Home Blog Page 3142

হিন্দু বাংলাদেশীৰ পক্ষত থকা বিধায়ক শিলাদিত্য আকৌ কেনেকৈ অসমীয়া জাতি প্ৰেমী হ’ল ? আৰ টি আই কৰ্মী এ জে আকন্দ‌ৰ বিস্ফোৰক অভিযোগ : ‘কা’ বলবৎ নহলে শিলাদিত্য নিজেই বাংলাদেশলৈ যাব লগীয়া হ’ব পাৰে।

নগাঁও :

“বহু বিতৰ্কিত আৰু সাম্প্ৰদায়িক বিধায়ক শিলাদিত্য দেৱৰ মস্তিষ্কৰ বিকৃত ঘটাছে। সুবিধাবাদী এই নেতাজনে  কেৱল মাত্ৰ এটা জনগোষ্ঠীক টাৰ্গেট কৰি বিভিন্ন সময়ত সাম্প্ৰদায়িক মন্তব্য কৰি শংকৰ-আজানৰ দেশ অসমত ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি কৰাৰ বাবে দীৰ্ঘদিন ধৰি অহৰহ চেষ্টা কৰি আহিছে। কিন্তু আজিলৈকে তেওঁৰ  মনেসজা উত্তেজিত কথাত কোনেও ভৰি দিয়া নাই।”- এই মন্তব্য নগাঁৱৰ আৰ টি আই কৰ্মী তথা সমাজ সচেতক যুৱক আব্দুল জলিল আকন্দ‌ৰ। এ জে আকন্দ‌ই আজি এক বিবৃতিযোগে উল্লেখ কৰি লগতে কয়, কালি গুৱাহাটীৰ নুনমাটিত ঋতুপৰ্ণ পেগু নামৰ এগৰাকী লোকক নিৰ্মম ভাবে হত্যা কৰা হৈছে। এই কাৰ্য নিশ্চিত ভাবে খুবেই গৰ্হিত কাৰ্য। হত্যাকাৰী বা অপৰাধীৰ কোনো জাতি-ধৰ্ম নাথাকে। যদিহে অপৰাধীয়ে ধৰ্ম মানিলে হয়, তেন্তে তেওঁ মানুহক হত্যা কৰাৰ দৰে জঘন্য আৰু বৰ্বৰ কাম কেতিয়াও কৰিব নোৱাৰে। কাৰণ কোনো ধৰ্ম‌ই হত্যা-হিংসাক মানি নলয়। তেনে স্থলত নুনমাটিৰ লোকজনক হত্যা কৰা দুৰ্বৃত্ত‌কেইটা কোন ধৰ্মৰ সেইটো ডাঙৰ কথা নহয়। হত্যাকাৰীৰ দৃষ্টান্তমুলক শাস্তি হ’ব লাগে। নুনমাটিত সংঘটিত হত্যাকাণ্ডৰ প্ৰসংগত মিঞা মুছলমানে হত্যা কৰা বুলি দাবী কৰি বিধায়ক শিলাদিত্য‌ই গোটেই জাতিটোক মিঞা বাংলাদেশী বুলি আখ্যায়িত কৰিব বিচাৰিছে। অসমীয়া মানুহে মুছলমানৰ সৈতে সকলো ধৰণৰ সম্পৰ্ক ছেদ কৰিব লাগে বুলি কৈ আচলতে সাতামপুৰুষীয়া ঐক্য-সংহতি বিনষ্ট কৰি হিন্দু-মুছলমানৰ মাজত সংঘৰ্ষ লগোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। ৰাজ্যৰ আন একাংশ জাতি-গোষ্ঠীৰ লোকৰ মাজতো বিভিন্ন ঠাইত এক প্ৰকাৰ প্ৰতিদিনেই হত্যাকাণ্ড সংঘটিত হৈছে। সেইবোৰ প্ৰসংগত তেওঁ নিমাত থকাৰ ৰহস্য কি ? সংবাদ মাধ্যমৰ আগত  শিলাদিত্য‌ই তেওঁৰ বক্তব্যত উল্লেখ কৰিছে যে আমাৰ ভুমিপুত্ৰক হত্যা কৰিছে। বাংলাদেশী মুলৰ লোক শিলাদিত্য‌ আকৌ কেতিয়া ভুমিপুত্ৰ হ’ল বুলি আকন্দ‌ই প্ৰশ্ন অৱতাৰণা কৰি কয়, শিলাদিত্য‌ই হিন্দু বাংলাদেশীৰ পক্ষত অৱস্থান কৰি আহিছে। অভিযোগ মতে, তেওঁৰ  নিজৰেই লিগেচী ডাটা নাই। বিভিন্ন পক্ষ‌ই তেওঁক তেঁওৰ লিগেচী ডাটা বা ১৯৭১ চনৰ আগৰ প্ৰমাণ পত্ৰ দিবলৈ কৈ আহিছিল যদিও আজি পৰ্যন্ত কথা চহকী বিধায়ক জনে তেওঁৰ নথি পত্ৰ ৰাজহুৱা কৰিবলৈ সাহস নকৰিলে। শেহতীয়াকৈ তেওঁ তৰুণ গগৈ, অখিল গগৈ, জুবিন গাৰ্গ আদি লোক সকলক এঘৰীয়া কৰিব লাগে বুলি মন্তব্য কৰাৰ কাৰণ উল্লেখ কৰি আকন্দ‌ই কয়, তেওঁলোকে নাগৰিকত্ব সংশোধনী আইন বিৰোধিতা কৰিছে। এই আইন কিবা কাৰণত প্ৰত্যাহাৰ হলে শিলাদিত্য নিজেই বাংলাদেশলৈ যাব লাগিব। তেওঁ বাৰে বাৰে মিঞা মুছলমানে অসমীয়া জাতিক ধ্বংস কৰিব বুলি দাবী কৈ বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্য কৰি অহা শিলাদিত্য‌ৰ দৰে সন্দেহযুক্ত লোকে অসম আৰু অসমীয়া জাতিক বচোৱাৰ আহ্বান জনোৱা কথাটো আচলতে গছত গৰু উঠা কথাৰ দৰেহে হৈছে। প্ৰকৃততে তেওঁ মুছলমানৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি সস্তীয়া প্ৰচাৰৰ আশাতে সততে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰাৰ চেষ্টা চলাই আহিছে। সমষ্টি উন্নয়নত সম্পূর্ণ ৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ থকা এইগৰাকী বিধায়ক যেন স্বয়ম্ভূ গড। তেওঁ আছু, আমছু, কৃষক মুক্তি, প্ৰাক্তন মুখ্যমন্ত্ৰীদ্বয় তৰুণ গগৈ, প্ৰফুল্ল কুমাৰ মহন্ত, শিল্পী জুবিন গাৰ্গ , অন্যান্য শিল্পী-সাহিত্যিক, লেখক,বুদ্ধিজীৱী কোনেও তেওঁৰ পৰা হাৰি যোৱা নাই। সকলোকে সমালোচনা কৰি আচলতে শিলাদিত্য‌ই নিজকে কি বুলি ভাৱে তাৰ প্ৰশ্ন উত্থাপন কৰিছে আব্দুল জলিল আকন্দ‌ই। আনকি, তেওঁৰ পৰা হাৰি যোৱা নাই নিজৰ দলৰ একাংশ নেতা-কৰ্মীও। কাৰণ তেওঁ কিছুদিন পুৰ্বে বিজেপিৰ একাংশ নেতা বিভিন্ন ছিণ্ডিকেটত জৰিত থকাৰ বিস্ফোৰক অভিযোগ কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে। তেওঁৰ নিজৰ স্বাৰ্থৰ আঘাত হলেই এনে কৰে। আকন্দ‌ৰ মতে, শিলাদিত্য‌ ইতিমধ্যে এঘৰীয়া হৈছে বাবে ৰাজহুৱা স্থানৰ পৰিৱৰ্তে সংবাদ মাধ্যমৰ আগত আবোল তাবোল মন্তব্য কৰে। তেওঁ এটা মানসিক বিকাৰগ্ৰস্ত লোক হয়। সেই কাৰণে তেওঁৰ দল বা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি পৰ্যন্ত নিয়ন্ত্ৰণ কৰিব পৰা নাই। তেওঁৰ বিতৰ্কিত মন্তব্যৰ বাবে ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত শতাধিক গোচৰ ৰুজু হোৱাৰ পিছত তেওঁক গ্ৰেপ্তাৰ নকৰাত আকন্দ‌ই উদ্বেগ প্ৰকাশ কৰি তেওঁক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনায়। অন্যথা অসমত ভাতৃঘাতী সংঘাত হলে চৰকাৰ জগৰীয়া হ’ব বুলি আকন্দ‌ই সকীয়াই দিয়ে।

অভিনেতা সুশান্ত সিং ৰাজপুটৰ আত্মহত্যা ।

ৰাষ্ট্ৰীয় বাৰ্তা

 অভিনেতা সুশান্ত সিং ৰাজপুটে দেওবাৰে আত্মহত্যা কৰা ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ তেওঁ নিজৰ ঘৰতে চিপ লৈ আত্মহত্যা কৰে৷ কিয় এই অভিনেতাজনে আত্মহত্যা কৰিলে সেই কথা জানিব পৰা নাই৷ এই বলীউডৰ অভিনেতাজনে ৩৪ বছৰ বয়সতে পৃথিৱীৰ পৰা বিদায় ল’লে৷ দেওবাৰে পুৱা তেওঁৰ বান্দ্ৰাৰ ঘৰতে উলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়৷ ইয়াৰ পাছতে আৰক্ষীক খবৰ দিয়ে৷ উল্লেখ্য যে এই ঘটনাৰ পাঁচদিন আগেয়ে তেওঁৰ প্ৰাক্তন ব্যক্তিগত সহকাৰী নিজৰ ঘৰৰ বাৰাণ্ডাৰ পৰা জাপ মাৰি আত্মহত্যা কৰিছিল৷ এই দুয়োটা ঘটনাক লৈ কিবা সম্পৰ্ক আছে বুলি আলোচনা হৈছে৷ প্ৰাপ্ত তথ্য মতে কিছুদিন ধৰি তেওঁ মানসিক অৱসাদত ভূগিছিল৷ তাৰ বাবে তেওঁৰ চিকিৎসা চলিছিল৷ তেওঁ বন্ধুৰ সৈতে যোগাযোগ বন্ধ কৰি দিছিল৷ দেওবাৰে পুৱা বন্ধু বান্ধৱ ঘৰলৈ আহি তেওঁৰ দৰ্জা ভাঙি উলমি থকা অৱস্থাত উদ্ধাৰ কৰে৷ ১৯৮৬ চনত তেওঁৰ জন্ম হয় পাটনাত৷ ২০০৮ চনত তেওঁক প্ৰথম টেলিভিছনত দেখিবলৈ পোৱা যায়৷ তাৰ পাছত ২০১৩ চনত ‘কাই পো চে’ নামৰ ছবিৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰে৷ ইয়াৰ পিছত ‘‌ছিছোৰে’ ‘ডিটেকটিভ বোমকেছ বক্সি‌’‌ ‘‌ৰবতা’‌‌‌ আদি ছবিত অভিনয় কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ তেওঁৰ মৃত্যুত বলীউডৰ তাৰকাসকলে টুইট কৰি শোক প্ৰকাশ কৰিছে৷ ইপিনে শেষ ইনষ্টাগ্ৰাম প’ষ্টত তেওঁ নিজৰ মাতৃৰ সম্পৰ্কে লিখিছিল৷ মাক আৰু নিজৰ ছবি ইনষ্টাগ্ৰামত দি লিখিছিল, চকু পানী শুকাই গৈছে মা৷ সুশান্তৰ মৃত্যুৰ লগত তেওঁৰ মৃত মাতৃৰ সৈতে অভিনয়ৰ ব্যক্তিগত সম্পৰ্কৰ কোনো যোগাযোগ আছে নেকি তাক চাইছে আৰক্ষীয়ে৷ কাৰণ ২০০২ চনত মাতৃৰ মৃত্যুৰ পাছত তেওঁ মানসিকভাৱে অতি আঘাত পাইছিল৷ মাকৰ সৈতে সুশান্তৰ মানসিক যোগাযোগ আছিল অতি ঘনিষ্ঠ বুলি তদন্তকাৰী বিষয়াসকলে জানিব পাৰিছে৷ সুশান্তৰ কোনো ছুইছাইড ন’ট আৰক্ষীয়ে পোৱা নাই৷ প্ৰাথমিক তদন্তত আত্মহত্যা বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে৷ 

ব্ৰহ্মপুত্ৰৰ টুনি সুতিয়ে ভাবুকি কঢ়িয়াই আনিছে ভীমপৰা গাঁৱলৈ ; গাঁও উচান হোৱাৰ আশংকা ।

উজনি-মাজুলী

নামনি মাজুলীৰ শ্ৰীলুহিত গাওঁ পঞ্চায়তৰ অন্তৰ্গত ভকতচাপৰিৰ ভীমপৰা গাঁৱত ব্ৰহ্মপুত্ৰৰ টুনি সুতিয়ে বিগত প্ৰায় এসপ্তাহে ধৰি চলাই থকা গৰা খহনীয়াই অশনি সংকেত কঢ়িয়াই আনিছে গাওঁখনলৈ । যাৰ পৰি-প্ৰেক্ষিতত গাঁওবাসীয়ে বিনিদ্ৰ ৰজনী কটাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । যোৱা বৰ্ষটোত উক্ত গাঁওখনত ব্যাপক  খহনীয়াৰ সৃষ্টি হৈছিল ।  ৰাইজে জিলা উপায়ুক্ত, ব্ৰহ্মপুত্ৰ বৰ্ডক আবেদন-নিবেদন কৰাৰ লগতে সংবাদ মাধ্যমটো সবিস্তাৰে বাতৰি প্ৰচাৰ হোৱাৰ পাছতো গৰাখহনীয়া প্ৰতিৰোধ কৰাটো বাদেই কোনো এজন বিষয়া কৰ্মচাৰীয়ে খহনীয়াগ্ৰস্থ এলেকা পৰিদৰ্শন নকৰাৰ  অভিযোগ গাঁওবাসীৰ । প্ৰশাসনৰ পৰা কোনো ধৰণৰ সহায় লাভ নকৰাত এই বৰ্ষৰ এপ্ৰিল মাহত ৰাইজে গাঁঠিৰ ধন ভাঙি বাঁহৰ গোজ, জেঙেৰে নিজৰ ভূমি সংৰক্ষণৰ বাবে উঠি পৰি লাগিছিল । কিন্তু সেয়াও ফলপ্ৰসু হৈ নুঠিল । বছৰৰ প্ৰথমটো বানে বাঁহৰ গোজসমূহ উঠুৱাই নিয়াৰ লগতে পুনৰ খহনীয়া আৰম্ভ হয় । ৰাইজে পুনৰ জিলা প্ৰশাসনক খহনীয়া বিষয়ে লিখিত ভাবে অৱগত কৰে যদিও বাতৰি লিখা পৰলৈকে কোনো এজন বিষয়া-কৰ্মচাৰী খহনীয়া গ্ৰস্থ এলেকা পৰিদৰ্শন নকৰাত ৰাইজে ক্ষোভ ব্যক্ত কৰিছে । জিলা প্ৰশাসনে ভকতচাপৰি বাসীক মাহী আই দৃষ্টিৰে চোৱা পৰিলক্ষিত হৈছে । ৰাইজে মাজুলী সমষ্টি বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোনোৱালক  বিষয়টোত গুৰুত্ব দি  হস্তক্ষেপ কৰি অঞ্চলটো ব্ৰহ্মপুত্ৰ বুকুত জাহ যোৱাৰ পৰা ৰক্ষা কৰিবলৈ কাতৰ অনুৰোধ জনাইছে । উন্নত প্ৰযুক্তি আৰু বিজ্ঞান সন্মত পৰিকল্পনাৰ অবিহনে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে অঞ্চলটোৰ শতাধিক পৰিয়াল গৃহহীন হৈ পৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে । উল্লেখ্য যে এই অঞ্চলৰ লোক সকল পূৰ্বে মাজুলী ভিতৰতে চহকী মৌজা হিচাপে পৰিগণিত আঁহতগুৰিৰ মৌজাৰ বাসিন্দা আছিল । ১৯৮৬ চনত হোৱা প্ৰলয়ংকাৰী খহনীয়াৰ ফলত গৃহহীন হৈ পৰা লোক সকল ইয়াত সংস্থাপিত হৈছিল । গতিকে সময় থাকোতেই গৰা  খহনীয়া প্ৰতিৰোধৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে এই লোকসকল পুনৰ গৃহহীন হৈ পৰা আশংকাত দিন অতিবাহিত  কৰিছে জনসাধাৰনে  । 

পুনৰ বৃদ্ধি পেট্ৰল, ডিজেলৰ দাম ।

দৈনন্দিন বাৰ্তা

 পুনৰ পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে৷ দেওবাৰে প্ৰতি লিটাৰ পেট্ৰলৰ দাম ৬২ পইচা আৰু ডিজেলৰ দাম ৬৪ পইচাকৈ বৃদ্ধি কৰে৷ সকলো মিলি আঠ দিনত পেট্ৰল আৰু ডিজেলৰ দাম ক্ৰমে ৪.৫২ টকা আৰু ৪.৬৪ টকাকৈ বৃদ্ধি পালে৷ দেশজুৰি তেলৰ দাম বঢ়ালেও স্থানীয় কৰ আৰু ভেট মিলি বিভিন্ন ৰাজ্যত তেলৰ দাম বেলেগ বেলেগ৷ উল্লেখ্য যে লকডাউন শিথিল হোৱাত পথত গাড়ী চলাচল কৰিছে৷ তাৰ লগে লগে পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি পালে৷ ইপিনে আন্তৰ্জাতিক বজাৰত তেলৰ দাম কমিছে৷ সেয়ে দেশতো তেলৰ দাম কমাৰ কথা আছিল৷ কেন্দ্ৰই কৰৰ পৰিমাণ বৃদ্ধিৰ বাবে এনেদৰে দাম বৃদ্ধি কৰিছে বুলি বিভিন্নজনে মত প্ৰকাশ কৰিছে৷ ইয়াৰ লগে লগে বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷

এবছৰে ঠিকাদাৰী প্ৰতিষ্ঠানে নিৰ্মাণ সম্পূৰ্ণ নকৰিলে নগাঁৱৰ মৰিকলঙৰ পকী নলা ৷ জিলা উপায়ুক্তৰ প্ৰত্যক্ষ হস্তক্ষেপ দাৱী স্থানীয় ৰাইজৰ ।

নগাঁৱৰ মৰিকলঙৰ পকী নলাৰ লেতেৰা দূৰ্গন্ধময় পানী গৃহস্থিৰ ঘৰৰ ভিতৰলৈ সুমোৱাত অঞ্চলবাসীৰ তীব্ৰ ক্ষোভ ৷

নগাঁও :

 নগাঁও জিলাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অংশত বৰঘাট-মৰিকলং নগাঁও চহৰ সংযোগী পথৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নগাঁও কলেজ পুলিচ পইন্টৰ পৰা মৰিকলং প্ৰগতি সংঘ ও পুথিভঁৰাল প্ৰৰ্যন্ত অংশৰ পথ সম্প্ৰসাৰণৰ পিছত দুয়োটা গুৰুত্বপূৰ্ণ পথ বৰ্তমান পথচাৰি সকলৰ বাবে আৰু অধিক বিপদজনক ৰূপেহে পৰিগণিত হৈছে ৷
গড়কাপ্তানি বিভাগৰ নগাঁও ৰাজ্যিক পথ সংমণ্ডলে বিগত ২০১৬-১৭ বৰ্ষৰ চি আৰ এফ শিতানৰ ধনৰে নগাঁও চহৰৰ মাজেৰে পাৰহৈ যোৱা ৩৭ আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথচোৱাৰ তিনিটা অংশ ক্ৰমে নগাঁও কলেজ পুলিচ পইন্টৰ পৰা বৰঘাট, নগাঁও কলেজ পুলিচ পইন্টৰ পৰা উৰিয়াগাঁও আৰু নগাঁও কলেজ পুলিচ পইন্টৰ পৰা ডিমৌ পথছোৱাৰ উন্নীতকৰণ আৰু সম্প্ৰসাৰণৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্যযে,নগাঁও কলেজ পইন্টৰ পৰা উৰিয়াগাঁও বাইপাছ চ’ক পৰ্যন্ত ৬.৬৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ বাবে অনুমোদন জনোৱা হৈছিল ১৭ কোটি ২১ লাখ ৮২ হেজাৰ টকা, নগাঁও কলেজ পইন্টৰ পৰা বৰঘাট চ’ক পৰ্যন্ত ৫.১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ বাবে ১১ কোটি ৫২ লাখ ৭৩ হেজাৰ টকা আৰু নগাঁও কলেজ পুলিচ পইন্টৰ পৰা ডিমৌ বাইপাচলৈ (চাৰিলেনযুক্ত) ১০.৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰো উন্নীতকৰণ আৰু সম্প্ৰসাৰণৰ বাবে একেটা আঁচনিৰ অধীণত ৩৮ কোটি ৪৪ লাখ ৩৯ হেজাৰ টকা আবন্টন দিয়া হৈছিল। বিগত ২০১৭ বৰ্ষৰ ২০ নৱেম্বৰত এই কামৰ আধাৰশিলা স্থাপন কৰিছিল তেতিয়াৰ কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইয়ে। কাম কেইটাৰ ঠিকা লাভ কৰিছিল ক্ৰমে-বিমল কুমাৰ আগৰৱালা,ইউ চি এন কনষ্ট্ৰাকচন আৰু ৰাম অৱতাৰ আগৰৱালাই । সেই কাম সম্পূৰ্ণ কৰাৰ নিৰ্ধাৰিত তাৰিখ আছিল ৬-৫-২০১৯ আৰু ২৬-৬-২০১৯ ।প্ৰাককলন অনুসৰি, আটাই কেইটা পথৰেই উন্নীতকৰণৰ লগতে দুয়ো কাষত পকী নলা নিৰ্মাণ আৰু পথৰ কাষত চি চি ব্লক বহুৱাই পথ কেইটা ৰাইজৰ সুবিধাৰ বাবে মুকলি কৰি দিব লাগিছিল ৷ আবন্টিত টকাৰ পৰাই নগাঁও কলেজ পুলিচ পইন্টৰ পৰা বৰঘাটলৈ পথছোৱাত তিনিটা বক্স কাৰ্লভাৰ্ট আৰু পকী নলা নিৰ্মাণৰ বাবদ ২ কোটি ৬ লাখ টকা,নগাঁও কলেজ পুলিচ পইন্টৰ পৰা উৰিয়াগাঁও পথৰ পকী নলা নিৰ্মাণৰ বাবে ৫.৮৬ কোটি কোটি টকা আৰু নগাঁও কলেজ পুলিচ পইন্টৰ পৰা ডিমৌলৈ পথছোৱাত পকী নলা নিৰ্মাণৰ বাবে ১০ কোটি টকা আবন্টন দিয়া হৈছিল। ইতিমধ্যে পথকেইটাৰ  উন্নীতকৰণৰ কাম প্ৰায় ৭০-৮০ শতংশ সম্পূৰ্ণ হৈছে যদিও ঠায়ে ঠায়ে চাইডবাম আৰু নলা নিৰ্মাণৰ কাম এতিয়াও বহু পৰিমাণে বাকী আছে। ঠিকাদাৰ গোষ্ঠীৰ মইমতালিৰ বাবেই গড়কাপ্তানি বিভাগে নিৰ্ধাৰণ কৰি দিয়া সময় উকলি যোৱা আজি এবছৰৰ পাছতো পথ কেইটাৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা নাই ৰাইজৰ যাত্ৰায়তৰ সুবিধাৰ বাবে ৷ ইপিনে, পথ কেইটাৰ দুকাষে যি পকী নলা নিৰ্মাণ কৰা হৈছে সেইয়া অতি নিম্নমানদণ্ডৰ হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে। ফলত এই নলাই পানী বহন কৰিব পৰা ক্ষমতা যথেষ্ঠ কম হ’ব বুলিও ৰাইজে মন্তব্য কৰিছে। উল্লেখ্য যে, নগাঁও কলেজ পুলিছ পইন্টৰ পৰা মৰিকলং প্ৰগতি সংঘ ও পুথিভঁৰাল পৰ্যন্ত পথচোবাৰ পকী নলাৰ প্ৰায় ডেৰশ ফোট অংশৰ কাম মৰিকলঙস্থিত বিজেপি কাৰ্যালয় পোবাৰ আগতে মৰিকলং নিৱাসী তথা নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ ৰাজহ বিভাগৰ অৱসৰপ্ৰাপ্ত উচ্চ বৰ্গৰ সহায়ীকা পদ্মা মেধী শইকীয়া আৰু এজন চৰকাৰী শিক্ষক ডিপুল ডেকাৰ নিজ মইমতালি তথা আকোৰগোঁজৰ বাবে আজি পৰ্যন্ত সম্পূৰ্ণ হোবা নাই ৷ স্থানীয় প্ৰতিবেশী ৰাইজৰ অভিযোগ যে, এই দুইগৰাকী ব্যক্তিয়ে নিজ মইমতালি আৰু খেয়ালখুচি মতে চৰকাৰী মাটিৰ ৰাষ্ট্ৰীয় পথলৈকে নিজৰ গাড়ীৰ গেৰেজ,দুমহলীয়া ঘৰ তথা বাওনদেৰীৰ ওৱাল পকী কৰণেৰে বছৰ বছৰ দিন ধৰি অধিগ্ৰহণ কৰি আহিছিল ৷ কিন্তু চৰকাৰী বিভাগে পথচোবা বহল তথা পকী নলা নিৰ্মাণৰ বাবে কাম আৰম্ভ কৰাৰ  সময়তে লাগিল লেঠা ৷ পথ আৰু নলাৰ কাম লাভ কৰা ঠিকাদাৰী প্ৰতিষ্ঠানে কাম কৰিবলৈ আহি  কেইবাবাৰো উভতি যাব লগাত পৰিছে মইমতালি তথা আকোৰগোঁজকাৰী ভদ্ৰতাৰ মুখাপিন্ধা এইদুই আৱাসীৰ পৰা ৷ কিয়নো, তেওঁলোকে বিভিন্ন উজুহাত দেখুৱাই কাম কৰিবলৈ অহা ঠিকাদাৰী প্ৰতিষ্ঠানক ৰাষ্ট্ৰীয় পথৰ চৰকাৰী মাটিত অৱস্থিত হৈ থকা পকী ওৱাল,গাড়ীৰ গেৰেজ আৰু দুমহলীয়া পকী ঘৰৰ বেৰ আদি ভাঙিবলৈ কোনো প্ৰকাৰে অনুমতি নিদিয়ে ৷ আনকি,তেওঁলোকে এইক্ষেত্ৰত নগাঁও ৰাজহ বিভাগক ৰাষ্ট্ৰীয় পথৰ মাটিত থকা তেওঁলোকৰ পকী ওৱাল,গাড়ীৰ গেৰেজ আৰু দুমহলীয়া ঘৰৰ কোনো অংশ নাভাঙিবলৈ বহুবাৰ আবেদন নিবেদন কৰি ঠিকাদাৰী প্ৰতিষ্ঠানক কাম বন্ধ কৰি অঞ্চলবাসীক তীব্ৰ হাৰাশাস্তি সন্মুখত পেলোবাৰ গুৰুত্বৰ অভিযোগ উঠিচে ৷ এইক্ষেত্ৰত নগাঁৱৰ ৰাজহ বিভাগৰ মণ্ডল,কানাগু তথা পৌৰ সভাৰ অভিযন্তা-বিষয়া,ঠিকাদাৰী প্ৰতিষ্ঠানৰ অভিযন্তা-বিষয়া আদি বাৰম্বাৰ আহি পথচোবাৰ উক্ত অংশত চৰকাৰী হিচাপত যিমান পৰিমানৰ মাটি আছে তাত বিভাগৰ তৰফৰ পৰা বিভাগীয় ৰঙা চিহ্নৰ লগতে কাৰ্যালয়ৰ তথ্য নম্বৰ দিয়াৰ পিছতো ঠিকাদাৰী প্ৰতিষ্ঠানটোক আজি পৰ্যন্ত এইদুই ভদ্ৰতাৰ মুখাধাৰী আৱাসীয়ে পথচোবা অৰ্ধ নিৰ্মীত প্ৰায় ডেৰশ ফোট নলাৰ লগতে পথৰ কাম কৰিবলৈ কোনো প্ৰকাৰে অনুমতি প্ৰদান কৰা নাই ৷ প্ৰতিবেশী আৱাসী সকলৰ অভিযোগ এই যে, ঠিকাদাৰী প্ৰতিষ্ঠানে  মৰিকলংৰ মাত্ৰ এই ডেৰশ ফোট অংশৰ নলা আজি এবছৰে পকী নকৰাৰ বাবে এজাক বৰষুণতে আৱাসী সকলৰ গৃহত নলাৰ দূৰ্গন্ধময় লেতেৰা পানী প্ৰৱেশ কৰি চুতালৰ লগতে ঘৰৰ ভিতৰ উপচি পৰে ৷ অৰ্ধনিৰ্মিত এই ডেৰশ ফোট নলাত আজি দিৰ্ঘদিন ধৰি মহদাহে কণী পৰাৰ ফলত অঞ্চলৰ আৱাসী সকলৰ ঘৰৰ ভিৰতে বাহিৰে মহদাহৰ উৎপাত বৃদ্ধি পাইছে ৷ সন্ধিয়া সময়ত নিজৰ নিজৰ পদুলিত এখন্তেক ৰও বুলিও আৱাসী সকল ৰখিব নোবাৰা অৱস্থাৰ সন্মূখীন হৈছে ৷ সেয়ে, অতিশীৰ্ঘে এই ডেৰশ ফোট অৰ্ধনিৰ্মিত নলাৰ লগতে অৰ্ধ নিৰ্মিত পথৰ অংশ নিৰ্মাণ কৰি অঞ্চল বাসীৰ লগতে পদপথটিৰে ৰাইজৰ যাত্ৰায়ত সুবিধা কৰিবৰ বাবে জিলা উপায়ুক্তৰ প্ৰত্যক্ষ হস্তক্ষেপ দাৱী কৰিছে প্ৰতিবেশী অঞ্চল বাসীয়ে ৷ আনহাতে, বহুকেইগৰাকী স্থানীয় সচেতন ব্যক্তিয়ে পথটোৰ কাষতে থকা বিদ্যুতৰ খুঁটা সমূহৰ ক্ষেত্ৰত কয়,”পথৰ দাঁতিত থকা বিদ্যুত খুঁটা বোৰ পথ সম্প্ৰসাৰণৰ পাছত পথৰ প্ৰায় মাজত পৰাত প্ৰতি পদে পদে পথচাৰিৰ বাবে অতিকৈ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। এই বিদ্যুৎ খুঁটা বোৰ বৰ্তমানৰ পথৰ কাষলৈ স্থানান্তৰ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছো । যাতে উক্ত পথছোবাত অনাগত দিনত এনে কোনো ভয়ংকৰ দূৰ্ঘটনাত সংঘটিত নহয়”৷

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে।

ৰক্তদাতা দিৱস উপলক্ষে পত্নী সহ নলবাৰী জিলা উপায়ুক্তৰ ৰক্তদান ।

আজি ৰাতিপুৱা ৰক্তদাতা দিৱস উপলক্ষ্যে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত এক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

নলবাৰী :

যিজন চিকিৎসকে ব্লাড গ্ৰুপ আৱিস্কাৰ কৰিছিল আজি সেই আৱিষ্কাৰক কাৰ্লো লেন্স স্পেইনাৰৰ জন্মদিৱস । ৰক্তদাতা সকলক উৎসাহিত কৰিবলৈ তেওঁৰ জন্ম দিৱসটি ৰক্তদাতা দিৱস হিচাপে প্ৰতিবছৰে পালন কৰা হয় । কোৱা হয় ৰক্তদান মানে জীৱন দান । আজি ৰাতিপুৱা ৰক্তদাতা দিৱস উপলক্ষ্যে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত এক অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানত কাৰ্লো লেন্স স্পেইনাৰৰ প্ৰতিচ্ছৱিত শ্ৰদ্ধাঞ্জলি জনোৱা হয় । এই অনুষ্ঠানত উপস্থিত থাকি নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী আৰু তেওঁৰ পত্নী দিপ্তী দেৱ চৌধুৰীয়ে ৰক্তদান কৰে । অনুষ্ঠানৰ আৰম্ভণিতে চিকিৎসালয়খনৰ চিকিৎসক আৰু নাৰ্ছসকলে ভাৰত ৰত্ন  ড: ভূপেন হাজৰিকাৰ কালজয়ী গীত”মানুহে মানুহৰ বাবে ” গানটো গায় । অনুষ্ঠানত আঁত ধৰে ডা: কামেশ্বৰ লহকৰে । আজি অনুষ্ঠিত এই ৰক্তদাতা দিৱসৰ অনুষ্ঠানত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: উমেশ ফাংচু,ডা: কৈলাশ ডেকাকে ধৰি প্ৰমুখ্যে বহু কেইজন চিকিৎসক সহ চিকিৎসা কৰ্মী সকল উপস্থিত থাকে ।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে  ইয়াত ক্লিক কৰি আপুনি আমাৰ ফেচবুকত ‘লাইক‘ কৰিব পাৰে।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহকাৰী পৰিসংখ্যা বিষয়া টুপুল শৰ্মাক নিলম্বন ।

নলবাৰী :

বৰ্তমানে দেশ তথা ৰাজ্যত কোভিড-১৯ দুৰ্যোগ চলি থকা সময়ত চৰকাৰী বিষয়া-কৰ্মচাৰীসকলৰ সকলো ধৰণৰ ছুটী বাতিল কৰা হৈছে । নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে জিলাখনৰ সকলো বিষয়া- কৰ্মচাৰীক ইতিমধ্যে কোনো ধৰণৰ ছুটী ন’লবলৈ লিখিত নিৰ্দেশ দিছিলে আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীক বিভিন্ন জৰুৰী কৰ্তব্যত নিয়োজিত কৰিছিলে । এই দুৰ্যোগৰ সময়ত কৰ্তব্যত গাফিলতি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন অনুসৰি শাস্তিমূলক ব্যৱস্থা লোৱা হ’ব বুলিও জনাই দিছিলে। এই দুৰ্যোগৰ সময়তো নলবাৰীৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহকাৰী পৰিসংখ্যা বিষয়া টুপুল শৰ্মাই কৰ্তব্যত অনুপস্থিত থকা বুলি জানিব পাৰে উপায়ুক্ত গৰাকীয়ে । আৰু সেইমৰ্মে কৰ্তব্যত অবহেলা কৰাৰ কাৰণে নলবাৰী পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়া টুপুল শৰ্মাক তৎকালীন ভাবে কাৰ্যকৰী হোৱাকৈ অসম কোভিড- ১৯ অধিনিয়মৰ অধীনত নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে নিলম্বন কৰে ।

কলিয়াবৰৰ খহনীয়া পীড়িত অঞ্চলত ৰকি-গৌৰৱ । অগপ-ভাজপা আৰু বৰঘূলীবাসীৰ তীব্ৰ প্ৰতিক্ৰিয়া ।

কলিয়াবৰৰ খহনীয়া পীড়িত অঞ্চলত ৰকি-গৌৰৱ

কলিয়াবৰ : 

সংখ‍্যালঘূ ভোটেৰে সাংসদ হোৱা গৌৱৰ গগৈৰ সংখ‍্যলঘূ প্ৰীতিৰ নমূনাত ক্ষুব্ধ সংখ‍্যালঘূ বসতি প্ৰধান বৰঘূলীৰ ৰাইজ।শুকুৰবাৰে সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনৰ কলিয়াবৰৰ বৰঘূলী অঞ্চল পৰিদৰ্শন কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কলিয়াবৰত। কৰ’না সক্ৰমণৰ বাবে লকডাউনৰ পিচত দেশ প্ৰথমটো আনলক – ১ৰ সময়ত সকলো চৰকাৰী নীতি-নিয়ম উলঙ্ঘা কৰি বৰলুইতৰ খহনীয়া পীড়িত বৰঘূলী অঞ্চল পৰিদৰ্শন কৰি সস্তীয়া ৰাজনীতি কৰা বুলি তীব্ৰ অভিযোগ উত্থাপন কৰিছে কলিয়াবৰ জিলা অগপ আৰু জিলা ভাজপাৰ বৰঘূলী আঞ্চলিকে। আনকি কৰ’নাৰ সমূহীয়া সংক্ৰমণৰ সন্দেহ প্ৰকট হোৱা এই জটিল সময়ছোৱাত দুই সাংসদ-বিধায়কৰ এই ভ্ৰমণে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।পোন্ধৰ বছৰ কংগ্ৰেছ চৰকাৰত মন্ত্ৰী হৈ থকাৰ পিছতো চুবুৰীয়া কলিয়াবৰ সমষ্টিৰ বৰঘূলী খহনীয়াৰ প্ৰতি দৃষ্টি নিদিয়া ৰকিবুল হুছেইনে যিটো সময়ত জল সম্পদ বিভাগে খহনীয়া ৰোধৰ বাবে ব‍্যৱস্থা লৈছে সেই সময়ত বিভ্ৰান্তিৰ সৃষ্টি কৰি সস্তীয় ৰাজনীতি নকৰিবলৈ সকিয়াই দিছে অঞ্চলৰ ৰাইজে। আনহাতে পিতৃ তৰুণ গগৈ, খুৰাক দীপ গগৈৰ পিছত একমাত্ৰ সংখ‍্যলঘূ ভোটৰ জৰিয়তে সাংসদ হোৱা গৌৰৱ গগৈয়ে সংখ‍্যালঘূ অঞ্চলটোৰ বিপদৰ সময়ত সহানুভূতি প্ৰদৰ্শন কৰাৰ বিপৰীতে বৰ্তমানৰ চৰকাৰখনক দোষাৰোপ কৰি জল সম্পদ মন্ত্ৰী কেশৱ মহন্তকো খহনীয়াৰ বাবে একো নাই কৰা বুলি দিয় অপবাদ স্থানীয় বৰঘূলীবাসীয়ে কোনো কাৰণতে মানি নলয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দুই দলৰ সদস‍্যই।অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ বৰঘূলী আঞ্চলিক তথা স্থানীয় ৰাইজে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ তীব্ৰ সমালোচনা কৰে।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে ইয়াত ক্লিক কৰি আপুনি আমাৰ ফেচবুকত ‘লাইক‘ কৰিব পাৰে।

সাংবাদিকতাক বিদায় এনডিটিভিৰ সাংবাদিক নিধি ৰাজদানৰ ।

দৈনন্দিন বাৰ্তা

সাংবাদিকে বিদায় দিলে সাংবাদিকতা৷ নিধি ৰাজদান নামৰ সাংবাদিকগৰাকীয়ে সাংবাদিকতা বিদায় জনাইছে৷ ২১ বছৰ ধৰি কাম কৰাৰ পাছত এনডিটিভি তেওঁ এৰিছে৷ তেওঁ হার্ভার্ড বিশ্ববিদ্যালয়ত আৰ্টছ এণ্ড ছায়েন্স ফেৰালিটিত তেওঁ অধ্যাপনা কৰিব৷ নিজৰ টুইটত তেওঁ এই খবৰো দিয়ে৷ তেওঁ লিখিছে, এনডিটিভিত মই সকলো শিকিছো৷ মই ইয়াত যি দৰে কাম কৰিছো৷, যি ধৰণে খবৰ কৰিছো, য’ত আদৰ্শক লৈ কাম কৰিছো তাক এৰাটো ডাঙৰ কাম কৰিব বিচাৰিছো৷ এই সময়ত যিসময়ত সকলো সংবাদ মাধ্যমে আত্মসমর্পণ কৰিছে তেতিয়াও মই কাম কৰিছো৷ ইয়াক লৈ মই গৰ্ব কৰো৷ এনডিটিভিৰ সহকাৰী প্রতিষ্ঠাতা প্ৰণয় ৰায় আৰু ৰাধিকা ৰায়ৰ উদ্দেশ্যী তেওঁ লিখে যে মাত্ৰ ২২ বছৰ বয়সত মই আপোনালোকৰ সংগ পাইছিলো৷ মোৰ ওপৰত আপোনালোকে বহু বিশ্বাস ৰাখিছিল৷ ২২ বছৰ বয়সতে সৰ্বভাৰতীয় সংবাদ মাধ্যম এনডিটিভিত সাংবাদিকতাৰ কাম আৰম্ভ কৰিছিল৷ তেওঁ বিগত দুটা দশক ইংৰাজীত সাংবাদিকতা কৰি বৃহৎ ঠাই দখল কৰিছিল৷ আৰম্ভণিৰ পৰাই নিশাৰ বাতৰি পৰিৱেশন কৰে টিভিৰ পৰ্দাত৷ নাম দিছিল ‘লেফ্ট, ৰাইট আৰু চেণ্টাৰ’৷ ২০১৭ চনত ‘লেফ্ট, ৰাইট আৰু চেণ্টাৰ ঃ দ্য আইডিয়া অব ইণ্ডিয়া’ নামৰ এখন গ্ৰন্থ তেওঁ লিখিছিল৷ ৰাজদানে জম্মু–কাশ্মীৰৰ কাঠুৱা ধর্ষণ কাণ্ডৰ ৰিপৰ্টিঙৰ বাবে ‘ইণ্টাৰনেচনেল প্ৰেছ ইনষ্টিটিউট ইণ্ডিয়া’ বঁটা পাইছিল৷

চৰকাৰীভাৱে তালিকাত ঠাই পালে ক’ৰোনাৰ দুটা উপসৰ্গই ।

দৈনন্দিন বাৰ্তা

চৰকাৰীভাৱে ক’ৰোনা উপসৰ্গৰ তালিকাত সংযোজিত হ’ল আন দুটা উপসৰ্গ৷ হঠাৎ স্বাদ হেৰুৱা আৰু গোন্ধ নোপোৱা হ’ল এই উপসৰ্গ৷ উপসৰ্গৰ তালিকা বৃদ্ধি পোৱাক লৈ আলোচনা হৈছে ইতিমধ্যে৷ স্বাস্থ্য মন্ত্ৰালয়ৰ গাইডলাইন মতে আগতে আছিল সাতটা উপসৰ্গ৷ জ্বৰ, পানীলগা তথা কাঁহ, ক্লান্তি, স্বাসকষ্ট, পেশীত বিষ, ডিঙিৰ বিষ আৰু ডায়েৰীয়া৷ দেওবাৰে ৰাষ্ট্ৰীয় টাস্ক ফৰ্চৰ সভাত এই বিষয়টো লৈ আলোচনা হয়৷ স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰ মতে যিকোনো ফ্লু বা ইনফ্লুয়েঞ্জাৰ হ’লেই এই ধৰণৰ উপসৰ্গ দেখা যায়৷ ফলত পৃথক কৰি ইয়াক উপসৰ্গ হিচাপে বহুৱে ধৰিব নিবিচাৰে৷ কিন্তু আমেৰিকাত ‘স্বাদ নোপোৱা বা গোন্ধ নোপোৱা’ লক্ষণক ক’ভিড উপসৰ্গ বুলি তালিকাভুক্ত কৰা হৈছে৷ সেই দেশত বহু ৰোগী এই দুই উপসৰ্গৰ কথা ৰিপৰ্ট কৰিছে৷ এইবাৰ ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়েও এই দুই উপসর্গক ক’ভিডৰ উপসর্গ হিচাপে ঘোষণা কৰে৷