দক্ষিণ কামৰূপৰ ডেকাচাঙত আজি আঞ্চলিক বজাৰ প্ৰাংগণত কা বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদী সকলে হাতে হাতে প্লে কাৰ্ডলৈ কা বাতিল কৰক,কা নামানো, অখিল গগৈক মুক্তি দিয়ক, বিজেপি চৰকাৰ হায় হায়,জয় আই অসম আদি ধ্বনিৰে সোণতলীৰ ডেকাচাঙ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰাহুল চৌধুৰী উপস্থিত থাকি বিজেপি চৰকাৰক কঠোৰভাৱে সমালোচনা কৰি অখিল গগৈক বিনা চৰ্তে মুক্তি কৰি দিবলৈ চৰকাৰক দাবী জনায়। প্ৰতিবাদী কাৰ্যসূচীত অসম-মিঞা অসমীয়া পৰিষদ কামৰূপ জিলা সমিতিৰ মুখ পাত্ৰ এম মুক্তাৰ মণ্ডলে উপস্থিত থাকি কয় যে বিজেপি চৰকাৰে অসমৰ বুকুত যি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন জাপি দিছে এই অসমীয়া বিৰোধী আইন অসমৰ খিলঞ্জীয়া ৰাইজে মানি নলয়। লগতে মুক্তাৰ মণ্ডলে কয় যে অসমীয়া জাতিৰ হৈ মাত মতা অখিল গগৈক বিগত একবছৰ পাৰহৈ গ’ল বিজেপি চৰকাৰে আক্ৰোশমূলক আৰু ষড়যন্ৰ মূলক ভাবে কাৰাবন্ধী কৰি ৰাখিছে। চৰকাৰৰ যদি দম আছে অখিল গগৈক মুক্তি কৰি দি অহা বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ হুংকাৰ দিয়ে। প্ৰতিবাদী কাৰ্যসূচীত দুই শতাধিক ছাত্ৰ ছাত্ৰীৰ লগতে ভাৱে সংখ্যক গণ্য মান্য ব্যাক্তি উপস্থিত থাকে।
আজিৰে পৰা খোলা হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ
কৰ’ণাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ সময়ত আজিৰে পৰা খোলা হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ। কৰ’ণাৰ সকলো নীতি-নিয়ম মানি চলি বিদ্যালয়সমূহলৈ ছাত্ৰ-ছাত্ৰী অহা পৰিলক্ষিত হৈছে। বিদ্যালয় গৃহ ছেনিটাইজ কৰি, মুখত মাস্ক পৰিধান কৰি শিক্ষকসকলে শিক্ষাৰ্থীক পাঠদান কৰিবলৈ আহিছে। সকলো প্ৰকাৰৰ কভিড গাইডলাইন মানি চলি বিদ্যালয় খোলাৰ বাবে কেইদিনমান পূৰ্বে চৰকাৰে নতুন নীতি নিৰ্দেশনা জাৰি কৰিছিল। বিদ্যালয়ৰ পাঠদানৰ ক্ষেত্ৰত চৰকাৰে নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰি দিছে। নিৰ্দেশনাত প্ৰকাশ কৰা অনুসৰি, পাঠদানৰ ক্ষেত্ৰত প্ৰতিটো শ্ৰেণীৰেই সপ্তাহৰ এদিন এৰি এদিন পাঠদান হ’ব। মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠদান হ’ব। ঠিক তেনেদৰে সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান হ’ব।
পাঠদানৰ ক্ষেত্ৰত নিৰ্দিষ্ট সময়ো নিৰ্ধাৰণ কৰি দিছে শিক্ষা বিভাগে। প্ৰকাশ কৰা নীতি নিয়ম অনুসৰি, পুৱা ৯ বজাত পাঠদান আৰম্ভ হৈ বিয়লি ১.৪৫ বজাত সমাপ্ত হ’ব। সকলো ক্ষেত্ৰতে কৰ’ণাৰ নীতি নিৰ্দেশনা মানি চলিব লাগিব।
শিক্ষাদানৰ সময়ত ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজন যোগান ধৰা হ’ব যদিও সেইসময়ত সকলো প্ৰকাৰেৰে কৰ’ণাৰ নীতি নিৰ্দেশানা বিদ্যালয়সমূহে মানি চলিব লাগিব। উল্লেখ্য যে, প্ৰধান শিক্ষকসকলে মধ্যাহ্ন ভোজন, পাঠদানৰ সময় সুনিশ্চিত কৰিব লাগিব বুলি নিৰ্দেশনাত চৰকাৰৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে।
ইফালে এইখিনিতে মন কৰিবলগীয়া যে, প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈ বিদ্যালয়ত শিক্ষাৰ্থী উপস্থিত থকাটো বাধ্যতামূলক নহয় যদিও ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীলৈ হ’ব স্বাভাৱিক পাঠদান। ইয়াৰ লগতে শিক্ষক-কৰ্মচাৰীসকলে কৰ’ণাৰ নীতি নিয়ম মানি চলাটো বাধ্যতামূলক কৰা হৈছে।
৪ জানুৱাৰীত অনুষ্ঠিত হ’ব বিটিচিৰ কাৰ্যবাহী পৰিষদৰ বৈঠক
বিটিচিৰ শপতগ্ৰহণৰ পিছতে বিভিন্ন কাৰ্যবাহী বিষয়াসকলৰ মাজত বিতৰণ কৰা হয় বিভাগ। ৪ জানুৱাৰীত অনুষ্ঠিত হ’ব কাৰ্যবাহী পৰিষদৰ বৈঠক । এই কথা জনালে মুখ্য কাৰ্যবাহী বিষয়া প্ৰমোদ বড়োৱে ।
উপ মুখ্য কাৰ্যবাহী বিষয়া গোবিন্দ্ৰ চন্দ্ৰ বসুমতাৰীক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লগতে লঘু উদ্যোগ বিভাগৰ দায়িত্ব দিয়া হৈছে ।
কাৰ্যবাহী বিষয়া ৰঞ্জিত বসুমতাৰীক বন বিভাগৰ দায়িত্ব দিয়া হৈছে। উকীল মুছাহাৰীক জল সম্পদ বিভাগৰ দায়িত্ব দিয়া হৈছে । অৰূপ কুমাৰ দে’ক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দায়িত্ব দিয়া হৈছে ।
দিগন্ত বৰুৱাক জলসিঞ্চন বিভাগৰ দায়িত্ব দিয়া হৈছে । গৌতম দাসক সমাজ কল্যাণ, ঘনশ্যাম দাসক কৃষি আৰু ৰনেন্দ্ৰ নাৰ্জাৰীক দিয়া হৈছে পৰিবহন বিভাগৰ দায়িত্ব ।
বিশ্বৰ সবাতোকৈ জনপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰ্চা কেৱল দেশতেই নহয়, সমগ্ৰ বিশ্বতে হোৱা দেখা যায়। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তাৰ আকৌ এবাৰ প্ৰমাণ হ’ল ।
কৰ’ণাৰ সময়চোৱাত মোদীয়ে সমগ্ৰ বিশ্বতে বিশেষ চৰ্চাত আছে। বিশ্বৰ নেতা সকলৰ তেওঁলোকৰ কাৰ্যকালত নজৰ ৰখা ডাটা ফৰ্ম মৰ্ণিং কনচাল্ট মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৫০ শতাংশ স্বীকৃতিৰ সৈতে বিশ্বৰ নেতা সকলৰ শীৰ্ষস্থানত আছে ।
মৰ্ণিং কনচাল্টত এয়াও দেখুওৱা হৈছে যে প্ৰধানমন্ত্ৰীৰ জনপ্ৰিয়তা সকলো বৈশ্বিক নেতাতকৈ ওপৰত ।ৰিপোৰ্টৰ মতে ৭৫ শতাংশ লোকে প্ৰধানমন্ত্ৰীক সমৰ্থন কৰে আৰু ২০ শতাংশ লোকে তেওঁক যোগ্য বুলি সমৰ্থন কৰা নাই। যাৰ ফলত তেওঁৰ স্বীকৃত ৰেটিং ৫৫ শতাংশ হয়। যি পৃথিৱীৰ বিভিন্ন নেতা সকলতকৈ অধিক ।
নাগালেণ্ডক পুনৰ অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰৰ
নাগালেণ্ডক পুনৰ অশান্ত অঞ্চল ঘোষণা কৰিছে কেন্দ্ৰই ৷ ৰাজ্যখনত ছমাহলৈ বৃদ্ধি কৰা হৈছে বিতৰ্কিত সশস্ত্ৰ বাহিনী (বিশেষ) ক্ষমতা আইনৰ ম্যাদ ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বুধবাৰে এক অধিসূচনা জাৰি কৰি এই নিৰ্দেশনা প্ৰকাশ কৰে ৷ গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব পীয়ুষ গোৱেলে এই অধিসূচনা জাৰি কৰে ৷ সেই অনুসৰি, 30 ডিচেম্বৰ 2020ৰ পৰা বলৱৎ হোৱাকৈ এই অধিসূচনা জাৰি কৰা হৈছে ৷ অধিসূচনাত নাগালেণ্ডক অশান্ত অঞ্চল ঘোষণা কৰা হৈছে আৰু নাগৰিক প্ৰশাসনৰ সহায় হোৱাকৈ এইদৰে আইনখনৰ ম্যাদ বৃদ্ধি কৰা হয় বুলি কোৱা হৈছে ৷
উল্লেখ্য যে, নাগালেণ্ডৰ সশস্ত্ৰ বিদ্ৰোহী সংগঠন এনএছচিএনৰ খাপলাং গোটে শেহতীয়াকৈ শান্তি আলোচনালৈ অহাৰ কথা ব্যক্ত কৰিছিল ৷ নিকী চুমী নেতৃত্বাধীন গোটটোৱে নাগালেণ্ডৰ স্বেচ্ছাসেৱী সংগঠন, সাধাৰণ জনতা আৰু আলোচনাপন্থী বিদ্ৰোহী সংগঠনসমূহ লগতে নাগা শান্তি চুক্তিৰ প্ৰতি সমৰ্থন জনাই শান্তি আলোচনালৈ অহা কথা ব্যক্তি কৰি যুদ্ধবিৰতি ঘোষণা কৰিছিল ৷ কিন্তু ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াই নিকী চুমীৰ বিৰুদ্ধে 2015ৰ মনিপুৰৰ চাণ্ডেল জিলাত ভাৰতীয় সেনাৰ ডোগ্ৰা আৰু বিহাৰ ৰেজিমেন্টৰ ওপৰত কৰা আক্ৰমণৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছে ৷ এই আক্ৰমণত ভাৰতীয় সেনাৰ দুয়োটা ৰেজিমেন্টৰ 18 গৰাকী জোৱান শ্বহীদ হৈছিল ৷
বিজেপি গুৱাহাটী মহানগৰ জিলাৰ কাৰ্য্যনিৰ্বাহক সভা : ২০২১ বিধান সভা নিৰ্বাচনত বিজেপিয়ে চৰকাৰ গঠন কৰিব
মহানগৰীৰ দিছপুৰ স্হিত গড়কাপ্তানী প্ৰশিক্ষণ কেন্দ্ৰত আজি বিজেপি গুৱাহাটী মহানগৰ জিলাৰ কাৰ্য্যনিৰ্বাহক সভা এখন অনুষ্ঠিত হয় ৷ জিলা সভাপতি মৃগেন শৰনীয়াৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত বিশিষ্ট ব্যক্তি হিচাপে দলৰ জেষ্ঠ্য নেতা তথা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, প্ৰাক্তন সাংসদ ৰমেন ডেকা ,অসম বিত্তীয় নিগমৰ অধ্যক্ষ বিজয় গুপ্তা, ৰাজ্যিক উপসভাপতি জয়ন্ত দাস, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, জিএম ডিএৰ উপাধক্ষ্য মুকুতা ডেকা উপস্থিত থাকে ৷ সভাত উপস্থিত থাকি ভাষন প্ৰদানত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে বিজেপি চৰকাৰৰ নিচিনাকৈ পূৰ্বতে কোনো এখন চৰকাৰে কাম কৰিব পৰা নাছিল ৷ কেন্দ্ৰীয় ৰাজ্য চৰকাৰে উন্নয়নৰ এক যোৱাৰ আনিছে ৷ সেয়ে ২০২১ বিধান সভা নিৰ্বাচনত একক সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বিজেপিয়া ৷ সেয়া জনসাধৰনে মনে প্ৰানে বিচাৰি আছে বুলি ভট্টাচাৰ্যই কয় ৷ তেওঁ লগতে কয় ২০২১ বিধান সভা নিৰ্বাচন আবেগ অনুভূতিৰ হ’ব ৷ ইয়াৰ বাবেই অসম জাতীয় পৰিষদে ৰাইজৰ মাজত আবেগ- অনুভূতিৰ এজেন্ডা প্ৰস্তুত কৰিব ৷ এই ক্ষেত্ৰত বিজেপি প্ৰতিগৰাকী সদস্যই চৰকাৰৰ উন্নয়ন মুলক আছনি সমুহ ৰাইজ মাজলৈ নিব লাগিব বুলি মন্ত্ৰী ভট্টাচাৰ্যই উল্লেখ কৰে ৷ সভাত বিধায়ক অতুল বৰাই ভাষন প্ৰদান কৰি কয় যে তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ জয়লাভে বিজেপি ২০২১ বিধান সভাৰ জয় সুনিশ্চিত বুলি কয় ৷ তেওঁ স্বায়ত্ত্ব পৰিষদত জয়যুক্ত সদস্য সকলক ধন্যবাদ জ্ঞাপন কৰে ৷৷ অসম বিত্তীয় নিগৰমৰ অধ্যক্ষ বিজয় গুপ্তা, জিএম ডিএৰ উপাধক্ষ্য মুকুতা ডেক,প্ৰাক্তন সাংসদ ৰমেন ডেকা, ৰাজ্যিক মুখ্য মুখপত্ৰ ৰুপম গোশ্বামী, ৰাজ্যিক উপসভাপি জয়ন্ত দাসে আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰননীতিৰ বিষয়ে ভাষন প্ৰদান কৰে ৷ নিৰ্বাচনৰ আগমুহূৰ্তত দল আৰু অধিক শক্তিশালী ৰুপত প্ৰতিষ্ঠা লাভা কৰে তাৰ বাবেই প্ৰতিগৰাকী দলীয় সদস্যক ৰাইজৰ মাজত কাম কৰিবলৈ আহ্বান জনাই আটাইকেইগৰাকী ব্যক্তাই ৷ উল্লেখ্য যে সাধাৰণ সম্পাদক অমৰ জ্যোতি ডেকাই আতধৰা সভাত মহানগৰ জিলাৰ অন্তৰগত ১২টা মন্ডলৰ সভাপত সাধাৰণ সম্পাদক ,মৰ্চাৰ সভাপতি জিলা বিষয়ববীয়া সহ প্ৰায় চাৰি শতাধিক সদস্য উপস্থিত থাকে ৷
পুনৰ জিঅ’ৰ বিনামূলীয়া সেৱা : ১ জানুৱাৰীৰ পৰা বিনামূলীয়া ফোন কল
জিঅ’ চাবস্ক্ৰাইবাৰ সকলে ১ জানুৱাৰীৰ পৰা ফ্ৰী ভইচ ক’ল সেৱাৰ লাভ উঠাব পাৰিব ।
বৃহস্পতিবাৰে ৰিলায়েঞ্চ জিঅ’ই এই কথা জনাবলৈ দিয়ে। ৰিলায়েঞ্চ জিঅ’ কতৃপক্ষই জানিবলৈ দিয়ে যে off-net domestic voice calls সম্পূৰ্ণ বিনামূলীয়া হ’ব। অৰ্থাত আই ইউ চিৰ ( interconnect usage charges) ৰ সেৱা শেষ হোৱাৰ পিছত এই কল সমূহ ফ্ৰী হৈ যাব ।
মানকাচৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত কেশাৰভিটা গাৱত যোৱা নিশা গোপন সুত্ৰৰ পম খেদি মানকাচৰ আৰক্ষী থানাৰ সহ উপ পৰিদৰ্শক ক্ষীতিশ ৰায় আৰু কনিষ্টবল শ্বৰীফ হাজৰিকাৰ নেতৃত্বত ড্ৰাগছ সৰবৰাহকাৰী বিৰুদ্ধে এক অভিযান চলায়।উক্ত অভিযান কালত মানকাচৰ আৰক্ষীয়ে ড্ৰাগছ,নেনো গাড়ী (ML-14- 3207,) সহ দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰী আটক কৰি থানা লৈ লৈ আহে লগতে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ yava নিচাজাতীয় টেবলেট সমুহ জব্দ কৰে। পিছত আৰক্ষীয়ে জোৰডাংগা গাৱৰ জিনাৰুল ইছলাম আৰু ফকিৰগঞ্জৰ ৰহমত আলী নামৰ যুৱকদ্বয়ক আটক কৰে। ৰহমত আলীয়ে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী জোৰডাংগা গাৱৰ জিনাৰুল ইছলামৰ নিচাজাতীয় টেবলেট সমুহ চমজাই দিবলৈ আহিছিল। লক্ষ্যনীয় যে,মানকাচৰৰ জোৰডাংগা গাৱৰ উক্ত জিনাৰুল ইছলামক কেইবা মাহ পূৰ্বে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট সহ আটক কৰি জেল হাজোত লৈ প্ৰেৰণ কৰিছিল।দুই মাহ আগতে জেলৰ পৰা মুকলি হৈ পুনৰ ড্ৰাগছ বেহাত নামি পৰে। কিন্তু কালি পুনৰ ড্ৰাগছ সহ আটক হয় যদিও মানকাচৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক ক্ষীতিশ ৰায় আৰু আৰক্ষী শ্বৰীফ হাজৰিকাক বৃহৎ পৰিমাণৰ ধনেৰে মেনেজ কৰি নিশাৰ ভিতৰতে থানাৰ পৰা মুক্তি লাভ কৰে। অৱশ্যে ফকিৰগঞ্জৰ ড্ৰাগছ সৰবৰাহকাৰী ৰহমত আলীক কোৰ্টলৈ প্ৰেৰণ কৰি উক্ত বিষয়টো গাপ দিয়াৰ অপচেষ্টা কৰিছে। কিন্তু নেনো গাড়ী (ML-14- 3207) খন এতিয়াও মানকাচৰ আৰক্ষী থানাত ৰখা হৈছে।এই ক্ষেত্ৰত দক্ষিণ শালমাৰা- মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে ,সেয়া লক্ষ্যনীয় হ’ব।
মাৰ্চিয়েল আৰ্টত পদক অৰ্জনেৰে জামুগুৰিহাটলৈ গৌৰৱ কঢ়িয়াই আনিলে দুই কণমাণি টিনা আৰু বিজিতে
গুৱাহাটীৰ বাইহাটা চাৰিআলিত অনুষ্ঠিত মাৰ্চিয়েল আৰ্টৰ প্ৰতিযোগীতাত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ দুই ভাতৃ ভগ্নীয়ে সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ জামুগুৰিহাটৰ উদ্ধবৰাচুক গাঁৱৰ কৃষ্ণ শইকীয়া আৰু কল্পনা শইকীয়াৰ দুই সন্তান ক্ৰমে ১১ বছৰীয়া জীয়ৰি টিনা শইকীয়া আৰু ৭ বছৰীয়া পুত্ৰ বিজিত শইকীয়াই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেবাগৰাকীও খেলুৱৈৰ লগত প্ৰতিদ্বন্দ্বীতা কৰি ৰূপৰ পদক অৰ্জনৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ মাৰ্চিয়েল আৰ্ট চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত হৈছে ৷ চাইনিজ চাওলিঅন কুংফু ফেডাৰচনে আয়োজন কৰা এই প্ৰতিযোগীতাখনিত ৪১ কে:জি:ৰ শাখাত টিনা শইকীয়াই আৰু ৩১ কে:জি:ৰ শাখাত বিজিত শইকীয়াই এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় ৷ কেৱল মাত্ৰ তিনিমাহ প্ৰশিক্ষকৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰি এনে অভাৱনীয় সফলতা লাভ কৰা দুই কণমানিৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে অভিভাৱকৰ লগতে জামুগুৰিবাসী ৰাইজ ৷ নৱবৰ্ষত ৰূপৰ পদক বিজয়ী দুই কণমাণি ১১ বছৰীয়া টিনা আৰু ৭ বছৰীয়া বিজিতে গুজৰাটত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ চেম্পিয়নশ্বিপত অংশ গ্ৰহন কৰিব বুলি জানিব পৰা গৈছে৷দুয়োগৰাকী ভাতৃ ভগ্নীৰ এই সফলতাত জামুগুৰিহাটৰ বিভিন্ন দল সংগঠণ-অনুষ্ঠান-প্ৰতিষ্ঠানে শলাগ লৈছে ৷
আৰ ডি এডুকেশ্বন ফাউণ্ডেচনৰ বিদ্যালয় চেনিটাইজ
ক’ভিডৰ বাবে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ থকাৰ পৰিপ্ৰক্ষিতত ইতিমধ্যে ৰাজ্য চৰকাৰে পুনৰ পাঠদানৰ ব্যৱস্থা কৰিছে। প্ৰাথমিক বিদ্যালয়ৰ পাঠদান পহিলা জানুৱাৰীৰ পৰা হোৱাৰ কথা শিক্ষামন্ত্ৰীৰ ঘোষণাৰ পিছতেই সকলো বিদ্যালয়তে চেনিটাইজ কৰা হৈছে। আৰ ডি এডুকেশ্বন ফাউণ্ডেচনৰ উদ্যোগত লাহোৱাল শিক্ষাখণ্ডৰ অধীনৰ ৰহমৰীয়া, ফুকনৰখাত, চিৰিংহোলা, ৰমাই, টিমনা, মদাৰখাত পঞ্চায়তৰৰ অধীনৰ বিদ্যালয়সমূহত চেনিটাইজ কৰা হয়। উল্লেখ্য যে আৰ ডি এডকেশ্বন ফাউণ্ডেচনৰ তৰফৰ পৰা লাহোৱালৰ বিভিন্ন বিদ্যালয়ত শৈক্ষিক সমৰ্থন আগবঢ়াই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ফাউণ্ডেশ্বনৰ পৰিচালন সঞ্চালক মনোজ ধানোৱাৰৰ তদাৰকত হোৱা চেনিটাইজ কাৰ্যত লাহোৱাল মণ্ডল যুৱ কংগ্ৰেছৰ সহযোগিতা পৰিলক্ষিত হয়। লাহোৱাল মণ্ডল যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিনোদ কোঁৱৰ, আৰ ডিৰ কৰ্মী ৰাতুল কুম্ভকাৰৰ লগতে বহুকেইজন বিষয়ববীয়াৰ সহযোগত বিদ্যালয়ত চেনিটাইজ কৰা হৈছে। আৰ ডিৰ এই পদক্ষেপত ৰাইজে আদৰণি জনাইছে।











