নৱবৰ্ষৰ পহিলা দিনৰ দিনাই কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ পুনৰ উৎপাদন আৰম্ভ হয়। বহু উৎকণ্ঠাৰ মাজতে কালি পুৱা ছয় বজাত স্থানীয় বিধায়ক, জলসম্পদ মন্ত্ৰী তথা কল পৰিচালনা মণ্ডলীৰ সভাপতি কেশৱ মহন্তই মৰাপাট কলটোৰ চুইছ অন কৰি উৎপাদনৰ শুভাৰম্ভ কৰে । ইয়াৰ পাছতে আয়োজিত এখনি ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে শ্ৰমিক কৰ্মচাৰীসকলক কৰ্ম সংস্কৃতি গঢ়াৰ ক্ষেত্ৰতআহ্বান জনাই কয় “মৰাপাট কলটো জীয়াই থাকিলেহে আমি বোৰ জীয়াই থাকিম” বুলি মন্তব্য কৰাৰ লগতে কলটো মুকলি কৰাত সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱা বিত্ত মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত কলটোৰ পৰিচালন সঞ্চালক গুণমনি গগৈ আৰু মহকুমাধিপতি বিতোপন নেওগে ভাষণ প্ৰদান কৰি কলটোৰ উন্নতিৰ কল্পে শ্ৰমিক কৰ্মচাৰী আৰু স্থানীয় ৰাইজৰ সম্পূৰ্ণ সহযোগিতা কামনা কৰে। কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাৰ সভাপতি মৃগাংক শেখৰ ভৰালী হাজৰিকা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিৰ উপদেষ্টা প্ৰদীপ লস্কৰে ভাষন প্ৰদান কৰে। ভাষন প্ৰসংগত প্ৰদীপ লস্কৰে শ্ৰমিক কৰ্মচাৰীয়ে ঐকান্তিক প্ৰচেষ্টাৰে কাম কৰি যাবলৈ আহ্বান জনায়।ইয়াৰ পাছতেই মন্ত্ৰী কেশৱ মহন্তৰ লগতে কলটোৰ শ্ৰমিক সকলৰ হৈ কৰ্মী সন্থাই বিত্তমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাক বিশেষভাৱে ধন্যবাদ জনায় । উল্লেখ্য যে যোৱা ২ নৱেম্বৰৰ পৰা এক অনাকাংক্ষিত পৰিস্থিতিৰ পাছত দুমাহ ধৰি উৎপাদন বন্ধ হৈ পৰি এক অন্ধকাৰ পৰিবেশলৈ কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলটোৱে গতি কৰিছিল । কলিয়াবৰবাসী ৰাইজ, কলটোৰ প্ৰায় হাজাৰোধিক কৰ্মীৰ আহ্বান মৰ্মে বিত্তমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই কলটোৰ পুণৰ উৎপাদনক্ষম কৰি তুলিবৰ বাবে কলটোলৈ ১০ কোটি টকা অনুদান ঘোষণাৰ পাছত আজি নৱবৰ্ষৰ প্ৰথম দিনটোতে কলটোৰ পুণৰ উৎপাদন আৰম্ভ হয় । অসম অন্যতম অসম সমবায় মৰাপাট কলৰ পুনৰ উৎপাদন আৰম্ভ হোৱাৰ লগে-লগে বহু পৰিয়াললৈ আশাৰ বাৰ্তা কঢ়িয়াই আনিছে।
বিশিষ্ট সাংবাদিক, লেখক মনোজ কুমাৰ গোস্বামীলৈ কলংপাৰ বঁটা
নগাঁৱৰ পৰা প্ৰকাশিত সাপ্তাহিক কলংপাৰ কাকত গোষ্ঠীৰ দ্বাৰা প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হ’ব “কলংপাৰ বঁটা -২০২০” । অহা ৩ জানুৱাৰীত ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ৰ সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা প্ৰেক্ষাগৃহত “আমাৰ অসম” কাকতৰ মুখ্য সম্পাদক ,বিশিষ্ট সাংবাদিক, নগাঁৱৰ সু – সন্তান মনোজ কুমাৰ গোস্বামীক এই বঁটা প্ৰদান কৰিব অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে । তিলক প্ৰকাশন গোষ্ঠীৰ সৌজন্যত নগাঁও মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সহযোগত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’ব এই বঁটা প্ৰদান অনুষ্ঠান । ইফালে কলংপাৰ কাকতৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা আৰু সদ্যপ্ৰয়াত কলংপাৰ কাকতৰ উপ – সম্পাদক অচ্যুত প্ৰৱৰ শৰ্মাৰ নামত উচৰ্গিত গল্প, প্ৰবন্ধ আৰু কবিতা প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ এই অনুষ্ঠানতে প্ৰদান কৰাৰ লগতে লেখিকা অনিমা বৰুৱা শৰ্মাৰ গ্ৰন্থ “পঞ্চ সতীৰ দেশত গোৱালীৰ কন্যা ” নামৰ গ্ৰন্থখনিও উন্মোচনৰ দিহা কৰা হৈছে । উক্ত অনুষ্ঠানতে বিশিষ্ট মুক্তিযোদ্ধা আবু চামাৰ স্মাৰক বক্তৃতা -সাংবাদিকতাৰ সংকট – ৰাজনৈতিক আৰু সামাজিক পটভূমি ‘ শীৰ্ষক বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰিব কলংপাৰ বঁটা প্ৰাপক মনোজ কুমাৰ গোস্বামীয়ে । বিশিষ্ট সাংবাদিক, কলংপাৰ কাকতৰ প্ৰতিষ্ঠাপক প্ৰয়াত বলেন বৰাৰ বলিষ্ঠ পদক্ষেপত জন্মলাভ কৰা কলংপাৰ কাকতৰ পুনৰ প্ৰকাশনৰ অন্যতম হোতা যুক্তিনাথ খাউণ্ডৰ সভাপতিত্বত অনুষ্ঠিতব্য বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব স্থানীয় বিধায়ক ৰূপক শৰ্মা ; প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা , নগাঁও জিলাৰ উপায়ুক্ত কবিতা পদ্মনাভন আৰু নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড :শৰৎ বৰকটকীয়ে ।
নগাঁৱত কেইগৰাকীমান শিক্ষিত অসমীয়া যুৱকৰ অসমীয়াগিৰি
প্ৰকৃতিৰ বিনন্দীয়া ৰূপ দেখিবলৈ পোৱা যায় শীত কালত ৷শীতে লৈ আহে বহু সুখৰ বতৰা ৷কৃষি-শস্য আদিলৈকো লৈ আহে এক প্ৰাণচঞ্চল আশাৰ হাঁহি ।এই শীততে নগাঁও চহৰৰ কিছু নিলগৰ হালধিআটিত দেখিবলৈ পোৱা গৈছে এখন ফুলাম হালধীয়া দলিচা। নতুন বছৰত হালধীআটি গাঁৱৰ স্হানীয় কেইগৰাকী মান শিক্ষিত নিবনুৱা যুৱ কৃষকে ৰাজ্যৰ কৃষি ক্ষেত্ৰলৈ আনিছে আশাৰ বতৰা। হালধীআটিৰ স্হানীয় কেইগৰাকীমান শিক্ষিত যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে “সুৰুয সন্মিলিত কৃষক গোট”।এই কৃষক গোটে এইবাৰ হালধিআটি অঞ্চলত কৃষি বিভাগৰ পৰা সহায় লৈ প্ৰায় ১০০ বিঘা মাটিত আৰম্ভ কৰিছে সৰিয়হৰ খেতিৰ লগতে বতৰৰ শাক পাচলি,স্টবেৰী,মাকৈ,বেলি ফুল,বুটৰ খেতিকে ধৰি বিভিন্ন খেতি। এইসকল যুৱ কৃষকৰ কৃষি কৰ্মই বৰ্তমান ৰাজ্যৰ কৃষিখন্ডলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা।তেওঁলোকৰ সৰিয়হ খেতি ডৰাই এতিয়া যেন হাঁহিবলৈ আৰম্ভ কৰিছে । অশেষ কষ্ট আৰু পৰিশ্ৰমৰ অন্তত মন মুহিব পৰা সৰিয়হৰ লগতে বিভিন্ন খেতিয়ে যুৱ কৃষক সকলক উৎসাহ যোগাইছে।ইতিমধ্যে বতৰৰ শাক পাচলি খেতিৰ জৰিয়তে যুৱ কৃষক সকল লাভাম্বিতও হৈছে বুলি গোটটোৰ এগৰাকী সদস্য প্ৰভাত শইকীয়াই জানিবলৈ দিয়ে।প্ৰভাত শইকীয়াই লগতে নতুন বছৰত অসমীয়া শিক্ষিত যুৱ চামক কৃষি ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ আহ্বান জনাই আৰু যুৱ প্ৰজন্মক কৃষি ক্ষেত্ৰত সকলো প্ৰকাৰৰ সহায় সাৰথি তেওঁলোকে আগবঢ়াব বুলিও উল্লেখ কৰে।লগতে তেওঁলোকে কৃষি ক্ষেত্ৰত লাভ কৰা সফলতাৰ বাবে নগাঁও জিলা কৃষি বিভাগৰ লগতে জিলা কৃষি বিষয়া অশোক বৰঠাকুৰৰ শলাগ লয় ।ইতিমধ্যে বছৰৰ প্ৰায় সমুহ খেতি কৰি স্বাবলম্বী হৈছে এই সকল শিক্ষিত নিবনুৱা ৷ কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ কৰা সৰিয়হৰ খেতি ডৰা এতিয়া লহ পহ কৈ বাটৰুৱাৰ মন মুহিবলৈও সক্ষম হৈছে।

সোণতলীৰ ডেকাচাংত ছাত্ৰ মুক্তিৰ কা বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ
দক্ষিণ কামৰূপৰ ডেকাচাঙত আজি আঞ্চলিক বজাৰ প্ৰাংগণত কা বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদী সকলে হাতে হাতে প্লে কাৰ্ডলৈ কা বাতিল কৰক,কা নামানো, অখিল গগৈক মুক্তি দিয়ক, বিজেপি চৰকাৰ হায় হায়,জয় আই অসম আদি ধ্বনিৰে সোণতলীৰ ডেকাচাঙ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰাহুল চৌধুৰী উপস্থিত থাকি বিজেপি চৰকাৰক কঠোৰভাৱে সমালোচনা কৰি অখিল গগৈক বিনা চৰ্তে মুক্তি কৰি দিবলৈ চৰকাৰক দাবী জনায়। প্ৰতিবাদী কাৰ্যসূচীত অসম-মিঞা অসমীয়া পৰিষদ কামৰূপ জিলা সমিতিৰ মুখ পাত্ৰ এম মুক্তাৰ মণ্ডলে উপস্থিত থাকি কয় যে বিজেপি চৰকাৰে অসমৰ বুকুত যি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন জাপি দিছে এই অসমীয়া বিৰোধী আইন অসমৰ খিলঞ্জীয়া ৰাইজে মানি নলয়। লগতে মুক্তাৰ মণ্ডলে কয় যে অসমীয়া জাতিৰ হৈ মাত মতা অখিল গগৈক বিগত একবছৰ পাৰহৈ গ’ল বিজেপি চৰকাৰে আক্ৰোশমূলক আৰু ষড়যন্ৰ মূলক ভাবে কাৰাবন্ধী কৰি ৰাখিছে। চৰকাৰৰ যদি দম আছে অখিল গগৈক মুক্তি কৰি দি অহা বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ হুংকাৰ দিয়ে। প্ৰতিবাদী কাৰ্যসূচীত দুই শতাধিক ছাত্ৰ ছাত্ৰীৰ লগতে ভাৱে সংখ্যক গণ্য মান্য ব্যাক্তি উপস্থিত থাকে।
আজিৰে পৰা খোলা হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ
কৰ’ণাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ সময়ত আজিৰে পৰা খোলা হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ। কৰ’ণাৰ সকলো নীতি-নিয়ম মানি চলি বিদ্যালয়সমূহলৈ ছাত্ৰ-ছাত্ৰী অহা পৰিলক্ষিত হৈছে। বিদ্যালয় গৃহ ছেনিটাইজ কৰি, মুখত মাস্ক পৰিধান কৰি শিক্ষকসকলে শিক্ষাৰ্থীক পাঠদান কৰিবলৈ আহিছে। সকলো প্ৰকাৰৰ কভিড গাইডলাইন মানি চলি বিদ্যালয় খোলাৰ বাবে কেইদিনমান পূৰ্বে চৰকাৰে নতুন নীতি নিৰ্দেশনা জাৰি কৰিছিল। বিদ্যালয়ৰ পাঠদানৰ ক্ষেত্ৰত চৰকাৰে নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰি দিছে। নিৰ্দেশনাত প্ৰকাশ কৰা অনুসৰি, পাঠদানৰ ক্ষেত্ৰত প্ৰতিটো শ্ৰেণীৰেই সপ্তাহৰ এদিন এৰি এদিন পাঠদান হ’ব। মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠদান হ’ব। ঠিক তেনেদৰে সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান হ’ব।
পাঠদানৰ ক্ষেত্ৰত নিৰ্দিষ্ট সময়ো নিৰ্ধাৰণ কৰি দিছে শিক্ষা বিভাগে। প্ৰকাশ কৰা নীতি নিয়ম অনুসৰি, পুৱা ৯ বজাত পাঠদান আৰম্ভ হৈ বিয়লি ১.৪৫ বজাত সমাপ্ত হ’ব। সকলো ক্ষেত্ৰতে কৰ’ণাৰ নীতি নিৰ্দেশনা মানি চলিব লাগিব।
শিক্ষাদানৰ সময়ত ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজন যোগান ধৰা হ’ব যদিও সেইসময়ত সকলো প্ৰকাৰেৰে কৰ’ণাৰ নীতি নিৰ্দেশানা বিদ্যালয়সমূহে মানি চলিব লাগিব। উল্লেখ্য যে, প্ৰধান শিক্ষকসকলে মধ্যাহ্ন ভোজন, পাঠদানৰ সময় সুনিশ্চিত কৰিব লাগিব বুলি নিৰ্দেশনাত চৰকাৰৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে।
ইফালে এইখিনিতে মন কৰিবলগীয়া যে, প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈ বিদ্যালয়ত শিক্ষাৰ্থী উপস্থিত থকাটো বাধ্যতামূলক নহয় যদিও ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীলৈ হ’ব স্বাভাৱিক পাঠদান। ইয়াৰ লগতে শিক্ষক-কৰ্মচাৰীসকলে কৰ’ণাৰ নীতি নিয়ম মানি চলাটো বাধ্যতামূলক কৰা হৈছে।
৪ জানুৱাৰীত অনুষ্ঠিত হ’ব বিটিচিৰ কাৰ্যবাহী পৰিষদৰ বৈঠক
বিটিচিৰ শপতগ্ৰহণৰ পিছতে বিভিন্ন কাৰ্যবাহী বিষয়াসকলৰ মাজত বিতৰণ কৰা হয় বিভাগ। ৪ জানুৱাৰীত অনুষ্ঠিত হ’ব কাৰ্যবাহী পৰিষদৰ বৈঠক । এই কথা জনালে মুখ্য কাৰ্যবাহী বিষয়া প্ৰমোদ বড়োৱে ।
উপ মুখ্য কাৰ্যবাহী বিষয়া গোবিন্দ্ৰ চন্দ্ৰ বসুমতাৰীক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লগতে লঘু উদ্যোগ বিভাগৰ দায়িত্ব দিয়া হৈছে ।
কাৰ্যবাহী বিষয়া ৰঞ্জিত বসুমতাৰীক বন বিভাগৰ দায়িত্ব দিয়া হৈছে। উকীল মুছাহাৰীক জল সম্পদ বিভাগৰ দায়িত্ব দিয়া হৈছে । অৰূপ কুমাৰ দে’ক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দায়িত্ব দিয়া হৈছে ।
দিগন্ত বৰুৱাক জলসিঞ্চন বিভাগৰ দায়িত্ব দিয়া হৈছে । গৌতম দাসক সমাজ কল্যাণ, ঘনশ্যাম দাসক কৃষি আৰু ৰনেন্দ্ৰ নাৰ্জাৰীক দিয়া হৈছে পৰিবহন বিভাগৰ দায়িত্ব ।
বিশ্বৰ সবাতোকৈ জনপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰ্চা কেৱল দেশতেই নহয়, সমগ্ৰ বিশ্বতে হোৱা দেখা যায়। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তাৰ আকৌ এবাৰ প্ৰমাণ হ’ল ।
কৰ’ণাৰ সময়চোৱাত মোদীয়ে সমগ্ৰ বিশ্বতে বিশেষ চৰ্চাত আছে। বিশ্বৰ নেতা সকলৰ তেওঁলোকৰ কাৰ্যকালত নজৰ ৰখা ডাটা ফৰ্ম মৰ্ণিং কনচাল্ট মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৫০ শতাংশ স্বীকৃতিৰ সৈতে বিশ্বৰ নেতা সকলৰ শীৰ্ষস্থানত আছে ।
মৰ্ণিং কনচাল্টত এয়াও দেখুওৱা হৈছে যে প্ৰধানমন্ত্ৰীৰ জনপ্ৰিয়তা সকলো বৈশ্বিক নেতাতকৈ ওপৰত ।ৰিপোৰ্টৰ মতে ৭৫ শতাংশ লোকে প্ৰধানমন্ত্ৰীক সমৰ্থন কৰে আৰু ২০ শতাংশ লোকে তেওঁক যোগ্য বুলি সমৰ্থন কৰা নাই। যাৰ ফলত তেওঁৰ স্বীকৃত ৰেটিং ৫৫ শতাংশ হয়। যি পৃথিৱীৰ বিভিন্ন নেতা সকলতকৈ অধিক ।
নাগালেণ্ডক পুনৰ অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰৰ
নাগালেণ্ডক পুনৰ অশান্ত অঞ্চল ঘোষণা কৰিছে কেন্দ্ৰই ৷ ৰাজ্যখনত ছমাহলৈ বৃদ্ধি কৰা হৈছে বিতৰ্কিত সশস্ত্ৰ বাহিনী (বিশেষ) ক্ষমতা আইনৰ ম্যাদ ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বুধবাৰে এক অধিসূচনা জাৰি কৰি এই নিৰ্দেশনা প্ৰকাশ কৰে ৷ গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব পীয়ুষ গোৱেলে এই অধিসূচনা জাৰি কৰে ৷ সেই অনুসৰি, 30 ডিচেম্বৰ 2020ৰ পৰা বলৱৎ হোৱাকৈ এই অধিসূচনা জাৰি কৰা হৈছে ৷ অধিসূচনাত নাগালেণ্ডক অশান্ত অঞ্চল ঘোষণা কৰা হৈছে আৰু নাগৰিক প্ৰশাসনৰ সহায় হোৱাকৈ এইদৰে আইনখনৰ ম্যাদ বৃদ্ধি কৰা হয় বুলি কোৱা হৈছে ৷
উল্লেখ্য যে, নাগালেণ্ডৰ সশস্ত্ৰ বিদ্ৰোহী সংগঠন এনএছচিএনৰ খাপলাং গোটে শেহতীয়াকৈ শান্তি আলোচনালৈ অহাৰ কথা ব্যক্ত কৰিছিল ৷ নিকী চুমী নেতৃত্বাধীন গোটটোৱে নাগালেণ্ডৰ স্বেচ্ছাসেৱী সংগঠন, সাধাৰণ জনতা আৰু আলোচনাপন্থী বিদ্ৰোহী সংগঠনসমূহ লগতে নাগা শান্তি চুক্তিৰ প্ৰতি সমৰ্থন জনাই শান্তি আলোচনালৈ অহা কথা ব্যক্তি কৰি যুদ্ধবিৰতি ঘোষণা কৰিছিল ৷ কিন্তু ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াই নিকী চুমীৰ বিৰুদ্ধে 2015ৰ মনিপুৰৰ চাণ্ডেল জিলাত ভাৰতীয় সেনাৰ ডোগ্ৰা আৰু বিহাৰ ৰেজিমেন্টৰ ওপৰত কৰা আক্ৰমণৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছে ৷ এই আক্ৰমণত ভাৰতীয় সেনাৰ দুয়োটা ৰেজিমেন্টৰ 18 গৰাকী জোৱান শ্বহীদ হৈছিল ৷
বিজেপি গুৱাহাটী মহানগৰ জিলাৰ কাৰ্য্যনিৰ্বাহক সভা : ২০২১ বিধান সভা নিৰ্বাচনত বিজেপিয়ে চৰকাৰ গঠন কৰিব
মহানগৰীৰ দিছপুৰ স্হিত গড়কাপ্তানী প্ৰশিক্ষণ কেন্দ্ৰত আজি বিজেপি গুৱাহাটী মহানগৰ জিলাৰ কাৰ্য্যনিৰ্বাহক সভা এখন অনুষ্ঠিত হয় ৷ জিলা সভাপতি মৃগেন শৰনীয়াৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত বিশিষ্ট ব্যক্তি হিচাপে দলৰ জেষ্ঠ্য নেতা তথা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, প্ৰাক্তন সাংসদ ৰমেন ডেকা ,অসম বিত্তীয় নিগমৰ অধ্যক্ষ বিজয় গুপ্তা, ৰাজ্যিক উপসভাপতি জয়ন্ত দাস, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, জিএম ডিএৰ উপাধক্ষ্য মুকুতা ডেকা উপস্থিত থাকে ৷ সভাত উপস্থিত থাকি ভাষন প্ৰদানত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে বিজেপি চৰকাৰৰ নিচিনাকৈ পূৰ্বতে কোনো এখন চৰকাৰে কাম কৰিব পৰা নাছিল ৷ কেন্দ্ৰীয় ৰাজ্য চৰকাৰে উন্নয়নৰ এক যোৱাৰ আনিছে ৷ সেয়ে ২০২১ বিধান সভা নিৰ্বাচনত একক সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বিজেপিয়া ৷ সেয়া জনসাধৰনে মনে প্ৰানে বিচাৰি আছে বুলি ভট্টাচাৰ্যই কয় ৷ তেওঁ লগতে কয় ২০২১ বিধান সভা নিৰ্বাচন আবেগ অনুভূতিৰ হ’ব ৷ ইয়াৰ বাবেই অসম জাতীয় পৰিষদে ৰাইজৰ মাজত আবেগ- অনুভূতিৰ এজেন্ডা প্ৰস্তুত কৰিব ৷ এই ক্ষেত্ৰত বিজেপি প্ৰতিগৰাকী সদস্যই চৰকাৰৰ উন্নয়ন মুলক আছনি সমুহ ৰাইজ মাজলৈ নিব লাগিব বুলি মন্ত্ৰী ভট্টাচাৰ্যই উল্লেখ কৰে ৷ সভাত বিধায়ক অতুল বৰাই ভাষন প্ৰদান কৰি কয় যে তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ জয়লাভে বিজেপি ২০২১ বিধান সভাৰ জয় সুনিশ্চিত বুলি কয় ৷ তেওঁ স্বায়ত্ত্ব পৰিষদত জয়যুক্ত সদস্য সকলক ধন্যবাদ জ্ঞাপন কৰে ৷৷ অসম বিত্তীয় নিগৰমৰ অধ্যক্ষ বিজয় গুপ্তা, জিএম ডিএৰ উপাধক্ষ্য মুকুতা ডেক,প্ৰাক্তন সাংসদ ৰমেন ডেকা, ৰাজ্যিক মুখ্য মুখপত্ৰ ৰুপম গোশ্বামী, ৰাজ্যিক উপসভাপি জয়ন্ত দাসে আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰননীতিৰ বিষয়ে ভাষন প্ৰদান কৰে ৷ নিৰ্বাচনৰ আগমুহূৰ্তত দল আৰু অধিক শক্তিশালী ৰুপত প্ৰতিষ্ঠা লাভা কৰে তাৰ বাবেই প্ৰতিগৰাকী দলীয় সদস্যক ৰাইজৰ মাজত কাম কৰিবলৈ আহ্বান জনাই আটাইকেইগৰাকী ব্যক্তাই ৷ উল্লেখ্য যে সাধাৰণ সম্পাদক অমৰ জ্যোতি ডেকাই আতধৰা সভাত মহানগৰ জিলাৰ অন্তৰগত ১২টা মন্ডলৰ সভাপত সাধাৰণ সম্পাদক ,মৰ্চাৰ সভাপতি জিলা বিষয়ববীয়া সহ প্ৰায় চাৰি শতাধিক সদস্য উপস্থিত থাকে ৷
পুনৰ জিঅ’ৰ বিনামূলীয়া সেৱা : ১ জানুৱাৰীৰ পৰা বিনামূলীয়া ফোন কল
জিঅ’ চাবস্ক্ৰাইবাৰ সকলে ১ জানুৱাৰীৰ পৰা ফ্ৰী ভইচ ক’ল সেৱাৰ লাভ উঠাব পাৰিব ।
বৃহস্পতিবাৰে ৰিলায়েঞ্চ জিঅ’ই এই কথা জনাবলৈ দিয়ে। ৰিলায়েঞ্চ জিঅ’ কতৃপক্ষই জানিবলৈ দিয়ে যে off-net domestic voice calls সম্পূৰ্ণ বিনামূলীয়া হ’ব। অৰ্থাত আই ইউ চিৰ ( interconnect usage charges) ৰ সেৱা শেষ হোৱাৰ পিছত এই কল সমূহ ফ্ৰী হৈ যাব ।











