মহুৰামুখ,১৬ নবেম্বৰ : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসম গণ পৰিষদ দলৰ সভাপতি তথা বোকাখাত সমষ্টিটোৰ বিধায়ক অতুল বৰাৰ সবল নেতৃত্বৰ প্ৰতি আকৃষ্ট হৈ সমষ্টিটোৰ ভিন্ন প্ৰান্তৰ লোকে অসম গণ পৰিষদ দলত যোগদান কৰাৰ উজান উঠা দেখা গৈছে। কালি অসম গণ পৰিষদৰ সভাপতি তথা বিধায়ক অতুল বৰাৰ বাস গৃহত উত্তৰ মহুৰা মিচিং ছাত্ৰ সংগঠনৰ সভাপতি শংকৰ জ্যোতি মৰাঙৰ নেতৃত্বত এদল মিছিং সংগঠনৰ সদস্যই কালি অতুল বৰাৰ বাসগৃহত অসম গণ পৰিষদ দলত যোগদান কৰে ।এই যোগদানৰ সময়ত দলটোৰ বোকাখাত বিধান পৰিষদৰ সভাপতি জগত কলিতা , সম্পাদক উৎপল বৰদলৈ ,উওৰ মহুৰা আঞ্চলিক সমিতিৰ উপ সভাপতি ধীৰেন লইঙকে ধৰি ভালেসংখ্যক অগপৰ কৰ্মী উপস্থিত আছিল। মিচিং ছাত্ৰ সংগঠনৰ কৰ্মীবৃন্দক অগপৰ কৰ্মী সকলে বিপুল আদৰনি জনাই ।
বোকাখাতত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনঃ দুই প্ৰৱীণ সাংবাদিকক সম্বৰ্দ্ধনা
বোকাখাত, ১৬ নৱেম্বৰঃ “সাংবাদিক হত্যা আৰু নিৰ্যাতন যেন উৎসৱলৈ পৰিণত হৈছে। ২০১০ বৰ্ষৰ পৰা ২০১৯ বৰ্ষলৈকে বিশ্বত ৪৫১ জন সাংবাদিক দুষ্কৃতিকাৰী অথবা চৰকাৰী ষড়যন্ত্ৰৰ বলি হৈছে। ১৯৮৭ চনৰ পৰা ২০১২লৈ হত্যা কৰা হৈছিল ২৩ গৰাকী সম্পাদকক, ১৯৯২ চনৰ পৰা ২০১৮ লৈ ভাৰতত ২৬ জন সাংবাদিকক হত্যা কৰা হৈছিল। ১৯১৪ চনৰ পৰা ২০১৯ চনলৈ হত্যা কৰা হৈছিল ৪০ জন ভাৰতীয় সাংবাদিকক। ১৯৮৭ চনৰ পৰা আজিলৈকে অসমত ২৯ জন সাংবাদিকক হত্যা কৰা হ’ল”। এই তথ্য সদৰি কৰিছে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই যোৱা ১৬ নৱেম্বৰত বোকাখাতত। বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত মহকুমা সাংবাদিক সংস্থা, কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থা, বোকাখাত প্ৰেছ ক্লাৱ, ইমজা বোকাখাত, কমাৰগাঁও প্ৰেছ ক্লাৱ, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থা আৰু নুমলীগড় প্ৰেছ ক্লাৱৰ সহযোগত বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীৰ উদ্বোধনী ভাষণত সভাপতি গৰাকীয়ে এই তথ্য সদৰি কৰে। মহকুমাধিপতি বিপুল দাসৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত সমল ব্যক্তি ৰূপে উপস্থিত আছিল ।
“সংবাদপত্ৰ আইনৰ উৰ্দ্ধত নহয় : আটাইতকৈ বেছি বাধাগ্ৰস্ত মাধ্যম হ’ল সংবাদ মাধ্যম”- দৰঙত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত মন্তব্য ৰাজ্যিক তথ্য আয়ুক্ত সমুদ্ৰগুপ্ত কাশ্যপৰ
মঙলদৈ, ১৬ নৱেম্বৰ : “সংবাদমাধ্যম আইনৰ উৰ্দ্ধত নহয় । আজিৰ দিনত আটাইতকৈ বাধাগ্ৰস্ত মাধ্যম হ’ল সংবাদ মাধ্যম । যিহেতু সংবাদ মাধ্যমৰ ওপৰত বৰ্তমান প্ৰায় ৫৭ টা আইন প্ৰযোজ্য হয় । সংবাদসেৱীসকলে সংবাদ পৰিবেশনৰ বেলিকা এই কথা মনত নাৰাখিলে বহুক্ষেত্ৰত বিপদত পৰিব পাৰে”- এই মন্তব্য দেশৰ বিশিষ্ট সাংবাদিক, লেখক আৰু অসমৰ এগৰাকী ৰাজ্যিক তথ্য আয়ুক্ত সমুদ্ৰগুপ্ত কাশ্যপৰ । দৰং জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত সোমবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত মুখ্য বক্তা হিচাপে উপস্থিত থাকি এই মন্তব্য কৰে । “সংবাদ মাধ্যমৰ ওপৰত ক’ভিড-১৯ মহামাৰীৰ প্ৰভাৱ আৰু এই সময়ত সংবাদ মাধ্যমৰ ভূমিকা” শীৰ্ষক অনুষ্ঠানত ভাগ লৈ তেওঁ লগতে কয় যে সাংবাদিকসকলে অতিৰঞ্জিত বাতৰি পৰিবেশনৰ পৰা আঁতৰি থাকি সত্য বাতৰি পৰিবেশন কৰিব লাগে । অসমৰ সংবাদক্ষেত্ৰখন অধিক শক্তিশালী কৰিবলৈ সাংবাদিকৰ পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰিবলৈ অনুৰোধ ।
জামুগুৰিহাটৰ মধুপুৰত মহেশ্বৰ বৰাৰ সোৱৰণত শিশুৰ মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত
জামুগুৰিহাট,১৬ নবেম্বৰ : বৃহত্তৰ জামুগুৰিহাটৰ মধুপুৰ গাৱৰ সমাজ কৰ্মী মহেশ্বৰ বৰাৰ সোঁৱৰণত শিশু দিৱসৰ লগত সংগতি ৰাখি কালি এখনি শিশু প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । এগৰাকী সমাজ কৰ্মী শংকৰী কলা কৃষ্টিৰ সাধক ৰুপে খ্যাত মহেশ্বৰ বৰাৰ পুত্ৰ জোন বৰাৰ উদ্যোগত মধুপুৰ মহিলা গাঁও উন্নয়ণ সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা এই শিশুৰ প্ৰতিযোগিতা খনত ঘোষা,আধুনিক গীত, জ্যোতি সংগীত, আধুনিক নৃত্য, ভেশচন আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে টেকেলি ভঙা, সংগীত চকী, উঠা বহা, কাবাডি খেলো অনুষ্ঠিত হয়। প্ৰয়াত মহেশ্বৰ বৰাৰ স্মৃতিৰ বন্তি জ্বলাই পম্পী বৰাৰ বৰগীতৰে মুকলি কৰা প্ৰতিযোগিতা খনিত সঞ্চালকৰ আসন অলংকিত কৰে শৈলেন বৰাই। মধুপুৰ মহিলা গাঁও উন্নয়ণ সমিতিৰ সম্পাদিকা সুৰ্বণ বৰাই আত ধৰা এই অনুষ্ঠানত বিচাৰক হিচাপে উপস্থিত থাকে মৰনা কুৰি গাঁৱৰ গাঁওবুঢ়া বিভিন্ন শিশু অনুষ্ঠানৰ লগত জড়িত ব্যক্তি মৰনাকুৰি মইনা পাৰিজাতৰ সভাপতি প্ৰেম কান্ত শইকীয়াৰ লগতে বাৰেচহৰীয়া মহিলা সভাৰ সাংস্কৃতিক সম্পাদিকা চিন্তা মনি হাজৰিকা। প্ৰয়াত মহেশ্বৰ বৰাই জীবিত অৱস্থাত শিশু সকলৰ লগত খেলা ধুলা উপৰিও বিভিন্ন প্ৰতিযোগিতা তেওঁ নিজাববিয়াকৈ অনুষ্ঠিত কৰি আহিছিল যদিও মৰোনোত্তৰ কালত বৰাই কৰি ভাল পোৱা কিছু স্মৃতি যুগমীয়া কৰিবৰ কাৰনে সাংবাদিক পুত্ৰ জোন বৰাই প্ৰতিযোগিতাৰ সামন্তৰালকৈ এখনি মুল সভাও অনুষ্ঠিত কৰে। ৰিংকি মনি বৰাই এটি বৰগীতৰে আৰম্ভ কৰা সভা খনত সভাপতিত্ব কৰে মধুপুৰ গাঁও উন্নয়ণ কমিতিৰ সভাপতি ৰত্নেশ্বৰ বৰাই।শোণিতপুৰ জিলা মইনা পাৰিজাতৰ সম্পাদক সংগ্ৰাম ৰতন ৰাজবংশী নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি শিশু সকলৰ এই অনুষ্ঠানত বহল বক্তিতাৰে শিশু সকলক আকৰ্ষণ কৰে।উক্ত সভাত মধুপুৰ মহিলা সকলে দিহা নাম শিশু সকলৰ সমবেত সংগীত বিভিন্ন নাচ গানৰ লগতে আমন্ত্ৰিত শিশু শিল্পী বিশালতা নন্দা ৰাজবংশীৰ গীতৰে অনুষ্ঠানটি মনোজ্ঞ কৰি তোলে। উল্লেখ্য যে প্ৰয়াত মহেশ্বৰ বৰা ২০১৯ বৰ্ষৰ ২৬ অক্টোবৰৰ দিনা কৰ্মস্থানৰ পৰা ঘৰলৈ ঘুৰি অহাৰ পথত উচ্চ ৰক্ত চাপত আক্ৰান্তহৈ পথৰ কাষতে তেখেতে মৃত্যুক আঁকোৱালি লব লগা হৈছিল। প্ৰয়াত সমাজকৰ্মীগৰাকীৰ সোৱৰণীত অনুষ্ঠানটিত জোনা শইকীয়া, সুৰ্বণ বৰা, পিঞ্জুম হাজৰিকাই শিশু সকলৰ সামাজিক অৱদানৰ বিষয়ে এক চমু আলোকপাত কৰে। নদুৱাৰ প্ৰেছ ক্লাৱৰ সভাপতি ফণিন্দ্ৰ বৰুৱা, ৰাজমনি ভূঞাঁকে প্ৰমূখ্য কৰি বহুকেই জন সাংবাদিক,সমাজ কৰ্মী উপস্থিত থকা সভা খনৰ শেষত জোন বৰাই সকলোকে শলাগ লৈ সভা সামৰণী কৰে।

বুঢ়াচাপৰিৰ গুলিৰপাৰ চৰত বনৰীয়া গাহৰিৰ ভয়ঙ্কৰ আক্ৰমণত তিনিজন আহত
নগাঁও, ১৫ নৱেম্বৰ : বুঢ়াচাপৰি অভয়াৰণ্যৰ গুলীৰপাৰ চৰত খেতিত কাম কৰি থকা অৱস্থাতে আজি কেইজনমান লোকক বনৰীয়া গাহৰিয়ে আক্ৰমণ কৰে। বনৰীয়া গাহৰিটো বুঢ়াচাপৰি অভয়াৰণ্যৰ পৰা ওলাই অহা বুলি জানিব পৰা গৈছে। বনৰীয়া গাহৰিৰ আক্ৰমণত শিশুসহ চাৰি জন লোক গুৰুতৰ ভাৱে আহত হয়। আহত লোককেইজন হৈছে ক্ৰমে মৰ্জিনা খাতুন ( ১০) শ্বাহ আলী( ৫৫) চুলতানা বেগম (৫)আৰু শমৰ জান (৪০)। ইয়াৰে ভিতৰত শিশু মৰ্জিনা খাতুনৰ অৱস্থা সংকট জনক। আহত লোককেইজনক উন্নত চিকিৎসাৰ বাবে নগাওঁলৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰা হৈছে।
বিলাসীপাৰা মহকুমা তথা আৰু জনসংযোগ বিষয়াৰ উদ্যোগত আৰু লগতে মহকুমা প্ৰশাসনৰ সহযোগত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস অনুষ্ঠান
বিলাসীপাৰা, ১৬ নৱেম্বৰঃ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা তথ্য আৰু জনসংযোগ বিষয়া স্নিগ্ধাৰাণী দাসৰ উদ্যোগত আৰু লগতে বিলাসীপাৰা মহকুমা প্ৰশাসনৰ সহযোগত সংবাদ মাধ্যমৰ ওপৰত ক”ভিড ১৯ মহামাৰীৰ প্ৰভাৱ আৰু সংবাদ মাধ্যমৰ ভূমিকা ওপৰত লক্ষ্য ৰাখি আজি বিলাসীপাৰা ডঃ বি আৰ অন্বেদকাৰ ভৱনত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস অনুষ্ঠান অনুষ্ঠিত হয় । উল্লেখ্য যে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস খনত উপস্থিত থাকে মূখ্যবক্তা তথা মুৰব্বী আৰু সহযোগী অধ্যাপক, চাপৰ ৰত্নপীঠ কলেজৰ ইংৰাজী বিভাগ শ্ৰীযুত শ্বেখ হেদায়েতুল্লাহ, বিলাসীপাৰা মহাবিদ্যালয়ৰ লাইব্ৰেৰীয়ান শ্ৰীযুত হৰিচৰণ দাস, শ্ৰীযুত বিশিষ্ট সাংবাদিক দয়াল পাল, বিশিষ্ট সাংবাদিক মছলেম উদ্দিন,আদিকে ধৰি বিভিন্ন পৰ্যায়ৰ সাংবাদিক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস অনুষ্ঠানটোত উপস্থিত থাকে।।
নগাঁও চহৰৰ ডিমৰুগুৰিত দুৰ্ঘটনাত যুৱকৰ মৃত্যু
নগাঁও, ১৫নৱেম্বৰঃ দেৱালীৰ উল্লাসত ৰাইজ মতলীয়া হৈ থকাৰ সময়তে কালি নিশা প্ৰায় ৮.৩০বজাত নগাঁও চহৰৰ ডিমৰুগুৰিৰ এছ বি আই, এ টি এমৰ ওচৰত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত এক শোকাবহ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হয়। দুৰ্ঘটনাটোত নিহত যুৱক জনৰ নাম চুনু বৰা (২৯)। তেওঁৰ প্ৰকৃত ঘৰ ডিমৰুগুৰি কালিবাৰীৰ পূবেৰুণ পথত যদিও পত্নী আৰু একমাত্ৰ সন্তানৰ সৈতে চেঁচামুখত নতুনকৈ ঘৰ নিৰ্মাণ কৰাই তাতে বাস কৰিছিল। আৰক্ষী সূত্ৰই জনোৱা মতে, চুনু বৰা নামৰ যুৱক জনে কালি নিশা বিশেষ কামত ডিমৰুগুৰিলৈ আহি কালিবাৰীৰ ওচৰত পথটো অতিক্ৰম কৰিব বিচাৰোতেই এ এছ ০২ ভি ৫৪৩৩নম্বৰৰ এখন তীব্ৰবেগী মটৰ চাইকেলে তেওঁক মহতীয়াই নিয়ে। দুৰ্ঘটনাটোত চুনু বৰা অতি গুৰুতৰ ভাৱে আহত হয়। ততাতৈয়াকৈ তেওঁক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও তেওঁৰ অৱস্থা অতি সংকটজনক হোৱা হেতুকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।পাছত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ চিকিৎসালয়লৈ নি থকা অৱস্থাতে ৰহাৰ ওচৰত তেওঁৰ মৃত্যু হয়। ইপিনে,দুৰ্ঘটণাটো সংঘটিত কৰি মটৰ চাইকেল খনৰ আৰোহী জনে পলায়নৰ চেষ্টা কৰে যদিও স্থানীয় ৰাইজে তেওঁক আটক কৰি আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে দুৰ্ঘটণা সংঘটিত কৰা মটৰ চাইকেল খনো জব্দ কৰে।
যুৱক জনৰ মৃতদেহটো আজি মৰণোত্তৰ পৰীক্ষাৰ পাছত পৰিয়ালৰ লোকক গতাই দিয়া হয়। মৃতদেহটো আজি বিয়লি ঘৰলৈ অনাত এক শোকাকূল পৰিৱেশৰ সৃষ্টি হয়।যুৱক জনৰ অকাল বিয়োগত ডিমৰুগুৰিত শোকৰ ছাঁ পৰিছে।
নগাঁৱৰ লাওগাঁও পঞ্চায়তত একেদিনাই ৭ টাকৈ আচঁনিৰ শুভাৰম্ভ বিধায়ক ৰূপক শৰ্মাৰ
নগাঁও, ১৫ নবেম্বৰ : নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত লাওগাঁও পঞ্চায়তত চুৰ্তদশ বিত্তীয় আয়োগৰ অধীনত ৭টাকৈ আঁচনিৰ আজি শুভউদ্ধোধন কৰে সমষ্টিটোৰ বিধায়ক ৰূপক শৰ্মাই। আজি শুভাৰম্ভ কৰা আঁচনি সমূহ হৈছে লাওগাঁও পঞ্চায়তৰ চান্দমাৰী জুৰীয়া লোকনিৰ্মাণ পথৰ পৰা ছহিদুল ইছলামৰ ঘৰলৈকে চি চি ব্লকৰ পথ।চান্দমাৰী জুৰীয়া লোকনিৰ্মাণ পথৰ পৰা আনিছুৰ মাষ্টৰৰ ঘৰলৈকে চি চি ব্লকৰ পথ, বেলতলি ৰৌমাৰী পথৰ ছফিকুল ইছলামৰ ঘৰ হৈ মাগুনি পথাৰলৈ চি চি ব্লকৰ পথ, আব্দুল হেকিমৰ দোকানৰ পৰা পশ্চিম ৰৌমাৰী নিম্ন বুনিয়াদী বিদ্যালয়লৈ চি চি ব্লকৰ পথ, লাওগাঁও হাইস্কুল চৌহদত থকা সমূহীয়া ভৱনৰ উন্নীতকৰণ, চান্দমাৰী জুৰীয়া লোকনিৰ্মাণ পথৰ পৰা চহিদুল ইছলামৰ ঘৰলৈকে চি চি ব্লকৰ পথ, সোনাই দলঙৰ পৰা ছাইফুল ইছলামৰ ঘৰলৈকে চি চি ব্লকৰ পথ নিৰ্মাণ। । উল্লেখিত আঁচনি সমূহৰ প্ৰথম দুখন আঁচনি বিত্তীয় বৰ্ষ ২০১৮-১৯ ৰ বিপৰীতে বাকী আঁচনি সমূহ ২০১৯-২০ বিত্তীয় বৰ্ষৰ আবন্টিত পূজিঁৰে নিৰ্মিত।আজি আচনি সমূহৰ শুভাৰম্ভ অনুষ্ঠানৰ লগতে সংগতি ৰাখি লাওগাঁও পঞ্চায়ত আৰু বুথ কমিটিৰ উদ্যোগত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। বিশিষ্ট সমাজকৰ্মী চাইদুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকি বিধায়ক ৰূপক শৰ্মাই বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকালত ৰূপায়ণ হোৱা বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে উল্লেখ কৰি লগতে কয় যে বিজেপি মিত্ৰজোঁটৰ চৰকাৰে চহৰাঞ্চলৰ সমানে গ্ৰামাঞ্চলৰ ৰাইজৰ উন্নয়নৰ হকে কাম কৰি আহিছে। বিশেষকৈ বাট- পথ আৰু যাতায়ত ব্যৱস্থা উন্নয়নত বৰ্তমানৰ চৰকাৰখনে অধিক গুৰুত্ব প্ৰদান কৰিছে।আজি শুভাৰম্ভ কৰা আঁচনি সমূহৰ জৰিয়তে অঞ্চলটোৰ জনসাধাৰণ উপকৃত হব বুলি বিধায়ক গৰাকীয়ে আশা প্ৰকাশ কৰে। আজি শুভাৰম্ভ হোৱা উন্নয়নমূলক আঁচনি সমূহৰ উদ্ধোধনী অনুষ্ঠানৰ লগতে ৰাজহুৱা সভাখনত লাওগাঁও পঞ্চায়তৰ সভাপতি ৰফিকুল ইছলাম, আঞ্চলিক পঞ্চায়তৰ সদস্য জোব্ৰিন নাহাৰ চৌধুৰী প্ৰমুখ্যে পঞ্চায়তৰ প্ৰতিনিধি, দলীয় কাৰ্যকতা সকলৰ লগতে ভালেসংখ্যক স্হানীয় ৰাইজ উপস্থিত থাকে।
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, উত্তৰ-পূব নলবাৰী আঞ্চলিক সমিতিৰ প্ৰতিনিধি আৰু বিষয় বাচনি সভা সম্পন্ন
নলবাৰী, ১৫ নবেম্বৰঃ আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উত্তৰ-পূব নলবাৰী আঞ্চলিক সমিতিৰ প্ৰতিনিধি আৰু বিষয় বাচনি সভা খন কটৰা হাইস্কুল প্ৰাংগণত অনুষ্ঠিত হয়।ৰাতিপুৱাৰ ভাগত পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ আৰু মাল্যৰ্পন কৰে ক্ৰমে উত্তৰ-পূব নলবাৰী আঞ্চলিক সমিতিৰ সভাপতি ৰিদুল ৰাজবংশী,পুলেন ৰাজ ডেকা আৰু প্ৰাঞ্জল শৰ্মাই।সতীৰ্থ স্মৰণ কৰে পৰিষদৰ নলবাৰী জিলা সমিতিৰ যুটীয়া সম্পাদক প্ৰণৱজ্যোতি কলিতাই।গছ পুলি ৰোপণ কৰে বুড়িনগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ নয়নজ্যোতি বৰ্মন আৰু কটৰা হাইস্কুলৰ সহকাৰী শিক্ষক নিপু চৌধুৰীয়ে।তাৰ পিছতে প্ৰতিনিধি সভা খন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে পৰিষদৰ নলবাৰী জিলা সমিতিৰ উপদেষ্টা মুকুল শৰ্মাই।আঞ্চলিক সমিতি খনৰ সাধাৰণ সম্পাদক পুলেন ৰাজ ডেকাই আতধৰা আৰু সভাপতি ৰিদুল ৰাজবংশীয়ে সভাপতিত্বত কৰা প্ৰতিনিধি সভা খনত নলবাৰী জিলা সমিতিৰ উপদেষ্টা আছিক আহমেদ,সাধাৰণ সম্পাদক নিৰোদ দাস,উপ সভাপতি পাৰ্থ প্ৰতীম শৰ্মা,যুটীয়া সম্পাদক প্ৰণৱজ্যোতি কলিতা আৰু যোগেশ কলিতা, সাংগঠনিক সম্পাদক হেমাংগ কলিতা, সাংস্কৃতিক সম্পাদক কৌশিক কুমাৰ বৰ্মন, প্ৰচাৰ সম্পাদক সঞ্জয় কলিতা উপস্থিত থাকে।আনহাতে বিষয় বাচনি সভা খনত ৰিদুল ৰাজবংশীক সভাপতি, অনুপ ৰাজবংশীক সাধাৰণ সম্পাদক, প্ৰাঞ্জল শৰ্মা,পুলেন ৰাজ ডেকা, প্ৰণৱ ডেকাক উপ সভাপতি,নচিউৰ ৰহমান আৰু নমিতা বৈশ্যক যুটীয়া সম্পাদক হিচাপে লৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উত্তৰ-পূব নলবাৰী আঞ্চলিক সমিতি খন গঠন কৰা হয়।
বিলাসীপাৰা মুৰাবাড়ীত সমাজৰ কু-সংস্কাৰ নিৰ্মূল কৰাৰ বাবে নয়াহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সজাগতামুলক সভা
বিলাসীপাৰা, ১৫ নবেম্বৰঃ ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী নিৱেশৰ অন্তৰ্গত নয়াহাট আৰক্ষী চকীৰ ভাৰপ্ৰাত্ত বিষয়া তথা উপ-পৰিদৰ্শক ছফিউল আলমৰ উদ্যোগত সমাজৰ কু-সংস্কাৰ বিলাক নিৰ্মূল কৰাৰ বাবে সুবাশ চন্দ্ৰ সৰকাৰৰ সভাপতিত্বত নয়াহাট মুৰাবাৰীত আজি সজাগতামুলক সভা অনুষ্ঠিত হয়। উল্লেখ্য যে উক্ত সভা খনত উপস্থিত থাকে, নয়াহাট আৰক্ষী চকীৰ ভাৰপ্ৰাত্ত আৰক্ষী বিষয়া তথা উপ-পৰিদৰ্শক ছফিউল আলম, মনাফ আলী,নওসাদ আলী,পিয়াৰ আলী,ছাদ্দাম হোসেন,সুশান্ত সাহা,গাওঁৰক্ষী বাহিনীৰ সম্পাদকদ্বয় উপৰিও লগতে দুৰ্নীতি বিৰোধী শ্ক্তি কমিটিৰ সদস্য-সদস্যা সকল আদিকে ধৰি স্থানীয় গন্য মান্য ব্যক্তিও সজাগতামুলক সভা খনত আগভাগ লয়।।












