Home Blog Page 3143

বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ বাৰ্ষিক সভা সম্পন্ন, কেন্দ্ৰীক নতুন শিক্ষানীতিয়ে স্বনিৰ্ভৰশীল ভাৰত নিৰ্মাণ কৰিবঃ ড০ গোবিন্দ চন্দ্ৰ মহন্ত

দৈনন্দিন বাৰ্তাৰ সেৱা, চাংসাৰি, ৮ নৱেম্বৰঃ আজি বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাধাৰণ সভাখন গুৱাহাটী  চন্দ্ৰপুৰ হাজংবৰীস্হিত বহুমুখী প্ৰকল্পত অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলনৰে সভাৰ কাৰ্যসূচী শুভাৰম্ভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপজ্যোতি সন্দিকৈয়ে। কাৰ্যসূচীৰ আৰম্ভণিতে শংকৰদেৱ বিদ্যা নিকেতন  হাজংবৰীৰ আচাৰ্য আচাৰ্যা, বিদ্যাৰ্থীসকলে বন্দনা  পৰিবেশন কৰি আধ্যাত্মিক পৰিবেশ সৃষ্টি কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিগত বৰ্ষত দেশ তথা সমাজৰ কল্যাণৰ হকে জীৱন উচৰ্গা কৰা ব্যক্তিসকলৰ স্মৰণ কৰি এক মিনিট মৌন প্ৰাৰ্থনা জনোৱা হয়। ইয়াৰ পাছতে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকলৰ পৰিচয় দাঙি ধৰে বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সহ সাংগঠনিক সম্পাদক ড০ পৱন তিৱাৰীয়ে।  বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় মন্ত্ৰী আৰু পূৰ্ব্বোত্তৰ ক্ষেত্ৰৰ সাংগঠনিক সম্পাদক ব্ৰহ্মাজী  ৰাওৱে আদৰণি ভাষণ প্ৰদান কৰে।

ৰাওৱে তেওঁৰ ভাষণত  বিদ্যা ভাৰতীৰ পৰিচয় দাঙি ধৰাৰ লগতে প্ৰয়াত শিক্ষাবিদ শান্তনু ৰঘুনাথ শেন্দে সোৱৰনী বঁটা ২০২০ বৰ্ষৰ বাবে  কাঞ্চিকামকোটি বিদ্যা ভাৰতী বিদ্যালয় শ্বিলঙৰ শেখৰৰঞ্জন দাস আৰু একল বিদ্যালয় অভিযান ভাগ  কোকৰাঝাৰ মধু নাৰ্জাৰীক প্ৰদান কৰা হয়। বঁটাত দুয়োকে প্ৰশস্তিপত্ৰ সহ নগদ ২৫০০০ টকাকৈ প্ৰদান কৰা হয়। ইয়াৰ পিছতেই বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ আনুষ্ঠানিক ৱেবছাইট মুকলি কৰা হয়। ড০ জয়কান্ত শৰ্মাৰ সঞ্চালনা অনুষ্ঠিত সভাত  বিশিষ্ট অতিথি সুনিল দেশপাণ্ডে, ড০ পি জে সন্দিকৈয়ে বক্তব্য ৰাখে। আজি সভাত মূখ্য অতিথিৰ বক্তব্য ৰাখি  অখিল ভাৰতীয় সহ সাংগঠনিক সম্পাদক ড০ গোবিন্দ চন্দ্ৰ মহন্তই নতুন শিক্ষা আৰু উত্তৰ পূৰ্বাঞ্চলত বিদ্যাভাৰতীৰ অগ্ৰগতি ওপৰত বিশ্লেষণাত্মক মন্তব্য ৰাখে। নতুন শিক্ষা নীতি ভাৰত কেন্দ্ৰীক শিক্ষা নীতি। এই ভাৰত কেন্দ্ৰীক মূল্যবোধ শিক্ষাৰ জৰিয়তে বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ চলি থকা সকলো বিদ্যালয়তে চলাবলৈ আজিৰ সভাতেই প্ৰস্তাৱ গৃহীত কৰাৰ বাবে মত পোষণ কৰে।

ইয়াৰ লগতে পূৰ্বোত্তৰৰ  সকলো চৰকাৰৰ লগত আলোচনাৰ মাজৰে এই শিক্ষা নীতি সফল ভাৱে আগবঢ়াই নিবলৈ সক্ষম হব বুলি মন্তব্য কৰে। এই শিক্ষা নীতিৰ জৰিয়তে কৌশল বিকাশৰ মাধ্যমৰে দেশক আত্মনিৰ্ভৰ কৰিব পৰা  যাব। শেষত দেশক এটি সুন্দৰ শিক্ষা নীতি উপহাৰ দিয়া বাবে ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। বালিকা শিক্ষাৰ ওপৰত বক্তব্য ৰাখি অনিমা শৰ্মাই নাৰী শক্তিৰ উত্থানেই বিদ্যা ভাৰতীৰ অন্যতম মূল লক্ষ্য আৰু মাতৃশক্তিক স্বনিৰ্ভৰশীল কৰা বাবে কৰ্মৰত হৈ আছে বুলি উল্লেখ কৰে। ইয়াৰ লগতে পূৰ্বোত্তৰ ক্ষেত্ৰ বিদ্যা ভাৰতীৰ  বাৰ্ষিক হিচাপ নিকাচ গৃহিত কৰাৰ লগতে আন আন প্ৰস্তাৱ সমূহ আলোচনাৰ অন্তত গৃহিত কৰা হয়। সভাৰ শেষত পূৰ্বোত্তৰ ক্ষেত্ৰৰ সম্পাদক চাঞ্চীৰাম পায়েঙে শলাগৰ শৰাই আগবঢ়ায়।

ভাগিনক মোবাইল নম্বৰ দি বিপদত মামা, ২২ হাজাৰ মেচেজ-ভিডিঅ’ কল

দৈনন্দিন বাৰ্তাৰ সেৱা, ভূৰাগাওঁ, ৮ নৱেম্বৰঃ শুকুৰবাৰে ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা সভা এখনত সকলোকে দিলে নিজৰ মোবাইল নম্বৰ। পিছে মামাই ফোন কৰিবলৈ নহয়, হোৱাটছ আপ কৰিবলৈহে দিছিল নিজৰ মোবাইল নম্বৰ। কিন্তু এতিয়া মোবাইল নম্বৰ দি বিপদত পৰিছে মামা মানে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

শনিবাৰে এই কথা আমিনগাঁৱত ৰাজুহুৱাকৈ জনালে মন্ত্ৰী শৰ্মাই। মন্ত্ৰী গৰাকীয়ে ‘মোবাইল নম্বৰ দি এতিয়া বিপদ হৈ গ’ল। খুলিব নোৱাৰা হলো।  ২২ হাজাৰ মেচেজ আহিছে, খুলিব পৰা নাই। কি কৰিম ভাবিয়ে পোৱা নাই, আহিয়েই আছে। বিজেপিৰ প্ৰতি এয়া মৰম। ডেকা ল’ৰা ছোৱালীয়ে ভিডিঅ’ কল কৰি আছে।’

লাহৰীঘাটত বিধ্বস্ত বাট-পথে জ্বলা কলা খুৱাইছে অঞ্চলবাসীক

দৈনন্দিন বাৰ্তাৰ সেৱা, ভূৰাগাওঁ, ৮ নৱেম্বৰঃ পৰিৱৰ্তনৰ আশাত ৰাইজে ভোট দান কৰি ক্ষমতাৰ গাদীত বহোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনতো বাট-পথৰ জৰাজীৰ্ণ অৱস্থাই লগ এৰা নাই লাহৰীঘাট বাসীৰ।উল্লেখযোগ্য যে লাহৰীঘাট সমষ্টিৰ কুশতলি গাঁও পঞ্চায়তৰ অন্তৰ্গত তথা লাউভূৰুঙ্গা মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা শান্তিপুৰ হৈ গৰাপাৰৰ জে জি কে পি গড়কাপ্তানি পথ সংযোগী তিনি কিলোমিটাৰ পথ যাতায়তৰ বাবে আজিও সুচল হৈ নুঠিল।

এজাক বৰষুণ হলেই স্কুল-কলেজৰ ছাত্র ছাত্ৰী সকলকে গাঁওবাসীয়ে অহা যোৱা কৰিব নোৱাৰা অৱস্থা হৈ পৰে। আনকি এতিয়াও পথটোৰ এটা ভগ্ন অংশত পানী আছে আৰু এই পানীৰে গৰাপাৰ, শান্তিপুৰ,লাউভূৰুঙ্গা গাঁও বাসীকে ধৰি বৃহত্তৰ অঞ্চলবাসীয়ে যাতায়ত কৰিব লগা হৈছে।ইফালে এই গুৰুত্বপূৰ্ণ পথটোৰ এটা মূৰত দুখনকৈ বিদ্যালয় আৰু আনটোৰ মূৰত এখন খেল পথাৰ আৰু দুখনকৈ বিদ্যালয় আছে যদিও চৰকাৰ তথা স্থানীয় পঞ্চায়তেও পথটো উন্নীতকৰণৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়া অভিযোগ উঠিছে।

প্ৰণিধানযোগ্য যে উল্লিখিত পথটো উন্নীতকৰণৰ সন্দৰ্ভত চলিত বছৰৰ প্ৰথম পৰ্যায়তে মৰিগাঁও জিলাৰ তদানীন্তন উপায়ুক্ত ঋতুৰাজ বৰাৰ হাতত স্থানীয় মহিলা সকলে এখন আবেদন দিছিল যদিও আজিলৈকে স্থানীয় ৰাইজে কোনো সুফল নাপালে।একেদৰেই পথটো প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনিৰ অধীনত এবছৰৰ পূৰ্বে মৰিগাঁও জিলা গড়কাপ্তানি বিভাগ(বৰ্তমান লোক নিৰ্মাণ বিভাগ)ত পথটোৰ নাম  অন্তভুক্তৰ বাবে আবেদন কৰাৰ লগতে বৰ্তমানেও লোক নিৰ্মাণ বিভাগৰ মৰিগাঁও সংমণ্ডলত তাঁত বাটি কাঢ়ি থকা হৈছে যদিও পথটোৰ প্ৰতি বিভাগটোৱে কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। এই ক্ষেত্ৰত এতিয়া স্থানীয় ৰাইজে পথটো উন্নয়নত গুৰুত্ব দিবলৈ জিলা উপায়ুক্ত গৰাকীক দাবী জনাইছে।

উপৰহালীত ‘অদৃষ্টৰ খোজ’ উপন্যাস উন্মোচন

দৈনন্দিন বাৰ্তাৰ সেৱা, মিৰ্জা, ৮ নৱেম্বৰঃ শিক্ষাবিদ তথা সমালোচক ড০ শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াৰ প্ৰথম উপন্যাস ‘অদৃষ্টৰ খোজ’ আজি উপৰহালীৰ নিজ বাসগৃহত আয়োজন কৰা এক গ্ৰন্থ উন্মোচনী সভাত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। এই উপলক্ষে অৱসৰপ্ৰাপ্ত শিক্ষক ৰঞ্জিত কুমাৰ দাসৰ সভাপতিত্বত আয়োজন কৰা সভাত ‘অদৃষ্টৰ খোজ’ উন্মোচন কৰে উপন্যাসিক গৰাকীৰ মাতৃ কুসুম কুমাৰী ঠাকুৰীয়াই। এগৰাকী মাতৃ হিচাপে তেওঁ নিজৰ পুত্ৰৰ উপন্যাস এখন উন্মোচন কৰিবলৈ পাই গৌৰৱান্বিত হোৱা বুলি উল্লেখ কৰে।সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসমৰ কাব্য জগতৰ এগৰাকী বিশিষ্ট কবি নৰেন মজুমদাৰে নিজৰ বক্তব্যত কয় – জীৱনৰ প্ৰথম উপন্যাস ‘অদৃষ্টৰ খোজ’ স্ৰষ্টা ড শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াই সামাজিক পটভূমিত লিখা উপন্যাসখনে ভাগ্যৰ পৰিহাসত মানুহ কিদৰে অসহায় অৱস্থাত পৰে সেয়া উপস্থাপন কৰিবলৈ চেষ্টা কৰা বুলি কয়। আন এগৰাকী অতিথি সমাজকৰ্মী নৃপেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াই ভাষণ ৰাখি নিজৰ ভাতৃৰ উপন্যাসখনে ক্ষয়িস্নু সমাজৰ বাবে এক ইতিবাচক বাৰ্তা কঢ়িয়াব বুলি উল্লেখ কৰে।

সাংবাদিক পৰিষদ অসমৰ কামৰূপ জিলাৰ সাধাৰণ সম্পাদক তথা সাংবাদিক, গল্পকাৰ পবিত্ৰ কুমাৰ দাসে ভাষণ প্ৰদান কৰি ২৩৬ পৃষ্ঠাৰ এখন বৃহৎ কলেবৰৰ উপন্যাস ছয়মাহৰ ভিতৰত লিখি প্ৰকাশ কৰা কাৰ্য সহজ নহয় বুলি কয়। উপন্যাসিক ড০ শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াই লকডাউনৰ সময়খিনি এক মহৎ সৃষ্টিৰ কামত ব্যৱহাৰ কৰা বাবে তেওঁক দাসে বিশেষ ভাৱে অভিনন্দন জনায়। সভাত জ্যেষ্ঠ সাংবাদিক বলেন কলিতা, অৱসৰপ্ৰাপ্ত শিক্ষক মহেশ্বৰ ঠাকুৰীয়া, দেৱেশ্বৰ নাথ, সাংবাদিক হিতেশ কলিতা, মিলন মহন্ত, ভৱানী ঠাকুৰীয়া, অলিবন ঠাকুৰীয়া আদিয়ে ভাষণ প্ৰদান কৰি লেখক ড০ ঠাকুৰীয়াৰ পৰা ভৱিষ্যতেও নতুন গ্ৰন্থ পঢ়িবলৈ পাম বুলি আশা প্ৰকাশ কৰে। শেষত লেখক তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াই উপন্যাসখনৰ ভিতৰত সামাজিক অৱক্ষয় আৰু মানৱতাৰ বিজয়ৰ কাহিনীৰে তেওঁৰ জীৱনৰ প্ৰথম উপন্যাস ‘অদৃষ্টৰ খোজ’ পাঠকৰ হাতত তুলি দিবলৈ পাই অভিভূত হোৱা বুলি উল্লেখ কৰে। তেওঁৰ একমাত্ৰ পুত্ৰ-নাতিনী দেৱাংগিৰ চতুৰ্থ বাৰ্ষিক জন্ম দিনলৈ ককাকৰ উপহাৰ হিচাপে উন্মমোচন কৰিবলৈ পাই সকলোৰে শলাগ লয়।

মাৰ্কিন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈয়ে জো বাইডেনৰ প্ৰতিশ্ৰুতিঃ সমাজক একতাৰে গঢ়িম, সমাজলৈ নানো বিভাজন

দৈনন্দিন বাৰ্তাৰ সেৱা, ৮ নৱেম্বৰঃ অৱশেষত তীব্ৰ প্ৰতিদ্বন্দিতাৰ পাছত ইতিহাস ৰচনা কৰি জো বাইডেন হল ৪৬সংখ্যক মাৰ্কিন ৰাষ্ট্ৰপতি। আনহাতে ভাৰতীয় মূলৰ কমলা হেৰিছ আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হৈছে। ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে জো বাইডেনে প্ৰতিশ্ৰতি প্ৰদান কৰি কয়, তেওঁ সমাজলৈ বিভাজন নহয় আনকি একতা আনিব।

জো বাইডেনে লগতে কয়, তেওঁ এনে এজন ৰাষ্ট্ৰপতি হব যিয়ে আমেৰিকাৰ ৰাজ্য সমূহক ৰঙা আৰু নীলা ৰঙেৰে নহয় তাৰ বিপৰীতে এখন সংযুক্ত ৰাষ্ট্ৰৰুপে চাব আৰু সম্পূৰ্ণ ক্ষমতা তথা দৃঢ়তাৰে জনসাধাৰণৰ বিশ্বাস জয় কৰিবলৈ চেষ্টা কৰিব।

জো বাইডেন, ৪৬সংখ্যক মাৰ্কিন ৰাষ্ট্ৰপতি

মাৰ্কিন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছত জো বাইডেনে নিজৰ টুইটাৰ একাউন্টত এনেদৰে প্ৰকাশ কৰে- I pledge to be a President who seeks not to divide, but to unify. Who doesn’t see Red and Blue states, but a United States. And who will work with all my heart to win the confidence of the whole people.

অভিনেতা তথা জ্যেষ্ঠ সাংবাদিক কিশলয় দেৱ গোস্বামী অসুস্থ

দৈনন্দিন বাৰ্তাৰ সেৱা, হোজাই, ৮ নৱেম্বৰঃ মেগা ধাৰাবাহিক আউসীৰ জোনাক আৰু অস্ত আকাশৰ জোনৰ অভিনেতা তথা হোজাইৰ জ্যেষ্ঠ সাংবাদিক কিশলয় দেৱ গোস্বামী হঠাৎ অসুস্থ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। হোজাইৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানত শিক্ষকতা কৰা গোস্বামী যোৱা চাৰি অক্টোবৰৰ দিনা পাঠদান কৰি থকাৰ সময়তে হঠাৎ ঢলি পৰে। পিছত তেওঁক প্ৰথমে হোজাই এফ আৰ ইউ লৈ নিয়া হয় যদিও প্ৰাথমিক চিকিৎসাৰ অন্তত তেওঁক হোজাইৰ হাম হস্পিটেলত চিকিৎসা কৰোৱা হয়।

অভিনেতা তথা জ্যেষ্ঠ সাংবাদিক কিশলয় দেৱ গোস্বামী

সাংবাদিক জন কিছু সুস্থ হয় যদিও কালি পুনৰ অসুস্থ হৈ পৰাত হোজাই নতুন বজাৰৰ বিশেষজ্ঞ চিকিৎসক বিজয় দেৱনাথৰ পৰামৰ্শ গ্ৰহণ কৰে। চিকিৎসক জনে সাংবাদিক জন হৃদৰোগত আক্রান্ত হোৱাৰ সন্দেহ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। আজি তেওঁক পৰিয়ালৰ লোকে গুৱাহাটী চিকিৎসাৰ মহাবিদ্যালয়ত ভৰ্তি কৰে। চিকিৎসকৰ প্ৰাথমিক অনুসন্ধানত বৰ্ত্তমান বিপদ মুক্ত বুলি জানিব পৰা গৈছে।

অসমত কোৰোনাৰ ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৮৬৩৭ জনলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা সেৱাঃ অসমত পুনৰ ২৪৮ জনৰ দেহত ধৰা পৰিছে কোৰোনা। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৮৬৩৭ জনলৈ বৃদ্ধি। আনহাতে সুস্থ হৈছে ৫৫৫ জন লোক।

ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ২০০৯৩৬ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান চিকিৎসাধীন হৈ আছে ৬৭৫৮ জন ৰোগী।কোৰানা ভাইৰাছত আক্ৰান্ত হৈ অসমত মৃত্যু হৈছে ৯৪০ জন লোকৰ।

মঙলদৈৰ ৰঙামাটি হাইস্কুলত দৰং ছাত্ৰ সন্থাৰ দুদিনীয়া অধিৱেশন

দৈনন্দিন বাৰ্তাৰ সেৱা, মঙ্গলদৈ, ৭ নৱেম্বৰঃ  সদৌ দৰং জিলা ছাত্র সংস্থাৰ ৮ম বাৰ্ষিক অধিবেশন খনি আজিৰে পৰা দুদিনীয়া কায্যসূচীৰে মঙলদৈ নিকটৱৰ্তী ৰঙামাটি হাইস্কুলত  অনুস্থিত হৈছে। কাৰ্যসূচী অনুসৰি আজি পুৱা পতকা উত্তোলন কৰে জিলা ছাত্র সংস্থাৰ সভাপতি খনিন্দ্ৰ ৰাজবংশীয়ে। ইয়াৰ পিছতে শ্বহীদ তৰ্পন কৰে সাধাৰণ সম্পাদক পৰাগ চহৰীয়াই। অধিবেশন উপলক্ষে বিদ্যালয় চৌহদত বৃক্ষ ৰোপন কৰে ৰঙামাটি প্ৰাব্লিক স্কুলৰ প্ৰধান শিক্ষক অজিত ডেকা আৰু দিননাথ ছহৰীয়া হাইস্কুলৰ প্ৰধান শিক্ষক হৰকান্ত ডেকাই। বিয়লি ৩ বজাত অনুস্থিত হয় প্ৰতিনিধি সভা। জিলাখনৰ বিভিন্ন আঞ্চলিক ছাত্ৰ সংস্থাৰ ২০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাখন উদ্বোধন কৰে আছুৰ ৰাজ্যিক কায্যনিৰ্বাক অৰূপ কৰিতাই।

সভাত জিলাখনৰ শিক্ষা, আৰ্থ সামাজিক দিশত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহন কৰা হয়। দৰঙত মেডিকেল আৰু ইন্জিনিয়খৰিং কলেজ স্হাপন, মঙলদৈ মহাবিদ্যালয়ক ডিম ইউনিভাৰ্চিটিলৈ উত্তীৰ্ণ, দৰঙত মাতৃভাষা মাধ্যমত এখন আদৰ্শ বিদ্যালয় স্হাপন, দৰঙৰ কাৰিকৰী শিক্ষানুস্হান স্হাপন, কৃষি মহাবিদ্যালয় স্হাপন, ঐতিহাসিক পথৰুঘাটতক প্ৰৰ্যটন ক্ষেত্ৰ হিচাপে স্হাপন কৰা,  ৰঙামাটি আৰু কুৰুৱাৰ ব্ৰহ্মপুত্ৰৰ নদীৰ খৰাখহনীয়া ৰোধ কৰা, দৰঙত ভয়াবহ ভাবে বৃদ্ধি পোৱা কেন্সাৰ ৰোগৰ কাৰন চিনাক্ত কৰি তাৰ নিৰাময়ৰ ব্যৱস্থা কৰা আৰু চৰকাৰী বিদ্যালয় সমূহৰ আন্তগাঠনি উন্নয়ন কৰাকে ধৰি বিভিন্ন প্ৰস্তাৱ গ্ৰহন কৰি ৰাজ্য চৰকাৰক ব্ৰবস্হা গ্ৰহণৰ দাবী জনায়।

তাৰোপৰি ৬নং প্ৰস্তাৱ মৰ্মে দৰঙৰ অবৈধ বেদখলৰ কবলত থকা চৰকাৰী ভচমি সমুহ বেদখলমুক্ত কৰিবলৈ দাবী জনাই। অহা কাইলৈ অধিবেশনৰ অন্তিম দিন। দিনৰ ১১ বজাত অনুস্থিত হব মুকলি সভা। মুকলি সভাত খছুৰ উপদেষ্টা ড, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দিপাঙ্কৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিনজোতি গগৈয়ে অংশগ্ৰহণ কৰিব। মুকলি সভাতে সাংবাদিক মুকুট ৰাজ শৰ্মা সম্পাদিত দৌৰঙ্গ নামৰ স্মৰণিকা প্ৰকাশ কৰা হব। সন্ধিয়া অনুস্থিত হব সাংস্কৃতিক অনুষ্ঠান।

কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান আক্ৰান্ত কোৰোনা ভাইৰাছত

The Governor of Kerala, Shri Arif Mohammad Khan calling on the Prime Minister, Shri Narendra Modi, in New Delhi on October 12, 2019.

দৈনন্দিন বাৰ্তাৰ সেৱা, নীলবাগান, ৭ নৱেম্বৰঃ  কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান আক্ৰান্ত হৈছে মহামাৰী কোৰোনাত। নিজৰ টুইটাৰযোগে খোদ সদৰি কৰিলে ৰাজ্যপালে গৰাকীয়ে। আনহাতে ৰাজ্যপালে গৰাকীৰ সংস্পৰ্শলৈ অহা সকলোকে কোৱাৰেন্টাইন হবলৈ আহ্বান জনাইছে খানে। বৰ্তমান কোৱাৰেন্টাইনতে আছে ৰাজ্যপালগৰাকী।

হোজাইত সোনকালে মুকলি হ’ব এখন আধুনিক হস্পিটেল

দৈনন্দিন বাৰ্তাৰ সেৱা, নীলবাগান, ৭ নৱেম্বৰঃ হোজাইত অতি সোনকালে মুকলি হ’ব সকলো ধৰণৰ সুবিধা থকা এখন আধুনিক হস্পিটেল। জামিয়া এজুকেশ্বনেল চেয়াৰেটিবুল ট্ৰাষ্টৰ মূখ্য পৰিচালন সঞ্চালক ছামচুল আলম কাছিমীৰ নেতৃত্বত মৌলানা জহিৰুদ্দিন আৰু হুছাইন আহমেদ তালুকদাৰৰ তত্বাবধানত আৰু সন্থাটোৰ সদস্যসকলৰ উপস্থিতিত শুক্ৰবাৰে এই কথা ঘোষণা কৰে ছামচুল আলম কাছিমীয়ে।

বৰ্তমান লৈকে স্থান নিৰ্দিষ্ট কৰা নাই যদিও হোজাইৰ বিভিন্ন স্থান ইতিমধ্যে পৰিদৰ্শন কৰিছে ট্ৰাষ্টৰ মূখ্য পৰিচালন সঞ্চালক  ছামচুল আলম কাছিমীয়ে। এই খবৰ খনে বিশেষকৈ হোজাই বাসীক উত্ফুল্লিত কৰি তুলিছে।