Home Blog Page 3081

৫০ বিধ চাহ আৰু অসমৰ পৰম্পৰাগত থলুৱা খাদ্যৰে উজলি উঠিছে ‘কুঁঁহি টি বাৰ

নতুন বৰ্ষতযুৱপ্ৰজন্মৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে নগাঁও জিলাৰ চামগুৰিৰ এগৰাকী উদ্যমী মহিলাই।নগাঁৱৰ পৰা  উজনি অসমলৈ যোৱাৰ পথত চামগুৰিৰ বেচিক প্ৰশিক্ষণ কেন্দ্ৰৰ ৫০০ মিটাৰ নিলগতে ভেলৌগুৰিৰ হেমাৰবড়ী নামৰ ঠাইত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে পোৱা যায় ।
এখন ব্যতিক্ৰমী ৰেষ্টুৰেন্ট।নাম-‘কুঁঁহি টি বাৰ’।এগৰাকী মহিলাৰ অদম্য সাহস আৰু কৰ্মতৎ পৰতাৰ ফচল এই টি বাৰখন।মহিলা গৰাকীৰ নাম ৰেণু মহন্ত।চামগুৰিৰ হেমাৰবড়ীৰ ৰেণু মহন্ত নামৰ মহিলা গৰাকীৰ উদ্যোগত স্থাপন হোৱা এই ৰেষ্টুৰেন্টখন সম্প্ৰতি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰহৈ পৰিছে।২০১১ চনৰ পৰা ‘ফুড প্ৰচেচিং’ প্ৰক্ৰিয়াৰ লগত জড়িত ৰেণু মহন্তই ২০১৯ বৰ্ষৰ আগষ্ট মাহৰ ৯ তাৰিখে আৰম্ভ কৰিছিল ‘কুহি টি বাৰ’।ইয়াৰ পূৰ্বে তেওঁ এটা শ্বিল মেছিন ক্ৰয় কৰি কড়াইগুৰি,ভজা চাউল,কোমল চাউল আদি তৈয়াৰ কৰিছিল।তদুপৰি তেওঁ প্ৰায় ২৫ বিধ মান আচাৰ প্ৰস্তুত কৰিছিল।এই আচাৰ সমূহৰ ভিতৰত সাধাৰণ মানুহে প্ৰস্তুত কৰা আচাৰ সমূহৰ উপৰিও সাধাৰণতে প্ৰস্তুত নকৰা আচাৰ যেনে- কেৰেলাৰ আচাৰ,মূলা,পটলৰ আচাৰ আদি প্ৰস্তুত কৰিছিল।একেদৰে বাঁহ গাজ,ভোট জলকীয়া,কৰ্দৈ,কাচকল,নহৰু, ঔ টেঙা,বগৰী, অমিতা,কচু, বুট,গাজৰ, তেতেলী আদিৰ সু স্বাদু আচাৰ,জাম,জেলি আদি প্ৰস্তুত কৰিছিল।তেওঁৰ এই আচাৰে ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো সমাদৃত হৈছে।।ইয়াৰ পিছতে তেওঁ আৰম্ভ কৰে বেকাৰী ।তাত তেওঁ বিস্কুট,ব্ৰেড আদিও প্ৰস্তুত কৰে।এনেদৰে সামগ্ৰী প্ৰস্তুত কৰাৰ পিছত এই সামগ্ৰী সমূহ বিক্ৰীৰ বাবে এটা বিশেষ স্থানৰ প্ৰয়োজন আছিল।ইয়াৰ বাবেই আৰম্ভ হয় কুঁঁহি টি বাৰ।এই ৰেষ্টুৰেন্ট খনত এই সামগ্ৰী সমূহ বিক্ৰীৰো ব্যৱস্থা আছে।এই ৰেষ্টুৰেন্টখনত ঘৰুৱা খাদ্য পৰিবেশন কৰা হয়।ৰেষ্টুৰেন্ট খনত ৫০ বিধ চাহৰ ব্যৱস্থা আছে।এই চাহ সমূহৰ ভিতৰত প্ৰচলিত গাখীৰ চাহ,লাল চাহ আদিৰ লগতে মচলা চাহ,বগা চাহ,সেউজীয়া চাহ,নীলা চাহ,ষ্টেভিয়াৰ চাহ আদি পৰিবেশন কৰা হয়।একেদৰে কোমল চাউল,দৈ গাখীৰ,মিঠৈ আদিৰে জলপান,ভজা চাউলৰ জলপান আদিও গ্ৰাহকক যোগান ধৰা হয়।শেহতীয়াকৈ কভিড-১৯ সংক্ৰমণৰ এই জটিল সময়ত তেওঁলোকে প্ৰস্তুত কৰিছে কভিড প্ৰটেক্টিভ টি নামৰ এবিধ চাহ ।এই চাহবিধ হালধি,ইলাচী,লং,জালুক,চাহপাত আদি দি প্ৰস্তুত কৰা হয়।চাহবিধ প্ৰস্তুত কৰোতে চেনীৰ সলনি মৌ ব্যৱহাৰ কৰা হয় ।এই চাহবিধৰ বাবেও ভালে সংখ্যক লোক টি বাৰখনলৈ আহে।ৰেণু মহন্তই জনোৱা মতে ৰেষ্টুৰেন্ট খনত কৰ্মচাৰী হিচাপে প্ৰায় ৩০ গৰাকী মহিলা কৰ্মৰত হৈ আছে। কভিড-১৯ সংক্ৰমণৰ জটিল পৰিবেশৰ সময়ত  মহিলা সকলৰ অধিকাংশই ঘৰৰ পৰাই কৰ্ম চলাই গৈছিল। কেৱল ৮ গৰাকী মহিলাহে ৰেষ্টুৰেন্টখনলৈ আহিছিল।ঘৰত থকা মহিলা সকলৰ কোনো গৰাকীয়ে কলাখাৰ প্ৰস্তুত কৰে।কোনো গৰাকীয়ে নাৰিকল যোগাৰ কৰে, কোনো গৰাকীয়ে কৰ্দৈ সংগ্ৰহ কৰি ঘৰতে কাটি দিয়ে ইত্যাদি।

অৱশ্যে বৰ্তমান কৰোনা সংক্ৰমণ কিছু হ্ৰাস পোৱাত পুনৰ কৰ্মৰত মহিলা সকল ৰেষ্টুৰেন্ট খনলৈ আহিছে।মহন্তই জনোৱা মতে ৰেষ্টুৰেন্টখনত চাহৰ লগতে ঘৰুৱাভাবে প্ৰস্তুত কৰা পিঠা-পনা আদি পৰিবেশন কৰা হয়।এই পিঠা পনা ৰেষ্টুৰেন্টতে প্ৰস্তুত কৰি গৰমে গৰমে গ্ৰাহকক পৰিবেশন কৰা হয়।বিশেষকৈ তিল পিঠা,নাৰিকলৰ পিঠা,নাৰিকলৰ লাড়ু আদি ৰেষ্টুৰেন্টখনত প্ৰস্তুত কৰি গৰমে গৰমে গ্ৰাহকক পৰিবেশন কৰা হয়।বহিঃ অসম অথবা অন্য স্থানৰ পৰা অহা গ্ৰাহকে এই পিঠা প্ৰস্তুত কৰা পদ্ধতি দেখিও আকৰ্ষিত হয়।তদুপৰি কিছু সংখ্যক গ্ৰাহকৰ বাবে ‘চাউমিন’,পুৰী-চবজি আদিৰো ব্যৱস্থা আছে।একেদৰে দুপৰীয়াৰ আহাৰ হিচাপে ভাতৰ লগত থলুৱা খাদ্য সামগ্ৰী বাহৰ গাজ,পদিনা,নৰসিংহৰ জোল,বেহুৱা,মাহৰ গুৰা,ভেবেলী লতা আদি ব্যৱহাৰ কৰা হয়।ৰেণু মহন্তই জনোৱা মতে নৰসিংহ,ভেবেলী লতা,পদিনা আদি তেওঁলোকে নিজে খেতি কৰি লয়।মহন্তই কয় -‘ অসমৰ পৰম্পৰাগত খাদ্য সামগ্ৰী সমূহ সদায় স্বাস্থ্য বৰ্ধক।সেয়ে গ্ৰাহকৰ আকৰ্ষনো বেছি।মই এই ৰেষ্টুৰেন্ট খন স্থাপন কৰি লাভান্বিত হৈছো।অসমৰ পৰম্পৰাগত খাদ্য সম্ভাৰৰ লগত বহিঃৰাজ্যৰ পৰ্যটক সকল যাতে পৰিচিত হয় তাৰ বাবেই এনেধৰণৰ ৰেষ্টুৰেন্ট অসমৰ অন্য প্ৰান্তত মহিলা সকলে আৰম্ভ কৰাটো মই বিচাৰো।’ কভিড-১৯ সংক্ৰমণৰ এই জটিল সময়ত কোৱাৰেইন্টাইন কেন্দ্ৰত তথা কভিড কেন্দ্ৰত খাদ্য সামগ্ৰীও যোগান ধৰিছিল ৰেণু মহন্তই।তেওঁ যোগান ধৰা খাদ্য সামগ্ৰীক কোৱাৰেন্টাইন কেন্দ্ৰ বা কভিড কেন্দ্ৰত থকা ৰোগী সকলে উচ্চ প্ৰশংসা কৰিছে।উল্লেখযোগ্য যে ৰেণু মহন্তই বেঙেনাৰ আহাৰ প্ৰস্তুত কৰি আই আই টি এফৰ দিল্লীত হোৱা প্ৰদৰ্শনীত যোগদান কৰি মানুহৰ সহাৰি লাভ কৰিছে।তেওঁ নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰই মাছৰ আচাৰৰ কাৰণে দিয়া প্ৰশিক্ষণত অংশলৈ সকলো ধৰণৰ স্থানীয় মাছৰে আচাৰ প্ৰস্তুত কৰা আচনিও লৈছে।২০১৬ চনত তেওঁ অসম চৰকাৰৰ অধীনস্থ ‘জোনাক’ প্ৰতিষ্ঠানৰ অন্তৰ্ভুক্তহৈ ইয়াৰ জৰিয়তে কৃষকৰ উৎপাদিত সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে।ৰেণু মহন্ত  পেলনীয়া বস্তুৰ পৰা বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা কাৰ্যতো পাৰ্গত।ৰেণু মহন্তৰ প্ৰতিষ্ঠান ‘কুঁঁহি ফুড প্ৰচেচিঙে’ ২০১৮ চনত শ্ৰেষ্ঠ এম এচ এম ই ৫০০০ বঁটা লাভ কৰিছিল।২০১৬ চনত তেওঁ মৃণাল কুমাৰ শৰ্মা সোঁৱৰণী উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ উদ্যোগী বঁটা লাভ কৰিছিল।তেওঁ সিদ্ধিনাথ কলিতা স্মাৰক বক্তৃতা অনুষ্ঠানটো নৱ প্ৰজন্মৰ উদ্যোগী হিচাপে সম্বৰ্ধিত হৈছে।তাৎপৰ্যপূৰ্ণ যে ৫০ বিধ চাহ আৰু থলুৱা পৰম্পৰাগত খাদ্য সামগ্ৰীৰে উজলি উঠা কুঁঁহি টি বাৰ আৰু কুঁঁহি ফুড প্ৰচেচিং ইউনিট সম্প্ৰতি দেশী-বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰহৈ পৰিছে।সম্পূৰ্ণ ঘৰুৱা পৰিবেশত ইয়াত খাদ্য পৰিবেশন কৰা হয়।কভিড-১৯ সংক্ৰমণ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ‘লক ডাউন’ৰ সময়ত সামান্য ক্ষতিগ্ৰস্ত হৈছিল যদিও বৰ্তমান পুনৰ গ্ৰাহকৰ সহাৰি আশানুৰূপ।স্বাৱলম্বী মহিলাৰ আৰ্হি হৈ পৰা ৰেণু মহন্তই অসমৰ বিভিন্ন প্ৰান্তৰ মহিলা সকলে এনে দৰে থলুৱা খাদ্য সম্ভাৰৰে ব্যৱসায় আৰম্ভ কৰিবলৈ আহ্বান জনাইছে।তেওঁ কয়-‘ইয়াৰ দ্বাৰা মহিলা সকলো লাভান্বিত হব আৰু অসমৰ থলুৱা খাদ্য সম্ভাৰো বহিঃ ৰাজ্য বা বহিঃ দেশৰ মানুহৰ ওচৰত পৰিচিত হব।’ ‘দক্ষিণ ভাৰতৰ ইডলি,ডোচা বা চীনৰ চাউমিন আদি যেনেদৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো পৰিচিত আমি কোমল চাউল,ভজা চাউল,তিল পিঠা,নাৰিকলৰ লাড়ু,তিলৰ লাড়ু,গাঁজ  টেঙা,নৰসিংহৰ জোল,ভেবেলী লতাৰ জোল আদি কিয় পৰিচিত কৰিব নোৱাৰিম?নিশ্চয় পাৰিম।-আত্মবিশ্বাসী ৰেণু মহন্তই এনেদৰে কয়।এইগৰাকী আত্মবিশ্বাসী মহিলা বৰ্তমান  নৱপ্ৰজন্মৰ বাবে হৈ পৰিছে আৰ্দশ স্বৰূপ ।

সমগ্ৰ দেশতে বিনামূলীয়া হ’ব কোৰোণাৰ ভেকচিন

সমগ্ৰ দেশতে প্ৰতিষেধক প্রদানৰ পৰীক্ষামূলক কুচকাৱাজ আৰম্ভ হোৱাৰ মাজতে শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড৹ হৰ্ষবৰ্ধনে ভেকচিন সমগ্ৰ দেশতে বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছিল। দিল্লীৰ এখন চিকিৎসালয়ত ‘Covid-19’ ভেকচিনৰ ড্ৰাই ৰান পৰিদৰ্শন কৰি সাংবাদিকৰ প্রশ্নৰ উত্তৰত তেওঁ এই কথা সদৰী কৰিছিল।

কিন্তু ঘোষণাৰ কিছু সময়ৰ পাছতে তেওঁ টুইটাৰ যোগে এই সন্দৰ্ভত স্পষ্টীকৰণ প্ৰদান কৰে। তেওঁ কয় – প্ৰথম পৰ্যায়ত সমগ্ৰ দেশতে বিনামূলীয়াকৈ ১ কোটি স্বাস্থ্যকৰ্মী আৰু ২ কোটি ‘Frontline Worker’ক Covid-19 প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব। আনহাতে অন্য ২৭ কোটি হিতাধিকাৰীক অগ্ৰাধিকাৰৰ ভিত্তিত কেনেদৰে অহা জুলাইৰ ভিতৰত প্ৰতিষেধক প্ৰদান কৰিব পৰা যায়; তাৰ পৰিকল্পনা কৰি থকা হৈছে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীত চি আৰ পি এফ বাহিনীৰ নৱবৰ্ষৰ প্ৰথম দিন উলহ মালহেৰে পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত নৱবৰ্ষৰ প্ৰথমটো দিন নিশা ৰং ধেমালিৰে পালন কৰাৰ লগতে নলবাৰী জাপাৰকুছিস্থিত ১৩৬ নং বেটেলিয়ন চি আৰ পি এফ বাহিনীৰ বি কোম্পানীয়ে নৱবৰ্ষৰ প্ৰথম-দিন উলহ মালহেৰে পালন কৰে ।  বিভিন্ন গীত মাত পৰিবেশন কৰাৰ উপৰিও চি আৰ পি এফ বাহিনীৰ জোৱান সকলে নৃত্য প্ৰদৰ্শন কৰি এই নৱবৰ্ষৰ প্ৰথমটো দিনৰ আনন্দ প্ৰকাশ কৰে । লগতে চি আৰ পি এফ বাহিনীৰ তৰফৰ অঞ্চলটোৰ স্হানীয় কেইগৰাকীমান সাংবাদিকক আমন্ত্ৰিত কৰি সম্বৰ্দ্ধনা ও জ্ঞাপন কৰা হয় । এই অনুষ্ঠানত উপস্থিত চি আৰ পি এফ বাহিনীৰ জোৱান তথা বিষয়ববীয়া সকলে নৱবৰ্ষত যেতিয়া সমগ্ৰ অসমবাসী ৰাইজৰ মঙ্গলময় হয় আৰু সদৌটিলৈ নৱবৰ্ষৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰে । অনুষ্ঠানৰ অন্তত সকলোৱে এক লগ হয় প্ৰীতি-ভোজন গ্ৰহণ কৰে ।

১১ মে’ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু ১২ মে’ৰ পৰা উ: মা: চূড়ান্ত পৰীক্ষা

অৱশেষত ঘোষনা কৰা হল শিক্ষান্ত পৰীক্ষা আৰু উ: মা: চূড়ান্ত পৰীক্ষাৰ তাৰিখ । টুইটাৰযোগে ঘোষণা কৰিলে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অহা ১১ মে’ৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা । একেদৰে  অহা ১২ মে’ৰ পৰা আৰম্ভ হ’ব উ: মা: চূড়ান্ত পৰীক্ষা ।  পৰীক্ষাৰ ফলাফল ক্ৰমে ৭ জুলাই আৰু ৩০ জুলাইত ঘোষনা কৰা হ’ব।

নতুন কৃষি আইনৰ সপক্ষত ৮শৰো অধিক শিক্ষাবিদৰ স্বাক্ষৰ

নতুন কৃষি আইনক কেন্দ্ৰ কৰি দেশজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদ । একাংশ কৃষক সংগঠনে কৃষি আইন বাতিলৰ দাবীত অটল আছে । কৃষি আইনৰ বিৰোধিতাৰ গইনা লৈ অবৰোধ কৰা হৈছে ৰাজপথ, ধ্বংস কৰা হৈছে ৰাজহুৱা সম্পত্তি ।

ভাৰতবৰ্ষৰ অৰ্থনীতি প্ৰধানকৈ কৃষি খণ্ডৰ ওপৰতে নিৰ্ভৰশীল । আগতকৈ কৃষিখণ্ডক গতিশীল কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰিছে তিনিখনকৈ নতুন কৃষি আইন । এই আইনৰ জৰিয়তে কৃষকসকলক উত্‍পাদিত ফচল বিক্ৰীৰ ক্ষেত্ৰত অধিক স্বাতন্ত্ৰতা প্ৰদানৰ লগতে কৃষকসকলক আৰ্থিক ভাবে শক্তিশালী কৰি তুলিবলৈ চেষ্টা কৰা হৈছে ।

কিন্তু অভিযোগ অনুসৰি একাংশ ৰাজনৈতিক, স্বাৰ্থলুভী দল সংগঠনৰে নিজৰ লাভৰ বাবে কৃষকসকলক ব্যৱহাৰ কৰি পৰিস্থিতি অধিক জটিল কৰি তুলবলৈ অহৰহ চেষ্টা কৰিছে । কিন্তু তেনেসময়তে এইবাৰ কৃষি আইনৰ সমৰ্থনত ওলাই আহিল বৃহত্‍ সংখ্যক শিক্ষাবিদ । নতুন কৃষি আইনৰ জৰিয়তে কৃষিখণ্ডলৈ নতুনত্ব আনিবলৈ চেষ্টা কৰা হৈছে বুলি মতপোষণ কৰি দিল্লী বিশ্ববিদ্যালয়,  তেজপুৰ বিশ্ববিদ্যালয়,  বানাৰস হিন্দু বিশ্ববিদ্যালয়, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, নেহুকে আদি কৰি দেশৰ বহু আগশাৰীৰ শিক্ষানুষ্ঠানৰ ৮০০ৰো অধিক শিক্ষাবিদে আইন খনৰ সপক্ষত স্বাক্ষৰ কৰিছে । লগতে দেশৰ স্বাৰ্থত আইনখন চৰকাৰে প্ৰণয়ন কৰাত আদৰণি জনাইছে ।

পুলৱামাত উগ্ৰপন্থীয়ে নিৰাপত্তাৰক্ষী বাহিনীৰ ওপৰত নিক্ষেপ কৰা গ্ৰেনেড আক্ৰমণত আঠজন লোক আঘাতপ্ৰাপ্ত

জম্মু-কাশ্মীৰৰ পুলৱামাত উগ্ৰপন্থীয়ে নিৰাপত্তাৰক্ষী বাহিনীৰ ওপৰত গ্ৰেনেড নিক্ষেপ কৰাৰ পিছত ৮ জন সাধাৰণ লোক আঘাতপ্ৰাপ্ত ।

জম্মু-কাশ্মীৰৰ এজন আৰক্ষী বিষয়াই জনোৱা মতে, আঘাতপ্ৰাপ্ত লোকসকলৰ স্বাস্থ্যৰ অৱস্থা স্থিৰ ।

শনিবাৰে জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত টাৰল বাছ ষ্টেণ্ডত সন্ত্ৰাবাদীয়ে নিৰাপত্তাৰক্ষা বাহিনীৰ ওপৰত গ্ৰেনেড নিক্ষেপ কৰাৰ পিছত ৮জন সাধাৰণ নাগৰিক আঘাতপ্ৰাপ্ত হয়।

গ্ৰানেডটো নিৰাপত্তাৰক্ষীক কৰি লক্ষ্য কৰি নিক্ষেপ কৰা হৈছিল যদিও এখন বজাৰত বিস্ফোৰণ হয়  গ্ৰানেডটো, যাৰ ফলত সাধাৰণ লোক আঘাতপ্ৰাপ্ত হয়, বিষয়াজনে কয়।

অঞ্চলটো ঘেৰাও কৰা হৈছে আৰু উগ্ৰপন্থী কেইটাক ধৰিবলৈ অভিযান আৰম্ভ কৰা হৈছে ।

স্বাগতম ২০২১ : নতুন আশা-প্ৰত্যাশাৰে নতুন দিনক আদৰিছে ৰাজ্যবাসীয়ে

Facebook : স্বাগতম ২০২১ : নতুন আশা-প্ৰত্যাশাৰে নতুন দিনক আদৰিছে ৰাজ্যবাসীয়ে

সুখবৰ, প্ৰত্যাহাৰ কৰা হ’ব পেট্ৰ’ল-সুৰাৰ ওপৰত আৰোপ কৰা অতিৰিক্ত কৰ

২০২১ বৰ্ষৰ প্ৰথম দিনটোতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে আগবঢ়ালে সুখবৰ। ফ্ৰেব্ৰুৱাৰী মাহৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব পেট্ৰ’ল- সুৰাৰ ওপৰত আৰোপ কৰা অতিৰিক্ত কৰ। কেৱল ইমানেই নহয়, কোৰোণা ভাইৰাছৰ মহা সক্ৰমণৰ সময়ত অৰ্থনৈতিক দিশত ৰাজ্যখন সুস্থিৰ কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰে যিকেইটা দিশত অতিৰিক্ত কৰ আৰোপ কৰিছিল,সেই আটাইবোৰ অহা ফেব্ৰুৱাৰী মাহৰ পৰা কৰ্তন কৰা হ’ব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখযোগ্য যে, ল’ক ডাউনৰ পিছতে পেট্ৰ’ল-ডিজেলৰ ওপৰত ৰাজ্য চৰকাৰে অতিৰিক্ত ৫ টকাৰ কৰ আৰোপ কৰিছিল। সেইদৰে কৰ আৰোপ কৰিছিল সুৰাৰ ওপৰত। বিশেষকৈ পেট্ৰ’ল-ডিজেলৰ ওপৰত কৰ আৰোপ কৰাৰ ফলত সাধাৰণ নাগৰিকৰ ওপৰত পৰিছিল ইয়াৰ প্ৰভাৱ ।

কোৰোণা পৰিস্থিতি সুস্থিৰ হোৱাৰ পিছত সকলোৱে দাবী জনাইছিল যে, কোৰোণাৰ সময়ত আৰোপ কৰা অতিৰিক্ত কৰ কৰ্তন কৰিব লাগে ৰাজ্য চৰকাৰে। আৰু পহিলা জানুৱাৰীৰ দিনাই এই সুখবৰ দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ভৈৰৱকুণ্ডত টংলা প্ৰেছ ক্লাৱৰ কাৰ্যনিৰ্বাহক সভা আৰু বিশেষ সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান

নৱবৰ্ষ ২০২১ক স্বাগতম জনাই ভাৰত ভূটান সীমান্ত তথা অসমৰ অন্যতম পর্যতনথলী ভৈৰবকুণ্ডৰ সমীপৱৰ্তী স্বপনগাওঁৰ মানৱ সৃষ্ট অৰণ্য তথা এলিফেণ্ট  কান্ত্ৰী উদ্যানত পহিলা জানুৱাৰী শুক্ৰবাৰে টংলা প্ৰেছ ক্লাৱৰ কাৰ্যনিৰ্বাহক সভা আৰু বিশেষ সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান খন অনুষ্ঠিত হৈ যায়।উক্ত অনুষ্ঠান খনত “বিশেক সম্বৰ্ধনা-২০২০”জ্ঞাপন কৰা হয় ক্ৰমে হৰিশিঙা ৰাজহ চক্ৰৰ চক্ৰবিষয়া ৰিতুত্তম বৰা, কলাইগাওঁ আসাম ট্ৰিবিউনৰ সাংবাদীক জয়ন্ত কুমাৰ দাস, ওদালগুৰি অসমীয়া প্ৰতিদিন ডি.ওৱাই ৩৬৫ৰ সাংবাদীক গুণজিৎ দাস লগতে টংলা জলসিঞ্চন সংমণ্ডলৰ অভিযন্তা সত্য ৰাম কলিতাক। টংলা প্ৰেছ ক্লাৱৰ সম্পাদক কৌস্তৱমণি শৰ্মাই আঁত ধৰা অনুষ্ঠান খনত সভাপতিত্বত কৰে টংলা প্ৰেছ ক্লাৱৰ সভাপতি উজ্জ্বল কুমাৰ দাসে।অনুষ্ঠান খনত টংলা প্ৰেছ ক্লাৱৰ মাটিত স্থায়ী   ভৱন নিৰ্মানৰ সিদ্ধান্ত, অসমৰ প্ৰথম জন কোভিড শ্বহীদ সাংবাদীক ধনেশ্ব ৰাভাৰ পৰিয়ালক চৰকাৰী ভাবে সকাহ দিয়াৰ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱ লয়।লগতে শ্বহীদ সাংবাদীক গৰাকীৰ নামত স্মাৰক বঁটা আৰু স্মাৰক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।ভাষণৰ প্ৰসংগ সাংবাদীক তথা প্ৰকৃতি প্ৰেমী জয়ন্ত কুমাৰ দাসে কয় যে-অৰণ্য সংৰক্ষণৰ ক্ষেত্ৰত সাংবাদীক সকল সবল ভূমিকা দিব লাগিব বুলি।আনহাতে অনুষ্ঠান খনত মনোভাব ব্যক্ত কৰে টংলা প্ৰেছ ক্লাৱৰ উপ-সভাপতি দিগন্ত কুমাৰ শৰ্মা, সাংবাদিক দ্বীপেন ডেকা, কবি ফটিক নন্দনে।অনুষ্ঠান খনত উদিয়মান কণ্ঠ শিল্পী অশ্মিতা শৰ্মা বড়াৰ কালজয়ী গীত, সাংবাদীক ৰাম উপাধ্যায়ৰ গীত, বাঁহী বাদন, অভিনয়, সাংবাদীক গুণজিৎ দাসৰ অভিনয়ৰ সংলাপ, কবি তথা সাংবাদীক অৰূপ বড়োৰ কবিতা আবৃত্তিয়ে অনুষ্ঠান খন জীপাল কৰি তোলে । আনহাতে অনুষ্ঠান খনত উপস্থিত থাকে ওদালগুৰি জিলা আক্রছোঁ পশ্চিমৰ সভাপতি হেমন্ত বৰা কোচ, ওদালগুৰি জিলা আছাৰ সাংগাঠণিক সম্পাদক সংযোগ সবৰে।

মিকিৰ বামুণী গ্ৰান্টত কৃষক মহিলাক নিৰ্যাতনৰ ঘটনা

নগাঁও জিলা বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত চলচলি মৌজাৰ মিকিৰ বামুণী গ্ৰান্টৰ আমদাং গাঁৱৰ ৰায়তী খতিয়ানপ্ৰাপ্ত কৃষি ভূমিৰ পৰা থলুৱা কৃষকক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে উচ্ছেদ কৰি সৌৰ শক্তি প্ৰকল্প স্থাপন কৰা আৰু বামুণী মিকিৰ গ্ৰান্টৰ মহিলা আৰু কৃষকৰ ওপৰত ২৯ ডিচেম্বৰত আৰক্ষী  আৰু চি আৰ পি এফ বাহিনীয়ে অমানুষিক  নিৰ্যাতন চলোৱাৰ বিৰুদ্ধে আজি  নগাঁৱত গৰজি উঠিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নিখিল ভাৰত কৃষক সভা আৰু অসম ৰাজ্যিক কৃষক সভা। উল্লেখ্য যে অসম চৰকাৰৰ অনুমোদন সাপেক্ষে আজু পাৱাৰ প্লেণ্ট কোম্পানীয়ে চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত বঢ়মপুৰৰ সমীপৰ হায়ংথল আমদাং গাঁৱত সৌৰ শক্তিৰে উৎপাদিত বিদ্যুৎ বিতৰণৰ এক ব্যয় বহুল প্ৰকল্প নিৰ্মাণৰ কাম চলাই আহিছে। এনে কাৰ্যত অসন্তুষ্ট হৈ বামুণী মিকিৰ গ্ৰান্টৰ কৃষক সকলে ন্যায়ালয়ৰ কাষ চাপে যদিও ‌থলুৱা কৃষকৰ ভূমি বহিৰাগত কোম্পানীটোৱে বলপূৰ্বক ভাৱে দখল কৰে। থলুৱা কৃষক ৰাইজে নিজৰ মাটি কেতিয়াও এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰাত পুৰণিগুদাম পাৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষী আৰু চি আৰ পি এফ বাহিনীয়ে ২৯ ডিচেম্বৰত নিৰ্বিচাৰ নিৰ্যাতন চলাই মহিলা আৰু কৃষকৰ ওপৰত। যাৰ ফলত ১৬ গৰাকী মহিলা আহত হোৱাৰ উপৰিও লক্ষীৰাম মাৰ্ডি, চিকাৰী ৰংপি, ভাইটি তিমুং আৰু বুকু মাৰ্ডিক নিৰ্যাতন কৰাৰ লগতে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে। এনে অমানৱীয় কাৰ্যৰ প্ৰতিবাদত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ কাৰ্যালয়ত উল্লেখিত সংগঠন কেইটাই  এক সংবাদ মেল আয়োজন কৰি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ কৃষক বিৰোধী নীতিৰ তীব্ৰ প্ৰতিবাদ জনাই। যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই কয়- আজু কোম্পানীয়ে দুখীয়া নিচলা কৃষক সকলক অত্যাচাৰ কৰি কৃষকৰ কৃষি ভূমি দখল কৰিবলৈ উঠি পৰি লাগিছে। থলুৱা কৃষক আৰু মহিলাৰ ওপৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰক্ষী বাহিনীয়ে এতিয়া ৰাং কুকুৰৰ দৰে জপিয়াই পৰিছে। আমি চৰকাৰৰ এনে অমানুষিক কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু কোনো কাৰণতে কৃষকৰ ভূমি বহিৰাগত কোম্পানীক এৰি দিয়া নহ’ব। তেওঁ লগতে কয়- অচিৰেই কৃষকৰ ওপৰত চলোৱা অমানৱীয় কাৰ্যৰ বিৰুদ্ধে আৰু কৃষকৰ ভূমি কৃষকৰ হাতত সুৰক্ষিত কৰাৰ দাবীত বিভিন্ন দল সংগঠনৰ সহযোগত ব্যাপক আন্দোলন গঢ়ি তোলা হ’ব। সংবাদ মেলত নিখিল ভাৰত কৃষক সভাৰ নগাঁও জিলা সমিতিৰ সম্পাদক ৰাতুল বৰাই চৰকাৰক কঠোৰ সমালোচনা কৰি কয়- মিকিৰ বামুণী গ্ৰান্টৰ থলুৱা কৃষকৰ ভূমি পুঁজিপতি গোষ্ঠীক গটাই দিয়াৰ ষড়যন্ত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাত আছে। ন্যায়লয়ত এই কৃষক সকলৰ ঘোচৰ চলি থকাৰ পিছতো চৰকাৰে আজু কোম্পানীক কৃষকৰ ভূমি গটাই দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈ আইন ব্যৱস্থাকো ভেঙুচালি কৰিছে। এই কৃষক সকলৰ কৃষি ভূমি কোনো কাৰণতে বহিৰাগত কোম্পানীক এৰি দিয়া নহ’ব বুলি হুংকাৰ প্ৰদান কৰি ৰাতুল বৰাই কয়-কৃষি ভূমি ৰক্ষাৰ ক্ষেত্ৰত আমাৰ যুঁজ ন্যায়লয় আৰু ৰাজপথত সমানে চলি থাকিব। সংবাদ মেলত থলুৱা মিকিৰ বামুণী গ্ৰান্টৰ মহিলা কাৱে ইংতিপি, মাকনি মাৰ্ডি, কাচাং ক্ৰপি আৰু যমুনা ইংতিপিয়ে ২৯ ডিচেম্বৰৰ দিনা আৰক্ষীয়ে তেওঁ লোকক চলোৱা অমানৱীয় নিৰ্যাতনৰ বিষয়ে বিবৰি‌ মন্তব্য কৰে যে- আমাক আৰক্ষী প্ৰশাসনে যিমানেই নিৰ্যাতন নচলাওক কিয় আমি কোনো কাৰণতে মাটি এৰি নিদিও। আমাক মাটি লাগিবই। সেইদিনা আৰক্ষীয়ে মহিলা পুলিচ নিনিয়াকৈ তেওঁলোকৰ ওপৰত নিৰ্যাতন চলাইছিল। চৰ, গোৰ, লাঠিৰে আৰু বুকুত গচকি ধৰি অত্যাচাৰ চলাইছিল। তেওঁলোকৰ অত্যাচাৰৰ পৰা গৰ্ভৱতী মহিলাও সাৰি  যোৱা নাছিল। সংবাদ মেলত অসম ৰাজ্যিক কৃষক সভাৰ অমৰেন্দ্ৰ শৰ্মা, ছবিৰ আহমেদ আদিয়ে অংশগ্ৰহণ কৰে। পৰৱৰ্তী কাৰ্যপন্থা গ্ৰহণ কৰিবৰ বাবে ৫ জানুৱাৰীত নাগৰিক সভা অনুষ্ঠিত কৰা হ’ব বুলি সংগঠন কেইটাই জানিবলৈ দিয়ে।