Home Blog Page 3081

চৰণ বড়োৰ হৈ বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰমা মহিলাৰীৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা

ওদালগুৰি জিলাৰ মাজবাটস্থিত আই টি আই ফিল্ডত ৭০ নং মাজবাট বিধানসভা সমষ্টিৰ পৰা  প্ৰাৰ্থীত্ব আগবঢ়োৱা মহাজোঁটৰ উমৈহতীয়া প্ৰাৰ্থী চৰণ বড়োৰ হৈ ২৮মাৰ্চত হাগ্রামা মহিলাৰীয়ে বিশাল নিৰ্বাচনী প্ৰচাৰ চলায়  । উক্ত নিৰ্বাচনী প্ৰচাৰত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ (ই) কমিটীৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, এ আই ইউ ডি এফৰ জিলা সভাপতি আব্দুল ৰহিম , বিটিচিৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য শ্যাম চুণ্ডি , ধনশিৰি সমষ্টিৰ এম্ চি এল এ ফ্ৰেছ   মোছাহাৰী , মাজবাট কংগ্ৰেছ (ই) কমিটীৰ সভাপতি নৱ কুৰ্মী তথা বি পি এফৰ সমূহ কৰ্মকৰ্তা লগতে হাজাৰ হাজাৰ ৰাইজ ।অনুষ্ঠানটিত সভাত ইউ পি পি এলৰ পৰা পদত্যাগ কৰি বহু লোকে বি পি এফত যোগদান কৰে । অনুষ্ঠানটিত অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই বি জে পিক ক্ষুৰধাৰ বুলি সমালোচনা কৰি ৰাইজক প্ৰশ্ন কৰে যে বি জে পি য়ে এতিয়ালৈ কেইজনক ১ তোলাকৈ সোণ দিছে লগতে এইবাৰ মহাজোঁট  বন্ধনৰ চৰকাৰ হোৱা মানেই জনতাৰ চৰকাৰ হব বুলি প্ৰতিশ্ৰুতি দিয়ে । লগতে মহিলা সবলীকৰণৰ বিষয়ে কয় আৰু প্ৰত্যেক মাহত মহিলাৰ একাউণ্টত ২০০০ টকাকৈ সোমাব বুলি কয় । লগতে মহাজোঁট  বন্ধনৰ অৰ্থ বুজাবৰ হকে ৰাইজক কয়  যে নাঙল ধৰিবলৈ সদায় হাতৰ প্ৰয়োজন ,যত পদুম ফুল , ট্ৰেক্টৰ এইবোৰৰ একো কাম নাই । তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে  যে মহিলা সকলে যি মাইক্ৰো ফাইনেঞ্চৰ লোণ লৈ থৈছে সেই সকলোবোৰ মহাজোঁট বন্ধনৰ চৰকাৰ হলেই ৰেহাই দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে  । ইপিনে বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য  হাগ্রামা মহিলাৰীয়ে বি জেপি আৰু ইউ পি পি এল এ মিত্ৰজোঁট চৰকাৰৰ জৰিয়তে  দিয়া সকলো প্ৰতিশ্ৰুতি মিছা আৰু আগন্তুক বিধানসভা নিৰ্বাচনত মহাজোঁট বন্ধনৰ চৰকাৰ হোৱাটো নিশ্চিত আৰু চৰকাৰ হোৱা পিছতেই যিবোৰ প্ৰতিশ্ৰুতি তেওঁলোকে ৰাইজক দিছে সম্পূৰ্ণ কৰা হব প্ৰতিশ্ৰুতি দিয়ে ৷তেওঁ আৰু উল্লেখ কৰি কয় যে আগন্তুক দিনত তেওঁলোকৰ ওদালগুৰিতেই মাটিৰ পট্টাৰ কাম হোৱাকৈ সু ব্যৱস্থা কৰি দিব , ইউনিভাৰচিটি ও ইয়াতেই দিয়া  হব, স্বাস্থ্য কেন্দ্ৰ আদি ব্যৱস্থা কৰাৰ পৰিকল্পনা আছে । লগতে সাংবাদিকে প্ৰশ্ন কৰাত যেতিয়া তেওঁক সোধা হয়- আপুনি সৰ্বানন্দক কিয় টাৰ্গেট  নকৰে সকলো সময়ত হিমন্ত কিয় ? তাৰ উত্তৰত তেওঁ  উল্লেখ কৰে যে  তেওঁ হৈছে এজন বুৰ্বক হিমন্তৰ বুদ্ধিত চলে তেওঁক টাৰ্গেত কৰি লাভ নাই । আৰু লগতে তেওঁক এইটো প্ৰশ্ন কৰা হয়  যে বিজেপি আৰু বিপিএফ ৰ মিত্ৰতা হোৱা কিবা আশঙ্কা আছে নেকি? তেতিয়া তেওঁ স্পষ্ট কৰি কৈ দিয়ে যে যত হিমন্ত তাত তেওঁ কেতিয়াও নাই বুলি জনায় ৷

ক্ৰমাত গৰম হৈ উঠিছে ওদালগুৰিত নিৰ্বাচনী বতাহ : হিমন্ত বিশ্বৰ ৰোড শ্ব

প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিন অন্ত পৰা পাছতে দ্বিতীয় পৰ্য্যায়ৰ ভোটৰ বাবে নিৰ্বাচনী প্ৰচাৰ তুংগত সকলোতে ।গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ ইতিমধ্যেই কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নিৰ্বাচনী প্ৰচাৰ চলাই যোৱা পিছতে২৮ মাৰ্চত  সন্ধিয়া ওদালগুৰিত  সন্ধিয়া ৭ বজাত  হিমন্ত বিশ্ব শৰ্মাৰ বিশাল ৰোড শ্বো অনুষ্ঠিত কৰে।৬৯ নং ওদালগুৰি বিধানসভা সমষ্টিৰ ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ হৈ ৰোড শ্বো কৰি বিশাল নিৰ্বাচনী প্ৰচাৰ হিমন্তবিশ্ব শৰ্মাৰ গোলামাগাও হাইস্কুল খেল পথাৰৰ পৰা আৰম্ভ কৰা ৰোড শ্বোৰ বিশাল ৰেলিৰে ওদালগুৰিৰ চহৰৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ আগন্তুক বিধানসভা নিৰ্বাচনত ওদালগুৰি সমষ্টিৰ পৰা ইউপিপিএল দলৰ প্ৰাৰ্থী গোবিন্দ বসুমতাৰীয়ে জয়ী হোৱাতো নিশ্চিত বুলি দাবী হিমন্ত বিশ্ব শৰ্মাৰ।

প্ৰতিক্ৰিয়াৰ পিছত এইচ এন এমৰ বিলুপ্তি চীনত

চৰকাৰে জোতা আৰু কাপোৰৰ ব্ৰেণ্ডৰ ওপৰত চাপ সৃষ্টি কৰাত চীনৰ ইণ্টাৰনেটৰ পৰা এইচ এণ্ড এম অদৃশ্য হৈ গৈছিল। জিনজায়াং অঞ্চলত উৎপীড়ন কৰাৰ অভিযোগক লৈ ব্ৰিটিছ বিষয়াসকলৰ বিৰুদ্ধে শুকুৰবাৰে নিষেধাজ্ঞা জাৰি কৰিছিল।

ৰাজ্যিক সংবাদ মাধমৰ আহ্বানৰ পিছত শ্বিডিছ ৰিটেইলাৰৰ চিন্তিংগাৰ পৰা কপাহ ক্ৰয় বন্ধ কৰাৰ সিদ্ধান্তৰ বাবে আলিবাবা আৰু JD.comকে ধৰি মুখ্য ই-কমাৰ্চ প্লেটফৰ্মৰ পৰা এইচ এণ্ড এমৰ সামগ্ৰী নোহোৱা হৈ পৰিল।

ষ্টেট মিডিয়াই জিনজিয়াঙৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰাত ব্ৰেণ্ডবোৰক সমালোচনা কৰাত ডজন চেলিব্ৰেটিয়ে নাইকী, এডিডাছ, বুৰ্বেৰী, ইউনিকলো আৰু লাকোষ্টেৰ সৈতে অনুমোদন দিয়াৰ বাবে অন্যান্য ব্ৰেণ্ডলৈ বিয়পি পৰিছিল।

মৰিগাঁৱত সৰ্বভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ যুৱ নেতা কানহায়া কুমাৰৰ বিশাল নিৰ্বাচনী সভা

এজন গুজৰাটীয়ে দেশ বচালে আৰু এজন গুজৰাটীয়ে এফালৰ পৰা দেশ বিক্ৰী কৰিলে। দেশবাসীৰ কাৰণে মহাত্মা গান্ধীয়ে বুকুত গুলি পাতিলৈও ইংৰাজৰ‌ পৰা মক্ত কৰা ভাৰতবৰ্ষৰ বুকুত থকা ৰাষ্ট্ৰীয় সম্পদৰ ধ্বংস যজ্ঞ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে : আজি এই মন্তব্য প্ৰকাশ কৰে সৰ্বভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ যুৱ নেতা কানহায়া কুমাৰে। মৰিগাঁৱৰ বিহুতলিত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ মহাজোঁট বন্ধনৰ‌ চিপিআইৰ প্ৰাৰ্থী মুনিন মহন্তৰ হৈ বিশাল নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি কমিউনিষ্ট যুৱনেতা কানহায়া কুমাৰে কয় যে- কেন্দ্ৰত বিজেপি চৰকাৰ হ’লে বৰ্তমান দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুই কোটি চৰকাৰী চাকৰি, বিদেশত থকা ক’লা ধন আনি দেশৰ প্ৰতিটো পৰিয়ালৰ মাজত ভগাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। যোৱা পাঁচটা বছৰত দুই কোটি চৰকাৰী চাকৰি দিয়াটো বাদেই ক’লা ধনো ঘুৰাই আনিবলৈ সক্ষম নহ’ল। সেয়ে দেশৰ এজন মিছলীয়া প্ৰধানমন্ত্ৰীৰ শাসনকালত জনসাধাৰণে কি আশা কৰিব বুলি নেতা গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে।লগতে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহক কত্যাক্ষ কৰি  তেওঁ পুনৰ কয় যে- অমিত শ্বাহে উচ্চ শিক্ষিত নিবনুৱাক পকৰী বেছি স্বাৱলম্বী হ’বলৈ ভাষণত কৈ আহিছে কিন্তু তেওঁৰ পুত্ৰক পকৰী বেছি স্বাৱলম্বী হ’বলৈ কিয় নকয়। ইউ পি এচ চি, এ পি এচ চি ডিগ্ৰী নথকাকৈয়ে গৃহমন্ত্ৰীৰ পুত্ৰক কি দৰে মোদী চৰকৰে মিনিষ্টাৰ চেক্ৰেটেৰী বনালে বুলি মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰে। তাৰোপৰি কানহায়া কুমাৰে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰক সমালোচনা কৰি কয় যে- সাম্প্ৰদায়িকতা ৰাজনীতি কৰা বিজেপি চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা এতিয়া কংসৰ দৰে জনপ্ৰিয় মামা, কিন্তু মই কানহায়া বুলিও তাচ্ছিল্য কৰে মন্ত্ৰী হিমন্তক। প্ৰবিত্ৰ অসমভুমি কেৱল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু আজান ফকীৰৰ ভুমি। সেয়া দেশৰ ইতিহাস নাজানা বিজেপি কেন্দ্ৰীয় চৰকাৰে অসমত কয়লা, চুপাৰী চিণ্ডিকেত চলাই লুণ্ঠন কৰাৰ বাহিৰে ৰাজ্যৰ জনসাধাৰণৰ বাবে কি কৰিব বুলি মন্তব্য কৰে। লগতে তেওঁ পুনৰ কয় যে- দেশক আগবঢ়ায় নিবলৈ হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰিলে নহ’ব। দেশৰ লগতে অসমক উন্নয়নৰ দিশত আগুৱাই নিয়াৰ স্বাৰ্থত ধৰ্মৰ নামত সাম্প্ৰদায়িক ৰাজনীতি কৰা সকলক ওফৰাই দিয়াৰ লগতে মৰিগাঁও সমষ্টিত উন্নয়নৰ স্বাৰ্থত চিপিআই নেতা মুনিন মহন্তক বিপুল ভোটত জয়ী কৰিবলৈ কমিউনিষ্ট নেতা কানহায়া কুমাৰে আহ্বান জনায়। ইফালে, মৰিগাঁও সমষ্টিৰ কংগ্ৰেছৰ মহাজোঁট বন্ধনৰ‌ চিপিআইৰ প্ৰাৰ্থী মুনিন মহন্তই ভাষণ প্ৰসংগত কয় যে-অসমত এইবা মহাজোঁট বন্ধনৰ‌ ঢৌ উঠিছে। মহাজোঁট বন্ধনৰ এই শক্তিশালী ঢৌত বিৰোধী দল উটি যাব। বিজেপিৰ কাৰ্যকালত হোৱা দূৰ্নীতিৰ পৰিত্ৰাণ বিচাৰি এইবাৰ ৰাইজে মহাজোঁট বন্ধনৰ চৰকাৰ বিচাৰিছে। মৰিগাঁও জিলা খন এক বান বিধ্বস্ত জিলা। বৰ্তমান সময়ত নিবনুৱা সমস্যাই জিলা খনত বৃহৎ সমস্যা হৈ পৰিছে। বিজেপি চৰকাৰৰ দিনত জাগীৰোড কাগজ কল আৰু কাছাৰ কাগজ কল বন্ধ হৈ গ’ল । জাতি, মাটি, ভেটি ৰক্ষাৰ স্বাৰ্থত শাসনত বহা বিজেপি চৰকাৰে অসমত ধৰ্মৰ নামত সাম্প্ৰদায়িক ৰাজনীতি কৰিছে। এইবাৰ বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ৰাইজ সজাগ হৈছে। অসম জাতীয় পৰিষদ দলক মহাজোঁটৰ প্ৰাৰ্থী মুনিন মহন্তই তীব্ৰ কত্যাক্ষ কৰি কয় যে- বিজেপিৰ চৰকাৰক সহায় কৰিবলৈ অসম জাতীয় পৰিষদে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। মহাজোঁট বন্ধনৰ‌ ভোট বিভাজনৰ বাবে নিৰ্বাচনত অসম জাতীয় পৰিষদে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। গতিকে অসমৰ ৰাইজে অসম আৰু অসমীয়াৰ বাবে এইবাৰ মহাজোঁট বন্ধনৰ‌ চৰকাৰক অধিষ্ঠিত কৰিব বুলি চিপিআই নেতা মুনিন মহন্তই মন্তব্য কৰে। ইপিনে, মৰিগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা তথা মৰিগাঁও জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি জোনজোনালী বৰুৱা আজি বিহুতলিত আয়োজন কৰা মহাজোঁট বন্ধনৰ‌ বিশাল নিৰ্বাচনী সভাত অংশ গ্ৰহণ নকৰাত মহাজোঁট বন্ধনৰ সমৰ্থক সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।আজিৰ বিশাল নিৰ্বাচনী সভা খনত কংগ্ৰেছৰ মহাজোঁট বন্ধনৰ‌ মৰিগাঁও জিলা কংগ্ৰেছ কমিটিৰ সভাপতি বীৰ কুমাৰ কোৱঁৰ, মৰিগাঁও কংগ্ৰেছ নেতা প্ৰণৱ জ্যোতি বৰকটকীকে ধৰি মহাজোঁট বন্ধনৰ‌ বহু কেইজন বিষয়ববীয়াৰ লগতে প্ৰায় কেইবা সহস্ৰাধিক দলীয় সমৰ্থকে অংশ গ্ৰহণ কৰে।

বুনাসত্ৰত দৌল মহোৎসৱৰ শুভাৰম্ভ : ক’ৰোনা প্ৰতিৰোধৰ লক্ষ্যৰে আমদানি কৃত ফাকুৱা বৰ্জন

ৰঙিয়াৰ ঐতিহ্যমণ্ডিত বুণাসত্ৰ ,কেন্দুগুৰি পোৰাঢাপ ক্ষেত্ৰত আজিৰে পৰা অনুষ্ঠিত হৈছে ৬২ সংখ্যক  দৌল মহোৎসৱ । আজি পুৱাৰ ভাগত প্ৰভাত ফেৰীৰে শুভাৰম্ভ হোৱা মহোৎসৱৰ প্ৰাৰম্ভিক কাৰ্যসূচী হিচাবে নাম প্ৰসংগ ,ভাগৱত আনয়নৰ লগতে সন্ধিয়া মূখ্য দ্বাৰ উন্মোচন,বন্তি প্ৰজ্বলন,বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় । নিশাৰ ভাগত সদৌ অসম ভিত্তিত আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । আনহাতে দৌল মহোৎসৱৰ লগত সংগতি ৰাখি পৰম্পৰাগত ভাবে অনুষ্ঠিত কৰিবলগীয়া হোলী উৎসৱ উপলক্ষে বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰি অহা ক’ৰোনা  ভাইৰাছ প্ৰতিৰোধৰ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি ব্যাতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে  ।  মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি ৰাজেন ৰাজৱংশী আৰু যুটীয়া সম্পাদক বণজিৎ শালৈ,বিটোপন শালৈয়ে ক’ৰোনা ভাইৰাছৰ ক্ৰমবৰ্দ্ধিত ত্ৰাসৰ প্ৰতি লক্ষ্য আগত ৰাখি এইবেলি আমদানিকৃত ফাকুৱাৰ পৰিৱৰ্তে থলুৱা ভাবে ৰং বিৰঙৰ গছৰ গুটি , হালধিগুৰী আদিৰে ফাকুৱা প্ৰস্তুত কৰাৰ ব্যাতিক্ৰমী পদক্ষেপ হাতত লোৱাৰ কথা সদৰী কৰিছে । এই ক্ষেত্ৰত ধৰ্মপ্ৰান ৰাইজৰ সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে ।

নাজিৰা সমষ্টিত শান্তিপূৰ্ণ ভাৱে ভোটদান : ৰাইজৰ লগতে শাসক, বিৰোধী দুয়োগৰাকী প্ৰাৰ্থীৰ ভোটাধিকাৰ সাব্যস্ত

শনিবাৰে অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে ৷ বিভিন্ন সমষ্টিৰ লগতে নাজিৰাত শান্তিপূৰ্ণ ভাৱে ভোট গ্ৰহণ আৰম্ভ ৷ পুৱা ৭.৩০ বজাৰ পৰা ১০৪নং নাজিৰা বিধানসভা সমষ্টিত বিভিন্ন ভোটকেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে । প্ৰায়বোৰ ভোটকেন্দ্ৰতে ভোটাৰৰ মুখত দেখা গৈছে মাস্ক আৰু হাতত হাত মোজা । একেদৰে ভোট কেন্দ্ৰবোৰত ভোটাৰক মাস্ক যোগান ধৰা পৰিলক্ষিত হৈছে । তাৰ সমান্তৰাল ভাৱে সকলো ভোটকেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা দেখা গৈছে । আজি ৰাজ্যজুৰি অনুস্থিত হৈছে প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভোট কেন্দ্ৰত ভোটাৰ সকলে সাব্যস্ত কৰিছে ভোটদান । ১০৪নং নাজিৰা বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াই নাজিৰাৰ জল সম্পদৰ উপ সংমণ্ডলৰ কাৰ্য্যালয়ত ভোটদান সাব্যস্ত কৰিছে ।

আনহাতে ১০৪নং নাজিৰা বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ময়ূৰ বৰগোহাঁইয়ে ইতিমধ্যে ভোটদান সাব্যস্ত কৰিছে । বালিঘাট জনজাতি প্ৰাথমিক বিদ্যালয়ত নাজিৰাৰ বিজেপি দলৰ প্ৰাৰ্থী ময়ূৰ বৰগোহাঁইয়ে সাব্যস্ত কৰে ভোটদান । ভোটদান কৰি প্ৰাৰ্থী দুগৰাকীয়ে নিউজ টাইম অসমৰ আগত কয়, ভোটাৰ ৰাইজ পুৱাই ওলাই আহিছে । ই গণতন্ত্ৰৰ বাবে এক শুভ লক্ষণ । ৰাজ্যৰ বিকাশ আৰু প্ৰগতিৰ স্বাৰ্থত ৰাইজে ভোট দিব । লগতে নাজিৰাবাসী ৰাইজে উন্নয়ন আৰু পৰিৱৰ্তনৰ স্বাৰ্থত ভোট দিব আৰু পুনৰ এখন শক্তিশালী চৰকাৰ গঠন হ’ব বুলি প্ৰাৰ্থী দুগৰাকীয়ে সংবাদ-মাধ্যমৰ আগত উল্লেখ কৰে ৷

নিৰ্বাচনত`কা`-এনআৰচিৰ কোনো প্ৰভাৱ নাই, মানুহে বিজেপিক পুনৰ ক্ষমতালৈ আনিবলৈ ভোট দিব : মন্ত্ৰী সোণোৱালৰ

অসমৰ মুখ্যমন্ত্ৰী সোণোৱালে আজি দাবী কৰে যে ৰাজ্যৰ লোকসকলে জানে যে নাগৰিকত্ব সংশোধনী আইন (চিএএ) আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ে তেওঁলোকক প্ৰভাৱিত নকৰিব আৰু তেওঁলোকে বিজেপিক পুনৰ ক্ষমতালৈ আনিবলৈ ভোট দিব।

“আমি যোৱা পাঁচ বছৰত অসমৰ জনসাধাৰণৰ বাবে কাম কৰিছো। মানুহবোৰ আমাক লৈ সন্তুষ্ট। আমি ‘সবকা সাথ, আৰু সবকা বিশ্বাস’ অনুসৰণ কৰিছিলো,” সোণোৱালে এএনআই কেক কৈছিল।

মৰিগাঁও জিলাত ১ এপ্ৰিলত চৰকাৰী বন্ধ ঘোষণা

অহা ১ এপ্ৰিল তাৰিখত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হব লগীয়া বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মৰিগাঁও জিলা প্ৰশাসনে উক্ত দিনটোত চৰকাৰী বন্ধৰ দিন ঘোষণা কৰিছে । জিলা খনৰ অন্তৰ্গত থকা সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান,  চাহ বাগিচা আৰু উদ্যোগ আদি বন্ধ থাকিব । NIAct, 1881(25) ৰ অধীনত জিলাৰ বেঙ্কৰ লগতে ব্যৱসায়ী প্ৰতিষ্ঠান সমূহো ১ এপ্ৰিলত বন্ধ থাকিব । আনহাতে জৰুৰীকালীন সেৱা বিভাগ আৰু বিধানসভা নিৰ্বাচনৰ দায়িত্বত থকা লোকৰ বাবে এই বন্ধ  প্ৰযোজ্য নহব ।

২৮ মাৰ্চত কামৰূপ মেট্ৰ’ত শুকান দিন

কামৰূপ মেট্ৰ’ৰ উপায়ুক্তই জাৰী কৰা নিৰ্দেশ অনুসৰি জিলাখনৰ সকলো খুচুৰা আইএমএফএল আৰু দেশস্পিৰিটৰ দোকান হোলীৰ বাবে ২৮ মাৰ্চৰ আবেলি ৪ বজালৈকে বন্ধ কৰা হ’ব।

টীয়কত ই,ভি,এম, বিসংগতি : ভোটাৰৰ হাৰাশাস্তি

যোৰহাট জিলাৰ ১০২ নং টীয়ক বিধান সভা সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ টীয়কৰ বিভিন্ন প্ৰান্তত ই, ভি, এমৰ বিসংগতিৰ বাবে নিৰ্ধাৰিত সময়ত ভোট গ্ৰহণ অনুষ্ঠিত কৰিব নোৱাৰাত ভোট গ্ৰহণ কেন্দ্ৰত  ভোটাৰ ৰাইজ সকল দীঘলীয়া শাৰী পাতি অশেষ কষ্ট ভুগিব লগীয়া হ’ল । প্ৰাপ্ত তথ্য মতে টীয়ক সমষ্টিৰ পীড়াকটা মজলীয়া বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰ ,চটাই ১১ নং চেনি আমগুৰি হাইস্কুল ,ঢেকীয়াখোৱা ১৫ নং  প্ৰাথমিক বিদ্যালয় মেলেং বাৰপাইক প্ৰাথমিক বিদ্যালয়কে কে ধৰি বহু কেইটা ভোট গ্ৰহন কেন্দ্ৰত সময় মতে ভোট গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত কৰিব নোৱাৰিলে । ৰিটাৰ্ননিং বিষয়াৰ পৰা জানিব পৰা মতে বুটাম টিপাৰ পিছত ই, ভি,এম মেচিনৰ কাৰ্যক্ষম হোৱা নাছিল যদিও পিচলৈ যোৰহাটৰ পৰা অহা এটা দলে  বহু কেইটা ই,ভি,এম কাৰ্যক্ষম কৰি তোলে । এই সংক্ৰান্তত বিৰোধী দলে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।