Home Blog Page 3080

শ্মশানত মৃতদেহ দাহ কৰিবলৈ আহি মৃত্যু ২৫জনৰ

দেওবাৰে উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাৰ মুৰাদনগৰৰ এখন শ্মশানৰ মূধচ খহি পৰাত মৃত্যুৰ মুখত পৰে ২৫জন লোক। লগতে ১৫জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে । স্থানীয় চৰকাৰী চিকিৎসালয়ৰ চিকিৎসা বিষয়া অনুৰাগ ভাৰ্গৱে সংবাদ মাধ্যমক জনোৱা মতে, আহত সকলক চিকিৎসা প্ৰদান কৰি থকা হৈছে।

দেওবাৰে ১০.৩০ বজাত শ্মশানখনত মৃতকৰ অন্ত্যেষ্টিক্ৰিয়াত ১০০ৰো অধিক লোকৰ সমাগম হৈছিল। প্ৰবল বৰষুণ দিয়াৰ বাবে সমবেত লোকসকল এখন মূধচৰ তলত গোট খাইছিল। তেতিয়াই প্ৰৱল বৃষ্টিপাত সহিব নোৱাৰি মূধচখন খহি পৰে।

উল্লেখযোগ্য যে নগৰ নিগমে মাথোঁ কেইমাহমানৰ আগতে এই মূধচখন নিৰ্মাণ কৰি দিছিল। স্থানীয় লোকৰ মতে, নিম্নমানৰ সামগ্ৰীৰে মূধচখন নির্মাণ কৰা হৈছে যাৰ কাৰণে বৰষুণ সহিব নোৱাৰি খহি পৰিল।


আনহাতে NDRFৰ শীৰ্ষ বিষয়াই জনোৱা মতে, ১ বজাত তেওঁলোকৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু ৬ বজালৈ উদ্ধাৰ অভিযান চলি থাকে। উত্তৰ প্ৰদেশ আৰক্ষীয়ে নগৰ নিগমৰ অধিকাৰীৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰিছে।

হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা : এইবাৰ ছাত্ৰীয়ে পাব প্ৰতিদিনৰ ক্লাছৰ বাবদ ১০০ টকা !

ৰাজ্যৰ শিক্ষাৰ্থীলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা । ৰাজ্যৰ প্ৰতিগৰাকী ছাত্ৰীয়ে প্ৰতিদিনে স্কুল-কলেজলৈ যোৱা বাবদ ১০০ টকাকৈ প্ৰদান কৰাৰ ইচ্ছা প্ৰকাশ কৰে মন্ত্ৰী শৰ্মাই । লগতে স্নাতক বৰ্ষৰ ছাত্ৰীকো কিতাপ-পত্ৰৰ বাবদ দিয়া হ’ব ১৫০০ টকাকৈ। শিৱসাগৰত অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতীৰ অধীনত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠানত এই সন্দৰ্ভত ইতিমধ্যে পৰিকল্পনা কৰা হৈছে বুলি জনাই মন্ত্ৰী শৰ্মাই । আনুষ্ঠানটোত ৯৪৮ গৰাকী মেধাৱী ছাত্ৰীক স্কুটি বিতৰন কৰা হয় ।

আনহাতে  স্নাতকৰ শিক্ষাৰ্থীক ১৫০০ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক ২০০০ কৈ এই মাহৰ শেষত টকা প্ৰদান কৰিব ৰাজ্য চৰকাৰে ।

হোজাইত প্ৰজ্ঞান ভাৰতীৰ অধীনত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান

হোজাইৰ শংকৰদেৱ নগৰ কাছাৰী ময়দানত অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতীৰ অধীনত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান ।

উক্ত অনুষ্ঠানত ৬৩৪ গৰাকী ছাত্ৰীক স্কুটি বিতৰন কৰা হয় । উচ্চ শিক্ষা বিভাগ, অসম চৰকাৰৰ অধীনত হোজাইৰ শংকৰদেৱ নগৰ কাছাৰী ময়দানত মন্ত্ৰী পীযুষ হাজৰিকাই বিতৰণ কৰে স্কুটি সমূহ ৷

সভাত হোজাইৰ বিধায়ক শিলাদিত্য দেৱ, লামডিংৰ বিধায়ক শিবু মিশ্ৰ, জিলা পৰিষদৰ সভানেত্ৰী ৰমাৱালা দেৱী, সুশিল দত্ত, বিজেপিৰ জিলা সভাপতি অনুপ দেৱ, লংকা মহাবিদ্যালয়ৰ অধ্যক্ষ শিং উপস্থিত থাকে।

বিলাসীপাৰাত দৰিদ্ৰ জনতাৰ মাজত জোনাকী এছোছিয়েছনৰ কম্বল বিতৰণ

পশ্চিম অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাত মানুহ মানুহৰ বাবে  এক সুস্থ সমাজিক -সাংস্কৃতিক আৰু শৈক্ষিক আঞ্চলিক সেচ্ছাসেৱী সন্থা জোনাকী এছোছিয়েছনৰ সম্পাদক, মস্তাফিজুৰ ৰহমান আৰু লগতে কৰ্মকৰ্ত্তা সকলৰ মানৱীয় যাত্রাৰ মহান অংশ স্বৰুপে বিলাসীপাৰা বানিয়াপৰা আৰু বাতাপাৰা অঞ্চল সমূঁহৰ দৰিদ্ৰ -নিপিঢ়িত ব্যক্তি সকলৰ মাজত  আজি নৱবৰ্ষৰ দ্বিতীয় দিনা খনত কম্বল বিতৰণ কাৰ্য্যসূচী ৰূপায়ণ কৰে।

উল্লেখ্য বিতৰণ কাৰ্য্যসূচী খনত জোনাকী এছোছিয়েছনে বিলাসীপাৰা আৰক্ষী নিৱেশৰ টাউন পৰিদৰ্শক প্ৰনৱ দলেৰ নিজৰ কৰ্তব্য দায়িত্বৰ প্ৰতি লক্ষ্য ৰাখি এখন মানপত্র প্ৰদান কৰে, ইয়াৰ উপৰিও বিলাসীপাৰা চহৰৰ সমাজ সেৱক তথা ডঃ কানুলাল দাসৰ এক মহানুৱতাৰ প্ৰতি লক্ষ্য ৰাখি এখন মানপত্র বিতৰণ কৰে। মনকৰিবলগীয়া যে  উক্ত কাৰ্যসুচী খনত ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক বজন্দ্ৰ নাথ,আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিও উপস্থিত থাকে।।

প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত টংলা মহাবিদ্যালয়ত বাণীকান্ত কাকতি মেধা বঁটা বৈদ্যুতিক স্কুটাৰ প্ৰদান

ওদালগুৰি জিলাৰ সৰ্বমুঠ ৪২৩ গৰাকী ছাত্রীক বৈদ্যুতিক স্কুটাৰ প্ৰদান

ৰবিবাৰে ওদালগুৰি জিলাৰ টংলা মহাবিদ্যালয় প্ৰাঙ্গনত ‘প্ৰজ্ঞান ভাৰতী আঁচনি অধীনৰ ২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মেধাবী ছাত্ৰীসকলৈ অনুষ্ঠানিক ভাৱে বৈদ্যুতিক স্কুটাৰ প্ৰদান কৰে। 

বৈদ্যুতিক স্কুটাৰ প্ৰদান অনুষ্ঠানত বিটিচিৰ উপঃ মূখ্য কাৰ্য্যবাহী সদস্য গোবিন্দ বসুমতাৰী, ওদালগুৰি জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, ভেৰগাঁৱ মহকুমাৰ মহকুমাধিপতি গকুল চন্দ্র ব্ৰাহ্ম, হৰিশিঙা ৰাজহ চক্ৰ বিষয়া ৰিতুত্তম বড়া, বিটিচিৰ ইএম দিগন্ত বৰুৱা, ভেৰগাৱৰ এম চি এল এ দাওবৈছা বড়ো, ননৈ চেৰফাংঙৰ এম চি এল এ, সঞ্জীব তাতী, খালীংদুৱাৰপ এম চি এল এ দিলীপ বড়ো, আদি উপস্থিত থকাৰ লগতে টংলা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু বিভিন্ন বিষয়ৰ অধ্যাপক প্ৰবক্তা সকল উপস্থিত থাকে। উক্ত অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে বিটিচিৰ উপঃ মূখ্য কাৰ্য্যবাহী সদস্য গোবিন্দ চন্দ্র বসুমতাৰীয়ে ।

নলবাৰীৰ ধমধমা আঞ্চলিক কলেজত ভাৰতীয় সেনাবাহিনীৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ

যিকোনো বিপদকালিন সময়ত দেশৰ বাবে নিজৰ জীৱন উচৰ্গা কৰাৰ লগতে ভাৰতীয় সেনা বাহিনীয়ে বিগত বছৰ বছৰ ধৰি বিভিন্ন সামাজিক কাৰ্যত মনোনিৱেশ কৰাত পৰিলক্ষিত হৈছে । সেইমৰ্মে আজি নলবাৰী জিলাৰ ধমধমা আঞ্চলিক কলেজৰ প্ৰাংগনত ভাৰতীয় সেনাবাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ অপাৰেচন সদভাৱনাৰ সৌজন্যত দিনযোৰা কাৰ্যসূচীৰে এটি বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰে ।

এই স্বাস্থ্য শিবিৰত স্থানীয় অঞ্চলবাসী ৰাইজৰ দন্ত,কাণ,নাক,মেডিচিন বিভাগৰ লগতে বহুত ধৰণৰ চিকিৎসা সেৱা আগবঢ়োৱা হয় লগতে প্ৰতিজন চিকিৎসা কৰিব অহা লোকক বিনামূলীয়া ভাৱে দৰৱ পৰ্যন্ত বিতৰণ কৰা হয়  । ভাৰতীয় সেনা বাহিনীয়ে অনুষ্ঠিত কৰা এই চিকিৎসা শিবিৰত প্ৰায় ১৫০০ স্থানীয় ৰাইজে চিকিৎসা সেৱা লাভ কৰিবলৈ উপস্থিত হয় । ভাৰতীয় সেনাবাহিনীৰ এনে সজ পদক্ষেপক সচেতন মহলে ভূয়সী প্ৰশংসা কৰাৰ লগতে চিকিৎসা সেৱা লাভ কৰিব অহা স্থানীয় ৰাইজে শলাগ লয় ।

জুবিন গাৰ্গক চূড়ান্ত অপমান অৰুণাচল প্ৰশাসনৰ

অসমৰ সিমান্ত টেঙাপানী গাঁৱত অৰুণাচল আৰক্ষীৰ তাণ্ডৱ, কাটি, ভাঙি নদীত উটুৱাই দিছিল জুবিন গাৰ্গ দলং : আজি পৰ্যন্ত হৈ নুঠিল জুবিন গাৰ্গ দলং

অসমৰ একেবাৰে পূব প্ৰান্তৰ তিনিচুকীয়া জিলাৰ ডিৰাক অঞ্চলত পাহাৰীয়া খৰশ্ৰুতা নদী ন-দিহিঙৰ বুকুত অঞ্চলটোৰ ৰাইজৰ একক প্ৰচেষ্টাত নিৰ্মাণ কৰি উলিয়াইছিল ৪৯০ মিটাৰ দৈঘ্যৰ এখন বাঁহৰ দলং ৷ দলঙখনৰ নাম দিছিল জুবিন গাৰ্গ দলং ৷ চৰকাৰৰ বঞ্চনা আৰু অৱহেলাৰ বলি হোৱা অঞ্চলটোৰ ৰাইজে নিজৰ গাঁঠিৰ ধন খৰছ কৰি শ্ৰমদানেৰে নিৰ্মান কৰিছে উলিয়াইছে সীমান্ত টেঙাপানী গাঁও সংযোগী এই দলংখন  ৷ ১৯৯২ চনত অহা এক প্ৰলয়ংকাৰী বানে সীমান্ত টেঙাপানী গাঁৱক বিচিন্ন কৰি দিছিল অসম সংস্পৰ্শ ভূখণ্ডৰ পৰা ৷ তেতিয়াৰে পৰা চামিল হৈ পৰিছিল অৰুণাচলৰ ভূখণ্ডৰ সতে ৷ কিন্তু সকলো কাম কাজ অসম সৈতে, ভোটাধিকাৰো অসমতে । সেই ফলস্বৰূপে তেওঁলোকে নাপাই অৰুণাচল চৰকাৰৰ পৰাও কোনোধৰণৰ সা-সুবিধা । ক্ৰমে অৱহেলিত হৈ পৰিল অসম চৰকাৰৰ পৰাও ৷ দিনক দিনে গাঁওখনে চৰকাৰৰ সা-সুবিধা, পঞ্চায়তি সুবিধা আদিৰ পৰা বঞ্চিত হবলৈ ধৰিলে ৷ বৰ্তমান ১০৩ টা ঘৰ থকা এই গাঁৱৰ জনসংখ্যা ৭৪৯ জন ভোটাৰৰ সংখ্যা ২৮৩ জন ৷  কিন্তু বিগত ২৯ বছৰে ইয়াৰ জনসাধাৰণে বিপদ সংকুলভাবে যাতায়ত কৰি আহিছে  টুলোঙা নাৱেৰে ৷ প্ৰতি বছৰে ভৰ বাৰিষা বহুদিনৰ ধৰি গাঁওখন  সংযোগ বিছিন্ন হৈ পৰে বহি: জগতৰ লগত ৷ কিন্তু কাণ সাৰ নাই চৰকাৰৰ ৷ অৱশেষত ১নং সৰুডিৰাক গাঁৱৰ এজন সচেতন যুৱক বুলবুল মাউটৰ পৰিকল্পনাত এই খৰশ্ৰুতা নদীখনৰ উপৰত ৰাইজে এখন দলং নিৰ্মানৰ সপোন দেখিলে ৷ এক সহমতত উপনিত হৈ গঁঞা ৰাইজৰ শ্ৰম আৰু দান বৰঙণিৰে নিৰ্মান কৰা সেতুখন সম্পূৰ্ণ হোৱাৰ পাছত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব গৰাকীয়ে নিজে আহি উদ্ধোধন কৰাৰ কথা আছিল যদিও মুৰকত শাৰীৰিক অসুস্থতাৰ বাবে সেইয়া হৈ নুঠিল ৷ সীমান্তৰ টেঙাপানীবাসীৰ শ্ৰম আৰু আৰ্থিক অনুদানেৰে নিৰ্মিত সেতুখন আছিল গাঁৱবাসীৰ আশাৰ সেতু। স্থানীয় ৰাইজে বাৰিষাৰ সময়ত টেঙাপানীৰ বাবে দেখা দিয়া এই সমস্যা সমাধানৰ বাবে পথ সমূহ উন্নয়নৰ লগতে বিজ্ঞানসন্মতভাৱে এখন দলং নিৰ্মান কৰিবলৈ অসম চৰকাৰক আহ্বান জনাইছে। স্মতব্য যে, লকডাউনৰ গইনা লৈ বিগত বৰ্ষৰ ১৬ এপ্ৰিল তাৰিখে অসমৰ প্ৰশাসন, গাঁওবাসীক কোনো ধৰণৰ জাননী প্ৰদান নকৰাকৈ অৰুণাচল আৰক্ষীয়ে গুণ্ডাবাহিনী লগত লৈ অসমৰ মাটিত আহি দলঙখন এটা অংশ কাটি নদীত উটুৱাই দি চূড়ান্তভাৱে অপমান কৰিছিল নৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ লগতে সীমান্তৱৰ্তী অঞ্চলটোৰ ৰাইজক। ৰাইজৰ হেঁচাত আৰু অসম চৰকাৰৰ হস্তক্ষেপত অৰুণাচল চৰকাৰে লকডাউন খোলাৰ পিচত সেতুখন পুনৰ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু লকডাউন খোলাৰ পিছতো আজি পৰ্যন্ত কোনো ধৰণৰ দলঙৰ কাম আৰম্ভ কৰা দেখা নগল ?  ৰাজহুৱা সম্পত্তি ধ্বংস কৰিবলৈ অৰুণাচল প্ৰশাসনে কত অধিকাৰ পালে সেয়া এক ডাঙৰ প্ৰশ্ন? ইয়াক লৈ কিবা আইনী ব্যৱস্থা গ্ৰহণ কৰা হল নে ? তাক লৈ এতিয়া ৰাইজৰ মাজত সৰৱ চৰ্চা চলা পৰিলক্ষিত হয় ।   এই ক্ষেত্ৰত অসম প্ৰশাসনে অনাগত দিনত কেনেধৰণৰ প্ৰদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব । হ’বনে এতিয়া সকলোৰে আশাৰ দলঙখন  ?

স্থানীয়ভাৱে প্ৰস্তুত কৰা ক’ভিডৰ প্ৰতিষেধকত অনুমোদন

স্থানীয়ভাৱে প্ৰস্তুত কৰা ক’ভিডৰ প্ৰতিষেধক কোভেক্সিন বিশেষ পৰিস্থিতিত জৰুৰী ভাৱে প্ৰয়োগ কৰাৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত ভাৰতৰ কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰণ প্ৰাধিকৰণৰ বিশেষজ্ঞ সকলে অনুমোদন জনাইছে।

কৰ’ণা ভেকচিনৰ ‘ড্ৰাই ৰাণ’ গুৱাহাটী মহানগৰীত সফলভাৱে সম্পন্ন

গুৱাহাটী মহানগৰীত সফলভাৱে সম্পন্ন কৰ’ণা ভেকচিনৰ ‘ড্ৰাই ৰাণ’ : কভিড প্ৰতিষেধক প্ৰদানৰ পূৰ্বে অনুশীলনমূলক ‘ড্ৰাই ৰাণ’ শনিবাৰে গুৱাহাটী মহানগৰীৰ তিনিটাকৈ কেন্দ্ৰত সফলভাৱে সম্পন্ন হৈ যায়৷ স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, খানাপাৰা ৰাজ্যিক চিকিৎসালয় আৰু সোণাপুৰ জিলা চিকিৎসালয়ত পুৱাৰ ভাগৰ পৰা এই ড্ৰাই ৰাণ আৰম্ভ কৰা হয়৷

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সঞ্চালক ডাঃ লক্ষ্মণন এছে জিএমচিএইছ আৰু খানাপাৰাত ড্ৰাই ৰাণৰ তদাৰক কৰে৷ জিএমচিএইছৰ অনুশীলনত মহাবিদ্যালয়ৰ অধ্যক্ষ ডা° অচ্যুৎ কুমাৰ বৈশ্য আৰু অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) শৰ্মিষ্ঠা বৰাও উপস্থিত থাকে৷

খানাপাৰাত উপস্থিত থাকে সাৰ্বজনীন প্ৰতিষেধক প্ৰদান আঁচনিৰ যুটীয়া সঞ্চালিকা ডা° বিনীতা গোস্বামী৷ সোণাপুৰত স্বাস্থ্য সঞ্চালক মুনীন্দ্ৰ নাথ নাগাটে আৰু জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডা° গনেশ শইকীয়াই এই মক ড্ৰিলৰ তদাৰক কৰে৷

জিলা প্ৰতিষেধক বিষয়া আৰু UNICEF, FPIUI, NPSP WHO, SPO আৰু UNDPৰ প্ৰতিনিধিৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰবন্ধক, জিলা মিডিয়া বিশেষজ্ঞ আৰু আন বিষয়াসকলো এই কাৰ্যসূচীত উপস্থিত থাকে৷ শনিবাৰৰ কাৰ্যসূচীৰ লক্ষ্য হৈছে কভিড ভেকচিন প্ৰদান আৰম্ভ হোৱাৰ লগে লগে সকলো লোককে কোনো বিঘিনি নঘটাকৈ প্ৰতিষেধক প্ৰদান কৰাটো সুনিশ্চিত কৰা৷ প্ৰকৃত প্ৰতিষেধকটো প্ৰদান কৰাৰ বাহিৰে আন সকলো প্ৰক্ৰিয়া এই ড্ৰাই ৰাণৰ সময়ত পালন কৰা হয়৷

মৰিয়নীত গুলীবিদ্ধ ১৫ বছৰীয়া এটি কিশোৰৰ মৃতদেহ উদ্ধাৰ

মৰিয়নীত গুলীবিদ্ধ ১৫ বছৰীয়া এটি কিশোৰৰ মৃতদেহ উদ্ধাৰ । মৰিয়নীৰ নাগাজাংকা চাহ বাগিচাৰ সমীপৰ এখন কাঠনীৰ মাজত গুলীবিদ্ধ মৃতদেহটো উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য৷

মৰিয়নীৰ দিচৈভেলি সংৰক্ষিত বনাঞ্চলৰ কিছু দূৰত অৱস্থিত এই নাগাজাংকা চাহ বাগিচা। মৃতদেহ উদ্ধাৰৰ খবৰ লাভ কৰা মাত্ৰেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

মৰিয়নী আৰক্ষী উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰি মৃতদেহ উদ্ধাৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে৷ আৰক্ষীৰ পৰা জানিব পৰা অনুসৰি মৃত কিশোৰটি নাগাজাংকা চাহ বাগিচাৰ বৰ লাইনৰ উত্তম ফুল মালি (১৫) ৷

সম্প্ৰতি গুলীবিদ্ধ মৃতদেহটো ঘৰৰ পৰা কিছু দূৰতে উদ্ধাৰক লৈ তিব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চল৷ কোনে, কিয়, কি কাৰণে কিশোৰটিক এনেদৰে বাগিছাৰ কাষৰ কাঠনি লৈ গৈ হত্যা কৰিছে সেই সন্দৰ্ভত অদ্যপি কোনো তথ্য লাভ কৰা নাই আৰক্ষীয়ে।