প্ৰণৱ দলেৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছে।সমষ্টিটোত মিত্ৰ জোটৰ প্ৰাৰ্থী অতুল বৰাৰ সৱল স্থিতি যদিও নিৰ্দলীয় প্ৰাৰ্থী জীতেন গগৈ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী জীৱন চন্দ্ৰ বৰাই ভালকৈয়ে আউল লগোৱাৰ সম্ভাৱনা আছে অতুল বৰাক। বোকাখাত বিধান সভা সমষ্টিৰ মহুৰা মৌজাৰ উত্তৰ মহুৰা, দিচৈ, গুলুংটেমেৰা আৰু দুসূতিমুখ গাওঁ পঞ্চায়তৰ মিচিং সম্প্ৰদায় ভোটাৰ আৰু নুমলীগড় , বিহৰা , বোকাখাত , বৰজুৰি , কাজিৰঙাত চাহ জনগোষ্ঠিৰ ভোটাৰে নিৰ্ণয় কৰিব বোকাখাতৰ ১১ জন প্ৰাৰ্থীৰ ভাগ্য ।
ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দক চিকিৎসালয়ত ভৰ্তি
ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দক শুকুৰবাৰে পুৱা ৰাষ্ট্ৰপতিগৰাকীক নতুন দিল্লীৰ আৰ এণ্ড আৰ হাস্পতালত ভৰ্তি কৰা হয় । ৭৫ বছৰীয়া ৰাষ্ট্ৰপতিগৰাকীয়ে পুৱা বুকুৰ অস্বস্তি অনুভৱ কৰাত তেওঁক ততাতৈয়াকৈদিল্লীৰ সেনাৰ গৱেষণা আৰু ৰেফাৰেল হাস্পতাললৈ লৈ যোৱা হয় । চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে বৰ্তমান ৰাষ্ট্ৰপতিগৰাকীৰ নিয়মিত স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে আৰু বৰ্তমান তেওঁৰ স্বাস্থ্য সুস্থিৰ অৱস্থাত আছে । চিকিৎসালয় সূত্ৰই কয় যে, চিকিৎসা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ৰাষ্ট্ৰপতিগৰাকী চিকিৎসালয়তে থাকিব ।
বাক্সাত ইভিএম মেচিন কাৰ্যক্ষম কৰণৰ প্ৰক্ৰিয়া আৰম্ভ
আজিৰে পৰা বাক্সা জিলাৰ মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত আগন্তুক বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ইভিএম মেচিন কাৰ্যক্ষম কৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । বাক্সা জিলাৰ উপায়ুক্ত তথা ৰিটাৰ্নিং বিষয়া ৰঞ্জন শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে জিলাখনৰ মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংস্থাপন কৰা ষ্ট্ৰং ৰূমত আৰম্ভ হোৱা কমিচনিঙৰ কাম আজিৰে পৰা আৰম্ভ হৈছে আৰু উক্ত প্ৰক্ৰিয়া কাইলৈহে সমাপ্ত হ’ব । ইভিএম মেচিন সমূহৰ যাৱতীয় কাম-কাজ সম্পূৰ্ণ হোৱাৰ পিছত ষ্ট্ৰং ৰূমত সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে থোৱা হ’ব আৰু পিছত কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ দ্বাৰা সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰা হ’ব ৷ ইতিমধ্যে দুই ধৰণৰ প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পিছত আৰু এটা প্ৰশিক্ষণ বাকী থকা বুলি মন্তব্য কৰি উপায়ুক্ত গৰাকীয়ে কয় যে আগন্তুক নিৰ্বাচন সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে চলাই নিবলৈ প্ৰশাসনে চেষ্টা অব্যাহত ৰাখিব আৰু বাক্সাবাসীক নিৰ্ভয়ে ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে ওলাই আহিবলৈ আহ্বান জনায় উপায়ুক্ত তথা জিলা ৰিটাৰ্ণিং বিষয়া ৰঞ্জন শৰ্মাই ।
মালিবাৰীত টেম্পো ভৰ্তি চোৰাং পেট্ৰল জব্দ
কামৰূপ জিলাৰ বকো সমষ্টিৰ মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত মালিবাৰীত যোৱা নিশা টেম্পো ভৰ্ত্তি চোৰাং পেট্ৰল জব্দ কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে নিশা প্ৰায় ১০ মান বজাত এছ১৮এচি০৯৯২ নম্বৰৰ পেট্ৰল ভৰ্তি টেম্পো এখন মালিবাৰী বজাৰত উপস্তিত হয় ৷ মালিবাৰী সংখ্যালঘু ছাত্ৰ সন্থাই গোপন সুত্ৰৰ পম খেদি টেম্পোখন জব্দ কৰে ৷ প্ৰায় লক্ষাধিক টকাৰ চোৰাং বৃহৎ পেট্ৰলখিনি ইয়াৰে শিমলীতোলাৰ পৰা আহিছিল ৷ পিছত জব্দকৃত টেম্পপো ভৰ্তি পেট্ৰলখিন মন্দিৰা আৰক্ষী চকীত গতাই দিয়ে ৷ইপিনে আঞ্চলটোত দীৰ্ঘদিনৰ পৰা অব্যাহত থকা চোৰাং পেট্ৰলৰ লগতে আন আন চোৰাং সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনক ব্যৱস্থা গ্ৰহনৰ দাবী জনায় ৷
গোলাঘাট বিধান সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু ২৮৮ টা ভোটগ্ৰহণ কেন্দ্ৰ
কাইলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । নিৰ্বাচনৰ বাবে সাজু গোলাঘাট জিলা প্ৰশাসন ।ইতিমধ্যে নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে প্ৰিজাইডিং অফিচাৰ , পুলিং অফিচাৰ সকল । গোলাঘাটৰ আবাসিক ছোৱালী পলিটেকনিকৰ পৰা যাত্ৰা আৰম্ভ নিৰ্বাচনৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰী সকল । গোলাঘাট বিধান সভা সমষ্টিৰ মুঠ ২৮৮ টা ভোট কেন্দ্ৰত ৩১৭গৰাকী প্ৰিজাইডিং অফিচাৰ ৯৫১গৰাকী পুলিং অফিচাৰ হ’ব ৰাওনা । সমষ্টিটোৰ মুঠ ২লাখ ২হাজাৰ ১৪২গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোট । ঠিক সেইদৰে খুমটাই বিধান সভা সমষ্টিৰ মুঠ ১৯৮ টা ভোট কেন্দ্ৰলৈ ২১৯গৰাকী প্ৰিজাইডিং অফিচাৰ ৬৫৭গৰাকী পুলিং অফিচাৰ ৰাওনা । সমষ্টিটোৰ ১লাখ ৩৮ হাজাৰ ০৮৯ গৰাকী ভোটাৰে কাইলৈ কৰিব ভোটদান ।
ৰঙিয়াত ব্যপক প্ৰচাৰ মন্ত্ৰী ভবেশ কলিতাৰ
৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী তথা মন্ত্ৰী ভবেশ কলিতাই সমষ্টিটোৰ ইমূৰৰ পৰা সিমুৰলৈ গাৱে-ভূঞে ব্যপক নিৰ্বাচনী প্ৰচাৰ অব্যহত ৰাখিছে। নিৰ্বাচনী সভাত অংশলৈ বিজেপিয়ে আলী কুলিৰ ৰাজনীতি নকৰে বুলি সদম্ভে ঘোষণা কৰে মন্ত্ৰী কলিতাই। চবকা চাথ-চবকা বিকাশেই বিজেপিৰ মূলমন্ত্ৰ । ইয়াত কোনো ধৰ্ম অথবা জাত পাতৰ কথা নাই। ৫৭ নং ৰঙিয়া সমষ্টিৰ মুছলমান প্ৰধান এলেকা উদিয়ানাত উপস্থিত হৈ মন্ত্ৰী কলিতাই ১৫৭ ঘৰ মানুহক ভুমিপট্টা প্ৰদান কৰাৰ কথা জনাই। আনহাতে মন্ত্ৰী গৰাকীয়ে ৰাইজক উদ্দেশ্যি মুছলমান লোকসকলক কোনোবা দিনা আজান বন্ধ কৰাৰ কথা কোৱা হৈছে নেকি, কোনো গৰীৱ মহিলাই চাউল পোৱা নাই নেকি,মুছলমান ছাত্ৰীয়ে স্কুটি পোৱা নাই নেকি বুলিও প্ৰশ্ন কৰে। তেও কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ প্ৰতীক চিহ্নক কটাক্ষ কৰি কয় যে যদিহে এই দল শাসনলৈ আহে ” কাঁচিৰে কাটি হাতুৰিৰে মূৰত কোবাই মাৰিব” ইয়াৰ বিপৰীতে বিজেপিৰ প্ৰতিক ফুল কিমান ধুনিয়া, গতিকে এই ফুলে কাৰো ক্ষতি নকৰে বুলি কোৱা দেখা যায়। ইয়াৰোপৰী সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেখেতৰ প্ৰতিদণ্ডী কোনোৱেই নাই বুলিও মন্তব্য কৰে। প্ৰতিদিনেই বিশ ত্ৰিশখনকৈ সভাত অংশ গ্ৰহণ কৰি কলিতাই ব্যপক নিৰ্বাচনী প্ৰচাৰ অব্যহত ৰাখিছে। এইবাৰ লক্ষণীয়ভাৱে ৰঙিয়া সমষ্টিৰ বিভিন্ন সংখ্যলঘু অধ্যুষিত অঞ্চলৰ লোকসকল বিজেপিলৈ ঢাপলি মেলা কথাই বিৰোধী শিৱিৰত কপনি তুলিছে ।
সাংবাদিক, লেখক অনিল ধাৰ্কাৰৰ ৭৪ বছৰ বয়সত মৃত্যু
সাংবাদিক, লেখক অনিল ধাৰ্কাৰৰ ৭৪ বছৰ বয়সত মৃত্যু । মুম্বাই আনতৰজাতিক সাহিত্য উৎসৱৰ প্ৰতিষ্ঠাপক আৰু পৰিচালকৰ লগতে টাটা সাহিত্য লাইভৰ সৈতে জড়িত ধৰ্কাৰ কাৰ্ডিয়াকৰ সমস্যাত বহুদিন যুঁজি আছিল।
প্লধানমন্ত্ৰী মোদীৰ বিশেষ ভ্ৰমণ : শ্বেখ হাছিনাৰ মোদীক স্বাগতম ঢাকা বিমানবন্দৰত
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয় শুকুৰবাৰে মুজিব বৰশ্বো আৰু ৰাষ্ট্ৰীয় দিৱসত অংশগ্ৰহণৰ বাবে গৈ ঢাকা বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ফুলৰ তোৰাৰে আদৰণি জনায় ।

বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক বাংলাদেশ চৰকাৰে গাৰ্ড অৱ অনাৰ জনোৱা হয় । প্ৰধানমন্ত্ৰী মোদীয়ে ১৯৭১ চনত পাণ হেৰুওৱা ৰাষ্ট্ৰীয় শ্বহীদ স্মৃতিসৌধত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহন কৰে ।

বাংলাদেশৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মমিনে আবেলি ৩-১৫ বজাত প্ৰধানমন্ত্ৰী মোদীক সাক্ষৎ কৰিব । পিছত তেওঁ ৰাষ্ট্ৰীয় আবেলি ৩.৪৫ বজাত বাপু বংগবন্দ্বু ডিজিটেল ভিডিঅ’ প্ৰদৰ্শনী উদ্বোধন খৰিব । প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভ্ৰমণকালত বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদক সাক্ষাৎ কৰিব। তেওঁ হাছিনাৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাতো মিলিত হ’ব।COVID-19 মহামাৰীৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ এয় প্ৰথম বিদেশ ভ্ৰমণ।
দেৰগাঁৱৰ উপকন্ঠ ইপৰীয়াত মৃতদেহ উদ্ধাৰ : হত্যা কৰি পেলাই থোৱাৰ সন্দেহ
দেৰগাঁৱৰ উপকন্ঠ ইপৰীয়াত আজি পুৱা এটি মৃতদেহ উদ্ধাৰ হয় ।স্থানীয় ৰাইজে পুৱা পথৰ দাতিত পৰি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে ।চকু, ডিঙিৰ লগতে শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ স্পষ্ট চিন থকালৈ চাই কোনোবাই হত্যা কৰি পেলাই থোৱা যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। মৃতব্যক্তি জন ওপৰ গৰুমৰা গাঁৱৰ দিলীপ চন্দ্ৰ বৰা বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে। দিলীপ চন্দ্ৰ বৰাআভ্যন্তৰীণ জলসিঞ্চন বিভাগৰ চিকাৰী ঘাটৰ কৰ্মচাৰী আছিল। পৰিয়ালৰ সুত্ৰৰ পৰা জানিব পৰা মতে মৃত দিলীপ বৃহস্পতিবাৰে সন্ধিয়া বাইক লৈ এজনৰ বন্ধু ঘৰলৈ ওলাই গৈছিল। ব্যক্তি জনৰ বাইক খন বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই। ইতিিমধ্যে ঘটনাস্থলীত পুলিবৰ থানাৰ আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।নিৰ্বাচনৰ আগদিনা সংঘটিত হোৱা এই হত্যা কাণ্ডৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।









