Home Blog Page 3118

বিধায়কৰ কাৰ্যকালত ৭০ খনকৈ পকী দলং নিৰ্মাণ কৰি আনন্দিত বিধায়ক বিনন্দ কুমাৰ শইকীয়া

দিপীলা, ১০ ডিচেম্বৰ : ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ কাৰ্যকালত আন আন আঁচনিৰ বাহিৰেও ৭০ খনকৈ পকী দলং নিৰ্মাণ কৰি আনন্দিত বিধায়ক গৰাকী ৷ ১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰং জিলাৰ ঐতিহাসিক পথৰুঘাটত বৃটিছৰ বৰ্ধিত খাজনা বৃদ্ধিৰ প্ৰতিবাদ জনাবলৈ গৈ শ্বহীদ হোৱা সাতকুৰি শ্বহীদক সন্মান জনায় পুনৰ আন এখন আঁচনি ৰূপায়ণ কৰে বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ৷ বুধবাৰে পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত ৰাইজৰ সুবিধাৰ্থে অত্যাধুনিক সুবিধা থকা এটি ” ৰাজহুৱা সভা কেন্দ্ৰ ” ৰ শুভাৰম্ভ কৰে বিধায়ক গৰাকীয়ে ৷ প্ৰায় ১ কোটি ৩৫ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া গৃহটি MSDP ৰ ২০১৯/২০ বৰ্ষৰ অধিনত নিৰ্মাণ হব ৷ সেইদিনাই বিধায়ক গৰাকীয়ে মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য লেচাকোনীয়া গোবিন্দ আতৈয়ে ৪৫০ বছৰ পূৰ্বে প্ৰতিষ্ঠা কৰা শ্ৰীশ্ৰী পালাভিঠা সত্ৰ আৰু ঐতিহাসিক পচকীয়া থানৰ শুভাৰম্ভ কৰে ৷ দুয়োখন  সত্ৰ আৰু থান পুনৰ নিৰ্মাণৰ বাবে অসম চৰকাৰৰ ” অসম দৰ্শন আঁচনি ” ৰ দ্বাৰা ১০ লাখ টকাকৈ ব্যয় কৰিব চৰকাৰে ৷ উল্লেখ্য যে শ্ৰীশ্ৰী পালাভিঠা সত্ৰ পুনৰ নিৰ্মাণৰ শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকে অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্ত ৷ আনহাতে প্ৰায় ৮০ লাখ টকা ব্যয়ৰে পচকীয়া থানলৈ সংযোগী এটি পথৰো শুভাৰম্ভ কৰে বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ৷ বিটিচি নিৰ্বাচনত খালেংদুৱাৰ সমষ্টিৰ বিজেপিৰ প্ৰভাৰীৰ দায়িত্বত থকা বিধায়ক বিনন্দ কুমাৰ শইকীয়াই খালেংদুৱাৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী জয়যুক্ত হোৱাৰ লগতে বিটিচিত বিজেপিয়ে এইবাৰ চৰকাৰ গঠন কৰিব বুলি দাবী কৰে ৷

মেক্সিকোৰ এটা সংগঠনৰ সৈতে চুক্তি স্বাক্ষৰ কৰিলে পদ্মশ্রী যাদৱ পায়েঙে

মেক্সিকোৰ ফাণ্ডাচিয়ান আজটেকাৰ নামৰ এটা সংগঠনৰ সৈতে এক চুক্তিত স্বাক্ষৰ কৰিলে পদ্মশ্রী যাদৱ পায়েঙে । প্রকৃতি সুৰক্ষাৰ ক্ষেত্রত সহযোগিতাৰে কাম কৰাৰ লক্ষ্যৰে এই চুক্তিত স্বাক্ষৰ। আজি মেক্সিকোৰ পুয়েব্লা চহৰৰ প্রাক্তন চিনেটৰ নিনফা চালিনাছৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰিত। চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকে ইউনেস্ক’ৰ এম্বেছাডৰ ড০ আন্দ্রেছ ৰোম।

নতুন সংসদ ভৱনে নতুন আৰু পুৰণিৰ সহ-অস্তিত্ব কঢ়িয়াব – প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন ৰাজনৈতিক দল, কেবিনেট মন্ত্ৰী আৰু বিভিন্ন দেশৰ ৰাষ্ট্ৰপতিসকলে অংশগ্ৰহণ কৰা এক অনুষ্ঠানত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন ৰাজনৈতিক দল, কেবিনেট মন্ত্ৰী আৰু বিভিন্ন দেশৰ ৰাষ্ট্ৰপতিসকলে অংশগ্ৰহণ কৰা এক অনুষ্ঠানত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰে । যিটো ২০২২ চনৰ ভিতৰত ৯৭১ কোটি টকা ব্যয়েৰে সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে। অনুষ্ঠানটোত উপস্থিত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নতুন সংসদ ভৱনে ‘নতুন আৰু পুৰণিৰ সহ-অস্তিত্ব’ বহন কৰিব আৰু ই দেশৰ ইতিহাসৰ এক মাইলৰ খুটি হব।

লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, “নতুন সংসদ ভৱন টো আত্ম নিৰ্ভৰ ভাৰতৰ সাক্ষী হ’ব । আজি যিদৰে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক ইণ্ডিয়া গেটে বাহিৰত এক নতুন পৰিচয় সৃষ্টি কৰিছে, ঠিক সেইদৰে নতুন সংসদ ভৱনে নিজৰ পৰিচয় স্থাপন কৰিব। স্বাধীন ভাৰতত নিৰ্মাণ কৰা নতুন সংসদ গৃহটো দেখি আগন্তক প্ৰজন্মই গৌৰৱান্বিত হ’ব। স্বাধীনতাৰ ৭৫ বছৰৰ পিছত ইয়াক নিৰ্মাণ কৰা হৈছে।”

কৰ্ণাটকৰ পূজাৰীসকলে নতুন সংসদ ভৱনৰ স্থানত ‘ভূমি পুজন’ কৰে। অৱশ্যে, প্ৰকল্পটোৰ বিৰুদ্ধে বিভিন্ন আবেদন উচ্চতম ন্যায়ালয়ৰ ওচৰত বাকী থকা বাবে কোনো নিৰ্মাণ তৎক্ষণাৎ আৰম্ভ কৰিব নোৱাৰি।

নতুন ভৱনটোত লোকসভা চেম্বাৰৰ বাবে ৮৮৮ খন আসন থাকিব আৰু ৰাজ্যসভাৰ চেম্বাৰৰ বাবে ৩৮৪ খন আসন থাকিব। বৰ্তমানে, লোকসভাৰ আসন ৫৪৩ আৰু ৰাজ্যসভাৰ ২৪৫ খন । বিশেষ যুটীয়া অধিৱেশনৰ সময়ত নতুন লোকসভাৰ কক্ষত ১২২৪ সদস্য বহিব পাৰিব। নতুন ভৱনটোত চেণ্ট্ৰেল হল নাথাকিব । ৯৭১ কোটি টকা ব্যয়ৰে ৬৪,৫০০ বৰ্গ মিটাৰ এলেকাত নিৰ্মান হব আৰু ভৱনটো ভূমিকম্প প্ৰতিৰোধী, আৰু আটাইতকৈ আধুনিক ডিজিটেল প্ৰযুক্তিৰ সৈতে খাপ খোৱা হ’ব। ইয়াত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা দেশী-প্ৰাপ্য স্থাপত্য অন্তৰ্ভুক্ত কৰা হব আৰু সাংস্কৃতিক বিবিধতা প্ৰদৰ্শন কৰা হব।

“নীতিৰ তাৰতম্য হ’ব পাৰে, পাৰ্থক্য হ’ব পাৰে কিন্তু আমি জনসাধাৰণৰ সেৱাৰ বাবে আমাৰ লক্ষ্যত কোনো পাৰ্থক্য থাকিব নালাগে। সংসদৰ ভিতৰত বা সংসদৰ বাহিৰত বিতৰ্ক অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় হিতৰ প্ৰতি নিষ্ঠা, ৰাষ্ট্ৰীয় হিতৰ সেৱা কৰাৰ সংকল্প নিৰন্তৰ প্ৰতিফলিত হ’ব লাগে” প্ৰধানমন্ত্ৰী মোদী ।

বৰ্তমানৰ সংসদ ভৱনটো সংৰক্ষণ কৰা হ’ব কিয়নো ই দেশৰ এক প্ৰান্তিক সম্পদ, লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয়।

সংসদ ভৱনৰ আধাৰশিলা স্থাপন আৰু ‘ভূমি পুজন’ অনুষ্ঠানত আমন্ত্ৰিতসকলৰ মাজত উদ্যোগপতি ৰতন টাটাৰ লগতে ধৰ্মীয় নেতা সকলক দেখা পোৱা গল।

প্ৰিজাইডিং অফিচাৰকে ধৰি কৰ্তব্যৰত বিষয়াক শাৰীৰিকভাৱে অপদস্থ : আৰক্ষীৰ শূন্যলৈ গুলী

আজি বিটিচি নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । ভোটগ্ৰহণৰ সময়তে চিৰাঙৰ দত্তপুৰ এল পি স্কুল ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ বৃদ্ধ এগৰাকীক ভোটদানৰ সময়ত সহায় কৰাক লৈ অসন্তুষ্ট একাংশই হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷ প্ৰিজাইডিং অফিচাৰকে ধৰি কৰ্তব্যৰত বিষয়াক শাৰীৰিকভাৱে অপদস্থ কৰে ক্ষুব্ধ লোকসকলে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয়৷ সম্প্ৰতি শীৰ্ষ আৰক্ষী বিষয়াবৰ্গ ঘটনাস্থলীত উপস্থিত হৈছে৷

আজি বিটিচিত অন্তিম পৰ্যায়ৰ নিৰ্বাচন : পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ ভোট গ্ৰহণ প্ৰক্ৰিয়া

আজি বৃহস্পতিবাৰে বিটিচিত অনুষ্ঠিত হৈছে অন্তিম পৰ্যায়ৰ নিৰ্বাচন। কোকৰাঝাৰ আৰু চিৰাং জিলাত মুঠ ১৯টা সমষ্টিত হৈছে এই ভোট গ্ৰহণ । পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ ভোট গ্ৰহণ প্ৰক্ৰিয়া ।

কোকৰাঝাৰত ১০৫৩৮২৯ গৰাকী ভোটাৰে নিৰ্ণয় ৭০গৰাকী প্ৰাৰ্থীৰ ভাগ্য । কোকৰাঝাৰৰ ৫০৬টা কেন্দ্ৰত অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ । আনহাতে চিৰাঙত নিৰ্ণয় হব ৩৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য । ৩৬৮১৯৯গৰাকী ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য । পাঁচটা সমষ্টিত থকা ৩৯০ টা পলিং ষ্টেশ্যনৰ ভিতৰত ১০২ টা পলিং ষ্টেচন হ’ল অতি স্পৰ্শকাতৰ , ১৭৯ টা সমষ্টি হ’ল স্পৰ্শকাতৰ আৰু ১০৯ টা পলিং ষ্টেচন হ’ল তুলনামুলকভাৱে সুৰক্ষিত ।

UPPLৰ সভাপতি প্ৰমোদ বড়োৰ বাহনত আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ

বৃহস্পতিবাৰ অৰ্থাৎ কালিলৈ বিটিচিত অনুষ্ঠিত হ’ব অন্তিম পৰ্যায়ৰ নিৰ্বাচন । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বাওখুংগ্ৰী পৰিষদীয় সমষ্টিৰ গোসাঁইগাঁৱত অঘটন । বহলপুৰৰ পৰা কোকৰাঝাৰৰ ঘৰলৈ গৈ থকা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ বাহনত আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ। প্ৰমোদ বড়োৰ বাহনৰ লগতে আন ৫খন বাহনতো দুৰ্বৃত্তই আক্ৰমণ চলায় দুৰ্বৃত্তই ।

আনহাতে মঙলবাৰে নিশা আক্ৰমণৰ বলি হৈছিল সাংসদ নৱ কুমাৰ শৰণীয়া । শৰণীয়াকো অচিনাক্ত দুৰ্বৃত্তই চলোৱা আক্ৰমণত কেইবাখনো বাহন বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল ।

কালিলৈ বিটিচিত অন্তিম পৰ্যায়ৰ নিৰ্বাচন

বৃহস্পতিবাৰ অৰ্থাৎ কালিলৈ বিটিচিত অনুষ্ঠিত হ’ব অন্তিম পৰ্যায়ৰ নিৰ্বাচন। কোকৰাঝাৰ আৰু চিৰাং জিলাত মুঠ ১৯টা সমষ্টিত হ’ব এই ভোট গ্ৰহণ। বিটিচিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ব্যাপক তৎপৰতা।

ইতিমধ্যে ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। সাজো হৈ উঠিছে বিটিএডিৰ প্ৰশাসন।

মঙলবাৰে এই নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰাৰ পাছতেই এতিয়া সকলো সাজো হৈ পৰিছে দ্বিতীয় পৰ্য়ায়ৰ ভোটগ্ৰহণৰ বাবে। উল্লেখ্য যে, কাইলৈ এই ভোটগ্ৰহণ ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব। তাৰোপৰি কোকৰাঝাৰত ১০৫৩৮২৯ গৰাকী ভোটাৰে নিৰ্ণয় ৭০গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

কাইলৈ কোকৰাঝাৰৰ ৫০৬টা কেন্দ্ৰত অনুষ্ঠিত হ’ব এই ভোটগ্ৰহণ। আনহাতে চিৰাঙত নিৰ্ণয় হব ৩৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ৩৬৮১৯৯গৰাকী ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য।

“অব্যাহত থাকিব আন্দোলন” : কৃষক সমাজ

“সংশোধন নহয়, সম্পূৰ্ণ কৃষি আইনেই উঠাই ল’ব লাগিব কেন্দ্ৰই ”

কৃষক সমাজৰ সৈতে কালি সন্ধিয়া ৭ বজাত আলোচনাত মিলিত হৈছিল গৃহমন্ত্ৰী অমিত শ্বাহ । আলোচনাত কেন্দ্ৰীয় চৰকাৰে দিয়া  প্ৰস্তাৱ একেষাৰেই নাকচ কৃষক সমাজৰ । কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে আগবঢ়োৱা প্ৰস্তাৱ নাকচ কৰি কৃষক সকলৰ সিদ্ধান্ত, “অব্যাহত থাকিব আন্দোলন”। ১৪ ডিচেম্বৰত প্ৰতি ৰাজ্যতে জিলাই জিলাই প্ৰতিবাদত নামিব কৃষক সমাজ ।

কৃষক সমাজৰ ষ্পষ্ট কথা,“সংশোধন নহয়, সম্পূৰ্ণ কৃষি আইনেই উঠাই ল’ব লাগিব কেন্দ্ৰই ”। আজি ৯ ডিচেম্বৰ তাৰিখে সন্ধিয়া ৫ বজাত এক সংবাদমেলৰ আয়োজন কৰি এই বিষয়ে জনাই দিল্লীৰ সিন্ধ সীমান্তত আন্দোলনত থকা কৃষক সকলে।

সোণতলীৰ মাহতলী গাঁও পঞ্চায়তত সাতোটাকৈ উন্নয়ন মূলক কামৰ আধাৰশিলা স্থাপন

সোণতলী, ৯ ডিচেম্বৰ: দক্ষিণ কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত মাহতলী গাঁও পঞ্চায়ত কালি সাতটাকৈ উন্নয়ন মূলক কামৰ আধাৰশিলা স্থাপন কৰা হয় ৷ জানিব পৰামতে, ২০২০-২১ বৰ্ষৰ এম জি এনৰেগা আঁচনিৰ অধীনত ৬ লাখ ১২ হাজাৰ টকা ব্যয় সাপেক্ষে পানীখাইতী বজাৰৰ পৰা হাছেন আলী চৰ্দাৰৰ ঘৰলৈ যোৱা পথটো নিৰ্মানৰ বাবে আধাৰশিলা স্থাপন কৰে সোণতলী – টুপামাৰী জিলা পৰিষদৰ সদয্য ছাহজাহান আলীয়ে ৷ ইয়াৰোপৰি ২০২০-২১ বিত্তীয় বৰ্ষৰ এম জি এনৰেগা আঁচনিৰ অধীনত ৬ লাখ ব্যয় সাপেক্ষে নিৰ্মান কৰিব লগীয়া ছামাদ চি আৰ পি এফৰ ঘৰৰ পৰা পানীখাইতী বজাৰলৈ যোৱা পথ আৰু ৬ লাখ টকা ব্যয়ৰে আনোৱাৰৰ ঘৰৰ পৰা আৰিকাটি ই এণ্ড ডি দলংলৈ যোৱা পথ নিৰ্মানৰো আধাৰশিলা স্থাপন কৰে সোণতলী – টুপামাৰী জিলা পৰিষদৰ সদস্য ছাহজাহান আলীয়ে ৷ আনহাতে, ২০২০-২১ বিত্তীয় বৰ্ষৰ এম জি এনৰেগা আঁচনিৰ অধীনত ৯ লাখ ৯৬ হাজাৰ টকা ব্যয় সাপেক্ষে বেজৰসুঁতি বালিকা প্ৰাথমিক বিদ্যালয়ৰ ভূমি উন্নয়ন, ৯ লাখ ৬০ হাজাৰ টকা ব্যয় সাপেক্ষে আৰিকাটি প্ৰাথমিক বিদ্যালয়ৰ ভূমি উন্নয়ন, ৯ লাখ ৮১ হাজাৰ টকা ব্যয় সাপেক্ষে কাঞ্চু দেৱানী মেমৰিয়েল হাইস্কুলৰ ভূমি উন্নয়ন আৰু ৭ লাখ টকা ব্যয়ৰে আৰিকাটি কৱৰস্থানৰ ভূমি উন্নয়নৰ কামৰো আনুষ্ঠানিকভাবে আধাৰশিলা স্থাপন কৰে সোণতলী-টুপামাৰী জিলা পৰিষদৰ সদস্য ছাহজাহান আলীয়ে ৷ মাহতলী গাঁও পঞ্চায়তৰ বিভিন্ন এলেকাত কালি সাতোটাকৈ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মাহতলী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আমিন ময়নুল হক, গ্ৰাম ৰোজগাৰ সহায়ক ইছমাইল হোছেইন, ছমৰীয়া উন্নয়ন খণ্ডৰ অভিযন্তা জিয়াউৰ ৰহমানৰ উপৰিও স্থানীয় ৰাইজ আৰু পঞ্চায়ত প্ৰতিনিধি সকল উপস্থিত থাকে ৷

বাঁহীৰ সুৰত মনপ্ৰাণ মুগ্ধ কৰা এগৰাকী প্ৰচাৰবিমুখ যুৱশিল্পী

জামুগুৰিহাট, ৯ ডিচেম্বৰ: বাঁহীৰ সুৰত জগত জিনিব খোজা এগৰাকী প্ৰচাৰবিমুখ যুৱশিল্পী ৷ চতিয়াৰ ন-পমুৱা গাঁৱৰ প্ৰয়াত ইন্দ্ৰেশ্বৰ বৰা আৰু দুলু বৰাৰ পুত্ৰ এইগৰাকী যুৱশিল্পীৰ নাম দীপজ্যোতি বৰা ৷ বাঁহীবাদক দীপক শৰ্মা আৰু কিশোৰ কুমাৰ ভঁৰালীৰ ওচৰত ৫ বছৰ পূৰ্ৱেই গুৱাহাটীত বাঁহীৰ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ গৈ এইগৰাকী যুৱশিল্পীয়ে ঘৰুৱাহি অসুবিধাৰ বাবেই আধাতে ত্যাগ কৰিব লগা হৈছিল বাঁহীৰ প্ৰশিক্ষণ ৷ যাৰবাবে সেইসময়চোৱাত ভাগি পৰিছিল যুৱশিল্পীগৰাকীৰ মন আৰু হেপাহ৷কিন্তু লাহে লাহে মনৰ অদম্য হেপাহ আৰু ইচ্ছাশক্তিৰ বাবেই যেন বাঁহীটোকেই নিজৰ সংগী কৰি লৈছিল বাঁহীৰ প্ৰতি অত্যন্ত দূৰ্বলতা থকা এইগৰাকী শিল্পীয়ে ৷ যাৰবাবে বাঁহীবাদনৰ প্ৰতি আকৃষ্ট আন আন কণ কণ আগ্ৰহী শিশুকো বাঁহীৰ ৭টা চিদ্ৰৰপৰা সৃষ্ট সুৰ শিকোৱাত ব্যস্ত হৈ পৰিল এইগৰাকী প্ৰচাৰবিমুখ যুৱ শিল্পী ৷ যিগৰাকী শিল্পীৰ বাঁহীৰ সুৰ তথা বাঁহীৰ প্ৰতিটো চিদ্ৰত বুলোৱা আঙুলীৰ চাপৰপৰা সৃষ্ট সুৰে সকলোৰে মন প্ৰাণ মুগ্ধ কৰিবলৈ সক্ষম হৈছে ৷ কেৱল প্ৰশিক্ষণেই নহয় অঞ্চলটোৰ লগতে বিশ্বনাথ চাৰিআলি, জামুগুৰিহাট, বালিপাৰা, তেজপুৰ আদি স্থানতো অনুষ্ঠিত ভাঁওনা, ৰাস,সাংস্কৃতিক অনুষ্ঠান আদিতো এইগৰাকী যুৱ শিল্পীয়ে বাঁহীৰ সুৰেৰে মোহিত কৰে শ-শ জনতাক ৷ কিন্তু ক’ভিডৰ বাবেই চলিত বৰ্ষত সাংস্কৃতিক অনুষ্ঠান তথা ভাঁওনা আদি অনুষ্ঠিত কৰাৰ পৰা জনতা বিৰত থকাত তেনে অনুষ্ঠানসমুহত বাঁহী বজাই উপাৰ্জন কৰাৰ দিশটোত যথেষ্ট ক্ষতিৰ সন্মুখীন হ’ল বুলিও উল্লেখ কৰাৰ বিপৰীতে বৰ্তমান ক’ভিডৰ আতংক কিছু কম হোৱাত চৰকাৰী নীতি নিয়ম পালন কৰি ৰাস উৎসৱ আয়োজন কৰা বহু ঠাইলৈ বাঁহী বজাবলৈ আমন্ত্ৰণ লাভ কৰাত পুণৰ নতুন উদ্যমেৰে দৰ্শকক বাঁহীৰ সুৰত মন প্ৰাণ মুগ্ধ কৰিবলৈ প্ৰস্তুত হৈ পৰিছে যুৱশিল্পী দীপজ্যোতি বৰা ৷ নিজে বাঁহীৰ ওপৰত আয়ত্ব কৰা প্ৰতিটো তাল-লয়ৰ জ্ঞান বিলাই ভালপোৱা শিল্পী দীপজ্যোতিৰ বাঁহীৰ সুৰেৰে জগত জিনাৰ হেপাহে বাস্তৱ ৰূপ লাভ কৰক ৷