Home Blog Page 3143

কৃষক আন্দোলন : ৩৮ টা গোচৰ ৰুজু , ৮৪ জনক আটক দিল্লী আৰক্ষীৰ

কৃষক বিদ্ৰোহে কঁপাইছে দেশ। গণৰাজ্য দিৱসৰ দিনা ৰাজধানীৰ ৰাজপথত কৃষকসকলে হিংসাত্মক কাৰ্য কলাপত লিপ্ত হোৱাৰ পাছতে দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছিল।

সম্প্ৰতি দিল্লী আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত ৮৪ জন লোকক আটক কৰাৰ লগতে ৩৮ টা গোচৰ ৰুজু কৰিছে। শনিবাৰে দিল্লী আৰক্ষীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে এই কথা।

গণৰাজ্য দিৱসৰ দিনা কৃষকৰ ট্ৰেক্টৰ ৰেলী বিপথে পৰিচালিত হোৱাৰ পাছত ৰাজপথত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। ৰাজপথত প্ৰতিবাদকাৰীসকলে ৰাজহুৱা সা-সম্পত্তি ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে আৰক্ষীৰ লগত হতাহতিত লিপ্ত হৈছিল।

আৰক্ষীয়ে উপায়হীন হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লাঠি চালনা, কন্দুৱা গেছ এৰিবলৈ বাধ্য হৈছিল।

আনকি ইতিহাসত প্ৰথবাৰৰ বাবে লালকিল্লাৰ গম্বুজত ভাৰতীয় ত্ৰিংগাৰ লগতে কৃষকসকলৰ হালধীয়া পতাকা উৰিছিল।

এই ঘটনাৰ পাছতে আৰক্ষীয়ে ৯ গৰাকী কৃষক নেতাক সোধ-পোছৰ কাৰণে মাতিছিল যদিও এগৰাকী নেতাও আৰক্ষীৰ ওচৰলৈ নাহে।

বৰপেটাত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত ক্যাৰাটে খেলুৱৈক সম্বৰ্ধনা

বৰপেটা চহৰৰ দঙৰকুছিস্থিত চেন্ট টেৰেছা ইংৰাজী মাধ্যম বিদ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিকভিত্তিত পুৰস্কাৰপ্ৰাপক সাত গৰাকী ক্যাৰাটে খেলুৱৈক ২৯ জানুৱাৰীত সম্বৰ্ধনা জনোৱা হয়। ক্যাৰাটেৰ কাতা নামেৰে এটি বিশেষ খেলত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বাবে এই প্ৰতিভাৱান খেলুৱৈ সকলোক অধিক অনুপ্ৰাণিত হোৱাৰ কামনাৰে বিদ্যালয়খনে সম্বৰ্ধনা জনায়। আন্তৰাষ্ট্ৰীয় ক্যাৰাটে খেলুৱৈ চাৰহান ৰছুল, ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হানি আলী, ইৰফান হাবিব, জিয়ান চৌধুৰী আৰু ৰাজ্যিক পৰ্য্যায়ৰ ছালমা শিকদাৰ পাৰবিন, শিকদাৰ চাকিল বাছেৰ আৰু ছাহিদ ফাজেলক ক্যাৰাটেত সফলতা অৰ্জন কৰা বাবে আজি বিদ্যালয় প্ৰাংগনত উস্ম আদৰণি জনোৱা হয়। বিদ্যালয়খনৰ অধ্যক্ষ বিপিন পি এচৰ সভাপতিত্বত অনুষ্ঠিত সভাত ছাত্ৰ ছাত্ৰী সকলোক ফুলাম গামোচা, স্মাৰক আৰু প্ৰমাণ পত্ৰৰে সম্বৰ্ধনা জনায় বিদ্যালয়খনৰ সঞ্চালক ভেইৰু কুমাৰ শৰ্মাই। সভাখনত শৈক্ষিক কাউন্সিলৰ নুপুৰ পুৰোহিত, উপাধ্যক্ষ মুকুল দাসো উপস্থিত থাকে ।

বিয়াত বহিব জনপ্ৰিয় গায়ক নীল আকাশ

দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত অৱশেষত বিয়াত বহিব অসমীয়া সংগীত জগতৰ জনপ্ৰিয় গায়ক নীল আকাশ । জীৱন সংগীনী মাৰ্ঘেৰিটাৰ নেনচি ফুকন ।

দুয়োৰে মাজত চলি আছিল দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক । পাঁচ বছৰৰ প্ৰেমৰ অন্তত ‌নেনচি ফুকনৰ সৈতে আবদ্ধ হ’ব বিবাহপাশত ।

জানিব পৰা মতে, নেনচি এগৰাকী অধিবক্তা । ২৮ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হ’ব জনপ্রিয় কণ্ঠশিল্পী নীল আকাশ ।

পিছে নীল আকাশে বিবাহৰ খবৰ আনুষ্ঠানিক ভাৱে একো জনোৱা নাই যদিও ছ’চিয়েল মিডিয়াত ইতিমধ্য়ে বিয়পি পৰিছে এই খবৰ ।

বৰপেটাত কুষ্ঠ দিৱস উপলক্ষে সজাগতা সমদল

ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী দিৱস ৩০ জানুৱাৰীত বৰপেটা জিলাতো দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। বৰপেটা জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় চৌহদৰ পৰা এই উপলক্ষে পুৱা উলিওৱা এটি শোভাযাত্ৰা জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই আনুষ্ঠানিকভাৱে পতাকা জোকাৰি মুকলি কৰে। এই উপলক্ষে দিয়া ভাষণত উপায়ুক্ত গৰাকীয়ে কয় যে, এই ৰোগ কোনো পাপৰ ফল নহয়।  বৰ্তমানৰ সময়ৰ বাবে ই সাধাৰণ বেমাৰত পৰিণত হৈছে আৰু ইয়াৰ চিকিৎসা অতি সুলভ বুলি তেওঁ মন্তব্য কৰে। তেওঁ স্বাস্থ্য কৰ্মী সকলক ৰোগ বিধৰ বিষয়ে জন সজাগতা সৃষ্টিত ব্ৰতী হবলৈ আহ্বান জনায়। অনুষ্ঠানত যুটীয়া স্বাস্থ্য সঞ্চালক ডা তীৰ্থনাথ শৰ্মা, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া ডা প্ৰমথেশ শৰ্মা আদিও উপস্থিত থাকে।  শোভাযাত্ৰাত অংশগ্ৰহণ কৰা শতাধিক স্বাস্থ্য কৰ্মীয়ে হাতে হাতে “কুষ্ঠ ৰোগ জন্ম বা বংশগত নহয়”, “সুচিকিৎসাৰে কুষ্ঠ ৰোগৰ পৰা সহজে আৰোগ্য  হব পাৰে” আদি বেনাৰ, প্লেকাৰ্ড  লৈ শ্লোগান দি চহৰৰ মাজেৰে পৰিভ্ৰমণ কৰে। পিছত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এই উপলক্ষে এখন ৰাজহুৱা সজাগতা মূলক সভাও অনুষ্ঠিত হয়। সভাত যুটীয়া স্বাস্থ্য সঞ্চালক ডা শৰ্মাই কয় যে কুষ্ঠ ৰোগৰ উপযুক্ত সময়ত চিকিৎসা কৰিলে সহজে আৰোগ্য লাভ কৰিব পাৰি। তাৰ বাবে এই ৰোগৰ যিকোনো লক্ষণে দেখা দিলে লগে চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিব লাগে। এনে ৰোগত আক্ৰান্ত ৰোগী সকলক বিনামূলীয়া ঔষধ-পাতিৰ উপৰি মাহে পাচঁশ টকাৰ অৰ্থ সাহায্যও প্ৰদান কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে।

অসমৰ বাবে ৪৩৭.১৫ কোটি টকাৰ বান সাহাৰ্য কেন্দ্ৰীয় চৰকাৰৰ

নিৰ্বাচনৰ প্ৰাকক্ষণত অসমলৈ বৃহৎ অনুদান আগবঢ়াইছে কেন্দ্ৰীয় বিজেপি চৰকাৰে । বিগত বৰ্ষত বান অৰ্থাত প্ৰাকৃতিক দুৰ্যোগত ক্ষতিসাধন হোৱা ৫ খন ৰাজ্যলৈ ১,৭৫১.০৫ কোটি টকাৰ আৰ্থিক অনুদান আগবঢ়াই । এই ৫ খন ৰাজ্যৰ ভিতৰত আছে অসম, অৰুণাচল প্ৰদেশ, ওড়িশা, তেলেংগনা আৰু উত্তৰ প্ৰদেশ।  

গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত এক উচ্চস্তৰীয় বৈঠকত এই ঘোষণা কৰা হয়। উল্লেখ্য যে, মুঠ টকাৰ ৪৩৭.১৫ কোটি টকা লাভ কৰিব অসমে। ইয়াৰ লগতে অৰুণাচল প্ৰদেশে ৭৫.৮৬ কোটি, ওড়িশাই ৩২০.৯৪ কোটি, তেলেংগনাই ২৪৫.৯৬ কোটি আৰু উত্তৰ প্ৰদেশে লাভ কৰে ৩৮৬.০৬ কোটি টকা ।

লাইকা দধীয়াৰ ভূমিহীন ১৩০০পৰিয়ালক প্ৰদান কৰা হব ১ লাখ টকাকৈ

লাইকা দধীয়াৰ ১৩০০ ভূমিহীন পৰিয়ালৰ পুনৰ সংস্থাপনৰ বাবে প্ৰতিটো পৰিয়ালক ১ লাখ টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

মৰিগাৱৰ নেলীত অনুষ্ঠিত সদৌ অসম ট্ৰাইবেল সংঘৰ ৩৮তম ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিবেশনত মুখ্যমন্ত্ৰীৰ এই ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

ডিটেনচন কেম্পত বন্দী ১৯ গৰাকী বাংলাদেশৰ নাগৰিকক স্বদেশলৈ প্ৰেৰণ

ৰাজ্যৰ বিভিন্ন কাৰাগাৰ আৰু ডিটেনচন কেম্পত বন্দী হৈ থকা বাংলাদেশৰ ১৯ গৰাকী নাগৰিকক ২৮ জানুৱাৰী তাৰিখে স্বদেশলৈ ওভতাই পঠোৱা হয়।

নিয়ম অনুসৰি তেওঁলোকে কাৰাগাৰৰ ম্যাদ শেষ কৰে আৰু সেয়ে তেওঁলোকক নিজ দেশলৈ প্ৰেৰণ কৰা হয়।

পুনৰ অসম ভ্রমণলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী

পুনৰ অসম ভ্রমণলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী ৷ ৭ ফেব্রুৱাৰীত অসম ভ্রমণ কৰিব লগা প্রধানমন্ত্রী মোদীয়ে যোৰহাট-মাজুলীৰ মাজত প্রস্তাৱিত দলঙৰ ভূমিপূজন কার্যসূচীত অংশ লোৱাৰ লগতে বিশ্বনাথত এখন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰিব ৷ মাজুলীক সংযোগ কৰি যোৰহাটৰ পৰা ব্রহ্মপুত্রৰ ওপৰত এখন দলং নির্মাণৰ কথা ২০১৬ চনত ৰাজ্য চৰকাৰখনে ঘোষণা কৰিছিল ৷ ৬৮৭.৯ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’ব লগা দলংখনৰ নিৰ্মানৰ প্রক্রিয়া বিগত বর্ষৰ নৱেম্বৰত সম্পূর্ণ কৰা হৈছে ৷ বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত অতি কম সময়ৰ ভিতৰতে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দ্বিতীয়টো অসম ভ্রমণে ৰাজনৈতিক প্রেক্ষাপটত বিশেষ তাৎপর্য বহন কৰিব আৰু চৰকাৰখনৰ লগতে দলৰ বাবেও যথেষ্ট ইতিবাচক বুলি পৰিগণিত হ’ব ৷ অৱশ্যে এতিয়াও প্রধানমন্ত্রী কার্যসূচী সন্দর্ভত দল অথবা চৰকাৰে আনুষ্ঠানিকভাৱে কোনো তথ্য প্রকাশ কৰা নাই ৷

সদৌ বিটিআৰ ভোজপুৰী সমাজৰ‌ ভেৰগাঁও জিলা সমিতি গঠন

ভোজপুৰী সমাজৰ‌ আৰ্থ-সামাজিক, শিক্ষা আৰু বিভিন্ন প্ৰকাৰৰ উন্নতিৰ বাবে আজি ‌টংলাৰ হিন্দী মাধ্যমিক বিদ্যালয়ত বৃহস্পতিবাৰেঅনুষ্ঠিত এক সভাত বিটিআৰ ভোজপুৰী সমাজৰ‌ ভেৰগাঁও জিলা সমিতি গঠন কৰা হয়। ১৪ জনীয়া সদস্য আৰু ৬ জন উপদেষ্টাক লৈ গঠিত হয় ভেৰগাঁও জিলা ভোজপুৰী সমাজৰ‌ নবতম সমিতি খন।বিটিআৰ ভোজপুৰী সমাজৰ‌ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰভু সোনাৰীৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত লালবাবু চৌধুৰীক সভাপতি আৰু কানাই প্ৰসাদ, ওম প্ৰসাদ গুপ্তা, শঙ্কৰ চৌধুৰী,‌ জিতেন্দ্ৰ সাহাক উপঃসভাপতি, বিৰেন চৌহানক সাধাৰণ সম্পাদক,কপিল পানিক, প্ৰেম চন্দ্ৰ ৰাজভৰ, সুভদ্ৰা মল্লিক,হিম ৰাজভৰ আৰূ ৰমেশ ‌চৌহানক সহকাৰী সম্পাদক হিচাপে লি পুৰ্ণাংগ সমিতি গঠন কৰা হয়। সমিতি গঠনৰ সময়ত বিটিআৰ ভোজপুৰী সমাজৰ‌ সভাপতি প্ৰভু সোনাৰীয়ে‌ নব গঠিত ভেৰগাঁও জিলা সমিতিক জাতিৰ উন্নয়নৰ বাবে কাম কৰিবৰ বাবে অনুৰোধ জনাই।

গুৱাহাটীৰ যুৱকৰ সৈতে অভিনেত্ৰী শ্ৰুতি হাচানৰ ডেটিং !

বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী তথা গায়ক শ্ৰুতি হাচানে জনপ্ৰিয় ইলাষ্ট্ৰেটৰ আৰু ডুডল শিল্পী সান্তনু হাজৰিকাৰ সৈতে ডেটিং কৰি থকা বুলি জানিব পৰা গৈছে ।

অসম তথা গুৱাহাটীৰ যুৱক সান্তনু হাজৰিকা বৰ্তমান মুম্বাইত ইলাষ্ট্ৰেটৰ আৰু ডুডল শিল্পী হিচাপে কাম কৰি আছে । ২০১৪ চনৰ ৰেড বুল ডুডল আৰ্ট প্ৰতিযোগিতাত তেওঁক শ্ৰেষ্ঠ ডুডল শিল্পীৰ মুকুট পিন্ধিবলৈ সক্ষম হৈছিল।

শ্ৰুতি হাচানৰ জন্মদিনত  সান্তনু হাজৰিকাই অভিনেত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা জনাই ছচিয়েল মিডিয়াত তেওঁলোকৰ এখন ফটো শ্বেয়াৰ কৰে । তদুপৰি,  তেওঁ এটা টুইটা কৰি লিখিছিল –

“শুভ জন্মদিন ৰাজকুমাৰী”

সান্তনু হাজৰিকাই ইনষ্টাগ্ৰামত দিয়া এটা STORY নিজৰ STORYত চেয়াৰ কৰি শ্ৰুতি হাচানে লিখিছিল “মোৰ জন্মদিনক ইমান বিশেষ কৰাৰ বাবে ধন্যবাদ।”

তেওঁলোকৰ ছবি আৰু ছচিয়েল মিডিয়াত হোৱা এইসমূহ কথা বতৰাই ছচিয়েল মিডিয়া ব্যৱহাৰকাৰী সকলৰ মনোযোগ আকৰ্ষণ কৰে আৰু এতিয়া দুয়োজন বি-টাউনৰ চৰ্চাৰ বিষয় হৈ পৰিছে।

অভিনেত্ৰীগৰাকীৰ সৈতে তেওঁৰ সম্পৰ্কৰ সন্দৰ্ভত হাজৰিকাই কয়, “মই বিষয়টোৰ ওপৰত মন্তব্য কৰাৰ পৰা বিৰত থাকিব বিচাৰো কিয়নো মই ইয়াক ব্যক্তিগত ৰাখিবলৈ পছন্দ কৰোঁ।”