Home Blog Page 3080

শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ ভাং সহ ট্ৰাক জব্দঃ দুজনক আটক

মুৰ্ছিদাবাদৰ সুজন দাস আৰু বিৰভুম জিলাৰ প্ৰকাশ ৰায়

গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা আৰক্ষীয়ে অভিযান চলাই
পৰিমানৰ ভাং সহ ডব্লিউ বি ৪১ ই ৬৩৪২ নম্বৰৰ এখন ট্ৰাক জব্দ কৰাৰ লগতে দুজনক আটক কৰে ৷ ধৃত লোক দুজন পশ্চিম বংগৰ মুৰ্ছিদাবাদৰ সুজন দাস আৰু বিৰভুম জিলাৰ প্ৰকাশ ৰায় বুুুলি আৰক্ষী সুুুুত্ৰত প্ৰকাশ ৷ গোসাইগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দন্ডিৰাম বৰাই এক গোপন সুত্ৰৰ ভিত্তিত আজি পুৱা পাঁচ মান বজাত শ্ৰীৰামপুৰত ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই ১০৯ পেকেট ভাং সহ ট্ৰাকখনক আটক কৰে ৷ আৰক্ষীয়ে ভাংৰ লগত দুজন সৰবৰাহকাৰীক আটক কৰে ৷ জব্দকৃত প্ৰায় ১১ কুন্টাল ভাংৰ বজাৰ মূল্য দহ লক্ষাধিক টকা হব বুলি আৰক্ষী সুত্ৰত প্ৰকাশ ৷

কোভিড পৰিস্থিতিৰ বাবে অনুষ্টুপীয়া হব বৰপেটা সত্ৰৰ দালানৰ সন্মুখৰ সাত বহাগৰ নাম

অনুষ্টুপীয়া হব বৰপেটা সত্ৰৰ দালানৰ সন্মুখৰ সাত বহাগৰ নাম
অনুষ্টুপীয়া হব বৰপেটা সত্ৰৰ দালানৰ সন্মুখৰ সাত বহাগৰ নাম

বৰপেটা সত্ৰৰ দালানৰ সন্মুখত প্ৰতি বছৰে ৭ বহাগত অনুষ্ঠিত হয় থিয়নাম ৷ কিন্তু এইবেলি কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই নাম অনুষ্টুপীয়াকৈ পালন কৰা হব ৷ তিনিওটা থুলৰ হকে সীমিত সংখ্যক ভকতৰ দ্বাৰা দালানৰ সন্মুখভাগত মাত্ৰ এটা থিয়নাম গাই সামৰা হব আৰু তিনিওটা থুলৰ ভকতসকলে একেলগে থান বন্দনী ঘোষাৰে মঠৰ চোতালত সামৰণি ঘোষা গাই বহাগৰ দোমাহীৰ নামৰ পৰম্পৰা ৰক্ষা কৰিব ৷ থুল দক্ষিণহাটী, থুল নহাটী আৰু থুল উত্তৰহাটীৰ নিৰ্দিষ্ট স্থানত পূৰ্ব প্ৰথা অনুসাৰে চাকি জ্বলোৱা হব যদিও কোনো থালী আৰু শৰাই পতা নহব ৷ আনকি পাল তৰাও নহব ৷ নামলৈ অহা প্ৰতিজন ভকতে মাস্ক পিন্ধি আহিব লাগিব আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব ৷ আজি বিয়লি বৰপেটা সত্ৰৰ যোগমোহন গৃহত বৰপেটাৰ মুঠ ২২ খন হাটীৰ ভড়ালী আৰু মজুমদাৰ সকলৰ উপস্থিতিত আৰু থুল দক্ষিণহাটীৰ ভড়লী চিত্তৰঞ্জন দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা জৰুৰী সাধাৰণ সভাই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সভাত থুল দক্ষিণহাটী,থুল নহাটী আৰু থুল উত্তৰহাটীৰ ভড়ালী মজুদাৰসকলো উপস্থিত থাকে ৷ উল্লেখ্য যে বিগত বৰ্ষত কৰোণা মহামাৰীৰ বাবে তলা বন্ধ চলি থকাত এই থিয়নাম বাতিল কৰি কেৱল তিনিওটা থুলৰ নামখলাত বন্তি জ্বলাই থান বন্দনী ঘোষাৰে মাত্ৰ ১২ জনমান ভকতে মঠৰ চোতালত সামৰণি ঘোষা গাই পৰম্পৰা ৰক্ষা কৰিছিল ৷

নলবাৰী চকবজাৰত ভিডিঅ গীত “লেংটি চিঙা” উন্মোচন

ভিডিঅ গীত এটি উন্মোচন কৰে সাংবাদিক জ্ঞানজ্যোতি শইকীয়াই।
ভিডিঅ গীত এটি উন্মোচন কৰে সাংবাদিক জ্ঞানজ্যোতি শইকীয়াই।

নলবাৰী জিলাৰ চকবজাৰত আজি সন্ধিয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কলাশ্ৰী ডঃ আম্বেদকাৰ ফেল’শ্বিপ ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত শিল্পী পুতুল ৰামচিয়াৰী আৰু শিল্পী দীপক ৰাজবিৰ সংগীতৰ মায়াজালেৰে সৃষ্টি হোৱা “লেংটি চিঙা” নামৰ ভিডিঅ গীত এটি উন্মোচন কৰে সাংবাদিক জ্ঞানজ্যোতি শইকীয়াই। উন্মোচন কৰি শইকীয়াই ভাষনত কয় যে পুতুল ৰামচিয়াৰী বন বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগত বিষয়া হৈও সংগীতৰ সৈতে জড়িত থাকি অনন্য ভূমিকা পালন কৰিছে।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে সাংবাদিক প্ৰাঞ্জল শৰ্মাই ভাষনত কয় যে সাংস্কৃতিক দিশেৰেও সমাজক নকৈ গঢ় দিব পাৰি বুলি দোহাৰে। আন এগৰাকী বিশিষ্ট অতিথি ডেকা পুলিছ খ্যাত অভিনেতা প্ৰাণজিৎ লোচন শৰ্মাই কয় যে অসমীয়া সমাজত অসমীয়াই নিজৰ সংস্কৃতি ধৰি ৰাখিব লাগিব বুলি দোহাৰে। শিল্পী কাজল ৰয় আৰু অভিনেত্ৰী আইজনী ডেকাই ভাষন ৰাখে। অনুষ্ঠানত বিশিষ্ট গীতাৰবাদক প্ৰদীপ বৈশ্য, শিল্পী গণেশ কলিতা সহ বহুসংখ্যক সাংস্কৃতিকপ্ৰেমি ৰাইজ উপস্থিত থাকে। উল্লেখ্য যে কৌতুক অভিনেতা উদয় শংকৰ ভূঞা,প্ৰাণজিৎ লোচন শৰ্মা, অভিনেতা কাজল ৰয়, বৰ্ণালী ৰামচিয়াৰী পৰিবেশ কৰা গীতেৰে জীপাল ভিডিঅ গীতটোত ৰাজনীতি আৰু ধৰ্মৰ নামত যে ৰাইজক আভুৱাভাৰি থকা হয় তাকেই উপলব্ধ হৈছে।

ভোট গণনাৰ এজেন্টৰ কোভিড পৰীক্ষা বাধ্যতামূলক

বৰপেটা জিলা উপায়ুক্তৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ সৈতে বৈঠক
বৰপেটা জিলা উপায়ুক্তৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ সৈতে বৈঠক

অহা ২ মে’ত অনুষ্ঠিত হবলগীয়া ভোট গণনাত জড়িত থাকিবলগীয়া বিষয়া-কৰ্মচাৰীৰ লগতে ইয়াত উপস্থিত থাকিবলগীয়া প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ এজেন্ট সকলৰো কোভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে। আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ভোট গণনা সম্পৰ্কে আলোচনাৰ বাবে সকলো প্ৰতিদ্বন্দ্বী প‌্ৰাৰ্থী বা তেওঁলোকৰ প্ৰতিনিধিৰ উপস্থিতিত আয়োজিত এখন সভাত এই বিষয়ে সিদ্ধান্ত লোৱা হয়। জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত কোৱা হয় যে ৰাজ্য খনত কোভিড পৰিস্থিতিৰ পুণৰ অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি সুৰক্ষা মূলক ব্যৱস্থা হিচাপে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সেই অনুসৰি ৰাজনৈতিক দল বা প্ৰাৰ্থীৰ এজেন্ট সকলৰ কৰোনা পৰীক্ষা অহা ২৭ এপ্ৰিলত বৰপেটা নগৰ স্বাস্থ্য কেন্দ্ৰত কৰোৱা হ’ব। তদুপৰি গণনা কক্ষ সমূহত সকলোৱে মাস্ক পৰিধান কৰাৰ লগতে যথাসম্ভৱ সামাজিক দূৰত্ব বৰ্তাই ৰখা, গণনা কক্ষ সমূহ ছেনিটাইজ কৰা আদিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। সভাত বৰপেটা জিলাৰ ছটা সমষ্টিৰে প্ৰাৰ্থী বা তেওঁলোকৰ প্ৰতিনিধি উপস্থিত থাকে। সভাৰ অন্তত কালি মৃত্যু মুখত পৰা প্ৰাক্তন মন্ত্ৰী ডা ভূমিধৰ বৰ্মনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি সকলোৱে এক মিনিট সময় মৌনতা অৱলম্বন কৰা হয়।

আজিৰে পৰা ৰাজ্যত নতুন ক’ভিড বিধি

Serum-এ নিৰ্ধাৰণ কৰিলে কোৰোণা ভেকচিনৰ মূল্য

জন সমাৱেশ :

আজিৰে পৰা ৰাজ্যত নতুন ক’ভিড বিধি
সমাৱেশৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনা নতুন SOPত
সমাৱেশ পাতিব পাৰিব, মানিব লাগিব কঠোৰ ক’ভিড নীতি
৪০০ লোকৰ উপস্থিতিত পাতিব পাৰিব সমাৱেশ
৪০০তকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব
ব্যক্তিগত অনুষ্ঠানত উপস্থিতিৰ সংখ্যা হ’ব ১০০জন
সৎকাৰ অনুষ্ঠানত উপস্থিতিৰ সংখ্যা হ’ব ২০জন
ধৰ্মীয় অনুষ্ঠানতো হ্ৰাস কৰা হ’ব উপস্থিতিৰ সংখ্যা
প্ৰতিঘণ্টাত ২০জন লোক উপস্থিত থাকিব পাৰিব ধৰ্মীয় উপাসনাথলীত
সদ্যহতে অসমত নাইট কাৰ্ফিউৰ সিদ্ধান্ত নাই

কৰ্মস্থলী :

কৰ্মস্থানৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা জাৰি
ঘৰৰ পৰা কাম কৰাত উৎসাহিত কৰিব লাগিব
৫০% কৰ্মচাৰীয়ে কাৰ্যালয়ৰ পৰা কাম কৰিব
এই নিৰ্দেশনা প্ৰযোজ্য নহ’ব বিষয়াসকলৰ ক্ষেত্ৰত
গৰ্ভৱতী মহিলা, ৫ বছৰৰ তলৰ সন্তানৰ মাতৃয়ে ঘৰৰ পৰা কাম কৰিব পাৰিব

শিক্ষানুষ্ঠান :

শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰতো নতুন নিৰ্দেশনা প্ৰকাশ
শিক্ষানুষ্ঠানসমূহে অনলাইন শিক্ষাক গুৰুত্ব দিব লাগিব
দৈনিক ৫০%তকৈ অধিক শিক্ষাৰ্থী উপস্থিত থাকিব নোৱাৰিব
শ্ৰেণীৰ সময় শিথিল কৰিব লাগিব
প্ৰাৰ্থনা সভা, বিশেষ সভা পৰিহাৰ কৰিব লাগিব
প্ৰাথমিক শ্ৰেণীৰ বাবে অনলাইন শিক্ষাত অগ্ৰাধিকাৰ
শিক্ষা বিভাগে জাৰি কৰিব নতুন নিৰ্দেশনা
এতিয়াই স্কুল বন্ধৰ সিদ্ধান্ত লোৱা নাই চৰকাৰে

পৰিবহণ :

ৰাজহুৱা পৰিবহণতো কেতবোৰ নতুন নিৰ্দেশনা
ক’ভিড বিধি অনুসৰি আসনৰ ব্যৱস্থা কৰিব লাগিব
চিটীবাছ, আন্তঃজিলা বাছসমূহে ৫০% যাত্ৰী কঢ়িয়াব
অট’ৰিক্সা, টেক্সিসমূহে ২জন যাত্ৰী নিব পাৰিব
ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক

দোকান-পোহাৰ :

দোকানৰ সন্মুখত ৬ ফুট দূৰত্ব নিশ্চিত কৰিব লাগিব
দোকানৰ সন্মুখত ৫জনতকৈ অধিক থাকিব নোৱাৰিব
নিয়ম নামানিলে দোকানীৰ ওপৰত লোৱা হ’ব ব্যৱস্থা
বিবাহ–অন্তেষ্টিক্ৰিয়া আদিৰ ক্ষেত্ৰতো উপস্থিতিৰ সংখ্যা নিৰ্ধাৰণ
ছুপাৰ মাৰ্কেট, শ্বপিং ম’ল সন্ধিয়া ৬ বজাত বন্ধৰ নিৰ্দেশ
সদ্যহতে অসমত লকডাউনৰ কোনো সম্ভাৱনা নাই

শিলিখাগুৰিত আৰম্ভ হ’ল প্ৰাইজমনি ক্ৰিকেট প্ৰতিযোগিতা

শিলিখাগুৰিত আৰম্ভ হ'ল প্ৰাইজমনি ক্ৰিকেট প্ৰতিযোগিতা
শিলিখাগুৰিত আৰম্ভ হ'ল প্ৰাইজমনি ক্ৰিকেট প্ৰতিযোগিতা

ৰাজ্যজুৰি ৰঙালী বিহুৰ আনন্দ। বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান, খেল -ধেমালিৰ মাজেৰে উদযাপিত হৈছে হেঁপাহৰ বসন্ত উৎসৱটি। একেদৰে মানুহ বিহুৰ দিনা শিলিখাগুৰি গাঁৱৰ লগতে চুবুৰীয়া গাঁও মেৰবিলৰ যুবকসকলেও পৰম্পৰাগত বোকাখেলত ভাগ লোৱা দেখা যায়। অন্যহাতে বিগত বৰ্ষৰ দৰে এইবছৰো মাজুলী জিলাৰ শিলিখাগুৰি খেল পথাৰত মিলিজুলি ক্ৰিকেট ক্লাবৰ সৌজন্যত আন্তঃমাজুলী ভিত্তিত আয়োজন কৰা হৈছে এখনি প্ৰাইজমনি ক্ৰিকেট প্ৰতিযোগিতাৰ। আজিৰে পৰা আৰম্ভ হোৱা খেলখনিৰ পতাকা উত্তোলন কৰে পদ্মশ্ৰী মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক ভূপেন হাজৰিকাই। বিয়লি প্ৰায় ১ বজাত আৰম্ভ হোৱা প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰে শ্ৰীৰাম গাওঁ পঞ্চায়তৰ সভাপতি ৰমেশ বৰুৱাই। বোকাজান ক্ৰিকেট ক্লাব আৰু নিকিনিখোৱা ক্ৰিকেট ক্লাবৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন খেলৰ পিছতে মাজুলীৰ বিভিন্ন ঠাইৰ কেইবাটাও ক্ৰিকেট ক্লাবে যোগদান কৰে । ১৫ এপ্ৰিলৰ পৰা ১৮ এপ্ৰিললৈকে অনুষ্ঠিত হ’বলগীয়া খেলকখনিৰ মুঠ প্ৰাইজমানি ১০,০০০ টকা নিৰ্ধাৰণ কৰা হৈছে । প্ৰতিযোগিাখনৰ সফল সামৰণিৰ হেতু মিলিজুলি ক্ৰিকেট ক্লাবৰ সভাপতি আৰু সম্পাদকদ্বয়ে ক্ৰিয়াপ্ৰেমী আৰু অঞ্চলাবাসী ৰাইজৰ সহযোগিতা কামনা কৰিছে ।

নলবাৰীক নতুনকৈ গঢ়াত বিশেষ অৱদান আগবঢ়াই গলগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন ।

নলবাৰীত শেষ শয়নত ডা: ভূমিধৰ বৰ্মন

নলবাৰীক নতুনকৈ গঢ়াত বিশেষ অৱদান আগবঢ়াই গলগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন । আজি ডাঃ ভূমিধৰ বৰ্মনৰ নশ্বৰ দেহ গুৱাহাটীৰ পৰা নলবাৰীলৈ অনাৰ লগে লগেই শোকাভূত হৈ পৰে নলবাৰীৰ ৰাইজ । গুৱাহাটীৰ পৰা অহাৰ পথত ৰঙীয়া আৰু উদিয়ানাত ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পিছত নলবাৰীৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ কাষত থকা ফাৰ্ম হাউচ তথা নতুনকৈ নিৰ্মাণ কৰা বাসগৃহত ক্ষন্তেক সময় ৰখোৱাৰ পিছত নিজে গঢ়া নলবাৰী জিলা উপযুক্ত কাৰ্যালয়ত এইদৰে প্ৰশাসনৰ তৰফৰ পৰা শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয় । ১৯৮৫ চনৰ ১৪ আগষ্ট তাৰিখে ভূমিধৰ বৰ্মনে নিজে মুকলি কৰিছিল এইটো নলবাৰীৰ উপায়ুক্তৰ কাৰ্যালয় । আৰু আজি উপায়ুক্ত পুৰবী কোঁৱৰে এইদৰে ভূমিধৰ বৰ্মনৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা নিবেদন কৰে । উপায়ুক্তৰ কাৰ্যালয়তে বিভিন্ন জনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত বৰেণ্য ৰাজনীতিবিদ প্ৰাক্তন মন্ত্ৰী গৰাকীৰ মৃতদেহত নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয় । একেদৰে নলবাৰী জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীব ভৱনত কংগ্ৰেছ কৰ্মী সকলে শেষ শ্ৰদ্ধা নিবেদন কৰে । ইয়াৰ পিছতেই নলবাৰীৰ বৰক্ষেত্ৰীৰ কাপলাবড়ীৰ বাসগৃহত ভূমিধৰ বৰ্মনৰ নশ্বৰ দেহ কিছু সময় ৰখাৰ পিছত নিজ জন্ম গাও বেলশৰলৈ অনা হয় ।

বশিষ্ঠ থানা এলেকাত পাহাৰত আবকাৰী বিভাগৰ অভিযান, ২১ টা চুলাইৰ ভাটি ধ্বংস

অসম বিধানসভাৰ আগন্তক নিৰ্বাচনত  প্ৰতিদ্বন্দীতা কৰা কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে সুৰা যোগান ধৰি ভোটাৰক যাতে প্ৰভাৱিত কৰিব নোৱাৰে তাৰ বাবে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে ৰাজ্য চৰকাৰলৈ  নিৰ্দেশনা জাৰি কৰিছে । সেই নিৰ্দেশনাৰ আধাৰত আবকাৰী বিভাগে ইতিমধ্যে ৰাজ্যজুৰি দেশী বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে বিশেষ অভিযান চলাই আহিছে । ২৮ মাৰ্চৰ  পুৱা আবকাৰী বিভাগৰ  কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ আবকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নেতৃত্বত বশিষ্ঠ থানাৰ আৰক্ষীৰ  সহযোগত থানা এলেকাৰ  কাৰ্গিল আৰু  সোণাইঘুলিত চুলাই মদৰ ভাটিত এক বৃহৎ অভিযান চলোৱা হয় । অভিযানত চুলাই মদ প্ৰস্তুত কৰা  ২১ টা বৃহৎ ভাটী ধ্বংস কৰা হয় । অৱশ্যে অভিযানৰ উমান পায়ে চুলাই মদ প্ৰস্তুত কৰা কাৰ্যৰ লগত জড়িত দুষ্কৃতিকাৰী সকল পলাই যাবলৈ সক্ষম হয় । অভিযানকাৰী দলটোৱে ভাটী সমূহৰ পৰা চুলাই প্ৰস্তুত কাৰ্যত ব্যবহাৰ হোৱা প্ৰায় ১৮,৪০০ হাজাৰ লিটাৰ পাছ , ৫৫ টা ড্ৰাম আৰু ৩৮  টা  বিভিন্ন প্ৰকাৰৰ সা-সঁজুলি আৰু  প্ৰায় ৬১০ লিটাৰ চুলাই জব্দ কৰি নষ্ট কৰিবলৈ সক্ষম হয় ।

ডিমৌত আটছা’ৰ অনুষ্ঠিত মাৰথান দৌৰ প্ৰতিযোগি সম্পন্ন

অসম চাহ জনজাতি ছাত্ৰ সন্হা (আটছা )কেন্দ্রীয় সমিতিৰ নিৰ্দেশমৰ্মে  আটছা আঠাবাৰী উপ-শাখাৰ উদ্যোগত অলপতে অনুষ্ঠিত হৈ যায় এক মাৰথান দৌৰ প্ৰতিযোগিতা। ইয়াৰ কলিয়াপানী চাহ বাগিচাৰ ৰাজহুৱা খেল পথাৰৰ পৰা আৰম্ভ কৰা মাৰথান দৌৰ আঠাবাৰী চেতিয়া গাওঁৰ তিনি আলিয়েদি পুনৰ কলিয়াপানী খেলপথাৰলৈকে ৭ কিলোমিটাৰ মাৰাথান দৌৰ প্ৰতিযোগিতাৰ অনুষ্ঠিত হয় । উক্ত প্ৰতিযোগিতাত অঞ্চলটোৰ লগতে জিলাখনৰ ভালেসংখ্যক প্ৰতিযোগিয়ে ভাগ লয়। প্ৰতিযোগিতাৰ ‘ক’ শাখাত প্ৰথম স্হান অধিকাৰ কৰে  দিৰৈ চাহ বাগিচাৰ অৰুপ পাণ্ডৱ,দিত্বীয় স্হান অধিকাৰ কৰে কলিয়াপানী চাহ বাগিচা মুকুল গঞ্জু,আৰু তৃতীয় স্থান অধিকাৰ কৰে দিৰৈ চাহ বাগিচা বিশ্বজিৎ ৰাজবংশীয়ে। প্ৰতিযোগিতাৰ “খ” শাখাত প্ৰথম স্হান অধিকাৰ কৰে কলিয়াপানীৰ চিদু চাওৰা ,দিত্বীয় স্হান অধিকাৰ কৰে দিঘলিবাম অখিল দাস আৰু তৃতীয় স্হান অধিকাৰ কৰে দিঘলিবামৰ বিবেক দাসে। উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতি গৰাকী প্ৰতিযোগিলৈ আটছা ডিমৌ শাখাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰা হয়।

‘কা’ আইন জাপি দি খিলঞ্জীয়াৰ অস্তিত্ব সংকট নমাই আনিছে বিজেপিয়ে : বিপিএফ প্ৰাৰ্থী হিতেশ বসুমতাৰী

‘কা’ৰ নিচিনা ভয়ংকৰ আইন জাপি দি খিলঞ্জীয়াৰ অস্তিত্বৰ সংকট নমাই আনিছে বিজেপিয়ে। গতিকে বিজেপিৰ বিৰুদ্ধে ৰাইজে এইবাৰ মাৰবান্ধি থিয় হোৱাৰ বাবে একত্ৰিত হৈছে। আজি বাক্সা জিলাৰ সদৰ মুছলপুৰত বিপিএফৰ উদ্যোগত উলিওৱা এক মহিলা পদযাত্ৰাত অংশগ্ৰহণ কৰি ৬৩ নং চাপাগুৰি সমষ্টিৰ দলীয় প্ৰাৰ্থী হিতেশ বসুমতাৰীয়ে এইদৰে কয়। তেখেতে কয় যে, কংগ্ৰেছ, বিপিএফ, এআইইউডিএফ, চিপিআই, চিপিআই(এম এল), চিপিআই(এম)ৰ মহাজোঁটে ঐক্যবদ্ধ হোৱাৰ বাবে আমি এইবাৰৰ বিধানসভা নিৰ্বাচনত বিজয় সাব্যস্ত কৰিব পাৰিম। ইতিমধ্যে চাপাগুৰি সমষ্টিটোৰ সকলো ধৰ্মালম্বী লোকে নিজকে বিজেপিৰ দৰে অপশক্তিৰ পৰা ৰক্ষা পৰাৰ বাবে একত্ৰিত হৈছে। সেয়েহে সমষ্টিটোৰ ভোটাৰ ৰাইজে একত্ৰিত হৈ  বিপিএফ দলক ভোট প্ৰদান কৰাৰ বাবে সাজু হোৱা বুলি মন্তব্য কৰে। সমষ্টিটোৰ ভোটাৰ ৰাইজক এইবাৰৰ নিৰ্বাচনত শান্তি-সম্প্ৰীতি অক্ষু্ণ্ণ ৰক্ষাৰ স্বাৰ্থত বিপিএফক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়। আজি এই মহিলা পদযাত্ৰাত প্ৰায় তিনি শতাধিক মহিলাই পদযাত্ৰা কৰি সমষ্টিটোৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰে ৷