পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামস্থিত ৱাইচং ষ্টেডিয়ামত দেওবাৰে অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে ড° বানীকান্ত কাকতি সোঁৱৰনী মেধা বঁটা প্ৰদান কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ পাৰ্বত্য জিলাখনৰ ৪৭ গৰাকী মেধাবী ছাত্ৰীয়ে বিগত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বাবে আজি অসম চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি ষ্টুটি প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, ডিফু লোকসভা সমষ্টিৰ সাংসদ হৰেণছিং বে’, বৈঠালাংছ’ বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে ৷ পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্তৰ তত্বাৱধানত আয়োজন কৰা অনুষ্ঠানটিত সৰ্বশিক্ষাৰ জিলা মিছন সমন্বয়ক হাকিম ৰংপিয়ে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটি সাংঘাতিকভাৱে ভূলকৈ পৰিবেশন কৰি হাঁহিয়তাৰ পাত্ৰ হৈ পৰে ৷ উল্লেখযোগ্য যে এগৰাকী শিক্ষা বিষয়াই যদি সাধাৰণ ৰাষ্ট্ৰীয় সংগীতটিও শুদ্ধকৈ পৰিবেশন কৰিব নোৱাৰে তেন্তে কেনেদৰে এখন জিলাৰ সৰ্বশিক্ষাৰ দায়িত্ব লাভ কৰিছে বা তেওঁলোকৰ পৰা জিলাখনৰ শিক্ষাখণ্ডত কিবা উন্নতি হ’বনে বুলি তীব্ৰ সমালোচনা কৰে সচেতন মহলে ৷ কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত থকা সভাখনিত ভূলকৈ ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা এগৰাকী উচ্চ পৰ্যায়ৰ শিক্ষা বিষয়াৰ বিৰুদ্ধে এইক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া পৰবৰ্তী সময়ত লক্ষনীয় হ’ব ৷
বৰপেটাত শক্তি প্ৰদৰ্শণৰ যৎপৰোনাস্তি প্ৰচেষ্টা অগপৰ
নিৰ্বাচনৰ দিন কাষ চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলে বিশেষ তৎপৰতা দেখুওৱা পৰিলক্ষিত হৈছে । অন্যান্য দলৰ দৰে বৰপেটাতো অগপই নিজৰ শক্তি প্ৰদৰ্শণৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে । ভোটাৰ ৰাইজক আকৃষ্ট কৰি বিপৰীত পক্ষক ভেটিবলৈ অগপই কঁকালত বান্ধিছে টঙালি । কাইলৈ দিনৰ ১১ বজাত বৰপেটা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অসম গণ পৰিষদে ” জাতীয় ঐক্য সমাৰোহ ” নামেৰে এক বিশাল সমাৰোহৰ আয়োজন কৰা হৈছে। অগপৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু বৰপেটা বিধানসভা সমষ্টি সমিতিৰ সহযোগত অনুষ্ঠিত হব লগা এই সমাৰোহত অগপৰ কেন্দ্ৰীয় সভাপতি তথা অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা জল সম্পদ আৰু বিজ্ঞান আৰু তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, যোগান মন্ত্ৰী ফণীভূষণ দাসৰ লগতে দলটোৰ কেইবাগৰাকী জ্যোষ্ঠ নেতাই অংশগ্ৰহন কৰিব। উক্ত নেতৃবৃন্দক বৰপেটাৰ ভেল্লাৰ পৰা ৫০০ শ বাইকেৰে আদৰি আনিব বুলি জানিব পৰা গৈছে। উক্ত সমাৰোহৰ পিছতে বৰপেটা জিলাৰ জনিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কাদং বজাৰত উপস্থিত হব মন্ত্ৰী কেশৱ মহন্তই । তাত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে ৰাজ্য চৰকাৰৰ স্বঅগ্ৰাধিকাৰ প্ৰাপ্ত আঁচনিৰ বানপানীত হোৱা ক্ষয়ক্ষতি মেৰামতি শিতানৰ ১৬.৩১ কোটি টকা ব্যয় সাপেক্ষ এখন আঁচনিৰ কামৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব । এই আঁচনিখনৰ জৰিয়তে মৰাচাউলখোৱা নদীৰ ৫.৬০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি মেৰামতিৰ কৰা কামৰ আধাৰশিলা স্থাপন কৰিব তেওঁ । ইয়াৰ সৈতে সংগতি ৰাখি আবেলি ৩ বজাত উক্ত স্থানতে এখন ৰাজহুৱা সভাও অনুষ্ঠিত হব।
আন্তঃজিলা ভাৰোত্তোলনত দিখৌমুখ হেল্থ এণ্ড এথলেটিক্ছ ক্লাবৰ পাঁচটা সোণ
হেল্থ এণ্ড এথলেটিক্ছ ক্লাব, দিখৌমুখৰ চাৰিগৰাকী ভাৰোত্তোলকে হাফলঙত সদ্যসমাপ্ত ৪৮ সংখ্যক আন্তঃজিলা ভাৰোত্তোলনত ৫ টাকৈ সোণ আৰু এটা ব্ৰঞ্জৰ পদক লাভেৰে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ ক্লাবৰ তাৰকা উত্তোলক তথা আন্তৰাষ্ট্ৰীয় পদকজয়ী ভাৰোত্তোলক বৰ্ণালী বৰাই ছোৱালীৰ ছিনিয়ৰ আৰু জুনিয়ৰ দুয়োটা পৰ্যায়ত ৫৫ কিঃ গ্ৰাঃ ওজন শাখাত দুটাকৈ সোণৰ পদক জয় কৰাৰ লগতে ছিনিয় আৰু জুনিয়ৰ ছোৱালীৰ শ্ৰেষ্ঠ উত্তোলকৰ খিতাপ অৰ্জন কৰিছে ৷ সংগীতা সাধনীদাৰে যুৱ আৰু জুনিয়ৰত ৬৪ কিঃ গ্ৰাঃ ওজন শাখাত দুটাকৈ সোণৰ পদক জয় কৰিবলৈ সক্ষদ হয়৷ গৌৰাঙ্গ বৰাই লৰাৰ ছিনিয়ৰৰ ৯৬ কিঃ গ্ৰাঃ ওজন শাখাত সোণ আৰু মাৰ্টিনা মিলিয়ে যুৱৰ ৫৫ কিঃ গ্ৰাঃ শাখাত ব্ৰঞ্জ জয় কৰিবলৈ সক্ষম হয়৷ ছাৰিও গৰাকী উত্তোলকে শিৱসাগৰ জিলা দলক প্ৰতিনিধিত্ব কৰিছিল৷ উল্লেখ্য, ক্লাবৰ মুখ্য প্ৰশিক্ষক , শাৰিৰীক নিৰ্দেশক তথা আন্তৰাষ্ট্ৰীয় যোগ গুৰু শৰৎ মোহন নেওগৰ তত্ত্বাৱধানত ইতিমধ্যে ক্লাবৰ কেইবাগৰাকী উত্তোলকে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন কৰিছে ৷ ক্লাবৰ হৈ সভাপতি সত্যজিৎ শইকীয়া আৰু সাধাৰণ সম্পাদক মনোজ শইকীয়াই এই সাফল্যৰ বাবে আটাইকেইগৰাকী খেলুৱৈক অভিনন্দন জনাইছে৷ হেল্থ এণ্ড এথলেটিক্ছ ক্লাবৰ মুখ্য পৃষ্ঠপোষক, প্ৰাক্তন খেলুৱৈ তথা অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ সঞ্চালক ধৰ্মকান্ত মিলিৰ লগতে ক্লাবৰ পৃষ্ঠপোষক, প্ৰাক্তন খেলুৱৈ তথা ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ সহকাৰী সঞ্চালক সত্যব্ৰত গগৈয়ে খেলুৱৈকেইগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে৷ স্মৰ্ত্তব্য, ক্লাবটোৱে বিগত দুই দশকৰো অধিক কাল বৃহত্তৰ গ্ৰামাঞ্চলটোত লৌহ ক্ৰীড়াৰ প্ৰসাৰৰ লক্ষ্যৰে কাম কৰি আহিছে৷
সোণতলীত প্ৰাইজমানি ভলীবলত শ্ৰেষ্ঠ আৰাফা ৰয়েল একাডেমী
দক্ষিণ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণতলীত যোৱা ১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা দিবা নৈশ প্ৰাইজমানি ভলীবল প্ৰতিযোগীৰ চূড়ান্ত খেল যোৱা নিশা অনুষ্ঠিত হৈ যায় ৷ সোণতলীৰ পুৰাণগাঁও এথলেটিকছ ক্লাৱৰ উদ্যোগত আৰু আৰাফা ৰয়েল একাডেমীৰ সহযোগত একাডেমীৰ খেল পথাৰত অনুষ্ঠিত হোৱা প্ৰতিযোগীতাৰ চূড়ান্ত খেল আৰাফা ৰয়েল একাডেমী আৰু আৰিয়ানছ গ্ৰুপৰ মাজত অনুষ্ঠিত হয় ৷ প্ৰতিযোগীতাত আৰাফা ৰয়েল একাডেমীয়ে বিজয়ী হোৱাৰ বিপৰীতে প্ৰতিযোগীতাত ৰাণাৰ্চ আপ হয় আৰিয়ানছ গ্ৰুপ ৷ ভাৰতীয় ভলীবল দলৰ অধিনায়ক বিনোদ চৌধুৰীয়ে আৰাফা ৰয়েল একাডেমীৰ হৈ খেলি প্ৰতিযোগীতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ৷ প্ৰতিযোগীতাৰ চূড়ান্ত খেলৰ অন্তত আৰাফা ৰয়েল একাডেমীৰ খেল পথাৰতে মুকলি ও বঁটা বিতৰণী সভা অনুষ্ঠিত হয় ৷ পুৰাণগাঁও এথলেটিকছ ক্লাৱৰ সভাপতি নুৰ আলম খানৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা মুকলি ও বঁটা বিতৰণী সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ক্লাৱৰ সম্পাদক ৰহমত উল্লাহ ৷ উক্ত সভাতেই প্ৰতিযোগীতাৰ বিজয়ী আৰু ৰাণাৰ্চ আপ দলক নগদ ধন আৰু ট্ৰফী প্ৰদান কৰা হয় ৷ সভাত প্ৰাক্তন ডি এফ অ ভৱেশ দাসৰ লগতে স্থানীয় সহস্ৰাধিক ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে ৷
বিজুলীবন আৰক্ষী চকীত উদণ্ড যুৱকৰ প্ৰহাৰত দুগৰাকী কনিষ্ঠবল আহত
যোৱা ০৩ জানুৱাৰীৰ আবেলি তিনিচুকীয়া জিলাৰ পেঙেৰী থানাৰ অধীনস্থ তথা ফিল’বাৰীৰ বিজুলীবন আৰক্ষী চকীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাৰ বিৱৰণ অনুসৰি বিজুলীবন গাঁও পঞ্চায়তৰ অধীনৰ মইলাপুঙ গাঁৱৰ অনন্ত দাং (ঐৰাম) নামৰ লোকজনে নিচাসক্ত অৱস্থাত ব্যক্তিগত বাহনেৰে বিজুলীবন আৰক্ষী চকীৰ সন্মুখৰ ফিল’বাৰী পেঙেৰী ঘাইপথৰ কাষত স্থাপন কৰা আৰক্ষী চকীৰ সুৰক্ষাৰ বেৰিকেত ভাঙে আৰু আৰক্ষী চকী খনত কৰ্তব্যৰত দুগৰাকী আৰক্ষী জোৱানক প্ৰহাৰ কৰে। আৰক্ষীক শাৰীৰিক ভাৱে অপদস্থ কৰিয়েই ক্ষান্ত নাথাকি নিচাসক্ত উদণ্ড অনন্ত দাঙে অশ্লীল ভাষাৰে গালি বর্ষণ কৰাৰ উপৰিও কৰ্তব্যৰত আৰক্ষী জোৱান দুজনক প্ৰাণে মৰাৰ ভাবুকি প্ৰদানৰ অভিযোগ কৰিছে বিজুলীবন আৰক্ষী চকীৰ আৰক্ষীয়ে। চকীখনৰ ভাৰপ্ৰাপ্ত কৰ্মীয়ে এই সন্দৰ্ভত তৎক্ষনাত পেঙেৰী আৰক্ষী থানাৰ বিষয়া শ্ৰীকুমাৰ নেওগক ফোনযোগে অভিযোগ কৰাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে সমগ্ৰ ঘটনাৰাজী চৰজমিন তদন্ত আৰম্ভ কৰিছে । ইফালে , দীৰ্ঘদিনৰ পৰা অনন্ত দাঙে কানি , অৰুণাচলী মদ, চুলাই আদিৰ ব্যৱসায় চলাই থকাৰ অভিযোগ ব্যক্ত কৰিছে বিজুলীবন আৰক্ষীয়ে। আৰক্ষীৰ অভিযোগ অনুসৰি, অনন্ত দাং নামৰ উদণ্ড লোকজনে এ-এচ ২৩ এন ৫৭০৫ পঞ্জীয়ন নম্বৰৰ ব্যক্তিগত বাহনখনত অৰুণাচলৰ পৰা অবৈধভাৱে সুৰা কঢ়িয়াই আনিছিল। কৰ্তব্যৰত আৰক্ষীয়ে সেই বাহন খনত তালাচী চলাবলৈ বিচৰাত এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখযোগ্য যে, এই ঘটনা সংঘটিত কৰিয়েই অবৈধ মাদক দ্ৰৱ্য বেপাৰীটোৱে পলায়ন কৰে। আৰক্ষী সূত্ৰ অনুসৰি, এই ঘটনাত অশোক ডেকা আৰু উদিপ নাথ নামৰ দুজন আৰক্ষী জোৱান আহত হৈছে। ইতিমধ্যে আহত দুয়োগৰাকী আৰক্ষীক ফিল’বাৰী আদৰ্শ চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে। খবৰ অনুসৰি আহত দুয়ো আৰক্ষীয়ে ঘটনাৰ সংক্ৰান্তত পেঙেৰী থানাত দাখিল কৰা এজাহাৰ ভিত্তিত ১/২০২১ নং গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীয়ে অনন্ত দাঙৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও এই বাতৰি লিখাৰ সময়লৈকে কোনো সন্ধান পাবলৈ সক্ষম হোৱা নাই। আৰক্ষী আৰু অবৈধ মদ, কানীৰ ব্যৱসায়ীৰ মাজৰ মুুকলি সংঘাতৰ খবৰে সমগ্ৰ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
হাউলীৰ জয়পুৰত পুনৰ আৰম্ভ হৈছে অবৈধ শিল-বালিৰ মহল : দৈনিক হাজাৰ হাজাৰ টকাৰ ৰাজহৰ পৰা বঞ্চিত অসম চৰকাৰ
হাউলীৰ জয়পুৰত বেঁকী নদীক কেন্দ্ৰ কৰি পুনৰ অবৈধ শিল-বালিৰ মহল গঢ়ি উঠিছে । বৰপেটা ৰোড বনাঞ্চালৰ হাউলী আৰক্ষী থানাৰ অন্তৰ্গত হাউলীৰ ওচৰৰ জয়পুৰ বেঁকী নদীত একাংশ অসাধু ব্যৱসায়ীয়ে পুনৰ অবৈধ মহল গঢ়ি তুলি শিল-বালিৰ ৰমৰমীয়া ব্যৱসায় আৰম্ভ কৰা পৰলক্ষিত হৈছে । সম্প্ৰতি একাংশ লোকে অবৈধ ভাবে চৰকাৰক ৰাজহ ফাঁকি দি বনজ সম্পদৰ লুন্ঠন কাৰ্য অব্যাহত ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । বন বিভাগৰ কোনো ধৰণৰ অনুজ্ঞাপত্র নোলোৱাকৈ অবৈধ ব্যৱসায়ী সকলে একাংশ শ্ৰমিকৰ দ্বাৰা নদীৰ পৰা শিল-বালি সংগ্ৰহ কৰি আহিছে । শিল-বালি সমূহ ট্ৰাক, ট্ৰেক্টৰৰ জৰিয়তে হাউলী থানাৰ সন্মুখেৰে দৈনিক গঢ়ে ৬০ৰ পৰা এশখনকৈ গাড়ী জিলা খনৰ বিভিন্ন ঠাইত বিক্ৰী কৰি থকা হৈছে বুলি অভিযোগ উঠিছে । ইয়াৰ ফলত অসম চৰকাৰৰ বন বিভাগ লাখ লাখ টকাৰ ৰাজহৰ পৰা বঞ্চিত হব লগীয়া হৈছে । এনেদৰে বনজ সম্পদৰ লুন্ঠন কাৰ্যত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । এনে কাৰ্য অতি সোনকালে বন্ধ কৰিবলৈ বন মন্ত্রীৰ হস্থক্ষেপ দাবী কৰিছে স্থানীয় ৰাইজে ।
মুম্বাইৰ হোটেলৰ পৰা ড্ৰাগছ গোচৰত NCBএ আটক কৰে আন এগৰাকী অভিনেত্ৰীক
বলীউড আৰু ড্ৰাগছ এৰা নপৰাৰ দৰেই হৈ পৰিছে। এইবাৰ আকৌ এগৰাকী অভিনেত্ৰীক আটক কৰে NCBএ। মুম্বাইৰ হোটেলৰ পৰাই ড্ৰাগছ ব্যৱহাৰৰ সন্দেহত আটক অভিনেত্ৰী গৰাকী। নিয়া নাৰ্কোটিক্স কণ্ট্ৰ’ল ব্যুৰ’(NCB)ৰ জালত যেন এটাৰ পিছত এটাকৈ সকলো ড্ৰাগছ কেছ খোল খাব।
জানিব পৰা অনুসৰি মুম্বাইৰ মীৰা ৰ’ডৰ এখন হোটেলৰ পৰা এনচিবিয়ে দক্ষিণৰ এগৰাকী অভিনেত্ৰী গৰাকীক আটক কৰে। যি সময়ত হোটেল খনত উপস্থিত আছিল দুজন ড্ৰাগছ সৰবৰাহকাৰী। আৰু লগত আছিল ৪০০ গ্ৰাম ওজনৰ ৮ৰ পৰা ১০ লাখ টকাৰ মূল্যৰ ড্ৰাগছ।
অৱশ্যে অভিনেত্ৰী গৰাকীৰ পৰিচয় সন্দৰ্ভত কোনে ধৰণৰ তথ্য সদৰি কৰা নাই এনিবিয়ে। পিছি দুই ড্ৰাগছ সৰবৰাহকাৰীৰ পৰিচয় দিছে। তাৰে এজন হৈছে চান্দ মহম্মদ আৰু আনজন চৈয়দ।
ডিমৌৰ শিশু সকলৰ বাবে ঐতিহাসিক সমলেৰে ভৰপূৰ শিশু গৃহ স্হাপন কৰিলে এজন শিক্ষকে
ইংৰাজী নৱবৰ্ষই ডিমৌৰ শিশু সকলৰ বাবে কঢ়িয়াই আনিছে এটি সু-খবৰ । ডিমৌ ৰাজহ চক্রৰ অন্তৰ্গত তথা ডিমৌ সমীপৰ নিতাইপুখুৰী গড়ভগা গাঁৱৰ শিল্পী , কীৰ্তি শিক্ষক শিশুৰাম ভৰলুৱাই গাঁঠিৰ ধনেৰে নিজা প্ৰচেষ্টাত ঘৰতে জ্যোতিময় ৰংপুৰ নক্সালয়ৰ মুকলি কৰিছে । এই নক্সালয়ত ঐতিহাসিক কীৰ্তিচিহ্ন আৰু শিশুসকলৰ মানসিক বিকাশৰ বাবে বহু তথ্য সম্বলিত সমল থাকিব। উক্ত শিশু সংগ্ৰহালয়ত শিল্পী তথা কীৰ্তি শিক্ষক গৰাকীয়ে সন্নিৱিষ্ট কৰিছে ৰংঘৰ, বিষ্ণুদৌল,বৰটুপ,আদি বহু ঐতিহাসিক কীৰ্তিচিহ্নৰ উপৰি অসম সচিবালয়, শৰাই, জাপি, আৰু অন্যান্য বহু সমল সম্বলিত তথ্যৰে এই গৃহলৈ অহা শিশু সকলে জ্ঞান লাভ কৰিব পাৰিব । এই সন্দৰ্ভত শিল্পী শিশুৰাম ভৰলুৱাই জানিবলৈ দিছে যে, দিঘলীয়া লকডাউনত ঘৰতে থাকি জ্যোতিময় ৰংপুৰ নক্সালয়ৰ যোগেদি শিশু সকলৰ মানসিক বিকাশৰ লক্ষ্যৰে এই কৰ্মত নিয়োজিত হোৱাৰ কথা ব্যক্ত কৰিছে। যাৰ জড়িতে দুখিয়াশ্ৰেণীৰ শিশু সকলে বাহিৰলৈ নোযোৱাকে এই সমুহ উপৰত জ্ঞান লাভ কৰিবলৈ সক্ষম হব বুলি জনাইছে। এই নক্সালয়টো উদ্ধোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি দিনযোৰাকৈ এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠাত উপস্থিত শিশু সকলে গীত, নৃত্য, সংগীত পৰিবেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে।

বেংমৰা কাপ ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি
বেংমৰা ক্ৰীড়া মঞ্চৰ উদ্যোগত,সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ তত্বাৱধানত তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ সৌজন্যত বৰগুৰি আঞ্চলিক ক্ৰীড়া সন্থা আৰু লেজাইহোলা জানমুখ যুৱ সংঘৰ সহযোগত ২৬ ডিচেম্বৰ পৰা অনুষ্ঠিত বেংমৰা কাপ ২০২০ ফুটবল প্ৰতিযোগিতা খনিৰ ৩ জানুৱাৰীত সফল সামৰণি পৰে।
চূড়ান্ত প্ৰতিযোগিতা খনিৰ শুভ উদ্বোধন কৰে প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল ৰেফাৰী শঙ্কৰ গুপ্তই । বেংমৰা কাপ ২০২০ ফুটবল প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা “ক্ৰীড়ন” ক্ৰীড়া আলোচনী উন্মোচন কৰে সদৌ অসম মটক সন্মিলনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কিৰণ ৰাজখোৱাই ।
শ্ৰীপুৰীয়া ফুটবল একাডেমি বনাম দুলিয়াজান ফুটবল একাডেমিৰ মাজত অনুষ্ঠিত হোৱা খেলখনিত নিৰ্ধাৰিত সময়লৈকে ০-০ গলত ড্ৰ হোৱাত ট্ৰাইবেকাৰ পদ্ধতিত শ্ৰীপুৰীয়া ফুটবল একাডেমিয়ে দুলিয়াজান ফুটবল একাডেমিক ৪-১ গলৰ ব্যৱধানত পৰাজিত কৰি বিজয় সাব্যস্ত কৰে।
চূড়ান্ত প্ৰতিযোগিতাৰ মুকলি সভা আৰু বঁটা বিতৰণী
অনুষ্ঠানত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা কল্যাণ বৰা, সভাপতি তুষাৰঞ্জন চেতিয়া, সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱা, বেংমৰা ক্ৰীড়া মঞ্চৰ সভাপতি মৃদুল ৰাজখোৱা, প্ৰাক্তন আন্তৰাষ্ট্ৰীয় পৰ্যায় ফুটবল খেলুৱৈ প্ৰাঞ্জল প্ৰতিম নেওগ, প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায় ফুটবল খেলুৱৈ প্ৰশান্ত গগৈ, অকণমান সোণোৱাল, বৰগুৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি জিতেন গগৈ, সম্পাদক বিনন্দ বৰুৱা, লেজাইহোলা জানমুখ যুৱ সংঘৰ সভাপতি পৰ্যন্ত বৰুৱা, সম্পাদক মনোজ মৰান, তিননিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ উপ সভাপতি নিল কান্ত ফুকণ, সদৌ অসম মটক সন্মিলনৰ উপ সভাপতি সৰুজ গোঁহাই, অমৃত ৰাজখোৱা, শিক্ষক,কবি সাহিত্যিক,ফটিক চন্দ্ৰ নেওগ, বিশিষ্ট চিন্তাবিদ মটক জনগোষ্ঠী, পানীতোলা স্পৰ্টচ একাডেমিৰ সভাপতি মৃদুপৱন চেতিয়া, জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক প্ৰাঞ্জল নেওগ, সদৌ অসম মটক যুৱ -ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলাৰ সভাপতি সত্য গোঁহাই, সম্পাদক উমাকান্ত গগৈ, তিনিচুকীয়া জিলাৰ সভাপতি কৃষ্ণকান্ত কাকতি, উপ সভাপতি নয়নমণি ফুকণ, সম্পাদক হৃদয় গোহাঁই উপস্থিত থাকে।
প্ৰতিযোগিতাৰ বিজয়ী দলক নগদ ২০,০০১/- ,বিজিত-১০,০০১/- আৰু শ্ৰেষ্ঠ খেলুৱৈ আয়ূস দাসক নগদ ৩০০১/- টকা সহ ট্ৰফী ও প্ৰশংসা পত্ৰৰে পুৰস্কৃত কৰে বুলি উদ্যাপন সমিতিৰ যুটীয়া সম্পাদক ৰমেন গগৈয়ে জানিবলৈ দিয়ে ।
বিতৰ্কৰ আৱৰ্তত নগাঁও আৰক্ষী : চৌৰ্যবৃত্তিৰ অভিযোগ তুলি ব্যৱসায়ীয়ে তৰিলে গোচৰ
থানাৰ ভিতৰতে অপৰাধীৰ হাতত প্ৰহৃত হৈ অসম আৰক্ষীক কলংকিত কৰা নগাঁৱৰ মৰিকলং আৰক্ষী চকী পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে। মৰিকলং আৰক্ষী চকীৰ আক্ৰমণৰ ঘটনাৰ দুমাহ উকলি যোৱাৰ পিছতো মুল অভিযুক্তক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হোৱা নগাঁৱৰ মৰিকলং আৰক্ষীয়ে সাধাৰণ মাছ ব্যৱসায়ীক ডকা-হকা দি বজাৰত বিক্ৰী কৰিবলৈ অনা মাছ কাঢ়ি নিয়াৰ অভিযোগ উঠিছে। জানিবপৰা মতে ইদ্ৰিছ আলী নামৰ এগৰাকী মাছ ব্যৱসায়ীয়ে এই অভিযোগৰ ভিত্তিৰ মৰিকলং আৰক্ষীৰ বিৰুদ্ধে তৰিছে গোচৰ। আলীৰ অভিযোগ অনুসৰি আজি পুৱা তেঁও বজাৰলৈ মাছ বিক্ৰী কৰিবলৈ যোৱাৰ সময়ত মৰিকলং আৰক্ষী চকীৰ সন্মুখতে আৰক্ষীৰ এটা দলে তালাচীৰ বাবে ৰখাই। আৰক্ষীৰ দলটোৱে আলীৰ পৰা নগদ ১হাজাৰ টকা দাবী কৰে। কিন্তু আলীয়ে ১হাজাৰ টকাৰ পৰিৱৰ্তে ১০০টকা দিয়াত খঙতে মৰিকলং আৰক্ষীৰ দলটোৱে তেঁও বিক্ৰী কৰিবলৈ নিয়া সকলো মাছ কাঢ়ি লয়। ইয়াৰ পিছতে আৰক্ষীৰ দলটোৱে ১হাজাৰ টকা নিদিয়ালৈকে মাছ উভতাই নিদিয়াৰো ভাবুকি দিয়ে। ইদ্ৰিছ আলীয়ে তেঁওৰ মাছ খিনি ঘূৰাই দিয়াৰ বাবে বহুবাৰ অনুৰোধ জনোৱাৰ পিছতো মৰিকলং আৰক্ষীয়ে তেঁওক মাছ ঘূৰাই নিদিয়াত তেঁও উপায়হীন হৈ মৰিকলং আৰক্ষীৰ বিৰুদ্ধে আৰক্ষী চকীত এজাহাৰ প্ৰদান কৰে। এই ঘটনাৰ পিছতে ইদ্ৰিছ আলীয়ে নগাঁৱৰ সংবাদ মাধ্যমকো তেঁওক সহায়ৰ বাবে আহ্বান জনাই। আনহাতে এই সমগ্ৰ অভিযোগক অৱশ্যে নস্যাৎ কৰিছে মৰিকলং আৰক্ষীয়ে। আৰক্ষীৰ মতে ইদ্ৰিছ আলীৰ এই অভিযোগ সম্পূৰ্ণ মিছা।









