Home Blog Page 3079

হিন্দু ব্যক্তিৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিলে দুই মুছলমান ভাতৃয়ে

মানৱতা!

তেলেংগানাত কোৰোণা ভাইৰাছৰ ফলত মৃত্যু হোৱা এজন হিন্দু ব্যক্তিৰ মৃতদেহৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি এই দুগৰাকী ভাতৃয়ে দেখুৱালে মানৱতা।

ৰাজ্যখনৰ পেড্ডা কোডাপগ্গল মণ্ডলৰ কেটপাল্লি গাঁৱৰ ঘটনা এয়া। আত্মীয় তথা পৰিয়ালৰ লোকে অন্তিম সংস্কাৰ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰা এগৰাকী হিন্দু কোভিড–১৯ ৰোগীৰ মৃতদেহ সৎকাৰ কৰি দুই মুছলমান ভাতৃয়ে উভালি পেলালে একাংশই ৰোপণ কৰা সাম্প্ৰদায়িকতাৰ বীজ৷

জানিব পৰা মতে, মৃত মঘুলিয়া নামৰ লোকজন কিছুদিন পূৰ্বে অসুস্থ হৈ পৰিছিল আৰু তেওঁৰ কোভিড–১৯ পৰীক্ষাৰ ফলাফল পজিটিভ আহিছিল। ৰোগ নিৰ্ণয়ৰ পিছত, তেওঁক চিকিৎসাৰ বাবে ভাঞ্চুভাদাৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল। তেওঁৰ মৃত্যুৰ পিছত, মঘুলীয়াৰ পৰিয়ালৰ সদস্যসকলে তেওঁৰ শৰীৰৰ সংস্পৰ্শলৈ আহিবলৈ বা সৎকাৰ কৰিবলৈ অস্বীকাৰ কৰিছিল৷ কিয়নো পৰিয়ালৰ লোকসকলে কোভিডত আক্ৰান্ত হোৱাক লৈ শংকিত হৈ পৰিছিল।

সেই সময়তে শ্বফি আৰু আলী নামৰ দুগৰাকী ভাতৃয়ে মৃতকৰ অন্তিম সৎকাৰ কৰিবলৈ আগবাঢ়ি আহিছিল। মঘুলীয়াৰ সৈতে কোনো তেজৰ সম্পৰ্ক নথকা সত্ত্বেও দুই ভাতৃয়ে এম্বুলেন্সত মৃতদেহ কঢ়িয়াই তেওঁলোকৰ নিজৰ চিকিৎসালয়ৰ ভাঞ্চুভাদাৰৰ নিকটতম হিন্দু শ্মশানলৈ লৈ গৈছিল আৰু হিন্দু ৰীতি-নীতি অনুসৰিয়েই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিছিল।

মুছলমান ভাতৃদ্বয়ৰ এই মানৱীয় কাৰ্যক সাম্প্ৰদায়িকতাৰে বিৰুদ্ধে জয় হিচাপে গণ্য কৰা হৈছে, য’ত বহুতো স্থানীয় লোকে আচৰিত আৰু আনন্দ প্ৰকাশ কৰাৰ লগতে দুয়োগৰাকী ভাতৃৰ নিস্বাৰ্থ ভংগীক প্ৰশংসা কৰিছে।

কোভিডত আক্ৰান্ত হৈ হায়দৰাবাদৰ চিকিৎসালয়ত মৃত্যুক সাবটিলে তিনি সন্তানৰ মাতৃ নগাঁৱৰ দিপ্তী হাজৰিকাই

কোভিডত আক্ৰান্ত হৈ দিপ্তী হাজৰিকাই মৃত্যুক সাবটিলে

দক্ষিণ ভাৰতৰ তেলেংগানাত বাস কৰা দিপ্তী হাজৰিকা(৪১) নামৰ এগৰাকী মহিলাই হায়দৰাবাদৰ এখন চিকিৎসায়ত কোভিড–১৯ত আক্ৰান্ত হৈ মৃত্যুক সাবটি লয়। নগাঁৱৰ ৰণথলীৰ ধৰ্মেন্দ্ৰ হাজৰিকাৰ পত্নী তথা দুটি কন্যা সন্তান আৰু এটি পুত্ৰ সন্তানৰ মাতৃ দিপ্তী ৪ দিন ধৰি কোভিড–১৯ত  আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।

জানিবপৰা মতে, বিগত বহুবছৰ ধৰি ধৰ্মেন্দ্ৰ হাজৰিকাই পত্নী দিপ্তী আৰু তিনি সন্তানৰ সৈতে তেলেংগানাত বাস কৰিছিল। আজিৰ পৰা ৫দিন পূৰ্বে ধৰ্মেন্দ্ৰ হাজৰিকাৰ পৰিয়ালটো জ্বৰ-কাঁহত ভুগি আছিল। তেলেংগানা স্বাস্থ্য বিভাগে ৰেপিড এণ্টিজেন টেষ্টৰ জৰিয়তে ধৰ্মেন্দ্ৰ আৰু দিপ্তীৰ দেহত কোভিড–১৯ৰ সংক্ৰমণ ধৰা পেলায়। দুয়োৰে স্বাস্থ্যৰ অৱস্থা সুস্থিৰ হোৱাত চিকিৎসকে তেওঁলোকক হোম আইছ’লেচনত থকাৰ পৰামৰ্শ দিয়ে। কিন্তু শনিবাৰৰ দিনা দেওবাৰে বিয়লি দিপ্তীৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ বেয়ালৈ ঢাল খোৱাত তেওঁক হায়দৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয়। অৱশেষত মঙলবাৰে নিশা চিকিৎসালয় কৰ্তৃপক্ষই দিপ্তী আৰু ইহসংসাৰত নাই বুলি পৰিয়ালক ফোনযোগে অৱগত কৰে।

ইপিনে দিপ্তীৰ স্বামী আৰু তিনি সন্তান কোৱাৰেণ্টাইন হৈ থকাৰ বাবে মাতৃক অন্তিম মুহুৰ্ততে চোৱাৰ সুযোগ নাপালে। পৰিয়ালৰ অনুপস্থিতিতেই দিপ্তীৰ অন্তিম সৎকাৰ কৰে তেলেংগানা প্ৰশাসনে। আজি পুৱা এই খবৰ লাভ কৰাৰ লগে লগে শোকত ভাগি পৰে নগাঁৱৰ ৰণথলীৰ ৰাইজ। উল্লেখযোগ্য যে, দিপ্তী তেলেংগানাৰ এখন বিউটি পাৰ্লাৰত কৰ্মৰত হৈ আছিল।

ভিতালী দাসৰ স্বাস্থ্য সম্পৰ্কত জিএমচিৰ অধীক্ষক ডা:অভিজিৎ শৰ্মাৰ ভাষ্য।

সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে সকলোৰে মৰমৰ ভিতালী দাস।

Serum-এ নিৰ্ধাৰণ কৰিলে কোৰোণা ভেকচিনৰ মূল্য, ৰাজ্য চৰকাৰৰ লগতে ব্যক্তিখণ্ডৰ হাস্পতালৰ বাবে দাম কিমান হ’ব ?

Serum-এ নিৰ্ধাৰণ কৰিলে কোৰোণা ভেকচিনৰ মূল্য

ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ কাৰণে ভেকচিনৰ মূল্য নিৰ্ধাৰণ কৰিলে Serum Institute-এ ।  এতিয়াৰ পৰা Serum Instituteৰ Covishield ভেকচিন ৰাজ্য চৰকাৰৰ কাৰণে উপলব্ধ হ’ব ৪০০টকাত (INR 400)ত। ৰাজ্য চৰকাৰ সমূহে এপালি ভেকচিন ৪০০টকাত ক্ৰয় কৰিব লাগিব । আনহাতে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে এই ভেকচিন ক্ৰয় কৰিব পাৰিব ৬০০টকাত (INR 600) ।

নতুন নিয়ম অনুসৰি, ভেকচিন উৎপাদন কৰা প্ৰতিষ্ঠান সমূহে ৫০শতাংশ ভেকচিন কেন্দ্ৰীয় চৰকাৰক যোগান ধৰিব লাগিব । কেন্দ্ৰীয় চৰকাৰৰ ৪৫বছৰৰ উৰ্ধ্বৰ লোকক বিনামূলীয়া ভেকচিন প্রদান আঁচনি ৰূপায়ন উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । বাকী ৫০শতাংশ তেওঁলোকে পূৰ্বে নিৰ্ধাৰিত মূল্যত প্ৰত্যক্ষভাবে ৰাজ্য চৰকাৰ সমূহক আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহক বিক্ৰী কৰিব পাৰিব ।

আজি প্ৰকাশ কৰা এখন প্ৰেছ বিজ্ঞপ্তিত এই কথা জনাই ভেকচিন নিৰ্মাণ কোম্পানী Serum Institute India-ই। বিদেশী ভেকচিনৰ মূল্যতকৈ Serumৰ ভেকচিনৰ মূল্য কম বুলিও দাবী কৰে প্ৰতিষ্ঠানটোৱে ।  ৪-৫ মাহৰ পিছত ভেকচিন খুচুৰা বজাৰত উপলব্ধ হ’ব বুলিও জানিবলৈ দিছে SIIএ ।

লাকুৱা তৈলক্ষেত্ৰৰ পৰা ONGCৰ ৩ বিষয়া-কৰ্মচাৰীক অপহৰণ : আলফা স্বাধীনে অপহৰণ কৰাৰ সন্দেহ

নাজিৰা অ’ এন জি চি (অসম সম্পদ)ৰ মুখ্য কাৰ্যালয়ৰ অধীনস্ত তৈলক্ষেত্ৰৰ পৰা নিশা ONGCৰ ৩ বিষয়া-কৰ্মচাৰীক অপহৰণ । চৰাইদেউ জিলা অন্তৰ্গত লাকুৱা তৈলক্ষেত্ৰত নিশা কৰ্মৰত অৱস্থাত থকা নিগমৰ ৩ বিষয়া-কৰ্মচাৰী ক্ৰমে অলকেশ শইকীয়া, ৰিতুল শইকীয়া আৰু মোহিনী মোহন গগৈ’ক আলফা স্বাধীনে অপহৰণ কৰাৰ সন্দেহ কৰা হৈছে । জানিব পৰা মতে মাজনিশা ONGCৰ এম্বুলেঞ্চত অহা ৫/৬ জনীয়া অস্ত্ৰধাৰী দলে পুৱতি নিশা ৩ বিষয়াক অপহৰণ কৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ লৈ যোৱাৰ সন্দেহ কৰা হৈছে । আনহাতে ONGCৰ ৩ বিষয়া-কৰ্মচাৰীৰ মোহিনী মোহন গগৈ’ৰ ঘৰ শিৱসাগৰ জিলা ডিমৌৰ নিতাইপুখুৰী, ৰিতুল শইকীয়া’ৰ ঘৰ গোলাঘাট আৰু অলকেশ শইকীয়া’ৰ ঘৰ যোৰহাটত বুলি জানিব পৰা গৈছে । তদুপৰি ঘটনা সন্দৰ্ভত আলফা স্বাধীনে বৰ্তমানেও কোনো তথ্য সদৰী কৰা নাই ।

ঢকুৱাখনা আৰক্ষীৰ অভিযান ।বালিগাঁৱৰ পৰা গাঞ্জা সহ এজনক আটক।

বালিগাঁৱৰ পৰা গাঞ্জা সহ এজনক আটক

ঢকুৱাখনা মহকুমাত শেহতীয়াকৈ নিচাযুক্ত দ্ৰব্য ড্ৰাগছ আৰু গাঞ্জাৰ এক ৰমৰমীয়া ব্যৱসায় গঢ়ি উঠিছে।এই দুই নিচাযুক্ত দ্ৰব্যৰ কবলত পৰি ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তৰ একাংশ যুৱক-যুৱতীৰ ভৱিষ্যৎ ধ্বংস হৈছে।ইয়াৰ মাজতে আজি ঢকুৱাখনা আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ গাঞ্জাৰ সৈতে এজন গাঞ্জা ব্যৱসায়ী আটক হয়। ঢকুৱাখনা থানাৰ আৰক্ষী চক্ৰ পৰিদৰ্শক-ৰাজীৱ বৰুৱাৰ নেতৃত্বত আজি বিয়লি প্ৰায় ৪ বজাত এক গোপন সূত্ৰৰ পম খেদি ঢকুৱাখনা আৰক্ষীৰ এটি দলে অভিযান চলাই ঢকুৱাখনা থানাৰ চৌহদৰ পিছফালেই থকা বালিগাঁৱৰ সৰ্বানন্দ ওজা’ নামৰ এজন গাঞ্জা ব্যৱসায়িক গাঞ্জা বিক্ৰী কৰি থকা অৱস্থাতে হাতে লোতে বুজন পৰিমানৰ গাঞ্জাৰ সৈতে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে সৰ্বানন্দ ওজাই বহুদিনৰ পৰা ঢকুৱাখনাত আৰক্ষীৰ চকুত ধূলি দি গাঞ্জাৰ ব্যৱসায় চলাই আহিছিল যদিও আজি আৰক্ষীৰ ফান্দত পৰে। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি জব্দকৃত গাঞ্জা খিনিৰ বজাৰ আনুমানিক-১৪/১৫ হাজাৰ টকা হ’ব।ইতিমধ্যে ঢকুৱাখনা আৰক্ষীয়ে সৰ্বানন্দ ওজাৰ বিৰুদ্ধে এন,ডি,পি,এছ আইনৰ -২০ বি ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে।

প্ৰবীন ৰাজনীতিবিদ,জননেতা,প্ৰাক্তন মুখ্যমন্ত্ৰী ডা: ভূমিধৰ বৰ্মনক শেষ শ্ৰদ্ধা জ্ঞাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ডা: ভূমিধৰ বৰ্মনক শেষ শ্ৰদ্ধা জ্ঞাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

যোৱা ১৮ এপ্ৰিলত সন্ধিয়া গুৱাহাটীৰ দিছপুৰ হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে জননেতা,প্ৰাক্তন মুখ্যমন্ত্ৰী ডা:ভূমিধৰ বৰ্মনে ।যোৱাকালি তেওঁৰ নশ্বৰ দেহ গৃহ জিলা নলবাৰীলৈ অনা হয় । যোৱাকালি নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত থকা বাসগৃহত লৈ গৈ শেষ শ্ৰদ্ধা জনোৱাৰ পিছত নলবাৰী উপায়ুক্ত কাৰ্যালয়লৈ অনা হয় আৰু তাত উপায়ুক্ত পূৰৱী কোৱঁৰে ডা: ভূমিধৰ বৰ্মনৰ নশ্বৰদেহক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তাৰ পিছত প্ৰয়াত জননেতা গৰাকীৰ নশ্বৰ দেহ তেওঁৰ কাপলাবড়িত থকা ঘৰলৈ নিয়া হয় । আজি ৰাতিপুৱা প্ৰয়াত ডা:ভূমিধৰ বৰ্মনৰ নশ্বৰ দেহ বিল্বেশ্বৰ দেৱালয়লৈ অনাৰ পিছত বেলশৰত থকা ভকতৰাম পুখুৰী পাৰ উদ্যানলৈ লৈ যোৱা হয় অন্ত্যেষ্টিক্ৰিয়াৰ বাবে । অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে শেষ শ্ৰদ্ধা জনোৱাৰ বাবে ভকতৰাম পুখুৰী পাৰত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰয়াত ডা: ভূমিধৰ বৰ্মনক শেষ শ্ৰদ্ধা জনোৱাৰ পিছতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস,প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা , বিৰোধী দলপতি দেবব্ৰত শইকীয়া,প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন,বিধায়ক নাৰায়ন ডেকা, প্ৰশান্ত ফুকন,কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক প্ৰদ্যুত ভূঞাঁ,মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টে শান্তনু ভঁৰালী,জিলা উপায়ুক্ত পূৰৱী কোৱঁৰ,আৰক্ষী অধীক্ষক অমনজিত কৌৰকে ধৰি কেবাগৰাকী চৰকাৰী বিষয়া আৰু দলীয় নেতা সহ বিশিষ্ট ব্যক্তিসকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পিছতে অসম আৰক্ষীৰ তৰফৰ পৰা তিনিজাঁই গুলী ফুটাই প্ৰয়াত ডা:ভূমিধৰ বৰ্মনৰ প্ৰতি শেষ অভিবাদন জনায় আৰু তাৰ পিছতে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । প্ৰয়াত ডা: ভূমিধৰ বৰ্মনৰ মুখাগ্নী কৰে পুত্ৰ দিগন্ত বৰ্মনে । প্ৰবীন ৰাজনীতিবিদ, গৰীৱৰ বন্ধু, জননেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ডা:ভূমিধৰ বৰ্মনৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত হেজাৰ হেজাৰ গুণমুগ্ধ উপস্থিত থাকে ।

জামুগুৰিহাটত কৰ’ণাত আক্ৰান্তৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি

জামুগুৰিহাটত কৰ'ণাত আক্ৰান্তৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি।

মহামাৰী কৰ’ণাৰ দ্বিতীয়টো ঢৌয়ে জোকাৰি গৈছে জামুগুৰিহাটো।দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা। জামুগুৰি পৰিপূৰক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ এলেকাত এতিয়ালৈকে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি হৈছে। ইয়াৰ ভিতৰত অঞ্চলটোৰ ডেকাসুন্দৰ গাঁওত ৯জন, শান্তিপুৰত তিনি জন আক্ৰান্ত হোৱাৰ বিপৰীতে দীপাটোলাত এজনৰ দেহত ধৰা পৰিছে কভি’ড- ১৯ ৰ উপস্থিতি।জামুগুৰিহাটত আক্ৰান্ত সকলৰ ভিতৰত এজনক তেজপুৰ ডেকাৰ গাঁওত থকা কভি’ড কেয়াৰ চেন্টাৰলৈ প্ৰেৰণ কৰা হয় যদিও বাকী সকলক হ’ম আইচলেচনৰ ব্যৱস্থা কৰা হৈছে বুলি জামুগুৰি পৰিপূৰক স্বাস্থ্য কেন্দ্ৰ চিকিংসক ডা: হৰেণ শইকীয়াই জানিবলৈ দিছে। ইফালে ভয়াবহ কৰ’ণাৰ দ্বিতীয়টো লহৰত জামুগুৰিহাটো ইতিমধ্যে আক্ৰান্তৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে যদিও জামুগুৰিহাট,কুসুমটোলাকে ধৰি সকলোবোৰ সৰু বৰ ব্যৱসায়িক কেন্দ্ৰস্হলত উপস্থিত হোৱা লোক সকলৰ অধিকাংশই মাক্স পৰিধান  নকৰা বিষয়টোৱে সচেতন ৰাইজৰ চিন্তিত কৰি তুলিছে। এই ক্ষেত্ৰত জামুগুৰিহাটো প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি ৰাইজে আশাৰে বাট চাইছে।

মাজুলী জিলা কবি সন্মিলনৰ অধিৱেশন সম্পন্ন

উজ্জ্বল পাওগাম পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি আদৰণি ভাষণ প্ৰদান কৰে

মাজুলী জিলা কবি সন্মিলনৰ ২০১৮-২০২১ বৰ্ষৰ অধিৱেশন আজি সম্পন্ন হয়। সেই মৰ্মে আজি বিয়লি ১ বজাৰ পৰা মাজুলী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মাজুলী জিলা কবি সন্মিলনৰ সভাপতি ডঃ দেৱজিৎ শইকীয়াৰ সভাপতিত্বত এখনি সাধাৰণ সভা অনুষ্ঠিত হয়। জিলা কবি সন্মিলনৰ সম্পাদক জয়ন্ত হাজৰিকাই উদ্দেশ্যে ব্যাখ্যা কৰা সভাখনত সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাওগাম পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি আদৰণি ভাষণ প্ৰদান কৰে। ইয়াৰ পিছত পুৰণা সমিতিয়ে পদত্যাগ কৰাৰ পিছত ২০২১-২০২৩ বৰ্ষৰ বাবে নতুন সমিতি গঠন কৰা হয়। নতুন সমিতিখনত অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা সাহিত্যিক ৰামসাগৰ নাথক সভাপতি, ইন্দুলেখা হাজৰিকা আৰু সুৰেন বৰাক উপ-সভাপতি, যুৱ কবি, সাংবাদিক পাপু বৰাক সম্পাদক, শ্যামন্ত পায়েং আৰু পম্পী হাজৰিকাক সহকাৰী সম্পাদক, উপেন চিন্তেক সাংগঠনিক সম্পাদক,  কেশৱ কাকতিক প্ৰচাৰ সম্পাদক, লক্ষীপ্ৰসাদ ৰেগনক কোষাধ্যক্ষ, কৃষ্ণা মেধিক পত্ৰিকা সম্পাদক আৰু প্ৰবিত্ৰ হাজৰিকা, শংকৰ ৰেগন, ত্ৰিবেণী পায়েং, ৰোহিত কলিতাকে আদি কৰি সমগ্ৰ মাজুলীক সামৰি ১৫ জনীয়া এখন শক্তিশালী সমিতি গঠন কৰা হয়। উল্লেখযোগ্য যে, সমিতিখনৰ কেইবাটাও বিষয়-বাব নতুন সমিতিত পৰৱৰ্তী কাৰ্যনিৰ্বাহক সভাত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।