Home Blog Page 3105

নগাঁৱত ৭১ শতাংশৰো অধিক লোকে স্যবস্ত কৰিলে ভোটাধিকাৰ : শান্তিপূৰ্ণ ভাৱে সমাপ্তি ভোটগ্ৰহণৰ

নগাঁও, ১৭ ডিচেম্বৰ : শান্তিপূৰ্ণ ভাৱে সমাপ্ত হ’ল তিৱা স্বায়ত্ব শাসিত পৰিষদৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। নগাঁও জিলাৰ ১০টা পৰিষদীয় সমষ্টিৰ বাবে অনুষ্ঠিত হোৱা এই ভোটগ্ৰহণ প্ৰক্ৰিয়া সুকলমে অনুষ্ঠিত কৰিবৰ বাবে ১০২জন প্ৰিজাইডিং বিষয়া আৰু ৩০৬জন প’লিং বিষয়াক নিয়োগ কৰা হয়। পুৱা ৭.৩০মিনিটৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া বিয়লি ৫বজাত অন্ত পৰে। প্ৰায় ৮০,৪৪২জন ভোটাৰ থকা নগাঁৱৰ ১০টা পৰিষদীয় সমষ্টিত আজি ৭১.৮৭শতাংশ ভোটাৰে ভোটাধিকাৰ স্যবস্ত কৰে। ভোটগ্ৰহণৰ অন্তত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত বেলট বাকচ সমূহ নগাঁৱৰ ডচন উচ্চত্বৰ মাধ্যমিক বিদ্যালয়স্থ ষ্ট্ৰং ৰুমলৈ লৈ অনা হয়। উল্লেখযোগ্য যে নগাঁৱৰ ১০টা পৰিষদীয় সমষ্টিৰ বাবে  মুঠ ৩৮জন প্ৰাৰ্থীয়ে প্ৰতিদন্দিতাত অৱতীৰ্ণ হৈছে। ইতিমধ্যে তিৱা স্বায়ত্ব শাসিত পৰিষদ এইবাৰ শাসকীয় বিজেপিয়ে দখল কৰাটো নিশ্চিত বুলি বিজেপিৰ পক্ষই দাবী কৰাৰ বিপৰীতে কংগ্ৰেছে এই নিৰ্বাচনত বিজেপিয়ে ধনবল-বাহুবল প্ৰয়োগ কৰাৰো অভিযোগ আনিছে। অহা ১৯ ডিচেম্বৰৰ পুৱাৰ পৰা তিৱা স্বায়ত্বশাসিত পৰিষদৰ ভোটগণনা অনুষ্ঠিত হ’ব। ইতিমধ্যে ভোটগণনাৰ বাবে নগাঁও জিলা প্ৰশাসনে যাৱতীয় সকলো ব্যৱস্থা সম্পূৰ্ণ কৰা বুলি সংবাদ মাধ্যমক জনাইছে নগাঁও জিলা উপায়ুক্ত কবিথা পদ্মনাভনে।

২৬ ডিচেম্বৰৰ পূৰ্বে অখিল গগৈৰ জামিন আবেদনৰ শুনানিৰ ৰায় প্ৰদান কৰিব উচ্চ ন্যায়ালয়ে

আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় সুৰণা আৰু অজিত বৰঠাকুৰে অখিল গগৈৰ জামিন আবেদনৰ শুনানি সমাপ্ত কৰি ৰায়দান সংৰক্ষিত কৰি ৰাখে । শুনানিৰ ৰায়দান ডিচেম্বৰৰ ২৬ তাৰিখৰ পূৰ্বে প্ৰদান কৰা হব ।

NIAক প্ৰতিনিধিত্ব কৰি Additional Solicitor General এছ ভি ৰাজুয়ে অখিল গগৈয়ে অসম বন্ধৰ আহ্বান দি দেশৰ অৰ্থনৈতিক সুৰক্ষাত ভাবুকি নমাই আনিছিল আৰু অৰ্থনৈতিক গতিবিধিত বাধা প্ৰদান কৰি অখিল গগৈয়ে সন্ত্ৰাসবাদত লিপ্ত হৈছিল বুলি যুক্তি দৰ্শাই জামিনৰ বিৰোধিতা কৰি যুক্তিতৰ্কৰ অৱসান ঘটায়।


উচ্চ ন্যায়ালয়ে সোমবাৰৰ ভিতৰত NIA অধিবক্তা আৰু অখিল গগৈৰ অধিবক্তা হুজেফা এহমদীক আজিৰ যুক্তিতৰ্কৰ সবিশেষ উল্লেখ কৰি লিখিতভাৱে দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। হুজেফা আৰু ৰাজু দুয়ো আজি দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে সংযুক্ত হৈ আছিল।

2021 বৰ্ষৰ মাৰ্চত কটন বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহ

অহা মাৰ্চ মাহৰ প্ৰথম আৰু দ্বিতীয় সপ্তাহত কটন বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হ’ব। ২০১৭ৰ পৰা ২০১৯ বৰ্ষৰ সময়ছোৱাৰ ভিতৰত স্নাতক, স্নাতকোত্তৰ আৰু ডিপ্ল’মা উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক এই ডিগ্ৰী সমূহ প্ৰদান কৰা হ’ব। কৰ’না মহামাৰীৰ বৰ্তমান স্থিতি তথা চৰকাৰী নিয়মাৱলীৰ প্ৰতি লক্ষ্য ৰাখি কটন বিশ্ববিদ্যালয় প্ৰশাসনে এই অনুষ্ঠান ভাৰ্চুৱেলী অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদিও, সোণৰ পদক প্ৰাপ্ত প্ৰতিজন ছাত্ৰ ছাত্ৰীক অফলাইন মোডত উক্ত অনুষ্ঠানতে বঁটা সমূহ প্ৰদান কৰা হ’ব। সেই উদ্দেশ্যে অনলাইন পঞ্জীয়ন সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিক ৱেবছাইট (www.cottonuniversity.ac.in)ত বিস্তাৰিত ভাৱে উল্লেখ কৰা হ’ব। পঞ্জীয়নৰ অন্তিম তাৰিখ ১২ জানুৱাৰী ২০২১ হিচাপে নিৰ্ধাৰিত কৰা হৈছে। দীক্ষান্ত সমাৰোহৰ অনুষ্ঠান বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয়ৰ ৱেবছাইট, ফেচবুক লাইভ আৰু ইউটিউব লাইভৰ যোগেদি সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হ’ব। কটন বিশ্ববিদ্যালয় প্ৰশাসনে উক্ত অনুষ্ঠানত সংশ্লিষ্ট সকলোৰে আন্তৰিক সহযোগিতা কামনা কৰিছে। বিশ্ববিদ্যালয়ৰ এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা প্ৰকাশ কৰা হৈছে।

PSV-C50 যোগাযোগ উপগ্ৰহ CMS-01 ৰ সৈতে সফলতাৰে উৎক্ষেপণ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৱে আজি PSLV-C50 ৰকেটৰ সহায়ত CMS-01 নামৰ যোগাযোগ উপগ্ৰহটো চেন্নাইৰ ওচৰৰ শ্ৰীহৰিকোটা স্পেচ চেন্টাৰৰ পৰা সফলতাৰে উৎক্ষেপণ কৰিবলৈ সক্ষম হয় । ৰকেটটোৱে যোগাযোগ উপগ্ৰহ চিএমএছ-01 (পূৰ্বতে GSAT-12R) কক্ষপথ বহন কৰি আছে।

উপগ্ৰহটো ৩:৪১ মিনিটত শ্ৰীহৰিকোটাৰ ৰকেট পোৰ্টত দ্বিতীয় লঞ্চ পেডৰ পৰা উক্ষেপন কৰা হয় ।

অসমীয়া সাহিত্য সন্মিলনীৰ বাৰ্ষিক বঁটা ঘোষণা : ৩ জানুৱাৰীত গুৱাহাটীত প্ৰদান কৰিব একাংশ বঁটা

জামুগুৰিহাট, ১৭ডিচেম্বৰ : মানৱতাৰ সপক্ষে, সংকীৰ্ণ তাৰ বিপক্ষে সাহিত্য মূলমন্ত্রৰে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ সৰ্বাঙ্গীন উন্নয়নৰ হকে গঠিত অসমীয়া সাহিত্য সন্মিলনীয়ে ২০২০ বৰ্ষৰ বঁটাসমূহ আজি সন্মিলনীৰ মুখ্য কাৰ্যালয়ে ঘোষণা কৰিছে। অসমীয়া সাহিত্য সন্মিলনীৰ সভাপতি গণ শিল্পী লোকনাথ গোস্বামী, কাৰ্যকৰী সভাপতি অধ্যাপক ড০ মুকুল চক্ৰৱৰ্তী আৰু প্ৰধান সম্পাদক মিংকু কলিতাই কাকতলৈ দিয়া এক বিবৃতিৰ জৰিয়তে চলিত বৰ্ষৰ বঁটা আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰে। সেই মৰ্মে এই বৰ্ষত কমতাৰত্ন অম্বিকা চৰণ চৌধুৰী ইতিহাস চেতনা বঁটাৰ বাবে অধ্যাপক উদয়াদিত্য ভৰালী, প্ৰাচ্যবিদ শৰৎ চন্দ্ৰ শৰ্মা ভাষা সাধনা বঁটাৰ বাবে ড০ লীলাৱতী শইকীয়া বৰা, কথাৰ যাদুকৰ, সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিক উপন্যাসশ্ৰী বঁটাৰ বাবে সন্তোষ কুমাৰ কৰ্মকাৰ আৰু অসমীয়া ভাষাৰ সেৱক মৰহুম হোছেইন আলি চৰকাৰ অসমীয়া ভাষা সংগঠক বঁটাৰ বাবে যুৱ লেখক, সাংবাদিক দিপক বৰাৰ নাম ঘোষণা কৰে। আনহাতে সন্মিলনীৰ সৰ্বোচ্চ সন্মান পদ ‘সদস্য বৰেণ্য’ৰ বাবে যোৱা ২৯ নৱেম্বৰত অনুষ্ঠিত সন্মিলনীৰ বৰ্ধিত কাৰ্যনিৰ্বাহ সভাই ডাঃ দেৱীচৰণ ঠাকুৰক মনোনিত কৰে।  সন্মিলনীৰ আন এটি বঁটা মহেশ্বৰ নাথ সোঁৱৰণী যুৱ সাহিত্য বঁটাৰ বাবে মনোনিত যুৱ সাহিত্যিক গৰাকীৰ নাম অহা ৩ জানুৱাৰীত অনুষ্ঠিতব্য বঁটা বিতৰণী সভাত ঘোষণা কৰিব বুলি প্ৰধান সম্পাদক মিংকু কলিতাই জানিবলৈ দিয়ে। উল্লেখ্য যে অহা ৫, ৬ আৰু ৭ ফেব্ৰুৱাৰীত সন্মিলনীৰ পঞ্চম দ্বি-বাৰ্ষিক অধিবেশনখন গোলাঘাট জিলা সন্মিলনীৰ সহযোগত দৈয়াং শাখাৰ উদ্যাগত মেৰাপানীৰ দৈয়াং মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হ’ব। উক্ত অধিবেশনৰ মুকলি সভাত সদস্য বৰেণ্য আৰু যুৱ সাহিত্য বঁটা প্ৰদান কৰাৰ বিপৰীতে বাকী বঁটা সমূহ ৩ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিতব্য সন্মিলনীৰ বিশেষ সভা আৰু বঁটা বিতৰণী অনুষ্ঠানত প্ৰদান কৰা হ’ব। সন্মিলনীৰ এক তথ্য মতে আগন্তুক ২০২১-২৩ বৰ্ষৰ সন্মিলনীৰ সভাপতি পদৰ বাবে ইতিমধ্যে জিলা সমিতিসমূহে বিশিষ্ট সাহিত্যিকসকলৰ নাম প্ৰস্তাৱ আকাৰে মনোনয়ন সমিতিলৈ প্ৰেৰণ কৰিছে। জানুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰত সন্মিলনীৰ পৰৱৰ্তী সভাপতিৰ নাম ঘোষণা হোৱাৰো সম্ভাৱনা আছে। অহা ৩ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া সভাখনত কেন্দ্রীয় সমিতিৰ সকলো বিষয়ববীয়া, কাৰ্যনিৰ্বাহ সদস্য, জিলা আৰু আঞ্চলিক সমিতিৰ সভাপতি, সম্পাদক প্ৰমুখ্য শুভাকাঙ্ক্ষী সকলক উপস্থিত থাকিবলৈ আহ্বান জনাইছে প্ৰধান সম্পাদক মিংকু কলিতাই।

লুৰিণজ্যোতি গগৈক অসম জাতীয় পৰিষদৰ সভাপতি হিচাপে দ্বায়িত্ব অৰ্পন

আজি সামৰণি পৰে শিৱসাগৰত দুদিনীয়াকৈ আনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ প্ৰথমখন ৰাজনৈতিক অভিৱৰ্তন। শিৱসাগৰৰ ঐতিহ্যমণ্ডিত বৰ্ডিং খেলপথাৰত অনুষ্ঠিত এই অভিৱৰ্তনতে আছুৰ সদ্য বিদায়ী সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈক অসম জাতীয় পৰিষদৰ সভাপতি হিচাপে দ্বায়িত্ব অৰ্পন কৰা হয়।

আজি বৰ্ডিং খেলপথাৰত অনুষ্ঠিত মুকলি সভাত ৰাজ্যিক মুখ্য আহ্বায়ক ড: কৃষ্ণগোপাল ভট্টাচাৰ্যই অসম জাতীয় পৰিষদৰ প্ৰথমগৰাকী সভাপতি হিচাপে লুৰিণজ্যোতি গগৈৰ নাম ঘোষণা কৰে ।


সেই অনুসৰি বিধায়ক পবীন্দ্ৰ ডেকাক অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে । সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হৈছে জগদীশ ভূঞাক। একেদৰে  উপ সভাপতি ১১ জন, ১১ জন সম্পাদক আৰু ১১ জন যুটীয়া সম্পাদকক নিৰ্বাচিত কৰা হৈছে ।

আজিৰ প্ৰতিনিধি সভাৰ বিষয় বাচনি সভাত দলটোৰ সম্পাদককে ধৰি কাৰ্যনিৰ্বাহক সমিতিখন ঘোষণা কৰে যদিও মুকলি সভাতহে ৰাজহুৱা কৰা হয় মূল পদবীত অধিষ্ঠিত হোৱা নেতাসকলৰ নাম।


প্ৰতিনিধি সভাতে দলৰ সংবিধান গৃহীত কৰা হয় । গ্ৰহণ কৰা হয় ১৯টা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ। আনহাতে সভাত মিচড কলৰ জড়িয়তে দলত যোগদান কৰিবৰ বাবে ৯১৬৯১৬৫৫৮০ নম্বৰটো ঘোষণা কৰা হয়।

আজি তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন : কটকটীয়া নিৰাপত্তা ব্যৱস্থা

১৪নং গোভা সমষ্টিত বিজেপিৰ মণিৰাম পাটৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে

আজি তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ অসমৰ চাৰিখন জিলা ক্ৰমে মৰিগাঁও, নগাঁও, হোজাই আৰু কামৰূপ (মেট্ৰো)ৰ মুঠ ৩৬টা সমষ্টিত অনুষ্ঠিত হৈছে এই নিৰ্বাচন৷


তিৱা স্বায়িত্তশাসিত পৰিষদৰ নিৰ্বাচনত চাৰিগৰাকী তিৱা পৰম্পৰাগত ৰজা ক্ৰমে খলা দেওৰজা প্ৰবীণ কোঁৱৰ, নেলী ৰজা ৰামচিং কোঁৱৰ, পশ্চিম নগাঁও ৰজা ভদ্ৰছিং দেওৰজা আৰু গোভাৰজা দীপছিং দেওৰজাই ভোটদান সাব্যস্ত কৰিব। সমান্তৰালভাৱে ভোটদান কৰিব মন্ত্ৰী পীযূষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰী আৰু বিগত পৰিষদৰ CEM পৱন মান্তাই ।

এইবাৰৰ নিৰ্বাচনত ৩০৮৪০৯ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ১২৪ গৰাকী প্ৰাৰ্থীৰ। তিৱা নিৰ্বাচনত যাতে কোনোধৰণৰ আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে।  নগাঁও, মৰিগাঁও আৰু কামৰূপৰ পৰা বিটিচিলৈ প্ৰেৰণ কৰা নিৰাপত্তাৰক্ষীক পুনৰ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছে।

আনহাতে, ১৪নং গোভা সমষ্টিত বিজেপিৰ মণিৰাম পাটৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে।

নগাঁৱত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ৰোণা ৰোগীৰ সংখ্যা : বুধবাৰৰ দিনটোত মাত্ৰ ১জন আক্ৰান্ত ক’ৰোণাত

নগাঁও, ১৬ডিচেম্বৰ : ক’ৰোণাত সৰ্বাধিক আক্ৰান্ত অসমৰ জিলাসমূহৰ ভিতৰত অন্যতম নগাঁৱলৈ বৰ্তমান ঘূৰি আহিছে স্বাভাৱিক অৱস্থা। নৱেম্বৰ মাহৰ মাজভাগৰে পৰা নগাঁৱত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ৰোণা ৰোগীৰ সংখ্যা। ১৩ডিচেম্বৰত টেষ্ট কৰা ১৫০জন ৰোগীৰ এজনৰো দেহত পোৱা ন’গল ক’ৰোণাৰ সংক্ৰমণ। আজিৰ দিনটোত ১৯০জন ৰোগীক ক’ৰোণাৰ পৰীক্ষা কৰা হৈছিল যদিও মাত্ৰ ১জনৰ দেহতহে পোৱা গ’ল ক’ৰোণাৰ সংক্ৰমণ। আনহাতে চিকিৎসালয় সমূহতো নাই পূৰ্বৰ ভিৰ। অধিকাংশ ৰোগীয়ে সুস্থ হৈ ঘৰলৈ উভতিছে। বৰ্তমানলৈকে নগাঁৱত ৯হাজাৰ ১২৮জন লোক ক’ৰোণাত আক্ৰান্ত হৈছে। বৰ্তমান ক’ৰোণাৰ প্ৰভাৱৰ পৰা নগাঁও বাসীয়ে যথেষ্ট সকাহ লাভ কৰিছে যদিও বজাৰত ভেকচিন উপলব্ধ নোহোৱা পৰ্য্যন্ত জিলাখনৰ ৰাইজক মাস্ক, চেণিটাইজাৰ আৰু সামাজিক ব্যৱধানৰ দিশটো মানি চলিবলৈ জিলা প্ৰশাসনে অনুৰোধ জনাইছে।

গোৰ্খা জনগোষ্ঠীক চৰকাৰে প্ৰতাৰণা কৰাৰ প্ৰতিবাদত ফিল’বাৰীত গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ডিৰাক সীমান্ত, ১৬ ডিচেম্বৰঃ গোৰ্খা জনগোষ্ঠীৰ অন্যতম তিহাৰ উৎসৱৰ অন্তিম দিনা গোৰ্খা জনগোষ্ঠীৰ লোকসকলে ভাতৃদ্বিতীয়া (ভাইফোটা) পালন কৰে । এই পৱিত্ৰ দিনটোত ভগ্নীসকলে ভাতৃসকলৰ দীৰ্ঘায়ু কামনা কৰি কপালত ফোট অংকন কৰি দিয়ে । ভাতৃ দ্বিতীয়া দিনটো গোৰ্খা জনগোষ্ঠীৰ লোকসকলে অতি উলহ-মালহেৰে পালন কৰা দেখা যায়। অসমত বসবাস কৰা গোৰ্খা জনগোষ্ঠীৰ অন্যতম শক্তিশালী একমাত্ৰ ছাত্ৰ সংগঠন গোৰ্খা ছাত্ৰ সন্থাই ভাতৃ দ্বিতীয়া (ভাইফোটা) দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে তালিকাভুক্ত কৰিবলৈ চৰকাৰক সংগঠনটোৰ জন্মলগ্নৰে পৰা দাবী জনাই আহিছে । কিন্তু লক্ষণীয়ভাৱে অসমৰ বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ড• হিমন্ত বিশ্ব শৰ্মাই বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এক নিৰ্বাচনী সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ  দাসে মোক ফোন কৰি ভাতৃ দ্বিতীয়া দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে অন্তৰ্ভুক্ত কৰা হ’ব বুলি ঘোষণা কৰিব দিছিল বুলি কৈ উক্ত সভাতেই ঘোষণা কৰিছিল যদিও অতি পৰিতাপৰ কথা বিটিছি নিৰ্বাচনৰ বৈতৰনী পাৰ হোৱা পিছতেই উক্ত ভাষণ ফুটুকাৰ ফেনত পৰিণত হ’ল । কিছুদিন পূৰ্বে ৰাজ্য চৰকাৰে প্ৰকাশ কৰা ২০২১ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকাত ভাতৃ দ্বিতীয়া (ভাইটিকা ) দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে অন্তভুক্ত  নহ’ল । চৰকাৰৰ এনে কাৰ্যত এতিয়া ক্ষুভিত হৈ পৰিছে গোৰ্খা জনগোষ্ঠীৰ লোকসকল, যাৰ প্ৰতিবাদত আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ফিল’বাৰী আঞ্চলিক সমিতিয়ে ফিল’বাৰী থানা চাৰিআলিত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ড• হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ প্ৰতিমুৰ্তি দাহ কাৰ্যসূচী ৰূপায়ণ কৰি ভাতৃ দ্বিতীয়া দিনটো অতি শীঘ্ৰে চৰকাৰী বন্ধৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাই । গোৰ্খা জনগোষ্ঠীক অকল ভোট বেংক হিচাপে ব্যৱহাৰ নকৰিবলৈ সকিয়াই দিয়ে সংগঠনটোৱে। অন্যথা ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি দলক উচিত শিক্ষা দিয়াৰ হুংকাৰ প্ৰদান কৰিছে গোৰ্খা ছাত্ৰ সন্থাই । আজি প্ৰতিবাদী কাৰ্যসূচীত গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সদস্য মংগল লিম্বু, ভাস্কৰ দাহাল আঞ্চলিক সমিতিৰ সভাপতি ঘনশ্যাম  ছেত্ৰী, সম্পাদক ৰঞ্জিত ৰেগমি সহ অন্যান্য বিষয়ববীয়া উপস্থিত থাকে ।

দুৰাৰোগ্য ৰোগত আক্ৰান্ত উজনি মাজুলী ভকতিদুৱাৰ গাঁৱৰ মেধাৱী ছাত্ৰী নৱনীতা খাউণ্ড : অসম বাসীৰ সহায় আহ্বান পৰিয়ালৰ

উজনি-মাজুলী, ১৬ ডিচেম্বৰঃ মূৰত যেন সৰগ ভাগি পৰিছে মাজুলীৰ এটি দুখীয়া পৰিয়ালৰ । উজনি মাজুলী ভকতিদুৱাৰ গাঁৱৰ নিবাসী ভৱেন খাউণ্ড আৰু সাবিত্ৰী খাউণ্ডৰ একমাত্ৰ কন্যা , ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী নৱনীতা খাউণ্ডৰ জীৱনলৈ যেন নামি আহিছে কাল অমানিশা। ফুলকুমলীয়া বয়সতে দেহত লৈ ফুৰিব লগা হৈছে এক দুৰাৰোগ্য ৰোগ । যাৰ বাবে পৰিয়ালটোৱে  চকুলোৰে বাট নেদেখা  অৱস্থা হৈ পৰিছে । বৰ্তমান অসম মেডিকেল কলেজত চিকিৎসা অৱ্যাহত থকা ছাত্রী গৰাকীৰ দেহত  ধৰা পৰিছে দুৰাৰোগ্য ব্যাধি এছ.এল.ই ৰোগ । যি ৰোগৰ নাই কোনো স্থায়ী সমাধান , তথাপিও  মেধাবী কিশোৰী গৰাকীৰ মুখত হাঁহি বিৰিঙাই  ৰাখিবলৈ  ইচ্ছা , প্ৰৱল হাবিয়াস পিতৃ মাতৃৰ । হঠাতে অহা এই কালধুমুহা সদৃশ ৰোগে পৰিয়ালটোৰ মাজত এক শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে ৷ নিজ সন্তানক চকুৰ আগত লৈ চটফতাই থকা দৃশ্য চাই চকুৰ পানীৰে বাট নেদেখা  অৱস্থা হৈছে পিতৃ-মাতৃৰ  ৷  কিশোৰী গৰাকীক চিকিৎসাৰ বাবে এতিয়া  বহু অৰ্থৰ প্ৰয়োজন বুলি দুখীয়া পিতৃ , মাতৃয়ে আমাক জানিবলৈ দিয়ে ৷পৰিয়ালৰ লোকে ৰাইজৰ পৰা কাতৰেৰে  সহায় ভিক্ষা কৰিছে। কোনো সদাশয় ব্যক্তিৰ সহায়ে ছাত্ৰী গৰাকীৰ মুখৰ পৰা হেৰাই যাৱ খোজা হাঁহিটো পুনৰ ঘূৰাই আনিব পাৰিব বুলি অঞ্চলবাসীয়ে মন্তব্য কৰিছে । উল্লেখ্য যে , ৰাজ্যখনৰ কোনো সদাশয় ব্যক্তিয়ে  দুখীয়া জটিল ৰোগত আক্ৰান্ত ছাত্ৰী গৰাকীক সহায় কৰিৱ বিছাৰিলে  এছ.বি.আই শাখাত থকা মাতৃ সাবিত্ৰী খাউণ্ডৰ নামত A/C : 36536593448  IFSC -SBIN0005081 সহায় কৰিব পাৰিব | পৰিয়ালৰ লোকে আমাক জানিবলৈ দিয়াৰ লগতে আৰু অধিক জানিবৰ বাবে পৰিয়ালটোৰ লগত 6002705578 ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব  বুলি জনাই ৷