যিটো সময়ত সমগ্ৰ দেশতে ছাত্ৰ ছাত্ৰী সকলে অনলাইন ক্লাছত ব্যস্ত হব লগীয়াত পৰিছে তেনে সময়তে ৰাজ্যৰ হেজাৰ হেজাৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাজীৱ গান্ধী কম্পিউটাৰ শিক্ষা আঁচনিৰ অধীনত কম্পিউটাৰ কক্ষ থকাৰ পাছতো এতিয়া ছাত্ৰ ছাত্ৰী সকলে বিদ্যালয়ৰ কম্পিউটাৰ ৰুমত কম্পিউটাৰ শিকিবলৈ শিক্ষকক বিচাৰি হাহাকাৰ কৰি থকা ঘটনাই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শৈক্ষিক মহলত। উল্লেখযোগ্য যে ২০০৩ চনতে ৰাজ্যৰ বিদ্যালয় সমূহত ৰাজীৱগান্ধী কম্পিউটাৰ স্বাক্ষৰতা অভিযান আঁচনিৰ জৰিয়তে কম্পিউটাৰ শিক্ষা আৰম্ভ কৰা হৈছিল। এমত্ৰনৰ অধীনত কেবাটাও ব্যক্তিগত প্ৰতিষ্ঠানৰ জৰিয়তে শ শ শিক্ষক নিযুক্তি দিয়া হৈছিল যদিও বছৰ বছৰ ধৰি শিক্ষকতা কৰা এই সকল শিক্ষকৰ চাকৰিৰ ম্যাদ যোৱা দুই তিনিটা বছৰত পৰ্যায় ক্ৰমে শেষ হয়। পুনৰ নিযুক্তিৰ বাবে কম্পিউটাৰ শিক্ষক সকলে বহু প্ৰতিবাদ, আন্দোলন কৰাৰ পাছত সৰ্বানন্দ সোনোৱাল চৰকাৰে যোৱা বছৰত বাণীকান্ত কম্পিউটাৰ স্বাক্ষৰতা আঁচনিৰ জৰিয়তে প্ৰায় এঘাৰশ শিক্ষকক পুনৰ নিযুক্তি দিয়ে যদিও সূক্ষ্ম কাৰণত দুই সহস্ৰাধিকৰো অধিক শিক্ষক বাদ পৰি যায় এই চাকৰিৰ পৰা। সম্প্ৰতি হাতত চাকৰিৰ বাবে উপযুক্ত অৰ্হতা লৈও নিজৰ চাকৰিৰ বাবে ৰৈ থাকিব লগা হৈছে এই সকল শিক্ষকে। ইফালে বিদ্যালয় সমূহত কম্পিউটাৰৰ সুব্যৱস্থা থকাৰ পাছতো কম্পিউটাৰ শিকিবলৈ ছাত্ৰ ছাত্ৰী সকলে শিক্ষকক নাপায় হাহাকাৰ কৰিব লগা হৈছে। বহু বিদ্যালয়ত একাংশ ছাত্ৰ ছাত্রীয়ে কম্পিউটাৰ বিজ্ঞান ঐচ্ছিক বিষয় হিচাবে লৈ এতিয়া শিক্ষকক নাপাই হাহাকাৰ কৰিব লৈছে। আনহাতে, ৰাজীৱ গান্ধী কম্পিউটাৰ শিক্ষা আঁচনিৰ অধীনত ২০১৩ চনত ৭৫০ জন উচ্চ শিক্ষিত কম্পিউতাৰ শিক্ষকক এমত্ৰনৰ দ্বাৰা ঠিকা ভিত্তিক হিচাবে নিযুক্তি দিয়া হৈছিল। সেই সময়ত এই সকল শিক্ষকক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা স্নাতকলৈ নিম্নতম ৫০ শতাংশ নম্বৰ আৰু কম্পিউটাৰ ডিপ্লোমা বাধ্যতামূলক কৰি আৰু নিযুক্তিৰ পূৰ্বে পৰীক্ষা লৈ বাছনি কৰি চাকৰিত নিয়োগ কৰিছিল। ২০১৬ চনত এই সকল শিক্ষকৰ চাকৰিৰ ম্যাদ উকলি গৈছিল যদিও শেহতীয়াকৈ ৰাজ্য চৰকাৰে বাণীকান্ত কম্পিউটাৰ শিক্ষা আঁচনিৰ জৰিয়তে নিয়োগ কৰা কম্পিউটাৰ শিক্ষকৰ পৰা বাদ পৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এই ৭৫০ গৰাকী উচ্চ শিক্ষিত ও সু অৰ্হতা সম্পন্ন শিক্ষকে। অভিযোগ মতে, বাণীকান্ত কাকতি আঁচনিত চাৰি বছৰ কম্পিউটাৰ শিক্ষক হিচাপে কাম কৰাৰ অভিজ্ঞতা বিচাৰিছিল যদিও এই সকল শিক্ষকৰ মাত্ৰ দুই- এমাহ অভিজ্ঞতা কম থকাৰ কাৰণে চৰকাৰে নাটকীয় ভাবে বঞ্চিত কৰে নতুন আঁচনিটোত নিযুক্তি দিয়াৰ পৰা। যাৰ কাৰণে নিজৰ চাকৰি হেৰুৱাই এতিয়া পৰিয়াল পোহপালৰ বাবে হাহাকাৰ কৰিব লগাত পৰিছে এওঁলোক । বাণীকান্ত আঁচনিত এই সকল শিক্ষকে নিজৰ নাম অন্তৰ্ভুক্ত হব বুলি সম্পূৰ্ণ আশ্বস্ত আছিল যদিও চাকৰিৰ পৰা বঞ্চিত হৈ মানসিক ভাৱে ভাগি পৰিছে তেওঁলোকে। অতি শীঘ্ৰে ৰাজীৱ গান্ধী কম্পিউটাৰ স্বাক্ষৰতা অভিযানত কাম কৰা সমূহ শিক্ষকক বাণীকান্ত কম্পিউটাৰ আঁচনিৰ অধীনত নিযুক্তি দিবলৈ সব কে সব কা বিকাশৰ কথা কোৱা চৰকাৰ খনৰ কথা কোৱা চৰকাৰ খনৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ অনুৰোধ জনাইছে ।
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ দক্ষিণ বৰভাগ আঞ্চলিক সমিতিৰ উদ্যোগত চিত্ৰাংকণ আৰু ৰচনা প্ৰতিযোগিতা
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, দক্ষিণ বৰভাগ আঞ্চলিক সমিতিৰ উদ্যোগত কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখনি চিত্ৰাংকণ আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। দুটাকৈ শাখাত অনুষ্ঠিত কৰা দুয়োটা প্ৰতিযোগিতাত প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতা সমূহ শেষ হোৱাৰ পিছত বঁটা বিতৰণ কৰ্যসূচী অনুষ্ঠিত কৰা হয়। চিত্ৰাংকণ প্ৰতিযোগিতাৰ নিম্ন শাখাত প্ৰথম স্থান লাভ কৰে মঃ চাজিদ উল্লাহে, দ্বিতীয় স্থান লাভ কৰে কৃতাৰ্থ কলিতাই,তৃতীয় স্থান লাভ কৰে কুলদিপ দাসে। চিত্ৰাংকণ প্ৰতিযোগিতাৰ উচ্চ শাখাত প্ৰথম স্থান লাভ কৰে ভাৰ্গৱ তালুকদাৰে, দ্বিতীয় স্থান লাভ কৰে বনজিত দাসে, তৃতীয় স্থান লাভ কৰে দেৱাশীষ পাটোৱাৰীয়ে। আকৌ, ৰচনা প্ৰতিযোগিতাৰ নিম্ন শাখাত প্ৰথম স্থান লাভ কৰে পূৰ্ণিমা দাসে, তৰালী দাসে, তৃতীয় স্থান লাভ কৰে কৃতাৰ্থ কলিতাই। উচ্চ শাখাত প্ৰথম স্থান লাভ কৰে দেৱাশীষ পাটোৱাৰীয়ে, দ্বিতীয় স্থান লাভ কৰে জ্যোতিৰাজ বেজবৰুৱাই, তৃতীয় স্থান লাভ কৰে ভাৰ্গৱ তালুকদাৰে। বৰভাগ আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী জ্যোতিষ্মিতা শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত উক্ত সভাত উদ্বোধক হিচাপে উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিৰ সাংগঠনিক সম্পাদক তাজিমউদ্দিন আহমেদ, মুখ্য অতিথি তথা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বৰভাগ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি কুলেশ চন্দ্ৰ ডেকা। লগতে উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বৰভাগ আঞ্চলিক সমিতিৰ যুটীয়া সম্পাদক জিয়াউল ৰহমান, সংগঠনিক সম্পাদক বিৰু আলী আৰু বিতোপন হালৈ, সমাজসেৱা সম্পাদক দেৱাশিষ কলিতা, দক্ষিণ বৰভাগ শাখা সমিতিৰ সভাপতি প্ৰাঞ্জল হালৈ আৰু সাধাৰণ সম্পাদক বিকাশ দাস, উপ-সভাপতি পল্লৱ দাস, ভাস্কৰজ্যোতি দাস, কংকণ হালৈ আৰু চাহিদুল আলি আদি। প্ৰেৰণাদায়ক বক্তৱ্যৰে সমাপন হোৱা উক্ত সভাত স্থান প্ৰাপ্ত সকলক কিতাপৰ টোপোলা আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হয়।
বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অসমৰ বাবে দিলে সুখবৰ
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ডিজিটেল পদ্ধতিৰে দাখিল কৰিলে ২০২১-২০২২বৰ্ষৰ বাজেট । সংসদত প্ৰথমবাৰৰ বাবে দাখিল কৰা হ’ল কাগজবিহীন বাজেট। ২০২১-২২ৰ বাজেটত অসমৰ বাবে বিশেষ পেকেজ ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। আগন্তুক তিনিটা বৰ্ষৰ ভিতৰত অসমত ১৩০০ কিলোমিটাৰৰ নতুন ঘাইপথ নিৰ্মাণৰ প্ৰস্তাৱ এই বাজেটত। লগতে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে মুঠ ৩৪০০কোটি টকা ধাৰ্য কৰা হ’ল বাজেটত। অসম, তামিলনাডু, পশ্চিমবংগ আৰু কেৰালাৰ ঘাইপথ নিৰ্মাণৰ ক্ষেত্ৰত ঘোষণা কৰা হ’ল বিশেষ পেকেজ। তামিলনাডুত ১.০৩ লাখ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা হ’ব ৩৫০০কিলোমিটাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ। লগতে কেৰালাৰ ১১০০ কিলোমিটাৰৰ আন্তঃগাঁথনিৰ নিৰ্মাণৰ বাবে ধাৰ্য কৰা হয় ৬৫ হাজাৰ কোটি। তাৰোপৰি পশ্চিমবংগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ বাবে মুঠ ২৫০০০কোটিৰ বাজেট ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ।
অসম গাওঁৰক্ষী দিৱসত বৰপেটা সদৰ থানাৰ চক্ৰ সংগঠকক শ্ৰেষ্ঠ গাওঁৰক্ষী বঁটা প্ৰদান
অসমৰ ঐতিহ্য নগৰী হিচাপে খ্যাত শিবসাগৰ জিলাৰ তলাতল ঘৰৰ বাকৰিত আয়োজিত ২৮ আৰু ২৯ জানুৱাৰী তাৰিখে দুই দিনীয়া কাৰ্যসুচীৰে মুকলি সভাত বৰপেটা সদৰ থানাৰ চক্ৰ সংগঠক যোগেন দাসক শ্ৰেষ্ঠ গাওঁৰক্ষী বঁটা প্ৰদান কৰে । প্ৰত্যেক বছৰে ২৮ আৰু ২৯ জানুৱাৰীত গাওঁৰক্ষী বাহিনীৰ জন্ম দাতা হৰিনাৰায়ন বৰুৱাক সোঁবৰণত বাবে ৰাজ্যিক ভিত্তিত অসমৰ জিলা সমুহত দুই দিনীয়া কাৰ্যসুচীৰে পালন কৰে আৰু জিলাৰ একোখনকৈ দক্ষ চক্ৰ সংগঠকক পুৰস্কাৰ কৰে । এইবাৰো শিবসাগৰত অনুষ্ঠিত কৰা অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধান,কেইবাগৰকী বিধায়ক মন্ত্ৰী সহ অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে বৰপেটা সদৰ থানাৰ চক্ৰ সংগঠক যোগেন দাসক আনুষ্ঠানিকভাৱে শ্ৰেষ্ঠ বটা প্ৰদান কৰে ।২০২০ বৰ্ষত জিলাৰ ভিতৰতে উল্লেখযোগ্য দক্ষতাৰে সেৱা আগবঢ়োৱাৰ বাবে বৰপেটা সদৰ থানাৰ চক্ৰ সংগঠক যোগেন দাসক হাতত এখন বটা আৰু প্ৰংশসা পত্ৰ আগবঢ়ায়।
চলিত খাৰিফ বিপণন বৰ্ষত দেশৰ প্রায় ৮৬ লাখ কৃষক লাভান্বিত
চলিত খাৰিফ বিপণন বৰ্ষত দেশৰ প্রায় ৮৬ লাখ ৭৯ হাজাৰ কৃষক লাভান্বিত হৈছে। এই সময়চোৱাত কৃষকসকলে এক লাখ ১২ হাজাৰ ৭০৯ কোটি টকাৰ ন্যূনতম সমর্থন মূল্য লাভ কৰিছে। কেন্দ্রীয় কৃষি মন্ত্রালয়ে এই বিষয়ে প্রকাশ কৰি কৈছে যে দেশৰ ১৬ খন ৰাজ্যত নিয়াৰিকৈ ধানৰ ক্রয় প্রক্রিয়া অব্যাহত আছে।
দেশত COVID19ৰ পৰা আৰােগ্যৰ হাৰ ৯৬.৯-৯ শতাংশলৈ বৃদ্ধি
দেশত COVID19ৰ পৰা আৰােগ্যৰ হাৰ ৯৬ দশমিক ৯-৯ শতাংশলৈ বৃদ্ধি পাইছে। MoHFW INDIAৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ১৩ হাজাৰতকৈও অধিক কোৱিড ৰােগী সুস্থ হৈ উঠে। ইয়াকে লৈ দেশত বর্তমানলৈ সুস্থ হৈ উঠা ৰােগীৰ সংখ্যাই ১ কোটি ৪ লাখ ২৩ হাজাৰ ১২৫লৈ বৃদ্ধি হৈছে।
১১ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ জোৰা বাজেট অধিবেশন
অহা ১১ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ ৩দিন জোৰা বাজেট অধিবেশন অনুষ্ঠিত হ’ব। ১১ফেব্ৰুৱাৰীৰ পুৱা চাৰে ৯ বজাত ৰাজ্যপালৰ ভাষণেৰে বিধানসভাৰ কার্যক্রমণিকা আৰম্ভ হ’ব। সেইদিনাই বিত্তমন্ত্রী হিমন্ত বিশ্ব শৰ্মা এ সদনত ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে প্রথম তিনিমাহৰ লেখানুদান দাখিল কৰিব।
অখিল গগৈৰ মুক্তিৰ দাবীত হোজাইৰ আকাশ বতাহ কপাই তুলিলে ৰাইজৰ দলে
আজি হোজাই জিলাৰ অন্তৰ্গত ইছলাম নগৰত ৰাইজৰ দলৰ হোজাই জিলা সমিতিৰ কাৰ্যালয় আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয় ৷ ৰাইজৰ দলৰ হোজাই জিলা সমিতিৰ সভাপতি কমল চন্দ্ৰ বৰুৱা, ৰাজ্যিক সাধাৰণ সম্পাদিকা দিলোৱাৰা বেগম চৌধুৰীয়ে ফিতা কাটি ৰাইজৰ দলৰ হোজাই জিলা সমিতিৰ কাৰ্যালয় শুভ উদ্বোধন কৰে ৷
উদ্বোধনী অনুষ্ঠানত কমল চন্দ্ৰ বৰাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত ৰাইজৰ দলৰ হোজাই জিলা সমিতিৰ সম্পাদিকা দিলোৱাৰা বেগম চৌধুৰীৰ লগতে নুৰুল হক, বাচিত আলম চৌধুৰী, আৰিফ উদ্দিন, চাদিকুজ জামান আৰু প্ৰিয়ংকা বৰাই বক্তব্য প্ৰদান কৰে ৷
কাৰ্যালয় উদ্বোধনীৰ পিছত ৰাইজৰ দলৰ ৰাজ্যিক আৰু জিলা সমিতিৰ লগতে যমুনামুখ আৰু হোজাই সমষ্টি কমিটিৰ বিষয়ববীয়া সকলে হোজাই-নীলবাগান সংযোগী গড়কাপ্তানি পথত সমদল কৰি কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবী জনাই তীব্ৰ প্ৰতিবাদ সাৱস্ত কৰে ৷প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হয়, হিমন্ত বিশ্ব শৰ্মা গ বেক, অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়ক আদি বিভিন্ন শ্লগানেৰে ইছলাম নগৰত পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদৰ অন্তত জিলা সভাপতি কমল চন্দ্ৰ বৰুৱা,ৰাজ্যিক সম্পাদিক দিলোৱাৰা বেগম চৌধূৰী আৰু জিলা সম্পাদক আৰিফ উদ্দিনে ক্ষোভ প্ৰকাশ কৰি কয় চৰকাৰে ষড়যন্ত্ৰমূলক বাবে আমাৰ কৃষক নেতা অখিল গগৈক জেলত ভৰাই থৈছে, অতি কম সময়ৰ ভিতৰত অখিল গগৈক মুকলি কৰি নিদিলে সমগ্ৰ অসমত তীব্ৰ গনতান্ত্ৰিক আন্দোলন গঢ়ি তুলা হব বুলি হুংকাৰ প্ৰদান কৰে ৷ লগতে দিলোৱাৰা চৌধুৰীয়ে ৰাইজৰ দল আৰু কৃষক মুক্তিৰ ন পুৰণি সকলো এক গোট হৈ আগন্তক নিৰ্বাচনত অৱতীৰ্ণ হৈ অসমৰ পৰা বিজেপি চৰকাৰ উৎসাত কৰাৰ আহ্বান জনায় ৷ যমুনামুখত যাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ব সেইজন নি:সন্দেহে জয়ী হ’ব বুলি দাবী কৰে দিলোৱাৰা চৌধুৰীয়ে ৷
স্বাস্থ্য ৰক্ষা আৰু পৰিবেশ সংৰক্ষণৰ উদ্দেশ্যে নগাঁৱত চাইকেল ৰেলী
ভাৰত চৰকাৰৰ অধীনস্থ অইল ইণ্ডিয়া লিমিটেড আৰু পেট্ৰলিয়াম সংৰক্ষণ আৰু অনুসন্ধান সংঘৰ আহ্বান ক্ৰমে স্বাস্হ্য ৰক্ষা আৰু পৰিৱেশ সংৰক্ষণৰ উদ্দেশ্যেৰে আজি নগাঁও চহৰত এক চাইকেল ৰেলী উলিওৱা হয়। আজি পুৱা প্ৰায় ৮ বজাত চহৰ খনৰ পানীগাঁও চাৰিআলিৰ ডচন হাইস্কুল খেলপথাৰৰ পৰা ওলোৱা এই চাইকেল ৰেলীত বিশিষ্ট সমাজকৰ্মী তথা বৰ্ষীয়ান নাগৰিক মুকুট ভূঞা, প্ৰবীন ক্ৰীড়া সংগঠক ৰাজেন বৰকাকতিয়ে অংশ গ্ৰহণ কৰাৰ লগতে প্ৰায় ডেৰ শতাধিক ব্যক্তিয়ে ৰেলীটোত অংশ গ্ৰহণ কৰে। নৱপ্ৰজন্মক পেট্ৰলিয়াম সংৰক্ষণ আৰু পৰিৱেশ সংৰক্ষণ কৰাৰ অৰ্থে আয়োজন কৰা এই চাইকেল ৰেলীটো নগাঁও চহৰৰ প্ৰায় ১০ কিলোমিটাৰ পথেৰে পৰিভ্ৰমণ কৰে। উল্লেখযোগ্য যে, অইল ইণ্ডিয়া লিমিটেডৰ আহ্বান ক্ৰমে আজি নগাঁৱৰ লগতে গুৱাহাটী, যোৰহাট আৰু তেজপুৰতো একে উদ্দেশ্যেৰে চাইকেল ৰেলী অনুষ্ঠিত হয়।
পশ্চিম যোৰহাটৰ ম’হবন্ধাত মে-ডাম-মে-ফি পালন
স্বৰ্গৰ অধিপতি,জলৰ অধিপতি,জ্ঞানৰ দেৱতা,দেৱগুৰু,মৃতকসকল,যম-যখিনী,সপ্তমণ্ডলৰ গৰাকী,পৃথিৱীৰ গৰাকী আৰু ব্ৰজ-বিজুলী আদিক পূজা-অৰ্চনা কৰাৰ উদ্দেশ্যে ৩১ জানুৱাৰীত সমগ্ৰ ৰাজ্যৰ লগতে পশ্চিম যোৰহাটৰ বিভিন্ন স্থানত মে-ডাম-মে-ফি পালন কৰা হয়।উপৰিপুৰুষসকলক আৰু দেৱ-দেৱতাসকলক সন্তুষ্ট কৰি ৰখাৰ বাবেই জাতীয় সাজপাৰ পৰিধান কৰি টাই আহোমসকলে বিভিন্ন নৈবেদ্য উপকৰণ আগবঢ়াই মে-ডাম-মে-ফি ম’হবন্ধা স্থিত ছুকাফা সমণ্বয় ক্ষেত্ৰত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় অধীনস্থ সাংস্কৃতিক কেন্দ্ৰটোৰ সহযোগত ছুকাফা সমণ্বয় ক্ষেত্ৰ পৰিচালনা সমিতিখনে পালন কৰা মে-ডাম-মে-ফিৰ কাৰ্যসূচীত বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে।মে-ডাম-মে-ফিৰ তাৎপৰ্য সম্পৰ্কত অৰুণ বৰপাত্ৰগোহাঁই,যোগেশ্বৰ গগৈ প্ৰমুখ্যে বিভিন্নজনে উপস্থিতসকলক বুজাই দিয়ে।অঞ্চলটোৰ মেলেঙ্গীয়ালটো দীপক গগৈ প্ৰমুখ্যে যুৱকসকলৰ উদ্যোগত মে-ডাম-মে-ফি পালন কৰা হয়।অঞ্চলটোৰ আহোম বসতি প্ৰধান গাঁওসমূহত পালন কৰা মে-ডাম-মে-ফিত কাষৰীয়া গাওঁসমূহৰ বিভিন্ন সম্প্ৰদায়ৰ লোকসকলে সহযোগিতা কৰে।











